Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান

Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Guidance and Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান Question Answer can be of great value to excel in the examination.

Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান

Join Telegram channel

Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান Notes cover all the exercise questions in UGC Syllabus. The Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Guidance and Counselling

EDUCATION

GUIDANCE AND COUNSELLING

নিৰ্দেশনা আৰু পৰামৰ্শদান

Very short Question Answer)

প্ৰশ্নঃ 1. Principle of Guidance গ্ৰন্থখনৰ লেখক কোন? 

উত্তৰঃ এ জে জোনছ্ (A.J. Jones) এ লিখিছে । 

প্ৰশ্নঃ 2.‘Guiding Youth in the Secondary School’ গ্ৰন্থখন কাৰ? 

উত্তৰঃ চিছম্ (Chisholm) এ ৰচনা কৰিছিল । 

প্ৰশ্নঃ 3.‘Guidance, policy and practice’ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ হেমৰিন (Hamrin) আৰু চি এফ এৰিকছন । 

প্ৰশ্নঃ 4. Guidance in public Secondary School’ গ্ৰন্থখন কোনে লিখিছিল? 

উত্তৰঃ এ ই ট্ৰেক্সলাৰ (Dr. AE Traxler) এ লিখিছিল । 

প্ৰশ্নঃ 5. Guidance Methods for Teacher গ্ৰন্থখনৰ লেখক কোন? 

উত্তৰঃ ক্লাৰেন্স্ চি ডানছমাৰ (Clarence C. Dunsmoor) আৰু লিঅ’নাৰ্ড এম মিলাৰ । 

প্ৰশ্নঃ 6. নিৰ্দেশনাৰ এটা প্ৰকৃতি/বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ নিৰ্দেশনাৰ এটা প্ৰকৃতি/বৈশিষ্ট্য –

(১) নিৰ্দেশনা এক শিশুকেন্দ্ৰিক প্ৰক্ৰিয়া । 

Short Question Answer: 

প্ৰশ্নঃ 1. নিৰ্দেশনাৰ যিকোনো এটা সংজ্ঞা দিয়া ? 

উত্তৰঃ এ জে জোনছ্ (A.J. Jones) এ তেওঁৰ গ্ৰন্থ ‘Principle of Guidance ত কৈছে, “সমস্যা সমাধান আৰু সমাযোজন কৰি জীৱনৰ উদ্দেশ্য সাধনৰ বাবে এজন ব্যক্তিয়ে আন এজন ব্যক্তিক কৰা সহায় যি ব্যক্তিক উদ্দেশ্য সাধন কাৰ্যত প্ৰকৃত পন্থা নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে ।

(Guidance is the personal help that is given by one person to another in Developing life goals, in making adjustments and in solving problems, that confront him in the attainment of goals.)

প্ৰশ্নঃ 2. নিৰ্দেশনাৰ অৰ্থ কি? 

উত্তৰঃ নিৰ্দেশনা হৈছে ব্যক্তিক ব্যক্তিগত প্ৰয়োজন পূৰণ আৰু সামাজিৰ সমাযোজনাত সহায় কৰা এক প্ৰক্ৰিয়া, যিটো ব্যক্তিৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত প্ৰয়োজন হয় । সেয়ে নিৰ্দেশনা বুলি ক’লে শিক্ষাৰ্থীভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তত কৰি তুলিবৰ বাবে, সামাজিক প্ৰস্থিতি উন্নত কৰিবৰ বাবে, নিজৰ যোগ্যতা আৰু সামৰ্থ, বুদ্ধি, মানসিক ক্ষমতা, ব্যক্তিত্বৰ বিশেষত্ব, নিজৰ আৰ্থ-সামাজিৰ আৱস্থা আৰু প্ৰয়োজন সম্পৰ্কে জ্ঞান লাভ কৰিবৰ বাবে আগবঢ়োৱা সহায়কহে বুজা যায় । ই ব্যক্তিৰ দেহ-মানসিক শক্তি, সামৰ্থ আৰু সমস্যাসমূহৰ উপলব্ধি আৰু সমাধানৰ উপায় উদ্ভাৱন কৰি লোৱাত সহায় কৰা এক সাহায়্যমূলক প্ৰক্ৰিয়ী । ই শিশু তথা ব্যক্তিৰ ভৱিষ্যৎ জীৱনৰ গতিপথ উপযুক্তভাৱে গঢ়া লোৱাত আৰু তেওঁলোকক উপযুক্ত সামাজিক তথা উৎপাদনক্ষম ব্যক্তি হিচাপে গঢ়ি তোলাত সহায় কৰে । 

প্ৰশ্নঃ 3. নিৰ্দেশনাৰ পাঁচটা প্ৰকৃতি/বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ নিৰ্দেশনা কৃতি/বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা ধৰণৰ- 

(১) নিৰ্দেশনা এক শিশুকেন্দ্ৰিক প্ৰক্ৰিয়া । 

(২) নিৰ্দেশনাই শিক্ষাৰ কিছুমান নিৰ্দিষ্ট লক্ষ্য পূৰণত সহায় কৰে । 

(৩) এ হৈছে ব্যক্তিগত সেৱা; যি শিশু তথা ব্যক্তিক নিজৰ সমস্যা নিজে সমাধান কৰাত সহায় কৰে ।

(৪) ই হৈছে বিশেষীকৰণ আৰু সাধাৰণীকৰণ সেৱা । 

(৫) ই এক সংগঠিত সেৱা; ই বিশেষ উদ্দেশ্য, বিশেষ ব্যক্তি, বিশেষ সা-সঁজুলি, প্ৰয়োজনীয় কৌশলগত জ্ঞান, বিশেষ নিৰ্দেশনা প্ৰদান সংস্থা আদি সংগঠন কৰে ।

প্ৰশ্নঃ 4. নিৰ্দেশনাৰ পৰিসৰ উল্লেখ কৰা ? 

উত্তৰঃ নিৰ্দেশনাৰ পৰিসৰৰ অন্তৰ্গত সাধাৰণ দিশবোৰ বা বিষয়বস্তুবোৰ হৈছে –

(১) শাৰীৰিক স্বাস্থ্য ।

(২) গৃহ সমস্যা । 

(৩) অৱসৰ সময়ৰ সমস্যা ।

(৪) ব্যক্তিত্বৰ সমস্যা ।

(৫) বিদ্যালয় বা শৈক্ষিক সমস্যা ।

(৬) বৃত্তিমূলক সমস্যা ।

(৭) ধৰ্মীয় আৰু নৈতিৰু দিশ ।

(৮) গণতান্ত্ৰিক আৰু ৰাজনীতি ।

(৯) বিবাহ আৰু যৌনতাৰ সমস্যা ।

(১০) বৃদ্ধাৱস্থাৰ সমস্যা ।

প্ৰশ্নঃ 5. নিৰ্দেশনাৰ চাৰিটা লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে আলোচনা কৰা? 

উত্তৰঃ নিৰ্দেশনাৰ চাৰিটা লক্ষ্য আৰু উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল- 

(১) শিক্ষাৰ্থী তথা ব্যক্তিকব্যক্তিগত আৰু দলীয় নিৰ্দেশনা প্ৰদানৰ জৰিয়তে শৈক্ষিক, বৃত্তীয়,ব্যক্তিগত আৰু সামাজিক সমস্যাসমূহ সমাধান কৰাত সহায় কৰা । 

(২) শিক্ষাৰ্থী তথা ব্যক্তিক নিজস্ব গুণবোৰ মূল্যায়ন কৰা আৰু উপযুক্ত বয়সত জীৱন দৰ্শন গঢ়ি তোলাত সহায় কৰা । 

(৩) শিক্ষাৰ্থী তথা ব্যক্তিৰ মাজত সহযোগিতাৰ ভাব জগাই তোলাত সহায় কৰা । 

(৪) সন্তুষ্টি লাভৰ জৰিয়তে সামাজিক স্বীকৃতি লাভ কৰিব পৰাকৈ ভৱিষ্যৎ জীৱনৰ এক সুষ্ঠিৰ লক্ষ্য নিৰ্ধাৰণ কৰা আৰু সেই লক্ষ্যত উপনীত হ’বৰ বাবে প্ৰয়োজনীয় আঁচনি যুগুত কৰাত সহায় কৰা ।

প্ৰশ্নঃ 6. নিৰ্দেশনাৰ পাঁচটা প্ৰয়োজনীয়তা বা আৱশ্যকতা উল্লেখ কৰা । 

উত্তৰঃ নিৰ্দেশনাৰ প্ৰয়োজনীয়তা বা আৱশ্যকতাবোৰ হৈছে- 

(১) শিক্ষাৰ্থী তথা ব্যক্তিক কোনো সমস্যা নোহোৱাকৈ জ্ঞান আহৰণৰ অৰ্থে সামৰ্থ আৰু কৌশল আহৰৰ সহায় কৰাৰ বাবে ।

(২) শিক্ষাৰ্থী তথা ব্যক্তিৰ নিজস্ফ ক্ষমতা আৰু সামৰ্থৰ বিশয়ে জনাত সহায় কৰিবৰ বাবে সেইবোৰ সৃজনাত্মক কাৰ্যত প্ৰয়োগ কৰাৰ প্ৰকৃত পথ নিৰ্বাচন কৰাত সহায় কৰিবৰ বাবে।

(৩) শিক্ষাৰ্থী তথা ব্যক্তিসকলক দেহ-সানসিক শক্তি, সামৰ্থ আৰু  সমস্যাসমূহৰ উপলব্ধি আৰু সমাধানৰ উপায় উদ্ভাৱন কৰি লোৱাত সহায় কৰিবৰ বাবে । 

(৪) শিক্ষাৰ্থী ততা ব্যক্তিক বুদ্ধি, মানসিক সামৰ্থ, বিশেষ সামৰ্থ, মানসিক ক্ষমতা, ব্যক্তিত্বৰ বিশেষত্ব আৰু নিজস্ব আৰ্থ-সামাজিক অৱস্থা তথা প্ৰয়োজন সম্পৰ্কে জ্ঞান লাভ কৰাত সহায় কৰাৰ বাবে ।

(৫) পৰিৱৰ্তিত সামাজিক জীৱন প্ৰক্তিয়াই সৃষ্টি কৰা জটিল অৱস্থাসমবহৰ লগত সমাযোজন স্থাপন কৰাত সহায় কৰিবৰ বাবে ।

প্ৰশ্নঃ ৭. নিৰ্দেশনাৰ যিকোনো তিনিটা সংজ্ঞা দিয়া । 

উত্তৰঃ এ জে জোনছ্(A.J.Jones) এ তেওঁৰ গ্ৰন্থ ‘Principle of Guidance ত কৈছে, “সমস্যা সমাধান আৰু সমাযোজন কৰি জীৱনৰ উদ্দেশ্য সাধনৰ বাবে এজন ব্যক্তিয়ে আন এজন ব্যক্তিক কৰা সহায় যি ব্যক্তিক উদ্দেশ্য সাধন কাৰ্যত প্ৰকৃত পন্থা নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে । (Guidance is the personal help that is given by one person to another in developing life goals, in making adjustment and in solving problems, that confront him in the attainment of goals.)

প্ৰ’কটৰ মতে, “নিৰ্দেশনা হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তি বা ব্যক্তিৰ সমষ্টিক বিদ্যালয়ৰ বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশৰ লগত যথোপযুক্ত সমাযোজন সাধন   কৰিবলৈ সহায় আগবঢ়োৱা হয় । (Guidance is a process through which an individual or groups of individuals are helped to make necessary adjustment to the   environment-inside or outside the School.) ক্ৰ আৰু ত্ৰুৰ মতে (Crow and Crow), নিজৰ জীৱনৰ বিভিন্ন কাৰ্যসমূহ সুন্দুৰভাৱেসম্পন্ন কৰিবলৈ, নিজৰ দৃষ্টিভংগীৰ বিকাশ গঠাবলৈ, নিজৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰিবলৈ আৰু  নিজৰ জীৱনৰ দায়িত্ব নিজে পালন কৰিবলৈ যিকোনো বয়সৰ ব্যক্তিগতভাৱে যোগ্য আৰু  উপযুক্তভাৱে প্ৰশিক্ষণপ্ৰাপ্ত পুৰুষ বা মহিলাৰ দ্বাৰা এজন ব্যক্তিক যি সহায়-সাহাৰ্য বা দিহা- পৰামৰ্শ দিয়া হয় তাকে নিৰ্দেশনা বোলা হয় । (Guidance is assistance made available  by personally qualified and adequately trained men or women to an individual of  any age to help to manage his own life activities, develop his own point of view, make his own decisions and carry his own burdens.)

প্ৰশ্নঃ 8. নিৰ্দেশনাৰ পাঁচটা নীতি উল্লেখ কৰা ।

উত্তৰঃ নিৰ্দেশনাৰ পাঁচটা নীতি হৈছে-

(১) ব্যক্তিৰ শক্তি, সামৰ্থ, ক্ষমতা, প্ৰয়োজন আদিৰ ক্ষেত্ৰত থকা ব্যক্তিগত বৈষম্যৰ ওপৰত ভিত্তি কৰিহে নিৰ্দেশনাৰ কৰ্ম আঁচনি প্ৰস্তুত কৰা হয় ।

(২) নিৰ্দেশনাই শিক্ষাৰ্থীক নিজকে বুলি পোৱাত সহায় কৰাৰ লগতে বৰ্তমানৰ শৈক্ষিক সুবিধাসমূহ আৰু নিজৰ শক্তি সামৰ্থসমূহ অধ্যয়ন কৰাত সহায় কৰে ।

(৩) নিৰ্দেশনা এক অবিৰত গতিশীল প্ৰক্ৰিয়া যি শিক্ষাৰ্থীৰ সমগ্ৰ শৈক্ষিক জীৱনৰ লগত জড়িত । অৰ্থাৎ শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিৰ্দেশনাৰ প্ৰয়োজন হয় ।

(৪) নিৰ্দেশনাই শিক্ষাৰ্থীক সামাজিক আৰু ব্যক্তিগত সমাযোজন ঘটোৱা, উপযুক্ত বিষয় নিৰ্বাচন আৰু ভৱিষ্যৎ জীৱনৰ বাবে কৰ্মপন্তা নিৰ্বাচন কৰাত সহায় কৰে ।

(৫) নিৰ্দেশনা এক সমূহীয়া দায়িত্ব য’ত বিদ্যালয়ে এক গুৰু দায়িত্ব পালন কৰিব লাগে ।

প্ৰশ্নঃ 9. দলগত নিৰ্দেশনাৰ পাঁচটা উদ্দেশ্য দাঙি ধৰা ?

উত্তৰঃ  দলগত নিৰ্দেশনাৰ উদ্দেশ্যসমবহ হ’ল-

(১) দলৰ বা শ্ৰেণীকক্ষত সকলোৰে সাধাৰণ সমস্যাবোৰ চিনাক্তকৰণ কৰা, সাধাৰণীকৰণ কৰা সেইবোৰ আলোচনা কৰা ।

(২) শিক্ষকক দলীয় বা সমূহীয়াভাৱে শিক্ষাৰ্থীৰ সমস্যাবোৰ প্ৰত্যক্ষ কৰা আৰু সেইবোৰ সমাধানৰ বাবে উপায় উদ্ভাৱন কৰাত সহায় কৰা ।

(৩) শিক্ষাৰ্থীক ন্তৃত্বৰ প্ৰশিক্ষণ দিয়াত সহায় কৰা ।

(৪) শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা জটিল সমস্যাবোৰৰ প্ৰতি মনোযোগ দিয়া আৰু সেইবোৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাত শিক্ষকক সহায় কৰা।

(৫) শিক্ষাৰ্থীৰ মনোভাব আৰু আচৰণৰ পৰিৱৰ্তন সাধন কৰাত সহায় কৰা ।

প্ৰশ্নঃ 10. দলগত নিৰ্দেশনাৰ পাঁচটা গুৰুত্বব কি কি ?

উত্তৰঃ দলগত নিৰ্দেশনাৰ গুৰুত্ববোৰ হৈছে –

(১) এনে নিৰ্দেশনা কম সময়ৰ ভিতৰত এক বৃহৎ বা একো একোটা সৰু দলক একে সময়তে প্ৰদান কৰিব পাৰি । সেয়ে ইয়াক মিতব্যয়ী ব্যৱস্থা বুলিও ক’ব পাৰি । কিয়নো এনে  নিৰ্দেশনাত শিক্ষক বা পৰামৰ্শদাতাক কম শ্ৰম আৰু কম সময়ৰ প্ৰয়োজন হয় ।

(২) এনে নিৰ্দেশনাই বহু শিক্ষাৰ্থীৰ লগত সম্পৰ্ক বজাই ৰখাত আৰু তেওঁলোকৰ সমূহীয়া আৰু সাধাৰণ সমস্যাবোৰ আলোচনা কৰাত সহায় কৰে ।

(৩) এনে নিৰ্দেশনাই নতুনকৈ বিদ্যালয়কৈ অহা শিক্ষাৰ্থীক বিদ্যালয় পৰিৱেশৰ লগত সমাযোজন কৰাত সহায় কৰে ।

(৪) এনে নিৰ্দেশনাই শিক্ষাৰ্থীৰ ব্যক্তিগত বা দলগত সমস্যাবোৰ সমাধান কৰা বা সন্মুখীন হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মনোভাব আৰু আচৰণৰ উন্নতি সাধন আৰু পৰিৱৰ্তত সহায়  কৰে ।

(৫) এনে নিৰ্দেশনাই নতুনকৈ বিদ্যালয়লৈ অহা শিক্ষাৰ্থীক বিদ্যালয়খনৰ ইতিহাস, পৰম্পৰা, শৈক্ষিক দিশত প্ৰয়োগ কৰিবলগীয়া নীতি-নিয়ম, শৃংখলাৱদ্ধতা, শিক্ষাৰ্থীৰ ব্যক্তিগত আৰু সামাজিৰ জীৱন, বিদ্যালয়ৰ সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ লগতে বিভিন্ন ধৰণৰ পাঠ্যক্ৰমিক কাৰ্যাৱলী আৰু বিষয়ভিত্তিক কাৰ্যাৱলীৰ বিষয়ে ভালদৰে জনাত সহায় কৰে ।

প্ৰশ্নঃ 11. চমু টোকা লিখাঃ

উত্তৰঃ (১) ব্যক্তিগত নিৰ্দেশনাঃ ব্যক্তিৰ ব্যক্তিগত সম্ভাৱনীয়তাৰ লগত জড়িত দিশবোৰৰ উপযুক্ত বিকাশ  সাধনৰ বাবে প্ৰদান কৰা নিৰ্দেশনাকে ব্যক্তিগত নিৰ্দেশনা বোলা হয় । ব্যক্তিগত নিৰ্দেশনাই  শিক্ষাৰ্থী তথা ব্যক্তিত গ্যক্তিগত দিশবোৰ, যেনে-অন্তনিহিত শক্তি, আৱেগিক সমাযোজন, মনো- আৱেগিক সম্বন্ধ, যিবোৰে শিক্ষাৰ্থী তথা ব্যক্তিৰ বিকাশত সহায় কৰে আৰু এই ক্ষেত্ৰত সহায় কৰা দিশবোৰ অন্তৰ্ভুক্ত কৰে । ব্যক্তিগত নিৰ্দেশনাই শিক্ষাৰ্থী তথা ব্যক্তি তথা ব্যক্তিৰ  মনোবৈজ্ঞানিক অস্বাভাৱিকতা, মানসিক সংঘাত, অপসমাযোজন আৰু হীনমন্যতা আদিৰ পৰা শিক্ষাৰ্থী তথাব্যক্তিক মুক্ত কৰি ৰখাত সহায় কৰে । সামাজিক পৰিবেশত শিক্ষাৰ্থী তথা সুস্থ  ব্যক্তিত্ব বিকাশৰ ব্যক্তিগত আৰু সামাজিক দ্শবোৰৰ মাজত সুস্থ সমন্বয় সাধন হ’ব লাগিব ।  ইয়াৰ বাবে মনোবৈজ্ঞানিক নিৰ্দেশনাৰ প্ৰয়োজন । ব্যক্তিগত নিৰ্দেশনা শিক্ষাৰ্থী তথা ব্যক্তিৰ  প্ৰাথমিক মনোবৈজ্ঞানিক প্ৰয়োজন; যেনে- মৰম, সহানুভুতি, পৰিচয়, নিৰাপত্তা, বাসস্থান আদিৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ যুগুত কৰা হয় । ইয়াৰ মুখ্য উদ্দেশ্য হৈছে শিক্ষাৰ্থী তথা ব্যক্তিৰ চাৰিত্ৰিক গুণৰ বিকাশ আৰু পৰিবেশৰ লগত সুস্থ সমাযোজন কৰিব পৰা দক্ষতাৰ বিকাশ  ঘটোৱা ।

(২) সামাজিক নিৰ্দেশনাঃ ভৌতিক আৰু সামাজিক পৰিৱেশৰ ৱগত শিক্ষাৰ্থী ততা ব্যক্তিয়ে সমাযোজন  কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সকলোধৰণৰ আৱেগিক আৰু মনোবৈজ্ঞানিক সমস্যা সমাধান কৰি  সুস্থভাৱে সমাযোজন কৰিবৰ বাবে যি নিৰ্দেশনা প্ৰদান কৰা হয় তাকে সামাজিক নিৰ্দেশনা বুলি কোৱা হয় ।

সামাজিক নিৰ্দেশনা মনোবৈজ্ঞানিক বা সমাযোজনমূলক নিৰ্দেশনা বুলিও কোৱা হয় । এই  নিৰ্দেশনাই ভৌতিক আৰু সামাজিক পৰিবেশৰ লগত সমাযোজন কৰাত আৰু সকলোধৰণৰ আৱেগিক আৰু মনোবৈজ্ঞানিক সমস্যা সমাধান কৰাত শিক্ষাৰ্থী তথা ব্যক্তিক সহায় কৰে । ই শিক্ষাৰ্থী তথা ব্যক্তিক সামাজিকভাৱে সুস্থ সমযজিত কৰি গঢ়ি তোৱাৰ লগতে শিক্ষাৰ্থী তথা  ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিত্ব বিকাশ সাধনত সহায় কৰে ।

শিক্ষাৰ্থী তথা ব্যক্তি ডাঙৰ হৈ অহাৰ লগে লগে সংগতি বিধানৰ ক্ষেত্ৰত ব্যক্তিগত আৰু  সামাজিক সমস্যাৰ সন্মুখীন হয় । শিক্ষাৰ্থী তথা ব্যক্তি এটা বাঢ়ি অহাৰ লগে লগেই তেওঁলোকে  বিভিন্নধৰণৰ জ্ঞানমূলক আৰু প্ৰক্ষোভমূলক অভিজ্ঞতা অৰ্জন কৰে । সেই জ্ঞানক মানসিক  সংগঠনৰ সৈতে সমন্বয় সাধন কৰি শিক্ষাৰ্থী তথা ব্যক্তি মানসিক স্বাস্থ্য বজাই ৰখাটো অতি  প্ৰয়োজন । আধুনিক দ্ৰুত পৰিৱৰ্তনশীল সমাজত শিক্ষাৰ্থী তথা ব্যক্তিৱে সকলো সময়তে ব্যক্তিগত  সমাযোজন কাৰ্য সুস্থভাৱে সম্পন্ন কৰিব নোৱাৰে । এনে শিক্ষাৰ্থী  তথা ব্যক্তিৱে সিহঁতৰ চাৰিওফালৰ সমাজৰ নানা ব্যক্তি আৰু শক্তিৰ লগত সংগতি বিধান কৰোৱাব লাগে । শিক্ষাৰ্থী  তথা ব্যক্তিৰ সুস্থ সমাজ-জীৱনৰ বাবে এই সমাযোজন বা সংগতিবিধান অপৰিহাৰ্য । কিন্তু আধুনিক জটিল সমাজত সুস্থভাৱে সমাযোজন কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয় । এনে সমস্যা সমাধান কৰি সমাজৰ লগত শিক্ষাৰ্থী তথা ব্যক্তিৰ সুস্থ সমাযোজন সাধনৰ বাবে  নিৰ্দেশনাৰ আতি প্ৰয়োজন ।

(৩) শিক্ষামূলক বা শৈক্ষিক নিৰ্দেশনাঃ শিক্ষাৰ্থীৰ অন্তনিৰ্হিত সামৰ্থ, ক্ষমতা, আগ্ৰ, ৰুচি-অভিৰোচি, অভিক্ষমতা, মানসিক শক্তি, ব্যক্তিত্বৰ সংলক্ষণ আৰু আকাংক্ষা আদিৰ ক্ষেত্ৰত থকা ব্যক্তিগত  বৈষম্যৰ প্ৰতি লক্ষ্য ৰাখি কোনবোৰ শিক্ষণীয় তথা বিশেষ বিষয় নিৰ্বাচন কৰিব লাগে, কোনবোৰ বিশেষ বিষয় তেওণৰ বাবে উপযোগী হʼব আৰু ভৱিষ্যতৰ বাবে উপযু্ক্ত আৰু ফলপ্ৰসূ হʼব তেনে বিষয় নিৰ্বাচন কৰিবৰ বাবে প্ৰদান কৰা নিৰ্দেশনাকে শিক্ষামূলক বা শৈক্ষিক নিৰ্দেশনা বুলি কোৱা হয়।

এই নিৰ্দেশনাই শিক্ষাৰ্থী তথা ব্যক্তিৰ অন্তনিৰ্হিত সামৰ্থ, আগ্ৰহ ব্যক্তিত্বৰ সংলক্ষণ আৰু  আকাংক্ষা অনুসৰি বিভিন্ন শিক্ষণীয় বিষয়ৰ মাজৰ পৰা বিষয় নিৰ্বাচ কৰি লʼবৰ বাবে প্ৰদান  কৰা হয় । ই ব্যক্তিগত পাৰ্থক্য অনুসৰি বিভিন্ন লগত শিক্ষাৰ্থী তথা ব্যক্তিক সমাযোজন কৰাত সহায় কৰে ।

শৈক্ষিক নিৰ্দেশনাৰ মুখ্য লক্ষ্য হৈছে কোনবোৰ বিশেষ বিশয় শিক্ষাৰ্থী তথা ব্যক্তিৰ বাবে  উপযোগী হ’ব আৰু শিক্ষাৰ্থী  তথা ব্যক্তিক ভৱিষ্যৎৰ বাবে উপযুক্ত কৰি তুলিব পাৰিব সেই  সম্পৰ্কে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া । প্ৰত্যেক শিক্ষাৰ্থী তথা ব্যক্তিৱেই বিভিন্ন মানসি শক্তি, আগ্ৰহ  ও দক্ষতা লৈ জন্মগ্ৰহণ কৰে । বুদ্ধিৰ ক্ষেত্ৰতো শিক্ষাৰ্থী তথা ব্যক্তিৰ মাজত পাৰ্থক্য বদ্যমান; সেয়ে সকলো বিষয় শিক্ষিত তথা ব্যক্তিৰ বাবে সমানে উপযোগী নহয় । বুদ্ধিৰ বাহিৰেও অন্যান্য বিশেষধৰ্মী মানসিক শক্ৰি ক্ষেত্ৰতো শিক্ষাৰ্থী তথা ব্যক্তিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় । এই ব্যক্তিগত পাৰ্থক্যৰ বাবেই প্ৰত্যেক শিক্ষাৰ্থী তথা ব্যক্তিৰ শিক্ষাৰ বিষয় বেলেগ বেলেগ হোৱা উচিত । বুদ্ধি আৰু মানসিক শক্তি অনুযায়ী কোনোবা শিক্ষাৰ্থী তথা ব্যক্তিৰ বাবে সাহিত্যমূল  বিষয় উপযোগী, কাৰোবাৰ বাবে কালিকৰী বিষয়, যান্ত্ৰশিল্প বা অন্য যিকোনো বিষয় উপযোগী  হʼব পাৰে । গতিকে যেনে শিক্ষাৰ্থী তথা ব্যক্তিয়ে যি বিষয়ৰ প্ৰতি অভিক্ষমতা বা সামৰ্থ থাকে তেনে বিষয় অধ্যয়ন কৰিলেহে উপকৃত হʼব । যি শিক্ষাৰ্থীৰ ভাষামূলক মানসিক শক্তি বা মানসিক শক্তি থাকে তেওঁক সাহ্ত্যৰ বিষয়, যাৰ সংখ্যামূলক বিশেষ মানসিক শক্তি থাকে তেনে  শিক্ষাৰ্থী তথা ব্যক্তিক গণিতধৰ্মী বিষয়ৰ শিক্ষা দিলে অধিক উপকৃত হʼব । আধুনিক মনোবিজ্ঞানৰ ব্যপক পৰীক্ষা-নিৰীক্ষাৰ পৰা প্ৰমাণিত হৈছে যে শিক্ষাৰ্থীৰ মানসিক শক্তি আৰু আগ্ৰহ অনুযায়ী বিষয় নিৰ্বাচন কৰিলেহে তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ হʼব।

প্ৰশ্নঃ 12. প্ৰাক্-বিদ্যালয় স্তৰক শৈক্ষিক নিৰ্দেশনাৰ পাঁচটা কাৰ্যাৱলী ব্যাখ্যা কৰা ।

উত্তৰঃ (১) শিশুক সুস্থ আু নিৰাপদ পৰিৱেশত তেওঁলোকৰ ৰুচি-অভৰুচি, আগ্ৰহ আনুসৰি স্বতঃস্ফুৰ্ত বিকাশ সাধনৰ সুবিধা প্ৰদান কৰিব লাগে ।

(২) সু-সংগঠিত আনুষ্ঠানিক পৰিৱেশত ঘৰুৱা আৰু বিদ্যালয়ৰ বাতাবৰণ সৃষ্টি কৰি শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । তদুপৰি ঘৰুৱা আৰু বিদ্যালয় পৰিৱেশত সুস্থভাৱে সমাযোজন কৰিব পৰাকৈ শিশুক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

(৩) শিশুৰ শাৰিৰীক, মানসিক, সামাজিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ গঠনাত্মক খেলা-ধূলা, ব্যায়াম, স্ফাস্থ্য ৰক্ষাৰ নীতি আদি শিকোৱাৰ ব্যৱস্থা কৰিব লাগে ।

(৪) বিভিন্ন বিজ্ঞানসন্মত পদ্ধতি আৰু সা-সজুলিৰ সহায়ত শিশুৰ দেহতন্ত্ৰ, স্নায়ুতন্ত্ৰ আৰু     জ্ঞানেন্দ্ৰিয়সমূহ কৰ্মক্ষম কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

(৫) গীত-নৃত্য, অভিনয়, খেলা-ধূলা আদি দৈহিক ক্ৰিয়া অনুশীলনৰ দ্বাৰা শিশুক প্ৰয়োজনীয় জ্ঞান দিয়া আৰু সু-অভ্যাস গঠন কৰাৰ ব্যৱস্থা কৰিব লাগে ।

প্ৰশ্নঃ 13. নিৰ্দেশনাৰ পাঁচটা প্ৰকাৰ উল্লেখ কৰা ।

উত্তৰঃ নিৰ্দেশনাক নিম্নলিখিত ধৰণেৰে শ্ৰেণী বিভাগ কৰিব পাৰি-

(১) ব্যক্তিগত আৰু সামাজিক নিৰ্দেশনা ।

(২) শিক্ষামূলক বা শৈক্ষিক নিৰ্দেশনা ।

(৩) বৃত্তিমূলক নিৰ্দেশনা ।

(৪) স্বাস্থ্য সম্বন্ধীয় নিৰ্দেশনা ।

(৫) গাইগুটীয়া আৰু দলীয় নিৰ্দেশনা ।

প্ৰশ্নঃ 14. গাইগুটীয়া বা ব্যক্তিগত নিৰ্দেশনাৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ গাইগুটীয়া বা ব্যক্তিগত নিৰ্দেশনাৰ উদ্দেশ্য সমূহ হ’ল –

(১) শিক্ষাৰ্থীৰ গাইগুটীয়া বা ব্যক্তিগত সমস্যাবোৰ সমাধান সমাধান কৰাত সহায় কৰা । 

(২) শিক্ষাৰ্থীক অসন্তুষজনক ঘৰুৱা পৰিৱেশৰ লগত মোকাবিলা কৰাত আৰু ঘৰুৱা সমস্যাজড়িত পৰিৱেশৰ মাজেৰে নিজক আগুৱাই নিব পৰাকৈ প্ৰস্তুত কৰি তোলাত সহায় কৰা ।

(৩) শিক্ষাৰ্থীৰ দেহ, মানসিক তথা মনোজগতত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিত সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰি সুস্থ সমাযোজনত সহায় কৰা ।

প্ৰশ্নঃ 15. নিৰ্দেশনাৰ পাঁচটা প্ৰধান সমস্যা দাঙি ধৰা ।

উত্তৰঃ নিৰ্দেশনাৰ প্ৰধান সমস্যাবোৰ হৈছে-

(১) উপযুক্ত নিৰ্দেশনা প্ৰদান কৰিবৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত আৰু অভিজ্ঞ ব্যক্তিৰ অভাৱ ।

(২) বিদ্যালয়ৰ লগত সংশ্লিষ্ট নিৰ্দেশক নথকা ।

(৩) বিদ্যালয় স্তৰত পৰাই অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীক নিৰ্দেশনা প্ৰদানৰ ব্যৱস্থা নথকা।

(৪) বিদ্যালয়ত শিশুক উপযুক্ত নিৰ্দেশনা দিবৰ বাবে অভিক্ষ শিক্ষক পৰামৰ্শদাতাৰ বাবে অভাৱ

(৫) নিৰ্দেশনাৰ বাবে সংগ্ৰহ, কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত পৰামৰ্শদাতাক আৰু কৰ্মচাৰীৰ অভাৱ ।

প্ৰশ্নঃ 16. নিৰ্দেশনাৰ ক্ষেত্ৰত সমস্যা সমাধানৰ পাচঁটা উপায় উল্লেখ কৰা ।

উত্তৰঃ (১) প্ৰত্যেক বিদ্যালয়তে নহ’লে একো একোটা অঞ্চলত থকা বিদ্যালয়বোৰৰ বাবে অন্তত একোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত পৰামৰ্শদাতা নিয়োগ কৰিব লাগে ।

(২) শিক্ষাৰ্থীয়ে বিদ্যালয়ত যাতে উপযুক্ত নিৰ্দেশনা লাভৰ সুযোগ পায় তাৰ বাবে দেশে বিভিন্ন অঞ্চলত ‘নিৰ্দেশনাগাৰ’স্থাপন কৰিব লাগে আৰু স্থানীয় বিদ্যালয়বোৰে যতে তাৰ সু-ব্যৱস্থা কৰিব লাগে ।

(৩) বিদ্যালয়ৰ শিক্ষকসকলৰ মাজৰ পৰাই মনোবিজ্ঞান আৰু শিশু মনোবিজ্ঞানৰ ক্ষান থকা  শিক্ষকক নিৰ্বাচন-কৰি শিক্ষক পৰামৰ্শদাতা হিচাপে প্ৰস্তুত কৰি তুলিব লাগে । ইয়াৰ বাবে বিশেষ শিক্ষক-প্ৰশিক্ষণ পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰিব লাগে ।

(৪) শিশুবা শিক্ষাৰ্থী সম্বন্ধে বিশদভাৱে তথ্য সংগ্ৰহ কৰি শিশু বিকাশৰ উপযোগীকৈ স্বতন্ত্ৰভাৱে শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে ।

(৫) নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সম্বন্ধে অভিভাৱকে যাতে পূৰ্ণ সহযোগিতা আগবঢ়াই তাৰ বাবে তেওঁলোকক সচেতন কৰি তুলিব লাগিব আৰু নিৰ্দেশনা কাৰ্যসূচীৰ বাস্তৱ ৰূপায়নৰ বাবে যাতে তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়ায় তাৰ বাবে উদ্বুদ্ধ কৰিব লাগে ।

প্ৰশ্নঃ 17. নিৰ্দেশনাৰ ক্ষেত্ৰত থকা সমস্যা সমাধানৰ পাঁচটা উপায় উল্লেখ কৰা ।

উত্তৰঃ (১) প্ৰত্যেক বিদ্যালয়খনৰ নহʼলেও একো একোটা অঞ্চলত থকা বিদ্যালয়বোৰৰ বাবে অন্তত  একোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত পৰামৰ্শদাতা নিয়োগ কৰিব লাগে ।

(২) শিক্ষাৰ্থীয়ে বিদ্যালয়ত যাতে উপযুক্ত নিৰ্দেশনা লাভৰ সুযোগ পায় তাৰ বাবে দেশে বিভিন্ন  অঞ্চল ‘নিৰ্দেশনাগাৰ’ স্থাপন কৰিব লাগে আৰু স্থানীয় বিদ্যালয়বোৰে যাতে তাৰ সুফল ভোগ কৰিব পাৰে বা সেই নিৰ্দেশনাগাৰৰ সহায় পায় তাৰ সু-ব্যৱস্থা কৰিব লাগে ।

(৩) বিদ্যালয়ৰ শিক্ষকসকলৰ মাজৰ পৰাই মনোবিজ্ঞান আৰু শিশু মনোবিজ্ঞানৰ জ্ঞান থকা  শিক্ষকক নিৰ্বাচন কৰি শিক্ষক পৰামৰ্শদাতা হিচাপে প্ৰস্তুত কৰি তুলিব লাগে । ইয়াৰ বাবে বিশেষ শিক্ষক-প্ৰশিষণ পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰিব লাগে ।

(৪) শিশুবা শিক্ষাৰ্থী সম্বন্ধে বিশদভাৱে তথ্য সংগ্ৰহ কৰি শিশু বিকাশৰ উপযোগীকা স্বতন্ত্ৰভাৱে  শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে ।

(৫) নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সম্বন্ধে অভিভাৱকে যাতে পূৰ্ণ সহযোগিতা আগবঢ়াই তাৰ বাবে  তেওঁলোকক সচেতন কৰি তুলিব লাগিব আৰু নিৰ্দেশনা কাৰ্যসূচী বাস্তৱ ৰূপায়নৰ বাবে যাতে তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়ায় তাৰ বাবে উদ্বুদ্ধ কৰিব লাগে ।

Essay Type Question Answer:

প্ৰশ্নঃ 1. বিভিন্ন পণ্ডিতে আগবঢ়োৱা নিৰ্দেশনাৰ সংজ্ঞা আগবঢ়োৱা ।

উত্তৰঃ ৰোথ ষ্টং (Ruth Strong) ৰ মতে, “ব্যক্তিগত সুখ আৰু সামাজিক উপযোগীকৰণৰ বাবে নিজস্ব প্ৰচেষ্টাৰ জৰিয়তে সম্ভাৱনীয়তাসমূহ উদ্ভাৱন আৰু বিকাশ সাধন কৰিবলৈ প্ৰত্যেক ব্যক্তিকে সহায়  কৰা প্ৰক্ৰিয়াই হৈছে নিৰ্দেশনা । (Guidance is a process of helping every individual,  through his own efforts, to discover and develop his potentialities for his personal  happiness and social usefulness.)

কিটছনৰ মতে, “নিৰ্দেশনা হৈছে এক ব্যক্তিগতকৃত শিক্ষা যি প্ৰত্যেক শিক্ষাৰ্থীক নিজকে  সকলো দিশতে এক সম্ভৱপৰ সৰ্বোত্তম বিকাশ সাধন কৰাত সহায় কৰে” । (Guidance is  individualized education. Each student is to be helped to develop himself to the maximum possible degree in all respects.)

ফʼলাৰ (Fowler)ৰ মতে, “শিক্ষাৰ্থীক অধিক সন্তোষজনকভাৱে সমাযোজন কৰাৰ ক্ষেত্ৰত সহায় কৰাই হৈছে নিৰ্দেশনাৰ উদ্দেশ্য” । (The purpose of guidance is to help the student to make more favorable adjustments.)

মʼৰ্ছ (Morris)-ৰ মতে, “Guidance is the process of helping individuals through their own efforts to discover and develop this potentialities happiness and  social usefulness.”

গুড (Good) ৰ মতে, “Guidance is a process of dynamic interpersonal relationship designed to influence the attitude and subsequent behavior of a person.”

চিছম (Chisolm)এ তেওঁৰ গ্ৰন্থ “ Guiding Youth in the Secondary School’ ত  উল্লেখ কৰিছে, “Guidance seeks to help each individual become familiar with a wide range of information about himself, his interest, his abilities, his previous development in the various areas of living and his plans or ambitions for the future.”

কেলি (Kelley) ৰ মতে “Guidance is a positive programme geared to meet the needs of all children.”

কিউ. ৱেলি লিফিভাৰ ৰ মতে, “Guidance is the systematic, organized phase of the educational process which helps youth grows in his power to give point and  direction to his own life, to the end that he may gain richer personal experiences  while making his own contribution to our democratic society.”

ৰৰ্বাট এ. মেথিউছন (Robert A. Mathewson) এ তেওঁৰ বিখ্যাত গ্ৰন্থ ‘Guidance,  policy and practice’ ত কৈছে, “Guidance is the systematic professional process of helping the individual through education and interpretative procedures and potentialities and to relate himself more satisfactorily to social requirements and opportunities in accord with social and moral values.”

The United States office of Education ৰ মতে, “Guidance is the process of acquainting the individual with the various ways including special training in which he may discover his natural endowments so that he makes a living to his own best advantages and that of society.”

হেমৰিন (Hamrin) আৰু চি এফ এৰিকছনে তেওঁলোকৰ গ্ৰন্থ ‘Guidance is Secondary School ত উল্লেখ কৰিছে “Guidance is that aspect of educational programme which is concerned especially with helping the pupil to become adjusted to his personal situation and to plan his future in turn with his interests, abilities and social needs.”

এ. ই. ট্ৰেক্সলাৰ (Dr. AE Traxler) এ তেওঁৰ গ্ৰন্থত ‘Guidance in Public Secondary School’ ত উল্লেখ কৰিছে “The ultimate aim of guidance is to facilitate personal development. It enables, to develop them as well as possible and to relate them to life goals, and finally, to reach a state of emplete and mature sulf guidance as desirable members of the social order.”

ভি ক’ছ (V Koss) আৰু কেফেউভাৰ (Kefauver) ৰ মতে “Guidance has two main phases- (i) the distributive phase whereby youths are distributed to educational and vocational opportunities as effectively as possible and (ii) the  adjustive phase whereby the individual is assisted to make the optimum adjustment to the opportunities he gets.”

ক্লাৰেন্স চি ডানছমৰ (Clarence C. Dunsmoor) আৰু লিঅ’নাৰ্ড এম মিলাৰে তেওঁলোকৰ গ্ৰন্থ Guidance Methods for teacherত উল্লেখ কৰিছে, Guidance is a means of helping individuals to understand and use wisely the educational, vocational and  personal opportunities they have or can develop and aided in achieving satisfactory adjustment to school and life.” 

স্পেয়াৰছ (Spears) ৰ মতে “ An effective guidance programme helps a youth  to 

(i) see where he has been. 

(ii) where he is now.

(iii) where he is going. and 

(iv) what he has with which to get there.”

প্ৰশ্নঃ 2. নিৰ্দেশনাৰ প্ৰকৃতি/বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ নিৰ্দেশনাৰ প্ৰকৃতি/বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা ধৰণৰ-

(১) নিৰ্দেশনা এক শিশুকেন্দ্ৰিক প্ৰক্ৰিয়া ।

(২) নিৰ্দেশনাই শিক্ষা কিছুমান নিৰ্দিষ্ট লক্ষ্য পূৰণত সহায় কৰে ।

(৩) ই হৈছে ব্যক্তিগত সেৱা; যি শিশু তথা ব্যক্তিক নিজৰ সমস্যা নিজে সমাধান কৰাত সহায় কৰে।

(৪) ই হৈছে বিশেষীকৰণ আৰু সাধাৰণীকৰণ সেৱা ।

(৫) ই এক সংগঠিত সেৱা; যি বিশেষ উদ্দেশ্য, বিশেষ ব্যক্তি, বিশেষ সা-সঁজুলি, প্ৰয়োজনীয়  কৌশলগত জ্ঞান, বিশেষ নিৰ্দেশনা প্ৰদান সংস্থা আদি সংগঠন কৰে ।

(৬) নিৰ্দেশনা এক সৰ্বজনীন সেৱা; যিটো সকলো শিক্ষাৰ্থীৰ ক্ষেত্ৰতে প্ৰয়োজন ।

(৭) ই আত্মবিকাশ, আত্মনিৰ্দেসনা আৰু আত্মবোধ জগাই তোলাত সহায় কৰে ।

(৮) নিৰ্দেশনা পৰিকল্পিত । ই শৈক্ষিক, বৃত্তিমূলক আৰু সামাজিক এই তিনিটা ক্ষেত্ৰৰ পৰিকল্পনা কৰাত সহায় কৰে ।

(৯) নিৰ্দেশনা এক ব্যাপক প্ৰক্ৰিয়া ।

(১০) নিৰ্দেশনা ব্যক্তিগতভাৱে তথা দলগতভাৱে প্ৰদান কৰিব পাৰি ।

(১১) নিৰ্দেশনা অসংগঠিত, অনানুষ্ঠানিক আৰু ঘটনাক্ৰমিক প্ৰক্ৰিয়া ।

(১২) নিৰ্দেশনা যিকোনো ব্যক্তিয়ে দিব পাৰে ।

(১৩) নিৰ্দেশনা প্ৰায়োগিক মনোবৈজ্ঞানৰ এটা শাখা । ই শৈক্ষিক বিষয় আৰু বৃত্ত নিৰ্বাচন,ভৌতিৰ আৰু সামাজিক পৰিৱেশত সমাযোজন কৰাৰ সমস্যা আদিৰ ভিত্তিবোৰ অধ্যয়ন কৰে । শিশুৰ যোগ্যতা আৰু সামৰ্থৰ ভিত্তিত শৈক্ষিক বিষয় আৰু বৃত্তি নিৰ্বাচন কৰাত ই  সহায় কৰে ।

(১৪) নিৰ্দেশনাই শিশু তথা ব্যক্তিৰ নিজৰ সামৰ্থ, যোগ্যতা আৰু মানসিক শক্তিক চিনাক্তকৰণ আৰু বিকাশত সহায় কৰে ।

(১৫) ই শিশু তথা ব্যক্তিৰ নিজৰ প্ৰয়োজনীয় আচৰণৰ পৰিৱৰ্তন সাধনত সহায় কৰে ।

(১৬) ই শিশু তথা ব্যক্তিক নিজৰ প্ৰচেষ্টাৰে শক্তি, সামৰ্থ, আৰ্থ-সামাজিৰ অৱস্থা আৰু ব্যক্তিগত প্ৰয়োজনবোৰ বুজি উঠাত সহায় কৰে ।

(১৭) ই সকলো শিশুৰে প্ৰয়োজনীয়তা পূৰণৰ যোগাত্মক কাৰ্যসূচী স্বৰূপ।

(১৮) ই হৈছে শিশু বা ব্যক্তিক নিজৰ যোগ্যতা, সামৰ্থ, চৰিত্ৰ আদি বুজিব পৰাকৈ সহায় কৰিব পৰা এক প্ৰণালীবদ্ধ বৃত্তমুখী প্ৰক্ৰিয়া ।

(১৯) ই শিক্ষা প্ৰক্তিয়াৰ এক প্ৰণালীবদ্ধ অংশ ।

(২০) ই শিশু তথা ব্যক্তিক নিজৰ প্ৰাকৃতিক বুদ্ধিবৃত্তি উদঘাটন কৰিবৰ বাবে প্ৰদান কৰা এক বিশেষ প্ৰশিক্ষণ ব্যৱস্থা ।

(২১) ই হৈছে এক অবিৰত প্ৰক্ৰিয়া ।

(২২) ই হৈছে শিশুক বা ব্যক্তিক শৈক্ষিক, বৃত্তমূলক আৰু পৰিৱেশৰ লগত খাপ পৰাকৈ সহায় কৰে ।

(২৩) ই বিদ্যালয় ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ ।

(২৪) ই শিশুৰ যোগাত্মক দৃষ্টিভংগীৰ বিকাশত সহায় কৰা এক প্ৰক্ৰিয়া।

(২৫) ই এবিধ সেৱামূলক কাৰ্য ।

(২৬) ইয়াৰ নিৰ্দিষ্ট গঠন, পদ্ধতি আৰু আহি থাকে ।

(২৭) ই শিশুৰ নিজৰ স্থান নিৰ্ণয় কৰা, সংগটিপূৰ্ণ সম্ফন্ধ স্থাপন কৰা এক নিয়মীয়া সেৱা ।

(২৮) ই জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰা আৰু বিকাশৰ ক্ষেত্ৰত দেখা পোৱা সমস্যাবোৰ সমাধান কৰাৰ পথ নিৰ্দেশনা দিয়ে ।

(২৯) ই ব্যক্তিক শিশুৰ প্ৰতি ইতিবাচক মনোভাৱ গ্ৰহণ কৰাত সহায় কৰে ।

(৩০) ই প্ৰত্যেক ব্যক্তিকে নিজকে সহায় কৰাৰ আঁচনি তৈয়াৰ কৰাত সহায় কৰা এক অবিৰত প্ৰক্ৰিয়া।

প্ৰশ্নঃ 3. নিৰ্দেশনাৰ পৰিসৰ আলোচনা কৰা ।

উত্তৰঃ নিৰ্দেশনাৰ পৰিসৰ অন্তৰ্গত সাধাৰণ দিশবোৰ বা বিষয়বস্তুবোৰ হৈছে –

(১) শাৰীৰিক স্বাস্থ্য ।

(২) গৃহ সমস্যা ।

(৩) অৱসৰ সময়ৰ সমস্যা ।

(৪) ব্যক্তিত্বৰ সমস্যা ।

(৫) বিদ্যালয় বা শৈক্ষিক সমস্যা ।

(৬) বৃত্তিমূলক সমস্যা ।

(৭) ধৰ্মীয় আৰু নৈতিৰু দিশ ।

(৮) গণতান্ত্ৰিক আৰু ৰাজনীতি ।

(৯) বিবাহ আৰু যোনতাৰ সমস্যা ।

(১০) বৃদ্ধাৱস্থাৰ সমস্যা ।

(১১) সমাযোজন সাধনৰ কাৰণে পৰিৱেশ পৰিৱৰ্তনৰ দিশবোৰ, যেনে-

(ক) সমাজমুখী পাঠ্যক্ৰম ।

(খ) সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী ।

(গ) সম্প্ৰদায়ৰ বা সমাজৰ সম্পদবোৰ ।

(ঘ) শৈক্ষিক আৰু বৃত্তিমুখী দিশৰ সা-সুবিধাবোৰ ।

(ঙ) দলীয় যোগাযোগ ।

(১২) সমাযোজনৰ বাবে ব্যক্তিক পৰিৱৰ্তন কৰিব পৰা দিশবোৰ; যেনে-

(ক) সাক্ষাৎকাৰ ।

(খ) কাৰ্যবিৱৰণ ।

(গ) বিকাশশীল অনুশীলন ।

(ঘ) নিৰ্দেশনা বা শিক্ষাদান ।

(ঙ) দলীয় প্ৰক্ৰিয়া ।

(১৩) সমস্যা নিৰ্ণয় ও চিনাক্তকৰণৰ দিশবোৰ; যেনে-

(ক) অভীক্ষা আৰু ৰেটিং স্কেল ।

(খ) অভিভাৱকৰ ৰেটিং ।

(গ) চিনাক্তকৰণ ৰেকৰ্ড ।

(ঘ) ব্যক্তিগত তালিকা ।

(ঙ) সমাজমিতি বিশ্লেষণ ।

(চ) শৈক্ষিক ক্লিনিক ।

(ছ) ঘটনা অধ্যয়ন ।

(জ) কিউমুলেটিভ ৰেকৰ্ড ।

প্ৰশ্নঃ 4. নিৰ্দেশনাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়োগ বা কোঠাৰী আয়োগে নিৰ্দেশনাৰ লক্ষ্য সম্পৰ্কত মন্তব্য  প্ৰকাশ কৰে যে, “The aim of guidance is both adjective and development, it helps  the student in making the best possible adjustment to the situation in the educational institution and in home and at the same time facilitates the development of personality. Guidance therefore should be regarded as an integral part of education and not a special psychological or social service which is peripheral to educational purpose.”

নিৰ্দেশনাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হʼল-

(১) শিক্ষাৰ্থী তথা ব্যক্তিক ব্যক্তিগত আৰু দলীয় নিৰ্দেশনা প্ৰদানৰ জৰিয়তে শৈক্ষিক, বৃত্তীয়, ব্যক্তিগত আৰু সামাজিৰ সমস্যসমূহ সমাধান কৰাত সহায় কৰা ।

(২) শিক্ষাৰ্থী তথা ব্যক্তিক নিজস্ব গুণবোৰ মূল্যায়ন কৰা আৰু উপযুক্ত বয়সত জীৱন দৰ্শন গঢ়ি তোলাত সহায় কৰা ।

(৩) শিক্ষাৰ্থী তথা ব্যক্তিৰ মাজত সহযোগিতাৰ ভাব জগাই তোলাত সহায় কৰা ।

(৪) সন্তুষ্টি লাভৰ জৰিয়তে সামাজিৰ স্বীকৃতি লাভ কৰিব পৰাকৈ ভৱিষ্যৎ জীৱনৰ এক সুষ্ঠিৰ লক্ষ্য নিৰ্ধাৰণ কৰা আৰু সেই লক্ষ্যত উপনীত হʼবৰ বাবে প্ৰয়োজনীয় আঁচনি যুগুত কৰাত সহায় কৰা ।

(৫) শিক্ষাৰ্থী তথা ব্যক্তিক নিজস্ফ ক্ষমতা আৰু সামৰ্থৰ বিষয়ে জনা আৰু নিজস্ব সত্তাক উপলদ্ধি কৰাত সহায় কৰা ।

(৬) শিক্ষাৰ্থী তথা ব্যক্তিৰ মানসিক শ্তি-সামৰ্থ উপযুক্তভাৱে উপলব্ধি ৰা আৰু তেনে শক্তি-সামৰ্থ সৃজনাত্মক কাৰ্যত প্ৰয়োগ কৰাৰ প্ৰকৃত পথ নিৰ্বাচন কৰি লোৱাত সহায় কৰা ।

(৭) আৱেগিকভাৱে বাধাগ্ৰস্ত শিক্ষাৰ্থী তথা ব্যক্তিসকলক চিনাক্ত কৰাত সহায় কৰা ।

(৮) শিক্ষাৰ্থী তথা ব্যক্তিৰ ব্যক্তিগত, যৌন আৰু সামাজিক সমস্যা সমাধানত সহায় কৰা ।

(৯) মানসিকভাৱে আৰু বৌদ্ধিকভাৱে বাধাগ্ৰস্তত শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ সমস্যাবোৰ উপলব্ধি কৰি সেইবোৰৰ সমাধানৰ উপায় উদ্ভাৱন কৰাত সহায় কৰা ।

(১০) শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ দেহ-মানসিক শক্তি-সামৰ্থসমূহৰ উপযুক্তভাৱে বিকাশপ্ৰাপ্ত কোৱাৰ উপযুক্ত গতিপথ নিৰ্বাচন কৰি লোৱাত অৰিহণা যোগায় ।

(১১) শিক্ষাৰ্থী তথা ব্যক্তিৰ ভৱিষৎ জীৱনৰ গতিপথ উপযুক্তভাৱে গঢ় দি লোৱাত আৰু তেওঁলোকক সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলাত সহায় কৰা ।

(১২) শিক্ষাৰ্থী তথা ব্যক্তিৰ শৈক্ষিক, বৃত্তীয় আৰু মনোবৈজ্ঞানিকভাৱে সমাযোজন কৰাত সহায়  কৰা ।

(১৩) অপসমাযোজন আৰু অপৰাধপ্ৰৱণ শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ বিশেষ কাৰণ আৰু সমস্যাসমূহ উদঘাটন আৰু উপলব্ধি কৰাত বিশেষভাৱে সহায় কৰা ।

(১৪) বৌদ্ধিকভাৱে প্ৰতিভা সম্পন্ন শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ উপযুক্ত বিকাশ সাধন প্ৰক্ৰিয়ত  সহায় কৰা ।

(১৫) শিক্ষাৰ্থী তথা ব্যক্তিক নিজৰ সামৰ্থ, অভিক্ষমতা, আগ্ৰহ, ব্যক্তিত্বৰ বিশেষত্ব, নিজৰ সবলতা আৰু দুৰ্বলতাবোৰ বুজি উঠাত সহায় কৰা ।

(১৬) বিষয়, কিতাপ, হবি, সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলী নিৰ্বাচন আৰু পৰীক্ষাৰ বাবে সুন্দৰভাৱে সাজু হোৱাত শিক্ষাৰ্থী তথা ব্যক্তিক সহায় কৰা ।

(১৭) পঠন কাৰ্যত বাধাগ্ৰস্ত শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ সমস্যা উপলব্ধি কৰা আৰু সমাধান কৰাত সহায় কৰা ।

(১৮) শিক্ষাৰ্থী তথা ব্যক্তিসকলক ফৰযুক্তভাৱে অনুশাসিত কৰাত সহায় কৰা ।

(১৯) গৃহ পৰিৱেশ আৰু বিদ্যালয় পৰিৱেশত শিক্ষাৰ্থী তথা ব্যক্তিৰ আচৰণজনিত সমস্যাসমূহ আগবাঢ়ি যোলাত সহায় কৰা ।

(২০) বৃত্তি নিৰ্বাচন কৰা, ইয়াৰ বাবে প্ৰস্তুত হোৱা, ইয়াত নিয়োজিত হোৱা আৰু সুন্দৰভাৱে আগবাঢ়ি যোৱাত সহায় কৰা ।

1 thought on “Guidance And Counselling Unit 1 নিৰ্দেশনা আৰু পৰামৰ্শদান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top