Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা Question Answer can be of great value to excel in the examination.
Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা
Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা Notes cover all the exercise questions in UGC Syllabus. The Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
প্ৰাথমিক অৱধাৰণা
SOCIOLOGY
INTRODUCTION TO SOCIOLOGY
সমাজতত্ত্বৰ পৰিচয়
Very short Question Answer
১। প্ৰাথমিক সমূহৰ সৈতে কাৰ নাম জড়িত হৈ আছে?
(ক) চি. এইচ. কুলে।
(খ) চামনাৰ।
(গ) মাৰটন।
(ঘ) ডেভিচ।
উত্তৰঃ (ক) চি. এইচ. কুলে।
২। সামাজিক সমূহৰ অন্ত: আৰু বৰ্হি সমূহ হিচাপে কোনে ভাগ কৰিছে?
ক) চি. এইচ. কুলে।
(খ) চামনাৰ।
(গ) মাৰটন।
(ঘ) ডেভিচ।
উত্তৰঃ (খ) চামনাৰ।
৩। মুখামুখি সম্বন্ধ হৈছে এক বৈশিষ্ট্য-
(ক) প্ৰাথমিক সমূহ।
(খ) দ্বিতীয় সমূহ।
(গ) প্ৰসংগ সমূহ।
(ঘ) বৰ্হি সমূহ।
উত্তৰঃ (ক) প্ৰাথমিক সমূহ।
৪। প্ৰসংগ সমূহক যোগাত্মক আৰু ঋণাত্মক হিচাপে কোনে ভাগ কৰিছিল?
(ক) হাৰলমবছ।
(খ) থিয়ডৰ নিউকম্ব।
(গ) দূৰখেইম।
(ঘ) ৱেবাৰ।
উত্তৰঃ (খ) থিয়ডৰ নিউকম্ব।
৫। সামাজিক সমূহক ‘অন্তৱর্তী আৰু বহিবৰ্তী’ সমূহ হিচাপে কোনে শ্ৰেণী কৰণ কৰিছে?
(ক) মেক্স ৱেবাৰ।
(খ) চামনাৰ।
(গ) হাইমেন।
(ঘ) হ’ফমেন।
উত্তৰঃ (খ) চামনাৰ।
৬। মানুহ সমাজ প্রিয় প্ৰাণী কথাষাৰ কাৰ?
উত্তৰঃ গ্ৰীক দাৰ্শনিক এৰিষ্ট ‘টলৰ।
৭। প্ৰাথমিক সমূহ অৱধাৰণাটো কাৰ?
উত্তৰঃ চাৰ্লচ হৰ্টন কুলেৰ।
৮। চাৰ্লচ হৰ্টন কুলেৰ মতে প্ৰাথমিক সমূহৰ মূল উৎস কি?
উত্তৰঃ সদস্য সকলৰ মাজত থকা মুখামুখি সম্পৰ্ক, আন্তৰিকতা আৰু আত্মীয়তা।
৯। যত কিছুমান উমৈহতীয়া অনুৰাগ থাকে যিটোৱে ইজনে সিজনক প্ৰেৰণা দিয়ে, য’ত উমৈহতীয়া উক্তি থাকে আৰু যি সমজাতীয় কাৰ্যত অংশগ্ৰহণ কৰে, তেনে দুই বা ততোধিক ব্যক্তিৰ এটি সমষ্টিয়েই সামাজিক সমূহ। সংজ্ঞাটো কাৰ?
উত্তৰঃ বগাৰদাসৰ।
১০। Human society’নামৰ গ্রন্থখন H.M Johnson/ Kingsley Davis /Mac lever and page ৰচন| কৰিছিল।
উত্তৰঃ Kingsley Davis.
১১। প্ৰসংগ সমুহৰ অবধাৰণ৷টো R. k. Morton/ Hayman / Talcott parson য়ে আগবঢ়াইছিল।
উত্তৰঃ Hayman.
১২। দ্বিতীয়ক সমূহৰ সদস্যসকলৰ মাজত প্রাথমিক সমূহ থাকিব পাৰে/নোবাৰে।
উত্তৰঃ পাৰে।
১৩। অন্তঃসমূহ আৰু বহিঃ সমূহ অৱধাৰণা দুটি কাৰ।
উত্তৰঃ আমেৰিকান সমাজতত্ব্ববিদ উইলিয়াম গ্ৰাহাম ছামনাৰ।
১৪। প্ৰাথমিক সমূহৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। ৷
উত্তৰঃ (ক) প্ৰাথমিক স্নমূহৰ সদস্যসকলৰ মাজত মুখামুখি সম্পৰ্ক দেখিবলৈ পোৱা যায়।
(খ) প্ৰাথমিক সমূহৰ সদস্যৰ মাজত উমৈহতীয়া উদ্দেশ্য থকা দেখা যায়।
১৫। দ্বিতীয়ক সমূহৰ এটা উদাহৰণ দিয়া?
উত্তৰঃ ৰাজনৈতিক দল।
১৬। চাৰ্লচ হৰ্টন কুলেই আলোচনা কৰা প্রাথমিক সমূহ কেইটা আৰু কি কি?
উত্তৰঃ তিনিটা। যেনে – পৰিয়াল, ওচৰচুবুৰীয়া আৰু খেলৰ লগৰীয়া গোট (ক্ৰিয়াসমূহ)
১৭। Folkways গ্ৰন্থখনৰ লেখক ডব্লিউ, জি. ছামনাৰ য চি.এইচ কুলে/ আৰ. কে মৰ্টন।
উত্তৰঃ ডব্লিউ, জি. চামনাৰ।
১৮। Social organization গ্ৰন্থখনৰ লেখক ডব্লিউ. জি. চামনাৰ/ চি. এইচ. কুলে/কে. ডেতিছ।
উত্তৰঃ চি. এইচ. কুলে।
১৯। ‘ An outline of social psychology নামৰ গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ মুজাফৰ শ্বেৰীফে।
২০। ‘Principles of sociology নামৰ গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ এফ. এছ গিদেন্ছে।
Essay Type Question Answer
১। সামাজিক সমূহৰ সংজ্ঞা লিখা।
উত্তৰঃ সমাজতত্ত্বত জনপ্ৰিয় ভাৱে ব্যৱহৃত অৱধাৰণা হৈছে সমূহ ভিন্ন ভিন্ন বিষয়ত সমূহ সৰ্দ্দভত ভিন্ন ভিন্ন ব্যাখ্যা পোৱা যায় যদিও সমাজতত্বত ইয়াৰ এক সু-স্পষ্ট আৰু বিশেষ অৰ্থ বহনকাৰী বিশ্লেষণ আছে। আমি জীয়াই থাকোতে বিভিন্ন সময়ত বিভিন্নজনৰ লগত কথা পাতো সম্পৰ্ক গঢ়ো আৰু এইদৰেই ক্ৰমশঃ সমূহৰ জন্ম হয়। সম্বন্ধ আৰু আন্তক্ৰিয়া অবিহনে সামাজিক সমূহ হব নোৱাৰে।
মেক আইভাৰ আৰু পেজৰ মতে, “সমূহ হৈছে ইজনে আনজনৰ সৈতে সামাজিক সম্বন্ধত অহা ব্যক্তিৰ সমষ্টি”।
হৰ্টন হান্তৰ মতে, “সদস্যতা আৰু আন্তঃক্ৰিয়া প্ৰতি সচেতন থকা ব্যক্তিৰ সৰ্বমুঠ বা ভাগকে সমূহ বোলে”।
লাফ্টৰ মতে, “সমূহ হৈছে উমৈহতীয়াভাৱ আৰু আন্তঃক্ৰিয়াৰে স্ব-পৰিচালিত এক জীৱিত পদ্ধতি,।
ডেভিড ড্ৰাচলাৰৰ মতে, “ আন্তঃক্ৰিয়াৰ ফলত জড়িত হোৱাৰ ভাৱনা জাগ্ৰত হোৱা কিছু সংখ্যক ব্যক্তিয়ে এটা সমূহ গঠন কৰে।”শ্বেৰিফ আৰু শ্বেৰিফৰ মতে, “দুই বা ততোধিক ব্যক্তিযয়ে উমৈহতীয়া উদ্দেশ্য পূৰণৰ বাবে পাৰম্পৰিক দায়বদ্ধতা আৰু সহযোগিতাৰে একেধৰণৰ কামত অংশ গ্রহণ কৰিলে তাক সামাজিক সমূহ বুলি ধৰিব পাৰি।”
আণল্ডি গ্ৰীৰ্ণৰ মতে, “এক বা একাধিক উদ্দেশ্য পুৰণৰ বাবে সংগঠিত ৰূপত উমৈহতীয়াভাৱে কাম কৰা ব্যক্তিৰ সমষ্টিয়ে সমূহ”।
এইদৰে আমি ক’ব পাৰো যে সমূহ হৈছে পাৰম্পৰিকভাৱে আস্তঃক্ৰিয়া কৰা ব্যক্তিৰ সমষ্টি।
২। সামাজিক সমূহৰ প্ৰধান বৈশিষ্ট্যৰ বিষয়ে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ সামাজিক সমূহৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল-
(ক) ব্যক্তিৰ সমষ্টি :- মানুহেহে সমূহ সৃষ্টি কৰে। মানুহ অবিহনে সমূহৰ বিশ্লেষণ আকাশত চাং পতাৰ দৰে হ’ব। কিন্তু এটা কথাও ঠিক যে এজন মানুহে কেতিয়াও সমূহ সৃষ্টি কৰিব নোৱাৰে। সমূহৰ বাবে সদায় দুই বা ততোধিক ব্যক্তিৰ প্রয়োজন হয়। স্বজন সমূহ,খেলা ধূলাৰ সমূহ, বন্ধুৰ সমূহ, ছাত্ৰ-ছাত্ৰীৰ সমূহ ইত্যাদিলৈ চালে ব্যকিৰ সমষ্টিৰ প্রয়োজনীয়তাক সহজেই বুজিব পাৰি।
(খ) পাৰস্পৰিক সম্বন্ধ :- সমূহৰ আন এক চৰিত্ৰ হৈছে ইয়াৰ সদস্যসকলৰ মাজত,থকা পাৰস্পৰিক সম্বন্ধৰ উপস্থিতি। সদস্য সকলৰ মাজত থকা সম্বন্ধ প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰকৃতিৰ হব পাৰে। পৰিয়াল, খেলা-ধুলাৰ সমূহ, সংঘ ইত্যাদিবোৰত পাৰস্পৰিক সম্বন্ধৰ উপস্থিতি দেখা যায়।”
(গ) পাৰম্পৰিক আন্তঃক্ৰিয়া :- সমূহৰ ই এক উল্লেখযোগ্য চৰিত্ৰ৷ একত্ৰিত হোৱা ব্যক্তিৰ সমষ্টিৰ মাজত আন্তঃক্ৰিয়া নহ’লে সমূহৰ ৰূপ নাপায়। সেয়ে বহু সমাজতত্ববিদে সমূহক এক শৃংখনিত ৰূপৰ আন্তঃক্ৰিয়াৰ বৰ্তমান বুলি কব বিচাৰে।
(ঘ) আমি ভাৱ :- যিকোণো, সমূহৰ সদস্য সকলৰ মাজত আমি ভাব থকা দেখা যায় আৰু এইধৰণৰ অনুভূতিয়ে তেওঁলোকৰ মাজত থকা সম্বন্ধৰ বান্ধোনক দৃঢ় কৰি তোলে। আমি প্ৰায়েই “এইটো আমাৰ পৰিয়াল’, ‘এইটো আমাৰ সমূহ ৰ দৰে কথা কও আৰু এনেধৰণৰ আৱেগে সম্পর্কৰ বান্ধোনক উৎসাহিত কৰি তোন৷ দেখা যায়।
(ঙ) সদস্যসকলৰ মাজত একতা :- সমূহৰ আন এক বৈশিষ্ট হৈছে ইয়াৰ সদস্যসকলৰ মাজত একতা আৰু সংহতি পোৱা যায়৷ একতা আৰু সংহতিয়ে সদস্যসকলক সমূহৰ ৰূপত গঢ় দি ৰাখে৷ সদায়েই দ্বন্দ কৰা অথবা সংঘৰ্ষৰত ব্যক্তিয়ে কেতিয়াও সমূহ গঠন কৰিব নোৱাৰে। –
(চ) উমৈহতীয়া নীতি-নিয়ম :- সমূহৰ সদস্যসকলে উমৈহতীয়াভাৱে ইয়াৰ নীতি নিয়ম মানি চলে।প্ৰত্যেক সমুহেই নীতি-নিয়ম আৰু প্ৰতিমান স্থিৰ কৰি লয় আৰু সদস্যসকলে সেইবোৰক মানি চলে।
(ছ) সচেতনতাৰে প্রতিমান পালন :- প্রত্যেক সমূহৰেই কিছুমান সংস্তৰিত পতিমান থাকে আৰু সদস্যসকলে নিজৰ নিজৰ অনুক্ৰমন অনুযায়ী সেইবোৰক অতি সচেতনতাৰে পালন কৰে। তেওঁলোকে জানে যে প্ৰতিমান ভংগই শাস্তি বা নিয়ন্ত্ৰণৰ মূখামুখি কৰোঁৱায়৷এইদৰে প্ৰতিমান পালনে সুস্থিৰতাক ধাৰাবাহিকতা প্ৰদান কৰাৰ লগতে সমূহৰ ক্ৰিয়াত শৃংখলতা আনে।
(জ ) আকাৰ :- সমূহৰ আন এক চৰিত্ৰ হ’ল ই আকাৰত সৰু বা ডাঙৰ হ’ব পাৰে। কেতিয়াবা দুই-তিনিজন ব্যক্তিয়ে এটা সৰু সমূহ গঠন কঁৰাৰ বিপৰীতে আন কিছুমান সমূহত যথেষ্ট সংখ্যক সদস্য থকা দেখা যায়। এইদৰে সদস্যতাৰ সংখ্যাই সমূহৰ আকাৰ সৰু-বৰ কৰে।
(ঝ) গতিশীলতা :- যিহেতু সমাজ পৰিৱৰ্তনীয় সেয়ে সমাজ অন্ত্ভুক্ত সমূহৰ চৰিত্ৰও পৰিবৰ্তনশীল মানৱ সমাজৰ কোনো সমূহেই স্ববিৰ নহয়। সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে সামাজিক সমূহৰো পৰিৱৰ্তন হোৱা দেখা যায়।
(ঞ) স্থায়ীত্বতা :- যদিও গতিশীলতা সমূহৰ এক উল্লেখযোগ্য বৈশিষ্ট্য তথাপিও স্থায়ীত্বতা ইয়াৰ আন এক লেখত লবলগীয়া চৰিত্ৰ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমূহৰ আহি, গঠন প্রণালী, সদস্যসকলৰ মাজত যোগাযোগৰ মাধ্যম ইত্যাদিবোৰত পৰিৱৰ্তন আহিছে তথাপিও সমূহৰ অস্তিত্ব একেৰাহে নাইকীয়া হৈ যোৱা নাই । বন্ধুবৰ্গ, খেলা-ধূলাৰ সংগী, কৰ্মচাৰীৰ সমূহ ইত্যাদিবোৰৰপ্ৰয়োজনীয়তা বৰ্তমানেও আছে সেয়ে এই দৃষ্টিকোণৰ পৰা ই স্থায়ী প্রকৃতিৰ।
(ট) ব্যক্তিত্ব গঠনত প্ৰভাৱ :- সমূহে সদায় ব্যক্তিত্ব গঠনত প্রভাৱ পেলায়। ই সদস্যসকলৰ ব্যক্তিত্বক গঢ় দিয়ে। পৰিয়ালে আমাক ভাল মানুহ হ’বলৈ শিকোৱাৰ বিপৰীতে বন্ধুবগই সফলতা লাভত সহায় কৰে। ঠিক একেদৰে ব্যৱসায়ীক সমূহে ব্যৱসায় বিস্তাৰৰ ক্ষেত্ৰত সহায় কৰে। এইদৰে সমূহে সদায় সদস্যসকলৰ প্রগতি আৰু উন্নয়নত উৎসাহ যোগায়।
(ঠ) স্তৰীকৰণ :- সমূহ সদায় স্তৰীকৃত। সমূহৰ সদস্যসকলক তেওঁলোকৰ স্থান আৰু প্রস্থিতিৰ অনুপাতে অসমানভাৱে বিতৰণ কৰা হয়।
(ড) বিশ্বজনীন :- সমূহ বিশ্বজনীন প্ৰকৃতিৰ। সকলো মানৱ সমাজতেই সমূহৰ উপস্থিতি পোৱা যায়।
৩। সামাজিক সমূহৰ প্রধান কামসমূহৰ বিষয়ে লিখা।
উত্তৰঃ সামাজিক সমূহৰ প্রধান কামসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-
(ক) সমূহৰ প্ৰধান কাম হ’ল ই মানুহৰ প্রয়োজনীয়তাখিনিক পূৰণ কৰি সন্তোষৰভাৱ জগায়। সামাজিক জীৱনত পাৰস্পৰিক বুজা-বুজি আৰু মিলা-প্ৰীতিৰে থকাৰ আনন্দ আৰু সন্তোষ সমূহেই পুৰণ কৰে।
(খ) সমূহৰ আন এক কাম হৈছে ই মানুহক সুৰক্ষা প্ৰদান কৰে। সকলো ধৰণৰ বাহ্যিক, আভ্যন্তৰীণ, ভৌতিক তথা আৱেগিক সুৰক্ষা প্ৰদানত সমূহৰ গুৰুত্ব বা প্রয়োজনীয়তাক আমি অস্বীকাৰ কৰিব নোৱাৰো। পৰিয়াল অথবা লগ-সমনীয়াই আমাক বিপদ-আপদৰ সময়ত অস্বস্ত কৰি সুৰক্ষা প্ৰদান কৰে।
(গ) কিছুমান বিশেষ সমূহে ব্যক্তিগত আৰু ৰাজহুৱা ধৰণৰ কাৰ্য কৰে যাৰ প্রয়োজনীতা গুৰুত্ব সহকাৰে বিবেচনা কৰা হয়। পৰিয়ালৰ দৰে বিশেষ সমূহে আমাৰ ব্যক্তিগতপূৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে সামাজিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে।
(ঘ) ব্যক্তিয়ে অকলশৰে কৰিব নোৱাৰা বহুকাৰ্য সমূহে কৰে।
(ঙ) সমূহৰ গুৰুত্ব ইয়াৰ সদস্য সকলৰ ব্যক্তিত্ব গঠন আৰু আচৰণ নিৰ্ধাৰণতো পোৱা যায়। কোনো এক সমূহৰ অন্তৰ্গত সদস্য সকলৰ আচাৰ ব্যৱহাৰ স্বৰূপ আৰু প্ৰকৃতি তথা তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশত সমূহৰ প্ৰভাৱ অনস্বীকাৰ্য। সেয়ে সমূহভেদে ইয়াৰ সদস্য সকলৰ ব্যক্তিত্ব পৃথক হোৱা দেখা যায়।
(চ) সমূহে ক্ৰিয়াত্মক নিৰ্ভৰশীলতাৰ বাবে সুবিধা প্রদান কৰে। সমাজত জীৱন যাপন কৰাৰ বাবে আমি আনৰ ওচৰত নিৰ্ভৰশীল হব লগা হয়। সমূহে হস্বম্যাদী আৰু দীৰ্ঘম্যাদী প্রয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক নিভৰশীলতাআনে।
(ছ) সমূহৰ আন এক কাম হৈছে ই সদস্যসকলৰ মাজত একতা, সহযোগিতা আৰু সংহতিৰভাৱ জাগ্ৰত কৰে যাৰ অবিহনে সামাজিক ধাৰাবাহিকতা ৰক্ষা কৰাটো কেতিয়াও সম্ভৱ নহয়। ।
৪। প্ৰাথমিক সমূহৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰঃ সামাজিক সমূহৰ এটা মুখ্যতম ভাগ হৈছে– প্ৰাথমিক সমূহ ৷ প্ৰাথমিক সমূহ হৈছে এনে এটা সমুহ, যি সমূহৰ সদস্যসকলে মুখামুখিকৈ সকলো সমস্যা সমাধানৰ বাবে উমৈহতীয়া চিন্তা চৰ্চা কৰিব পাৰে, কাৰ্যপন্থা হাতত ল’ব পাৰে আৰু অধিক আন্তৰিকতাৰে পৰস্পৰৰ সুখ-দুখৰ কথা উপলব্ধি কৰে। পৰিয়াল, খেলাধুলাৰ সঙ্গী, স্বজনীয় গোট আদি প্ৰাথমিক সমূহৰ উপযুক্ত উদাহৰণ।
কুলেই ‘মুখামুখি’ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি প্রাথমিক সমূহৰ আলোচনা কৰিছে। তেওঁৰ মতে, প্রাথমিক সমূহৰ মূল উৎস হ’ল ইয়াৰ সদস্য সকলৰ মাজত থকা মুখামুখি সম্পর্ক, আন্তৰিকতা,সহাদয়তা ইত্যাদি। প্রাথমিক সমূহৰ আকাৰ স্বাভাৱিকতে সৰু।এই সমূহৰ আকাৰ সৰু হোৱাৰ বাবে সদস্য সকলৰ মাজত আপোনত্বৰ ভাৱ থাকে আৰু পৰস্পৰে পৰস্পৰৰ সান্নিধ্যলৈ অহাৰ সুযোগ লাভ কৰে।
কিংছলি ডেভিছে তিনিটা প্ৰধান চৰ্তৰ ওপৰত ভিত্তি কৰি প্ৰাথমিক সমূহৰ গাথঁনিক নিৰ্ধাৰণ কৰিছে। তেওঁ উল্লেখ কৰা মতে চৰ্ত তিনিটা হল –
(ক) ভৌতিক সাম্নধ্য।
(খ) সমূহৰ লঘু আকাৰ।
(গ) সম্বন্ধৰ অৱধিকাৰ।
ডেভিছৰ মতে, ওপৰোক্ত চৰ্ত তিনিটা যিবোৰ সমূহৰ ক্ষেত্রত প্ৰযোজ্য হয় সেইবোৰ সমূহকে প্ৰাথমিক সমূহ বোলা হয়। সেইফালৰ পৰা চালে পৰিয়াল বা খেলা-ধুলাৰ সঙ্গীক একোটাহত প্রাথমিক সমূহৰ নমুনা হিচাপে ধৰি ল’ব পাৰি।
মেক আইভাৰ আৰু পেজৰ মতে, ‘প্রাথমিক সমুহ হৈহে
সামাজিক সংৰচনাত গোটৰ প্রধান কোষ।”
বিদ্যা ভূষণে সমাজতত্বৰ অভিধানত প্ৰাথমিক সমূহৰ অৰ্থ ব্যাখ৷ কৰি কৈছে যে, “ই হ’ল আচৰণৰ ন্যুনতম মানদণ্ড বা উমৈহতীয়া মূল্যবোধ থকা এক ঘনিষ্ঠ সামাজিক সমূহ য’ত সদস্যসকলৰ মাজত প্রত্যক্ষ আৰু নিৰন্তৰ সম্পৰ্ক থাকে ?”
এইদৰে প্রাথমিক সমূহ কম সংখ্যক সদস্যৰে গঠিত সমূহ বুলি কব পৰা যায় য’ত সদস্যসকলৰ মাজত প্ৰত্যক্ষ মুখামুখি, ঘনিষ্ঠ আৰু ব্যক্তিগত সম্বন্ধ থাকে।
প্রাথমিক সমূহৰ প্ৰধান বৈশিষ্ট্যৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল-
(ক) ব্যক্তিৰ সমষ্টি :- ব্যক্তি হৈছে প্রাথমিক সমূহৰ প্রধান আধাৰ। প্রাথমিক সমূহৰ বাবে কম সংখ্যক ব্যক্তি একত্ৰিত হোৱাটো অতি প্ৰয়োজন। ব্যক্তি অবিহনে প্ৰাথমিক সমূহৰ গঠন নহয়। পৰিয়াল, খেলা-ধুলাৰ সমূহ ইত্যাদিবোৰলৈ চালেই এই কথা সহজেই বুজিব পাৰি।
(খ) মুখামুখি সম্বন্ধ :- মুখামুখি সম্বন্ধ প্ৰাথমিক সমূহৰ মূল চৰিত্ৰ৷ ই প্রত্যক্ষ আৰু ঘনিষ্ঠ সম্বন্ধক সূচায়। এইদৰে ঘনিষ্ঠতাই
তেওঁলোকৰ মাজত থকা আন্তৰিকতা আৰু বুজাপৰাক বুদ্ধি কৰে আৰু সম্ভৱত ইয়াৰ বাবেই প্রাথমিক সমূহৰ সদস্যসকলে পৰস্পৰৰ নাম, যশস্যা, প্রস্থিতি ইত্যাদিবোৰৰ বিষয়ে ভালদৰে জানে।
(গ) সৰু আকাৰ :- প্রাথমিক সমুহ আকাৰত সৰু। কম সংখ্যকদ্স্যতাৰে গঠিত প্রাথমিক সমূহত সদস্যসকলে সামাজিক সাৰ্থকভাৱে আন্তঃক্ৰিয়াত অংশগ্ৰহণ কৰে। সম্ভৱত ইয়াৰ বাবেই সদস্য সকলৰ মাজত ঘনিষ্ঠ, প্রত্যক্ষ আৰু ব্যক্তিগত সম্পৰ্ক গঢ় লৈ উঠে। পৰিয়াললৈ চালেই এই কথা স্পষ্ট হয়।
(ঘ) ব্যক্তিগত সম্বন্ধ :- প্ৰাথমিক সমূহত সদস্যসকলৰ মাজত থকা সম্বন্ধ আন্তঃক্ৰিয়াৰ মাত্ৰাৰে নিৰ্ধাৰণ কৰা হয়, সামাজিক স্থান বা প্ৰস্থিতিৰ দ্বাৰা নহয়। সেয়ে ইয়াত সম্বন্ধ ব্যক্তিগত প্রকৃতিৰ হোৱা দেখা যায়। পৰিয়ালত পিতৃ-মাতৃৰ সৈতে ল’ৰা-ছোৱালীৰ সম্বন্ধ অথবা ভাই ককাইৰ মাজৰ সম্বন্ধ অথবা দুজন বন্ধুৰ মাজত থকা সম্বন্ধ কথাকে ক’ব পাৰি।
(ঙ) ভৌতিক সান্নিধ্যতা :- ভৌতিক সান্নিধ্যতাৰ উপস্থিতি ইয়াৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। কম সংখ্যক সদস্য আৰু ব্যক্তিগত সান্নিধ্যৰ বাবেই প্ৰাথমিক সমূহত ভৌতিক সান্নিধ্যতা পোৱা যায়।জি. এইচ.মিডৰ দৰে দাৰ্শনিকৰ লিখনিতো এই কথা প্রকাশ পাইছে।
(চ) স্থায়িত্ব :- স্থায়ী প্ৰকৃতিৰ। ভৌতিক সান্নিধ্য আৰু মুখামুখি ধৰণেৰে হোৱা ব্যক্তিগত সম্বন্ধই প্ৰাথমিক সমূহৰ সংৰচনাক স্থায়ী ৰূপ প্ৰদান কৰে। যদিও বা আমি কেতিয়াবা সদস্য সকলৰ মাজত দেখা পাওঁ তথাপিও ই সুৰক্ষিতভাৱে অন্ত পৰে। পিতৃ-মাতৃৰ মাজত অথবা বন্ধুবৰ্গৰ মাজত কেইদিন মানৰ বাবে সংঘাত হব পাৰে তথাপিও পৰিয়াল বা খেলা সংগীৰ সমূহ আমাৰ সমাজৰ পৰা নাইকিয়া হৈ নাযায়।
(ছ) সাদৃশ্যমূলক প্ৰেক্ষাণট :- সাদৃশ্যমূলক প্ৰেক্ষাপট প্রাথমিক সমূহৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। এনে হোৱাৰ ফলস্বৰূপেই এনে সমূহৰ মাজত একতা, ঘনিষ্ঠতা আৰু সংহতি আৰু সহযোগিতা পোৱা যায়। প্রাথমিক সমূহৰ সদস্যসকলে একে ধৰণৰ প্রতিমানৰ দ্বাৰা পৰিচালিত হয় বাবেই তেওঁলোকৰ কাম আৰু ব্যৱহাৰত সাদৃশ্যতা ফুটি উঠে। অচিনাকি ব্যক্তিয়ে কেতিয়াও প্রাথমিক সমূহ গঠন কৰিব নোৱাৰে ৷
(জ) কম আত্ম-স্বাৰ্থ :- প্ৰাথমিক সমূহৰ সদস্যসকলৰ মাজত উমৈহতীয়া স্বাৰ্থই প্ৰাধান্য পায়। ইয়াত সদস্যসকলে আত্ম-স্বাৰ্থক অত্যধিক অগ্ৰাধিকাৰ নিদিয়ে। সেয়ে হয়তো মাক-দেউতাকে নিজতকৈ অধিক ল’ৰা-ছোৱালীৰ কথা চিন্তা কৰে; এজন বন্ধু আনজনৰ বাবে উদ্বিগ্ন হয়।
(ঝ) যোগাযোগ :- প্ৰাথমিক সমূহত সদস্য সংখ্যা কম আৰু ভৌতিক সান্নিধ্যতাৰ বাবে ইয়াত যোগাযোগ সদায়েই পোনপটীয়া, প্রত্যক্ষ, অসংগঠিত আৰু অনানুষ্ঠানিক প্ৰকৃতিৰ হোৱা পৰিলক্ষিত হয়। কিংছ্লে ডেভিচৰ লিখনিটো এই কথা স্পষ্ট হয়।
(ঞ) সাৰ্বজনীন :- প্রাথমিক সমূহ সাৰ্বজনীন প্রকৃতিৰ। সমাজ আৰু সময়ভেদে সভ্যতাৰ সকলো স্তৰতেই প্ৰাথমিক সমূহৰ অৱস্থিতি আৰু কাৰ্য পোৱা যায়।
৫। দ্বিতীয় সমূহৰ সংজ্ঞা আৰু ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰঃ প্ৰাথমিক সমূহৰ বিপৰীত ধৰণৰ সমূহক দ্বিতীয়ক সমূহ বুলি কোৱা হয়। অৰ্থাৎ এনে সমূহ আকাৰত ডাঙৰ, সদস্যৰ সংখ্যা অধিক, কামৰ বিশেষীকৰণ থাকে। এই সমূহে ব্যক্তিসকলৰ কিছুমান বিশেষীকৃত ইচ্ছা পূৰণ কৰে। সেয়ে বহুসময়ত এই সমূহক বিশেষ ইচ্ছাকৃত সমূহ বুলি কোৱা হয়।
মেক আইভাৰ আৰু পেজৰ মতে, “দ্বিতীয়ক সমূহ হৈছে সমাজৰ বৃহৎ সন্থা
কিংছলে ডেভিচৰ মতে, “দ্বিতীয়ক সমূহ হৈছে প্ৰাথমিক সমূহৰ বিপৰীত সমূহ।”
এইচ. টি. মজুমদাৰৰ মতে, “সদস্যসকলৰ সম্বন্ধত মুখামুখি সম্পৰ্কৰ অনুপস্থিতিয়ে দ্বিতীয়ক সমূহৰ সৃষ্টি কৰে।”
লেণ্ডিচৰ মতে,“তুলনামূলকভাৱে সাময়িক আৰু সম্বন্ধত নৈৰ্ব্যক্তিক সদস্যৰ সমষ্টিকে, দ্বিতীয়ক সমূহ বোলে।”
(ক) বিশ্বজনীন :- দ্বিতীয়ক সমূহ বিশ্বজনীন প্রকৃতিৰ। বৰ্তমান সময়ত সকলো মানৱ সমাজতেই ইয়াৰ উপস্থিতি পোৱা যায়।
(খ) ব্যক্তিৰ সমষ্টি :- দ্বিতীয়ক সমূহ ব্যক্তিৰ সমষ্টি। অৰ্থত ব্যক্তিয়েহে দ্বিতীয়ক সমূহৰ সৃষ্টি কৰে। ব্যক্তি অবিহনে এনে সমূহ গঠন নহয়।
(গ) দ্বিতীয়ক সম্বন্ধৰ আধিপত্য :- দ্বিতীয়ক সমূহক অ-ব্যক্তিগত, পৰোক্ষ আৰু চুক্তিকৃত সম্বন্ধৰ সমূহ বুলি ক’ব পৰা যায়। ইয়াত সদস্যৰ সংখ্যা অধিক আৰু ভৌতিক সান্নিধ্যতা নথকাৰ বাবে সম্বন্ধ পৰোক্ষ প্ৰকৃতিৰ হয়।
(ঘ) আকাৰত ডাঙৰ :- দ্বিতীয়ক সমূহৰ আন এটা বৈশিষ্ট্য হৈছে ই আকাৰত ডাঙৰ। শ্রমিক সংঘ.ৰটাৰী ক্লাৱ, লায়ল ক্লাৱৰ দৰে দ্বিতীয়ক সমূহৰ আকাৰ ডাঙৰ হোৱা দেখা যায়।
(ঙ) সদস্যতা :- দ্বিতীয়ক সমূহৰ সদস্যতা প্ৰধান ইচ্ছাধীন প্ৰকৃতিৰ যদিও ৰাষ্ট্ৰ সদস্যতা বাধ্যতামূলক কিন্তু কোনো এক দ্বিতীয়ক সমূহৰ সদস্যতা প্রায়েই নিৰ্ভৰ কৰে ব্যক্তি এজনৰ ইচ্ছাৰ ওপৰত। সদস্য হোৱা নোহোৱাৰ সিদ্ধান্ত গ্ৰহণত ব্যক্তি এজনৰ স্বতন্ত্রতা থাকে।
(চ) ভৌতিক সান্নিধ্যতাৰ অনুপস্থিতি :- ই দ্বিতীয়ক সমুহৰ এক উল্লেখযোগ্য চৰিত্ৰ। কিছুমান দ্বিতীয়ক সমুহ আন্তৰ্জাতিক পৰ্যায়ৰ হোৱা দেখা যায় আৰু আকাৰত ডাঙৰ হোৱাৰ বাবে ইয়াৰ সদস্যসকলৰ মাজত ভৌতিক সান্নিধ্য গঢ় লে নুঠে।
(ছ) নিৰ্ধাৰিত উদ্দেশ্য :- প্ৰত্যেক দ্বিতীয়ক সমুহৰেই কিছুমান নিধাৰিত উদ্দেশ্য থাকে। এই উদ্দেশ্য পুৰণ কৰাৰ বাবেই এনে সমূহে কাৰ্য কৰ| দেখা যায়। সেয়ে ইয়াক বিশেষ ইচ্ছাকৃত সমুহ বুলিহে কোৱা হয়। বিশেষ লক্ষ্য পূৰণ কৰাৰ অৰ্থে ব্যক্তিসকল এনে সমূহত অন্তৰ্ভুক্ত হোৱা দেখা যায়।
(জ) যোগাযোগ :- যিহেতু দ্বিতীয়ক সমূহ আনুষ্ঠানিক প্রকৃতিৰ আৰু লিখিত নীতি নিয়মৰ মাজেদি ই পৰিচালিত হয় সেয়ে এনে সমূহত যোগাযোগৰ পদ্ধতিও আনুষ্ঠানিক আৰু পৰোক্ষ হোৱা দেখা যায়।
(ঝ) অস্থায়ী সম্বন্ধ :- সাধাৰণতে বিশেষীকৃত লক্ষ্য পূৰণৰ বাবে ব্যক্তিসকল দ্বিতীয়ক সমূহত চামিল হয় সেয়ে এনে সমূহৰ সদস্যসকলৰ মাজত অস্থায়ী সম্বন্ধ থকা দেখা যায়। মানুহে সদায়েই দ্বিতীয় সমূহতকৈ প্রাথমিক সমূহৰ ওপৰতে গুৰুত্ব আৰোপ কৰে।
৬। দ্বিতীয়ক সমূহৰ গুৰুত্ববোৰ আলোচন| কৰা
উত্তৰঃ দ্বিতীয়ক সমূহৰ গুৰুত্ববোৰ তলত আলোচনা কৰা হল-
(ক) দ্বিতীয়ক সমূহবোৰৰ গুৰুত্ব ইয়াৰ কিছুমান বিশেষ কাৰ্য সম্পাদনৰ সৈতে জড়িত হৈ আছে। পৰম্পৰাগত সমাজত জীৱন নিৰ্বাহ পদ্ধতি সহজ সৰল অথবা জনসংখ্যা কম থকা হেতুকে মুখামুখি সমূহেই প্রায়বোৰ কাম সমাধা কৰিছিল। কিন্তু সমাজৰ প্ৰসাৰণৰ লগে লগে কৰ্মৰ বিশেষীকৰণে মানুহৰ প্রয়োজনীয়তা সমূহ বৃদ্ধি কৰি তুলিলে। সেয়ে বিশেষীকৃত সমূহৰ ভিন ভিন ইচ্ছা, স্বাৰ্থ আৰু কাৰ্য সম্পাদনৰ বাবে দ্বিতীয়ক সমূহৰ প্রয়োজনীয়তা বৃদ্ধি পাবলৈ ধৰিলে।
(খ) দ্বিতীয়ক সমূহে কিছুমান বিশেষ সেৱাও প্রদান কৰে। বৰ্তমান সময়ত মানুহৰ স্বাৰ্থ আৰু ইচ্ছা সহজেই চিনাক্ত কৰাটো সম্ভৱ নহয়। এইবোৰ এতিয়া অতি বেছি পৰিমাণে পৃথকীকৃত হৈ পৰিছে। এনে অবস্থাত দ্বিতীয়ক সমূহে কিছুমান বিশেষ সেৱা প্রদানেৰে মানুহৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰে। নিত্য আবিষ্কৃত যন্তুপাতিসমূহে সদায়েই বিশেষজ্ঞ লোকৰ উপস্থিতি দাবী কৰে। আনহাতে সেইবোৰক পৰিচালনা কৰাৰ বাবে মানুহৰ সময়, নিপুণত, পাৰ্গতালি আৰু জ্ঞানৰ অভাৱ। এনে পৰিস্থিতিত সকলোৱে দ্বিতীয়ক সমূহৰ প্রয়োজনীয়তা স্বীকাৰ কৰিছে।
(গ) সামাজিক সংহতি আৰু ব্যক্তিত্ব গঠনত সামাজিকীকৰণৰ৷ গুৰুত্ব অপৰিসীম। আধুনিক জীৱন যাত্ৰাত মানুহে ঘৰত পাৰ৷ কৰিবলৈ খুউব কম সময় পায়। সেয়ে মানুহে শিশুক হয় পৰিচাৰ্য গৃহ নহয় দৈনিক চোৱা চিতা কৰা গৃহত থয় যিটোৱে সামাজিকীকৰণ প্রক্ৰিয়া আৰু ব্যক্তিত্ব গঠনত পোনপটীয়াভাৱে প্রভাৱ পেলায়।
(ঘ) বহু সমাজতত্ব্ববিদে অতি শুদ্ধভাৱে মন্তব্য কৰিছে যে দ্বিতীয়ক সমূহৰ জ্ঞানৰ ভঁৰাল যিটোৱে কেৰিয়াৰ গঠনত প্ৰত্যক্ষভাৱে প্রভাৱ বিস্তাৰ কৰে। অভিজ্ঞতা আৰু জ্ঞানে নিপুণতাৰ লগতে কাম কৰাৰ সামৰ্থতা বৃদ্ধি কৰে। তদুপৰি দ্বিতীয়ক সমূহে নিয়োগৰ বাবে সদায়েই অভিজ্ঞ আৰু নিপুণ ব্যক্তিক অগ্ৰাধিকাৰ দিয়ে। এইদৰে দ্বিতীয়ক সমূহে কৰ্ম নিপুণতা, কৰ্ম নীতি আৰু কৰ্ম সংস্কৃতিৰ শিক্ষণৰ যোগেদি ব্যক্তিসকলক যথেষ্ট সহায় কৰে।
(ঙ) এজন ব্যক্তিৰ প্রগতিত প্রতিযোগিতামূলক মনোভাৱ সদায়েই গুৰুত্ব লাভ কৰিছে প্ৰতিযোগিতাই কৰ্ম সামৰ্থ আৰু দক্ষতাক উৎসাহ যোগায়। যিহেতু দ্বিতীয়ক সমূহ জ্ঞানৰ ভঁৰাল সেয়ে ইয়াত প্রতিযোগিতামূলক মনোভাৱ সহজেই গঢ় লৈ উঠে।
(চ) দ্বিতীয়ক সমূহৰ গুৰুত্ব ইয়াৰ কল্যাণকামী কাৰ্যৰ পৰাও বুজিব পাৰি। আমোলাতন্ত্ৰ, বে-চৰকাৰী সংগঠন অথবা প্রশাসৰ দৰে দ্বিতীয়ক সমূহে বিভিন্ন ধৰণৰ কল্যাণমূলক কামৰ তদাৰক আৰু প্ৰণয়ন কৰে। এইবোৰে ৰাজ্যিক বা কেন্দ্রীয় চৰকাৰৰ বিভিন্ন জনহিতকাৰী আঁচনি ৰূপায়ণ কৰে। এইবোৰে এনে আঁচনিৰ খচৰাও প্ৰস্তুত কৰি উলিয়াই।
(ছ) সামাজিক নিয়ন্ত্ৰণৰ বেলিকাও দ্বিতীয়ক সমূহৰ গুৰুত্বক উপলব্ধি কৰিব পাৰি। সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্রত আৰক্ষী, আদালত অথবা আইনৰ প্ৰয়োজনীয়তাক কোনেও অস্বীকাৰ নকৰে অপহৰণ,হত্যা, ধৰ্ষণ, চোৰাংব্যৱসায় আদিৰ দৰে বিভেদকামী ক্ৰিয়াক নিয়ন্ত্ৰণ কঁৰি দ্বিতীয়ক সমূহে সামাজিক শংখলা বৰ্তাই ৰখাত যথেষ্ট সহায় কৰে।
৭। প্ৰাথমিক আৰু, দ্বিতীয়ক সমূহৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।
উত্তৰঃ প্ৰাথমিক আৰু দ্বিতীয়ক সমূহৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল-
(ক) প্রাথমিক সমূহৰ সদস্য সংখ্যা কম আৰু আকাৰত সৰু। আনহাতে দ্বিতীয়ক সমূহৰ সদস্য সংখ্য| বেছি আৰু আকাৰত ডাঙৰ।
(খ) প্ৰাথমিক সমূহত মুখামুখি, ঘনিষ্ঠ আৰু পোনপটীয়া সম্বন্ধ পোৱা যায়। আনহাতে দ্বিতীয়ক, চুক্তিকৃত আৰু পৰোক্ষ সম্বন্ধ পোৱা যায়।
(গ) প্ৰাথমিক সমুহত সামাজিকীকৰণৰ প্ৰধান আৰু ঘাই প্রতিনিধি, আনহাতে যদিও দ্বিতীয় সমূহত সামাজিকীকৰণত প্ৰভাৱ পেলায় তথাপিও প্ৰাথমিক সমূহৰ তুলনাত ইয়াৰ গুৰুত্ব কম।
(ঘ) ভৌতিক সান্নিধ্য প্ৰাথমিক সমূহৰ প্ৰধান বৈশিষ্ট্য। আনহাতে দ্বিতীয় সমূহত ভৌতিক সান্নিধ্যৰ প্ৰসংগ লঘুভাৱে ব্যৱহিত হয়।
(ঙ) প্ৰাথমিক সমূহে উমৈহতীয়া স্বাৰ্থৰ হকে কাম কৰে৷ আনহাতে দ্বিতীয় সমূহে বিশেষীকৃত উদ্দেশ্য পূৰণৰ হকে ক্ৰিয়া কৰে।
(চ) প্ৰাথমিক সমূহ স্থায়ী। আনহাতে দ্বিতীয় সমূহ স্থায়ীও হ’ব পাৰে অথবা অস্থায়ীও হ’ব পাৰে।
(ছ) প্রাথমিক সমূহত অনানুষ্ঠানিক পদ্ধতিৰে শাস্তি বা প্ৰশংসা ইত্যাদি নিয়ন্ত্ৰণ কৰে। আনহাতে দ্বিতীয় সমূহত পদোন্নত বা অধোন্নতি বেতন কৰ্তনৰ দৰে আনুষ্ঠানিক পদ্ধতিৰে নিয়ন্ত্ৰণ কৰে।
৮। প্ৰাথমিক আৰু,দ্বিতীয়ক সমূহৰ মাজত থকা সাদৃশ্যসমূহ লিখা।
উত্তৰঃ প্ৰাথমিক আৰু,দ্বিতীয়ক সমূহৰ মাজত থকা সাদৃশ্যসমূহ হ’ল-
(ক) প্রাথমিক আৰু দ্বিতীয়ক সমূহ গঠন হ’বৰ বাবে ব্যক্তিৰ সমষ্টিৰ প্রয়োজন।
(খ) দুয়োটা সমূহৰেই বিশ্বজনীন প্ৰকৃতিৰ।
(গ) দুয়োটা সমূহৰ কাৰ্য প্রণালী অথবা গুৰুত্ব বা অস্তিত্বক সমাজৰ প্ৰেক্ষাপটতহে বুজিব পাৰি।
(ঘ) দুয়োটা সমূহৰেই আকাৰ থাকে।কোনো এটাই আকাৰহীন নহয়।
(ঙ) দুয়োটাই সামাজিকীকৰণত যথেষ্ট প্রভাৱ পেলায় । প্রধানত প্রাথমিক সমূহে এটা সৌধ নিৰ্মাণ কৰে। যাক দ্বিতীয়ক সমূহে পূৰ্ণাংগ ৰূপত প্ৰতিষ্ঠা কৰে।
(চ) দুয়োটাই সমূহেই স্তৰীকৃত। পৰিয়ালত যিদৰে সংস্তৰন আছে ঠিক একেদৰে ইয়াক বেংকতো প্রত্যক্ষ কৰা যায়।
(ছ) দুয়োটাই সামাজিক নিয়ন্ত্ৰণত সহায় কৰে।
(জ) এজন ব্যক্তিৰ ব্যক্তিত্ব গঠনত প্ৰাথমিক আৰু দ্বিতীয়সমূহৰ ভূমিকা অতি শুৰুত্বপূৰ্ণ
(ঝ) দুয়োটা সমূহৰসদস্যসকলৰ মাজত সামাজিক সম্বন্ধৰ উপস্থিতি পোৱা যায়। সদস্যসকলে পৰস্পৰে পৰস্পৰৰ লগত আন্তঃক্ৰিয়া কৰে। |
(ঞ) দুয়োটা সমূহেই ক্ৰিয়াত্মকভাৱে পাৰস্পৰিকভাবে নিৰ্ভৰশীল।
(ট) যদিওবা সংৰচনাগতভাৱে এই দুই সমূহৰ মাজত ভিন্নত৷ থকা দেখা যায় কিন্তু কাম কৰাৰ বেলিকা সদস্যসকলৰ মাজত সহযোগিতা থকা দেখা যায়।
৯। আন্তঃসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।
উত্তৰ : অন্তঃসমূহৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল-
(ক) অন্তঃসমূহক প্ৰধানত মানসিক আৰু ভৌতিক কাৰক সংমিশ্ৰিত সমূহ বুলি কোৱা হয়। এজন ব্যক্তিয়ে নিজকে কোনো এক সমূহৰ সৈতে জড়িত কৰাই যাক মনস্তাত্বিক জড়িতকৰণ বুলি কোৱা হয়। কিন্তু যি সমূহৰ সৈতে জড়িত কৰাই সেই সমূহৰ এটা ভৌতিক সংৰচনা থাকে। উদাহৰণ স্বৰূপে আমি প্রায়েই দেখোঁ যে ছাত্ৰ-ছাত্ৰীসকলে নিজকে নিজৰ শিক্ষানুষ্ঠানৰ সৈতে জড়িত কৰাই মই যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ বা মই মাকুম মহাবিদ্যালয়ৰ ছাত্ৰী ইয়াত যোৰহাটবা মাকুম মহাবিদ্যালয়ৰ কথা কোৱা হৈছে যাৰ এটা ভৌতিক সংৰচনা আছে। অন্যহাতেদি ইয়াৰ ছাত্ৰ বা ছাত্ৰী হিচাপেদেখুওৱা অনুভূতিটো হৈছে মনতাত্বিক বিশ্লেষণ।
(খ) ইয়াৰ আন এক বৈশিষ্ট্য হৈছে অতি ঠেক বা ক্ষুদ পৰিসৰত ইয়াৰ ব্যাখ্যা। ডিমৌ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ ছাত্ৰীসকল সমাজতত্ববৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বৰ্হিসমূহ। অনুৰূপ বিশ্লেষণ বয়স, লিংগ ভাষা, জাতি বা ধৰ্মৰ আলমতো কৰিব পাৰি।
(গ) অন্তঃসমূহৰ আন এক চৰিত্ৰ হৈছে আমি ভাৱ পোষণ। সমূহটোৰ প্ৰতি মনস্তাত্বিক জড়িতকৰণে সদস্যসকলৰ মাজত আমি ভাৱ বৃদ্ধি কৰাৰ লগতে দায়বদ্ধতা আৰু বন্ধুত্বৰ সম্বন্ধও বৃদ্ধি কৰে।
(ঘ) ইয়াৰ আন এক বৈশিষ্ট্য হৈছে সদস্যসকলৰ মাজত থকা৷ গভীৰ সংহতি। সহযোগিতা আৰু আমি ভাবে সদস্যসকলৰ মাজত সংহতিৰ মাত্ৰা বৃদ্ধি কৰি তোলে।
(ঙ) অন্তঃ আকাৰত সৰু বা ডাঙৰ হ’ব পাৰে। পৰিয়াল, ঘনিষ্ঠ বন্ধু সমূহৰ দৰে সৰু আকাৰৰ অন্তঃ সমূহ থকাৰ বিপৰীতে বিতীয় প্রতিষ্ঠান অথবা আন্তৰাষ্ট্ৰীয় সংগঠনসমূহো অন্তঃসমূহ হ’ব পাৰে।
(চ) অন্তঃসমূহ প্ৰাথমিক বা দ্বিতীয়ক সমূহ হ’ব পাৰে, সংগঠিত বা অঃসংগঠিত সমূহৰ হ’ব পাৰে; আনুষ্ঠানিক বা অনানুষ্ঠানিক সমূহ হ’ব পাৰে। ইয়াত মানসিক যোগসূত্ৰয়েহে প্রাধান্য পায়, সামাজিক সমূহৰ প্ৰকাৰে নহয়।
(ছ) অন্তঃ সমূহ বিশ্বজনীন প্রকৃতিৰ।
(জ) অন্তঃ সমূহৰ সৈতে সদায়েই উন্নয়ন আৰু প্ৰগতিৰ প্ৰসংগ জড়িত হৈ থাকে। যিহেতু এনে সমূহৰ সদস্যসকলৰ মাজত ঘনিষ্ঠতা আৰু সহযোগিতা অধিক সেয়ে ই প্রগতিত সহায়ক হয়।
১০। বহিসমূহৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ বহিসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল-
(ক) বৰ্হি সমূহ সৰ্বজনীন প্ৰকৃতিৰ। সকলো মানৱ সমাজতই ই বিদ্যমান।
(খ) বৰ্হি সমূহৰ আন এক চৰিত্ৰ হৈছে মনঃস্তাত্বিক আৰু ভৌতিক কাৰকৰ সংমিশ্ৰণ। আমি যিবোৰক নিজৰ পৰা পৃথক কৰি বৰ্হি সমূহ বুলি আখ্যা দিছো সিহঁতৰো এক ভৌতিক অস্তিত্ব আছে
(গ) বৰ্হি সমূহ আকাৰত সৰু অথবা ডাঙৰ হ’ব পাৰে।
(ঘ) বৰ্হি সমূহ প্রাথমিক বাদ দ্বিতীয়ক; ইচ্ছাকৃত বা অনিচ্ছাকৃত ইত্যাদি ধৰণৰ হ’ব পাৰে। অৰ্থাৎ বৰ্হি সমূহৰ গঠনৰ বেলিক মনঃক্তাত্বিক বিশ্লেষণেহে অগ্ৰাধিকাৰ পায়, সমূহৰ প্ৰকৃতিয়ে নহয়
(ঙ) বৰ্হি সমূহৰ আন এক চৰিত্ৰ হল ইয়াৰ সদস্য সকলৰ প্ৰতি আমি সদায়েই পৃঠকভাৱে মনোভাৱ অথবা সিহঁতৰ’ ধৰণৰ ভাৱ পোষণ কৰো।
(চ) বৰ্হি সমূহৰ সদস্যসকলৰ সৈতে সাধাৰণতেই আমাৰ সহযোগিতা, দায়বদ্ধতা অথবা সংহতি নাথাকে বৰঞ্চ প্ৰতিযোগিতা আৰু বিদ্বেষৰ মনোভাৱহে জাগ্রত হয়।
(ছ) সামাজিক আৰু আদৰ্শগত দূৰত্ব বৰ্হি সমূহৰ এক মনকৰিবলগীয়া সমাজতাত্বিক বৈশিষ্ট্য। এই দূৰত্বৰ সৈতে সামাজিক সম্বন্ধৰ প্ৰসংগ জড়িত হৈ আছে। এই দূৰত্ব বৰ্হি সমূহৰ ক্ষেত্ৰত ভিন ভিন হোৱা দেখা যায়। উদাহৰণস্বৰূপে অসম গণ পৰিষদৰ ৬ ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ সৈতে ভিন ভিন দূৰত্ব আছে৷ নতুন দিল্লীয়ে ঢাকাৰ সৈতে যিমান সামাজিক আৰু আদৰ্শগত দূৰত্ব বজাই ৰাখিছে তাৰ তুলনাত নতুন দিল্লী আৰু ইছলামাবাদৰ মাজৰ দূৰত্বত ভিন্নতা আছে। এইদৰে বৰ্হি সমূহৰ ক্ষেত্ৰত আদর্শগত আৰু সামাজিক দূৰত্ব পৃথক হোৱা দেখা যায়।
(জ) বৰ্হি সমূহৰ আন এক চৰিত্ৰ হ’ল ই আন্তঃ সমূহৰ বাবে সহায়কাৰীও। যদিও বা আমি বৰ্হিসমূহৰ তুলনাত আন্তঃসমূহক অগ্ৰাধিকাৰ দিওঁতথাপিও সমস্যা আৰু বিপদৰ সময়ত কাষৰ পৰিয়ালৰ সহায়েই গ্ৰহণ কৰোঁ।
১১। অন্তঃসমূহ আৰু বহিসমূহৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।
উত্তৰঃ অন্তঃসমূহ আৰু বহিসমূহৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল-
অন্তঃসমূহ :-
(ক) অন্তঃসমূহৰ প্রতি আমি সদায়েই নিজকে জড়িত কৰাও।
(খ) আন্তঃসমূহ সদস্যসকলৰ মাজত সহযোগিতা, সংহতি আৰু ঘনিষ্ঠতা থাকে।
(গ) অন্তঃসমূহৰ সৈতে আমি ভৌতিক তথা মানসিকভাৱে ওচৰত থাকো।
(ঘ) বহি সমূহৰ তুলনাত অন্তঃ সমূহক আমি অধিক গুৰুত্ব দিওঁ।
(ঙ) অন্তঃসমূহত আমি সাধাৰণতে সামাজিক তথা আদৰ্শগতদূৰত্ব বজাই নাৰাখো।
বৰ্হিসমূহৰ :-
(ক) বৰ্হি সমূহক আমি নিজৰ পৰা আঁতৰাই ৰাখো।
(খ) বৰ্হি সমূহৰ সদস্যসকলৰ সৈতে আমি ঘনিষ্ঠ সম্বন্ধ নাৰাখো।
(গ) বৰ্হি সমূহক আমি ভৌতিক অথবা মানসিকভাৱে নিলগাই থও।
(ঘ) অন্তঃসমূহৰ তুলনাত বৰ্হি সমূহক আমি কম গুৰুত্ব দিও।
(ঙ) বৰ্হি সমূহৰ মাজত সামাজিক আৰু আদৰ্শগত দূৰত্ব থকা পৰিলক্ষিত হয়। ।
১২। অন্তঃসমূহ আৰু বহিসমূহৰ মাজত থকা সাদৃশ্যবোৰ আলোচনা কৰা।
উত্তৰঃ অন্তঃসমূহ আৰু বহিসমূহৰ মাজত থকা সাদৃশবোৰ হল-
(ক) অন্তঃ অথবা বৰ্হিসমূহৰ আলোচনা বা বিশ্লেযণ সদায়েই মনস্তাত্বিকভাৱে কৰা হয়।
(খ) আমি অন্তঃ সমূহক অগ্ৰাধিকাৰ আৰু বৰ্হি সমূহক আঁতৰাই পঠিয়ালেও দুয়োটাৰে ভৌতিক অস্তিত্ব আছে।
(গ) দুয়োটাৰে আকাৰ সৰু বা ডাঙৰ হ’ব পাৰে।
(ঘ) এই দুয়োটা সমূহেই বিশ্বজনীন প্ৰকৃতিৰ ।
(ঙ) অন্তঃ আৰু বহি সমূহ দ্বৈত প্রক্ৰিয়া। এজনৰ অন্তঃ সমূহৰ আনজনৰ বহি সমূহ হ’ব পাৰে অথবা এজনৰ বৰ্হি সমূহ আনজন অন্তঃ সমূহ হ’ব পাৰে। তদুপৰি আজিৰ অন্তঃ সমূহ কাইলৈ বৰ্হি সমূহ বা আজিৰ বৰহি কাইলৈ অন্তঃসমূহ হ’ব পাৰে।
(চ) দুয়োটা সমূহতেই অনুভূতিৰ উপস্থিতি পোৱা যায়। এটাৰ ক্ষেত্ৰত আৰু আনটোৰ ক্ষেত্ৰত ‘পৰ’ ভাৱ থাকিলেও ‘অনুভূতি ‘ উপাদানৰ উপস্থিতি ইহঁতৰ উল্লেখযোগ্য সাদৃশ্যতা
১৩। প্ৰসংগ সমূহৰ সংজ্ঞা আৰু ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰঃ প্ৰসংগ সমূহৰ বিষয়ে পোন প্ৰথমে হাইমেনে সমাজতত্ত্বত ব্যাখ্যা আগবঢ়াইছিল। তদুপৰিও মুজাফৰ শ্বেৰীফে ১৯৪৮ চনত প্রকাশ হোৱা তেখেতৰ গ্ৰন্থ An Outline social psychology ত এক সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। পৰৱৰ্তী পযয়িত ৰব্টি কিং মাৰ্টন, হাইমেন আৰু টনাৰৰ দৰে দাৰ্শনিকৰ লিখনিত প্ৰসংগ সমূহে যথেষ্ট জনপ্ৰিয়তা আৰু প্রসাৰতা লাভ কৰে।
প্ৰসংগ সমূহ হৈছে সেইটো সমূহ যাৰ আমি সদস্য নহয় কিন্তু যি আমাৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে বা আমি তাৰ সদস্য হব বিচাৰো। এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে ইয়াক, আমি অ-সদস্যতাৰ সমূহ বুলি ক’ব পাৰো। প্ৰকৃতাৰ্থত আমি কোনো এক নিৰ্দিষ্ট সমূহৰ সদস্য হৈ থকা স্বত্বেও আন কিছুমান সমূহৰ দ্বাৰা প্রভাৱাম্বিত হও। এই প্রভাৱ বিস্তাৰ কৰা সমূহেই হৈছে প্রসংগসমূহ।
মুজাফৰ শ্বেৰিফৰ মতে, “প্রসংগ সমূহ হৈছে এক সমূহ যিয়ে জড়িত হৈ থকা সদস্যতাৰ সমূহৰ বিপৰীতে তেওঁৰ বা তাইৰ আচৰণক প্ৰভাৱান্বিত কৰে।
অগাবাৰ্ণ আৰু নিমকফৰ মতে,“ প্ৰসংগ সমূহ হৈছে তুলনাৰ এক বিন্দু য’ত আমাৰ মূল্যবোধৰ পৰা আমি কি পালো তাক বুজো বা যাৰ অনুমোদন আমি বিচাৰোঁ।”
হটন আৰু হান্টৰ মতে, “প্রসংগ সমূহ হৈছে সেইবোৰ সমূহ যাক বিচাৰ কৰাৰ বেলিকা প্ৰসংগিত কৰা হয় আৰু যাৰ মূল্যবোধক বিচাৰ আমাৰ বাবে মূল্যবোধক বিচাৰ হয়।”
ৰৰ্বাট কিং মাৰটনৰ মতে, “প্রসংগ সমূহ আৰু আপেক্ষিকবঞ্চনাৰ সূত্ৰ আন্তঃসম্পৰ্কিত।”
প্ৰসংগ সমূহৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে তলত উল্লেখ কৰা হল-
(ক) পিছপৰা স্থিতি :- প্ৰসংগা সমূহৰ ধৰধান চৰিত্র হল ইয়াত পিছপৰা স্থিতিৰ অনুভৱৰ কথা স্পষ্ট হৈ পৰে। মানুহ যেতিয়া কিছুমান দিশত আনৰ পৰা পিছপৰি থাকে তেতিয়াই তাৰ পৰা আগুৱাই যাবৰ বাবে আগবাঢ়ি থকা সমূহক অনুকৰণ কৰে। উদাহৰণস্বৰূপে ১৯৫২ চনত শ্ৰীনিবাসে উল্লেখ কৰা সংস্কৃতকৰণ প্রক্ৰিয়াৰ কথা উল্লেখ কৰিব পাৰি। ইয়াত নিম্ন জাতিৰ লোকসকলে উচ্চ জাতিক অনুসৰণ কৰাৰ মূল কাৰণ আছিল প্ৰথমটো দ্বিতীয়টোৰ তুলনাত পিছ পৰি আছিল গতিকে নিজৰ পিছপৰা আৰ্থ-সামাজিক স্থানক উন্নীত কৰাৰ বাবেই নিম্ন জাতিৰ লোকে উচ্চ জাতিৰ লোকক প্রসংগ সমূহ হিচাপে ধৰি লৈ অনুসৰণ কৰিছিল।
(খ) তুলনা :- প্ৰসংগ সমূহৰ ওপৰত উল্লেখ কৰা চৰিত্ৰক ই সহযোগ কৰে। তুলনাত্মক বিশ্লেষণৰ অবিহনে উচ্চ-নীচ অথবা আগবঢ়া পিছপৰাৰ কথাক জানিব নোৱাৰি। তুলনাই নিজৰ পিছপৰা অৱস্থাটোক জনাত সহায় কৰাৰ লগতে আনৰ অগ্রগতিৰো খতিয়ান দিয়ে।সেয়ে সামাজিক তুলনা সদায়েই প্ৰসংগ সমূহৰ সৈতে জড়িত হৈ থাকে।
(গ) অনুসৰণ প্রক্ৰিয়া :- অনুসৰণ প্ৰক্ৰিয়া প্ৰসংগ সমূহৰ আন এটি চৰিত্ৰ। ইয়াত সমূহৰ স্তৰত এটা সমূহে আন এটা সমূহক আৰু ব্যক্তিগত স্তৰত এজন ব্যক্তিয়ে আনজনক অনুসৰণ কৰে। তুলনাৰ দ্বাৰা জ্ঞাত পিছপৰা অৱস্থাটোৱেই অনুসৰণ প্ৰাথমিক কাৰণ।
(ঘ) দুটা সমূহৰ উপস্থিতি :- প্ৰসংগ সমূহৰ আন এক বৈশিষ্ট্য হৈছে সমূহৰ স্তৰত দুটা সমূহ আৰু ব্যক্তিগত স্তৰত দুজন ব্যক্তিৰ উপস্থিতি। দুটা সমূহ বা দুজন ব্যক্তিৰ অভিহনে প্ৰসংগ সমূহৰ অস্তিত্ব নাথাকে। তুলনা অথবা অনুহৰণৰ বাবে ‘দুই’ৰ উপস্থিতি অতি প্ৰয়োজন।
(ঙ) সামাজিক স্তৰীকৰণ :- প্ৰসংগ সমূহৰ স্তৰীকৰণ স্পষ্টভাৱে বিৰাজমান। উচ্চ-নিম্ন প্ৰস্থিতি, ওপৰ-তল স্তৰ অথবা এনেধৰণৰ অসমতা প্ৰসংগ সমূহত সদায়েই পোৱা যায়। সমান্তৰাল স্থান, প্ৰস্থিতি অথবা স্তৰত প্রসংগ প্রক্ৰিয়া নহয়। ।
(চ) সদস্যতা :- প্ৰসংগ সমূহ সদস্যতাৰ সমূহ হবও পাৰে বা নহবও পাৰে। আমি যিটো সমূহক অনুসৰণ কৰিম তাৰ সদস্য হবও পাৰো অথবা নহবও পাৰে৷ ৷
(ছ) সকলো সমূহত বৰ্তমান :- এইটো হৈছেপ্ৰসংগ সমূহৰ এক অতি দৃষ্টান্তমূলক বৈশিষ্ট্য। প্ৰসংগ সমূহ বা অনুসৰণ প্রক্রিয়া সকলে| ধৰণৰ সামাজিক সমূহতেই পোৱা যায়। প্রাথমিক বা দ্বিতীয়ক, অন্তঃ বা বহি, সংগঠিত বা অ-সংগঠিত, আনুষ্ঠানিক বা অনানুষ্ঠানিক ইত্যাদি ধৰণৰ সকলো সমূহতেই অনুসৰণ প্রক্ৰিয়া হোৱা দেখা যায়।
(জ) প্ৰগতি যিহেতু আমি নিজৰ দুৰ্বলতা বা পিছপৰা অৱস্থাৰ কথা জানি তাক আগবঢ়াবৰ বাবে আনক অনুসৰণ কৰে৷ সেয়ে ই খালী ৰৈ যোৱা স্থানপূৰ্ণ কৰি প্ৰগতি বা উন্নয়নত সহায় কৰে।
(ঝ) বিশ্বজনীন :- প্ৰসংগ সমূহ বিশ্বজনীন প্ৰকৃতিৰ পৃথিৱীৰ সকলো মানৱ সমাজতেই ই বিদ্যমান।
১৪। অপূৰ্ণ সমূহৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰঃ অপূৰ্ণ সমূহৰ বৈশিষ্ট্যবোৰ হ’ল–
(ক) অপূৰ্ণ সমূহো ব্যক্তিৰ সমষ্টি। যদিওবা পদ্ধতিগতভাৱে এইবোৰ সংৰচিত নহয় তথাপিও অপূৰ্ণ সমূহক আলোচনা কৰাৰ বেলিকা ব্যক্তিৰ প্ৰসংগ স্বাভাৱিক ভাৱেই আহি পৰে। ব্যক্তিৰ অবিহনে এনে সমূহৰ গঠন নহয়।
(খ) অপূৰ্ণ সমূহ বিশ্বজনীন প্রকৃতিৰ পৃথিৱীৰ সকলো অসংগঠিতভাবে ব্যক্তিসকল একত্ৰিত হোৱা দেখা যায়।
(গ) ইয়াৰ আন এক প্রধান চৰিত্ৰ হৈছে এইবোৰ অসংগঠিত আৰু অ-সংৰচিত। বিশেষীকৃত সংৰচনাৰ অবিহনেই এনে সমূহ গঠিত হয়।
(ঘ) অপূৰ্ণ সমূহৰ সামাজিক সমূহলৈ পৰিৱৰ্তন, হোৱাৰ পুৰামাত্ৰাই সম্ভাৱনা থাকে। বিশেষ পৰিস্থিতি বা সময়ত ই সামাজিক সমূহলৈ ৰূপান্তৰিত হোৱা দেখা যায়।
(ঙ) অপূৰ্ণ সমূহ বুলি উল্লেখ কৰৌতে ইংগিত বহন কৰা ব্যক্তিসকলৰ মাজত আগতীয়া, চিনাকি বা আন্তঃবক্ৰিয়া নাথাকে৷ অৰ্থাৎ এনে সমূহ প্রায়েই ভিন্নতাৰ পৰা আৰম্ভ হয়।
(চ) অপূৰ্ণ সমূহ গঠন হোৱাৰ বেলিকা ভিন ভিন উপাদানে ক্ৰিয়া কৰা দেখা যায়। উদাহৰণস্বৰূপে বয়স, লিংগ, প্ৰস্থিতি, শ্ৰেণী ইত্যাদি। ৷
(ছ) একত্ৰিত হোৱা ব্যক্তিসকলে সৃষ্টি কৰা অপূৰ্ণ সমূহৰ সদস্যসকলৰ মাজৰ সম্বন্ধ, আন্তঃক্ৰিয়া অস্থায়ী প্ৰকৃতিৰ ঘৰা-ঘৰি হোৱাৰ পিছত এইবোৰৰ ভিত্তি নোহোৱা হয়।
১৫। প্ৰসংগ সমূহৰ সমালোচনাবোৰ আলোচনা কৰা।
উত্তৰঃ প্ৰসংগ সমূহক বিভিন্ন সমালোচকে ভিন ভিন ধৰণেৰে সমালোচনা কৰা দেখা যায়।
(ক) ই মানুহৰ আচৰণ প্রণালীৰ ব্যাখ্যা অতি সুন্দৰভাবে দিছে যদিও সেই আচৰণসমূহক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে কোনো ধৰণৰ আলোচনা আগবঢ়োৱা নাই।
(খ) ই প্রসংগ সমূহে কিদৰে মানুহৰ আচৰণত প্রভাৱ পেলাই তাক উল্লেখ কৰিছে যদিও মানুহৰ অন্তর্ভুক্তিয়ে কেনেকৈ আৰু কিমান পৰিসৰত প্রসংগ সমূহক প্রভাৱান্বিত কৰে তাক আলোচনা কৰা নাই।
(গ) সমাজতনত্ব যিহেতু এক বিজ্ঞান গতিকে প্রসংগ সমূহৰ আলোচনাও বৈজ্ঞানিক হোৱাটো বাঞ্চনীয়। কিন্তু আচৰণ প্রণালী ব্যক্তিবাচক, যুক্তিনিষ্ঠ নহয়। ইয়াত বিজ্ঞানৰ চৰিত্ৰ স্পষ্টভাৱে ফুটি উঠা নাই।
(ঘ) মেক্স ৱেবাৰৰ ‘নিৰপেক্ষ মূল্যবোধ’ৰ আলমত আমি ক’ব পাৰো । যে মানুহৰ আচৰণ প্রণ৷লীৰ ব্যাখ্যা কেতিয়াও নিৰপেক্ষ মূল্যবোধত হ’ব নোৱাৰে, ইয়াত ‘মূল্যবোধৰ বিচাৰ’ ধাৰণাই প্রভাৱ বিস্তাৰ কৰে।
(ঙ) প্ৰসংগ সমূহৰ সমৰ্থকসকলে সমূহৰ আচৰণ প্ৰণালীৰ পৰিৱৰ্তনে কেনেকৈ, কিমান পৰিসৰত আৰু কি আহিঁত সমূহৰ অন্যান্য দিশত; যেনে, অৰ্থনীতি, সংস্কৃতি, ৰাজনীতি, ধৰ্ম আদিৰ ওপৰত প্রভাৱ পেলাই তৰ ব্যাখ্যা দিয়া নাই
(চ) এটা সমূহে আন এটা সমূহক অনুসৰণ কৰাৰ পিছত দুই সমুহৰ সদস্যসকল অথবা অনুসৰণ কৰি লাভ কৰা নতুন প্ৰস্থিতিৰ পিছত তেওঁলোকৰ সামাজিক ক্ৰিয়া , আন্তঃক্ৰিয়া আৰু সামাজিক সম্বন্ধৰ স্বৰূপ আৰু প্ৰতিৰূপ কেনেকুৱা হ’ব সেই বিষয়ে কোনো আলোচনা কৰা নাই।
১৬। চমুটোকা লিখা
(ক) প্ৰসংগসমূহ :-
উত্তৰঃ কোনো এজন ব্যক্তি বা এটা সমূহৰ একাধিক সন্দৰ্ভসমূহ থাকিব পাৰে, কোনো এটা সমূহ আন বহুতো সমূহ বা ব্যক্তিৰ ৰূপ বা বিপৰীত ৰূপ এটাক ভাল বুলি গণ্য কৰা হয়। প্রসংগ সমূহ প্রাথমিক বা দ্বিতীয়ক দুয়ো প্রকাৰৰ হ’ব পাৰে। কোনো সমূহে পৰিয়ালৰ দৰে প্রাথমিক সমূহকো অনুকৰণ কৰিব পাৰে। ব্যক্তি বা সমূহে ৰাষ্ট্ৰৰ দৰে বৃহৎ সমূহকো অনুসৰণ কৰিব পাৰে। অৰ্থাৎ প্রসংগ বা সন্দৰ্ভ সমূহৰ আকাৰৰ কোনো সীমাৱদ্ধতা নাই। যেতিয়া প্রথম সমূহটোৰ সদস্যসকলে কোনো ক্ষেত্ৰত দ্বিতীয় বা আন এটা সমূহৰ সদস্যসকলৰ দৰে হ’বলৈ বিচাৰে বা দ্বিতীয় সমূহটো প্ৰসংগ সমুহ। সমাজত এনে কিছমান ব্যক্তি আছে, যি সকলৰ মূল্যবোধ আৰু মানদণ্ড অন্য কিছুমান ব্যক্তিৰ আদৰ্শ হৈ পৰে। যিটো সমূহৰ আদৰ্শ আগত ৰাখি আন এটা সমূহে উন্নয়নৰ প্ৰচেষ্টা চলায় সেইটোৱে সন্দৰ্ভ সমূহ।
সমাজত এনে কিছুমান ব্যক্তি আছে, যি সকল ব্যক্তিৰ মূল্যবোধ আৰু মানদণ্ড অন্য কিছুমান ব্যক্তিৰ আদৰ্শ হৈ পৰে। যিটো সমূহৰ আদৰ্শ আগত ৰাখি আন এটা সমূহে উন্নয়নৰ প্ৰচেষ্টা চলাই সেইটোৱে সন্দৰ্ভমমূহ। উদাহৰণস্বৰূপে, সমাজৰ কোনো এজন বা একাধিক ব্যক্তিয়ে নিজে শস্য নোহোৱা এটা পৰিয়ালক আদৰ্শ পৰিয়ালৰূপে ধৰি নিজৰ পৰিয়ালৰ উন্নয়নৰ কাৰণ যদি সেইপৰিয়ালৰ ৰীতি নীতি, আচাৰ-ব্যৱহাৰ কাৰ্যপন্থা আদি অনুকৰণ কৰে তেন্তে সেই পৰিয়ালটো হ’ল সন্দভসমূহ। অৰ্থাৎ এটা সমুহে আন এটা সমূহক যদি তুলনা হিচাপে লয় তেন্তে সেই সমূহটো প্ৰসংগ বা সন্দৰ্ভ সমূহ হয়। প্রসংগসমূহ মানে এটা সমূহক বুজায় যিটো সমূহত এজন ব্যক্তি সদস্য নোহোৱাকৈ সমূহটোৰ আদৰ্শক অনুকৰণ কৰে। মানৱ সমাজত প্ৰসংগ সমূহৰ এক উল্লেখযোগ্য ভূমিকা আছে। সমাজতত্ত্বিক অধ্যয়নত সন্দৰ্ভ সমূহক আন সদস্য সমূহ বুলি নাম কৰণ কৰিব বিচাৰে।
যেতিয়া প্ৰথম সমূহটোৰ সদস্য সকলে কোনো কোনো ক্ষেত্ৰত দ্বিতীয় বা অন্য এটা সমূহৰ সদস্য সকলৰ দৰে হবলৈ বিচাৰে কিম্বা দ্বিতীয় সমূহটোৰ দৰে নিজৰ সমূহটোক গড় দিবলৈ বিচাৰে তেতিয়া প্ৰথম সমূহটোৰ প্ৰসংগ সমূহ হৈ পৰে। যেতিয়া এটা সমূহৰ সদস্যতাৰ প্রতি স্বাভাৱিক আগ্ৰহ থাকে তেতিয়া প্রথম সমূহটোৰ কাৰণে দ্বিতীয় সমূহটো প্রসংগ সমূহ হৈ পৰে। প্ৰসংগ সমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি।
সেইকেইটা হ’ল – যোগাত্মক প্ৰসংগ সমূহ, ধণাত্মক প্ৰসংগ সমূহ আৰু তুলনামূলক প্রসংগ সমূহ।
(খ) মাধ্যমিক সমূহ বা দ্বিতীয়ক সমূহ?
উত্তৰঃ এই সমূহত সদস্যসকলৰ মাজত মুখামুখি সম্পর্ক নাথাকে। দ্বিতীয়ক সমূহৰ সদস্যৰ সংখ্যা বেছি আৰু ইয়াৰ আকাৰ বৃহৎ।দ্বিতীয়ক সমূহৰ সদস্যসকলৰ মাজত মুখামুখি সম্বন্ধ নাথাকে৷ দ্বিতীয় সমূহৰ সদস্যসকলৰ মাজত সম্যন্ধ পৰোক্ষ আৰু আৱশ্যক হ’ব পাৰে। দ্বিতীয়কসমূহৰ সদস্যসকলৰ সম্পৰ্ক আনুভুতিক নহয়। দ্বিতীয়ক সমূহত সদস্যসকল সক্ৰিয় আৰু নিষ্ক্রিয় দুয়োধৰণৰ হ’ব পাৰে। এই সমূহত দুই প্রকাৰৰ সদস্য দেখিবলৈ পোৱা যায় সক্ৰিয় আৰু নিস্ত্ৰিয়। উদ্যোগীকৰণ, নগৰীকৰণ আদিৰ প্রসাৰ হোৱাৰ লগে লগে দ্বিতীয়ক সমূহৰো প্রসাৰ ঘটিছে। দ্বিতীয়কসমূহ সদস্যৰ ভূমিকাৰ লগতে জড়িত। দ্বিতীয়ক সমূহে ব্যক্তিগত প্ৰতিভা বিকাশত কোনো এটা বিষয়ত বাস্তৱ আৰু বহল দৃষ্টিভংগী গ্ৰহণ আদিত বিশেষ প্রভাৱ পেলাইছে। এই সমূহত অনুভূতি, আমি ভাৱ, আবেগৰ মাত্ৰা কম। ইয়াত স্বাৰ্থৰ কথাহে জড়িত হৈ থাকে। আধুনিক সমাজ ব্যৱস্থাত দিতীয়ক সমূহৰ প্রভাৱ অসীম।
(গ) প্ৰাথমিক সমূহ :-
উত্তৰঃ প্রাথমিক সমূহ গঠনৰ মূল ভেটি হ’ল ‘মুখামুখি সম্বন্ধ’ মুখামুখি সম্বন্ধ মানে সময় ইজনে সিজনক লগ পাই থাকে। যেনে ওচৰ-চুবুৰীয়, স্বজন গোট ইত্যাদি। এই সমূহৰ সদস্যসকলে ইজনে সিজনক আমি ভাৱেৰে বান্ধি ৰাখে। মই ভাৱ বা ব্যক্তিগত মনোভাৱ ইয়াত দেখা নাযায়। সমগ্ৰ বিশ্বজুৰি প্রাথমিক সমূহৰ প্ৰাধান্যতা দেখিবলৈ পোৱা যায়। যেনে- প্রাথমিক সমূহ পৰিয়াল ওচৰ-চুবুৰীয় ইত্যাদি। প্রাথমিক সমুহৰ সদস্য সংখ্যা কম আৰু ইয়াৰ আকাৰো সৰু প্ৰাথমিক সমূহত সদস্যৰ ভূমিকাৰ লগত জড়িত নহয়। প্রাথমিক সমুহে ব্যক্তিক সামাজিকীকৰণ কৰাত যথেষ্ট সহায় কৰে। প্রাথমিক সমূহত সদস্যসকলৰ মাজত মুখামুখী তথ্য প্রত্যক্ষ সম্বন্ধ গঢ়ি উঠে। প্রাথমিক সমূহ কোনো নিৰ্দিষ্ট উদ্দেশ্য পুৰণৰ বাবে গঠন নহয়। প্ৰাথমিক সমূহ সদস্যসকলৰ সম্পৰ্ক আনুভূমিক সহযোগ,সহানুভুতি, হৃদয়ংগম আমি ভাৱ এই সমূহৰ প্রধান বৈশিষ্ট্য।
আমেৰিকাৰ অন্যতম সমাজতত্বদি চাৰ্লচ হটন্ কুলেই প্ৰথমে প্রাথমিক সমূহ অৱধাৰণ৷টোৰ সৃষ্টি কৰিছিল। কুলেইৰ মতে প্ৰাথমিক সমূহ গঠনৰ মূল ভেঁটি হ’ল মুখামুখি সম্বন্ধ। তেওঁৰ মতে, মুখামুৰি সম্যদ্ধ থকা লোকসকলে আত্মীয়তাৰে আনৰ সুখ-দুখ বা জীবনৰ আশা-আকাংক্ষা সম্পৰ্কে সজাগ থাকে। উদাহৰণস্বৰূপে পৰিয়াল, ওচৰ-চুবুৰীয়া, স্বজন গোট আদি। অনুভূতি, সহৃদয়তা প্রাথমিক সমূহৰ মূলভউপাদান আৰু স্বতঃস্ফুত ‘আমি ভাৱ’ প্ৰাথমিক সমূহৰ বৈশিষ্ট্য। মেক আইভাৰ আৰু পেজৰ মতে, প্ৰাথমিক সমূহ সকলো সংগঠনৰে মূল। তেওঁলোকৰ মতে প্ৰাথমিক সমূহতে লোকাচাৰৰ জন্ম হয়। প্ৰাথমিক সমূহৰ মূল চৰিত্ৰ হৈছে সম্বন্ধ প্ৰধান। প্ৰথমমিক সমূহৰ ভৌতিক অৱস্থা তিনিটাৰো মূল ভেটি সামাজিক সম্বন্ধ গতিকে প্ৰাথমিক সমূহৰ গুৰুত্ব অপৰিসীম। মানুহৰ আচাৰ ব্যৱহাৰ আশা-আকাংক্ষা প্ৰাথমিক সমূহৰ প্ৰভাৱতেই গঢ়ি উঠে। এজন শিশু এটা পৰিয়ালত জন্ম লোৱাৰ পৰা সেই পৰিয়ালটোৰ ধাৰাবাহিকতা যতেই পৰিচালিত হয়। ব্যক্তিৰ ভাষা, ধৰ্ম নৈতিকতা, সামাজিক মূল্যবোধ আদি প্রথমে পৰিয়ালৰ পৰাই যায়। পাছতহে ওচৰ-চুবুৰীয়া, সমনীয়া-বন্ধু, স্বজন-গোষ্ঠী, সহকৰ্মী আদিৰ দ্বাৰা প্ৰভাবিত হয়। প্রাথমিক সমূহতেই ব্যক্তিয়ে ভাল-বেয়া কাম কৰিবলৈ আৰম্ভ কৰে। মানুহৰ অপৰাধ সম্পৰ্কীয় চিন্তাধাৰাৰো জন্ম প্রাথমিক সমূহতেই হয়।
প্রাথমিক সমূহ মানুহৰ দিকদৰ্শক মানুহৰ সামাজিকীকৰণ কৰা, সংস্কৃতিৰ লগত অভ্যত্ত কৰোৱা, আশা-আকাংক্ষা জাগ্ৰত ৰূপ দিয়াত প্রাথমিক সমূহৰ গুৰুত্ব সৰ্বাধিক প্ৰাথমিক সমূহ সংস্কৃতিৰ আখ্যা, সংস্কৃতিৰ বাহক আৰু সংস্কৃতিৰ পৰিৱৰ্তনৰ উৎস। শেষত সমাজতত্ত্ববিদ বগাৰচাচৰ ভাষাত, যত উমৈহতীয়া স্বাৰ্থ থাকে, যত উমৈহতীয়া উক্তি থাকে, যি ইজনে-সিজনক প্ৰেৰণা যোগায় আৰু যি সহজাতীয় কাৰ্যত অংশ গ্ৰহণ কৰে তেনেকুৱা দুই বা ততোধিক ব্যক্তিৰ সমষ্টিয়েই হৈছে সামাজিক সমূহ ৷
সমিতি আৰু সংস্থা
Very Short Question Answer
১। ‘সমাজ সামাজিক সম্বন্ধৰ জালগাঁথনি স্বৰূপ-কথাষাৰ কোনে কোছল?
(ক) জনচন ৷
(খ) মেক আইভাৰ আৰু পেজ ৷
(গ) গীণ।
(ঘ) প্লেট ৷
উত্তৰঃ (খ) মেক আইভাৰ আৰু পেজ ।
২। ‘আমি ভাৱ’- আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান
(ক) সমাজ।
(খ) সম্প্ৰদায়।
(গ) সন্থা।
(ঘ) ৰাষ্ট্ৰ।
উত্তৰঃ (খ) সম্প্ৰদায়।
৩। জনচনে সমাজৰ কেইটা চৰিত্ৰৰ কথা উল্লেখ কৰিছে ?
(ক) ২।
(খ) ৪।
(গ) ৫।
(ঘ) ৬।
উত্তৰঃ (খ) ৪।
৪। ‘আমি সন্থাৰ সদস্য, সংস্থাৰ নহয়’- কথায|ৰ কোনে কৈছিল?
(ক) আগষ্ট ক ‘ট।
(খ) অ’লচন।
(গ) মেক আইভাৰ আৰু পেজ।
(ঘ) ইয়ংআৰু মেক।
উত্তৰঃ (ক) মেক আইভাৰ আৰু পেজ।
৫। জাতি ব্যৱস্থা কিহৰ উদাহৰণ
(ক) জন্মগত প্রস্থিতি।
(খ) আৰ্জিত প্ৰস্থিতি।
(গ) সহায়কাৰী ভূমিকা।
উত্তৰঃ (ক) জন্মগত প্ৰস্থিতি।
৬। ইচ্ছাকৃতভাৱে সৃষ্টি কৰা সংগঠনক কোৱা হয়।
(ক) সংস্থা।
(খ) সন্থা।
(গ) প্রতিমান।
(ঘ) সম্প্ৰদায়।
উত্তৰঃ (খ) সন্থা।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.