Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা

Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা Question Answer can be of great value to excel in the examination.

Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা

Join Telegram channel

Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা Notes cover all the exercise questions in UGC Syllabus. The Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৭। An introductory analysis?’ ‘society : An introductory Analysis’- গ্ৰন্থখন কোনে লিখিছিল?

(ক) মেক আইভাৰ আৰু পেজ 

(খ) জনচমন

(গ) এলেক্স ইনকেলচ

(ঘ) আণশ্ড গ্ৰীণ

উত্তৰঃ (ক) মেক আইভাৰ আৰু পেজ।

Short Question Answer

১। ভূমিকা কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ এক বিশেষ স্থানত থাকি ব্যক্তি এজনে সেই স্থানৰ নগত জড়িত দায়িত্ব আৰু কৰ্তব্য সমূহ সমাজে আশা কৰা ধৰণে পালন কৰা কাৰ্য্য ব্যৱস্থাই হ’ল ভূমিকা।

২। A Role is the function of a status কথাবাৰ কাৰ?

উত্তৰঃ ইয়ং আৰু মেকৰ।

৩। সমূদায়ৰ দুটা উপাদানৰ নাম লিখা ।

উত্তৰঃ স্থান আৰু ব্যক্তিৰ সমষ্টি।

৪। Primitive Culture গ্ৰন্থখন কোণে লিখিছিল?

উত্তৰঃ এডৱাৰ্ড টাইলে লিখিছিল।

৫। A Society is the larger group to which any individual belongs কথাষাৰ কোনে কৈছিল?

উত্তৰঃ আৰ্ণল্ড গ্ৰীনাৰে কৈছিল।

৬। সমাজত এজন ব্যক্তিয়ে যি কাম কৰে বা সমাধা কৰে তাকেই আমি তেওঁৰ ভূমিকা বুলি কওঁ। কথাষাৰ কোনে কৈছিল?

উত্তৰঃ কিমবল ইয়ং।

৭। ভূমিকাৰ ভাগ কেঁইটা আৰু কি কি?

উত্তৰ ভূমিকাৰ ভাগ দুটা। যেনে জন্মগত ভূমিকা আৰু অর্জিত ভূমিকা।

৮। ভূমিকাৰ সংঘাত বুলিলে কি বুজা?

উত্তৰঃ কোনো এক ভূমিকা পালন কৰিবলৈ যাওঁতে আন এটা ভূমিকাৰ সৈতে যি সংঘাত হয় তাকেই ভূমিকাৰ সংঘাত বুলি কোৱা হয়।

৯। ভূমিকাৰ সংঘাত হোৱাৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ এজনৰ কৰ্তবা আৰু দায়িত্বৰ প্ৰতি ভিন্ন ভাৱ পোষণ।

১০। বগাৰদাছৰ মতে সম্প্ৰদায়ৰ সংজ্ঞাটো কি?

উত্তৰঃ বগাৰদাছৰ মতে সম্প্ৰদায় হৈছে নিৰ্দিষ্ট অঞ্চলত আমি ভাৱেৰে বসবাস কৰা এক সামাজিক সমূহ।

১১। সম্প্ৰদায়ৰ দুটা উপাদান উল্লেখ কৰা।

উত্তৰঃ ব্যক্তিৰ সমষ্টি আৰু স্থায়ীত্বতা।

১২। সম্প্ৰদায়ৰ ভৌগলিক এলেকা কেনেকুৱা।

উত্তৰঃ সম্প্ৰদায়ৰ ভৌগলিক এলেকা সীমাবদ্ধ। 

১৩। সম্প্ৰদায়ৰ ক্ষেত্ৰত কোনটো ভাৱৰ ওপৰত অধিক গুৰুত্ব” দিয়া হয়। 

উত্তৰঃ সম্প্ৰদায়ৰ ক্ষেত্ৰত আমি ভাৱৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ৷

১৪। সমাজ আৰু সম্প্ৰদায়ৰ মাজৰ এটা সাদৃশ্য উল্লেখ কৰা৷ 

উত্তৰঃ সমাজ আৰু সম্প্রদায় দুয়োটাই বিশ্বজনীন প্ৰকৃতিৰ। 

১৫। ই. এ. ছৰ মতে সংস্থাৰ সংজ্ঞাটো কি?

উত্তৰঃ ই.এ. ছৰ মতে, সামাজিক সংস্থা হৈছে উমৈহতীয়া ইচ্ছাৰে প্ৰতিষ্ঠিত বা অনুমোদিত মানৱ সম্বন্ধৰ সংগঠিত ৰূপ। 

১৬। সংস্থাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ সংস্থা প্ৰধানত অলিখিত। পৰিয়ালত কোনো কি কাম কৰিব তাৰ লিখিত ৰাপ নাথাকে। বিৰাহৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব অথবা ধৰ্মীয় উৎসৱৰ বেলিকা কোনে কি কাম কৰিব তাৰ বাবে লিখিত নীতি-নিয়ম নাথাকে।

১৭। সংস্থাৰ এটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ সংস্থাই সমাজত এজন ব্যক্তিৰ স্থান আৰু ভূমিকা নিৰূপণত সহায় কৰে।

১৮। এটা ৰাজনৈতিক সমিতিৰ নাম লিখা।

উত্তৰঃ ভাৰতীয় জনতা পাটি।

১৯। এটা ধৰ্মীয় সমিতিৰ নাম লিখা। 

উত্তৰঃ ৰামকৃষ্ণ মিচন। 

২০। এটা ছাত্ৰ-ছাত্ৰীৰ সমিতিৰ নামলিখা?

উত্তৰঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ।

২১। সম্প্ৰদায় কাক বোলে?

উত্তৰঃ সম্প্ৰদায় এটা সামাজিক সমূহ বা সামাজিক সংৰচনাৰ বিশেষ গোট। কিছুমান ব্যক্তিৰ সমষ্টিৰে সম্প্ৰদায় গঠন হয়। সাধাৰণতে এখন গাঁও, এখন (we feeling) আৰু পাৰস্পৰিক সম্বন্ধৰে জীৱন নিৰ্বাহ কৰে।

২২। সম্প্ৰদায়ৰ সংজ্ঞা দিয়া।

উত্তৰঃ সম্প্ৰদায় সম্পৰ্কে বিভিন্ন সমাজতত্ববিদে কিছুমান সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল –

(i)  বিশিষ্ট সমাজতত্ববিদ মেকাইভাৰ আৰু পেজৰ মতে, ” Whenever the members of any group small or large , live together in such a way that they share , or that particular interest, but basic conditions of common life, we called that group a community.” অৰ্থাৎ যেতিয়াই যিকোনো ডাঙৰ নাইবা সৰু সমূহৰ সদস্যসকলে এনে ধৰণে একেলগে বাস কৰে,যাতে তেওঁলোকে অংশগ্ৰহণ কৰোঁতে কোনো ব্যক্তিগত স্বাৰ্থলৈ লক্ষ্য নাৰাখি এটা উমৈহতীয়া স্বাৰ্থৰ হকে কাম কৰে, তাকে আমি সম্প্ৰদায় বুলি অভিহিত কৰোঁ।

(ii)  আগবাৰ্ণ আৰু নিমকফৰ মতে সম্প্ৰদায় হৈছে” The total organization of social life with a limited area.” অৰ্থাৎ সীমিত অৱস্থানত সামাজিক জীৱনৰ এটি পূৰ্ণ সংগঠন ৷

২৩। সম্প্ৰদায়ৰ উপাদানবোৰ লিখা। 

উত্তৰঃ সম্প্ৰদায় এটা সামাজিক সমূহ যদিও সম্প্ৰদায়ৰ কেইটামান বিশেষ লক্ষণ আছে বাবেহে সম্প্ৰদায় হিচাপে অভিহিত হৈছে৷ সম্প্ৰদায়ৰ মৌলিক উপাদান বা বৈশিষ্ট্যসমূহ হ’ল–

(i) ব্যক্তিৰ সমষ্টি :- সম্প্ৰদায়ৰ বাবে ব্যক্তিসমূহৰ নিতান্ত প্ৰয়োজন। ব্যক্তিসকলে উমৈহতীয়া লক্ষ্যৰে উমৈহতীয়াভাৱে বসবাস কৰা হ’ব লাগিব। এই ব্যক্তিসকল সমাজত ওচৰা-ওচৰিকৈ বসবাস কৰা হ’ব লাগিব।

(ii)  স্থানীয়তা :- সম্প্ৰদায় গঠনৰ বাবে প্ৰয়োজনীয় ব্যক্তিসকল কোনো অঞ্চলৰ স্থানীয় লোক হোৱাটো বাঞ্চনীয়। সমাজ, সমূহ বা সম্প্ৰদায়লৈ ব্যক্তি সাধাৰণতে প্রজনন আৰু প্রবজনৰ জৰিয়তে আহিব পাৰে যদিও স্থানীয় প্ৰজননৰ দ্বাৰা জন্মগ্ৰহণ কৰা ব্যক্তিহে গঠনৰ বাবে উপযোগী।

(iii) সাম্প্ৰদায়িক মনোভাৱ :- এটা সম্প্ৰদায়ৰ সদস্যসকলৰ অনুভূতি সাম্প্ৰদায়িক হোৱা বাঞ্চনীয়। “আমি ভাব” সদস্যসকলে সততে ভাব” সম্প্ৰদায়ৰ সদস্য সকলে সততে পোষণ কৰে। উদাহৰণ স্বৰূপে” আমাৰ গাঁও”  “আমাৰ সমস্যা” আদি ভাৱতে সাম্প্ৰদায়িক মনোভাৱ প্রকাশ পায়।

২৪। সমাজ আৰু সমূহৰ পাৰ্থক্য লিখা।

উত্তৰঃ (i) সমাজ সামাজিক  সম্বন্ধৰ এক ব্যৱস্থা। এই সামাজিক সম্বন্ধটোৱে জাল গৌঠনিৰ দৰে সমাজক সামৰি লয়। আনহাতে সমূহ ব্যৱস্থা হৈছে, ব্যক্তিৰ সংগঠিত গোট। 

(ii) সমাজৰ জন্ম হয় স্বত:স্ফূৰ্তভাৱে বা আপোন আপুনি। সমূহ  হৈছে কৃত্ৰিম ভাবে জন্ম দিয়া সংগঠন। সমাজ উৎপত্তি হৈছে কিন্তু সমূহ সৃষ্টি কৰা হৈছে।

(iii) সমাজৰ সদস্যত৷ ইচ্ছাকৃত । সকলো মানুহ কোনো এটা সমূহৰ সদস্য নহব ও পাৰে।

(iv) সমাজ স্থায়ী পদ্ধতিৰ। কোনো কাৰণতে এখন সমাজ স্থায়ীত্বহীন নহয়। আনহাতে সমূহ অস্থায়ী নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য সাধনৰ পাছত সমূহ ভাগি যাব পাৰে।

(v) সমাজ এক বৃহৎ সংগঠন। কিন্তু সমূহ সমাজৰ দৰে বৃহৎ সংগঠন নহয়। এখন সমাজৰ ভিতৰত কেইবাটাও সমূহ থাকিব পাৰে। কিন্তু এটা সমূহৰ মাজত বিভিন্ন সমাজ নাথাকে।

(vi)  সমাজ নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য লৈ গঠিত নহয়; সমূহ কিন্তু নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্যলৈ গঠিত হয়।

(vii) সমাজত সহযোগিতা আৰু সংঘৰ্ষ দুয়োটাই থাকে। আনহাতে সমূহত সহযোগিতাৰহে প্ৰয়োজন, সংঘৰ্ষৰ স্থান নাই।

২৫। সমিতি কাক বোলে?

উত্তৰঃ নিৰ্দিষ্ট লক্ষ্য সাধনৰ বাবে সামূহিক স্বাৰ্থ আৰু নিৰ্ধাৰিত নীতি-নিয়মেৰে সংঘবদ্ধ হোৱা ব্যক্তিৰ সমূহেই হ’ল সমিতি।

২৬। সমিতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ (i) মেকাইভাৰ আৰু পেজৰ মতে, “Association is an organization deliberately formed for the collective pursuit of some integrator set of interest, which its members share” অৰ্থাৎ, সমিতি হৈছে কোনো এক বা এলানি উদ্দেশ্য পূৰণৰ বাবে সাধাৰণ ভাবে সংগঠিত হোৱা তথা সম অংশগ্ৰহণৰ বাবে ইচ্ছুক ব্যক্তিৰ সমষ্টি।

(ii) বগাৰদাছৰ মতে, “ Association is usually a working Together of people to achieve some purposes. অৰ্থাৎ সাধাৰণতে নিৰ্দিষ্ট লক্ষ্যসমূহ সাধনৰ বাবে ব্যক্তিয়ে সন্মিলিতভাৱে কাম কৰা অনুষ্ঠান।

২৭। সমিতিৰ উপাদানসমূহ উল্লেখ কৰা।

উত্তৰঃ (i) মানৱ সমূহ :- সমিতি গঠনৰ বাবে বাক্তিৰ সমষ্ট অপৰিহাৰর্য়। সমিতি গঠনৰ বাবে ব্যক্তিসকলৰ মাজত এক বা ততোধিক নিৰ্দিষ্ট উদ্দেশ্য থাকে। অৰ্থাৎ সমিতিৰ যোগেদি সদস্যসকলে বিশেষ উদ্দেশ্য সাধন কৰিব বিচাৰে।

সহযোগ :- সমিতি গঠনৰ বাবে ব্যক্তিসকলৰ পাৰস্পৰিক সহযোগিতাৰ প্রয়োজন। সাধাৰণতে সদস্যসকলৰ সহযোগিতাৰ অবিহনে সমিতি গঠন নহয় বা গঠিত হ’লেও সহযোগ অবিহনে সমিতিখন মুহূৰ্ততে ধ্বংস হ’ব পাৰে।

সমিতিৰ নিয়ম :- সমিতিৰ কিছুমান নিয়ম বা কাৰ্যপ্ৰণালী থাকে৷ এই নিয়মবোৰ লিখিত বা অলিখিত দুয়োধৰণৰ হ’ব পাৰে। এই নিয়ম বা বিধি-উপবিধি ভংগ কৰিলে শান্তি বিধানৰ ব্যৱস্থা আছে৷

২৮। সমিতিৰ কেইটামান চাৰিত্ৰিক বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (i) বিশেষ কাৰ্য :- সমিতি গঠনৰ অন্তৰালত একোটা বিশেষ উদ্দেশ্য থাকে বা সমিতিৰ একোটা মুখ্য কাৰ্য থাকে। সমিতিয় মুখ্য কা্বটোৰ উপৰিও অন্য কাৰ্য সামৰি ল’ব পাৰে। উদাহৰণস্বৰগে নাম ঘৰৰ মূল কাৰ্য ধৰ্ম হ’লে নামঘৰে সামাজিক নিয়ন্ত্রণ, সংস্কৃতি ৰক্ষা, ৰাজনৈতিক সজাগতা আদি কাম সমূহ সাধন কৰে।

(ii) প্রতিমান :- প্ৰত্যেক সমিতিৰে, কিছুমান নিজস্ব প্ৰতিমান থাকে। সমিতিৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ প্রতি প্রভাৱ যথেষ্ট৷ সমিতিৰ সদস্যসকলে প্রতিমানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ লগতে দায়িত্ব আৰু ভূমিকাও পালন কৰে। তদুপৰি প্রতিমানে সমিতিৰ সদস্যসকলৰ বাবে কিছুমান আচৰণ বিধি ৰক্ষা কৰে।

(iii) প্রস্থিতি :- প্ৰত্যেক সমিতিৰে প্রতিমান অনুযায়ী নিজস্ব প্রস্থিত থাকে। সমিতিৰ আকাৰ যিমান বৃহৎ আৰু গঠন প্রণালী। যিমান জটিল হয়, প্রস্থিতিৰ গুৰুত্ব সিমানে বৃদ্ধি পায়। সমিতিৰ৷ দায়িত্ব আৰু ভূমিকা অনুযায়ী ব্যক্তিয়ে প্ৰস্থিতি আহৰণ কৰে। সমিতিৰ৷ সদস্য পদৰ ভূমিকা অনুযায়ী বা পদমৰ্যাদা অনুযায়ী ব্যক্তিৰ প্রস্থিতি ভিন্ন হ’ব পাৰে। 

(iv) কৰ্তৃত্ব :- সমিতিৰ গঠনত কৰ্তৃত্বৰ অৱদান যথেষ্ট। কোনো এখন সমিতিয়ে কাৰ্য সম্পাদন বা বিভিন্ন দিশত ব্যক্তি বিশেষৰ উপদেশ বা দিহা-পৰামৰ্শৰে পৰিচালিত হয়। কৰ্তৃত্ব অবিহনে সমিতিৰ নিয়মানুবৰ্তিতা আৰু প্রতিমান ৰক্ষা কৰা অসম্ভৱ।

(v) সম্পত্তি :- প্রত্যেক সমিতিৰে ঘৰ-দুৱাৰ, মাটি-বাৰী, আচবাব-পত্ৰ আদি নিজস্ব সম্পত্তি থাকে। সমিতিৰ আকাৰ, কাৰ্য অনুযায়ী সম্পত্তিৰ পৰিমাণ নিৰূপিত হয়।

২৯। সমাজ আৰু সমিতিৰ পাৰ্থক্য লিখা।

উত্তৰঃ (i) সমাজ অবিনাশী বা অমূৰ্ত্ত । কিন্তু সমিতি বিনাশশীল বা মূৰ্ত্ত।

(ii) স্বাভাৱিক বা আপোনা-আপুনিভাৱেই সমাজ গঠন হয়।

(iii)  সংঘবদ্ধতাৰ অবিহনে সমাজ গঠন হ’ব পাৰে কিন্তু সংঘবদ্ধতাৰ অবিহনে সমিতি গঠন হ’ব নোৱাৰে।

(iv) সমাজৰ উদ্দেশ্য আগতেই স্থিৰ কৰা হয়।.

(v) সমাজৰ জ্ঞাত আৰু অজ্ঞাত এই দুয়ো ধৰণৰ সম্বন্ধ থাকে, কিন্তু জ্ঞাতভাৱে ভেটিতহে সমিতি গঠন হয়। 

৩০। সংস্থা কাক বোলে? 

উত্তৰঃ সংস্থা সমাজতত্বৰ আন এটা গুৰুত্বপূৰ্ণ অৱধাৰণা ৷ প্রত্যেক মানৱ সমাজ বা প্ৰত্যেক সমুহ বা সংগঠন বা অনুষ্ঠানে নিজস্ব সামূহিক কাম কাজ সম্পাদন কৰিবৰ বাবে কিছুমান বিধি-বিধান বা ৰীতি-নীতি প্রৱৰ্তন কৰে আৰু মানি চলে। এইদৰে উদ্ভৱ হোৱা সামাজিক পদ্ধতিকে সংস্থা বোলা হয়।

৩১। সংস্থাৰ সংজ্ঞা দিয়া।

উত্তৰঃ (i) মেকাইভাৰ আৰু পেজৰ মতে, সংস্থা হ’ল ” Established forms or conditions of procedure characteristic of group activity.” অৰ্থাৎ, সংস্থা পদ্ধতিৰ সংস্থাপিত ৰূপ আৰু, গুচ’ল ক্রিয়া বিধি।

(ii) চামনাৰৰ মতে, ” An institution consists of concept Idea , nation doctrine or interest and a  structure” অৰ্থাৎ সংৰচনাৰে গঠিত এটা অৱধাৰণা।

৩২। সংস্থাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ (i) প্ৰথমতে, সংস্থাৰ নিৰ্দিষ্ট উদ্দেশ্য বা কাম থাকে।

(ii) দ্বিতীয়তে, সংস্থাত সামাজিক প্ৰতিমানৰ সমন্ধয় ঘটে।

(iii) তৃতীয়তে, সংস্থাই প্ৰৱৰ্তন কৰা প্ৰতিমানবোৰৰ প্ৰকৃতি স্থায়ী।

(iv) চতুৰ্থতে, সংস্থা মানুহৰ সামাজিক কৰ্মৰ ওপৰত নিৰ্ভৰশীল।

(v) পঞ্চমতে, সংস্থা ব্যক্তিক নিয়ন্ত্ৰণ কৰে।

(vi) ষষ্ঠতে, সংস্থাই মানুহৰ মূল প্ৰয়োজনীয়তা পুৰণত যত্নবান হয়।

৩৩। সংস্থাৰ ক্ৰিয়াসমূহ উল্লেখ কৰা।

উত্তৰঃ (ক) সংস্থাই মানুহৰ জীৱনৰ প্রয়োজনীয়তাখিনি পূৰণ কৰে।

(খ) সংস্থাই মানুহৰ আচাৰ-ব্যৱহাৰ , চাল-চলন আদি নিয়ন্ত্ৰণ কৰে।

(গ) সংস্থাই পথ-প্ৰদৰ্শক হিচাপে ব্যক্তিক নিৰ্দিষ্ট গতিত পৰিচালিত কৰে।

(ঘ) সংস্থাই মানুহৰ গতিৰ আচৰণ দৃঢ় হোৱাত সহায় কৰে।

(ঙ) সংস্থাই সংস্কৃতিৰ বাহক হিচাপে পুৰুখানুক্ৰমে সাংস্কৃতিক ধাৰাবাহিকতা ৰক্ষা কৰে।

৩৪। সংস্থা আৰু সমিতিৰ পাৰ্থক্য লিখা।

উত্তৰঃ (i) সংস্থা স্থায়ী কিন্তু সমিতি অস্থায়ী । উদাহৰণ হিচাপে পৰিয়াল ব্যৱস্থাটো বহুবছৰৰ আচাৰ। কিন্তু এট| পৰিয়ালে বহু হেজাৰ বছৰ নাথাকে।

(ii) সংস্থাৰ উৎপত্তি জটিল আৰু দীৰ্ঘ সময়ৰ প্রয়োজন | কিন্তু সমিতিৰ উৎপত্তি সহজ আৰু কম সময়ত হ’ব পাৰে।

(iii) সংস্থাৰ সদস্য পদ নাই। কিন্তু সমিতি সদস্যসকলৰে গঠিত।

(iv) সংস্থাৰ জন্মত জনৰীতিৰ প্রভাৱ আছে। কিন্তু সমিতি লিখিত বা অলিখিত বিধিৰেহে পৰিচালিত হয়।

(v)  সন্মিলিত সমূহৰ পদ্ধতিটো সংস্থা কিন্তু সন্মিলিত সমূহেই হৈছে সমিতি।

৩৫। সংস্থা আৰু সমাজৰ পাৰ্থক্য লিখ|।

উত্তৰঃ (i) সমাজ হৈছে সামাজিক সম্বন্ধৰ সংগঠন।কিন্তু সংস্থাপিত ৰূপটোক সমাজেহে স্বীকৃতি দিয়ে।

(ii) সংস্থা হৈছে পদ্ধতিৰ সংস্থাপিত ৰূপ। কিন্তু এই ৰূপটোক সমাজেহে স্বীকৃতি দিয়ে।

(iii)  সমাজ ব্যক্তি আৰু সংস্থাৰ আন্তঃসম্বন্ধৰ প্ৰক্ৰিয়া।

(iv)  সমাজ শব্দটোৱে সামগ্ৰিকভাৱে গোটেই মানৱ সমাজৰ কথা বুজায়। কিন্তু সংস্থা হৈছে সামাজিক চুক্তি বা ব্যৱহাৰৰ অংশ।

৩৬। সংস্থা আৰু সম্প্ৰদায়ৰ পাৰ্থক্য লিখা।

উত্তৰঃ (i) সংস্থা হৈছে ৰীতি-নীতি বা প্রথা জনৰীতিৰ সংগঠন৷ কিন্তু সম্প্ৰদায় হৈছে মানুহৰ সমষ্টি।

(ii) ব্যক্তি সম্প্ৰদায়ৰ সদস্যভুক্ত হয়। কিন্তু সংস্থাৰ সদস্যভুক্ত নহয়।

(iii) সম্প্ৰদায়ৰ ভিতৰতে সংস্থাৰ জন্ম হয়। কিন্তু সম্প্ৰদায়ৰ জন্ম স্বতঃস্ফূৰ্ত।

(iv) সম্প্ৰদায় দৃশ্যমান। কিন্তু সংস্থা দৃশ্যমান নহয়।

Essay Type Question Answer

১। সমাজৰ সংজ্ঞা দি ইয়াৰ প্রধান বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ প্ৰখ্যাত সমাজতত্ত্বৱিক মেক আইভাৰ আৰু পেজৰ  মতে, “সমাজ হৈছে ব্যৱহাৰ আৰু নীতি-নিয়ম, কৰ্তৃত্‌ আৰু বিভিন্ন সমূহৰ পাৰস্পৰিক সহযোগিতা, মানুহৰ আচৰণ প্ৰণালী নিয়ন্ত্ৰ ভাগ আৰু স্বাধীনতাৰ এক সমষ্টি” তেওঁলোকৰ মতে সমাজ সামাজিক সম্বন্ধৰ জালগাঁথনি স্বৰূপ।”

আৰ্নল্ড গ্ৰীণৰ মতে, “ব্যক্তিৰ আটাইতকৈ ডাঙৰ সমূহেই হৈছে সমাজ”।

জি. ডি. এইচ. ক’লেৰ মতে, “সমাজ হৈছে সংগঠিত সন্থা আৰু সংস্থাৰ সৈতে সমুদায়ৰ জটিলতা।

হেৰী এম. জনচনৰ মতে, “সমাজ হৈছেএক সামাজিক সমূহ৷”

পি. জিষ্টৰাৰ্টৰ মতে, “সাধাৰণতে সামাজিক সম্বন্ধৰ জটিল যোগসূত্ৰৰে সমাজ গঠন যাৰ দ্বাৰা প্ৰতোকজন ব্যক্তিয়েই আনজনৰ সৈতে আন্তঃসম্পৰ্কিত হয়।”

মৰিচ জিলবাগৰ মতে, “সমাজ শব্দটো মানুহে মানুহৰ সৈতে কৰা সকলো অথব৷| যিকোনো সম্পৰ্কক বুজাবলৈ ব্যৱহাৰ কৰা হয়, এনে সম্পৰ্ক প্রত্যক্ষ বা পৰোক্ষ, সংগঠিত বা অ-সংগঠিত, সচেতন বা অসচেতন অথবা সহযোগিতামূলক বা বিৰোধমূলক হ’ব পাৰে।”

এইদৰে ভিন ভিন সমাজতনত্ববিদে সমাজৰ ওপৰত ভিন্ন ধৰণেৰে সংজ্ঞা আগবঢ়াইছে। গতিকে আমি ক’ব পাৰো যে “সমাজ হৈছে এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত প্রত্যক্ষ বা পৰোক্ষ সামাজিক সম্বন্ধৰে স্থায়ীভাবে বাস কৰা ব্যক্তিৰ সমষ্টি যাৰ এটা নাম আছে আৰু সেই নামটোৱে সেই সমাজৰ প্রচলিত সংস্কৃতিক প্রতিফলিত‘কৰে।”

সমাজৰ বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল–

(ক) ব্যক্তিৰ সমষ্টি :- ব্যক্তি সমাজ গঠনৰ প্ৰাথমিক উপাদান। সেয়ে ব্যক্তিৰ সমষ্টি সমাজৰ আটাইতকৈ লেখত ল’বলগীয়৷ বৈশিষ্ট্য। ব্যক্তিৰ অবিহনে সমাজ নহয়। যিদৰে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক লৈ শৈক্ষিক অনুষ্ঠান গঢ়ি উঠে ঠিক একেদৰে ব্যক্তিয়ে সমাজ গঠন কৰে।

(খ) সামাজিক সম্বন্ধ :- পসমাজৰ আন এক বৈশিষ্ট্য হৈছে সামাজিক সম্বন্ধৰ উপস্থিতি। মেক আইভাৰ আৰু পেজৰ মতে  সামাজিক সম্বন্ধৰ জটিলতাই সমাজ সৃষ্টি কৰে। তদুপৰি সমাজৰ প্রকৃতিয়ে সম্বন্ধক সহজ অথবা জটিল কৰি তোলা দেখা যায়। পৌৰাণিক সমাজ বা কৃষিভিত্তিক সমাজত সহজ সৰল সম্বন্ধ পোৱাৰ বিপৰীতে আধুনিক ঔদ্যোগিক সমাজ জটিল প্ৰকাৰৰ সম্বন্ধৰ উৎকৃষ্ট উদাহৰণ।

(গ) অমূৰ্ত্ত :- সমাজ অমূৰ্ত প্রকৃতিৰ । অৰ্থাৎ ই দৃশ্যমান নহয়। সমাজক আমি খালি চকুৰে নেদেখো যদিও ইয়াৰ অস্বিত্বক বুজি পাঁও। সমাজৰ অস্তিত্বক মানুহ, ঘৰ-দুৱাৰ, আচাৰ বাৱহাৰ, নীতি নিয়ম ইত্যাদিৰ ৰূপত বুজা যায়। গিছেনছে এইক্ষেত্ৰত অতি সঠিকতাৱে মন্তব্য কৰিছে যে সমাজ এক মনোবৈজ্ঞানিক ধাৰনা। ই হৈছে যোগাযোগৰ এক মাধ্যম।

( ঘ) সাদৃশ্যতা আৰু বৈ-সাদৃশ্যতা :- সমাজ সাদৃশ্যতা আৰু বৈ-সাদৃশ্যতাৰে পৰিপূৰ্ণ। মানুহৰ শাৰীৰিক গঠন, প্রতিমান। মূল্যবোধ, সম্বন্ধ, ক্ৰিয়া, আনতঃক্রিয়া, প্রথা, পৰস্পৰা, ঘৰ-দুৱাৰৰ আৰ্হি ইত্যাদিবোৰ ৰূপত সমাজৰ সাদৃশ্যতা আৰু বৈ-সাদৃশ্যতা প্রকাশ পায়।

(ঙ) পাৰম্পৰিক নিৰ্ভৰশীলতা :- সামাজিক সম্বন্ধৰ জালগীথনিৰে বসবাস কৰি থকা ব্যক্তিসকলৰ প্রধান ভিত্তিহ’ল পাৰস্পৰিক নিৰ্ভৰশীলতা। এজন ব্যক্তি অকলশৰীয়াকৈ কেতিয়াও জীয়াই থাকিব নোৱাৰে বাবেই ৰাজনীতি বিজ্ঞানৰ পিতৃ এৰিষ্টলে ‘মানুহ সামাজিক প্রাণী” বুলি কৈছিল। সামাজিক প্রাণী হ’বলৈ হ’লে সমাজত সমূহ পাতি বাস কৰিব লাগিব। পাৰস্পৰিক নিৰ্ভৰশীলতাই নতুন সম্বন্ধ সৃষ্টিত সহায় কৰাৰ লগতে প্রচলিত সদ্বন্ধক ধৰি ৰখাতো সহায় কৰে।

(চ) বিশ্বজনীনত :- সমাজৰ আন এক বৈশিষ্ট হৈছেই ববিশ্বজনীন। প্রকৃতিৰ সমগ্ৰ পৃথিৱীজুৰি সমাজ ব্যৱস্থাৰ প্রচলন আছে৷ সমাজবিহীন দেশৰ অন্তিত্ব বিৰল। অৱশ্যে দেশভেদে সমাজৰ প্রকৃতি, স্বৰূপ ইত্যাদিবোৰত ভিন্নতা থাকিলেও সমাজ গোলকৰ সকলো বিন্দুতেই পোৱা যায়। 

(ছ) সংস্কৃতি :- প্ৰত্যেক সমাজৰেই নিজৰ ধৰ্মীয় আৰু সামাজিক সংস্কৃতি আছে। সংস্কৃতিয়ে এখন সমাজৰ পৰিচয় বহন কৰাৰ লগতে আনটোৰ পৰা পৃথকো কৰে। সংস্কৃতিয়ে সমাজৰ সদস্যসকলৰবসামাজিকীকৰণ আৰু ব্যক্তিত্ব গঠনতো সহায় কৰে। উদাহৰণস্বৰূপে ৱিহুৱে অসমীয়া সমাজক প্রতিনিধিত্ব কৰাৰ বিপৰীতে ভাংৰাই পাঞ্জাবী সমাজক বুজায়।

(জ) নিৰ্দিষ্ট নাম :- সমাজৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ এটা নাম আছে যিটোৱে ইয়াক আনৰ পৰা পৃথক কৰে। এখন সমাজৰ নামৰ পৰাই তাৰ বিষয়ে এক আভাস পাব পাৰি। উদাহৰণস্বৰূপে অসমীয়া সমাজ, বেংগলী সমাজ, মাৰাঠী সমাজ, তামিল সমাজ, আমেৰিকান সমাজ, চীনা সমাজ, আফ্ৰিকান সমাজ ইত্যাদি।

(ঝ) ভৌগৌলিক অঞ্চল :- নিৰ্দিষ্ট ভৌগোলিক অঞ্চল সমাজৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। প্ৰত্যেক সমাজেই এক নিৰ্দিষ্ট ভূ-খণ্ড অধিকাৰ কৰি থাকে। সমাজৰ নামেই ইয়াৰ ভৌগোলিক অৱস্থিতিক সুচায়। ভাৰতীয় সমাজ বুলি কোৱাৰ লগে লগে ভাৰতৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা ব্যক্তিৰ সমষ্টিক বুজায়।

(ঞ) সামাজিক পৰিৱৰ্তন :- সমাজৰ আন এক বৈশিষ্ট্য হৈছেই পৰিৱৰ্তনশীল। সমাজ এক স্থবিৰ ধাৰণা নহয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজৰো| পৰিৱৰ্তন হয়। সমাজৰ অন্তর্গত বিভিন্ন উপাদান, যেনে- আচাৰ-ব্যৱহাৰ,নীতি-নিয়ম, ঘৰ-দুৱাৰ, খাদ্যাভাস, সাজ-পাৰ, প্ৰথা- পৰম্পৰা ইত্যাদিবোৰৰ পৰিবৰ্তন হোৱাটো স্বাভাৱিক পৰিঘটনা।

(ট) সামাজিক স্তৰীকৰণ :- ভৰীকৰণৰ উপস্থিতি সমাজৰ আন এক বৈশিষ্ট্য। সমাজত ব্যক্তিসকলৰ স্থান আৰু মান সমান নহয় বৰঞ্চ আদিম অৱস্থাৰ পৰাই ইয়াক অসমানভাৱে বিতৰণ কৰি অহা হৈছে। ৰজা-প্ৰজা, শাসক-শাসিক, চৰকাৰ-নাগৰিক, ধনী-দুখীয়া, সম্ভ্ৰান্ত: সাধাৰণ ইত্যাদিবোৰৰ ৰূপত সমাজৰ স্তৰিকৃতি স্বৰূপ প্রতিফলিত হয়।

(ঠ) গতিশীলতা :- স্তৰীকৰণৰ সৈতে জড়িত সমাজৰ আন এক বৈশিষ্ট্য হৈছে ইয়াৰ গতিশীল প্রকৃতি। গতিশীলতাই স্থান আৰু মানৰ সলনিকৰণক বুজায়। চৰকাৰ-নাগৰিক, ধনী-দুখীয়া, উচ্চ নিম্ন ইত্যাদিবোৰ হৈছে আপেক্ষিক অৱধাৰণ|। আপেক্ষিকতাই গতিশীলতাৰ সম্ভাৱনাক সুচায়। অৱশ্যে এই গতিশীলতাৰ মাত্ৰা শ্ৰেণীভিত্তিক সমাজত মুক্ত প্রকৃতিৰ আৰু জাতিভিত্তিক সমাজত ৷ বন্ধ প্ৰকৃতিৰ হোৱা দেখা যায়।

(ড) সহযোগিতা আৰু শ্ৰমবিভাজন :- মাণুহৰ মাজত থকা সহযোগিতা আৰু শ্রম-বিভাজনৰ পদ্ধতি সমাজৰ আন এক বৈশিষ্ট্য। পৌৰাণিক সমাজত বয়স আৰু লিংগৰ ওপৰত ভিত্তি কৰি শ্ৰমবিভাজন কৰা হৈছিল। ইমাইল দুৰখেইমৰ লিখনিটো এই কথ৷ পোৱা যায়। কিন্ত বৰ্তমানৰ সমাজ ব্যৱস্থাত বিভিন্ন কাৰকে শ্ৰমবিভাজনত প্রভাৱ পেলাইছে যাৰ পৰিণতিত ই জটিল প্রকৃতিৰ হৈছে। এনে জটিলতাতো সহযোগিতা আছে।

(ঢ) স্থায়ী প্ৰকৃতিৰ :- যদিওবা সমাজ গতিশীল আৰু পৰিৱৰ্তনশীল তথাপিও স্থায়িত্ব ইয়াৰ এক অন্যতম বৈশিষ্ট৷ জন্ম আৰু মৃত্যু, প্ৰবজন, ভৌগোলিক অঞ্চল, সংস্কৃতি ইত্যাদিবোৰে সমাজক স্থায়িত্বতা প্রদান কৰে। 

২। সমাজৰ প্রধান উপাদান সমূহ কি কি?

উত্তৰঃ সমাজৰ প্রধান উপাদান সমূহ হ’ল-

(ক) বাক্তিৰ সমষ্টি।

(খ) ক্ৰিয়া আৰু আন্তঃক্ৰিয়া।

(গ) ক্ৰিয়া আৰু আন্তঃক্ৰিয়া।

(ঘ) সংস্কৃতি।

(৬) স্তৰীকৰণ ব্যৱস্থা।

(চ) নিয়ন্ত্ৰণ পদ্ধতি।

(ছ) শ্রমবিভাজন।

(জ) এক নিৰ্দিষ্ট নাম।

(বা) গতিশীলতাৰ অৱস্থিতি।

(ঞ) নীতি-নিয়মকে ধৰি প্ৰতিমান আৰু মুল্যবোধ।

৩। সম্প্ৰদায়ৰ সংজ্ঞা আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সমাজত সঘনাই ব্যৱহৃত হোৱা আন এটা অৱধাৰনা , হৈছে সম্প্ৰদায় বা সমুদায়। মানুহ যিহেতু সামাজিক প্রাণী সেয়ে সমূহ গাতি বসবাস কৰাৰ প্রৱণতাৰ বাবে এজন মানুহ অকলশৰীয়াকৈ থাকিব পাৰে বুলি ধৰিব নোৱাৰি। এইদৰে এজন ব্যক্তি আন দহজনৰ সৈতে বিভিন্ন কাৰণবশতঃ মিলামিছা কৰি থাকে যাৰ দ্বাৰা সমূহৰ সৃষ্টি হয়। তেওঁলোকৰ মাজত স্বাভাৱিকভা্ সামাজিক সাদৃশ্যতা, উমৈহতীয়া সামাজিক ধাৰণা, পৰম্পৰা আৰু একতাৰ ভাব গঢ় লৈ উঠে। সামাজিক জীৱন-নিৰ্বাহ প্ৰণালীৰ এই সত্য আৰু উমৈহতীয়া উপাদানেই সম্প্ৰদায়ৰ জন্ম দিলে। সাধাৰণতে এক নিৰ্দিষ্ট অঞ্চলত পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু ‘আমি-ভাৱেৰে’ একগোট হৈ থকা ব্যক্তিৰ সমষ্টিয়ে সম্প্ৰদায় গঠন কৰে। তলত কেইটামান সংজ্ঞা আগবঢ়োৱা হল।

কিংছ্‌লি ডেভিচৰ মতে,“সম্প্ৰদায় হৈছে জীৱনৰ সকলোবোৰ দিশ সামৰি লোৱা আটাইতকৈ সৰু ভৌগোলিক সমূহ”বগাৰদাছৰ মতে,“সন্প্ৰদায় হৈছে নিৰ্দিষ্ট অঞ্চলত ‘আমি ভাৱেৰে’ বসবাস কৰা এক সামাজিক সমূহ।”

আগবাৰ্ণ আৰু নিমকফৰ মতে, “সম্প্ৰদায় হৈছে ” নিদিষ্ট অঞ্চলৰ সৈতে সামাজিক জীৱনৰ সম্পূৰ্ণ সংগঠন ৷”

আৰ্ণল্ড গ্ৰীণৰ মতে,“সম্প্ৰদায় হৈছে এডোখৰ লগ-লাগি থকা সৰু অঞ্চলত বাস কৰা ব্যক্তিৰ সমূহ, যিসকলে উমৈহতীয়া জীৱন- যাপন কৰে।”

এইচ. টি. মজুমদাৰ Grammar of sociology “ত সম্প্ৰদায়ৰ সংজ্ঞা এইদৰে আগবঢ়াইছে–

“অঞ্চলৰ পৰিসৰ বা ৰাষ্ট্ৰ চাৰিসীমা ভেদে এক নিৰ্দিষ্ট অঞ্চলত উমৈহতীয়া জীৱন-নিৰ্বাহৰ বাবে সহানুভূতিশীলতাৰে অৰ্ততভুক্ত হোৱ গোটেই সমূহে সম্প্ৰদায় গঠন কৰে।”

সম্প্ৰদায়ৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল–

(ক) সম্প্ৰদায়ৰ প্রধান বৈশিষ্ট্য হৈছে ব্যক্তিৰ সমূহৰ উপস্থিতি৷ এজন ব্যক্তিয়ে অকলে সম্প্ৰদায়ৰ সৃষ্টি নকৰে। ব্যক্তিৰ সমষ্টিয়েহ সম্প্ৰদায়ক গঢ় দিয়ে।

(খ) ইয়াত দ্বিতীয় বৈশিষ্ট্য হৈছে নিৰ্দিষ্ট অঞ্চলত উপস্থিত ব্যক্তিৰ সমষ্টিয়ে এক ভৌগোলিক এলেকাত বসবাস কৰাৰ ফলতহে সম্প্ৰদায়ৰ সৃষ্টি হয়।

(গ) ‘আমি ভাৱ’ ইয়াৰ আন এক উল্লেখযোগ্য চৰিত্ৰ। ই ব্যক্তিসকলৰ মাজত একতা অনাৰ লগতে সম্বন্ধবোৰক ওচৰ চপাই আনে।

(ঘ) প্রত্যেক সম্প্ৰদায়ৰে একোটা নাম থাকে।

(ঙ) সম্প্ৰদায়ত সাধাৰণতে সাদৃশ্যতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। নীতি-নিয়ম, খোৱা-বোৱা, ৰীতি-নীতি, সংস্কৃতি-প্ৰথা ইত্যাদিবোৰত এই সাদৃশ্যতা ফুটি উঠে।

(চ) একোটা সম্প্ৰদায়ৰ মাজত সামাজিক স্তৰীকৰণ, গতিশীলতা, পৰিৱৰ্তন, সহযোগিতা এই সকলোবোৰ পোৱা যায়।

(ছ) এটা সম্প্ৰদায়ৰ অন্তৰ্গত ব্যক্তিসকলৰ জীৱন-শৈলী, ঘৰ-দুৱাৰৰ আৰ্হি ইত্যাদিবোৰত অনুৰূপতা প্ৰতিফলিত হয়।

(জ) সমাজৰ তুলনাত ইয়াৰ আকাৰ আৰু জনসংখ্যা কম।

৪। সমাজ মানুহৰ বাবে কিমান প্ৰয়োজন বহলাই আলোচনা কৰা।

উত্তৰঃ সমাজ মানুহৰ বাবে কিমান প্ৰয়োজন তলত আলোচনা কৰা হল-

(ক) যিহেতু মানুহ এক নিৰ্জন দ্বীপত অকলশৰীয়াকৈ বাস কৰিব নোৱাৰে বৰঞ্চ ই গোট পাতি সমূহৰ ৰূপতহে জীৱন-নিৰ্বাহ কৰে, সেয়ে সুষম জীৱন-যাপনৰ দৃষ্টিভংগীৰ পৰা সমাজৰ প্ৰয়োজনীয়তা আছে।

(খ) এটি শিশুৰ লালন-পালন আৰু ব্যক্তিত্ব গঠনত সামাজিকীকৰণৰ অৱদানক কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰি৷ সামাজিকীকৰণ হ’ল সমাজ স্বীকৃত নীতি-নিয়মক শিক্ষা দিয়া প্রক্ৰিয়া সমাজ অবিহনে এই সকলোবোৰ অৰ্থহীন হৈ পৰে। সেয়ে ব্যক্তিৰ বাবে সমাজৰ প্রয়োজনীয়তা আছে।

(গ) মেক আইভাৰ আৰু পেজৰ মতে সমাজ সামাজিক সম্বন্ধৰ জালগাথনিস্বৰূপ। এই দৃষ্টিভংগীৰ ফালৰ পৰাও সমাজৰ প্রয়োজনীয়তা স্পষ্ট হয়। সম্বন্ধবোৰক শৃংখলিত ৰূপত পৰিচালনা কৰা অথবা সৃষ্টি কৰা কাৰ্য সমাজতে হয়, নিৰ্জন দ্বীপত নহয়।

(ঘ) মানুহৰ সকলো ধৰণৰ ক্ৰিয়া আৰু আন্তঃক্ৰিয়া অথবা আচাৰ-ব্যৱহাৰ মূল্য সমাজে প্রদান কৰে। সমাজক আওকাণ কৰি আমি (কোনে| ধৰণৰ কাম, ব্যৱহাৰ, ক্ৰিয়া কৰিব নোৱাৰো। হাবিৰ মাজত সোমাই মদ্যপান কৰা কাৰ্য আৰু গাঁও বা চহৰৰ মাজ মজিয়াত থিয় হৈ মদ্যপান কৰ কাৰ্যৰ ফলস্ফৰূপে হোৱা প্ৰতিক্ৰিয়াৰ পাৰ্থকালৈ চালেই সমাজৰ প্রয়োজনীয়তাক উপলব্ধি কৰিব পাৰি৷

(ঙ) এক শৃংখলিত ৰূপত পাৰস্পৰিক সহযোগিতা আৰু নিৰ্ভৰশীলতাৰে জীৱন-যাপন কৰিবলৈ সমাজৰ প্রয়োজনীয়তা আছে।

(চ) সংস্কৃতিয়ে আমাক সভ্য কৰি তোলে, মানুহ হিচাপে গঢ় দিয়াত সংস্কৃতিৰ ভূমিকা অনস্বীকাৰ্য । সভ্য অসভ্যৰ বিচাৰ বা পাৰ্থক্য সামাজিক কাঠমোৰ ভিতৰত কৰা হয়, মৰুভূমিত নহয়। সমাজ নহ’লে এই সকলোবোৰ অৰ্থহীন হৈ পৰিব।

(ছ) শিক্ষা, অথনীতি,ৰাজনীতি, ধৰ্ম, নৈতিকতা ইত্যাদিবোৰৰ গুৰ্থ সমাজতহে নিৰ্ণয় কৰা হয়। আমি আহৰণ কৰা শিক্ষা,জীৱন- যাপনৰ বাবে প্ৰয়োজন হোৱা অৰ্থ, আমি শাসিত হৈ থকা ৰাজনৈতিক ব্যৱস্থা আৰু ধৰ্ম আৰু নৈতিকতাৰ তাৎপৰ্য, অৰ্থ, গুৰুত্ব সমাজৰ লগত জড়িত হৈ আছে। সমাজ নহ’লে এই সকলোবোৰৰ অস্তিত্ব নোহোৱা হ’ব। 

৫। সমাজ আৰু সম্প্ৰদায়ৰ মাজত পাৰ্থক্য লিখা। 

উত্তৰঃ সমাজ আৰু সম্প্ৰদায়ৰ মাজত পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ’ল-

(ক) সমাজ সাধাৰণতে সামাজিক সম্বন্ধৰ ওপৰত নিৰ্ভৰশীল। আনহাতে সম্প্ৰদায়ৰ ক্ষেত্ৰত ‘আমি ভাৱৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

(খ) সমাজৰ পৰিসৰ ব্যাপক। আনহাতে সম্প্ৰদায়ৰ পৰিসৰ সমাজৰ তুলনাত ঠেক।

(গ) সমাজৰ ক্ষেত্রত সাদৃশ্যত৷ আৰু বৈ-সাদৃশ্যত| পোৱা যায়। আনহাতে সম্প্ৰদায়ে সদায় সাদৃশ্যতাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰে।

(ঘ) সমাজৰ ভৌগোলিক এলেকা ব্যাপক আৰু জনসংখ্যা বেছি। আনহাতে সম্প্ৰদায়ৰ ভৌগৌলিক এলেকা সীমাৱদ্ধ বা ঠেক আৰু জনসংখ্যাও কম।

(ঙ)  সম্বন্ধৰ জটিল যোগসূত্ৰই সমাজ সৃষ্টি কৰে। আনহাতে সম্প্ৰদায় সৃষ্টি হয় ব্যক্তিৰদ্বাৰা।

(চ) এখন সমাজৰ ভিতৰত এটাতকৈ অধিক সম্প্ৰদায় অন্তৰ্ভুক্ত হৈ থাকে। কিন্তু সম্প্ৰদায়ত এইবোৰৰ মাত্ৰা আৰু ধাৰা সংকুচিত।

(ছ) সমাজ অমূৰ্ত্ত। সম্প্ৰদায় মূৰ্ত্ত

৬। সংস্থাৰ সমাজতাত্ত্বিক ব্যাখ্যা দিয়া আৰু বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা।

উত্তৰঃ মেক আইভাৰ আৰু পেজৰ মতে ‘ব্যক্তিয়ে ইচ্ছানুযায়ী সংগঠিত হৈ যি সমূহ আৰু সংগঠনৰ জন্ম দিয়ে; সেই সমূহ আৰু সংগঠনকে সংস্থা বুলি ক’ব পাৰি।”

আৰ্ণল্ড গ্ৰীণৰ মতে,“সমাজত প্রচলিত জনৰীতি আৰু লোকাচাৰসমূহ একেলগে সংমিশ্ৰিত হৈ সামাজিক কাৰ্য্য সমাধ৷ কৰে তাকে সংস্থা বুলি কোৱা হয়।”

বগাৰদাছৰ মতে “সামাজিক সংস্থা হৈছে সমাজৰ এক সংগঠন, যি ব্যক্তিৰ আৱশ্যক পূৰণৰ বাবে সংগঠিত হয়।”

ছামনাৰ মতে, “সংস্থা সমাজৰ প্রাথমিক অৱধাৰণা আৰু সংস্থা গঠন হ’বলৈ সদায়েই সংৰচনাৰ প্রয়োজন হয়।”

সংস্থাৰ প্ৰধান উদ্দেশ্য হৈছে ইয়াত অন্তৰ্ভুক্ত সদস্য সকলে যি উদ্দেশ্য লৈ সংস্থাটো গঠন কৰিছে তাক বাস্তৱত ৰূপায়িত কৰা। উদাহৰণস্বৰূপে- ৰাজনৈতিক দল, খেলাৰ সমিতি।

সংস্থাৰ প্রধান বৈশিষ্ট্যসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল-

(ক) প্ৰত্যেক সামাজিক সংস্থাৰেই কিছুমান উমৈহতীয়া স্বাৰ্থ আছে। সেয়ে ই সামাজিক প্ৰকৃতিৰ। উদাহৰণস্বৰূপে পৰিয়ালে ইয়াৰ সকলো সদস্যৰ সৰ্বাংগীণ উন্নতিৰ বাবে বজাই ৰাখে৷

(খ) সামাজিক সংস্থা বিশ্বজনীন প্ৰকৃতিৰ। পৰিয়াল, বিবাহ, ধৰ্ম, শিক্ষা, ৰাজনীতি ইত্যাদিবোৰ পৃথিৱীৰ সকলো সমাজতেই পোৱা যায়। অৱশ্যে এইবোৰৰ প্রকাৰৰ মাজত তাৰতম্য আছে

(গ) সংস্থাবোৰ অমূৰ্ত্ত প্ৰকৃতিৰ এইবোৰক দেখা নাযায়। এইবোৰ অদৃশ্যমান যদিও আমি ইহঁতৰ ৰূপ আৰু অস্তিত্বক মানসিকভাৱে বুজি পাঁও। সেয়ে এইবোৰৰ নীতি-নিয়ম আমি মানি চলো।

(ঘ) সংস্থাৰ আন এক বৈশিষ্ট্য হৈছে স্থায়ীত্ব। এইবোৰ অতীতৰে পৰা আমাৰ সমাজত চলি আছে আৰু চলি থাকিব। পৰবৰ্তীত সময়ত পৰিস্থিতিৰ সৈতে খাপ খাবৰ বাবে এইবোৰৰ পৰিৱৰ্তন হয় যদিও ইয়াৰ মূল প্ৰতিৰূপ আৰু অজ্তিত্ব বোৱতী নদীৰ দৰেই চিৰবৰ্তমান।

(ঙ) সামজিক সংস্থা সৃষ্টিকৃত নহয় বৰঞ্চ আপোনা-আপুনি উদ্ভাসিত। এক বিৱৰ্তন প্রক্ৰিয়াৰ যোগেদি সংস্থাসমূহ মানৱ সভ্যতা চামিল হৈছে। সেয়ে ইয়াৰ উৎপত্তিৰ বিষয়ে সঠিককৈ ক’ব নোৱাৰি৷ কোন তাৰিখৰ পৰা পৰিয়ালৰ কেতিয়াৰ পৰা বিবাহৰ প্ৰচলন হ’ল তাক নদি ক’ব নোৱাৰি।

(চ) ইয়াৰ সদস্যতা স্ফতস্ফুৰ্ত ভাৱে হয়। সংগঠন বা ক্লাব অথবা ৰাজনৈতিক দলৰ দৰে ইয়াৰ সদস্যতাৰ বাবে কোনো অৰ্হতা বা যোগ্যতা নালাগে। ইয়াৰ সদস্য বাবে কোনো ইয়াৰ সদস্যতাৰ বাবে কোনো ধৰণৰ প্ৰ- পত্ৰও পূৰণ কৰিব নালাগে। এটি শিশু জন্মৰ লগে লগে| সেই পৰিয়ালে গ্ৰহণ কৰা ধৰ্মৰ  সদস্যপদ আপোনা-আপুনি পায়। অৱশ্যে বিবাহ,শিক্ষা, নীতি-নিয়ম আদিৰ দৰে সংস্থাৰ সদস্যপদ নাথাকে। 

(ছ) সংস্থা প্ৰধানত অলিখিত। পৰিয়ালত কোনে কি কাম কৰিব তাৰ লিখিত ৰূপ নাথাকে। বিবাহৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব অথবা ধৰ্মীয় উৎসৱৰ বেলিকা কোনে কি কাম কৰিব তাৰ বাবে লিখিত নীতি-নিয়ম নাথাকে। 

(জ) সামাজিক সংস্থাসমূহ পাৰস্পৰিক আন্ত:সম্পর্কযুক্ত। বিবাহে পৰিয়াল গঠন কৰে। কিন্তু স্বজন সমূহৰ মাজত বিবাহ নিষেধ। তদুপৰি বিবাহত ধৰ্মীয় কিছুমান নীতি-নিয়ম পালন কৰা হয়। ।

৭। সংস্থাৰ কাৰ্যসমূহৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ সামাজিক সংস্থাৰ তাৎপৰ্য বা গুৰুক ইয়াৰ কাৰ্যত নিহিত হৈ আছে। এইবিষয়ে তলত আলোচন| কৰা হ’ল-

(ক) সামাজিক সংস্থাই ব্যক্তিৰ প্রাথমিক প্রয়োজনীয়তাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত ক্ৰিয়া কৰে। এই প্রয়োজনীয়তাসমূহ হ’ল অন্ন, বস্তু আৰু বাসস্থানৰ প্রয়োজনীয়তা, আত্ম- সুৰক্ষা, ব্যক্তিত্ব গঠন, শিক্ষা গ্ৰহণ ইত্যাদিৰ দৰে প্রয়োজনীতা সমূহ পূৰণ কৰাৰ ক্ষেত্ৰত পৰিয়াল, ধৰ্ম, অর্থনীতি, শিক্ষা আদিৰ গুৰুত্ব অপৰিসীম।

(খ) সংস্থাই ব্যক্তিৰ সামাজিক আচৰণক নিয়ন্ত্ৰণ কৰে। ব্যক্তিৰ আচৰণ প্ৰণালীক ই সামাজিকৃত কৰে। পৰিয়ালে সদস্যসকলৰ প্ৰতিমানৰ ৰূপত আচৰণ কৰিবলৈ শিকায়।বিবাহে সমাজত ব্যক্তিৰ যৌন আচৰণক নয়ন্ত্ৰণ কৰে। ধৰ্মই বিয়োগাত্মক কৰা চিন্তা আৰু কাৰ্যৰ সংস্কাৰ সাধন কৰে।

(গ) তৃতীয়তে সংস্থাই সমাজত শান্তি আৰু শৃংখলা অটুট ৰখাত সহায় কৰে। যিহেতু সংস্থাই ব্যক্তিৰ আচৰণক নিয়ন্ত্রণ কৰে সেয়ে ই সমাজত শৃংখলা বজাই ৰখাত সহায় কৰে। 

(ঘ) সংস্থাই সমাজত এজন ব্যক্তিৰ স্থান আৰু ভূমিকা নিৰূপণত সহার় কৰে। উদাহৰণস্বৰূপে হিন্দু সমাজত বৈবাহিক জীৱনৰ ওপৰত্‌ অধিক গুৰুত্ব দিয়া হয় কাৰণ ইয়াৰ লগত মোক্ষ লাভৰ প্ৰসংগ জড়িত হৈ আছে। সেয়ে বিবাহিত দম্পতীক হিন্দু সমাজত সদায়েই উচ্চ স্থান দিয়া হয় আৰু লগতে বিবাহিত জীৱনত পালন কৰিবলগা ভূমিকাসমূহ নিৰ্ধাৰণ কৰে।

(ঙ) সংস্থাই সমাজৰ সুস্থিৰতা বৰ্তাই ৰখাত সহায় কৰে। মেক আইভাৰৰ মতে সংস্থাই আগৰ প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ সংস্কৃতিক হস্তান্তৰিত কৰে যিয়ে সমাজৰ ধাৰাবাহিকতা ৰক্ষা কৰাত যথেষ্ট, সহায় কৰে। তদুপৰি সমাজতনত্বৰ পিতৃ আগষ্ট কটেও সমাজৰ স্থায়ী ৰূপটোক অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দিছে।

৮। সমিতি আৰু সংস্থা বুলিলে কি বুজা? সমিতিৰ প্রধান বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ সমাজতত্বত বহলভাৱে ব্যৱহৃত আন এটি গুৰুত্বপূৰ্ণ অৱধাৰণা হ’ল সমিতি বা সন্থা। সমিতি হ’ল দুই বা ততোধিক ব্যক্তিয়ে কোনো এক বা একাধিক উদ্দেশ্য সাধনৰ বাবে ইচ্ছাকৃতভাৱে গঢ়ি লোৱা ব্যক্তিৰ সমূহ। এনে সমূহে নিজা কাৰ্য পালনৰ বাবে নীতি-নিয়ম প্রস্তুত কৰি লয়।

মেক আইভাৰ আৰু পেজৰ মতে, “সমিতি হৈছে এক বা একাধিক উদ্দেশ্য পূৰণৰ বাবে ইচ্ছাকৃতভাৰে গঠন কৰা সমভাব সম্পন্ন সদস্যৰ সংগঠন”

বগাৰদাচৰ মতে, “সমিতি হৈছে কোনো উদ্দেশ্য পূৰণৰ বাবে একেলগে কৰ্মৰত ব্যক্তিৰসমূহ।”

এইদৰে আমি সমিতি বুলি ক’লে ব্যক্তিৰৰ সমষ্টিক বুজো যিটো কোনো এক বা একাধিক স্বার্থ পূৰণৰ বাবে গঠিত হয়। মানৱ সমাজত অজস্ৰ সমিতিৰ অভিত্ব পোৱা যায়। 

সমিতিৰ প্রধান বৈশিষ্ট্যসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) প্ৰত্যেক সমিতিৰেই একোটা বিশেষীকৃত লক্ষ্য থাকে। এনে লক্ষ্য পূৰণ কৰাৰ বাবেই ব্যক্তিসকল একত্ৰিত হয়। সেৱে ইয়াক বহুতে ইচ্ছাকৃতভাৱে সৃষ্টি কৰা ব্যক্তিৰ সংগঠন বুলি কয়।

(খ) সমিতিৰ আন এক বৈশিষ্ট্য হ’ল ই ব্যক্তিৰ সমূহৰ দ্বাৰা সৃষ্টি হয়। স্থিৰকৃত লক্ষ্য সাধনৰ বাবে দুই বা তাতোধিক ব্যক্তি একগোট হৈ সমিতি গঠন কৰে। শিক্ষক সমিতি, ছাত্ৰ সমিতি, ব্যৱসায়িক সমিতি ইত্যাদিবোৰ গঠনৰ অন্তৰালতেই ব্যক্তিৰ সমষ্টিৰ উপস্থিতিক বুজিব পাৰি।

(গ) সমিতি সদায়েই লিখিত নীতি-নিয়মৰ মাজেদি পৰিচিত হয়। নিজৰ উদ্দেশ্য পূৰণৰ বাবে সমিতিসমূহে নীতি-নির়মসনূহ তৈয়াৰ কৰে আৰু প্ৰতিজন পদবীধাৰীয়েই সেই নিরমৰ মাজত থাকি কাম কৰে।

(ঘ) সমিতি মানুহৰ ইচ্ছাকৃত সৃষ্টি । অতি সচেতনতাৰে কোনো উদ্দেশ্য পূৰণৰ বাবে সমিতিসমূহ সৃষ্টি কৰা হয়। ই সামাজিক সংস্থাৰ দৰে বিৱৰ্তনৰ জৰিয়তে সৃষ্টি হোৱা নহয়।

(ঙ)  সমিতিৰ নিজস্ব কিছুমান প্ৰতীক আছে। এই প্রতীকসমূহ সমিতিভেদে পৃথক পৃথক হয়। উদাহৰণস্বৰূপে ৰটাৰী ক্লাবৰ প্ৰতীকৰ সৈতে আছুৰ প্ৰতীকৰ পার্থক্য আছে৷ অথচ প্ৰতীক দুয়োটাৰে আছে। 

(চ) সমিতিৰ সদস্য পদৰ বাবে কিছুমান অৰ্হতাৰ প্রয়োজন। সমিতিভেদে প্রয়োজন হোৱা অৰ্হতাৰ মাত্ৰা বেলেগ বেলেগ। শিক্ষক সন্থাৰ সদস্য হ’বলৈ হ’লে শিক্ষক হ’ব লাগিব, ছাত্ৰ সন্থাৰ সদস্য হ’বলৈ হ’লে ছাত্ৰ হ’ব লাগিব ইত্যাদি। অৱশ্যে ছাত্ৰ সন্থাৰ সদস্য এজন ভবিষ্যতে শিক্ষক সন্থাৰ সদস্য হ’ব পাৰে যদিহে তেওঁ শিক্ষক পদত নিয়োজিত হয়, কিন্তু বিপৰীতাত্মক অসম্ভৱ।

(ছ) সমিতিৰ আন এক বৈশিষ্ট্য হৈছেই স্থায়ী প্রকৃতিৰো হ’ব পাৰে অথবা অস্থায়ী প্রকৃতিৰো হ’ব পাৰে। নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পিছত সমিতি ভংগ হৈ যাবও পাৰে অথবা নতুন উদ্দেশ্য স্থিৰ কৰি লৈ চলি থাকিবও পাৰে।

(জ) প্ৰত্যেক সমিতিৰেই কিছুমান স্থাৱৰ বা অস্থাৰৰ সম্পত্তি থাকে। সমিতিৰ চকী-মেজ, আলমিৰা,কম্পিউটাৰ,চীল-মোহৰ, ঘৰ, মাটি ইত্যাদি থকা দেখা যায়। তদুপৰি বছ সমিতিয়ে বেংকত টকা-পইচা জমা ৰাখিবৰ বাবে বেংক একাউণ্ট খোলে।

(ঝ) সমিতিৰ একোটা নাম থাকে। নামেই সেই সমিতিৰ উদ্দেশ্য বা কাৰ্যকলাপৰ অৰ্থ বহন কৰে; যেনে,মহিলা কল্যাণ সমিতি, শ্রমিক কল্যাণ সমিতি ইত্যাদি। 

(ঞ) সমিতিৰ আন এক চৰিত্ৰ হ’ল ইয়াৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজা-বুজি আৰু সহযোগিতা থাকে। ই সমিতিৰ কাৰ্যকলাপত সংহতি অনাৰ লগতে সুচাৰুৰূপে পৰিচালিত হোৱাৰ ক্ষেত্ৰত সহায় কৰে।

(ট) সমিতি আকাৰত সৰু অথবা ডাঙৰ হ’ব পাৰে। সাধাৰণতে গাঁৱৰ ক্লাবৰ দৰে সৰু সমিতিবোৰত সদস্যসকলে ইজনে আনজনক চিনি পায় আৰু মুখামুখি সম্পৰ্ক থাকে। কিন্তু ৰটাৰী ক্লাব বা লায়ল ক্লাবৰ দৰে ডাঙৰ সমিতিসমূহত সকলো সদস্যসকল মাজত পাৰস্পৰিক আন্তক্ৰিয়া নহ’বও পাৰে। এনে সমিতিৰ প্রধান বিষয়ববীয়াসকলে তৃণমূল পৰ্যায়ৰ সদস্যসকলক চিনি নাপাবও পাৰে।

(ঠ) প্ৰত্যেক সমিতিতেই কামৰ বিভাজন থকাৰ লগতে পদৰীৰ সংস্তৰণ ব্যৱস্থা থকা দেখা যায়। প্রত্যেক সমিতিতেই পদসমূহক অসমানভাৱে ভাগ কৰা৷ হয় আৰু পদ অনুসৰি অধিষ্ঠিত ব্যক্তিসকলৰ কামো বেলেগ বেলেগ হয়।

৯। সংস্থা আৰু সমিতিৰ মাজৰ পাৰ্থক্যবোৰ আলোচনা কৰা।

উত্তৰঃ সংস্থা আৰু সমিতিৰ মাজৰ পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ’ল-

(ক) সংস্থা বিৱৰ্তনৰ ফলস্বৰূপে গঢ় লৈ উঠিছে। কিন্তু সমিতি মানুহৰদ্বাৰা সৃষ্ট।

(খ) সংস্থা হৈছে প্রতিমান, নীতি নিয়ম, পৰম্পৰা আদিৰ সমষ্টি কিন্তু সমিতি ব্যক্তিৰ সমষ্টি। 

(গ) সংস্থা অমূৰ্ত প্ৰকৃতিৰ। আনহাতে সমিতি মূৰ্ত প্রকৃতিৰ।

(ঘ) সংস্থাই সমাজত ব্যক্তিসকলৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণ কৰে। সমিতিয়ে মাথো নিজৰ সদস্যৰ আচাৰ-ব্যৱহাৰ সমিতিৰ পৰিসৰৰ ভিতৰতে নিয়ন্ত্ৰণ কৰে।

(ঙ) যিবোৰ সংস্থাৰ সদস্যপদ আছে তাৰ সদস্যতা আপোনা-আপুনি ভাৱে হয়। আনহাতে সমিতিৰ সদস্যপদৰ বাবে নিদিষ্ট কিছুমান অৰ্হতাৰ প্রয়োজন।

(চ) সংস্থা স্থায়ী প্ৰকৃতিৰ আনহাতে সমিতি স্থায়ীও হ’ব পাৰে বা অস্থায়ীও হ’ব পাৰে।

(ছ) সংস্থাৰ নীতি-নিয়ম সাধাৰণতেই অলিখিত প্রকৃতিৰ। আনহাতে সমিতিৰ নীতি নিয়ন লিখিত প্ৰকৃতিৰ।

(জা) সংস্থাৰ কোনে নিৰ্দিষ্ট নাম নথাকে; যেনে, পৰিয়াল বা  বিবাহৰ নাম নাই । আনহাতে সমিতিৰ একোট| নাম থাকে।

১০। সামাজিক প্ৰতিমানৰ প্রধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

উত্তৰঃ সামাজিক প্রতিমানৰ প্রধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰ৷ হ’ল- 

(ক) সামাজিক প্রতিমান বিশ্বজনীন প্ৰকৃতিৰ। অতীতৰপৰা বৰ্তমানলৈকে পৃথিৱীৰ সকলো সমাজতেই প্ৰতিমানৰ অৱস্থিতি পোৱা যায়। কিন্তু সমাজভেদে প্রকৃতিগত আৰু সংৰচনাগতভাৱে প্রতিমানৰ ভিন্নতা পৰিলক্ষিত হয়। ইউৰোপীয় সমাজৰ প্রতিমানৰ সৈতে ভাৰতীয় সমাজৰ প্রতিমানৰ পাৰ্থক্য আছে।

(খ) সামাজিক প্ৰতিমান সদায়েই মূল্যবোধৰ সৈতে সম্পৰ্কিত৷ সেয়ে আমি কোনো এক কাৰ্য শুদ্ধ নে অশুদ্ধ, ভাল নে বেয়া তাক বিচাৰ কৰিব পাৰো।

(গ) সামাজিক প্রতিমান অমূৰ্ভ প্রকৃতিৰ। ই যদিও দৃশ্যমান নহয় তথাপিও আমি ব্যক্তিৰ আচৰণক বুজিব পাৰে৷ এই পাৰ্থক্যতাৰ বিচাৰ আমি প্রতিমানৰ ওপৰত ভিত্তি কৰি কৰো।

 (ঘ) সামাজিক প্ৰতিমানে সদায়েই সমাজত বা সামাজিক পৰিস্থিতিত ব্যক্তিৰ আচৰণ প্রণালীক নিয়ন্তুণ কৰে । কোনো এক আচৰণ কৰিব লাগে নে নেলাগে, কৰাটো উচিত হ’ব নে নহয় এক প্রতিমানে নিৰ্ধাৰণ কৰে।

(ঙ) সামাজিক প্ৰতিমান সকলো পৰিস্থিতি বা অৱস্থাত মানি চলাটো সম্ভৱ নহয়। সেয়ে প্রতিমানক মানি চলা ব্যক্তিয়েও কেতিয়াবা প্রতিমান ভংগ কৰে য’ত সামাজিক নিয়ন্তণৰ প্রয়োজনীয়তা আহি পৰে।

(চ) সামাজিক প্ৰতিমান বয়স, লিংগ, বৃত্তি অথবা প্ৰস্থিতিৰ সৈতে জড়িত। ডাঙৰ আৰু সৰুৰ আচৰণ, পুৰুষ আৰু মহিলাৰ ব্যৱহাৰ, শিক্ষক আৰু আৰক্ষীৰ ব্যৱহাৰ চালেই এই কথা সহজেই জানিব পাৰি।

(ছ) সামাজিক প্রতিমানৰ আন এক চৰিত্ৰ হ’ল ই এখন সমাজৰ সাংস্কৃতিক দিশৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত। সংস্কৃতি অনুযায়ীহে আমি ব্যৱহাৰৰ স্বৰূপ নিৰ্ণয় কৰো। আমাৰ সমাজে চিনাকি পৰ্বত নমস্কৰৰ ওপৰত অনুমোদন দিয়াৰ বিপৰীতে পশ্চিমীয়া সমাজত কৰমদন বা চুম্বনক অনুমোদন জনায়।

(জ) সামাজিক প্রতিমান লিখিত বা অলিখিত ৰূপত থাকিব পাৰে।

(ঝ) কিছুমান সামাজিক প্রতিমানক বাদ দি অধিকসংখ্যক প্ৰতিমানেই ৰক্ষণশীল প্ৰকৃতিৰ বুলি মিটনীয়ে (২০০৮) উল্লেখ কৰিছে।

(ঞ ) সামাজিক প্রতিমানসমূহক সাধাৰণতেই মানুহে অন্তঃকৰণেৰে কোনো প্রশ্ন নকৰাকৈ মানি চলে সেয়ে ব্যক্তিৰ জীৱনত ইয়াৰ প্ৰভাৱ অপৰিসীম। সেয়ে পপ্ৰতিমান কেন্দ্ৰীক ব্যৱহাৰক সমাজত সদায়েই প্রশংসা কৰা হয়।

১১। চমু টোকা লিখা–

(ক) সামাজিক প্ৰতিমান।

উত্তৰঃ সামাজিক প্রতিমান ধাৰণাটো সমাজতত্বত বিশেষ গুৰুত্ব আছে কিয়নো ইয়াৰ দ্বাৰা সামাজিক সংৰচনাৰ ভেঁটি গঠন হয়। সামাজিক প্ৰতিমান হৈছে সামাজিক  গঠনৰ উৎস। সমাজৰ ব্যক্তিসকলৰ মাজত অৰ্থপূৰ্ণ আন্তঃক্ৰিয়া হোৱাত প্রতিমানে সহায় কৰে। কোনো সমাজ বা সমূহেই প্ৰতিমানৰ অবিহনে বতী থাকিব নোৱাৰে। সেইকাৰণে প্রতিমানে সকলো সমাজতে আচৰণৰ অভিভাৱক হিচাপে কাম কৰে। সেইবাবে ইহঁতক ‘সমুহ আচৰণৰ মানদণ্ড’ বুলি জনা যায়।

M. Shrif এ  তেওঁৰ গ্ৰন্থ The psychology of social Norms অত ১৯৩৬ চনত প্রথমবাৰৰ বাবে সামাজিক প্ৰতিমান অৱধাৰণাটো ব্যৱহাৰ কৰে। সামাজিক প্ৰতিমান বুলিলে সাধাৰণতে সমূহৰ এক মানদণ্ড বিশিষ্ট আচৰণ প্ৰমালিক বুজায়। বৰ্তমান সময়ত প্ৰতিমান শব্দটোয়ে জনৰীতি, লোকাচাৰ, আইন, প্ৰথা ইত্যাদিক সূচায়।

(খ) প্ৰতিমানৰ সংজ্ঞা :

উত্তৰঃ ইয়ং আৰু মেকৰ মতে,“প্রতিমান হ’ল সমূহীয়া ভাৱে অংশগ্ৰহণ কৰোঁতে মানি চলা আশানুৰূপ সামাজিক আচৰণ।”

 ৰবাৰ্ট বিয়েষ্টেডৰ মতে,“সামাজিক প্রতিমান হ’ল কিছুমান নীতি-নিয়ম যিবিলাকে সামাজিক পৰিস্থিতিত আমি অংশগ্ৰহণ কৰৌতে আমাৰ আচৰণ বা কাৰ্যকলাপক নিয়ন্ত্রিত কৰি ৰাখে ৷

উপৰোক্ত সংজ্ঞাৰ পৰা এইটো ক’ব পাৰি যে প্রতিমান হ’ল; নীতি-নিয়ম বা বিধিৰ সমষ্টি, যাৰ দ্বাৰা সমূহ এটা জীয়াই থাকে৷ প্রতিমানৰ দ্বাৰা মানুহৰ আচৰণত মৃল্যবোধৰ প্রকাশ ঘটে।

১২। সামাজিক প্রতিমানৰ কাৰ্য বা সমাজত ইয়াৰ গুৰুত্বৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা।

উত্তৰঃ সামাজিক প্রতিমানৰ কাৰ্য বা সমাজত ইয়াৰ গুৰুত্বৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল–

(ক) সামাজিক প্রতিমানে সমাজত সামাজিক সম্বন্ধত স্থিৰতা আৰু শৃংখলা আনে। সমাজ অনুমোদিত মানদণ্ডপূৰ্ণ আচৰণ কৰিলে সামাজিক সম্বন্ধত বিশৃংখলতাৰ সৃষ্টি নহয়।

(খ) ই সমাজত মাথো সম্বন্ধকেই শৃংখলিত নকৰে বৰঞ্চ ব্যক্তিসকলৰ সকলো প্ৰকাৰৰ আচৰণকেই প্ৰভাৱান্বিত কৰে। সামাজিক প্ৰাণী হিচাপে জীৱন-নিৰ্বাহ কৰোতে এজন ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত বিভিন্ন ধৰণেৰে আচাৰ ব্যৱহাৰ কৰিবলগীয়া হয় আৰু তেনে পৰিস্থিতিত সেই ব্যৱহাৰক সামাজিক ৰূপ প্রতিমানে প্রদান কৰে।

(গ) প্ৰতিমানকেন্দ্ৰিক শৃংখলাই সমগ্ৰ সমাজ ব্যৱস্থাতেই শৃংখলা আৰু ভাৰসাম্যতা আনে।

(ঘ) প্ৰতিমানকেন্দ্ৰিক পদ্ধতিয়ে সমাজত পাৰস্পৰিক বুজাবুজি আৰু নিৰ্ভৰশীলতা আনে যাৰ অবিহনে সামাজিকভাৱে জীৱন-যাপন কৰাটো সম্ভৱ নহয়।

(ঙ) প্ৰতিমানে ব্যক্তিসকলক পৰিচালনা কৰাৰ লগতে সমাজৰ সামাজিক সংগঠন, সংস্থা, সমূহ ইত্যাদিবোৰকো পৰিচালনা কৰে। ,

(চ) প্ৰতিমানে সমাজৰ উমৈহতীয়া লক্ষ্য আৰু উদ্দেশ্য চম্ভালি ৰখাত যথেষ্ট পৰিমাণে সহায় কৰে। ই সামাজিক প্ৰমূল্যবোধৰ উত্থান আৰু ব্যৱহাৰত সহায় কৰে।

(ছ) এজন ব্যক্তিৰ জীৱনত বিভিন্ন ধৰণৰ আশা-আকাংক্ষা থাকে। সকলোৱে নিজৰ প্রয়োজনীয়তাসমূহ পূৰ্ণ হোৱাটো বিচাৰে। কিন্তু এই প্রয়োজনীয়তা সঠিক ভাৱে পূৰ্ণ কৰাৰ সৈতে সামাজিক শৃংখলা আৰু নৈতিকতাৰ প্ৰসংগ জড়িত হৈ থাকে। সামাজিক‘প্রতিমানসমূহে ব্যক্তিৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰে। 

(জ) সামাজিক প্রতিমানে এজন ব্যক্তিৰ চিন্তা-চৰ্চাৰ ধৰণ, কৌশল আৰু আৰ্হিত প্রভাৱ পেলায়। জাৰ্মান দাৰ্শনিক হেগেলৰ ভাষাত ক’বলৈ গ’লে ভাৱবাদেহে বস্তুবাদক ক্ৰিয়া কৰে। অৰ্থাৎ মানুহে প্রথমে ভাবে তাৰ পিছতহে ক্ৰিয়া কৰে। এনে পৰিপ্ৰেক্ষিতত প্রতিমানে মানুহৰ চিন্তা-চৰ্চাতো প্রভাৱ পেলায়।

১২। সামাজিক প্ৰস্থিতিৰ সংজ্ঞা দিয়া? সামাজিক প্ৰস্থিতিৰ প্রধান বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সমাজত ব্যক্তিসকল সদায়েই অসমানভাবে অৱস্থিত হয়। অৰ্থাৎ সামাজিক স্তৰীকৰণৰ হেতু ব্যক্তিসকলৰ সামাজিক স্থানক অসমান ভাৱে বিতৰণ কৰা হয়। প্ৰস্থিতি হৈছে এজন ব্যক্তিৰ সামাজিক স্থান। এজন ব্যক্তিয়ে সমাজত যি স্থান পায় তাকেই সামাজিক প্ৰস্থিতি বোলে। ৷

ইয়ং আৰু মেকৰ মতে, “এক নিৰ্দিষ্ট সামাজিক সংৰচনাত এজন ব্যক্তিৰ ঠাই বা স্থানকে প্ৰস্থিতি বোলে।

লেপিয়েৰেৰ মতে, “সমাজত এজন ব্যক্তিয়ে দখল কৰি থকা স্থানকে সামাজিক প্ৰস্থিতি বোলা হয়।”

আৰ্ণল্ড গ্ৰীণৰ মতে, “প্রস্থিতি হৈছে এক সামাজিক সমূহ বা সমূহত আনৰ তুলনাত এজন ব্যক্তিয়ে পোৱা স্থান।”

এইদৰে সামাজিক প্ৰস্থিতিৰ ওপৰত বিভিন্ন সমাজ দাৰ্শনিকে বিভিন্ন ধৰণেৰে সংজ্ঞা দিছে। ইয়াৰ আলমত আমি ক’ব পাৰো যে প্রস্থিতিয়ে এটা স্থানক বুজায় যিটো এজন ব্যক্তিয়ে সমাজত দখল কৰি থাকে।ব্যক্তি আৰু সময়ভেদে এই স্থান  পৃথক পৃথক হোৱা দেখা যায়।

সামাজিক প্ৰস্থিতিৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল-

(ক) বিশ্বজনীন :- সামাজিক প্ৰস্থিতি বিশ্বজনীন প্ৰকৃতিৰ পৃথিৱীৰ সকলো মানৱ সমাজতেই প্ৰস্থিতি বিৰাজমান সমাজভেদে প্ৰস্থিতি অৰ্জনৰ নিৰ্ধাৰকবোৰ পৃথক পৃথক হয়।

(খ) স্থান নিৰূপক :- প্ৰস্থিতিয়ে সমাজত এজন ব্যক্তিৰ স্থান নিৰূপন কৰে। কোনো এজন ব্যক্তিৰ স্থান উচ্চ নে নিম্ন তাক প্রস্থিতিয়ে নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে সামন্ত যুগত ভূমিপতি সকলে উচ্চ স্থান লাভ কৰাৰ বিপৰীতে ভূমিহীন শ্রমিকৰ প্রস্থিতি নিম্ন আছিল।

(গ) ভিন্ন প্ৰকৃতিৰ :- ব্যক্তিভেদে সমাজত সামাজিক প্ৰস্থিতি ভিন্ন ধৰণৰ। এজন ব্যক্তি উচ্চ সামাজিক প্ৰস্থিতি লাভ কৰাৰ বিপৰীতে আন এজনে নিম্ন প্রস্থিতি লাভ কৰে। পৰম্পৰাগত ভাৰতীয় সমাজত জাতি ব্যৱস্থাই প্ৰস্থিতি নিৰ্ধাৰণ কৰিছিল য’ত তলত দিয়া ধৰণেৰে প্রস্থিতি বিতৰণ কৰা হৈছিল।

ব্ৰাহ্মণ–ক্ষত্ৰিয়–বৈশ্য–শূদ্ৰ

(ঘ) সন্মান :- প্রস্থিতিৰ সৈতে সন্মান আন্তঃসম্পকিত। উচ্চ প্রস্থিতি প্রাপ্তসকলে অধিক সামাজিক সন্মান লাভ কৰাৰ বিপৰীতে নিম্ন স্থানত থকাসকলে কম সন্মান পাইছিল।

(ঙ) ভূমিকা ইয়াৰ আন এক চৰিত্র হ’ল ভূমিকাৰ সৈতে আন্তঃ সম্পৰ্ক। একো একোটা সামাজিক স্থানৰ সৈতে কিছুমান ভূমিকাৰ মাত্ৰ৷ বা পৰিসৰ পৃথক পৃথক।

(চ) ম্যাদ :- প্রস্থিতি সমাজভেদে স্থায়ী বা অস্থায়ী ধৰণৰ হ’ব পাৰে অৰ্থাৎ ইয়াৰ ম্যাদ পৃথক পৃথক হয়। জাতি ব্যৱস্থাত সামাজিক প্রস্থিতি জন্মৰ ওপৰত আধাৰিত আছিল বাবে ই তুলনাত্মকভাৱে স্থায়ী আছিল। কিন্তু শ্ৰেণী ব্যৱস্থাত কৰ্মই প্ৰস্থিতি নিৰ্ণয় কৰাত ই অস্থায়ী প্ৰকৃতিৰ হোৱা দেখা যায়। অৰ্থাৎ ই পৰিৱৰ্তনশীল ।

১৩। উদাহৰণসহ সামাজিকপ্ৰস্থিতিৰ  ভাগসমুহ:

উত্তৰঃ সমাজৰ সদস্য হিচাপে ব্যক্তিয়ে সামাজিক জীৱনত যিবিলাক কাম কাজ সম্পাদনা কৰে, সেইবিলাকৰ বিনিময়ত একো একোটা সামাজিক স্থান লাভ কৰিবলৈ সক্ষম হয়। ব্যক্তিয়ে সমাজত লাভ কৰা এই স্থানকে সমাজতত্ব্বত স্থিতি বুলি কোৱা হয়। সামাজিক প্রস্থিতিৰ ভাগ দুটা। সেইকেইটা হ’ল– 

(ক) জন্ম-প্রদত্ত প্রস্থিতি । আৰু 

(খ) স্ব-লব্ধ প্রস্থিতি।

(ক) জন্ম প্রদত্ত প্ৰস্থিতি :- আমাৰ সমাজত কিছুমান ব্যক্তিয়ে বংশগত নাম গুণ, প্রভাৱ, পৰম্পৰা অনুসৰি সমাজত আগস্থান লাভ কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত ব্যক্তিৰ নিজৰ দ্বাৰা উপাৰ্জিত গুণ-গৰিমা, প্রভাৱ-প্রতিপত্তি, প্ৰতিভা-প্ৰতিষ্ঠাই বিশেষ প্ৰাধান্যতা লাভ কৰা দেখা নাযায়। উদাহৰণস্বৰূপে, উচ্চ জাতি অথবা অভিজাত্য পৰিয়ালত জন্মৰ ব্যক্তিক অথবা তেঁওৰ পৰিয়ালৰ অন্যান্য লোকসকলক কিছু মান সন্মান যাচে। এইদৰে, জন্মসূত্ৰে আহৰণ কৰা প্ৰরস্থিতিক জন্মলঙ্ধ বা জন্ম প্ৰদত্ত প্ৰস্থিতি বোলা হয়।

(খ) স্বলব্ধপ্রস্থিতি :- কোনো ব্যক্তিয়ে যেতিয়া নিজৰ গুণ, কৰ্ম, প্রতিভা, প্রতিষ্ঠা, ক্ষমতা, প্রভাৱৰ যোগেদি সমাজত আহৰণ কৰে, তেনে প্রস্থিতিক স্ব-লঙ্ধ প্রস্থিতি বুলি কোৱা হয়। শিক্ষা- দীক্ষা, বৃত্তি বা ব্যৱসায়, ক্ষমতা আদি স্ফলন্ধ প্রস্থিতি প্ৰধান ভিত্তি। আধুনিক সমাজত ব্যক্তিৰ প্ৰস্থিতি ঘাইকৈ এইদৰেই নিৰূপন কৰা হয়।-আজিৰ  সমাজত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিলেই পৰম্পৰাগত সমাজৰ দৰে উচ্চস্থান নাপ নাপায়। নিজৰ গুণ আৰু প্ৰতিভাৰ জৰিয়তে অস্পৃশ্য জাতিৰূপে পৰিগণিত  হৈ অহা তথাকথিত পৰিয়ালৰ লোক এজনেও  বৰ্তমানৰ সমাজ ব্যৱস্থাৰ উচ্চ সামাজিক স্থান লাভ কৰিবলৈ সক্ষম হয়।

১৪। প্ৰস্থিতি আৰু ভূমিকাৰ অৰ্থ লিখা। উদাহৰণসহ বিভিন্ন প্ৰকাৰৰ প্ৰস্থিতিৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ যি স্থানৰ জৰিয়তে ব্যক্তিজনক সমাজত চিনাক্তকৰণ কৰা হয় সেই সামাজিক স্থানকে প্রস্থিতি বোলা হয়।মেক আইভাৰ আৰু পেজৰ মতে প্ৰস্থিতি হৈছে একোজন ব্যক্তিৰ সামাজিক স্থান যাৰ জৰিয়তে তেওঁ সৰ্বসাধাৰণ মানুহৰ পৰা আদৰ-সন্মানৰ পৰা বঞ্চিত হ’ব পাৰে।

কিংছলি ডেভিছৰ মতে প্ৰস্থিতি হৈছে মানুহৰ একোটা সামাজিক স্থান যিটো স্বাভাৱিকতে জনৰীতি আৰু লোকাচাৰৰ জৰিয়তে সৃষ্টি হোৱা দেখা যায়।

হেৰি, এম জনচনৰ মতে, প্রস্থিতি হৈছে সামাজিক স্থানৰ এক অভিন্ন অংশ। প্ৰস্থিতি মানে কিছুমান দাবী আৰু অধিকাৰ বুজায়।

জন্মগত গুণাগুণৰ ওপৰতেই বেছিভাগ নিৰ্ভৰ কৰে। মানুহৰ বয়স, শাৰীৰিক গঠন, সাম্প্ৰদায়িক গোষ্ঠী, পৰিয়াল,বংশ ইত্যাদিৰ ওপৰতভিত্তি কৰি একোজন মানুহৰ সামাজিক প্রস্থিতি নিৰ্ধাৰণ কৰা হয়। সেইবোৰ সমাজত সামাজিক স্তৰীকৰণ ভাৰতীয় সমাজ আৰু ইউৰোপীয় সামস্ত সমাজত সুস্পষ্টভাৱে দেখা যায়। কিয়নো এইবোৰ সমাজত কেইটা সামাজিক শ্ৰেণী থাকিব পাৰে আৰু এই সামাজিক শ্ৰেণীবিলাকৰ কি কি কৰ্তব্য ভূমিকা এই বিষয়ে পৰিষ্কাৰভাৱে দেখিবলৈ পোৱা যায়। এজন ব্যক্তিয়ে যেতিয়া চেষ্টাৰ জৰিয়তে উচ্চ শিক্ষিত হৈ উচ্চ বৃত্তিসম্পন্ন ব্যক্তি হিচাপে প্রতিষ্ঠা কৰিব পাৰে তেতিয়া তেওঁৰ প্রস্থিতিক স্ব-লব্ধ প্ৰস্থিতি হিচাপে গণ্য কৰা হয়।

স্ব-লব্ধ প্ৰস্থিতিৰ প্ৰধান ভিত্তি হ’ল শিক্ষা, সম্পদ, বৃত্তি, ৰাজনৈতিক ক্ষমতা আৰু আন আন উল্লেখযোগ্য ব্যক্তিগত গুণাগুণ। এজন ব্যক্তিয়ে নিজৰ গুণ, আৰু চেষ্টাৰ জৰিয়তে নিম্নত্তৰলৈ সামাজিক প্ৰস্থিতিৰ পৰিৱৰ্তন ঘটাব পাৰে। যিবোৰ সমাজত স্ব’লব্ধ প্ৰস্থিতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে সেইবোৰ সমাজত স্তৰীকৰণ স্পষ্ট নহয়। কিয়নো এইবোৰ সমাজত বহুতো সামাজিক শ্ৰেণী থাকিব পাৰে আৰু এইবোৰৰ নিজৰ নিজৰ ভূমিকা কি এই বিষয়ে স্পষ্টভাৱে নিৰ্ধাৰণ কৰাটো কঠিন। এজন দুখীয়া অথচ শিক্ষিত ব্যক্তিয়ে ব্যক্তিৰ উপযুক্ত ভূমিকা গ্ৰহণ কৰিব পাৰে, তেতিয়া হ’লে তেওঁক নিম্ন শ্ৰেণীলোক হিচাপে পৰিগণিত কৰাটো কঠিন হৈ পৰে। স্ব-লব্ক প্ৰস্থিতিবোৰ পৰিৱৰ্তনশীল ৷ এজন মানুহে জীৱনত অগ্ৰসৰ হৈ পৰে। আনহাতে জন্ম প্ৰদত্ত  প্রস্থিতিবোৰ পৰিৱৰ্তনশীল নহয়। যেনে-জাতি প্রথা আদি।

সমাজতত্বৰ অন্য এটা ধাৰণা হ’ল ভূমিকা। সমাজত এনে বহুতো ভূমিকা আছে যিবোৰ স্বপাৰ্জিত গুণ আৰু ধৰ্ম অনুযায়ী গ্রহণ কৰিবলগীয়া হয়। এনেধৰণে গ্রহণ কৰা ভূমিকাক স্ব-লব্ধ ভূমিকা বুলি কোৱা হয়। উদাহৰণস্ফৰূপে শিক্ষকৰ ভূমিকা বুলি গ্ৰহণ কৰোঁতে মানুহে শিক্ষক পদত অধীস্থ হ’বৰ বাবে নিজকে উপযোগী কৰি তুলিব লাগিব।সাধাৰণতে আধুনিক সমাজত পুৰুষ আৰু মহিলা উভয়েই শিক্ষক পদৰ ভূমিকা গ্ৰহণ কৰিব পাৰে।

সমাজৰ সকলোবোৰ কাম সুচাৰুৰূপে পালন কৰিবৰ বাবে শ্ৰমবিভাজনৰ নিতান্ত প্ৰয়োজন। শ্ৰম বিভাজন অবিহনে এখন সমাজ বৰ্তি থাকিব নোৱাৰে। আনকি জীৱ জন্তুৰ মাজতো শ্ৰম বিভাজন কিছু পৰিমাণে দেখা যায়। শ্ৰম বিভাজনৰ ফলত সমাজৰ বিভিন্ন ব্যক্তিৰ বিভিন্ন দায়িত্ব আৰু কৰ্তব্য আহি পৰে। কিন্তু এই দায়িত্ব আৰু কৰ্তব্যবোৰ ব্যক্তি অনুযায়ী বিতৰণ নকৰি পদ আৰু সামাজিক স্থান অনুযায়ীহে বিতৰণ কৰা হয়।

গতিকে এই নিৰ্দিষ্ট পদৰ যেনে – শিক্ষকৰ পদৰ বাবে শিক্ষা দিয়া, ন্যায়াধীশ পদৰ বাবে ন্যায় বিচাৰ কৰা ইত্যাদিত অধিষ্ঠিত- শিক্ষকৰ পদৰ বাবে শিক্ষা দিয়া, ন্যায়াধীশ পদৰ বাবে ন্যায় বিচাৰ কৰা ইত্যাদিত অধিষ্ঠিত হৈ ব্যক্তিয়ে সেই পদৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাকে ভূমিকা বুলি কোৱা হয় সমাজত মানুহে একেলগে কেইবাটাও ভূমিকা গ্ৰহণ কৰিব পাৰে। যেনে – পৰিয়ালত পৰিয়ালৰ মুখিয়ালজনৰ ভূমিকা, বৃত্তি কাৰ্যত এজন শিক্ষকৰ ভূমিকা ইত্যাদি। সকলো সমাজতে ভূমিকা বিতৰণ বয়স আৰু লিংগ অনুযায়ী কৰা হয়। সেইদৰে লিংগ অনুযায়ী সমাজত কামৰ বিতৰণ যিকোনো মানৱ সমাজত দেখা যায় উদাহৰণ স্বৰূপে তিৰোতাই ঘৰুৱা কাম-বন পৰিচালনা কৰা আৰু পুৰুষে অৰ্থ উপাৰ্জনৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া হয়। এইদৰে লিংগ অনুযায়ী যিবোৰ ভূমিকা গ্ৰহণ কৰা হয় সেইবোৰ ভূমিকাক জন্মলব্ধ ভূমিকা বুলি কোৱা হয়।

১৫। জন্মগত আৰু আৰ্জিত প্ৰস্থিতিৰ মাজৰ পাৰ্থক্যবোৰ লিখা?

উত্তৰঃ জন্মগত আৰু আৰ্জিত প্ৰস্থিতিৰ মাজৰ পাৰ্থক্যবোৰ হ’ল–

(ক) জন্মগত প্ৰস্থিতি হৈছে ব্যক্তিৰ সমাজৰ উপহাৰ। আনহাতে আৰ্জিত প্ৰস্থিতি হৈছে ব্যক্তিৰ প্রচেষ্টা পৰিণতি।

(খ) জন্মগত প্ৰস্থিতি জন্মৰ ওপৰত ভিত্তিশীল। আনহাতে আৰ্জিত প্ৰস্থিতি কৰ্মৰ ওপৰত ভিত্তিশীল। 

(গ)জন্মগত প্ৰস্থিতি অপৰিৱৰ্তনীয় আৰু ৰক্ষণশীল চৰিত্ৰৰ। আনহাতে আৰ্জিত পৰিৱৰ্তনীয় আৰু মুক্ত প্রকৃতিৰ।

(ঘ) জন্মগত প্ৰস্থিতি পৰম্পৰাগত আৰু পৌৰাণিক সমাজত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল। আনহাতে অর্জিত প্ৰস্থিতি আধুনিক আৰু মুক্ত সমাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰে।

(ঙ) জন্মগত প্ৰস্থিতিত কৰ্তৃত্বৰ ভূমিকা প্ৰৱকথনিয় নহয়। আনহাতে আৰ্জিত প্ৰস্থিতিত ভূমিকা আৰু কাৰ্যক তুলনামূলকভাৱে আগতিয়াকৈ ক’ব বা অনুমান কৰিব পাৰি।

(চ) জন্মগত প্রস্থিতি স্থায়ী। আনহাতে আৰ্জিত প্ৰস্থিতি স্থায় বা অস্থায়ী দুয়োধৰণৰ হ’ব পাৰে।

১৫। ভূমিকাৰ সংঘাত হোৱাৰ প্ৰধান কাৰণসমূহ লিখা ৷ 

উত্তৰঃ ভূমিকাৰ সংঘাত হোৱাৰ প্রধান কাৰণসমূহ হ’ল–

(ক) সাংস্কৃতিক বিজতৰীয়তা আৰু জটিলতা।

(খ) এজন ব্যক্তিৰ পৃথক পৃথক সমূহত পৃথক পৃথক ভূমিকা।

(গ) কোনো এক বিষয় সন্দৰ্ভত হ’ব পৰা, খেলিমেলিৰ সম্ভাৱনা।

(ঘ) একে কাম কৰিবৰ বাবে বা ততোধিক ব্যক্তিক দায়িত্ব দিয়া।

(ঙ) কাম যেতিয়া ব্যক্তিজনৰ প্রস্থিতিৰ তুলনাত নিম্ন হয়।

(চ) কাম কৰিবলৈ দিয়া ব্যক্তিজনৰ পৰা পৃথক পৃথক আচৰণৰ আশা।

(ছ) এজনৰ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি ভিন্ন ভাৱ পোষণ।

১৬। প্ৰস্থিতি আৰু ভূমিকাৰ মাজৰ পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ প্রস্থিতি আৰু ভূমিকাৰ মাজৰ পাৰ্থক্যবোৰ হল- 

(ক) প্ৰস্থিতি হৈছে সামাজিক সংস্তৰনত এক স্থান। ভূমিকা হৈছে প্ৰস্থিতিৰ ব্যৱহাৰকেন্দ্ৰিক দিশ।

(খ) প্ৰস্থিতি হৈছে সমাজৰ সংস্থাত মানদণ্ডপূৰ্ণ আৰু আনুষ্ঠানিক ভূমিকা।

ভূমিকা ই হৈছে প্ৰস্থিতিৰ সৈতে সংগতি ৰাখি এজন ব্যক্তিয়ে কৰা কাম।

(গ)  প্ৰস্থিতিৰ বিতৰণ সকলো সময়তেই প্ৰায় একেই ৰূপতে কৰা হয়।

কিন্তু ভূমিকা বেলেগ বেলেগ প্রতিৰূপত প্রকাশ পায়। 

(গ) প্ৰস্থিতি পৰম্পৰাগত বা প্ৰাকৃতিক অথবা অর্জিত ধৰণেৰে দিয়া হয়।  কিন্তু ভূমিকা সাধাৰণতে প্ৰস্থিতি অনুযায়ী দিয়া হয়।

(ঘ) প্ৰস্থিতি স্তৰীকৃত আনহাতে ভূমিকা স্তৰীকৃত নহয়।

সংস্কৃতি আৰু সমাজ

Very Short Question Answer

১। লিনটনে সংস্কৃতিক কেইটা ভাগত ভাগ কৰিছিল?

(ক) দুটা              

(খ)তিনিটা

(গ) চাৰিটা        

(ঘ) পাঁচটা

উত্তৰঃ (খ) তিনিটা।

২। সংস্কৃতিৰ পিছৰ পৰ্যায়ৰ উচ্চ জৈৱিকতাই সভ্যত৷”- কথাষাৰ কোনে কৈছিল?

(ক) মেক আইভাৰ আৰু পেজ। 

(খ) অগবাৰ্ণ আৰু নিমকঃ

(গ) আৰ. এম. মেক আইভাৰ।    

(ঘ) উইলিয়াম এফ. অগবাৰ্ণ।

উত্তৰঃ (খ) অগবাৰ্ণ আৰু নিমকফ।

৩। ব্যক্তিত্বৰ ইংৰাজী Personality শব্দটো কোনটো ভাষাৰ পৰা আহিছে? 

(ক) গ্ৰীক।               

(খ) লেটিন।

(গ) পাচী।               

(ঘ) তুৰ্কী।

উত্তৰঃ (খ) লেটিন।

৪। সামাজিকীকৰণৰ কেইটা স্তুৰৰ কথা জনচনে আলোচনা  কৰিছে?

(ক) দুটা।              

(খ) চাৰিটা। 

(গ) ছয়টা              

(ঘ) আঠটা

উত্তৰঃ (খ) চাৰিটা।

৫। পায়ু স্তৰে সামৰি লয়-

(ক) একৰ পৰা তিনি বছৰ

(খ) জন্মৰ পৰা তিনি বছৰ

(গ) ছমাহৰ পৰা তিনি বছৰ

(ঘ) দুইৰ পৰা তিনি বছৰ

উত্তৰঃ (ক) একৰ পৰা তিনি বছৰ৷

৬। সামাজিকীকৰণৰ প্ৰাথমিক আৰু প্ৰধান প্ৰতিনিধি কি ?

(ক) সমনীয়াৰ সমূহ      

(খ) পৰিয়াল

(গ) চুবুৰীয়াৰ সমূহ।        

(ঘ) ৰাষ্ট।

উত্তৰঃ (খ) পৰিয়াল।

৭। ‘Primitive Culture’ নামৰ গ্ৰন্থখন কোনে লিখিছিল?

(ক) ই.বিটাইলৰ             

(খ) ৰালফ্‌ লিনটন

(গ) ডি. এন.মজ্্মদাৰ   

(ঘ) কিংছ্‌লি ডেভিচ :

উত্তৰঃ (ক) ই.বি.টাইলৰ।

উত্তৰ লিখাঃ 

৮। সংস্কৃতি হৈছে ‘সমসাময়িক মূল্যবোধৰ এক সংগঠিত প্ৰকাশ, যি কলা আৰু ঐতিহ্যৰ পৰম্পৰাগত বৈশিষ্ট্যৰে জীয়াই থাকে।”-কথাষাৰৰ বক্তা কোন?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top