Introduction to Sociology Unit 3 মৌলিক ধাৰণা

Introduction to Sociology Unit 3 মৌলিক ধাৰণা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology Unit 3 মৌলিক ধাৰণা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology Unit 3 মৌলিক ধাৰণা Question Answer can be of great value to excel in the examination.

Health and Wellness Unit 3 মৌলিক ধাৰণা

Join Telegram channel

Introduction to Sociology Unit 1 সমাজতত্ত্বঃ শৃংখলা আৰু দৃষ্টিকোণ Notes cover all the exercise questions in UGC Syllabus. Introduction to Sociology Unit 3 মৌলিক ধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Basic Concepts

INTRODUCTION TO SOCIOLOGY

[ সমাজতত্ত্বৰ পৰিচয় ]

অতি চমু প্রশ্নোত্তৰ

(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

১। “ব্যক্তিৰ যিকোনো এটা সংগঠন, য’ত পৰস্পৰে সামাজিক সম্বন্ধত মিলি যায়।” মতবাদটো কোনে দিছিল? (“Any collection of human beings who are brought into social relationship with one another.” Whose opinion?)

(ক) বাগাৰ্দাছ (Bagardas)

(খ) মেকাইভাৰ (Makaivar)

(গ) হার্বার্ট স্পেনচাৰ (Herbert Spencer)

(ঘ) আর্নল্ড (Arnold)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) মেকাইভাৰ (Makaivar)।

২। “সাধাৰণতে নির্দিষ্ট লক্ষ্যসমূহ সাধনৰ বাবে ব্যক্তিয়ে সন্মিলিতভাৱে কাম কৰা অনুষ্ঠান” — কোনে কৈছে? (“Association is usually a working together of people to achieve some purposes” – Who said this?)

(ক) বাগাৰদাছ (Bagardas)

(খ) মেকাইভাৰ (Makaivar)

(গ) হার্বার্ট মিড (Herbert Mead)

(ঘ) আর্নল্ড (Arnold)

উত্তৰঃ (ক) বাগাৰদাছ (Bagardas)

৩। “ডাঙৰ বা সৰু ব্যক্তিৰ সমষ্টি, য’ত সমষ্টিভুক্ত লোকসকলে পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখে।” — কোনে কৈছে? (“Any number of people larger or smaller between whom such relations are discovered that they must be thought of to- gether” – Who said this?)

(ক) আলবিয়ন স্মল (Albion Small)

(খ) আগষ্ট কম্‌টে (Auguste Comte)

(গ) প্লেটো (Plato)

(ঘ) এৰিষ্ট’টল (Aristotle)

উত্তৰঃ (ক) আলবিয়ন স্মল (Albion Small)

৪। “সমূহৰ প্ৰধান দুটা উপাদান হৈছে — (The two main components of the group —)

(ক) সম উদ্দেশ্য আৰু সহযোগিতা (Common purpose & Co-operation)

(খ) সম উদ্দেশ্য আৰু নিৰ্দেশতা (Common purpose & Instruction)

(গ) সহযোগিতা আৰু সহমর্মিতা (Co-operation & Compassion)

(ঘ) সম উদ্দেশ্য আৰু প্ৰভাষ্য (Common purpose & Commentary)

উত্তৰঃ (ক) সম উদ্দেশ্য আৰু সহযোগিতা (Common purpose & Co-operation)

৫। ডি এল্ডাৰচন সমূহক কেইটা ভাগত ভাগ কৰিছে — (How many parts has D. Anderson divided the group —)

(ক) দুটা (Two)

(খ) চাৰিটা (Four)

(গ) তিনিটা (Three)

(ঘ) ওপৰৰ এটাও নহয় (None of these)

উত্তৰঃ (গ) তিনিটা (Three)

(খ) উত্তৰ দিয়াঃ

১। ‘মানুহ সমাজ প্রিয় প্রাণী’ কথাষাৰ কোনে কৈছিল? (Who says ‘human beings are dear to society’?)

উত্তৰঃ গ্ৰীক দার্শনিক এৰিষ্টটোলৰ।

২। প্রাথমিক সমূহ অবধাৰণাটো কৈছিল? (Who gave the concept of primary group?)

উত্তৰঃ চালৰ্চ হটন কুলেৰ।

৩। H. M. Johnson এ সামাজিকীকৰণক চাৰিটা ভাগত ভাগ কৰিছে। ভাগকেইটা কি কি? (H. M. Jonshon divides socialization into four parts. What are the parts?)

উত্তৰঃ প্রথম স্তৰ বা মৌখিক স্তৰ, দ্বিতীয় স্তৰ বা পায়ু স্তৰ, তৃতীয় স্তৰ বা সুপ্তাৱস্থা, চতুৰ্থ স্তৰ বা কৈশোৰ।

৪। সামাজিকীকৰণৰ মূল অভিকর্তা কি কি? (How many types of status and what are they?)

উত্তৰঃ পৰিয়াল, পঢ়াশালি, সমনীয়া সমূহ, ধর্মানুষ্ঠান, স্বজনীয় আৰু চুবুৰীয়া সমূহ, ৰাষ্ট্ৰ।

৫। শিশুৰ সামাজিকীকৰণৰ প্ৰকৃতি মূলত কেইপ্ৰকাৰৰ আৰু কি কি? (The nature of child socialization is basically how many types and what they are?)

উত্তৰঃ দুই প্ৰকাৰৰ।

(ক) দমনমূলক সামাজিকীকৰণ।

(খ) অংশগ্রহণকাৰী সামাজিকীকৰণ।

৬। মিডে ‘সত্তা’ বা ‘নিজস্ব সচেতনতা’ বিকাশৰ তিনিটা স্তৰৰ কথা উল্লেখ কৰিছে। সেইকেইটা কি কি? (Meed mentions three levels of ‘Entity’ or ‘Self-Awareness Development’. What are they?)

উত্তৰঃ ১। অনুকৰণীয় স্তৰ।

২। অভিনয়ৰ স্তৰ।

৩। আঁচনি স্তৰ।

৭। ‘Primitive Culture’ নামৰ গ্ৰন্থখন কোনে লিখিছিল? (Who wrote the books, ‘Primitive Culture’?)

উত্তৰঃ এডবাৰ্ড টাইলৰে।

৮। “সংস্কৃতি হৈছে সমসাময়িক মূল্যবোধৰ এক সংগঠিত প্ৰকাশ, যি কলা আৰু ঐতিহ্যৰ পৰম্পৰাগত বৈশিষ্ট্যৰে জীয়াই থাকে।”— কথাষাৰৰ বক্তা কোন? (Culture is an organized expression of contemporary values, which survives on the traditional features of Art and Tradition. Who said this?)

উত্তৰঃ ৰেডফিল্ডৰ।

৯। সংস্কৃতিৰ উপাদানকেইটা কি কি? (What are the elements of culture?)

উত্তৰঃ জনৰীতি, লোকাচাৰ, প্ৰতিমান, আইন, প্রতীক চিহ্ন, ধাৰণা বা কল্পনা, ভৌতিক বস্তু।

১০। সংস্কৃতিৰ প্ৰকাৰ কেইটা আৰু কি কি? (How many types of culture and what are they?)

উত্তৰঃ দুটা।

১। বস্তুবাদী বা ভৌতিক সংস্কৃতি।

২। অবস্তুবাদী বা অভৌতিক সংস্কৃতি।

১১। অবস্তুবাদী সংস্কৃতিৰ দুটা উদাহৰণ দিয়া? (Give Two examples of materialistic culture?)

উত্তৰঃ মানুহৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, মূল্যবোধ, ৰীতি-নীতি।

১২। কোনে পোন প্রথমে সংস্কৃতি দীর্ঘসূত্রতাৰ কথা কোন গ্ৰন্থত উল্লেখ কৰিছে? (In which text who mention the first culture procrastination?)

উত্তৰঃ W.F. Ogburn ৰ Social Change নামৰ গ্ৰন্থত।

১৩। সংস্কৃতি আৰু সভ্যতাৰ দুটা পার্থক্য লিখা? (Write two difference between culture and civilization.)

উত্তৰঃ ১। সভ্যতাৰ প্ৰগতিক জুখিব পাৰি কিন্তু সংস্কৃতিক নোৱাৰি।

২। সভ্যতাৰ ক্ৰমবিকাশ ঘটে কিন্তু সংস্কৃতিৰ নঘটে।

১৪। ‘Civilization is a vehicle of culture’ — কথাষাৰ কাৰ? (‘Civilization is a vehicle of culture’- Who said this?)

উত্তৰঃ আৰ. এম. মেক আইভাৰে।

১৫। সভ্যতা সংস্কৃতিৰ পাছৰ অৱস্থা – কথাষাৰ কাৰ? (‘Civilization is the next stage of culture’ – Who says?)

উত্তৰঃ অগবাৰ্ণ আৰু নিমকফৰ।

১৬। সংস্কৃতিৰ মূল ভাগ দুটা কি কি? (What are the two main parts of culture?)

উত্তৰঃ বস্তুবাদী, অবস্তুবাদী।

১৭। সামাজিকীকৰণৰ এটা প্ৰক্ৰিয়া উল্লেখ কৰা। (Mention a process of socialization.)

উত্তৰঃ সহযোগিতা।

১৮। সামাজিকীকৰণৰ প্ৰধান মাধ্যম কেইটা কি কি? (What are the main medium of socialization?)

উত্তৰঃ ১। পৰিয়াল।

২। বিদ্যালয়।

৩। সমনীয়া দল।

৪। জনসংযোগৰ মাধ্যম।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

১। সমিতি বুলিলে কি বুজা আৰু ইয়াৰ প্ৰকাৰসমূহ কি কি? (What do you mean by association and what are its types?)

উত্তৰঃ সামাজিক প্রাণী হিচাপে মানুহৰ বিভিন্ন ৰুচি-অভিৰুচি, আৱশ্যকতা তথা বহুতো সমস্যা আছে। সমাজত নিজৰ আকাংক্ষাসমূহ পূৰণ কৰিবলৈ ব্যক্তিগতভাৱে মানুহে প্রচেষ্টা চলায় যদিও বহুক্ষেত্ৰত অন্য ব্যক্তিৰ সহায়ৰ প্ৰয়োজন হয়। মানুহে এজনে অন্যজনৰ প্ৰতি কৰা সহযোগিতা আৰু পাৰস্পৰিক সহানুভূতি আদিয়ে সমিতি গঠনত সহায় কৰে। সমিতি হৈছে মূলতঃ বিশেষ কিছুমান উদ্দেশ্য সাধনৰ সাংগঠনিক প্রচেষ্টা। ইয়াত একে উদ্দেশ্য বা স্বার্থ জড়িত ব্যক্তিৰহে সমাবেশ ঘটে। সমিতি ব্যক্তিৰ ইচ্ছাকৃত প্ৰচেষ্টাৰ প্ৰতিফলন। কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰিলেই যিকোনো ধৰণৰ সমিতি এখন গঠন কৰি ল’ব পাৰে অথবা ইতিমধ্যেই গঠিত যিকোনো ধৰণৰ সমিতৰ অৱলুপ্তিও ঘটাব পাৰে।

সমিতিৰ ইংৰাজী প্ৰতিশব্দ Association শব্দটো পোন প্রথমে সমাজতত্ত্বত ব্যৱহাৰ কৰিছিল বিখ্যাত সমাজতত্ত্ববিদ Maclver আৰু Page এ। তেওঁলোকৰ ব্যাখ্যা মতে কিছুমান ব্যক্তিৰ ইচ্ছানুযায়ী সংগঠিত হোৱা সমূহ আৰু সংৰচনাকে সমিতি বুলি ক’ব পাৰি। এই সমিতি গঠিত হোৱাৰ পূৰ্বে একোটা বিশেষ লক্ষ্য বা উদ্দেশ্য নিৰ্ধাৰিত কৰা হয়।

সমিতি তিনি প্ৰকাৰৰ—

(ক) ৰাজনৈতিক সমিতি।

(খ) অর্থনৈতিক সমিতি।

(গ) সাংস্কৃতিক সমিতি।

২। সমিতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the characteristics of the association.)

উত্তৰঃ সমিতিৰ মুখ্য বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ—

(ক) সমিতি এক মানৱ সমূহ। ব্যক্তিৰ দ্বাৰা সমিতি গঠন হয়। ব্যক্তিসকলৰ সমাজ-সমিতি গঠনৰ বাবে এক বা ততোধিক নির্দিষ্ট উদ্দেশ্য থাকে। সমিতি সংগঠিত অৱস্থাত থাকে। অসংগঠিত সমূহৰ দ্বাৰা সমিতি সৃষ্টি হ’ব নোৱাৰে৷

(খ) সমিতিৰ এক বা ততোধিক উমৈহতীয়া লক্ষ্য বা উদ্দেশ্য থাকে। সেই লক্ষ্য বা উদ্দেশ্য সাধনৰ বাবেই সদস্যসকলে সংগঠিত ৰূপত প্ৰয়াস কৰে। সমিতিৰ এই লক্ষ্য আৰু উদ্দেশ্যবোৰ সময় অনুসৰি সুকীয়া হ’ব পাৰে। অৱশ্যে প্ৰতিখন সমিতিৰ উদ্দেশ্যবোৰ স্পষ্ট হোৱাটো অতি প্রয়োজন।

(গ) নিজস্ব প্রতিমানৰ দ্বাৰা পৰিচালিত হোৱাটো সমিতিৰ আন এক বৈশিষ্ট্য। প্রত্যেক সমিতিৰে নিজা প্ৰতিমান থাকে আৰু ইয়াৰ অন্তৰ্ভুক্ত সদস্যসকলে প্রতিমানৰ প্ৰতি মান্যতা প্ৰদৰ্শন কৰি চলে। সমিতিৰ সকলো কার্যকলাপ প্ৰতিমানৰ দ্বাৰা নিয়ন্ত্রিত হয়। সদস্যসকলে নিজৰ কাৰ্য সম্পাদনৰ বেলিকা সমিতিৰ নীতি-নিয়ম অনুসৰণ কৰিব লাগে।

(ঘ) সমিতিৰ সদস্যসকলে পাৰস্পৰিক সহযোগিতাৰ মাধমেৰে কাম কৰিব লাগে। সমিতিৰ যিহেতু একাধিক উদ্দেশ্য থাকে, সেয়ে এই উদ্দেশ্যত উপনীত হ’বলৈ সদস্যসকলৰ সহযোগিতামূলক পাৰস্পৰিক প্ৰচেষ্টাৰ বিশেষ প্রয়োজন। সহযোগিতাৰ অবিহনে সমিতি এখষ কেতিয়াও বৰ্তি থাকিব নোৱাৰে।

(ঙ) সমিতি হ’ল এটি সংগঠন। সদস্যৰে সমিতি এখন গঠিত হয়। সদস্যৰ সংগঠন নাথাকিলে এখন সমিতি কেতিয়াও এটা বিশেষ লক্ষ্যত উপনীত হ’ব নোৱাৰে।

(চ) উদ্দেশ্য সাধনৰ বাবে প্ৰয়োজনীয় কাৰ্যবোৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কেইজনমান সদস্যক বিশেষ দায়িত্ব আৰু ক্ষমতা অৰ্পন কৰা হয়। এই বিশেষ ব্যক্তিসকলৰ উপদেশ, পৰামর্শ মতেই সমিতিৰ কাৰ্য পৰিচালিত হয়।

(ছ) প্রত্যেক সমিতিৰে প্ৰতিমান অনুযায়ী প্রস্থিতি নির্ণয় কৰা হয়। সমিতি এখনৰ আকাৰ বৃহৎ আৰু জটিল প্ৰকৃতিৰ হোৱাৰ লগে লগে প্ৰস্থিতিৰ গুৰুত্বও বাঢ়ে। একেজন ব্যক্তি যিহেতু এখন বা ততোধিক সমিতিৰ সদস্য হ’ব পাৰে। সেয়ে বিভিন্ন সমিতিৰ ভূমিকা অনুযায়ী ব্যক্তিজনৰ প্ৰস্থিতি বিভিন্ন হ’ব পাৰে।

(জ) প্ৰতিখন সমিতিৰে নিজস্ব একোটা নাম থাকে। এই বিশেষ নামৰ লগে লগে চিনাক্তকৰণৰ এটা বিশেষ প্রতীকো থাকে। সমিতিৰ পতাকা, মোহৰ এনে প্ৰতীকসমূহৰ অন্যতম।

৩। সংস্থা বুলিলে কি বুজা? মানৱ সমাজত সামাজিক সংস্থাসমূহৰ ভূমিকা সম্পর্কে আলোচনা কৰা। (What do you mean by Institutions? Discuss the role of so-cial institutions in human society.)

উত্তৰঃ সমাজৰ ব্যক্তিসকলে তেওঁলোকৰ বিভিন্ন উদ্দেশ্য সাধনৰ অৰ্থে নানা ধৰণৰ সংঘ-সংগঠন গঢ়ি তোলে। উদাহৰণস্বৰূপে— পৰিয়াল, বিদ্যালয়, মঠ-মন্দিৰ, ৰাষ্ট্ৰ আদিৰ কথা ক’ব পাৰি। স্থায়িত্বৰ দিশৰ পৰা বিচাৰ কৰিলে এই সকলোবোৰ সংগঠন একেধৰণৰ নহয়। কিছুমান স্থায়ী আৰু কিছুমান অস্থায়ী। পৰিয়াল, বিদ্যালয়, ৰাষ্ট্ৰ আদি অপেক্ষাকৃতভাৱে স্থায়ী সংগঠনসমূহে সাংগঠনিক গাঁথনি অটুত ৰখাৰ বাবে আৰু সংগঠনৰ উদ্দেশ্যসমূহক বাস্তৱতৰূপায়িত কৰাৰ বাবে কিছুমান কার্যপদ্ধতি, বিধি বা নিয়ম অনুসৰণ কৰে। এই সকলোবোৰ বিধি-বিধান বা নিয়ম-নীতিৰ মাধ্যমেৰে সামাজিক সংগঠনৰ প্রাত্যহিক কার্যকলাপ সম্পাদিত হয়। সমাজৰ সংগঠনসমূহৰ এই সকলো কাৰ্য পদ্ধতি আৰু নীতি-নিয়মে যেতিয়া স্থায়ী ৰূপ লাভ কৰে তেতিয়া সেইবোৰক সংস্থা বুলি অভিহিত কৰা হয়।

মানৱ সমাজত সামাজিক সংস্থাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সামাজিক কাৰ্য আৰু ব্যক্তিসকলৰ আচৰণক এক সু-সংহত আৰু শৃংখলিত ৰূপ প্ৰদানৰ ক্ষেত্ৰত সামাজিক সংস্থাসমূহৰ অৱদান অনস্বীকার্য। পৰিয়াল, ধৰ্ম, বিবাহ, অর্থনীতি, ৰাজনীতি, আদিবোৰ কিছুমান সামাজিক সংস্থা বা ৰীতি-নীতিৰ সমষ্টি; যিবোৰ জনসাধাৰণে মানি চলি সামাজিক কাম সমাধা কৰা দেখা যায়৷ পৰিয়াল মানৱ সমাজৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ সংস্থা, পৰিয়াল গঠনৰ বিভিন্ন উদ্দেশ্যসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল — যৌন প্রবৃত্তিৰ তৃপ্তি, বংশ ৰক্ষা, সন্তান প্রতিপালন ইত্যাদি। এই সকলোবোৰ উদ্দেশ্য সাধনৰ বাবে পৰিয়ালক সহায় কৰে বিবাহ নামৰ সংস্থাটোৱে।

সামাজিক সংস্থা সম্পর্কে সমাজবিজ্ঞানীসকলে বিভিন্ন সংজ্ঞা দাঙি ধৰিছে। Maclver and Page কৈছে— “Institution may be defined as the established forms or conditions of procedure characteristics group activity” অর্থাৎ সংস্থা পদ্ধতিৰ সংস্থাপিত ৰূপ এবিধ প্রচলিত ক্রিয়াবিধি। Bonnesৰ উদ্ধৃতিৰে কৈছে যে সামাজিক সংৰচনা স্বৰূপে সংস্থাবোৰৰ যোগেদি মানৱীয় প্রয়োজনীয়তাক সন্তুষ্ট কৰিবলৈ বহুমুখী ক্ৰিয়াবোৰ সংগঠিত, নিৰ্দেশিত আৰু সম্পাদিত কৰা হয়। সেয়ে দেখা যায়, বিবাহ প্রথা আৰু চৰকাৰক যিদৰে একোটি সংস্থা বুলি কোৱা হয়, সেইদৰে পৰিয়াল আৰু ৰাজ্যত সংস্থা ৰূপে পৰিগণিত হয়। Horton and Hunt ৰ মতে “An institution is an organised system of relationship which embodies certain common rules and procedure and not certain basic needs of the society.” মানুহৰ প্ৰধান প্রয়োজনীয়তাবোৰক কেন্দ্ৰ কৰি সংগঠিত হোৱা কিছুমান জনৰীতি আৰু লোকাচাৰক সংস্থা বুলি কোৱা হয়। সংস্থাক তেওঁলোকে এটি সংগঠিত সামাজিক সম্বন্ধ বুলিও অভিহিত কৰিছে।

সমাজবিজ্ঞানীসকলৰ আগবঢ়োৱা সংজ্ঞাসমূহৰ পৰা এইটো পৰিস্ফুট হৈছে যে, সংস্থা হৈছে সমাজত প্ৰচলিত হৈ থকা কিছুমান ক্রিয়া পদ্ধতি। প্রত্যেক সমাজতেই পদ্ধতিগতভাৱে প্ৰচলিত হৈ অহা এনে কিছুমান ৰীতি-নীতি বা ক্রিয়া-পদ্ধতি থাকে। প্রত্যেক ব্যক্তিয়েই সংস্থাৰ প্ৰতি মান্যতা প্ৰকাশ কৰে। সংস্থা এক স্বতঃস্ফূর্ত প্রক্রিয়া। ব্যক্তিৰ সংঘবদ্ধ উদ্দেশ্য পূৰণত সংস্থাই সহায় কৰে।

৪৷ সংস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Mention the characteristics of institution.)

উত্তৰঃ সংস্থাৰ বৈশিষ্ট্যসমূহ হৈছে —

(ক) সংস্থা প্রকৃতিগতভাৱে সামাজিকঃ ব্যক্তিসকলে সামূহিকভাৱে সম্পাদিত কৰা কাৰ্যৰ ফলশ্ৰুতিত সংস্থাৰ উৎপত্তি। সংস্থা প্রকৃতিগতভাৱে সামাজিক। ব্যক্তিৰ সামাজিক সম্বন্ধৰ নিৰপেক্ষ আৰু পুনৰ পৰিস্ফুট স্বৰূপৰ উৎপাদনেই হৈছে সংস্থা।

(খ) বিশ্বজনীনতাঃ পৃথিৱীৰ প্ৰত্যেক সমাজতে সংস্থা বিদ্যমান, সামাজিক বিকাশৰ প্ৰত্যেকটো স্তৰতে সংস্থাৰ অৱস্থিতি অনস্বীকার্য, সমাজৰ প্ৰাথমিক সংস্থা, যেনে- পৰিয়াল, বিবাহ, ধর্ম আৰু কিছুমান ৰাজনৈতিক সংস্থাৰ অৱস্থিতি আনকি জনজাতীয় বা আদিম সমাজতো দেখা পোৱা যায়।

(গ) প্রতিমানযুক্ত পদ্ধতিঃ সংস্থাক এক প্রতিমানযুক্ত পদ্ধতি হিচাপে জনা যায়। সংস্থাবিলাকে ব্যক্তিৰ কাৰ্যকলাপৰ পথ নির্দেশনা দিয়ে। সমাজ-ব্যৱস্থাত ব্যক্তিয়ে মানি চলিবলগীয়া নীতি-নিয়মসমূহো সংস্থাৰ দ্বাৰাই নিৰ্ধাৰিত হয়। উদাহৰস্বৰূপে বিবাহ সংস্থাৰ দ্বাৰা পতি-পত্নীৰ সম্পৰ্ক প্ৰতিষ্ঠা আৰু পৰিচালনা কৰা হয়। একেদৰে বিদ্যালয় বা মহাবিদ্যালয় আদি কিছুমান নির্দিষ্ট নিয়ম-নীতিৰ মাধ্যমেৰে পৰিচালিত হয়।

(ঘ) ব্যক্তিৰ প্ৰয়োজনীয়তা বা পূৰণৰ উপায়ঃ ব্যক্তিৰ প্ৰাথমিক প্রয়োজনীয়তাসমূহ পূৰণ কৰিবৰ বাবেই সংস্থাৰ সৃষ্টি কৰা হয়। সংস্থাৰ দ্বাৰা ব্যক্তিৰ প্ৰয়োজনীয় লক্ষ্য বা উদ্দেশ্য আৰু বিভিন্ন কার্য-কলাপ সম্পূৰ্ণ কৰাত সহায় হয়। ইয়াৰ ফলত সমাজত সামূহিক ঐক্য আৰু সংহতি বৰ্তি থকাত সংস্থাই ইন্ধন যোগায়।

(ঙ) ব্যক্তিৰ আচৰণ নিয়ন্ত্রিতঃ সংস্থাই ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ কৰে। ব্যক্তিৰ অনাকাংক্ষিত আৰু অনিয়মীয়া আচৰণসমূহ আঁতৰাই তাৰ পৰিৱৰ্তে আকাংক্ষিত পদ্ধতিগত, নিয়মীয়া আৰু প্ৰাসংগিক আচৰণৰ প্ৰয়োগ কৰে। সংস্থাক সমাজৰ ৰথৰ চক্ৰী আখ্যা দিব পাৰি, যাৰ সহায়ত গতি কৰি সমাজ আকাংক্ষিত লক্ষ্যত উপনীত হ’ব পাৰে।

(চ) আপেক্ষিকভাৱে স্থায়ীঃ সামাজিক সংস্থা হঠাৎ বা সঘনে পৰিৱৰ্তন নহয়, ক্রমাগতভাৱে আৰু লাহে লাহে সংস্থাৰ পৰিৱৰ্তন হয়। সমাজৰ বহুবোৰ সংস্থা অতি কঠোৰ। সময়ৰ লগে লগে এনে সংস্থাবোৰ সমাজৰ সংৰক্ষণশীল উপাদানলৈ ৰূপান্তৰিত হয়, উদাহৰণস্বৰূপে জাতি, ধর্ম ইত্যাদি কথা ক’ব পাৰি। অৱশ্যে পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনেবোৰ সংস্থাৰো পৰিৱৰ্তন হৈছে।

(ছ) মৌলিক আৰু লিখিত পৰম্পৰাঃ সংস্থা মৌখিক আৰু লিখিত এই দুয়োটা ৰূপতে বর্তি থাকে। প্রাচীন সমাজত মৌলিকভাৱে প্ৰচলিত ৰীতি-নীতিসমূহৰ দ্বাৰাই সমাজ নিয়াৰিকৈ পৰিচালিত হৈছিল। কিন্তু আধুনিক জটিল সমাজত এনে কিছুমান নিয়ম-নীতিকে লিখিত ৰূপত সমাজৰ উপযোগীকৈ কৰি লোৱা হ’ল ৷ সংবিধান, পৱিত্ৰ ধৰ্মীয় গ্রন্থ, পাঠ্যক্ৰম চৰকাৰী নিৰ্দেশনা, ব্যৱসায়িক চুক্তি পৰীক্ষা ব্যৱস্থা ইত্যাদিবোৰ হ’ল ৰাজনৈতিক ধৰ্মীয় শৈক্ষিক আৰু অৰ্থনৈতিক সংস্থা আদিৰ সৈতে জড়িত কিছুমান লিখিত সংস্থাগত ৰূপ।

৫। সংস্থাৰ ভাগ কেইটা আৰু কি কি উল্লেখ কৰা। (Mention how many division of the institution and what are they?)

উত্তৰঃ সংস্থাক সাধাৰণভাৱে দুটা ভাগত বিভক্ত কৰা হৈছে —

(ক) প্ৰাথমিক সংস্থা।

(খ) দ্বিতীয়ক সংস্থা।

অধিক মৌলিক সংস্থা, যিবিলাক আনকি আদিম সমাজতো দেখা পোৱা যায়, যেনে — ধর্ম, পৰিয়াল, বিবাহ আদি চৰিত্ৰগত দিশৰ পৰা প্ৰাথমিক সংস্থা। আনহাতে সমাজ ক্রমাগতভাৱে আকাৰৰ ফালৰ পৰা বিকাশ হোৱাৰ লগতে জটিল হৈ অহাৰ লগে লগে সংস্থা অধিক গতিশীল আৰু পৃথকীকৃত হৈ পৰিল। ফলশ্ৰুতি স্বৰূপে মানুহৰ দ্বিতীয়ক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ এক বুজন সংখ্যক সংস্থা জড়িত হৈ পৰিল। এই সংস্থাসমূহক দ্বিতীয়ক সংস্থা হিচাপে অভিহিত কৰা হয়। উদাহৰণস্বৰূপে আইন সংবিধান, সংসদীয় পদ্ধতি, ব্যৱসায় আদি।

সমাজতত্ত্ববিদ W. G. Sumner এ তেওঁৰ Folkways নামৰ গ্ৰন্থখনত সামাজিক সংস্থাক এই দুটা ভাগত বিভক্ত কৰিছে। যিবিলাক সংস্থা লোকাচাৰৰ ৰূপত বৰ্তি থাকে, যিবিলাক স্বতঃস্ফূর্তভাৱে বিকশিত হয় সেইবোৰক তেওঁ সংস্থা বুলি কৈছে যেনে — বিবাহ, ধর্ম ইত্যাদি।

আনহাতে যিবিলাক সংস্থা যুক্তিপূৰ্ণভাৱে আৰু উদ্দেশ্যমূলকভাৱে এক পৰিকল্পিত প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি কৰা হয়, তেনেবোৰ সংস্থাই হ’ল Enacted যেনে — বিদ্যালয়, মহাবিদ্যালয়, বেংক ইত্যাদি।

E. W. Burgess এ সংস্থাৰ চাৰিটা প্ৰকাৰৰ স্বৰূপৰ কথা উল্লেখ কৰিছে —

(ক) সাংস্কৃতিক সংস্থা। যেনে— পৰিয়াল, বিদ্যালয়, গীর্জা।

(খ) অৰ্তনৈতিক সংস্থা ৷ যেনে— বেংক, শ্রমিক, সংঘ ইত্যাদি।

(গ) বিনোদন সংস্থা। যেনে— মানুহৰ আমোদ, ক্রীড়া আদিৰ ইচ্ছা পূৰণকাৰী অনুষ্ঠান।

(ঘ) সামাজিক নিয়ন্ত্রণ সংস্থা। যেনে— সমাজৰ সামাজিক সমস্যাসমূহৰ সমাধানত সহায় কৰা।

৬। সংস্থাৰ কাৰ্যসমূহ উল্লেখ কৰা। (Mention the functions of Institution)

উত্তৰঃ মানৱ সমাজত সামাজিক সংস্থাৰ কাৰ্য বা গুৰুত্বসমূহ হ’ল —

(ক) সামাজিক সংস্থাই ব্যক্তিৰ মৌলিক অভাৱসমূহ পূৰণ কৰাত বিশেষভাৱে অৰিহণা যোগায়। 

ব্যক্তিৰ এনে মৌলিক অভাৱসমূহ হৈছে —

১। স্ব-নিয়ন্ত্ৰণৰ বাবে আৱশ্যকতা।

২। ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰা। আৰু

৩। স্ব-অভিব্যক্তি।

(খ) সংস্থাই ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ কৰে। সংস্থাই ব্যক্তিৰ অসংযত, গতানুগতিক আচৰণক আঁতৰাই সমাজৰ আকাংক্ষিত পদ্ধতিগত আৰু প্ৰাসংগিক আচৰণ প্ৰদৰ্শনৰ বাবে নিৰ্দেশনা দিয়ে। সমাজৰ ব্যক্তিসকলক সংস্থাই ‘উচিত’ আৰু ‘অনুচিত’ সন্দৰ্ভত সজাগ কৰে। সমাজৰ দ্বাৰা গ্ৰহণযোগ্য আৰু অনুচিত সন্দৰ্ভত সজাগ কৰে। সমাজৰ দ্বাৰা গ্ৰহণযোগ্য আৰু বৰ্জনীয় আচৰণৰ সম্পৰ্কতো সংস্থাহ ব্যক্তিক স্পষ্ট কৰি দিয়ে।

(গ) সংস্থাই ব্যক্তিৰ কাৰ্যবিলাকক সৰল কৰে। সংস্থাই যিহেতু ব্যক্তিৰ মৌলিক আৱশ্যকতাসমূহ পূৰণ কৰাৰ বাবে এক বিশেষ ধৰণৰ আচৰণ প্ৰণালী নিৰ্দেশিত কৰে আৰু সেয়ে ই ব্যক্তি তথা সমাজৰ সদস্যসকলৰ শক্তি আৰু সময়ৰ অপচয় ৰোধ কৰে। সংস্থাই বিবুদ্ধি আৰু অনিশ্চয়তা পৰিহাৰ কৰি সমাজপদ্ধতি সুচাৰুৰূপে পৰিচালিত হোৱাত অৱদান যোগায়।

(ঘ) সংস্থাই ব্যক্তিৰ ভূমিকা আৰু প্ৰস্থিতি নিৰ্ধাৰণ কৰে। সামাজিক ব্যৱহাৰৰ সংস্থাপিতকৰণ সমাজৰ নিৰ্দিষ্ট প্রতিমানৰ প্ৰতিষ্ঠাপনৰ অন্তৰ্ভুক্ত। এই প্রতিমানবিলাকে কিছুমান নির্দিষ্ট ব্যৱহাৰ সম্বলিত ভূমিকা আৰু প্ৰস্থিতি নিৰূপণ কৰে। পৰিয়াল, বিবাহ, শিক্ষা, ধর্ম জাতি আদি সংস্থাবিলাকে ব্যক্তিৰ বাবে কিছুমান সামাজিক মান নিৰূপণ কৰে।

৬। সমিতি আৰু সংস্থাৰ মাজত পাৰ্থক্যসমূহ উল্লেখ কৰা। (Mention the difference between Association and Institution.)

উত্তৰঃ সাধাৰণতে সমিতি আৰু সংস্থাক বহুতে একে অৰ্থতে ব্যৱহাৰ কৰিব বিচাৰে। কিন্তু সাধাৰণ দৃষ্টিত একে যেন লাগিলেও সমাজতাত্ত্বিক দৃষ্টিত দুয়োটা ধাৰণা সম্পূৰ্ণৰূপে পৃথক।

(ক) সমিতি হৈছে নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ কাৰণে সংঘবদ্ধ হোৱা ব্যক্তিৰ সমষ্টি। কিন্তু সংস্থা হৈছে পদ্ধতিৰ সংস্থাপিত ৰূপ। সংস্থাই পদ্ধতিগতভাৱে কাৰ্য সম্পাদনৰ ব্যৱস্থাক বুজায়।

(খ) সমিতিৰ সদস্য থাকে। ব্যক্তিসকলে বিভিন্ন ৰাজনৈতিক দল, বাণিজ্য সংঘ, যুৱ সংঘ আদিৰ সদস্যতা গ্ৰহণ কৰে। কিন্তু সংস্থাই কিছুমান নীতি নিয়মকহে নিৰ্দেশিত কৰে। ইয়াত কোনো সদস্যতাৰ কথা নাথাকে।

(গ) সমিতি মূৰ্ত আৰু আনহাতে সংস্থা অমূর্ত।

(ঘ) বিশেষ উদ্দেশ্য পূৰণৰ বাবে গঠিত সমিতি এখন লক্ষ্য পূৰণৰ পিছত প্ৰায়ে অৱলুপ্তি ঘটা দেখা যায়। কিন্তু সংস্থাৰ অৱলুপ্তিৰ কথা ভাবিব নোৱাৰি। সংস্থা চিৰন্তন। সময়ৰ পৰিপ্ৰেক্ষিতত সংস্থাৰ নীতি-নিয়মৰ সাল-সলনি নহ’লেও সমাজৰ পৰা সংস্থাটো একেবাৰে নিশেষ হৈ নাযায়।

৭। “সমাজ সামাজিক সম্বন্ধৰ জালগাঁঠনি।” উক্তিটো ব্যাখ্যা কৰা। (Explain the phrase ‘Society is a web of social relations.)

উত্তৰঃ “সমাজ সামাজিক সম্বন্ধৰ জাল গাঁঠনি” বুলি সঠিকভাবেই কোৱা হৈছে। সমাজতত্ত্ববিদ মেক আইভাৰ আৰু পেজৰ মতে, “সমাজ হৈছে সামাজিক সম্বন্ধৰ জাল গাঁঠনি স্বৰূপ। সমাজ হ’ল ব্যক্তিৰ সমষ্টি। সমাজত ব্যক্তিয়ে এক সামূহিক জীৱন নিৰ্বাহ কৰে। মানুহে সমাজত ইজনে সিজনৰ লগত মত বিনিময় কৰে আৰু প্ৰয়োজন সাপেক্ষে বিভিন্ন বস্তুৰ আদান প্রদান কৰে। সমাজৰ প্ৰাথমিক একক হ’ল পৰিয়াল। সমাজত পৰিয়াল বৃদ্ধি হৈ সমূহ সম্প্রদায়, চুবুৰী, গাওঁ আদি সৃষ্টি হয়।

সমাজত মানুহে কথোপকথন আৰু আদান-প্ৰদানৰ জৰিয়তে ব্যক্তিৰ মাজত এক সম্বন্ধ গঢ় লৈ উঠে। এই সম্বন্ধকে আমি বহল দৃষ্টিত সামাজিক সম্বন্ধ বুলি ক’ব পাৰো। এই সামাজিক সম্বন্ধ বিশিষ্ট বহু ব্যক্তিৰ সমষ্টিক সমাজ বুলি নামাকৰণ কৰা হৈছে। সমাজত বসবাস কৰা মানুহৰ মাজত বিভিন্ন আন্তক্রিয়াসম্পন্ন হয়। এখন সমাজত বসবাস কৰা মানুহৰ মাজত গঢ়ি উঠা আন্তৰিকতা, দয়া, আৰু পাৰস্পৰিক সহযোগিতাই সামাজিক সম্বন্ধৰ সৃষ্টি কৰে। বিভিন্ন প্ৰকাৰৰ সামাজিক সম্বন্ধ সমাজত দেখা যায়। প্ৰধানকৈ সৰল আৰু জটিল এই দুই প্ৰকাৰৰ সামাজিক সম্বন্ধ দেখিবলৈ পোৱা যায়।

৮। প্রাথমিক সমূহ হিচাপে পৰিয়ালৰ ব্যাখ্যা কৰা। (Explain the family as the primary group.)

উত্তৰঃ সামাজিক সমূহৰ এটা প্ৰধান ভাগ হৈছে – প্রাথমিক সমূহ। ই হৈছে সমাজৰ বাবে এক প্রয়োজনীয় সমূহ। এইবিধ সমূহৰ সদস্যসকলৰ মাজত ‘মুখামুখি’ সম্বন্ধ থাকে বাবে সমূহৰ বান্ধোন, সদস্যসকলৰ আন্তৰিকতা সদিচ্ছা, অনুভূতি উপলব্ধি আদি গভীৰ হয়। পৰিয়াল হৈছে প্ৰাথমিক সমূহৰ এক উপযুক্ত উদাহৰণ। কাৰণ প্ৰাথমিক সমূহত দেখা পোৱা সকলোবোৰ বৈশিষ্ট্যই আমি পৰিয়ালত দেখিবলৈ পাওঁ, উদাহৰণস্বৰূপে,—

(ক) প্ৰাথমিক সমূহৰ আকাৰ সৰু হয়, ঠিক সেইদৰে পৰিয়ালৰ আকাৰো সৰু থাকে। আকাৰ সৰু হোৱাৰ বাবে পৰিয়ালৰ অন্তৰ্ভুক্ত সদস্যসকলৰ মাজত সহায়-সহযোগ, বুজাবুজি, মিলা-প্ৰীতিৰ ভাৱ স্বাভাৱিকতে গভীৰ হয়।

(খ) প্ৰাথমিক সমূহৰ দৰে পৰিয়ালৰ সদস্যসকলৰ মাজত যি সম্পৰ্ক গঢ়লৈ উঠে, সেই সম্পর্ক ওতঃপ্রোত হোৱা দেখা যায়।

(গ) প্রাথমিক সমূহৰ দৰেই পৰিয়ালৰ প্ৰত্যেক সদস্যই পৰিয়ালটোৰ আন আন সদস্যসকলক সামূহিক উদ্দেশ্যৰে কাম কৰিবলৈ উৎসাহ আৰু প্ৰেৰণা যোগায়।

(ঘ) প্রাথমিক সমূহ হিচাপে পৰিয়ালৰ সদস্যসকলৰ মাজত ব্যক্তিগত সম্বন্ধ থাকে।

(ঙ) পৰিয়ালৰ লোকসকলৰ মাজত যি সম্পৰ্ক গঢ়লৈ উঠে, সেই সম্পর্ক স্থায়ী প্ৰকৃতিৰ।

৯। প্রাথমিক আৰু দ্বিতীয়ক সমূহৰ মাজত পাৰ্থক্যবোৰ উল্লেখ কৰি সমাজত সমূহৰ গুৰুত্বৰ বিষয়ে লিখা। (Write about the importance of groups in society by mentioning the differences between primary and secondary groups.)

সমাজত সমূহৰ গুৰুত্বঃ ব্যক্তি আৰু সমাজৰ বাবে সামাজিক সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ উদাহৰণস্বৰূপে প্ৰাথমিক সমূহৰ অবিহনে সামাজিক জীৱন কল্পনা কৰিব নোৱাৰি। এই সমূহ সমাজৰ আধাৰস্বৰূপ। ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়েই ব্যক্তিৰ চৰিত্ৰ গঢ়ি উঠে আৰু ব্যক্তিয়ে সকলো মৌলিক সামাজিক জ্ঞান লাভ কৰে।

ব্যক্তিত্বৰ বিকাশতো সমূহৰ ভূমিকা অতুলনীয়। প্রাথমিক সমূহতেই শিশুৰ সামাজিকীকৰণ হয় আৰু সামাজিকীকৰণ প্ৰক্ৰিয়াৰ যোগেদিয়েই শিশুৱে সমাজৰ প্ৰচলিত নিয়ম-নীতি, আচৰণ-পদ্ধতি আৰু মূল্যবোধৰ শিক্ষা লাভ কৰে আৰু সমাজৰ এজন সদস্য হোৱাৰ গুণ আহৰণ কৰে। প্রাথমিক সমূহৰ দৰেই দ্বিতীয়ক সমূহৰো সমাজত গুৰুত্বপূর্ণ ভূমিকা আছে। বর্তমান আধুনিক সমাজত দ্বিতীয়ক সমূহৰ ভূমিকা অতি বেছি। উদাহৰণস্বৰূপে, শিক্ষক সন্থা, ছাত্ৰ সন্থা, ৰাজনৈতিক দল, উকীল সন্থা, ব্যৱসায়িক সন্থা আদিৰো সমাজত বহু প্রয়োজনীয়তা আছে।

সামাজিক সমূহ ব্যক্তিৰ একোটি সমষ্টি যি সমষ্টিৰ লোকসকলৰ উদ্দেশ্য, স্বার্থ আদি একে হোৱাৰ কাৰণে বুজাবুজি, সহায়- সহযোগ, সদ্ভাব সদিচ্ছা আদি নিশ্চিত হৈ পৰে। সমূহৰ আকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা নহয়। উল্লেখযোগ্য যে, সমাজৰ সদস্যসকল যিকোনো একোটা সমূহৰে অন্তৰ্ভুক্ত হৈ থাকে। গতিকে, সমাজত সমূহৰ গুৰুত্বও আছে।

১০। সামাজিক পৰিৱৰ্তনৰ বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি সমূহৰ শ্রেণীবিভাগ কৰা। (What are the categories based on the characteristics of social change.)

উত্তৰঃ যদিওবা সমাজতত্ত্ববিদসকলে সামাজিক পৰিৱৰ্তনৰ ধাৰণটোৰ বিষয়ে ভিন্ন মত পোষণ কৰে, তথাপিতো তেওঁলোকে তলত উল্লেখ কৰা দিশকেইটাৰ ক্ষেত্ৰত সহমত পোষণ কৰে—

(ক) পৰিৱৰ্তনৰ প্ৰসঙ্গ সময়ৰ লগত জড়িত। এইটোৱে এটা বিশেষ সময়ৰ আগত সামাজিক পৰিস্থিতিটো কেনে আছিল আৰু সেই সময়ৰ পিছত পৰিস্থিতিটো কেনে হ’ল তাকে বুজায়।

(খ) সময়ৰ লগে লগে প্রত্যেকখন সমাজ আৰু সামাজিক পৰিস্থিতিলৈ পৰিৱৰ্তন নামি আহে। সামাজিক পৰিৱৰ্তন এটা বাস্তৱ সত্য।

(গ) যিহেতু সমাজৰ বিভিন্ন উপাদান পৰস্পৰ সম্বন্ধযুক্ত, যিকোনো এটা উপাদানত হোৱা পৰিৱৰ্তনে অন্যান্য উপাদানলৈকে পৰিৱৰ্তন আনে।

(ঘ) সচৰাচৰ পৰিৱৰ্তন বিভিন্ন উপাদানৰ ফল; এইটো এই কাৰণেই যে সমাজৰ উপাদানসমূহ পৰস্পৰ সম্বন্ধযুক্ত।

১১। সংস্কৃতিৰ সমাজতত্ত্বীয় অৰ্থ লিখা। সংস্কৃতি আৰু সভ্যতাৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা। (Write the sociological meaning of culture. Discuss the differences between culture and civilization.)

উত্তৰঃ সংস্কৃতি হৈছে সমসাময়িক মূল্যবোধৰ এক সংগঠিত প্রকাশ, যি কলা আৰু ঐতিহ্য সমূহৰ পৰম্পৰাগত বৈশিষ্ট্যৰে নিজক ৰক্ষা কৰি জীয়াই থাকে। সংস্কৃতি হৈছে মানুহৰ কাম-কাজৰ এক সংমিশ্রণ। যাৰ জৰিয়তে মানুহে নিজৰ উন্নতিৰ বাবে পাৰিপাৰ্শ্বিকতাৰ লগত খাপ খাই চলিবলৈ বিচাৰে। সংস্কৃতি এনে এক মিশ্রণ, যি জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, ৰীতি-নীতি আৰু সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰিবলগীয়া অন্যান্য দিশসমূহ সামৰি লয়।

বিভিন্ন সমাজতত্ত্ববিদে ‘সংস্কৃতি’ৰ সংজ্ঞা আগবঢ়াইছে।

ৰেডফিল্ডৰ মতে, “সংস্কৃতি হৈছে সমসাময়িক মূল্যবোধৰ এক সংগঠিত প্ৰকাশ যি কলা আৰু ঐতিহ্যসমূহৰ পৰম্পৰাগত বৈশিষ্ট্যৰে নিজক ৰক্ষা কৰি জীয়াই থাকে।”

এইচ. টি. মজুমদাৰে কৈছে, “সংস্কৃতি হৈছে মানুহে আহৰণ কৰা বস্তুবাদী বা অবস্তুবাদী সভ্যতাৰ অংশ, যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ চিন্তা-চৰ্চ্চাৰ প্ৰসাৰ কৰে।”

ই. বি. টেইলৰৰ মতে, “সংস্কৃতি এনে এক মিশ্রণ যি জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, ৰীতি-নীতি আৰু সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰিবলগীয়া অন্যান্য দিশসমূহ সামৰি লয়।

মেলিনৱস্কিৰ মতে, “সংস্কৃতি হৈছে মানুহৰ লক্ষ্যত উপনীত হোৱাৰ এক মাধ্যম, যি অভ্যাসৰ দ্বাৰা গঠিত হয়।”

সমাজতত্ত্বত সভ্যতা আৰু সংস্কৃতি দুয়োটাৰ মাজত যথেষ্ঠ পার্থক্য দেখিবলৈ পোৱা যায়।

(ক) মানুহৰ ভাৱ-ভাষা, ৰীতি-নীতি, জ্ঞান-বিশ্বাস আদিৰ জৰিয়তে সংস্কৃতি প্রকাশ পায়। কিন্তু সভ্যতা হৈছে মানুহৰ জীৱন যাত্ৰাৰ লগত জড়িত দৃশ্যমান সম্পদ।

(খ) সভ্যতাৰ প্ৰগতিৰ হিচাপ উলিয়াব পাৰি, কিন্তু সংস্কৃতিৰ নোৱাৰি।

(গ) তুলনামূলকভাৱে সংস্কৃতিতকৈ সভ্যতাৰ সোনকালে বিকাশ হয়। কিন্তু সংস্কৃতি যেনে– ভাষা, ৰীতি-নীতি, ধর্ম-বিশ্বাস আদিৰ উন্নতি দ্রুতগতিত হৈছে বুলি ক’ব নোৱাৰি।

(ঘ) সংস্কৃতি হৈছে আভ্যন্তৰীণ; কিন্তু সভ্যতা হৈছে বাহ্যিক।

১২। সমূহৰ সংজ্ঞা দিয়া। সামাজিক সমূহৰ বিভিন্ন প্ৰকাৰবিলাক উদাহৰণসহ বর্ণনা কৰা। (Define a group. Describe the difference types of social groups with example.)

উত্তৰঃ সমূহ সামাজিক জীৱনৰ পটভূমি। এখন সমাজৰ জনসংখ্যাক সদায়ে সকলো ঠাইতে কিছুমান জনসমষ্টিত অন্তর্ভুক্ত হৈ থকা দেখা যায়। অমূর্ত সামাজিক সম্বন্ধৰ মূৰ্ত বিকাশ হিচাপেও সমূহক আলোচনা কৰিব পাৰি। সমাজতত্ত্ব মূলত সামাজিক ক্ৰিয়া আৰু সামাজিক সম্বন্ধ অধ্যয়নকাৰী বিজ্ঞান আৰু সামাজিক সম্বন্ধ প্রকাশ পায় সামুহিক আচৰণত। গতিকে সমূহৰ অধ্যয়ন সমাজতত্ত্বৰ বাবে অপৰিহাৰ্য। এই ক্ষেত্ৰত বিভিন্ন সমাজতত্ত্ববিদে মন্তব্য কৰিছে যে, সামাজিক সমূহৰ অধ্যয়নৰ অৰ্থ হ’ল সামাজিক সংগঠনৰ আধাৰ শিলা। এই ক্ষেত্ৰত বিভিন্ন সমাজ বিশেষজ্ঞ সকলৰ প্ৰয়োজনীয় কেইটামান সংজ্ঞাৰ আধাৰত সামাজিক সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

সমূহৰ সংজ্ঞাঃ মেক আইভাৰ আৰু পেজৰমতে সমূহ ব্যক্তিৰ এটি সংগঠন, মত পৰস্পৰে সামাজিক সম্বন্ধত একাকাৰ হৈ যায়। অর্থাৎ সদস্যতা আৰু আন্তঃ ক্ৰিয়াৰ প্ৰতি সচেতনতা থকা ব্যক্তিৰ সংগঠনেই সমূহ।

বগাদাছৰ মতে যত কিছুমান উমৈহতীয়া অনুৰাগ থাকে, যিটোৱে ইজনে সিজনক প্ৰেৰণা দিয়ে, যত উমৈহতীয়া উক্তি থাকে আৰু সি সমজাতীয় কার্যত অংশ গ্ৰহণ কৰে তেনে দুই বা ততোধিক ব্যক্তিৰ এটি সমষ্টিয়েই সামাজিক সমূহ।

চেৰিফ আৰু চেৰিফৰ মতে, ব্যক্তি সংগঠনৰ দ্বাৰা গঠিত এটা সামাজিক গোট য’ত প্ৰত্যেক ব্যক্তিৰে কম-বেছি পৰিমাণে ইজনে সিজনৰ লগত নিৰ্দ্ধাৰিত প্ৰস্তুতি আৰু ভূমিকা সম্পৰ্কত সম্বন্ধ আছে আৰু যি সমূহটোৰ সংগতি সাপেক্ষে কিছুমান নিৰ্দ্ধাৰিত প্ৰতিমানৰ দ্বাৰা সদস্যসকলৰ ব্যক্তিগত আচৰণ নিয়ন্ত্ৰণ কৰিছে।

হেৰী এম, জনছনৰ মতে, সামাজিক আন্তঃক্ৰিয়াৰ এক পদ্ধতিকে এটা সামাজিক সমূহ বোলে। ওপৰত উল্লেখ কৰা বিভিন্ন গৰাকী সমাজতত্ত্ববিদ আগবঢ়োৱা সংজ্ঞাৰ পৰ্যালোচনা কৰিলে তলত উল্লেখ কৰা দৰে সমূহৰ কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য দেখা যায়।

(ক) সামাজিক সমূহ হৈছে মানুহৰ এক গোট।

(খ) সমূহত সকলো সদস্যৰ মাজত আন্তঃ সম্বন্ধই গঢ় লয়।

(গ) সমূহত পাৰস্পৰিক সচেতনতাবোধ থাকে।

(ঘ) ‘আমি ভাৱ’ হৈছে সমূহৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

(ঙ) সমূহৰ এক অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ সদস্যসকলৰ এক সমূহীয়া উদ্দেশ্য আছে।

(চ) সমূহৰ সদস্যসকল সদায় একতাৰ ডোলেৰে বান্ধা খাই থাকে।

সামাজিক সমূহৰ প্ৰকাৰঃ সামাজিক সমূহৰ বিভাজন বিভিন্ন ধৰণে কৰিব পাৰি যদিও সমাজতত্ত্বৰ বাবে সকলো বিভাজন আৱশ্যকীয় নহয়। সমাজতত্ত্বৰ ফালৰ পৰা বিশেষত্বপূর্ণ সামাজিক সমূহৰ বিভাজন হ’ল – প্রাথমিক সমূহ, দ্বিতীয়ক সমূহ, অর্ন্তবর্তী, বহিবৰ্ত্তী সমূহ আৰু প্ৰসংগ সমূহ বা সন্দৰ্ভ সমূহ।

প্রাথমিক সমূহঃ আমেৰিকাৰ সমাজতত্ত্ববিদ চাৰ্লছ হটন কুলেই প্রাথমিক সমূহৰ অৱধাৰণাৰ সৃষ্টি কৰিছে। কুলেৰ প্ৰাথমিক সমূহ ‘চামাৰৰ’ অন্তৰবৰ্তী সমূহৰ একে পৰ্যায়ৰ বুলিব পাৰি। কুলেই ১৯০৯ চনত পোন প্ৰথমবাৰৰ বাবে পৰিয়াল, ওচৰ-চুবুৰীয়া, শিশুৰ ধেমালি কৰা গোটসমূহৰ বিষয়ে আলোচনা কৰোতে ‘প্ৰাথমিক সমূহ’ অৱধাৰণাটো ব্যৱহাৰ কৰে। এই ‘প্ৰাথমিক সমূহ’ সকলো ধৰণৰ সমাজতে দেখা পোৱা যায়। এই সমূহবিলাকক কুলেই মানৱ প্ৰকৃতিৰ গছপুলি হিচাপে অভিহিত কৰিছে। তেওঁৰ মতে সদস্যসকলৰ মাজত থকা মুখামুখি সম্পৰ্ক, আন্তৰিকতা আৰু আত্মীয়তাৰ আধাৰত গঢ় লোৱা সমূহেই প্রাথমিক সমূহ। পৰিয়াল, চুবুৰীয়া আৰু শিশুৰ খেলবিলাক সকলো মানৱ সমাজতে দেখা পোৱা যায় আৰুই সাৰ্বজনীন। এই বিলাকৰ জৰিয়তে মানুহে সামাজিক সংহতিৰ পূৰ্ণ অভিজ্ঞতা লাভ কৰে। বহুতৰ সমাজত এই সমূহবিলাকৰ সদস্যতাই সংহতি কঢ়িয়াই অনাত সহায় কৰে।

প্রাথমিক সমূহ সকলো সংগঠনৰ অংকুৰ স্বৰূপ। সেই কথা মেক আইভাৰ আৰু পেজে উল্লেখ কৰিছে। তেওঁলোকৰ মতে প্রাথমিক সমূহ লোকাচাৰৰ উপাদান ক্ষেত্র। স্বাভাৱিকতে আনুভূতিক ঐক্য নাথাকিলে কোনো সংগঠনেই স্থায়ী হ’ব নোৱাৰে। সেই হেতুকে আনুভূতিক ঐক্যৰ ভিত্তিত প্ৰতিস্থিত প্রাথমিক সমূহক বৃহৎ সামাজিক সংগঠনৰ কেন্দ্ৰীয় শক্তি হিচাপে বিবেচনা কৰাৰ যুক্তি আছে। প্রাথমিক সমূহৰ প্ৰত্যেক সদস্যই অনানুষ্ঠানিক ভাৱে অন্য সদস্যৰ লগত ক্ৰিয়া আৰু ভাৱৰ বিনিময় কৰিব পাৰে। উদাহৰণস্বৰূপে পৰিয়ালৰ ভাই-ককাই বা পিতৃ-মাতৃ আৰু সন্তানৰ মাজত কাম আৰু ভাৱ-বিনিময় কৰিবলৈ কোনো ধৰণৰ ঔপচাৰিক নিয়ম পালন কৰিব নালাগে।

সামাজিক জীৱনত প্ৰাথমিক সমূহৰ ভূমিকা বহুমুখী, বিশেষকৈ শিশুৰ সামাজিকৰণৰ ক্ষেত্ৰত, ইহঁতৰ প্ৰাথমিক আৰু সক্রিয় ভূমিকাৰ পৰাই সামাজিক জীৱনত প্ৰাথমিক সমূহৰ আৱশ্যকতাৰ বাস্তৱ মূল্য নিৰ্ধাৰণ কৰিব পৰা হয়। সমাজতাত্ত্বিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলেও বাস্তৱ অভিজ্ঞতাৰ পৰাই পৰিয়াল যে, বিশ্বজনীন প্রাথমিক সমূহ, কুলেৰ এই যুক্তিৰ সত্যতা বিচাৰ কৰিব পৰা হয়। সেই কাৰণে আগষ্ট কটকে ধৰি বহুতো সমাজতত্ত্ববিদে পৰিয়ালক সমাজ গঠনৰ প্ৰাথমিক অৱস্থা হিচাপে বিবেচনা কৰিছে।

দ্বিতীয়ক সমূহঃ দ্বিতীয়ক সমূহ আধুনিক নগৰীয়া সমাজৰ বৈশিষ্ট্য। যিবোৰ সমূহৰ সদস্য সকলৰ সম্বন্ধ কিছুমান নিৰ্দ্ধাৰিত বা উপচাৰিক নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু সেই অনুক্রমে যি সকলৰ সম্বন্ধ নিৰ্দ্ধাৰিত কামৰ ভিতৰতে গঠিত তেনে সমূহক দ্বিতীয়ক সমূহ বুলি কোৱা হয়। দ্বিতীয়ক সমূহৰ উদাহৰণ হ’ল যিকোনো প্রতিস্থানত কাম কৰ্মচাৰী সন্থা বা সমিতিৰ সদস্যবর্গ, ৰাজনৈতিক দল, সংঘ ইত্যাদি। দ্বিতীয়ক সমূহক আমি গৌণ সমূহ হিচাপেও আলোচনা কৰিব পাৰে। দ্বিতীয়ক সমূহৰ প্ৰধান বৈশিষ্ট্য এই যে ইয়াৰ সদস্য সকলৰ সম্বন্ধ সীমিত আৰু বিশেষ কিছুমান নিয়মৰ দ্বাৰা নিয়ন্ত্রিত। দ্বিতীয়তে, দ্বিতীয়ক সমূহৰ সদস্যৰ সদস্যতা বিশেষ কিছুমান নিয়মৰ দ্বাৰা নিৰ্দ্ধাৰিত ইচ্ছা কৰিলেই যিকোনো ব্যক্তিয়ে দ্বিতীয়ক সমূহৰ সদস্য হ’ব নোৱাৰে। তৃতীয়তে, দ্বিতীয়ক সমূহৰ সৃষ্টি হয় বিশেষ কিছুমান স্বাৰ্থ পূৰণৰ পৰিপ্ৰেক্ষিতত। দ্বিতীয়ক সমূহৰ এটা অন্যতম প্রধান বৈশিষ্ট্য হ’ল স্পষ্ট শ্রমবিভাজন পদ্ধতি। এই পদ্ধতি এহাতেদি প্ৰতিযোগিতা মূলক আৰু আনফালে গণতান্ত্রিক। এনে পদ্ধতিয়ে মানুহৰ ইপ্তিনত বাঞ্চাক বাস্তৱৰূপ দিয়াত প্ৰত্যক্ষ ইন্ধন যোগাইছে।

অন্তঃ সমূহ আৰু বহিঃ সমূহঃ সমূহৰ আলোচনাত অন্তঃসমূহ বা আভ্যন্তৰীণ সমূহ আৰু বহিঃ সমূহ বা বাহ্যিক সমূহৰ বিষয়ে পৰ্যালোচনা সমাজতত্ত্বৰ কাৰণে অপৰিহাৰ্য। সামাজিক সমূহক অন্তঃসমূহ আৰু বৰ্হিঃ সমূহ হিচাপে বিচাৰ কৰিছে আমেৰিকাৰ সমাজতত্ত্ববিদ গ্রাহাম ছামাৰে।

গ্রাহাম ছামাৰে এই শব্দকেইটা ব্যাপক অৰ্থত প্ৰকাশ কৰিছে। সাধাৰণতে এজন ব্যক্তি যি সমূহত থাকে, সি আভ্যন্তৰীণ সমূহ আৰু য’ত নাথাকে সি বাহ্যিক সমূহ। চমু অৰ্থত ক’ব পৰা যায় যে, আমি যিবিলাক সমূহৰ সৈতে প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ সামাজিক জীৱন-যাপন কৰে। এই সকলোবিলাক সমূহেই আমাৰ বাবে আভ্যন্তৰীণ সমূহ। অন্যহাতে ইয়াৰ বিপৰীত হৈছে বাহ্যিক সমূহ। উদাহৰণস্বৰূপে, মই এই ঘৰৰ লৰা, তেওঁ আমাৰ সম্প্ৰদায়ৰ মানুহ, এই খন আমাৰ গাঁও ইত্যাদি ‘আমি’, ‘আমাৰ’ এনেধৰণৰ মনোভাৱবোৰে কিছুমান নিজৰ ঘনিষ্ঠতা আৰু আত্মীয়তা ভাৱৰ পৰিচয় দিয়ে। কিছুমান মানুহে কিছুমান সমূহৰ প্ৰতি পৰ ভাৱ দেখুৱায়। সেইবোৰ সমূহৰ, ক্ষেত্ৰত ‘তেওঁলোক’ বা ‘তেওঁলোকৰ’ এনে মনোভাৱ প্ৰকাশ কৰে। ইয়াৰ দ্বাৰা এইটো জানিব পাৰি যে, সেই সমূহ বা সমূহৰ সদস্যসকলৰ লগত মানুহৰ আনুভূতিক সম্পৰ্ক নাই। দ্বিতীয়ক আৰু প্ৰাথমিক যিকোনো সমূহ বা সমিতিয়েই অন্তৱৰ্তী সমূহ হ’ব পাৰে। সাধাৰণতে যিবিলাক সংগঠনৰ লগত আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত, যাৰ লগত সংহতিৰ ফালৰ পৰা প্ৰত্যক্ষভাৱে জড়িত, যিবিলাকৰ সদস্যতা স্বাভাৱিক বুলি ক’ব পৰা হয় এই আটাইবিলাকেই আমাৰ কাৰণে অন্তৱৰ্তী সমূহ। উইলিয়াম গ্রাহাম ছামাৰৰ মতে আমি যিবিলাক সমূহৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত নহয় অথবা সিবিলাক সমূহৰ সদস্যতা আমি গ্ৰহণ নকৰো, সেই বিলাক হ’ল বাহ্যিক সমূহ। সাধাৰণভাৱে ক’বলৈ হ’লে অন্তৱর্তী সমূহক ‘আমি সমূহ’ আৰু বাহ্যিক সমূহক ‘সিহঁত সমূহ’ বুলি আখ্যা দিব পাৰি।

প্রসঙ্গ সমূহ বা সন্দৰ্ভ সমূহঃ ‘সন্দৰ্ভ সমূহ শব্দটো পাৰিভাষিক হিচাপে Muzatar sherif য়ে ১৯৪৮ চনত তেওঁৰ গ্ৰন্থ “An outline of Social Psychology” ত ব্যৱহাৰ কৰিছিল। তেওঁ সদস্যভুক্তিৰ সমূহক পৃথকভাৱে দেখুৱাবৰ বাবেই ইয়াক ব্যৱহাৰ কৰিছিল।

সামাজিক সংৰচনাত সমূহে কোনো ক্ষেত্ৰত আন আন সমূহৰ বাবে শ্ৰেণীৰ কাৰ্যকলাপ, আদর্শ বা কাৰ্য পদ্ধতিৰ পৰিপ্ৰেক্ষিতত নিজৰ কতব্য নিৰ্দ্ধাৰণ কৰে। বিশেষকৈ এটা সমূহৰ সদস্য হিচাপে যেতিয়া কিছুমান সামূহিক কাষৰ বিষয়ে সিদ্ধান্ত লবলগীয়া হয়, তেতিয়া আন সমূহৰ আদৰ্শ কাৰ্যাৱলী তথা কৰ্ম পদ্ধতি আৰু ব্যৱহাৰৰ বিষয়ে তুলনা কৰি চায়। উদাহৰণস্বৰূপে এটা বিশেষ সংঘই বা সন্থাই আন সংঘ বা সন্থাৰ অৱস্থাৰ লগত নিজকে তুলনা কৰি নিজৰ কার্যকলাপৰ বিষয়ে সিদ্ধান্ত ল’ব পাৰে। এইদৰে এটা সমূহে আন এটা সমূহৰ অৱস্থা, কার্যকলাপ আদৰ্শ আদিৰ ভিত্তিত নিজৰ বিষয়ে সিদ্ধান্ত ল’ব পাৰে। চমুকৈ ক’বলৈ হ’লে এটা সমূহে অন্য এটা সমূহক তুলনা হিচাপে ল’লে সেই সমূহটোক প্ৰথমটো সমুহৰ প্ৰসংগ বুলি কোৱা হয়। বিশিষ্ট সমাজতত্ত্ববিদ Ogburn and Nimkoff ৰ মতে, ‘groups which as points of comparison are known as reference grapes.’ পাছলৈ এই দুয়োগৰাকী সমাজতত্ত্ববিদে উল্লেখ কৰিছে যে, সন্দৰ্ভসমূহ এনে এক সমূহ, য’ৰ পৰা আমি আমাৰ প্ৰমূল্যবোধ লাভ কৰাৰ লগতে আমি বিচৰাখিনি স্বীকৃতি দিয়ে ৷

১৩৷ দ্বিতীয়ক সমূহ কাক বোলে? প্রাথমিক সমূহৰ লগত ইয়াৰ পাৰ্থক্য আলোচনা কৰা। (What is the secondary group? Discuss its differences with the primary group.)

উত্তৰঃ আধুনিক উদ্যোগীক সমাজ এখনৰ সম্পৰ্কে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গৌণ সমূহ বা দ্বিতীয়ক সমূহৰ বিষয়ে জনাতো বৰ প্ৰয়োজন হৈ পৰে। এই খিনিতে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞার্নাৰ্থে জনাই থোৱা ভাল যে বহু লেখকে এই সমূহৰ অসমীয়া পাৰিভাষিক শব্দ ‘দ্বিতীয়ক সমূহ’ হিচাপে ব্যৱহাৰ কৰা হৈছে। কিন্তু Secondary groupৰ অসমীয়া পাৰিভাষিক শব্দ দ্বিতীয়ক সমূহ শুদ্ধ নহয়। সেয়েহে দ্বিতীয়ক সমূহৰ পৰিৱৰ্তে গৌণ সমুহ হিচাপে আলোচনা কৰিলেহে ইয়াৰ যথাৰ্থতা ৰক্ষা হোৱা যে ভাৱ হয়।

গৌণ সমূহৰ বিষয়ে সমাজ বিজ্ঞানীসকলে গুৰুত্ব সহকাৰে আলোচনা কৰি আহিছে। বিভিন্নজনে নিজস্ব আলোচনাৰ পৰা গৌণ সমূহৰ সংজ্ঞাও আগবঢ়াইছে। বিখ্যাত সমাজবিজ্ঞানী Ogburn আৰু Nimkoff য়ে উল্লেখ কৰিছে যে The, ‘graefs which provide experience lacking in intimacy can be called secondary groups.

কিংছলি ডেভিছে এনেদৰে মন্তব্য কৰিছে যে, ‘সাধাৰণতে পাৰিভাষিক ক’বলৈ হ’লে দ্বিতীয়ক সমূহ প্রাথমিক সমূহ সম্পূৰ্ণ বিপৰীত বুলি ক’ব পাৰি।’

H.T. Mazumdar, When face to face contacts are not Present in the relations of members. We have secondary group.

এই সংজ্ঞাসমূহ পর্যালোচনা কৰিলে আমি দেখা পাওঁ যে, প্রাথমিক সমূহৰ দৰে মুখামুখী সম্পৰ্ক গৌণ সমূহৰ অন্যতম বৈশিষ্ট্য নহয়৷ পৰিয়াল, আশ্ৰম, চুবুৰী, সাংস্কৃতিক সমূহ আদি যি ধৰণে প্ৰাথমিক সমূহৰ উদাহৰণ ঠিক তেনেদৰে ৰাষ্ট্ৰ, ৰাজনৈতিক দল, মহানগৰ, শ্রমিক সংঘ, ঔদ্যোগিক সংগঠন আদি গৌণ সমূহৰ উল্লেখযোগ্য দৃষ্টান্ত।

প্ৰাথমিক সমূহ আৰু দ্বিতীয়ক সমূহৰ পাৰ্থক্যঃ প্রাথমিক সমূহ আৰু দ্বিতীয়ক সমূহৰ মাজত ভালেমান পার্থক্য থকা দেখা যায়। পার্থক্যবোৰ এনেদৰে নিৰূপণ কৰিব পাৰি।

(ক) প্ৰাথমিক সমূহৰ আকাৰ সৰু। দ্বিতীয়ক সমূহৰ আকাৰ বৃহৎ আকৃতিৰ।

(খ) প্রাথমিক সমূহত মুখামুখী সম্পর্ক থাকে। দ্বিতীয়ক সমূহ আনুষ্ঠানিক সম্পৰ্কৰে পৰিচালিত হয়।

(গ) প্ৰাথমিক সমূহৰ সদস্য সকলৰ সামূহিক উদ্দেশ্য থাকে। দ্বিতীয়ক সমূহত ব্যক্তিগত স্বার্থক প্রশ্রয় দিয়া হয়।

(ঘ) প্ৰাথমিক সমূহৰ সদস্য সকলৰ সম্পৰ্ক ঘনিষ্ঠ আৰু অনপৌচাৰিক নিয়মৰ দ্বাৰা পৰিচালিত। দ্বিতীয়ক সমূহৰ সদস্য সকলৰ সম্পৰ্ক পৰোক্ষ আৰু আনুষ্ঠানিক তথা ঔপচাৰিক।

(ঙ) প্রাথমিক সমূহ সমাজৰ আধাৰ স্বৰূপ৷ পৰিয়াল প্রাথমিক সমূহৰ উপযুক্ত উদাহৰণ। দ্বিতীয়ক সমূহক সমাজৰ আধাৰস্বৰূপ বুলি গণ্য কৰিব নোৱাৰি।

(চ) সমাজবাদী আদৰ্শৰে প্ৰাথমিক সমূহ আৰু ব্যক্তিবাদী আদৰ্শৰে দ্বিতীয়ক সমূহৰ সদস্য সকল পৰিচালিত হয়।

(ছ) প্রাচীন আৰু গ্ৰাম্যাঞ্চলত প্রাথমিক সমূহ বিদ্যমান। দ্বিতীয়ক সমূহ আধুনিক উদ্যোগিক সমাজৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য।

(জ) প্ৰাথমিক সমূহৰ মাজত উপসমূহ দেখিলবৈ পোৱা নাযায়। দ্বিতীয়ক সমূহৰ মাজত উপ-সমূহ বিদ্যমান।

(ঝ) প্ৰাথমিক সমূহৰ সদস্যসকলৰ সামাজিক প্ৰস্থিতি সৰ্বসাধাৰণতে জন্ম আৰু বয়সৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা হয়। দ্বিতীয়ক সমুহত ই নিৰ্ভৰ কৰে ভূমিকাৰ ওপৰত।

(ঞ) দ্বিতীয়ক সমূহৰ তুলনাত প্ৰাথমিক সমূহত পাৰস্পৰিক সহযোগিতা, সহৃদয়তা আদি অধিক পৰিমাণে থকা দেখা যায়।

(ট) প্ৰাথমিক সমুহ কোনো নির্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে গঠন নহয়। কিন্তু দ্বিতীয়ক সমূহৰ নির্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে।

ওপৰত উল্লেখ কৰা সমূহেই প্ৰাথমিক আৰু দ্বিতীয়ক সমূহৰ মাজত থকা মূল পার্থক্য।

১৪। প্রাথমিক সমূহৰ অৰ্থ কি? প্রাথমিক সমূহৰ বিভিন্ন বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (What does primary group mean? Mention the different char-acteristics of the primary group.)

উত্তৰঃ সামাজিক সমূহৰ এটা মুখ্যতম ভাগ হৈছে – প্রাথমিক সমূহ। প্রাথমিক সমূহ হৈছে এনে এটা সমূহ, যি সমূহৰ সদস্য সকলে মুখা-মুখীকৈ সকলো সমস্যা সমাধানৰ বাবে উমৈহতীয়া চিন্তা চৰ্চা কৰিব পাৰে, কাৰ্যপন্থা হাতত ল’ব পাৰে আৰু অধিক আন্তৰিকতা পৰস্পৰৰ সুখ-দুখৰ কথা উপলব্ধি কৰে। পৰিয়াল, খেলাধূলাৰ সঙ্গী, স্বজনীয় গোট আদি প্ৰাথমিক সমূহৰ উপযুক্ত উদাহৰণ।

কুলেই ‘মুখামুখী’ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি প্ৰাথমিক সমূহৰ আলোচনা কৰিছে। তেওঁৰ মতে, প্রাথমিক সমূহৰ মূল উৎস হ’ল ইয়াৰ সদস্য সকলৰ মাজত থকা মুখামুখী সম্পর্ক, আন্তৰিকতা সহৃদয়তা ইত্যাদি। প্রাথমিক সমূহৰ আকাৰ স্বাভাৱিকতে সৰু। এই সমূহৰ আকাৰ সৰু হোৱাৰ বাবে সদস্য সকলৰ মাজত আপোনত্বৰ ভাৱ থাকে আৰু পৰস্পৰে পৰস্পৰৰ সান্নিধ্যলৈ অহাৰ সুযোগ লাভ কৰে।

কিংছলি ডেভিছে তিনিটা প্ৰধান চৰ্ত্তৰ ওপৰত ভিত্তি কৰি প্ৰাথমিক সমূহৰ গাঁথনিক নিৰ্ধাৰণ কৰিছে। 

তেওঁ উল্লেখ কৰা মতে চৰ্ত্ত তিনিটা হ’ল –

(ক) ভৌত্তিক সান্নিধ্য (Physical nearness)

(খ) সমূহৰ লঘু আকাৰ (Smallness of the group)

(গ) সম্বন্ধৰ অৱধি (Duration of Relationship)

ডেভিছৰ মতে, ওপৰোক্ত চৰ্ত তিনিটা যিবোৰ সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হয় সেইবোৰ সমূহকে প্রাথমিক সমূহ (Primary Group) বোলা হয়। সেইফালৰ পৰা চালে পৰিয়াল বা খেলা-ধূলাৰ সঙ্গীক একোটাহঁত প্রাথমিক সমূহৰ নমুনা হিচাপে ধৰি ল’ব পাৰি।

প্রাথমিক সমূহৰ বৈশিষ্ট্য (Characteristics of Primary Group): সমূহৰ প্ৰধান ভাগ হিচাপে স্বীকৃতি প্রাথমিক সমূহৰ ভালেমান উল্লেখযোগ্য বৈশিষ্ট্য পৰিলক্ষিত হয়। 

ইয়াৰ প্রধান বৈশিষ্ট্যবোৰ এনেধৰণৰ —

(ক) সৰু আকাৰৰ সমূহঃ সৰু আকাৰৰ সমূহ হিচাপে পৰিচিত হোৱাটো প্ৰাথমিক সমূহৰ এটা প্রধানতম বৈশিষ্ট্য। ইয়াৰ আকাৰ স্বাভাৱিকতে সৰু। প্রাথমিক সমূহৰ আকাৰ সৰু হোৱাৰ কাৰণ সদস্য সকলৰ আগত পাৰস্পৰিক বুজাপৰা, সহায়-সহযোগ, মিলামিছা ভাৱ প্ৰকৃত হৈ থাকে আৰু যিকোনো সমস্যাৰ বিৰুদ্ধে আন্তৰিকতাৰে সন্মুখীন হ’ব পাৰে। পৰিয়াল (family) প্রাথমিক সমূহৰ উদাহৰণ সাধাৰণতে, পৰিয়ালবোৰত জনসংখ্যা কম হোৱাৰ বাবে সদস্য সকলৰ মাজত সহায়-সহযোগ, পাৰস্পৰিক নিৰ্ভৰশীলতা, আন্তৰিকতা সহৃদয়তাৰ ভাৱ বৰ্তি থাকে।

(খ) ওতঃপ্রোত সম্পর্কঃ সদস্যসকল ওতঃপ্রোত সম্পর্ককে সম্পৰ্কীত হৈ থকাটো প্ৰাথমিক সমূহৰ আন এটা বৈশিষ্ট্য। প্রাথমিক সমূহৰ এই সম্পর্কৰ্ক ‘মুখামুখী’ সম্পৰ্কৰ (face to face relationship) সয্যা দিয়া হৈছে। কিয়নো, এই সম্পর্ক সদস্যসকলৰ পাৰস্পৰিক সান্নিধ্যৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰাথমিক সদস্য সকল পৰস্পৰে পৰস্পৰৰ ওচৰ চাপি অহাৰ সুবিধা লাভ কৰে। ইয়াত আনুষ্ঠানিক নীতি-নিয়মৰ প্ৰশ্ন নুঠে। সেয়ে, সদস্য সকলে নিজৰ মনোভাৱ অধিক আন্তৰিকতাৰে আনৰ আগত প্ৰকাশ কৰিবলৈ সুবিধা পায়।

(গ) সম উদ্দেশ্যঃ প্রাথমিক সমূহ সম উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। ইয়াত ব্যক্তিগত উদ্দেশ্য সিদ্ধৰ প্ৰশ্ন উঠিব নোৱাৰে। সদস্য সকল সামূহী উদ্দেশ্য সাধনবোৰে সচেতন হৈ থাকে। সদস্য সকলৰ মাজত সাজত সামূহিক লক্ষ্য, উদ্দেশ্য অন্তর্নিহিত হৈ থকাৰ কাৰণে পৰস্পৰে পৰস্পৰক সহায় কৰে।

(ঘ) ব্যক্তিগত সম্বন্ধঃ ব্যক্তিগত সম্বন্ধ স্থাপন প্রাথমিক সমূহৰ আন এটা বৈশিষ্ট্য। ইয়াৰ সদস্যসকলৰ মাজত যি সম্বন্ধ গঢ়ি উঠে, সি একান্তই ব্যক্তিগত। প্রতি মানৰ ওপৰত এই সম্পর্ক নিৰূপিত হয়। এই সম্পৰ্কৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকে। অর্থাৎ সমূহটোৰ সদস্য সকলক লৈয়েই সম্বন্ধ গঢ়ি উঠে আৰু কেৱল সদস্যসকলৰ মাজতেই ই সীমাবদ্ধ হৈ থাকে।

(ঙ) সক্রিয় অংশগ্রহণঃ প্রাথমিক সমূহৰ এটা প্রধান বৈশিষ্ট্য হৈছে সদস্য সকলৰ সক্ৰিয় অংশগ্রহণ। সদস্যসকলে তেওঁলোকৰ সামূহিক উদ্দেশ্য আগত ৰাখি কার্যকলাপবোৰত সক্রিয়ভাৱে অংশগ্রহণ কৰে।

(চ) স্বাভাৱিক নিয়ন্ত্রণঃ প্রাথমিক সমূহত স্বাভাৱিকভাৱে নিয়ন্ত্রণ বর্তি থাকে। সদস্য সকলৰ মাজত আন্তঃ সম্বন্ধ আৰু নিঃস্বার্থ মনোবৃত্তি থকাৰ কাৰণে সমূহৰ ভিতৰত স্বাভাৱিক নিয়ন্ত্রণ ৰক্ষা কৰাটো সম্ভৱপৰ হয়।

১৫। চমুটোকা লিখাঃ (Write short note)

(ক) প্রসংগসমূহ (Reference Group)

উত্তৰঃ কোনো এজন ব্যক্তি বা এটা সমূহৰ একাধিক সন্দৰ্ভসমূহ থাকিব পাৰে, কোনো এটা সমূহ আন বহুতো সমূহ বা ব্যক্তিৰ সন্দৰ্ভ সমূহ হ’ব পাৰে। সন্দৰ্ভ সমূহৰ কাৰ্যৰ বেলেগ ৰূপ বা বিপৰীত ৰূপ এটাক ভাল বুলি গণ্য কৰা হয়। প্রসংগ সমূহ প্রাথমিক বা দ্বিতীয়ক দুয়ো প্ৰকাৰৰ হ’ব পাৰে। কোনো সমূহে পৰিয়ালৰ দৰে প্ৰাথমিক সমূহকো অনুকৰণ কৰিব পাৰে। ব্যক্তি বা সমূহে ৰাষ্ট্ৰৰ দৰে বৃহৎ সমূহকো অনুসৰণ কৰিব পাৰে। অৰ্থাৎ প্ৰসংগ বা সম্পর্ক সমূহৰ আকাৰৰ কোনো সীমাবদ্ধতা নাই। যেতিয়া প্ৰথম সমূহটোৰ সদস্যসকলে কোনো কোনো ক্ষেত্ৰত দ্বিতীয় বা আন এটা সমূহৰ সদস্যসকলৰ দৰে হ’বলৈ বিচাৰে বা দ্বিতীয় সমূহটোৰ দৰে নিজৰ সমূহটোক গঢ় দিবলৈ বিচাৰে তেতিয়া প্ৰথম সমূহটোৰ কাৰণে দ্বিতীয় সমূহটো প্ৰসংগ সমূহ। সমাজত এনে কিছুমান ব্যক্তি আছে, যি সকলৰ মূল্যবোধ আৰু মানদণ্ড অন্য কিছুমান ব্যক্তিৰ আদৰ্শ হৈ পৰে। যিটো সমূহৰ আদৰ্শ আগত ৰাখি আন এটা সমূহে উন্নয়নৰ প্ৰচেষ্টা চলায় সেইটোৱে সন্দৰ্ভসমূহ।

সমাজত এনে কিছুমান ব্যক্তি আছে, যি সকল ব্যক্তিৰ মূল্যবোধ আৰু মানদণ্ড অন্য কিছুমান ব্যক্তিৰ আদৰ্শ হৈ পৰে। যিটো সমূহৰ আদৰ্শ আগত ৰাখি আন এটা সমূহে উন্নয়নৰ প্ৰচেষ্টা চলাই সেইটোৱে সন্দৰ্ভসমূহ। উদাহৰণস্বৰূপে, সমাজৰ কোনো এজন বা একাধিক ব্যক্তিয়ে নিজে সদস্য নোহোৱা এটা পৰিয়ালক আদর্শ পৰিয়ালৰূপে ধৰি নিজৰ পৰিয়ালৰ উন্নয়নৰ কাৰণে যদি সেই পৰিয়ালৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ কাৰ্যপন্থা আদি অনুকৰণ কৰে তেন্তে সেই পৰিয়ালটো হ’ল সন্দৰ্ভসমূহ। অর্থাৎ এটা সমূহে আন এটা সমূহক যদি তুলনা হিচাপে লয় তেন্তে সেই সমূহটো প্ৰসংগ বা সন্দর্ভ সমূহ হয়। প্রসংগসমূহ মানে এনে এটা সমূহক বুজায় যিটো সমূহত এজন ব্যক্তি সদস্য নোহোৱাকৈ সমূহটোৰ আদৰ্শক অনুকৰণ কৰে। মানৱ সমাজত প্ৰসংগ সমূহৰ এক উল্লেখযোগ্য ভূমিকা আছে। সমাজতাত্ত্বিক অধ্যয়নত সন্দৰ্ভসমূহক আন সদস্য সমূহ বুলি নামাকৰণ কৰিব বিচাৰে।

যেতিয়া প্ৰথম সমুহটোৰ সদস্যসকলে কোনো কোনো ক্ষেত্ৰত দ্বিতীয় বা অন্য এটা সমূহৰ সদস্যসকলৰ দৰে হ’বলৈ বিচাৰে কিম্বা দ্বিতীয় সমূহটোৰ দৰে নিজৰ সমূহটোক গঢ় দিবলৈ বিচাৰে তেতিয়া প্ৰথম সমূহটোৰ কাৰণে দ্বিতীয় সমূহটো প্ৰসংগ সমূহ হৈ পৰে। যেতিয়া এটা সমূহৰ সদস্যতাৰ প্ৰতি স্বাভাৱিক আগ্রহ থাকে তেতিয়া প্রথম সমূহটোৰ কাৰণে দ্বিতীয় সমূহটো প্ৰসংগ সমূহ হৈ পৰে। প্ৰথম সমূহৰ সদস্যসকলে কোনো ক্ষেত্ৰত তেওঁলোকৰ আৰু প্ৰসংগ সমূহৰ মাজত থকা অসমতাখিনি উপলব্ধি কৰি সেই পার্থক্যখিনি ৰক্ষা কৰাত মনোযোগ দিয়ে তেস্তে দ্বিতীয় পথটো প্রথম সমুহটোৰ সন্দৰ্ভসমূহত হৈ পৰে।

প্ৰসংগ সমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি। 

সেইকেইটা হ’ল–

(ক) যোগাত্মক প্ৰসংগ সমূহ।

(খ) ঋণাত্মক প্ৰসংগ সমূহ।

(গ) তুলনামূলক প্ৰসংগ সমূহ।

(খ) মাধ্যমিক সমূহ বা দ্বিতীয়ক সমূহ (Primary Group and Secondary Group)

উত্তৰঃ এই সমূহত সদস্যসকলৰ মাজত মুখামুখী সম্পৰ্ক নাথাকে। দ্বিতীয়ক সমূহৰ সদস্যৰ সংখ্যা বেছি আৰু ইয়াৰ আকাৰ বৃহৎ। দ্বিতীয়ক সমূহৰ সদস্যসকলৰ মাজত মুখামুখী সম্বন্ধ নাথাকে। দ্বিতীয়ক সমূহৰ সদস্যসকলৰ মাজত সম্বন্ধ পৰোক্ষ আৰু আৱশ্যক হ’ব পাৰে। দ্বিতীয়কসমূহৰ সদস্যসকলৰ সম্পৰ্ক আনুভূতিক নহয়। দ্বিতীয়ক সমূহত সদস্যসকল সক্রিয় আৰু নিষ্ক্রিয় দুয়োধৰণৰ হ’ব পাৰে। এই সমূহত দুই প্ৰকাৰৰ সদস্য দেখিবলৈ পোৱা যায় — সক্ৰিয় আৰু নিস্ক্রিয়। উদ্যোগীকৰণ, নগৰীকৰণ আদিৰ প্ৰসাৰ হোৱাৰ লগে লগে দ্বিতীয়ক সমূহৰো প্ৰসাৰ ঘটিছে। দ্বিতীয়কসমূহৰ সদস্যৰ ভূমিকাৰ লগতে জড়িত। দ্বিতীয়ক সমূহে ব্যক্তিগত প্রতিভা বিকাশ কোনো এটা বিষয়ত বাস্তৱ আৰু বহল দৃষ্টিভংগী গ্ৰহণ আদিত বিশেষ প্ৰভাৱ পেলাইছে। এই সমূহক অনুভূতি, আমিভাৱ, আবেগৰ মাত্ৰা কম। ইয়াত স্বাৰ্থৰ কথাহে জড়িত হৈ থাকে। আধুনিক সমাজ ব্যৱস্থাত দ্বিতীয়ক সমূহৰ প্ৰভাৱ অসীম।

(গ) প্রাথমিক সমূহ (Primary Group)

উত্তৰঃ প্রাথমিক সমূহ গঠনৰ মূল ভেঁটি হ’ল ‘মুখামুখী সম্বন্ধ’। মুখামুখী সমন্ধ মানে বেছি সময় ইজনে সিজনক লগ পাই থাকে। যেনে ওচৰ-চুবুৰীয়া, স্বজন গোট ইত্যাদি। এই সমূহৰ সদস্যসকলে ইজনে সিজনক আমি ভাৱেৰে বান্ধি ৰাখে। মই ভাৱ বা ব্যক্তিগত মনোভাৱ ইয়াক দেখা নাযায়। সমগ্র বিশ্বজুৰি প্ৰাথমিক সমূহৰ প্ৰাধান্যতা দেখিবলৈ পোৱা যায়। যেনে— প্রাথমিক সমূহ পৰিয়াল ওচৰ-চুবুৰীয়া ইত্যাদি। প্রাথমিক সমূহৰ সদস্য সংখ্যা কম আৰু ইয়াৰ আকাৰো সৰু। প্রাথমিক সমূহত সদস্যৰ ভূমিকাৰ লগত জড়িত নহয়। প্রাথমিক সমূহে ব্যক্তিক সামাজিকীকৰণ কৰাত যথেষ্ট সহায় কৰে। প্ৰাথমিক সমূহত সদস্যসকলৰ মাজত মুখামুখী তথ্য প্রত্যক্ষ সম্বন্ধ গঢ়ি উঠে। প্রাথমিক সমূহ কোনো নির্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে গঠন নহয়। প্রাথমিক সমূহ সদস্যসকলৰ সম্পৰ্ক আনুভূমিক। সহযোগ, সহানুভূতি, হৃদয়ংগম আমি ভাৱ এই সমূহৰ প্ৰধান বৈশিষ্ট্য।

আমেৰিকাৰ অন্যতম সমাজতত্ত্বদি চার্লচ হটন্‌ কুলেই প্রথমে প্রাথমিক সমূহ অৱধাৰণাটোৰ সৃষ্টি কৰিছিল। কুলেইৰ মতে প্রাথমিক সমূহ গঠনৰ মূল ভেঁটি হ’ল মুখামুখী সম্বন্ধ। তেওঁৰ মতে, মুখামুখী সম্বন্ধ থকা লোকসকলে আত্মীয়তাৰে আনৰ সুখ-দুখ বা জীৱনৰ আশা-আকাংক্ষা সম্পর্কে সজাগ থাকে। উদাহৰণস্বৰূপে পৰিয়াল, ওচৰ-চুবুৰীয়া, স্বজন গোট আদি। অনুভূতি, সহৃদয়তা প্রাথমিক সমূহৰ মূল উপাদান আৰু স্বতঃস্ফুত ‘আমি ভাৱ’ প্রাথমিক সমূহৰ বৈশিষ্ট্য। মেক আইভাৱ আৰু পেজৰ মতে, ‘প্রাথমিক সমূহ সকলো সংগঠনৰে মূল।’ তেওঁলোকৰ মতে প্রাথমিক সমূহতে লোকাচাৰৰ জন্ম হয়। প্রাথমিক সমূহৰ মূল চৰিত্ৰ হৈছে সম্বন্ধ প্রধান। প্রাথমিক সমূহৰ ভৌতিক অৱস্থা তিনিটাৰো মূল ভেঁটি সামাজিক সম্বন্ধ গতিকে প্রাথমিক সমূহৰ প্ৰকৃতি মানে প্রাথমিক সম্বন্ধৰ প্ৰকৃতি।

সামাজিক জীৱনত প্ৰাথমিক সমূহৰ গুৰুত্ব আপৰিসীম। মানুহৰ আচাৰ-ব্যৱহাৰ, আশা-আকাংক্ষ প্রাথমিক সমূহৰ প্ৰভাৱতেই গঢ়ি উঠে। এজন শিশু এটা পৰিয়ালত জন্ম লোৱাৰ পৰা সেই পৰিয়ালটোৰ ধাৰাবাহিকতা যতেই পৰিচালিত হয়। ব্যক্তিৰ ভাষা, ধৰ্ম, নৈতিকতা, সামাজিক মূল্যবোধ আদি প্ৰথমে পৰিয়ালৰ পৰাই যায়। পাছতহে ওচৰ-চুবুৰীয়া, সমনীয়া-বন্ধু, স্বজন-গোষ্ঠী, সহকর্মী আদিৰ দ্বাৰা প্ৰভাৱিত হয়। প্রাথমিক সমূহতেই ব্যক্তিয়ে ভাল-বেয়া কাম কৰিবলৈ আৰম্ভ কৰে। মানুহৰ অপৰাধ সম্পৰ্কীয় চিন্তাধাৰাৰো জন্ম প্ৰাথমিক সমূহতেই হয়।

প্রাথমিক সমূহ মানুহৰ ‘দিকদর্শক’ মানুহৰ সামাজিকীকৰণ কৰা, সংস্কৃতিৰ লগত অভ্যস্ত কৰোৱা, আশা-আকাংক্ষা জাগ্ৰত ৰূপ দিয়াত প্ৰাথমিক সমূহৰ গুৰুত্ব সৰ্বাধিক। প্রাথমিক সমূহ সংস্কৃতিৰ আখ্যা, সংস্কৃতিৰ বাহক আৰু সংস্কৃতিৰ পৰিবৰ্তনৰ উৎস। শেষত সমাজতত্ত্ববিদ বগাৰচাচৰ ভাষাত, যত উমৈহতীয়া স্বার্থ থাকে, যত উমৈহতীয়া উক্তি থাকে, যি ইজনে-সিজনক প্ৰেৰণা যোগায় আৰু যি সহজাতীয় কার্যত অংশ গ্ৰহণ কৰে তেনেকুৱা দুই বা ততোধিক ব্যক্তিৰ সমষ্টিয়েই হৈছে সামাজিক সমূহ।

(ঘ) সামাজিক পৰিবৰ্তন (Social Change.)

উত্তৰঃ সামাজিক পৰিবৰ্তন বুলিলে সামাজিক জীৱনত প্রতি মুহূর্ততে সলনি হৈ থকা বিভিন্ন উপাদানবিলাক সময়ৰ এক দীঘল অন্তৰালত অতীতৰ লগত এক তাৎপৰ্যপূৰ্ণ পাৰ্থক্যৰ সৃষ্টি কৰাকে বুজা যায়। সমাজশাস্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অৱধাৰণা হ’ল সামাজিক পৰিৱৰ্তন। পৰিৱবৰ্তনশীলতা মানৱ সমাজৰ অন্যতম বৈশিষ্ট্য। কোনো সমাজ স্থবিৰ হৈ নাথাকে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সকলো সমাজত পৰিৱৰ্তনৰ সূচনা হয়। মানৱ সভ্যতা আগবঢ়াৰ মূলতেই হ’ল সামাজিক পৰিৱৰ্তন।

হেৰী এম জনচনৰ মতে, “সামাজিক পৰিৱৰ্তন হ’ল সামাজিক সংৰচনা আৰু ইয়াৰ পৰিবৰ্তন।” কিংছ্লী ডেভিছৰ মতে, “সামাজিক পৰিৱৰ্তন হ’ল সামাজিক সংৰচনা আৰু ইয়াৰ কাৰ্যাৱলীৰ পৰিবৰ্তন।”

মেক আইভাৰ আৰু পেজৰ মতে, “সামাজিক পৰিৱৰ্তনৰ অৰ্থ হ’ল সামাজিক সম্বন্ধৰ পৰিবৰ্তন।”

সামাজিক পৰিৱৰ্তনৰ চৰিত্ৰসমূহ হৈছে —

(ক) সামাজিক পৰিৱৰ্তন এক বিশ্বজনীন প্রক্রিয়া।

(খ) সামাজিক পৰিৱৰ্তন এক স্বাভাবিক প্রক্রিয়া।

(গ) সামাজিক পৰিৱৰ্তন মানে সামাজিক সংৰচনাৰ পৰিৱৰ্তন।

(ঘ) সামাজিক পৰিৱৰ্তন এক সামাজিক প্রক্রিয়া।

(ঙ) সামাজিক সমূহ আৰু সংস্থাৰ গঠন প্ৰক্ৰিয়া স্বৰূপ আৰু কাৰ্যকলাপ পৰিৱৰ্তন ঘটিলেও সামাজিক পৰিৱৰ্তনৰ সৃষ্টি হয়।

(চ) সামাজিক পৰিৱৰ্তনে সমাজ পদ্ধতিৰ গঠনত পৰিৱৰ্তন ঘটাই।

(ছ) সামাজিক পৰিৱৰ্তনত প্রযুক্তিবিদ্যাই এক উল্লেখযোগ্য ভূমিকা পালন কৰে।

(ঙ) প্রাথমিক সমূহ (Primary group)

উত্তৰঃ প্রাথমিক সমূহৰ অৰ্থঃ প্রাথমিক সমূহ অৱধাৰণত সামাজিক চিন্তালৈ C.H. Cooley- ৰ অন্যতম অৱদান। পৃথিৱীৰ সকলো সময়তে প্রাথমিক সমূহ দেখা যায়। প্রাথমিক সমূহ হ’ল – এটা সৰু সমূহ য’ত কেইজনমান ব্যক্তিয়ে এজনে আনজনৰ লগত প্ৰত্যক্ষ সম্পৰ্ক ৰক্ষা কৰে, তেখেত সকলে উমৈহতীয়া প্ৰশ্নত ইজনে আনজনক আত্মিকভাৱে সহায় কৰে। Cooley used the term primary groups to mean a Social group characterised by face to face relationship, mutual aid and companionships. প্রাথমিক সমূহক ‘আমি’ সমূহ বুলিও জনা যায়। প্রাথমিক সমূহ হৈছে এটা বিশ্বজনীন সমূহ যিয়ে সাংস্কৃতিক বিকাশৰ বাবে সকলো সমাজতে ক্রিয়া কৰে। মানুহৰ প্ৰকৃতি আৰু আদৰ্শ গঠনৰ ক্ষেত্ৰত প্রাথমিক সমূহে প্রধান ভিত্তি হিচাপে কাম কৰে। প্ৰাথমিক সমূহৰ সহযোগত মানুহৰ সত্তা গঠন হয়। প্রাথমিক সমূহবোৰে ব্যক্তিক সামাজিকীকৰণ কৰে। মেকআইবাৰৰ মতে, “They are the breeding ground of our mores and the nurse of our loyalties.”. আদিম সংস্কৃতিৰ পৰা বৰ্তমানৰ আধুনিক উন্নত সমাজৰ বহুতো সংগঠন প্রাথমিক সমূহৰ মাজতে নিহিত হৈ আছে। প্রাথমিক সমূহৰ কেইটামান উদাহৰণ হ’ল – পৰিয়াল, ওচৰ-চুবুৰিয়া, ল’ৰা ছোৱালী খেলা সমূহ, স্থানীয় ভাতৃত্ববোধ, বন্ধুসংঘ, সমনীয়াসমূহ ইত্যাদি।

প্ৰাথমিক সমূহৰ প্ৰধান বৈশিষ্ট্য সমূহ হ’ল—

(ক) মুখামুখি সম্পর্ক।

(খ) ব্যক্তিগত সম্বন্ধ।

(গ) স্বতঃস্ফূর্ত সম্বন্ধ।

(ঘ) সৰু আকাৰ।

(ঙ) শাৰিৰীক সান্নিধ্য বা কাষৰীয়া ভাব।

(চ) স্থায়ী সমূহ।

(ছ) পটভূমিৰ সাদিচ্ছ্যতা।

(জ) নির্দিষ্ট আত্মসহযোগ।

(ঝ) উমৈহতীয়া সহযোগ।

(ঞ) যোগাযোগ।

(ট) অবিশেষীকৃত চৰিত্ৰ।

(ঠ) প্ৰত্যক্ষ সহযোগ ইত্যাদি।

(চ) বিজ্ঞান হিচাপে সমাজতত্ত্ব (Sociology as a science)

উত্তৰঃ সমাজতত্ত্ব এক সমাজ বিজ্ঞান, যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অর্থপূর্ণভাৱে বুজিবলৈ সম্ভৱপৰ হয়। ই সমাজৰ বিভিন্ন দিশ, যেনে- সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ, সামাজিক সম্প্রদায়, সমিতি আদিত প্রতিফলিত হোৱা সামাজিক আন্তঃক্রিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰে। সমাজতত্ত্বৰ ইংৰাজী প্রতিশব্দ হৈছে ‘SOCIOLOGY’। এই ‘SOCIOLOGY’ শব্দটো ‘SOCIUS’ আৰু ‘‘LOGOS’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। ‘SOCIUS’ মানে সমাজ ‘LOGOS’ মানে বিজ্ঞান। অর্থাৎ উৎপত্তিৰ ফালৰ পৰা সমাজতত্ত্ব এক সামাজিক বিজ্ঞান। ১৮৩৯ চনত ফ্ৰান্সৰ সমাজ দার্শনিক আগষ্ট ক’টৰ হাতত সমাজতত্ত্বই জন্ম লাভ কৰে। আগষ্ট ক’টৰ মতে, ‘সমাজ শাস্ত্ৰ’ হৈছে সমাজ পদ্ধতিৰ বিষয়ে বৈজ্ঞানিক ভাবে অধ্যয়ন কৰা এক বিজ্ঞান। সমাজতত্ত্বৰ উৎপত্তিৰ কাৰণ, উদ্দেশ্য আদিৰ ফালৰ পৰা ইয়াৰ প্ৰকৃতি বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন সামাজিক ঘটনাবোৰ অধ্যয়ন কৰি আহিছে। গতিকে সমাজতত্ত্বক বিজ্ঞানসন্মত বিষয় বুলি কোৱাৰ যথেষ্ট থল আছে। যেনে—

(ক) সমাজতত্ত্বৰ সিদ্ধান্তবোৰো সাৰ্বজনীন প্ৰকৃতিৰ। এখন সমাজৰ ওপৰত থকা বা দিয়া সিদ্ধান্ত আন এখন সমাজত প্রযোজ্য।

(খ) বিজ্ঞানৰ চৰিত্ৰৰ দৰে সমাজতত্ত্বও এক সিদ্ধান্তধর্মী বিষয়। সমাজতত্ত্বই কোনো এটা বিষয় বা ঘটনা অধ্যয়ন কৰোঁতে তথ্য উদ্ঘাটনতে ক্ষান্তনাথাকি বিশুদ্ধ সিদ্ধান্ত প্ৰকাশৰ বাবে যত্নবান হয়।

(গ) বিজ্ঞানৰ দৰে সমাজতত্ত্বও নিৰপেক্ষ বিষয়। গতিকে ইয়াক বিজ্ঞান বুলিব পাৰি।

(ঘ) বিজ্ঞানৰ দৰে সমাজতত্ত্বৰো সামাজিক ক্রিয়া, সামাজিক গতিশীলতা, সামূহিক আচৰণ আদি সিদ্ধান্তবোৰ নিৰীক্ষণীয় তথ্যপাতি, পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত।

(ঙ) বিজ্ঞানৰ দৰে সমাজতত্ত্বৰ সিদ্ধান্তবোৰো শ্ৰেণীবিভাজন কৰোঁতে সঘনে পৰিসংখ্যা বিজ্ঞানৰ সৈতে সম্পৰ্ক ৰখাৰ লগতে কোনো কোনো ক্ষেত্ৰত যুক্তি তৰ্কৰো ব্যৱহাৰ হয়।

(চ) বিজ্ঞানৰ দৰে সমাজতত্ত্বইও পর্যবেক্ষণত গুৰুত্ব দিয়ে।

(ছ) বিজ্ঞানৰ দৰে সমাজতত্ত্বতো পৰীক্ষাক অনুসন্ধানৰ এক অপৰিহাৰ্য আহিলা বুলি গণ্য কৰা হয়।

(জ) বিজ্ঞানৰ দৰেই বৰ্তমান সমাজতত্ত্বৰ অধ্যয়ন আৰু গৱেষণাৰ সুকীয়া পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

(ছ) সামাজিক গতিশীলতা (Social mobility)

উত্তৰঃ এজন ব্যক্তিয়ে যি প্ৰস্তুতি আৰু ভূমিকা গ্ৰহণ কৰে তাৰ ওপৰত ভিত্তি কৰি সমাজত স্বীকৃতি লাভ কৰে। এজন ব্যক্তিয়ে বিভিন্ন কামত আত্মনিয়োগ কৰে যাৰ জৰিয়তে তেওঁ নিম্ন প্ৰস্থিতিৰ পৰা উচ্চ প্ৰস্থিতিলৈ গতি কৰে। ব্যক্তিয়ে নিম্ন চাকৰিৰ পৰা উচ্চ চাকৰিলৈ যাবলৈ হাবিয়াস কৰে। বিভিন্ন কাৰণত উচ্চ শ্ৰেণীৰ ব্যক্তিসকলে কেতিয়াবা নিম্ন প্রস্থিতি বা স্থানলৈ গতি কৰা দেখা যায়৷ সেইদৰেই সমাজৰ ব্যক্তিসকলে নিজৰ প্ৰস্থিতিৰ জোখ উঠা নমা হৈ থাকে। এনে ধৰণৰ গতিক সামাজিক গতিশীলতা বুলি কোৱা হয়।

সামাজিক গতিশীলতা বুলিলে ব্যক্তি বা সমূহৰ এটা প্ৰস্থিতি বা স্থানৰ পৰা অন্য এটা প্ৰস্থিতি বা স্থানলৈ গতি কৰা কাৰ্য। উদাহৰণস্বৰূপে, দুখীয়া মানুহ ধনী হ’ব পাৰে, বেংকৰ পিয়ন অফিচাৰ হ’ব পাৰে, কৃষক মন্ত্ৰী হ’ব পাৰে, এজন সাধাৰণ ব্যৱসায়ী উদ্যোগপতি হোৱা ইত্যাদি সামাজিক গতিশীলতা। ঠিক একে সময়তে এজন বিখ্যাত ব্যৱসায়ী ডকাইত হোৱা আৰু শাসক শ্রেণী অফিচৰ পৰা বাহিৰ হোৱা ইত্যাদি।

সামাজিক গতিশীলতাৰ প্ৰকাৰঃ সামাজিক গতিশীলতা দুই প্ৰকাৰৰ —

১। দিগন্তমুখী গতিশীলতা। আৰু

২। উলম্ব গতিশীলতা।

যেতিয়া সমাজত কিছু ব্যক্তিয়ে একে শ্রেণী সম্পন্ন প্ৰস্থিতিৰ ভিতৰতে থাকি এটা বৃত্তিৰ পৰা অন্য এটা বৃত্তিলৈ ৰূপান্তৰ হয় তাকে দিগন্তমুখী বা আনুভূমিক গতিশীলতা বুলি কোৱা হয়।

অন্যহাতে, যেতিয়া এজন ব্যক্তিয়ে ব্যক্তিগত প্ৰচেষ্টাৰ ফলত উচ্চ স্তৰৰ পৰা নিম্ন স্তৰলৈ আৰু নিম্নস্তৰৰ পৰা উচ্চ স্তৰলৈ গতি কৰাটোক উলম্ব গতিশীলতা বুলি কোৱা হয়।

(জ) হেঁচা প্ৰদানকাৰী সমূহ (Pressure Group?)

উত্তৰঃ কেতিয়াবা কিছুমান মানুহে সমূহগত ভাবে কেতবোৰ কাৰ্য সমাধান কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ এনে সমূহৰ গঠন হয়। সাধাৰণতে চৰকাৰ, অনুষ্ঠান বা কৰ্তৃত্বশীল ব্যক্তিক নিৰ্দ্দিষ্ট কোনো কাৰ্যৰ বাবে এনে সমূহে হেঁচা প্ৰদান কৰে। সাধাৰণ জনগণেও এনে সমূহৰ সৃষ্টি কৰিব পাৰে অথবা ঔদ্যোগিক বা চৰকাৰী অনাচৰকাৰী প্ৰতিষ্ঠানতো এনেধৰণৰ হেঁচা প্রদানকাৰীসমূহৰ গঠন হয়। হেঁচা প্ৰদান কৰা নিৰ্দিষ্ট কাৰ্য সমাধান হোৱাৰ পাছত বা মীমাংসা হোৱাৰ পাছত এনেধৰণৰ সমূহ ভঙ্গ হয়।

১৬। সামাজিক সমূহ কি? ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (What are social group? Mention its characteristic?)

অথবা

সমূহৰ সংজ্ঞাবোৰ ব্যাখ্যা কৰি দেখুওৱা। (Explain the group definitions.)

উত্তৰঃ বিভিন্ন সমূহৰ সমষ্টিৰে মানৱ-সমাজ গঠিত। ইয়াৰ অৰ্থ হৈছে যে, সমাজ এখনক বিভিন্নটা সমূহত বিভক্ত কৰিব পৰা যায়৷ সমূহৰ অবিহনে মানৱ জীৱনৰ পৰিপূৰ্ণতা সম্ভৱপৰ নহয়। কিয়নো সমূহৰ সদস্য সকলে পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰি জীৱন যাপন কৰে। এতিয়া প্রশ্ন হৈছে, সমূহ মানে কি? সাধাৰণ অৰ্থত ব্যক্তিৰ সমষ্টিকে সমূহ বুলি কোৱা হয়। কিন্তু সমাজ শাস্ত্ৰত সমূহৰ অৰ্থ কিছু সুকীয়া। সেয়ে বিভিন্ন সমাজশাস্ত্রবিদে আগবঢ়োৱা সংজ্ঞা আলোচনা কৰিলেহে সমূহৰ বিষয়ে বুজাত সহায়ক হ’ব। এতিয়া সমূহৰ দুটামান সংজ্ঞা আলোচনা কৰা হ’ল — মেক আইভাৰ আৰু পেজৰ মতে, সমূহ ব্যক্তিৰ যিকোনো এটি সংগঠন, য’ত পৰস্পৰে সামাজিক সম্বন্ধত মিলি যায়।

মেক আইভাৰ আৰু পেজৰ এই সংজ্ঞা মতে, সমূহ এটা জনসমষ্টি বা মানুহৰ এক প্ৰকাৰৰ সংগঠন। ইয়াৰ অন্তৰ্ভুক্ত ব্যক্তি সকলে ইজনে-সিজনৰ প্ৰতি সচেতন হোৱাৰ উপৰিও এনে কিছুমান সামাজিক আন্তঃক্ৰিয়াৰ লগত জড়িত হৈ থাকে যি, সামাজিক সম্বন্ধ গঢ়ি তুলিব পাৰে, সেই উদ্দেশ্যহীন আন্তঃক্ৰিয়াৰ মাধ্যমেৰে সমূহ গঠিত হ’ব নোৱাৰে।

সমাজশাস্ত্ৰৰ অন্যতম লিখক বগাৰডাচে সমূহৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য সংজ্ঞা আগবঢ়াব পাৰিছে বুলি সমাজশাস্ত্ৰবিদ সকলে মন্তব্য কৰিছে। তেওঁৰ মতে ‘য’ত উমৈহীতীয়া স্বার্থ থাকে য’ত উমৈহতীয়া উক্তি থাকে, যি ইজনে সিজনক প্ৰেৰণা যোগায় আৰু যি সমজাতীয় কার্যত অংশ গ্ৰহণ কৰে, তেনেকুৱা দুই বা ততোধিক ব্যক্তিৰ সমষ্টিয়েই হৈছে সামাজিক সমূহ।’ বাগাৰডাচৰ সংজ্ঞাৰ পৰাত এইটো প্রতীয়মান হৈছে যে সমূহ হৈছে ব্যক্তিৰ সমষ্টি য’ত পাৰস্পৰিক বুজা-বুজি সহায়-সহযোগ নিশ্চিত। অৱশ্যে, সমূহৰ আকাৰ লৈ কোনো কথা নাই। সমূহ এটা ডাঙৰ নাইবা সৰু হ’ব পাৰে।

সমাজশাস্ত্রবিদ সকলে ওপৰত আগবঢ়োৱা সংজ্ঞাৰ ভিত্তিত ইয়াৰ বৈশিষ্ট্য সমূহৰ ইঙ্গিত পোৱা যায়। সমূহৰ উল্লেখনীয়া বৈশিষ্ট্য হিচাপে আমি নিম্নলিখিত দিশ সমূহলৈ আঙুলিয়াব পাৰো —

(ক) সমূহ ব্যক্তিৰ সমষ্টিৰে গঠিত হয়। ব্যক্তিৰ অবিহনে সমূহৰ কথা ভাবিব নোৱাৰি। জনসংখ্যাৰ কম-বেছি হোৱাৰ লগে লগে সমূহ এটাৰো আকাৰ ডাঙৰ নাইবা সৰু হ’ব পাৰে।

(খ) এটা সমূহৰ অন্তৰ্ভুক্ত হোৱা ব্যক্তি এজনৰ লগত আন আন ব্যক্তিৰ সম্পৰ্ক থাকে। এই সম্পৰ্ক প্ৰত্যক্ষ নাইবা পৰোক্ষও হ’ব পাৰে। অৰ্থাৎ সমূহৰ সদস্য সকলে দৈহিক সান্নিধ্যৰ মাধ্যমেৰে ক্ৰিয়া নকৰিবও পাৰে। অথচ তেওঁলোকৰ মাজত পাৰস্পৰিক সম্পর্ক বর্তি থাকে।

(গ) সমূহে সদস্যসকল অৰ্থপূৰ্ণভাৱে পাৰস্পৰিক সম্পর্ক যুক্ত হৈ থাকে। কিয়নো, সমূহৰ অন্তর্ভুক্ত হোৱা ব্যক্তিসকলে পাৰস্পৰিক ক্রিয়া-প্রতিক্ৰিয়াৰ প্ৰতি সচেতন হৈ থকাৰ কাৰণে তেওঁলোক অর্থহীন ক্রিয়া-কলাপৰ দ্বাৰা সমূহ গঠিত নহ।

(ঘ) সমূহৰ সদস্য সকলে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে সমূহৰ মাজত স্বাভাৱিক বুজা-বুজি, সহায়-সহযোগ আৰু সমন্বয় থাকে।

(ঙ) ‘আমি ভাৱ’ হৈছে সমূহৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এইটোৱে সমূহৰ একতা তথা সংহতি প্রতিনিধিত্ব কৰে।

(চ) সমূহৰ সদস্যসকলৰ এক সমূহীয়া উদ্দেশ্য আছে। সমূহৰ সদস্যসকলৰ আকাংক্ষা আৰু আদৰ্শ একেই। C.N. Sankar Rao যে উল্লেখ কৰিছে In fact men not only join groefs but from group for the realisation of their objectives or interest.

(ছ) শেষত এইটো উল্লেখ কৰিব পৰা হয় যে সমূহৰ প্ৰতিটো আচৰণেই প্ৰতিমান মূলক অর্থাৎ সমূহৰ সদস্যসকলে প্ৰতিমানধৰ্মী আচৰণসমূহ পালন কৰোতে সতর্কতা অৱলম্বন কৰিব লগা হয়। এই কথাই ইয়াকে প্ৰমাণ কৰিছে যে সামাজিক সমূহ মাত্রেই সামূহিক আচৰণৰ বিপৰীত যোৱাসকলক (deviant) পথস্ৰষ্টা ৰূপে ব্যৱহাৰ কৰিব পাৰে।

১৭। সামাজিক নিয়ন্ত্ৰণৰ মাধ্যমসমূহ আলোচনা কৰা। (Discuss the medium of social control.)

উত্তৰঃ যি পদ্ধতিৰে অসামাজিক আৰু পথভ্ৰষ্টমূলক কাৰ্যক বাধা দান কৰি সামাজিক সমানুৰূপত ৰক্ষা কৰা হয় তাক সামাজিক নিয়ন্ত্রণ বোলে। সামাজিক নিয়ন্ত্রণ হ’ল সমাজ ব্যৱস্থাৰ প্ৰধান দিশ। নিয়ন্ত্রণ অবিহনে সুস্থিৰ সমাজৰ কল্পনা কৰিব নোৱাৰি। আদিম কালত মানুহে দলবদ্ধভাৱে বন্য জীৱন-যাপন কৰিছি তেতিয়াও সামাজিক নিয়ন্ত্ৰণৰ ব্যৱস্থা আছিল। সমাজৰ আৰু সমাজৰ ব্যক্তিসকলৰ স্বাৰ্থ ৰক্ষাৰ সামাজিক নিয়ন্ত্ৰণৰ ব্যৱস্থা অপৰিহাৰ্য। সামাজিক নিয়ন্ত্ৰণ হৈছে সামাজিক আদৰ্শ আৰু স্থায়িত্বতা ৰক্ষা কৰা। কিছুমান দার্শনিকৰ মতে সমাজৰ আইনৰ দিশটোৱেই হৈছে সামাজিক নিয়ন্ত্ৰণ। টালকট পাচচনৰ মতে “পথভ্ৰষ্টমূলক কামক বাধাদান দিয়াৰ পদ্ধতিয়েই হৈছে সামাজিক নিয়ন্ত্রণ।”

জে. এছ. ৰ’ছৰ মতে, “সামাজিক নিয়ন্ত্রণ হৈছে এনে কিছুমান পৰিকল্পিত বা অপৰিকল্পিত প্ৰক্ৰিয়াৰ সমষ্টি, যিবোৰ প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তি আৰু সামাজিক সমুহবোৰে নিজস্ব প্ৰমূল্য আৰু পৰস্পৰৰ প্ৰতি অনুগত হৈ চলিবলৈ শিকাই বা বাধ্য কৰাই বা অনুৰোধ কৰে।”

সামাজিক নিয়ন্ত্ৰণৰ ভালেমান কর্তৃত্ব আছে। সেইসমূহ তলত উল্লেখ কৰা হ’ল—

ধৰ্মঃ মানুহৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ বাবে ধৰ্মৰ প্ৰয়োজন আছে। বিশেষকৈ যিবোৰ সমাজত আধুনিক আইন প্রণয়ন আৰু বিচাৰ পদ্ধতি উন্নত হোৱা নাই সেইবোৰ সমাজত সামাজিক ক্রিয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ধৰ্মৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সামাজিক সংহতি ৰক্ষাৰ ক্ষেত্ৰত ধৰ্মই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, সমাজ সংগঠনৰ দিশত থকা ভূমিকাও বিশেষ গুৰুত্বপূর্ণ ধৰ্ম হৈছে পাৰিমাৰ্থিক শক্তিৰ ওপৰত ৰখা এটা বিশ্বাস মাথোন। এই শক্তিৰ ওচৰত মানুহে নিজৰ গুণ, বুদ্ধি, জ্ঞান আৰু শাৰিৰীক শক্তিক অতি সমান বা তুচ্চ জ্ঞান কৰে। ধৰ্মৰ বহুতো মৌলিক কাম আছে, ইয়াৰ ভিতৰত ধৰ্মই সামাজিক কামৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। এজন অসহায় মানুহে যেতিয়া ন্যার্য প্ৰাপ্তিৰ পৰা বঞ্চিত হয় তেতিয়া এক অলৌকিক শক্তিৰ পৰা পাবলৈ আশা কৰে। এইদৰে ধৰ্মই মানুহৰ মনত সাওনাৰ, বিশ্বাসৰ স্থল হৈ পৰে। আবেগিক বান্ধোনেৰে সমাজখনক সংঘবদ্ধ কৰি ৰাখে। ধৰ্ম মানৱ সমাজৰ এক চিৰন্তন আৰু সৰ্বব্যাপ্ত সংস্থা। ধৰ্ম হ’ল মানুহৰ অলৌকিক শক্তিৰ প্ৰতি থকা বিশ্বাস।

প্রাচীন সমাজ ব্যৱস্থা ঘাইকৈ ধৰ্মৰ ওপৰতে নিৰ্ভৰশীল ৷ ধৰ্মৰ লগত পাপ-পূণ্য আৰু পৱিত্র অপৱিত্ৰ ধাৰণা জড়িত হৈ থকাত ধৰ্মই মানুহক পূণ্য আৰু পৱিত্ৰ কাম কৰিবলৈহে অনুপ্রাণিত কৰে। অধৰ্মী মানুহৰ বাবে অপৱিত্ৰ মানুহৰ দুখ যন্ত্রণা, নৰক ভোগ আদিৰ বৰ্ণনাৰে ধৰ্মই পৱিত্র আৰু পূণ্যৰ ভাৱ জাগৃত কৰি সামাজিক নিয়ন্ত্ৰণত অৰিহণা যোগাইছে। হিন্দু ধৰ্মই মানৱ জীৱনৰ লক্ষ্যক মূলত ধর্ম, অর্থ, কাম আৰু ক্ষোভ-এই চাৰিভাগত ভাগ কৰি জীৱন নিয়ন্ত্ৰিত কৰিছে। ধৰ্মই মানুহক পাপ কৰ্মত লিপ্ত হোৱাত বাধা জন্মাই বা বিপক্ষে পৰিচালিত হোৱাত নিয়ন্ত্ৰণ আৰোপ কৰে। ধৰ্মই মানুহৰ দুখ অশান্তি দূৰ বা নিয়ন্ত্ৰিত কৰে। সেইদৰে বৰ্তমানেও বহু গ্ৰাম্য সমাজৰ বিচাৰ ধৰ্মৰ ওপৰতো এৰি দিয়া দেখা যায়। শিক্ষাৰ বিস্তাৰৰ ক্ষেত্ৰতো ধৰ্মৰ প্ৰভাৱ আছে। পাশ্চাত্য শিক্ষাৰ প্ৰভাৱতেই সতীদাহ প্রথা, বালিকা হত্যা প্রথা, বাল্য বিবাহ প্রথা, আদি কু-সংস্কাৰসমূহ নিয়ন্ত্রিত হ’ল। প্রত্যেক ধৰ্মৰ একোজন মুখ্য ব্যক্তি বা গুৰিয়াল যেনে- খ্ৰীষ্টানৰ যাজক, ইছলামৰ মোল্লা, হিন্দুৰ পুৰহিত ইত্যাদি থাকে। এই ব্যক্তিসকলে সামাজিক নিয়ন্ত্ৰণত অৰিহণা যোগায়। মুঠতে সামাজিক নিয়ন্ত্ৰণত ধৰ্মৰ এক বিশেষ প্ৰভাৱ আছে।

প্ৰথাঃ কিংছ্লি ডেভিছৰ মতে প্ৰথা শব্দটোৱে লোকাচাৰ আৰু জনৰীতি দুয়োটাকে সামৰি লয়। মানুহৰ জীৱনত সামাজিক প্ৰথাৰ প্ৰভাৱ অসীম। প্ৰথা ভংগ কৰিলে সামাজিক গৰিহণা, নিন্দা বা শাস্তিৰো সন্মুখীন হ’ব লাগে। সেইবাবে সকলো মানুহ প্ৰথাৰেই পৰিচালিত হ’ব বিচাৰে। অৱশ্যে সমাজ আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰথাৰো পৰিৱৰ্তন ঘটে। প্রথাই সামাজিক নিয়ন্ত্রণত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। সামাজিক প্রথা সমাজশাস্ত্ৰৰ এটা উল্লেখযোগ্য অৱধাৰণা। সামাজিক প্রথা হৈছে স্থায়ীভাৱে সমাজত প্ৰচলিত ৰীতি-নীতি। শিশুক সামাজিকীকৰণৰ জৰিয়তে সামাজিক প্ৰথাৰ লগতো অভ্যস্ত কৰোৱা হয়। প্ৰথা সংস্কৃতিৰ মূল উপাদান।

আইনঃ সমাজৰ প্ৰচলিত প্ৰথাবোৰক যেতিয়া ৰাজনৈতিক কৰ্তৃত্বই লিখিত ৰূপত সমাজত প্ৰৱৰ্তন কৰে, তাক আইন বোলা হয়। সামাজিক নিয়ন্ত্ৰণত আইনৰ ভূমিকাই আটাইতকৈ বেছি শক্তিশালী। আইনৰ মূল লক্ষ্য বা উদ্দেশ্য হৈছে জনকল্যাণ আৰু পথভ্ৰষ্টমূলক কামৰ বিপৰীতে ব্যক্তিক পৰিচালিত কৰা। সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আইনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আইনে অপৰাধৰ গুৰুত্ব অনুসৰি প্ৰাণদণ্ড, যাবৎজীৱন কাৰাদণ্ড আদি অতি কঠোৰ শাস্তি বিহিব পাৰে। গতিকে বর্তমান জটিল সমাজ নিয়ন্ত্রণ কৰিবৰ বাবে আইন অপৰিহাৰ্য।

পৰিয়ালঃ পৰিয়ালৰ এক উল্লেখযোগ্য কাম হৈছে সামাজিক নিয়ন্ত্রণ। পৰিয়ালে যৌন সম্বন্ধ নিয়ন্ত্ৰণত ব্যৱস্থা লৈছে, পৰিয়ালে সামাজিকৰণৰ জৰিয়তে ব্যক্তিৰ সংস্কৃতি গঢ়ি তোলে। শিশুৰ সৰ্বতোমুখী বিকাশ সাধনৰ প্ৰথম কঠিয়াতলি হ’ল ঘৰখন আৰু প্রথম শিক্ষক হ’ল মাতৃ। পিতৃ-মাতৃৰ যত্ন, আচাৰ আচৰণ, অনুশাসন আদিৰ জৰিয়তেহে শিশু ডাঙৰ হৈ এজন সুস্থ ব্যক্তি হিচাপে নিজকে পৰিচয় দিব পাৰিব। ইয়াৰ বাবে অতি বেছি মৰম চেনেহ আৰু আদৰ যত্ন বা শাসনে শিশুৰ সামাজিকীকৰণত বাধা প্ৰদান কৰিব পাৰে। শিশুক সমাজৰ বিভিন্ন পৰিবেশৰ লগত সুস্থ সমাযোজন কৰি এজন সুস্থ সামাজিক ব্যক্তি হিচাপে গঢ়ি তোলাত পৰিয়ালে এক বিশেষ ভূমিকা পালন কৰে। শিশুৱে জন্মৰ পিছৰ পৰাই পিতৃ-মাতৃৰ পৰা আচাৰ আচৰণ, মৰম দয়া, সহযোগিতা, ধৈর্য, ত্যাগ আদি গুণবোৰ শিকে। শিশুৱে ভাষা আৰু সামাজিক ধর্মনিষ্ঠা আয়ত্ব কৰে পৰিয়ালৰ পৰাই। গতিকে শিশুৰ সুস্থ বিকাশৰ বাবে পৰিয়ালে এক সুন্দৰ পৰিৱেশৰ যোগান ধৰিব লাগিব। পৰিয়ালৰ পৰিৱেশ ভাল নহলৈ ল’ৰা ছোৱালীৰ সামাজিকীকৰণ শুদ্ধ হ’ব নোৱাৰে।

পৰিয়ালে ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ কৰে। পৰিয়াল মানৱ সমাজৰ মূল আধাৰ। পৰিয়ালেই মানৱ জীৱনৰ প্ৰথম পদক্ষেপ। পৰিয়ালতেই ব্যক্তিয়ে সামাজিক জীৱনৰ প্ৰাথমিক কথাখিনি শিকি নিজকে সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলে। চৰিত্ৰ গঠনত পৰিয়ালেই মূল ভূমিকা গ্ৰহণ কৰে। পৰিয়ালৰ মূৰব্বীৰ ভূমিকাইও সামাজিক নিয়ন্ত্রণত যথেষ্ঠ প্রভাৱ পেলায়। মূৰর্ব্বীজনৰ দক্ষতা তথা ব্যক্তিত্বৰ দ্বাৰা পৰিয়ালৰ বাকী সদস্যসকলো প্ৰভাৱিত হয়। নিজৰ সন্তানে যাতে সমাজত একো অপৰাধমূলক কার্য কৰিব নোৱাৰে তাৰ বাবে পৰিয়ালে সন্তানক সৰুৰে পৰাই চকু দিয়ে। পৰিয়ালৰ এজন সদস্যই অপৰাধ কৰিলে পৰিয়ালটোৱে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰে। পৰিয়ালটোত জীয়াই থকা প্ৰেম, মৰম-চেনেহ, ক্ষমা আদিয়ে অপকৰ্মৰ পৰা নৱপ্ৰজন্মক আতঁৰাই ৰাখে। মুঠতে সামাজিক নিয়ন্ত্ৰণত পৰিয়ালৰ ভূমিকা গুৰুত্বপূৰ্ণ।

১৮। সামাজিক নিয়ন্ত্রণত পৰিয়ালৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। (Discuss the role of family in social control.)

উত্তৰঃ যি পদ্ধতিৰে অসামাজিক আৰু পথভ্ৰষ্টমূলক কাৰ্যক বাধা দান কৰি সামাজিক সমানুৰূপত ৰক্ষা কৰা হয় তাক সামাজিক নিয়ন্ত্রণ বোলে। সামাজিক নিয়ন্ত্রণ হ’ল সমাজ ব্যৱস্থাৰ প্ৰধান দিশ। নিয়ন্ত্রণ অবিহনে সুস্থিৰ সমাজৰ কল্পনা কৰিব নোৱাৰি। আদিম কালত মানুহে দলবদ্ধভাৱে বন্য জীৱন-যাপন কৰিছিল তেতিয়াও সামাজিক নিয়ন্ত্ৰণৰ ব্যৱস্থা আছিল। সমাজৰ আৰু সমাজৰ ব্যক্তিসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে সামাজিক নিয়ন্ত্ৰণৰ ব্যৱস্থা অপৰিহাৰ্য। সামাজিক নিয়ন্ত্রণ হৈছে সামাজিক আদৰ্শ আৰু স্থায়িত্বতা ৰক্ষা কৰা। কিছুমান দার্শনিকৰ মতে সমাজৰ আইনৰ দিশটোৱেই হৈছে সামাজিক নিয়ন্ত্রণ। টালকট পাৰচনৰ মতে ‘পথভ্রষ্টমূলক কামক বাধাদান দিয়াৰ পদ্ধতিয়েই হৈছে সামাজিক নিয়ন্ত্রণ।”

জে. এছ. ৰ’ছৰ মত, “সামাজিক নিয়ন্ত্রণ হৈছে এনে কিছুমান পৰিকল্পিত বা অপৰিকল্পিত প্ৰক্ৰিয়াৰ সমষ্টি, যিবোৰ প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তি আৰু সামাজিক সমুহবোৰে নিজস্ব প্ৰমূল্য আৰু পৰস্পৰৰ প্ৰতি অনুগত হৈ চলিবলৈ শিকাই বা বাধ্য কৰাই বা অনুৰোধ কৰে।”

পৰিয়ালৰ এক উল্লেখযোগ্য কাম হৈছে সামাজিক নিয়ন্ত্রণ। পৰিয়ালে যৌন সম্বন্ধ নিয়ন্ত্রণত ব্যৱস্থা লৈছে, পৰিয়ালে সামাজিকীকৰণৰ জৰিয়তে ব্যক্তিৰ সংস্কৃতি গঢ়ি তোলে। শিশুৰ সৰ্বতোমুখী বিকাশ সাধনৰ প্ৰথম কঠাতলি হ’ল ঘৰখন আৰু প্ৰথম শিক্ষক হ’ল মাতৃ। পিতৃ-মাতৃৰ যত্ন, আচাৰ-আচৰণ, অনুশাসন আদিৰ জৰিয়তেহে শিশু ডাঙৰ হৈ এজন সুষ্ঠ ব্যক্তি হিচাপে নিজকে পৰিচয় দিব পাৰিব। ইয়াৰ বাবে অতি বেছি মৰম চেনেহ আৰু আদৰ যত্ন বা শাসনে শিশুৰ সামাজিকীকৰণত বাধা প্ৰদান কৰিব পাৰে। শিশুক সমাজৰ বিভিন্ন পৰিৱেশৰ লগত সুষ্ঠ সমাযোজন কৰি এজন সুষ্ঠ সামাজিক ব্যক্তি হিচাপে গঢ়ি তোলাত পৰিয়ালে এক বিশেষ ভূমিকা পালন কৰে। শিশুৱে জন্মৰ পিছৰ পৰাই পিতৃ-মাতৃৰ পৰা আচাৰ-আচৰণ, মৰম দয়া, সহযোগিতা, ধৈর্য, ত্যাগ আদি গুণবোৰ শিকে। শিশুৱে ভাষা আৰু সামাজিক ধৰ্মনিষ্ঠা আয়ত্ব কৰে পৰিয়ালৰ পৰাই। গতিকে শিশুৰ সুষ্ঠ বিকাশৰ বাবে পৰিয়ালে এক সুন্দৰ পৰিৱেশ যোগান ধৰিব লাগিব। পৰিয়ালৰ পৰিৱেশ ভাল নহ’লে ল’ৰা-ছোৱালীৰ সামাজিকীকৰণ শুদ্ধ হ’ব নোৱাৰে।

পৰিয়ালে ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ কৰে। পৰিয়াল মানৱ সমাজৰ মূল আধাৰ। পৰিয়ালেই মানৱ জীৱনৰ প্ৰথম পদক্ষেপ। পৰিয়ালতেই ব্যক্তিয়ে সামাজিক জীৱনৰ প্ৰাথমিক কথাখিনি শিকি নিজকে সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলে। চৰিত্ৰ গঠনত পৰিয়ালেই মূল ভূমিকা গ্ৰহণ কৰে। পৰিয়ালৰ মূৰব্বীৰ ভূমিকাইও সামাজিক নিয়ন্ত্রণত যথেষ্ট প্ৰভাৱ পেলায়। মূৰব্বীজনৰ দক্ষতা তথা ব্যক্তিত্বৰ দ্বাৰা পৰিয়ালটোৰ বাকী সকস্যসকলো প্ৰভাৱিত হয়। নিজৰ সন্তানে যাতে সমাজত একো অপৰাধমূলক কার্য কৰিব নোৱাৰে তাৰ বাবে পৰিয়ালে সন্তানত সৰুৰে পৰা চকু দিয়ে। পৰিয়ালৰ এজন সদস্যই অপৰাধ কৰিলে পৰিয়ালটোৱে শাক্তিৰ ব্যৱস্থা গ্ৰহণ কৰে। পৰিয়ালটোত জীয়াই থকা প্ৰেম, মৰম-স্নেহ, ক্ষমা আদিয়ে অপকৰ্মৰ পৰা নৱপ্ৰজন্মক আঁতৰাই ৰাখে৷ মুঠতে সামাজিক নিয়ন্ত্ৰণত পৰিয়ালৰ ভূমিকা গুৰুত্বপূৰ্ণ।

১৯। ‘আন্তঃসমূহ’ আৰু ‘বহিঃসমূহ’ৰ মাজত পাৰ্থক্য আলোচনা কৰা। (Discuss the difference between In Group and Out Group.)

উত্তৰঃ আমেৰিকাৰ সমাজ বিজ্ঞানী W.G Sumner এ সামাজিক সমূহক অন্তৱৰ্তী আৰু বহিৱৰ্তী এই দুটা ভাগত বিভক্ত কৰিছে। Sumner এ তেওঁৰ ‘Folkways’ নামৰ গ্ৰন্থত দাঙি ধৰা এই বিভাজন ক্ষেত্রবিশেষে প্ৰাথমিক আৰু দ্বিতীয়ক সমূহৰ সমপৰ্যায়ৰ বুলি ক’ব পৰা যায়।

অন্তৱৰ্তী সমূহ প্রাথমিক অথবা দ্বিতীয়ক যিকোনো ধৰণৰ হ’ব পাৰে। সাধাৰণতে যিবিলাক সমূহৰ প্ৰতি আমাৰ আনুগত্য, সহানুভূতি, সহযোগিতা অত্যন্ত প্রবল, যাৰ সৈতে প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আমি সামাজিক জীৱন যাপন কৰো, যিবিলাকৰ সদস্যতা স্বাভাৱিক বুলি ক’ব পাৰা হয়, আৰু যিবিলাক সমূহৰ আদৰ্শ ৰক্ষাৰ কাৰণে অহোপুৰুষাৰ্থ করা হয়, এই আটাইবিলাকে আমাৰ কাৰণে অন্তৰ্ৱৰ্তী সমূহ। এনে সমূহৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পর্ক অতি ঘনিষ্ট। অন্তৱৰ্তী সমূহৰ এক বিশেষ বৈশিষ্ট্য হ’ল যে, ইয়াৰ সম্বন্ধৰ মাজত এক গভীৰ ‘আমি’ ভাব চিৰকাল বিদ্যমান। সদস্যসকলৰ মাজত গভীৰ সংহতি, ভ্ৰাতৃবোধ আৰু সমূহৰ স্বাৰ্থত আত্ম-ত্যাগৰ মানসিকতা পৰিলক্ষিত হয়। সমূহৰ লক্ষ্য আৰু লক্ষ্যত উপনীত হোৱাৰ বাবে কৰা সামূহিক প্রচেষ্টা অন্তৱৰ্তী সমূহৰ উল্লেখনীয় দিশ। অন্তৰ্ৱৰ্তী সমূহৰ উদাহৰণ হিচাপে পৰিয়াল, ক্লাৱ, মহাবিদ্যালয়, ধর্মীয় সমূহ, জাতি, ভাষিক সমূহ আদিৰ কথা ক’ব পাৰি। যিবোৰ সমূহৰ লগত মানুহে নিজৰ অন্তৱৰ্তী স্নেহ বা সংলগ্নতা প্ৰকাশ কৰে তেনে সমূহকে সেইসকল ব্যক্তিৰ বাবে অন্তৰ্ৱৰ্তী সমূহ বুলি কোৱা হয়।

অন্তৰ্ৱৰ্তী সমূহৰ সদস্যসকলৰ মনত নিজৰ সমূহটোৰ মূল্যবোধ, মনোভাৱ আদি সকলো দিশ উন্নত এই ভাৱে বিৰাজ কৰে। বিশেষকৈ বহিৰ্ৱৰ্তী সমূহ এটাৰ লগত তুলনা কৰি তেওঁলোকে নিজৰ সমূহটোক বৈশিষ্ট্যপূৰ্ণ আৰু উৎকৃষ্ট গুণৰাজিৰে সমৃদ্ধ বুলি অনুভৱ কৰে। Sumner ৰ মতে, প্রাচীন অথবা বর্তমান আৰু সৰু বৰ নিৰ্বিশেষে সকলো অন্তঃসমূহৰ মাজতে এই গোষ্ঠীগত মনোভাৱ পলক্ষিত হয়। তেওঁৰ মতে, সমূহৰ সৈতে ব্যক্তিৰ একাত্মতাৰ কাৰণেই এই ধৰণৰ মনোভাৱৰ সৃষ্টি হয়। সমূহৰ সংহতি সৃষ্টি আৰু সংৰক্ষণৰ বাবে গোষ্ঠীগত মনোভাৱে অৰিহণা যোগালেও সমাজৰ পক্ষে এনে মনোভাব ক্ষতিকাৰক ৰূপে বিবেচিত হয়।

বহির্ৱতী সমূহঃ সমাজ এখনত অন্তৰ্ৱৰ্তী সমূহবিলাকৰ অস্তিত্বই সমাজত যে কিছুমান বহির্ৱর্তী সমূহো আছে তাৰেই ইংগিত বহন কৰে। অন্তৱৰ্তী সমূহক ‘আমি’ বা ‘আমাৰ’ সমূহ বুলি কোৱাৰ দৰে বহুর্ৱৰ্তী সমূহক ‘সিহত’ বা ‘সিহঁতৰ’ সমূহ এই ধাৰণাৰে বুজোৱা হয়। বহির্ৱর্তী সমূহ হ’ল অন্তৰ্ৱৰ্তী সমূহৰ বিপৰীত। সাধাৰণতে কিছুমান সমূহৰ প্ৰতি কিছুমান মানুহৰ আপোনভাৱ নাথাকে, কাৰণ তেওঁলোক সেই সমূহবোৰৰ সদস্য নহয়। এই সমূহবোৰৰ প্ৰতি তেওঁলোকে উদাসীনতাৰ ভাব পোষণ কৰে। গতিকে, যেতিয়া কোনো সমূহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা নহয়, সেই সমূহৰ নীতি-নিয়ম, আচৰণ প্ৰণালী আদি কিছুমান মানুহে গ্ৰহণ নকৰে আৰু সমূহটোৰ প্ৰতি পৰ-ভাব দেখুৱায়, তেতিয়া সেই সমূহটোক বহিৱৰ্তী সমূহ বুলি কোৱা হয়। ‘William Graham Sumner’ ৰ মতে যিবোৰ সমূহৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি জড়িত নহয় বা যিবোৰৰ সদস্যতা আমি গ্ৰহণ নকৰোঁ। সেইবিলাক সমূহেই হ’ল বহির্ৱতী সমূহ। সাধাৰণতে এনে সমূহৰ আদৰ্শ আৰু নীতিক আমি স্বীকৃতি নিদিয়াৰ উপৰি এনে সমূহৰ সদস্যসকলৰ মাজত ইজনৰ সিজনৰ প্ৰতি সহৃদয়তামূলক মনোভাৱ নাথাকে।

গতিকে, আলোচনাৰ পৰা এইটো প্রতীয়মান হয় যে, অন্তৱৰ্তী সমূহৰ সদস্যৰ সম্বন্ধৰ পৰিপ্ৰেক্ষিতত বহিৱৰ্তী সমূহৰ স্বৰূপ প্ৰকাশ পায়। ‘আমি’ আৰু ‘সিহতঁ’ শব্দৰ ব্যৱহাৰৰ যোগেদি দুয়োটাৰে মাজৰ পাৰ্থক্য চিহ্নিত কৰা হয়।

২০। ব্যক্তিৰ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত সংস্কৃতিৰ ভূমিকা সম্পর্কে ব্যাখ্যা আগবঢ়োৱা। (Explain the role of culture in shaping a person’s personality.)

উত্তৰঃ বহুতো লিখকে এইটো মত পোষণ কৰে যে, ব্যক্তিত্ব আৰু সংস্কৃতি হৈছে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আৰু সংস্কৃতিয়ে ব্যক্তিত্বৰ গঠন কৰে। এইক্ষেত্ৰত আমি মার্গাৰেট মিড আৰু ৰুথ বেনেডিক্টৰ আদৰ্শৰ কথা ক’ব পাৰো। কিন্তু বহুতো লেখকে ইয়াক অর্ধসত্য বুলি গণ্য কৰিছে। Ralph Linton এ এইবুলি কৈছে যে, সংস্কৃতি অনুযায়ী ব্যক্তিত্বৰ গঠন পৃথক পৃথক হয়। সেইকাৰণে একে সংস্কৃতিৰ ভিতৰত কিছুমানৰ ব্যক্তিত্ব আগবঢ়া, কিছুমান পাছপৰা আৰু কিছুমানৰ ব্যক্তিত্ব প্রতিযোগী ভাৱাপন্নভাৱে গঢ় লয়। সেইকাৰণে সংস্কৃতিক ব্যক্তিত্বৰ অন্যান্য নিৰ্দ্ধাৰকৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

এইটো সত্য যে সংস্কৃতিয়ে বহুতো অভ্যাস, মূল্যবোধ আৰু অগ্ৰগতি নিৰূপণ কৰে। সংস্কৃতিয়ে ব্যক্তিত্বৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত এক শক্তিশালী আৰু স্থায়ী ভূমিকা পালন কৰে য’ত সংস্কৃতিৰ ৰীতি-নীতি সম্পূৰ্ণৰূপে প্ৰকাশ পায়। তথাপি আমি সংস্কৃতি আৰু ব্যক্তিত্বৰ মাজত পাৰ্থক্য নাই বুলি ক’ব নোৱাৰো। উদাহৰণস্বৰূপে Dubuans আৰু Kwakiute ভাৰতীয় সকলৰ কথা উল্লেখ কৰিব পাৰোঁ। যদিও বা ইহঁতি প্রতিযোগী ভাৱাপন্ন আৰু অন্যহাতে ইহঁত কিন্তু বেয়া মনোভাৱাপন্ন আৰু বিশ্বাসঘাতকো। ইয়াৰ অৰ্থ এইটো নহয় যে Dubuans আৰু Kwakiute সকলোবোৰেই তেনে প্ৰকৃতিৰ।

সেইদৰে আধুনিক আমেৰিকাবাসীৰ কথা ক’ব পাৰো যদিওবা এওঁলোকে ব্যক্তিগত কৃতকাৰ্যতাৰ কথাত অধিক গুৰুত্ব প্ৰদান কৰে কিন্তু সকলোবোৰে এই মন্ত্ৰত প্ৰেৰণা নোযোগায়। বহুতে ব্যক্তিগত প্রতিযোগিতাক উৎসাহ জনায় আৰু অন্যান্যসকলে নজনায়।

ইয়াৰ পৰা এইটো প্ৰমাণিত হ’ল যে —

ব্যক্তিত্বক সংস্কৃতিৰ দ্বাৰা সম্পূৰ্ণৰূপে নিৰ্দ্ধাৰণ কৰা নহয় যদিওবা কোনো ব্যক্তিত্বই সংস্কৃতিৰ প্ৰভাৱৰ পৰা হাত সাৰিব নোৱাৰে।

তলত দিয়া উপাদানবোৰে একে সংস্কৃতিৰ মাজত ব্যক্তিত্বৰ বিভিন্নতাত সহায় কৰে।

(ক) উপসংস্কৃতিৰ প্ৰভাৱ।

(খ) সাংস্কৃতিক সালসলনি।

(গ) জৈৱিক উপাদান।

(ঘ) পৰিস্থিতিগত পৃথকতা সমূহ।

(ঙ) সংস্কৃতিৰ প্ৰসাৰতাত পৃথকতা।

(চ) সংস্কৃতিৰ পৰিৱৰ্তন।

(ছ) সংস্কৃতিয়ে ব্যক্তিত্বক প্ৰভাৱান্বিত কৰে।

শেষত, আমি ক’ব পাৰো যে ব্যক্তিত্ব সংস্কৃতিৰ যোগাত্মক সৃষ্টি নহয়। সংস্কৃতিৰ প্ৰভাৱ আৰু আৱেগৰ প্ৰতি ব্যক্তিয়ে পৃথক পৃথক প্রতিক্রিয়া প্রকাশ কৰে। Gardner Murphy sug-gest, “One child is easily moulded with regard to food but fight constantly against socialization of his aggressive impulses; the reverse may be true of another child.”

সকলোবোৰ সংস্কৃতিয়ে প্রস্তুত কৰে বিভিন্ন আৰু সমৰূপী ব্যক্তিত্ব। প্রত্যেক সামাজিকৰণ ব্যক্তিৰে এক নিজা ব্যক্তিত্ব আছে। ব্যক্তিত্ব হ’ল – এজন ব্যক্তিৰ অভ্যাস, আকাংক্ষা আৰু সম্বন্ধ বা সম্পৰ্কৰ সংগঠন। ই উদিত হয় – জৈৱিক, সামাজিক আৰু সাংস্কৃতিক উপাদানৰ সহযোগত। প্ৰকৃতাৰ্থত ব্যক্তিৰ ব্যক্তিত্বক সম্পূৰ্ণৰূপে কেতিয়াও সংস্কৃতিয়ে নিৰ্ণয় নকৰে তথাপিতো সংস্কৃতিৰ প্ৰভাৱক উলাই কৰিব নোৱাৰি।

২১। সংস্কৃতি মানে কি? ইয়াৰ উপাদানসমূহ বিশ্লেষণ কৰা। (What does culture mean? Analyze its components?)

উত্তৰঃ বিভিন্ন সমাজতত্ত্ববিদে সংস্কৃতিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে।

ৰেডফিল্ডৰ মতে, “সংস্কৃতি হৈছে সমসাময়িক মূল্যবোধৰ এক সংগঠিত প্ৰকাশ যি কলা আৰু ঐতিহ্যসমূহৰ পৰম্পৰাগত বৈশিষ্ট্যৰে নিজক ৰক্ষা কৰি জীয়াই থাকে।”

এইচ. টি. মজুমদাৰে কৈছে, “সংস্কৃতি হৈছে মানুহে আহৰণ কৰা বস্তুবাদী বা অবস্তুবাদী সভ্যতাৰ অংশ, যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ চিন্তা-চৰ্চ্চাৰ প্ৰসাৰ কৰে।”

ই. বি. টেইলৰৰ মতে, “সংস্কৃতি এনে এক মিশ্রণ যি জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, ৰীতি-নীতি আৰু সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰিবলগীয়া অন্যান্য দিশসমূহ সামৰি লয়।

মেলিনৱস্কিৰ মতে, “সংস্কৃতি হৈছে মানুহৰ লক্ষ্যত উপনীত হোৱাৰ এক মাধ্যম, যি অভ্যাসৰ দ্বাৰা গঠিত হয়।”

সংস্কৃতিৰ উপাদানসমূহক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। যেনে—

(ক) জনৰীতিঃ এজন মানুহে আন এজন মানুহৰ লগত আন্তঃসম্বন্ধ স্থাপন কৰোঁতে যি নিয়ম প্ৰদৰ্শন কৰে সেই ৰীতি-নীতিক জনৰীতি বোলে। এই ৰীতি নীতিবোৰ পুৰুষানুক্ৰমে আহি থাকে। অন্য কথাত ক’বলৈ গ’লে জনৰীতি পালনৰ ক্ষেত্ৰত বাধ্যবাধকতা নাই। ভংগ কৰিলে বা পালন নকৰিলে কাকো শাস্তি দিয়া নহয়।

(খ) লোকাচাৰঃ যিবোৰ জনৰীতি পালনৰ ক্ষেত্ৰত সমাজত বাধ্যবাধকতা আছে, সেইবোৰক লোকাচাৰ বোলা হয়। লোকাচাৰৰ মূল উদ্দেশ্য হ’ল সমাজত শান্তি-শৃংখলা বজাই ৰখা। লোকাচাৰ ভংগ কৰিলে সমাজত বিচাৰৰ সন্মুখীন হ’ব লাগে। লোকাচাৰে সামাজিক পৰিৱৰ্তনত বাধাৰ সৃষ্টি কৰে। কিন্তু জনৰীতিয়ে বাধাৰ সৃষ্টি কৰিব নোৱাৰে।

(গ) আইনঃ সমাজৰ প্ৰচলিত প্রথাবোৰক যেতিয়া ৰাজনৈতিক কৰ্তৃত্বই লিখিত ৰূপত সমাজত প্ৰৱৰ্তন কৰে, তাক আইন বোলা হয়। সামাজিক নিয়ন্ত্ৰণত আইনৰ ভূমিকাই আটাইতকৈ বেছি শক্তিশালী। আইনৰ মূল লক্ষ্য বা উদ্দেশ্য হৈছে জনকল্যাণ আৰু পথভ্ৰষ্টমূলক কামৰ বিপৰীতে ব্যক্তিক পৰিচালিত কৰা। সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আইনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আইনে অপৰাধৰ গুৰুত্ব অনুসৰি প্ৰাণদণ্ড, যাৱজ্জীৱন কাৰাদণ্ড আদি অতি কঠোৰ শাস্তি বিহিব পাৰে। গতিকে বর্তমান জটিল সমাজ নিয়ন্ত্ৰণ কৰিবৰ বাবে আইন অপৰিহাৰ্য।

(ঘ) প্ৰতিমানঃ প্রতিমানৰ যোগেদি ব্যক্তিয়ে নিজক নিয়ন্ত্ৰণ কৰাৰ লগতে অন্য ব্যক্তিকো নিয়ন্ত্ৰিত আৰু অনুপ্ৰাণিত কৰে। সমাজতত্ত্বীয় ফালৰ পৰা ক’বলৈ গ’লে সামাজিক ব্যৱহাৰকো প্রতিমান বোলা হয়। প্রতিমানবোৰ জনৰীতি আৰু লোকাচাৰৰ ৰূপত দেখা যায়। প্রতিমানৰ ওপৰত ভিত্তি কৰিয়েই সামাজিক মূল্য নিৰূপণ কৰা হয়।

(ঙ) প্রতীকঃ প্রত্যেক সভা-সমিতি, অনুষ্ঠান-প্রতিষ্ঠানত নিজস্ব চিহ্ন বা প্রতীক থাকে। উদাহৰণস্বৰূপে অসম চৰকাৰৰ প্ৰতীক গড়, ৰাষ্ট্ৰীক প্রতীক তিৰংগা পতাকাখন। সেইদৰে প্রত্যেক মন্দিৰত ভগৱানৰ চিহ্ন। এইবোৰে সংস্কৃতিৰ পৰিচয় দিয়ে। সাংস্কৃতিক জীৱনতো বহুতো প্রতীক ব্যৱহাৰ কৰে। বিবাহিতা নাৰীৰ প্রতীক সেন্দুৰৰ ফোট, জাতীয় উৎসৱ বিহুৰ বিহুৱান ইত্যাদি।

(চ) অনুশাসনঃ সমাজৰ এটা বৈশিষ্ট্য হৈছে অনুশাসন। অসামাজিক কার্যকলাপ ৰোধ কৰা ব্যৱস্থাক অনুশাসন বুলি কোৱা হয়, অপৰাধ অনুযায়ী অনুশাসন ব্যৱস্থা কঠোৰ হয়। এই অনুশাসনবোৰে অব্যাস বা সংস্কৃতিৰ জন্ম দিয়ে।

(ছ) ভৌতিকতাঃ ভৌতিক বয়-বস্তুৰ যোগেদি সংস্কৃতিৰ প্ৰকাশ হয়। উদাহৰণস্বৰূপে ঘৰ-দুৱাৰ, সাজ-পাৰ, যন্ত্রপাতি আদি।

২২। সামাজিকীকৰণ মানে কি? ব্যক্তিৰ সামাজিকীকৰণত প্ৰচাৰ মাধ্যমসমূহৰ ভূমিকা সম্পর্কে আলোচনা কৰা। (What does socialization mean? Discuss the role of media in the socialization of the individual.)

উত্তৰঃ সামাজিকীকৰণ বুলিলে ভৌতিক, সামাজিক আৰু সাংস্কৃতিক আদি পৰিৱেশৰ বিভিন্ন উপাদানৰ প্ৰভাৱত পৰিৱেশৰ লগত নিজক খাপ-খুৱাই ল’বলৈ ব্যক্তিয়ৈ আচৰণৰ যি পৰিবৰ্তন, পৰিশোধন আৰু সমৃদ্ধিকৰণ কৰে তাক বুজা যায়। মুঠৰ ওপৰত যি প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তিয়ে সামাজৰ নীতি নিয়ম, আইন শৃংখলা, মানদণ্ড আদি বুজি লৈ সেই অনুসৰি নিজৰ ব্যৱহাৰ প্ৰদৰ্শন কৰিবলৈ শিকে তাকে সামাজিকীকৰণ বুলি কোৱা হয়।

সামাজিকীকৰণ সম্পর্কে বিভিন্ন সমাজবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰ কেইটামান তলত উল্লেখ কৰা হ’ল— মেক আইভাৰৰ মতে, “সামাজিকীকৰণ এনে এটা প্রক্রিয়া যাৰ জৰিয়তে সামাজিক জীৱই পৰস্পৰৰ লগত অধিক ব্যাপক আৰু গভীৰ সম্বন্ধ স্থাপন কৰে, যাৰ জৰিয়তে তেওঁলোকৰ মাজত বান্ধোন আৰু নিৰ্ভৰশীলতা বৃদ্ধি পায়। যাৰ জৰিয়তে আনৰ প্ৰতি দায়বদ্ধতা আৰু দায়িত্ববোধ গঢ়ি যাৰ জৰিয়তে তেওঁলোকে নিজৰ আনৰ ব্যক্তিত্বৰ প্ৰতি অধিক সচেতন হয় আৰু যাৰ সহায়ত ঘনিষ্ঠ আৰু দূৰ সম্পৰ্কৰ এক যুটীয়া গাঁথনি লৈ উঠে।”

বগাদাচৰ মতে, “সামাজিকীকৰণৰ অৰ্থ হৈছে সামূহিকভাৱে কাম কৰা, সামূহিক দায়িত্ব বহন কৰা আৰু আনৰ কল্যাণৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি পৰিচালিত হোৱা। আগবাৰ্ণে মতপোষণ কৰে যে, “ব্যক্তিয়ে সমাজৰ মানদণ্ডৰ লগত নিজকে খাপ খাবলৈ শিকাকে সামাজিকীকৰণ বোলে।”

গতিকে সামাজিকীকৰণ এনে প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিৰ সামাজিক, শাৰীৰিক, মানসিক আৰু আনুভূতিক আচৰণৰ পৰিৱৰ্তন সাধন হয়। সামাজিকীকৰণ এক জীৱনজোৰা প্ৰক্ৰিয়া। মানুহৰ জন্মৰ পৰা মৃত্যুৰ মূহুৰ্তলৈ এই প্ৰক্ৰিয়া চলি থাকে।

সামাজিকীকৰণত প্ৰচাৰ মাধ্যমৰ ভূমিকা চমুৱাই আলোচনা কৰা হ’ল –

বাতৰিকাকত, ৰেডিঅ’, টেলিভিশ্বন, চলচিত্র, তথাচিত্র আদি বিভিন্ন জনসংযোগৰ মাধ্যমে ল’ৰা-ছোৱালীৰ সামাজিকীকৰণত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ল’ৰা-ছোৱালীৰ ওপৰত এই বিলাকৰ অৱশ্যে অশুভ প্রভাৱো নথকা নহয়। সেইবাবে বাচ বিচাৰ নকৰাকৈ জনসংযোগ মাধ্যমৰ প্ৰতি নিজৰ মনটো উদঙাই দিলে তাত বহুত অবাঞ্চিত প্রভাবে ক্রিয়া কৰাৰ আশংকা যথেষ্ট বেছি। এই কথাৰ প্ৰতি ছাত্র-ছাত্রী নিজে, অভিভাৱক আৰু সমাজৰ সকলো দায়িত্বশীল লোক সচেতন হোৱা প্ৰয়োজন। জনসংযোগৰ আটাইতকৈ পুৰণি আৰু শক্তিশালী মাধ্যম হৈছে বাতৰিকাকত। পঢ়িব জনা সকলো মানুহেই বাতৰি কাকতৰ পৰা উপকৃত হব পাৰে। জনসংযোগৰ মাধ্যম হিচাপে ৰেডিঅ’ৰে এক বিশেষ স্থান আছে। বাতৰি কাকত নিৰক্ষৰৰ বাবে অর্থহীন, কিন্তু নিৰক্ষৰ লোকেও ৰেডিঅ’ কথা সহজে বুজি পায়। ৰেডিঅ’ আজিকালি বিশেষ ব্যয়বহুল নোহোৱাৰ বাবে দুখীয়া মানুহো ইয়াৰ দ্বাৰা উপকৃত হ’ব পাৰে। আজিকালি সৰু ৰেডিঅ’ সহজে লগত লৈ ফুৰাব পাৰি। বৰ্তমান দূৰদৰ্শনৰ প্ৰচলনে জনসংযোগৰ মাধ্যম হিচাপে বাতৰিকাকত আৰু ৰেডিঅ’ৰ জনপ্ৰিয়তা বহু পৰিমানে হ্রাস কৰিছে। শুনা আৰু দেখা এই দুয়োটাই মিলি মানুহৰ মনত আৰু অন্তৰত গভীৰ আৰু স্থায়ী সাঁচ বহুৱায়। সেইবাবেই দূৰদৰ্শনৰ আকৰ্ষণ আৰু কাৰ্যকাৰিতা বাতৰিকাকত আৰু ৰেডিঅ’তকৈ বহুত বেছি। চলচিত্ৰ হৈছে এক সৃজনীমূলক শিল্পকর্ম। চিত্তবিনোদনই ইয়াৰ প্ৰধান লক্ষ্য। কিন্তু ইয়াৰ বাহিৰেও বিভিন্ন বিষয়বস্তুৰ অৰ্থ বিশদভাৱে বুজাবৰ কাৰণে, সমাজৰ প্ৰয়োজনীয় কিছুমান কথা ৰাইজৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে আৰু বিভিন্ন দিশত ৰাইজক শিক্ষিত কৰি তুলিৰৰ কাৰণে কিছুমান বিশেষ চলচিত্ৰ নিৰ্মাণ কৰা হয়। ইয়াৰ বাহিৰেও নানা ধৰণৰ আলোচনী, বিজ্ঞাপন আদি জনসংযোগৰ আৰু ভালেমান মাধ্যম আছে যিবোৰে তেওঁলোকক সমাজখনৰ লগত আন্তঃক্ৰিয়া কৰাত সহায় কৰে।

২৩। সামাজিক পৰিৱৰ্তনৰ সংজ্ঞা নিৰূপণ কৰি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the features of social change by defining it.)

উত্তৰঃ এন্থনি গিডেঞ্চে সামাজিক পৰিৱৰ্তনক সময় সাপেক্ষে এটা বস্তু বা পৰিস্থিতিৰ অন্তৰ্নিহিত গাঁথনিৰ পৰিৱৰ্তন বুলি সংজ্ঞা নিৰূপণ কৰিছে। সমাজতত্ত্ববিদসকলে সামাজিক পৰিৱৰ্তনৰ ধাৰণাটোক বিভিন্ন প্ৰকাৰে আলোচনা কৰিছে। সমাজৰ কোনবিলাক পৰিৱৰ্তনক সামাজিক পৰিৱৰ্তন হিচাপে দেখুৱাব পাৰি তেওঁলোকে সেইটো উলিয়াবলৈ যত্ন কৰিছে। বিভিন্ন সূত্ৰৰ যোগেদি সামাজিক পৰিৱৰ্তন ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হৈছে। বিৱৰ্তনবাদ, প্রয়োজনাত্মক তত্ত্ব, সংঘাত তত্ত্ব আদি হ’ল এনে কিছুমান সমাজতাত্বিক তত্ত্ব। এই তত্ত্বসমূহে সামাজিক পৰিৱৰ্তন বিশিষ্ট দিশসমূহৰ বিশ্লেষণ ভিন ভিন ধৰণে কৰিছে। ক্ৰিয়াত্মকবাদত বিশ্বাসীসকলে এই পৰিৱৰ্তনসমূহক সামাজিক পৰিৱৰ্তন হিচাপে বিবেচনা কৰে। অন্যহাতেদি ব্যৱস্থাটোৰ ভিতৰত হোৱা পৰিৱৰ্তনৰ মূল গাঁথনিটো চলাই ৰাখিবৰ বাবে গাঁথনিটোৰ বিভিন্ন অংশৰ মাজত সামঞ্জস্য ৰখাৰ প্ৰক্ৰিয়া বুলি বিবেচনা কৰা হয়।

কিন্তু কি প্ৰকাৰৰ পৰিৱৰ্তনক ‘গুৰুত্বপূৰ্ণ’ হিচাপে বিবেচনা কৰা হ’ল আৰু কোনবিলাকক ‘গৌণ’ হিচাপে বিবেচনা কৰা হ’ব সেই বিষয় লৈ যথেষ্ট মত পার্থক্য আছে। তথাপিতো কিছু সংখ্যক সমাজতত্ত্ববিদে ব্যৱস্থাটোৰ ভিতৰুৱা পৰিৱৰ্তনসমূহকে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে কাৰণ এনে ধৰণৰ পৰিৱৰ্তনসমূহে সময়ত ব্যাপক সামাজিক গাঁথনিটোকে সলনি কৰিব পাৰে। এইটো সংঘাত সূত্ৰৰ প্ৰবক্তাকলে আগবঢ়োৱা যুক্তি। তেওঁলোকৰ মতে সকলোবোৰ সমাজতে, কিবা নহয় কিবা প্ৰকাৰৰ সংঘাত থাকেই। এই বিলাকে সামাজিক পৰিৱৰ্তনৰ ভিত্তিটোও নিৰ্মাণ কৰে। তথাপিতো এই কথাটো লৈ তত্ত্বসমূহৰ ভিতৰতো পার্থক্য আছে যে সামাজিক পৰিৱৰ্তন হিচাপে স্বীকৃত হ’বলৈ কোনবিলাক পৰিৱৰ্তন গুৰুত্বপূৰ্ণ।

সামাজিক পৰিৱৰ্তনৰ ধাৰণাটোৰ আলোচনাৰ ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱা এই ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া কেইটামান সংজ্ঞাৰ বিষয়ে পঢ়িম—

কিংচ্‌লে ডেভিচে কৈছে যে সামাজিক পৰিৱৰ্তনে কেৱল সামাজিক সংগঠনৰ গাঁথনি আৰু কার্যাৱলীত হোৱা পৰিৱৰ্তনসমূহক বুজায়। এম. ই. জেঞ্চৰ মতে, “সামাজিক পৰিৱৰ্তনে সামাজিক প্রক্রিয়া, সামাজিক আৰ্হি সামাজিক আদান প্রদান বা সামাজিক সংগঠনৰ যিকোনো দিশতে হোৱা তাৰতম্য বা সংশোধনক বর্ণনা কৰে।”

২৪। সামাজিক পৰিৱৰ্তনৰ প্ৰকাৰ হিচাপে প্ৰগতিৰ ওপৰত এটা টোকা লিখা। (Write a note one progress as a type of social change.)

উত্তৰঃ সামাজিক পৰিবৰ্তনে বিভিন্ন আকাৰ ধাৰণ কৰিব পাৰে যেনে — বিবর্তন, প্রগতি, বিকাশ ইত্যাদি। যি আকাৰতে সামাজিক পৰিৱৰ্তনৰ উদ্ভৱ নহওঁক কিয়, সেইবিলাকৰ নিৰ্দিষ্ট গুণ আছে। বিভিন্ন গুণ যেনে বিস্তৃত, সময়সীমা, দিশ, পৰিৱৰ্তনৰো পৰিমাণৰ ওপৰত ভিত্তি কৰি সামাজিক পৰিৱৰ্তনক তলত দিয়া প্ৰকাৰসমূহত ভাগ কৰিব পাৰি—

(ক) বিস্তৃতিৰ ওপৰত ভিত্তি কৰিঃ ব্যাপক পৰিসৰৰ পৰিৱৰ্তন হ’ল সেইবিলাক পৰিৱৰ্তন য’ত সকলো প্রধান গাঁথনিগত সম্বন্ধ, প্রাথমিক অনুষ্ঠান আৰু প্ৰচলিত প্ৰমূল্যৰ প্ৰণালীৰ ৰূপান্তৰ হয়। প্রয়োজনাত্মক তত্ত্বৰ প্ৰবক্তাসকলে এনে পৰিৱৰ্তনক সামাজিক পৰিৱৰ্তন বুলি মত প্ৰকাশ কৰিছে। সৰু-সুৰা পৰিৱৰ্তনবিলাক হ’ল সেইবিলাক যিয়ে সামান্যভাৱে প্ৰাথমিক সামাজিক গাঁথনিটো আৰু সামাজিক ভূমিকাৰ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হয়। সেইবিলাকে ব্যৱস্থাটোৰ ভিতৰৱা সামঞ্জস্য সাধন কৰে।

(খ) সময় সীমাৰ ওপৰত ভিত্তি কৰিঃ পৰিৱৰ্তন এটা গতিশীল প্রক্রিয়া। সামাজিক ঘটনাসমূহে সমাজত হ্রস্বকালীন আৰু দীর্ঘকালীন প্রভাৱ পেলায়। কম সময়ৰ ভিতৰতে ই কিছুমান নির্দিষ্ট ফল দেখুৱাবও পাৰে। এনে তাৎক্ষণিক হ্রস্বকালীন পৰিৱৰ্তনসমূহে এনে ফলাফল দেখুৱাব পাৰে যাৰ প্ৰভাৱ দীৰ্ঘকালীন হ’বগৈ পাৰে। এইবিলাকেই হ’ল দীর্ঘকালীন ফলাফল। সাধাৰণতে দীর্ঘকালীন পৰিৱৰ্তনবিলাকেই হ’ল ব্যাপক পৰিসৰৰ পৰিৱৰ্তন। উদাহৰণস্বৰূপে ভাৰত চৰকাৰে ১৯১৫ চনত আৰম্ভ কৰা আৰু প্ৰতিটো পঞ্চবার্ষিক পৰিকল্পনাৰ মূৰে মূৰে ৰূপায়িত কৰা পৰিয়াল কল্যাণ আঁচনিয়ে প্ৰতিটো পৰিকল্পনাৰ কালত তাৎক্ষণিক ফলাফল দেখুৱাই আহিছে। ইয়াৰ ফলস্বৰূপে এটা নিৰ্দিষ্ট হাৰত জন্ম হাৰ হ্ৰাস হোৱাটো পৰিলক্ষিত হৈছে। এই হ্রস্বকালীন পৰিৱর্ত্তন। কিন্তু এই পৰিৱৰ্তনে তাৰ লগত জড়িত আনুষাঙ্গিক পৰিৱৰ্তনৰ ধাৰা এটা সৃষ্টি কৰিছে যাক আমি দীর্ঘকালীন ফলাফল হিচাপে আখ্যা দিব পাৰো। উদাহৰণস্বৰূপে ১৯১৫ চনৰ পৰা দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰত দেখা দিয়া নিম্নমুখীগতি, দেশৰ টনকিয়াল অর্থনৈতিক অৱস্থা, স্বাস্থ্য ৰক্ষাৰ উন্নত ব্যৱস্থাৱলী আৰু সামাজিক কল্যাণৰ কাৰ্যকলাপ আদি উল্লেখযোগ্য। এই পৰিৱৰ্তনবিলাকৰ দীৰ্ঘম্যাদী ফলাফল আছে।

(গ) দিশৰ ওপৰত ভিত্তি কৰিঃ যেতিয়া পৰিৱৰ্তনসমূহ পৰিকল্পিত হয় তেতিয়া সেইবোৰক কোৱা হয় অপৰিকল্পিত পৰিৱৰ্তন আৰু যেতিয়া পৰিকল্পনা কৰা নহয় তেতিয়া কোৱা হয় অপৰিকল্পিত পৰিৱৰ্তন। ভাৰতত পাঁচ বছৰীয়া পৰিকল্পনা আৰু কেতবোৰ চৰকাৰী নীতি কাৰ্যকৰী হৈছে যিবিলাকে গণতান্ত্রিক উপায়েৰে পৰিকল্পিত ৰূপত অর্থনৈতিক আৰু সামাজিকভাৱে ভাৰতক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ যত্ন কৰিছে। এই উদ্দেশ্য আৰু লক্ষ্যসমূহ নিৰ্ধাৰিত হৈ থকাৰ বাবে পৰিৱৰ্তনসমূহ আৰু পৰিবৰ্তনৰ দিশ নিৰ্ণয় কৰাতো সম্ভৱপৰ হৈছে। গতিকে পৰিৱৰ্তনৰ ধাৰা অগ্ৰগতি বা পশ্চাদগামীও হ’ব পাৰে বা ৰৈখিক চক্রানুক্রমিকো হ’ব পাৰে।

(ঘ) পৰিৱৰ্তনৰ হাৰৰ ওপৰত ভিত্তি কৰিঃ যিটো হাৰ বা গতিত পৰিৱৰ্তন সংঘটিত হয় সেয়া লেহেম বা বেগী আৰু আনকি ক্রমশঃ বা আকস্মিকো হ’ব পাৰে। চিন্তাধাৰা আৰু প্ৰমূল্যত দেখা দিয়া পৰিৱৰ্তনবোৰ সাধাৰণতে ক্ৰমশঃ আৰু লেহেমীয়া। আনহাতে প্রযুক্তিবিদ্যাই অনা পৰিৱৰ্তনবোৰ তুলনামূলকভাৱে বেগী আৰু আকস্মিক হ’ব পাৰে।

(ঙ) কাৰণৰ উৎসসমূহৰ ওপৰত ভিত্তি কৰিঃ যেতিয়া পৰিৱৰ্তন সামাজিক প্ৰণালীটোৰ বাহিৰৰ পৰা আৰোপ কৰা হয় তেতিয়া সেই পৰিৱৰ্তন হ’ব বহির্জাত (উৎসটো বাহ্যিক)। উদাহৰণস্বৰূপে ভাৰতত ইংৰাজ শাসকসকলৰ দ্বাৰা প্ৰৱৰ্তিত পশ্চিমীয়া শিক্ষা। যেতিয়া পৰিৱৰ্তন সামাজিক প্ৰণালীটোৰ ভিতৰৰ পৰা আহে তেতিয়া ইয়াক কোৱা হয় অন্তৰ্জাত পৰিৱৰ্তন (উৎসটো আভ্যন্তৰীণ)। উদাহৰণস্বৰূপে ভাৰতৰ জাতীয়তাবাদী আন্দোলনত অৱলম্বন কৰা অহিংসাবাদী আন্দোলনৰ পন্থা।

২৫। সামাজিক পৰিৱৰ্তন আৰু সামাজিক বিৱৰ্তনৰ মাজৰ পাৰ্থক্যসমূহ নিৰ্ণয় কৰা। (Distinguish between social change and social evolution.)

উত্তৰঃ সমাজৰ বিভিন্ন অংগ আৰু দিশসমূহৰ ভিতৰত কিছু পৰিমাণৰ সংহতি আছে। প্ৰয়োজনীত্মক আৰু নব্য প্রয়োজনাত্মক তত্ত্ববিদসকলে সংস্কৃতি আৰু সমাজৰ বিভিন্ন অংগৰ মাজত থকা ক্রিয়াত্মক সম্পৰ্কৰ ওপৰত আলোকপাত কৰিছে।

প্রয়োজনাত্মক সম্পৰ্কৰ অৰ্থ হ’ল সমাজ আৰু সংস্কৃতিৰ প্ৰত্যেকটো অঙ্গৰ প্ৰকাৰ্যসমূহ পৰস্পৰে সম্পর্কিত।

যেতিয়া সংস্কৃতি আৰু সমাজৰ কোনোবা এটা অংগটো পৰিৱৰ্তন আহে তেতিয়া সংস্কৃতি আৰু সমাজৰ অন্যান্য অংগলৈকে পৰিৱৰ্তন আছে। সেইদৰে কোনো বিশেষ সামাজিক সম্বন্ধৰ পৰিবৰ্তনৰ ক্ষেত্ৰত সংখ্যবিধ কাৰকৰ উদ্ভৱ হয় কোনো ইয়াক প্ৰভাৱিত কৰা কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰে।

আনহাতে বিৱৰ্তনসমূহ এনেদৰে আলোচনা কৰিব পাৰি। বিৱৰ্তনৰ ধাৰণাটো জীৱ বিজ্ঞানৰ পৰা অহা। বিৱৰ্তন হ’ল এনে এটা পৰিস্থিতি য’ত পৰিৱৰ্তনৰ কথাটো বিবেচনা কৰা হয়। কেৱল আকৃতিগত পৰিসৰৰ বাবে নহয় বৰং সামাজিক গাঁথনিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ বাবেহে।

জুলিয়ান ছিৱাৰ্ড নামৰ কুৰি শতিকাৰ এগৰাকী বিৱৰ্তনবাদীৰ মতে পৰিবেশৰ লগত খাপ খুওৱাৰ প্ৰক্ৰিয়াৰ ফলস্বৰূপে সামাজিক পৰিবৰ্তন হয়। এমাইল ডুৰ্কহাৰ্চাম সৃষ্টি কৰে আৰু নতুন নতুন অনুষ্ঠানে গা কৰি উঠি সমাজৰ পৰিৱৰ্তন সাধন কৰে। পৰৱৰ্তীকালত সামাজিক সাংস্কৃতিক বিৱৰ্তনতত্ত্ব উৎকর্ষ সাধন কৰোতে কার্ল মার্ক্স আৰু ফ্রেডেৰিক এঙ্গেলচে দেখুৱাইছিল যে প্রত্যেকখন সমাজতে পৰিৱৰ্তন সাধন হয়।

২৬। উন্নয়নৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? উন্নয়নৰ ধাৰণাটোক বিভিন্নজনে কিদৰে ব্যাখ্যা কৰিছে? (What are the main features of development? How different people have explained the trend of development.)

উত্তৰঃ বিকাশ শব্দটো এটা সামাজিক স্থিতিৰ বাবে কাম্য এটা ধনাত্মকশব্দ হিচাবে জ্ঞান কৰা হয়। বিকাশ শব্দটো বিভিন্নজনে বিভিন্নভাৱে ব্যাখ্যা কৰিছে। অর্থনীতিবিদসকলে গুৰুত্ব দিয়ে অর্থনৈতিক বিকাশৰ ওপৰত। পৰিবেশবিদসকলে বিকাশৰ ধাৰাবাহিকতা ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সমাজতত্ত্ববিদসকলে উন্নতিৰ ধাৰণাৰ লগত সামাজিক অনুষ্ঠান আৰু সংস্কৃতি, সমাজৰ সকলো খণ্ডত হোৱা অর্থনৈতিক উন্নয়ন, সমাজৰ ওপৰত পৰা দাৰিদ্ৰ আৰু অসমতাৰ প্ৰভাৱ, ইত্যাদি জড়িত কৰিছে। এইদৰে উন্নয়নৰ ধাৰণাটো বিভিন্ন সময়ত বিভিন্ন ধৰণে সূত্রবদ্ধ কৰা হৈছে আৰু সময়ে সময়ে ইয়াৰ পৰিসৰৰ বৃদ্ধি হৈ আহিছে। গতিকে এটা সময়ত উন্নয়ন বুলিলে ‘অর্থনৈতিক উন্নয়ন’ বুজা গৈছিল যিটো অৰ্থনীতিৰ পৰিমাণগত উন্নয়নৰ লগত জড়িত আছিল। তাৰ পাছত ‘অর্থনৈতিক উন্নয়ন’ শব্দটোৰ প্ৰচলন আৰম্ভ হ’ল যাৰ সৰলাৰ্থ হ’ল সমাজৰ বৈশিষ্ট্যপূৰ্ণ স্তৰসমূহত বাস কৰা সকলো মানুহৰ বাবে অর্থনৈতিক সম্পদ সৃষ্টি কৰা। ইয়াৰ দ্বাৰা মানুহৰ জীৱনৰ মান উন্নত কৰিবলৈ চেষ্টা কৰা হৈছিল। এই ক্ষেত্ৰত আটাইতকৈ নতুন সংযোজন হ’ল ধাৰণাক্ষম বিকাশ বা এই বিকাশে ভৱিষ্যত প্রজন্ম সমূহৰ নিজস্ব অভাৱ পূৰণৰ ক্ষমতাৰ কোনো হানি নকৰাকৈ বৰ্তমান অভাৱসমূহ পূৰণ কৰাৰ কথা সূচায়। 

ইউ. এন. ডি. পি. ম. এ মানুহৰ অৱস্থাৰ বিভিন্ন দিশ এই ‘বিকাশ’ শব্দটোত অন্তর্ভুক্ত কৰাৰ কথা সূচায়। ইউ. এন. ডি. পি. এ মানুহৰ অৱস্থাৰ বিভিন্ন দিশ এই ‘বিকাশ’ শব্দটোত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে কেতবোৰ বৃহৎ পৰিসৰৰ উপাদান ইয়াত সন্নিবিষ্ট কৰিছে। তেওঁলোকে ‘মানৱ উন্নয়ন’ শব্দটো ব্যৱহাৰ কৰিছে যাক ‘মানুহৰ পছন্দৰ পৰিবৰ্দ্ধন’ হিচাপে ব্যাখ্যা কৰা হৈছে যাতে মানুহে তেওঁলোকে পছন্দৰ জীৱন অতিবাহিত কৰিব পাৰে। এই পছন্দবোৰ অসীম আৰু সময়ে সময়ে সেইবিলাক পৰিৱৰ্তিত হৈ থাকে। উন্নয়নৰ লগত জড়িত সংজ্ঞাটো বিতর্কমূলক আৰু সেইবাবে আমি ইয়াৰ লগত জড়িত সংখ্যাধিক ব্যাখ্যা পাওঁ।

সমাজৰ বিভিন্ন অংগ আৰু দিশসমূহৰ ভিতৰত কিছু পৰিমাণৰ সংহতি আছে। প্রয়োজনাত্মক আৰু নব্য প্রয়োজনাত্মক তত্ত্ববিদসকলে সংস্কৃতি আৰু সমাজৰ বিভিন্ন অংগৰ মাজত থকখ্য ক্ৰিয়াত্মক সম্পৰ্কৰ ওপৰত আলোকপাত কৰিছে। প্ৰয়োজনাত্মক সম্পৰ্কৰ অৰ্থ হ’ল সমাজ আৰু সংস্কৃতিৰ প্ৰত্যেকটো অঙ্গৰ প্ৰকাৰ্যসমূহ পৰস্পৰে সম্পর্কিত। ইয়ে এইটোকে উনুকিয়াই যে—

(ক) যেতিয়া সংস্কৃতিৰ আৰু সমাজৰ কোনোবা এটা অংগলৈ পৰিবৰ্তন আহে তেতিয়া সংস্কৃতি আৰু সমাজৰ অন্যান্য অংগলৈকো পৰিবৰ্তন আহে।

(খ) সেইদৰে কোনো বিশেষ সামাজিক সম্বন্ধৰ পৰিবৰ্তনৰ ক্ষেত্ৰত সংখ্যাধিক কাৰকৰ উদ্ভৱ হয়। কোনো ইয়াক প্ৰভাৱিত কৰা কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰে।

এতিয়া আমি এই সামাজিক পৰিৱৰ্তন অনা কাৰকসমূহৰ বিষয়ে আলোচনা কৰিম । ইয়াৰ দ্বাৰা আমি সামাজিক সম্বন্ধৰ বিভিন্ন দিশ অর্থাৎ সমাজে কেনেকৈ অন্যান্য সামাজিক সম্বন্ধক পৰিবৰ্তন আৰু প্ৰভাৱিত কৰে সেই কথা বুজিব পাৰো।

২৭। বিবর্তনবাদ কি? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিৱৰ্তনৰ ক্ষেত্ৰত ব্যাপ্তকৰণে কিবা ভূমিকা গ্ৰহণ কৰিব পাৰেনে? (What is evolution? What are its main features? Could the program play a role in the evolution of the organization?)

উত্তৰং বিৱৰ্তনৰ ধাৰণাটো জীৱ বিজ্ঞানৰ পৰা অহা, বিৱৰ্তন হ’ল এনে এটা পৰিস্থিতি য’ত পৰিৱৰ্তনৰ কথাটো বিবেচনা কৰা হয় কেৱল ইয়াৰ আকৃতিগত পৰিসৰৰ বাবে নহয় বৰং সামাজিক গাঁথনিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ বাবেহে।

‘সামাজিক বিৱৰ্তন’ৰ প্ৰধান উমৈহতীয়া লক্ষণবোৰ তলত উল্লেখ কৰা হ’ল —

ই এটা লাহে লাহে আৰু একাদিক্ৰমে হৈ থকা সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া। যিহেতু এই ক্ষেত্ৰত আভ্যন্তৰীণ শক্তিসমূহে কাম কৰে গতিকে প্ৰক্ৰিয়াটো লাহে লাগে আৰু একাদিক্ৰমে হৈ থাকে।

ই সমাজৰ অভ্যন্তৰত হোৱা পৰিৱৰ্তনৰ প্ৰক্ৰিয়াক সূচায়। পৰিৱৰ্তনবাদীসকলৰ বাবে সমাজৰ অভ্যন্তৰত হোৱা কেতবোৰ শক্তিৰ কাৰ্যকলাপৰ ফলস্বৰূপে এই পৰিৱৰ্তনৰ সূচনা হয়।

জুলিয়ান ষ্টিৱাৰ্জ নামৰ কুৰি শতিকাৰ এগৰাকী বিৱৰ্তনবাদীৰ মতে পৰিবেশৰ লগত খাপ খুওৱাৰ প্ৰক্ৰিয়াৰ ফলস্বৰূপে সামাজিক পৰিৱৰ্তন হয়। এমাইল ডুৰ্বহাইমৰ মতে জনসংখ্যাৰ বৃদ্ধিয়ে সমাজত নতুন চাহিদাৰ সৃষ্টি কৰে আৰু নতুন নতুন অনুষ্ঠানে গা কৰি উঠা সমাজৰ পৰিৱৰ্তন সাধন কৰে। পৰৱৰ্তীকালত সামাজিক সাংস্কৃতিক বিৱৰ্তন তত্ত্বৰ উৎকর্ষ সাধন কৰোতে কার্ল মার্ক্স আৰু ফ্রেডেৰিক এঞ্জেলচে দেখুৱাইছিল যে প্রত্যেকখন সমাজতে পৰিৱৰ্তন সাধন হয়।

কুৰি শতিকাৰ বিৱৰ্তনবাদীসকল, যাক নব্য বিৱৰ্তনবাদী বুলিও উল্লেখ কৰা হয় তেওঁলোকৰ মাজৰ লেচ্‌লি হোৱাইটে দেখুৱাইছিল যে সমাজে যেতিয়া পৰিবেশৰ পৰা অধিক শক্তি আহৰণ কৰিব পৰাৰ ক্ষমতা লাভ কৰে তেতিয়াই সমাজখনৰো বিৱৰ্তন হয়।

বিৱৰ্তনবাদীসকলে ভাবে যে সামাজিক পৰিৱৰ্তন এটা স্তৰৰ পৰা আন এটা স্তৰলৈ সংক্ৰমিত হয়। ১৯ শতিকাৰ বিৱৰ্তনবাদীসকলে বিশ্বাস কৰিছিল যে সকলো সমাজত থকা প্রত্যেক সামাজিক অনুষ্ঠানে পৰিৱৰ্তনৰ এই নিৰ্দিষ্ট আৰ্হি মানি চলে যাক তেওঁবিলাকে এক ৰৈখিক বা সৰলৰৈখিক বিৱৰ্তনবাদী বুলিও আখ্যা দিয়া হয়। তেওঁলোকৰ মতে সমাজ একোখন আদিম স্তৰত আৰম্ভ হৈ সময়ৰ সোঁতত ক্ৰমান্বয়ে সভ্য সমাজলৈ পৰিৱৰ্তিত হয়। উদাহৰণস্বৰূপে, ১৯ শতিকাৰ বিৱৰ্তনবাদী লয়ড মর্গার্নে ভাবে যে প্রত্যেকখন মানৱ সমাজেই তিনিটা স্তৰৰ মাজেৰে বিৱৰ্তনৰ পথত আগবাঢ়ে সেয়া হৈছে — আদিম, বৰ্বৰ আৰু সভ্য স্তৰ। ইয়াৰ সর্বশেষৰ স্তৰটো আনকেইটা স্তৰতকৈ অধিক উন্নত। প্রত্যেকখন সমাজেই নির্দিষ্ট সময়ত আধুনিক সভ্য সমাজলৈ বিৱৰ্তিত হ’ব।

অৱশ্যে কুৰি শতিকাৰ বিৱৰ্তনবাদীসকলে বিৱৰ্তনৰ একৰৈখিক আৰ্হিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। জুলিয়ান ষ্টিবার্ডে কয় যে – সকলো সমাজেই বিৱৰ্তনৰ একেবোৰ স্তৰ অনুসৰণ নকৰিবও পাৰে। দৰাচলতে প্রত্যেকখন সমাজৰ পৰিৱৰ্তনৰ নিজা নিজা একোটা ইতিহাস থাকে। পৰিৱৰ্তনৰ বহুবোৰ সাম্ভাব্য পথৰ ভিতৰত পৰিবেশৰ সৈতে খাপ খুওৱাৰ পথত সমাজে কোনটো পথ অনুসৰণ কৰিব সি বহুলাংশে অদৃষ্ট অথবা নিজৰ স্বাধীন ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।

প্রাকবিৱৰ্তবাদীসকলে বিৱৰ্তন উন্নয়ন প্ৰগতি আৰু বিশ্বাস হিচাপে বিবেচনা কৰিছিল। তেওঁলোকৰ কোনো কোনোৱে এই বুলি ব্যাখ্যা আগবঢ়াইছিল যে মানুহৰ মাজত উন্নতি তথা বিকাশৰ বাবে আগ্রহ প্রকৃতিগত। সৰলৰৈখিক বিৱৰ্তনবাদীসকলে বিশ্বাস কৰিছিল যে আধুনিক উদ্যোগিক পাশ্চাত্য সমাজই আটাইতকৈ উন্নত তথা বিকশিত সমাজ। কিন্তু পৰৱৰ্তীকালৰ বিৱৰ্তনবাদীসকলে এই শাৰীৰ ভাৱধাৰাক কঠোৰভাৱে সমালোচনা কৰি কয় যে বিৱৰ্তনে সমাজ এখনলৈ সদায়েই প্রগতি বা এটা তুলনামূলকভাৱে ভাল অৱস্থালৈ লৈ নাযায়। তেওঁলোকৰ মতে, বিৱৰ্তনক আদিম বা সভ্য স্তৰৰ পৰিপ্ৰেক্ষিতত তুলনা কৰি চাব নালাগে। এন্থনি গিডেনচে আঙুলিয়াই দিছে যে সামাজিক পৰিৱৰ্তনে অগ্ৰগতিতকৈ সমস্যাৰহে সৃষ্টি কৰে।

সমাজ আৰু সামাজিক অনুষ্ঠানসমূহ সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ, সমপ্ৰকৃতিৰ পৰা ভিন্ন প্রকৃতিলৈ, অপৃথকীকৰণৰ অৱস্থাৰ পৰা পৃথকীকৰণলৈ পৰিৱৰ্তিত হয়। বিৱৰ্তনবাদীসকলৰ মাজত বিৱৰ্তনৰ স্তৰ আৰু কাৰকসমূহৰ সম্পৰ্কে যিমানেই মত পার্থক্য নাথাকক কিয় তেওঁলোকৰ আটায়ে কিন্তু এই কথাত একমত যে সমাজৰ মাজত পৃথকীকৰণ অৱস্থালৈ আগবঢ়াৰ এটা প্ৰৱণতা থাকে।

বিৱৰ্তনবাদীসকলে সমাজবিলাকৰ পৃথকীকৰণ আৰু জটিল হোৱাৰ প্ৰতি আভ্যন্তৰীণ প্রবণতাৰ কাৰণ কি সেইটো উলিয়াবলৈ চেষ্টা কৰিছিল। উদাহৰণস্বৰূপে, সামাজিক প্ৰণালীৰ বাহিৰৰ পৰা সাংস্কৃতিক উপাদানৰ ব্যাপ্তকৰণৰ প্ৰসঙ্গটো সাংস্কৃতিক পৰিগ্ৰহণৰ ভূমিকা আলোচিত হোৱা নাছিল। যি হওঁক, তেওঁলোকে এইটো উল্লেখ কৰা নাছিল যে বিৱৰ্তনৰ ক্ষেত্ৰত ব্যাপ্তকৰণৰ কোনো ভূমিকা নাই। বিৱৰ্তনবাদৰ সূত্ৰই ক্রমবিকাশশীল গাঁথনিগত জটিলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সৰহ সংখ্যক প্ৰাৰম্ভিক বিৱৰ্তনবাদীয়ে এনে ধৰণৰ পৃথকীকৰণ আৰু জটিলতাৰ প্ৰগতিৰ লগত সম্প স্থাপন কৰিছে। তেওঁলোকে মত আগবঢ়াইছে যে সমাজৰ ক্রমগতভাৱে প্রগতি হয়। এইটো সমাজৰ এটা প্রাথমিক বৈশিষ্ট্য। গতিকে বহুতৰ বিৱৰ্তনবাদৰ অৰ্থ হ’ল প্ৰগতি।

মেক আইভাৰ আৰু পেজে সামাজিক বিৱৰ্তনৰ এটা মৌলিক নীতি থকা বুলি আলোচনা কৰিছে আৰু সেয়া হ’ল পৃথকীকৰণৰ আৰু সমন্বয়। তেওঁলোকে বিৱৰ্তনক প্ৰগতিৰ পৰা স্বতন্ত্র হিচাপে পর্যবেক্ষণ কৰে।

যদিওৱা বিৱৰ্তনবাদে সমাজৰ পৃথকীকৰণৰ আভ্যন্তৰীণ প্ৰৱণতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, মেক আইভাৰ আৰু পেজে মত প্ৰকাশ কৰিছে যে ব্যাপ্তকৰণেও সমাজসমূহৰ পৃথকীকৰণৰ ক্ষেত্ৰত নিজস্ব ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে, ভাৰতত চিন্তাদৰ্শ চীন দেশলৈ সম্প্ৰসাৰিত হৈছিল আৰু পিছত পাশ্চাত্য সভ্যতাৰ জাগৰণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছিল। এই দৃষ্টিভঙ্গীৰ ফালৰ পৰা বিচাৰ কৰিলে বিৱৰ্তন এটা বাস্তৱ সত্য।

২৮। সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰু স্বৰূপৰ বিষয়ে আলোচনা কৰা। (Discuss the process and nature of social change.)

উত্তৰঃ সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰু স্বৰূপৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

সংঘাত তত্ত্বৰ প্ৰৱৰ্তকসকলৰ মতে সকলো সমাজতে সংঘাত আছে। সমাজসমূহত বিভিন্ন মানৱ সমষ্টিৰ গোটৰ ভিতৰত আৰু ব্যক্তিৰ মাজত কিছুমান স্বাৰ্থ ক্রিয়াশীল হৈ থাকে যিয়ে সমাজত প্রতিযোগিতা, সংঘাত আৰু চাপৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে মালিকপক্ষ আৰু শ্রমিক সংগঠনসমূহৰ মাজত চলা সংঘাত, ৰাজনৈতিক দলসমূহৰ মাজত চলা সংঘাত ইত্যাদি। সমাজেও ইয়াৰ প্ৰণালীসমূহৰ ভিতৰত কিছু পৰিমাণৰ নিয়ন্ত্রিত সংঘাত ইত্যাদি। সমাজেও ইয়াৰ প্ৰণালীসমূহৰ ভিতৰত কিছু পৰিমাণৰ নিয়ন্ত্রিত সংঘাত অনুমোদন কৰে যেনে, সংসদীয় বিতর্ক, বর্জন ইত্যাদি। এই বিশিষ্ট দিশসমূহে পৰিস্থিতিলৈ পৰিৱৰ্তন আনে। ইয়াৰ ফলত সংঘাত আৰু উত্তেজনা নির্মূল হ’ব পাৰে আৰু আনকি নতুন সংঘাত বা উত্তেজনা সৃষ্টি হ’ব পাৰে। এই প্ৰক্ৰিয়াত সামাজিক অনুষ্ঠান আৰু সামাজিক বিধি-নিয়মৰ সলনি হ’ব পাৰে।

আনকি নব্য সূত্ৰৰ প্ৰয়োজনাত্মক প্ৰৱৰ্তকসকলে এই মত পোষণ কৰে যে এটা প্ৰণালীৰ ভিতৰত চাপ আৰু উত্তেজনা থাকে আৰু ইয়ে সমাজলৈ পৰিৱৰ্তন আনিব পাৰে।

প্রয়োজনাত্মকবাদী সকলে এই মত পোষণ কৰে যে, সামাজিক প্ৰণালীটোৰ যিকোনো অংশত হোৱা পৰিৱৰ্তন অন্যান্য অংশলৈ পৰিৱৰ্তন আনে।

অন্যান্যসকলে এই মত পোষণ কৰে যে সমাজে কৰা আবিস্কাৰ বা উদ্ভাৱনৰ পৰা এইটো স্পষ্ট যে প্রত্যেকখন সমাজৰে সৃষ্টিশীলতাৰ সম্ভাৱনা আছে।

এই বিশিষ্ট দিশসমূহে সমাজৰ ভিতৰুৱা পৰিৱৰ্তন আনিব পাৰে। সেয়েহে এখন সমাজ আভ্যন্তৰীণ শক্তিৰ দ্বাৰা পৰিৱৰ্তিত হ’ব পাৰে। গতিকে, পৰিৱৰ্তনৰ বীজ সমাজতে নিহিত হৈ থাকে।

তদুপৰি অন্যান্য সমাজৰ লগত হোৱা সামাজিক আৰু সাংস্কৃতিক আদান-প্রদানে এখন সমাজৰ ভিতৰুৱা অনুষ্ঠান সমূহলৈ পৰিৱৰ্তন আনিব পাৰে। প্ৰণালীটোৰ বাহিৰৰ পৰা নতুনকৈ অহা উপাদানসমূহেও কিছু পৰিমাণৰ চাপ সৃষ্টি কৰিব পাৰে, তেতিয়া বিভিন্ন সামাজিক অনুষ্ঠান আৰু সামাজিক বিশ্বাসৰ মাজত সামঞ্জস্য অথবা প্ৰয়োজনীয় হৈ পৰে। উদাহৰণস্বৰূপে ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰচলনে ভাৰতৰ সাংস্কৃতিক চিন্তাৰ গণ্ডীলৈ গণতন্ত্র, সমতা, স্বাধীনতা আৰু নাৰীৰ সামাজিক অৱস্থাৰ উন্নতিৰ ধাৰণা লৈ আনে। ভাৰতীয় সমাজত সেই সময়ত প্ৰচলিত বিধি-নিয়ম আৰু প্ৰথা যেনে, জাতিভেদ প্রথা, অসবর্ণ বিবাহ ক্ষেত্ৰত থকা বাধা-নিষেধ, নিম্ন।জাতিসমূহৰ অবাধ বিচৰণত আৰোপ কৰা বাধা-নিষেধ, পর্দা প্রথা আৰু সমাজত নাৰীৰ পুতৌজনক স্থিতিৰ তুলনাত এইবিলাক বেলেগ আছিল। প্রচলিত ব্যৱস্থাত এই নতুন সামাজিক আৰু সাংস্কৃতিক উপাদানৰ অন্তৰ্ভুক্তকৰণে প্ৰচলিত বিশ্বাস-পৰম্পৰা আৰু এই তনুন বিশ্বাস-পৰম্পৰাৰ মাজত সংঘাতৰ সৃষ্টি কৰিলে। ইয়ে ভালেমান সমাজ-সংস্কাৰ আন্দোলনৰ জন্ম দিয়ে। অষ্টাবিংশ আৰু ঊনবিংশ শতিকাত ভাৰতত এই সমাজ-সংস্কাৰ আন্দোলনৰ গুৰি ধৰিছিল ব্ৰাহ্ম সমাজ, ৰামকৃষ্ণ মিছন ইত্যাদিয়ে। আকৌ এইটোৱে ভাৰতৰ জাতীয়তাবাদী আন্দোলনৰ সূত্রপাতটো ইন্ধন যোগালে। দুখন পৃথক সমাজৰ মাজত উত্তেজনা আৰু সংঘাত থাকিব পাৰে যিয়ে উভয় সমাজ বা কেৱল এখন সমাজলৈকে পৰিৱৰ্তন আনিব পাৰে। গতিকে সামাজিক পৰিৱৰ্তন এটা বাস্তৱ সত্য।

২৯। ৰেইমণ্ড ফাৰ্থৰ মতে প্ৰাৰম্ভিক অর্থনীতি কেনেকৈ ‘গোট জীৱনৰ’ লগত জড়িত? আলোচনা কৰা। (How was ‘primitive economy’ connected to group life as per Raymond Firth? Discuss.)

উত্তৰঃ অর্থনৈতিক নৰদেহবিজ্ঞান ইয়াৰ সঠিক বিৱৰণত যিটো ১৯৩০ চনত নৰদেহবিজ্ঞানী যেনে- ৰেইমণ্ড ফাৰ্থ আৰু মেলভিলে জে. হাৰ্চকেভিটচৰ দ্বাৰা বিকশিত কৰা হৈছিল নৱশাস্ত্রীয় অর্থনীতিবিদ নাইথ আৰু ৰবিন্‌চৰ পদ্ধতিসন্মত কামৰ দ্বাৰা প্ৰবাৱিত হোৱাৰ উপৰিও বিশেষভাৱে লাইনেল ৰবিন্‌চৰ ‘বিধিসন্মত ৰচনা’ৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।

প্ৰাৰম্ভিক পোলিনেছিয়ান অর্থনীতি (১৯৩৯ আৰু ১৯৬৫), হৈছে ফার্থে টিকোপিয়াৰ পশ্চিম পোলিনেছিয়া নামৰ দ্বীপত কৰা কৰ্মবিশ্লেষণৰ ফলাফল, লগতে প্ৰাৰম্ভিক পোলিনেছিয়ান অৰ্তনীতিক হৈছে নৱশাস্ত্রীয় অর্থনৈতিক বিধিসমূহক প্ৰাৰম্ভিক সমাজ ব্যৱস্থাত প্ৰয়োগ কৰাৰ সকলোতকৈ প্ৰণালীগত চেষ্টা। ফাৰ্থে প্ৰথমতে প্ৰাৰম্ভিক অর্থনৈতিক ব্যৱস্থাৰ ওপৰত নৱশাস্ত্রীয় অৰ্থনীতিৰ প্ৰয়োগৰ বৈধতা আৰু উপযোগিতা সম্পর্কে আলোচনা আগবঢ়াইছে। ফার্থে কৈছিল যে ইয়াৰ সাধাৰণ অৱস্থাত অৰ্থনৈতিক তত্ত্বৰ পূৰ্বধাৰণা যিটো এজন নৰদেহবিজ্ঞানীৰ দ্বাৰা চিহ্নিত কৰা হয়, সেইটো বিশ্বাসযোগ্য হয়। ইয়াৰ লগতে তেওঁ আকৌ কৈছে যে সামাজিক আৰু শিক্ষাগত ধাৰণাসমূহ, যিবোৰ অৰ্থনীতিবিদসকলে আগবঢ়াইছে আৰু যিবোৰ বজাৰ সমাজবোৰৰ কিছুমান বিশেষ চৰ্তৰ দ্বাৰা প্ৰভাৱিত, সেইবোৰ অঅধিক উপযোগী ধাৰণাৰ সৈতে সালসলনি কৰা উচিত, যিবোৰ ক্ষেত্ৰ কাৰ্যসমূহৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰিব পাৰি আৰু “যিটো এই অপশ্চিমীয়া সমাজৰ চৰ্তসমূহৰ লগত বেছি সন্মত”।

নৰদেহবিজ্ঞানী ফাৰ্থে লিখিছে যিটো বিবেচনাযোগ্য যে—

(ক) প্ৰাৰম্ভিক সম্প্ৰদায়ত উপায়সমূহ কিদৰে সীমিত/দুষ্প্রাপ্য; অন্তসমূহ কিদৰে বিকল্পিত আৰু এই দুটাৰ মাজত নিৰ্বাচনৰ বাবে মনোনয়নৰ মাত্ৰা কিমান বা কেনে। এই অন্ত আৰু উপায়সমূহ কি আৰু কেনেদৰে এইবোৰ সামাজিকভাৱে দায়বদ্ধ। 

(খ) অর্থনৈতিক দিশত বজাৰ ব্যৱস্থাৰ চৰ্তসমূহৰ উপস্থিতিৰ সমস্যা।

(গ) মানুহৰ সন্তুষ্টিৰ মাত্রা বৃদ্ধিৰ সমস্যাঃ কিমান দূৰলৈ প্ৰাৰম্ভিক সমাজত নিৰ্বাচন নিৰ্ভৰযোগ্য।

ফাৰ্থৰ মতে, প্ৰাৰম্ভিক অর্থনৈতিক ব্যৱস্থাৰ অত্যাৱশ্যকীয় দিশসমূহৰ সাধাৰ অৰ্থনৈতিক বিশ্লেষণৰ তথ্যসমূহৰ লগত সাদৃশ্য আছে আৰু ইয়াক একে বিবৃতিৰে সামৰি ল’ব পাৰি। প্ৰথমতে, প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ উপায়সমূহৰ নাটনিক বিষয় হিচাপে ধৰি লোৱা হৈছে। প্ৰাৰম্ভিক অর্থনীতিত অভাৱৰ, ফাৰ্থৰ মতে ঢিকোপিয়া সম্প্ৰদায়ৰ সৈতে মিল আছে আৰু ইয়াক দুই ধৰণে বিশ্লেষণ কৰিব পাৰি—

১। প্ৰথমতে প্ৰাৰম্ভিক সম্প্ৰদায়ৰ জনজীৱনত সংঘাতৰ অভিব্যক্তি।

২। দ্বিতীয়তে, কিছুমান অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে বাহ্যিক পৃথিৱীৰ ওপৰত নিৰ্ভৰশীলতা।

দ্বিতীয়তে, প্রয়োজনসমূহ নিৰ্বাচনৰ বৃহৎ মাপকাঠিত শৃংখলাবদ্ধ কৰা হয়। তৃতীয়তে, উপায়সমূহ আবণ্টন কৰাৰ নিৰ্বাচনটো সম্পূৰ্ণৰূপে যুক্তিনির্ভৰ প্ৰক্ৰিয়া। যদিও নির্বাচনসমূহ বেছিকৈ সামাজিক চৰ্তযুক্ত মানুহে প্ৰাৰম্ভিক সমাজত তেতিয়া নিৰ্বাচন কৰে যেতিয়া তেওঁলোকে কামৰ বিকল্পিত প্ৰক্ৰিয়াসমূহ প্রয়োগ কৰে আৰু যেতিয়া তেওঁলোকৰ উৎকৃষ্ট সমাধান বিচৰাৰ প্ৰচেষ্টাত তেওঁলোকৰ চিন্তা-ভাৱনা আৰু উদ্বেগৰ সৃষ্টি হয়। শেষত ফার্থে, মূল্যৰ ধাৰণাৰ অৱস্থিতি সম্পর্কে ব্যাখ্যা কৰিছে। তেওঁ চিহ্নিত কৰিছে যে সলনিৰ দৰসমূহ কিছুমান বিশেষ কাৰণত তাৰতম্য ঘটে আৰু এইবোৰ পাৰস্পৰিক ধাৰণাৰ লগত ওতপ্রোতভাৱে জড়িত। কিন্তু তেওঁৰ মতে পিছৰটো স্বাভাৱিক প্ৰাৰম্ভিক মানসিকতাৰ বিকশিত ৰূপ নহয়।

প্ৰকৃততে, অর্থনীতি বিজ্ঞানৰ প্ৰাৰম্ভিক সমাজৰ ওপৰত প্ৰয়োগিকতাৰ সমস্যাসমূহ বিগত কৰোতে ফার্থে চিহ্নিত কৰিছে যে যিবোৰ আচৰণে পুঁজিবাদী অর্থনীতিৰ বৈশিষ্ট্যসমূহ বহন কৰে, সেইবোৰ প্ৰাৰম্ভিক অর্থনীতিত দেখা পোৱা নাযায় — 

(ক) টিকোপীয়া সমাজখনত যান্ত্ৰিক উচ্চাকাংক্ষাৰ অভাৱ আছিল আৰু লগতে এই সমাজখন আৱিষ্কাৰ কৰাৰ ইচ্ছাৰ অভাৱতকৈ আৱিষ্কাৰৰ সম্ভাৱনীয়তাৰ অভাৱৰ দ্বাৰাহে বৈশিষ্ট্যপূৰ্ণ হৈ পৰে।

(খ) এইটো ক’ব পাৰি যে যিবোৰ সূত্ৰৰ দ্বাৰা এই সমাজৰ মানুহৰ আচাৰ ব্যৱহাৰ নিয়ন্ত্রিত হয়, সেইবোৰৰ পৰা ক’ব পাৰি যে বহুসংখ্যক অর্থনৈতিক সহযোগিতা দৰাচলতে সহযোগিতাৰ সামাজিক ধাৰণাৰ ওপৰত থকা ইচ্ছাৰ দ্বাৰা প্ৰতিষ্ঠিত। এইবোৰ অৰ্থনৈতিক লাভৰ সৈতে জড়িত নহয়।

(গ) যদিও এনে সমাজত ব্যক্তিগত সম্পত্তিৰ শাখাসমূহো আছে, তথাপিও অত্যাৱশ্যকীয় সামগ্রী, পণ্য যেনে মাটি,নাওঁ আদিৰ ক্ষেত্ৰত ব্যক্তিগত মালিকীস্বত্ব গোট সম্পত্তিৰ ব্যৱহাৰৰ আনন্দ আৰু ইয়াৰ প্ৰতি থকা দায়িত্বৰ দ্বাৰাহে প্ৰকাশ কৰিব পাৰি।

(ঘ) বিতৰণকাৰী নীতি এইটোৱে যে উৎপাদনকাৰী কামত অংশগ্ৰহণ কৰা সকলোৱে সামগ্ৰীটোৰ এটা অংশ পাব লাগে আৰু পাৰ্থক্যবোৰ মূলতঃ সামাজিক চৰ্তাৱলীৰ অধীনত থাকে।

(ঙ) এই লেনদেনবোৰত প্ৰাৰম্ভিক লোকসকলে পাৰস্পৰিক সালসলনিৰ মূল্য আৰু ইয়াৰ উৎপাদনশীলতাক পাৰস্পৰিকতাৰ ধাৰণাৰ লগত জড়িত কৰে, যিটো প্ৰাৰম্ভিক সামাজিক সম্পর্কবোৰৰ আন্তঃগাঁথনি আৰু যিটোৱে চৰম সামাজিক লাভক তৎক্ষাণিক সামগ্রিক লাভতকৈ বেছি গুৰুত্ব থকা বুলি গণনা কৰে।

মুঠতে এই পদ্ধতিত সালসলনিৰ শৃংখলালৈ ৰূপান্তৰণীয় নহয় কিন্তু সামাজিক পৰম্পৰাবোৰে কোনে কাৰ লগত সালসলনি কৰিব পাৰিব, কেতিয়া এই প্রক্রিয়া ঘটিব আৰু কি সলনি হ’ব এইবোৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ ভিত্তিত ফাৰ্থে লিখিছে যে আমি হয়তো তিপীয়া অর্থনীতিৰ অৱস্থিতি খণ্ডন কৰিব পাৰো। কিন্তু এই আশংকাটো দূৰ কৰিব পাৰি এইটো ধাৰণাৰে যে সামগ্ৰিক বস্তুৰ যোগানৰ সমস্যা আৰু মানৱীয় সামগ্রিক উন্নয়নৰ প্ৰশ্নবোৰ, যিবোৰ তিক্‌গীয়াত অন্তৰ্ভুক্ত, সেইবোৰ এটা শৃংখলাবদ্ধ আৰু বুধিয়ক প্ৰণালীযুক্ত কাৰ্যৰে সমাধান কৰা হৈছে। অর্থনৈতিক পাৰস্পৰিকতাৰ ক্ষেত্ৰসমূহ সাংস্কৃতিক আৰু সংস্থাগত সমাজ পৰিৱেশৰ দ্বাৰা সীমিত। ফার্থে শেষত কৈছে যে নৱশাস্ত্রীয় অর্থনৈতিক বিশ্লেষণৰ ভিত্তিসমূহে প্ৰাৰম্ভিক অৰ্থনীতিৰ অত্যাৱশ্যকীয় দিশবোৰৰ মাজত প্ৰকাশ লাভ কৰে, যাতে অর্থনৈতিক শ্ৰেণীবোৰ বিশ্লেষণত বা পৰীক্ষাসমূহত প্ৰয়োগ কৰিব পাৰি। এইবোৰৰ মাজত পার্থক্য আছে, যিবোৰ গুণাত্মকতকৈ বেছি পৰিমাণাত্মক।

৩০। সংস্কৃতি বুলিলে কি বুজা? ব্যক্তিত্ব গঠনত ইয়াৰ ভূমিকা ব্যাখ্যা কৰা। (What do you mean by Culture? Analyse its role in personality formation.)

উত্তৰঃ এজন ব্যক্তিয়ে নিজৰ সমাজৰ সদস্য হিচাপে আহৰণ কৰা জ্ঞানকে সংস্কৃতি বুলি কোৱা হয়। এনে জ্ঞান গুৰুত্বপূর্ণ হয় কিয়নো এই জ্ঞানে এজন ব্যক্তিৰ ব্যক্তিত্ব গঢ়াত পৰৱৰ্তী সময়ত সহায় কৰে। এইটো বিশ্বাস কৰা হয় যে এটি শিশুৱে প্রাপ্তবয়স্ক হোৱালৈ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত আগতীয়াভাৱে সংস্কৃতি প্রাপ্ত কৰাৰ বিশেষ মহত্ব আছে। সংস্কৃতিক সাধাৰণ ভাষাত ক’বলৈ গ’লে সংস্কৃতি এখন সমাজৰ বাবে তেনেকুৱা, যেনেকুৱা ব্যক্তিৰ বাবে স্মৃতি। সংস্কৃতিয়ে এখন সমাজৰ অভিজ্ঞতাৰ ক্ষেত্ৰত কিহে কাম কৰিছে এই বিষয় অন্তৰ্ভুক্ত কৰে যাতে এইবোৰ ভৱিষ্যত প্রজন্মলৈ বিলাব পৰা যায়।

মার্গাৰেট মিত (১৯০১-১৯৭৮) নামৰ ফ্ৰান্স বোৱাছৰ এজনী ছাত্ৰীয়ে সংস্কৃতি আৰু ব্যক্তিৰ মাজৰ সম্পৰ্কটো অনুসন্ধান কৰিছিল। তেওঁৰ কামিং অফ এজ্‌ ইন চামোৱা নামৰ প্ৰৱন্ধটোৱে তেওঁক নৰদেহতত্ত্ববাদীসকলৰ ভিতৰত অন্যতম কৰি তোলে। অৱয়ব অধ্যয়নকাৰী হিচাপে মিড়ে জাতীয় চৰিত্ৰক লৈয়ো লিখিছিল। তেওঁৰ ‘কামিং অফ এজ্ ইন চামোৱা’ নামৰ কিতাপখনত, যিখন ৯ মাহৰ কৰ্মক্ষেত্ৰত কৰা অদ্যয়নৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে, তেওঁ চামোৱানক আমেৰিকাৰ কিশোৰীৰ লগত তুলনা কৰিছে। তেওঁ অনুমান কৰিছিল যে ছোৱালীৰ যৌৱন প্ৰাপ্তিৰ ধাৰণাটো সাংস্কৃতিকভাৱেহে নিৰ্ধাৰিত হয়, জৈৱিকভাৱে নহয়। তেওঁৰ অধ্যয়নে দেখুৱাই যে আমেৰিকান কিশোৰাৱস্থাটো এনে সাংস্কৃতিক হেঁচাৰ দ্বাৰা বেছিকৈ প্রভাৱান্বিত। আনহাতে চামোৱান কিশোৰাৱস্থাটোৰ সহজে সলনি বা পৰিৱৰ্তন হয় যৌন পৰিপক্কতাৰে। চামোৱা অধ্যয়নত তেওঁ গম পাইছিল যে চামোৱাৰ সাংস্কৃতিক মেজাজটো আমেৰিকাতকৈ কম ভাবুক। উদাহৰণস্বৰূপে জন্ম, মৃত্যু আৰু যৌনতাৰ বিষয়ে চামোৱান শিশু-ল’ৰা-ছোৱালীৰ পৰা লুকুৱা নহয়। ইয়াৰ আগৰ যৌন সম্পৰ্কক তাত সাধাৰণ বুলি গণ্য কৰা হয় আৰু এইবোৰ কাৰ্যই কোনো দৃঢ় আৱেগিক লিপ্ততা নিবিছাৰে আৰু এই চামোৱান সমাজত কিশোৰ-কিশোৰীসকলৰ কোনো বাধ্যবাধকতা নাথাকে ল’ৰা/ছোৱালী বিচৰাৰ ক্ষেত্ৰত। সমাজৰ নীতি আদৰ্শৰ প্ৰভাৱ এইক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। চামোৱাত প্রাপ্তবয়স্কতা সেয়েহে অনুভূতিৰ প্ৰচণ্ড প্রকাশ আৰু হেঁচাৰ দ্বাৰা চিহ্নিত নহয়। এইটো মানুহৰ স্বাভাৱিক/গতানুগতিক বিকাশৰ অংশ হিচাপেহে নিৰ্ধাৰিত হয়।

চামোৱাৰ অধ্যয়নত মাৰ্গাৰেট মিডে কৈছে যে শিশুসকলক তেওঁলোকৰ প্ৰাৰম্ভিক বয়সতে শিকোৱা হয় যে যদি তেওঁলোকে ভালদৰে ব্যৱহাৰ কৰে মানুহক, নাইবা তেওঁলোক শান্ত, আজ্ঞাকাৰী হয়, তেন্তে তেওঁলোকৰ ভৱিষ্যত ভাল হ’ব। এনে সমাজত অহংকাৰ, কথা সলোৱা স্বভাৱ আৰু সাহস ল’ৰা বা ছোৱালীৰ ওপৰত প্ৰয়োগ কৰা গুণ নহয়। শিশু-ল’ৰা- ছোৱালীসকল সোনকালে উঠা, আজ্ঞাকাৰী আৰু আনন্দিত হোৱাটো আশা কৰা হয়। তেওঁলোকে নিজৰ লিংগৰ ল’ৰা-ছোৱালীৰ লগত খেলে আৰু প্ৰাপ্তবয়স্কসকল কৌশলবাদী পৰিশ্ৰমী, তেওঁলোকৰ সম্বন্ধীয়সকলৰ প্ৰতি বিশ্বাসী হোৱাটো আশা কৰা হয়।

তেওঁৰ ক্ষেত্ৰত কৰা কৰ্মৰাজিত তেওঁ লক্ষ্য কৰিছিল যে সৰু ছোৱালীবোৰে একেলগে অহা-যোৱা কৰে আৰু ল’ৰাবোৰৰ প্ৰতি সিহঁতৰ শত্ৰুতাপূৰ্ণ আৰু বৰ্জনমূলক ব্যৱহাৰ দেখা যায়। আনহাতে ডাঙৰ হোৱাৰ পিছত ল’ৰা-ছোৱালীয়ে বিভিন্ন পার্টী বা আনন্দ-বিলাসত একেলগে সময় অতিবাহিত কৰে। ল’ৰা-ছোৱালীয়ে যৌন কর্মত লিপ্ত নোহোৱা পৰ্যন্ত তেওঁলোকৰ সম্বন্ধটোক প্রাপ্তবয়স্কসকলে স্বাভাৱিক বুলি জ্ঞান কৰে। ইয়াৰ ফলস্বৰূপে, শৈশৱৰ পৰা কৈশোৰকাললৈ হোৱা পৰিৱৰ্তন অতিশয় মিহি আৰু চিন্তা-মুক্ত হয়, যিটো আমেৰিকান সভ্যতাত দেখা নাযায়। ইয়াৰ দ্বাৰা এইটোৱে ক’ব পাৰি যে শিশুৰ ডাঙৰ-দীঘল কৰা প্ৰক্ৰিয়াই কৈশোৰৰ ব্যক্ত্বি গঠনত প্ৰভাৱ পেলায়।

চামোৱান সমাজৰ অধ্যয়নৰ পিছত মিডে নিউ গুইনিয়াৰ ল’ৰা-ছোৱালীৰ ব্যক্তিত্ব গঠনৰ দিশটো তেওঁৰ দ্বিতীয় গ্রন্থ ‘গ্রোইও আপ ইন গুইনিয়া’ত (১৯৩০) প্ৰকাশ কৰে। এই অধ্যয়নে নিউ গুইনিয়াৰ লোকসকলৰ সংস্কৃতিপ্ৰদত্ত পদ্ধতিবোৰ সামৰি লৈছে, যেনে কেনেদৰে তেওঁলোকৰ নিজৰ ল’ৰা-ছোৱালীক কেঁচুৱা অৱস্থাৰ পৰা দীঘল কৰে। জীৱনৰ বিভিন্ন কাল টেনে-নাবালক, শৈশৱ, প্রাপ্তবয়স্ক, এই স্তৰবোৰত ব্যক্ত্বি গঠনৰ ক্ষেত্ৰত সংস্কৃতিৰ শিক্ষামূলক ভূমিকাৰে সৈতে এই গ্ৰন্থখনে লেন-দেন কৰে।

মিডৰ তৃতীয় উল্লেখযোগ্য গ্রন্থখন হ’ল ‘চেক্স এণ্ড টেম্পাৰমেণ্ট ইন থ্রি প্ৰিমিটভ চোচাইটিছ’ (১৯৩৫)। এই গ্রন্থত মিডে ব্যক্তিত্ব গঠনত সংস্কৃতিৰ ভূমিকা সম্পর্কে অধ্যয়ন কৰে। এই গ্ৰন্থখনিত মিডে সাংস্কৃতিক ক্ৰমৰ বিভিন্নতা অধ্যয়ন কৰিবলৈ তিনিবিধ বেলেগ বেলেগ সংস্কৃতি, ‘অপৰেশ’, মুগুগুমোৰ আৰু ‘স্বাম্বুলীক’ তুলনা কৰিছে। এই অধ্যয়নৰ জৰিয়তে এইটো বুজিব পাৰি যে একে স্থানত বাস কৰা সত্ত্বেও সমাজবোৰৰ মাজত কিয় চাৰিত্ৰিক, ব্যক্তিত্বসূচক আৰু মানসিক বিভিন্নতা থাকে আৰু একে সমাজৰ ভিতৰতে কেনেদৰে পুৰুষ আৰু স্ত্ৰীৰ মানসিক অৱস্থা ভিন্ন হয়। তেওঁৰ অধ্যয়নৰ জৰিয়তে তেওঁ এইটো গম পায় যে অপৰেশত সাংস্কৃতিক পৰিৱেশটো এনেকুৱা য’ত পুৰুষ আৰু মহিলাৰ অনুগত মানসিকতা থাকে। বেলেগ সংস্কৃতিত এনেকুৱা ধৰণৰ ব্যক্তিত্বৰ দিশবোৰ উচ্চ প্রশংসাৰ বিষয় হৈ পৰে আৰু সেই সমাজৰ সকলো সদস্যই এই সাংস্কৃতিক দিশবোৰ উৎসাহেৰে অনুসৰণ কৰে। মুণ্ডগুমোৰ সমাজত পুৰুষ আৰু মহিলা উভয়ে খঙাল। এই সমাজত ইয়াৰ সদস্যসকলৰ ব্যক্তিত্বৰ দিশবোৰ হ’ল সন্দেহবাদী, প্রতিযোগিক মনোভাৱ, কলহপ্রিয়, অহংকাৰ, জ্বলন আৰু কঠোৰতা। মণ্ডগোমৰৰ সাংস্কৃতিক পৰিৱেশটো এনেকুৱা য’ত সকলো সদস্যক সংঘাত, যুদ্ধ আৰু এটাই আনটোৰ লগত প্রতিযোগিতাৰ মাজতে দেখা যায়। এই সাংস্কৃতিক অনুশীলনৰ এই সমাজৰ সদস্যৰ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্রভাৱ পৰিলক্ষিত হয়। স্বাম্বুলীৰ সাংস্কৃতিক সভ্যতা এনেকুৱা য’ত পুৰুষে অনুগত মানসিকতা বহন কৰে আৰু স্ত্ৰীয়ে খঙাল চৰিত্ৰ বহন কৰে। এইখন নাৰীকেন্দ্ৰিক সমাজ য’ত মহিলাই হৈছে স্বত্বাধিকাৰী।

ওপৰত উল্লেখ কৰা তিনিখন সমাজৰ আলোচনাৰ জৰিয়তে মিডে প্রতিফলিত কৰিছে যে সাংস্কৃতিক প্ৰক্ৰিয়া, যিবোৰ এটা সাংস্কৃতিক গোটৰ পৰা আন এটা সাংস্কৃতিক গোট নাইবা এখন সমাজৰ পৰা আন এখন সমাজত ভিন্ন হয়, তেনে প্ৰক্ৰিয়াৰ কাৰণেই একে সমাজ নাইবা বেলেগ বেলেগ সমাজত পুৰুষ আৰু মহিলাৰ ব্যক্তিত্বৰ ধৰণবোৰ ভিন্ন হয়। এনেদৰে সামৰণি কৰে যে সাংস্কৃতিক প্ৰভাৱে এটা গোটৰ বা সমাজৰ মানুহৰ চৰিত্ৰ, মানসিকতা আৰু ব্যক্তিত্বক গঠন কৰে।

৩১। ৰবাৰ্ট বিয়াৰট্রি উল্লেখ কৰা সামাজিক পৰিৱৰ্তনৰ কাৰকসমূহ সমালোচনামূলকভাৱে বিশ্লেষণ কৰা। (Critically discuss the factors of social change as stated by Robert Bierstedt.)

উত্তৰঃ পৰিৱৰ্তনে মানৱ সমাজৰ বিভিন্নতা দর্শায়। যেতিয়া মানুহৰ জীৱন জীয়াই থকাৰ শৈলীৰ পৰিৱৰ্তন ঘটে আৰু সামাজিক সম্পর্কবোৰ প্ৰভাৱান্বিত হয়, তেনে পৰিৱৰ্তনক সামাজিক পৰিৱৰ্তন বোলে। সামাজিক পৰিৱৰ্তনে তেনেবোৰ সাল-সলনিক বুজায় যিবোৰে মানুহৰ জীৱন ক্ৰমত স্থান লয়। এইটো সংঘটিত হোৱাৰ মূল কাৰণ হৈছে সকলো সমাজত ভাৰসাম্যহীনতাৰ স্থায়ী অৱস্থা।

‘পৰিৱৰ্তন’ শব্দটোৱে যিকোনোত এটা সময়ৰ ভিতৰত হোৱা সলনিক সূচায়। গতিকে সামাজিক পৰিৱৰ্তনে কোনো সামাজিক পৰিঘটনাত যিকোনো এটা সময়ৰ ভিতৰত হোৱা লক্ষ্যণীয় সলনিবোৰক বুজায়। সামাজিক সংস্থা অৰ্থাৎ সমাজৰ গঠন আৰু কৰ্মৰ পৰিৱৰ্তনসমূহে সামাজিক পৰিৱৰ্তন আনে। যেতিয়াই মানৱ আচাৰ ব্যৱহাৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াত নিহিত হয়, তেতিয়াই সামাজিক পৰিৱৰ্তন সংঘটিত হয়। মানৱ সমাজ মানৱৰ দ্বাৰা সংগঠিত। সমাজ পৰিৱৰ্তন মানেই মানৱ পৰিৱৰ্তন। সমাজক পৰিৱৰ্তন কৰিবলৈ মানুহক পৰিৱৰ্তন কৰিব লাগিব।

সামাজিক পৰিৱৰ্তনৰ কিছুমান বৈশিষ্ট্য আৰু কাৰকসমূহ —

(ক) সামাজিক পৰিৱৰ্তন সমাজৰ ওপৰত নিৰ্ভৰশীল। সমাজ হৈছে সামাজিক সম্পর্কৰ জালনি আৰু সমাজ পৰিৱৰ্তন মানে হৈছে সামাজিক সম্পৰ্কৰ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন। সামাজিক সম্পৰ্কবোৰ সামাজিক প্ৰক্ৰিয়া সামাজিক কথা-বতৰা আৰু সামাজিক সংস্থাৰ দ্বাৰা বুজা হয়। আৰু তেনেকুৱা পৰিৱৰ্তনকহে সামাজিক পৰিৱৰ্তন বুলি গণ্য কৰিব পাৰি যিবোৰৰ প্ৰভাৱ সম্প্রদায়ত দেখা যায়।

(খ) সামাজিক পৰিৱৰ্তন চিৰাচৰিত৷ পৰিৱৰ্তন হৈছে প্ৰকৃতিৰ চিৰাচৰিত নিয়ম। সামাজিক গঠন, সামাজিক সংস্থা আৰু সামাজিক অনুষ্ঠানসমূহ সকলোৱে গতিশীল। সামাজিক পৰিৱৰ্তন সকলো সময়তে ঘটে কিয়নো কোনো সমাজ সম্পূৰ্ণৰূপে স্থিৰ নহয়। প্রত্যেক সমাজ যিমানেই পৰম্পৰাগত বা ৰক্ষণশীল নহওঁক কিয়, পৰিৱৰ্তিত হয়।

(গ) সামাজিক পৰিৱৰ্তনে প্ৰয়োজনীয় নীতি হিচাপে কাম কৰে। পৰিৱৰ্তন হৈছে প্ৰকৃতিৰ নিয়ম। সামাজিক পৰিৱৰ্তনো স্বাভাৱিক। স্বভাৱগতভাৱে আমি পৰিৱৰ্তন বিচাৰো। পৰিৱৰ্তনৰ আশংকা পৰিপূৰ্ণ কৰিবৰ বাবে আমাৰ প্ৰয়োজনবোৰ সলনি হৈ থাকে।

(ঘ) সামাজিক পৰিৱৰ্তন ধাৰাবাহিক হয়। সমাজ হৈছে সদা পৰিৱৰ্তিত পৰিঘটনা। বহুতো অন্তহীন পৰিৱৰ্তনৰ মাজেৰে সমাজ চলে। এই পৰিৱৰ্তনবোৰ বন্ধ কৰিব নোৱাৰি। সমাজৰ উত্থান হয়, পতন হয় আৰু সমাজৰ মাজত নতুনত্ব আহে বিভিন্ন সামাজিক পৰিৱেশৰ জৰিয়তে। সমাজ হৈছে সামাজিক সম্বন্ধৰ প্ৰক্ৰিয়া। মানৱ বুৰঞ্জীৰ বিভিন্ন পৰ্যায়ত সামাজিক পৰিৱৰ্তনৰ প্রকাশ হয়। পুৰণি কালৰ সমাজ যেতিয়া মানুহৰ জীৱন গুহাতে সন্নিবিষ্ট আছিল, সেয়া বৰ্তমানৰ কম্পিউটাৰ যুগতকৈ বহুত বেলেগ।

(ঙ) সামাজিক পৰিৱৰ্তন সাম্যকালীন বা দীর্ঘকালীন হ’ব পাৰে। পৰিৱৰ্তনৰ প্রাবল্যৰ ধাৰণাই পৰিৱৰ্তনৰ অন্য এটা দিশ দেখায়, যিটো হৈছে সময়-সীমা। এটা সৰু পৰিৱৰ্তনে শেষত ডাঙৰ পৰিৱৰ্তনলৈ পৰিগণিত হ’ব পাৰে।

(চ) সামাজিক পৰিৱৰ্তনটো পৰিকল্পিত বা অপৰিকল্পিত হ’ব পাৰে। এই পৰিৱৰ্তন প্রাকৃতিকভাৱেও হ’ব পাৰে নাইবা মানুহৰ দ্বাৰা জানি বুজি কৰাও হ’ব পাৰে। অপৰিকল্পিত পৰিৱৰ্তনবোৰ প্ৰাকৃতিক দুর্যোগ যেনে- বানপানী, দুর্ভিক্ষ, জ্বালমুখী উদ্‌গীৰণ আদিৰ ফলত হয়। সেয়েহে সামাজিক পৰিৱৰ্তনক প্ৰকৃতিৰ অপৰিৱৰ্তিত নিয়ম বোলে। পৰিকল্পিত পৰিৱৰ্তনবোৰ মানুহৰ আভিযান্ত্ৰিক বিদ্যাৰ জৰিয়তে পৰিচালিত হয়। সামাজিক পৰিৱৰ্তনবোৰ দিশ পৰিচালনা কৰিবৰ বাবে মানুহে বিভিন্ন পৰিকল্পনা, অনুষ্ঠান আৰু প্ৰকল্প তৈয়াৰ কৰে।

ৰবাৰ্ট বিয়াৰচ্‌টেডে সামাজিক পৰিৱৰ্তনৰ কাৰকসমূহৰ বিষয়ে আকৌ লিখিছে যে ভৌতিক পৰিৱেশ হৈছে সমাজ জীৱনৰ প্ৰভাৱৰ সকলোতকৈ গুৰুত্বপূৰ্ণ পৰিঘটনা। ভৌতিক পৰিৱেশত লেহেমীয়া আৰু দ্ৰুত পৰিৱৰ্তনবোৰ থাকে। ভৌতিক পৰিৱেশে সভ্যতাৰ বিকাশক উঠাইও দিয়ে আৰু ৰুদ্ধও কৰে।

কিছুমান বুৰঞ্জীবিদে কৈছে যে ইজিপ্ত আৰু মেছোপটেমীয়াৰ সভ্যতাৰ বিলুপ্তিৰ প্ৰধান কাৰণ হৈছে ভৌতিক পৰিৱেশৰ অনুকূল নোহোৱা অৱস্থা। প্রাকৃতিক সম্পদসমূহৰ উপলব্ধতাই এখন মানৱ সমাজক সেই অঞ্চলত স্থিৰকৃত কৰে আৰু এই সম্পদসমূহৰ হ্ৰাসে আৰু শোষণে মানুহৰ স্থিৰকৃত অৱস্থাত প্ৰভাৱ পেলায়। মানুহৰ দ্বাৰা ভৌতিক পৰিৱেশৰ অপব্যৱহাৰ হোৱাৰ ফলশ্রুতিতে ‘গ্রীণ হাউচ এফেক্ট’, বিশুদ্ধ পানীৰ অভাৱ, মাটিৰ অভাৱ আদি সংঘটিত হয়। বৰ্তমান ভাৰতত অতিশয় কৃষি উৎপাদন হৈছে। যাৰ ফলস্বৰূপে হৈছে ‘গ্ৰীণ ৰেভুলেচন’ (Green Revolution) আৰু খাদ্য উৎপাদনৰ যথেষ্টতা। কিন্তু ইয়াৰ ফলত মাটি উৰ্বৰতাৰ খহনীয়া আৰু পানীৰ পৰিমাণ হ্রাস পাইছে। গতিকে অর্থনৈতিক আৰু কাৰিকৰী বিকাশবোৰে পাৰিস্থিতিক ভাৰসাম্যতা আনিছে আৰু ইয়াৰ হানি কৰিছে। ভৌতিক পৰিৱেশে জীৱন যাপনৰ নতুন দিশবোৰৰ লগত নতুন সামাজিক সম্বন্ধবোৰৰ জৰিয়তে সমাজক প্ৰভাৱিত কৰে।

সমাজ পৰিৱৰ্তনৰ জনগাঁথনিক কাৰকঃ জনগাঁথনি হৈছে মানৱ জনবসতিৰ অধ্যয়ন। জনগাঁথনিক কাৰকবোৰ যিবোৰে সামাজিক পৰিৱৰ্তন আনে সেইবোৰ হৈছে প্ৰজন্ম, মৃত্যুহাৰ, প্ৰব্ৰজন, বয়স, ৰুগ্নতাৰ প্ৰকাৰবোৰ। এই কাৰকসমূহৰ সমাজৰ ওপৰত প্ৰভাৱ থাকে যিবোৰে সামাজিক পৰিৱৰ্তন বিচাৰে। কিছুমান দেশত জনসংখ্যাৰ হাৰ বেছি আৰু কিছুমানত কম যিয়ে সামাজিক পৰিৱৰ্তন আনে। যিবোৰ দেশত প্ৰজনন আৰু মৃত্যু হাৰ কম, তেনে দেশত জীৱন-যাপন উন্নত আৰু যিবোৰত বেছি তেনে দেশত জীৱন-যাপনৰ মাণদণ্ড অনুন্নত।

ভাৰতীয় সমাজ ব্যৱস্থাৰ লগত সংগতি ৰাখি আন এটা জনগাঁথনিক কাৰক হ’ল লিংগ হাৰৰ হ্রাস। ভাৰতীয় সমাজত ছোৱালীক বোজা হিচাপে লয় কাৰণেই আধুনিক ভাৰতত লিংগ নিৰ্ধাৰণকাৰী পৰীক্ষাসমূহ কৰোৱা হয় আৰু এইবোৰে সমাজ পৰিৱৰ্তনত বিৰূপ প্ৰভাৱ পেলায়।

বয়সৰ গাঁথনিৰ পৰিৱৰ্তন যিবোৰ পৰমায়ু, দীর্ঘ জীৱন আৰু উন্নত স্বাস্থ্য মাপৰ বাবে হয়, সেইবোৰৰ সামাজিক পৰিৱৰ্তনৰ ওপৰত প্ৰভাৱ থাকে। অতীতত যুৱকসকলে জনসংখ্যাৰ বেছি অংশ অধিকাৰ কৰিছিল আৰু কমসংখ্যক বৃদ্ধ আছিল। বৃদ্ধৰ জনসংখ্যা বৃদ্ধিয়ে বেছি সামাজিক আৰু অৰ্থনৈতিক সহযোগিতা বিচাৰে। এনেদৰে বিভিন্ন ধৰণৰ জনগাঁথনিমূলক কাৰকেও সামাজিক পৰিৱৰ্তন আনে।

সামাজিক পৰিৱৰ্তনৰ কাৰিকৰী কাৰকঃ কাৰিকৰী পৰিৱৰ্তনবোৰে এই পৃথিৱীখনক বিশ্বব্যাপী গাঁৱলৈ পৰিৱৰ্তন কৰিছে। উদ্যোগ, কৃষিব্যৱস্থা, পৰিবহন ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, শক্তিৰ উৎস, খাদ্য বিতৰণ, ভৌতিক পৰিৱেশ আদি কাৰিকৰী সলনিৰ দ্বাৰা প্ৰভাৱিত হয়। এই কাৰিকৰী বিকাশে সামাজিক জীৱন-যাপনত পৰিৱৰ্তন আনে। ইয়াৰ লগতে ভাৱ-বিনিময় আৰু সমাজ জীৱনতো পৰিৱৰ্তন আনে। কাৰিকৰী কাৰকসমূহে সামাজিক জীৱনত বিশেষ প্ৰভাৱ পেলায়।

(ক) পৰিয়াল প্ৰতিষ্ঠানৰ সলনি যেনে — যৌথ পৰিয়াল ব্যৱস্থাৰ পৰা একক পৰিয়াল ব্যৱস্থা, মহিলাৰ সংস্থাপন, পুৰুষ আৰু স্ত্ৰীৰ মাজত ভূমিকা আৰু সম্পৰ্কৰ পৰিৱৰ্তন, বিবাহৰ প্ৰক্ৰিয়াবোৰৰ পৰিৱৰ্তন, অসবর্ণ আৰু পলম বিবাহ, বিবাহ বিচ্ছেদৰ হাৰৰ বৃদ্ধি, জন্ম নিয়ন্ত্ৰণৰ পদ্ধতিৰ বাবে সৰু পৰিয়াল, সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিয়ালৰ হ্ৰাসিত ভূমিকা আৰু সামাজিক দৃষ্টিভংগী আৰু সামাজিক মূল্যসমূহৰ বাবে বয়স্কসকলক কৰা অৱহেলা।

(খ) সমাজ স্তৰীভূতকৰণৰ পৰিৱৰ্তন, সংস্থাপনৰ ক্ষেত্ৰত বৰ্ণ ব্যৱস্থাৰ হ্ৰাস হোৱা প্ৰভাৱ, ব্যক্তিগতকৰণৰ বিকাশ আৰু সাম্প্রদায়িক জীৱনৰ অধোন্নতি, পুনৰুৎপাদনৰ বাণিজ্যিকীকৰণ, প্ৰব্ৰজনৰ সমস্যা আৰু নগৰ অঞ্চলত বস্তি, প্রতিযোগিতা আৰু দ্রুত গতিৰ জীৱনৰ বাবে হোৱা চিন্তা-হেঁচা, দৈনন্দিন জীৱনত অন্ধবিশ্বাসৰ ভূমিকা, আৱেগিক ভাৰসাম্যহীনতা আৰু হঠাৎ হোৱা অর্থনৈতিক অৱৰোধ আৰু নিৰাপত্তাহীনতা।

৩২। সংস্কৃতিৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা। (Discuss about Importance of Culture)

উত্তৰঃ ব্যক্তি, সমূহ আৰু সমাজৰ ক্ষেত্ৰত সংস্কৃতিৰ গুৰুত্ব অপৰিসীম। সংস্কৃতিৰ অবিহনে মানুহ পশু হৈ পৰে। সমূহত সংস্কৃতিৰ গুৰুত্ব তলত দিয়া ধৰণেৰে উপলব্ধি কৰিব পাৰি।

(ক) সংস্কৃতিয়ে সামাজিক সম্বন্ধ ধৰি ৰাখে। সমূহত ব্যক্তিৰ আচৰণক নিয়ন্ত্ৰণ কৰি সংস্কৃতিয়ে ভোক, আশ্ৰয় আৰু যৌনতাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে।

(খ) ব্যক্তি সকলৰ সহযোগিতাৰ বাবে সংস্কৃতিয়ে সমাজত কিছুমান নীতি-নিয়ম প্রণয়ন কৰে। ই এজন ব্যক্তিক সমাজৰ এক অংশ হিচাপে সামাজিক স্তৰত চিন্তা কৰিবলৈ শিকায়।

(গ) ই সামাজিকভাৱে সমূহগত জীৱনৰ মূল্যৰ মানদণ্ড প্রদান কৰে।

(ঘ) সংস্কৃতিয়ে জ্ঞানৰ প্ৰতি জিজ্ঞাসা অথবা সামাজিক সংগঠনৰ চিজিলকৰণত জ্ঞান প্রদান কৰি সমাজৰ বাবে কিছুমান নতুন প্রয়োজনীয়তা আৰু নতুন দিশৰ সন্ধান দিয়ে।

(ঙ) ই অতীতক বৰ্তমানৰ সৈতে সংযোগ কৰি উঠি অহা প্ৰজন্মক জীৱন-নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ সুবিধা প্রদান কৰে।

এইদৰে সামূহিক জীৱনত সংস্কৃতিৰ গুৰুত্ব থকাৰ দৰেই এজন ব্যক্তিৰ বাবেও ইয়াৰ যথেষ্ট গুৰুত্ব আৰু প্ৰয়োজনীয়তা আছে। এইবোৰ হ’ল—

(ক) সংস্কৃতিয়ে এজন ব্যক্তিৰ আচৰণক সু-সংঘবদ্ধ কৰি সামুহিক জীৱনৰ বাবে প্রস্তুত কৰি তোলে। ই পাৰস্পৰিক বুজা পৰা আৰু সহযোগিতাৰে সামাজিক জীৱন যাপনত সহায় কৰে।

(খ) ই জটিল আৰু সমস্যাজৰ্জৰ পৰিস্থিতিটো এজন ব্যক্তিক সামাজিক আচৰণৰ নীতি-নিৰ্দেশনা প্রদান কৰে।

(গ) সংস্কৃতিৰ পৰা এজন ব্যক্তিয়ে বিশেষ অৱস্থাৰ প্ৰেক্ষাপটত পৰম্পৰাগত বিশ্লেষণ পায়। উদাহৰণস্বৰূপে ঘৰৰ মুধচত ফেঁচা দেখাটো কোনো এক সংস্কৃতিত অমংগলৰ চিহ্ন বুলি কোৱাৰ বিপৰীতে আন এটা সংস্কৃতিত ইয়াক পবিত্ৰ জ্ঞান কৰা হয়। ঠিক একেদৰে ভাৰতীয় সমাজত ব্যক্তিৰ সৈতে কথা পাতোতে হিচহিচনি কৰাটো অপমান বুলি গণ্য কৰাৰ বিপৰীতে জাপানী সমাজত ইয়াক সন্মান প্ৰদৰ্শনৰ চিহ্ন বুলি ধৰা হয়। এইদৰে সংস্কৃতিয়ে পৰম্পৰাগত ব্যাখ্যা আগবঢ়ায়।

(ঘ) সংস্কৃতিয়ে এজন ব্যক্তিৰ বিপু দমনেৰে তেওঁক সামাজিক হৈ থকাৰ ক্ষেত্ৰত সহায় কৰে।

এইবিলাকৰ উপৰি আমি কব পাৰো যে সমাজৰ বাবেও সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আছে। ই মানৱ জীৱনত যথেষ্ট প্রভাৱ বিস্তাৰ কৰি আছে। সেয়ে হয়তো কোৱা হয় পৰুৱাৰ এক সমাজ আছে কিন্তু মানুহৰ সংস্কৃতি আছে।

সংস্কৃতিৰ গুৰুত্বৰ বিষয়ে থূলমূলকৈ তলত উল্লেখ কৰা হ’ল—

(ক) সংস্কৃতিয়ে জৈৱিক অবয়বৰ পৰা মানুহ কৰে। মানুহ যদিওবা সামাজিক প্রাণী কিন্তু মানুহ সামাজিক হৈ জন্ম নহয়। জীৱ-জন্তু দৰেই জন্মাৱস্থাত মানুহৰ এক অবয়ব থাকে। সদ্যজন্মজাত শিশু এটি মাথোন পিতৃ-মাতৃৰ ওপৰতেই নিৰ্ভৰশীল এনে নহয় বৰঞ্চ মানৱ সমাজত জীয়াই থকাৰ বাবে জানিবলগীয়া আচৰণৰ বিষয়েও অজ্ঞ হৈ থাকে। মানুহ আটাইতকৈ পূৰ্ণাংগ জীৱ যদিও জন্মৰ সময়ছোৱাত ই সমগ্ৰ জীৱ-জন্তুৰ তুলনাত অপূৰ্ণ জীৱ। শিশুৰ খালী মগজু শিকি লোৱা আচাৰ-ব্যৱহাৰ, জ্ঞান ইত্যাদিৰ দ্বাৰাহে পূৰ্ণ হয়। সি সংস্কৃতি শিকিহে লয় যাৰ ফলত অবয়বৰ পৰা মানুহ হয়।

(খ) আমি সংস্কৃতিৰ ছত্ৰছায়াতহে সামাজিকৃত হওঁ। আমি যি শিকিব বিচাৰো অথবা যি বুজো বা বুজিব বিচাৰো, সৰ্বত্তে সংস্কৃতি বিৰাজমান। সমাজৰ প্ৰচলিত সংস্কৃতি অনুযায়ীহে পিতৃ-মাতৃয়ে সন্তানক সামাজিকীকৰণৰ শিক্ষা দিয়ে। সংস্কৃতিৰ বাহিৰত কাকো একো শিকোৱা নহয়।

(গ) সংস্কৃতিয়ে সুস্থ সামাজিক বাতাবৰণ সৃষ্টি আৰু পৰিচালনাত সহায় কৰে। ই দৈনন্দিন জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজন হোৱা আশানুৰূপ আচৰণৰ দিশ নিৰ্দেশনা দিয়াৰ লগতে পৃথকীকৃত ব্যক্তিগত আচৰণক সংঘবদ্ধ কৰে। একে সংস্কৃতি সকলোৱে মানি চলাৰ ফলত সামাজিক সম্বন্ধৰ জালগোঁঠনি দৃঢ় আৰু পূৰ্ণ হয়। আনে আমাৰ পৰা আশা কৰা ব্যৱহাৰ অথবা আমি আনৰ পৰা আশা কৰা আচৰণক সংস্কৃতিয়ে নিৰ্ধাৰণ কৰে যাৰ ফলত সামাজিক শৃংখলা অটুট থাকে।

(ঘ) সংস্কৃতিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা ই প্ৰদান কৰা সামাজিক আচৰণৰ দিশ নিৰ্দেশনাৰ মাজতো পোৱা যায়। শৃংখলিত আৰু নিয়মমতে ব্যৱহাৰ কৰিবলৈ সংস্কৃতিয়ে শিকায়। আমি পিতৃ-মাতৃ, লগৰ সমনীয়া, বন্ধু-বান্ধৱ, শিক্ষাগুৰু আদিৰ সৈতে কেনে আচৰণ কৰিব লাগে তাক সংস্কৃতিয়েহে শিকায়। সমাজ আৰু সম্বন্ধ ভেদে আচৰণৰ আৰ্হি আৰু স্বৰূপ পৃথক পৃথক হয়।

(ঙ) সংস্কৃতিয়ে সমাজত ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ কৰে। ব্যক্তিত্ব হৈছে আনক সন্মোহিত কৰিব পৰা ক্ষমতা বা আচৰণ। সেয়ে সংস্কৃতিক সদায়েই ইয়াৰ এক অতি শক্তিশালী উপাদান বুলি গণ্য কৰা হয়।

(চ) ইয়াৰ গুৰুত্ব প্ৰতীকী চিনাক্তকৰণৰ যোগেদিও উপলব্ধি কৰিব পাৰি। এজন ব্যক্তিয়ে পৰিধান কৰা সাজ-পোছাক, কথা কোৱাৰ ভংগী অথবা সামাজিক আচৰণৰ যোগেদি আমি সহজেই তেওঁৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰো। এইদৰেই আমি এজন মিচিং, বড়ো, দেউৰী, কাৰ্বি, নেপালী, ভাৰতীয়, পাশ্চাত্য আদিৰ সংস্কৃতিক জানিব পাৰো।

(ছ) সংস্কৃতিৰ গুৰুত্ব চাবিওদিশে পোৱা যায়। ইয়াৰ উৰ্ধত বা বাহিৰত একোৱেই নাথাকে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি সংস্কৃতিকেই মানি চলো। সেয়ে ইয়াৰ গুৰুত্ব অপৰিসীম।

1 thought on “Introduction to Sociology Unit 3 মৌলিক ধাৰণা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top