Guidance And Counselling Unit 5 নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থাপনা

Guidance And Counselling Unit 5 নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থাপনা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Guidance And Counselling Unit 5 নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থাপনা to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Guidance And Counselling Unit 5 নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থাপনা Question Answer can be of great value to excel in the examination.

Guidance And Counselling Unit 5 নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থাপনা

Join Telegram channel

Guidance And Counselling Unit 5 নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থাপনা Notes cover all the exercise questions in UGC Syllabus. The Guidance And Counselling Unit 5 নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থাপনা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Organization Guidance and Counselling Programs

EDUCATION

GUIDANCE AND COUNSELLING

নিৰ্দেশনা আৰু পৰামৰ্শদান

Very Short Question Answer:

প্ৰশ্ন 1. এজন ভাল পৰামৰ্শদাতাৰ এটা শুণাৱলী উল্লেখ কৰা ?

উত্তৰঃ বন্ধুত্ব সুলভ মনোভাবঃ পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তি বা শিক্ষাৰ্থীৰ লগত পৰামৰ্শদাতাজনে বন্ধুত্ব সুলভ মনোভাবেৰে আচৰণ প্ৰদৰ্শন কৰিব লাগিব, যাতে পৰামৰ্শ গ্ৰহণকাৰীয়ে তেওঁৰ পৰা ।

প্ৰশ্ন 2. প্ৰাথমিক বিদ্যালয় নিৰ্দেশনা আৰু পৰামৰ্শ দানৰ সেৱা সংগঠনৰ এটা নীতি কি কি ?

উত্তৰঃ নতুনকৈ বিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ অভিভাৱকৰ বাবে বিদ্যালয়ৰ শ্ৰেণী আৰম্ভ হোৱা দ্বিতীয় সপ্তাহতে অভিযোগ কাৰ্যসূচীৰ ব্যৱস্থা কৰিব লাগে ।

প্ৰশ্ন 3. পৰামৰ্শদান প্ৰক্ৰিয়াত পৰামৰ্শদাতাৰ যিকোনো এটি ভূমিকা উল্লেখ কৰা ।

উত্তৰঃ তেওঁ শৈক্ষিক দিশত বা ব্যক্তিগত দিশত সমস্যা জড়িত শিশু তথা শিক্ষাৰ্থীক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব লাগিব ।

প্ৰশ্ন 4. মাধ্যমিক স্তৰৰ নিৰ্দেশনা আৰু পৰামৰ্শ দানৰ সেৱা সংগঠমৰ যিকোনো এটি নীতি উল্লেখ কৰা ?

উত্তৰঃ সমাজৰ সম্পদসমূহ, চাকৰি, সামাজিকভাৱে উপযোগী উৎপাদনমুখী ক্ৰিয়া আদি সম্পৰ্কে শিক্ষাৰ্থীৰ উপযুক্ত তথ্য যোগান ধৰিব লাগিব, যাতে শিক্ষাৰ্থীয়ে কৰ্মৰ জগতখনৰ লগত পৰিচিত হ’ব পাৰে ।

প্ৰশ্ন 5. ভাল বিদ্যালয় নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে প্ৰয়োজনীয় যিকোনো এটি দিশ উল্লেখ কৰা?

উত্তৰঃ একো একোজন উপযুক্ত ব্যক্তিক উপযুক্ত সময়, উপযুক্তভাৱে, উপযুক্ত সাথানত কাৰ্য  সম্পাদনৰ দায়িত্ব দিয়াত সহায় কৰা ।

প্ৰশ্ন 6. বিদ্যালয়ত নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ প্ৰয়োজনীয় যিকোনো এটি বৈশিষ্টসমূহ কি  কি ?

উত্তৰঃ পৰামৰ্শদাতা বা নিৰ্দেশক শিক্ষক নিযুক্তিঃ সমগ্ৰ নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ সফলতা নিৰ্ভৰ কৰে উপযুক্ত, দক্ষ, কৌশলী, অভিজ্ঞ, প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিৰ্দেশক বা পৰামৰ্শদাতাৰ ওপৰত । সেয়ে বিদ্যালয়ত এনে ব্যক্তিক মকৰল কৰিব লাগে ।

প্ৰশ্নঃ 7. নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱা/কাৰ্যসূচী সংগঠনৰ যিকোনো এটা উদ্দেশ্য উল্লেখ কৰা ?

উত্তৰঃ শিক্ষাৰ্থীৰ শৈক্ষিক, মানসিক আৱেগিক, সামাজিক সমাযোজনৰ সমস্যাবোৰ সমাধানৰ দিহা-পৰামৰ্শ দিয়া আৰু তেওঁলোক স্বাভাৱিক বিকাশত সহায় কৰা । 

প্ৰশ্নঃ 8. নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱাৰ উপাদানসমূহ যিকোনো এটি বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ শিক্ষাৰ্থীৰ তথ্য যোগান সেৱাঃ এই সেৱাই শিক্ষাৰ্থীক নিজৰ সামৰ্থ, আগ্ৰহ, অভিক্ষমতা, ব্যক্তিত্বৰ বৈশিষ্ট্যাৱলী, কৃতিত্ব, আশা-আকাংক্ষাৰ পৰিমাণ, শাৰীৰিক অৱস্থা সম্পৰ্কে বুলি উঠাত সহায় কৰে ।

প্ৰশ্নঃ 9. নিৰ্দেশনা আৰু পৰামৰ্শদানত প্ৰধান শিক্ষকৰ ভূমিকা সম্পৰ্কে বিভিন্ন পণ্ডিতে আগবঢ়োৱা  যিকোনো এটি মতামত উল্লেখ কৰা ।

উত্তৰঃ পি.চি. ৰেনৰ মতে, “ প্ৰধান শিক্ষকজন হ’ল এজন সংগঠক নেতা, পৰিচালক, ব্যৱসায়  নিৰ্দেশক, সমন্বয়ৰক্ষক, পৰিদৰ্শক, শিক্ষক অভিভাৱক, দাৰ্শনিক আৰু বন্ধু । “Headmaster is on organizer, leader, governor, business director, co-ordinator, superintendence, teaches guardian philosopher and friend)’  তেওঁৰ মতে প্ৰধান শিক্ষকৰ চৰিত্ৰই বিদ্যালয়ৰ চৰিত্ৰত প্ৰতিফলিত আৰু জনাজাত হয় । (The Character of the school reflects and proclaims the character of the headmaster.)

প্ৰশ্নঃ 10. নিৰ্দেশনা আৰু পৰামৰ্শদানৰ মতে প্ৰধান শিক্ষকজন একোখন বিদ্যালয়ৰ প্ৰণকেন্দ্ৰ স্বৰূপ  শুদ্ধ নে ?

উত্তৰঃ শুদ্ধ ।

প্ৰশ্নঃ 11. নিৰ্দেশনা আৰু পৰামৰ্শদানত প্ৰধান শিক্ষাকৰ এটি ভূমিকা কি ?

উত্তৰঃ বিদ্যালয়ত নিৰ্দেশনা কাৰ্যসূচী যুগুত কৰিবৰ বাবে পৰ্যাপ্ত সাহায্য আগহবঢ়োৱা ।

প্ৰশ্নঃ 12. নিৰ্দেশনা আৰু পৰামৰ্শদানত শিক্ষকৰ এঠি ভূমিকা উল্লেখ কৰা ?

উত্তৰঃ শ্ৰেণীকক্ষত প্ৰত্যেক শিক্ষাৰ্থীৰ প্ৰয়োজন, আগ্ৰহ, সামৰ্থ্যতা আৰু তেওঁলোকৰ সন্মুখীন হোৱা  সমস্যাবোৰ অধ্যয়ন কৰা ।

প্ৰশ্ন 13. নিৰ্দেশনা আৰু পৰামৰ্শদানত শ্ৰেণী শিক্ষকৰ এটি ভূমিকা কি ?

উত্তৰঃ প্ৰতিজন শিক্ষাৰ্থীৰ শৈক্ষিক যোগ্যতাৰ ও সামৰ্থ সম্পৰ্কত অৱগত হোৱা ।

প্ৰশ্ন 14. নিৰ্দেশনা আৰু পৰামৰ্শদানত অভিভাৱকৰ দুটা ভূমিকা কি কি ?

উত্তৰঃ ১) সন্তানৰ ভাললগা, বেয়া লগা, আগ্ৰহ, অভিৰুচি, অভিক্ষমতা আদি বিদ্যালয়ৰ শিক্ষকক  জনাব লাগে আৰু সেই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখিহে ভৱিষ্যৎ শৈক্ষিক আৰু বৃত্তিমুখী দিশৰ পৰিকল্পনা কৰাৰ বাবে নিৰ্দেশনা দিব লাগিব ।

২) শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগত পৰামৰ্শদাতাৰ ব্যক্তিগত আলোচনাত অংশগ্ৰহণ আৰু সক্ৰিয়  সহযোগিতা আগবঢ়াব লাগিব ।

Short Question Answer:

প্ৰশ্নঃ 1. নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱাৰ উপাদানসমূহৰ যিকোনো চাৰিটা উল্লেখ কৰা ?

উত্তৰঃ নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱাৰ উপাদানসমূহৰ যিকোনো চাৰিটা তলত উল্লেখ কৰা হ’ল –

১) প্ৰশাসনীয় সেৱাঃ এই সেৱা হৈছে উপযুক্ত বা সঠিক শিক্ষাৰ্থীক সঠিক বিষয়ত নামভৰ্তি কৰোৱা সেৱা ।

২) অভিযোজন সেৱাঃ ই হৈছে শিক্ষাৰ্থীক শিক্ষানুষ্ঠানত সমাযোজন কৰিবৰ বাবে নৱাগত আদৰণি বা আদৰণি কাৰ্যসূচী ।

৩) শিক্ষাৰ্থীৰ তথ্য যোগান সেৱাঃ এই সেৱাই শিক্ষাৰ্থীক নিজৰ সামৰ্থ, আগদ্ৰহ, অভিক্ষমতা, ব্যক্তিত্বৰ, বৈশিষ্ট্যাৱলী, কৃতিত্ব, আশা-আকাংক্ষাৰ পৰিমাণ, শাৰীৰিক অৱস্থা সম্পৰ্কে বুজি উঠাত সহায় কৰে ।

৪) তথ্য যোগান সেৱাঃ এই সেৱাই শৈক্ষিক, বৃত্তিমূলক আৰু ব্যক্তিগত ও সামাজিক দিশৰ  লগত জড়িত তথ্যৰ যোগান ধৰে ।

প্ৰশ্নঃ 2. নিৰ্দেশনা আৰু পৰামৰ্শদানত ইভিভাৱকৰ যিকোনো চাৰিটা ভূমিকা কি কি ?

উত্তৰঃ শিশু তথা শিক্ষাৰ্থীৰ নিৰ্দেশনা আৰু পৰামৰ্শদানত অভিভাৱকেও এক অতি গুৰুত্বপূৰ্ণ ভূমিকা

পালন কৰিব লাগে । এই ক্ষেত্ৰত অভিভাৱকে পালন কৰিবলগীয়া ভূমিকাবোৰ হৈছে –

১) সন্তাৰ শৈক্ষিক আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহত প্ৰদৰ্শন কৰা কৃতিত্বৰ সকলো তথ্য  বিদ্যালয়ৰ শিক্ষকক অৱগত কৰিব লাগিব ।

২) সন্তানৰ ব্যক্তিগত আৰু আৱেগিক বা সমাযোজনীয় সমস্যা সম্পৰ্কীয় তথ্য পৰামৰ্শদাতাক  যোগান ধৰিব লাগিব ।

৩) পৰামৰ্শদাতাৰ সৈতে নিজৰ সম্ভাৱনা সমস্যা সম্পৰ্কে আৰু সেই সমস্যা সমাধানৰ উপায় সম্পৰ্কে আলোচনা-বিলোচনা কৰিব লাগিব ।

৪)  অভিভাৱকে নিজৰ সন্তানৰ জটিলতা বা সমস্যা সমাধানৰ বাবে নিজেই এজন নিৰ্দেশক  আৰু পৰামৰ্শদাতা হিচাপে নিজৰ কৰ্তব্য পালন কৰিব লাগিব । সন্তানক মৰম-চেনেহ,  সহানুভুতি, পুৰস্কাৰ আৰু প্ৰয়োজন সাপেক্ষে শাস্তি প্ৰদানেৰে উৎসাহ-উদ্দীপনা যোগাব লাগিব ।

প্ৰশ্নঃ 3. এজন ভাল পৰামৰ্শদাতাৰ চাৰিটা গুণাৱলী উল্লেখ কৰা ?

উত্তৰঃ  ১) যোগ্যতাঃ এজন ভাল পৰামৰ্শদাতা হ’বলৈ হ’লে পৰামৰ্শদাতাজনৰ পৰামৰ্শদান কৰিবৰ বাবে প্ৰয়োজনীয় অৰ্হতা, ব্যৱহাৰিক জ্ঞান আৰু প্ৰশিক্ষণ তথা অন্যান্য দিশৰ যোগ্যতা থাকিব         লাগিব।

২) দক্ষতাঃ পৰামৰ্শদাতাজনৰ পৰামৰ্শদান কাৰ্য পৰিচালনা কৰিবৰ বাবে প্ৰয়োজনীয় দক্ষতা থাকিব লাগিব । অৰ্থাৎ পৰামৰ্শদান কাৰ্য সম্পাদন কৰিবৰ বাবে তেওঁ তথ্য বিশ্লেষণ, মূল্যায়ন  আৰু ব্যৱহাৰিক, পৰামৰ্শদানত ব্যৱহৃত ভৌতিক সম্পদ আৰু মনোবৈজ্ঞানিক অভীক্ষাসমূহ  পৰিচালনা কৰাৰ ক্ষেত্ৰত দক্ষ হ’ব লাগিব ।

৩) নেতৃত্বঃ পৰামৰ্শদাতাজনৰ নেতৃত্ব দিব পৰা আৰু সুদক্ষ নেতা হোৱাৰ যোগ্যতা ও দক্ষতা  থাকিব লাগিব ।

৪) বন্ধুত্ব সুলভ মনোভাৱঃ পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তি বা শিক্ষাৰ্থীৰ লগত পৰামৰ্শদাতাজনে বন্ধুত্ব সুলভ মনোভাবেৰে আচৰণ প্ৰদৰ্শন কৰিব লাগিব, যাতে পৰামৰ্শ গ্ৰহণকাৰীয়ে তেওঁৰ পৰা পৰামৰ্শ গ্ৰহণ আৰু সেই পৰামৰ্শ কাৰ্যকৰীকৰণৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে ।

প্ৰশ্নঃ 4. নিৰ্দেশনা আৰু পৰামৰ্শদানত প্ৰধান শিক্ষক চাৰিটা ভূমিকা কি কি ? আলোচনা কৰা ?

উত্তৰঃ প্ৰধান শিক্ষকজন হৈছে বিদ্যালয়ৰ মুখ্য ব্যক্তি, নেতা, নিৰ্দেশ আৰু সমন্বয়ক । নিৰ্দেশনাৰ  ক্ষেত্ৰত তেখেতৰ ভূমিকা অতি তাৎপৰ্যপূৰ্ণ । এই ক্ষেত্ৰত প্ৰধান শিক্ষকে পালন কৰিবলগীয়া  ভূমিকাবোৰ হৈছে –

১) পৰামৰ্শদাতা নিয়োগৰ বাবে কৰ্তৃপক্ষক পৰামৰ্শ প্ৰদান ।

২) বিদ্যালয়ৰ নিৰ্দেশনাৰ প্ৰয়োজনীয়তা অধ্যয়ন কৰিবৰ বাবে এখন নিৰ্দেশ কমিটি নিয়োগ কৰা ।

৩) নিৰ্দেশনা কৰ্মী আৰু নিৰ্দেশনাৰ লগত জড়িত শিক্ষকক যথোপযুক্ত সা-সুবিধা প্ৰদান কৰা ।

৪) বিদ্যালয়ত নিৰ্দেশনা কাৰ্যসূচী যুগুত কৰিবৰ বাবে পৰ্যাপ্ত সাহায্য আগবঢ়োৱা ।

প্ৰশ্নঃ 5. প্ৰাথমিক বিদ্যালয় নিৰ্দেশনা আৰু পৰামৰ্শ দানৰ সেৱা সংগঠনৰ চাৰিটা নীতি কি কি ?

উত্তৰঃ ক) নিম্ন প্ৰাথমিক স্তৰৰ বাবেঃ

১) ল’ৰা-ছোৱালীৰ সুস্থ শাৰীৰিক বিকাশৰ বাবে খেলা-ধূলা, ব্যায়াম আদিৰ ব্যৱস্থা কৰিব লাগে ।

২) ল’ৰা-ছোৱালীৰ মানসিক আৰু বৌদ্ধিক দিশৰ বিকাশৰ বাবে লিখা, পঢ়া আৰু গণনাৰ জ্ঞান কৌশল আয়ত্ব কৰাৰ প্ৰতি উৎসাহিত কৰিব লাগে ।

খ) উচ্চ প্ৰাথমিক স্তৰৰ বাবেঃ

১) নতুনকৈ বিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ অভিভাৱকৰ বাবে বিদ্যালয়ৰ শ্ৰেণী আৰম্ভ হোৱা দ্বিতীয় সপ্তাহতে অভিযোজন কাৰ্যসূচী ব্যৱস্থা কৰিব লাগে ।

২) প্ৰথম তিনিমহীয়া পৰীক্ষা হৈ যোৱাৰ পাছতে শৈক্ষিক দিশত পিছপৰা আৰু আধাতে বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীসকলক চিনাক্ত কৰিব লাগে।

প্ৰশ্নঃ 6. নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থাপনা বুলিলে কি বুজা ?

উত্তৰঃ এখন ভাল বিদ্যালয়ৰ বাবে ভাল নিৰ্দেশনা আৰু পৰামৰ্শদান পাৰ্যসূচীৰ অতি প্ৰয়োজন । নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থাপনা বুলি ক’লে বিদ্যালয় বা শিক্ষানুষ্ঠান শিক্ষাৰ্থীক উপযুক্তভাৱে শৈক্ষিক, বৃত্তিমূলক, ব্যগক্তিগত, সামাজিক আদি ক্ষেত্ৰৰ লগত জড়িত সকলোবোৰ দিশ আৰু তেওঁলোকৰ সমস্যা জড়িত আচৰণৰ দিশবোৰৰ সম্পৰ্কত নিৰ্দেশনা আৰু পৰামৰ্শদান কৰিবৰ বাবে গ্ৰহণ কৰা সেৱামূলক কাৰ্যসূচীত সংগঠন বা ব্যৱস্থাপনাকে বুজা যায় । এনে ব্যৱস্থাই শিক্ষাৰ্থীৰ বৃদ্ধি আৰু বিকাশৰ লগতে শিক্ষা কাৰ্য্যসূচীৰ  পৰিমাণগত আৰু গুণগত বিকাশ সাধনত সহায় কৰে ।

এখন বিদ্যালয়ৰ আৰু সমাজৰ সম্পদসমূহৰ; যেনে-ভৌতিক সম্পদ, বিত্তিয় সম্পদ আৰু মানৱ সম্পদৰ পৰ্যাপ্ততাৰ ওপৰতে নিৰ্দেশনা এনে কাৰ্যসূচীত শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক সকলোৱে বিশেষ ভূমিকা পালন কৰিব লাগে ।

প্ৰশ্নঃ 7. নিৰ্দেশনা আৰু পৰামৰ্শদানত অভিভাৱকৰ পাঁচটা ভূমিকা কি কি ?

উত্তৰঃ শিশু তথা শিক্ষাৰ্থীৰ নিৰ্দেশনা আৰু পৰামৰ্শদানত অভিভাৱকেও এক অতি গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰিব লাগে । এই ক্ষেত্ৰত অভিভাৱকে পালন কৰিবলগীয়া ভূমিকাবোৰ হৈছে-

১) সন্তানৰ শৈক্ষিক আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহত প্ৰদৰ্শন কৰা কৃতিত্বৰ সকলো তথ্য বিদ্যালয়ৰ শিক্ষকক অৱগত কৰিব লাগিব ।

২) সন্তানৰ ব্যক্তিগত আৰু আৱেগিক বা সমাযোজনীয় সমস্যা সম্পৰ্কীয় তথ্য পৰামৰ্শদাতাক  যোগান ধৰিব লাগিব ।

৩) পৰামৰ্শদাতাৰ সৈতে নিজৰ সন্তানৰ সমস্যা সম্পৰ্কে আৰু সেই সমস্যা সমাধানৰ উপায় সম্পৰ্কে আলোচনা-বিলোচনা কৰিব লাগিব ।

৪) অভিভাৱকে নিজৰ সন্তানৰ জটিলতা বা সমস্যা সমাধানৰ বাবে নিজেই এজন নিৰ্দেশক আৰু পৰামৰ্শদাতা হিচাপে নিজৰ কৰ্তব্য পালন কৰিব লাগিব । সন্তানক মৰম-চেনেহ, সহানুভুতি, পুৰস্কাৰ আৰু প্ৰয়োজন সাপেক্ষে শাস্তি প্ৰদানেৰে উৎসাহ-উদ্দীপনা যোগাব লাগিব ।

৫) বিদ্যালয়ত অনুষ্ঠিত অভিভাৱক দিন আৰু অন্যান্য অনুষ্ঠানত উপস্থিত থাকিব লাগিব আৰু শিক্ষক কৰ্মচাৰীৰ লগত এক সু-সম্পৰ্ক গঢ়ি তুলিব লাগিব ।

প্ৰশ্নঃ 8. নিৰ্দেশনা আৰু পৰামৰ্শদানত শিক্ষকৰ পাঁচটা ভূমিকা কি কি ?

উত্তৰঃ স্কুলত নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱা সংগঠনৰ ক্ষেত্ৰত শিক্ষকে তলৰ ভূমিকাবোৰ পালন কৰিব লাগে –

১) তথ্য আহৰণ আৰু কিউমুলোটিভ ৰেকৰ্ড ৰখা ।

২) শ্ৰেণীকোঠাত, পুথিভঁৰালত আৰু খেলপথাৰত শিক্ষাৰ্থীক পৰ্যবেক্ষণ কৰা ।

৩) শিক্ষাৰ্থীৰ অপসমাযোগিত আচৰণ চিনাক্তকৰণ ।

৪) শৈক্ষিক, ব্যক্তিগত আৰু সামাজিক সুস্থ সমাযোজন স্থাপনত শিক্ষাৰ্থীক সহায় কৰা ।

৫) অভিভাৱক আৰু প্ৰধান শিক্ষকলৈ শিক্ষাৰ্থী সম্বন্ধীয় সকলো তথ্য প্ৰেৰণ কৰা আৰু শিক্ষক-অভিভাৱক সমস্থা গঠনত সক্ৰিয় ভূমিকা লোৱা ।

প্ৰশ্নঃ 9. নিৰ্দেশনা আৰু পৰামৰ্শদানত শ্ৰেণী শিক্ষকৰ পাঁচটা ভূমিকা কি কি ?

উত্তৰঃ ১) প্ৰতিজন শিক্ষাৰ্থীৰ শৈক্ষিক যোগ্যতাৰ ও সামৰ্থ সম্পৰ্কত অৱগত হোৱা ।

২) শিক্ষাৰ্থী পঠন ক্ষমতা সম্পৰ্কত অৱগত হোৱা ।

৩) শিক্ষাৰ্থীৰ ঘৰুৱা, আৰ্থিক আৰু অভিভাৱকৰ অৱস্থা সম্পৰ্কত অৱগত হোৱা । 

৪) শিক্ষাৰ্থীৰ পূৰ্বৰ শৈক্ষিক কাম সম্পৰ্কত প্ৰয়োজনীয় সকলো দিশৰ বিষয়ে অৱগত হোৱা 

৫) শ্ৰেণীকক্ষত পৰিচালনা ৰপা বিভিন্ন পৰীক্ষা বা অন্যান্য পৰীক্ষা বা অভীক্ষাত শিক্ষাৰ্থীয়ে লাভ কৰা সফলতা, বিফলতাৰ ফলাফল সম্পৰ্কত অৱগত হোৱা ।

৬) শিক্ষাৰ্থীৰ ভৱিষ্যৎ বৃত্তি বা জীৱিকা সম্পৰ্কীয় পৰিকল্পনাৰ বিষয়ে অৱগত হোৱা ।

প্ৰশ্নঃ 10. প্ৰধান শিক্ষকৰ সম্পৰ্কত বিভিন্ন পণ্ডিতে আগবঢ়োৱা কেইটিমান মতামত আগবঢ়োৱা ?

উত্তৰঃ প্ৰধান শিক্ষক সম্পৰ্কত বিভিন্ন পণ্ডিতে আগবঢ়োৱা কেইটামান গুৰুত্বপূৰ্ণ মতামত তলত  উল্লেখ কৰা হ’ল –

পি. চি. ৰেনৰ মতে, “প্ৰধান শিক্ষকজন হ’ল এজন সংগঠক, নেতা, পৰিচালক, ব্যৱসায়, নিৰ্দেশক, সমন্বয়কৰক্ষক, পৰিদৰ্শক, শিক্ষক, অভিভাৱক, দাৰ্শনিক আৰু বন্ধু ।“

“Headmaster is an organizer, leader, governor, business director, co-ordinator, superintendent, teacher guardian philosopher and friend’) তেওঁৰ মতে প্ৰধান শিক্ষকৰ         চৰিত্ৰই বিদ্যালয়ৰ চৰিত্ৰত প্ৰতিফলিত আৰু জনাজাত হয় । (The Character of the school reflects and proclaims the character of the headmaster.)

মহিউদ্দিনৰ মতে, “এটা দলৰ বাবে এজন নেতাৰ প্ৰয়োজন হোৱাৰ দৰেই এখন বিদ্যালয়তো এজন নেতাৰ প্ৰয়োজন, যি বিদ্যালয়ৰ কাম-কাজবোৰ নিৰ্দেশনা দিব পাৰে আৰু উৎসাহ যোগাব পাৰে। “(Just as every group needs a leader, so also a school must have a leader who would stimulate and direct its work.”)

টাচৱাল সিঙৰ মতে, “এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকজন বা অধ্যক্ষজনেই হৈছে শিক্ষা  প্ৰক্ৰিয়া মুৰব্বী । “(“The headmaster or the Principal of a school is the head of the educational process.)”

প্ৰশ্নঃ 11. পৰামৰ্শদান প্ৰক্ৰিয়াত পৰামৰ্শদাতাৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত ?

উত্তৰঃ ক) তেওঁ মনোবৈজ্ঞানিক অভীক্ষাৰ ফলাফল ব্যাখ্যা কৰিব লাগে।

খ) বিভিন্ন ধৰণৰ বৃত্তি আৰু বৃত্তীয় দিশৰ সম্ভাৱনীয়তা সম্পৰ্কত তথ্যৰ যোগান ধৰিব লাগে ।

গ) তেওঁ শৈক্ষিক দিশত বা ব্যক্তিগত দিশত সমস্যা জড়িত শিশু তথা শিক্ষাৰ্থীক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব লাগিব ।

ঘ) তেওঁ সমস্যা জড়িত, আধাতে বিদ্যালয় এৰা, বিষয় নিৰ্বাচনত জটিলতাত ভোগা শিক্ষাৰ্থীক  ব্যক্তিগতভাৱে নিৰ্দেশনা দিব লাগে ।

প্ৰশ্নঃ 12. মাধ্যমিক স্তৰৰ নিৰ্দেশনা আৰু পৰামৰ্শদানৰ সেৱা সংগঠনৰ চাৰিটা নীতি উল্লেখ কৰে ।

উত্তৰঃ ক) উচ্চ মাধ্যমিক স্তৰৰ বাবেঃ

১) বিদ্যালয়ৰ খোলাৰ পৰা প্ৰথম দুমাহৰ ভিতৰতে শিক্ষাৰ্থীৰ অভিক্ষমতা, আগ্ৰহ, শৈক্ষিক কৃতিত্ব আদিৰ তথ্য সংগ্ৰহ কৰিব লাগিব ।

২) কোনো শিক্ষাৰ্থীৰ ক্ষেত্ৰত দেহ-মানসিক সমস্যাই দেখা দিলে পৰামৰ্শদাতা বা বিশেষজ্ঞৰ ওচৰলৈ পঠিয়াব লাগে ।

খ) উচ্চতৰ মাধ্যমিক স্তৰৰ বাবেঃ

১) সমাজৰ সম্পদসমূহ, চাকৰি, সামাজিকভাৱে উপযোগী উৎপাদনমুখী ক্ৰিয়া আদি সম্পৰ্কে শিক্ষাৰ্থীক উপযুক্ত তথ্যয় যোগান ধৰিব লাগিব, যাতে শিক্ষাৰ্থীয়ে কৰ্মৰ জগতখনৰ লগত পৰিচিত হ’ব পাৰে ।

২) তিনিমহীয়া পৰীক্ষা পাৰ হোৱাৰ পাছত জীৱন আৰু জীৱিকা সম্পৰ্কীয় আলোচনা চক্ৰ, প্ৰদৰ্শনী, ক্ষেত্ৰ ভ্ৰমণ, আদিৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে ।

প্ৰশ্নঃ 13. নিৰ্দেশনা আৰু পৰামৰ্শদানত শিক্ষকৰ চাৰিটা ভূমিকা কি কি ?  উল্লেখ কৰা ।

উত্তৰঃ স্কুলত নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱা সংগঠনৰ ক্ষেত্ৰত শিকক্ষে তলৰ ভূমিকাবোৰ পালন কৰিব লাগে –

১) তথ্য আহৰণ আৰু কিউমুলেটিভ ৰেকৰ্ড ৰখা ।

২) শ্ৰেণীকোঠাত, পুথিভঁৰালত আৰু খেলপথাৰত শিক্ষাৰ্থীক পৰ্যবেক্ষণ কৰা ।

৩) শৈক্ষিক, ব্যক্তিগত আৰু সামাজিক সুস্থ সমোযোজন স্থাপনত শিক্ষাৰ্থীক সহায় কৰা ।

৪) শিক্ষাৰ্থীৰ অপসমাযোজিত আচৰণ চিনাক্তকৰণ ।

প্ৰশ্নঃ 14.  নিৰ্দেশনা আৰু পৰামৰ্শদানত শ্ৰেণী শিক্ষকৰ ভূমিকা কি কি ? যিকোনো চাৰিটা উল্লেখ কৰা ?

উত্তৰঃ ১) প্ৰতিজন শিক্ষাৰ্থীৰ শৈক্ষিক যোগ্যতাৰ ও সামৰ্থ সম্পৰ্কত অৱগত হোৱা ।

২) শিক্ষাৰ্থী পঠন ক্ষমতা সম্পৰ্কত অৱগত হোৱা ।

৩) শিক্ষাৰ্থীৰ পূৰ্বৰ শৈক্ষিক কাম সম্পৰ্কত প্ৰয়োজনীয় সকলো দিশৰ বিষয়ে অৱগত হোৱা ।

৪) শিক্ষাৰ্থীৰ ঘৰুৱা, আৰ্থিক আৰু অভিভাৱকৰ অৱস্থা সম্পৰ্কত অৱগত হোৱা ।

Essay Type Question Answer:

প্ৰশ্নঃ 1. ভাল বিদ্যালয় নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে প্ৰয়োজনীয় দিশসমূহ কি কি ?

উত্তৰঃ একো একোখন বিদ্যালয়ত ভাল বিদ্যালয় নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে প্ৰয়োজন হোৱা  বিভিন্ন দিশবোৰ হৈছে-

১) বিদ্যালয় প্ৰধান আৰু বিদ্যালয় প্ৰশাসকৰ নিৰ্দেশনা আৰু পৰামৰ্শ সেৱা কাৰ্য সম্পৰ্কত স্পষ্ট ধাৰণা আৰু বিশ্বাস থাকিব লাগে যাতে শিক্ষক আৰু শিক্ষাৰ্থীক এনে কাৰ্যসূচী ৰূপায়ণত উৎসাহিত কৰিব পাৰি ।

২) প্ৰত্যেক বিদ্যালয়তে একোজনকৈ হ’লেও প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ পৰামৰ্শদাতা বা শিক্ষক নেতাক নিয়োগ কৰিব লাগে আৰু নিৰ্দেশনা আৰু পৰামৰ্শদানৰ দায়িত্ব প্ৰদান কৰিব লাগে ।

৩) বিদ্যালয়ত শিক্ষাৰ্থীক দলীয় নিৰ্দেশনা প্ৰদান কৰিবৰ বাবে অন্যান্য ক্ষেত্ৰত পৰামৰ্শদাতা শিক্ষকজনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

৪) শিক্ষাৰ্থীক নিৰ্দেশনা আৰু পৰামৰ্শদান কৰিবৰ বাবে শিক্ষকসকলে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়োৱাৰ বাবে উৎসাহিত কৰিব লাগে ।

৫) বিদ্যালয়ৰ শিক্ষকলকলেও শিক্ষাৰ্থী সম্পৰ্কীয় ধাৰাবাহিক পৰিমাপ পত্ৰ যুগুত কৰি নিৰ্দেশক বা পৰামৰ্শদাতা শিক্ষকগৰাকীক শিক্ষাৰ্থী সম্পৰ্কীয় পৰ্যাপ্ত তথ্যৰ যোগান ধৰিব লাগিব ।

৬) অভিভাৱকসকলৰ সমৰ্থন বৃদ্ধি কৰিবৰ বাবে আৰু তেওঁলোকক নিৰ্দেশনা সম্পৰ্কত সজাগ কৰি তুলিবৰ বাবে অভিভাৱক সভা পাতিব লাগে আৰু অভিভাৱক সংস্থা গঠন কৰিব লাগে ।

৭) শিক্ষাৰ্থীয়ে যোতে নিজৰ সামৰ্থ আৰু যোগ্যতা অনুসৰি উপযুক্ত পাঠ্যক্ৰম নিৰ্বাচন কৰিব পাৰে তাৰ বাবে শিক্ষক অভিভাৱক সভা অনুস্থিত কৰি সেই সম্পৰ্কত অভিভাৱকক সজাগ কৰি তুলিব লাগে ।

৮) বিদ্যালয়ৰ শৈক্ষিক বাজেটত নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচী ৰূপায়ণৰ বাবে প্ৰয়োজন হোৱা ধনৰাশি প্ৰদান কৰিবৰ বাবে বাজেট প্ৰস্তুত কৰিব লাগে আৰু সেই ধনৰাশি মোকলাই দিব লাগে ।

৯) বিদ্যালয়ত নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে নিৰ্ধাৰিত সময়সূচীৰ ব্যৱস্থা কৰিব লাগে ।  নিৰ্দেশনাৰ বাবে শিক্ষাৰ্থী সম্পৰ্কীয় তথ্য সংগ্ৰহ, বৃত্তীয় বা জীৱিকা সম্পৰ্কীয় বক্তৃতা বা কথিকা,  পৰিশীলনমূলক বক্তৃতা প্ৰদান, ক্ষেত্ৰ ভ্ৰমণ আদিৰ বাবে সময় নিৰ্ধাৰণ কৰিব লাগে । তদুপৰি         পৰামৰ্শদাতা বা নিৰ্দেশনা প্ৰদানকাৰী শিক্ষকক সকলো সময়তে বিদ্যালয়ত থকাৰ পৰা অব্যহতি দিব লাগে । তেওঁক সপ্তাহত মুঠ ১২টা পিৰিয়ড কাম কৰাৰ সুযোগ দিব লাগে । ইয়াৰে ৬টা পিৰিয়ড তেওঁ বিদ্যালয়ত শিক্ষাদান কৰা আৰু বাকী ৬টা পিৰিয়ড নিৰ্দেশন ।  প্ৰদানৰ বাবে বক্তৃতানুষ্ঠানৰ ব্যৱস্থা কৰা, তথ্য সংগ্ৰহ কৰা আদি কামত খৰচ কৰাৰ সুযোগ দিব  লাগে ।

১০) যদিহে নিৰ্দেশকে শিক্ষাৰ্থীৰ নিৰ্দেশনা প্ৰদান কাৰ্যসূচী সালসলনি কৰিব বিচাৰে তেনে  ক্ষেত্ৰত বিদ্যালয়তৰ প্ৰশাসনিক কৰ্তৃপক্ষই সহাৰি জনাব লাগে ।

১১) শিক্ষাৰ্থীক সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীত অংশগ্ৰহণৰ সুযোগ দিব লাগে । বিদ্যালয়ৰ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ওপৰিও সহপাঠ্যক্ৰমিক কাৰ্যাৱলী; যেনে- খেলা-ধূলা, নৃত্য-গীত, সাহিত্য-সংস্কৃতি, কলা আদি কাৰ্যাৱলীত অংশগ্ৰহণৰ প্ৰতি উৎসাহ যোগোৱাৰ গতে পৰ্যাপ্ত সা- সুবিধা আৰু সুযোগ প্ৰদানত গুৰুত্ব আৰোপ কৰিব লাগে ।

১২) নিৰ্দেশনা কৰ্য যিহেতু এক গতিশীল প্ৰক্ৰিয়া সেয়ে ইয়াৰ গতিশীলতা ৰক্ষা কৰিবৰ বাবে সময়ে সময়ে এনে কাৰ্যসূচীৰ মূল্যায়নৰ ব্যৱস্থা কৰিব লাগে ।

প্ৰশ্নঃ 2. ভাল বিদ্যালয় নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচী উদ্দেশ্যসমূহ লিখা ?

উত্তৰঃ বিদ্যালয়ত নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ ব্যৱস্থা কৰাৰ প্ৰধান উদ্দেশ্যবোৰ হৈছে-

১) শিক্ষাৰ্থীক নিৰ্দেশনা দিবৰ বাবে গ্ৰহণ কৰা কাৰ্য আৰু সেই কাৰ্যৰ সফল ৰূপায়ণৰ বাবে কাৰ্যসূচী যুগুত কৰাত সহায় কৰে ।

২) শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাসমূহ যথোপযু্ক্তভাৱে নিৰ্ধাৰণ কৰাত সহায় কৰা ।

৩) কম সংখ্যক নিৰ্দেশকৰ সৈতে অধিক শিক্ষাৰ্থীক নিৰ্দেশনা আৰু পৰামৰ্শ গ্ৰহণৰ সুযোগ প্ৰদান কৰা ।

৪) যোগ্য ব্যক্তিজনক নিৰ্দেশনাৰ দায়িত্ব দিয়া আৰু তেওঁৰ দায়িত্ব আৰু কৰ্তব্যসমূহ নিৰ্দেশ কৰাত সহায় কৰা ।

৫) একো একোজন উপযুক্ত ব্যক্তিক উপযুক্ত সময়, উপযুক্তভাৱে, উপযুক্ত স্থানত কাৰ্য সম্পাদনৰ দায়িত্ব দিয়াত সহায় কৰা ।

৬) নিৰ্দেশনা কাৰ্য আৰু অন্যান্য কাৰ্যত প্ৰয়োজন হোৱা কৰ্ম প্ৰচেষ্টাৰ মাজত সুসামঞ্জস্য বজাই ৰখাত সহায় কৰা ।

৭) বিদ্যালয়ত শিক্ষাৰ্থীক সফলতা লাভ কৰাত সহায় কৰিবৰ বাবে শিক্ষক আৰু পৰামৰ্শদাতা বা নিৰ্দেশকৰ মাজত সহাযোগিতা বৃদ্ধি কৰাত সহায় কৰা ।

৮) শিক্ষাৰ্থীক ব্যক্তিগত, শৈক্ষিক, বৃত্তিয় আৰু অন্যান্য দিশ সম্পৰ্কে তথ্য খা-খবৰ আৰু সমলৰ তথ্য লাভ আৰু উপযুক্ত নিৰ্দেশনা লাভত সহায় কৰা ।

৯) বিদ্যালয়ৰ সকলোবোৰ কাৰ্যসূচীৰ মাজত সহ-সম্বন্ধ বজাই ৰখাত সহায় কৰা ।

১০) শিক্ষাৰ্থীৰ দেহ-মানসিক, সামাজিক আৰু ব্যক্তিত্ব বিকাশত সহায় কৰা ।

প্ৰশ্নঃ 3. বিদ্যালয়ত নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ প্ৰয়োজনীয় বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ ১) ব্যপক কাৰ্যসূচীঃ ব্যাপক কাৰ্যসূচীত নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে গ্ৰহণ কৰিবলগীয়া দিশবোৰ অন্তভুক্ত কৰা হৈছে । যেনে –

ক) শিক্ষাৰ স্তৰ (Stage of Education)

i) প্ৰাথমিক স্তৰ।

ii) মাধ্যমিক স্তৰ।

iii) উচ্চ শিক্ষা স্তৰ।

খ) কেন্দ্ৰস্থলঃ

i) প্ৰাথমিক স্তৰ।

ii) মাধ্যমিক স্তৰ।

iii) উচ্চ শিক্ষা স্তৰ।

গ) বিষয়বস্তু (Content): পদ্ধতি আৰু কৌশল ।

ঘ) নিৰ্দেশনাৰ ক্ষেত্ৰ বা দিশঃ (Dimensions)

i) শৈক্ষিক দিশৰ।

ii) বৃত্তিমূলক দিশ।

iii) ব্যক্তিগত দিশ।

iv) অৱসৰ সময় সদব্যৱহাৰৰ দিশ।

v) ধৰ্মীয় দিশ । আৰু

vi) সামাজিক দিশ ।

২) পৰামৰ্শদাতা বা নিৰ্দেশনা শিক্ষক নিযুক্তিঃ সমগ্ৰ নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যসূচীৰ সফলতা নিৰ্ভৰ কৰে উপযুক্ত, দক্ষ, কৌশলী, অভিজ্ঞ, প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিৰ্দেশক বা পৰামৰ্শদাতাৰ ওপৰত। সেয়ে বিদ্যালয়ত এনে ব্য়ক্তিক মকৰল কৰিব লাগে । নিৰ্দেশকগৰাকীয়ে নিৰ্দেশনা আৰু পৰামৰ্শদানৰ পৰিসৰৰ বিষয়ে জানিব লাগিব । পৰামৰ্শ আৰু নিৰ্দেশনাদানৰ পৰিসৰবোৰ হৈছে –

ক) শিক্ষাৰ্থী প্ৰয়োজনীয় পৰামৰ্শকদান কোনবোৰ শিক্ষাৰ্থীক পৰামৰ্শ প্ৰদান কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শদাতা বা শিক্ষকজনে জানিব লাগে ।

পৰামৰ্শদানৰ প্ৰয়োজন থকা শিক্ষাৰ্থীবোৰ হৈছে-

i) শৈক্ষিক কৃতিত্বত সকলো সময়তে শীৰ্ষস্থান লাভ কৰা শিক্ষাৰ্থী ।

ii) হঠাৎ শৈক্ষিক কৃতিত্বত অৱনতি হোৱা শিক্ষাৰ্থী ।

iii) সঘনে বিদ্যালয়ত অনুপস্থিত শিক্ষাৰ্থী ।

iv) বিদ্যালয়লৈ দেৰিকৈ অহা শিক্ষাৰ্থী ।

v) সঘনে শ্ৰেণীকক্ষৰ পৰা আঁকৰি থকা শিক্ষাৰ্থী ।

vi) সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীত কোনোদিনে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থী ।

vii) বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থী ।

viii) বিদ্যালয়ত সমযোজন কৰাত সমস্যাৰ সন্মুখীন হোৱা শিক্ষাৰ্থী  ।

খ) পৰামৰ্শদান কৌশলঃ পৰামৰ্শদানৰ বিভিন্ন ধৰণৰ পৰামৰ্শদান কৌশলবোৰ; যেনে-

i) মনোবৈজ্ঞানিক কৌশল ।

ii) যোগাযোগৰ কৌশল ।

iii) মনোবৈজ্ঞানিক অভীক্ষা ।

iv) শাৰীৰিক সমাযোজনৰ কৌশল ।

গ) পৰামৰ্শদানৰ পন্থাঃ পৰামৰ্শদাতাই পৰামৰ্শদানৰ বিভিন্ন পস্থাবোৰ গ্ৰহণ কৰিব লাগে; যেনে-

i) মনোবিশ্লেষণাত্মক পন্থা ।

ii) মানৱীয় সম্পৰ্কযুক্ত পন্থা ।

iii) প্ৰচেষ্টা আৰু ভুল পদ্ধতি ।

iv) আচৰণজনিত পন্থা ।

v) নিৰ্বাচন জৰিত পন্থা আদি ।

৩) বিদ্যালয়ত যোগান ধৰিবলগীয়া নিৰ্দেশনা আৰু পৰামৰ্শ সেৱাবোৰ-

i) পৰিশীলনমূলক সেৱা ।

ii) শিক্ষাৰ্থীৰ মূল্য নিৰূপণ ।

iii) কেৰিয়াৰ সম্পৰ্কীয় তথ্য যোগান সেৱা

iv) দলীয় নিৰ্দেশনা সেৱা ।

v) পৰামৰ্শদান সেৱা ।

vi) অনুসৰণ সেৱা, শৈক্ষিক আৰু হৱেষণা সেৱা ।

৪) নিৰ্দেশনা কমিটি গঠন নিৰ্দেশনা কমিটিত প্ৰধান শিক্ষক (অধ্যক্ষ), কেইজনমান শিক্ষক আৰু কেইজনমান অভিভাৱক থাকিব লাগিব । পৰামৰ্শদাতাজনে সম্পাদক বা যোগাযোগকাৰীৰ ভূমিকা পালনন কৰিব । এই কমিটিৰ কামবোৰ হ’ব –

i) কাৰ্যসূচী সম্পৰ্কত সিদ্ধান্তত গ্ৰহণ কৰা ।

ii) কাৰ্যসূচী ৰূপায়ণত সহযোগিতা আগবঢ়োৱা ।

৫) মূল্য নিৰূপণঃ পৰামৰ্শদাতাজনে মূল্য নিৰূপণৰ বাবে শিক্ষাৰ্থী সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিব লাগিব । এই তথ্যবোৰ তলৰ পদ্ধতি বা কৌশলবোৰ অৱলম্বন কৰি সংগ্ৰহ কৰিব; যেনে-

i) অভিক্ষা আৰু নিৰূপক কাঠী ।

ii) অভিভাৱকৰ মান নিৰূপণ ।

iii) ত্ৰুটি নিৰ্ণয়ক ৰেকৰ্ড ।

iv) ব্যক্তিগত সূচী

v) সমাজমিতি ব্যাখ্যা

vi) শৈক্ষিক ক্লিনিক

vii) জৰীপ পদ্ধতি

viii) ধাৰাবাহিক পৰিমাণ পত্ৰ আদি ।

৬) ব্যক্তিৰ সমাযোজনঃ শিক্ষাৰ্থীয়ে যাতে বিদ্যালয়ৰ কাৰ্য আৰু পৰিৱেশৰ লগত সুন্দৰভাৱে খাপ খাব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এই ক্ষেত্ৰত তলৰ দিশসমূহ উল্লেখযোগ্য ।

i) সাক্ষাতকাৰ, বিকাশমূলক অনুশীলন, নিৰ্দেশনা আৰু পৰামৰ্শদানৰ জৰিয়তে শিক্ষাৰ্থীৰ সমাযোজন।

ii) সামাজিকীকৃত পাঠ্যক্ৰম, সহ-পাগ্যক্ৰমিক কাৰ্যাৱলী, ভৌতিক পৰিৱেশ, সামাজিক সম্পদ, শৈক্ষিক আৰু বৃত্তীয় সম্ভাৱনীতা আৰু দলীয় পাৰস্পৰিকতা আদিৰ পৰিৱৰ্তন সাধনৰ জৰিয়তে শিক্ষাৰ্থীৰ সমোযোজন ।

৭) সমস্যাজড়িত শিশুৰ স্থান পৰিৱৰ্তনঃ পৰামৰ্শদাতাজনে বিশেষভাৱে সমস্যাজড়িত শিশুক বিশেষধৰণৰ পৰামৰ্শদান বা চিকিৎসা সেৱা দান কৰা অনুষ্ঠানলৈ স্থানান্তৰ কৰিব লাগে ।

প্ৰশ্নঃ 4. নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱা/ কাৰ্যসূচী সংগঠনৰ উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱা/ কাৰ্যসূচী সংগঠনৰ উদ্দেশ্যবোৰ হৈছে –

১) শিক্ষাৰ্থীৰ শৈক্ষিক, মানসিক আৱেগিক, সামাজিক সমাযোজনৰ সমস্যাবোৰ সমাধানৰ দিহা-পৰামৰ্শ দিয়া আৰু তেওঁলোকৰ স্বাভাৱিক বিকাশত সহায় কৰা ।

২) শিক্ষাৰ্থীৰ অপসমাযোজিত আচৰণবোৰ চিনাক্ত কৰণ কৰা আৰু সেইবোৰ সংশোধন কৰাত সহায় কৰা ।

৩) শিক্ষাৰ্থীৰ জটিল দেহ-মানসিক সমস্যাবোৰ চিনাক্ত কৰি বিশেষজ্ঞৰ ওচৰলৈ পঠোৱা বা বিশেষ চিকিৎসা সেৱা লাভ কৰাৰ ব্যৱস্থা কৰা ।

৪) ডাক্তৰ, চিকিৎসালয়, শিক্ষানুষ্ঠানত আৰু ঘৰৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা আৰু যোগাযোগে ৰক্ষা কৰা ।

৫) শিক্ষানুষ্ঠানত শিক্ষাৰ্থীক নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে পৰ্যপ্ত সম্পদৰ ব্যৱস্থা কৰা ।

৬) শিক্ষকসকলৰ শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা সমস্যাবোৰ দক্ষতাৰে সমাধান কৰাৰ বাবে ব্যৱস্থা  গ্ৰহণ কৰাত সহায় কৰা ।

৭) শিক্ষানুষ্ঠানত সুন্দৰ, স্ফভাৱিক আকৰ্ষণীয় পৰিৱেশ গঢ়ি তোলাত সহায় কৰা ।

প্ৰশ্নঃ 5. নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱাৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ ১) প্ৰশাসনীয় সেৱাঃ এই সেৱা হৈছে উপযুক্ত বা সঠিক শিক্ষাৰ্থীক সঠিক বিষয়ত নামভৰ্তি  কৰোৱা সেৱা ।

২) অভিযোজন সেৱাঃ এ হৈছে শিক্ষাৰ্থীক শিক্ষানুষ্ঠানত সমাযোজন কৰিবৰ বাবে নৱাগত আদৰণি বা আদৰণি কাৰ্যসূচী ।

৩) শিক্ষাৰ্থীৰ তথ্য যোগান সেৱাঃ এই সেৱাই শিক্ষাৰ্থীক নিজৰ সামৰ্থ, আগ্ৰহ, অভিক্ষমতা, ব্যক্তিত্বৰ বৈশিষ্ঠ্যাৱলী, কৃতিত্ব, আশা-আকাঁক্ষাৰ পৰিমাণ, শাৰীৰিক অৱস্থা সম্পৰ্কে বুজি উঠাত সহায় কৰে ।

৪) তথ্য যোগান সেৱাঃ এই সেৱাই শৈক্ষিক, বৃত্তিমূলক আৰু ব্যক্তিগত ও সামাজিক দিশৰ  লগত লগত জড়িত

৫) পৰামৰ্শদানঃ এই সেৱাই শিক্ষাৰ্থীয়ে কি কৰিব পাৰে আৰু কি কৰা উচিত তাক বুজি উঠাত  আৰু শিক্ষাৰ্থীৰ সমস্যাবোৰ যুক্তিৰে সমাধানত কৰা আৰু নিজৰ সিদ্ধান্ত নিজে শুদ্ধভাৱে লোৱাত সহায় কৰে ।

৬) প্ৰতিকাৰমূলক সেৱাঃ ই হৈছে শিক্ষাৰ্থীক অধ্যয়ন অভ্যাস গঢ়ি তোলাত, চিকিৎসাৰ প্ৰয়োজন থকা সমস্যাবোৰ সমাধান কৰাত, উদ্বেগ তথা আৱেগ দমন কৰাত সহায় কৰা এক অভিযোজনমূলক সেৱা।

৭) স্থানগত সেৱাঃ ই শিক্ষাৰ্থীক উপযুক্ত পাণ্ডিত্যৰ দিশত গতি কৰা, নিজৰ জীৱিকাৰ সম্ভাৱনীয়তাক উপলব্ধি কৰা, বিদ্যাতনিক নিৰ্বাচন প্ৰক্ৰিয়াৰ সাক্ষাতকাৰ সংগঠিত কৰা, সাম্প্ৰতিক সময়ৰ নতুন নতুন তথ্যৰ যোগান ধৰা আদিত সহায় কৰে ।

৮) সুবিধা প্ৰদান সেৱাঃ ই হৈছে শিক্ষাৰ্থীক কেনেধৰণৰ নিৰ্দেশনা সেৱা আৰু শৈক্ষিক  কাৰ্যসূচীয়ে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব তাক উদ্ভাৱন কৰা এক মূল্যায়ন ব্যৱস্থা । অৰ্থাৎ এই সেৱাই শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাবোৰ এন্তোষজনকভাৱে পূৰণ কৰাত নিৰ্দেশনাইহে প্ৰণালীৱদ্ধভাৱে মূল্যায়ন বা পুৰীক্ষণ কাৰ্য সম্পাদন কৰে ।

৯) গৱেষণা সেৱাঃ এই সেৱা শিক্ষানুষ্ঠানৰ ব্যক্তিগত নিৰ্দেশনা কাৰ্যসূচী আৰু নিৰ্দেশনাত পৰামৰ্শদাতাই ব্যৱহাৰ কৰা কৌশলবোৰৰ পৰীক্ষা কৰে বা অনুসন্ধান চলাই যাতে সেইবোৰৰ সবল আৰু দুৰ্বল দিশবোৰ চিনাক্ত কৰি গোটেই নিৰ্দেশনা কাৰ্যসূচীকে অধিক সবল কৰি তুলিব  পাৰে ।

১০) মূল্যায়ন সেৱাঃ এই সেৱা নিৰ্দেশনা কাৰ্যসূচীৰ কাৰ্যকাৰিতা আৰু দক্ষতা, আধাতে শ্ৰেণী কক্ষ ত্যাগ কৰাৰ সংখ্যা হ্ৰাস কৰা, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা, ভাল ফলাফল, প্ৰাক্তন শিক্ষাৰ্থী ৰ কৰ্ম সংস্থাপন, নিৰাপত্তাৰ মনোভাব আদিক নিৰ্দেশিত কৰে ।

প্ৰশ্নঃ 6. নিৰ্দেশনা আৰু পৰামৰ্শদানত প্ৰধান শিক্ষকৰ স্থান কোনখিনিত ? এই মপ্ৰকে বিভিন্ন পণ্ডিতে আগবঢ়োৱা মতামতৰ আধাৰত আলোচনা কৰা ?

উত্তৰঃ প্ৰধান শিক্ষকজনে হৈছে শিক্ষানুষ্ঠান তথা বিদ্যালয়ৰ প্ৰণকেন্দ্ৰ স্বৰূপ । তেওঁ হৈছে বিদ্যালয় পৰিচালনাৰ তথা বিদ্যালয়ৰ প্ৰশাসনিক ব্যৱস্থাৰ প্ৰধান উপাদন আৰু প্ৰধান গুৰি বঠা ধৰোতা। তেওঁৰ কৌশল, ক্ষমতা, ব্যক্তিত্ব, যোগ্যতা দক্ষতা আৰু ৰিত্তীয় সামৰ্থৰ ওপৰতে বিদ্যালয়খনৰ কৰ্মদক্ষতা আৰু কৃতিত্ব নিৰ্ভৰ কৰে । বিদ্যালয়ৰ উন্নতি অৱনতি, ভাল-বেয়া, আভান্তৰীণ আৰু বৈষয়িক সামৰ্থ যোগ্যতা আৰু উচ্চ আদৰ্শৰ ওপৰত বিদ্যলয়খন মহৎ হ’ব এজন সুনিপুণ, ব্যক্তিত্বসম্পন্ন, কৰ্মপটু প্ৰধান শিক্ষকৰ জৰিয়তেহে । বিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ বিদ্যালয়ৰ সকলো কাম-কাজৰ কাৰিকৰি বুলি কোৱা হয় ।

প্ৰধান শিক্ষকজনক কেন্দ্ৰ কৰিয়েই শিক্ষক আৰু কৰম্চাৰীসকলে বিদ্যালয়ৰ দৈনন্দিন প্ৰশাসনিক কাম-কাজবোৰ চলাই যায় । প্ৰধান শিক্ষকজনে শিক্ষাৰ্থী-শিক্ষক, কৰ্মচাৰী, অভিভাৱক, পাঠ্যবিষয়, সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী, পৰিচালনা সমিতি, সমাজৰ সকলোৰে মাজত সমন্বয় ৰক্ষা কৰাত যথেষ্ট তাৎপৰ্য ভূমিকা পালন কৰে । প্ৰধান শিক্ষকজন কেৱল এজন প্ৰশাসকেই নহয় বৰং এজন নেতা, পৰামৰ্শদাতা আৰু পথ প্ৰদৰ্শকো । তেওঁৰ দক্ষতা আৰু পৰিশ্ৰম, শিক্ষক-কৰ্মচাৰীৰ প্ৰতি সহানুভূতিশীল আৰু উদাৰ, বিদ্যায়তনিক দিশত নেতৃত্বদান, উৎসাহ আৰু প্ৰেৰণাই বিদ্যালয়খনক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াত সহায় কৰে । ডব্লিউ. এম. ৰাইবাৰ্ণে প্ৰধান শিক্ষকক জাহাজ এখনৰ কেপ্তেইনৰ লগত তুলনা কৰিছে । যেনেদৰে প্ৰধান শিক্ষকজনেই হ’ল বিদ্যালয় পৰিচালনাৰ মূল কেন্দ্ৰ। তেওঁক সৌৰজগতৰ কেন্দ্ৰ সূৰযৰ লগত তুলনা কৰিব পাৰি, যাক কেন্দ্ৰ কৰিয়েই বাকী গ্ৰহ-        প্ৰধান শিক্ষক সম্পৰ্কে বিভিন্ন পণ্ডিতে আগবঢ়োৱা কেইটামান গুৰুত্বপূৰ্ণ মতামত তলত  উল্লেখ কৰা হ’ল –

পি. চি. ৰেনৰ মতে, “প্ৰধানশিক্ষকজন হ’ল এজন সংগঠক, নেতা, পৰিচালক, ব্যৱসায় নিৰ্দেশক, সমন্বয়ৰক্ষক, পৰিদৰ্শক, শিক্ষক, অভিভাৱক, দাৰ্শনিক আৰু বন্ধু । “Headmaster is an organizer, leader, governor, business director, co-ordinator, superintendent, teacher guardian philosopher and friend”) তেওঁৰ মতে প্ৰধান শিক্ষকৰ  চৰিত্ৰই বিদ্যালয়ৰ চৰিত্ৰত প্ৰতিফলিত আৰু জনাজাত হয় । (The Character of the school reflects and proclaims the character of the headmaster.)

মহিউদ্দিনৰ মতে, “এটা দলৰ বাবে নেতাৰ প্ৰয়োজন হোৱাৰ দৰেই এখন বিদ্যালয়তো এজন নেতাৰ প্ৰয়োজন হোৱাৰ দৰেই এখন বিদ্যালয়তো এজন নেতাৰ প্ৰয়োজন, যি বিদ্যালয়ৰ কাম-কাজবোৰ নিৰ্দেশনা দিব পাৰে আৰু উৎসাহ যোগাব পাৰে ।“(“Just as every group needs a leader, so also a school must have a leader who would stimulate and direct its work.”)

টচৱাল সিঙৰ মতে, “এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকজন বা অধ্যক্ষজনেই হৈছে শিক্ষা প্ৰক্ৰিয়াৰ মুৰব্বী ।” (“The Headmaster or the Principal of school is the head of   the educational process.”)

গতিকে প্ৰধান শিক্ষকজনৰ ওপৰতে বিদ্যালয়ৰ সকলো দিশ প্ৰফলিত হয় । সেয়ে  প্ৰধান শিক্ষকজন সদায় উপযুক্ত, দক্ষ, কৌশলী, উদ্যমী, প্ৰেৰণাদায়ী, শিক্ষক-শিক্ষাৰ্থী আৰু  সমাজৰ লগত মধুৰ সম্পৰ্ক ৰক্ষাকাৰী দক্ষ প্ৰশাসক আৰু পৰিচালক, দূৰদৃষ্টিসম্পন্ন, সহানুভূতিশীল আৰু উদাৰ হ’ব লাগে ।

প্ৰশ্নঃ 7. নিৰ্দেশনা আৰু পৰামৰ্শদানত প্ৰধান শিক্ষকৰ ভূমিকা কি ?

উত্তৰঃ প্ৰধান শিক্ষকজন হৈছে বিদ্যালয়ৰ মুখ্য, নেতা, নিৰ্দেশক আৰু সমন্বয়ক । নিৰ্দেশনাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা অতি তাৎপৰ্যপূৰ্ণ । এই ক্ষেত্ৰত প্ৰধান শিক্ষকে পালন কৰিবলগীয়া ভূমিকাবোৰ হৈছে –

১) পৰামৰ্শদাতা নিয়োগৰ বাবে কৰ্তৃপক্ষক পৰামৰ্শ প্ৰদান ।

২) বিদ্যালয়ৰ নিৰ্দেশনাৰ প্ৰয়োজনীয়তা অধ্যয়ন কৰিবৰ বাবে এখন নিৰ্দেশ কমিটি নিয়োগ কৰা ।

৩) নিৰ্দেশনা কৰ্মী আৰু নিৰ্দেশনাৰ লগত শিক্ষকক যথোপযু্ক্ত সা-সুবিধা প্ৰদান কৰা ।

৪) বিদ্যায়লত নিৰ্দেশনা কাৰ্যসূচী যুগুত কৰিবৰ বাবে পৰ্যাপ্ত সাহাৰ্য্য আগবঢ়োৱা ।

৫) নিৰ্দেশনা সম্পৰ্কীয় বিশেষ পাঠ্যক্ৰম আৰু আলোচনা-চক্ৰত অংশগ্ৰহণৰ বাবে শিক্ষকসকলক উৎসাহিত কৰা ।

৬) বিদ্যালয়ত থকা নিৰ্দেশনামূলক কাৰ্যৱলী সম্পৰ্কত অভিভাৱকক অৱগত কৰোৱা ।

৭) শিক্ষকসকলক তেওঁলোকৰ আগ্ৰহ আৰু যোগ্যতা তথা সামৰ্থৰ ভিত্তি নিৰ্দেশনা কমিটিৰ সদস্য পদ দিয়া ।

৮) নিৰ্দেশনা কাৰ্যসূচী সংগঠনৰ বাবে পৰিকল্পণা আৰু আঁচনি যুগুত কৰা ।

৯) বিদ্যালয়ৰ নিৰ্দেশনা । সেৱাৰ কাৰ্যসূচী ব্যাখ্যা কৰা ।

১০) সকলো শিক্ষাৰ্থী যাতে সমনে উপকৃত হয় সেই উদ্দেশ্য বিদ্যালয়ৰ পূৰ্ণকালীন পৰামৰ্শদাতাৰ বাবে সময় তালিকা যুগুত কৰা ।

প্ৰশ্নঃ 8.  নিৰ্দেশনা আৰু পৰামৰ্শদানত শিক্ষকৰ ভূমিকা কি ?

উত্তৰঃ স্কুলত নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱা সংগঠনৰ ক্ষেত্ৰত শিক্ষকে তলৰ ভূমিকাবোৰ পালন  কৰিব লাগে –

১) তথ্য আহৰণ আৰু কিউমুলেটিভ ৰেকৰ্ড ৰখা ।

২) শ্ৰেণীকোঠাত, পুথিভঁৰালত আৰু খেলপথাৰত শিক্ষাৰ্থীক পৰ্যবেক্ষণ কৰা ।

৩) শিক্ষাৰ্থীৰ অপসমাযোজিত আচৰণ চিনাক্তকৰণ ।

৪) শৈক্ষিক, ব্যক্তিগত আৰু সামাজিক সুস্থ সমাযোজন স্থাপনত শিক্ষাৰ্থীক সহায় কৰা ।

৫) অভিভাৱক আৰু প্ৰধান শিক্ষকলৈ শিক্ষাৰ্থী সম্বন্ধীয় সকলো তথ্য প্ৰেৰণ কৰা আৰু শিক্ষক অভিভাৱক সংস্থা গঠনত সক্ৰিয় ভূমিকা লোৱা।

৬) সমস্যাজড়িত শিশুৰ ঘটনা বিৱৰণী প্ৰস্তুত কৰা ।

৭) শিক্ষাৰ্থীৰ নিজৰ বিকাশক নিজে মূল্যায়ন কৰাত সহায় কৰা ।

৮) শিক্ষাৰ্থীৰ বিকাশৰ বাবে পৰ্যাপ্ত সুযোগ-সুবিধা প্ৰদান কৰা ।

৯) পাৰদৰ্শী ব্যক্তিৰ সহায় লোৱা ।

১০) শ্ৰেণীকক্ষত প্ৰত্যেক শিক্ষাৰ্থীৰ প্ৰয়োজন, আগ্ৰহ, সামৰ্থ্যতা আৰু তেওঁলোকে সন্মুখীন  হোৱা সমস্যাবোৰ অধ্যয়ন কৰা ।

১১) শিক্ষাৰ্থীৰ উন্নয়নৰ প্ৰতি সক্ষ্য ৰাখি বিভিন্ন বিষয়ৰ কৰ্মৰ লগত এক সু-সম্পৰ্ক বজাই ৰখা।

১২) শিক্ষাৰৰৰ সৈতে ব্যক্তিগত সম্পৰ্ক বজাই ৰখা ।

১৩) শিক্ষাৰৰৰ নিয়মীয়া শৈক্ষিক বা শিক্ষণীয় বিষয়ৰ ওপৰত পৰীক্ষা লোৱা ।

১৪) শিক্ষাৰ্থীক চমু চমুকৈ বক্তৃতা দিবৰ বাবে নিৰ্দেশ দিয়া, প্ৰৰস্তুত কৰি তোলা আৰু উৎসাহ- উদ্দীপনা যোগোৱা । 

১৫) বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পুথিভঁৰাল সদ্ ব্যৱহাৰ কৰিবৰ বাবে শিক্ষাৰ্থীক নিৰ্দেশ দিয়া  আৰু উৎসাহ যোগোৱা ।

প্ৰশ্নঃ 9. নিৰ্দেশনা আৰু পৰামৰ্শদানত শ্ৰেণী শিক্ষকৰ ভূমিকা কি কি ?

উত্তৰঃ ১) প্ৰতিজন শিক্ষাৰ্থীৰ শৈক্ষিক যোগ্যতাৰ ও সামৰ্থ সম্পৰ্কত অলগত হোৱা ।

২) শিক্ষাৰ্থী পঠন  ক্ষমতা সম্পৰ্কত অৱগত হোৱা ।

৩) শিক্ষাৰ্থীৰ পূৰ্বৰ শৈক্ষিক কাম সম্পৰ্কত প্ৰয়োজনীয় সকলো দিশৰ বিষয়ে অৱগত হোৱা ।

৪) শিক্ষাৰ্থীৰ ঘৰুৱা, আৰ্থিক আৰু অভিভাৱকৰ অৱস্থা সম্পৰ্কত অৱগত হোৱা ।

৫) শ্ৰেণীকক্ষত পৰিচালনা কৰা বিভিন্ন পৰীক্ষা বা অন্যান্য পৰীক্ষা বা অভীক্ষাত শিক্ষাৰ্থীয়ে লাভ কৰা সফলতা, বিফলতাৰ ফলাফল সম্পৰ্কত অৱগত হোৱা ।

৬) শিক্ষাৰ্থীৰ ভৱিষ্যৎ বৃত্তি বা জীৱিকা সম্পৰ্কীয় পৰিকল্পনাৰ বিষয়ে অৱগত হোৱা ।

৭) শিক্ষাৰ্থীৰ শৈক্ষিক লক্ষ্য সম্পৰ্কে অৱগত হোৱা ।

৮) শিক্ষাৰ্থীৰ পছন্দ, অপছন্দবোৰৰ বিষয়ে আৱগত হোৱা ।

৯) শিক্ষাৰ্থীৰ স্বাস্থ্য অৰ্থাৎ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সম্পৰ্কত অৱগত হোৱা ।

১০) শিক্ষাৰ্থীৰ যোগ্যতা, দক্ষতা আৰু দুৰ্বল দিশবোৰৰ বিষয়ে অৱগত হোৱা ।

১১) শিক্ষাৰ্থীৰ সমস্যা, জটিলতা আৰু হীনমন্যতা আদি দিশবোৰৰ বিষয়ে অৱগত হোৱা ।

১২) শিক্ষাৰ্থীৰ সামাজিক সম্পৰ্কত অৰ্থাৎ বন্ধু-বান্ধৱ, সমনীয়া দল আদিৰ লগত সম্পৰ্কে সম্বন্ধে অৱগত হোৱা । 

১৩) শিক্ষাৰ্থীয়ে অৱসৰ সময়ত কৰা কাম সম্পৰ্কত অৱগত হোৱা ।

১৪) শিক্ষাৰ্থীৰ অধ্যয়ন অভ্যাস আৰু অধ্যয়ন বা পঢ়াৰ অৱস্থা সম্পৰ্কত অৱগত হোৱা ।

প্ৰশ্নঃ 10.  নিৰ্দেশনা আৰু পৰামপ্শদানত অভিভাৱকৰ ভূমিকা কি ?

উত্তৰঃ শিশু বা তথা শিক্ষাৰ্থীৰ নিৰ্দেশনা আৰু পৰামৰ্শদানত অভিভাৱকেও এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে । এই ক্ষেত্ৰত অভিভাৱকে পালন কৰিবলগীয়া ভূমিকাবোৰ হৈছে-

১) সন্তাৰ শৈক্ষিক আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহত প্ৰদৰ্শন কৰা কৃতিত্বৰ সকলো তথ্য বিদ্যালয়ৰ শিক্ষকক অৱগত কৰিব লাগিব ।

২) সন্তানৰ ব্যক্তিগত আৰু আৱেগিক বা সমাযোজনীয় সমস্যা সম্পৰ্কীয় তথ্য পৰামৰ্শদাতাক যোগান ধৰিব লাগিব ।

৩) পৰামৰ্শদাতাৰ সৈতে নিজৰ সম্ভানৰ সমস্যা সম্পৰ্কে আৰু সেই সমস্যা সমাধানৰ উপায় সম্পৰ্কে আলোচনা-বিলোচনা কৰিব লাগিব ।

৪) অভিভাৱকে নিজৰ সন্তান টিলতা বা সমস্যা সমাধানৰ বাব নিজেই এজন নিৰ্দেশক আৰু পৰামৰ্শদাতা হিচাপে নিজৰ কৰ্তব্য পালন কৰিব লাগিব ষ সন্তানক মৰম-চেনেহ, সহানুভুতি,পুৰস্কাৰ আৰু প্ৰয়োজন সাপেক্ষে শাস্তি প্ৰদানেৰে উৎসাহ-উদ্দীপনা যোগাব লাগিব ।

৫) বিদ্যালয়ত অনুষ্ঠিত অভিভাৱক দিন আৰু অন্যান্য অনুষ্ঠানত উপস্থিত থাকিব লাগিব আৰু শিক্ষক কৰ্মচাৰীৰ লগত এক সু-সম্পৰ্ক গঢ়ি তুলিব লাগিব ।

৬) সন্তান ভাল লগা, বেয়া গলা, আগ্ৰহ, অভিৰুচি, অভিক্ষমতা আদি বিদ্যালয়ৰ শিক্ষকক জনাব লাগে সেই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখিহে ভৱিষ্যৎ শৈক্ষিক আৰু বৃত্তিমুখী দিশৰ পৰিকল্পনা কৰাৰ বাবে নিৰ্দেশনা দিব লাগিব ।

৭) সন্তানৰ সবলতা আৰু দুৰ্বলতাবোৰ গ্ৰহণ কৰ্হে তেওঁলোকৰ ভৱিষ্যৎ পৰিকল্পনা যুগুত কৰিব লাগিব।

৮) সন্তান জটিলতা সমাযোজনীয় সমস্যা থাকিলে পৰামৰ্শদাতাৰ লগত গোপন আলোচনাত ভাগ ল’ব লাগিব ।

৯) সন্তানৰ শাৰীৰিক, মানসিক, আৱেগিক, বৌদ্ধিক স্থিতি সম্পৰ্কে বিদ্যালয়ত অৱগত কৰিব লাগিব ।

১০) বিদ্যালয়ত অনুষ্ঠিত কৰা নিৰ্দেশনা সম্পৰ্কীয় কাৰ্যসূচীৰ সফল ৰূপায়ণত সক্ৰিয় অংশ  গ্ৰহণ কৰিব লাগিব ।

১১) অভিভাৱক সভাত উপস্থিত থাকি সক্ৰিয় সহায় সহযোগিতা আগবঢ়াব লাগিব ।

১২) শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগত পৰামৰ্শদাতাৰ ব্যক্তিগত আলোচনাত অংশগ্ৰহণ আৰু  সক্ৰিয় সহযোগিতা আগবঢ়াব লাগিব।

১৩) তেওঁসোকৰ ল’ৰা-ছোৱালী ভৱিষ্যৎ শৈক্ষিক আৰু বৃত্তিমূলক সম্ভাৱনীয়তাসমূহৰ বিষয়ে উপযুক্ত তথ্য সংগ্ৰহ কৰিব কৰিব লাগিব ।

১৪) ঘৰুৱা পৰিৱেশত সুন্দৰ কৰি ৰখাৰ লগতে ল’ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য বজাই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

১৫) ল’ৰা-ছোৱালীৰ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব ।

১৬) ল’ৰা-ছোৱালীৰ কামৰ পৰিকল্পনা কৰা আৰু অধিক শৈক্ষিক কৃতিত্ব লাভ কৰিব পৰাকৈ তেওঁলোকক সহায়-সহযোগিতা আগবঢ়াব লাগিব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top