Guidance And Counselling Unit 3 নিৰ্দেশনাৰ আহিলা আৰু কৌশল

Guidance And Counselling Unit 3 নিৰ্দেশনাৰ আহিলা আৰু কৌশল Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Guidance And Counselling Unit 3 নিৰ্দেশনাৰ আহিলা আৰু কৌশল to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Guidance And Counselling Unit 3 নিৰ্দেশনাৰ আহিলা আৰু কৌশল Question Answer can be of great value to excel in the examination.

Guidance And Counselling Unit 3 নিৰ্দেশনাৰ আহিলা আৰু কৌশল

Join Telegram channel

Guidance And Counselling Unit 3 নিৰ্দেশনাৰ আহিলা আৰু কৌশল Notes cover all the exercise questions in UGC Syllabus. The Guidance And Counselling Unit 3 নিৰ্দেশনাৰ আহিলা আৰু কৌশল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Tools and techniques of Guidance

EDUCATION

GUIDANCE AND COUNSELLING

নিৰ্দেশনা আৰু পৰামৰ্শদান

Very Short Question Answer:

প্ৰশ্নঃ 1. নিৰ্দেশনাৰ আহিলা মানে কি ?

উত্তৰঃ যিবোৰ আহিলা ব্যৱহাৰ বা প্ৰয়োগ কৰি শিক্ষাৰ্থী বা ব্যক্তিক বুদ্ধি, ব্যক্তিত্ব, মনোভাৱ, অভিপ্ৰায়, অভিক্ষমতা, শৈক্ষিক দক্ষতা, আচৰণ, কৌশল, সামৰ্থ, সক্ষমতা আদি দিশবোৰ পৰামাপ কৰা হয় আৰু তেওঁলোকৰ সম্পৰ্কত প্ৰয়োজনীয় প্ৰাথমিক তথ্য সংগ্ৰহ কৰি নিৰ্দেশনা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ   কৰা হয় তেনে আহিলাবোৰকে নিৰ্দেশনা আহিলা বোলা হয় ।

প্ৰশ্নঃ 2. নিৰ্দেশনাৰ আহিলাবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি । আৰু কি কি ?

উত্তৰঃ নিৰ্দেশনাৰ আহিলাবোৰক দুটা শ্ৰেণীত ভাগ কৰিব পাৰি । যেনে-

১) প্ৰতিমনানীকৃত আহিলা । আৰু

২) অপ্ৰতিমানীকৃত বা প্ৰতিমানীকৰণ নকৰা আহিলা ।

প্ৰশ্নঃ 3. প্ৰতিমানীকৃত আহিলা মানে কি বুজা?

উত্তৰঃ যিবিলাক অভীক্ষা প্ৰতিমানীকৃত প্ৰতিদৰ্শৰ ওপৰত প্ৰয়োগ কৰি উপযুক্ত বুলি বিবেচিত প্ৰশ্নপদেৰে  গঠিত, যিবোৰ অভাক্ষাৰ প্ৰয়োগ, স্কʼৰ নিৰ্ণয় আদি পূৰ্ব নিৰ্ধাৰিত নীতি মানি সম্পাদনা কৰা  হয়, নৰ্ম বা আদৰ্শ মান নিৰূপণ কৰি ৰখা হয়, আৰু কিছুমান নীতি-নিয়ম ৰচনা কৰি বিধিপুথিত লিপিৱদ্ধ কৰি ৰখা হয় তেনে অভীক্ষাকে প্ৰতিমানীকৃত অভীক্ষা বোলা হয় । প্ৰতিমানীকৃত আহিলাবোৰক মনোবৈজ্ঞানিক অভীক্ষা বুলিও কোৱা হয় ।

প্ৰশ্নঃ 4. প্ৰতিমানীকৃত আহিলাৰ যিকোনো দুটা ভাগ কি কি ?

উত্তৰঃ প্ৰতিমানীকৃত অভীক্ষা বা আহিলা দুটা হৈছে-

ক) ব্যক্তিত্বৰ অভীক্ষা

খ) কৃতিত্বৰ অভীক্ষা

প্ৰশ্নঃ 5. নিৰ্দেশনা কৌশল মানে কি ?

উত্তৰঃ যিবোৰ কৌশল অৱলম্বন কৰি শিক্ষাৰ্থী তথা ব্যক্তিৰ শিক্ষা সম্পৰ্কীয় বা শৈক্ষিক, বৃত্তিমূলক আৰু ব্যক্তিগত সমস্যাবোৰ সমাধান কৰি ভৱিষ্যৎ সুস্থ সমোযোজিত ব্যক্তি হিচাপে গঢ়ি তোলা আৰু  ভৱিষ্যৎ সুন্দৰ জীৱন-যাপন কৰিব পৰাকৈ নিজক বুজি পোৱা আৰু নিজৰ কেৰিয়াৰ গঢ়ি তোলাত সহায় হোৱাকৈ নিৰ্দেশনা আৰু পৰামৰ্শদান কৰাৰ ব্যৱস্থা কৰা হয় তেনে কৌশলবোৰকে  নিৰ্দেশনাৰ কৌশল বোলা হয় ।

প্ৰশ্নঃ 6. অ-প্ৰতিমানীকৃত বা প্ৰতিমানীকৰণ নকৰা আহিলা বুলিলে কি বুজা ? উদাহৰণ দিয়া ?

উত্তৰঃ যিবোৰ আহিলাত প্ৰতিমানীকৰণৰ নিয়মবোৰ মানি প্ৰস্তুত কৰা নহয় তেনে আহিলাকে অ- প্ৰতিমানীকৃত আহিলা বুলি কোৱা হয়। এনেধৰণৰ আহিলাকবোৰ হৈছে-

ক) সাক্ষাৎকাৰ ।

খ) প্ৰশ্নসূচী ।

গ) পৰ্যবেক্ষণ ।

ঘ) ধাৰাবাহিক পৰিমাপ-পত্ৰ ।

প্ৰশ্নঃ 7. গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদান মানে কি ?

উত্তৰঃ গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদান হৈছে পৰামৰ্শগাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত মুখামুখী সম্পৰ্ক স্থাপনৰ জৰিয়তে পৰামৰ্শগ্ৰহণৰাকী ব্যক্তিৰ সমস্যা সমাঝানৰ বাবে পৰামৰ্শদাতাই দান কৰা নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়া ।

প্ৰশ্নঃ 8. নিৰ্দেশনা কৌশলক কেইটা ভাগত ভগাব পাৰি ? উল্লেখ কৰা ?

উত্তৰঃ নিৰ্দেশনা কৌশলক তিনিটা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হৈছে-

১) পৰামৰ্শদান কৌশল (দলগত আৰু ব্যক্তিগত) ।

২) দলগত নিৰ্দেশনা কৌশল আু ।

৩) ক্লিনিকেল পদ্ধতি ।

প্ৰশ্নঃ 9. গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদানৰ দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদানৰ দুটা উদ্দেশ্য হৈছে-

১) শিক্ষাৰ্থীৰ বা ব্যক্তিক আত্ম-সচেতনতা বৃদ্ধি কৰা, আত্ম-উপলব্ধিৰ ভাৱ জগাই তোলা আৰু সমাযোজন কৰিব পৰাকৈ গঢ়ি তোলাত সহায় কৰা ।

২) শিক্ষাৰ্থী বা ব্যক্তিৰ অনুভৱ, বিশ্বাস আৰু আচৰণ প্ৰকাশত সহায় কৰা ।

প্ৰশ্নঃ 10. গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদানৰ দুটা গুণ বা সুবিধা কি কি ?

উত্তৰঃ গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদানৰ দুটা গুণ বা সুবিধাবোৰ হৈছে-

১) এনে পৰামৰ্শদানত শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণৰাকী ব্যক্তিয়ে পৰামৰ্শদাতাৰ ব্যক্তিগত মনোযোগ  অধিক পৰিমাণে লাভ কৰিব পাৰে।

২) ইয়াত শিক্ষাৰ্থী বা ব্যক্তিয়ে নিজৰ সমস্যাবোৰ অকলশৰীয়াকৈ এক নিৰ্জন, নিৰাপদ পৰিৱেশত কেৱল বিশ্বাসযোগ্য পৰামৰ্শদাতাৰ সন্মুখত প্ৰকাশ কৰাৰ সুযোগ পায় । ফলত শিক্ষাৰ্থীয়ে সঠিক  পৰামৰ্শ লাভ কৰাৰ সুযোগ পায় ।

প্ৰশ্নঃ 11. নিৰ্দেশনা সেৱাৰ সংগঠন বুলিলে কি বুজা ?

উত্তৰঃ নিৰ্দেশনা সেৱা শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা পূৰ্ণৰ জড়িত । বিদ্যালয়ত নিৰ্দেশনা সেৱাৰ সু-সংগঠনৰ জৰিয়তেহে শিক্ষাৰ্থীক একো একোজন উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলা সম্ভৱ হʼব । যি সেৱা কাৰ্য বা নিৰ্দেশনা কাৰ্যৰ জৰিয়তে শিক্ষাৰ্থীক নিজক বুলি পোৱা, চিনি পোৱা আৰু সঠিক সিদ্ধান্ত  গ্ৰহণ কৰাত সহায় কৰা হয় । তাকে নিৰ্দেশনা সেৱা বোলা হয় আৰু এনে সেৱা প্ৰদানৰ বাবে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বা যি ধৰণৰ নিৰ্দেশনা সেৱা সংগঠিত কৰা হয় তাকে  নিৰ্দেশনা সেৱাৰ সংগঠন বোলা হয় ।

প্ৰশ্নঃ 12. গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদানৰ দুটা সীমাৱদ্ধতা বা অসুবিধা কি কি ?

উত্তৰঃ ১) এনে পৰামৰ্শদানত অধিক সময় আৰু শ্ৰমৰ প্ৰয়োজন হয় ।

২) এনে পৰামৰ্শদানে শিক্ষাৰ্থী বা ব্যক্তিক একেধৰণৰ সমস্যাত ভোগা আন শিক্ষাৰ্থীৰ লগত সমস্যাটোৰ সম্পৰ্কত আলোচনা কৰাৰ সুযোগ প্ৰদান নকৰে ।

প্ৰশ্নঃ 13. সাক্ষাৎকাৰৰ যিকোনো দুটা প্ৰকাৰ কি কি ?

উত্তৰঃ ব্যক্তিক উপযুক্ত পৰামৰ্শ প্ৰদানৰ বাবে সাক্ষাৎকাৰৰ ব্যৱহাৰ কৰা হয় । এই সাক্ষাৎকাৰ বিভিন্ন ধৰণৰ । তলত তাৰে দুটা প্ৰকাৰ বিষয়ে উল্লেখ কৰা হʼল-

১) মূল্যায়নকাৰী বা কৰ্মসংস্থান সাক্ষাৎকাৰঃ এনে সাক্ষাৎকাৰ কোনো এটা কৰ্ম সংস্থাপনৰ বাবে   এজন ব্যক্তি যোগ্য হয়/নহয় তাক নিৰ্ধাৰণ কৰিবৰ বাবে গ্ৰহণ কৰা হয় । এনে সাক্ষাৎকাৰত যিটো কাম বা চাকৰিৰ কাৰণে লোৱা হয় সেই চাকৰিটোৰ লগত জড়িত প্ৰশ্নহে সোধা হয় ।

২) চিনাক্তকৰণ সাক্ষাৎকাৰঃ এনে সাক্ষাৎকাৰৰ জৰিয়তে সাক্ষাৎকাৰ দিয়া ব্যক্তিজনৰ ঘৰ আৰু  পৰিৱেশৰ অৱস্থা সম্পৰ্কে জানিব বিচৰা হয় ।

প্ৰশ্নঃ 14. পৰ্যবেক্ষণৰ প্ৰকাৰসমূহক কেইভাগত ভগাব পাৰি? ভাগসমূহ কি কি ?

উত্তৰঃ পৰ্যবেক্ষণ পদ্ধতিক কেইবাটাও ভাগতভাগ কৰিব পাৰি । এই কেইটা হʼল-

১) নিয়ন্ত্ৰিত পৰ্যবেক্ষণ, ২) অনিয়ন্ত্ৰিত পৰ্যবেক্ষণ, ৩) অংশ গ্ৰহণকাৰী পৰ্যবেক্ষণ, ৪) অনা  অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ ।

প্ৰশ্নঃ 15. নিৰ্দেশনা সেৱাৰ যিকোনো দুটা প্ৰকাৰ কি কি ?

উত্তৰঃ বিদ্যালয় বা শিক্ষানুষ্ঠানত সংগঠিত কৰিবলগীয়া নিৰ্দেশনা সেৱাবোৰ হৈছে –

১) অভিযোজন বা অভিবিন্যাস সেৱা (The orientation Service)

২) ছাত্ৰ সম্পৰ্কীয় তথ্য সেৱা (The Student information Service)

প্ৰশ্নঃ 16. নিৰ্দেশনা সেৱাৰ সংগঠনৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা ?

উত্তৰঃ বিদ্যালয় বা শিক্ষানুষ্ঠানত নিৰ্দেশনা সেৱা সংগঠনৰ মূল উদ্দেশ্যবোৰ হৈছে-

১) শিক্ষাৰ্থীক নিজৰ যোগ্যতা, সামৰ্থ, অভিক্ষমতা, আগ্ৰহ মনোভাৱ আদিৰ সৈতে পৰিচিত হোৱাত সহায় কৰা ।

২) শিক্ষাৰ্থীক নিজৰ গুণসমূহ উপলব্ধি কৰা, গ্ৰহণ কৰা আৰু সেইবোৰৰ সঠিক ব্যৱহাৰ কৰাত  সহায় কৰা ।

প্ৰশ্নঃ 16. দলগত পৰামৰ্শদানৰ তিনিটা সীমাৱদ্ধতা কি কি ?

উত্তৰঃ ১) দলগত নিৰ্দেশনাৰ জৰিয়তে শিক্ষাৰ্থীৰ ব্যক্তিগত সমস্যাবোৰৰ সম্পৰ্কত সঠিক তথ্য আহৰণ  কৰিব নোৱাৰি ।

২) এনে পৰামৰ্শদান ব্যৱস্থাত শিক্ষাৰ্থী বা ব্যক্তিক গাইগুটীয়াভাৱে বিশেষ গুৰুত্ব দিয়া, যতন  লোৱা আদিৰ ক্ষেত্ৰত পৰামৰ্শদাতাৰ ব্যক্তিগত সহায় লাভ নকৰিবও পাৰে ।

প্ৰশ্নঃ 17. মনোবৈজ্ঞানিক অভীক্ষাৰ দুটা প্ৰকাৰ উল্লেখ কৰা ?

উত্তৰঃ মনোবৈজ্ঞানিক অভীক্ষাসমূহক বিভিন্ন শ্ৰেণীত শ্ৰেণীভুক্ত কৰা হৈছে । সেইসমূহ তলত আলোচনা  কৰা হʼল-

১) বুদ্ধি অভীক্ষাঃ বিভিন্ন বয়সৰ ব্যক্তিৰ বুদ্ধি বা সাধাৰণ মানসিক ক্ষমতা পৰিমাপ কৰিবৰ বাবে ব্যৱহাৰ কৰা অভীক্ষাকে বুদ্ধি অভীক্ষা বোলা হয় । বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা বুদ্ধি  অভীক্ষাবোৰৰ ভিতৰত ১৯০৫ চনত প্ৰস্তুত কৰা বিনে চাইমন অভীক্ষাই হৈছে প্ৰথম বুদ্ধি  অভীক্ষা । বৰ্তমান পৃতীৱীৰ বিভিন্ন ঠাইত বিনে চাইমন অভীক্ষাৰ বিভিন্ন সংস্কৰণ প্ৰস্তুত হৈ উঠিছে । এই সংস্কৰণবোৰৰ উপৰি বুদ্ধি পৰিমাপনৰ বাবে ৱেছলাৰ বুদ্ধি অভীক্ষা, আৰ্মি আলফা অভীক্ষা আৰু আৰ্মি বিটা অভীক্ষা বিশেষভাৱে উল্লেখযোগ্য ।

২) আগ্ৰহ অভীক্ষাঃ যি অভীক্ষাৰ দ্বাৰা ব্যক্তিৰ আগ্ৰহৰ প্ৰকৃতি আৰু মাত্ৰা পৰিমাপ কৰা হয় তেন্তে অভীক্ষাকে আগ্ৰহৰ অভীক্ষা বোলা হয় । শিক্ষাৰ্থীৰ শিক্ষা আৰু ব্।ক্তিগত সাফল্য লাভত সহায় কৰিবৰ বাবে শিক্ষাৰ্থীৰ আগ্ৰহৰ প্ৰকৃতি জানিবৰ বাবে নিৰ্ভযোগ্য আগ্ৰহৰ অভীক্ষা প্ৰস্তুত কৰা হয় । ষ্ট্ৰঙৰ ভকেশ্যনেল ব্লাংক অভীক্ষা, কুডাৰৰ প্ৰিফাৰেন্স ৰেকৰ্ড আদি উল্লেখযোগ্য আগ্ৰহৰ অভীক্ষা ।

প্ৰশ্নঃ 18. স্থানগত সেৱাৰ দুটা গুৰুত্ব উল্লেখ কৰা ?

উত্তৰঃ স্থানগত সেৱাই শিক্ষাৰ্থীক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পাৰে । যেনে-

১) ই শিক্ষাৰ্থীক উপযুক্ত বিষয়ত পাণ্ডিত্য লাভৰ সঠিক পথৰ সন্ধান দিয়ে ।

২) ই বিদ্যালয় শিক্ষা সাং কৰাৰ পৰৱৰ্তীসময়ত এক উপযুক্ত স্থানৰ সন্ধান লাভ কৰাৰ শিক্ষাৰ্থীক সহায় কৰে ।

প্ৰশ্নঃ 19. পৰামৰ্শদানৰ পদ্ধতি আৰু পন্থা তিনিটা উল্লেখ কৰা ?

উত্তৰঃ পৰামৰ্শদানৰ পদ্ধতি আৰু পন্থাবোৰ তলত উল্লেখ কৰা হʼল-

১) আচৰণজনিত থেৰাপি ।

২) মনোবিশ্লেষণাত্মক আৰু মনোগতিশীল থেৰাপি ।

৩) মানৱীয় থেৰাপি ।

Short Question Answer:

প্ৰশ্নঃ 1. গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদানৰ চাৰিটা গুণ বা সুবিধা উল্লেখ কৰা ?

উত্তৰঃ গাইগুটীয়া বা দলগত পৰামৰ্শদানৰ গুণ বা সুবিধাবোৰ হৈছে-

১) এনে পৰামৰ্শদানত শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিয়ে পৰামৰ্শদাতাৰ ব্যক্তিগত মনোযোগ অধিক পৰিমাণে লাভ কৰিব পাৰে ।

২) ইয়াত শিক্ষাৰ্থী বা ব্ক্তিয়ে নিজৰ সমস্যাবোৰ অকলশৰীয়াকৈ এক নিৰ্জন, নিৰাপদ পৰিৱেশত কেৱল বিশ্বাসযোগ্য পৰামৰ্শদাতাৰ সন্মুখত প্ৰকাশ কৰাৰ সুযোগ পায় । ফলত শিক্ষাৰ্থীয়ে সঠিক পৰামৰ্শ লাভ কৰাৰ সুযোগ পায় ।

৩) এনে পৰানৰ্শদানে শিক্ষাৰ্থীৰ আত্মবিশ্বাসৰ ভাৱ বৃদ্ধি আৰু আত্ম-সচেতনতা বৃদ্ধি কৰাত সহায় কৰে ।

৪) এনে পৰামৰ্শদানে শিক্ষাৰ্থীৰ সুস্থ বিকাশৰ পথ প্ৰদৰ্শক কৰে আৰু শিক্ষাৰ্থীক শুদ্ধ সিদ্ধান্ত গ্ৰহণত সহায় কৰে ।

প্ৰশ্নঃ 2. ভাল পৰ্যবেক্ষণ চৰ্তসমূহ কি কি ?

উত্তৰঃ চাইমণ্ড Symonds)ৰ মতে একোটা ভাল পৰ্যবেক্ষণৰ নিম্নলিখিত চৰ্ত সমূহ থকাটো অতি  আৱশ্যকীয় ।

১) সতৰ্কতাঃ পৰ্যবেক্ষণৰ সময়ত সদায় বিভিন্ন ধৰণৰ উদ্দীপকে ক্ৰিয়া কৰে । লগতে ভুল স্থান,  ভুল সময় ইত্যাদিয়েও পৰ্যবেক্ষণত যথেষ্ট প্ৰভাৱ পেলায় । সেয়ে পৰ্যবেক্ষণৰ সময়ত পৰ্যবেক্ষক গৰাকী সচেতন হোৱাটো অতি দৰকাৰী ।

২) দক্ষতা সম্পন্ন পঞ্চেন্দ্ৰিয়ঃ যিহেতু সকলোবোৰ পৰ্যবেক্ষণতে দৃষ্টিৰ আৱশ্যক, সেয়ে শুদ্ধ পৰ্যবেক্ষণৰ বাবে এযুৰি ভাল চকুৰ প্ৰয়োজন আৱশ্যে চকুৰ লগতে একোজন পৰ্যবেক্ষকে শব্দ,স্বাদ, গন্ধ, স্পৰ্শ, অনুভুতি আদি শুদ্ধ ৰূপত পাবৰ বাবে কাণ, জিভা, নাক, ছাল আদি ইন্দ্ৰীয়বোৰো সুস্থ হোৱা দৰকাৰ । ভাল বা সুস্থ পঞ্চেন্দ্ৰিয়ৰ জিয়তেহে শুদ্ধ পৰ্যবেক্ষণ সম্ভৱ হʼব ।

৩) তাৎক্ষণিক আৰু সঠিক ৰেকৰ্ডঃ কোনো এটা পৰ্যবেক্ষণতে ফলাফল তাৎক্ষণিকভাৱে ৰেকৰ্ড বা  লিপিৱদ্ধ কৰিব লাগে । অন্যথায় অসময়ত লগাভ কৰা স্মৃতি সময়ৰ সোঁতত নাইকীয়া হৈ এটা সময়ত লাভ কৰা পৰ্যবেক্ষণৰ ফলাফলৰ বহখিনি বিস্মিতিৰ গৰাহত পৰাৰ সম্ভাৱনা থাকে ।

৪) সঁজুলি ব্যৱহাৰ নকৰাকৈ শুদ্ধ আঁচনি কৰিব পৰাৰ দক্ষতাঃ কোনো এটা পৰ্যবেক্ষণৰ বাবে  যদি যথেষ্ট পৰিমাণে সঁজুলি থাকে তেন্তে সেই সঁজুলিবোৰ ব্যৱহাৰ কৰিব লাগে । যদিহে সঁজুলিৰ  সংখ্যা যথোপযুক্ত নহয়, তেনেক্ষেত্ৰত পৰ্যবেক্ষকে সঁজুলিৰ পৰিৱৰ্তে, সংখ্যা, ওজন, উচ্চতা, সময়ৰ ব্যৱধান, তাপ,গন্ধ, স্বাদ ইত্যদি সম্বন্ধে যুক্তি পূৰ্ণভাৱে নিখুঁত পৰিকল্পনা কৰি পৰ্যবেক্ষণ কৰিব লাগে ।

প্ৰশ্নঃ 3. পৰ্যবেক্ষণৰ অসুবিধা আৰু সীমাৱদ্ধতাসমূহ কি কি ?

উত্তৰঃ পৰ্যবেক্ষণৰ সীমাৱদ্ধতাসমূহ হৈছে-

১) পৰ্যবেক্ষণৰ বৈধতা নিৰ্ধাৰণ কৰাটো জটিল ।

২) পৰ্যবেক্ষণ প্ৰতক্ৰিয়াত ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ পৰে ।

৩) পৰ্যবেক্ষণ এক অতি কষ্টকৰ প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াত অধিক শ্ৰমৰ প্ৰয়োজন হয় ।

৪) যদিহে ব্যক্তি বা শিক্ষাৰ্থীয়ে তেওঁলোকক পৰ্যবেক্ষণ কৰিছে বুলি জানিব পাৰে তেন্তে তেওঁলোক অধিক সচেতন হৈ পৰে আৰু প্ৰকৃত ব্যৱহাৰ প্ৰদৰ্শন নকৰে ।

৫) এই প্ৰক্ৰিয়াত যদিহে পৰ্যবেক্ষক বা শিক্ষকজন সচেতন নহয় তেন্তে পৰ্যবেক্ষণৰ বৈধতা আৰু নিৰ্ভযোগ্য হ্ৰাস পাব পাৰে ।

৬) এই প্ৰক্ৰিয়াটো এক ব্যয়বহুল প্ৰক্ৰিয়া ।

৭) যদিহে পৰিৱেশৰ পৰিৱৰিতন হয় তেতিয়াও পৰ্যবেক্ষণ প্ৰক্ৰিয়াত জটিলতা আহি পৰে ।

৮) বহুসময়ত অৱস্থা বা পৰিস্থিতিৰ কাৰণে কিছুমান ঘটনাক পৰ্যবেক্ষণ নকৰিবও পাৰে । ফলত পৰ্যবেক্ষণৰ জৰিয়তে বিচৰা ফলাফল সঠিক নোহোৱাৰ সম্ভাৱনা থাকে ।

৯) কেতিয়াবা যিহেতু, পৰ্যবেক্ষণৰ মানদণ্ড আৰু উদ্দেশ্য ভালদৰে দিয়া থাকে সেয়ে ব্যক্তি বিশেষ পৰ্যবেক্ষণৰ উদ্দেশ্য ভিন ভিন হোৱাৰ সম্ভাৱনা থাকে ।

প্ৰশ্নঃ 4. দলগত বা দলীয় পৰামৰ্শদানৰ চাৰিটা উদ্দেশ্য কি কি ?

উত্তৰঃ দলগত বা দলীয় পৰামৰ্শদানৰ প্ৰধান উদ্দেশ্যবোৰ হৈছে-

১) শিক্ষাৰ্থী তথা ব্যক্তিৰ সমূহীয়া সমস্যাবোৰ প্ৰত্যক্ষ কৰা সাধাৰণীকৰণ কৰা আৰু সেইবোৰ  আলোচনা কৰা ।

২) শিক্ষাৰ্থী তথা ব্যক্তিক সমাযোজন সম্পৰ্কীয় সমস্যাবোৰ বুজি উঠা আৰু সেইবোৰ সমাধান  কৰিবৰ বাবে উপযোগী তথ্যৰ যোগান ধৰা ।

৩) শিক্ষাৰ্থী বা ব্যক্তিক আত্মবোধ আৰু আত্ম-সচেতনতা জগাই তুলিব পৰা অভিজ্ঞতা লাভৰ সুযোগ প্ৰদান কৰা ।

৪) শিক্ষাৰ্থী বা ব্যক্তিৰ চিন্তা আৰু আকাংক্ষাবোৰ পৰিৱৰ্তন কৰিবলৈ শিকাত সহায় কৰা ।

প্ৰশ্নঃ 5. সাক্ষাৎকাৰৰ কৌশল আৰু পৰামৰ্দাতাৰ ভূমিকাসমূহ কি কি ?

উত্তৰঃ সাক্ষাৎকাৰৰ কৌশল তথা পৰামৰ্শদাতাই পালন কৰিবলগীয়া ভূমিকাবোৰ তলত উল্লেখ কৰা হʼল-

১) পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত বন্ধুত্বপূৰ্ণ, নিৰাপদ আৰু বিশ্বাসযোগ্য সু-সম্বন্ধ গঢ়ি তুলিব লাগিব ।

২) পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিক সমস্যাবোৰ প্ৰকাশ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব লাগিব । সমস্যা সমাধানৰ বাবে দুয়ো পক্ষই কৰি চলিব লাগিব ।

৩) পৰামৰ্শদাতাই সহানুভুতিশীলতাৰে বিশ্বাসযোগ্যতা ৰু হাসমধুৰভাৱে পৰামৰ্শদাতাক উৎসাহিত কৰিব লাগিব ।

৪) পৰামৰ্শদাতাই নিজৰ অভিজ্ঞতাবোৰ পৰামৰ্শদাতাক খুওব সুন্দৰ উপস্থাপনেৰে অৱগত কৰিব লাগে । বেলেগ ব্যক্তি সম্বন্ধে উপমা দিব লাগে ।

৫) পৰামৰ্শ গ্ৰহণকাৰীক ভয় খুৱাব নালাগে আৰু প্ৰশ্নৰ দ্বাৰাহে তেওঁৰ সমস্যা উদঘাটন কৰাৰ প্ৰয়াস কৰিব লাগে ।

৬) সকলোধৰণৰ ভাগৰ, হেঁচা প্ৰয়োগ, আমনিদায়ক হোৱাকৈ প্ৰশ্ন কৰা আৰু উদ্বেগ আদি তাযগ কৰিব লাগে ।

প্ৰশ্নঃ 6. গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদানৰ চাৰিটা সীমাৱদ্ধতা বা অসুবিধা কি কি ?

উত্তৰঃ ১) এনে পৰামৰ্শদানত অধিক সময় আৰু শ্ৰমৰ প্ৰয়োজন হয় ।

২) এনে পৰামৰ্শদানে শিক্ষাৰ্থী বা ব্যক্তিক একেধৰণৰ সমস্যাত ভোগা আন শিক্ষাৰ্থীৰ লগত সমস্যাটোৰ সম্পৰ্কত আলোচনা কৰাৰ সুযোগ প্ৰদান নকৰে ।

৩) এনে পৰামৰ্শদান ব্যৱস্থা অতি ব্যয়বহুল বা খৰচী ।

৪) এনে পৰামৰ্শদান শিক্ষাৰ্থী বা ব্যক্তিয়ে পৰামৰ্শদাতাজনৰ ওপৰত কিমান বিশ্বাস বা আস্থা ৰাখিব পাৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰে ।

প্ৰশ্নঃ 7. দলগত বা দলীয় পৰামৰ্শদানৰ চাৰিটা গুণ বা সুবিধা কি কি ?

উত্তৰঃ ১) এনে পৰামৰ্শদান ব্যৱস্থাত কম শ্ৰম, কম অৰ্থ বা খৰচ আৰু কম সময়ৰ প্ৰয়োজন হয় । সেয়ে ইয়াক শিক্ষাৰ্থীক পৰামৰ্শদানৰ এক কম খৰচী পদ্ধতি বুলি কোৱা হয় ।

২) এনে পৰানৰ্শদানে শিক্ষাৰ্থীৰ লগত পৰামৰ্শদাতাৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে।

৩) এনে পৰামৰ্শদান সাধাৰণ শিক্ষাৰ্থী বা ব্যক্তিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বেছি উপযোগী ।

৪) এনে পৰামৰ্শদান প্ৰক্ৰিয়াই সকলোৰে মাজত কম বেছি পৰিমাণে দেখা পোৱা সাধাৰণ সমস্যাবোৰৰ প্ৰতি শিক্ষাৰ্থী বা ব্যৰ্কিৰ মনোভাৱৰ পৰিৱৰ্তন আৰু আচৰণৰ উন্নতি সাধন কৰাত সহায় কৰে ।

প্ৰশ্নঃ 8. পৰ্যবেক্ষণৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ পৰ্যবেক্ষণৰ বৈশিষ্ট্যসমূহ হৈছে-

১) পৰ্যবেক্ষণ এক পদ্ধতিগতপ্ৰক্ৰিয়া ।

২) পৰ্যবেক্ষণ এক বিশেষ প্ৰক্ৰিয়া ।

৩) পৰ্যবেক্ষণ উদ্দেশ্যমূলক ।

৪) পৰ্যবেক্ষণৰ ৰেকৰ্ড তাৎক্ষণিকভাৱে তৈয়াৰ কৰিব পাৰি ।

৫) পৰ্যবেক্ষণ সংখ্যাগত আৰু গুণগত ।

৬) পৰ্যবেক্ষণ বিচাৰযোগ্য ।

প্ৰশ্নঃ 9. বিদ্যালয়ত নিৰ্দেশনা বা নিৰ্দেশনা সেৱাৰ চাৰিটা প্ৰয়োজনীয়তা উল্লেখ কৰা ?

উত্তৰঃ বিদ্যালয়ত নিৰ্দেশনা বা নিৰ্দেশনা সেৱাৰ প্ৰয়োজনসমূহ তলত উল্লেখ কৰা হʼল-

১) শিক্ষাৰ্থীৰ সম্পূৰ্ণ বিকাশ সাধনৰ বাবে নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

২) শৈক্ষিক জীৱনৰ বিভ স্তৰত শুদ্ধ আৰু সঠিক সিদ্ধান্ত লʼব পৰাকৈ শিক্ষাৰ্থীক গঢ়ি তোলাত সহায় কৰাৰ বাবেও নি্দেশনা সেৱাৰ প্ৰয়োজন।

৩) শিক্ষাৰ্থীক বিদ্যালয় আৰু ঘৰুৱা পৰিৱেশৰ লগত সুন্দৰভাৱে সমাযোজন কৰিবৰ বাবে সক্ষম কৰি তোলাৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

৪) শিক্ষাৰ্থীৰ বৃত্তিমূখী দিশৰ বিকাশ সাধনৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবেও নিৰ্দেশনা সেৱাৰ  প্ৰয়োজন ।

প্ৰশ্নঃ 10. সাক্ষাৎকাৰৰ উপাদানসমূহ কি কি ?

উত্তৰঃ সাক্ষাতকাৰ প্ৰক্ৰিয়াৰ লগত তিনিটা উপাদান বা দিশ জড়িত হৈ থাকে । যেনে-

১) দুজন ব্যক্তিৰ মুখামুখি সম্পৰ্ক ।

২) ব্যক্তি দুজনৰ ইজনে সিজনৰ লগত যোগাযোগ ৰক্ষা কৰা ।

৩) সাক্ষাৎকাৰৰ উদ্দেশ্য সম্পৰ্কত সচেতন হোৱা ।

প্ৰশ্নঃ 11. সাক্ষাৎকাৰৰ মূল কেন্দ্ৰসমূহ কি কি ?

উত্তৰঃ সাক্ষাৎকাৰৰ মূল কেন্দ্ৰসমূহ কি কি –

১) সাক্ষাৎকাৰ কোনে লʼব।

২) সাক্ষাৎকাৰ কাক লʼব।

৩) সাক্ষাৎকাৰ কেনেকৈ লʼব।

৪) সাক্ষাৎকাৰ কিয় লʼব।

৫) সাক্ষাৎকাৰ কʼত লʼহ।

৬) সাক্ষাৎকাৰ কেতিয়া লʼব।

৭) সাক্ষাৎকাৰত কি সুধিব ।

Essay Type Question Answer: 

প্ৰশ্নঃ 1. নিৰ্দেশনা আহিলা বুলিলে কি বুজা ? ই কেই প্ৰকাৰৰ? প্ৰতিটো প্ৰকাৰৰ ব্যাখ্যা কৰা ?

উত্তৰঃ শিক্ষাৰ্থী তথা ব্যক্তিক উপযুক্ত নিৰ্দেশনা প্ৰদান কৰিবৰ বাবে যিবোৰ আহিলা ব্যৱহাৰ কৰি তেওঁলোকৰ বুদ্ধি, আগ্ৰহ, ৰুচি-অভিৰোচি, মনোভাৱ, অভিক্ষমতা, বুদ্ধি, ব্যক্তিত্ব, শৈক্ষিক কৃতিত্ব,  দক্ষতা, কৌশল সামৰ্থ তথা মানসিক বৈশিষ্ট্যসমূহ পৰিমাপ আৰু মূল্যায়ন কৰা হয় আৰু তাৰ ফলাফলৰ আধাৰতে তেওঁলোকক নিৰ্দেশনা কৰা হয় সেইবোৰকে নিৰ্দেশনাৰ আহিলা বোলা হয় ।  এইবোৰ হৈছে শিক্ষাৰ্থী বা ব্যক্তি সম্পৰ্কীয় প্ৰাথমিক তথ্য সংগ্ৰহৰ প্ৰধান হাথিয়াৰ ।

নিৰ্দেশনাৰ আহিলাবোৰক দুটা শ্ৰেণীত ভাত কৰিব পাৰি । যেনে-

১) প্ৰতিমানীকৃত আহিলা । আৰু

২) অপ্ৰতিমানীকৃত বা প্ৰতিমানীকৰণ নকৰা আহিলা ।

১) প্ৰতিমানীকৃত আহিলাঃ যিবিলাক অভীক্ষা প্ৰতিমানীকৃত প্ৰতিদৰ্শৰ ওপৰত প্ৰয়োজ কৰি উপযুক্ত বুলি বিবেচিত প্ৰশ্নপদেৰে গঠিত, যিবোৰ অভীক্ষাৰ প্ৰয়োগ স্কʼৰ নিৰ্ণয় আদি পূৰ্ব  নিৰ্ধাৰিত নীতি মানি সম্পাদনা কৰা হয়, নৰ্ম বা আদৰ্শ মান নিৰূপণ কৰি ৰখা হয়, আৰু কিছুমান নীতি-নিয়ম ৰচনা কৰি বিধিপুথিত লিপিৱদ্ধ কৰি ৰখা হয় তেনে অভীক্ষাকে প্ৰতিমানীকৃত অভীক্ষা বোলা হয় । প্ৰতিমানীকৃতত আহিলাবোৰক মনোবৈজ্ঞানিক অভীক্ষা বুলিও কোৱা হয় । এনে প্ৰতিমানীকৃত অভীক্ষা বা আহিলাবোৰ হৈছে ।

ক) ব্যক্তিত্বৰ অভীক্ষা।

 খ) কৃতিত্বৰ অভীক্ষা।

গ) আগ্ৰহৰ সূচাসমূহ।

ঘ) বুদ্ধি অভীক্ষা।

ঙ) বিশেষ অভিক্ষমতাৰ অভীক্ষা।

চ) পাৰ্থক্যমূলক অভিক্ষমতাৰ অভীক্ষা । অৱশ্যে এই আহিলাবোৰক বহু সময়ত নিৰ্দেশনা আৰু পৰামৰ্শদানৰ কৌশল বুলিও কʼব পাৰি ।

গতিকে এটা কথা স্পষ্ট যে যিবিলাক আহিলা আৰু কৌশল ব্যৱহাৰ কৰি শিক্ষাৰ্থী তথা ব্যক্তিত  শৈক্ষিক, বৃত্তিমূলক, ব্যক্তিগত, সামাজিক নিৰ্দেশনা আৰু পৰামৰ্শদান কৰা হয় সেইবোৰক নিৰ্দেশনাৰ আহিলা আৰু কৌশল বোলা হয় ।

২) অপ্ৰতিমানীকৃত বা প্ৰতিমানীকৰণ নকৰা আহিলাঃ যিবোৰ আহিলাত প্ৰতিমানীকৰণৰ নিয়মবোৰ মানি  প্ৰস্তুত কৰা নহয় তেনে আহিলাকে অপ্ৰতিমানীকৃত আহিলা বুলি কোৱা হয় । এনে ধৰণৰ আহিলাবোৰ হৈছে  –

ক) সাক্ষাৎকাৰ।

খ) প্ৰশ্নসূচী।

গ) পৰ্যবেক্ষণ।

ঘ) ধাৰাবাহিক পৰিমাপ-পত্ৰ।

ঙ) চিহ্নাংকন সূচী (Chieck List)

চ) ৰেটিং স্কেল (Rating Scale) 

ছ) সমাজমিতি (Sociometry)

জ) আত্ম-জীৱনী (Autobiography

ঝ) জীৱনী কাহিনী নথি (Anecdotal Record)

ঞ) ঘটনা অধ্যায়) Case-study)

প্ৰশ্নঃ 2. গাইগুটায়ী বা ব্যক্তিগত পৰামৰ্শদানৰ সুবিধা-অসুবিধাসমূহ কি কি ?

উত্তৰঃ গাইগুটীয়া বা দলগত পৰামৰ্শদানৰ গুণ বা সুবিধাবোৰ হৈছে-

১) এনে পৰামৰ্শদানত শিক্ষাৰ্থী বা পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিয়ে পৰামৰ্শদাতাৰ ব্যক্তিগত মনোযোগ অধিক পৰিমাণে লাভ কৰিব পাৰে ।

২) ইয়াত শিক্ষাৰ্থী বা ব্যক্তিয়ে নিজৰ সমস্যাবোৰ অকলশৰীয়াকৈ এক নিৰ্জন, নিৰাপদ পৰিৱেশত কেৱল বিশ্বাসসযোগ্য পৰামৰ্শদাতাৰ সন্মুখত প্ৰকাশ কৰাৰ সুযোগ পায় । ফলত শিক্ষাৰ্থীয়ে সঠিক  পৰামৰ্শ লাভ কৰাৰ সুযোগ পায় ।

৩) এনে পৰামৰ্শদানে শিক্ষাৰ্থীৰ আত্মবিশ্বাসৰ ভাৱ বৃদ্ধি আৰু আত্ম-সচেতনতা বৃদ্ধি কৰাত সহায় কৰে ।

৪) এনে পৰামৰ্শদানে শিক্ষাৰ্থীৰ সুস্থ বিকাশৰ পথ প্ৰদৰ্শক কৰে আৰু শিক্ষাৰ্থীক শুদ্ধ সিদ্ধান্ত গ্ৰহণত সহায় কৰে ।

৫) এনে পৰামৰ্শদানে শিক্ষাৰ্থী বা ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন আৰু আকাংক্ষিত লক্ষ্যত  উপনীত হোৱাত সহায় কৰে ।

৬) এনে পৰামৰ্শদানে শিক্ষাৰ্থী বা ব্যক্তিক যিকোনো পৰিৱেশৰ লগত মোকাবিলা কৰি সুস্থভাৱে  সমাযোজন কৰাত সহায় কৰে ।

 ৭) এনে পৰামৰ্শদানৰ জৰিয়তে শিক্ষাৰ্থী বা ব্যক্তি সম্পৰ্কে সঠিক আৰু পৰ্যাপ্ত তথ্য সংগ্ৰহ কৰিব পাৰি ।

৮) শিক্ষাৰ্থী বা ব্যক্তিৰ কিছুমান বিশেষ ব্যক্তিগত সমস্যা সমাধানৰ বাবে এনে পৰামৰ্শদান অধিক উপযোগী ।

গাইগুটায়া বা ব্যক্তিগত পৰামৰ্শদানৰ সীমাৱদ্ধতা বা অসুবিধাঃ

১) এনে পৰামৰ্শদানত অধিক সময় আৰু শ্ৰমৰ প্ৰয়োজন হয় ।

২) এনে পৰামৰ্শদানে শিক্ষাৰ্থী বা ব্যক্তিক এনেধৰণৰ সমস্যাত ভোগা আন শিক্ষাৰ্থীৰ লগত সমস্যাটোৰ সম্পৰ্কত আলোচনা কৰাৰ সুযোগ প্ৰদান নকৰে ।

৩) এনে পৰামৰ্শদান ব্যৱস্থা অতি ব্যয়বহল বা খৰচী ।

৪) এনে পৰামৰ্শদান শিক্ষাৰ্থী বা ব্যক্তিয়ে পৰামৰ্শদাতাজনৰ ওপৰত কিমানবিশ্বাস বা আস্থা ৰাখিব পৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰে ।

প্ৰশ্নঃ 3. নিৰ্দেশনা কৌশল বুলিলে কি বুজা? ই কেই প্ৰকাৰ? যিকোনো এটা প্ৰকাৰৰ বিষয়ে আলোচনা  কৰা ।

উত্তৰঃ যিবোৰ কৌশল অৱলম্বন কৰি শিক্ষা, তথা ব্যক্তিৰ শিক্ষা সম্পাদকীয় বা শৈক্ষিক, বৃত্তিমূলক আৰু ব্যক্তিগত সমস্যাবোৰ সমাধান কৰি ভৱিষ্যৎ সুস্থ সমাযোজিত ব্যক্তি হিচাপে গঢ়ি তোলা আৰু  ভৱিষ্যৎ সুন্দৰ জীৱন-যাপন কৰিব পৰাকৈ নিজক বুলি পোৱা আৰু নিজৰ কেৰিয়াৰ গঢ়ি তোলাত সহায়ক হোৱাকৈ নিৰ্দেশনা বোলা হয় । বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক নিৰ্দেশনা আৰু পৰামৰ্শদানৰ কৰিবৰ বাবে ব্যৱহাৰ কৰা কৌশলবোৰ বৈছে –

১) পৰামৰ্শদান।

ক) গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদান।

খ) দলগত পৰামৰ্শদান।

২) দলগত নিৰ্দেশনা।

৩) ক্লিনিকেল পদ্ধতি বা পন্থা।

নিৰ্দেশনা কৌশলৰ প্ৰকাৰ

নিৰ্দেশনা কৌশলৰ তিনিবিধ কৌশল হৈছে –

১) পৰামৰ্শদান কৌশল (দলগত আৰু ব্যক্তিগত)।

২) দলগত নিৰ্দেশনা কৌশল । আৰু

৩) ক্লিনিকেল পদ্ধতি ।

তলত ইয়াৰে পৰামৰ্শদান কৌশল সম্পৰ্কে আলোচনা কৰা হʼল-

১) পৰামৰ্শদানঃ

পৰামৰ্শদান হৈছে পাৰদৰ্শী ব্যক্তি বা পৰামৰ্শদাতাৰ দ্বাৰা প্ৰয়োজনীয় ব্যক্তিক ব্যক্তিগত পৰিৱেশত  পৰামৰ্শদান কৰা এক বিজ্ঞনসন্মত প্ৰক্ৰিয়া । বিশেষজ্ঞসকলৰ মতে পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰী এই দুই ব্যক্তিৰ মাজত কোনো বিষয় বা সমস্যাৰ ক্ষেত্ৰত পৰামৰ্শদান । ইয়াত  ব্যক্তিগত সমস্যা ভোগা এজন ব্যক্তিয়ে পৰামৰ্শ বিচাৰে আৰু পৰামৰ্শদানকাৰী ব্যক্তিজনে নিজৰ ৱিশিষ্ট জ্ঞান আৰু কাৰ্যকৰী অভিজ্ঞতাৰে পৰামৰ্শ দান কৰে । এই পৰামৰ্শদানক দুটা ভাগত ভগাব পাৰি । সেইবোৰ হৈছে-

ক) গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদানঃ

গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদান হৈছে পৰামৰ্শগাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত মুখামুখী  সম্পৰ্ক স্থাপনৰ জৰিয়তে পৰামৰ্শগ্ৰহণকাৰী ব্যক্তিৰ সমস্যা সমাধানৰ বাবে পৰামৰ্শদাতাই দান কৰা   নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়া ।

শিক্ষণীয় পৰিৱেশত শিক্ষাৰ্থীৰ দে-মানসিক বা সমাযোজনীয় সমস্যা সমাধাৰ বাবে কোনো এজন সমস্যাজড়িত শিক্ষাৰ্থীক পৰামৰ্শদাতাই গাইগুটীয়া বা ব্যক্তিগতভাৱে প্ৰদান কৰা  পৰামৰ্শদানকে পৰামৰ্শদাতাই গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদান বোলা হয় । এনে পৰামৰ্শদানত  নিজাববীয়াকৈ কিছুমান কৌশল আৰু পন্থা অৱলম্বন কৰি পৰামৰ্শদান কৰে । এনে পৰামৰ্শদানত  শিক্ষাৰ্থী বৃদ্ধি, বিকাশ আৰু সমাযোজন সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণ প্ৰয়োজনীয়তা আদিক  অধিক গুৰুত্ব আৰোপ কৰি শিক্ষাৰ্থীক ব্যক্তিগত সমস্যা সমাধানৰ বাবে পৰামৰ্শদান কৰা হয়। গাইগুটীয়া বা ব্যক্তিগত পৰামৰ্শদানত পৰামৰ্শদাতাজনৰ শিক্ষাৰ্থীৰ সমস্যাবোৰ গভীৰভাৱে  বিশ্লেষণ কৰি তেওঁৰ প্ৰতি বিশেষ গুৰুত্ব আপোৰ কৰিব আৰু যতন লʼবলগীয়া হয় । এনে  পৰামৰ্শদান সম্পূৰ্ণ পৰামৰ্শ গ্ৰহণকাৰী (শিক্ষাৰ্থী) কেন্দ্ৰিক প্ৰক্ৰিয়া সেয়ে ইয়াত গোপনীয়তা ৰক্ষা কৰাটো অতি জৰুৰী । ব্যক্তিগত পৰামৰ্শদান তেতিয়াহে কৰা হয় যেতিয়া পৰামৰ্শগ্ৰহণকাৰী ব্যক্তি বা শিক্ষাৰ্থী আৰু পৰামৰ্শদাতাৰ মাজত মনোবিজ্ঞানসন্মত বা পাৰস্পৰিক সম্বন্ধ গঢ়ি উঠে।

ব্যক্তিগত পৰামৰ্শদান পৰামৰ্শ গ্ৰহণকাৰী সম্পৰ্কত সম্পূৰ্ণ গোপনীয়তা বজাই ৰখা হয় ।  এনে পৰামৰ্শদান এডোখৰ নিজান পৰিৱেশত, নিৰাপদ স্থানত আৰু গোপনীয়ভাৱে তেওঁৰ মনোদৈহিক বা সমাযোজনীয় বা সিদ্ধান্ত গ্ৰহণ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে পৰামৰ্শদান আৰু  গ্ৰহণ কৰা হয় । বহুসময়ত দেখা যায় যে পৰামৰ্শ গ্ৰহণকাৰীয়ে লাজ, ভয়, শংকা তথা আনে তেওঁৰ সমস্যাটো জানিলে উদ্ভৱ হʼব পৰা পৰিস্থিতি, পৰিৱেশ বা সমস্যা আদিৰ সন্মুখীন হোৱাৰ ভয়ত নিজৰ সমস্যা খুলি কʼব নিহিচাৰে । য়েনে তেনে ব্যক্তি বা শিক্ষাৰ্থীক তেওঁৰ সকলো কথা গোপনে ৰখাৰ নিশ্চিতি প্ৰদান কৰা আৰু আত্মবিশ্বাস জগাই তোলাৰ পাছতহে তেওঁ সকলো সমস্যা মুক্তভাৱে ব্যক্ত কৰে আৰু তাৰ আলমতে পৰামৰ্শদাতাই কেওঁৰ সমস্যা গভীৰভাৱে অধ্যয়ন কৰিহে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায় । এনে পৰামৰ্শদানক মনোবৈজ্ঞানিক থেৰাপি (Psychological therapy) বুলিও কোৱা হয় ।

দলগত বা দলীয়ভাৱে দিয়া পৰামৰ্শদানঃ

দলগত বা দলীয় নিৰ্দেশনা হৈছে শিক্ষাৰ্থী তথা ব্যক্তিক সামূহিকভাৱে বা দলগতভাৱে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে সহায়ক হোৱাকৈ প্ৰদান কৰা পৰামৰ্শদান ব্যৱস্থা । ই হৈছে দলগতভাৱে প্ৰদান কৰা দৈনন্দিন অভিজ্ঞতা । ই শিক্ষাৰ্থী বা ব্যক্তিক দৈনন্দিন জীৱনত সন্মুখীন হোৱা পৰিৱেশ-পৰিস্থিতিৰ লগত সমাযোজন কৰা আৰু বিকশিত হোৱাত সহায় কৰা একপ্ৰকাৰৰ কাৰ্য। এনে পৰামৰ্শদানত আচৰণৰ সংশোধন, ব্যক্তিগত সম্পৰ্ক বজাই ৰখাৰ কৌশল,মানুহৰ যৌন সম্বন্ধীয় দিশবোৰ, প্ৰমূল্যবোধ আৰু মনোভাৱ আৰু কেৰিয়াৰ সম্বন্ধীয় সিদ্ধান্ত গ্ৰহণ আদি দিশবোৰৰ ওপৰতত অধিক গুৰুত্ব প্ৰদান কৰা হয় । এনে পৰামৰ্শদান  ব্যৱস্থাত শিক্ষাৰ্থী বা ব্যক্তিয়ে আন আন শিক্ষাৰ্থী বা ব্যক্তিৰ সমস্যাবোৰ শুনা আৰু সেইবোৰৰ বিষয়ে আলোচনা কৰাৰ জৰিয়তে জানিব পাৰে। তাৰ উপৰি তেওঁলোকৰ সমস্যা আৰু জটিলতা,আদৰ্শ আৰু মূল্যবোধ যিবোৰ তেওঁলোকে আগতে গ্ৰহণযোগ্য নহয় বুলি ভাবিছিল বা । যিবোৰ গ্ৰহণ কৰিব নালাগিছিল । সেইবোৰৰ বিষয়ে ভালদৰে জানিবলৈ আৰু বুজিবলৈ সক্ষম হয় আৰু প্ৰয়োজন সপক্ষে সেইবোৰ গ্ৰহণ কৰিব পৰাকৈ নিজৰ মানসিকতা গঢ়ি তুলিবলৈ সক্ষম হয় । মুঠৰ ওপৰত দলগত পৰামৰ্শদান হৈছে শিক্ষাৰ্থী তথা ব্যক্তিৰ সাধাৰণ বা একেধৰণৰ  সমস্যাবোৰ দলীয়ভাৱে আলোচনা কৰি সেইবোৰ বুজি উপলব্ধি কৰি তেওঁলোকৰ সমস্যা সমাধানৰ সুস্থ সাযোজনাত সহায়ক হোৱাকৈ সম্পাদন কৰা দলগত কাৰ্য বা নিৰ্দেশনা প্ৰক্ৰিয়া ।

এনে পৰামৰ্শদানৰ বাবে বিশেষ দক্ষ, প্ৰশিক্ষণপ্ৰাপ্ত কৌশলী আৰু অৰ্হতাসম্পন্ন ৰামৰ্শদাতাৰ প্ৰয়োজন ।

ই হৈছে এক গতিশীল আন্তঃব্যক্তিক প্ৰক্ৰিয়া যʼত শিক্ষাৰ্থী তথা ব্যক্তিৰ সাধাৰণ বা  উমৈহতীয়া সমস্যাবোৰ আলোচনা কৰা হয় । ইয়াত সচেতন চিন্তা আৰু আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ই সহনশীলতা, বাস্তৱতাৰ লগত অভিযোজন, পৰিশোধ, পাস্পৰিক বুজাবুজি বা বিশ্বাস আৰু যতন লোৱা, উপলব্ধি কৰা, গ্ৰহণ কৰা আৰু সমৰ্থন কৰা আদি দিশ সম্পৰ্কীয় থেৰাপি কাৰ্যসমূহ অন্তভূক্ত কৰে ।

প্ৰশ্নঃ 4. নিৰ্দেশনা সেৱাৰ সংগঠন কাক বোলে ? ইয়াৰ উদ্দেশ্যসমূহ কি কি ? বিদ্যালয়ত নিৰ্দেশনা বা  নিৰ্দেশনা সেৱাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা ?

উত্তৰঃ নিৰ্দেশনা সেৱা শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা পূৰণৰ লগত জড়িত । বিদ্যালয়ত নিৰ্দেশনা সেৱাৰ সু- সংগঠনৰ জৰিয়তেহে শিক্ষাৰ্থীক একো একোজন উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলা সম্ভৱ হʼব যি সেৱা কাৰ্য বা নিৰ্দেশনা কাৰ্যৰ জৰিয়তে শিক্ষাৰ্থীক নিজক বুজি পোৱা, চিনি পোৱা আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰা হয় । তাকে নিৰ্দেশনা সেৱা হয় বা যি ধৰণৰ নিৰ্দেশনা  সেৱা সংগঠিত কৰা হয় তাকে নিৰ্দেশনা সেৱাৰ সংগঠন বোলা হয় ।

নিৰ্দেশনা সেৱা সংগঠনৰ উদ্দেশ্যঃ

১) শিক্ষাৰ্থীক নিজৰ যোগ্যতা, সামৰ্থ, অভিক্ষমতা, আগ্ৰহ, মনোভাৱ আদিৰ সৈতে পৰিচিত হোৱাত সহায় কৰা ।

২) শিক্ষাৰ্থীক নিজৰ গুণসমূহ উপলব্ধি কৰা, গ্ৰহণ কৰা আৰু সেইবোৰৰ সঠিক ব্যৱহাৰ কৰাত সহায় কৰা ।

৩) শৈক্ষিক আৰু বৃত্তিমূলক দিশৰ সম্ভাৱনীয়তা থকা ক্ষেত্ৰসমূহৰ বিষয়ে জনাত সহায় কৰা ।

৪) শিক্ষাৰ্থীক আত্ম-বিশ্বাস বৃদ্ধি কৰা আৰু স্ফ-নিৰ্দেশিত হোৱাত সহায় কৰা ।

৫) শিক্ষাৰ্থীক নিজৰ সামৰ্থ আৰু সম্ভাৱনীয়তাৰ প্ৰতি দৃষ্টি ৰাখি নিজকে গঢ়ি তোলা তথা এজন উপযুক্ত ব্যক্তি হিচাপে নিজকে গঢ়ি তোলাত সহায় কৰা । 

৬) শিক্ষাৰ্থীয়ে যাতে শৈক্ষিক আৰু বিত্তীয় দিশত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তাৰ বাবে  অভিজ্ঞতা লাভ কৰাত সহায় কৰা ।

বিদ্যালয়ত নিৰ্দেশনা বা নিৰ্দেশনা সেৱাৰ প্ৰয়োজনীয়তাঃ

১) শিক্ষাৰ্থীৰ সম্পূৰ্ণ বিকাশ সাধনৰ বাবে নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

২) শৈক্ষিক জীৱনৰ বিভিন্ন স্তৰত শুদ্ধ আৰু সঠিত সিদ্ধান্ত লʼব পৰাকৈ শিক্ষাৰ্থীক গঢ়ি তোলাত সহায় কৰাৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন।

৩) শিক্ষাৰ্থীক বিদ্যালয় আৰু ঘৰুৱা পৰিৱেশৰ লগত সুন্দৰভাৱে সমাযোজন কৰিবৰ বাবে সক্ষম কৰি তোলাৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

৪) শিক্ষাৰ্থীৰ বৃত্তিমুখী দিশৰ বাকাশ সাধনৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবেও নিৰ্দেশনা সেৱাৰ  প্ৰয়োজন ।

৫) বৃত্তি নিৰ্বাচন কৰা সেই বৃত্তিৰ বাবে প্ৰস্তুত কৰা আৰু উন্নয়ন সাধন কৰাৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ আগবঢ়োৱা আৰু সহায় কৰাৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

৬) শিক্ষাৰ্থীৰ উপযুক্ত অধ্যয়ন কৌশল শিকাই শিক্ষণীয় পৰিৱেশত সন্তোষজনকভাৱে খাপ খাব পৰাকৈ গঢ়ি তোলাৰ বাবেও নিৰ্দেশনাৰ সেৱাৰ প্ৰয়োজন ।

৭) সাম্প্ৰতিক সময়ৰ দ্ৰুত সামাজিক পৰিৱৰ্তন, উদ্যোগিকৰণ, ৰাজনৈতিক পৰিৱৰ্তন, আধুনিকীকৰণ আদিৰ লগত নিজকে বঞ্চিত ৰূপত খাপ খুৱাব পৰাকৈ শিক্ষাৰ্থীক প্ৰস্তুত কৰি তুলিবৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

৮) শিক্ষা আৰু নিয়োগৰ মাজত সমন্বয় ৰক্ষা কৰিব পৰাকৈ উপযুক্ত, দক্ষ, কৌশলী মানৱ সম্পদ গঢ়ি তুলিবৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

৯) সমাজৰ পিছপৰা বা দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীক চিনাক্তকৰণ কৰা আৰু শিক্ষা লাভৰ প্ৰতি তেওঁলোকক ইভিৰোচিত কৰাৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

১০) শিক্ষাৰ ক্ষেত্ৰত হোৱা অপচয় আৰু অনুনলয়নৰ সমস্যা সমাধানৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

১১) শিক্ষাৰ্থীৰ আত্মবিশ্বাস জগাই তুলিবৰ বাবে আৰু সুস্থ জীৱন দৰ্শন গঢ়ি তোলাত সহায়  কৰিবৰ বাবেও নিৰ্দেশনাৰ সেৱাৰ প্ৰয়োজন ।

১২) বিদ্যালয়ৰ বাহিৰত কটোৱা সময়খিনি যাতে শিক্ষাৰ্থীয়ে গঠনমূলকভাৱে কটাব পাৰে তাৰ বাবে দিহা-পৰামৰ্শ দিয়াৰ লগতে সহায় কৰিবৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

১৩) বিদ্যালয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাবোৰ সমাধানৰ বাবে তথা বিদ্যলখনক উপযুক্তভাৱে   আগবঢ়াই নিবৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

১৪) বিশেষভাৱে সক্ষণ আৰু বিশেষভাৱে প্ৰয়োজনযুক্ত শিক্ষাৰ্থীসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ বাবে পৰ্যাপ্ত সুযোগ-সুবিধা আৰু সহায় আগবঢ়াবৰ বাবেও নিৰ্দেশনা সেৱা প্ৰয়োজন ।

১৫) শিক্ষাৰ্থীৰ মাজত গঢ়ি উঠা অনুশাসনহীনতাৰ প্ৰৱণতা হ্ৰাস কৰিবলৈও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন।

১৬) শৈক্ষিক কাৰ্যসূচীবোৰ সু-পৰিকল্পিত, পদ্ধতিগত. বিজ্ঞানসন্মত আৰু বোধগম্য তথা ব্যপক, মনোগ্ৰাহী ও আকৰ্ষণীয় কৰি তুলিবৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

১৭) শিক্ষাৰ লক্ষ্য, আদৰ্শ, পাঠদান পদ্ধতি, বিদ্যলয় সংগঠন আদিৰ ক্ষেত্ৰত অহা নতুনত্ব আৰু পৰিৱৰিতনৰ লগত সমাযোজন কৰি বিদ্যালয়ক আগুৱাই নিবৰ বাবেও নিৰ্দেশনা সেৱাৰ প্ৰয়োজন ।

প্ৰশ্নঃ 5. নিৰ্দেশনা সেৱাৰ প্ৰকাৰসমূহ উল্লেখ কৰা?

উত্তৰঃ বিদ্যালয় বা শিক্ষানুষ্ঠানত সংগঠিত কৰিবলগীয়া নিৰ্দেশনা সেৱাবোৰ হৈছে-

১) অভিযোজন বা অভিবিন্যাস সেৱা।

২) ছাত্ৰ সম্পৰ্কীয় তথ্য সেৱা।

৩) তথ্য সেৱা।

৪) পৰামৰ্শদান সেৱা।

৫) স্থানগত সেৱা।

৬) বিবেচনা সম্বন্ধীয় সেৱা ।

৭) প্ৰতিকাৰমূলক সেৱা।

৮) পুনৰীক্ষণ সেৱা।

৯) অনুসন্ধান বা গৱেষণা সেৱা।

১০) মূল্যায়ন সেৱা ।

প্ৰশ্নঃ 6. স্থানগত সেৱাৰ গুৰুত্বসমূহ কি কি ?

উত্তৰঃ স্থানগত সেৱাই শিক্ষাৰ্থীক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পাৰে । যেনে-

১) ই শিক্ষাৰ্থীক উপযুক্ত বিষয়ত পাণ্ডিত্য লাভৰ সঠিক পথৰ সন্ধান দিয়ে ।

২) ই বিদ্যালয় শিক্ষা সাং কৰাৰ পৰৱৰ্তীসময়ত এক উপযুক্ত স্থানৰ সন্ধান লাভ কৰাত শিক্ষাৰ্থীক সহায় কৰে ।

৩) ই শিক্ষাৰ্থীক বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণে সুবিধা থকা যিকোনো সঠিক আৰু উপযুক্ত সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী নিৰ্বাচন কৰাত সহায় কৰা ।

৪) ই শিক্ষাৰ্থীক কৰ্মভিত্তিক বা চাকৰিভিত্তিক বিষয় নিৰ্বাচনত সহায় কৰে ।

৫) ই শিক্ষাৰ্থীক নহাবিদ্যালয়, বিশ্ববিদ্যালয়, পলিটেকনিকচ বা যিকোনো ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠাত নামভৰ্তিকৰণৰ সুযোগ লাঘ কৰিবলৈ নিজকে সক্ষম কৰি তোলাত সহায় কৰে ।

৬) ই শিক্ষা আৰু প্ৰশিক্ষণ লাভ কৰাৰ পাছত অংশকালীন বা পূৰ্ণকালীন কৰ্মসংস্থান লাভ কৰাৰ বাবে উপযুক্ত পথ-নিৰ্দেশনা দি শিক্ষাৰ্থীক সহায় কৰে ।

৭) স্থানগত সেৱা সকলো শিক্ষাৰ্থীৰ বাবেই উপযোগী । এনে সেৱাই সাধাৰণ, উচ্চ বুদ্ধিসম্পন্ন বা অসাধাৰণ, আৱেগিকভাৱে উদ্বিগ্ন, মানসিক বা বৌদ্ধিক দিশত পিছপৰা আদি সকলোধৰণৰ শিক্ষাৰ্থীকে শৈক্ষিক বা বৃত্তিমূখী ক্ষেত্ৰত নিজৰ ্থান বিচাৰি লোৱাত সহায় কৰে ।

স্থানগত সেৱাৰ সফলতাৰ বাবে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠাৰন শিক্ষক আৰু নিৰ্দেশনা কৰ্মীৰ তথা পৰামৰ্শদাতাৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক বৰ্তাই ৰখা অতি জৰুৰী ।

প্ৰশ্নঃ 7. পুনৰীক্ষণ সেৱা বুলিলে কি বুজা ? পুনৰীক্ষণ সেৱাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ পৰামৰ্শদান কাৰ্যই শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাক সনিতুষ্টি প্ৰদান কৰিছেনে নাই তাক নিশিচিত কৰিবৰ বাবে কৰা পুনৰীক্ষণ বা প্ৰণালীবদ্ধ মূল্যায়নেই হৈছে অনুসৰণ বা পুনৰীক্ষণ সেৱা । ইয়াৰ দ্বাৰা  পৰামৰ্শদাতাই শিক্ষাৰ্থীক নতুন সমস্যা বা পুৰণি আচল সমস্যা পুণৰীক্ষণ প্ৰদান কৰা পাৰি । এনে   সেৱাত শিক্ষাৰ্থীয়ে নিজৰ সামৰ্থ আৰু অভিক্ষমতা অনুসৰি কিমান কৃতিত্ব সঠিকভাৱে নিৰ্বাচন কৰিব পাৰিছে, শিক্ষাৰ্থীয়ে অংশকালীন চাকৰি বা পূৰ্ণকালীন চাকৰিত কেনেদৰে সমাযোজন কৰিব পাৰিছে এই দিশবোৰ বিবেচনা কৰা হয় ।

এনে সেৱাত সাক্ষাৎকাৰ, পষ্টকাৰ্ড অনুসন্ধান আৰু প্ৰশ্নসূচী কৌশল ব্যৱহাৰ কৰা হয় ।  কিন্তু এনে কৌশলৰ সমস্যাও আছে । উদাহৰণস্বৰূপে সাক্ষাৎকাৰৰ জৰিয়তে লাভ কৰা তথ্যবোৰ  শুদ্ধ আৰু বৈধ হয় যদিও এই ব্যৱস্থা অধিক খৰচী আৰু ইয়াত অধিক সময়ৰ প্ৰয়োজন হয় ।  পষ্টকাৰ্ড অনুসন্ধান কৌশল সহজ আৰু কম খৰচী; কিন্তু ইয়াৰ পৰা লাভ কৰা ফলাফল তেনেই সীমিত আৰু ইয়াৰ বৈধতাও কম । প্ৰশ্নসূচী বিতৰণৰ জৰিযতে যথেষ্টসংখ্যক তথ্য সংগ্ৰহ কৰিব পাৰি যদিও ইয়াৰ কিছুমান প্ৰশ্নৰ উত্তৰ বহতে নিদিযাকৈও থাকিব পাৰে । সেয়ে ইয়াৰ জৰিয়তে নিৰ্ভৰযোগ্য তথ্য আহৰণ কৰিব নোৱাৰি । গতিকে শিক্ষাৰ্থী বা কৰ্মস্থানত কৰ্মীৰ লগত সাক্ষাৎকাৰৰ জৰিয়তেহে পুনৰীক্ষণ কৌশল বৰ্তাই ৰাখিব পাৰি ।

পুনৰীক্ষণ সেৱাৰ গুৰুত্বঃ

১) এনে কাশলৰ জৰিয়তে পাঠ্যক্ৰমৰ সংশোধন সাধন কৰিব পাৰি ।

২) ই শিক্ষাদন পদ্ধতিৰ উন্নতি সাধনত সহায় কৰে ।

৩) ইযাৰ সহাযত বিদ্যালয় আৰু সমাজৰ মাজত সু-সম্পৰ্ক বৰ্তাই ৰাখিব পাৰি ।

৪) ই নিৰ্দেশনা সেৱাৰ মূল্য আৰু গুৰুত্ব বৃদ্ধিত সহায় কৰে ।

৫) এনে সেৱাৰ জৰিয়তে পূৰ্বৰ অসন্তুষ্টিৰ কাৰণবোৰ জনাত সহায় কৰে আৰু সেই অসন্তুষ্টিৰ  কাৰণবোৰ হাস কৰাত সহায় কৰে ।

৬) ই কেনেকৈ, কেতিয়া, ক’ত অতিৰিক্ত সেৱাৰ বাবে প্ৰস্তুতি চলাব পাৰি তাক নিৰ্ধাৰণ কৰাত সহায় কৰে ।

৭) ই সাংস্কৃতিক, অৱসৰ-বিনোদন আকু সামাজিক সেৱাৰ কাৰ্যসূচীৰ বাবে সুন্দৰভাৱে পৰিকল্পনা কৰাত সহায় কৰে ।

প্ৰশ্নঃ 8. পৰামৰ্শদান সেৱাৰ তিনিদফীয়া ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ বিদ্যালয়ত বা শিক্ষানুষ্ঠানত পৰামৰ্শদান সেৱাৰ সংগঠনৰ ক্ষেত্ৰত তিনিদফীয়া ব্যৱস্থা গ্ৰহণ কৰা  হয় । এইকেইটা হৈছে-

১) কেন্দ্ৰীকৰণ বা কেন্দ্ৰীভূত পৰামৰ্শদান সেৱা ।

২) বিকেন্দ্ৰীকৰণ বা বিকেন্দ্ৰীভূত পৰামৰ্শদান সেৱা।

৩) মিশ্ৰিত ধৰণৰ পৰামৰ্শ সেৱা ।

১) কেন্দ্ৰীকৰণ বা কেন্দ্ৰীভূত পৰামৰ্শদান সেৱাঃ

এই ধৰণৰ পৰামৰ্শদান সেৱাত পৰামৰ্শদাতাগৰাকীয়েই মুখ্য ভূমিকা পালন কৰিব লাগে ।  পৰামৰ্শদান সেৱা বা কাৰ্যৰ সামূহিক দায়িত্ব তেওঁতে কেন্দ্ৰীভূত হৈ থাকে । এনে পৰামৰ্শদান সেৱাত পৰামৰ্শদাতাজনেই বা পৰামৰ্শদান কাৰ্যৰ সফল সমাধানৰ বাবে প্ৰয়োজন হোৱা নিৰ্দেশনাসূচী, নিয়মাৱলী সকলো যুগুত কৰিব লাগে আৰু সেইবোৰ শিক্ষকক বিতৰণ কৰিব লাগে । এনে পৰামৰ্শদান সেৱাত হোৱাটো অত্যন্ত দৰুৰী । তেওঁ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হোৱা  দৰকাৰ।

২) বিকেন্দ্ৰীকৰণ বা বিকেন্দ্ৰীভূত পৰামৰ্শদান সেৱাঃ

এই ধৰণৰ পৰামৰ্শদান সেৱাত শিক্ষক আৰু পৰামৰ্শদাতাৰ মাজত নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্য   সম্পাদন কৰিবৰ বাবে বা পৰিচালনা কৰিবৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ দায়িত্ব পৰামৰ্শদাতা আৰু শিক্ষকৰ মাজত ভাগ কৰি লোৱা হয় । অৱশ্যে এনে ব্যৱস্থাত শিক্ষকজনেহে মুখ্য আৰু সক্তিয় ভূমিকা পালন কৰিব লাগে ।

৩) মিশ্ৰিত ধৰণৰ পৰামৰ্শ সেৱাঃ

এনে পৰামৰ্শদান সেৱাত দায়িত্বসমূহ ভাগ কৰি দিয়া হয় । কিছুমান দায়িত্ব বিশেষ ব্যক্তি অৰ্থাৎ পৰামৰ্শদাতাই পালন কৰিব লাগে, কিছুমান দায়িত্ব শিক্ষকে, কিছুমান দায়িত্ব প্ৰধান শিক্ষকে আৰু  কিছুমান দিয়িত্ব নিৰ্দেশনা কমিটিৰ সদস্যসকলেও পালন কৰিবলগীয়া হয় । এনেধৰণৰ মিশ্ৰিত  সেৱা সম্পৰ্কত সেয়ে ক্ৰ আৰু ক্ৰয়ে কৈছে-

“Services are organized in such a way what the purposes of programme are understood by the entire faculty. Certain responsibilities are delegated to the  specialists and others are assumed by the teachers and others members of the  school personnel.”  মুঠৰ ওপৰত এনে পৰামৰ্শদান সেৱা ব্যৱস্থা কেন্দ্ৰীভূত আৰু বিকেন্দ্ৰীত  পৰামৰ্শদান সেৱাৰ এক সংমিশ্ৰিত ৰূপ বুলিহে ক’ব পাৰি ।

প্ৰশ্নঃ 9. সাক্ষাৎকাৰৰ সুবিধা-অসুবিধাসমূহ কি কি ?

উত্তৰঃ  সাক্ষাৎকাৰৰ সুবিধাঃ

১) ই কথা পতাৰ জৰিয়তে চিন্তা হ্ৰাস কৰাত সহায় কৰে ।

২) ই নেতিবাচক অনুভৱ আৰু দৃষ্টিভংগী নাইকীযা কৰাত সহায় কৰে ।

৩) ই পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত সু-সম্পৰ্ক গঢ়ি উঠাৰ জৰিয়তে পৰামৰ্শ  গ্ৰহণকাৰীক সমস্যা সমাধানৰ প্ৰতি উৎসাহিত কৰে ।

৪) ই শিক্ষা অন্তঃদৃষ্টিৰ বিকাশ সাধনত সহায় কৰে ।

৫) ই শিক্ষাৰ্থীক বা ব্যক্তিক বুজি উঠাত সহায় কৰে ।

৬) ইয়াত সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ সহজ ।

৭) ইয়াৰ জৰিয়তে সাধানণ কথা-বতৰাৰ মাজতেই প্ৰাকৃতিকভাৱে তথ্য বিনিময় কৰিব পাৰি ।

৮) নিৰক্ষৰ লোকৰ ক্ষেত্ৰতো সাক্ষাৎকাৰ পদ্ধতি প্ৰয়োগ কৰিব পাৰি ।

৯) সাক্ষাৎকাৰ সহজে পৰিচালনা কৰিব পাৰি ।

১০) যিকোনো পৰিৱেশ পৰিস্থিতিতে সাক্ষাৎকাৰ পদ্ধতি ব্যৱহাৰ কৰিব পাৰি ।

সাক্ষাৎকাৰৰ অসুবিধাঃ  

১) ই এক ব্যক্তিনিষ্ঠ প্ৰক্ৰিয়া । সেয়ে ইয়াৰ দ্বাৰা শিক্ষা বী বা ব্যক্তি সম্পৰ্কত বহু সময়ৰ  সঠিক তথ্য সংগ্ৰহ কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

২) সাক্ষাৎকাৰৰ এক কৃত্ৰিম পৰিৱেশত গ্ৰহণ কৰা হয় ।

৩) সাক্ষাৎকাৰৰ জৰিয়তে সৰু সুৰা সমস্যাবোৰহে সমাধান কৰিব পাৰি।

৪) বহুসময়ত সাক্ষাৎকাৰৰ পৰা পোৱা ফলাফল ব্যখ্যা কৰাতো জটিল হৈ পৰে ।

৫) বহ সময়ত পৰামৰ্শ গ্ৰহণকাৰীয়ে সকলো কথা খুলাখুলিকৈ বা মুক্তভাৱে ব্যক্ত নকৰিবও পাৰে ।

প্ৰশ্নঃ 10. মনোবৈজ্ঞানিক অভীক্ষা বুলুলে কি বুজা ? ই কেই প্ৰকাৰৰ ? প্ৰতিটো প্ৰকাৰৰ আভাস দিয়া?

উত্তৰঃ এজন ব্যক্তি বা এটা দলৰ উচ্চ পৰ্যায়ৰ মানসিক গুণসমূহ, যেনে- বৃদ্ধি আৰ্জিত জ্ঞাত, কৌশল  অথবা ব্যক্তিত্বৰ আন কোনো বৈশিষ্ট্যক পৰিমাপ কৰিবৰ বাবে কিছুমান প্ৰশ্নমালা ব্যৱহাৰ কৰা  হয়, যাক অভীক্ষা বোলা হয় । অভিক্ষাৰ দ্বৰা ব্যক্তিৰ আচৰণ বা সংলক্ষণৰ যিকোনো এটা দিশকহে পৰিমাপ কৰিব পাৰি । ব্যক্তিৰ আয়চৰণ বা সংলক্ষণক বা বৈশিষ্ট্যসমূহ বিজ্ঞানসন্মত  ভাৱে পৰিমাপ কৰা আহিলাসমূহকে মনোবৈজ্ঞানিক অভীক্ষা বোলা হয় । অৰ্থাৎ বিজ্ঞানসন্মত ভাৱে ব্যক্তিৰ বুদ্ধি, আৰ্জিত জ্ঞান, দক্ষতা, কৌশল, ব্যক্তিত্বৰ বৈশিষ্ট্য আদিক পৰিমাপ কৰিবৰ  বাবে ব্যৱহাৰ কৰা আহিলাসমূহৰ যিখিনি গুণ থাকিব লাগে সেইখিনি সূচাব পৰাকৈ গঠন কৰা অভীক্ষাকে মনোবৈজ্ঞানিক অভীক্ষা বোলা হয় ।

মনোবৈজ্ঞানিক অভীক্ষা সম্পৰ্কত বিখ্যাত মনোবিদ এফ. এছ. ফ্ৰিমেনে মত পোষণ কৰে  যে- “মনোবৈজ্ঞানিক অভীক্ষা হৈছে ভাষামূলক বা ভাষাহীন প্ৰতিক্ৰিয়াৰ নমুনা বা আন আচৰৰ সহায়ত ব্যক্তিত্বৰ এক বা একাধিক দিশ বস্তুনিষ্ঠভাৱে পৰিমাপ কৰাৰ এবিধ প্ৰতিমানীকৃত আহিলা । “(Psychological test is a standardized instrument designed to measure objectively one or more aspects of a total personality by means of samples of  verbal or non-verbal responses, or by means of other behaviours.”)

মনোবৈজ্ঞানিক অভীক্ষাৰ প্ৰকাৰঃ

মনোবৈজ্ঞানিক অভীক্ষাসমূহক বিভিন্ন শ্ৰেণীত শ্ৰেণীভুক্ত কৰা হৈছে । সেইমতে তলত আলোচনা  কৰা হ’ল –

১) বুদ্ধি অভীক্ষাঃ বিভিন্ন বয়সৰ ব্যক্তিৰ বুদ্ধি বা সাধাৰণ মানসিক ক্ষমতা পৰিমাপ কৰিবৰ বাবে ব্যৱহাৰ কৰা অভীক্ষাকে বুদ্ধি অভীক্ষা বোলা হয় । বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা  অভীক্ষাবোৰৰ ভিতৰত ১৯০৫ চনত প্ৰস্তুত কৰা বিনে চাইমন অভীক্ষাই হৈছে প্ৰথম বুদ্ধি অভীক্ষা । বৰ্তমান পৃথিৱীৰ বিভিন্ন ঠাইত বিনে চাইমন অভীক্ষাৰ বিভিন্ন সংস্কৰণ প্ৰস্তুত হৈ  উঠিছে । এই সংস্কৰণবোৰৰ উপৰি বুদ্ধি পৰিমাপমৰ বাবে ৱেছলাৰ বুদ্ধি অভীক্ষা, আৰ্মি আলফা অভীক্ষা আৰু আৰ্মি বিটা অভীক্ষা বিশেষভাৱে উল্লেখযোগ্য ।

২) আগ্ৰহী অভীক্ষাঃ যি আভীক্ষাৰ দ্বাৰা ব্যক্তিৰ আগ্ৰহৰ প্ৰকৃতি আৰু মাত্ৰা পৰিমাপ কৰা হয় তেনে  অভীক্ষাকে আগ্ৰহৰ অভীক্ষা বোলা হয় । শিক্ষাৰ্থীৰ শিক্ষা আৰু বৃত্তিগত সাফল্য লাভত সহায় কৰিবৰ বাবে শিক্ষাৰ্থীৰ আগ্ৰহৰ প্ৰকৃতি জানিবৰ বাবে নিৰ্ভৰযোগ্য আগ্ৰহৰ অভীক্ষা প্ৰস্তুত কৰা হয় । ট্ৰঙৰ অকেশ্যনেল ব্লাংক অভীক্ষা, কুডাৰৰ প্ৰিফাৰেন্স ৰেকৰ্ড আদি উল্লেখযোগ্য  আগ্ৰহৰ  অভীক্ষা ।

৩) বিশেষ অভিক্ষমতাৰ অভীক্ষাঃ ব্যক্তিৰ বিশেষ অভিক্ষমতা সম্পৰ্কে জানিবৰ বাবে ব্যৱহাৰ কৰা  অভীক্ষাকে বিশষ অভিক্ষমতা অভীক্ষা বুলি কোৱা হয় । বিশেষ অভিক্ষমতা অভীক্ষাবোৰৰ  ভিতৰত যন্ত্ৰমূলক অভিক্ষমতা অভীক্ষা, আইন সংক্ৰাম্তীয় অভিক্ষমতা অভীক্ষা, কেৰাণী চাকৰিৰ দক্ষতা সংক্ৰাম্তীয় অভিক্ষমতা অভীক্ষা, চাৰুকলা সংক্ৰান্তীয় অভিক্ষমতা অভীক্ষা আদি উল্লেখযোগ্য।

৪) পাৰ্থক্যমূলক অভিক্ষমতা অভীক্ষাঃ যি অভীক্ষাৰ দ্বাৰা ব্যক্তিৰ যুক্তি ক্ষমতা, স্থান প্ৰত্যক্ষণ ক্ষমতা  সংখ্যা জ্ঞান ক্ষমতা আদি বিভিন্ন ধৰণৰ অভিক্ষমতা পৰিমাপ কৰা হয় তাকে পাৰ্থক্যমূলক অভিক্ষমতা অভীক্ষা বোলা হয় ।

৫) মনোভাৱব অভীক্ষাঃ শিক্ষাৰ্থী বা ব্যক্তিয়ে নিজ পৰিৱেশৰ বিভিন্ন বস্তু, ঘটনা, ধৰণা আৰু বৈশিষ্ট্যৰ  প্ৰতি কেনেধৰণৰ মনোভাৱ গঢ়ি তোলা সেই সম্পৰ্কে পৰিমাপ কৰা অভীক্ষাকে মনোভাৱৰ অভীক্ষা  বোলা হয় । মনোভাৱ পৰিমাপ কৰিবৰ বাবে বৰ্তমান বহুতো মনোভাৱৰ অভীক্ষা প্ৰস্তুত হৈ উঠিছে । যেনে- নিকাৰ্ট স্কেল, থাৰ্ল্টোনৰ স্কেল আদি ।

৬) ব্যক্তিত্ব অভীক্ষাঃ ব্যক্তি তথা শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিভিন্ন বৈশিষ্ট্য বা সংলক্ষণসমূহ পৰিমাপ কৰিবৰ  বাবে যি অভীক্ষা ব্যৱহাত কৰা হয় তাকে ব্যক্তিত্ব অভীক্ষা বোলা হয় । এই প্ৰকাৰৰ অভীক্ষাৰ দ্বাৰা ব্যক্তিৰ সামাজিকতা, সততা, দায়িত্ববোধ, শ্ৰমশীলতা আদি বৈশিষ্ট্যসমূহৰ বিকাশ লাভ কিমান হৈছে তাক পৰিমাপ কৰা হয় । ব্যক্তিত্ব পৰিমাপনৰ বাবে ব্যক্তিত্বৰ প্ৰশ্নৱলী, ৰেটিং স্কেল,ৰ’ৰছাকৰ মহী চিহ্ন অভীক্ষা, কাহিনী সংবোধন অভীক্ষা, বাক্য সম্পূৰ্ণ অভীক্ষা, অনুসংগ অভীক্ষা ইত্যাদি কিছুমান উল্লেখযোগ্য অভীক্ষা আছে ।

৭) কৃতিত্বৰ অভীক্ষাঃ যিবোৰ অভীক্ষা পাৰদৰ্শী অভীক্ষা প্ৰস্তুতকাৰীয়ে কোনো বিষয়ৰ শিক্ষাৰ নিৰ্দিষ্ট স্তৰৰ বাবে নিৰ্ধাৰিত অংশ সাৱধানে বিচাৰ বিশেষণ কৰি আৰু মনোবৈজ্ঞানিক অভীক্ষা নিৰ্মাণৰ  সকলো নীতি-নিয়ম অনুসৰণ কৰি স্তুত কৰে তেনে অক্ষীক্ষাবোৰক প্ৰতিমানীকৃত শৈক্ষিক কৃতিত্বৰ  অভীক্ষা বোলা হয় । এনে অভীক্ষাৰ নিৰ্ভৰযোগ্যতা, বৈধতা নিৰ্যয় কৰা অভীক্ষা প্ৰয়োগ আৰু   স্ক’ৰ নিৰ্ণয়ৰ ক্ষেত্ৰত উপযুক্ত নিৰ্দেশ দিয়াৰ লগতে পদ বিশ্লেষণৰ দ্বাৰা পদসমূহৰ কঠিনতাৰ ভৰ আৰু পাৰ্থক্য নিৰ্ণায়ক ক্ষমতাও নিৰ্ণয় কৰি দায়া হয় । এনে অভীক্ষা প্ৰতিমানীকৃত দলৰ স্ক’ৰ   বিভাজনৰ লগত তুলনা কৰিব পৰাকৈ বয়স নৰ্ম বা দুয়োটা নিৰ্ধাৰণ কৰি ৰখা হয় । কিছুমান  নিৰ্বাচিত বিশেষ দক্ষ ব্যক্তিৰ সহায়ত কিছুমান নিৰ্দিষ্ট তথা নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰণ কৰি  প্ৰস্তুত কৰা প্ৰশ্নকাকতৰ জৰিয়তে লোৱা অভীক্ষা বা পৰীক্ষাক প্ৰতিমানীকৃত পৰীক্ষা বা অভীক্ষা  বোলা হয় । এনে অভীক্ষাৰ প্ৰশ্ন পদসমূহ বজাৰতো কিনিবলৈ পোৱা যায় ।

প্ৰশ্নঃ 10. সাক্ষাৎকাৰ বুলিলে কি বুজা ? সাক্ষাৎকাৰৰ প্ৰকাসমূহ কি কি ?

উত্তৰঃ সাক্ষাতকাৰ দুই ধৰণেৰে গ্ৰহণ কৰিব পাৰি; যেন-দলগত সাক্ষাৎকাৰ আৰু ব্যক্তিগত সাক্ষাৎকাৰ । কেইবাজনো পৰীক্ষাৰ্থীক একেলগে মাতি আৰু এজন বা কেইবাজনো পৰীক্ষকে গ্ৰহণ কৰা সাক্ষাৎকাৰক দলগত সাক্ষাৎকাৰ বোলা হয় । ঠিক সেইদৰে এজন বা কেইবাজনো পৰীক্ষকে  এজন এজনকৈ পৰীক্ষাৰ্থীক মাতি নি লোৱা সাক্ষাৎকাৰক ব্যক্তিগত সাক্ষাৎকাৰ বোলা হয় ।

সাক্ষাৎকাৰৰ প্ৰকাৰ (Types of Counselling)

ব্যক্তিক উপযুক্ত পৰামৰ্শ প্ৰদানৰ বাবে সাক্ষাৎকাৰৰ ব্যৱহাৰ কৰা হয় । এই সাক্ষাৎকাৰ বিভিন্ন ধৰণৰ। তলত সেইসমূহ উল্লেখ কৰা হ’ল-

১) মূল্যায়নকাৰী বা কৰ্মসংস্থান সাক্ষাৎকাৰঃ এনে সাক্ষাৎকাৰ কোনো এটা কৰ্ম সংস্থাপনৰ বাবে   এজন ব্যক্তি যোগ্য হয়/নহয় তাক নিৰ্ধাৰণ কৰিবৰ বাবে গ্ৰহণ কৰা হয় । এনে সাক্ষাৎকাৰত যিটো কাম বা চাকৰিৰ কাৰণে লোৱা হয় সেই চাকৰিটোৰ লগত জড়িত প্ৰশ্নহে সোধা হয় ।

২) চিনাক্তকৰণ সাক্ষাৎকাৰঃ এনে সাক্ষাৎকাৰৰ জৰিয়তে সাৎকাৰ দিয়া ব্যক্তিজনৰ ঘৰ আৰু পৰিৱেশৰ অৱস্থা সম্পৰ্কে জানিব বিচৰা হয়।

৩) পৰিচয়মূলক সাক্ষাৎকাৰঃ এনে সাক্ষাৎকাৰ চিনাকি হ’বৰ বাবে লোৱা হয়, যাৰ বাবে এক বন্ধুত্বসুলভ পৰিৱেশ সৃষ্টি কৰা হয় । এনে সাক্ষাৎকাৰে পাৰস্পৰিক বুজাবুজি বৃদ্ধিত আৰু ভৱিষ্যতে পুনৰ সাক্ষাত হ’লে চিনি পোৱাত সহায় কৰে ।

৪) তথ্যমূলক্ষ সাক্ষাৎকাৰঃ এনে সাক্ষাৎকাৰ পৰামৰ্শদাতাই পৰামৰ্শ গ্ৰহণকাৰীক তেওঁ সম্পৰ্কত, তেওঁ বিভিন্ন অভীক্ষাত প্ৰদৰ্শন কৰা দক্ষতা আৰু তাৰ ফলাফলৰ ব্যাখ্যা সম্পৰক্ত তথ্য যোগানৰ বাবে অনুষ্ঠিত কা হয় ।

৫) অনুসন্ধানমূলক সাক্ষাৎকাৰঃ এনে সাক্ষাৎকাৰ শিক্ষাৰ্থী বা ব্যক্তিৰ সমস্যা উদগাটনৰ কাৰণে অনুষ্ঠিত কৰা হয় । ইয়াত সমস্যাটোৰ ওপৰতহে অধিক গুৰুত্ব দি সমস্যাটোৰ কাৰণ, উৎস আদিবোৰ জানিবলৈ বিচৰা হয় ।

৬) অনিশাসনমূলক সাক্ষাৎকাৰঃ অনুশাসনমূলক সাক্ষাৎকাৰক প্ৰশাসনমূলক সাক্ষাৎকাৰ বুলিও  কোৱা হয় । এনে সাক্ষাৎকাৰত শিক্ষাৰ্থীৰ অনুশাসনহীনতাৰ কাৰণ উদ্ভাৱন কৰা আৰু শিক্ষাৰ্থীক মাযোজিত বা অনুশাসিত হ’বলৈ আচৰণৰ পৰিৱৰ্তন সাধন কৰাত সহায় কৰিবৰ বাবে লোৱা হয় । এনে সাক্ষাৎকাৰক কাৰণ উদ্ভাৱন আৰু চিকিৎসামূলক সাক্ষাৎকাৰ বুলিও কোৱা হয় ।

৭) পৰামৰ্শদান সাক্ষাৎকাৰঃ সাক্ষাৎকাৰ হৈছে পৰামৰ্শদানৰ এক অতি গুৰুত্বপূ্ণ আহুলা আৰু  কৌশল । ই হৈছে পৰানৰ্শদান প্ৰক্ৰিয়াৰ হৃদয় স্বৰুপ । অৰ্থাৎ সাক্ষাৎকাৰ অবিহনে পৰামৰ্শদান কাৰ্য সম্পাদন কৰাতো অসম্ভৱ । ইয়াৰ দ্বাৰা পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত মুখামুখি সম্পৰ্ক বৰ্তাই ৰাখি নিৰ্দেশনা আৰু পৰামৰ্শদান কৰা আৰু গ্ৰহণ কৰা কাৰ্য সম্পাদিত হয় । এই প্ৰক্ৰিয়াৰ দ্বাৰা পৰামৰ্শ গ্ৰহণকাৰী শিক্ষাৰথী বা ব্যক্তি আত্মোপলব্ধি কৰিব পৰাকৈ  ন্তঃদৃষ্টি লাভ কৰাত সহায় কৰা হয় । ইয়াৰ এটা সুবিধা হৈছে ই অতি কম সময়ৰ ভিতৰতে  শিক্ষাৰ্থী বা ব্যক্তিৰ লগত হোৱা কথোপকথনৰ জৰিয়তে অধিক তথ্য সংগ্ৰহ কৰাত সহায় কৰে । পৰামৰ্শদান সাক্ষাৎকাৰ সম্পৰ্কত ৰুথ্ ষ্ট্ৰং এ কৈছে, “The interview is the heart of the counseling process to which other techniques are contributory.”

এৰিকছনৰ (Erikson) মতে, “A counseling interview is a person-to-person relationship in which one individual with problems of needs turns to another person for assistance.”

প্ৰশ্নঃ 11. পৰ্যবেক্ষণ বুলিলে কি বুজা ? ই কেই প্ৰকাৰৰ? ব্যাখ্যা কৰা?

উত্তৰঃ পৰ্যবেক্ষণ হৈছে ব্যক্তিত্ব মূল্যায়নৰ এক পুৰণি পদ্ধতি । ই হৈছে ব্যক্তিত্ব পৰিমাপন তথা মূল্যায়নৰ  এক সুস্থ কৌশল । এই পদ্ধতিৰ জৰিয়তে অভিজ্ঞ, দক্ষ আৰু বিশেষ ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত  অভীক্ষাকে অভীক্ষাৰ্থীৰ ব্যক্তিত্ব পৰিমাপন কৰিব লগীয়া আটাইবিলাক সংলক্ষণ নিৰীক্ষণ আৰু  মূল্যায়ন কৰে । ইয়াত ব্যক্তিৰ বাহ্যিক ক্ৰিয়া আচৰণবোৰ অভীক্ষকে নিজ চকুৰে দেখি আৰু নিজ   কাণেৰে শুনি সংগ্ৰহ কৰা গ্ৰহণযোগ্য আৰু নিৰ্ভৰযোগ্য তথ্যপাতিৰ ওপৰত ভিত্তি কৰিহে অভীক্ষাৰ্থীৰ ব্যক্তিত্বৰ মূল্যায়ন কৰিবলৈ যত্ন কৰে ।

পৰ্যবেক্ষণৰ প্ৰকাৰঃ (types of Observation) পৰ্যবেক্ষণ পদ্ধতিক কেইবাটাও ভাগতভাগ কৰিব  পাৰি । এই কেইটা হ’ল-

১) নিয়ন্ত্ৰিত পৰ্যবেক্ষণ।

২) অনিয়ন্ত্ৰিত পৰ্যবেক্ষণ।

৩) অংশ গ্ৰহণকাৰী পৰ্ষবেক্ষণ।

৪) অনা  অংশগ্ৰহণকাৰী পৰ্ষবেক্ষণ ।

১) নিয়ন্ত্ৰিত পৰ্যবেক্ষণঃ (Controlled Observation) শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থী ৰ বিভিন্ন আচৰণ অধ্যন কৰিবৰ বাবে এক নিয়ন্ত্ৰিত পৰিৱেশ সৃষ্টি কৰা হয় । এনে পৰিবেশত তেওঁলোকক একোটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিছুমান নিৰ্ধাৰিত সমস্যা সমাধান কৰিবলৈ দিয়া হয়। সেই সমস্যাবোৰ    সমাধান কৰোতে তেওঁলোকে শাৰীৰিক-মানসিক দিশৰ আচৰণসমূহ নিৰীক্ষণ কৰি যি তথ্য   সংগ্ৰহৰ ব্যৱস্থা কৰা হয় তাকে নিয়ন্ত্ৰিত পৰ্যবেক্ষণ বোলা হয় ।

২) অনিয়ন্ত্ৰিত পৰ্যবেক্ষণ (Uncontrolled Observation): শিক্ষাৰ্থীক মুক্তভাৱে নিয়ন্ত্ৰিত পৰিবেশৰ বাহিৰত ৰাখি তেওঁলোকৰ আচৰণসমূহৰ অধ্যয়ন কৰি যি তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হয় তাকে অনিয়ন্ত্ৰিত পৰ্যবেক্ষণ বোলা হয় । এনে পৰ্যবেক্ষণৰ সহায়ত সংগৃহীত তথ্যৰে শিক্ষাৰ্থীক মূল্যায়ন  কৰি পৰামৰ্শদানৰ ব্যৱস্থা কৰা হয় ।

৩) অংশ গ্ৰহণকাৰী পৰ্ষবেক্ষণ (Participant Observation) : এই পৰ্যবেক্ষণত পৰ্যবেক্ষকজন তথা  শিক্ষাৰ্থীক পৰ্যবেক্ষণ কৰোতে শিক্ষকে শিক্ষাৰ্থীৰ লগতে এজন নিচিনকৈ ব্যৱহাক কৰি অৰ্থাৎ তেওঁলোকৰ লগত বন্ধুত্বভাৱে বিভিন্ন কাৰ্যত যেনেঃ খেলা-ধূলা, একেলগে ফুৰাচকা কৰা বিভিন্ন  কাৰ্যসূচীত অংশ গ্ৰহণ কৰা আদি কাৰ্যৰ জৰিয়তে তেওঁলোকক বুজিবলৈ চেষ্টা চলায় । এই  সময়ছোৱাত পৰ্যবেক্ষক তথা শিক্ষকে লগৰীয়া হিচাপে আৰু পৰ্যবেক্ষকৰূপে দুটা অতি গুৰুত্বপূৰ্ণ   ভূমিকা পালন কৰিবলগীয়া হয় . যেতিয়া পৰ্যবেক্ষণ কৰিব লগা দলটোক শিক্ষাৰ্থীসকলে পৰ্যবেক্ষক  বা শিক্ষকক নিজৰ বন্ধুসকলৰ মাজৰে এজন হিচাপে গ্ৰহণ কৰে তেতিয়া তেওঁলোকে দ্বিধাহীনভাৱে   নিজৰ সকলো ব্যৱহাৰ প্ৰদৰ্শন কৰে । তেনেক্ষেত্ৰত পৰ্যবেক্ষণৰ কাৰ্যকাৰিতাই বহু পৰিমাণে   সাৰ্থকৰপপে পাবলৈ সক্ষম হয় ।

৪) অনা অংশগ্ৰহণকাৰী পৰ্ষবেক্ষণঃ পৰ্যবেক্ষণত পৰ্যবেক্ষক বা শিক্ষকে পৰ্যবেক্ষণ কৰিবলগীয়া দলটো বা শিক্ষাৰ্থীৰ আচৰণ দূৰৈৰ পৰা পৰ্যবেক্ষণ কৰে তাকে অনা অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ  বোলা হয় । এনে পৰ্যবেক্ষণত পৰ্যবেক্ষক বা শিক্ষক গৰাকী যাতে পৰ্যবেক্ষণ কৰিবলগীয়া দলটো  শিক্ষাৰ্থীৰ দৃষ্টিগোচৰ নহয় তেনে স্থানত অৱস্থান কৰিব লাগে । অন্যথা পৰ্যবেক্ষকৰ উপস্থিতিয়ে  তেওঁলোকৰ ব্যৱহাৰৰ ওপৰত প্ৰভাৱ পেলাব আৰু তেওঁলোকে স্বতঃস্ফুৰ্তভাৱে তেওঁলোকৰ ব্যৱহাৰ প্ৰদৰ্শন  নকৰিব । ফলত পৰ্যবেক্ষণৰ কাৰ্যকাৰিতা নিম্নগামী হ’ব । সেয়ে পৰ্যবেক্ষকে বেৰৰ জুলুঙা বা ক’লা আইন লগোৱা কোঠালী ব্যৱহাৰ কৰিব লাগে যাতে তেওঁক বাহিৰৰ পৰা কোনেও দেখা   নাপায় । 

প্ৰশ্নঃ 12. সমাজমিতি পদ্ধতিৰ সুবিধা-অসুবিধাসমূহ কি কি ?

উত্তৰঃ সমাজমিতি পদ্ধতিৰ ব্যৱহাৰ বা সুবিধাঃ

১) সমাজমিতি পদ্ধতিক এটা শ্ৰেণী বা এক দলৰ সদস্যসকলৰ মাজৰ সম্বন্ধৰ বিষয়ে জানিবৰ  বাবে ব্যৱহাৰ কৰা হয় ।

২) ই সমনীয়া দলৰ মাজৰ গ্ৰহণযোগ্যতাৰ বিষয়ে এখন সুন্দৰ ছবি দাঙি ধৰে ।

৩) ই বন্ধু মহলত নিজৰ সন্তানৰ ভাল লগা বা বেয়া লগা বন্ধুৰ স্থান সম্পৰ্কে জনাত পিতৃ-মাতৃ তথা অভিভাৱকক সহায় কৰে ।

৪) ইয়াক দলৰ বাবে নেতাৰ কাৰ্য আৰু নেতৃত্বৰ প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত আৰু নেতাক দলৰ কৰ্যভাৰ দিয়াৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় ।

৫) এই পদ্ধতিয়ে দলৰ অন্য সদস্যৰ পৰা প-থকে থকা সদস্যৰ সমাযোজন ক্ষমতা উন্নতি সাধন কৰা আৰু সিহঁতৰ মাজৰ পাৰস্পৰিক সম্বন্ধৰ উন্নতি সাধন কৰাত বিশেষভাৱে সহায় কৰে ।

৬) শিক্ষকক শিক্ষাৰ্থীৰ কাৰ্য সম্পাদন আৰু তেওঁলোকৰ পছন্দৰ সম্বন্ধৰ ওপৰত ভিত্তি কৰি বিভিন্ন বন্ধুত্বপূৰ্ণ দলত ভাগ কৰাত সহায় কৰে ।

৭) ইয়াক শিক্ষাৰ্থীৰ মাজত সহ-সম্বন্ধৰ সামৰ্থ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত আৰু কিছুমান ভাল কামৰ  কাৰণে একেলগে কাম কৰিবলৈ সামৰ্থ্যবান কৰি তুলিবৰ বাবে উপদেশ দিয়াৰ ক্ষেত্ৰতো ব্যৱহাৰ  কৰা হয় ।

সমাজমিতি পদ্ধতিৰ অসুবিধাঃ

১) সমাজমিতি পদ্ধতিৰ জৰিয়তে সীমিত সংখ্যক তথ্যহে সংগ্ৰহ কৰিব পাৰি ।

২) ইয়াৰ জৰিয়তে কোনো এজন ছাত্ৰ বা ছাত্ৰী কিয় সকলোৰে প্ৰিয় আৰু কোনো এজনক আকৌ কিয় সকলোৱে বেয়া পায় তাৰ সঠিক উত্তৰ পাব পৰা নাযায় । 

৩) সমাজমিতি পদ্ধতিৰ দ্বাৰা সংগ্ৰহ কৰা তথ্যই দলৰ সদস্য সকলৰ মাজত কেনেদৰে  পাৰস্পৰিক সম্বন্ধক উন্নতে সাধিব পাৰিব তাৰ কোনোধৰণৰ পৰামৰ্শ নিদিয়ে ।

৪) ই বহু সময়ত অকলশৰীয়া ছাত্ৰ-ছাত্ৰীৰ মনোবৈজ্ঞানিক কাৰণ সম্পৰ্কীয় দিশটোক অধ্যয়ন কৰাত ব্যৰ্থ হয় ।

৫) ইয়াৰ পৰিসৰ তেনেই সীমিত ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ পৰাহে তথ্য সংগ্ৰহ কৰিব পাৰি ।  

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top