Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান

Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান

Join Telegram channel

Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান Notes cover all the exercise questions in UGC Syllabus. The Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান

SOCIOLOGY

INTRODUCTION TO SOCIOLOGY

সমাজতত্ত্বৰ পৰিচয়

Short Question Answer

১। সমাজতত্ব আৰু ৰাজনীতি বিজ্ঞানৰ (Sociology & Political Science) মাজৰ সম্বন্ধ আলোচন কৰা।

উত্তৰঃ সমাজতত্ব আৰু ৰাজনীতি বিজ্ঞানৰ সম্বন্ধ অতি নিবিড়। সাধাৰণ অৰ্থত ৰাজনীতি বিজ্ঞান হ’ল ৰাষ্ট্ৰ বিজ্ঞান আৰু ৰাষ্ট হ’ল সমাজৰ এটা সুসংগঠিত অৱস্থা। গতিকে দুয়োটা বিষয়ৰ মাজত স্বঃসিদ্ধভাৱে ঘনিষ্ঠ সম্পৰ্ক আছে।

সমাজতত্ব আৰু ৰাজনীতি বিজ্ঞানৰ সম্পৰ্কৰ প্রতি লক্ষ্য কৰি মৰিছ জিন্সবাৰ্গে কৈছে, ” ৰাজনীতি বিজ্ঞান আৰু দৰ্শনেই হৈছে সমাজতত্বৰ ঘাই শিল্প। প্ৰাচীন গ্ৰীক দাৰ্শনিক প্লেটোৰ ‘গণৰাজ্য’ আৰু এৰিষ্টটলৰ ‘ৰাজনীতি’ নামৰ গ্ৰন্থ দুখনতো সমাজতত্ব আৰু ৰাজনীতিৰ সমন্বয় ঘটিছে।

২। সমাজতত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ সমাজতত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্য হল-

(i) প্ৰথমতে, বিষয়বস্তু আৰু অধ্যয়নৰ ক্ষেত্ৰত গভীৰভাৱে আলোচনা কৰিলে সমাজতত্ব আৰু ৰাজনাতি বিজ্ঞানৰ মাজিত পাৰ্থক্য পোৱা যায়। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ বিষয় হৈছে ৰাষ্ট্ৰ চৰকাৰ, সাৰ্বভৌমত্ব, সংগঠিত বিভিন্ন ৰাষ্ট্ৰসমূহ, আইন, বিচাৰ পদ্ধতি, প্ৰশাসনীয় সংগঠন আদি। কিন্তু সমাজতত্বত বিষয় হৈছে সমাজ পদ্ধতি, সামাজিক সম্বন্ধ সামাজিক ক্ৰিয়া আদি। মুঠতে, সমাজতত্বৰ অধ্যয়নৰ বিষয়বস্তুৰ পৰিসৰ ৰাজনীতি বিজ্ঞানৰ পৃথৰতকৈ ব্যাপক।

(ii) দ্বিতীয়তে, আদৰ্শ আৰু উদ্দেশ্যৰ ফালৰ পৰাও সমাজতত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজত বহুতো পাৰ্থক্য পৰিলক্ষিত ইয়। সমাজতত্বৰ মূল উদ্দেশ্য হ’ল বৈজ্ঞানিক পদ্ধতিৰে সমাজখন অধ্যয়ন কৰি নিৰপেক্ষ সিদ্ধান্ত প্ৰকাশ কৰা। কিন্তু ৰাজনীতি বিজ্ঞানে সমাজতত্বৰ দৰে নিৰপেক্ষ সিদ্ধান্ত প্ৰকাশ কৰিব পৰা নাই।ৰাজনীতি বিজ্ঞানে দাৰ্শনিক দৃষ্টিভংগীৰ উদ্দেশ্যধৰ্মী সিদ্ধান্তহে প্ৰকাশ কৰে।

(iii) তৃতীয়তে, সমাজতত্বই সকলো প্ৰকাৰৰ সামাজিক ঘটনাৰ নিজস্ব পদ্ধতিৰে অধ্যয়ন কৰি সাধাৰণ সিদ্ধান্ত প্ৰকাশ কৰে।আনহাতে, ৰাজনীতি বিজ্ঞানে অকল ৰাজনীতি সম্বন্ধ থকা ঘটনাৱলীহে অধ্যয়ন কৰি সিদ্ধান্ত প্ৰকাশ কৰে। সিদ্ধান্ত প্ৰকাশ কৰোতে ৰাজনীতি বিজ্ঞানে সমাজতত্বৰ সমান বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰিবলৈ সক্ষম হোৱা নাই।

(iv) চতুৰ্থতে, সমাজতত্ব হৈছে সমন্বয়াত্মক বিষয়। আনহাতে, ৰাজনীতি বিজ্ঞান বিশেষাত্মক বিষয়। ৰাজনীতি বিজ্ঞানে কেৱল ৰাজনৈতিক সংগঠনৰ লগত জড়িত বিষয়হে আলোচনা কৰে, কিন্তু সমাজতত্বই ৰাজনৈতিক সংগঠনৰ উপৰিও সংগঠিত আৰু অসংগঠিত সকলো সামাজিক সমূহৰ বিষয়েই আলোচনা কৰে।

(v) পঞ্চমতে, উৎপত্তিৰ ক্ষেত্ৰত সমাজতত্বকৈ ৰাজনীতি  বিজ্ঞান প্ৰাচীন। বহুতো সমাজতত্ববিদ আৰু ৰাজনীতিবিদে দুয়োটা বিষয়ৰ মাজত পাৰ্থক্য নাই বুলি কব বিচাৰিলেও দৰাচলতে নিৰ্দিষ্ট বৈশিষ্ট্য বিষয় হিচাপে পাৰ্থক্য আছেই। জন্মৰ ফালৰ পৰা সমাজতত্ব ৰাজনীতি বিজ্ঞানতকৈ নতুন আৰু ক্ৰমবিকাশ ঘটি আছে।

৩। সমাজতত্ব আৰু অর্থনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্য আলোচনা কৰা।

উত্তৰঃ সমাজতত্ব আৰু অর্থনীতি বিজ্ঞানৰ মাজত পাৰ্থক্য হল-

(i) প্ৰথমতে, বিষয়বস্তুৰ ফালৰ পৰা চালে দেখা যায় যে, সমাজতত্বই সমগ্ৰ মানৱ সমাজৰ বিষয়েই আলোচনা কৰে, কিন্তু অৰ্থনীতি বিজ্ঞান কেৱল অর্থনৈতিক ক্ৰিয়াৰ লগতহে জড়িত। সমাজত্বৰ অধ্যয়নৰ ক্ষেত্ৰ ব্যাপক, কিন্তু অর্থনীতি বিজ্ঞানৰ ক্ষেত্ৰ ব্যাপক নহয়। গতিকে, অৰ্থনীতি বিজ্ঞানক সমাজতত্বৰ এটা ভাগ বুলিব পাৰি।

(i) দ্বিতীয়তে, উৎপত্তিৰ ক্ষেত্ৰত সমাজতত্বতকৈ অর্থনীতি বিজ্ঞান প্ৰাচীন। বহুতো সমাজতত্ববিদ বা অৰ্থনীতিবিদে যদিও অৰ্থনীতি বিজ্ঞানক সমাজতত্বৰ অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছে, তথাপিও ই পিছতহে অন্তৰ্ভুক্ত হৈছে। দৰাচলতে, নিজস্ব বৈশিষ্ট্যৰে দুটাই পৃথক সমাজ বিজ্ঞান।

(iii) তৃতীয়তে, সমাজতত্ত্ব দৃষ্টিভঙ্গীৰ ব্যাপক, কিন্তু অৰ্থনীতি বিজ্ঞানৰ দৃষ্টিভংগী বস্তুবাদীহে। অৰ্থনীতি বিজ্ঞানে মূলতঃ উপাদান বিতৰণ আদিৰ জৰিয়তে মানুহৰ সুখ লাভৰ বিষয়ে চিন্তা কৰে।আনহাতে, সমাজতত্ত্বই অৰ্থনৈতিক কাৰ্যাৱলীয়ে সমাজত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে সেই সম্পৰ্কেহে অধ্যয়ন কৰে।

৪। সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ মাজৰ সম্বন্ধ আলোচনা কৰা।

উত্তৰঃ অধ্যয়নৰ বিষয়বস্তুৰ ফালৰ পৰাও সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ কিছু সদস্য আছে। শ্ৰমবিভাজনৰ সংখ্যা, পৰিয়াল, পদ্ধতি, ভূমি বিতৰণ পদ্ধতি, উদ্যোগিকৰণ আদি বিষয়বস্তুসমূহ সমাজতত্ব আৰু অৰ্থনীতি বিজ্ঞান উভয়েই আলোচনা কৰে।

অৰ্থনীতি বিজ্ঞানে উৎপাদন ব্যৱস্থা, বিনিময় ব্যৱস্থা আৰু উপভোগ ব্যৱসা = এই তিনিওটা অৱস্থাৰ যোগেদি  সমাজৰ অৰ্থনীতি দিশটো আলোচনা কৰে। সমাজতত্বয়ো উক্ত বিষয়সমূহ আলোচনা কৰে। এইটো দিশৰ পৰা লক্ষ্য কৰিলে অর্থনৈতিক বিজ্ঞানক সমাজ বিজ্ঞানৰ বা সমাজবিজ্ঞানক অর্থনীতি বিজ্ঞান” পৰিপূৰক বুলিব পাৰি। অৱশ্যে দুয়োটা বিষয়ৰ অধ্যয়ন পদ্ধতি আৰু দৃষ্টিভংগীৰ প্ৰভেদ আছে।

বিষয়বস্তুৰ সাদৃশ্যৰ উপৰিও আদৰ্শৰ ফালৰ পৰাও সমাজতত্ত্ব আৰু বিজ্ঞানৰ মাজত কিছু মিল আছে। দুয়োটা বিষয়েই সাৱধানতাৰে অধ্যয়নৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰে। উদাহৰণ স্বৰূপে দুয়োটা বিষয়েই বৈজ্ঞানিক ভিত্তি নিৰীক্ষনীয় তথ্যপাতি আৰু পৰিসংখ্যামূলক অধ্যয়নত গুৰুত্ব দিয়ে।

সমাজতত্বই কিছুমান বিষয় অধ্যয়ন কৰোতে অৰ্থনীতি বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে। একেদৰেই, উৎপাদন, সঞ্চয়, শ্রমিক প্ৰব্ৰজন কৰ্মনপুণতা আদি বিষয় অর্থনীতি বিজ্ঞানে আলোচনা কাৰোত সমাজতত্বৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আকৌ মেক্সৱেবাৰে অৰ্থনীতিৰ সূত্ৰক সমাজতত্বৰ সাধাৰণ সূত্ৰৰ এটা অংশ হিচাপেহে আলোচনা কৰিছে। মুঠতে, দুয়োটা বিষয়ৰ মাজত সুগভীৰ সম্বন্ধ আছে।

৫। সমাজতত্ত্ব সৈতে বুৰঞ্জীৰ সম্পৰ্ক বৰ্ণনা কৰা।

উত্তৰঃ সমাজতত্ত্ব আৰু বুৰঞ্জীৰ সম্বন্ধৰ গভীৰতা ইমান বেছি যে বহুতো সমালোচকে সমাজতত্ত্বক বুৰঞ্জীৰ পৰা পৃথক বিষয় হিচাপে মানিবলৈ অস্বীকাৰ কৰিছে। কিয়নো বিষয়বস্তু অধ্যয়ন ফালৰ পৰা এই দুয়োবিধৰ মাজৰ পাৰ্থক্য বিচাৰি উলিওৱা জটিল, ৰাজনীতি, অৰ্থনীতি, ধৰ্ম, সংস্কৃতি আদি বিষয়বোৰে সমাজতত্ত্ব আৰু বুৰঞ্জী এই দুয়োটা বিষয়েই অধ্যয়ন কৰে। এইচ ই. হাৱাৰ্ড নামৰ এগৰাকী চিন্তাবিদৰ মতে “History is past-sociology and sociology is present history” অৰ্থাৎ বুৰঞ্জী অতীতৰ সমাজতত্ত্ব আৰু  সমাজতত্ত্ব বৰ্তমানৰ বুৰঞ্জী। দৰাচলতে সমাজতত্ত্ব আৰু বুৰঞ্জী পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।বুৰঞ্জীয়ে যিদৰে কোনো এটা ঘটনাৰ উৎস, স্বৰূপ প্ৰকৃতি আদি অধ্যয়ন কৰোতে সামাজিক গঠন পদ্ধতি , সামাজিক মূল্যবোধ আদিৰ বিষয়েও অধ্যয়ন কৰে। সেইদৰেই সমাজতত্ত্বয়ো সামাজিক গঠন পদ্ধতি মূল্যবোধ আদি অধ্যয়ন কৰোতে ঐতিহাসিক উৎস, স্বৰূপ , প্ৰকৃতি আদি অধ্যয়ন, কৰে।

আজি আমি যিটো সময়ক বৰ্তমান বুলি কৈছো কেইবছৰমান পিছত সেয়াই আকৌ অতীত হ’ব। অনাগত দিনবোৰতবা ভৱিষ্যতৰ সময়তো বৰ্তমানৰ সম্বন্ধতহে আহিব।গতিকে বৰ্তমানৰ আলোচনা কৰিবলৈ যাওঁতে সমাজতত্বই বুৰঞ্জীৰ লগত প্রত্যক্ষ ভাৱে জড়িত হৈ পৰে। গতিকে এইচ.ই.হবাৰ্ডে কোৱা বক্তব্য বুৰঞ্জী অতীতৰ সমাজতত্ব আৰু সমাজতত্ব বৰ্তমানৰ বুৰঞ্জীৰ যথেষ্ট তাংপৰ্য্য আছে ।

৬। সমাজতত্ত্ব আৰু বুৰঞ্জীৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ সমাজতত্ত্ব আৰু বুৰঞ্জীৰ মাজত গভীৰ সামঞ্জস্য পৰিলক্ষিত হলেও দুয়োটা বিষয়ৰ মাজত কিছুমান পাৰ্থক্য আছে-

প্ৰথমে দেখা যায় যে, সমাজতত্ব আৰু বুৰঞ্জাৰ অধ্যয়নৰ বিষয়বস্তু একে হ’লেও অধ্যয়ন পদ্ধতি বেলেগ বেলেগ ৷ সমাজতত্বৰ আলোচনাবোৰ বিজ্ঞানসন্মত। ড” ডি. দলেৰ মতে সমাজতত্বই বৈজ্ঞানিক নীতিৰ ভিত্তিত এতিয়ালৈকে যি কেইটা পদ্ধতিৰে অনুসন্ধানমূলক কাৰ্য্য চলাই আছে সেই পদ্ধতিসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি। যেনে- জৰীপ পদ্ধতি, ক্ষেত্ৰ নিৰীক্ষণ পদ্ধতি, নিয়ন্ত্ৰণমূলক পদ্ধতি আৰু তুলনামূলক পদ্ধতি। বুৰঞ্জীয়ে এনেধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰে। 

দ্বিতীয়তে, কোনো এটা ঘটনা যিমানে প্রচাৰ হয়, সিমানে বুৰঞ্জীৰ বাবে গুৰুত্বপূর্ণ হয়। মানৱ সমাজৰ অতীতৰ লিপিবদ্ধ ৰূপেই হ’ল বুৰঞ্জী। আনহাতে, সমাজতত্বই বৰ্তমান সমাজৰ ৰূপটোহে, বতমানৰ ঘটনাৱলীহে আলোচনা কৰে। এনে আলোচন৷ কৰোতে সদায় বৈজ্ঞানিক পদ্ধতিৰে বুৰঞ্জীৰ অভিজ্ঞতাৰে কৰে।

৭। সমাজশাস্ত্ৰৰ লগত সম্পৰ্ক থকা যিকোনো দুবিধ সমাজ বিজ্ঞানৰ নাম উল্লেখ কৰা।

উত্তৰঃ সমাজশাস্ত্ৰৰ লগত সম্পৰ্ক থকা যিকোনো দুবিধ সমাজ বিজ্ঞানৰ নাম হল-

(i) নৃ-তত্ব।

(ii) বুৰঞ্জী।

(iii) ৰাজনীতি বিজ্ঞান।

Essay Type Question Answer

৮। সমাজতত্ত্ব আৰু নৃতত্ব বিজ্ঞানৰ মাজত সম্পৰ্ক বৰ্ণনা কৰা।

উত্তৰঃ সমাজতত্ত্ব আৰু নৃতত্ব বিজ্ঞানৰ সম্পৰ্ক অতি ঘনিষ্ট৷ কোনো কোনো ক্ষেত্রত দুয়োটাৰ পাৰ্থক্য নিৰ্ণয় কৰাটো কঠিন৷ উৎপত্তিৰ দিশৰ পৰা পৰীক্ষা কৰিলেও দুয়োটা বিজ্ঞানৰে ওচৰ সম্বন্ধ পৰিলক্ষিত হয়। নৃতত্ত্ব বা Anthropology শব্দটো গ্ৰীক শব্দ “Anthroos’ (man) আৰু Logos’ শব্দ সমন্ধয় গঠিত গতিকে নৃতত্ব বিজ্ঞানেও মানৱ জাতিৰ বিষয়ে অৰ্থাৎ মানৱ জাতিৰ বিকাশৰ বিষয়ে অধ্যয়ন কৰে। এই দিশৰ পৰা সমাজতত্বৰ লগত ইয়াৰ ওচৰৰ সম্বন্ধৰ কথা অনুমান কৰিব পাৰি।দুয়োটা বিষয়ৰ সম্বন্ধৰ প্ৰতি লক্ষ্য ৰাখি এ. এল. ক্ৰুবাৰে সমাজতত্ত্ব আৰু নৃতত্বক যমজ ভগ্নী বুলি অভিহিত কৰিছে।দুয়োটা বিষয়ৰ অধ্যয়নৰ ক্ষেত্ৰ একেই বাবে ইভান প্ৰিটচাদে নৃতত্ত্ব বিজ্ঞানৰ সামাজিক নৃতত্ব নামৰশাখাটোক সমাজতত্ত্বৰ এটি শাখা বুলি কৈছে।

নৃতত্ত্ব বিজ্ঞানক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ’ল-

(ক) প্ৰাকৃতিক নৃতত্ত্ব বিজ্ঞানঃ ইয়াত আদিম অধিবাসীসকলৰ সামাজিক প্ৰকৃতি আৰু তেওঁলোকৰ শৰীৰৰ গঠন প্ৰণালীৰ বিষয়ে অধ্যয়ন কৰা হয়।

(খ) সাংস্কৃতিক নৃতত্ত্ব বিজ্ঞানঃ এই বিভাগৰ অধীনত আদিম সমাজৰ সংস্কৃতিৰ স্বৰূপ আৰু সমন্বয়ৰ বিষয়ে অধ্যয়ন কৰা হয়।

সামাজিক নৃতত্ত্ব বিজ্ঞান : অতীত জনজাতীয় সমাজৰ তুলনাত বৰ্তমানৰ সমাজ আৰু মানুহৰ আচৰণ প্ৰণালীৰ বিষয়ে ইয়াত অধ্যয়ন কৰা হয়।

ওপৰৰ শ্ৰেণীকৰণৰ পৰা বুজা যায় যে নৃতত্ত্ব বিজ্ঞানে মানুহৰ শৰীৰ সংৰচনা, আদিম সমাজৰ স্বৰূপ, ক্ৰমবিৱৰ্তন আৰু সংস্কৃতিৰ’ প্রভাৱৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰে। ঠিক একেদৰেই সমাজতত্ত্বইও সমাজত ঘটি থকা সামাজিক ঘটনাৰ ধৰণ সমাজৰ গঠন বিভিন্ন সামাজিক পদ্ধতিৰ মাজত পাৰস্পৰিক সম্বন্ধ সামাজিক ‘ সংস্থাবোৰৰ গঠন পদ্ধতি আৰু ইয়াৰ ক্ৰিয়া সামাজিক পদ্ধতি সংৰচণা আদি অধ্যয়ন কৰে দুয়োটা বিষয়ৰ অধ্যয়নত আনুষংগিকভাৱে বহুতো একে বিষয়বস্তু অধ্যয়ন কৰা হয়। নৃতত্ত্ব বিজ্ঞানে আদিম সমাজৰ বিৱৰ্তনৰ বিষয়ে কৰা অধ্যয়নত আধুনিক নগৰীয়া বা ঔদ্যোগিক সমাজকো অন্তৰ্ভূক্ত কৰি লৈছে। 

প্ৰখ্যাত নৃতত্ত্ববিদ ওৱাৰ্নাৰ, লিন্টন, কাৰ্ডিনাৰ, মেলিনাৱাষ্কি আদি বহুতো পণ্ডিতৰ আকিষ্কাৰে সমাজতাত্ত্বিক অধ্যয়নসমূহত প্রভাৱ বিস্তাৰ কৰিছে। লিন্টন আৰু কাৰ্ডিণাৰৰ অধ্যয়নত ব্যক্তিত্বৰ বিকাশৰ ওপৰত সংস্কৃতিৰ বিশেষ প্রভাৱ থকাৰ কথা উল্লেখ আছে।মেলিনাৱাষ্কিয়েও প্রায় একে কথাকে স্বীকাৰ কৰিছে। নৃতত্ববিদসকলৰ অধ্যয়নৰ পৰা দেখা গৈছে যে সমাজ মানেই সংস্কৃতি আছে আৰু ব্যক্তিৰ ব্যক্তিত্ব সংস্কৃতিৰদ্বাৰা প্রভাৱান্বিত হয়। নৃতত্ত্ববিদসকলে শাৰীৰিক বৈশিষ্ট্য আৰু মানসিক উৎকৰ্ষ সাধাৰণৰ কথা স্ৰীকাৰৰ পৰিৱৰ্তে প্ৰজাতীয় উৎকৰ্ষৰ কথাত বিশেষ গুৰুত্ব আৰোপ কৰিছে।সমাজতত্ব আৰু নৃতত্ব বিজ্ঞানৰ পাৰস্পৰিক নিৰ্ভৰশালতাৰ ওপৰত লক্ষ্য ৰাখি হবলে কৈছে, “বহল অৰ্থত সমাজতত্ব আৰু সামাজিক নৃতত্ব বিজ্ঞান এটা আৰু একে।”

অধ্যয়নৰ ক্ষেত্ৰ একে হ’লেও আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা থাকিলেও অধ্যয়নৰ বিষয়বস্তু, পদ্ধতি আৰু অন্যান্য দিশত সমাজত আৰু নৃতত্ব বিজ্ঞানৰ কিছুমান মৌলিক পাৰ্থক্য আছে। দুয়োটা বিষয়েই একোটা স্বতন্ত্ৰ বিজ্ঞান বিষয় দুটা নিজা নিজা বিষয়বস্তুৰে সমৃদ্ধ ৷ এই ক্ষেত্ৰত কিছিংএ উল্লেখ কৰিছে যে- “দুয়োটা বিজ্ঞানেই স্বতস্ত্ৰভাৱে বিকাশ লাভ কৰিছে আৰু বিভিন্ন অধ্যয়ন পদ্ধতি প্রয়োগ কৰি সম্পূৰ্ণ পৃথক ধৰণৰ সমস্যাক অধ্যয়ন কৰে।

নৃতত্ব, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ কেতবোৰ পাৰ্থক্য হ’ল-

(ক) নৃতত্ব বিজ্ঞানে সাধাৰণতে আদিম প্ৰকৃতিৰ জনজাতীয় সমাজৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰে,আনহাতে সমাজতত্ত্বই বৰ্ত্তমান জটিল ৰূপৰ সমাজ ব্যৱস্থাৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰে। অৰ্থাৎ দুয়োটা বিষয়ে অধ্যয়ন কৰা সমাজৰ প্রকৃতি একে নহয়।

(খ) সমাজতত্ত্বই সামাজিক ঘটনাক বিস্তৃতভাৱে অধ্যয়ন কৰি একোটা সাধাৰণ সিদ্ধাত্ত অধ্যয়ন কৰে আৰু প্ৰকাশ কৰে। এনে অধ্যয়ন কৰোতে সমাজতত্ত্বই সামাজিক ক্ৰিয়াক বিশ্লেষনাত্মক গোট হিচাপে ল’ব লগা হয়। আনহাতে নৃতত্ব বিজ্ঞানে সিদ্ধান্ত প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰে আৰু ই সমাজতত্ত্বৰ দৰে সমাজৰ ক্ৰিয়াত্মক দিশটোক গোট হিচাপে গ্ৰহণ নকৰে। চমু অৰ্থত, সমাজতত্ত্ব সিদ্ধান্তধৰ্মী বিষয়, কিন্তু নৃতত্ত্ব সিদ্ধান্তধৰ্মী নহয়।

(গ) সমাজতত্বই কিছুমান সামাজিক ঘটনাৰ বিষয়ে পূৰ্বকথন কৰিব পাৰে। আনহাতে নৃতত্ত্ব পূৰ্বকথা নিয়তা গুণ নাই।

(ঘ) সমাজতত্ত্বই ব্যক্তিতাত্বিক অধ্যয়ন ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। কিন্তু নৃতত্ত্ব বিজ্ঞানে বৈজ্ঞানিক পদ্ধতিৰ মান নিৰীক্ষণ প্ৰণালীৰ বাহিৰেও আন কিছুমান পদ্ধতিৰ ওপৰতো গুৰুক আৰোপ কৰে।

(ঙ) সমাজতত্ত্বই সকলো ধৰণৰ মানৱ বিষয়ে অধ্যয়ন কৰে। নৃতত্ত্বই প্ৰাথমিক জনজাতীয় প্ৰকৃতিৰ সমাজৰ বিষয়ে অধ্যয়ন কৰে। অৰ্থাৎ সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰ নৃতত্ত্ববিজ্ঞানতকৈ বহল।

ওপৰৰ আলোচনাৰ পৰা সমাজতত্ত্বৰ লগত নৃতত্ত্ব বিজ্ঞানৰ পাৰ্থক্যবোৰ অনুমান কৰিব পাৰি। কিন্তু লগতে এইটোও মনত ৰখা উচিত যে পাঠকবোৰৰ বাবে দুয়োটা বিষয়কে সুকীয়া সুকীয়াকৈ মৰ্যাদা দিব পাৰিলেও বিষয় দুটাৰ মাজত এটা ওতঃপ্ৰোত আন্তঃসম্পৰ্ক আছে। এই আন্তঃসম্পৰ্ক দুয়োটাই দুয়োটাকে প্ৰভাৱান্বিত কৰিছে। প্ৰাথমিক অৱস্থাত দুয়োটা বিষয়ৰ পাৰ্থক্য অতি কম। সেয়েহে দুয়োবিধ বিষয় সমাজতত্ত্ব আৰু নৃতত্ত্ব বিজ্ঞানৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক বিৰাজ কৰা দেখা যায়।

৯। সমাজতত্ত্ব সৈতে বুৰঞ্জীৰ সম্পৰ্ক বৰ্ণনা কৰা।

উত্তৰঃ সমাজতত্ত্ব আৰু বুৰঞ্জীৰ সম্বন্ধৰ গভীৰতা ইমান বেছি যে বহুতো সমালোচকে সমাজতত্ত্বক বুৰঞ্জীৰ পৰা পৃথক বিষয় হিচাপে মানিবলৈ অস্বীকাৰ কৰিছে। কিয়নো বিষয়বস্তু অধ্যয়ন ফালৰ পৰা এই দুয়োবিধৰ মাজৰ পাৰ্থক্য বিচাৰি উলিওৱা জটিল, ৰাজনীতি, অৰ্থনীতি, ধৰ্ম, সংস্কৃতি আদি বিষয়বোৰে সমাজতত্ত্ব আৰু বুৰঞ্জী এই দুয়োটা বিষয়েই অধ্যয়ন কৰে। এইচ ই. হাৱাৰ্ড নামৰ এগৰাকী চিন্তাবিদৰ মতে “History is past-sociology and sociology is present history” অৰ্থাৎ বুৰঞ্জী অতীতৰ সমাজতত্ত্ব আৰু  সমাজতত্ত্ব বৰ্তমানৰ বুৰঞ্জী। দৰাচলতে সমাজতত্ত্ব আৰু বুৰঞ্জী পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।বুৰঞ্জীয়ে যিদৰে কোনো এটা ঘটনাৰ উৎস, স্বৰূপ প্ৰকৃতি আদি অধ্যয়ন কৰোতে সামাজিক গঠন পদ্ধতি , সামাজিক মূল্যবোধ আদিৰ বিষয়েও অধ্যয়ন কৰে। সেইদৰেই সমাজতত্ত্বয়ো সামাজিক গঠন পদ্ধতি মূল্যবোধ আদি অধ্যয়ন কৰোতে ঐতিহাসিক উৎস, স্বৰূপ , প্ৰকৃতি আদি অধ্যয়ন, কৰে।

ঐতিহাসিক সমাজতত্ত্ব নামৰ এটি নতুন ধাৰা প্ৰচলন কৰি এচাম সমাজবিদে বুৰঞ্জী আৰু সমাজতত্ত্বৰ সম্বন্ধ আৰু গভীৰ ৰূপ দিছে। ইয়াৰ ভিতৰত উল্লেখনীয় হল চিগমাণ্ড ডাইমণ্ড, ৰবাৰ্ট বেলা, নৰ্মাণ বিনবাউম আদি। সমাজতত্ত্বৰ অধ্যায়নৰ বিষয়বস্তুক বাদ দি বুৰঞ্জীৰ প্ৰকৃত অধ্যয়ন হব নোৱাৰে বুলি বিশিষ্ট বুৰঞ্জীবিদ জি. জি. কলটন, জেকব বাৰ্কহাৰ্ডট আদিয়ে প্ৰকাশ কৰিছে। এই বুৰঞ্জীক গতানুগতিক প্ৰক্ৰিয়াতে সীমিত নাৰাখি সমাজতত্ত্বৰ বিষয়বস্তুৰ মাধ্যমেদি ঐতিহাসিক বৰ্ণনা দাঙি ধৰিছে। তেওঁলোকে বুৰঞ্জীত সামাজিক সম্বন্ধ , সামাজিক আৰ্হি, জনৰীতি, লোকাচাৰ আদিৰ উপৰিও বিভিন্ন সামাজিক সংস্থাৰ বিষয়েও আলোচনা কৰিছে। সমাজতত্ত্ববিদ মেক্স ৱেবাৰে সমাজতত্তিয় বৈশিষ্ট্যৰে ঐতিহাসিক ঘটনাৰ স্বৰূপ ব্যাখ্যা কৰিছে। ফলত বুৰঞ্জীৰ ক্ৰমবিকাশ ঘটি Social History বা সামাজিক বুৰঞ্জীৰ বিকাশ হয়। এই সামাজিক বুৰঞ্জী নামৰ বিষয়টোৱে সমাজতত্ত্বৰ লগত বুৰঞ্জীৰ গভীৰ সম্বন্ধ স্থাপন কৰিছে ।

সমাজতত্ত্ব আৰু বুৰঞ্জীৰ অধ্যয়নৰ কিছু মিল থাকিলেও দুয়োটা বিষয়ৰ আদৰ্শ আৰু অধ্যয়ন পদ্ধতি একে নহয়। সমাজতত্ত্ববিদ আলে’ ইনকেলছ আৰু টি. বি. বটম’ৰ এই দুয়োটা বিষয়ৰ মাতাৰসম্পৰ্ক বিষদভাৱে আলোচনা কৰিছে।সম্পৰ্ক বিশদভাৰে আলোচনা কৰিছে। বুৰঞ্জা হৈছে মানৱ সমাজত ঘটি অহাঁ উল্লেখযোগা ঘটনাৰাজিৰ বিশ্বাসযোগ্য বিৱৰণ । গতিকে মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ দা৷পে৷ন হিচাপে বুৰঞ্জীত অভিহিত কৰিছে। কোন সময়ত সমাজে কিস্তৰত উপনাত হৈছে, কোন সময়ত সমাজত কি আদৰ্শবোধৰ প্রভাৱ অধিক, কোন সময়ত সমাজত শাপ্তি শৃংখলা ৰক্ষা হৈছিল কোন যুগৰ অর্থনৈতিক বা সাংস্কৃতিক অৱস্থা কোন আছিল এই সকলোবোৰ বিৱৰণ বুৰঞ্জীত পোৱা যায়।

সেইদৰেই কোন সময়ত কোন সংস্থাৰ প্রভাৱ বেছি আছিল, সংস্থাৰ গঠন, আৱশ্যকতা পূৰণত সংস্থাৰ অৱদান আদিৰ খতিয়ানে বুৰঞ্জীয়ে দাঙি দৰে। ফলত বুৰঞ্জীক এটা গৱেষণাগাৰ বুলি ক’ব পৰা হয়, যত সামাজিক আৰু ৰাজনৈতিক ঘটনাৱলী পৰীক্ষা নিৰীক্ষা কৰা হয়। বৰ্তমান সময়তো উদ্ভৱ হোৱা এটা সামাজিক ঘটনাৰ পৰিণতি কি হ’ব তাক বুৰঞ্জীৰ ওপৰত নিৰ্ভৰ কৰি আগতীয়াকৈ ক’ব পাৰি। অৱশ্যে সামাজিক জীৱন যাত্ৰাৰ প্রণালী আগতকৈ কিছু সুকীয়া হোৱাত ফলাফলৰ তাৰতম্য হ’বও পাৰে। সমাজতত্ত্বই এই পৰিৱৰ্ত্তিত সমাজখনক বৈজ্ঞানিক পদ্ধতিৰে আলোচনা কৰে। এনে আলোচনা কৰিবলৈ যাওঁতে সমাজতত্বই সমাজৰ অতীত অৱস্থাৰ বুৰঞ্জী অধ্যয়ন কৰে। 

আজি আমি যিটো সময়ক বৰ্তমান বুলি কৈছো কেইবছৰমান পিছত সেয়াই আকৌ অতীত হ’ব। অনাগত দিনবোৰতবা ভৱিষ্যতৰ সময়তো বৰ্তমানৰ সম্বন্ধতহে আহিব।গতিকে বৰ্তমানৰ আলোচনা কৰিবলৈ যাওঁতে সমাজতত্বই বুৰঞ্জীৰ লগত প্রত্যক্ষ ভাৱে জড়িত হৈ পৰে। গতিকে এইচ.ই.হবাৰ্ডে কোৱা বক্তব্য বুৰঞ্জী অতীতৰ সমাজতত্ব আৰু সমাজতত্ব বৰ্তমানৰ বুৰঞ্জীৰ যথেষ্ট তাংপৰ্য্য আছে উদাহৰণস্বৰূপে, সমাজতত্ত্বই সামাজিক সম্বন্ধৰ বিষয়ে আলোচনা কৰোতে ঐতিহাসিক দিশটো বিচাৰ কৰি চাবই লাগিব। ।

সমাজতত্ত্ব আৰু বুৰঞ্জীৰ মাজত গভীৰ সামঞ্জস্য পৰিলক্ষিত হ’লেও দুয়োটা বিষয়ৰ মাজত কিছুমান পাৰ্থক্য আছে। এই পাৰ্থক্যসমূহেই দুয়োটা বিষয়ক স্বকীয় মৰ্যাদা প্রদান কৰিছে।

প্ৰথমে দেখা যায় যে, সমাজতত্ব আৰু বুৰঞ্জাৰ অধ্যয়নৰ বিষয়বস্তু একে হ’লেও অধ্যয়ন পদ্ধতি বেলেগ বেলেগ ৷ সমাজতত্বৰ আলোচনাবোৰ বিজ্ঞানসন্মত। ড” ডি. দলেৰ মতে সমাজতত্বই বৈজ্ঞানিক নীতিৰ ভিত্তিত এতিয়ালৈকে যি কেইটা পদ্ধতিৰে অনুসন্ধানমূলক কাৰ্য্য চলাই আছে সেই পদ্ধতিসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি। যেনে- জৰীপ পদ্ধতি, ক্ষেত্ৰ নিৰীক্ষণ পদ্ধতি, নিয়ন্ত্ৰণমূলক পদ্ধতি আৰু তুলনামূলক পদ্ধতি। বুৰঞ্জীয়ে এনেধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰে। 

দ্বিতীয়তে, কোলে এটা ঘটনা যিমানে প্রচাৰ হয়, সিমানে বুৰঞ্জীৰ বাবে গুৰুত্বপূর্ণ হয়। মানৱ সমাজৰ অতীতৰ লিপিবদ্ধ ৰূপেই হ’ল বুৰঞ্জী। আনহাতে, সমাজতত্বই বৰ্তমান সমাজৰ ৰূপটোহে, বতমানৰ ঘটনাৱলীহে আলোচনা কৰে। এনে আলোচন৷ কৰোতে সদায় বৈজ্ঞানিক পদ্ধতিৰে বুৰঞ্জীৰ অভিজ্ঞতাৰে কৰে।

তৃতীয়তে, সমাজতত্ত্বই কাৰণ আৰু ফলাফল অধ্যয়ন কৰি সধাৰণ সিদ্ধান্ত প্রকাশ কৰে। এই সিদ্ধান্তবোৰ ভৱিষ্যৎ সমাজৰ বাবেও উপযোগী। বুৰঞ্জীয়ে কাৰণ আৰু ফলাফল অধ্যয়ন কৰি সিদ্ধান্ত প্ৰকাশ নকৰে। উদাহৰণস্বৰূপে বুৰঞ্জীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰাম ক’ত কি হৈছিল তাৰহে বৰ্ণনা-দিয়ে। কিন্তু সমাজতত্ত্বই সংগ্ৰামৰ পৰৱৰ্তীকালত হোৱা সামাজিক পৰিৱেশৰ বিষয়েও আলোচনা কৰে। 

চতুৰ্থতে, বুৰঞ্জীৰ অধ্যয়ন বৰ্ণনামূলক আৰু সমাজতত্ত্বৰ  অধ্যয়ন বিশেষাত্মক। উদাহৰণস্বৰূপে পৰিয়ালৰ বিষয়ে বুৰঞ্জী আৰু সমাজতত্ব দুয়োটাই আলোচনা কৰে। বুৰঞ্জীয়ে বিভিন্ন সময়ত পৰিয়ালৰ বিকাশ সম্পৰ্কে আলোচনা কৰে আৰু সমাজতত্ব্বই পৰিয়ালৰ গঠন আৰু কাৰ্য্যাবলীৰ ওপৰত ভিত্তি কৰি কিছুমান সাধাৰণ সিদ্ধান্ত প্রকাশ কৰে। বুৰঞ্জীয়ে সমাজত ঘটি থকা যি কোনো ঘটনাৰ বিৱৰণহে দাঙি ধৰে। ইয়াৰ কাৰণ আৰু ফলাফলৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু সমাজতত্বই যিকোনো ঘটনা বা বিষয়বস্তুক বিতংভাৱে আলোচনা কৰি সিদ্ধান্ত প্ৰকাশ কৰে।

পঞ্চমতে, বুৰঞ্জীক ব্যক্তিবাদী বোলা হয়, কাৰণ ৰজা, মহাৰজা,সেনাপতি, বিদ্ৰোহী আদি বিশেষ ব্যক্তিৰ জীৱনী , ৰাজনৈতিক কাৰ্যাবলী আদিহে বুৰঞ্জীয়ে আলোচনা কৰে। সেইদৰে কোনো এটা বংশৰ উন্নতি, অৱনতি বা কোনো এখন ৰাষ্ট্ৰৰ উখান পতন আদি বুৰঞ্জীৰ বিষয়বস্তু৷ কিন্তু সমাজতত্বব ব্যক্তি বিশেষৰ বা এখন সমাজৰ আলোচনা নহয়, সমাজতত্বই সামগ্রিক ভাৱেহে এখনত ই সমাজৰ বিষয়ে আলোচনা কৰে। অৱশ্যে তুলনা বা তথ্য অধ্যয়নৰ বাবে ব্যক্তি বিশেষ বা এখন সমাজৰ বিষয়েও কেতিয়াবা আলোচনা

যষ্ঠতে, বুৰঞ্জীয়ে ৰাষ্ট্ৰবিপ্লৱ, ধৰ্ম বিপ্লৱ, অর্থনৈতিক বিপ্লৱ, সাংস্কৃতিক বিপ্লৱ আদি যিবোৰ ঘটনাই সমাজত সামগ্ৰিকভাৱে প্রভাৱ পেলাই সেইবিলাকেই আলোচনা কৰে। সামাজিক জীৱনৰ বিভিন্ন অনুষ্ঠানত ঘটি থকা কাৰ্যকলাপসমূহৰ প্রতি বুৰঞ্জীসচেতন নহয়। যিকোনো বিপ্লৱকে সমাজতত্বই সংঘৰ্ষ হিচাপেহে আলোচন কৰে। বুৰঞ্জীত আলোচিত বিপ্লৱবোৰ যে প্রাথমিক পৰ্যায়তে পৰিয়াল বা ক্ষুদ্ৰ গোটসমূহৰ মাজতে আবদ্ধ থাকে, সেই কথা সমাজতত্ত্বই প্রমাণ সহকাৰে প্রতীয়মান কৰাইছে। বুৰঞ্জীয়ে সামাজিক সমস্যাহে আলোচনা কৰে, যিবোৰ সমাজতত্বও আলোচনা কৰে। 

সপ্তমতে,বুৰঞ্জীৰ আলোচনা সময় সাপেক্ষ বুৰঞ্জীয়ে কোনো নিৰ্দিষ্ট সময়ত হোৱা ঘটনাৱলীহে আলোচনা কৰে। উদাহৰণস্বৰূপে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথা আলোচনা কৰোঁতে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ, ১৯০৫ চনৰ বংগ বিভাজন, ১৯২০ চনৰ অসহযোগ আন্দোলন, ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আদি সময়ৰ ওপৰত নির্ভৰ কৰিহে আলোচনা কৰে। কিন্তু সমাজতত্বই উক্ত ঘটনাবোৰ আলোচনা কৰোঁতে সময়তকৈ ঘটনাবোৰে সমাজৰ কোনো ধৰণৰ প্রভাৱ পেলালে সেইটোতহে গুৰুত্ব দিয়ে।

শেষত উল্লেখ কৰিব পাৰি যে বুৰঞ্জীতকৈ সমাজতত্বৰ অধ্যয়নৰ পৰিসৰ ব্যাপক। দুয়োটা বিষয়ৰ মাজত যথেষ্ট পাৰ্থক্য আৰু ঘনিষ্ঠ সম্পৰ্ক আছে। 

১০। বিজ্ঞান হিচাপে সমাজতত্ত্বক বিচাৰ কৰা।

উত্তৰঃ সমাজতত্ত্ব এক সমাজ বিজ্ঞান, যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অৰ্থপূৰ্ণ ভাৱে বুজিবলৈ সম্ভৱপৰ হয়। ই সমাজৰ বিভিন্ন দিশ যেনে – সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ, সামাজিক সম্প্ৰদায়, সমিতি আদি প্ৰতিফলিত হোৱা সামাজিক আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰে। সমাজতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Sociology “এই sociology ‘ শব্দটো ‘socius’ আৰু Logos শব্দ দুটাৰ পৰা উৎপত্তি হৈছে।’Socius’ মানে সমাজ বিজ্ঞান। “Logos’ মানে বিজ্ঞান। অৰ্থাৎ উৎপত্তিৰ ফালৰ পৰা সমাজতত্ত্ব এক সামাজিক বিজ্ঞান। ১৮৩৯ চনত ফ্ৰান্সৰ সমাজ দাৰ্শনিক আগষ্ট ক ‘টৰ মতে, সমাজ শাস্ত্ৰ হৈছে সমাজ পদ্ধতিৰ বিষয়ে বৈজ্ঞানিকভাৱে অধ্যয়ন কৰা এক বিজ্ঞান।সমাজতত্ত্বৰ উৎপত্তিৰ কাৰণ, উদ্দেশ্য আদিৰ ফালৰ পৰা ইয়াৰ প্ৰকৃতি বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন সামাজিক ঘটনাবোৰ অধ্যয়ন কৰি আহিছে। গতিকে সমাজতত্বক বিজ্ঞানসন্মত বিষয় বুলি কোৱাৰ যথেষ্ট থল আছে।

যেনে–

(ক) সমাজতত্বৰ সিদ্ধান্তবোৰো সৰ্বজনীন প্ৰকৃতিৰ। এখন সমাজৰ ওপৰত থকা বা দিয়া সিদ্ধান্ত আন এখন সমাজত প্ৰযোজ্য।

(খ) বিজ্ঞানৰ চৰিত্ৰৰ দৰি সমাজতত্ত্বও এক সিদ্ধান্তধৰ্মী বিষয়। সমাজতত্বই কোনো এটা বিষয় বা ঘটনা অধ্যয়ন কৰোঁতে তথ্য উদ্ঘাটনতে ক্ষন্ত নাথাকি বিশুদ্ধ সিদ্ধান্ত প্ৰকাশৰ বাবে যত্নৱান হয়

(গ) বিজ্ঞানৰ দৰে সমাজতনত্বও নিৰপেক্ষ বিষয়। গতিকে ইয়াক বিজ্ঞান বুলিব পাৰি।

(ঘ) বিজ্ঞানৰ দৰে সমাজতত্বৰো সামাজিক ক্ৰিয়া, সামাজিক গতিশীলতা, সামুহিক আচৰণ আদি সিদ্ধান্তবোৰ নিৰক্ষণীয় তথ্যপাতি, পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত।

(ঙ) বিজ্ঞানৰ দৰে সমাজতনত্বৰ সিদ্ধান্তবোৰো শ্ৰেণীবিভাজন কৰোঁতে সঘনে পৰিসংখ্যা বিজ্ঞানৰ সৈতে সম্পর্ক ৰখাৰ লগতে-কোনো কোনো ক্ষেত্ৰত যুক্তি তৰ্কৰো ব্যৱহাৰ হয়।

(চ) বিজ্ঞানৰ দৰে সমাজতত্বইও পৰ্যবেক্ষণত গুৰুত্ব দিয়ে।

(ছ) বিজ্ঞানৰদৰে সমাজতনত্বতো পৰীক্ষাক অনুসন্ধানৰ এক অপৰিহাৰ্য আহিলা বুলি গণ্য কৰা হয়।

(জ) বিজ্ঞান দৰেই. বৰ্তমান সমাজতত্ত্বৰ অধ্যয়ন গৱেষণাৰ সুকীয়া পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। 

এনেবোৰ কাৰণৰ বাবেই সমাজতত্বক বিজ্ঞান হিচাপে আখ্যা দিব পাৰি।

1 thought on “Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top