Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজবিজ্ঞান, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজবিজ্ঞান Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজবিজ্ঞান Question Answer can be of great value to excel in the examination.
Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজবিজ্ঞান
Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজবিজ্ঞান Notes cover all the exercise questions in UGC Syllabus. Introduction to Sociology Unit 2 সমাজতত্ত্ব আৰু অন্যান্য সমাজবিজ্ঞান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Sociology And Other Social Sciences
INTRODUCTION TO SOCIOLOGY
[ সমাজতত্ত্বৰ পৰিচয় ]
অতি চমু প্রশ্নোত্তৰ |
(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
১। মনোবিজ্ঞান শব্দটোৰ প্ৰচলন কৰিছিল — (Psychology coined the term —)
(ক) এৰিষ্টটল (Aristotle)
(খ) প্লেটো (Plato)
(গ) মিছেল ফুকো (Missel Fuko)
(ঘ) স্কীনাৰ (Skinner)
উত্তৰঃ (ক) এৰিষ্ট’টল (Aristotle)
২। “মানৱ আচৰণ আৰু মানৱ সম্বন্ধৰ অধ্যয়নেই হৈছে মনোবিজ্ঞান” – কোনে কৈছিল? (“Psychology is the study of human behaviour and human relationship”- Who said this?)
(ক) লংফেল্ড বৰিং (Longfield Boring)
(খ) কার্ট কফ্কা (Kurt Koffka)
(গ) উডৱৰ্থ (Woodworth)
(ঘ) ক্রো এণ্ড ক্রো (Crow and Crow)
উত্তৰঃ (ঘ) ক্রো এণ্ড ক্রো (Crow and Crow)
৩। “মানুহৰ প্ৰকৃতি অধ্যয়নেই হৈছে মনোবিজ্ঞান” – কোনে কৈছিল? (“Psychology is the study of human nature”- Who said this?)
(ক) লংফেল্ড বৰিং আৰু ৱেল্ড (Longfield Boring and Weld)
(খ) উডৱৰ্থ (Woodworth)
(গ) কার্ট কর্ফকা (Kurt Koffka)
(ঘ) এটকিনচন (Atkinson)
উত্তৰঃ (ক) লংফেল্ড বৰিং আৰু ৱেল্ড (Longfield Boring and Weld)।
৪। “সামাজিক মনোবিজ্ঞান হৈছে এনে এক বিজ্ঞান যি ব্যক্তিৰ সমাজত আচৰণৰ বিষয়ে অধ্যয়ন কৰে।” – কোনে কৈছিল? (“Social psychology is the science of behaviour of the individuals in society” – Who said this?)
(ক) ক্লিনবার্গ (Klineberg)
(খ) ক্রাথফিল্ড (Crutchfield)
(গ) চাৰজেন্ট (Sargent)
(ঘ) উইলিয়ামচন (Williamson)
উত্তৰঃ (গ) চাৰজেণ্ট (Sargent)
৫। “বুৰঞ্জী অতীতৰ সমাজতত্ত্ব আৰু সমাজতত্ত্ব বৰ্তমানৰ বুৰঞ্জী”— কোনে কৈছিল? (“History is past sociology and sociology is present History” – Who said this?)
(ক) এইচ.ই. হাৱাৰ্ড (H.E. Howard)
(খ) ক্রাচ (Kruch)
(গ) কিম্বল ইয়ং (Kimball Young)
(ঘ) হার্বার্ট মিড (Herbert Mead)
উত্তৰঃ (ক) এইচ.ই. হাৱাৰ্ড (H. E. Howard)
৬। এজন ঐতিহাসিক সমাজতত্ত্ববিদৰ নাম লিখা। (Write the name of a historical sociologist.)
(ক) চিগমাণ্ড ফ্রয়েড (Sigmund Frayed)
(খ) আর্নল্ড গ্রীণ (Arnold Green)
(গ) চিগমাণ্ড ডায়মণ্ড (Sigmund Diamond)
(ঘ) হার্বার্ট মিড (Herbert Mead)
উত্তৰঃ (গ) চিগমাণ্ড ডায়মণ্ড (Sigmund Diamond)
(খ) উত্তৰ লিখাঃ
১। ইংৰাজী ‘Anthropology’ শব্দটোৰ অসমীয়া পৰিভাষা কি? (What is the Assamese term for the English word Anthro-pology?)
উত্তৰঃ নৃবিজ্ঞান বা নৃতত্ত্ব।
২। ‘Anthropology’ শব্দটো কোন শব্দৰ পৰা উৎপত্তি হৈছে? (From which word is the word anthropology derived?)
উত্তৰঃ ‘Anthropology’ শব্দটো গ্ৰীক শব্দৰ ‘Anthropos’ আৰু ‘Logus’ৰ পৰা উৎপত্তি হৈছে।
৩। গ্রীক শব্দ ‘Anthropas’ আৰু ‘Logus’ৰ অৰ্থ কি? (What is the Greek words ‘Anthropas’ and ‘Logus’ mean?)
উত্তৰঃ ‘Anthropas’ ৰ অৰ্থ হ’ল মানুহ আৰু ‘Logus’ৰ অৰ্থ হ’ল জ্ঞান বা যুক্তিযুক্ত সংলাপ।
৪। “নৃবিজ্ঞান হৈছে মানুহ আৰু মানুহৰ সংস্কৃতিৰ বৈজ্ঞানিক অধ্যয়ন” কথাষাৰ কোনে কৈছিল? (“Anthropology is the scientific study of people and human culture”. – Who said this?)
উত্তৰঃ নৃতাত্ত্বিক মেলিনোস্কি (Malinowski)
৫। নৃবিজ্ঞানৰ মুখ্য ভাগ দুটা কি কি? (What are the two main parts of anthropology?)
উত্তৰঃ দৈহিক নৃবিজ্ঞান (Physical Anthropology) আৰু সাংস্কৃতিক নৃবিজ্ঞান (Cultural Anthropology)
৬। এজন আচৰণবাদী মনোবিজ্ঞানীৰ নাম লিখা। (Write the name of a behavioral psychologist.)
উত্তৰঃ জন বি ওয়াটচন।
৭। পৰীক্ষণ মনোবিজ্ঞানৰ জনক কোন? (Who is the father of experimental psychology?)
উত্তৰঃ উইলহেম উণ্ড।
৮। ফ্রয়েডে কোন চনত জন্মগ্রহণ কৰিছিল? (In which year was Freud born?)
উত্তৰঃ ১৮৫৬ চনত।
৯। ‘Principles of Psychology’ গ্ৰন্থখন কোনে প্ৰকাশ কৰিছে? (Who published the book, ‘Principles of Psychology?)
উত্তৰঃ উইলিয়াম জেমচ।
১০। ‘The Interpretation of Dream’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? (Who wrote the book, “The Interpretation of Dream’?)
উত্তৰঃ ফ্রয়েড।
১১। কোনে প্রথম নিজকে এজন মনোবিজ্ঞানী হিচাবে চিহ্নিত কৰিছে? (Who first identified himself as a psychologist?)
উত্তৰঃ উইলহেম উণ্ড।
১২। মনোবিজ্ঞান মূলত কিহৰ বিজ্ঞান? (What is science of psychology?)
উত্তৰঃ আচৰণৰ বিজ্ঞান।
১৩। ইতিহাস চর্চাত কোন তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়? (Which three topics are emphasized in the study of History?)
উত্তৰঃ লিখিত, মৌখিক আৰু প্ৰত্যক্ষকৰণ।
১৪। ইতিহাসৰ মূল প্রতিপাদ্য বিষয় কি? (What is the main subject of History?)
উত্তৰঃ মানুহৰ অতীত ঘটনা আৰু কাৰ্যাৱলীৰ অধ্যয়ন।
১৫। মনোবিজ্ঞানৰ মূল আলোচ্য বিষয় কি? (What is the main topic of psychology?)
উত্তৰঃ মনকেন্দ্ৰিক ধাৰণা।
১৬। নৃবিজ্ঞানৰ জনক কোন? (Who is the father of anthropology?)
উত্তৰঃ এল. এইচ. মর্গান।
১৭। আধুনিক নৃবিজ্ঞানৰ জনক কোন? (Who is the father of modern anthropology?)
উত্তৰঃ মেলিনস্কি।
১৮। নৃবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি? (What is the english synonym for anthropology?)
উত্তৰঃ Anthropology.
১৯। নৃবিজ্ঞানৰ ইংৰাজী শব্দৰ উৎপত্তিগত শব্দ কি কি? (What is the origin of the English word anthropology?)
উত্তৰঃ গ্রীক শব্দ ‘Anthropos’ আৰু ‘logos’
২০। মৌলিকভাৱে নৃবিজ্ঞানক কেইভাগে ভাগ কৰা যায় আৰু কি কি? (Basically anthropology can be divided into how many parts?
উত্তৰঃ দুইভাগত। যেনে — দৈহিক নৃবিজ্ঞান আৰু সাংস্কৃতিক নৃবিজ্ঞান।
২১। দৈহিক নৃবিজ্ঞানৰ বিভাগসমূহৰ নাম লিখা। (Write the names of the parts of physical anthropology.)
উত্তৰঃ মানৱ অংগসংস্থান বিদ্যা, মানৱ জীৱবিদ্যা, মানৱ জীৱাশ্ম বিজ্ঞান আৰু মানৱ পৰিমাপবিদ্যা।
২২। সাংস্কৃতিক নৃবিজ্ঞানৰ বিভাগসমূহ কি কি? (Write the names of the parts of cultural anthropology.)
উত্তৰঃ এথনোগ্রাফি, এথনোলজি, সামাজিক নৃবিজ্ঞান, ভাষাতত্ত্ব, প্রত্নতত্ত্ব, শিল্পকলা, সাহিত্য আৰু প্ৰযুক্তিবিদ্যা।
২৩। ভাষাতত্ত্বৰ শাখা কেইটা আৰু কি কি? (How many and what are the branches of linguistics?)
উত্তৰঃ চাৰিটা। যেনে— বর্ণনামূলক বা গাঠনিগত ভাষাতত্ত্ব, সামাজিক ভাষাতত্ত্ব, প্রজ্ঞামূলক ভাষাতত্ত্ব, ঐতিহাসিক ভাষাতত্ত্ব।
২৪। ‘নৃবিজ্ঞান মানুহৰ সামগ্ৰিক পাঠ’ উক্তিটো কাৰ? (Who says, “Anthropology is the overall lesson of man”?)
উত্তৰঃ নৃবিজ্ঞানী হোৱেল (Huebel)
২৫। নৃবিজ্ঞানৰ উপাদানসমূহৰ নাম লিখা। (Write the names of the elements of anthropology.)
উত্তৰঃ ঔপনিবেশিক শাসন, যুদ্ধাভিযান ভ্রমণ, দুঃসাহসী অভিযান, সামৰিক হস্তক্ষেপ আৰু মিছনাৰীসকলৰ তৎপৰতা।
২৬। নৃবিজ্ঞান শব্দটোৰ উদ্ভাৱক কোন? (Who coined the term anthropology?)
উত্তৰঃ এৰিষ্ট’টল।
২৭। “নৃতত্ত্বহ’ল মানুহৰ আৰু মানুহৰ সংস্কৃতিৰ বৈজ্ঞানিক অধ্যয়ন” উক্তিটো কাৰ? (“Anthropology is the scientific study of man and his culture”- Who says?)
উত্তৰঃ মেলিনস্কি।
২৮। নৃবিজ্ঞানৰ পথ প্রদর্শক কোন? (Who is the pioneer of anthropology?)
উত্তৰঃ হেৰোডটাচক নৃবিজ্ঞানৰ পথ প্ৰদৰ্শক বোলা হয়।
২৯। “History of America” গ্ৰন্থখন কোনে লিখিছিল? (Who wrote the book, “History of America”?)
উত্তৰঃ ৰবাৰ্টচনে।
৩০। “Das Mutterrecht” গ্রন্থখন কোনে লিখিছিল? (Who wrote the book, “Das Mutterrecht”?)
উত্তৰঃ জোহান জেকব বাকোফেনে।
৩১। “Comparative Ethnology” গ্রন্থখন কোনে লিখিছিল? (Who wrote the book, “Comparative Ethnology”?)
উত্তৰঃ লফিতাউ (Lafitau) এ।
৩২। “Social Organization” গ্রন্থখন কোনে লিখিছিল? (Who wrote the book, “Social Organization”?)
উত্তৰঃ জৰ্জ পেটাৰ মাৰডে।
৩৩। “Travels in the Mughal Empire” গ্ৰন্থখন কোনে লিখিছিল? (Who wrote the book, “Travels in the Mughal Empire”?)
উত্তৰঃ ফ্রাঞ্চেচ বার্ণিয়াৰে।
৩৪। ভাষাতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ কি? (What is the English synonym of linguistics?)
উত্তৰঃ Linguistics.
৩৫। ভাষাতাত্ত্বিক নৃবিজ্ঞান কথাটো কোনে ব্যৱহাৰ কৰিছিল? (Who used the word linguistic anthropology?)
উত্তৰঃ Roger Martin Keesing.
৩৬। আৰ. এম. কিচিঙৰ এখন গ্ৰন্থৰ নাম লিখা। (Write the name of a book by R. M. Keesing?)
উত্তৰঃ Cultural Anthropology.
৩৭। “Archaeology of Knowledge” গ্রন্থখন কোনে লিখিছিল? (Who wrote the book, “Archaeology of Knowledge”?)
উত্তৰঃ মাইকেল ফোকল্ট (Michel Foucault)
৩৮। “Man is Society” গ্ৰন্থখন কোনে লিখিছিল? (Who wrote the book, “Man is Society”?)
উত্তৰঃ জন প্লেনাটজ (John Plamenatz)
চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
১। সমাজতত্ত্ব আৰু ইতিহাসৰ মাজত কি পার্থক্য? (What is the difference between sociology and history?)
উত্তৰঃ ইতিহাসে মানৱ ঘটনাসমূহ সময়ৰ লগত সঙ্গতি ৰাখি দেখুৱায়। কিন্তু সমাজতত্ত্বই ঘটনাবোৰৰ সৈতে উৎপত্তি হোৱা সামাজিক সম্বন্ধসমূহ বুজিবলৈ চেষ্ঠা কৰে। আকৌ ইতিহাস কিছুমানৰ লগত জড়িত। আনহাতে সমাজতত্ত্বই সমাজৰ সাধাৰণ নীতি-নিয়ম অধ্যয়ন কৰে।
২। ‘Anthropalogy’ শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? (From which word is the word ‘Anthropology’ derived?)
উত্তৰঃ Anthropology শব্দটো গ্রীক শব্দ ‘Anthropas’ শব্দটোৰ পৰা উৎপত্তি হৈছে। ‘Anthropos’ ৰ অৰ্থ হ’ল ‘মানুহ’ আৰু ‘Logos’ মানে অধ্যয়ন’।
৩। সমাজ মনোবিজ্ঞানৰ বিষয়বস্তু কি? (What is the content of social psychology?)
উত্তৰঃ সমাজ মনোবিজ্ঞানে সামাজিক প্ৰাণী হিচাপে মানুহৰ মানসিক প্ৰক্ৰিয়াৰ অধ্যয়ন কৰে। সমাজ মনোবিজ্ঞানে বিশেষভাবে দলগত জীৱনত ব্যক্তিৰ মানসিক উন্নতিৰ ওপৰত কেনে প্ৰভাৱ পেলায় আৰু দলত ব্যক্তিগত মনে কেনে প্ৰভাৱ পেলায়, দলবোৰৰ নিজৰ মাজতে সৃষ্টি হোৱা মানসিক জীৱন আৰু পাৰস্পৰিক সম্বন্ধৰ বিকাশ অধ্যয়ন কৰে।
৪। কেৱল মনোবৈজ্ঞানিক উপাদানসমূহে মানৱ আচৰণ নিৰ্ধাৰণ কৰে নে? (Do psychological factors alone determine human behaviour.)
উত্তৰঃ ব্যক্তিৰ সামাজিক আচৰণক কেৱল মনোবৈজ্ঞানিক কাৰকেই প্ৰভাৱিত নকৰে। অৰ্থনৈতিক, ভৌগলিক, ৰাজনৈতিক আদি কাৰকেও মানুহৰ সামাজিক আচৰণ গঠনত বিশেষ ভূমিকা পালন কৰে।
৫। সামাজিক নৃবিজ্ঞান (Social Anthropology) বুলিলে কি বুজা? (What do you mean by social anthropology?)
উত্তৰঃ সামাজিক নৃবিজ্ঞানৰ মূল প্রতিপাদ্য বিষয় হ’ল মানুহৰ সমাজ আৰু সংস্কৃতি। সামাজিক নৃবিজ্ঞান বিভিন্ন জনগোষ্ঠীৰ পৰিয়াল, বিবাহ, আইন, প্রথা, ধৰ্ম, আচাৰ আৰু বিশ্বাস, ভাষা আদি বিষয় আলোচনা কৰি গোটেই সমাজ-ব্যৱস্থা বা সামাজিক গাঠনিৰ চিত্ৰ দাঙি ধৰে।
৬। মনোবিজ্ঞান বুলিলে কি বুজা? (What do you mean by psychology?)
উত্তৰঃ বিজ্ঞানৰ যিটো শাখাত মনৰ গঠন, ক্ৰিয়া-কলাপ, আচাৰ-আচৰণৰ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে অধ্যয়ন কৰা হয়। সেই বিষয়টোকে সাধাৰণ অৰ্থত মনোবিজ্ঞান বুলি কোৱা হয়। ইংৰাজী psychology শব্দটো গ্ৰীক ভাষাৰ psyche (আত্মা) আৰু logos (বিজ্ঞান বা অধ্যয়ন) শব্দ দুটাৰ পৰা আহিছে। সেয়ে psychologyক আত্মাৰ বিজ্ঞান বুলিও ক’ব পৰা যায়।
৭। নৃতত্ত্বৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the characteristics of anthropology.)
উত্তৰঃ নৃতত্ত্বৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) বৈজ্ঞানিক পদ্ধতিৰ মাধ্যমেৰে নৃতত্ত্বৰ অধ্যয়ন আৰু গৱেষণা হৈ থাকে, ফলত এইটো এটা বিজ্ঞান।
(খ) নৃতত্ত্ব এটা মানৱিক বিজ্ঞান, এই বিজ্ঞানৰ অধ্যয়ন মানুহক লৈ আৱৰ্তিত।
(গ) নৃতত্ত্ব মানুহৰ আবয়ৱিক গাঠনি আৰু সাংস্কৃতিক জীৱনক লৈ পথ চলে।
(ঘ) নৃতত্ত্বই বিভিন্ন সমাজৰ উৎপাদন ব্যৱস্থাৰ পৰ্যালোচনা কৰে, সমাজৰ বিকাশ আৰু পৰিৱৰ্তনৰ বৈজ্ঞানিক ব্যাখ্যাও দিব পাৰে।
(ঙ) নৃতত্ত্বই মানুহৰ আচৰণকো অধ্যয়ন কৰি থাকে।
(চ) নৃতত্ত্বই কেৱল অতীতক লৈহে চিন্তা-চৰ্চা নকৰে, বৰ্তমান আৰু ভৱিষ্যতৰ পৰ্যালোচনাও কৰে।
(ছ) নৃতত্ত্বশিল্পকলা আৰু সাহিত্যৰও বিজ্ঞান।
(জ) নৃতত্ত্ব মানুহৰ বিশ্লেষণধর্মী বিজ্ঞান।
(ঝ) নৃতত্ত্ব মানৱ প্ৰকৃতিৰ নিয়মতান্ত্রিক আলোচনা।
(ঞ) নৃতত্ত্ব মানুহৰ সামগ্ৰিক পাঠ।
৮। নৃতত্ত্বৰ প্ৰকৃতি সম্পর্কে লিখা। (Write about the nature of anthropology.)
উত্তৰঃ নৃতত্ত্বই কেৱল মানুহৰ জৈৱিক আৰু সাংস্কৃতিক দিশ সম্পর্কেই আলোচনা নকৰে, ই সৰ্বকালৰ মানৱ সম্প্ৰদায় সম্পর্কে পঠন-পাঠন আৰু গৱেষণা কৰে। আগতে নৃবিজ্ঞানৰ আলোচনা আদিম সমাজৰ মাজতেই সীমাবদ্ধ আছিল। পৰৱৰ্তীকালত ইয়াৰ বিষয়বস্তুত পৰিৱৰ্তন আহে আৰু ই আধুনিক মানৱ সমাজক লৈ আলোচনা কৰিবলৈ আৰম্ভ কৰে।
তলত নৃবিজ্ঞানৰ প্রকৃতি সম্পর্কে আলোচনা কৰা হ’ল—
(ক) নৃবিজ্ঞান হ’ল মানৱ বিজ্ঞান। ই মানুহক লৈ পঠন-পাঠন আৰু গৱেষণা কৰি থাকে।
(খ) নৃবিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা পদ্ধতি বিজ্ঞানসন্মত।
(গ) নৃবিজ্ঞান হ’ল জীৱ হিচাপত মানুহৰ শাৰীৰিক পৰিৱৰ্তনৰ বিজ্ঞান।
(ঘ) অতীত আৰু বৰ্তমানৰ মানুহৰ উৎপাদিত বস্তুজাত আৰু অবস্তুজাত গোটেইবোৰক লৈ নৃবিজ্ঞানে আলোচনা কৰে।
(ঙ) নৃবিজ্ঞানে উৎপাদন পদ্ধতি আৰু বিভিন্ন পৰ্যায়ত মানুহৰ উন্নয়নক লৈ আলোচনা কৰে।
(চ) নৃবিজ্ঞানে মানৱ জগত আৰু তাৰ সংস্কৃতি সম্পর্কে বিজ্ঞানভিত্তিক আলোচনা কৰে। নৃবিজ্ঞান তাৰ গৱেষণাত বিজ্ঞানভিত্তিক পদ্ধতি অনুসৰণ কৰে। নৃবিজ্ঞানে কোনো বিষয়ক যুক্তিভিত্তিক বিশ্লেষণ কৰি প্ৰাপ্ত তথ্যৰ ভিত্তিত সিদ্ধান্ত লয়।
(ছ) নৃবিজ্ঞান স্থান-কালৰ উৰ্ধত সৰ্বকালৰ সৰ্বস্তানৰ মানুহক লৈ গৱেষণা কৰে। ফলত ইয়াৰ আলোচনাৰ ক্ষেত্ৰ ব্যাপক।
(জ) নবিজ্ঞান সামাজিক জীৱ হিচাপে মানুহৰ বিশ্লেষণধর্মী বিজ্ঞান। এটি বিৱৰ্তন প্ৰক্ৰিয়াত মানুহৰ লগত মানুহৰ আৰু মানুহৰ লগত প্ৰকৃতিৰ সামঞ্জস্যক লৈ আলোচনা কৰে।
৯। সামাজিক নৃতত্ত্ব বুলিলে কি বুজা? (What do you mean by social anthropology?)
উত্তৰঃ সামাজিক নৃতত্ত্ব বিভিন্ন সংস্কৃতিৰ সামাজিক কর্মকাণ্ডৰ ধৰণ আৰু চৰ্চা লৈ অধ্যয়ন কৰে। মানুহ কেনেকৈ এটা নির্দিষ্ট ভৌগোলিক সীমাত বসবাস কৰি নিজক সংগঠিত আৰু পৰিচালিত কৰে সেয়া অনুসন্ধান কৰে আৰু কেনেকৈ সামাজিক প্রপঞ্চসমূহৰ ভাব আৰু ব্যাখ্যা নিৰূপিত হয় সেয়ালৈ কাম কৰে এই বিজ্ঞানে। বিভিন্ন সমাজৰ আভ্যন্তৰত আৰু এক সমাজৰ লগত আন সমাজৰ মিল আৰু অমিল, অসমতা, নাৰী আৰু পুৰুষৰ মিথষ্ক্ৰিয়া, শ্ৰেণী, জাতীয়তা, জেণ্ডাৰ স্বজন সম্পৰ্ক, পৰিয়াল আৰু বিবাহ ইত্যাদি সামাজিক নৃবিজ্ঞানৰ মূল অধ্যয়নৰ ক্ষেত্র। সামাজিক গৱেষণাৰ ক্ষেত্ৰত অংশগ্রহণমূলক ক্ষেত্রানুসন্ধানৰ ব্যৱহাৰ, সামাজিক, নৃবিজ্ঞানৰ প্ৰধানতম ঐতিহ্য। স্বাস্থ্য, প্রতিবেশ, শিক্ষা, কৃষি উন্নয়ন আৰু সামাজিক পৰিৱৰ্তনৰ বিভিন্ন বিষয়ে সামাজিক নৃবিজ্ঞানীসকলে গৱেষণা আৰু কাম কৰি থাকে৷
১০। মানৱ সমাজৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the characteristic of human society.)
উত্তৰঃ মানৱ সমাজৰ কেতবোৰ নিৰ্দিষ্ট বৈশিষ্ট্য আছে। তলত এই বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল—
(ক) সমাজ এখন বহুসংখ্যক লোকৰ দ্বাৰা গঠিত হয়।
(খ) সমাজৰ নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা থাকে।
(গ) সমাজ নিৰাকাৰ বা আকাৰবিহীন। সমাজ এখনৰ কথা অনুভৱহে কৰিব পাৰি। ই বাস্তৱপুষ্ট নহয়।
(ঘ) সংস্কৃতি অবিহনে সমাজ গঠিত হ’ব নোৱাৰে। প্ৰতিখন সমাজৰে একো একোটা সংস্কৃতি থাকে।
(ঙ) সমাজৰ একোটা নির্দিষ্ট লক্ষ্য থাকে। এই নির্দিষ্ট লক্ষ্যক সমাজৰ লোকসকলৰ উমৈহতীয়া স্বার্থও বুলিব পাৰি।
(চ) সমাজ এখনৰ অন্তৰ্ভুক্ত লোকসকলে একে ৰীতি-নীতি মানি চলে।
(ছ) সমাজৰ আন এক বৈশিষ্ট্য হ’ল ইয়াৰ সদস্যসকলৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ বা আত্মনিৰ্ভৰশীলতা। সমাজৰ প্ৰত্যেক ব্যক্তিয়ে নিজৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰ কৰে।
১১। মানৱ সমাজ আৰু ইতৰ সমাজৰ মাজত পাৰ্থক্যবোৰ উল্লেখ কৰা। (Mention the differences between human society and vile society.)
উত্তৰঃ মানৱ সমাজ আৰু ইতৰ সমাজৰ মাজত পাৰ্থক্যসমূহ হ’ল—
(ক) মানৱ সমাজত সামাজিক আচৰণবোৰ বা ৰীতি-নীতিবোৰ সৰুৰে পৰা মাক-বাপেক আৰু ওচৰ চুবুৰীয়াই শিকোৱা বাবেহে আয়ত্ব কৰিব পাৰে। ইতৰ সমাজত আচৰণবোৰ কোনেও নিশিকোৱাকৈয়ে সহজাত প্রবৃত্তিৰ ফলত অনুসৰণ কৰে।
(খ) মানৱ সমাজত সামাজিক আচৰণবোৰ পৰিৱৰ্তনশীল আৰু মানুহে পৰিৱেশ অনুযায়ী এইবোৰ পৰিমাৰ্জিত কৰি কালোপযোগী তথা সমাজোপযোগী কৰি লয়।
আনফালে ইতৰ সমাজত আচৰণবোৰ স্থায়ী আৰু বংশগত। ইতৰ প্ৰাণীবিলাকে যুগ যুগ ধৰি চলি অহা প্ৰকৃতিপ্রদত্ত প্রবৃত্তিৰ পৰিৱৰ্তন ঘটাই কোনো কাম কৰিব নোৱাৰিব।
(গ) মানৱ সমাজত যৌন আচৰণ সমাজৰ দ্বাৰা নিয়ন্ত্রিত। আনফালে ইতৰ সমাজত যৌন আচৰণ নিয়ন্ত্ৰিত নহয়।
(ঘ) মানৱ সমাজত কর্মবিভাজন দৈহিক সামৰ্থৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ইতৰ সমাজত কৰ্ম বিভাজন জৈৱিক প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল।
(ঙ) মানৱ সমাজত মানুহৰ ভাষা আৰু সংস্কৃতি আছে। কিন্তু ইতৰ প্ৰাণীৰ ভাষা আৰু সংস্কৃতি নাই।
(চ) মানৱ সমাজত মাক-বাপেকে লালন-পালন কৰি সন্তান-সন্ততি ডাঙৰ-দীঘল কৰে। সন্তান-সন্ততি পৰিপক্ক অথবা স্বাৱলম্বী হ’বলৈ বহু বছৰ লাগে। কিন্তু ইতৰ সমাজত সন্তান-সন্ততি জন্মৰ পিছতে পৰিপক্ক তথা স্বাৱলম্বী হয়।
১২। সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজত থকা পাৰ্থক্যবোৰ আলোচনা কৰা। (Discuss the differences between sociology and political science.)
উত্তৰঃ সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্য –
(ক) সমাজতত্ত্ব হ’ল সমাজ তথা সামাজিক সম্বন্ধৰ বিজ্ঞান। আনহাতে ৰাজনীতি বিজ্ঞান হ’ল ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিজ্ঞান।
(খ) সমাজতত্ত্ব হ’ল সাধাৰণ বিজ্ঞান কিন্তু ৰাজনীতি বিজ্ঞান হ’ল বিশেষ বিজ্ঞান।
(গ) সমাজতত্ত্বই সংগঠিত, অসংগঠিত আৰু বিশৃংখল সমাজৰ বিষয়ে অধ্যয়ন কৰে। আনহাতে ৰাজনীতি বিজ্ঞানে মাথো সংগঠিত সমাজৰ বিষয়ে অধ্যয়ন কৰে।
(ঘ) সমাজতত্ত্বয়ে মানুহৰ সামাজিক কার্যকলাপৰ বিষয়ে অধ্যয়ন কৰে; কিন্তু ৰাজনীতি বিজ্ঞানে মানুহৰ ৰাজনৈতিক কার্যকলাপৰ বিষয়ে অধ্যয়ন কৰে।
(ঙ) সমাজতত্ত্ব হ’ল নতুন অথবা তৰুণ বিজ্ঞান; কিন্তু ৰাজনীতি বিজ্ঞান হ’ল পুৰণি বিজ্ঞান।
(চ) সমাজতত্ত্বই আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। আনহাতে ৰাজনীতি বিজ্ঞানে মাথো আনুষ্ঠানিক সম্পৰ্কৰ বিষয়েহে অধ্যয়ন কৰে।
(ছ) সমাজতত্ত্বই মানুহৰ সচেতন আৰু অসচেতন কাৰ্যকলাপসমূহৰ বিশ্লেষণ কৰে। আনহাতে ৰাজনীতি বিজ্ঞানে মাথো মানুহৰ সচেতন কাৰ্যকলাপসমূহে বিশ্লেষণ কৰে।
(জ) সমাজতত্ত্ব সকলো ধৰণৰ সংগঠনৰ লগত জড়িত। আনহাতে ৰাজনীতি বিজ্ঞান মাথো ৰাষ্ট্ৰ নামৰ সংগঠনটোৰ সৈতেহে জড়িত।
১৩। সমাজতত্ত্ব আৰু সামাজিক মনোবিজ্ঞানৰ মাজত থকা পাৰ্থক্যবোৰ আলোচনা কৰা। (Discuss the differences between sociology and social psychology.)
উত্তৰঃ দুয়োটাৰে মাজত থকা পাৰ্থক্যসমূহ এনেধৰণৰ—
(ক) সমাজতত্ত্ব হ’ল সমাজৰ সামগ্রিক অধ্যয়ন। আনহাতে সামাজিক মনোবিজ্ঞান হ’ল ব্যক্তিগত তথা দলীয় আন্তঃক্রিয়া অধ্যয়ন কৰা বিজ্ঞান। সামাজিক মনোবিজ্ঞানে বিশেষ ভাবে মানুহৰ মানসিক অৱস্থাৰ ওপৰত দলীয় আন্তঃক্ৰিয়াৰ প্ৰভাৱ অধ্যয়ন কৰে। ব’গাৰডাৰ্চ এ লিখিছে যে “মনোবিজ্ঞানে মানসিক প্রক্রিয়া বৰ্ণনা কৰাৰ দৰে সমাজতত্ত্বই সামাজিক প্রক্রিয়া বর্ণনা কৰে।”
(খ) সমাজতত্ত্বই সামাজিক সমূহৰ সংগঠন, সমূহবোৰৰ প্ৰধান মূল্যবোধ সমূহ আৰু বিভিন্ন ধৰণৰ সাংগঠনিক আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজ মনোবিজ্ঞানে ব্যক্তিক দলৰ সদস্য হিচাপে অধ্যয়ন কৰে।
(গ) ব্যক্তি হ’ল সামাজিক মনোবিজ্ঞানৰ বিশ্লেষণৰ বিষয়বস্তু। কিন্তু সমাজতত্ত্ববিদৰ বাবে সামাজিক দল তথ্য সামাজিক সম্বন্ধ সমূহ হ’ল অধ্যয়নৰ প্ৰধান বিষয়। ক্লাইনবাৰ্গ ৰ মতে “সমাজতত্ববিদৰ প্ৰধান অধ্যয়নৰ বিষয় হ’ল সমূহগত আচৰণ। আনহাতে সামাজিক মনোবৈজ্ঞানিকৰ অধ্যয়নৰ প্ৰধান বিষয় হ’ল দলীয়, পৰিস্থিতিত মানুহে কৰা আচৰণ।”
(ঘ) সামাজিক জীৱনক সমাজতত্ত্ববিদে আৰু সামাজিক মনোবিজ্ঞানীয়ে বিভিন্ন দিশৰ পৰা অধ্যয়ন কৰি চায়। সমাজতত্ত্ববিদে সমাজক সম্প্ৰদায়ৰ দৃষ্টিৰে অধ্যয়ন কৰে। আনহাতে সামাজিক মনোবিজ্ঞানীয়ে মনোবৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সমাজৰ অধ্যয়ন কৰে।
১৪। সামাজিক নৃবিজ্ঞানৰ ভাগ কেইটা আৰু কি কি? ব্যাখ্যা কৰা। (How many and what are the division of social anthropology?)
উত্তৰঃ সামাজিক নৃবিজ্ঞানৰ চাৰিটা ভাগ আছে। যেনে—
(ক) মানবজাতিৰ বিৱৰণ (Ethnography): এথনোগ্রাফী হৈছে কোনো মানৱগোষ্ঠীৰ সংস্কৃতিৰ পূৰ্ণাঙ্গ বিৱৰণ। অর্থাৎ কোন নির্দিষ্ট জনগোষ্ঠীৰ সামাজিক ৰীতি-নীতি আচাৰ-আচৰণ, ধ্যান-ধাৰণা, বিশ্বাস, প্রথা আদি সম্পর্কে পূর্ণাঙ্গ আৰু নিখুত বর্ণনা এথনোগ্ৰাফীৰ মাজেদি লাভ কৰা যায়।
(খ) জাতিতত্ত্ব (Ethnology): জাতিতত্ত্ব হ’ল কোনো নির্দিষ্ট সমাজ বা সংস্কৃতিৰ বৈশিষ্ট্যসমূহৰ লগত আন সমাজ বা সংস্কৃতিৰ তুলনামূলক আলোচনা। কোনো সংস্কৃতিৰ নিবিড় বিশ্লেষণ, সাংস্কৃতিক উপাদানৰ তুলনামূলক আলোচনা আৰু সংস্কৃতিৰ ঐতিহাসিক প্রেক্ষাপট নির্ণয় আদি বিষয় জাতিতত্ত্বত লক্ষ্য কৰা যায়।
(গ) প্রত্নতত্ত্ব (Archaeology): প্রত্নতত্ত্ব আদিম মানুহৰ জীৱন বৃত্তান্ত লৈ আলোচনা কৰে। প্রত্নতাত্ত্বিক খননকাৰ্যৰ পৰা আৱিষ্কৃত আদিম অধিবাসীৰ ব্যৱহৃত সামগ্ৰীৰ ওপৰত সমীক্ষা চলাই আদিম জীৱনৰ বিভিন্ন দিশ সম্পর্কে জ্ঞান লাভ কৰিব পাৰি।
(ঘ) ভাষাতাত্ত্বিক নৃবিজ্ঞান (Linguistic Anthropology): কোনো জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ে জানিবৰ বাবে তেওঁলোকৰ ভাষা জনা একান্ত প্রয়োজনীয়। কাৰণ, ভাষা হ’ল মানুহৰ মনৰ ভাৱ প্ৰকাশৰ প্ৰধান মাধ্যম। ভাষাৰ মাধ্যমেদি মানুহে তাৰ গোটেই বিষয় আদান-প্রদান কৰি থাকে। এইকাৰণে ভাষাতাত্ত্বিক নৃবিজ্ঞান পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ভাষাৰ (লিখিত আৰু অলিখিত) উৎপত্তি বিকাশ আৰু গাঠনি সম্পর্কে গৱেষণা কৰে।
১৫। দৈহিক নৃবিজ্ঞান বুলিলে কি বুজা? (What do you mean by physical anthropology?)
উত্তৰঃ দৈহিক নৃবিজ্ঞানে মানুহৰ উৎপত্তি, বিকাশ আৰু দৈহিক গঠনক লৈ গৱেষণা আৰু পৰ্যালোচনা কৰে। প্ৰাণী জগতত মানুহৰ অৱস্থান, স্থান আৰু কালভেদে মানুহৰ যি বৈচিত্র্য লক্ষ্য কৰা যায় সেয়া নিৰ্ণয় কৰা এই বিজ্ঞানৰ অন্যতম মূল উদ্দেশ্য। পৃথিৱীৰ বিভিন্ন প্ৰান্তত অতীত আৰু বৰ্তমানত বসবাসকাৰী মানৱগোষ্ঠীৰ বৰ্ণ পৰিচয় দৈহিক নৃবিজ্ঞানীসকলে অনুসন্ধান কৰি ওলোৱাৰ চেষ্টা কৰিছে। আদিম জীৱাশ্মৰ গভীৰ বিশ্লেষণ, পর্যালোচনা আৰু বৰ্তমান প্রাইমেটৰ পৰ্যবেক্ষণৰ মাধ্যমত দৈহিক নৃবিজ্ঞানীসকলে মূলত আমাৰ বৰ্তমান অৱস্থাৰ কাৰণ আৰু প্ৰেক্ষাপট অনুসন্ধান কৰাৰ চেষ্টা কৰিছে। ইয়াৰোপৰি এজন ব্যক্তিৰ লগত আন এজন ব্যক্তিৰ মাজত যি দৈহিক পার্থক্য যেনে-চুলিৰ ৰং, নাকৰ আকাৰ, ছাল, আদি লৈহে দৈহিক নৃবিজ্ঞানে আলোচনা কৰে।
১৬। দৈহিক নৃবিজ্ঞানৰ ভাগ কেইটা আৰু কি কি? ব্যাখ্যা কৰা। (How many and what are the division of physical anthropology?)
উত্তৰঃ দৈহিক নৃবিজ্ঞানক পাঁচটা ভাগত ভাগ কৰা যায়। ভাগকেইটা হ’ল—
(ক) মানুহৰ অংগ সংস্থানবিদ্যা (Human Morphology): মানুহৰ দৈহিক গঠন আৰু ইয়াৰ বিভিন্ন অংগ-প্রত্যঙ্গ যেনে-হাত, নাক, চকু, কাণ আদি এই শাখাৰ আলোচ্য বিষয়। এই সকলো বিষয়ত দৈহিক নৃবিজ্ঞানীসকলে সিহঁতৰ পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা অব্যাহত ৰাখিছে।
(খ) মানৱ জীৱবিজ্ঞান (Human Biology): দৈহিক গঠন আৰু উপাদানৰ ভিত্তি পৃথিৱীত বসবাসকাৰী বিভিন্ন প্ৰাণীৰ মাজত মানুহৰ অৱস্থান নির্ণয় কৰা এই শাখাটোৰ মূল কাম। ইয়াৰ লগতে নতুন পৰিৱেশত মানুহ কেনেকৈ খাপ খাই জীয়াই থাকে সেয়াও মানৱ জীৱবিজ্ঞানৰ গৱেষণাৰ বিষয়।
(গ) মানৱ জীবাশ্ম বিজ্ঞান (Human Paleontology): দৈহিক নৃবিজ্ঞানৰ এই শাখাই মানুহৰ জীৱাশ্মক লৈ গৱেষণা আৰু আলোচনা কৰে। জীৱাশ্ম-বিজ্ঞানীসকলে পৃথিৱীৰ বিভিন্ন ঠাইত ভূমি খনন কৰি প্ৰাপ্ত আদি-মানৱৰ কংকাল, হাড়-মূৰৰ খোলাৰ ওপৰত গৱেষণা কৰি এইবোৰৰ ওপৰত নানা তথ্য উদ্ঘাটন কৰে।
(ঘ) প্রাইমেটলজী (Primatology): এই শাখাৰ মূল কাম হ’ল স্তন্যপায়ী প্রাণীসকলক লৈ গৱেষণা কৰা। বিশেষত চিম্পাঞ্জী, গৰিলা আদিৰ লগত মানৱ জাতিৰ মিল-অমিল আৰু সম্পৰ্ক নির্ণয় কৰা।
(ঙ) নৰদেহৰ পৰিমাপবিদ্যা (Anthropometry): এই শাখাই মানৱ দেহৰ গঠন প্ৰণালী আৰু তাৰ বিভিন্ন অংগ-প্রত্যঙ্গৰ পাৰ্থক্য দাঙি ধৰে। অৰ্থাৎ মানৱদেহৰ বিভিন্ন অংগৰ পৰিমাপ কৰাই দৈহিক নৃবিজ্ঞানৰ মূল কাৰ্য।
১৭। মনোবিজ্ঞানৰ প্ৰাৰম্ভিক বিকাশ সম্পর্কে যি জানা লিখা। (Write about the early development of psychology.)
উত্তৰঃ ১৯ শতিকাৰ আগলৈকে মন সম্পৰ্কীয় সকলোবোৰ অধ্যয়ন দৰ্শনৰ অন্তৰ্ভুক্ত আছিল। দার্শনিকসকলে মানসিক আচাৰ-আচৰণ বা ক্ৰিয়া-কলাপ সম্পর্কে কেৱল অনুমানহে কৰিছিল। মন সম্পর্কে গ্রীক দার্শনিক প্লেটোৱে পোন প্রথমে ব্যাখ্যা দাঙি ধৰিছিল। তেওঁ মনক দেহৰ পৰা বিচ্ছিন্ন সত্তা হিচাপে গণ্য কৰিছিল। আধুনিক যুগত স্নায়ুবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ বিকাশৰ লগে লগে মনোবিজ্ঞানৰো নৱ বিকাশ ঘটে আৰু আধুনিক বিজ্ঞানৰ এক অন্যতম শাখা হিচাপে মনোবিজ্ঞানৰ বিকাশ আৰম্ভ হয়। স্নায়ুবিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ মাজতেই যে মনোবিজ্ঞানৰ প্ৰাথমিক ভিত্তি নিহিত হৈ আছে সেই কথা পোহৰলৈ আনে জাৰ্মান শৰীৰ বিজ্ঞানী জোহানছ পিটাৰ মূলাৰে। অৱশ্যে মনোবিজ্ঞানক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰটো কৰিছিল আন এজন জার্মান বিজ্ঞানী হাৰমেন ভন হেল্মহল্টজে (Hermann Von Helmholtz)। ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী টমাছ ইয়ঙৰ প্ৰস্তাৱিত ৰং সংক্রান্ত নীতিক লৈ গৱেষণা কৰি তেওঁ ইয়ং হেল্মহল্টজ সূত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই সূত্ৰৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিছিল যে তিনিটা বিভিন্ন ৰঙৰ (সেউজীয়া, নীলা আৰু ৰঙা) অনুভূতিৰ সৃষ্টি হয় মানুহৰ চকুৰ ৰেটিনাৰ লগত সংযুক্ত তিনি ধৰণৰ স্নায়ুৰ কৰ্ম-তৎপৰতাৰ ফলত। পাছত আন এটাকৈ আমাৰ মন সম্পৰ্কীয় ৰহস্য উদঘাটন কৰি ইয়াৰ জয় যাত্রা অব্যাহত ৰাখিছে।
১৮। মনোবিজ্ঞানৰ শাখাসমূহ উল্লেখ কৰা। (Mention the branches of psychology.)
উত্তৰঃ মনোবিজ্ঞানৰ বিভিন্ন শাখাসমূহহ’ল—
(ক) চিকিৎসা মনোবিজ্ঞান।
(খ) শিক্ষা মনোবিজ্ঞান।
(গ) সামাজিক মনোবিজ্ঞান।
(ঘ) ঔদ্যোগিক মনোবিজ্ঞান।
(ঙ) প্রযুক্তি মনোবিজ্ঞান।
(চ) শৰীৰ মনোবিজ্ঞান।
(ছ) পৰীক্ষণমূলক মনোবিজ্ঞান।
(জ) শিশু মনোবিজ্ঞান।
(ঝ) অপৰাধ মনোবিজ্ঞান।
(ঞ) অস্বাভাৱিক মনোবিজ্ঞান।
(ট) বিকাশাত্মক মনোবিজ্ঞান।
১৯। মনোবিজ্ঞানৰ আচৰণবাদৰ (Behaviorism) সম্পর্কে লিখা। (Write about behaviorism psychology.)
উত্তৰঃ আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত। আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন. বি. ৱাটচন আৰু বি. এফ. স্কীনাৰ। ইয়াৰোপৰি ৰাছিয়াৰ আইভান পাভলভ, বেখটার্ড আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰি জনোৱা কাৰ্যই হ’ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ। আচৰণবাদীসকলে মানুহে কাহ মৰা, হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন বুলি বিশ্বাস কৰে। আচৰণবাদৰ জৰিয়তে ৱাটচনে মনোবিজ্ঞানৰ জগতলৈ এক নতুন জোৱাৰ আনিলে। তেওঁ মানুহ আৰু জন্তুৰ আচৰণক মনোবিজ্ঞানৰ এক জড়বাদী আহিলা হিচাপে মত আগবঢ়ালে।
২০। মনোবিজ্ঞানৰ মনোবিশ্লেষণ বা মনঃসমীক্ষণ মতবাদ সম্পর্কে লিখা। (Write about psychoanalysis or psychoanalytic doctrine in psychology.)
উত্তৰঃ কুৰি শতিকাৰ আৰম্ভণিতেই সমগ্ৰ বিশ্বকেই জোকাৰি যোৱা এটা তত্ত্বহ’ল মনোবিশ্লেষণ বা মনঃসমীক্ষণ। এই তত্ত্বৰ প্ৰভাৱতেই চিকিৎসাবিজ্ঞানত সংযোজিত হৈছিল এক নতুন শাখা, সেয়া হ’ল চিকিৎসা মনোবিজ্ঞান বা মনোৰোগ বিজ্ঞান। শৰীৰবিজ্ঞানী ডঃ চিগমাণ্ড ফ্ৰয়ডৰ উপৰিও মনোবিশ্লেষণৰ জগতলৈ অৱদান আগবঢ়াই যোৱা কেইজনমান জগতবিখ্যাত মনোবিদৰ ভিতৰত কাৰ্ল গুষ্টাঙ য়ুং, আলফ্রেড এডলাৰ, এৰিক এৰিক্ছন উল্লেখযোগ্য। এই তত্ত্বই কেৱল মনোবিজ্ঞানৰ জগতকেই প্ৰভাৱিত কৰি ক্ষান্ত থকা নাছিল, ই মানুহৰ মন, সমাজ, সাহিত্য, জীৱনাদৰ্শৰ ওপৰতো গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। মানুহ নামৰ প্ৰাণীটোৰ সম্পৰ্ক, এই তত্ত্বই মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল। এই তত্ত্বই আমাক নতুনকৈ শিকালে যে মানুহ অমৃতৰ সন্তান নহয়, আনকি আগৰ দিনৰ পণ্ডিতসকলে ভাবি থকাৰ দৰে মানুহ যুক্তিবাদী প্রাণীও নহয় ৷ মানুহ প্ৰকৃততে কিছুমান জৈৱিক প্ৰবৃত্তি আৰু আৱেগৰ দ্বাৰাহে পৰিচালিত হয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল মানুহ দূৰ-দূৰণিৰ গ্রহ-নক্ষত্ৰ চাব জানিলেও মানুহে কিন্তু নিজৰ বেছিভাগ বিষয়তেই অন্ধ হৈ থাকে।
মনোবিশ্লেষণে মানুহৰ মনোজগতৰ বহুতো গোপন ৰহস্য আমাৰ আগত দাঙি ধৰিছিল। মানুহৰ মন সম্পর্কে আৱিস্কৃত এই অপ্রিয় কিন্তু সত্য যেন লগা কথাবোৰক সেই সময়ৰ বহুতো লোকে মানি ল’বলৈ টান পাইছিল যদিও এনেবোৰ কথাই জীৱন সম্পর্কে উৎসুক নৱপ্ৰজন্মক উল্লাসিতও কৰিছিল। যদিও মনোবিশ্লেষণবাদ প্রায়োগিক ক্ষেত্ৰত সমান আৰু সৰ্বগ্ৰহণযোগ্য, তথাপিও ইয়াক বিজ্ঞান বুলি প্ৰমাণ কৰাত বহুতো যৌক্তিক সীমাবদ্ধতা আহি পৰে। এক কথাত ক’বলৈ গ’লে মনোবিশ্লেষণ বা ফ্রয়েডীয় মনোবিজ্ঞান মানুহৰ অৱচেতন মনৰ এক দার্শনিক অনুমানভিত্তিক অধ্যয়ন। মানসিক ৰোগ নিৰাময়, মনৰ অস্বাভাৱিক ভাব অনুভূতিৰ বিশ্লেষণ, সপোন বিশ্লেষণ, নাৰী আৰু শিশু মনৰ বিশ্লেষণৰ ক্ষেত্ৰত ফ্রয়ডীয় মনোবিশ্লেষণ আজিও প্ৰভাৱশালী আৰু অপ্রতিদ্বন্দ্বী।
২১। সামাজিক নৃতত্ত্বৰ উদ্ভৱ সম্পর্কে আলোচনা কৰা। (Discuss the origins of social anthropology.)
উত্তৰঃ সামাজিক নৃতত্ত্ব হ’ল সাংস্কৃতিক নৃতত্ত্বৰ এটা উপভাগ। নৃতত্ত্বৰ অন্যান্য ভাগবোৰৰ তুলনাত সামাজিক নৃতত্ত্ব নতুন বিষয়। ঊনবিংশ শতিকাৰ শেষভাগত ইংলেণ্ডত ‘সামাজিক নৃতত্ত্ব’ নামটোৰ ব্যৱহাৰ হ’বলৈ ধৰে। সামাজিক নৃতত্ত্বক ‘নৃগোষ্ঠীতত্ত্ব’ আৰু ‘সমাজ বিজ্ঞান’ৰ পৰা পৃথকভাৱে চিহ্নিত কৰাৰ উদ্দেশ্যে এই নামটো ব্যৱহাৰ কৰা হৈছিল। ‘Social Anthropology’ নামটো ছাৰ জেমছ ফ্ৰেজাৰে (১৮৫৪-১৯৪১) পোন প্ৰথমে তেওঁৰ লিখনিসমূহত উল্লেখ কৰিছিল। ছাৰ জেমছ্ ফ্ৰেজাৰ হ’ল সামাজিক নৃতত্ত্বৰ প্ৰথম অধ্যাপক। ফ্ৰেজাৰে নৃতাত্ত্বিক চৰ্চাৰ বিষয়ে পোন প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল। ফ্ৰেজাৰৰ এই সফলতাৰ পিছত ব্রনিক্স মেলিন’স্কি, ৰেডফ্লিক ব্রাউন, ৰেমণ্ড ফাৰ্থ, ইভান্স প্ৰিটছাৰ্ড, ৰালফ্ পিডিংটন আদি নৃতাত্ত্বিকে সামাজিক নৃতত্ত্বৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিছে। বর্তমান সময়ত আৰ্থ-সামাজিক উন্নয়ন, পৰিৱৰ্তন, সামাজিক সমস্যা আদি সমাধান কৰাৰ ক্ষেত্ৰত সামাজিক নৃতত্ত্বৰ গুৰুত্ব বৃদ্ধি পাব ধৰিছে।
সামাজিক নৃতত্ত্বই মানৱ সমাজক সামগ্রিকভাৱে অধ্যয়ন কৰে। সমাজ এখনৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি ইত্যাদি সকলো দিশৰ ওপৰত সামাজিক নৃতাত্ত্বিকে সকলো খৰচি মাৰি অধ্যয়ন কৰা পৰিলক্ষিত হয়। সামাজিক নৃতাত্ত্বিকসকলৰ অধ্যয়নৰ ক্ষেত্ৰ যদিও আপেক্ষিকভাৱে পিছপৰা জনজাতীয় লোকসকলৰ সমাজ আৰু সংস্কৃতি কিন্তু বর্তমান সময়ত তেওঁলোকে কাৰিকৰী দিশত উন্নত আধুনিক সমাজ আৰু সংস্কৃতিৰ বিষয়েও অধ্যয়ন কৰে। আদিম বা প্রাক্ আক্ষৰিক লোকসকলৰ সমাজ আৰু সংস্কৃতি, বৰ্তমান সময়ত তেওঁলোকে কাৰিকৰী দিশত উন্নত আধুনিক সমাজ আৰু সংস্কৃতিৰ বিষয়েও অধ্যয়ন কৰে। আদিম বা প্রাকৃআক্ষৰিক লোকসকলৰ ওপৰত অধ্যয়ন কৰি আহৰণ কৰা তথ্যসমূহে উন্নত আৰু জটিল সমাজবোৰ অধ্যয়ন কৰাত যথেষ্ট অৰিহণা যোগায়। বিভিন্ন আদিম বা প্রাক্-আক্ষৰিক আৰু উন্নত সমাজসমূহৰ অধ্যয়নে সেই সমাজসমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা উন্নয়নমূলক তথা জনকল্যাণমূলক আঁচনিসমূহে সঠিকভাৱে ৰূপায়ণ কৰাত সহায় কৰে। এই ক্ষেত্ৰত চৰকাৰেও সামাজিক নৃতাত্ত্বিক পৰামৰ্শ গ্ৰহণ কৰে।
২২। আদিম সমাজ আৰু উন্নত সমাজৰ বৈশিষ্ট্যসমূহ লিখা। (Write the characteristics of primitive society and advanced society.)
উত্তৰঃ আদিম সমাজৰ বৈশিষ্ট্যঃ
(ক) আদিম সমাজৰ লোকসকল সাধাৰণতে নিৰক্ষৰ হয়। তেওঁলোকৰ মাজত কোনো লিপি আৰু লিখিত সাহিত্য নাথাকে।
(খ) জনসংখ্যা তাকৰ। এওঁলোকৰ সামাজিক গোটবোৰ সৰু সৰু। যেনে-ডাঙৰ পৰিয়াল, গোত্র গাঁও উপজাতি ইত্যাদি।
(গ) সকলো ক্ষেত্ৰতে স্বজনতা আৰু সমস্থানীয়তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।
(ঘ) কাৰিকৰী বিদ্যাত পিছপৰা। সেয়েহে বস্তুগত সংস্কৃতি অনুন্নত ব্যৱসায়ৰ ওপৰত আধাৰিত কর্মবিভাজনত নাই একেজন লোকেই সমাজৰ সকলো কাম সমাধা কৰে।
(ঙ) অর্থনীতি সৰল। ব্যৱসায়-বাণিজ্যৰ প্ৰচলন দেখা নাযায়।
(চ) এওঁলোকে সাধাৰণতে পিছপৰা আৰু আওহতীয়া ঠাইত বসবাস কৰে।
(ছ) প্ৰতিৰক্ষা ব্যৱস্থা স্বয়ংসম্পূর্ণ।
(জ) ধৰ্ম আৰু যাদুবিদ্যাৰ প্ৰচলন সৰ্বাত্মক।
উন্নত সমাজৰ বৈশিষ্ট্যঃ
(ক) উন্নত সমাজত শিক্ষাৰ সু-ব্যৱস্থা আছে। এওঁলোকৰ লিপি আৰু লিখিত সাহিত্য থাকে।
(খ) জনসংখ্যা অধিক। সমাজবোৰৰ ভাগবোৰ ডাঙৰ। যেনে-ৰাজ্য, ৰাষ্ট্ৰ, সাম্ৰাজ্য আদি।
(গ) কাৰিকৰী বিদ্যাত আগবঢ়া।
(ঘ) বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি সমাজত কর্মবিভাজন থাকে।
(ঙ) অর্থনীতি জটিল। ব্যৱসায়-বাণিজ্যৰ প্ৰচলন আছে।
(চ) ধৰ্ম আৰু যাদুবিদ্যাৰ প্ৰভাৱ কম।
(ছ) বিজ্ঞান আৰু ধৰ্মৰ প্ৰণালীবদ্ধ চৰ্চা হয়।
২৩। সৰল সমাজ আৰু উন্নত সমাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা। (Mention the difference between simple society and a developed society.)
উত্তৰঃ (ক) সৰল সমাজৰ গোটবোৰ সৰু সৰু। সাধাৰণতে গাইগুটীয়াভাৱে জীৱন যাপন কৰে। উন্নত সমাজ গোটবোৰ বহুসংখ্যক সদস্যৰে গঠিত। অর্থনৈতিক জীৱন স্বয়ংপূর্ণ নোহোৱা বাবে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।
(খ) সৰল সমাজৰ প্ৰজাতি আৰু প্ৰথাবোৰ সমপ্ৰকাৰৰ। উন্নত সমাজৰ প্ৰজাতি আৰু প্ৰথাবোৰ বাৰেমিহলি।
(গ) সৰল সমাজৰ বস্তুগত সংস্কৃতি অনুন্নত। উন্নত সমাজৰ বস্তুগত সংস্কৃতি উন্নত।
(ঘ) সৰল সমাজৰ লিপি তথা শিক্ষানুষ্ঠানৰ ব্যৱস্থা নাই। উন্নত সমাজৰ লিপি আৰু শিক্ষানুষ্ঠানৰ ব্যৱস্থা আছে।
(ঙ) সবল সমাজৰ পৰিৱৰ্তনৰ হাৰ কম। উন্নত সমাজৰ পৰিৱৰ্তনৰ হাৰ বেছি।
(চ) সৰল সমাজৰ অৰ্থনীতি সৰল। ব্যৱসায়-বাণিজ্যৰ প্ৰচলন নাই। উন্নত সমাজৰ অৰ্থনীতি জটিল। ব্যৱসায়-বাণিজ্য আছে।
(ছ) সৰল সমাজত মুদ্ৰাৰ প্ৰচলন নাই। বিনিময় প্ৰথাৰ দ্বাৰা বস্তুৰ আদান-প্রদান হয়। উন্নত সমাজৰ মুদ্ৰাৰ প্ৰচলন আছে। ব্যৱসায়-বাণিজ্য মুদ্ৰাৰ দ্বাৰা কৰা হয়।
২৪। সামাজিক অনুষ্ঠান বুলিলে কি বুজা? সামাজিক অনুষ্ঠানৰ বৈশিষ্ট্যসমূহ লিখা। (What do you mean by social events? Write the characteristics of social events.)
উত্তৰঃ সমাজত নানা সংগঠন বা অনুষ্ঠান থাকে। সমাজৰ বিভিন্ন চাহিদা পূৰ্ণ কৰাৰ কাৰণে সামাজিক অনুষ্ঠানসমূহ গঢ় লৈ উঠে। কেইটামান উল্লেখযোগ্য সামাজিক অনুষ্ঠান হ’ল পৰিয়াল, গোত্র, মইটি বিবাহ আদি। সামাজিক অনুষ্ঠানসমূহ অবোধ শিশু এটিক সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে সামাজিক ৰীতি-নীতিসমূহৰ শিক্ষা দিয়ে। ইয়াৰ উপৰিও সামাজিক অনুষ্ঠানসমূহে সমাজৰ পৰম্পৰাসমূহজীয়াই ৰখাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে।
তলত সামাজিক অনুষ্ঠানৰ কেইটামান প্রধান বৈশিষ্ট্য উল্লেখ কৰা হ’ল—
(ক) সামাজিক অনুষ্ঠান কোনো নির্দিষ্ট লক্ষ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে।
(খ) প্রত্যেক সামাজিক অনুষ্ঠানৰে বস্তুকেন্দ্ৰিক বা অবস্তুকেন্দ্রিক প্রতীক একোটা থাকে।
(গ) সামাজিক অনুষ্ঠানবোৰ নিৰ্দিষ্ট নিয়ম-নীতিৰ আধাৰত পৰিচালিত হয়। অনুষ্ঠানৰ সদস্যসকলে প্রচলিত নিয়ম-নীতি মানি চলিব লাগে।
(ঘ) অনুষ্ঠানবোৰৰ ধৰ্মীয় মতবাদ আৰু আচাৰ বিধিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা কিছুমান নির্দিষ্ট কার্য পদ্ধতি আছে।
(ঙ) অনুষ্ঠানৰ সফলতা নিৰ্ভৰ কৰে সদস্যসকলৰ সামগ্রিক সহযোগিতাৰ ওপৰত।
২৫। সম্প্রদায় বুলিলে কি বুজা? সম্প্ৰদায়ৰ বৈশিষ্ট্যসমূহ লিখা। (What do you mean by community? Write the characteris-tics of community)
উত্তৰঃ সম্প্ৰদায় বুলিলে সাধাৰণতে ওচৰা-ওচৰিকৈ বসবাস কৰা, প্রাত্যহিক জীৱনত মুখামুখি বা নিবিড় সম্বন্ধ ৰক্ষা কৰি বিভিন্ন বন্ধনেৰে বান্ধোন খাই থকা কিছুমান পৰিয়ালৰ সমষ্টিক বুজা যায়। কোনো এক সম্প্ৰদায়ৰ লোকসকলে এক নির্দিষ্ট এলেকাত পাৰস্পৰিক নিবিড় সম্বন্ধ ৰক্ষা কৰি বসবাস কৰে।
সম্প্ৰদায়ৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল—
(ক) প্রত্যেক সম্প্ৰদায়ৰে একো একোটা নির্দিষ্ট নাম থাকে।
(খ) সম্প্ৰদায়ৰ লোকসকলে কোনো এক নির্দিষ্ট এলেকাত বসবাস কৰে।
(গ) সম্প্ৰদায়ৰ লোকসকলে দৈনন্দিন জীৱনত সাধাৰণতে ইজনে সিজনৰ লগত মুখামুখি সম্বন্ধ ৰক্ষা কৰি চলে।
(ঘ) কোনো সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত পৰিয়ালসমূহৰ জীৱিকা নিৰ্বাহৰ পদ্ধতি সাধাৰণতে একে হয়।
(ঙ) প্রত্যেক সম্প্ৰদায়ৰে নিজস্ব ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু সংস্কৃতি আছে।
২৬। সমাজ আৰু সম্প্ৰদায়ৰ মাজত পাৰ্থক্যসমূহ লিখা। (Write about the differences between society and community.)
উত্তৰঃ (ক) সমাজ নিৰাবয় বা ভাবাত্মক, সম্প্রদায় নিৰাবয় বা ভাবাত্মক নহয়।
(খ) সমাজৰ বাবে এক নিৰ্দিষ্ট অঞ্চল অপৰিহাৰ্য নহয়। বিভিন্ন স্থানত কৰ্মৰত লোকসকলেও এখন সমাজ গঠন কৰিব পাৰে। সম্প্ৰদায়ৰ বাবে কোনো এক নির্দিষ্ট অঞ্চল থকাটো অপৰিহাৰ্য। সম্প্ৰদায়ৰ লোকসকলে প্রাত্যাহিক জীৱনত মুখামুখি সম্বন্ধ ৰক্ষা কৰি চলে।
(গ) সমাজ স্বাৱলম্বী। সমাজত বিভিন্ন বৃত্তিৰ মানুহে বসবাস কৰে কাৰণে সকলো ধৰণৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিব পাৰে। সম্প্ৰদায় স্বাৱলম্বী নহয়। সম্প্ৰদায় এটাত একে বৃত্তিধাৰী লোকসকলে বসবাস কৰে কাৰণে প্ৰয়োজনীয় চাহিদা পূৰণ কৰিবলৈ অন্য সম্প্ৰদায়ৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।
(ঘ) উমৈহতীয়া উদ্দেশ্যসমূহ সমাজত বিস্তৃত আৰু সমন্বয়শীল। সম্প্ৰদায়ত উমৈহতীয়া উদ্দেশ্যসমূহৰ বিস্তৃতি সীমাবদ্ধ আৰু অসমন্বয়শীল।
(ঙ) সমূহীয়া ভাবনা বেছি প্ৰয়োজনীয় নহয়। সম্প্রদায়ত সমূহীয়া ভাবনা অত্যন্ত প্রয়োজনীয়।
(চ) সমাজ বিস্তৃত। সমাজৰ সদস্য সকলৰ মাজত দৈনন্দিন জীৱনত মুখামুখি সম্বন্ধ নাথাকিবও পাৰে। সম্প্ৰদায় বিস্তৃত নহয়। সম্প্ৰদায়ৰ সদস্যসকলে প্রাত্যাহিক জীৱনত ইজনে সিজনক নিবিড়ভাৱে লগ পায়।
২৭। চিগ্মাণ্ড ফ্রয়েডৰ মতে মনঃসমীক্ষণ তত্ত্বটো কি? ইয়াৰ ভাগ কেইটাৰ বিৱৰণ দিয়া। (What is Sigmund Freud’s psychoanalytic theory? Give the details of how many division of it?)
উত্তৰঃ চিগ্মাণ্ড ফ্রয়েডৰ মতে, “মানুহৰ অবচেতন মনত বহু কামনা-বাসনা অৱদমিত অৱস্থাত থাকে, ইয়াৰ কিছুমান সপোনৰ মাধ্যমত প্রকাশ পায় ইয়াকে ফ্রয়েডীয় তত্ত্ব বোলে।
ফ্রয়েডে মানুহৰ মনৰ তিনিটা স্তৰৰ কথা কৈছে—
(ক) চেতন (Conscious)
(খ) অৱচেতন (Subconscious)
(গ) অচেতন (Unconscious)
অচেতন স্তৰৰ আকৌ দুটা ভাগ—
(ক) অচেতনৰ প্ৰথম স্তৰ (Primary Unconscious)
(খ) অচেতনৰ দ্বিতীয় স্তৰ (Secondary Unconscious)
আৰু অচেতনৰ প্ৰাথমিক স্তৰৰ আকৌ দুটা ভাগ আছে—
১। প্ৰেমৰ এষণা (Eros)
২। মৃত্যুৰ এষণা (Thamotos)
অচেতনৰ দ্বিতীয় স্তৰৰ পৰা অৱদমিত আবেগৰ জন্ম হয় ৷ মানুহৰ হিংসা, ক্রোধ, বিৰহ, নৈৰাশ্য, শোক অপূর্ণ কামনা-বাসনা আদি নানাবিধ আবেগ অৱদমিত আকাৰত অৱচেতন মনলৈ অৱস্থান কৰে আৰু প্ৰতীকৰ ৰূপত পুনৰায় চেতন মনলৈ ঘূৰি আহে, যি সপোনৰ মাজত ধৰা পৰে।
২৮। সমাজতত্ত্বৰ বিষয়বস্তু কি? (What is the content of sociology?)
উত্তৰঃ সমাজতত্ত্ব হ’ল সমাজৰ বিজ্ঞানসন্মত বিষয় । ইয়াৰ প্ৰধান লক্ষণ হ’ল – সামাজিক ঘটনাবোৰক বিজ্ঞান সন্মত অধ্যয়নৰ জৰিয়তে ইয়াৰ কাৰণ আৰু প্ৰকৃতি নিৰ্ণয় কৰি একোটা সাধাৰণ সিদ্ধান্ত প্ৰকাশ কৰা।
সমাজতত্ত্বৰ বিষয় বস্তুবোৰ হ’ল –
(ক) সমাজতত্ত্বই বিভিন্ন মৌলিক সামাজিক অনুষ্ঠান যেনে – পৰিয়াল আৰু জ্ঞাতি ধর্ম অর্থনৈতিক, ৰাজনৈতিক, আহন-কানুন, শৈক্ষিক আৰু বৈজ্ঞানিক প্ৰতিষ্ঠানৰ বিকাশ গাথঁনি তথা, কার্য সম্পাদন পদ্ধতি অধ্যয়ন কৰে।
(খ) সমাজতত্ত্বৰ অধ্যয়নত বিভিন্ন সামাজিক পদ্ধতি যেনে – সহযোগিতা, প্রতিযোগিতা, সদৃশকৰণ সামাজিক সংঘর্ষ, সামাজিক পৰিৱৰ্তন, সামাজিক প্রভেদ আৰু স্তৰীকৰণ, সামাজিকীকৰণ, সামাজিক নিয়ন্ত্ৰণ আৰু বিচ্যুতি ইত্যাদিয়ে বিশেষ গুৰুত্ব লাভ কৰে।
(গ) গৱেষণা পদ্ধতিৰ ওপৰতো সমাজতত্ত্বই যথেষ্ট গুৰুত্ব আৰোপ কৰে। সমাজতত্ত্বই দার্শনিক আৰু আদৰ্শবাদী বৈশিষ্ট্য পৰিহাৰ কৰি আগতকৈ অধিক যুক্তিসংগত আৰু পৰীক্ষামূলক প্ৰকৃতিৰ হৈ উঠিছে।
(ঘ) সমাজতত্ত্ববিদসকলে সমাজ সম্পৰ্কীয় বিভিন্ন ধাৰণা আৰু সূত্ৰ গঠনৰ প্ৰচেষ্টা কৰে।
(ঙ) জন বিস্ফোৰণৰ বৰ্তমান যুগত সমাজতত্ত্ববিদসকলে বিশেষ বুৎপত্তি অৰ্জন কৰিছে।
সেয়ে বর্তমান অনুসন্ধানৰ বহুতো ব্যুৎপত্তি অৰ্জন কৰিব পৰা ক্ষেত্ৰত উত্থান ঘটিছে। জ্ঞানৰ সমাজতত্ত্ব ইতিহাসৰ সমাজতত্ত্ব, ঔষধৰ সমাজতত্ত্ব, সাংস্কৃতিৰ সমাজতত্ত্ব ধৰ্মৰ সমাজতত্ত্ব শিক্ষাৰ সমাজতত্ত্ব আদিয়ে এনে বিশেষ ব্যুৎপত্তি লাভৰ ক্ষেত্ৰবোৰৰ প্ৰতিনিধিত্ব কৰে।
২৯ ৷ নৃতত্ত্ব বিজ্ঞানে কি অধ্যয়ন কৰে? (What does anthropology study in science?)
উত্তৰঃ সমাজতত্ত্ব আৰু নৃতত্ত্ব বিজ্ঞানৰ সম্বন্ধ ইমান গভীৰ যে প্ৰায়ে দুয়োটাকে এটা আনটোৰ সমাৰ্থক আৰু এটা অধ্যয়নৰে দুটা নাম বুলি ধৰা হয়।
‘Anthropology’ শব্দটো গ্ৰীক শব্দ ‘Anthropos’ আৰু ‘Logos’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। ‘Anthropos’ ৰ অৰ্থ হ’ল ‘মানুহ’ আৰু ‘Logos’ মানে ‘অধ্যয়ন’। সেয়েহে ইয়াৰ বুৎপত্তিগত অৰ্থ হ’ল মানুহৰ অধ্যয়ন, অর্থাৎ নৃতত্ত্ব বিজ্ঞান হ’ল মানৱ প্ৰজাতিৰ বিকাশৰ অধ্যয়ন। নৃতত্ত্ব বিজ্ঞানৰ পৰিসৰ বহল। নৃতত্ত্ব বিজ্ঞানে মানুহৰ শাৰীৰিক তথা সামাজিক দুয়োটা দিশৰ অধ্যয়নক সামৰি লয়।
নৃতত্ত্ব বিজ্ঞানে মানুহ আৰু মানৱ সংস্কৃতিৰ ঐতিহাসিক বিকাশৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে সমাজতত্ত্বই বৰ্তমানত ঘটা ঘটনাসমূহৰ ভিত্তিত একেবাৰে পৰিঘটনা অধ্যয়ন কৰে। নৃতত্ব বিজ্ঞানে যোগান ধৰা সমলৰ ওপৰত সমাজতত্ত্ব নিৰ্ভৰশীল ৷ দৰাচলতে সমাজতত্ত্বৰ ঐতিহাসিক অংশসমূহ সাংস্কৃতিক নৃতত্ত্ব বিজ্ঞানৰ দৰে একে। সমাজতত্ত্বৰ অধ্যয়নত নৃতত্ত্ব বিজ্ঞানৰ অৰিহণা অতি গভীৰ।
৩০। ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্বৰ মাজত কি পার্থক্য আছে? (What is the difference between political science and sociology?)
উত্তৰঃ সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তুসমূহ বহুক্ষেত্ৰত একে যদিও দুয়োৰে দৃষ্টি ভঙ্গীসমূহ পৃথক। উদাহৰণস্বৰূপে, এজন সমাজতত্ত্ববিদে ৰাষ্ট্ৰক এটি সামাজিক সংস্থা হিচাপে বুজাটো প্রয়োজন। আনহাতে ৰাষ্ট্ৰ সম্পৰ্কে এজন ৰাজনীতিবিদৰ দৃষ্টিভঙ্গী, ক্ষমতা সম্প্ৰদায়ৰ চৰম নিয়ন্ত্ৰণ তথা ৰাজনৈতিক আইনৰ উৎসৰ লগত জড়িত হোৱাটো প্রয়োজনীয়।
সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ পাৰ্থক্য —
(ক) সমাজতত্ত্ব হ’ল সমাজ তথা সামাজিক সম্বন্ধৰ বিজ্ঞান। আনহাতে ৰাজনীতি বিজ্ঞান হ’ল ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিজ্ঞান।
(খ) সমাজতত্ত্ব হ’ল সাধাৰণ বিজ্ঞান কিন্তু ৰাজনীতি বিজ্ঞান হ’ল বিশেষ বিজ্ঞান।
(গ) সমাজতত্ত্বই সংগঠিত, অংসগঠিত আৰু বিশৃংখল সমাজৰ বিষয়ে অধ্যয়ন কৰে।
আনহাতে ৰাজনীতি বিজ্ঞানে মাথো সংগঠিত সমাজৰ বিষয়ে অধ্যয়ন কৰে।
(ঘ) সমাজতত্ত্বয়ে মানুহৰ সামাজিক কার্যকলাপৰ বিষয়ে অধ্যয়ন কৰে; কিন্তু ৰাজনীতি বিজ্ঞানে মানুহৰ ৰাজনৈতিক কার্যকলাপৰ বিষয়ে অধ্যয়ন কৰে।
(ঙ) সমাজতত্ত্ব হ’ল নতুন অথবা তৰুণ বিজ্ঞান; কিন্তু ৰাজনীতি বিজ্ঞান হ’ল পুৰণি বিজ্ঞান।
(চ) সমাজতত্ত্বই আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে৷ আনহাতে ৰাজনীতি বিজ্ঞানে মাথো আনুষ্ঠানিক সম্পৰ্কৰ বিষয়েহে অধ্যয়ন কৰে।
(ছ) সমাজতত্ত্বই মানুহৰ সচেতন আৰু অসচেতন কাৰ্য্যকলাপ সমূহ বিশ্লেষণ কৰে। আনহাতে ৰাজনীতি বিজ্ঞানে মাথো মানুহৰ সচেতন কাৰ্য্যকলাপ সমূহে বিশ্লেষণ কৰে।
(জ) সমাজতত্ত্ব সকলো ধৰণৰ সংগঠনৰ লগত জড়িত। আনহাতে ৰাজনীতি বিজ্ঞান মাথো ৰাষ্ট্ৰ নামৰ সংগঠনটোৰ সৈতেহে জৰিত।
৩১। সমাজতত্ত্ব আৰু ইতিহাসৰ মাজত থকা সম্বন্ধসমূহ বর্ণনা কৰা। (Describe the relationship between sociology and history.)
উত্তৰঃ ইতিহাসৰ সৈতে সমাজতত্ত্বৰ এক ওতঃপ্রোত সম্পর্ক আছে। আমি জানো যে ইতিহাস হৈছে অতীতৰ তথ্য সংগ্রহ। ইতিহাসে মানৱ সভ্যতাৰ সামাজিক ক্রমবিকাশ কোন দিশত হৈছিল সেইটো সূচায়। ইতিহাসে অতীতৰ লগত জড়িত বিভিন্ন বিষয়, ঘটনা আৰু দৃশ্য বৰ্ণনা কৰে। সমাজতত্ত্বই বিশেষভাৱে সমাজৰ ঐতিহাসিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কেনেদৰে মানৱ সভ্যতা তথা সামাজিক সম্বন্ধৰ উদ্ভৱ আৰু পৰিৱৰ্তন ঘটে তাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ বাবে সমাজতত্ত্ব ইতিহাসৰ ওপৰত নিৰ্ভৰশীল হয়। সেয়েহে ইতিহাসে আমাক তথ্য আৰু সমল দিয়ে যাক আমি বিশ্লেষণ কৰিব পাৰো। আকৌ সমাজতত্ত্বই সামাজিক সম্বন্ধ তথা ঐতিহাসিক তথ্যসমূহ বুজাত সহায় কৰে। সামাজিক সম্বন্ধ অবিহনে ঐতিহাসিক তথ্য সংগ্ৰহ কৰাটো অর্থহীন। সেয়েহে ইতিহাস আৰু সমাজতত্ত্বই ইটোৱে আনটোক সহায় কৰে আৰু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল, যদিও দুয়োটা বিষয়ত মিল আছে তথাপি পার্থক্যও নোহোৱা নহয়। ইতিহাসে মানৱ সমাজৰ অতীতত ঘটি যোৱা ঘটনাসমূহৰ ওপৰত আলোকপাত কৰে কিন্তু সমাজতত্ত্বই সমাজত উদ্ভৱ হোৱা সামাজিক সম্বন্ধসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এজন ইতিহাসবিদে ঘটি যোৱা যুদ্ধ এখনৰ বিষয়ে বর্ণনা কৰোঁতে বিভিন্ন দিশ তথা পৰিস্থিতিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। কিন্তু এজন সমাজতত্ত্ববিদে সামাজিক সম্বন্ধ, সামাজিক পৰিৱৰ্তন আৰু সমাজৰ বৃহত্তৰ পৰিৱৰ্তনৰ ওপৰত যুদ্ধৰ প্ৰভাৱ বিশ্লেষণ কৰে, সমাজতত্ত্ববিদে যুদ্ধ এখন সামাজিক ঘটনা হিচাপে বর্ণনা কৰে। আকৌ ইতিহাসে ঘটি যোৱা ঘটনা সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে, ইয়াৰ পৰিৱৰ্তে সমাজতত্ত্বই সাধাৰণ নীতি-নিয়ম সমূহৰ ওপৰত আলোকপাত কৰে। ইমানখিনি পাৰ্থক্য থকা স্বত্ত্বেও কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে সমাজতত্ত্ব আৰু ইতিহাস ইটো আনটোৰ ওপৰতে নিৰ্ভৰশীল আৰু পৰিপূৰক। সেয়েহে জি.ই. হ’ৱাৰ্ড এ কৈছিল যে ইতিহাস হ’ল অতীতৰ সমাজতত্ত্ব আৰু সমাজতত্ত্ব হ’ল বৰ্তমানৰ ইতিহাস।
৩২। সমাজতত্ত্ব আৰু সামাজিক মনোবিজ্ঞানৰ মাজত থকা সম্বন্ধসমূহ বর্ণনা কৰা। (Describe the relationship between sociology and social psychology.)
উত্তৰঃ সামাজিক মনোবিজ্ঞান মানুহৰ মানসিক প্ৰক্ৰিয়াৰ লগত জড়িত। ইয়াৰ মুখ্য উদ্দেশ্য হ’ল মানুহৰ মানসিক অৱস্থা অধ্যয়ন কৰা। সামাজিক মনোবিজ্ঞানে মানুহৰ মানসিক অৱস্থাত সামাজিক সমূহৰ আৰু সামাজিক জীৱনৰ প্ৰভাৱ বিশ্লেষণ কৰে। সেয়েহে সামাজিক মনোবিজ্ঞানত ব্যক্তি আৰু সামাজিকসমূহৰ মন আৰু মানসিক অৱস্থা অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মানুহৰ মানসিক অৱস্থা তথা ইয়াৰ বিকাশ বুজিবলৈ সামাজিক মনোবৈজ্ঞানিকক সমাজতত্ত্ববিদৰ সহায়ৰ প্ৰয়োজন, কিয়নো মানুহৰ সামাজিক প্ৰাণী আৰু মানুহৰ মানসিকতা সামাজিক পটভূমিত বিকশিত হয় আৰু গঢ় লয়।
মানুহৰ আচৰণ, মনোভাৱ, কার্যকলাপ ইত্যাদিও সমাজে গঢ় দিয়ে। মানুহৰ সংস্কৃতি সামাজিকীকৰণ প্ৰক্ৰিয়াৰে গঢ় লয়। সেয়েহে মানৱ প্ৰকৃতি তথা মানৱ আচৰণ বুজিবলৈ সামাজিক মনোবৈজ্ঞানিকে ব্যক্তি যিখন সমাজৰ সদস্য সেই সমাজখনৰ সামাজিক গাথনি, সংস্থা আৰু সংস্কৃতি অধ্যয়নৰ সহায় লব লগীয়া হয়। সমাজৰ পটভূমি তথা এই পটভূমিয়ে মানৱ জীৱনক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে ধাৰণা কৰিবলৈ এজন সমাজ মনোবৈজ্ঞানিকে সমাজতত্ত্ব অধ্যয়ন কৰাটো নিতান্তই আৱশ্যক। তেওঁ সামাজিক পটভূমিক বাদ দিয়াৰ কথা কল্পনা কৰিব নোৱাৰে। এনে কৰিলে তেওঁৰ অধ্যয়ন আধৰুৱা হৈ ৰ’ব। কিম্বলয়াং এ সেয়েহে কৈছে যে ‘আমি প্ৰধানকৈ ব্যক্তিৰ আন্তঃক্রিয়াশীলতাৰ ওপৰত গুৰুত্ব দিও যদিও তেনেকুৱা আন্তঃক্রিয়া কেৱল সামাজিক জীৱন আৰু সাংস্কৃতিক দিশবোৰৰ ওপৰত ভিত্তি কৰিহে বুজা যায়।
আনহাতে অকল সামাজিক মনোবৈজ্ঞানিকে তেওঁৰ বিশ্লেষণৰ বাবে সমাজতত্ত্ববিদৰ ওপৰতহে যে নিৰ্ভৰশীল তেনে নহয়। সমাজতত্ত্ববিদও সামাজিক মনোবৈজ্ঞানিকৰ ওপৰত নিৰ্ভৰশীল। সামাজিক গঠনৰ পৰিৱৰ্তন বুজাত মনোবৈজ্ঞানিক কাৰকসমূহৰ গুৰুত্বক আওকাণ কৰিব নোৱাৰি। মোটৱানি ৰ মতে, “সামাজিক মনোবিজ্ঞান হ’ল মনোবিজ্ঞান আৰু সমাজতত্ত্বৰ মাজৰ এক যোগসূত্ৰ।” সেয়েহে এইটো স্পষ্ট যে দুয়োটা বিষয়বস্তুৰে ঘনিষ্ঠ সম্পর্ক আছে আৰু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। দুয়োটা বিষয়ৰ ইমান সাদৃশ্যতা আছে যে কার্ল পীয়েৰ্চন এ দুয়োটাৰে মাজত থকা পাৰ্থক্যৰ কথা গ্ৰহণ কৰিব খোজা নাছিল। মেক্ আইভাৰৰ মতে, “সমাজতত্ত্বই মনোবিজ্ঞানক বিশেষ সহায় প্ৰদান কৰে। একেদৰে মনোবিজ্ঞানেও সমাজতত্ত্বক বিশেষ সহায় প্ৰদান কৰে।”
এতিয়া আমি ধৰি ল’ব পাৰো যে সামাজিক পৰিঘটনাসমূহৰ বিজ্ঞান সন্মত অধ্যয়নৰ এটি মনোবৈজ্ঞানিক আধাৰ থাকিব লাগে আৰু মানৱ প্ৰকৃতিৰ লগত জড়িত মনোবৈজ্ঞানীক কথাবোৰ অনুমান কৰি নলৈ প্ৰত্যক্ষ নিৰীক্ষণ আৰু পৰীক্ষাৰ সহায়ত অন্বেষণ কৰা উচিত। মানৱ আচৰণৰ উন্নত জ্ঞানে সমাজতত্ত্বৰ অধ্যয়নক আৰু অধিক বস্তুনিষ্ঠ তথা বাস্তৱসন্মত কৰি তোলে।
এম চি ড’গাল আৰু ফ্ৰয়ড ৰ মতে সামাজিক জীৱনক সামগ্রিকভাৱে মনোবৈজ্ঞানিক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে। যদি তেনেকুৱা হয় তেন্তে সমাজতত্ত্ব মাথো মনোবিজ্ঞানৰ এটি শাখা হিচাপে ৰয় যাব। ই কোনোপধ্যে অধ্যয়ন এটি সম্পূর্ণ শাখা হিচাপে বিবেচিত নহ’ব। আনহাতে তেখেতসকলৰ মন্তব্যও গ্রহণযোগ্য নহয় কিয়নো মানুহৰ সামাজিক ব্যৱহাৰ, প্ৰভাৱ, গঠন কেৱল মনোবৈজ্ঞানিক উপাদানেৰে গঠিত, প্রভাৱিত অথবা নিয়ন্ত্রিত নহয়। অর্থনৈতিক, ভৌগলিক তথা ৰাজনৈতিক উপাদানসমূহে মানুহৰ সামাজিক আচৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই উপাদানসমূহে মানুহৰ সামাজিক আচৰণ তথা সম্বন্ধত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। সেয়েহে মানৱ আচৰণ কেৱল মাথো মনোবৈজ্ঞানিক উপাদানসমূহৰে গঠিত বুলি বুজাব খোজাটো ভুল হ’ব আৰু সামাজিক জীৱন কেৱল মাথো মনোবৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন আৰু বিশ্লেষণ কৰাটো সম্ভৱ নহয়। সামাজিক মনোবিজ্ঞান আৰু সমাজতত্ত্বৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই এইটো নুবুজায় যে এটা আনটো শাখাৰ সৈতে এক অথবা এটা আনটো শাখাৰ সদৃশ।
৩৩। “সমাজতত্ত্বই অন্য সামাজিক বিজ্ঞানৰ লগতো সম্পৰ্ক ৰক্ষা কৰি চলে” উক্তিটো বহলাই বুজাই লিখা। (Explain the statement “Sociology maintains relations with other social sciences.”)
উত্তৰঃ বর্তমান সমাজত সামাজিক সমস্যাৰ উপৰিও অন্যান্য অর্থনৈতিক, ৰাজনৈতিক, ভৌগলিক, ঐতিহাসিক, ধর্মীয় সাংস্কৃতিক ইত্যাদি বিভিন্ন ধৰণৰ সমস্যা আছে। সমাজতত্ত্বত এই সকলোবোৰক সমস্যাৰ বিষয়ে বিশেষভাৱে গুৰুত্ব দি আহিছে। সমাজতত্ত্বই সমাজৰ বিভিন্ন দিশবিলাক অধ্যয়ন কৰিবৰ বাবে অন্যান্য সমাজ বিজ্ঞান বা প্রাকৃতিক বিজ্ঞান হ’লেও তাৰ সামাজিক দিশবিলাকৰ বিষয়ে জানিবৰ কাৰণে সহায় লব লাগিব। সেয়ে সমাজতত্ত্বৰ লগত অন্যান্য সামাজিক বিজ্ঞান বিলাকৰ সম্বন্ধ বিষয়ে জনাটো প্ৰয়োজনবোধ কৰা হৈছে।
সমাজতত্ত্ব আৰু বুৰঞ্জীঃ সমাজতত্ত্ব আৰু বুৰঞ্জী উভয়েই ৰাজনৈতিক, অর্থনৈতিক, ধৰ্ম আৰু সংস্কৃতিমূলক সামাজিক ঘটনাৰ বিষয়ে অধ্যয়ন কৰে; কিন্তু সেই বুলি সমাজতত্ত্ব আৰু বুৰঞ্জী একে বিজ্ঞান বুলি ভাবিলে ভুল কৰা হ’ব। কিয়নো দুয়োটা বিজ্ঞানৰ বিষয়বস্তুৰ মাজত বহুখিনি পার্থক্য আছে। প্রথমে এইটো দেখা যায় যে বুৰঞ্জীয়ে অতীতৰ ঘটনাৰ বিষয়ে অধ্যয়ন কৰে। ঘটনাবোৰ যিমান প্রাচীন প্রাকৃতিৰ হয়, বুৰঞ্জীৰ বাবে সিমানেই গুৰুত্বপূৰ্ণ। সমাজতত্ত্বই বৰ্তমান সমাজৰ ঘটনাৱলীৰ বিষয়ে অধ্যয়ন কৰে। অৱশ্যে অতীতৰ ঘটনাৱলীৰ ওপৰত ভিত্তি কৰি বৰ্তমানৰ ঘটনাৰ বিষয়ে অধ্যয়ন কৰিব পাৰি। এই ক্ষেত্ৰত সমাজতত্ত্ব বুৰঞ্জীৰ ওপৰত বহুখিনি নিৰ্ভৰশীল।
সমাজতত্ত্ব আৰু ভূগোলঃ সমাজতত্ত্ব আৰু ভূগোল দুয়োটা বিষয়বস্তুৰ মাজত ওতঃপ্রোত সম্বন্ধ আছে। সমাজতত্ত্বই সমাজৰ সামাজিক সম্বন্ধ, সামাজিক বিভিন্ন ঘটনাৱলী, সামাজিক অন্তঃক্রিয়া, পৰিয়াল, ধর্ম, বিবাহ আদি সামাজিক সংস্থাবিলাকক প্ৰমূল্য কৰি সমাজৰ ৰাজনৈতিক, অর্থনৈতিক, ঐতিহাসিক, নৈতিক আচৰণ ও কার্যকলাপ, সামাজিক মূল্যবোধ ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে ভূগোল বিষয়ত জ্ঞান অতি আৱশ্যক হৈ পৰে।
ভূগোল বিষয়ক বাদ দি সমাজতত্ত্বই কেতিয়াও পূর্ণতা লাভ কৰিব নোৱাৰে। ভূগোলক যদিও প্রাকৃতিক বিজ্ঞান হিচাপে ধৰা হয় তথাপিও এই বিজ্ঞানৰ প্ৰভাৱ সমাজৰ প্ৰতিটো অৱস্থাৰ লগত জড়িত হৈ আছে। বিশ্বৰ সকলো মানৱ-সমাজ ভৌগলিক পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিয়েই গঢ় লৈ উঠিছে।
সমাজতত্ত্বই সামাজিক পৰিবেশ আৰু ভূগোল ভৌগলিক পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেই ফালৰ পৰা দুয়োটা বিষয়বস্তুৰ মাজত যথেষ্ট পার্থক্য আছে। তথাপিও দুয়ো বিজ্ঞানৰ মাজত থকা সম্বন্ধ কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে।
সমাজতত্ত্ব আৰু অৰ্থনৈতিক বিজ্ঞানঃ সমাজতত্ত্ব আৰু অৰ্থনীতি বিজ্ঞানৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক সুক্ষ্ম আৰু গভীৰ। প্ৰথমেই দেখা যায় যে দুয়োবিধ বিজ্ঞানৰ ভিতৰত এনে কেইটামান উমৈহতীয়া বিষয়বস্তু আছে যিবোৰৰ সম্পৰ্কে দুয়োবিধ বিজ্ঞানেই অধ্যয়ন কৰে। শ্রম বিভাজন, জনসংখ্যা, পৰিয়াল পদ্ধতি, উদ্যোগকৰণ, অর্থনৈতিক সংগঠন ইত্যাদি। অৱশ্যে এইবোৰ বিষয়বস্তুৰ সম্পৰ্কে অধ্যয়ন কৰোতে দুয়োটা বিজ্ঞানৰ দৃষ্টিভংগী আৰু লক্ষ্য সুকীয়া। শ্রম বিভাজনৰ বিষয়ে অধ্যয়ন কৰোতে সমাজতত্ত্বইইয়াৰ সামাজিক দিশটোৰ প্ৰতিহে লক্ষ্য কৰে।
আদৰ্শৰ ফালৰ পৰাও দুয়োটা বিজ্ঞানৰ লক্ষ্য একেই। সমাজতত্ত্ব আৰু অর্থনীতি বিজ্ঞানে নিজকে নিৰপেক্ষ বিশুদ্ধ বিজ্ঞান হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰে। সেই কাৰণে উভয় বিজ্ঞানেই তথ্যৰ ওপৰত ভিত্তি কৰি নিজৰ নিজৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰিবলৈ যত্ন কৰে।
সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানঃ অন্যান্য সমাজ বিজ্ঞান বিলাকৰ নিচিনাকৈ ৰাজনীতি বিজ্ঞানকো এক স্বতন্ত্র বিজ্ঞান বুলি কোৱা হয়। সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজত এক নিবিড় সম্পর্ক থকা দেখা যায়। ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰ বেলেগ বেলেগ হলেও সামাজিক অধ্যয়নৰ বিষয় হিচাপে উভয় বিজ্ঞানৰ মাজত সম্পৰ্ক আছে। সামাজিক বিজ্ঞান হিচাপে ৰাজনীতি বিজ্ঞানে সমাজৰ বিশেষ এটা দিশ অধ্যয়ন কৰে। সেই দিশটো হৈছে সমাজৰ ৰাজনৈতিক দিশ। সমাজতত্ত্বৰ এটা সামাজিক বিজ্ঞান। এই বিজ্ঞানৰ মূল বিষয়বস্তু সামগ্রিক মানৱ সমাজ। মানব সমাজৰ বিভিন্ন দিশ, যেনে – সামাজিক ক্রিয়া, সামাজিক সম্বন্ধ, ইহঁতৰ পাৰস্পৰিক সম্বন্ধ, ক্রিয়া স্বৰূপ ফলাফলৰ উৎস আদিৰ ওপৰত সমাজতত্ত্বই অধ্যয়ন কৰি আহিছে। আনহাতেদি ৰাজনৈতিক বিজ্ঞানে সমাজৰ ৰাজনৈতিক দিশৰ লগত জড়িত ৰাষ্ট্ৰ, চৰকাৰ এইবিলাকৰ গঠন প্ৰণালী, এই বিলাকৰ ক্ৰিয়া পদ্ধতি, আদর্শ ক্ষমতা, জনমত ভোটাধিকাৰ ইত্যাদিৰ বিষয়ে আলোচনা কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, ৰাজনৈতিক দিশটো সমাজৰ মানৱ সমাজ জীৱনত এটা দিশ মাত্ৰ। গতিকে ৰাজনৈতিক বিজ্ঞানেও এক বিজ্ঞান হিচাবে সমাজৰ এটা দিশ অধ্যয়ন কৰাৰ কাৰণে ই এক সমাজ বিজ্ঞান বুলি প্ৰতিস্থিত হৈছে। সেই ফালৰ পৰা লক্ষ্য কৰিলে ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্বৰ মাজত এক সাদৃশ্য পৰিলক্ষিত হয়।
ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্বৰ কিছুমান উমৈহতীয়া বিষয়বস্তুও আছে। সেই উমৈহতীয়া বিষয় বস্তুবোৰ হৈছে ৰাজনৈতিক সংগঠন, ক্ষমতা কৰ্তৃত্ব প্ৰশাসন, ৰাজনৈতিক আচৰণ পদ্ধতি ইত্যাদি। এই বিষয় বস্তুবোৰ ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু হ’লেও সমাজতত্ত্বই আলোচনা কৰাৰ প্ৰয়োজন আছে, কাৰণ এই দিশ বিলাকো এখন সমাজৰ কাৰণে অতি প্রয়োজনীয়।
ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্বৰ সম্পৰ্ক বিচাৰ কৰোতে কিছুমান সাদৃশ্য দেখা পালেও ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্ব এটাৰ আনটো পৰিপূৰক হ’ব নোৱাৰে। গতিকে দেখা গ’ল যে, ৰাজনীতি বিজ্ঞান আৰু সমাজতত্ত্ব দুয়োটাই সুকীয়া সমাজবিজ্ঞান।
সমাজতত্ত্ব নিৰপেক্ষ আৰু সাৰ্বজনীয় সমাজবিজ্ঞান। কিন্তু ৰাজনৈতিক বিজ্ঞান কেৱল দার্শনিক দিশটোৰ পৰা মুক্ত হ’ব নোৱাৰে। এই সমাজতত্ত্বৰ নিচিনাকৈ ৰাজনৈতিক বিজ্ঞানক নিৰপেক্ষ আৰু সাৰ্বজনীন বুলি ক’ব নোৱাৰি।
৩৪। সমাজ বিজ্ঞানৰ লগত মনোবিজ্ঞানৰ সম্পৰ্ক আলোচনা কৰা। (Discuss the relationship of psychology with sociology.)
উত্তৰঃ মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ জটিল ৰূপ হৈছে সমাজ। মানুহেই ইয়াৰ ৰূপকাৰ। আকৌ সামাজিক মানুহ সমাজৰে সৃষ্টি। মানুহ কিছুমান সম্পৰ্কৰ বশৱৰ্তী হৈ সমাজবদ্ধভাৱে বসবাস কৰে। এইবোৰ সম্পৰ্কৰ মূলে মনস্তত্ত্বৰ বিশেষ ভূমিকা আছে। মানুহৰ আচৰণ, মনোভাব, ব্যক্তিত্ব আদিয়ে সামাজিক সম্পৰ্কৰ্ক প্ৰভাৱিত কৰে। মনোবিজ্ঞানে মানুহৰ আচৰণ, মনোভাব, ব্যক্তিত্ব আদি সম্পৰ্কৰ্ক বিশদভাৱে আলোচনা কৰে। বস্তুত মনোবিজ্ঞান হৈছে মানুহৰ আচৰণৰ বিজ্ঞান। মানুহে যি চিন্তা কৰে আৰু যেনেকৈ আচৰণ কৰে তাৰ প্ৰভাৱ সমাজৰ ওপৰতে পৰে। সেয়েহে সমাজবিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজত আন্তঃসম্পৰ্ক লক্ষ্য কৰা যায়।
এই সম্পর্কে তলত আলোচনা কৰা হ’ল—
(ক) প্রথমতে, মনোবিজ্ঞান হ’ল সমাজস্থ ব্যক্তিৰ আচৰণৰ বিজ্ঞান। সমাজবিজ্ঞান হ’ল সামাজিক আচৰণৰ বিজ্ঞান যি সামাজিক উদ্দীপকৰ দ্বাৰা প্ৰভাৱিত। ব্যক্তিৰ আচৰণেই সামাজিক আচৰণত পৰিণত হয়। ফলত সমাজবিজ্ঞান অধ্যয়নত মনোবিজ্ঞানৰ ধাৰণাই সহায়ক ভূমিকা পালন কৰে।
(খ) দ্বিতীয়তে, সমাজবিজ্ঞানৰ মূল আলোচ্য বিষয় হৈছে সমাজস্থ মানুহ। মনোবিজ্ঞানে সেই সমাজস্থ মানুহৰ মনোজগত, আচৰণ, মনোভাব আদিক লৈ আলোচনা, গৱেষণা আৰু বিশ্লেষণ কৰে। এই ফালৰ পৰা মনোবিজ্ঞানীসকলে সামাজিক জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। সামাজিক পটভূমি নজনাকৈ ব্যক্তিৰ আচৰণৰ কাৰ্যকৰ আৰু সঠিক ব্যাখ্যা প্ৰদান কৰা প্রায় অসম্ভব।
(গ) তৃতীয়তে, মনোবিজ্ঞানক বাদ দি সমাজতাত্ত্বিক অনুশীলন অসম্ভৱ হৈ উঠে। সামাজিক গৱেষণাত ব্যৱহৃত বিভিন্ন পদ্ধতিত মনোবিজ্ঞানৰ ধাৰণা বিশেষভাৱে কাৰ্যকৰ। তথ্য সংগ্ৰহৰ কৌশল, তথ্যৰ সঠিকতা, নিৰ্ভৰযোগ্যতা আদি ক্ষেত্ৰত সমাজবিজ্ঞানীক মনোবিজ্ঞানৰ ধাৰণা প্ৰয়োগৰ প্ৰয়োজন হয়।
(ঘ) চতুৰ্থতে, মানুহৰ যৌথ আচৰণৰ বহিঃপ্রকাশেই হৈছে সমাজ। মানুহৰ যৌথ আচৰণ আৰু সামাজিক সম্পৰ্কৰ মূলতে ৰৈ আহিছে এক বিশেষ ধৰণৰ মানসিক প্ৰৱণতা। এই ফালৰ পৰা সমাজবিজ্ঞান আৰু মনোবিজ্ঞান নিবিড় সম্পৰ্কত আবদ্ধ আৰু পৰস্পৰ নিৰ্ভৰশীল।
(ঙ) পঞ্চমতে, মনোবিজ্ঞান হৈছে মানুহৰ আচৰণৰ বিজ্ঞান। এই আচৰণ যেনেকৈ ব্যক্তিকেন্দ্রিক ঠিক তেনেকৈ গোষ্ঠীকেন্দ্রিক। সমাজবিজ্ঞানী মেকাইভাৰৰ মতে সমাজ জীৱনত এজন জীৱিত ব্যক্তিয়ে যি কৰে তাৰ গোটেইকেইটা হ’ল মানসিক ঘটনা।
(চ) ষষ্ঠতে, ব্যক্তি আৰু গোষ্ঠী, এইবোৰৰ আচৰণ, সামাজিক জীৱন সম্পর্ক আদিয়ে সমাজবিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজত সেতুবন্ধন তৈয়াৰ কৰিছে। ইয়াৰে ফলত হৈছে সমাজ মনোবিজ্ঞান। সমাজ মনোবিজ্ঞান যেনেকৈ সমাজবিজ্ঞানৰ শাখা, তেনেকৈ মনোবিজ্ঞানৰ লগতো ঘনিষ্ঠ সম্পৰ্কেৰে আবদ্ধ। অর্থাৎ সমাজ মনোবিজ্ঞানৰ দিশলৈ চাব গ’লে সমাজবিজ্ঞান আৰু মনোবিজ্ঞানৰ ঘনিষ্ঠতাৰ প্ৰমাণ পোৱা যায়।
(ছ) সপ্তমতে, মানুহে দলবদ্ধভাৱে বসবাস কৰিবলৈ গৈ সমাজৰ সৃষ্টি কৰিছে। মানুহৰ মায়া-মমতা, স্নেহ-ভালপোৱা আৰু সহানুভূতিৰ সম্পৰ্কৰ মাজেদি পৰিয়াল তথা সমাজৰ সৃষ্টি। মানুহ য’তে দলবদ্ধ হৈছে, সমাজবদ্ধ হৈছে তাতেই মানুহৰ মনস্তত্ত্বৰ প্ৰতিফলন ঘটিছে।
৩৫। সমাজ মনোবিজ্ঞান আৰু সাধাৰণ মনোবিজ্ঞানৰ মাজত সম্পৰ্ক আলোচনা কৰা। (Discuss the relationship between social psychology and general psychology.)
উত্তৰঃ সাধাৰণ মনোবিজ্ঞানত পৰ্যালোচনাৰ বিষয় হৈছে ব্যক্তিৰ আচৰণ। বিজ্ঞানসন্মত পৰ্যালোচনাৰ ভিত্তিত ব্যক্তিৰ আচৰণৰ কাৰ্যকৰণ সম্পৰ্কৰ বিষয়ে তথ্য উদ্ঘাটন আৰু নিৰ্ভৰযোগ্য সূত্র প্রণয়নেই সাধাৰণ মনোবিজ্ঞানৰ লক্ষ্য। এইক্ষেত্ৰত ব্যক্তিৰ সামাজিক আৰু সাংস্কৃতিক পটভূমিৰ প্ৰসংগ এৰাই ব্যক্তিক সমাজৰ পৰা বিচ্ছিন্ন আৰু কেৱল এক সংবেদনশীল জীৱ হিচাপে গণ্য কৰা হয়। সংবেদনশীল জীৱ হিচাপে ব্যক্তিয়ে তাৰ চাৰিওকাষে উদ্দীপকৰ লগত প্ৰতিক্ৰিয়া কৰি থাকে। যেনে- ভয় খালে মানুহৰ মাজত কেনে ধৰণৰ পৰিৱৰ্তন আহে সেয়া জানিব বিচাৰিলে এজন লোকক পৰীক্ষণকক্ষলৈ আনি তাক ইলেকট্রিক শ্বকৰ ভয় দেখুৱাই তাৰ ভিতৰৰ পৰিৱৰ্তনবোৰ (হৃদ কম্পন, তেজৰ চাপ, মস্তিষ্কতৰংগ EEG ছালৰ বিদ্যুত পৰিবাহিতা (GSR) আদি যন্ত্ৰৰ সহায়ত লিপিবদ্ধ কৰা যাব পাৰে। অথবা ‘পুৰস্কাৰ শিক্ষণৰ ক্ষেত্ৰত কাৰ্যকৰী ভূমিকা পালন কৰি থাকে। যদি আমি এই ধৰণৰ কোনো পৰীক্ষণ চলাব বিচাৰো তেনেহ’লে এইবোৰ হ’ব সাধাৰণ মনোবিজ্ঞানৰ অন্তৰ্ভুক্ত কিয়নো এইবোৰ ক্ষেত্ৰত সামাজিক পটভূমিৰ কোনো গুৰুত্ব দিয়া নহয়।
সমাজ মনোবিজ্ঞানত পৰ্যালচোনাৰ বিষয় হৈছে ব্যক্তিৰ আচৰণ। কিন্তু এইটো ব্যক্তি সমাজৰ পৰা বিচ্ছিন্ন নহয়, বৰং সমাজৰে এজন কাৰ্যকৰী সদস্য। জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যক্তিৰ লগত ব্যক্তিৰ লেনদেন হৈছে। এই আদান-প্রদান কেতিয়াবা প্রত্যেক্ষ হ’ব পাৰে, আকৌ কেতিয়াবা পৰোক্ষও হ’ব পাৰে। মানুহৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশে যেনেকৈ তাক উদ্দীপিত কৰে তেনেকৈ তাৰ সামাজিক পৰিৱেশ অর্থাৎ অন্যান্য মানুহেও তাক উদ্দীপিত কৰে। ব্যক্তি সদায় বিভিন্ন প্ৰকাৰৰ উদ্দীপকৰ মাজত নিমগ্ন হৈ থাকে। কিন্তু একে সময়তে গোটেই উদ্দীপকৰ প্রতি সমান মনোযোগ দিয়া তাৰ পক্ষত সম্ভৱ নহয়। সেয়েহে ব্যক্তি কিছুমান উদ্দীপকৰ প্ৰতি সাৰ দিয়ে। কিছুমান উপেক্ষা কৰি চলে। এই উদ্দীপক বাছনিৰ ক্ষেত্ৰত ব্যক্তিৰ প্ৰয়োজন, আগ্রহ আদি বিষয়বোৰে বিশেষ ভূমিকা পালন কৰে। আকৌ এই প্রয়োজন আৰু আগ্ৰহ সমাজৰ পৰা ব্যক্তিৰ মাজলৈ আহে। গতিকে ব্যক্তিৰ আচৰণৰ ৰহস্য উদ্ঘাটন কৰে ইয়াৰ যথাযথ বাখ্যা দানৰ ক্ষেত্ৰত ব্যক্তিৰ সামাজিক প্রেক্ষাপটৰ বিবেচনা একান্ত প্রয়োজন। মানুহৰ জন্মগতসূত্রে প্রাপ্ত প্রবৃত্তিসমূহে কেনেকৈ ব্যক্তিৰ আচৰণ নিৰ্ধাৰিত কৰে এজন সাধাৰণ মনোবিজ্ঞানী এই বিষয়ত আগ্রহী থাকে।
কিন্তু যিহেতু মানুহৰ জন্মগত প্রবৃত্তি আৰু প্ৰেষণৰ ওপৰত সামাজিক পৰিৱেশৰ প্ৰভাৱ আছে আৰু তাৰ বিভিন্ন প্ৰকাৰৰ চাহিদাৰ সন্তুষ্টি কি প্ৰক্ৰিয়াত হ’ব সেয়া নিৰ্ণয় কৰাত সামাজিক নিয়ন্ত্ৰণ আৰু সমাজ-অনুমোদিত ৰীতি-নীতি আছে সেইবাবে ব্যক্তিৰ আচৰণৰ পুংখানুপুংখ বাখ্যাত সামাজিক পৰিৱেশৰ প্ৰকৃতি, গঠন, ক্ষমতা সীমাবদ্ধতা আদি প্ৰসংগৰ উল্লেখ আৰু মূল্যায়ন একান্ত আৱশ্যক। এই কাৰণে সমাজ মনোবিজ্ঞানীসকলে ব্যক্তিৰ সামাজিক পৰিৱেশৰ প্ৰতি বিশেষ মনোযোগী। গতিকে এই কথা ক’ব পৰা যায় যে, ব্যক্তিৰ সামাজিক প্রেক্ষাপটৰ নিৰিখত তাৰ সামাজিক আচৰণসমূহৰ কাৰ্যকৰণ সম্পৰ্কত বাখ্যাদান আৰু সূত্ৰ নিৰ্ণয়েই সমাজ মনোবিজ্ঞানীৰ কাম।
৩৬। সমাজ মনোবিজ্ঞান আৰু সমাজ বিজ্ঞানৰ মাজত সম্পৰ্ক আলোচনা কৰা। (Discuss the relationship between social psychology and sociology.)
উত্তৰঃ সমাজ মনোবিজ্ঞান আৰু সমাজবিজ্ঞানৰ পৰ্যালোচনাৰ বিষয়ে বহুত মিল আছে। দুটা শাস্ত্ৰৰ মাজত যি পার্থক্য সেয়া পৰ্যালোচনাৰ দৃষ্টিভংগীত। মানৱ সমাজ বিভিন্ন গোষ্ঠী বা দলত বিভক্ত। এইবোৰ গোষ্ঠী বা দল অনেক ক্ষেত্ৰত পৰস্পৰ নিৰ্ভৰশীল হ’লেও সিহঁতৰ প্ৰত্যেকৰে কিছুমান স্বাতন্ত্র্যও আৰু সিহঁতৰ কিছুমান নিজস্ব আচৰণ বিধি আছে। সমাজবিজ্ঞানত এইবোৰ গোষ্ঠী আৰু গোষ্ঠীগত বিষয় (আচাৰ-অনুষ্ঠান, সামাজিক সংস্থা, বিধিনিষেধ, ৰীতিনীতি) পর্যালোচনা কৰা হয়। সমাজ মনোবিজ্ঞানতো গোষ্ঠীক জানিব লাগে, গোষ্ঠীৰ উপাদান অৰ্থাৎ ব্যক্তিৰ মাধ্যমেৰে। অৰ্থাৎ সমাজ মনোবিজ্ঞানত গোষ্ঠীৰ পৰ্যালোচনা কৰা হ’লেও তাত ব্যক্তিৰ গুৰুত্ব থাকে। গোষ্ঠীৰ গাঠনিত ব্যক্তিৰ যি আচৰণ আৰু গোষ্ঠী-ব্যক্তি পর্যায়ত যি পাৰস্পৰিক মিথষ্ক্রিয়া তাৰ প্ৰকৃতি নিৰূপণেই সমাজ মনোবিজ্ঞানৰ মুখ্য উদ্দেশ্য।
গতিকে দেখা যায় মানুহৰ বিভিন্ন সমাজ, সমাজৰ গাঠনি, বিভিন্ন সামাজিক সংস্থা আৰু সামাজিক আচাৰ-অনুষ্ঠানৰ নিয়মতান্ত্রিক পর্যালোচনাই হৈছে সমাজবিজ্ঞানীৰ কাম। সমাজ কেনেকৈ পৰিৱৰ্তিত হ’বলৈ ধৰিছে আৰু সামাজিক পৰিৱৰ্তনবোৰে কেনেকৈ জীৱনটোক কৃত্ৰিম আৰু জটিল কৰি তুলিছে সেইটো সমাজবিজ্ঞানীৰ মনোযোগৰ বিষয়। পূৰ্বতে আমাৰ দেশত যৌথ পৰিয়াল প্রথা চালিত আছিল। কিন্তু বর্তমান কালত যৌথ পৰিয়াল প্ৰথা যেন ক্রমশ হ্রাস পাইছে। এতিয়া পৰিয়ালৰ ধাৰণা আৰু সংজ্ঞা পৰিৱৰ্তন হৈছে। এতিয়া পৰিয়াল বুলিলে বুজায় স্বামী, স্ত্রী আৰু অপ্রতিষ্ঠিত পুত্র কন্যাক লৈ এক সংসাৰ। বহু আগতে পৰিয়াল আছিল মাতৃতান্ত্রিক কিন্তু বর্তমান কালত সেয়া হৈছে পিতৃতান্ত্রিক। সংসাৰ আৰু সংসাৰৰ বাহিৰত নাৰীৰ ভূমিকাত বহু পৰিৱৰ্তন ঘটিছে। এইবোৰ জাতীয় চিন্তা-চৰ্চা সমাজবিজ্ঞানীসকলে কৰে। সমাজ মনোবিজ্ঞানে সমাজস্থ ব্যক্তিৰ পৰ্যালোচনা কৰে আৰু সমাজবিজ্ঞানে মানুহৰ সমাজ আৰু সমাজৰ ক্ৰিয়াকলাপ পর্যালোচনা কৰে। ব্যক্তি যিহেতু সমাজত বসবাস কৰে সেয়েহে ব্যক্তি সমাজৰ গাঠনি, গতিপ্রকৃতি সংস্কৃতি আদি জ্ঞান অবিহনে ব্যক্তিৰ আচৰণৰ সঠিক ব্যাখ্যা হ’ব নোৱাৰে। আকৌ বিভিন্ন প্ৰকাৰৰ সামাজিক পৰিৱৰ্তনৰ পিছত কেনে ধৰণৰ মনস্তাত্ত্বিক প্ৰক্ৰিয়াই কাম কৰে সেয়া জানিবৰ বাবে ‘সমাজবিজ্ঞান আৰু ‘সমাজ মনোবিজ্ঞান’ – এই দুই শাস্ত্ৰই পৰস্পৰক সহায় কৰে।
৩৭। সমাজ মনোবিজ্ঞানৰ বিকাশ সম্পর্কে আলোচনা কৰা। (Discuss the development of social psychology.)
উত্তৰঃ ঊনবিংশ শতিকাৰ মাজভাগত বহুল আলোচিত আৰু বিতর্কিত ব্যক্তিত্ব চাৰ্লছ ডাৰউইন (Charles Darwin 1809-1882) তেওঁৰ নতুন তথ্যৰ দ্বাৰা যি আলোড়নৰ সৃষ্টি কৰিছিল সেয়া কেৱল জীৱবিজ্ঞানতেই সীমাবদ্ধ নাছিল। ই সামাজিক বিজ্ঞানৰ বিভিন্ন শাখাকো প্রভাৱিত কৰিছিল। ডাৰউইনৰ ক্ৰমবিবর্তনবাদ (Theory of Evolution) সেই যুগৰ বহু চিন্তাবিদৰ চিন্তাধাৰাক নতুন দিশত প্ৰৱাহিত কৰে আৰু তেওঁলোকৰ চিন্তাধাৰাত এক নতুন উদ্দীপনাৰ সৃষ্টি কৰে। ফলত তেওঁলোক ডাৰউইনৰ ‘Laws of Natural Selection’ ক সমাজ বিৱৰ্তনৰ বিভিন্ন দিশত প্ৰয়োগ কৰে। ডাৰউইনে তেওঁৰ ‘Descent of Man’ গ্ৰন্থত মানুহে তাৰ আদিম স্তৰৰ পৰা কেনেকৈ মানৱ স্তৰলৈ উন্নীত হ’ল সেয়াই ধাৰাবাহিকভাৱে দেখুৱাইছে আৰু মানুহৰ এই ক্রমবিকাশ বা উন্নয়নৰ মূলতে তেওঁ মানুহৰ ভাষা, তাৰ আৱিষ্কাৰ আৰু তাৰ সহযোগিতা আদি সংস্কৃতিগত দিশৰেই উল্লেখ কৰিছে। ডাৰউইনে নিজেই কৈছে, মানুহৰ জীয়াই থকাৰ প্ৰশ্নত প্ৰাকৃতিক নিৰ্বাচনৰ যি ভূমিকা আছে সেয়া জৈৱিক অৰ্থত যিমানখিনি প্রযোজ্য তাতকৈ বেছি প্ৰযোজ্য মানবিক আৰু সামাজিক অৰ্থত। এনেদৰে তেওঁ মানুহৰ উন্নয়নৰ বাবে সামাজিক উপাদানৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে।
ডাৰউইনৰ সমসাময়িক চিন্তাবিদ হাৰ্বাৰ্ট স্পেনচাৰে সামাজিক জীৱনত ক্ৰমবিৱৰ্তনবাদৰ প্ৰভাৱ প্রত্যক্ষ কৰিছে। তেওঁ জোৰ দি কৈছিল বাহিৰৰ সমাজৰ লগত ভিতৰৰ জগতৰ সমন্বয় সাধনৰ এক সার্বক্ষণিক প্রচেষ্টা চলোৱাই হৈছে জীৱনৰ ধৰ্ম। এই কাৰণে তেওঁ ব্যক্তিৰ সামাজিক পাৰিপাৰ্শ্বিকতাক জনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বস্তুত তেওঁ এনে এটা সমাজবিজ্ঞানৰ কল্পনা কৰিছিল য’ত ব্যক্তি কেনেদৰে এটা দলৰ সদস্য বা অংশ হিচাপে পৰিণত হয় আৰু বহু ব্যক্তিৰ সমন্বয়ত গঠিত এটা দল কেনেকৈ একক ৰূপ লাভ কৰে সেয়া সহজভাৱে আলোচনা কৰা হয়।
এনেদৰে যেতিয়া লাহে লাহে সমাজ মনোবিজ্ঞানৰ ভিত্তি স্থাপিত হৈছিল তেতিয়া ফৰাচী আইনজীৱী গ্রেবিয়েল টার্ডে (Gabriel Tarde) সামাজিক জীৱনৰ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে অনুকৰণক (Imitation) উপস্থাপিত কৰে। তেওঁ দুটা মৌল সামাজিক কৰ্মৰ অস্তিত্ব অনুধাৱন কৰে। প্ৰথমটো আৱিষ্কাৰ বা নতুন কিবা উদ্ভাৱন আৰু দ্বিতীয়টো অনুকৰণ। কিন্তু অনুকৰণ খুবেই সাধাৰণ ব্যাপাৰ আৰু উদ্ভাৱনী শক্তি খুবেই কম ব্যক্তিৰ মাজত লক্ষিত হয়। গেষ্টব লোবঁ (Gustave Lebon) এ ১৮৯৫ চনত ‘Crowd’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিলে। দেখা যায় ফৰাচী মনোৰোগবিদ্যা (Psychiatry) ৰদ্বাৰা তেওঁলোকৰ চিন্তা প্ৰভাৱান্বিত৷ সেই সময়ত হিষ্টোৰেয়াই মনোৰোগ বিশাৰদসকলৰ মনোযোগ আকর্ষণ কৰে আৰু তেওঁলোক অভিভাব্য (Suggestibility)ক হিষ্টোৰেয়াৰ প্রধান বৈশিষ্ট্য বুলি মন কৰে। লোৱঁৰ মতে ব্যক্তিয়ে দলৰ মাজত তাৰ বুদ্ধিৰ কিছু অংশ হেৰাই পেলায় আৰু তেওঁৰ অবচেতন অংশই প্রাধান্য লাভ কৰে। লোৱেঁ কয় ব্যক্তি যেতিয়া গোষ্ঠীত মিহলি হৈ যায় তেতিয়া সি তাৰ নিজস্ব সত্তা হেৰাই পেলায় আৰু জনতাৰ এটা সন্মিলিত মন জন্ম হয়। এই সন্মিলিত মন সদায় ব্যক্তি মন অপেক্ষা হীনতৰ হয়।
১৯০৮ চনত সমাজ মনোবিজ্ঞানৰ ওপৰত দুখন কিতাপ প্রকাশিত হয়। এডৱাৰ্ড ৰচ (Ed-ward Ross) তেওঁৰ ‘Social Psychology’ গ্ৰন্থত সমাজ মনোবিজ্ঞানৰ এটা সংজ্ঞা দিয়ে। তেওঁৰ সংজ্ঞা অনুসৰি মানুহৰ লগত তেওঁৰ পাৰিপাৰ্শ্বিক সমাজৰ ‘চাইকিক মিথষ্ক্রিয়া’ আলোচনাহে সমাজ মনোবিজ্ঞানৰ কাম। ৰ’চৰ ভাষাত সমাজ মনোবিজ্ঞানৰ কাম হৈছে মানুহৰ আচৰণৰ সমতল ভূমি আৰু তৰংগমালা আলোচনা কৰা। উইলিয়াম মেকডুগালে (William Macdougall) তেওঁৰ লিখনিত কেতবোৰ সহজাত প্রবৃত্তিৰ উল্লেখ কৰিছে। তেওঁৰ মতে মানুহৰ সকলো সামাজিক ক্রিয়াকলাপৰ বাবে জন্মগত সূত্ৰত প্ৰাপ্ত কেতবোৰ উৎস আছে। এইসকল উৎসৰ পৰা মানুহে তাৰ কৰ্মৰ প্ৰেৰণা বা শক্তি লাভ কৰি থাকে। এই উৎসবোৰেই বিভিন্ন প্ৰকাৰৰ সহজাত প্রবৃত্তিৰ (ক্রোধ, কাম, ঘৃণা, লোভ আদি) ধাৰক। এই সহজাত প্ৰবৃত্তিবোৰে বিভিন্নভাৱে মানুহক কৰ্মত উদ্দীপিত কৰে। এই সহজাত প্রবৃত্তিবোৰ মানুহৰ মাজত নাথাকিলে মানুহ নিষ্ক্রিয় হ’লেহেঁতেন। গতিকে মানুহৰ আচৰণ জানিবলৈ হ’লে তাৰ এই সহজাত প্রবৃত্তিবোৰক জানিব লাগিব। এডৱাৰ্ড ৰ’চ আৰু উইলিয়াম মেকডুগলৰ পিছত যিসকল ব্যক্তিয়ে সমাজ মনোবিজ্ঞানক তাৰ বৰ্তমান অৱস্থালৈ উন্নীত কৰিবলৈ সহায় কৰে সেইসকলৰ মাজত আলপোর্ট ফ্রয়েড, লিউইন, ব্রাউন, মৰেনো প্রমুখৰ নাম উল্লেখযোগ্য।
৩৮। মনোবিশ্লেষণ কাক বোলে সেই সম্পর্কে বহলাই লিখা। (Write in detail about what is psychoanalysis.)
উত্তৰঃ মনোবিশ্লেষণৰ বৈজ্ঞানিক বিশ্লেষণ প্ৰক্ৰিয়া আৰু এই সম্বন্ধীয় ধাৰণা যথেষ্ট জটিলতাপূর্ণ। তথাপি সাধাৰণভাৱে বহল অৰ্থত ক’বলৈ গ’লে মনোবিশ্লেষণে ফ্রয়েডৰ চিন্তা আৰু ক্ৰিয়াৰ দুটা বহল দিশক সামৰি লয়।
এইকেইটা হৈছে—
(ক) অচেতন মন সম্বন্ধে ফ্ৰয়েডৰ বিভিন্ন তাত্ত্বিক বিশ্লেষণ। আৰু
(খ) মানসিক ৰোগৰ চিকিৎসা সম্বন্ধে তেওঁ গ্ৰহণ কৰা বিভিন্ন পদ্ধতিসমূহৰ ক্ৰিয়া-কলাপ।
চমুকৈ ক’বলৈ হ’লে অচেতন মনৰ অধ্যয়ন আৰু বিশ্লেষণ সম্বন্ধে তেওঁৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ বিজ্ঞানভিত্তিক অধ্যয়নেই হৈছে মনোবিশ্লেষণ। ফ্রয়েডে সুদীর্ঘ কাল মানসিক ৰোগৰ চিকিৎসকৰূপে কাৰ্যকৰী অভিজ্ঞতা লাভ কৰে। এনে অভিজ্ঞতাৰে তেওঁ অনুভৱ কৰে যে ব্যক্তিৰ সচেতন মনৰ সুখ-দুখৰ অভিজ্ঞতাসমূহে ইয়াৰ পৰৱৰ্তী কালত স্মৃতি-প্ৰতিৰূপ আকাৰে অচেতন মনত ঠাই লয়। এনে অভিজ্ঞতাৰ বাস্তৱ পৰিস্থিতি আমাৰ আগৰ পৰা আঁতৰি যোৱাৰ লগে লগে তাৰ স্মৃতি মনৰ পৰাও সম্পূৰ্ণৰূপে হেৰাই যোৱা বুলি ক’ব নোৱাৰি। বিশেষকৈ এনেবোৰ অভিজ্ঞতাৰ দুখদায়ক আৰু অস্বস্তিকৰ স্মৃতিসমূহে অচেতন মনত ঠাই লয় আৰু সি পৰৱৰ্তী কালত অৱস্থা বিশেষে ব্যক্তিৰ দৈহিক আৰু স্নায়বিক ৰোগ আকাৰে দেখা দিয়ে। অচেতন মনক সেয়েহে সম্পূৰ্ণৰূপে চেতনাহীন আৰু ক্ৰিয়াহীন জড় অৱস্থা বুলি গণ্য কৰিব নোৱাৰি। মনৰ এই সৰ্ববৃহৎ অংশটোৰ নিজস্ব বৈশিষ্ট্য আৰু ইয়াৰ ক্ৰিয়া পদ্ধতি আছে, যাক মনোবিজ্ঞানত অধ্যয়ন কৰাটো প্রয়োজন। বিশেষকৈ শিক্ষা-ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ অচেতন মনৰ দ্বাৰা প্ৰভাৱিত অসুস্থ আৰু অস্বাভাৱিক ক্রিয়া আচৰণসমূহৰ অধ্যয়ন আৰু বিশ্লেষণৰ এক বিশেষ প্রয়োজনীয়তা আছে। কেৱল ব্যক্তিগত জীৱনতেই নহয়, আমাৰ সামাজিক জীৱনৰ ভাবধাৰা, চিন্তাধাৰা সাহিত্য সংস্কৃতি আদিতো এক সামূহিক অচেতনতাৰ বৈচিত্র্যপূর্ণ প্ৰভাৱ পৰে।
অচেতন মনৰ এনে গভীৰতালৈ প্ৰৱেশ কৰা বাবে ফ্ৰয়েডৰ এই চিন্তাধাৰাক ‘Depth Psychology’ বা গভীৰতাৰ মনোবিজ্ঞান স্বৰূপেও জনা যায়। উল্লেখযোগ্য যে ফ্রয়েডৰ পূৰ্বে মনোবিজ্ঞানীসকলে চিন্তা জগতত মনৰ সচেতনতা আৰু এই সম্বন্ধীয় ক্ৰিয়া আচৰণৰ অধ্যয়নে বিশেষ প্রাধান্য লাভ কৰি আছিল। অচেতন মনৰ এনে গভীৰতালৈ প্ৰৱেশ কৰি ফ্ৰয়েডে দিয়া নতুন নতুন তথ্যসমূহে ১৯ শতিকাৰ এই বুদ্ধিজীবীসকললৈ এক নতুন প্রত্যাহ্বান প্রদান কৰে। মনোবিশ্লেষণ মনোবিজ্ঞানৰ এক বিদ্ৰোহী চিন্তাধাৰা স্বৰূপেও পৰিগণিত হয়।
৩৯। মনোবিশ্লেষণৰ মৌলিক ধাৰণাৰ উৎপত্তি সম্পর্কে আলোচনা কৰা। (Discuss the origins of the basic concept of psychoanalysis.)
উত্তৰঃ ফ্লয়েডৰ মনোবিশ্লেষণৰ ধাৰণা আমাৰ মনত স্পষ্ট কৰি তুলিবৰ বাবে তেওঁৰ এই সম্বন্ধীয় কাৰ্যকৰী অভিজ্ঞতা আৰু এই ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা পদ্ধতিসমূহৰ লগত পৰিচয় থকাটো প্রয়োজন। ফ্রয়েডৰ পূৰ্বে চাৰ্কট নামৰ পেৰিচৰ এজন মনোৰোগ বিশেষজ্ঞই সন্মোহন পদ্ধতি প্ৰয়োগ কৰি হিষ্টোৰেয়া বা মূর্ছা ৰোগৰ চিকিৎসা কৰিছিল। সন্মোহন হৈছে এনে এক মনোবৈজ্ঞানিক প্রক্রিয়া যাৰ যোগেদি এজন ব্যক্তিৰ সচেতন মনৰ চিন্তা, বিচাৰ বিবেচনা আদি সম্পূৰ্ণৰূপে বিলোপ সাধন কৰি অৱচেতন মনৰ দ্বাৰা তাক পৰিচালনা কৰা হয়। তাৰ যোগেদি ব্যক্তিৰ মানসিক অসুস্থতাৰ কাৰণস্বৰূপ হৈ উঠা পূৰ্বৰ অসুস্থ অভিজ্ঞতাৰ স্মৃতি উদ্ধাৰ কৰা হয়। ১৮৮৫ চনত ফ্রয়েডে চাৰ্কটৰ লগত এবছৰ কাল এই সম্বন্ধে অধ্যয়ন কৰে। ইয়াৰ পিছৰ বছৰতেই তেওঁ ভিয়েনাত স্নায়ুৰোগ বিশেষজ্ঞ স্বৰূপে নিজস্বভাবে নিদান (ক্লিনিক) স্থাপন কৰে। তেওঁ ইয়াত সন্মোহন পদ্ধতি প্রয়োগ কৰি হিষ্টোৰিয়া ৰোগৰ চিকিৎসা কৰে আৰু বিশেষ খ্যাতি অর্জন কৰে। অৱশ্যে এই পদ্ধতি প্রয়োগত পিছলৈ কিছু অসুবিধা থকাটোও লক্ষ্য কৰা হয়। কাৰণ ইয়াৰ যোগেদি কৰা চিকিৎসাৰ ফল অস্থায়ী বিধৰ হয় আৰু সকলোবোৰ ৰোগীকে সন্মোহন কৰিব পৰা নাযায়।
ফ্রয়েডে ইয়াৰ পিছত যোচেফ ব্ৰিউৱাৰ নামৰ এজন শৰীৰবিদৰ সংস্পৰ্শলৈ আহে। ব্ৰিউৱাৰে হিষ্টোৰেয়া ৰোগৰ এগৰাকী যুৱতীক সন্মোহন পদ্ধতিৰে চিকিৎসা কৰি বিশেষ খ্যাতি লাভ কৰে। এই ৰোগী গৰাকীৰ স্নায়ৱিক দুর্বলতা স্মৃতি বিলোপ আৰু মানসিক খেলি-মেলি আদি কেতবোৰ লক্ষণ দেখা গৈছিল। সন্মোহন পদ্ধতি প্ৰয়োগ কৰি দেখা গৈছিল যে ইয়াৰ ফলত ৰোগীগৰাকীয়ে তেওঁৰ মানসিক অসুস্থতাৰ কাৰণস্বৰূপ হৈ উঠা পূৰ্বৰ আবেগিক উত্তেজনাৰ স্মৃতি ব্যক্ত কৰি মনত সকাহ লাভ কৰি উঠিছে আৰু নিজকে মুক্ত অনুভৱ কৰি উঠিব পাৰিছে। ব্ৰিউৱাৰে এই কথা লক্ষ্য কৰে যে ৰোগীয়ে মৌখিকভাৱে ব্যক্ত কৰা এই কথন ব্যৱস্থাই তেওঁৰ মনৰ ৰুদ্ধ আবেগ-অনুভূতিৰ উপশম কৰিব পাৰে। ফ্রয়েডে ব্ৰিউৱাৰৰ এনে কৃতকার্যতা অধিক আগ্রহ আৰু মনোযোগেৰে লক্ষ্য কৰে।
এই সন্মোহন পদ্ধতিৰ অভিজ্ঞতাৰে ফ্ৰয়েডে এক অধিক সুবিধাজনক পদ্ধতিৰ উদ্ভাৱন কৰিবলৈ সক্ষম হয়। তেওঁ ৰোগীক এক মুক্ত পৰিৱেশত মানসিকভাৱে সম্পূর্ণৰূপে বিশ্রাম ল’বলৈ দিয়ে। ইয়াৰ যোগেদি ৰোগীক অতীত স্মৃতি উদ্ধাৰৰ চেষ্টা কৰিবলৈ কোৱাৰ পৰিৱৰ্তে তাক আপোনা-আপুনি মনলৈ স্বাভাৱিক আৰু স্বতঃস্ফূর্ত অহালৈ অপেক্ষা কৰা হয়। ইয়াকেই মুক্ত অনুসংগ পদ্ধতি বুলি জনা যায়। উল্লেখযোগ্য যে এনে পদ্ধতিৰ প্ৰয়োগ কৰি ৰোগীৰ অসুস্থ মনৰ স্মৃতি উপাদানৰ অধ্যয়ন কালত ফ্রয়েডে দেখা পায় যে ব্যক্তিয়ে সপোনৰ অভিজ্ঞতাও ব্যক্ত কৰিব পাৰিছে। তেওঁ অনুভৱ কৰে যে সপোনৰ অভিজ্ঞতা ব্যক্তকৰণে এইক্ষেত্ৰত অধিক তাৎপর্যপূর্ণভাৱে সফলতা দান কৰিব পাৰে। ব্যক্তিৰ সুদূৰ বাল্যকালৰো মনৰ বিস্মৃত অসুস্থ অভিজ্ঞতাৰ স্মৃতি এই সপোনৰ যোগেদি ব্যক্ত কৰিব পৰাটো তেওঁ লক্ষ্য কৰে। তেওঁ এই কথাও লক্ষ্য কৰে যে এই মুক্ত অনুসংগ পদ্ধতিৰে পুনৰুদ্ধাৰ কৰা অতীতৰ উত্তেজনামূলক ঘটনাৰ স্মৃতিৰ অধিক ভাগেই ব্যক্তিৰ যৌন-জীৱনৰ লজ্জাজনক আৰু দুখদায়ক ঘটনা মাথোন।
এনেবোৰ অভিজ্ঞতাৰ পৰা ফ্রয়েডে অনুভৱ কৰে যে মানসিক ৰোগীৰ অতীত জীৱনৰ তাৎপৰ্যপূৰ্ণ ঘটনা জানিব পাৰিলে তেওঁৰ মানসিক সংঘাতৰ কাৰণো জানিব পাৰিব আৰু তাৰ সহায়েৰে ৰোগৰ উপশম কৰিব পাৰিব। অতীত জীৱনৰ উত্তেজনামূলক ঘটনাৰ বিলুপ্ত স্মৃতি অচেতন মনৰ কৱলৰ পৰা উদ্ধাৰ কৰি সচেতন মনৰ পৰ্যায়লৈ অনা আৰু তাক উপযুক্তভাৱে ব্যাখ্যা আৰু বিশ্লেষণ কৰা মনোবৈজ্ঞানিক ক্ৰিয়াৰ অভিজ্ঞতাই ফ্রয়েডৰ মনত মনোবিশ্লেষণৰ এই নতুন চিন্তাধাৰাৰ জন্ম দিয়ে।
৪০। মনোবিশ্লেষণৰ বিভিন্ন দৃষ্টিকোণসমূহৰ আলোচনা কৰা। (Discuss the different perspectives of psychology.)
উত্তৰঃ ফ্রয়েডৰ চিন্তাৰ বিভিন্ন দৃষ্টিভংগীসমূহে সৰ্বসাধাৰণৰ মাজত বিশেষ জনপ্রিয়তা লাভ কৰি উঠিছে। ইকুৰি শতিকাৰ মনোবিজ্ঞানত এক নতুন বৈজ্ঞানিক দৃষ্টিদান কৰিছে। মনোবিশ্লেষণৰ স্বৰূপ জানি উঠিবৰ বাবে ইয়াৰ বিভিন্ন তাত্ত্বিক বিশ্লেষণ আৰু দৃষ্টিভংগীসমূহৰ অধ্যয়ন কৰাটো প্রয়োজন। এনে অধ্যয়নে আধুনিক শিক্ষাত পেলোৱা ইয়াৰ নতুন দৃষ্টিভংগীসমূহৰ প্ৰভাৱ সম্বন্ধে জানি উঠাত সহায়ক হৈ উঠিব পাৰে।
এই প্ৰসংগত ইয়াৰ নিম্ন প্রদত্ত দিশসমূহৰ সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হৈছে—
(ক) মনৰ তিনিটা অংশঃ মনোবিশ্লেষণে মনক তিনিটা অংশত পর্যায়ক্রমে বিভক্ত কৰে আৰু এইকেইটা হৈছে সচেতন, অৱচেতন আৰু অচেতন মন। মনৰ সচেতনতা হৈছে সেই অংশ যাৰ যোগেদি বাস্তৱ জগতৰ জ্ঞান-ধাৰণা, ভাব-চিন্তা, প্রয়োজন আৰু অভিপ্ৰায় আদিৰ সম্বন্ধে মন অৱগত আৰু সক্ৰিয় অৱস্থাপ্রাপ্ত। মনৰ এই অংশই বাস্তৱ অভিজ্ঞতাৰ লগত কাম কৰে। মনৰ এই অংশই বাস্তৱ অভিজ্ঞতাৰ লগত কাম কৰে। মনৰ সচেতনতাৰ তলৰ পৰ্যায়ত অৱচেতন মন অৱস্থিত। ই এনে এক অৱস্থা যাৰ অভিজ্ঞতা ব্যক্তিৰ বাবে সচেতন অৱস্থাত নাথাকে, কিন্তু স্মৃতি প্ৰয়োগৰ যোগেদি তাক প্ৰয়োজন মতে সচেতনতাৰ পৰ্যায়লৈ নিয়া হয়। এই অৱচেতন পৰ্যায়ৰ তলত মনৰ এক ব্যাপক আৰু গভীৰ মানসিক পৰ্যায় অৱস্থিত। ই হৈছে মনৰ সৰ্ববৃহৎ অংশ আৰু ব্যক্তিৰ অতীত অভিজ্ঞতাৰ স্মৃতি উপাদানৰ দ্বাৰা ই গঠিত। ইয়াৰ গভীৰতাত নিহিত থকা উপাদানসমূহ আমাৰ সচেতন মনৰ পৰ্যায়লৈ অনাটো সম্ভৱপৰ হৈ নুঠে। ইয়াৰ উপাদানসমূহৰ বিষয়ে সেয়েহে আমি সমূলি অৱগত নহয়। ব্যক্তিগত জীৱনৰ সকলো স্মৰণীয় ঘটনা আৰু অভিজ্ঞতাৰ অৱশেষ ইয়াত সঞ্চিত হয় আৰু এক সুসংগঠিত ৰূপ ধাৰণ কৰি সক্ৰিয় মানসিক শক্তিত পৰিণত হয়।
(খ) অচেতন মনৰ প্ৰাধান্যঃ ফ্রয়েডৰ পূৰ্বৱৰ্তী কালছোৱাত মনোবিজ্ঞানীসকলে কেবলমাত্র সচেতন মনৰ অধ্যয়ন আৰু বিশ্লেষণ কাৰ্যতেই আৱদ্ধ আছিল। কিন্তু তেওঁৰ মনোবিশ্লেষণ ব্যৱস্থাই অচেতন মনৰ অন্তর্নিহিত গোপন তথ্য উদ্ঘাটনত বিশেষ গুৰুত্ব দিয়ে। তেওঁৰ মতে মনৰ সচেতন অংশ হৈছে সমগ্ৰ মনৰ এক পাতল সৰু অংশহে মাথোন, যাক শীতকালত সাগৰত ওপঙি থকা বৃহৎ আকাৰৰ বৰফৰ টুকুৰা বা আইচ-বাৰ্গৰ লগত তুলনা কৰা হৈছে। আইচ-বাৰ্গত যিদৰে বৰফৰ টুকুৰাৰ বৃহৎ অংশ পানীৰ তলত অদৃশ্য হৈ থাকে, সেইদৰে মনৰ বৃহৎ অংশ সচেতনতাৰ পৰ্যায়ৰ তলত অচেতন অৱস্থাত অদৃশ্যভাৱে লুকাই থাকে। কিন্তু মনৰ এই বৃহৎ অংশৰ অদৃশ্য ক্রিয়া-কলাপ মনোবিজ্ঞানে অৱহেলা কৰিব নোৱাৰে। অচেতনতাক সেয়েহে মনৰ ক্ৰিয়া-অনুভূতিহীন এক জড় অৱস্থা বুলি বৰ্ণনা কৰিব নোৱাৰি। সচেতনতাৰ পৰ্যায়ত নহ’লেও ইয়াৰো নিজস্ব কেতবোৰ ক্ৰিয়া-কলাপ আছে আৰু মানৱ আচৰণত প্ৰভাৱ পেলাব পৰা প্ৰতিক্রিয়াশীল ক্ষমতা আছে। মনৰ এই অংশৰ বিষয়ে আমাৰ অজ্ঞানতাৰ বাবেই ইয়াৰ স্বৰূপ আমি অনুভৱ কৰিব নোৱাৰো।
অচেতন মনৰ অৱদমিত স্মৃতি উপাদানসমূহে সকলো সময়তে মনৰ সচেতনতাৰ পৰ্যায়লৈ অহাৰ প্ৰৱণতা থাকে। কিন্তু মনৰ সচেতনতাই সেই উপাদানবোৰৰ মুক্ত অনুপ্ৰৱেশৰ অনুমতি নিদিয়ে। এই ক্ষেত্ৰত সচেতন মনৰ এক প্ৰতিৰক্ষা ব্যৱস্থা থকাটো মন কৰিবলগীয়া। এনে ব্যৱস্থাৰ ফলত মনৰ স্মৃতি উপাদানবোৰৰ সচেতন মনলৈ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত এক মানসিক পৰীক্ষণ প্ৰক্ৰিয়া সংঘটিত হয়। ইয়াৰ ফলত অচেতন মনৰ উপাদানসমূহ আমি মুক্তভাৱে সচেতন মনত অনুভৱ কৰিব নোৱাৰো।
অৱশ্যে অচেতন মন যে এক সক্ৰিয় আৰু গতিশীল অৱস্থা আৰু ইয়াৰ সঞ্চিত স্মৃতি উপাদানবোৰৰ যে এক নিজস্ব সুসংগঠিত মানসিক ক্রিয়া-কলাপ আছে তাৰ যথেষ্ট প্রমাণ আমি পাব পাৰো।
মনোবিশ্লেষণৰ নিম্নলিখিত যুক্তিসমূহ এই প্ৰসংগত উল্লেখযোগ্য —
১। ব্যক্তিক সন্মোহন কাৰ্যৰ পৰৱৰ্তী কালত তেওঁ যি ক্ৰিয়া আচৰণ প্ৰদৰ্শন কৰে সি অচেতন মনৰ প্ৰভাৱৰ পৰিচায়ক।
২। সপোনৰ অভিজ্ঞতা লিপিবদ্ধকৰণ আৰু তাৰ মনোবৈজ্ঞানিক ব্যাখ্যা প্রদানে অচেতন মনৰ ক্ৰিয়া-কলাপৰ আভাস দিয়ে।
৩। টোপনিত চিঞৰি উঠা আৰু নিদ্ৰা অৱস্থাত ভ্ৰমণ কৰা কাৰ্যই ব্যক্তিৰ অচেতন মনৰ ক্ৰিয়া-আচৰণৰ প্ৰমাণ দিয়ে।
৪। মনৰ অলসতাৰ অৱস্থাত হঠাতেই কোনো কথা বা ধাৰণা মনলৈ অহা, অভিজ্ঞতাৰ স্মৃতি পুনৰুদ্ধাৰ কৰা আৰু বাস্তৱত সমাধান কৰিব নোৱাৰা কথা সপোনৰ যোগে সমাধান কৰিব পৰা কাৰ্যই অচেতন মনৰ ইংগিত দিয়ে।
(গ) অৱদমন তত্ত্বঃ মনোবিশ্লেষণ চিন্তাধাৰাৰ এক মৌলিক অৱদান হৈছে অৱদমন তত্ত্ব। ইয়াৰ ওপৰত ভিত্তি কৰি মনোবিশ্লেষণৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশ গঢ়ি উঠিছে। ফ্রয়েডৰ নিজৰ ভাষাত ক’বলৈ গ’লে অৱদমন তত্ত্বই হৈছে লাইখুটা যাৰ ওপৰত মনোবিশ্লেষণৰ অট্টালিকা গঢ়ি উঠিছে। আমাৰ যৌন শক্তি আৰু যৌন কামনাক জীবনীশক্তি স্বৰূপে গণ্য কৰা হৈছে। এই জীৱনী শক্তি স্বৰূপ যৌন কামনাক আমি জীৱনৰ বাস্তৱতাত তাৰ মৌলিক ৰূপত পূৰণ কৰিব অথবা চৰিতাৰ্থ কৰিব নোৱাৰো। কাৰণ আমাৰ সামাজিক জীৱনত সভ্যতাৰ খাতিৰত কেতবোৰ সাংস্কৃতিক, ধর্মীয় তথা অনুশাসনমূলক বাধা নিষেধ মানি চলিব লাগে। সেইবাবে আমি মনৰ সচেতন অৱস্থাত এই যৌন কামনা তাৰ পাশৱিক ৰূপত পূৰণ কৰিব নোৱাৰো আৰু তাৰ বাবে আমি লজ্জা অনুভৱ কৰো। মনৰ এই যৌন কামনাৰ অশুভ ইচ্ছা সেয়েহে অচেতন মনলৈ ঠেলি দিয়া হয় আৰু তাৰ যোগেদি সচেতন মনক সমস্যাযুক্ত কৰি ৰখা হয়। মনৰ এনে ঐচ্ছিক আৰু উদ্দেশ্যপ্রণোদিত গোপন কার্যকেই অৱদমন বোলা হয়। এই অৱদমনৰ যোগেদি আমাৰ জীৱনৰ সকলোবোৰ অশুভ, দুখদায়ক, ব্যৰ্থতামূলক আৰু সমাজৰ অনুমোদন নথকা ইচ্ছা-আগ্ৰহ আৰু অভিজ্ঞতা আদি অচেতন মনৰ গোপন কক্ষত সঞ্চিত কৰা হয়। ফ্ৰয়েডৰ মতে আমাৰ মনৰ অৱদমিত উপাদানসমূহ লিবিডো বা যৌন কামনাৰ পৰাই মূলতে উদ্ভৱ হয়। এই অৱদমন প্ৰক্ৰিয়াই সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা স্বৰূপে কাম কৰে। কাৰণ ই আমাৰ সচেতন মনক এই অবৈধ আৰু অনুচিত উপাদানবোৰৰ অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰে।
(ঘ) লিবিডো আৰু বিভিন্ন মানসিক জটিলতাঃ ফ্রয়েডে মনোবিশ্লেষণৰ সমগ্ৰ বিষয়টো মানুহৰ কাম-শক্তি বা যৌন শক্তিৰ অৱদমিত প্ৰভাৱ স্বৰূপে বিবেচনা কৰে। তেওঁৰ মতে মানুহৰ সকলো ক্ৰিয়া-আচৰণ এক যৌন প্ৰেৰণাৰ দ্বাৰা ব্যাপকভাৱে প্ৰভাৱিত হয়। লিবিডো বা এই কাম-শক্তি হৈছে এক ব্যাপক পৰিসৰৰ ধাৰণা যাৰ দ্বাৰা বিপৰীত লিংগৰ প্ৰতি আমাৰ আসক্তি ভাবকে ধৰি সকলো ধৰণৰ ভালপোৱা বা পেমভাৱ ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এই কাম-শক্তিয়েই হৈছে আমাৰ প্ৰাণ-শক্তি স্বৰূপ। আমাৰ দৈহিক বিকাশৰ লগে লগে পৰিৱেশৰ প্ৰভাৱত এই কাম-শক্তিয়ে বিভিন্ন জটিলতাৰ ৰূপ ধাৰণ কৰিব পাৰে। আমাৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশত পোৱা বাধাগ্রস্ততাৰ বাবে এই কাম-শক্তিয়ে কেতবোৰ অসুস্থ মনোগ্ৰন্থিৰ সৃষ্টি কৰে। সমাজৰ পাৰিবাৰিক জীৱনত সাধাৰণতে পিতৃ-মাতৃ-পুত্ৰৰ যৌন পৰিস্থিতিয়ে মনত মনত পিতৃ-কাম আৰু মাতৃ-কাম ভাৱৰ সৃষ্টি কৰে। এনে ভাব লিবিডোৰ পৰাই সৃষ্টি হোৱা মানসিক জটিলতা মাথোন। ইয়াৰ ফলত এটা ল’ৰাৰ বাবে মাতৃৰ প্ৰতি মনোভাৱ ভালপোৱাত পৰিণত হয় আৰু পিতৃৰ প্রতি মনোভাৱ ঘৃণাত পৰিণত হয়। সেইদৰে এজনী ছোৱালীৰো পিতৃৰ প্ৰতি আসক্তিৰ ভাব আৰু মাতৃৰ প্ৰতি বিৰক্তিৰ ভাবত পৰিণত হয়। শৈশৱ কালত দেখা দিয়া শিশুৰ আত্ম-কাম ভাবও লিবিডোৰ পৰিণতি স্বৰূপ বুলি কোৱা হয়। লিবিডোৰ পৰা সৃষ্টি হোৱা আন দুটা অসুস্থ ভাবৰ মনোগ্ৰন্থি হৈছে পৰপীড়ন ৰতি আৰু আত্মপীড়ন ৰতি।
(ঙ) শৈশৱৰ যৌনতাঃ শিশুৰ নিচেই চালুকীয়া অৱস্থাৰ পৰা যৌন জীৱন তাৰ নিজস্ব ৰূপত উপভোগ কৰাৰ কথা ফ্ৰয়েডে প্ৰকাশ কৰে। কেৱল যৌৱনপ্রাপ্ত হ’লেহে ব্যক্তিয়ে যৌন উত্তেজনা অনুভৱ কৰা বুলি থকা পুৰণি ধাৰণা অগ্রাহ্য কৰা হয়। ফ্রয়েডৰ মতে শিশুৰ যৌন প্ৰবৃত্তি আৰু এই সম্বন্ধীয় অভিজ্ঞতা প্ৰথমৰ পৰাই থাকে। কেতবোৰ প্ৰধান পৰিৱৰ্তনৰ পৰ্যায় অতিক্ৰম কৰাৰ পাছতহে প্রাপ্তবয়স্ক কালত ব্যক্তিৰ পৰিচিত স্বাভাৱিক যৌন-জীৱন পাবগৈ পৰা যায়। শিশুৱে লাভ কৰা যৌন তৃপ্তিৰ ধৰণো বয়সস্থসকলতকৈ পৃথক। দেহৰ তিনিটা যৌন অঞ্চলত শিশুৱে যৌন সম্ভোগ লাভ কৰাৰ কথা ফ্রয়েডে আঙুলিয়াই দিয়ে। এইকেইটা হৈছে মৌখিক অঞ্চল, গুহ্যদ্বাৰ অঞ্চল আৰু যৌনাংগ অঞ্চল। মুখৰ পৰা পোৱা যৌন-তৃপ্তিৰ ভিতৰত কোনো নিজ দেহৰ এই যৌন অঞ্চলবোৰৰ স্পৰ্শ অনুভূতি আৰু উত্তেজনাই শিশুক যৌন সম্ভোগ প্ৰদান কৰাৰ বাবে তাৰ যৌন জীৱনকে আত্ম-কাম বুলি কোৱা হয়। এনে অৱস্থাৰ পৰ্যায় শিশুৰ পাঁচ বছৰ বয়সলৈকে থাকে। ছয় বছৰৰ পৰা বাৰ বছৰলৈকে শিশুৰ যৌন জীৱনক সুপ্ত পর্যায় বুলিব পাৰি।
(চ) অচেতন মনৰ অভিপ্রায়ঃ ফ্রয়েডে অনুভৱ কৰি উঠে যে বিস্মৃতি আকাৰে অচেতন মনত অৱদমিত কৰি ৰখা স্মৃতি উপাদানবোৰৰ একো একোটা অন্তর্নিহিত অভিপ্রায় থাকে যি ব্যক্তিৰ বাস্তৱ ক্ষেত্ৰত পূৰ্ণ হৈ নুঠে। সচেতন মনৰ পৰা বিস্মৃত কৰি ৰখা ব্যৰ্থ কাম এই অভিজ্ঞতাবোৰৰ ইচ্ছা, আগ্ৰহ আৰু প্ৰয়োজনবোৰৰ প্ৰভাৱ অচেতন মনতো সক্রিয় অৱস্থাত থাকে। সেইবাবে সময় আৰু সুযোগ পালে এই অচেতন মনৰ ইচ্ছা আৰু অভিপ্ৰায়বোৰ আমাৰ সচেতন মনৰ ক্ৰিয়া-আচৰণৰ মাজেদি আত্ম-প্ৰকাশ কৰে।
(ছ) ব্যক্তিত্ব সংগঠনত ইড, অহম্ আৰু পৰমহমঃ মনোবিশ্লেষণত ফ্রয়েডে আগবঢ়োৱা বিভিন্ন চিন্তাধাৰাৰ ভিতৰত ব্যক্তিত্ব সংগঠনকাৰী স্বৰূপ ইড, অহম আৰু পৰমহম এই তিনিবিধ মানসিক শক্তিৰ প্ৰভাৱ বিশেষ মন কৰিবলগীয়া।
ইড্ হৈছে ব্যক্তিৰ এক প্ৰবৃত্তিমূলক প্ৰেৰণা বা প্ৰৱণতা যি সুখানুসন্ধান নীতি বা সুখ সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ মূল লক্ষ্য-উদ্দেশ্য হৈছে দৈহিক প্রবৃত্তিমূলক সুখ লাভ কৰা আৰু দুখ পৰিহাৰ কৰা। দৈহিক সুখ-সম্ভোগমুখী ইডৰ মানসিক উপাদানবোৰ হ’ল স্বাভাৱিকতেই অনিয়ন্ত্ৰিত, বিশৃংখল আৰু বাস্তৱ বিবৰ্জিত বিধৰ। ই যুক্তি-অযুক্তিকতা আৰু উচিত-অনুচিতৰ বিচাৰ-বিবেচনা কৰিব নোৱাৰে। ইয়াত মানুহৰ দেহ-মনৰ মৌলিক প্রয়োজন, ইচ্ছা-কামনা-বাসনা আদি অন্তর্নিহিত হৈ থাকে। এনেবোৰ বৈশিষ্ট্যৰ বাবে ইড্ সদায় অচেতন মনৰ পৰ্যায়ত থাকে আৰু ব্যক্তিৰ সকলো প্ৰবৃত্তিমূলক প্ৰেৰণা আৰু শক্তিৰ ইন্ধন যোগায়।
অহম হৈছে ব্যক্তিমনৰ এক জটিল মনোবৈজ্ঞানিক সংগঠন প্রক্রিয়া। ইডৰ সুখানুভূতি আৰু বাস্তৱ জগতৰ পৰিস্থিতিৰ মাজত ই এক মধ্যস্থতাকাৰী শক্তিস্বৰূপে কাম কৰে। ইডৰ প্রয়োজনবোৰ পৰিস্থিতি সাপেক্ষে যি পৰিমাণে বাস্তৱত পূৰণ কৰাটো সম্ভৱপৰ হয় তাক গ্ৰহণ কৰাত আৰু যিবোৰ পূৰণ কৰাটো সম্ভৱপৰ নহয় তাক পৰিহাৰ কৰাত ই সহায় কৰে। ব্যক্তিমনৰ অহম সেইবাবে বাস্তবতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
ব্যক্তিমনৰ তৃতীয় মানসিক দিশ হৈছে পৰমহম। যি আমাৰ নৈতিক আৰু ন্যায়িক আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। ই আমাৰ আত্মিক দিশৰ প্ৰতিনিধিত্ব কৰে। সেইবাবে সুখ সন্ধান অথবা বাস্তৱতা নীতিৰ পৰিৱৰ্তে এই পৰমহম নৈতিকতা নীতিৰ দ্বাৰাহে পৰিচালিত হয়। ব্যক্তিমনৰ পাপ-পুণ্য, ন্যায়-অন্যায়, উচিত-অনুচিত আদি এই নৈতিক চেতনাই তেওঁৰ আচৰণ অধিক পূৰ্ণতাৰ ফালে ঢাল খুৱাব পাৰে।
এনে অৱস্থাত তাৰ মন আৰু আচৰণ এই পৰমহম ভাবৰ দ্বাৰা পৰিচালিত হয়। এই প্ৰসংগত উল্লেখযোগ্য যে ইড, অহম আৰু পৰমহমৰ মাজত পৃথকভাৱে তেনে কোনো স্পষ্ট আৰু নির্দিষ্ট সীমাৰেখা টানিব পৰা নাযায়। ব্যক্তিৰ জটিল মানসিক সংগঠন প্রক্রিয়াক এই তিনিটা অস্তিত্ব আৰু তাৰ নামকৰণেৰে বৰ্ণনা কৰিবলৈ চেষ্টা কৰা হৈছে।
৪১। সামাজিক গোট গঠনৰ নীতিসমূহ আলোচনা কৰা। (Discuss the principles of social group formation.)
উত্তৰঃ সামাজিক গোটবোৰ বিভিন্ন আধাৰক কেন্দ্ৰ কৰি গঢ়ি উঠে। সামাজিক গোট গঠনৰ প্ৰধান নীতিবোৰ হ’ল আত্মীয়তা বা স্বজনতা, লিংগ, বয়স, বাসস্থান, জীৱিকা বৃত্তি, সামাজিক স্তৰ, ৰাজনৈতিক ক্ষমতা, যাদুবিদ্যা আৰু ধৰ্ম, স্বেচ্ছাই একত্ৰিত হোৱা লোকসকলৰ গোট।
তলত সামাজিক গোট গঠনৰ প্ৰধান নীতিবোৰ আলোচনা কৰা হ’ল—
(ক) আত্মীয়তা বা স্বজনতাঃ পৰিয়াল, বংশগোষ্ঠী, মিত্রকূল মইটি, গোত্র ইত্যাদি হ’ল আত্মীয়তা বা স্বজনতাৰ ওপৰত প্ৰতিষ্ঠিত সামাজিক গোট। এই গোটবোৰৰ অন্তৰ্গত প্ৰত্যেকজন লোকৰ মাজতে প্রকৃত অথবা কাল্পনিক যোগসূত্র থাকে। পিতৃ-মাতৃ আৰু ল’ৰা-ছোৱালীৰে গঠিত গোটতো হ’ল পৰিয়াল। একেদৰে পিতৃ বা মাতৃ যিকোনো এটা পক্ষৰ দ্বাৰা বংশানুক্রম অনুসৰণ কৰি বংশগোষ্ঠী গঠিত হয়। পিতৃ প্ৰধান সমাজত ল’ৰা-ছোৱালীয়ে পিতৃৰ বংশগোষ্ঠীত অন্তর্ভুক্তি লাভ কৰে। ঠিক তেনেকৈ মাতৃ প্রধান সমাজত ল’ৰা-ছোৱালীয়ে মাতৃৰ বংশগোষ্ঠীত অন্তর্ভুক্ত হয়। আত্মীয়তা বা স্বজনতাৰ আধাৰত গঠিত বংশগোষ্ঠীতকৈ ব্যাপক পৰিসৰৰ বংশানুক্রমিক গোট হ’ল গোত্র। গোত্র মাতৃসূত্রী বা পিতৃসূত্ৰী হোৱা দেখা যায়। কোনো কোনো সমাজত কেইবাটাও গোত্র লগ লাগি মিত্ৰগোষ্ঠী একোটাৰ সৃষ্টি হয়। আকৌ স্বজনতাৰ আধাৰত গঠিত মিত্রগোষ্ঠী বা ক্ষেত্রবিশেষে গোত্রসমূহ দুটা গোটত বিভক্ত হৈ সমাজখন দুটা অংশত ভাগ হয়। ইয়াৰ প্ৰতিটো ভাগকে ম’ইটি বা সমাজার্ধ বোলে।
(খ) লিংগঃ কিছুমান সমাজত লিংগৰ ভিত্তি গঠিত সামাজিক গোট থাকে। উদাহৰণস্বৰূপে জনজাতীয় সমাজত থকা পুৰুষ বা নাৰীৰ আছুতীয়া সমূহীয়া শয়নগৃহৰ কথা ক’ব পাৰি। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় সমাজত পুৰুষৰ বাবে সমূহীয়া শয়নগৃহ থাকে। এনেবোৰ শয়নগৃহত সমাজবিশেষ বা সমাজৰ অংশ বিশেষৰ ডেকাসকলে ৰাত্রি যাপন কৰে। পুৰুষৰ বাবে থকা আছুতীয়া সমূহীয়া শয়নগৃহত নাৰীৰ প্ৰৱেশ নিষিদ্ধ। একেদৰে কোনো কোনো জনজাতীয় সমাজত নাৰীৰ বাবেও একেধৰণৰ শয়নকক্ষ আছে। এইবোৰত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ। উত্তৰ পূৰ্বাঞ্চলৰ আংগামী, জেমা, কন্যাক নগাসকলৰ মাজত ডেকা চাং আৰু গাভৰু চাং আছে। কন্যাক নগাসকলৰ ডেকা চাঙক বান আৰু গাভৰু চাঙকয় বোলা হয়। লিংগৰ আধাৰত গঠিত আন এক সামাজিক গোট হ’ল গুপ্ত সমাজ। এনে গুপ্ত সমাজবোৰ অকল পুৰুষ বা মহিলাৰ দ্বাৰা গঠিত হয়। অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ কিছুমান আদিবাসীৰ মাজত গুপ্ত সমাজ থকা দেখা যায়।
(গ) বয়সঃ বয়সক আধাৰ কৰি কিছুমান সমাজত সামাজিক গোট গঠন হোৱা দেখা যায়। এনেবোৰ সমাজত বয়সৰ ভিত্তিত সমাজৰ লোকসকলক বিভিন্ন স্তৰত ভাগ কৰা হয়। বয়সৰ ভিত্তিতে নির্দিষ্ট স্তবৰ লোকসকলে ভোগ কৰিব পৰা সা-সুবিধা আৰু অধিকাৰসমূহ নিৰ্ধাৰণ কৰা হয়। বয়স স্তৰৰ ভিত্তিতে বিভিন্ন জনজাতীয় সমাজ গঢ় লৈ উঠে। উত্তৰ পূৰ্বাঞ্চলৰ আগত নগাসকলৰ মাজত বয়সৰ ভিত্তিত গঠিত সামাজিক স্তৰ বিদ্যমান। আগুনগাসকলৰ ডেকাচাং অকল গাঁৱৰ ডেকাসকলৰ দ্বাৰাহে গঠিত হয়। প্রতি তিনি বছৰৰ মূৰে মূৰে এক নিৰ্দিষ্ট বয়সৰ ডেকা মোৰাৰ্ডৰ সদস্য হয় আৰু পুৰণি ডেকাচামৰ পদোন্নতি ঘটে। এনেদৰে কালক্ৰমত এই ডেকাসকলে গাঁৱৰ পঞ্চায়ত তথা বিচাৰ সভাসমূহৰ সদস্য হৈ এক নির্দিষ্ট সা-সুবিধা তথা অধিকাৰ লাভ কৰে।
(ঘ) বাসস্থানঃ প্রত্যেক সমাজতে বাসস্থানৰ আধাৰত গঠিত গোট থাকে। এনেবোৰ গোটৰ আকাৰ আৰু প্ৰকাৰ বিভিন্ন হয়। বাসস্থানৰ আধাৰত গঠিত সামাজিক গোট হ’ল গাঁও, চুবুৰী ইত্যাদি। গাঁও বা চুবুৰীত বসবাস কৰা লোকসকলৰ মাজত পাৰস্পৰিক আবেগিক সম্পর্ক থকাৰ লগতে তেওঁলোকৰ কিছুমান উমৈহতীয়া কৰ্তব্য আছে। যেনে- গাঁৱৰ আলি-পদূলি নিৰ্মাণ, খোৱা পানীৰ ব্যৱস্থা, পঢ়াশালি স্থাপন, শান্তি-শৃংখলা ৰক্ষা, গাঁৱৰ প্ৰতিৰক্ষা, সামাজিক তথা ধর্মীয় উৎসব পালন আদি কাম।
(ঙ) জীৱিকা বৃত্তিঃ সমাজৰ সকলো মানুহৰে জীৱিকা বৃত্তি একে নহয়। একে জীৱিকা বৃত্তি গ্ৰহণ কৰা লোকসকলে গঠন কৰা গোটকে জীৱিকা বৃত্তিৰ আধাৰত গঠিত সামাজিক গোট বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায় সকলো সমাজতে জীৱিকা বৃত্তিৰ আধাৰত প্ৰতিষ্ঠিত সামাজিক গোট আছে। অসমীয়া সমাজ কমাৰ, কুমাৰ, নাপিত, তেলী, মালী, ধোবা ইত্যাদি জীৱিকা বৃত্তিৰ আধাৰত গঠিত সামাজিক গোট।
(চ) সামাজিক স্তৰঃ প্রত্যেক সমাজতে উচ্চ আৰু নীচৰ ভেদাভেদ পৰিলক্ষিত হয়। এনেধৰণৰ সামাজিক পদমর্যাদাৰ ওপৰত ভিত্তি কৰি কিছুমান সামাজিক গোট গঠিত হয়। ভাৰতীয় হিন্দু সমাজত থকা ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ হ’ল সামাজিক স্তৰ। এনেবোৰ সামাজিক গোটৰ কিছুমানক উচ্চ আৰু কিছুমানক নীচ হিচাপে গণ্য কৰা হয়। অৰুণাচলৰ কামেং জিলাৰ ছেৰডুকপেন সকলৰ সমাজখন পদমর্যাদাৰ ওপৰত ভিত্তি কৰি থং বা ৰাজবংশীয় আৰু চাও বা দাসবংশীয় নামে দুটা ভাগত বিভক্ত হৈছে।
(ছ) ৰাজনৈতিক ক্ষমতাঃ কেতবোৰ সমাজত ৰাজনৈতিক ক্ষমতাক আধাৰ কৰি গঠিত হোৱা গোট পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে মিজোৰামৰ লাখেৰসকলৰ কথা ক’ব পাৰি। লাখেৰসকলৰ সমাজখনত ৰাজন্য, সম্ভ্রান্ত আৰু সৰ্বসাধাৰণ হিচাপে তিনিটা গোট আছে। ৰাজন্য গোটৰ লোকহে মুখিয়াল হ’ব পাৰে। বিচাৰ আদি কাৰ্যত ৰাজন্যবৰ্গক সম্ভ্রান্ত বৰ্গই সহায়-সহযোগ কৰে। সাধাৰণ গোটৰ কোনো ৰাজনৈতিক ক্ষমতা নাথাকে।
(জ) যাদুবিদ্যা আৰু ধৰ্মঃ জনজাতীয় আৰু অনগ্ৰসৰ সমাজত যাদু আৰু ধৰ্মৰ বিশেষ প্ৰভাৱ আছে। এনেবোৰ সমাজত বিশেষ একশ্রেণীৰ লোকেহে যাদুবিদ্যা চৰ্চা কৰে অথবা ধৰ্মীয় কাৰ্যসমূহ সমাধা কৰে। এই শ্ৰেণীৰ মানুহক সমাজৰ এক পৃথক গোট হিচাবে বিবেচনা কৰা হয়। উদাহৰণস্বৰূপে অসমৰ পাতিৰাভা সমাজত ডাইনিবিলাকে গঠন কৰা গোটটোৰ কথা উনুকিয়াব পাৰি। এই গোটৰ বুনিয়াদ হ’ল যাদুবিদ্যা আৰু ধৰ্ম।
(ঝ) স্বেচ্ছাই একত্ৰিত হোৱাঃ সমাজৰ কিছুমান গোটৰ সদস্যপদ বাধ্যতামূলক নহয়। এনেবোৰ সামাজিক গোট স্বেচ্ছাই একত্রিত হোৱা সদস্যৰ দ্বাৰা গঠিত হয়। আমেৰিকাৰ হিড়াছটাসকলৰ মাজত থকা কুকুৰ সমাজ, ক্ৰোসতালৰ মাজত থকা ধঁপাত সমাজ ইত্যাদি স্বেচ্ছাই একত্ৰিত হোৱা লোকেৰে গঠিত সামাজিক গোট। এনে গোটবোৰৰ সদস্য পদ গ্রহণ কৰা সন্মানৰ বিষয় যদিও ই বাধ্যতামূলক হয়।
৪২। মনোবিজ্ঞান মানে কি? টি. বি. বটম’ৰে তেওঁৰ গ্ৰন্থ Sociology: A Guide to Problems and Literature ত উল্লেখ কৰা সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজৰ সম্পৰ্কৰ প্রকৃতি আলোচনা কৰা। (What is Psychology? Discuss the nature of relationship between Sociology and Psychology as stated by T. B. Bottomore in his book Sociology: A Guide to Problems and Literature.)
উত্তৰঃ মনোবিজ্ঞান হৈছে মন আৰু ব্যৱহাৰৰ বৈজ্ঞানিক অধ্যয়ন। মানুহৰ চিন্তা, কৰ্ম আৰু ভাৱনাক প্ৰভাৱিত কৰা জৈৱিক প্ৰভাৱ, সামাজিক হেঁচা আৰু পৰিৱেশৰ কাৰকসমূহক মনোবিজ্ঞানে সামৰি লয়। ইয়াৰ লগতে মনোবিজ্ঞানে সচেতন আৰু অচেতন মনৰ ভাৱনা, চিন্তাবোৰো অধ্যয়ন কৰে। এয়া হৈছে এক বৈজ্ঞানিক অধ্যয়ন যিয়ে মনক বিভিন্ন যোগাযোগৰ জৰিয়তে ব্যৱহাৰৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে অৱগত কৰায়।
সমাজবিজ্ঞান হৈছে সমাজত বেলেগৰ লগত কৰা যোগাযোগৰ বিশ্লেষণ। আনহাতে, মনোবিজ্ঞানে মানুহৰ আভ্যন্তৰীণ চিন্তা-ভাৱনা, কাম, অন্য ব্যক্তিৰ মনৰ ওপৰত প্ৰভাৱ আদি বিশ্লেষণ কৰে। আনহাতে সামাজিক মনোবিজ্ঞান হৈছে এনে এক অধ্যয়নৰ ক্ষেত্ৰ যিয়ে আমাৰ আভ্যন্তৰীণ মনোৱস্থাই কেনেকৈ সমাজৰ মানুহৰ লগত বা বিভিন্ন ব্যক্তিৰ লগত হোৱা যোগাযোগত প্ৰভাৱ বিস্তাৰিত কৰে। সামাজিক মনোবিজ্ঞান সাধাৰণ মনোবিজ্ঞানৰে এটি অংশ, যি সাধাৰণ মনোবিজ্ঞানে সামাজিক জীৱনৰ মনোবৈজ্ঞানিক দিশবোৰ সামৰি লয়। সকলো ধৰণৰ মনোবিজ্ঞানক সামাজিক বুলি ক’ব পাৰি, যিহেতু সকলো মনোবৈজ্ঞানিক ঘটনা সমাজত সংঘটিত হয় আৰু সামাজিক কাৰকবোৰে এইবোৰ প্ৰভাৱান্বিত কৰে। সামাজিক মনোবিজ্ঞানীসকলে সাধাৰণ মনোবিজ্ঞানৰ সৈতে বেছিকৈ জড়িত। সমাজবিজ্ঞানীসকলে সমাজক এটি গোট হিচাপে প্ৰত্যক্ষ কৰে। তেওঁলোকে ব্যৱহাৰৰ বিভিন্ন ক্ৰমবোৰৰ লগতে এই ক্ৰমবোৰে কেনেদৰে আমাৰ চাৰিওফালৰ পৰিৱেশ গঠন কৰে, সেয়া অধ্যয়ন কৰে। আনহাতে, সমাজ মনোবিজ্ঞানীয়ে ব্যক্তি আৰু ব্যক্তিৰ ওপৰত সামাজিক কাৰকবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
সামাজিক স্তৰীভূতকৰণৰ অধ্যয়নত, মনোবৈজ্ঞানিক ধাৰণাই এক বিশেষ শ্ৰেণী আৰু স্থান উদ্ভাৱন কৰে বিষয়গত দৃষ্টিভংগীৰে। এই মনোবৈজ্ঞানিক ধাৰণাই উদ্দেশ্যমূলক দৃষ্টিভংগীৰ সামাজিক ধাৰণাৰ সৈতে তুলনামূলক মত আগবঢ়ায়। এই ধাৰণাই সামাজিক গঠনত অৰিহণা যোগোৱা বিশেষ অংশৰ মনোবৈজ্ঞানিক ধাৰণাৰ পদ্ধতিগত অনুসন্ধানৰ ওপৰত ভিত্তি নকৰে। সকলো ধৰণৰ অনুসন্ধানৰ ক্ষেত্ৰৰ পৰা জানিব পাৰি বেলেগ ব্ৰহ্মাণ্ডৰ কথা।
এই দুই বিষয় ক্ষেত্ৰৰ মাজৰ যোগাযোগক লৈ বহুতো বক্তব্য আছে। ইয়াৰে বক্তব্যৰ বহিঃপ্রকাশ ঘটা এটি উল্লেখযোগ্য কাম হৈছে গাৰ্থ আৰু মিলৰ। লেখক টি. বি. বট’মোৰে কৈছে যে, “সামাজিক মনোবিজ্ঞানীসকলে” বিভিন্ন ধৰণৰ সমাজত পুৰুষ আৰু মহিলাৰ অভিৰোচন আৰু ব্যৱহাৰৰ বিষয়ে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে। তেওঁ সুধিছে কেনেদৰে এখন সমাজত এজন মানুহৰ বাহ্যিক ব্যৱহাৰ আৰু আভ্যন্তৰীণ জীৱনে আনৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায়। তেওঁ বিভিন্ন ধৰণৰ সমাজত বিভিন্ন প্ৰকাৰৰ মানুহৰ বিষয়ে ব্যাখ্যা কৰিবলৈ বিচাৰিছে আৰু লগতে তেওঁলোকৰ সমাজৰ লগত থকা আন্তঃসম্পৰ্কৰো অনুসন্ধান কৰিছে। সেয়েহে সামাজিক মনোবিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰ হৈছে মানুহৰ ব্যক্তিগত চৰিত্ৰ আৰু সামাজিক গাঠনিৰ মাজৰ সম্বন্ধ। গাৰ্থ আৰু মিলছৰ মতে এইটো জীৱবিজ্ঞান নাইবা সমাজবিজ্ঞান দুয়ো দিশৰ পৰা চাব পৰা যায়। পুৰণি সময়ত এই দুয়োটা দিশৰ পদ্ধতিসমূহ অধ্যয়ন কৰিবলৈ অহা বিশেষজ্ঞসকলে এটা দিশতে নিজৰ শিক্ষামূলক পদ্ধতিৰে আবদ্ধ হৈ যায়।
গাৰ্থ আৰু কিল্চৰ মতে সামাজিক ভূমিকাই ব্যক্তিবিশেষে জীৱ আৰু সামাজিক গাঠনিৰ মাজৰ যোগাযোগৰ বিন্দুটিৰ প্ৰতিনিধিত্ব কৰে। আৰু ইয়াক এখন আঁচনিৰ মুখ্য ধাৰণা হিচাপে ব্যৱহাৰ কৰা হয় যিয়ে একে সংজ্ঞাতে চৰিত্ৰ আৰু সামাজিক গাঠনিৰ বিশ্লেষণ সম্ভৱ কৰি তোলে।
এই কিতাপখনে দৰাচলতে ব্যক্তি আৰু সমাজৰ মাজৰ সম্পৰ্কৰ মৌলিক সমস্যাসমূহ উদঙাই দিয়ে। এই সম্পৰ্কৰ বিষয়ে জিনচ্বার্গে তেওঁৰ অধ্যয়নত পৰীক্ষা কৰিছিল। ইয়াৰ লগতে ‘প্রবৃত্তি আৰু কাৰকৰ সামাজিক জীৱনৰ ওপৰত প্ৰভাৱ’, গোট মনৰ তত্ত্বসমূহ আৰু সামূহিক মতামত আৰু শৃংখলাবদ্ধ গোটৰ আচাৰ-ব্যৱহাৰৰ বিষয়সমূহো সামৰি লৈছিল। কিন্তু পিছলৈ সামাজিক মনোবিজ্ঞানে এই অধ্যয়নসমূহ বাদ পেলায় কিয়নো এই অধ্যয়নসমূহ বেছিকৈ ব্যক্তিবিশেষৰ লগতহে জড়িত আৰু সমাজবিদ্যা আৰু ব্যক্তিৰ মনোবিজ্ঞান এই দুয়োটা অধ্যয়নক্ষেত্র একেলগ হোৱাটো উচিত।