Introduction to Sociology Unit 1 সমাজতত্ত্বঃ শৃংখলা আৰু দৃষ্টিকোণ

Introduction to Sociology Unit 1 সমাজতত্ত্বঃ শৃংখলা আৰু দৃষ্টিকোণ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology Unit 1 সমাজতত্ত্বঃ শৃংখলা আৰু দৃষ্টিকোণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology Unit 1 সমাজতত্ত্বঃ শৃংখলা আৰু দৃষ্টিকোণ Question Answer can be of great value to excel in the examination.

Introduction to Sociology Unit 1 সমাজতত্ত্বঃ শৃংখলা আৰু দৃষ্টিকোণ

Join Telegram channel

Introduction to Sociology Unit 1 সমাজতত্ত্বঃ শৃংখলা আৰু দৃষ্টিকোণ Notes cover all the exercise questions in UGC Syllabus. Introduction to Sociology Unit 1 সমাজতত্ত্বঃ শৃংখলা আৰু দৃষ্টিকোণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Sociology: Discipline and Perspective

INTRODUCTION TO SOCIOLOGY

[ সমাজতত্ত্বৰ পৰিচয় ]

অতি চমু প্রশ্নোত্তৰ

(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

১। “সমাজ বিজ্ঞান সামাজিক শৃংখলা আৰু ব্যাধি প্ৰকৃতিৰ ব্যাখ্যা দিয়ে।” কোনে কৈছিল? (“Sociology makes to explain the nature of social order and।disorder” – Who said?)

(ক) এলেক্স ইনকেলচ্ (Alex Inkeles)

(খ) আগষ্টে কম্‌টে (Auguste Comte)

(গ) প্লেটো (Plato)

(গ) এৰিষ্টটল (Aristotle)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ক) এলেক্স ইনকেলচ্ (Alex Inkeles)

২। “দি ফৰেষ্ট এণ্ড ট্ৰিচ এ চোচিয়োল’জিকেল এছলাইফ” নামৰ গ্ৰন্থখন কোনে লিখিছিল? (Who wrote this book, “The Forest and trees a sociology as life, practice procise”?)

(ক) এলান. জি. জনচন্ (Allan G. Johnson)

(খ) ইমাইল ডুর্খেইম (Email Durkheim)

(গ) চ্যিগমাউণ্ট ব্রুমেন (Zygmunt Bauman)

(ঘ) হোগেল (Hogel)

উত্তৰঃ (খ) এলান. জি. জনচ। (Allan & Johnson)

৩। “ব্যক্তিসকলৰ মাজত আন্তঃনিৰ্ভৰতাৰ অংশ হিচাপে আমাৰ পৃথক পদক্ষেপ”— এই বিবৃতিটো কোনে দিছিল? (“Our individual action as part of webs of interdependence between people” Who gave this statement?)

(ক) আর্নল্ড গ্রীন (Arnold Green)

(খ) চিগমাউন্ট ব্রুমেন (Zygmunt Bruman)

(গ) বগাদাচ (Bogardus)

(ঢ) ৰ’লিনচ্ চেম্বলিছ (Rollins Chamblise)

উত্তৰঃ (খ) চিগমাউণ্ট ব্রুমেন (Zygmunt Bruman).

৪। “সমাজতত্ত্ব সামাজিক জীৱন গঠন প্ৰণালীৰ বৈজ্ঞানিক অধ্যয়ন”— কাৰ মতবাদ? (“Sociology is the scientific study of the structure of social life” – Whose doctrine?)

(ক) ইয়ং আৰু মেক (Young and Mack)

(খ) এলেক্স ইংকেলচ্ (Alex Inkeles)

(গ) বগাদাচ (Bogardus)

(ঘ) আর্নল্ড গ্রীন (Arnold Green)

উত্তৰঃ (ক) ইয়ং আৰু মেক (Young and Mack)

৫। “সমাজতত্ত্বই মানুহৰ সম্বন্ধৰ আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধৰ আধাৰত অৱস্থা আৰু ফলাফলৰ বিষয়ে অধ্যয়ন কৰে।” — কাৰ মতবাদ? (“Sociology is the study of human interaction and inter relation, their conditions and consequence” – by whose doctrine?)

(ক) এলেক্স ইংকেলচ্ (Alex Inkeles)

(খ) আর্নল্ড গ্রীন (Arnold Green)

(গ) মৰ্চি গিন্সবার্গ (Moriss Ginsberg)

(ঘ) মেক (Mack)

উত্তৰঃ (গ) মৰিচ গিন্সবার্গ (Moriss Ginsberg)

৬। “সামাজিক চিন্তা মানে, কিছুমান ব্যক্তিয়ে ইতিহাস বা বৰ্তমানৰ ভিত্তিত সামাজিক সমস্যাসমূহৰ বিষয়ে কৰা চিন্তা।”— কাৰ মতবাদ? (According to whom “Social thought is thinking about social problems by one or few persons here and there in human history or at the present”?) – Whose doctrine?

(ক) এলেক্স ইংকেলচ্ (Alex Inkeles)

(খ) আর্নল্ড গ্রীন (Arnold Green)

(গ) মৰিচ গিন্সবার্গ (Moriss Ginsberg)

(ঘ) বগাদাচ (Bogardus)

উত্তৰঃ (ঘ) বগাদাচ (Bogardus)

৭। টমাচ্ কেম্পানেলাই কোন কোন প্ৰথা বন্ধ কৰাৰ ক্ষেত্ৰত স্বকীয় ধাৰণা প্ৰকাশ কৰে। (What are the some practices that Thomas Campanella has come up with to stop?)

(ক) বাল্যবিবাহ প্রথা (Child Marriage Custom)

(খ) দাস প্রথা (Slavery)

(গ) জমিদাৰী প্ৰথা (Zamindari System)

(ঘ) শ্রেণী বৈষম্য প্রথা (The Practice of Class discrimination)

উত্তৰঃ (খ) দাস প্রথা (Slavery)

৮। বস্তুনিষ্ঠ ইতিহাস জাতীয় আন্দোলনত অৱদান ৰাখিছিল এনে এজন দার্শনিক হ’ল — (Object history was one such philosopher who contributed to the national movement-)

(ক) ভগবান দাস (Bhagwan Das)

(খ) ড° ৰাম মনোহৰ লোহিয়া (Dr. Ram Manohar Lohia)

(গ) আচার্য নৰেন্দ্ৰ দেৱ (Acharjya Narendra Dev)

(ঘ) স্বামী বিবেকানন্দ (Swami Vivekananda)

উত্তৰঃ (গ) আচাৰ্য নৰেন্দ্ৰ দেৱ (Acharjya Narendra Dev)

৯। সামাজিক নৃতত্ত্ব সংস্কৃতিক নৃতত্ত্ব এটা ভাগ আৰু যিয়ে সামাজিক ঘটনাবোৰৰ বিষয়ে অধ্যয়ন কৰে— বক্তব্যটো কোনে আগবঢ়াইছে? (“Social anthropology is one of the part of cultural anthropology” – Who put this statement?)

(ক) পেনিমেন (Penniman)

(খ) শ্রীনিবাস (Srinivas)

(গ) এচ.চি. ডুবে (S. C. Dube)

(ঘ) আর্নল্ড গ্রীণ (Arnold Green)

উত্তৰঃ (ক) পেনিমেন (Penniman)

১০। “তুলনামূলকভাৱে মানৱ সমাজৰ অধ্যয়নে সামাজিক নৃতত্ত্ব। ই সকলো ধৰণৰ সামাজিক ব্যৱস্থাক সামৰি লৈছে।” (“It is comparative study of human societies, ideally it includes all societies primitive civilized and histroio” – Who said this?)

(ক) এচ.চি. ডুবে (S. C. Dube)

(খ) এম. এন. শ্রীনিবাস (M. N. Srinivas)

(গ) এৰিষ্টটল (Aristotle)

(ঘ) মিচেল ফুকো (Missel Fuko)

উত্তৰঃ (খ) এম. এন. শ্রীনিবাস (M. N. Srinivas)

(খ) উত্তৰ লিখাঃ

১। পশ্চিমত সমাজতত্ত্বৰ আৱিৰ্ভাৱৰ পটভূমি হিচাপে কি কি তিনিটা বৌদ্ধিক তথা সামাজিক অৱস্থাক চিহ্নিত কৰা হৈছে? (What are the three intellectual and social conditions identified as the background to the emergency of sociology in the west?)

উত্তৰঃ ইউৰোপৰ জ্ঞানোদয় যুগ, ভৌতিক বিজ্ঞানৰ প্ৰগতি, ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰু ফ্ৰান্সৰ ৰাজনৈতিক তথা সামাজিক বিপ্লৱ।

২। ‘Main Currents in Sociological Thoughts’ শীর্ষক গ্ৰন্থখন কোনে লিখিছিল? (‘Main currents in Sociological Thoughts’ who wrote the book titled?)

উত্তৰঃ Raymond Arond.

৩। ‘The Prince’ আৰু ‘The Spirit of low’ নামৰ গ্ৰন্থখন কোনে লিখিছিল। (Who is the author of the book ‘The Prince and the Spirit of law?)

উত্তৰঃ মেকিয়াভেলী আৰু মন্টেছকিউ এ।

৪। ‘Sociology: A Guide to Problems and literature (1971) নামৰ গ্ৰন্থখন কোনে লিখিছিল? (‘Sociology: A Guide the Problems and literature’ (1971) who wrote the book?)

উত্তৰঃ T.B. Bottomore.

৫। আগষ্ট ক ট জন্ম কেতিয়া হৈছিল? (When was August Comte born?)

উত্তৰঃ ১৭৯৮ চনৰ ১ জানুৱাৰীত।

৬। কিমান চনত পোন প্ৰথমবাৰৰ বাবে ‘সমাজতত্ত্ব’ শব্দটো ব্যৱহাৰ কৰিছিল? (In which year was the term sociology first used?)

উত্তৰঃ ১৮৩৯ চনত।

৭। Sociology শব্দটো কি দুটা শব্দৰ পৰা অনা হৈছে? (From which two words is the word ‘sociology’ derived?)

উত্তৰঃ Sociology শব্দটো লেটিন শব্দ – ‘Socius’ আৰু গ্ৰীক শব্দ ‘logos’ ৰ পৰা অনা হৈছে।

৮। ‘Socius’ আৰু ‘logos’ শব্দ দুটাৰ অৰ্থ কি? (What do the words ‘socius’ and ‘logos’ mean?)

উত্তৰঃ ‘Socius’ ৰ অৰ্থ Companion বা Associate অর্থাৎ সঙ্গী আৰু logos ৰ অৰ্থ Study বা Science অর্থাৎ বিজ্ঞান।

৯। শব্দগত (আভিধানিক) ভাবে ‘সমাজতত্ত্বৰ’ অর্থ কি? (What is the meaning of sociology in lexical way?)

উত্তৰঃ সমাজৰ বিজ্ঞান অর্থাৎ Science of Society.

১০। ‘Law of three stage’ ৰ ব্যাখ্যা কোনে আগবঢ়াইছিল? (Who explained the ‘Law of three stage’?)

উত্তৰঃ আগষ্ট ক’টে।

১১। সমাজতত্ত্বৰ সাহিত্যৰ বিকাশলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা আগষ্ট ক’টৰ বিখ্যাত গ্রন্থ কেইখন কি কি? (What are the famous works of August Comte who have made significant contribution to the development of sociological literature?)

উত্তৰঃ ‘Positive philosophy’ (ছয় খণ্ড) আৰু ‘Positive Polity’ (চাৰি খণ্ড)।

১২। ‘Principle of Sociology’ নামৰ গ্ৰন্থখন কোনে লিখিছিল? (Who wrote of the book ‘Principle of Sociology’?)

উত্তৰঃ Herbert Spencer.

১৩। Herbert Spencer ৰ এক গুৰুত্বপূৰ্ণ অৱদান কি? (What is one important contribution of herbert spencer?)

উত্তৰঃ সামাজিক জৈৱিকবাদ।

১৪। কাল মার্ক্স কোন আছিল? (Who was Karl Marx?)

উত্তৰঃ কাল মার্ক্স ঊনৈশ শতিকাৰ জাৰ্মানীৰ এগৰাকী প্ৰখ্যাত চিন্তাবিদ।

১৫। ‘The Division of Labour in Society’ আৰু ‘The Rules of Sociological Methods’ নামৰ গ্ৰন্থকেইখন কোনে লিখিছিল? (Who wrote the books ‘The division of Labour in Society’ and ‘The Rules of Sociological Methods’?)

উত্তৰঃ Emile Durkheim নামৰ ফ্ৰান্সৰ সমাজতত্ত্ববিদ জনে।

১৬। ‘The Suicide’ আৰু ‘The Elementary Forms of Religious Life’ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? (Who is the author of the book entitled ‘The Suicide and the Elementary of Religious Life’?)

উত্তৰঃ Emile Durkheim.

১৭। মেক্সবেৱাৰ কোন আছিল? (Who was Max Weber?)

উত্তৰঃ মেক্সবেৱাৰ জামানীৰ এজন বিখ্যাত সমাজদার্শনিক।

১৮। ‘আদৰ্শ প্ৰকৰণ’ নামৰ এক সমাজতাত্ত্বিক অৱধাৰণাটো কোনে আগবঢ়াইছিল? (Who gave the sociological concept called ‘Ideal Variation?)

উত্তৰঃ মেক্সবেৱাৰ।

১৯। ‘The Protestant Ethics and the Spirit of Capitalism’ শীর্ষক গ্ৰন্থখন কোনে আগবঢ়াইছিল? (Who wrote the book entitled ‘The Protestant Ethics and the Spirit of Capitalism’?)

উত্তৰঃ মেক্সবেৱাৰে।

২০। ‘Economy and Society’ আৰু ‘Methodology of the Social Science’ গ্ৰন্থখন কোনে লিখিছিল? (Who wrote the books ‘Economy and Society’ and ‘Methodology of the Social Science’?)

উত্তৰঃ মেক্সবেৱাৰে।

২১। অসমত প্ৰথম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সমাজতত্ত্বক পৃথক বিভাগ হিচাপে কিমান চনত আৰম্ভ কৰিছিল? (In which year did the first Dibrugarh University in Assam introduced sociology as a separate department?)

উত্তৰঃ ১৯৫৬ চনত।

২২। কিমান চনত আৰু ক’ত পোন প্ৰথমে ‘The Indian Sociological Society’ প্ৰতিষ্ঠা কৰে? (In which year and where was ‘The Indian Sociological Society’ established?)

উত্তৰঃ ১৯৫১ চনত, বম্বেত।

২৩। Herbert Spencer এ লিখা কেইখনমান গ্ৰন্থৰ নাম উল্লেখ কৰা। (Mention the names of some of the books written by Herbert Spencer.)

উত্তৰঃ “Principle Sociology”, “Descripitiur Sociology”, “The Study of Sociology”.

২৪। “Cast and Tribes of Bengal” নামৰ গ্ৰন্থখন কোনে লিখিছিল? (Who wrote of the book ‘cast and tribes of Bengal’?)

উত্তৰঃ হাবাৰ্ট ৰিচলে 1891 চনত লিখিছিল।

২৫। কাৰ প্ৰচেষ্টাত কলিকতা বিশ্ববিদ্যালয়ত সমাজতত্ত্বৰ আনুষ্ঠানিক আৰম্ভণি হৈছিল? (Whose efforts led to the formal beginning of sociology at Calcutta University?)

উত্তৰঃ B.N. Seal.

২৬। কিমান চনত বম্বে বিশ্ববিদ্যালয়ত সমাজতত্ত্বৰ আৰম্ভণি হৈছিল? (In which year did sociology begin at Bombay University?)

উত্তৰঃ ১৯১৪ চনত।

২৭। G.S Ghurye ৰ সম্পূৰ্ণ নাম কি? (What is the full form of G.S. Ghurye?)

উত্তৰঃ গোবিন্দ সদাশিৱ ঘূৰে।

২৮। G.S Ghurye ৰ দ্বাৰা ৰচিত কেইখন মান গ্ৰন্থৰ নাম লিখা। (Write the names of some books written by G. S. Ghurye?)

উত্তৰঃ 1. Caste and Race in India (1932, 1969).

2. Culture and Society (1947).

3. Indian Sadhus (1953).

২৯। M.N. Srinivas ৰ সম্পূৰ্ণ নাম কি আৰু তেখেতৰ জন্ম কেতিয়া হৈছিল? (What is the full name of M.N. Srinivas and when was he born?)

উত্তৰঃ Mysore Narasimhachar Srinivas (মহীশূৰ নৰশিমাচাৰ্য শ্রীনিবাস) তেখেতৰ জন্ম হৈছে 1916 চনত।

৩০। Radha Kamal Mukherjee ৰ দ্বাৰা ৰচিত কেইখনমান কিতাপৰ নাম লিখা? (Write the name of some books written by Radhakamal Mukherjee?)

উত্তৰঃ 1. Sociology and Mysticism (1931).

2. The Rural Economy of India. (1926).

3. introduction of Social Psychology (1928).

৩১। সমাজতত্ত্বৰ জন্মদাতা কোন? (Who is the originator of sociology?)

উত্তৰঃ আগষ্ট ক’ট।

৩২। “মানৱ সমাজ হ’ল সামাজিক সম্বন্ধৰ জাল গোঁথনিস্বৰূপ”। কথাষাৰ কোনে কৈছিল? (Who said that “Human society is a web of social relation”?)

উত্তৰঃ মেক আইভাৰ আৰু পেজে।

৩৩। “Division of Labour in Society’ নামৰ গ্ৰন্থখন কোনে লিখিছিল? (Who wrote the book ‘Division of Labour in Society?)

উত্তৰঃ ইমাইল দুৰখেইমে।

৩৪। এজন প্রত্যক্ষবাদী সমাজতত্ত্ববিদৰ নাম লিখা। (Write the name of a positivist sociologist.)

উত্তৰঃ আগষ্ট ক’ট।

৩৫। “বিজ্ঞান মানে জ্ঞান” কথাষাৰ কোনে কৈছিল? (Who said this ‘Science means Knowledge’?)

উত্তৰঃ অৰ্গবান আৰু নিমকফে।

৪৬। দুজন বুৰঞ্জীবিদৰ নাম লিখা। (Write the name of two historians?)

উত্তৰঃ জি.জি. কটন আৰু বাৰ হাউত।

৩৭। “সমাজতত্ত্ব আৰু নৃ-তত্ত্ব যমজ ভগ্নী” কথাষাৰ কোনে কৈছিল? (Who said ‘sociology and Anthropology are twin sisters’?)

উত্তৰঃ এ.এল. ক্ৰুৱাৰে৷

৩৮। সমাজতত্ত্ব অধ্যয়নৰ মতবাদ দুটা উল্লেখ কৰা। (Mention two doctrines in the study of sociology.)

উত্তৰঃ (ক) স্বৰূপাত্মক বা বিশেষাত্মক চিন্তাধাৰা।

(খ) সমন্বয়াত্মক চিন্তাধাৰা।

৩৯। Kingsly Davisৰ এখন কিতাপৰ নাম লিখা। (Write the name of a book by Kingsley Davis.)

উত্তৰঃ “Human Society”.

৪০। আগষ্ট ক’টে লিখা যিকোনো এখন কিতাপৰ নাম লিখা। (Write the name of any book written by August Comte.)

উত্তৰঃ “Positive Philosophy”.

৪১। বিজ্ঞানৰ দুটা চৰিত্ৰ উল্লেখ কৰা। (Mention two characters in science.)

উত্তৰঃ (ক) বিজ্ঞান সাৰ্বজনীন। আৰু

(খ) বিজ্ঞান নিৰপেক্ষ।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। সমাজতাত্ত্বিক চিন্তাৰ সূত্ৰপাত কেতিয়াৰ পৰা কেনেকৈ হৈছিল লিখা? (Write when and how sociological thought originated.)

উত্তৰঃ সামাজিক মানুহ সমাজকলৈ চিন্তা-ভাৱনা কৰিব এইটো অত্যন্ত স্বাভাৱিক। কিন্তু প্রাচীনকালত প্রাচ্য বা পাশ্চাত্যত য’ত মানুহে উন্নত জীৱনমান প্ৰদৰ্শন কৰিছে তাতেই তাৰ সমাজ ভাৱনাৰ পৰিচয় পোৱা গৈছে। তথাপি সেই সময়ত সমাজভাৱনা বা সমাজ দর্শন কোনো বিজ্ঞানসন্মত পদ্ধতি বা দৃষ্টিভংগী লৈ গঢ়ি উঠা নাছিল। উপৰঞ্চি প্রাচীন কালত বা মধ্যযুগত সমাজ সংক্রান্ত যিবোৰ চিন্তাৰ খোজ পোৱা যায় সেইবোৰ ৰাষ্ট্ৰ, অৰ্থনীতি বিষয়ৰ লগত উপস্থাপিত। একেবাৰে স্বতন্ত্র বিষয় হিচাপে ‘সমাজ’লৈ আলোচনা একান্তই আধুনিক। সেয়েহে আধুনিক পৃথিৱীৰ শিল্পবিপ্লৱৰ ঐতিহাসিক পর্যায়টোকে আমি সমাজতত্ত্বৰ উৎপত্তিৰ কাল হিচাপত চিহ্নিত কৰিব পাৰো। ৰাষ্ট্ৰ আৰু সমাজৰ পাৰ্থক্য নিৰ্দেশ কৰি ইউৰোপৰ বুদ্ধিজীৱী আৰু চিন্তানায়ক যেতিয়া ‘Civil Society’ বা সমাজৰ স্বতন্ত্র সত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে তেতিয়াৰ পৰাই সমাজতাত্ত্বিক চিন্তাৰ সূত্ৰপাত হৈছে।

অষ্টাদশ শতিকাৰ শেষ আৰু ঊনবিংশ শতিকাৰ আৰম্ভণিত যিবোৰ মানুহ সমাজ সংক্রান্ত দার্শনিক, বিজ্ঞানসন্মত চিন্তাভাৱনা আৰম্ভ কৰিছিল তেওঁলোক আছিল প্রধানত ফৰাচী দেশৰ মানুহ। পৰৱৰ্তী কালত ইংলেণ্ড আৰু জাৰ্মানীৰ চিন্তাবিদসকলেও এই বিষয়ে তেওঁলোকৰ অৱদান থৈ গৈছিল।

২। পশ্চিম ইউৰোপৰ সমাজৰ বৈপ্লৱিক পৰিৱৰ্তনৰ লগত সমাজতাত্ত্বিক চিন্তাৰ কি সংযোগ সেই সম্পর্কে আলোচনা কৰা। (Discuss how sociological thought has to do with the revolutionary transformation of Western European Society.)

উত্তৰঃ ঊনবিংশ শতিকাৰ ত্ৰিশৰ দশকত সমাজতত্ত্ব নামটো গ্ৰহণ কৰে বিশিষ্ট ফৰাচী সমাজবিজ্ঞানী আগষ্ট কট। আনুষ্ঠানিকভাৱে সেই সময়টো সমাজতত্ত্বৰ জন্মকাল বুলি নির্দেশ কৰা হ’লেও তাৰ পটভূমিৰ অনুসন্ধানত আৰু অন্তত এশ বছৰ পিছুৱাই যাব লাগে। অষ্টাদশ শতিকাৰ মাজভাগত অৰ্থাৎ শিল্পবিপ্লৱৰ প্ৰথম পৰ্বটোক সমাজত্ত্বৰ আৱিৰ্ভাব কাল বুলি চিহ্নিত কৰা সঠিক। সেই সময়ত পশ্চিম ইউৰোপত কিছু যুগান্তকাৰী পৰিৱৰ্তন প্ৰক্ৰিয়া লক্ষ্য কৰা যায়। সেইবোৰ বৈপ্লৱিক পৰিৱৰ্তন অষ্টাদশ শতিকাৰ ইউৰোপৰ সমাজক যেন আগাগোড়া পৰিৱৰ্তন কৰি দিছিল। ইউৰোপৰ মানুহৰ সভ্যতা আৰু সংস্কৃতিৰ মৌলিক পৰিৱৰ্তন সাধিত হৈছিল। সেইবোৰ যুগান্তকাৰী পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অন্যতম উৎস হ’ল শিল্পবিপ্লৱ বা ইউৰোপৰ সামন্ত যুগৰ অৱসান ঘটাই আধুনিক বুর্জোৱা ধনতন্ত্ৰৰ সূচনা কৰে।

পঞ্চদশ শতিকাৰ ৰেনেচাঁছ ইউৰোপীয় সমাজত আধুনিকতাৰ সঞ্চাৰ কৰিলেও তেতিয়াই ইউৰোপীয় সামন্তবাদ নিচিহ্ন হৈ যোৱা নাছিল। আৰু প্ৰায় তিনিশ বছৰ অতিক্ৰম হোৱাৰ পিছত অষ্টাদশ শতিকাৰ মাজভাগত যেতিয়া শিল্পবিপ্লৱ আৰম্ভ হয় তেতিয়াই সামন্ত সমাজৰ অন্তিমলগ্ন প্ৰকট হ’ল বুলি কোৱা হয়। ইংলেণ্ডৰ শিল্পবিপ্লৱৰ লগতে জার্মানিত সাংস্কৃতিক বিপ্লৱ আৰু ফ্ৰান্সত বুর্জোৱা গণতান্ত্রিক বিপ্লৱ সমাজচিন্তাৰ উপযোগী নিত্য নতুন ৰচদৰ যোগান ধৰিছিল। ধীৰে ধীৰে স্বতন্ত্রভাৱত পৌৰ সমাজৰ চেহেৰা-চৰিত্ৰ বিশ্লেষণ সমাজৰ পৰিৱৰ্তনশীল অৱস্থাৰ অনুধাৱনা, সমাজৰ ভাৰসাম্য বিনষ্টকাৰী প্ৰক্ৰিয়া আৰু তাৰ ফলাফল আদি নানা বিষয়লৈ সমাজচিন্তা বিশ্লেষণৰ সূত্ৰপাত হ’বলৈ আৰম্ভ কৰিলে। গোটেইবোৰ সমাজৰ ধাৰণাবোৰ অতিক্ৰম কৰি কেনেকৈ আধুনিক পুঁজি নিয়ন্ত্রিত সমাজ জীৱনধাৰা গঢ়ি উঠিছে তাৰ ৰূপৰেখা প্ৰকাশ পাব ধৰিছে।

সাধাৰণভাৱে যিকোনো সমাজেই হ’ল এক বহমানতা, আন্তঃমানৱিক সম্পৰ্কৰ এক নিৰৱচ্ছিন্ন প্রক্রিয়া। এই প্রবাহ প্রক্রিয়া ভিন্ন ভিন্ন দেশ আৰু কালত ভিন্ন গতিসম্পন্ন হ’ব। শিল্পবিপ্লৱ চলাকালীন পশ্চিম ইউৰোপৰ চিন্তাশীল মানুহসকল নানাবিধ নতুন সমস্যা আৰু সেইবোৰৰ গুৰুত্ব স্বতন্ত্রভাৱে উপলব্ধি কৰি তাৰ বিচাৰ বিশ্লেষণত উৎসাহী হৈছিল আৰু সমাজতাত্ত্বিক চিন্তাৰ ভিত্তিভূমি প্ৰস্তুত কৰিছিল।

৩। সমাজতত্ত্বৰ উত্থানত কিহে মুখ্য ভূমিকা পালন কৰিছিল? (What played a major role in the rise of sociology?)

উত্তৰঃ ঊনবিংশ শতিকাৰ মধ্যভাগত সমাজ বিজ্ঞানৰ স্বাধীন আৰু ভিন্ন ভাগ হিচাপে সমাজশাস্ত্ৰৰ অধ্যয়ন আৰম্ভ হয়। সমাজতত্ত্বক এক ভিন্ন বিষয় হিচাপে চিহ্নিত কৰাৰ অথবা সমাজতত্ত্বৰ উৎপত্তিৰ আৰৰ তিনিটা মূল কাৰণ হ’ল —

(ক) ইংলেণ্ডৰ ঔদ্যোগিক বিপ্লৱ আৰু ফ্ৰান্সৰ সামাজিক তথা ৰাজনৈতিক বিপ্লৱ।

(খ) প্ৰকৃতি বিজ্ঞানৰ উন্নতিৰ দ্বাৰা পোৱা অনুপ্ৰেৰণা।

(গ) ঔপনিৱেশিক সাম্ৰাজ্যৰ অতি বৈচিত্রময় সমাজ আৰু সংস্কৃতিৰ দ্বাৰা পোৱা অনুপ্ৰেৰণা।

অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত পশ্চিম ইউৰোপত কিছু বিশেষ ধৰণৰ পৰিৱৰ্তন সূচনা হৈছিল। এই পৰিৱৰ্তনসমূহে জনসাধাৰণক তেওঁলোকৰ চৌপাশে কি হৈ আছে সেই বিষয়ে জানিবলৈ উৎসাহী কৰি তোলে। অষ্টাদশ শতিকাৰ ইংলেণ্ডত হোৱা ঔদ্যোগিক বিপ্লৱ এনে এটা পৰিঘটনা যিয়ে তাৎপর্যপূর্ণ সামাজিক পৰিৱৰ্তনৰ সূচনা কৰে। এই বিপ্লৱৰ আগলৈকে কেতিয়াও এনেধৰণৰ বৃহৎ পৰিৱৰ্তনৰ ইতিহাস পঢ়িবলৈ পোৱা নাযায়। ইয়াৰ ফলত সাধাৰণ গ্ৰাম্য জীৱন আৰু গৃহ উদ্যোগবোৰ জটিল নগৰীয়া জীৱন আৰু বৃহৎ উদ্যোগলৈ সলনি হৈছিল। ঔদ্যোগীকৰণে সভ্যতাৰ দিশ সলনি কৰি দিছিল। অতি দ্রুত গতিত সৃষ্টি হোৱা উন্নয়নশীল নগৰসমূহত সামাজিক সমস্যা প্রবল হৈ উঠিছিল। হঠাতে ইয়াৰ বাসিন্দাসমূহে এনে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল যিবোৰৰ অভিজ্ঞতা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ কেতিয়াও নাছিল। 

এই পৰিৱৰ্তনসমূহে মানুহৰ মনত গভীৰভাৱে প্ৰভাৱ পেলাইছিল। ধনী-দুখীয়া, শ্রমিক-মালিকৰ মাজৰ বৈষম্য অধিক প্ৰকট হৈ পৰিছিল। ৰাজনৈতিক অস্থিৰতা, অর্থনৈতিক অসমতা, দৰিদ্ৰতা ইত্যাদি বিভিন্ন ধৰণৰ সামাজিক বিশৃংখল আৰু সামাজিক সমস্যাৰ কাৰণে জনসাধাৰণৰ জীৱন ছানি ধৰিছিল। ক’ট, স্পেনচাৰ আৰু আন আন চিন্তাবিদসকলে বিপ্লৱৰ পৰিণতিত সৃষ্টি হোৱা এই সামাজিক সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰি তাকে লৈ বহুলভাবে চিন্তা-চৰ্চা আৰম্ভ কৰিছিল। তেওঁলোক এই কথাত একমত হৈছিল যে এই সমস্যাসমূহ সমাধানৰ বাবে সমাজত এক পৃথক বিজ্ঞানৰ অধ্যয়ন আৰম্ভ হ’ব লাগে আৰু এই বিজ্ঞান সমাজৰ প্ৰকৃতি তথা অসুবিধাসমূহ বুজাৰ লগতে ইয়াক সমাধান কৰাৰ ক্ষেত্ৰত বিশেষভাবে সহায়ক হ’ব লাগে।

ঊনবিংশ শতিকাত প্রাকৃতিক বিজ্ঞানে বিশেষ প্ৰসাৰ লাভ কৰিছিল। প্রাকৃতিক বিজ্ঞানীসকলৰ সফলতাই সামাজিক চিন্তাবিদসকলক তেওঁলোকৰ মত উপস্থাপন কৰাত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। মানুহৰ মনত এটা প্রশ্ন উঠিছিল যে প্রাকৃতিক বিজ্ঞানে প্ৰয়োগ কৰা পদ্ধতিৰে যদি ভৌতিক পৃথিৱীৰ ভৌতিক আৰু প্ৰাকৃতিক পৰিঘটনাবোৰ বুজাত সফলতা লাভ কৰিব পাৰে তেন্তে সেই পদ্ধতিটোৱে সামাজিক পৰিঘটনা বুজাবলৈ কিয় সফল ন’হব? ইয়াৰ উত্তৰ হিচাপে ক’টে আৰু আন আন চিন্তাবিদসকলে কৈছিল যে এই বৈজ্ঞানিক পদ্ধতিসমূহ সামাজিক পৃথিৱীতো প্ৰয়োগ কৰিব পাৰি। ইয়াৰ উপৰি সেই সময়ছোৱাত ইউৰোপৰ ঔপনিৱেশিক শক্তিবোৰে নিজ নিজ সাম্ৰাজ্যৰ ভিতৰত অতি বৈচিত্রময় সমাজ আৰু সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিছিল। এই কথাই সমাজতত্ত্ববিদসকলক এক ধৰণৰ বৌদ্ধিক প্ৰত্যাহ্বান জনাইছিল। অর্থাৎ, এটা স্বতন্ত্র অধ্যয়নৰ বিষয় হিচাপে সমাজতত্ত্বৰ উত্থান ঘটাৰ আঁৰৰ চৰ্তবোৰ আছিল সামাজিক আৰু বৌদ্ধিক।

৪। বৈজ্ঞানিক পদ্ধতি বুলিলে কি বুজে? (What do you mean by scientific method?)

উত্তৰঃ সমাজতত্ত্বৰ প্ৰকৃতি বিজ্ঞানসন্মত। এক কথাত সমাজতত্ত্ব হ’ল সামাজিক ক্রিয়া আৰু সামাজিক ঘটনাৰ বিজ্ঞানসন্মত অধ্যয়ন। এই উক্তিয়ে এটা প্ৰশ্নৰ উত্থাপন কৰিব পাৰে— বিজ্ঞানসন্মত অধ্যয়ন কি?

যেতিয়া মানুহে কোনো এটা বিষয় শৃংখলাবদ্ধ আৰু যুক্তিসংগতভাৱে বুজাৰ চেষ্টা কৰে তাকেই বিজ্ঞানসন্মত অধ্যয়ন বুলি কোৱা হয়। অন্যহাতে বিজ্ঞানসন্মত অধ্যয়ন সত্যতাৰ ভেটিত গঠিত আৰু ই গৱেষকৰ বিষয়নিষ্ট মানসিকতাৰ দ্বাৰা পৰিচালিত নহয়। দ্বিতীয়তে, অধ্যয়ন অথবা গৱেষণাত সত্য উদ্ঘাটনৰ বাবে উপযুক্ত পদ্ধতি ব্যৱহাৰ আৰু উদ্ঘাটিক তথ্যবোৰৰ বিশ্লেষণৰ জৰিয়তে এটা যুক্তিসংগত ফলাফল প্রস্তুত কৰিব লাগিব এই ফলাফল অথবা সাধাৰণীকৰণ গৱেষণাধীন পৰিঘটনাটোৰ ক্ষেত্ৰত সাৰ্বজনীনভাৱে সত্যাপনসাধ্য ভৰসাযোগ্য আৰু বৈধ হ’ব লাগিব।

যিহেতু সমাজতত্ত্ব মানুহ আৰু মানুহে বাস কৰা সমাজৰ প্ৰমূল্যৰ লগত জড়িত, সেয়েহে প্রাকৃতিক বিজ্ঞানীসকলে ব্যৱহাৰ কৰা পদ্ধতিতকৈ এয়া কিছু পৃথক হ’ব। উদাহৰণস্বৰূপে, ৰসায়ন বিজ্ঞান তথা পদার্থ বিজ্ঞানৰ বিষয়বস্তু অজৈৱিক। এই বিষয়বস্তুসমূহৰ নিজা কোনো চেতনাবোধ নাথাকে। আনহাতে, আমি আগতেই কৈ আহিছো যে সমাজতত্ত্বৰ বিষয়বস্তু হ’ল মানুহ, যাৰ নিজা চেতনাবোধ থাকে। সেয়েহে কোনোবাই নিৰীক্ষণ কৰি আছে বুলি গম পালে মানুহে পৃথকভাৱে আচৰণ কৰে। মানুহক যিহেতু গৱেষণাগাৰত অধ্যয়ন কৰিব নোৱাৰি, সেয়েহে সমাজতত্ত্ববিদসকলে মানুহৰ প্ৰকৃতি জানিবলৈ মানুহক প্রাকৃতিক পৰিৱেশতেই অধ্যয়ন কৰিব লাগিব। কিন্তু এইটো সত্য যে প্ৰতিটো বিজ্ঞানৰে (সমাজতত্ত্বৰো) অধ্যয়ন বিজ্ঞানসন্মত হ’ব লাগিব। অর্থাৎ, নিৰীক্ষণকাৰীয়ে কি দেখি আছে সেয়া নির্ভুলভাৱে টুকি যাব লাগিব। একেদৰে এগৰাকী সমাজতত্ত্ববিদে নিজৰ গৱেষণাকালত ব্যক্তিগত পূৰ্বৰ্ধাৰণাবোৰ আঁতৰাই থ’ব পাৰিব লাগিব। যেনে, গৱেষকে অধ্যয়ন কৰিব খোজা সমাজ এখনৰ বিষয়ে তেওঁৰ কিছু আগতীয়া ধাৰণা থাকিব পাৰে। কিন্তু গৱেষণাকালত তেওঁ সমাজখনৰ বিষয়ে ‘কি ভাবে’ সেয়া লিখিব নোৱাৰে, তেওঁ কি লিখিছে সেয়াহে টুকি যাব লাগিব।

৫। সমাজতত্ত্ব বুলিলে কি বুজা? সমাজতত্ত্বৰ পৰিসৰ আৰু বিষয়বস্তু চমুকৈ বৰ্ণনা কৰা। (What do you mean by sociology? Briefly describe the scope and context of sociology?)

উত্তৰঃ বহু হাজাৰ বছৰ আগৰ পৰাই মানুহে বাস কৰি থকা সমাজখনৰ বিষয়ে চিন্তা কৰি আহিছে। বিভিন্ন দেশৰ দাৰ্শনিক, চিন্তাবিদ আইন প্রণয়ণকাৰীসকলৰ লেখনীত আমি সমাজৰ বিষয়ে এক ধাৰণা লাভ কৰো। প্লেট’, এৰিষ্ট’টল, মনু, কনফুচিয়াচ আৰু আন বহুতৰে লেখনীত আমি সমাজৰ প্ৰকৃতিৰ বিষয়ে এক পদ্ধতিগত আৰু শৃংখলাৱদ্ধ অধ্যয়ন দেখিবলৈ পাওঁ। ঊনবিংশ শতিকাতহে আগষ্ট ক’ট, হবৰ্টি স্পেনচাৰ, ইমাইল ডাখেইম,মেক্স ৱেবাৰ আৰু অন্যসকলে সমাজৰ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ কৰে আৰু ‘সমাজতত্ত্ব নামেৰে এটা সুকীয়া অধ্যয়নৰ বিষয় গঠন কৰে।

সমাজ বিজ্ঞানৰ এক নতুন অংশ হিচাপে ই নিজৰ বাবে এক বিশেষ মর্যাদা গঢ়ি তুলিছে। সমাজশাস্ত্ৰৰ প্ৰয়োজনীয়তা আৰু উপযোগিতা আজিৰ সমাজত বহুলভাৱে স্বীকৃত। ফৰাচী দার্শনিক আগষ্ট ক’টক সমাজতত্ত্বৰ পিতৃ হিচাপে অভিহিত কৰা হয়। ১৮৩৯ চনত ক’টে ‘সমাজতত্ত্ব’ নামটোৰ জন্ম দিছিল আৰু পোন প্ৰথমবাৰৰ বাবে সমাজতত্বৰ বিষয়বস্তু অন্য বিষয়সমূহৰ পৰা পৃথকভাৱে চিহ্নিত কৰিছিল। সমাজতত্ত্বৰ মূল ধাৰণা হৈছে মানৱ সমাজৰ অধ্যয়ন। ই মানুহৰ সম্বন্ধৰ সামাজিক প্ৰকৃতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তথাপিও সমাজতত্ত্বৰ অধ্যয়ন উদ্দেশ্যে কেৱল মাত্র সামাজিক সম্পর্ক ব্যাখ্যা কৰাই নহয় ই সম্পৰ্কসমূহ অধ্যয়ন কৰি ইয়াৰ বিভিন্ন নমুনাৰ বিশ্লেষণাত্মক অধ্যয়ন কৰে।

বিভিন্ন সমাজতত্ত্ববিদে সমাজতত্ত্বক ভিন্ন ভিন্‌ সংজ্ঞা প্রদান কৰিছে ইয়াৰে কেইটামান তলত দিয়া হ’ল ৷ 

সমাজতত্ত্ব হ’ল—

(ক) সামাজিক পদ্ধতিৰ বিজ্ঞান (আগষ্ট ক’ট)।

(খ) সামাজিক সংস্থাৰ বিজ্ঞান (এমাইল ডাখেইম)।

(গ) সামাজিক ক্ৰিয়াৰ অৰ্থপূৰ্ণ অধ্যয়ন (মেক্স ৱেবাৰ)।

(ঘ) সামাজিক শাখাসমূহৰ বিষয়ে কৰা অধ্যয়ন (এইচ, এম জনচ্‌)

(ঙ) মানুহৰ পাৰস্পৰিক ক্ৰিয়া আৰু সম্পৰ্কৰ লগতে, ইয়াৰ অৱস্থা আৰু ফলাফল জানিবলৈ কৰা অধ্যয়ন (মৰিচ গিন্‌চবার্গ)

ওপৰৰ সংজ্ঞাসমূহৰ পৰা আমি ইয়াকেই ক’ব পাৰো যে সমাজতত্ত্বৰ মানুহৰ সামাজিক সম্পর্ক আৰু সমাজৰ বিষয়ে বৈজ্ঞানিক ভাবে অধ্যয়ন কৰে।

প্ৰথমাৱস্থাৰ পৰাই সমাজতত্ত্ববিদসকলৰ বাবে মানুহ আৰু সকলো সামাজিক ক্রিয়াকলাপ এক বিশেষ আলোচ্য বিষয় বুলি বিবেচিত হৈ আহিছে। সেয়ে, সমাজতত্ত্বৰ বিষয়বস্তু অতি ব্যাপক। তলত সমাজতত্ত্বৰ বিষয়বস্তুৰ এক সাধাৰণ আভাস দিয়া হৈছে।

সমাজতত্ত্বৰ মুখ্য বিষয় হ’ল সামাজিক বিশ্লেষণ। ইয়াৰ অৰ্থ হ’ল সমাজতত্ত্ববিদসকলে মানৱ সমাজ আৰু সংস্কৃতিৰ সমাজতাত্ত্বিক বিশ্লেষণ কৰিব বিচাৰে। সমাজতত্ত্বই সামাজিক জীৱনৰ প্রাথমিক গোটসমূহক যথেষ্ট গুৰুত্ব প্ৰদান কৰে। ই সামাজিক ক্ৰিয়া আৰু সম্পৰ্ক, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান, সম্প্ৰদায় (নগৰীয়া, গাঁৱলীয়া আৰু জনজাতি) আৰু জনসংখ্যাৰ লগত জড়িত। সমাজতত্ত্বই বিভিন্ন মৌলিক সামাজিক অনুষ্ঠান যেনে – পৰিয়াল আৰু জ্ঞাতি, ধর্ম, অর্থনৈতিক, ৰাজনৈতিক, আইন-কানুন, শৈক্ষিক, আৰু বৈজ্ঞানিক প্ৰতিষ্ঠানৰ বিকাশ, গাঁথনি তথা কার্য সম্পাদন পদ্ধতি অধ্যয়ন কৰে।

সমাজতত্ত্বৰ অধ্যয়নত বিভিন্ন সামাজিক পদ্ধতি যেনে – সহযোগিতা, প্রতিযোগিতা, সদৃশকৰণ, সামাজিক সংঘর্ষ, সামাজিক পৰিৱৰ্তন, সামাজিক প্ৰভেদ আৰু স্তৰীকৰণ, সমাজিকীকৰণ, সামাজিক নিয়ন্ত্ৰণ আৰু বিচ্যুতি ইত্যাদিয়ে বিশেষ গুৰুত্ব লাভ কৰে।

গৱেষণা পদ্ধতিৰ ওপৰতো সমাজতত্ত্বই যথেষ্ট গুৰুত্ব আৰোপ কৰে। সমাজতত্ত্বই দার্শনিক আৰু আদৰ্শবাদী বৈশিষ্ট্য পৰিহাৰ কৰি আগতকৈ অধিক যুক্তিসংগত আৰু পৰীক্ষামূলক প্ৰকৃতিৰ হৈ উঠিছে।

সমাজতত্ত্ববিদসকলে সমাজ সম্পৰ্কীয় বিভিন্ন ধাৰণা আৰু সূত্ৰ গঠনৰ প্ৰচেষ্টা কৰে।

জ্ঞান বিস্ফোৰণৰ বৰ্তমান যুগত সমাজতত্ত্ববিদসকলে বিশেষ ব্যুৎপত্তি অর্জন কৰিছে। সেয়ে, বৰ্তমান অনুসন্ধানৰ বহুতো বিশেষ ব্যুৎপত্তি অর্জন কৰিব পৰা ক্ষেত্ৰত উত্থান ঘটিছে। জ্ঞানৰ সমাজতত্ত্ব ইতিহাসৰ সমাজতত্ত্ব, ঔষধৰ সমাজতত্ত্ব, সংস্কৃতিৰ সমাজতত্ত্ব, ধৰ্মৰ সমাজতত্ত্ব, শিক্ষাৰ সমাজতত্ত্ব আদিয়ে এনে বিশেষ ব্যুৎপত্তি লাভৰ ক্ষেত্ৰবোৰৰ প্ৰতিনিধিত্ব কৰে।

সমাজতাত্ত্বিক অনুসন্ধানৰ ক্ষেত্ৰখন ইমানেই ব্যাপক হৈ পৰিছে যে বৌদ্ধিক উদ্ভাৱনক্ষমতা আৰু সমৃদ্ধ সমাজতাত্ত্বিক কল্পনাৰ গৰাকী যিকোনো সমাজতত্ত্ব শিক্ষার্থীয়েই বিষয়টোত সামগ্রিকভাৱে নতুন মাত্রা যোগ কৰিব পাৰে।

সমাজতত্ত্বৰ পৰিসৰ আৰু বিষয়বস্তুৰ বিভিন্ন দিশসমূহ চিহ্নিত কৰিবলৈ দুটা চিন্তাধাৰা আছে — আনুষ্ঠানিক বা বিশেষাত্ম চিন্তাধাৰা আৰু সমন্বয়াত্মক চিন্তাধাৰা। বিশেষাত্মক চিন্তাধাৰা অনুসৰি সমাজতত্ত্বই সমাজবিজ্ঞান হিচাপে এক বিশেষ ক্ষেত্ৰ লাভ কৰিছে। বিশিষ্ট সমাজতাত্ত্বিক জর্জ চিমেল, ফার্ডিনেণ্ড টনিজ, আলফ্রেড ভিয়াৰকান্ট আৰু লিঅ’পৰ্ড ভন ওৱাইজক এই চিন্তাধাৰাৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়।

আনহাতে ইমাইল ডাৰ্খেইম, এল. টি. হবহাউচ আৰু পিটিৰিম চৰ’কিন আদি সমাজতত্ত্ববিদসকলে আন আন সামাজিক বিজ্ঞানৰ লগত সমাজতত্ত্বক জড়িত কৰি সমন্বয়াত্মক আলোচনা কৰাৰ পক্ষপাতী।

এই চিন্তাধাৰাৰ সমৰ্থকসকলে সমাজতত্ত্বক এক বিশেষ বিষয়বস্তুৰে এক পৃথক বিষয় হিচাপে চিহ্নিত কৰিব বিচাৰে। এই চিন্তাধাৰাই সমাজতত্ত্বক এক স্বাধীন ৰূপ দিয়াত বিশ্বাস। জর্জ ছিমেলৰ মতে সমাজবদ্ধ মানুহৰ পাৰস্পৰিক ক্রিয়া- প্রতিক্ৰিয়াবোৰক বিভিন্ন প্ৰকাৰত ভাগ কৰাটো হ’ল সমাজতত্ত্বৰ আলোচ্য বিষয়। আনুষ্ঠানিক সম্পর্কসমূহ যেনে – সহযোগিতা, প্রতিযোগিতা, প্রভুত্ব আৰু অধীনতা আদি আছিল তেওঁৰ অধ্যয়নৰ অন্তৰ্ভুক্ত বিষয়। ভিয়াৰকাণ্টৰ মতে আমাৰ সামাজিক জীৱন যিবোৰ মানসিক অথবা অতিন্ত্রীয় সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল সেই সম্পর্কবোৰ বিশ্লেষণ কৰাই হ’ল সমাজতত্ত্বৰ আলোচ্য বিষয়। মেক্স ৱেবাৰৰ মতে, সমাজতত্ত্বৰ লক্ষ্য হ’ল সামাজিক সম্পর্ক বুজা।

সমাজতত্ত্বৰ সমন্বয়াত্মক চিন্তাধাৰাই বিভিন্ন সমাজ বিজ্ঞানৰ লগত সমাজতত্ত্বৰ সমন্বয় ঘটাই ইয়াৰ পৰিসৰ ব্যাপক কৰাত বিশ্বাসী। ডাৰ্খেইমৰ মতে, সমাজতত্ত্বৰ তিনিটা মূল ভাগ আছে। সামাজিক সংগঠন তত্ত্ব, সামাজিক শৰীৰ সংৰচনা তত্ত্ব আৰু সাধাৰণ সমাজতত্ত্ব। সামাজিক সংগঠনতত্ত্বত ভৌগোলিক অৱস্থান, জনসংখ্যাৰ বসতি, ঘনত্ব প্ৰব্ৰজন ইত্যাদি বিষয়বোৰে সমাজ গঠনত কেনে ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে এই বিষয়ে আলোচনা আৰু বিশ্লেষণ কৰা হয়। সমাজত নানা ধৰণৰ সংস্থাৰ কেনেকৈ উদ্ভৱ হয়, এই সম্পর্কে অনুসন্ধান কৰাটো হ’ল সামাজিক শৰীৰ সংৰচনা তত্ত্বৰ আলোচনাৰ বিষয়। ধৰ্ম, ৰীতি-নীতি, আইন বা অর্থনৈতিক ব্যৱস্থাৰ সামাজিক পটভূমি নিৰ্ণয় কৰাটোৱেই এই ভাগটোৰ বিষয়বস্তু। সাধাৰণ সমাজতত্ত্বৰ মূল লক্ষ্য হ’ল সাধাৰণ সামাজিক আইনৰ প্ৰয়োগ। হবহাউচৰ মতে, মানুহৰ সামাজিক জীৱনৰ বিভিন্ন অংশৰ গৱেষণালব্ধ সিদ্ধান্তৰ একত্ৰীকৰণ হ’ল সমাজতত্ত্বৰ আলোচনাৰ বিষয়। আইন বিজ্ঞানৰ লগত ইয়াৰ সম্বন্ধ এক বিনিময় আৰু পাৰস্পৰিক উদ্দীপনা সৃষ্টিকাৰী বুলি ধৰা হয়। কার্ল মেনহেইমে সমাজতত্ত্বক দুটা মুখ্য ভাগত বিভক্ত কৰিছে— প্ৰণালীবদ্ধ আৰু সমাজশাস্ত্ৰ আৰু ঐতিহাসিক সমাজতত্ত্ব। প্ৰণালীবদ্ধ আৰু সাধাৰণ সমাজতত্ত্বই সমাজবদ্ধ জীৱন গঢ়ি উঠাত সহায় কৰা প্ৰতিটো কাৰকৰ বিষয়ে আলোচনা কৰে। এই কাৰকবোৰ প্ৰতিখন সমাজতে পোৱা যায়। ঐতিহাসিক সমাজতত্ত্বত সমাজৰ সাধাৰণ ৰূপবোৰৰ ঐতিহাসিক বৈচিত্ৰতা আৰু যথাৰ্থতা অধ্যয়ন কৰা হয়। উদাহৰণস্বৰূপে, অর্থনৈতিক আৰু ৰাজনৈতিক, নীতিগত আৰু আইনী, বুদ্ধিমত্তা আৰু সামাজিক কাৰকসমূহ। ই সামাজিক পৰিবৰ্তনৰ মৌলিক অৱস্থাসমূহ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে আৰু সামাজিক জীৱনক পৰিচালিত কৰা মুখ্য সমাজতাত্ত্বিক কাৰণসমূহ আৱিষ্কাৰ কৰিবলৈ যত্ন কৰে।

ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰো যে, সমাজতত্ত্বৰ বিষয়বস্তু হ’ল সমাজ জীৱনৰ সকলো দিশ আৰু ই সামাজিক ক্ৰিয়াৰ মুখ্য কাৰকৰ লগত জড়িত। সেয়েহে, সমাজতত্ত্বৰ পৰিসৰ অতি ব্যাপক। ই এবিধ সাধাৰণ বিজ্ঞান হোৱাৰ উপৰি এক বিশেষ বিজ্ঞান।

৬। সমাজতত্ত্বত ব্যৱহাৰ হোৱা বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা। (Discuss the different methods used in sociology.)

উত্তৰঃ সমাজতত্ত্ব হ’ল সমাজৰ বিজ্ঞানসন্মত বিষয়। ইয়াৰ প্ৰধান লক্ষ্য হ’ল – সামাজিক ঘটনাবোৰক বিজ্ঞানসন্মত অধ্যয়নৰ জৰিয়তে ইয়াৰ কাৰণ আৰু প্ৰকৃতি নিৰ্ণয় কৰি একোটা সাধাৰণ সিদ্ধান্ত প্ৰকাশ কৰা। সমাজতত্ত্ববিদসকলে সামাজিক পৃথিৱীখনৰ সত্য উদ্ঘাটনৰ বাবে বিভিন্ন পদ্ধতি প্রয়োগ কৰে। 

ইয়াৰ কেইটামান পদ্ধতি চমুকৈ আলোচনা কৰা হ’ল—

জৰীপ পদ্ধতিঃ এই পদ্ধতিত কোনো এটা বিশেষ ভৌগোলিক, সাংস্কৃতিক বা প্রশাসনীয় অঞ্চলত বাস কৰা লোকৰ প্ৰণালীবদ্ধ তথ্য গোটোৱা হয়। যেনে— লোকপিয়ল। সামাজিক জৰীপে সাধাৰণতে এক নিৰ্দিষ্ট সমাজৰ মনোভাৱ, মতামত আৰু আচৰণ বিন্যাসৰ সামাজিক তথ্য সংগ্রহ কৰে। এই পদ্ধতিয়ে সাধাৰণতে এক বৃহৎ অঞ্চল সামৰি লয়। সেয়েহে গৱেষণাবিদসকলে তেওঁলোকৰ অধ্যয়নৰ বাবে প্ৰয়োজনীয় এক প্রশ্নাৱলী তৈয়াৰ কৰে। এই প্রশ্নাৱলীসমূহ উত্তৰ দিওঁতালৈ ব্যক্তিগতভাবে ডাকযোগে পঠিয়াই দিয়া হয় অথবা হাতে হাতে দিয়া হয়। উত্তৰ দিওঁতাসকলৰ উত্তৰসমূহ বিশ্লেষণ কৰি গৱেষণাটোত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ঐতিহাসিক পদ্ধতিঃ ঐতিহাসিক পদ্ধতি ধৰি লয় যে এখন সমাজ সমসাময়িক অৱস্থাটোৰ শিপাডাল সমাজখনৰ অতীতৰ লগত জড়িত। সেয়েহে এই পদ্ধতিত গৱেষকে এখন সমাজৰ স্বৰূপ আৰু প্ৰকৃতি বুজিবলৈ ইয়াৰ ঐতিহাসিক ঘটনা, প্ৰক্ৰিয়া আৰু অনুষ্ঠানসমূহৰ অধ্যয়ন কৰে। উদাহৰণস্বৰূপে, কার্ল মার্ক্সে এখন আধুনিক পুঁজিবাদী সমাজৰ অসুবিধাসমূহ বিশ্লেষণ কৰিবলৈ সমাজখন অতীতৰ অৱস্থাসমূহ বিশ্লেষণ কৰিছিল।

তুলনামূলক পদ্ধতিঃ তুলনামূলক পদ্ধতিত গৱেষকজনে মানুহৰ সামাজিক আচৰণৰ বিভিন্ন দিশ বুজিবলৈ একোখন সমাজৰ ভিতৰতে থকা বিভিন্ন সমাজৰ বিভিন্ন গোটৰ বিভিন্ন পটভূমিত তুলনা কৰে। উদাহৰণস্বৰূপে মেক্স ৱেবাৰে পশ্চিমীয়া সমাজত পুঁজিবাদৰ সৃষ্টিৰ কাৰণ জানিবলৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ ধৰ্মৰ তুলনা কৰিছিল।

ঘটনা অধ্যয়ন পদ্ধতিঃ এই পদ্ধতিত কোনো এটা পৰিঘটনা, ব্যক্তি অথবা সম্প্রদায়ক বিস্তৃত বিশ্লেষণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰা হয়। এই পদ্ধতিয়ে অধ্যয়নৰ বাবে লোৱা বিষয়টোৰ (ব্যক্তি, গোট অথবা সম্প্ৰদায়) প্রতি মিনিটৰ বিতং অধ্যয়ন কৰে।

পৰিসংখ্যামূলক পদ্ধতিঃ এই পদ্ধতিয়ে পৰিঘটনা বুজিবলৈ কোনো সামাজিক গাণিতিক হিচাপ-নিকাচৰ সহায় লয়। এই পদ্ধতিৰ দ্বাৰা জীৱন ধাৰণৰ মান, বিবাহ বিচ্ছেদ আৰু বিবাহ, আত্মহত্যা, অপৰাধ প্ৰব্ৰজন আদিৰ লগত জড়িত গৱেষণাৰ তথ্য সংগ্ৰহ কৰা হয়।

সূচী বিশ্লেষণঃ এই পদ্ধতিত গৱেষকে বাতৰি কাকত আৰু আলোচনীৰ দৰে প্ৰকাশিত সমল বিশ্লেষণৰ দ্বাৰা কোনো এটা বিশেষ সামাজিক পৰিঘটনাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে, যদি এজন গৱেষকে উত্তৰ-পূৱ ভাৰতক ঘাইসুঁতিৰ সংবাদ মাধ্যমে কেনেদৰে উপস্থাপন কৰে সেয়া অধ্যয়ন কৰিব খোজে তেন্তে তেওঁ বিষয়টোৰ ওপৰত ৰাষ্ট্ৰীয় দৈনিক কাকতবোৰে কেনে মন্তব্য দিছে সেই বিষয়ে অধ্যয়ন কৰিব লাগিব। গৱেষকজনে অঞ্চলটোৰ লগত জড়িত কৰা শব্দবোৰ বিশ্লেষণ কৰিব লাগিব। যদি অধিক ইতিবাচক শব্দ ব্যৱহৃত হৈছে তেন্তে ই উত্তৰ-পূৱ ভাৰতৰ ইতিবাচক উপস্থাপনৰ কথা বুজাব। ঠিক তেনেদৰে যদি নেতিবাচক শব্দৰ ব্যৱহাৰ বেছি হয়, তেন্তে ই অঞ্চলটোৰ নেতিবাচক উপস্থাপনৰ কথা বুজাব।

নৃগোষ্ঠী বর্ণনা তত্ত্বঃ এই পদ্ধতিয়ে কোনো এটা বিশেষ গোটৰ সামাজিক জীৱনৰ বিষয়ে ব্যাখ্যা কৰাৰ সলনি বৰ্ণনা কৰিবলৈ চেষ্টা কৰে। অন্য কথাত গৱেষকে তেওঁ অধ্যয়ন কৰা গোটটোৱে নিজে যিখন সমাজৰ বাসিন্দা সেই সামাজিক পৃথিৱীখনৰ বিষয়ে আৰু তেওঁলোকে এই সমাজৰ দৈনন্দিন জীৱনত পালন কৰা অনুশীলনবোৰৰ কি অৰ্থ বুজি পায় সেই বিষয়ে জানিবলৈ চেষ্টা কৰে।

৭। ভাৰতবৰ্ষত সমাজতত্ত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্পর্কে এটি ব্যাখ্যা দাঙি ধৰা। (Give an explanation of the origin and evolution sociology in India.)

উত্তৰঃ ভাৰতবৰ্ষত সমাজতত্ত্বৰ বিকাশক আমি তলত দিয়া ধৰণে আলোচনা কৰিব পাৰো—

(ক) স্বাধীনতাৰ পূৰ্বকালত সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশ।

(খ) স্বাধীনতাৰ পাছত অর্থাৎ ৭০, ৮০ আৰু ৯০ ৰ দশকত সমাজতত্ত্বৰ বিকাশ।

(গ) শেষত ভাৰতত সমাজতাত্ত্বিক গৱেষণাৰ বিকাশ।

বৃটিছ প্ৰশাসকসকলে ভাৰতবৰ্ষলৈ আহি সুস্থ প্ৰশাসনৰ বাবে চুবুৰীয়া ৰাজ্যবোৰক যেতিয়াৰ পৰা ভালদৰে বুজাৰ চেষ্টা হাতত ল’লে প্ৰকৃতাৰ্থত তেতিয়াৰ পৰাই ভাৰতবৰ্ষত সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ উৎপত্তি হ’ল বুলি ক’ব পাৰি। ইয়াৰোপৰি যোৱা শতিকাৰ দ্বিতীয় দশকৰ পৰাহে ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহত সমাজতত্ত্বৰ পৰিচয় আৰু সামাজিক নৃতত্ত্বৰ বিকাশ হোৱা পৰিলক্ষিত হয়। প্ৰকৃতাৰ্থত, স্বাধীনতাৰ পাছতহে সমাজতত্ত্বৰ জনপ্ৰিয়তা আৰু বৃত্তিমূলক শিক্ষা প্রচলিত হয়। সমাজতত্ত্ব আৰু সামাজিক-সাংস্কৃতিক নৃতত্ত্ব দুয়োটাই হ’ল আন্তঃসম্পর্ক যুক্ত। আমেৰিকা আৰু ইউৰোপ মহাদেশত এই দুয়োটাৰ বিষয়ে একেলগে কাম কৰে। ইয়াৰ পৰিপ্ৰেক্ষিততেই ভাৰতীয় সমাজতত্ত্ববিদ আৰু নৃতত্ত্ববিদসকলে সমাজতত্ত্ব আৰু নৃতত্ত্বৰ মাজত গৱেষণা, অধ্যয়ন আৰু নিয়োগৰ ক্ষেত্ৰত সংহতি ৰক্ষা কৰিব বিচাৰে।

ভাৰতবৰ্ষত সমাজতত্ত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশ বুজিবৰ বাবে আমি ঔপনিবেশিকতাৰ বুৰঞ্জীৰ প্ৰসংগলৈ আহিব লাগিব। উনৈশ শতিকাৰ ষষ্ঠ দশকৰ পৰাহে ভাৰতবৰ্ষৰ ঔপনিবেশিক শাসনত বহুতো প্রধান পৰিৱৰ্তনে দেখা দিয়ে। ১৮৫৭ চনত ঘটা চিপাহী বিদ্ৰোহৰ পৰা এইটো প্ৰমাণ হ’ল যে – বৃটিছসকলৰ ভাৰতীয় লোকাচাৰ আৰু প্ৰথাৰ ওপৰত কোনো ধাৰণা নাছিল।

যদিহে ভাৰতীয়সকলৰ প্ৰতি তেখেতসকলৰ কোনো জ্ঞান থাকিলহেঁতেন তেতিয়াহ’লে ১৮৫৭ চনৰ বিদ্ৰোহ সংঘটিত নহ’লহেঁতেন। ইয়াৰ অৰ্থ এইটো হ’লে যে ভাৰতীয় সমাজক ভালদৰে বুজিবৰ বাবেই এক নতুন সমাজ বিজ্ঞানৰ প্ৰয়োজন হ’ল। ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছৰ পৰাই আৰম্ভ হ’ল— নৃ-গোষ্ঠীগত অধ্যয়ন আৰু ইয়াৰ লগে লগে নৃতত্ত্ব আৰু সমাজতত্ত্বই ঔপনিবেশিক নীতিৰ ওপৰত পৰীক্ষাগাৰত তথ্য উদ্ঘাটন আৰম্ভ কৰে।

নৃ-গোষ্ঠীগত অধ্যয়নৰ ক্ষেত্ৰত আমি প্রথমেই নাম ল’ব লাগিব চাৰ হাৰ্বটি ৰিজলীৰ। ভাৰতীয় অসামৰিক সেৱাত তেওঁ ১৮৫৭ চনত অন্তর্ভুক্ত হয় আৰু প্ৰথমে বেংগলত কৰ্ম জীৱনৰ পাতনি মেলে। ‘Caste & Tribes of Bengle'(1891) ত চাৰ হার্বাট ৰিজলীয়ে ব্ৰাহ্মানিক সমাজতত্ত্বৰ ওপৰত ব্যাখ্যা আগবঢ়াই য’ত তেওঁ জাতিসমূহৰ নৃ-গোষ্ঠীগত আৰু অন্যান্য আলোচনা আগবঢ়ায়। ইয়াৰ জৰিয়তে ঔপনিৱেশিক শাসকসকলে জাতি প্ৰথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু জ্ঞান আহৰণ কৰে।

শ্ৰীনিবাস আৰু পানিনিৰ মতে, ভাৰতত সমাজতত্ত্ব আৰু নৃতত্ত্ব বিকাশৰ কথা তিনিটা অধ্যায়ত ভাগ কৰি ক’ব পাৰি। প্ৰথমটো হৈছে ১৭৭৩ ৰ পৰা ১৯০০ খ্ৰীঃ য’ত দুয়োটা বিষয়ৰ প্ৰতিষ্ঠা হৈছিল। দ্বিতীয়টো হৈছে ১৯০১ ৰ পৰা ১৯৫০ খ্রীঃ এই সময়ছোৱাত সমাজতত্ত্ব বৃত্তিমুখী হয় আৰু শেষৰ অধ্যায়টো হৈছে স্বাধীনোত্তৰ পাছৰ কালছোৱা য’ত পৰিকল্পিত উন্নয়ন অৱধাৰণা, ভাৰতীয় গৱেষক সকলৰ বৈদ্বেষিক সংগী সকলৰ লগত অধ্যয়ন, পুঁজিৰ যোগান বা বাহুল্যতা আৰু গৱেষণা কামৰ ফলাফল ইত্যাদি। শ্রীনিবাস আৰু পানিনিৰ এই অধ্যায়কেইটাৰ কথা ১৯৯৭ মূল thematic Paper “Sociology in Post-Independent India” নামৰ গ্ৰন্থটো আলোচনা হৈছে। লক্ষ্মণ নামৰ সমাজতত্ত্ববিদজনেও ১৯৭৪ (P.1) ভাৰতত সমাজতত্ত্বৰ বিকাশক তিনিটা অধ্যায়ত ভাগ কৰি দেখুৱাইছে। সেইকেইটা হ’ল ১৯১৭ ৰ পৰা ১৯৪৪, ১৯৪৭ ৰ পৰা ১৯৬৪ আৰু ১৯৬৭ চনৰ পাছৰ সময়ছোৱা।

প্ৰাক্-স্বাধীনোত্তৰ কালত সমাজতত্ত্বৰ বিকাশঃ স্বাধীনোত্তৰ পূৰ্বৰ সমাজতত্ত্বৰ কথা উল্লেখ কৰিলে আমি কলিকতা বিশ্ববিদ্যালয়ত ১৯১৭ চনত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা সমাজতত্ত্বৰ কথা উল্লেখ কৰিব পাৰো। এইক্ষেত্ৰত বি. এন. ছীলৰ নাম স্মৰণীয়। ছীলৰ প্ৰত্যক্ষ সহযোগত আৰু প্ৰচেষ্টাত এই বিভাগটো গঢ় লৈ উঠে। ইয়াৰ পিছত এই বিষয়টোৰ দায়িত্ব লয় ৰাধাকমল মুখাৰ্জী আৰু বি. এন. চৰকাৰে। তথাপিতো কলিকতাত সমাজতত্ত্বই ইমান মূৰ দাঙি নুঠে। মুম্বাই বিশ্ববিদ্যালয়ত ১৯১৪ চনত ভাৰত চৰকাৰৰ প্ৰত্যক্ষ সহযোগত সমাজতত্ত্বৰ বিকাশ হয়। ১৯১৯ চনত এই বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিভাগ প্রতিষ্ঠা হয়। এইক্ষেত্ৰত Patrick Giddes ৰ নাম উল্লেখনীয়। এখেতে G. S. Ghuri আৰু N.A. Toothi ৰ লগ লয়। এইটোৱেই হৈছে ভাৰতত সমাজতত্ত্বৰ বিকাশৰ এক স্পষ্ট পদক্ষেপ। সমাজতত্ত্বৰ সূত্ৰ আৰু গৱেষণাৰ বাবে লক্ষ্ণৌ বিশ্ববিদ্যালয়ত এটা কেন্দ্ৰ আছিল। যিটোত সমাজতত্ত্বৰ পৰিচয় হয় ১৯২১ চনত Department of Economics and Sociology নামেৰে। য’ত Radha Kamal Mukharjee মূৰব্বী অধ্যাপক আছিল। ইয়াৰ পিছত ইয়াৰ দায়িত্ব লয় D. P. Mukharjee আৰু D.N. Majumder এ।

দক্ষিণ ভাৰতত সমাজতত্ত্বৰ বিকাশঃ দক্ষিণ ভাৰতত প্ৰথমে মাইচোৰ বিশ্ববিদ্যালয়ত ১৯২৮ চনত B.N. Seal আৰু A.E. Wadia ৰ নেতৃত্বত সমাজতত্ত্বৰ বিকাশ আৰম্ভ হয়। ঠিক একেবছৰতে ওচমানীয় বিশ্ববিদ্যালয়তো স্নাতক পর্যায়ত সমাজতত্ত্ব আৰম্ভ হয়। জার্মানীত প্রশিক্ষণ সমাপ্ত কৰি জাফাৰ হুছেইনে সমাজতত্ত্ব বিভাগত যোগদান কৰে। ১৯৩০ চনৰ পাছত আৰু ৪৭ চনৰ আগতে সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্ব আৰম্ভ হোৱা অন্য এখন বিশ্ববিদ্যালয় হৈছে পুনা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূৰব্বী অধ্যাপক ইৰাৱতী কার্ৱে।

১৯১৭ চনৰ পৰা ১৯৪৭ চনলৈ এই সময়ছোৱাত এই বিষয়টোৰ ক্ৰমবিকাশ কিছু লেহেমীয়া। এই সময়ছোৱাত কেৱল সমাজতত্ত্বৰ কেন্দ্ৰবিন্দু আছিল মুম্বাই। এইখিনি সময়তে মুম্বাইত এনে কিছুমান পণ্ডিত গৱেষকৰ জন্ম হৈছিল যি সমাজতাত্ত্বিক অধ্যয়ন আৰু গৱেষণাত অশেষ বৰঙণি আগবঢ়াইছে। তেখেত সকলৰ ভিতৰত K.M. Kapadia, Erabati Karve, S.V. Karandikar, M.N. Srinivas, A.R. Desai, I.P. Desai, M.S. Gauri আৰু Y.B. Damle ৰ নাম উল্লেখযোগ্য, যিসকলে সমাজতত্ত্বৰ ভাগ্য নির্ণয় কৰিছিল। এই বিশ্ববিদ্যালয়ৰ পৰা উৎপন্ন হোৱা বিভিন্নজন ব্যক্তি এই সময়ত ভিতৰুৱা বিশ্ববিদ্যালয়বোৰত সোমাই পৰিছিল আৰু সমাজতত্ত্বৰ বিভাগ প্রতিষ্ঠা কৰাত অগ্রণী ভূমিকা লৈছিল।

অন্য কিছুমান প্রসংগইও স্বাধীনোত্তৰ পূৰ্ব কালত সমাজতত্ত্বৰ বিকাশত যথেষ্ট সহায় কৰিছিল। উদাহৰণস্বৰূপে মুম্বাই আৰু লক্ষ্ণৌত অৰ্থনীতিৰ সৈতে সমাজতত্ত্ব একেলগে শিকোৱা হৈছিল। তাৰোপৰি কলিকতা আৰু মাইচোৰত সমাজতত্ত্বৰ লগত নৃতত্ত্ব আৰু সমাজদৰ্শনৰ সংগতি ৰাখি শিকোৱা হৈছিল। সমাজতত্ত্ব, সামাজিক মনস্তত্ব বা মনোবিজ্ঞান, সামাজিক দর্শন, সামাজিক নৃতত্ত্ব, সামাজিক কাম আৰু অন্যান্য সমাজবিজ্ঞানৰ মাজত কোনো পার্থক্য নাছিল। এওঁলোকৰ অন্তর্ভুক্ত বিষয়সমূহ আছিল – সামাজিক জীৱবিদ্যা, সামাজিক সমস্যা যেনে – অপৰাধ, বেশ্যাবৃত্তি আৰু ভিখাৰী, সামাজিক মনোবিজ্ঞান, সভ্যতা আৰু প্ৰাক্‌ বুৰঞ্জী ইত্যাদি আৰু ইহঁতে জনজাতি, গ্ৰাম্য আৰু নগৰীয়া পৰিৱেশ সামৰি লৈছে।

Rao ৰ মতে যদিও স্বাধীনতাৰ পূৰ্বে সমাজতত্ত্বৰ কোনো শক্তিশালী পৰীক্ষামূলক পৰম্পৰা উদ্ভৱ হোৱা নাছিল তথাপি সমাজতত্ত্ব এটা সান-মিহলী মোনাৰ দৰে আছিল যিটোৰ নিজা কোনো পৰিচয় নাছিল।

স্বাধীনতাৰ পৰৱৰ্তী সময়ত সমাজতত্ত্বঃ স্বাধীনতাৰ পৰৱৰ্তী সময়ত মুম্বাইত Indian Sociological Society প্ৰতিষ্ঠা হৈছিল আৰু Sociological Bulletin প্রকাশ পাইছিল।

অন্যহাতে বৃত্তিগত আন্তঃক্ৰিয়াৰ বাবে লক্ষ্ণৌৰ স্কুলত All India Annual Sociological Conference আৰম্ভ হৈছিল। 

লক্ষ্ণৌণৰ মতে, গৱেষণামূলক প্রচেষ্টা প্ৰধানকৈ-তিনিটা দিশত আগবাঢ়িছিল –

(ক) বৃহৎ ৰূপত বিশ্ববিদ্যালয়সমূহত ডক্টৰেট গৱেষণা।

(খ) পৰিকল্পনা আৰু প্ৰশাসকসকলৰ আৱশ্যকতা আৰু পৰিকল্পনা প্ৰক্ৰিয়াত সমাজতাত্ত্বিক চিন্তা আৰু গৱেষণাৰ বাস্তৱিকতা অনুভব, যাৰ দ্বাৰা গৱেষণা প্ৰকল্পৰ সুবিধা মুকলি হয়।

(গ) এই সময়ছোৱাত সমাজবিজ্ঞানৰ গৱেষণাৰ গুৰুত্ব বৃদ্ধিয়ে গৱেষণা সংস্থা প্রতিষ্ঠাত সহায়ক হৈছিল। আকৌ গৱেষণাৰ বিকাশে নিয়োগৰ সুবিধা সকলো পর্যায়তে আগবঢ়াইছিল।

একে সময়তে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ বিভাগবোৰ বৃদ্ধি পাইছিল। এই সময়ত বৃত্তিগত দিশত দিগন্তমুখী আৰু আনুভূমিক গতিশীলতাই ক্ৰিয়া কৰিছিল। ১৯৫০ চনত সমাজতত্ত্বৰ শিকোৱা কাৰ্যতো ভালদৰে প্ৰতিষ্ঠা হয় আৰু Rao ৰ মতে, এই সময়ছোৱাত সমাজতত্ত্বত তিনিটা দিশ প্রতিফলিত হয়। প্ৰথমটো হৈছে — সমাজতত্ত্বই বৃহৎ শৈক্ষিক প্রস্তুতি লাভ কৰে।

দ্বিতীয়তে, সমাজতত্ত্বই নিজকে অন্যান্য বিষয়সমূহৰ (যেনে-মনোবিজ্ঞান,নৃ-তত্ব আৰু সামাজিক কামৰ পৰা নিজকে পৃথক কৰে। তাৰ উপৰি আন কিছুমান বিশ্ববিদ্যালয়ত (Social Pathology) আৰু সামাজিক মনোবিজ্ঞানক সমাজতত্ত্বৰ বিষয়ে অন্তৰ্ভুক্ত কৰে। এই সময়ছোৱাত কিছুমান বিশেষ শাখা যেনে – গ্রাম্য আৰু নগৰীয়া সমাজতত্ত্ব, স্বজনীয় সমাজতত্ত্ব, ধর্মীয় সমাজতত্ত্ব, সামাজিক স্তৰীকৰণৰ সমাজতত্ত্ব, শিক্ষা সমাজতত্ত্ব, ৰাজনৈতিক সমাজতত্ত্ব, চিকিৎসা সমাজতত্ত্ব, সামাজিক জনসংখ্যা, আৰু অৰ্থনৈতিক উন্নয়নৰ সমাজতত্ত্ব আবিৰ্ভাৱ হয়।

তৃতীয়তে, এইখিনি সময়তে বিভিন্নতাৰ পাছ লৈ সমাজতত্ত্ব সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত উপলব্ধ হয়।

সমাজতত্ত্ব শিকোৱাৰ ক্ষেত্ৰত অন্য এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল বাহ্যিক বৌদ্ধিক প্ৰভাৱ ৷

সত্তৰৰ দশকত সমাজতত্ত্বৰ বিকাশঃ যোৱা শতিকাৰ সত্তৰৰ দশকত সমাজতত্ত্বৰ গৱেষণা আৰু বিশেষীকৃত হোৱাত যথেষ্ট পৰিৱৰ্তন আহে। প্রথমাৱস্থাত গ্রাম্য সম্প্রদায়ৰ অধ্যয়নে গৱেষণাত গুৰুত্ব প্ৰদান কৰিছিল কিন্তু সত্তৰৰ দশকত ইয়াৰ আকৰ্ষণ অন্যান্য দিশ যেনে– গ্ৰাম্য বা কৃষক সমাজৰ সম্পৰ্ক, ভূমি সংস্কাৰ, কৃষক, কৃষি শ্রমিক আৰু অনুসূচিত জাত-জনজাতিয়ে গৱেষক সকলৰ দৃষ্টি আকর্ষণ কৰে। গ্রাম্য সমাজৰ সমস্যাবোৰ মার্ক্সীয় গঠনত পৰ্যালোচনা কৰা হয় য’ত সংঘৰ্ষ আৰু পাৰ্থক্যৰ ওপৰত গুৰুত্ব দিয়া হয়। এই দশকত গুৰুত্ব লাভ কৰা অন্যান্য বিষয়বোৰ হ’ল উদ্যোগিক সমাজতত্ত্ব, নগৰীয়া সমাজতত্ত্ব, সামাজিক স্তৰীকৰণ ইত্যাদি। এই সময়ছোৱাতেই বিকাশ হয় বৃত্তিৰ সমাজতত্ত্ব, সংঘৰ্ষৰ সমাজতত্ত্ব, ঔষধৰ সমাজতত্ত্ব, মহিলা অধ্যয়ন, মুছলমান আৰু হিন্দু-মুছলমান সম্বন্ধৰ অধ্যয়নে। এই দশকতেই নতুন কিছুমান দিশেৰে জাতি-স্বজন পদ্ধতি-ধৰ্ম, ৰাজনীতি আৰু জনজাতি অধ্যয়ন ইত্যাদিৰ ওপৰত গভীৰ আৰু বিস্তৃত অধ্যয়ন আৰম্ভ হয়।

আশীৰ দশকত সমাজতত্ত্বৰ বিকাশঃ আশীৰ দশকত সমাজতত্ত্বৰ বিশেষীকৃত ভাগসমূহ বিভিন্ন দিশত আগবাঢ়ে। সেইবোৰ হ’ল – Sociology of Deviance (পথভ্রষ্টতাৰ সমাজতত্ত্ব), জ্ঞানৰ সমাজতত্ত্ব, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সমাজতত্ত্ব আৰু বুৰঞ্জীমূলক সমাজতত্ত্ব। এই বিষয়সমূহে আশীৰ দশকত গৱেষণাৰো অন্তৰ্ভুক্ত হয়। ইয়াৰোপৰি গৱেষণাৰ দিশত অন্য কিছুমান ক্ষেত্র যেনে – পৰিকল্পনা আৰু উন্নয়নৰ সমাজতত্ত্ব, বৃত্তিৰ সমাজতত্ত্ব, সংঘৰ সমাজতত্ত্ব, দৰিদ্ৰতাৰ সামাজিক উপকৰণ, আইন আৰু সামাজিক পৰিৱৰ্তন, জাতীয় সংহতিৰ সমাজতত্ত্ব ইত্যাদিয়ে উৎসাহ লাভ কৰে।

নব্বৈৰ দশকত সমাজতত্ত্বৰ বিকাশঃ নব্বৈৰ দশকত গোলকীকৰণ আৰু নব্য অর্থনৈতিক নীতি ইত্যাদিৰ ফলত ভাৰতীয় সমাজতত্ত্বৰ পৰিসৰ বৃদ্ধি পায়। লগে লগে কিছুমান বিষয়ে সমাজতত্ত্বৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হয়। যেনে – ইক’লজি আৰু সমাজ, মানৱ অধিকাৰৰ ইচ্ছ্যু, পৰিচালনাৰ সমাজতত্ত্ব, মানৱ সম্পদৰ বিকাশ, গণমাধ্যম, সমাজ আৰু কাৰ্য্যৰ সমাজতত্ত্ব ইত্যাদি।

ভৰতবৰ্ষত সমাজতত্ত্বৰ গৱেষণাঃ ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সমাজতত্ত্বৰ বিকাশৰ লগে লগে স্বাধীনতাৰ পৰাই সমাজতাত্ত্বিক গৱেষণাৰ বিভিন্ন দিশ বিকশিত হয়। বহুবোৰ বৃত্তিগত আলোচনীত গৱেষণা পত্ৰ আৰু প্ৰৱন্ধ প্রকাশ পায়। সমাজতত্ত্ববিদে পৰিচালনা কৰা বহুবোৰ অধ্যয়ন বিভিন্ন প্রতিনিধিৰ দ্বাৰা পৃষ্ঠপোষক সমৰ্থন কৰা হয়। বর্তমান সময়ত ভাৰতবৰ্ষৰ বহুতো বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগত নতুন নতুন পাঠ্যক্ৰমৰ বাবে গৱেষণাৰ ক্ষেত্ৰখন বিস্তৃত হৈ পৰিছে।

ঠিক সেইদৰে গৱেষণাৰ পদ্ধতিৰো বহুতো পৰিৱৰ্তন আৰু বিকাশ ঘটিছে। পৰিমাণগত পদ্ধতিৰ উপৰিও অন্য কিছুমান গৱেষণা পদ্ধতি যেনে – বুৰঞ্জীমূলক বিশ্লেষণ, নমুনা অধ্যয়ন আৰু আংশিক পৰ্যবেক্ষণৰ বৰ্তমানৰ সমাজতত্ত্ববিদ আৰু সামাজিক নৃ-তত্ববিদ সকলে সামাজিক সমস্যাৰ প্ৰকৃতি অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে।

৮। পশ্চিমীয়া চিন্তাধাৰাত সমাজতত্ত্বৰ বিকাশৰ বিষয়ে এখনি ৰচনা লিখা? (Write an essay on the development of sociology in Western thought?)

উত্তৰঃ পশ্চিমীয়া চিন্তাধাৰাত সমাজতত্ত্বৰ উৎপত্তিঃ এইটো সত্য যে সমাজতত্ত্বৰ জন্ম হৈছিল পশ্চিমীয়া দার্শনিক চিন্তাধাৰাত। ১৯০০ শতিকাৰ প্ৰথমাৰ্দ্ধত প্ৰথম বাৰৰ বাবে ফ্ৰান্সৰ সমাজদার্শনিক আগষ্ট ক’টে সমাজতত্ত্বক এক সুকীয়া বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰে। যি বিজ্ঞানে সামাজিক পদ্ধতিৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। এই অৰ্থতেই আগষ্ট ক’টক সমাজতত্ত্বৰ পিতৃ হিচাপে আখ্যা দিয়া হয়।

যদিও সমাজতত্ত্বৰ প্ৰতিষ্ঠাপক আগষ্ট কট কিন্তু এই বিজ্ঞানৰ ঘাই শিপাডাল বহু আগৰ। এইটো নির্ঘাত সত্য যে সমাজতত্ত্বৰ উপাদানবোৰ পৌৰাণিক গ্ৰীক দার্শনিক প্লেটো, এৰিষ্ট’টল আৰু অন্যান্য গ্রীক দার্শনিক সকলৰ লিখনীত। প্লেটোৱে ‘সামাজিক শ্ৰেণীৰ বিশ্লেষণ’ আৰু ‘নগৰ ৰাষ্ট্ৰ’ (সমাজ) বিশ্লেষণৰে মানৱ সমাজক বুজাৰ সংৰচনাত্মক দিশৰ কথা উল্লেখ কৰিছিল। তেওঁৰ সূত্ৰ সামাজিক ন্যায়ৰ মূল ভিত্তি আছিল সামাজিক অংগীবাদ। তেখেতে ব্যক্তি আৰু সমাজৰ মাজত থকা সংহতিমূলক আন্তঃসম্পৰ্কৰ আদৰ্শৰ বিষয়ে ব্যাখ্যা কৰিছিল। প্লেটোৰ পূর্ব-পুৰুষ চক্ৰেটিছেও সামাজিক ঘটনাৰ সত্যতা নিৰূপণ কৰিবৰ বাবে দ্বন্দ্বাত্মক পদ্ধতি উদ্ভাবন কৰিছিল। সেইদৰেই তেওঁ সামাজিক ঘটনা বুজিবৰ বাবে বৈজ্ঞানিক দিশৰ বৰঙণিৰ কথাও উল্লেখ কৰিছে।

এৰিষ্ট ‘টলে পোন প্ৰথমে উদ্দেশ্যগত দিশৰ জ্ঞানৰ পৰা সামাজিক ঘটনা অধ্যয়নৰ ওপৰত গুৰুত্ব দিছিল আৰু যিটো আধুনিক সমাজতত্ত্বৰ লগত সম্পর্কযুক্ত। তেওঁ কৈছিল যে মানুহ সামাজিক প্ৰাণী আৰু মানুহক সমূহ বা সামাজিক দিশৰ পৰা বুজা উচিত আৰু সেইটোৱেই হৈছে বৰ্তমান দিনৰ সমাজতত্ত্বৰ মূল ভিত্তি। তাৰোপৰি, এৰিষ্টট’লে ঘটনাৰ সত্যতা নিৰূপণ কৰিবৰ বাবে “Modern Logical Method” ৰ পৰিচয় কৰাইছিল।

সমাজতত্ত্বৰ বিকাশৰ দিশত ইটালীৰ Vico আৰু ফ্ৰান্সৰ Montesquie এ উল্লেখনীয় বৰঙণি আগবঢ়াইছিল আৰু তেওঁলোকে সমাজতত্ত্বক সামাজিক সম্বন্ধৰ বিজ্ঞান বুলি উল্লেখ কৰিছে। Vico আৰু Montesquie এ সামাজিক জীৱন আৰু মানৱ আচৰণৰ সকলো দিশ অধ্যয়ন কৰিছিল। Vico এ তেওঁৰ মহান গ্রন্থ ‘The New Science’ ত ব্যাখ্যা কৰিছে যে সমাজ নিৰ্দিষ্ট নীতি-নিয়মৰ দ্বাৰা শাসিত হয়, যাক উদ্দেশ্যগত অধ্যয়নৰ মাজেদি পর্যবেক্ষণ কৰিব পাৰি। মন্টেছকোৱে তেওঁৰ গ্ৰন্থ ‘The Spirit of Law’ বাহ্যিক কাৰক প্ৰধানকৈ জলবায়ুৱে কিদৰে মানৱ সমাজৰ ওপৰত প্ৰভাৱ পেলায় তাক ব্যাখ্যা কৰিছে। তাৰোপৰি তেওঁ সামাজিক জীৱনৰ ওপৰত ভৌগলিক পৰিস্থিতিৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে।

ফ্ৰান্সৰ সমাজদার্শনিক চেইন্ট চিমনে ১৮ শতিকাত সামাজিক ঘটনাৰ বৈজ্ঞানিক বিশ্লেষণৰ কথা উল্লেখ কৰি সামাজিক পদার্থ বিজ্ঞান নামেৰে এক নতুন বিজ্ঞান প্রতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰিছিল। যাক আগষ্ট ক’টে সামাজিক পদার্থ বিজ্ঞানৰ পৰা সমাজতত্বলৈ পৰিবৰ্তন কৰে। 

আগষ্ট ক’টে সামাজিক বিকাশৰ তিনিটা স্তৰৰ কথা উল্লেখ কৰিছে সেইকেইটা হ’ল—

(ক) বৌদ্ধিক স্তৰ।

(খ) আধি-ভৌতিক স্তৰ।

(গ) বৈজ্ঞানিক স্তৰ।

আগষ্ট ক’টৰ মতে, বর্তমান মানুহে প্ৰত্যক্ষবাদৰ স্তৰত উপনীত হৈছে। কিন্তু প্রাকৃতিক ঘটনাৰ ওপৰত মানুহৰ ধাৰণা বৰ্তমানো আধি-ভৌতিক স্তৰতে আছে বুলি তেওঁ উল্লেখ কৰিছে।

ডাউইনৰ বিখ্যাত গ্ৰন্থ ‘Origin of Specie’ ত সকলো প্ৰকাৰৰ জীৱই সৰল প্ৰকৃতিৰ পৰা ক্ৰমবিকাশৰ যোগেদি বৰ্তমানৰ অৱস্থা পাইছে বুলি উল্লেখ কৰিছে আৰু এই ক্ষেত্ৰত Survival of the fittest’ নীতিৰ পৃষ্ঠপোষকতা কৰিছে আৰু লগতে প্ৰাকৃতিক নিৰ্বাচনৰ কথাও কৈছে। হাবটি স্পেনচাৰে সকলোবোৰ সমাজ বিজ্ঞানক এটা পদ্ধতিত সংহত কৰিব বিচাৰিছিল আৰু প্রাকৃতিক আৰু সামাজিক ঘটনাৰ মৌলিক নীতি নির্বাচন কৰিব বিচাৰিছিল। স্পেনচাৰৰ পাছত মার্ক্স, মেক্সবেৱাৰ, দুৰখেইম আৰু অন্যান্য পশ্চিমীয়া সমাজ দার্শনিক সকলে প্রত্যক্ষ বা পৰোক্ষভাবে সমাজতত্ত্বৰ বিকাশত বৰঙণি যোগাইছিল।

উপৰোক্ত ব্যাখ্যাৰ পৰা কব পাৰি যে সমাজতত্ত্ব পশ্চিমীয়া সামাজিক চিন্তা-ধাৰতেই জন্ম হৈছিল।

ইউৰোপ আৰু আমেৰিকাত সমাজতত্ত্বৰ বিকাশঃ ফ্রান্সত জন্ম হোৱা সমাজতত্ত্বই ইয়াৰ পাছত বিকাশ লাভ কৰিছিল ইউৰোপ আৰু আমেৰিকাত। ১৯ শতিকাত ইউৰোপৰ ইংলেণ্ড আৰু জার্মানী বিভিন্ন জ্ঞান আৰু অধ্যয়নৰ কেন্দ্ৰ স্বৰূপ হৈ পৰিছিল। শাৰীৰিক আৰু সমাজ বিজ্ঞানবোৰ এই দেশবোৰত অতি বেছিকৈ বিকাশ হ’বলৈ ধৰিছিল। সমাজবিজ্ঞানৰ বিভিন্ন শাখাবোৰৰ বিশেষকৈ সমাজতত্ত্বৰ শাখাবোৰৰ বৈজ্ঞানিক অধ্যয়ন অতি বেছিকৈ আৰম্ভ হৈছিল। এনে সময়তেই বৃটিছ সাম্ৰাজ্যৰ পৰা আমেৰিকাই স্বাধীনতা লাভ কৰিছিল আৰু তেওঁলোকে ইউৰোপীয় সমাজৰ আদৰ্শ আৰু পদ্ধতি অনুকৰণ কৰিছিল। সেই কাৰণে আমেৰিকাবাসীয়ে সমাজতত্ত্বকে ধৰি অন্যান্য বিজ্ঞানৰ শাখাসমূহৰ বিকাশত গুৰুত্ব দিছিল।

ইংলেণ্ডত সমাজতত্ত্বঃ ১৯ শতিকাত ইংলেণ্ডে জ্ঞানৰ ক্ৰমবিকাশত মূল প্রতিনিধি হিচাপে কাম কৰিছিল আৰু বহুতো নতুন জ্ঞানৰ শাখা আৰু বিজ্ঞানে ইংলেণ্ডত জন্ম লাভ কৰিছিল। আগষ্ট ক’টৰ পিছত Herbert Spencer ৰ উল্লেখনীয় গ্রন্থ কেইখনমান হ’ল ‘The Study of Sociology’, ‘Principle of Sociology’ ‘Descriptive Sociology’. Herbert Spencer ৰ পাছত ‘Charles Booth’, ‘Hobhous’, ‘Westermark’, ‘Ginsberg’ ইত্যাদিৰ নাম সামাজিক ঘটনাৰ সমাজতাত্ত্বিক সিদ্ধান্ত আগবঢ়োৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য।

ফ্রান্সত ইমাইল দুৰখেইম, Montaine Trade আৰু অন্যান্য সকলে সমাজ অধ্যয়নবোৰক সমাজতাত্ত্বিক দিশেৰে বিশ্লেষণ কৰিছিল। জার্মানীত, Tonnies, Bonwise, Hegel, Marx, Simmel আৰু অন্যান্য সকলে সমাজতত্ত্বৰ বিষয়বস্তুক বৈজ্ঞানিক দিশেৰে ক্ৰমবিকাশ ঘটাৰ বিচাৰিছিল। আমেৰিকাইও সমাজতত্ত্বৰ ক্ৰমবিকাশত যথেষ্ট অৰিহণা যোগাইছে। Giddings, Summner, Ward, Ross, Park, Burgess, Maclver, Ogburn, Nimkoff, Parson, Merton ইত্যাদিয়ে সমাজতত্ত্বৰ বিষয়বস্তু ক্রমবিকাশত যথেষ্ট বৰঙণি যোগাইছে। এইক্ষেত্ৰত A. Small, C.J. Galpin আৰু অন্যান্যসকলৰ অৱদানো কম নহয়। Charles Cooley নামৰ সমাজতত্ত্ববিদজনেই Primary আৰু Secondary Group ৰ অবধাৰণা আগবঢ়াই সমাজতত্ত্বৰ ভঁৰাল চহকী কৰিছিল। আমেৰিকাৰ অন্য এজন সমাজতত্ত্ববিদ R.E. Park এ সামাজিক প্রক্রিয়া, সামাজিক দূৰত্বতা, সামাজিক পৰিৱৰ্তন ইত্যাদি ব্যাখ্যা আগবঢ়াই সমাজতত্ত্বলৈ বহুমূলীয়া বৰঙণি আগবঢ়াইছিল। ঠিক একেদৰে Thomas Nancy এ আকাঙ্খা আৰু মূল্যবোধক সমাজতত্ত্বৰ সহায়ত ব্যাখ্যা দিছিল। চমু অর্থত, এওঁলোকে বহুবোৰ নতুন ব্যাখ্যা আগবঢ়াইছিল যিয়ে সমাজতত্ত্বক নতুন বৈজ্ঞানিক গঠন দিছিল। Pitirim Sorokin ৰ সামাজিক আৰু সাংস্কৃতিক গতিশীলতাৰ সিদ্ধান্তবোৰো সমাজতত্ত্বলৈ অমূল্য অৱদান স্বৰূপ।

এই দৰেই পশ্চিমীয়া দেশবোৰত সমাজতত্ত্বৰ জন্ম আৰু ক্ৰমবিকাশ হৈছিল। পশ্চিমীয়া সামাজিক চিন্তাবিদসকলৰ সামাজিক চিন্তা আৰু অধ্যয়নৰ সহায়ত সমাজতত্ত্বৰ বিকাশ তৰাম্বিত কৰিছিল। পশ্চিমীয়া সমাজৰ পৰাই সমাজতত্ত্ব গোটেই বিশ্বলৈ বিয়পি পৰিছিল। বর্তমান সমাজতত্ত্ব হ’ল অধ্যয়নৰ এক অতি জনপ্রিয় বিষয় আৰু সামাজিক ঘটনা অধ্যয়নৰ বিজ্ঞান বিষয়ক বিষয় হিচাপে ছাত্ৰ ছাত্ৰীৰ মাজত গুৰুত্বতা আৰু জনপ্রিয়তা লাভ কৰিছে।

৯। সমাজতত্ত্বৰ সংজ্ঞা দিয়া? সমাজতত্ত্বৰ — অধ্যয়নৰ পৰিসৰৰ বিষয়ে ব্যাখ্যা দিয়া। (Define sociology? Explain the scope of study of sociology.)

উত্তৰঃ সমাজতত্ত্ব এক সমাজৰ বিজ্ঞান। সমাজতত্ত্বৰ অবিহনে অন্য কোনো সমাজবিজ্ঞানে সমাজৰ বিষয়সমূহ বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰা নাই। ইয়াৰ উৎপত্তিৰ পৰা সাম্প্ৰতি ক্রমবিকাশলৈকে পর্যালোচনা কৰিলে এইটো দেখা যায় যে সমাজতত্ত্ব বর্তমানেও এক সম্প্ৰসাৰণমুখী বিজ্ঞান হিচাপে পৰিগণিত হৈছে। ইয়াৰ অধ্যয়নৰ বিষয় বস্তুৰ তালিকা নন বিষয় বস্তুৰে পৰিশুধিত হৈ আছে। সমাজতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে Sociology’. এই শব্দটো Socius আৰু Logos শব্দৰ পৰা আহিছে। Socius ৰ অৰ্থ হৈছে সমাজ আৰু Logos মানে বিজ্ঞান। ফ্ৰান্সৰ সমাজ দার্শনিক আগষ্টকটৰ হাতত ১৮৩৯ চনত এই বিষয়টোৱে পৰিপূৰ্ণতা লাভ কৰে।

সমাজতত্ত্বৰ সংজ্ঞাঃ

(ক) আগষ্ট ক’টৰ মতে সমাজতত্ত্বই বিভিন্ন সমাজৰ সামাজিক পদ্ধতিৰ প্ৰকৃতি আৰু স্বৰূপ সম্পর্কে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে, সমাজতত্ত্বৰ বিষয়বস্তু যে ‘সমাজপদ্ধতি’ সেই সম্পর্কে ক’টে নিশ্চিত অভিমত প্ৰকাশ কৰিছে।

(খ) জার্মেনীৰ অন্যতম শীর্ষস্থানীয় সমাজতত্ত্ববিদ মেক্সৱেবাৰৰ মতে, “সমাজতত্ত্বই সামাজিক ক্ৰিয়াৰ বিষয়ে অর্থপূর্ণ ভাবে বুজিবলৈ চেষ্টা কৰে ইয়াৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ কাৰণ, প্ৰকাৰ আৰু ফলাফলৰ বিষয়ে একোটাকৈ সিদ্ধান্ত প্ৰকাশ কৰিবলৈ চেষ্টা কৰে”।

(গ) ইংলেণ্ডৰ শীর্ষস্থানীয় সমাজতত্ত্ববিদ মৰিছ জিন্সবার্গৰ মতে, “ সমাজতত্ত্ব মানুহৰ আন্তক্ৰিয়া আৰু আত্তসম্বন্ধবোৰৰ আধাৰ অৱস্থা আৰু ফলাফল অধ্যয়ন কৰা বিজ্ঞান।

(ঘ) ফ্ৰান্সৰ সমাজতত্ত্ববিদ ইমাইল দুৰখেইমৰ মতে, “সমাজতত্ত্ব হৈছে সামাজিক সংস্থা অধ্যয়ন কৰা বিজ্ঞান।”

(ঙ) অগবাৰ্ন আৰু নিমকফৰ মতে, “সমাজতত্ত্ব হৈছে সামাজিক জীৱনৰ বৈজ্ঞানিক অধ্যয়ন”।

উপৰোক্ত সংজ্ঞা সমূহৰ পৰা আমি এইটো কব পাৰো যে সমাজতত্ত্ব হৈছে —

(ক) সমাজৰ বিজ্ঞান।

(খ) সামাজিক সম্বন্ধৰ বিজ্ঞান।

(গ) সামাজিক জীৱনৰ অধ্যয়ন।

(ঘ) মানুহৰ আচৰণৰ অধ্যয়ন।

(ঙ) সামাজিক ক্ৰিয়াৰ অধ্যয়ন।

(চ) সামাজিক সম্বন্ধৰ স্বৰূপৰ অধ্যয়ন। আৰু

(ছ) সামাজিক সমূহ বা সামাজিক পদ্ধতিৰ অধ্যয়ন।

উপৰোক্ত আলোচনাৰ পৰা এইটো পতিয়মান হয় যে সমাজতত্ত্বই মূলতে সামাজিক ক্রিয়া আৰু সম্বন্ধবোৰৰ উৎপত্তি, প্রকৃতি স্বৰূপে আৰু ফলাফলৰ বিষয়ে সম্যকভাবে অধ্যয়ন কৰে। সামাজিক ক্ৰিয়া আৰু সম্বন্ধবোৰ বিশ্লেষণ কৰিবলৈ যাওঁতে সমাজতত্ত্বই সামাজিক জীৱনৰ বিভিন্ন দিশ যেনে পৰিয়াল, ৰাজনৈতিক, অর্থনৈতিক, ধর্মীয় ইত্যাদি সংস্থা আৰু সমিতিবোৰৰ সম্পৰ্কে অধ্যয়ন কৰে। সমাজতত্ত্বই প্রধানতঃ অনুমানৰ পৰিৱতে প্রমাণিত সাক্ষীত গুৰুত্ব প্ৰদান কৰে।

সমাজতত্ত্ব এক সমাজবিজ্ঞান বিষয়ক বিষয়। প্রত্যেক সমাজ বিজ্ঞানৰে নিজা অধ্যয়নৰ ক্ষেত্ৰ আছে। অধ্যয়নৰ ক্ষেত্ৰ অবিহনে কোনো এক সমাজবিজ্ঞান ভালদৰে বুজিব নোৱাৰি আৰু পদ্ধতিগত অধ্যয়নো অসম্ভৱ। সমাজতত্ত্বৰো নিজা অধ্যয়ন ক্ষেত্র আছে কিন্তু এই বিজ্ঞানৰ ক্ষেত্র সম্পর্কে সমাজতত্ত্ববিদ সকলৰ মাজত মতভেদ দেখা যায়। সেয়েহে V.F. Calberton এ কৈছে যে “Since Sociology is so elastic a Science, it is difficult to determine just where its boundaries begin and end, where Sociology becomes social Psychology and where social Psychology becomes Sociology, or where economic theory becomes sociological doctrine or biological theory becomes sociological theory something, which is impossible to decide.”

সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্র সম্পর্কে সমাজতত্ত্ববিদসকলৰ মাজত দুটা প্রধান চিন্তা গোষ্ঠী দেখা যায়, সেইকেইটা হ’ল—

(ক) বিশেষাত্মক বা স্বৰূপাত্মক চিন্তা গোষ্ঠী। আৰু

(খ) সমন্বয়াত্মক চিন্তা গোষ্ঠী।

(ক) বিশেষাত্মক বা স্বৰূপাত্মক চিন্তা গোষ্ঠীঃ এই চিন্তাগোষ্ঠীৰ মূখ্য চিন্তানায়ক হ’ল George Simmel. এই চিন্তা গোষ্ঠীৰ অন্যান্য চিন্তাবিদ সকল হ’ল ভিয়েৰ কান্ত, মেক্স ৱেবাৰ, স্মল, ভন ৱাইচ, আৰু টনিচ। জিমেল আৰু অন্যান্য সমাজতত্ত্ববিদ সকলৰ মতে সমাজতত্ত্ব হৈছে এক বিশুদ্ধ আৰু স্বতন্ত্র বিজ্ঞান। এক বিশুদ্ধ বিজ্ঞান হিচাপে ইয়াৰ পৰিসৰ সীমাবদ্ধ। সমাজতত্ত্বই মানৱ সম্বন্ধৰ কেইটামান নির্দিষ্ট দিশহে অধ্যয়ন কৰা প্ৰয়োজন। ইয়াৰ উপৰি তেওঁলোকৰ মতে সমাজতত্ত্বই সামাজিক সম্বন্ধৰ কেৱল স্বৰূপ হে অধ্যয়ন কৰা প্ৰয়োজন পৰিসৰ নহয়। সামাজিক সম্বন্ধবোৰ যেনে – প্রতিযোগিতা, দমনমূলক ভাৱ, শ্রম বিভাজন ইত্যাদি অধ্যয়ন কৰে কিয়নো ইহঁতে সামাজিক জীৱনৰ অৰ্থনৈতিক, ৰাজনৈতিক, ধর্মীয়, নৈতিক, কলা ইত্যাদি সকলো ক্ষেত্ৰত প্ৰকাশ পায়।

জামনিীৰ বিখ্যাত সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ মতে সমাজতত্ত্বই সামাজিক আচৰণক বুজিবলৈ বা ব্যাখ্যা কৰিবলৈ বিচাৰে কিন্তু সামাজিক আচৰণে মানৱ সম্বন্ধৰ সমগ্ৰ ক্ষেত্ৰখনক সামৰি নলয়। তেওঁ তাৰোপৰি কৈছে যে, সমাজতত্ত্বই সামাজিক সম্বন্ধৰ বিশ্লেষণ আৰু শ্ৰেণীকৰণৰ প্ৰকাৰ সম্বন্ধে অধ্যয়ন কৰে।

স্মল নামৰ সমাজতত্ত্ববিদজনে এই দৰে মন্তব্য দিছে যে সমাজতত্ত্বৰ পৰিসৰ সীমিত আৰু ভন ৱাইছ আৰু টনিছেও ইয়াক সমৰ্থন কৰিছে।

সমালোচনাঃ বিশেষাত্মক বা স্বৰূপাত্মক চিন্তা গোষ্ঠী বহুলভাৱে সমালোচনা কৰা হৈছে। 

তলত তাৰে কেইটামান উল্লেখ কৰা হ’ল—

১। এই চিন্তা গোষ্ঠীয়ে কোনোকাৰণ নোহোৱাকৈ সমাজতত্ত্বৰ পৰিসৰ চমু কৰিছে। সমাজতত্ত্বই কেৱল সামাজিক সম্বন্ধৰ সাধাৰণ স্বৰূপ নহয় ইয়াৰ মূৰ্ত্ত পৰিস্ৰ অধ্যয়ণ কৰে।

২। এখেতসকলে সামাজিক সম্বন্ধৰ স্বৰূপ আৰু ইয়াৰ পৰিসৰৰ যি পার্থক্য নির্ণয় কৰিছে ই কার্যক্ষম নহয়।

৩। সমাজতত্ত্বই কেৱল সামাজিক সম্বন্ধৰ স্বৰূপ অধ্যয়ন নকৰে।

৪। শেষত, বিশুদ্ধ সমাজতত্ত্ব প্রতিষ্ঠা কৰাটো অসম্ভৱ। বর্তমানলৈকে কোনো সমাজতত্ত্ববিদে প্রকৃত বা বিশুদ্ধ সমাজতত্ত্ব প্রতিষ্ঠ। কৰিব পৰা নাই।

(খ) সমন্বয়াত্মক চিন্তা গোষ্ঠীঃ এই চিত্তা গোষ্ঠীৰ মূখ্য চিন্তানায়ক সকল হ’ল দুৰখেইম, হবহাউচ, জিন্সবাৰৰ্গ আৰু পিটিৰিম চ’ৰকিন। এই চিন্তাগোষ্ঠীৰ মতে সমাজতত্ত্ব এক সাধাৰণীকৰম বিজ্ঞান আৰু ই বিশুদ্ধ বা প্রকৃত সমাজবিজ্ঞান নহয়। আগষ্ট ক’ট, হাবটি স্পেনচাৰ আদিয়েও সমাজতত্ত্বৰ সমন্বয়াত্মক অধ্যায়নত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ মতে সমাজতত্ত্ব সকলো সমাজ বিজ্ঞানৰে বিজ্ঞান। সমাজতত্ত্বৰ অধ্যায়নৰ বিষয়বস্তু হিচাপে আগষ্ট ক’টে সমাজৰ স্থায়ীত্বতা আৰু গতিশীলতাৰ কথা উল্লেখ কৰিছে আৰু মত পোষণ কৰিছে যে সমাজৰ স্থায়ীত্ব যেনে, পৰিয়াল, ধর্ম, সামাজিক নিয়ন্ত্রণ, শ্রম বিভাজন ইত্যাদি সামাজিক পদ্ধতিৰ বিভিন্ন অংশৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বিধিৰ সহায়ত অধ্যয়ন কৰা হয়। ক’টৰ মতে সমাজতত্ত্ব অধ্যয়ন ক্ষেত্র হৈছে সমগ্র সমাজ ব্যৱস্থা। স্পেনচাৰে পৰিয়াল, ৰাজনৈতিক সংস্থা, ধর্ম পদ্ধতি, সামাজিক নিয়ন্ত্রণ, শ্রম বিভাজনক অধ্যয়ন ক্ষেত্ৰ বুলি কৈছে। দুৰখেইমে সমাজত অধ্যয়নৰ বিষয়বস্তু সামাজিক সংস্থা আৰু সামাজিক প্ৰক্ৰিয়া বুলি কৈ সমাজতত্ত্বক তিনিটা ভাগত ভাগ কৰিছে। 

যেনে— 

(ক) সামাজিক সংগঠন তত্ত্ব।

(খ) সামাজিক শৰীৰ সংৰচনা তত্ত্ব। আৰু

(গ) সাধাৰণ সমাজতত্ত্ব।

গতিকে উক্ত আলোচনা লক্ষ্য কৰি সমাজতত্ত্বক সমন্বয়াত্মক বিষয় বুলিহে অভিহিত কৰিব পাৰি।

১০। সমাজতত্ত্বৰ সংজ্ঞা দিয়া। বিজ্ঞান হিচাপে সমাজতত্ত্বক বিচাৰ কৰা। (Define sociology? Consider sociology as a science.)

উত্তৰঃ সমাজতত্ত্ব এক সমাজৰ বিজ্ঞান। সমাজতত্ত্বৰ অবিহনে অন্য কোনো সমাজবিজ্ঞানে সমাজতত্ত্বৰ দৰে সমাজৰ বিষয়সমূহ বৈজ্ঞানিক পদ্ধতিৰে অধায়ন কৰা নাই। ইয়াৰ উৎপত্তিৰ পৰা সাম্প্ৰতি ক্ৰমবিকাশলৈকে পৰ্যালোচনা কৰিলে এইটো দেখা যায় যে সমাজতত্ত্ব বর্তমানেও এক সম্প্ৰসাৰণমুখী বিজ্ঞান হিচাপে পৰিগণিত হৈছে। ইয়াৰ অধ্যয়নৰ বিষয়বস্তুৰ তালিকাখন বিষয়বস্তুৰে পৰিসুধিত হৈ আছে। সমাজতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Sociology’. এই শব্দটো Socius আৰু Logos শব্দৰ পৰা আহিছে। Socius অৰ্থ হৈছে সমাজ আৰু Logos মানে বিজ্ঞান। ফ্ৰান্সৰ সমাজ দার্শনিক আগষ্টকটৰ হাতত ১৮৩৯ চনত এই বিষয়টোৱে পৰিপূৰ্ণতা লাভ কৰে।

সমাজতত্ত্বৰ সংজ্ঞাঃ

(ক) আগষ্ট ক’টৰ মতে সমাজতত্ত্বই বিভিন্ন সমাজৰ সামাজিক পদ্ধতিৰ প্ৰকৃতি আৰু স্বৰূপ সম্পৰ্কে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে, সমাজতত্ত্বৰ বিষয়বস্তু যে ‘সমাজপদ্ধতি’ সেই সম্পর্কে ক’টে নিশ্চিত অভিমত প্ৰকাশ কৰিছে।

(খ) জার্মেনীৰ অন্যতম শীর্ষস্থানীয় সমাজতত্ত্ববিদ মেক্সৱেবাৰৰ মতে, “সমাজতত্ত্বই সামাজিক ক্ৰিয়াৰ বিষয়ে অৰ্থপূৰ্ণ ভাবে বুজিবলৈ চেষ্টা কৰে ইয়াৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ কাৰণ প্ৰকাৰ আৰু ফলাফলৰ বিষয়ে একোটাকৈ সিদ্ধান্ত প্ৰকাশ কৰিবলৈ চেষ্টা কৰে”।

(গ) ইংলেণ্ডৰ শীৰ্ষস্থানীয় সমাজতত্ত্ববিদ মৰিছ জিন্সবার্গৰ মতে, “ সমাজতত্ত্ব মানুহৰ আন্তক্ৰিয়া আৰু আন্তসম্বন্ধবোৰৰ আধাৰ অৱস্থা আৰু ফলাফল অধ্যয়ন কৰা বিজ্ঞান।

(ঘ) ফান্সৰ সমাজতত্ত্ববিদ ইমাইল দুৰখেইমৰ মতে সমাজতত্ত্ব হৈছে সামাজিক সংস্থা অধ্যয়ন কৰা বিজ্ঞান।

(ঙ) অগবাৰ্ন আৰু নিমকফৰ মতে, “সমাজতত্ত্ব হৈছে সামাজিক জীৱনৰ বৈজ্ঞানিক অধ্যয়ন”।

উপৰোক্ত সংজ্ঞা সমূহৰ পৰা আমি এইটো কব পাৰো যে সমাজতত্ত্ব হৈছে—

(ক) সমাজৰ বিজ্ঞান।

(খ) সামাজিক সম্বন্ধৰ বিজ্ঞান।

(গ) সামাজিক জীৱনৰ অধ্যয়ন।

(ঘ) মানুহৰ আচৰণ অধ্যয়ন।

(ঙ) সামাজিক ক্ৰিয়াৰ অধ্যয়ন।

(চ) সামাজিক সম্বন্ধৰ স্বৰূপৰ অধ্যয়ন। আৰু

(ছ) সামাজিক সমূহ বা সামাজিক পদ্ধতিৰ অধ্যয়ন।

উপৰোক্ত আলোচনাৰ পৰা এইটো পতিয়মান হয় যে সমাজতত্ত্বই মূলতে সামাজিক ক্রিয়া আৰু সম্বন্ধবোৰ উৎপত্তি, প্রকৃতি স্বৰূপে আৰু ফলাফলৰ বিষয়ে সম্যকভাবে অধ্যয়ন কৰে। সামাজিক ক্ৰিয়া আৰু সম্বন্ধবোৰ বিশ্লেষণ কৰিবলৈ যাওঁতে সমাজতত্ত্বই সামাজিক জীৱনৰ বিভিন্ন দিশ যেনে পৰিয়াল, ৰাজনৈতিক, অর্থনৈতিক, ধর্মীয় আদি সংস্থা আৰু সমিতিবোৰৰ সম্পৰ্কে অধ্যয়ন কৰে। সমাজতত্ত্বই প্রধানতঃ অনুমানৰ পৰিৱতে প্রমাণিত সাক্ষীত গুৰুত্ব প্ৰদান কৰে।

বিজ্ঞান হিচাপে সমাজতত্ত্বঃ সমাজতত্ত্ব এক সমাজ বিজ্ঞান, যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অর্থপূর্ণভাৱে বুজিবলৈ সম্ভৱপৰ হয়। ই সমাজৰ বিভিন্ন দিশ, যেনে- সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ, সামাজিক সম্প্রদায়, সমিতি আদিত প্রতিফলিত হোৱা সামাজিক আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰে। সমাজতত্ত্বৰ ইংৰাজী প্রতিশব্দ হৈছে ‘SOCIOLOGY’। এই ‘SOCIOLOGY’ শব্দটো ‘SOCIUS’ আৰু ‘LOGOS’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। ‘SOCIUS’ মানে সমাজ ‘LOGOS’ মানে বিজ্ঞান। অর্থাৎ উৎপত্তিৰ ফালৰ পৰা সমাজতত্ত্ব এক সামাজিক বিজ্ঞান। ১৮৩৯ চনত ফ্ৰাব্দৰ সমাজ দাৰ্শনিক আগষ্ট ক’টৰ হাতত সমাজতত্ত্বই জন্ম লাভ কৰে। আগষ্ট ক’টৰ মতে, ‘সমাজ শাস্ত্র’ হৈছে সমাজ পদ্ধতিৰ বিষয়ে বৈজ্ঞানিক ভাবে অধ্যয়ন কৰা এক বিজ্ঞান সমাজতত্ত্বৰ উৎপত্তিৰ কাৰণ, উদ্দেশ্য আদিৰ ফালৰ পৰা ইয়াৰ প্ৰকৃতি বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন সামাজিক ঘটনাবোৰ অধ্যয়ন কৰি আহিছে। গতিকে সমাজতত্ত্বক বিজ্ঞানসন্মত বিষয় বুলি কোৱাৰ যথেষ্ট থল আছে। যেনে—

(ক) সমাজতত্ত্বৰ সিদ্ধান্তবোৰো সাৰ্বজনীন প্ৰকৃতিৰ। এখন সমাজৰ ওপৰত থকা বা দিয়া সিদ্ধান্ত আন এখন সমাজত প্রযোজ্য।

(খ) বিজ্ঞানৰ চৰিত্ৰৰ দৰে সমাজতত্ত্বও এক সিদ্ধান্তধর্মী বিষয়। সমাজতত্ত্বই কোনো এটা বিষয় বা ঘটনা অধ্যয়ন কৰোঁতে তথ্য উদ্ঘাটনতে ক্ষান্ত নাথাকি বিশুদ্ধ সিদ্ধান্ত প্ৰকাশৰ বাবে যত্নবান হয়।

(গ) বিজ্ঞানৰ দৰে সমাজতত্ত্বও নিৰপেক্ষ বিষয়। গতিকে ইয়াক বিজ্ঞান বুলিব পাৰি।

(ঘ) বিজ্ঞানৰ দৰে সমাজতত্ত্বৰো সামাজিক ক্রিয়া, সামাজিক গতিশীলতা, সামূহিক আচৰণ আদি সিদ্ধান্তবোৰ নিৰীক্ষণীয় তথ্যপাতি, পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত।

(ঙ) বিজ্ঞানৰ দৰে সমাজতত্ত্বৰ সিদ্ধান্তবোৰো শ্রেণীবিভাজন কৰোঁতে সঘনে পৰিসংখ্যা বিজ্ঞানৰ সৈতে সম্পৰ্ক ৰখাৰ লগতে কোনো কোনো ক্ষেত্ৰত যুক্তি তৰ্কৰো ব্যৱহাৰ হয়।

(চ) বিজ্ঞানৰ দৰে সমাজতত্ত্বইও পর্যবেক্ষণত গুৰুত্ব দিয়ে।

(ছ) বিজ্ঞানৰ দৰে সমাজতত্ত্বতো পৰীক্ষাক অনুসন্ধানৰ এক অপৰিহাৰ্য আহিলা বুলি গণ্য কৰা হয়।

(জ) বিজ্ঞানৰ দৰেই বৰ্তমান সমাজতত্ত্বৰ অধ্যয়ন আৰু গৱেষণাৰ সুকীয়া পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

১১। সমাজতত্ত্বৰ সংজ্ঞা দিয়া আৰু বৰ্তমান ভাৰতীয় সমাজৰ প্ৰসংগত ইয়াৰ অধ্যয়নৰ গুৰুত্ব আলোচনা কৰা। (Define sociology and discuss the importance of studying it in the context of current Indian society?)

উত্তৰঃ সমাজতত্ত্ব এক সমাজ বিজ্ঞান, যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অৰ্থপূর্ণভাৱে বুজিবলৈ সম্ভৱপৰ হয়। ই সমাজৰ বিভিন্ন দিশ, যেনে- সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ, সামাজিক সম্প্রদায়, সমিতি আদিত প্রতিফলিত হোৱা সামাজিক আন্তঃক্রিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰে। সমাজতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘SOCIOLOGY। এই ‘SOCIOLOGY’শব্দটো ‘SOCIUS’ আৰু ‘LOGOS’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। ‘SOCIUS’ মানে সমাজ ‘LOGOS’ মানে বিজ্ঞান। অর্থাৎ উৎপত্তিৰ ফালৰ পৰা সমাজতত্ত্ব এক সামাজিক বিজ্ঞান। ১৮৩৯ চনত ফ্ৰান্সৰ সমাজ দার্শনিক আগষ্ট ক’টৰ হাতত সমাজতত্ত্বই জন্ম লাভ কৰে। আগষ্ট ক’ৰ্টৰ মতে, ‘সমাজ শাস্ত্ৰ’ হৈছে সমাজ পদ্ধতিৰ বিষয়ে বৈজ্ঞানিকভাবে অধ্যয়ন কৰা এক বিজ্ঞান।

সমাজতত্ত্ব সম্পর্কে বিভিন্ন সমাজবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত কেইজন মানৰ সংজ্ঞা তলত উল্লেখ কৰা হ’ল।

মাৰিচ জীন্সবার্গৰ মতে, “সমাজতত্ত্বই মানুহৰ সম্বন্ধৰ আন্তঃক্ৰিয়াৰ ফলাফলৰ বিষয়ে অধ্যয়ন কৰে।”

আৰ্ণল্ড গ্ৰীণৰ মতে, “সমাজতত্ত্ব হ’ল মানুহৰ সকলো সামাজিক সম্বন্ধ সাধাৰণীকৰণ আৰু একীভূত কৰা বিষয়।”

এইচ.এম.জনচনৰ মতে, “সমাজশাস্ত্ৰ হৈছে সামাজিক সমূহক লৈ অধ্যয়ন কৰা শাস্ত্ৰ।”

ইয়ং আৰু মেকৰ মতে, “সমাজতত্ত্ব সামাজিক জীৱন গঠন প্ৰণালীৰ বৈজ্ঞানিক অধ্যয়ন। ই আন্তঃক্ৰিয়াৰ জৰিয়তে সৃষ্টি হোৱা সামাজিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে।”

বর্তমান যুগত সমাজতত্ত্বই এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে। সমাজতত্ত্ব অবিহনে মানুহৰ সামাজিক জীৱনৰ সকলো দিশ সম্পর্কে সাধাৰণভাৱে অধ্যয়ন কৰা বিষয় নহয়। সমাজতত্ত্বই সামাজিক ঘটনা সম্পর্কে প্রকৃত সত্য উদ্ঘাটন কৰাত মন দিয়ে। সমাজতত্ত্বৰ দিনক দিনে ক্ৰমবিকাশ লাভ কৰাৰ ফলত বহুতো দিশত বিশেষীকৰণ হৈছে। বৃত্তি হিচাপে থকা সমাজতত্ত্বৰ কাৰ্যকৰী সমৰ্থ ইয়াৰ ঘাই কাৰণ। সমাজতত্ত্বৰ অধ্যয়ন বৈজ্ঞানিক পদ্ধতিৰে হোৱাৰ বাবেই নগৰ পৰিকল্পনা, ব্যৱসায়, যাতায়ত, বিজ্ঞাপন, প্রকাশন আদি প্রয়োজনীয় দিশ ব্যৱহাৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিব পৰা গৈছে। বৰ্তমান সমাজতত্ত্বৰ বৈজ্ঞানিক অধ্যয়ন প্রণালীক আন সমাজ বিজ্ঞান সমূহেও ভিত্তি হিচাপে গ্ৰহণ কৰা দেখা যায়।

সমাজতত্ত্বই মানুহৰ মৰ্যাদা আৰু সহজাত গুণাৱলীৰ বিকাশ সাধন কৰে। সমাজতত্ত্বই মানুহৰ মাজত একতাৰ ভাৱ জগাই তোলে। তদুপৰি মানৱ সংস্কৃতি চহকী কৰাত সমাজতত্ত্বৰ প্ৰভাৱ অসীম। সামাজিক চিন্তা, সামাজিক আচৰণ ক্রমোন্নতি আদিতো সমাজতত্ত্বৰ প্ৰভাৱ গুৰুত্বপূর্ণ। শৈক্ষিক বিষয় হিচাপেও সমাজতত্ত্বৰ প্ৰয়োজনীয়তা আছে। বৃত্তিমূলক বিষয় হিচাপেও সমাজতত্ত্বৰ গুৰুত্ব অনস্বীকার্য। সমাজতত্ত্বই সামাজিক জীৱন পদ্ধতি পৰিৱৰ্তন, স্তৰীকৰণ আদিৰ জৰিয়তে সমাজৰ সাম্প্ৰতিক ৰূপটো আলোচনা কৰে। সমাজতত্ত্বই ব্যক্তিৰ বিকাশত বিশেষ ভূমিকা পালন কৰে। সমাজতত্ত্বই শিশুৰ সামাজিকীকৰণ বিভিন্ন সংস্থাবিলাকৰ বিষয়ে আলোচনা কৰি এই সংস্থাবিলাকৰ লগত সম্বন্ধৰ স্বৰূপ আদিৰ বিষয়ে তথ্য প্রকাশ কৰে।

সমাজতত্ত্ব এক সমাজ বিজ্ঞান, ই সামাজিক জীৱনৰ প্ৰকৃত ৰূপটোও আলোচিত হয়। সমাজতত্ত্ব অবিহনে মানুহৰ জীৱনৰ সকলো দিশৰ সম্পৰ্কে আলোচনা কৰা, অধ্যয়ন কৰা বিষয় নাই। সেয়ে মানৱ সমাজত সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম।

ব্যক্তিৰ বিকাশ, শিশুৰ সামাজিকীকৰণ আদি বিভিন্ন সংস্থাবিলাকৰ বিষয়ে আলোচনা সমাজতত্ত্বই কৰে। ভাৰতবৰ্ষৰ দৰে দেশত সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম। ভাৰতীয় সমাজত ঘটা পৰিৱৰ্তন যেনে, জাতি-ব্যৱস্থা, যুটীয়া পৰিয়াল, জনসংখ্যা বৃদ্ধি, বৰ্দ্ধিত নিবনুৱা সমস্যা আদি সকলোবোৰ দিশ সমাজতত্ত্বই সামৰি লয়। সমাজতত্ত্বই মানুহৰ মৰ্যাদা আৰু সহজাত গুণাৱলীৰ বিকাশ সাধন কৰে। মানুহৰ মাজত একতাৰ ভাৱ জগাই তোলে।

সমাজতত্ত্ব এক নিৰপেক্ষ বিজ্ঞান। সমাজতত্ত্বৰ মতে বিশ্ব ব্ৰহ্মাণ্ডত ঘটিত হোৱা আন ঘটনাৰ দৰে সামাজিক ঘটনাসমূহ যেনে – অর্থনৈতিক গাঁথনি, ধর্ম্মীয় সংস্থা, সভ্যতাৰ ক্ৰমবিকাশ আদি সমাজত থকাৰ দৰে সামাজিক বিঘটন, নিবনুৱা সমস্যা, অপৰাধ, বেশ্যাবৃত্তি আদি প্রাকৃতিক ঘটনাও সমাজত থাকে। সমাজ ব্যৱস্থাই এই সকলোবোৰ সমস্যাৰ ওপৰত বাস্তৱ সত্য উদঘাটন কৰে। সমাজতত্ত্বৰ অধ্যয়ন বৈজ্ঞানিক পদ্ধতি হোৱাৰ বাবেই উদ্যোগ, নগৰ পৰিকল্পনা, ব্যৱসায় যাতায়ত, বিজ্ঞাপন, আদি প্ৰয়োজনীয় দিশ ব্যৱহাৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিব পৰা গৈছে।শৈক্ষিক বিষয় হিচাপেও সমাজতত্ত্বৰ প্ৰয়োজনীয়তা আছে। বৃত্তিমূলক বিষয় হিচাপেও সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম। মুঠৰ ওপৰত সমাজতত্ত্বৰ গুৰুত্ব মানৱ সমাজৰ এক গুৰুত্বপর্ণ বিষয়।

১২। সমাজতত্ত্ব কি? সমাজতত্ত্বক সমাজৰ বৈজ্ঞানিক অধ্যয়ন হিচাপে প্রতিষ্ঠা কৰা। (What is sociology? Establish sociology as a scientific study of society.)

উত্তৰঃ সমাজতত্ত্ব এনে এক বিজ্ঞান, যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অর্থপূর্ণভাৱে বুজিবলৈ সম্ভৱপৰ হয়। ই সমাজৰ বিভিন্ন দিশ, যেনে- সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ, সামাজিক সম্প্রদায়, সমিতি আদিত প্রতিফলিত হোৱা সামাজিক আন্তঃক্রিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰে। সমাজতত্ত্বৰ ইংৰাজী প্রতিশব্দ হৈছে ‘SOCIOLOGY’। এই ‘SOCIOLOGY’শব্দটো ‘SOCIO’ আৰু ‘LOGOS’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। ‘SOCIO’ মানে সমাজ ‘LOGOS’মানে বিজ্ঞান। অর্থাৎ উৎপত্তিৰ ফালৰ পৰা সমাজতত্ত্ব এক সামাজিক বিজ্ঞান। ১৮৩৯ চনত ফ্ৰান্সৰ সমাজ দার্শনিক আগষ্ট ক’টৰ হাতত সমাজতত্ত্বই জন্মলাভ কৰে। আগষ্ট ক’ৰ্টৰ মতে, ‘সমাজ শাস্ত্ৰ’ হৈছে সমাজ পদ্ধতিৰ বিষয়ে বৈজ্ঞানিকভাবে অধ্যয়ন কৰা এক বিজ্ঞান।

সমাজতত্ত্ব সম্পর্কে বিভিন্ন সমাজবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত কেইজনমানৰ সংজ্ঞা তলত উল্লেখ কৰা হ’ল।

মাৰ্চি জীন্সবার্গৰ মতে, “সমাজতত্ত্বই মানুহৰ সম্বন্ধৰ আন্তঃক্ৰিয়াৰ ফলাফলৰ বিষয়ে অধ্যয়ন কৰে।”

আৰ্ণল্ড গ্ৰীণৰ মতে, “সমাজতত্ত্ব হ’ল মানুহৰ সকলো সামাজিক সম্বন্ধ সাধাৰণীকৰণ আৰু একীভূত কৰা বিষয়।”

এইচ.এম.জনচনৰ মতে, “সমাজশাস্ত্ৰ হৈছে সামাজিক সমূহক লৈ অধ্যয়ন কৰা শাস্ত্ৰ।”

ইয়ং আৰু মেকৰ মতে, “সমাজতত্ত্ব সামাজিক জীৱন গঠন প্ৰণালীৰ বৈজ্ঞানিক অধ্যয়ন। ই আন্তঃক্ৰিয়াৰ জৰিয়তে সৃষ্টি হোৱা সামাজিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে।”

সমাজতত্ত্বৰ উৎপত্তিৰ কাৰণ, উদ্দেশ্য আদিৰ ফালৰ পৰা ইয়াৰ প্ৰকৃতি বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন সামাজিক ঘটনাবোৰ অধ্যয়ন কৰি আহিছে। 

গতিকে সমাজতত্ত্বক বিজ্ঞানসন্মত বিষয় বুলি কোৱাৰ যথেষ্ট থল আছে। যেনে—

(ক) সমাজতত্ত্বৰ সিদ্ধান্তবোৰো সাৰ্বজনীন প্ৰকৃতিৰ। এখন সমাজৰ ওপৰত থকা বা দিয়া সিদ্ধান্ত আন এখন সমাজত প্রযোজ্য।

(খ) বিজ্ঞানৰ চৰিত্ৰৰ দৰে সমাজতত্ত্বও এক সিদ্ধান্তধর্মী বিষয়। সমাজতত্ত্বই কোনো এটা বিষয় বা ঘটনা অধ্যয়ন কৰোঁতে তথ্য উদঘাটনতে ক্ষান্তনাথাকি বিশুদ্ধ সিদ্ধান্ত প্ৰকাশৰ বাবে যত্নবান হয়।

(গ) বিজ্ঞানৰ দৰে সমাজতত্ত্বও নিৰপেক্ষ বিষয়। গতিকে ইয়াক বিজ্ঞান বুলিব পাৰি।

(ঘ) বিজ্ঞানৰ দৰে সমাজতত্ত্বৰো সামাজিক ক্রিয়া, সামাজিক গতিশীলতা, সামূহিক আচৰণ আদি সিদ্ধান্তবোৰ নিৰীক্ষণীয় তথ্যপাতি, পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত।

(ঙ) বিজ্ঞানৰ দৰে সমাজতত্ত্বৰ সিদ্ধান্তবোৰো শ্ৰেণীবিভাজন কৰোঁতে সঘনে পৰিসংখ্যা বিজ্ঞানৰ সৈতে সম্পৰ্ক ৰখাৰ লগতে কোনো কোনো ক্ষেত্ৰত যুক্তি তর্কৰো ব্যৱহাৰ হয়। 

(চ) বিজ্ঞানৰ দৰে সমাজতত্ত্বইও পর্যবেক্ষণত গুৰুত্ব দিয়ে।

(ছ) বিজ্ঞানৰ দৰে সমাজতত্ত্বতো পৰীক্ষাক অনুসন্ধানৰ এক অপৰিহাৰ্য আহিলা বুলি গণ্য কৰা হয়।

(জ) বিজ্ঞানৰ দৰেই বৰ্তমান সমাজতত্ত্বৰ অধ্যয়ন আৰু গৱেষণাৰ সুকীয়া পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

১৩। সমাজশাস্ত্ৰৰ সংজ্ঞা দিয়া আৰু ইয়াৰ অন্তঃত পাঁচোটা অধ্যয়ন পদ্ধতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। (Define sociology and briefly discuss at least five of its study methods.)

উত্তৰঃ সমাজতত্ত্ব এনে এক বিজ্ঞান, যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অর্থপূর্ণভাৱে বুজিবলৈ সম্ভৱপৰ হয়। ই সমাজৰ বিভিন্ন দিশ, যেনে – সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ, সামাজিক সম্প্রদায়, সমিতি আদিত প্রতিফলিত হোৱা সামাজিক আন্তঃক্রিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰে। সমাজতত্ত্বৰ ইংৰাজী প্রতিশব্দ হৈছে ‘SOCIOLOGY’। এই ‘SOCIOLOGY’ শব্দটো ‘SOCIUS’ আৰু ‘LOGOS’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। ‘SOCIUS’ মানে সমাজ ‘LOGOS’মানে বিজ্ঞান। অর্থাৎ উৎপত্তিৰ ফালৰ পৰা সমাজতত্ত্ব এক সামাজিক বিজ্ঞান। ১৮৩৯ চনত ফ্ৰান্সৰ সমাজ দাৰ্শনিক আগষ্ট ক’টৰ হাতত সমাজতত্ত্বই জন্ম লাভ কৰে। আগষ্ট ক’টৰ মতে, ‘সমাজ শাস্ত্ৰ’ হৈছে সমাজ পদ্ধতিৰ বিষয়ে বৈজ্ঞানিক ভাবে অধ্যয়ন কৰা এক বিজ্ঞান।

সমাজতত্ত্ব সম্পর্কে বিভিন্ন সমাজবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত কেইজন মানৰ সংজ্ঞা তলত উল্লেখ কৰা হ’ল।

মাৰিচ জীন্সবার্গৰ মতে, “সমাজতত্ত্বই মানুহৰ সম্বন্ধৰ আন্তঃক্ৰিয়াৰ ফলাফলৰ বিষয়ে অধ্যয়ন কৰে।”

আৰ্ণল্ড গ্ৰীণৰ মতে, “ সমাজতত্ত্ব হ’ল মানুহৰ সকলো সামাজিক সম্বন্ধ সাধাৰণীকৰণ আৰু একীভূত কৰা বিষয়।”

এইচ.এম.জনচনৰ মতে, “সমাজশাস্ত্ৰ হৈছে সামাজিক সমূহক লৈ অধ্যয়ন কৰা শাস্ত্ৰ।”

ইয়ং আৰু মেকৰ মতে, “সমাজতত্ত্ব সামাজিক জীৱন গঠন প্ৰণালীৰ বৈজ্ঞানিক অধ্যয়ন। ই আন্তঃক্ৰিয়াৰ জৰিয়তে সৃষ্টি হোৱা সামাজিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে।”

সমাজতত্ত্বই সমাজতত্ত্বৰ বিজ্ঞানসন্মত আলোচনা কৰোতে তলত দিয়া পদ্ধতিসমূহ আলোচনা কৰে—

(ক) তুলনামূলক পদ্ধতিঃ এই পদ্ধতিৰে একেজাতীয় দুটা সামাজিক বিষয় ইটোৰ লগত সিটোৰ তুলনা কৰি অধ্যয়ন কৰা হয়। এই পদ্ধতিৰে অধ্যয়ন কৰি প্ৰণালীবদ্ধভাৱে তথ্য সংগ্ৰহত সুবিধা হয়, পদ্ধতিত খৰচৰ মাত্ৰাও কম হয় আৰু সামাজিক ঘটনাৰ কাৰণ নিৰ্ণয় কৰিব পাৰি। The Comparative method refers to the method of comparing different societies or groups within the same society to show whether and why they are similar or different in certain respect. সামাজিক গৱেষণা অধ্যয়নৰ ক্ষেত্ৰত এই পদ্ধতিটো হৈছে আটাইতকৈ পৌৰাণিক পদ্ধতি। এৰিষ্টটোলে এই পদ্ধতিটোক ৰাজনৈতিক পদ্ধতি অধ্যয়নৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছে। ঊনৈশ শতিকাত ই সমাজতত্ত্বৰ বাবে অতি আৱশ্যকীয় গৱেষণা পদ্ধতি হৈছে।

(খ) সাক্ষাৎকাৰ সূচীঃ এই পদ্ধতিত সাক্ষাৎকাৰীৰ লগত মুখামুখী সম্পৰ্কেৰে তথ্য সংগ্ৰহ কৰা হয়। ইয়াৰ বাবে কিছুমান প্রশ্নসূচী প্রস্তুত কৰা হয়।

(গ) প্রশ্নসূচী পদ্ধতিঃ এই পদ্ধতিৰে অধ্যয়ন কৰোতে প্রশ্নসূচী তৈয়াৰ কৰি উত্তৰ দাতাসকললৈ ডাকযোগে পঠোৱা হয়। কম খৰচতে এই পদ্ধতিৰে তথ্য সংগ্ৰহ কৰিব পাৰি।

(ঘ) জৰীপ পদ্ধতিঃ এই পদ্ধতিত অধ্যয়ন কৰিবলৈ হ’লে নির্বাচিত স্থানলৈ গৈ ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি তথ্য সংগ্ৰহ কৰা হয়।

(ঙ) অনুকৰণীয় পদ্ধতিঃ এই পদ্ধতিৰে খুটি-নাতি মাৰি অধ্যয়ন কৰিব পাৰি। এবাৰ অধ্যয়ন কৰা বিষয় এটাক পুনঃ পুনঃএই পদ্ধতিৰে অধ্যয়ন কৰিব পাৰি বাবেই এই পদ্ধতিটোৰ বস্তুনিষ্ঠতা বেছি আৰু এই পদ্ধতিত সামাজিক পৰিবৰ্তনৰ বিষয়ে জানিব পাৰি।

(চ) ঐতিহাসিক পদ্ধতিঃ সামাজিক পৰিবৰ্তনৰ বিষয়ে এই পদ্ধতিৰ দ্বাৰা জানিব পাৰি, ইয়াৰ কাৰণ নিৰ্ণয় কৰিব পাৰি। অতীতৰ সমাজ ব্যৱস্থাৰ মূল্যায়ন কৰিব পাৰি। ঐতিহাসিক পদ্ধতিত অতীতৰ লগত বৰ্তমানৰ তুলনা কৰিব পাৰি। ইয়াৰ সহায়ত অতীতৰ সামাজিক বিষয় অধ্যয়ন সামাজিক ঘটনাৰ কাৰণ নিৰ্ণয় কৰিব পাৰি।

(ছ) পর্যবেক্ষণ পদ্ধতিঃ সমাজ বিজ্ঞানত পর্যবেক্ষণ হৈছে এক গুৰুত্বপূৰ্ণ কৌশল। তথাপিতো পর্যবেক্ষণ যিকোনো বৈজ্ঞানিক অধ্যয়নৰ বাবে অতিকে প্রয়োজন। Science begins with observation and must ultimately return to observation for its final validation. পর্যবেক্ষণ সামাজিক গৱেষণাৰ পুৰণি আৰু আধুনিক কৌশল।

পর্যবেক্ষণৰ প্ৰকাৰঃ

(ক) অনিয়ন্ত্রিত, আংশিক পর্যবেক্ষণ।

(খ) অনিয়ন্ত্রিত অনাআংশিক পর্যবেক্ষণ।

(গ) পদ্ধতিগত নিয়ন্ত্রিত পর্যবেক্ষণ।

১৪। সমাজতত্ত্বৰ গুৰুত্ব সম্পর্কে এটি চমুটোকা যুগুত কৰা। (Give a brief overview on the importance of sociology.)

উত্তৰঃ সমাজতত্ত্ব সম্পর্কে বিভিন্ন সমাজবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰৰ কেইজন মানৰ সংজ্ঞা তলত উল্লেখ কৰা হ’ল।

মাচি জীন্সবার্গৰ মতে, “সমাজতত্ত্বই মানুহৰ সম্বন্ধৰ আন্তঃক্ৰিয়াৰ ফলাফলৰ বিষয়ে অধ্যয়ন কৰে।”

আৰ্ণল্ড গ্ৰীণৰ মতে, “ সমাজতত্ত্ব হ’ল মানুহৰ সকলো সামাজিক সম্বন্ধ সাধাৰণীকৰণ আৰু একীভূত কৰা বিষয়।”

এইচ.এম.জনচনৰ মতে, “সমাজশাস্ত্ৰ হৈছে সামাজিক সমূহক লৈ অধ্যয়ন কৰা শাস্ত্ৰ।”

ইয়ং আৰু মেকৰ মতে, “সমাজতত্ত্ব সামাজিক জীৱন গঠন প্ৰণালীৰ বৈজ্ঞানিক অধ্যয়ন। ই আন্তঃক্ৰিয়াৰ জৰিয়তে সৃষ্টি হোৱা সামাজিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে।”

বর্তমান যুগত সমাজতত্ত্বই এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে। সমাজতত্ত্ব অবিহনে মানুহৰ সামাজিক জীৱনৰ সকলো দিশ সম্পর্কে সাধাৰণভাৱে অধ্যয়ন কৰা বিষয় নহয়।

সমাজতত্ত্বই সামাজিক ঘটনা সম্পর্কে প্রকৃত সত্য উদঘাটন কৰাত মন দিয়ে। সমাজতত্ত্বৰ দিনক দিনে ক্রমবিকাশ লাভ কৰাৰ ফলত বহুতো দিশত বিশেষীকৰণ হৈছে। বৃত্তি হিচাপে থকা সমাজতত্ত্বৰ কাৰিকৰী সমৰ্থ ইয়াৰ ঘাই কাৰণ। সমাজতত্ত্বৰ অধ্যয়ন বৈজ্ঞানিক পদ্ধতিৰ হোৱাৰ বাবেইনগৰ পৰিকল্পনা, ব্যৱসায়, যাতায়াত, প্রকাশন আদি প্ৰয়োজনীয় দিশ ব্যৱহাৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিব পৰা গৈছে। বৰ্তমান সমাজতত্ত্বৰ বৈজ্ঞানিক অধ্যয়ন প্রণালীক আন সমাজ বিজ্ঞানসমূহেও ভিত্তি হিচাপে গ্ৰহণ কৰা দেখা যায়।

সমাজতত্ত্বই মানুহৰ মৰ্যাদা আৰু সহজাত গুণাৱলীৰ বিকাশ সাধন কৰে। সমাজতত্ত্বই মানুহৰ মাজত একতাৰ ভাৱ জগাই তোলে। তদুপৰি মানৱ সংস্কৃতি চহকী কৰাত সমাজতত্ত্বৰ প্ৰভাৱ অসীম। সামাজিক চিন্তা, সামাজিক আচৰণ, সামাজিক চিন্তা, ক্রমোন্নতি আদিতো সমাজতত্ত্বৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ। শৈক্ষিক বিষয় হিচাপেও সমাজতত্ত্বৰ প্ৰয়োজনীয়তা আছে। বৃত্তিমূলক বিষয় হিচাপেও সমাজতত্ত্বৰ গুৰুত্ব অনস্বীকার্য। সমাজতত্ত্বই সামাজিক জীৱন পদ্ধতি পৰিৱৰ্তন, স্তৰীকৰণ আদিৰ জৰিয়তে সমাজৰ সাম্প্ৰতিক ৰূপটো আলোচনা কৰে। সমাজতত্ত্বই ব্যক্তিৰ বিকাশত বিশেষ ভূমিকা পালন কৰে। সমাজতত্ত্বই শিশুৰ সামাজিকীকৰণৰ বিভিন্ন সংস্থা বিলাকৰ বিষয়ে আলোচনা কৰে আৰু এই সংস্থাবিলাকৰ লগত সম্বন্ধৰ স্বৰূপ আদিৰ বিষয়ে তথ্য প্ৰকাশ কৰে।

মানৱ সমাজত সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম। সমাজতত্ত্ব এক সমাজ বিজ্ঞান, ই সমাজৰ বিভিন্ন দিশ, যেনে- সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ, সামাজিক সম্প্রদায়, সমিতি আদিত প্রতিফলিত হোৱা সামাজিক আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰে। ই সামাজিক জীৱনৰ প্ৰকৃত ৰূপটোও আলোচিত কৰে। সমাজতত্ত্ব অবিহনে মানুহৰ জীৱনৰ সকলো দিশৰ সম্পৰ্কে আলোচনা কৰা অধ্যয়ন কৰা বিষয় নাই।

ব্যক্তিৰ বিকাশ, শিশুৰ সামাজিকীকৰণ আদি বিভিন্ন সংস্থাবিলাকৰ বিষয়ে আলোচনা সমাজতত্ত্বই কৰে। ভাৰতবৰ্ষৰ দৰে দেশত সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম। ভাৰতীয় সমাজত ঘটা পৰিৱৰ্তন যেনে, জাতি-ব্যৱস্থা, যুটিয়া পৰিয়াল, জনসংখ্যা বৃদ্ধি, বৰ্দ্ধিত নিৱনুৱা সমস্যা আদি সকলোবোৰ দিশ সমাজতত্ত্বই সামৰি লয়। সমাজতত্ত্বই মানুহৰ মৰ্য্যাদা আৰু সহজাত গুণাৱলীৰ বিকাশ সাধন কৰে। মানুহৰ মাজত একতাৰ ভাৱ জগাই তোলে।

সমাজতত্ত্ব এক নিৰপেক্ষ বিজ্ঞান। সমাজতত্ত্বৰ মতে বিশ্ব ব্ৰহ্মাণ্ডত ঘটিত হোৱা আন ঘটনাৰ দৰে সামাজিক ঘটনাসমূহ যেনে- অর্থনৈতিক গাঁথনি, ধর্ম্মীয় সংস্থা, সভ্যতাৰ ক্ৰমবিকাশ আদি সমাজত থকাৰ দৰেই সামাজিক বিঘটন, নিবনুৱা সমস্যা, অপৰাধ, বেশ্যাবৃত্তি আদি প্রকৃতিক ঘটনাও সমাজত থাকে। সমাজ ব্যৱস্থাই এই সকলোবোৰ সমস্যাৰ ওপৰত বাস্তৱ সত্য উদ্ঘাটন কৰে। সমাজতত্ত্বৰ অধ্যয়ন বৈজ্ঞানিক পদ্ধতি হোৱাৰ বাবেই উদ্যোগ নগৰ পৰিকল্পনা, ব্যৱসায়, যাতায়ত, বিজ্ঞাপন আদি প্রয়োজনীয় দিশ ব্যৱহাৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰিব পৰা গৈছে। শৈক্ষিক বিষয় হিচাপেও সমাজতত্ত্বৰ প্ৰয়োজনীয়তা আছে। বৃত্তিমূলক বিষয় হিচাপেও সমাজতত্ত্বৰ গুৰুত্ব অপৰিসীম। মুঠৰ ওপৰত সমাজতত্ত্বৰ গুৰুত্ব মানৱ সমাজৰ এক গুৰুত্বপূর্ণ বিষয়।

১৫। সমাজতত্ত্বৰ সমন্বাত্মক চিন্তাধাৰা দৃষ্টিভংগী সম্পৰ্কে চমুকৈ প্ৰকাশ কৰা। (Briefly describe the parallel thinking perspective of Sociology.)

উত্তৰঃ সমাজতত্ত্বৰ অধ্যয়নৰ সমন্বাত্মক চিন্তাধাৰাৰ অন্যতম পৃষ্ঠপোষক আগষ্ট ক’টে উল্লেখ কৰিছে যে সমাজতত্ত্বৰ অধ্যয়নৰ বিষয়বস্তু হ’ল সমগ্ৰ সমাজব্যৱস্থা। তেওঁ ‘সমাজ ব্যৱস্থাক’ অধ্যয়নৰ বিষয়বস্তু হিচাপে গণ্য কৰোঁতে সমাজৰ স্থায়িত্ব আৰু গতিশীলতাৰ বিষয়ে অধ্যয়ন কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছে। সমাজৰ স্থায়িত্বই কিছুমান সংস্থা, ইয়াৰ গঠন পদ্ধতি, আধাৰ আদিৰ সম্পৰ্কত বা অধ্যয়নক আৰু গতিশীলতাৰ ধাৰণাই এই সংস্থাসমূহৰ সামগ্ৰিক সময়ৰ গতিত অহা পৰিৱৰ্তনৰ অধ্যয়নক উল্লেখ কৰিছে। সংস্থা হিচাপে ধৰ্ম, পৰিয়াল, শ্রম বিভাজন, সামাজিক নিয়ন্ত্ৰণ আদিক চিহ্নত কৰিছে।

ইংলেণ্ডৰ সমাজ দার্শনিক হাবার্ট স্পেনচাৰে সমাজতত্ত্বৰ অধ্যয়নৰ বিষয়বস্তু হিচাপে সমাজক জীৱদেহৰ লগত তুলনা কৰি অধ্যয়ন কৰিব বিচাৰে। তেওঁৰ মতে জীৱৰ দেহটো বিভিন্ন অংগ-প্ৰত্যংগৰ দ্বাৰা সৃষ্টিৰ দৰে সমাজো কিছুমান অংগবিশেষৰ সমষ্টি।

সমন্বয়াত্মক চিন্তাধাৰাৰ অন্যতম পৃষ্টপোষক পিটিৰিম চ’ৰকিনে সমাজতত্ত্বৰ অধ্যয়ন ক্ষেত্রক মূলতঃ তিনিটা ভাগত বিভক্ত কৰিছে। যেনে –

(ক) বিভিন্ন প্ৰকাৰৰ সামাজিক ঘটনাৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন যেনে — পৰিয়াল আৰু নৈতিক আচৰণ, ধৰ্ম আৰু অৰ্থনীতিৰ মাজত থকা পাৰস্পৰিক সম্বন্ধৰ বিষয়ে অধ্যয়ন আদি।

(খ) সামাজিক আৰু অসামাজিক ঘটনাৰ মাজত থকা আন্তঃসম্বন্ধৰ বিষয়ে আলোচনা কৰা। যেনে — ভৌগলিক অৱস্থা আৰু জনসংখ্যা।

(গ) সকলো প্ৰকাৰৰ সামাজিক ঘটনাৰ সাধাৰণ চৰিত্ৰ সম্পৰ্কে অধ্যয়ন কৰা যেনে — প্রতিযোগিতা, সংঘর্ষ, সামাজিক পৰিৱৰ্তনশীলতা আদি।

এই গোষ্ঠিৰ অগ্ৰণী লেখক ইমাইল দুৰখেইমে সমাজতত্ত্বৰ অধ্যয়নৰ বিষয়বস্তুক ‘সামাজিক সংস্থা আৰু সামাজিক প্ৰক্ৰিয়া’ হিচাপে গণ্য কৰিছে। 

তেওঁ সমাজশাস্ত্ৰৰ অধ্যয়নৰ বিষয়বস্তু অনুসৰি মূলতঃ তিনিটা ভাগত বিভক্ত কৰিছে যেনে—

(ক) সামাজিক সংগঠন তত্ত্বঃ এই বিভাগত ভৌগলিক পৰিৱেশৰ লগত সামাজিক জীৱনৰ সম্পর্ক বিষয়ে অধ্যয়ন কৰে। এইক্ষেত্ৰত জনসংখ্যাৰ ঘনত্ব, বসতি, প্ৰব্ৰজন, ইত্যাদিৰ সম্পৰ্কত কৰা অধ্যয়নক উল্লেখ কৰিব পাৰি।

(খ) সামাজিক সংৰচনা তত্ত্বঃ এই বিভাগত জীৱনৰ বিভিন্ন দিশ সম্পৰ্কত অধ্যয়ন কৰা হয়; যেনে – ধর্ম, নৈতিকতা, পৰিয়াল, অর্থনৈতিক, ৰাজনৈতিক, শিক্ষা আদিৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে।

(গ) সাধাৰণ সমাজতত্ত্বঃ এই বিভাগ হৈছে সমাজতত্ত্বৰ দার্শনিক বিভাগ। ইয়াত সামাজিক জীৱনৰ বিভিন্ন ঘটনা, যেনে – সংঘর্ষ, প্রতিযোগিতা, সহযোগিতা, নগৰীকৰণ, পাশ্চাত্যকৰণ আদিৰ বিষয়ে অধ্যয়ন কৰি সেইবিলাকৰ ওপৰত সাধাৰণ লক্ষণ, সিদ্ধান্ত বা বিধি প্ৰকাশ কৰাৰ ওপৰত লক্ষ্য ৰাখে।

১৬। সামাজিক চিন্তাধাৰাৰ বিকাশ সম্পর্কে বহলাই আলোচনা কৰা। (Discuss in detail the development of social thought.)

উত্তৰঃ সমাজ বিৱৰ্তনৰ হাত ধৰিয়ে সামাজিক চিন্তাধাৰাৰ বিকাশ ঘটিছে। সমাজৰ বিকাশৰ লগে লগে মানুহৰ জ্ঞান, বিজ্ঞান চিন্তাধাৰা ইত্যাদিৰো প্ৰগতি হয়। সামাজিক চিন্তাধাৰাৰ শিপা অতীতৰ দুৰ্লভ অভিজ্ঞতাৰ পৰাই গঢ় লয়। আৰু এই কাৰণে অতীতৰ পৰা বৰ্তমানলৈকে সামাজিক চিন্তাধাৰাৰ এক বিশাল ইতিহাস আছে। 

সমাজ বিজ্ঞানীসকলে এই ইতিহাসক আলোচনাৰ সুবিধার্থে কেইটামান ভাগত ভাগ কৰিছে। যেনে—

(ক) আদিম সামাজিক চিন্তাঃ সমাজ সম্পৰ্কীয় প্রাথমিক চিন্তাধাৰাই আচলতে আদিম সমাজৰ চিন্তাপ্রসূত। আদিম সামাজিক চিন্তাধাৰাসমূহ বিচাৰি পোৱা যায় লোকসাহিত্য, লোকগীত, লোক-কাহিনী আদিৰ মাজত। মানৱ সমাজৰ আৰম্ভণিৰ লগে লগে সমাজ সম্পৰ্কীয় চিন্তাৰ উদয় হৈছিল। প্রাচীন দার্শনিকসকলে তেওঁলোকৰ চিন্তাধাৰাৰ বিকাশ ঘটাইছিল এইবোৰ লোকসাহিত্য, উপ-কাহিনী আদিৰ জৰিয়তে। অতীতৰ কাহিনীৰ পৰাই সেইসময়ৰ সমাজব্যৱস্থা, সমাজ গাঁথনি, সামাজিক দৰ্শন ইত্যাদিৰ আভাস পোৱা যায়।

(খ) ইজিপ্ত আৰু বেবিলনৰ সামাজিক চিন্তাধাৰাঃ ইজিপ্ত আৰু বেবিলনৰ সভ্যতা বহু পুৰণি। এই দুই সভ্যতাৰ লগত মিল আছে। সেই সময়ৰ চিন্তাধাৰাই আছিল সভ্যতাৰ সামাজিক নিদর্শন। তাত উদ্ধাৰ হোৱা উপাসনা গৃহই সেই সময়ৰ ৰজাৰ প্ৰস্থিতিৰ বিষয়ে জানিবলৈ দিয়ে। সেই সময়ৰ ৰজাক মানুহে ঈশ্বৰৰূপে উপাসনা কৰিছিল, পূজা কৰিছিল। সেই সময়ৰ বিচাৰকসকলে সমাজত অৱস্থিত দোষীবোৰক কঠিন শাস্তি দিছিল। সেই সময়ত দাস প্ৰথাৰো প্ৰচলন আছিল। সমাজৰ লোকসকলক বিভিন্ন শ্রেণীত বিভক্ত কৰা হৈছিল আৰু প্ৰতিটো শ্ৰেণীৰ বেলেগ বেলেগ কর্মবিভাজন আছিল। এই শ্রেণীসমূহৰ বিষয়ে বেবিলনৰ লোকসাহিত্যত উল্লেখ আছে। ইজিপ্তৰ সামাজিক চিন্তাধাৰাৰৰ লগত বেবিলনৰ সামাজিক চিন্তা-চৰ্চাৰ মিল আছে। ধর্মীয় বিশ্বাস আছিল বিজ্ঞানসন্মত আৰু এই গোটেইবোৰ কথা ইজিপ্ত আৰু বেবিলনৰ লোকসাহিত্যৰ পৰা গম পোৱা যায়।

(গ) প্রাচীন ভাৰতীয় সামাজিক চিন্তাধাৰাঃ প্রাচীন ভাৰতীয় চিন্তাচৰ্চা মূলত চাৰিটা দিশত আলোচনা কৰিব পৰা যায়।

১। কৰ্মৰ ওপৰত বিশ্বাসঃ প্রাচীন ভাৰতত কৰ্মই আছিল প্রধান। সেয়েহে কৰ্মৰ ওপৰত সকলোৰে বিশ্বাস আছিল। সেইসময়ত মানুহে কৰ্মৰ অনুসৰি ফল ভোগ কৰাত বিশ্বাস কৰিছিল। উপনিষদ, গীতা আদিত সৎকৰ্মৰ নিৰ্দেশ দিয়ে। কৰ্মৰ ওপৰত বিশ্বাসৰ জৰিয়তে আত্মাৰ মুক্তি লাভ হয় বুলি প্ৰাচীন ভাৰতীয় হিন্দুসকলে বিশ্বাস কৰিছিল।

২। বৰ্ণ ব্যৱস্থাঃ প্রাচীন ভাৰতীয় হিন্দু সমাজত সমাজৰ ব্যাক্তিসকলক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছিল — ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ। কৰ্ম বিভাজনৰ ওপৰত নিৰ্ভৰ কৰি এই শ্ৰেণীবিভাজন কৰা হৈছিল। সমাজৰ সৰ্বোচ্চ স্তৰত আছিল ব্ৰাহ্মণ। তেওঁলোকৰ কাম আছিল পূজা কৰা, ক্ষত্ৰিয়সকলৰ কাম আছিল দেশৰ শাসন আৰু প্ৰতিৰক্ষা কৰা। বৈশ্যৰ কাম আছিল ব্যৱসায়-বাণিজ্য কৰা আৰু শূদ্ৰ আছিল সবাতোকৈ নিম্ন স্তৰত। শূদ্ৰয়ে নিজৰ শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা বাকী তিনি শ্রেণীৰ কল্যাণ সাধন কৰিছিল।

৩। আশ্রম ব্যৱস্থাঃ প্রাচীন ভাৰতীয় ব্যক্তিসকলৰ জীৱন, চাৰিটা ভাগত বিভক্ত আছিল। সেইবোৰ হ’ল — ব্ৰহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

৪। সামাজিক সংস্থাঃ প্রাচীন ভাৰতীয় সাহিত্যত বহু সংস্থাৰ বিষয়ে উল্লেখ আছে। যেনে— বিবাহ, পৰিয়াল, ধৰ্ম, ৰাজনীতি, ইত্যাদি। সেই সময়ৰ ভাৰতীয় সমাজ নাৰীৰ প্ৰস্থিতি, সমাজৰ সদস্যসকলৰ প্ৰতি দায়বদ্ধতা আদি ক্ষেত্ৰত যথেষ্ট সজাগ আছিল।

(ঘ) গ্ৰীকৰ সামাজিক চিন্তাধাৰাঃ সভ্যতা আৰু চিন্তাধাৰা পুৰণি কালৰ। বিখ্যাত চিন্তাবিদ এৰিষ্ট’টল আৰু প্লেটো গ্ৰীকতেই জন্মিছিল। প্লেটোই পুৰুষ আৰু মহিলাৰ সমান অধিকাৰৰ সপক্ষে মত দিছিল। তেওঁ মানৱ সংগঠন জাতীয় বিভিন্ন সংগঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আৰু এৰিষ্ট’টলে প্রথমে কৈছিল যে মানুহ সামাজিক প্রাণী।

(ঙ) খ্রীষ্টীয় সামাজিক চিন্তাধাৰাঃ যীশুখ্ৰীষ্টৰ সময়ৰে পৰা বৰ্তমানলৈকে খ্ৰীষ্টীয় চিন্তাধাৰাৰ প্রধান পৃষ্ঠপোষক হ’ল যীশুখ্ৰীষ্ট। খ্ৰীষ্টীয় চিন্তাধাৰা গ্ৰীচৰ সমাজবাদৰ দ্বাৰা প্ৰভাৱিত হৈছিল। যীশুৰ মূল চিন্তাধাৰা আছিল বিশ্ব ভাতৃত্ববোধ। আৰু এই চিন্তাৰ মতে সকলো ব্যক্তিৰ লগত ভগৱানৰ সম্পৰ্ক আছে।

১৭। সামাজিক চিন্তাৰ ঐতিহাসিক ক্ৰমবিকাশ সম্পর্কে আলোচনা কৰা। (Discuss the historical evaluation of social thought.)

উত্তৰঃ সামাজিক চিন্তাৰ ক্ৰমবিকাশ সম্পর্কে আলোচনা কৰিবলৈ গৈ সমাজতাত্ত্বিকসকলে সামাজিক চিন্তাৰ ঐতিহাসিক ক্ৰমবিকাশক কেইটামান স্তৰত ভাগ কৰিছে। 

ভাগকেইটা হ’ল—

(ক) দার্শনিক স্তৰঃ এই স্তৰত দার্শনিকসকলৰ চিন্তাধাৰাত সমাজ প্ৰভাৱিত হৈছিল। প্লেটোৰ বিখ্যাত ‘The Republic’ নামৰ গ্ৰন্থখনত নীতিশাস্ত্ৰ আৰু নৈতিকতা, অধিভৌতিকতা ধৰ্ম, ৰাজনীতি আদি সকলো দিশতে দার্শনিক আলোচনা আগবঢ়াইছে। দার্শনিক এৰিষ্ট ‘টলে ৰাষ্ট্ৰৰ লক্ষ্য আৰু ক্ৰিয়া সম্পর্কে এক দার্শনিক বাখ্যা দাঙি ধৰিছিল। এৰিষ্ট’টলৰ ‘Ethics’ গ্ৰন্থত বৌদ্ধিক গুণ আৰু নৈতিক গুণ অভ্যাসৰ জৰিয়তে কেনেদৰে আহৰণ কৰিব পাৰি আৰু এই গুণবোৰে ব্যক্তিৰ আচৰণ কেনেদৰে নিয়ন্ত্ৰণ কৰে সেই সম্পর্কে আলোচনা কৰিছে।

এৰিষ্ট’টল আৰু প্লেটোৰ মাজত সামাজিক চিন্তাধাৰাৰ পাৰ্থক্য আছিল। প্লেটোৱে মানৱ সমাজৰ যিকোনো পৰিবর্তনকে দুর্নীতি বুলি অভিহিত কৰিছিল। আনহাতে এৰিষ্ট’টলে সামাজিক পৰিৱৰ্তনক এক বুনিয়াদী বিৱৰ্তনমূলক প্রক্রিয়া হিচাপে অভিহিত কৰিছিল। এৰিষ্ট’টলে সমাজৰ সংৰচনাত্মক দিশতকৈ সংৰচনাৰ প্ৰতি ব্যক্তিসমূহৰ দৃষ্টিভংগী কেনে তাৰ ওপৰতহে অধিক গুৰুত্ব দিব লাগে বুলি কৈছিল। এই দুয়ো দার্শনিকৰ দার্শনিক চিন্তা-চৰ্চাই সামাজিক চিন্তাৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছে। এইদৰেই পৃথিৱীৰ বিখ্যাত দার্শনিকসকলৰ চিন্তাচৰ্চাই লাহে লাহে বিকাশ লাভ কৰিবলৈ ধৰিলে।

(খ) খ্ৰীষ্টীয় নৈতিকতাৰ স্তৰঃ খ্ৰীষ্টধৰ্মৰ নীতি-নিয়ম সামাজিক চিন্তাক যথেষ্ট প্রভাৱান্বিত কৰিছিল। মানুহ ক্ৰমে যুক্তিবাদী হ’বলৈ আৰম্ভ কৰিছিল। সেয়ে এই স্তৰত ‘Logic and deductive reasoning’ ৰ আধাৰত সামাজিক ঘটনাসমূহ বিশ্লেষণ কৰা হৈছিল। সেইফালৰ পৰা দার্শনিক চেইণ্ট থমাছ অগাষ্টিন আৰু চেইণ্ট থমাছ একুইনাচ আদি দার্শনিকৰ নাম উল্লেখযোগ্য। অগাষ্টিনে মানুহক এক সামাজিক প্ৰাণী হিচাপে বাখ্যা কৰিছে। মানুহৰ প্ৰকৃতি এক সহজাত প্রবৃত্তি আৰু এই প্রবৃত্তিয়ে মানুহক সমাজ পাতি বসবাস কৰিবলৈ উদ্‌গনি যোগায়। তেওঁৰ মতে বিবাহ হ’ল পাৰস্পৰিক সংস্পৰ্শ আৰু বান্ধোনৰ এক সংস্থা। তেওঁ সামাজিক পৰিৱৰ্তনক চক্ৰীয় বা পুনৰাৱৰ্তনমূলক পৰিৱৰ্তন বোলাৰ পৰিৱৰ্তে এক সুকীয়া স্তৰলৈ অগ্ৰসৰ হোৱাৰ পৰিৱৰ্তন বুলিহে উল্লেখ কৰিছে। অগাষ্টিনে সামাজিক পৰিৱৰ্তনক বাইবেলীয় সৃষ্টি তত্ত্বৰ সৈতে তুলনা কৰিছে। তেওঁৰ দাৰ্শনিক মতবাদে সমাজৰ বিকাশ ঘটাইছিল। আন এজন দার্শনিক চেইনট থমাছ একুইনাচৰ চিন্তাচৰ্চাৰো খ্ৰীষ্টধৰ্মত প্ৰভাৱ পেলাইছিল।

(গ) ইউৰোপীয় নৱজাগৰণঃ ইউৰোপীয় নৱজাগৰণ আৰু সংস্কাৰ আন্দোলনে সামাজিক চিন্তাৰ বিকাশৰ নতুন দিশ উন্মোচিত কৰিলে। প্রায় ১৭ শতিকাৰ মাজভাগলৈকে চলা এই আন্দোলনে ইউৰোপীয় সমাজব্যৱস্থাত বহুতো পৰিৱৰ্তনৰ সূচনা কৰিলে। এই সময়ত সমাজ দার্শনিকসকলে ভাৱবাদ আৰু ধৰ্মীয় আধ্যাত্মবাদৰ পৰা আঁতৰি আহি যুক্তিযুক্ত আৰু বস্তুনিষ্ঠ দৃষ্টিভংগীৰে সমাজ আৰু সামাজিক ঘটনাবোৰৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ আৰম্ভ কৰিলে। দার্শনিক ফ্রেঞ্চিচ বেকনে দৈৱবাদী চিন্তাধাৰাৰে সমাজৰ প্ৰকৃত জ্ঞান আহৰণ কৰাটো অসম্ভৱ বুলি মত পোষণ কৰিছিল। তেখেতে সামাজিক ঘটনাৰ অধ্যয়নৰ বাবে পৰীক্ষামূলক পদ্ধতি আৰু সংযোজিত পদ্ধতি প্রয়োগ কৰাৰ বিষয়ে মত প্ৰদান কৰিছে। ১৬ শতিকাৰ আৰম্ভণিৰ পৰাই ইউৰোপীয় সমাজত বিকাশ লাভ কৰা প্ৰকৃতি বিজ্ঞানৰ প্ৰভাৱো সমাজ সম্পৰ্কীয় চিন্তা-চৰ্চাত পৰিবলৈ ধৰিলে। কপাৰনিকাচ, গেলিলিঅ’, নিউটন আদি বিজ্ঞানীসকলে নানা পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে প্রাকৃতিক বিজ্ঞানৰ সিদ্ধান্ত প্ৰকাশ কৰিলে। এইদৰে পৰ্যবেক্ষণ পৰীক্ষা, যুক্তিযুক্ত সংক্ষেপণ আদি পদ্ধতি প্ৰয়োগ কৰি সামাজিক ঘটনাৰ বাখ্যা কৰিবলৈ ল’লে।

(ঘ) ১৮ শতিকাৰ চিন্তাধাৰা বা প্রত্যক্ষবাদী স্তৰঃ এই সময়ৰ পৰাই সামাজিক চিন্তাধাৰাৰ অধিক যুক্তিবাদী বা প্রত্যক্ষবাদী স্তৰ আৰম্ভ হয়। জিয়ামবাস্তিষ্টা ভিকো নামৰ এজন সমাজদার্শনিক ১৭২৫ চনত ‘The New Science’ নামৰ গ্ৰন্থ প্ৰকাশ কৰে আৰু সেই গ্ৰন্থত তেওঁ সামাজিক আৰু সাংস্কৃতিক দিশবোৰ বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁৰ মতে মানৱ সমাজৰ বিষয়ে অধ্যয়ন কৰিবলৈ হ’লৈ মানুহক সঠিকভাৱে অধ্যয়ন কৰিব লাগিব। তেওঁ সমাজৰ উৎপত্তি, সামাজিক সংগঠন, সামাজিক পৰিৱৰ্তন আদিৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু সেই অধ্যয়ন ইতিহাস, আইন, ভাষা সাহিত্য আদিৰ পৰা তথ্য সংগ্ৰহ কৰিছিল।

ইতিহাস দৰ্শনৰ আধাৰত সমাজক ঐতিহাসিক পদ্ধতিৰে অধ্যয়ন কৰা হয়।

১৮। শিল্পবিপ্লবে কেনেকৈ সমাজতাত্ত্বিক চিন্তা গঠনত সহায় কৰিছে সংক্ষেপে আলোচনা কৰা। (Briefly discuss how the Industrial Revolution helped structure the sociological thinking.)

উত্তৰঃ সাধাৰণ মানুহে শিল্পবিপ্লৱ বুলিলে উৎপাদন প্রক্রিয়াত নতুন যন্ত্রপাতি, নতুন প্রযুক্তি বিদ্যাৰ প্ৰয়োগকে নিৰ্দেশ কৰে। সন্দেহ নাই যে অষ্টাদশ শতিকাত ইংলেণ্ডে নতুন যন্ত্ৰৰ আৱিষ্কাৰ আৰু নতুন উৎপাদন প্রযুক্তিৰ ব্যৱহাৰ শিল্পায়নৰ ক্ষেত্ৰত মৌলিক পৰিৱৰ্তন সাধনত সহায়তা কৰিছে। কিন্তু শিল্পবিপ্লৱৰ বৈপ্লৱিক ৰূপটো প্ৰকাশ পাইছে প্রধানত শিল্পকৰ্মৰ পদ্ধতিগত পৰিৱৰ্তনৰ মাজত। সুনির্দিষ্টভাৱে ক’বলৈ গ’লে ‘কাৰখানা ব্যৱস্থাৰ’ প্ৰৱৰ্তনেই হ’ল শিল্পকর্মত বিপ্লৱ। অর্থাৎ শিল্পবিপ্লৱৰ বৈপ্লৱিক প্ৰক্ৰিয়াটো প্রকাশ পাইছে ক্রমবৰ্দ্ধমান কাৰখানা ভিত্তিক উৎপাদনকর্ম পৰিচালনাৰ মাজেদি।

অতীতত ব্যক্তিগত প্ৰচেষ্টাত বা অল্পসংখ্যক মানুহৰ শ্ৰম নিৰ্ভৰ যে ক্ষুদ্ৰ উৎপাদন ব্যৱস্থা আছিল তাক অতিক্ৰম কৰি কল-কাৰখানা ভিত্তিক বৃহদায়তন শিল্প-পণ্য উৎপাদনৰ ব্যৱস্থা হৈছিল। উন্নত যন্ত্রপাতিৰ সহায় লৈ ‘শ্রম বিভাজন’ আৰু ‘কামৰ বিশেষীকৰণ’ পদ্ধতিৰ মাধ্যমেদি বহু শ্রমজীৱী মিলিতভাৱে পণ্য উৎপাদনত যি পৰিমাণগত আৰু গুণগত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে সেইটো এক কথাত অভূতপূৰ্ব। শিল্পৰ বিপ্লৱ হ’ল মানুহৰ এই যৌথ প্ৰচেষ্টাৰ সংগঠন, কাৰখানা ভিত্তিক উৎপাদন কৰ্ম পৰিচালনা কৰি পণ্যৰ উৎকৰ্ষ আৰু পণ্যৰ পৰিমাণ বৃদ্ধিত অভাৱনীয় উন্নতি সাধন কৰা।

শিল্পবিপ্লৱৰ সুদূৰপ্ৰসাৰী ফলাফলৰ কাৰণে মানুহে সমাজক স্বতন্ত্রভাৱে অনুধাৱন কৰাৰ, সামাজিক বিষয়বোৰক বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। প্রধানত যি বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল সেয়া হ’ল শিল্প উৎপাদনক কেন্দ্ৰ কৰি অসংখ্য মানুহৰ সমাবেশ। বিশিষ্ট সমাজতাত্ত্বিক এনথোনি গিডেনচ্ এ কৈছে, শিল্পবিপ্লৱৰ পৰিচয় সামান্যভাৱে নিহিত হৈ আছে প্রযুক্তিগত উদ্ভাৱনৰ মাজত, তেওঁৰ মতে শিল্পবিপ্লৱৰ মূল পৰিচয় পোৱা যায় বিভিন্ন অঞ্চলৰ পৰা কল-কাৰখানা এলেকাত অবিৰাম অসংখ্য মানুহৰ প্ৰব্ৰজন প্ৰক্ৰিয়াত। সহযোগিতাৰ ভিত্তিত, সমবেতভাৱে, কামত নিযুক্ত থকাৰ ফলত কৰ্মস্থলৰ ওচৰাওচৰি বাসস্থানৰ প্ৰয়োজনীয়তা দেখা যায়। সেয়েহে কল-কাৰখানা এলেকাত দ্রুত বসতি গঢ়ি উঠিবলৈ আৰম্ভ হয়। শিল্পাঞ্চলবোৰ ক্ৰমে শিল্পনগৰীত ৰূপান্তৰিত হ’ব ধৰে। শিল্পায়ন আৰু নগৰায়নৰ এক যুগপৎ প্রক্রিয়া নতুন সমাজজীৱনধাৰা বিস্তাৰ কৰে। এই নতুন সমাজ, নতুন জীৱনধাৰাই লগত লৈ আহে নতুন নতুন প্রশ্ন, নতুন সমস্যা আৰু নানাবিধ সৰল আৰু জটিল আন্তঃমানৱিক সম্পর্ক। শিল্পায়ন আৰু নগৰায়নৰ লগত আধুনিকীকৰণৰও প্ৰসাৰ ঘটে। সামগ্রিকভাৱে সমাজৰ গাঁথনিত, সামাজিক সম্পৰ্কৰ মাজত পৰিৱৰ্তন প্রক্রিয়া প্রকট হয়।

শিল্পৰ প্ৰসাৰৰ ফলত গাঁৱৰ পৰা চহৰলৈ এক নিৰৱচ্ছিন্ন প্ৰব্ৰজন প্ৰক্ৰিয়া ঘটি থাকে। ফলত উভয় দিশতেই ভাৰসাম্য নষ্ট হয়। পুৰণি পৰিয়াল ব্যৱস্থা, পুৰণি সামাজিক নিয়ন্ত্রণ ব্যৱস্থা, পুৰণি বিশ্বাস আৰু মূল্যবোধৰ পৰিৱৰ্তন হৈ গৈ নতুন জীৱনধাৰাৰ সূত্রপাত হয়। এইসমূহ পৰিৱৰ্তন প্রক্রিয়া অনুধাৱন কৰিহে সমাজতাত্ত্বিক ব্যাখ্যা বিশ্লেষণ আৰু সমাজচিন্তা বিকশিত হৈছে। শিল্পবিপ্লৱে যি সমাজ পৰিৱৰ্তনৰ ধাৰা প্ৰবাহিত কৰিছিল তাক অনুধাৱন আৰু তাৰ তাৎপর্য বিবেচনা কৰিবলৈ গৈ নানা ধৰণৰ লেখক আৰু চিন্তানায়কে সমাজত্ত্বৰ প্ৰাথমিক ভিত্তিবোৰ তৈয়াৰ কৰিছিল।

আচলতে শিল্পবিপ্লৱৰ প্ৰধান বিষয়টোনো কি, ১৭৬০ চনৰ পৰা ১৮২০ চনলৈকে শিল্পবিপ্লৱৰ প্রথম অধ্যায়টোলৈ লক্ষ্য কৰিলে বিষয়টো অনুধাৱন কৰা যাব। ১৭৬০ চনৰ আগত শিল্প উৎপাদনত এটাই ৰীতি আছিল যে গাঁৱত বসবাসকাৰী শিল্পীকৰ্মীসকলৰ ওচৰত কেঁচামাল পঠিয়াই দিয়া হ’ব আৰু উৎপাদিত পণ্যটো তাৰ পৰা বজাৰলৈ লৈ যোৱা হ’ব। ১৮২০ চনৰ পিছত এই বিষয়চিত্ৰটোৰ পৰিৱৰ্তন হৈ যাৱতীয় উৎপাদন কার্য ফেক্টৰী বা কাৰখানাত হ’বলৈ ধৰিলে। ১৭৬০ ৰ পৰা ১৮২০ লৈ এই ষাঠি বছৰত উৎপাদন প্ৰক্ৰিয়াৰ এই যে পৰিৱৰ্তন হ’ল তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আজিও আছে। সমাজ-গাঁথনি আৰু সামাজিক সম্পৰ্কৰ দিশৰ পৰাই এই পৰিৱৰ্তনৰ ফলাফল আছিল ব্যাপক। সাধাৰণভাৱে বৃহত্তৰ সমাজত গাঁও আৰু চহৰৰ প্ৰাধান্য হ্রাস পাবলৈ ধৰিলে, গাঁৱলীয়া সমাজৰ গাঁৱলীয়া পৰিয়াল ব্যৱস্থাৰ গাঁথনিবোৰ ভাঙিবলৈ আৰম্ভ কৰিলে। চহৰৰ শিল্পাঞ্চলবোৰত কাৰখানা প্রধান এলেকাৰ গুৰুত্ব দ্রুত বৃদ্ধি পাবলৈ ধৰিলে। এই পৰিৱৰ্তন প্রক্রিয়াত এফালে যেনে সম্পদ আৰু সভ্যতাৰ প্ৰসাৰ ঘটিল, তেনে আনফালে নতুন সভ্যতাৰ অশুভ দিশবোৰ (যেনে- অপৰাধ প্ৰৱণতা, শোষণ-অত্যাচাৰ, বৈষম্যজনিত সমস্যা আদি) উত্তৰোত্তৰ প্ৰকট হৈ পৰিল। শিল্পবিপ্লবোত্তৰ সমাজতাত্ত্বিক চিন্তা-ভাৱনাত এই পৰিৱৰ্তনশীল সমাজ জীৱন ধাৰাৰ ব্যাখ্যা-বিশ্লেষণ বিকশিত হৈ থাকিল। তাত্ত্বিক আলোচনাৰ লগতে ক্ষেত্রসমীক্ষা ভিত্তিক সমাজতত্ত্বত্ত্বও বিস্তাৰ ঘটিল নানা দেশৰ গৱেষণা সংস্থা আৰু বিশ্ববিদ্যালয়বোৰত।

১৯। জ্ঞানদীপ্তধাৰা (Enlightenment) কি হিচাপত সমাজতাত্ত্বিকভাৱনা চিন্তাৰ প্ৰাথমিক পৰ্ব বুলি চিহ্নিত হ’ব পাৰে সেয়া সংক্ষেপে ব্যাখ্যা কৰা। (Explain what enlightenment can be identified as the earliest stages of sociological thought.)

উত্তৰঃ ফৰাচী দেশৰ এনলাইটেন্‌মেন্ট (Enlightenment) বা জ্ঞানদীপ্ত ধাৰা নামক বৌদ্ধিক আন্দোলনক সমাজতাত্ত্বিক চিন্তাৰ প্ৰথম স্তৰ বুলি চিহ্নিত কৰিব পৰা যায়। অষ্টাদশ শতিকাৰ ফৰাচী দেশৰ এই জ্ঞানদীপ্ত ধাৰাৰ প্ৰৱৰ্তকগণ আগৰ চিন্তাবিদসকলৰ তুলনাত বহু বেছি ৰীতিধাৰক আছিল আৰু তেওঁলোকে সুসংবদ্ধভাৱে মানুহৰ অৱস্থান আৰু অৱস্থাৰ আলোচনা-পর্যালোচনা আৰম্ভ কৰিছিল। এওঁলোকেই প্রথম সচেতনভাৱে বৈজ্ঞানিক নীতি প্রয়োগ কৰি মানুহৰ সমাজ আৰু মানুহৰ প্ৰকৃতি বিশ্লেষণৰ প্ৰয়াস কৰিছিল।

এনলাইটনমেণ্ট ধাৰাক সমাজতাত্ত্বিক চিন্তাৰ প্ৰাৰম্ভিক পৰ্ব বুলি নিৰ্দেশ কৰাৰ প্ৰধান কাৰণ হ’ল সেই সময়ৰ পৰাই সামাজিক প্রতিষ্ঠানিক ব্যৱস্থাবোৰ যুক্তি-বুদ্ধিৰ নিৰিখত বিবেচিত আৰু বিশ্লেষিত হৈছিল। মানুহ বিচাৰ-বুদ্ধিসম্পন্ন জীৱ। যুক্তি বিচাৰেই মানুহক প্রকৃত মুক্তিৰ আৰু স্বাধীনতাৰ পথ দেখুৱাব পাৰে। এই ধৰণৰ প্ৰত্যয় প্ৰকাশ কৰি আৰু সদায় এক সমালোচনামূলক দৃষ্টিভংগী তথা মানসিকতাক প্রাধান্য দি এনলাইটনমেণ্টৰ মানুহবোৰে বৈজ্ঞানিক বিচাৰ-বিশ্লেষণক সমাজ-সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰতেও আৱশ্যক কৰি তুলিছিল। ১৭৮৯ চনৰ ফৰাচী দেশৰ বুর্জোৱা গণতান্ত্রিক বিপ্লৱৰ উৎস, যেনে — সেই দেশৰ জ্ঞানদীপ্ত ধাৰা।

জ্ঞানদীপ্ত ধাৰাই বিশেষভাৱে এই প্রত্যয়টো উপস্থাপিত কৰে যে মানুহেই বিশ্বপ্রকৃতি অনুধাৱনত, বিশ্ববহস্য উন্মোচনত সক্ষম। মানুহে তাৰ নিজৰ প্ৰয়োজনত বিশ্ব প্রকৃতিক বা প্রাকৃতিক সম্পদক, ব্যৱহাৰ কৰিব পাৰে। মানুহৰ এই ক্ষমতাৰ ভিত্তি হ’ল তাৰ যুক্তি-বুদ্ধি। যুক্তি-বুদ্ধিৰ অধিকাৰী হোৱাৰ ফলত মানুহে বিশ্বপ্ৰকৃতিৰ গতিপ্রকৃতি সংক্রান্ত নিয়মবোৰ আৱিষ্কাৰ কৰে আৰু সেইমতে তাৰ জীৱনযাত্ৰা পৰিচালনাত সক্ষম হৈ সমাজ-সংস্কৃতিক নতুন কৰি সংগঠিত কৰিব পাৰিলে।

বিজ্ঞান আৰু যুক্তি বিদ্যাত আস্থাশীল জ্ঞানদীপ্ত মানুহবোৰে সেয়েহে সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আৰু নৈতিক প্রতিষ্ঠানবোৰক যুক্তি-বিচাৰৰ নিৰিখে বিশ্লেষণ কৰে যিটো গ্রহণযোগ্য বা যুক্তিগ্রাহ্য নহয়, সেইবোৰ বৰ্জন কৰাৰ প্ৰস্তাবহে দিছিল। এনেদৰে এনলাইটনমেণ্ট ইউৰোপীয় সমাজত পৰিৱৰ্তন আৰু প্ৰগতিৰ সন্ধান দিছিল। এওঁলোকৰ প্ৰধান অস্ত্ৰ আছিল সমালোচনা। সন্দেহ নিক্ষেপৰ মাধ্যমেদি সত্যত উপনীত হোৱাৰ যি পদ্ধতিৰ সন্ধান দিছিল বেনে ডেকার্তে, সেইটোৱে জ্ঞানদীপ্ত চিন্তানায়কসকলক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। সেয়েহে কোনো কুসংস্কাৰ, অন্ধবিশ্বাস বা বদ্ধমূল ধাৰণাৰ ভিত্তিত পৰিচালিত নহৈ কেৱলমাত্ৰ যুক্তি-বুদ্ধিক আশ্ৰয় কৰি সমাজ জীৱন যাপন কৰাৰ কথা তেওঁলোকে কৈছিল। তেওঁলোকে মানুহৰ স্বাধীন চিন্তাৰ অধিকাৰৰ দাবীৰ কথাও কৈছিল। তেওঁলোকৰ মতে সামন্ত প্রভূতৰ বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা অযৌক্তিক আৰু অনৈতিক। তেওঁলোকে আকৌ নৈতিকতাৰ প্ৰশ্নত ধৰ্মনিৰপেক্ষতাৰ সমৰ্থক, ডেকাৰ্তৰ দৰ্শনে তেওঁলোকক আকৃষ্ট কৰিলেও তেওঁলোক কিন্তু নিউটনীয় কার্যপদ্ধতিৰ প্ৰতি অনেক বেছি শ্রদ্ধাবান আছিল। 

অবৰোহ পদ্ধতিৰ তুলনাত নিউটনীয় বিশ্লেষণ পদ্ধতিয়ে জ্ঞানদীপ্ত চিন্তানায়কসকলক বহু বেছি প্ৰভাৱিত কৰিছিল তথা অনুসন্ধান, অভিজ্ঞতা, পর্যবেক্ষণ এক কথাত ইন্দ্ৰিয় প্রত্যক্ষ জ্ঞানৰ ভিত্তিতেই তেওঁ বৈজ্ঞানিক বিশ্লেষণ আৰু বৈজ্ঞানিক নীতি নিৰ্দ্ধাৰণৰ চেষ্টা কৰিছে। বস্তুজাত সাৰ্বজনীন বিধিৰ দ্বাৰা নিয়ন্ত্রিত একতা বৈজ্ঞানিক অনুমানৰ ভিত্তিতেই নিউটনে দেখুৱাইছে যে বিশ্বৰ ঘটনাৱলী আচলতে পার্থিব জগতৰ উপাদানহে। কনডিলাক. ডি. এলেমবার্ট প্রমুখ জ্ঞানদীপ্ত চিন্তানায়কসকলে এই নিউটনীয় বিজ্ঞানৰ সামাজিক আৰু বৌদ্ধিক প্ৰগতিৰ চৰ্তবোৰ বিচাৰ কৰিছে। সমালোচনামূলক যুক্তিবাদী দৃষ্টিভংগীৰ লগত সদৰ্থক বিজ্ঞানবাদক যুক্ত কৰি জ্ঞানদীপ্ত চিন্তানায়কসকলে যি বিচাৰ-বিশ্লেষণ আৰম্ভ কৰিছিল সেয়া নিঃসন্দেহে সমাজতাত্ত্বিক চিন্তাভাৱনাৰ প্ৰথম স্তব বুলি অভিহিত হ’ব পাৰে। যুক্তি আৰু পৰ্যবেক্ষণ (Reason and observation) উভয়ৰেই কেৱল সত্যত উপনীত হোৱা যায়। এই নিউটনীয় বৈজ্ঞানিক দর্শনে যেনেকৈ এনলাইটনমেণ্টৰ প্ৰত্যয় হৈ থিয় দিছিল তেনেকৈ ই অষ্টাদশ শতিকাৰ সমাজদর্শন তথা সমাজতাত্ত্বিক চিন্তাভাৱনাৰও ভিত্তি প্রস্তুত কৰিছিল।

২০। সমাজতাত্ত্বিকভাৱনা-চিন্তাৰ বিকাশে ভিকো, ফাৰণ্ডচন আৰু মিলাৰৰ অৱদান আলোচনা কৰা। (Discuss the contributions of Viko, Ferguson and Miller to the development of sociological thought.)

উত্তৰঃ গিয়ামবাতিস্তা ভিকো (১৬৬৮-১৭৭৪) ১৭২৫ চনত দি নিউ চায়েঞ্চ (The new science) নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে। সমাজচিন্তামূলক এই গ্ৰন্থত মানুহৰ সংস্কৃতিৰ ইতিহাস আলোচনা কৰা হৈছে তুলনামূলক বিশ্লেষণৰ সহায়ত। তাত কোৱা হৈছে ধর্ম, সম্পত্তি, ভাষা আৰু শিল্প সাহিত্যৰ উত্থানৰ কথা। ১৭৪৮ চনত মণ্টেস্কুৰ ‘The Spirit of the Laws’ প্ৰকাশ পোৱাৰ কিছুকাল আগত ১৭৪৪ চনত ভিকোৰ গ্ৰন্থটোৰ তৃতীয় সংস্কৰণ প্রকাশিত হৈছিল। এলান চুইনজউডৰ মতে (Alan Swingewood) ভিকো আৰু মণ্টেস্কুৰ এই দুখন গ্রন্থই সর্বপ্রথম সমাজক সংগঠিত ব্যৱস্থা হিচাপে উপস্থাপিত কৰিছে আৰু নির্দিষ্ট ঐতিহাসিক স্তৰৰ লগত সমাজৰ সংস্কৃতি মূল্যবোধ আৰু প্রাতিষ্ঠানিক ব্যৱস্থাবোৰৰ সম্পৰ্ক নিৰ্দেশ কৰিছে। পৃথিৱীৰ ইতিহাস সকলোৰে বাবে বোধগম্য কৰাৰ প্ৰয়াসত ইতিহাসৰ ত্ৰিবিধ স্তৰ বা তিনিটা স্বতন্ত্ৰ পৰ্যায়ৰ কথা কৈছে — প্রথমতে, দৈব পর্যায় (age of Gods) দ্বিতীয়তে, বীৰপুৰুষসকলৰ পর্যায় (age of the Heroes) আৰু তৃতীয়তে, মানুহৰ পৰ্যায় (age of men)। নৱতম পৰ্যায়ত ভিকোই মানুহৰ সৃজনশীল সক্রিয়, ভূমিকাৰ কথা উল্লেখ কৰিছে। পৌৰসমাজ মানুহৰে সৃষ্টি। সমাজৰ নিৰ্দিষ্ট ঐতিহাসিক স্তৰ আছে — সামাজিক প্রতিষ্ঠানবোৰ আৰু মানৱিক সম্পৰ্কসমূহ মানুহৰেই সচেতন ক্রিয়াকলাপৰ ফল। 

এই আধুনিক প্ৰত্যয়বোৰ ভিকোই দাঙি ধৰে। হবচ্‌, লক্ প্রমুখ চুক্তিবাদীসকলৰ অনৈতিহাসিক দৃষ্টিভংগীৰ বিৰুদ্ধাচৰণ কৰি ভিকোই  পৰিৱৰ্তনশীল মানৱ প্ৰকৃতিৰ কথা কয় আৰু মানুহৰ বিচিত্ৰ আৰু সমৃদ্ধ ঐতিহ্যৰ উল্লেখ কৰে। সমাজবিজ্ঞানৰ ক্ষেত্ৰত তেওঁ এক অসাধাৰণ নীতি নিৰ্দেশ কৰে। তেওঁ কয় যে, মানুহে কেৱল সেইবোৰ বিষয়েই জানিব পাৰে যি মানুহৰ তথা সমাজৰে সৃষ্টি। ভিকোৰ মানৱতাবাদী ইতিহাস দর্শনক হেগেল আৰু মার্ক্সৰ ইতিহাস দৰ্শনৰ পূৰ্বসূচক বুলি চিহ্নিত কৰিব পাৰে। অনুবাদী ব্যক্তিস্বাতন্ত্রবাদ বৰ্জন কৰি তেওঁ যি সামগ্রিক গঠনগত নীতিৰ ভিত্তিত সমাজক অনুধাৱন কৰাৰ কথা কৈছে সেইটোৱে ঊনবিংশ শতিকাৰ সমাজতত্ত্বৰ কৰ্ণধাৰসকলক বিশেষভাৱে প্ৰভাৱিত কৰিছিল।

ফাৰগুচন আৰু জন্‌ মিলাৰ — ফাগুচন আৰু জন মিলাৰে সমাজ চিন্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান ৰাখিছে। অষ্টাদশ শতিকাৰ শেষ নোহোৱালৈকে অৰ্থশাস্ত্ৰ আৰু ইতিহাসৰ পৰা সমাজতত্ত্বক পৃথক কৰাৰ কোনো ব্যৱস্থা নাছিল। যেনে- আদাম স্মিথৰ মাজত অর্থনীতি, দৰ্শন আৰু সমাজ চিন্তাৰ এক অপূৰ্ব সংমিশ্রণ দেখা যায়। সেয়ে স্কটলেণ্ডৰ বুদ্ধিজীৱীসকলে সাধাৰণতে মন কৰিছিল যে সমাজ হ’ল ঐতিহাসিক অনুসন্ধান আৰু বিশ্লেষণৰ বিষয়। এই সকলোৰে উৰ্দ্ধত তেওঁলোকে সমাজ পৰিৱৰ্তনৰ কাৰণ সম্পৰ্কে আৰু এক ধৰণৰ সমাজৰ পৰা আন এক সমাজলৈ উত্তৰণৰ প্ৰক্ৰিয়া সম্পৰ্কে আগ্ৰহী আছিল। মিলাৰে লক্ষ্য কৰিছিল যে মানৱ সমাজৰ ক্ৰম পৰিৱৰ্তন হৈছে অমার্জিত, অনুন্নত স্তৰৰ পৰা উন্নত মাৰ্জিত স্তৰলৈ। ফাৰগুচনে উল্লেখ কৰিছে অসভ্য, বৰ্বৰ আৰু উন্নত সমাজৰ ক্ৰমোচ্চ স্তৰৰ কথা। ফাৰণ্ডচন আৰু মিলাৰ উভয়ে সামাজিক স্তৰবিন্যাস সম্পৰ্কে অৱগত আছিল। স্তৰবিন্যাসৰ লগত শ্রমবিভাজন ব্যৱস্থা সম্পর্কে তেওঁলোকে আলোচনা কৰিছে। তেওঁলোকৰ মতে সমাজৰ সংস্কৃতিগত প্ৰগতিৰ উৎস হ’ল শিল্পায়নগত পৰিৱৰ্তন।

মানুহৰ ক্ষমতা আৰু তৎপৰতাৰ প্ৰতি ফাৰণ্ডচনে বিশেষ আস্থা ৰাখিছিল। তেওঁ লিখিছিল — “The most animating occasions of human life, are calls to danger and hardship, not invitations to safety and case” অর্থাৎ তেওঁৰ মতে মানুহৰ মূল পৰিচয় নিহিত থাকে আমাৰ-অলস জীৱনত নহয়, বৰং বিপদাৱস্থা আৰু কঠোৰ পৰিশ্ৰমৰ মাজত। মণ্টেস্কুৰ পিছত ফৰাচী জ্ঞানদীপ্ত ধাৰাৰ যি অনুবাদী (atomic) ব্যক্তিস্বাতন্ত্রবাদ প্রকাশ পাইছিল তাত সমাজতাত্ত্বিক ধাৰাটো কিছুক্ষেত্ৰত দুৰ্বল হৈ পৰে। আনফালে ফাৰণ্ডচনে পৌৰ সমাজৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু সমাজতাত্ত্বিক দৃষ্টিভংগীৰ প্ৰসাৰত সহায় কৰে। ক’ব পৰা যায় ভিকোৰ দৰেই ফাৰণ্ডচন আৰু মিলাৰে মানৱ সমাজ বিজ্ঞানৰ ভিত্তি ৰচনা কৰিছিল আৰু সেই বিজ্ঞানৰ মূল প্রশ্ন আৰু সমস্যাৱলীৰ ইংগিত দানত সক্ষম হৈছিল।

সমাজতাত্ত্বিক অনুশীলনৰ এটা কৰ্ম হিচাপে তেওঁ কর্পোৰেচন, স্কুল আৰু বিশ্ববিদ্যালয়সমূহৰ লগত কাম কৰিছে। তেওঁলোকে লগত কাম কৰিবলৈ গৈ তেওঁলোকৰ বিভিন্নতাৰ বিষয় লৈ কাম কৰিছে। সহজ অৰ্থত, বিভিন্নতা হ’ল বিশ্বৰ বিভিন্ন ধৰণৰ মানুহৰ সম্পৰ্কত লিংগ, বর্ণ, বয়স, সামাজিক শ্রেণী, জাতি, ধৰ্ম আৰু অন্যান্য সামাজিক বৈশিষ্ট্যসমূহৰ বিচিত্ৰ মিশ্রন।

২১। সমাজতত্ত্বৰ চিন্তাভাবনা বুলিলে কি বুজা? সমাজতত্ত্ব সম্পর্কে এলচন. জি. জনচনৰ ব্যাখ্যাটোক জীৱন অনুশীলন আৰু প্ৰতিশ্ৰুতি হিচাবে সমালোচনা কৰি বিশ্লেষণ কৰা। (What do you mean by ‘Thinking Sociology’? Critically analyse Allan G. Johnson’s interpretation about Sociology as life practice and promise.)

উত্তৰঃ এলান জি. জনচন আছিল এজন আমেৰিকান লিখক আৰু পাব্লিক স্পিকাৰ যিয়ে সমাজতত্ত্ব আৰু লিংগ অদ্যয়নৰ ক্ষেত্ৰত কাম কৰিছিল। পিতৃতন্ত্ৰৰ ক্ষতিকাৰক প্ৰভাৱ সম্পর্কে ‘জেণ্ডাৰ নোটঃ আমাৰ পিতৃতান্ত্রিক উত্তৰাধিকাৰক উন্মুক্ত কৰা।’ তেওঁৰ জন্ম হৈছিল ৱাশ্বিংটন ডিচি মার্কিনত ১৯৪৬ চনত আৰু মৃত্যু হৈছিল ২৪ ডিচেম্বৰ ২০১৭ চনত। জনচন ডার্টমাউথ কলেজৰ সমাজবিজ্ঞান আৰু তেওঁ পি.এইচ.ডি লাভ কৰিছিল মিশিগান বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ পৰা। পি.এইচ. ডি কৰাৰ পিছত তেওঁ সমাজবিজ্ঞান বিভাগৰ ওৱেম্বলিয়ান বিশ্ববিদ্যালয়ত চাকৰি কৰে। এই সময়ত তেওঁ তেওঁৰ প্ৰথম গ্ৰন্থ সামাজিক পৰিসংখ্যান। সমাজবিজ্ঞান আৰু মহিলাসকলক পঢ়ুৱাইছিল। সেই সময়ত তেওঁ দ্যা জেণ্ডাৰ নট এণ্ড, দ্যা ফৰেষ্ট এণ্ড দি ট্রিচ সমাজবিজ্ঞান হিচাবে জীৱন, অনুশীলন আৰু প্ৰতিশ্ৰুতি ইত্যাদি বহুত কেইখন কিতাপ লিখিছিল। “The Forest and Trees a Sociology as life, practice promise” গ্ৰন্থত তেওঁ সমাজতাত্ত্বিক চিন্তা-চৰ্চাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মতামত প্ৰকাশ কৰিছে। তেওঁৰ মতে সমাজত বিভিন্ন ঘটনা সংঘটিত হয়। 

উদাহৰণস্বৰূপে অৰ্থনৈতিক সমস্যা, অপৰাধ প্ৰৱণতা, দৰিদ্ৰতা আদিৰ লগতে সামাজিক আন্তঃক্ৰিয়া আৰু আন্তঃসম্পৰ্কই প্রধান। ব্যক্তিয়ে এনেবোৰ সামাজিক ঘটনাক একপক্ষীয় অর্তাৎ ব্যক্তিগতভাৱেহে উপলব্ধি কৰে। সমাজত ঘটি থকা ঘটনাবোৰে ব্যক্তিৰ মাজত পেলোৱা প্ৰভাৱৰ বিষয়ে আমি গভীৰভাৱে চিন্তা নকৰো। ব্যক্তিগত জীৱনত ঘটি থকা এনেবোৰ ঘটনা ব্যক্তিৰ জীৱনতকৈ বহুগুণে বিশাল। সেয়েহে এই ঘটনাবোৰৰ বিষয়ে জানিবলৈ হ’লে আমি সামাজিক ঘটনাবোৰত অন্তৰ্ভুক্ত হ’ব লাগিব। এইবোৰ বাহিৰত থাকি এনে প্ৰক্ৰিয়াবোৰৰ বিষয়ে অধ্যয়ন কৰাটো অসম্ভব। সমাজত সংঘটিত প্ৰতিটো ঘটনই যিহেতু ব্যক্তিৰ মাজত বহুধৰণে প্ৰভাৱ বিস্তাৰ কৰে। সেইবাবে সাধাৰণ জ্ঞানৰ পৰিৱর্তে সমাজতাত্ত্বিক চিন্তা-চৰ্চাৰ জৰিয়তে এইবোৰৰ বিষয়ে অধ্যয়ন কৰাটো নিতান্তই প্ৰয়োজন।

২২। এনড্রিউ বেটেলিৰ ৰচনা “সমাজতত্ত্ব আৰু সাধাৰণ অনুভূতি”ৰ প্ৰতি থকা বুজনিখিনি মূল্যায়ণ কৰা। (Critically evaluate the understanding of Andre Beteille towards his essay on sociology and common sense.)

উত্তৰঃ সমাজবিদ্যা/সমাজতত্ত্ব হৈছে সমসাময়িক ভাৰতৰ শিথিলভাৱে বিশ্লেষণ কৰা বৌদ্ধিক কৰ্মৰাজিৰ ক্ষেত্ৰ। ইয়াৰ লক্ষ্য, সুবিধা, পদ্ধতি, ধাৰণা আৰু বিষয়বস্তুৰ ওপৰত বহুত অসন্মতি আচে। বহুতৰ মতে এইটো এটা বিষয়, কিন্তু অধ্যয়নৰ ক্ষেত্ৰ নহয়। বহুত এনেকুৱা গৱেষক আছে, যিসকলে বিষয়টোৰ অৱস্থিতি প্রত্যাখ্যান কৰে। কিন্তু ইয়াৰ শব্দসমূহৰ সৈতে সাধাৰণ জ্ঞান অভিজ্ঞতা থকা কিছুমান লোকে ইয়াৰ লক্ষ্য, সুবিধা, পদ্ধতিসমূহৰ বিষয়ে দক্ষতাৰে কয় সমাজতত্ত্ব হৈছে সামাজিক সত্যৰ অধ্যয়ন। সামাজিক জ্ঞানৰ মানুহৰ সাধাৰণ অনুভূতিৰ সৈতে সংঘাতৰ সদায় এটা ভয় থাকে। যদিও এন্ড্রে বেটেইলিৰ মতে, সমাজতত্ত্ব সাধাৰণ অনুভূতিকলৈ পৃথক। এইটো ধাৰণা, প্ৰণালী, তথ্য আদি শিথিলভাৱে বন্ধা হ’লেও এইবোৰৰ গোট। সাধাৰণ অনুভূতি জ্ঞান বুলিলে সেইবোৰক বুজায় যিবোৰ দৈনন্দিন জীৱনত ব্যৱহৃত হয়। এইবোৰ ব্যৱহাৰিক অভিজ্ঞতাপূৰ্ণ আৰু জটিল কিন্তু লগতে অসম্পূৰ্ণ আৰু যুক্তিসংগত নহয়। সাধাৰণ অনুভূতিৰ মতবোৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল যিবোৰৰ বৈজ্ঞানিক কার্যকৰণবাদৰ লগত কোনো সম্পর্ক নাথাকে। 

আনহাতে প্রকৃতি বিজ্ঞান আৰু সমাজ বিজ্ঞানে অন্তর্নিহিত কাৰ্যকৰণবাদৰ ওপৰত বেছি গুৰুত্ব দিয়ে উপৰি-উপৰি থকা মিলতকৈ। সমাজতত্ত্ববাদী জ্ঞানসমূহ লক্ষ্যণীয়ভাৱে ‘সাধাৰণ’ সার্বজনীন নহলেও, আনহাতে সাধাৰণ অনুভূতিবোৰ নিৰ্দিষ্ট আৰু একে ঠাইতে আবদ্ধ। সমাজতত্ত্বৰ এটা উল্লেখযোগ্য অৱদান হৈছে। সাধাৰণ অনুভূতিবোৰ বেছিকৈ পৰিৱৰ্তনশীল আৰু সময় আৰু স্থানৰ বাধ্যতাৰ বিষয় বিশেষভাৱে সামাজিক বাধ্যতাৰ বিষয়। সমাজতত্ত্বৰ গঠনৰ প্ৰাথমিক বছৰবোৰত সমাজতত্ত্ব আৰু সাধাৰণ অনুভূতিৰ জ্ঞানে এটাই আনটোৰ বিপৰীতত থিয় দিছিল। ‘ধনাত্মকবাদৰ দৰ্শন’ত এইটো গম পোৱা যায়। এনড্ৰে বেটেইলেৰ মতে, সমাজতত্ত্ব সাধাৰণ অনুভূতিতকৈ পৃথক হোৱাটোৱেই এইটো নুবুজায় যে সমাজতত্ত্ব গভীৰভাৱে দুর্বোধ্য আৰু গূঢ়। এই যুক্তিটো সমাজতত্ত্বৰ পিছৰ অনুমোদনসমূহৰ দ্বাৰা ব্যাখ্যা কৰা হয়, য’ত তেওঁলোকে যুক্তি আগবঢ়াইছে যে সমাজ দৰাচলতে ‘সামাজিক কাৰণ’তকৈ ‘অৰ্থসমূহৰ ক্ষেত্ৰ’ যিটো অনুভূতিক লক্ষ্যৰ প্ৰতি দায়বদ্ধ। সেয়েহে সমাজতত্ত্বৰ প্রধান লক্ষ্য হৈছে সামাজিক পৃথিৱীৰ প্ৰতি মানুহৰ ধাৰণাটো বুজা আৰু ব্যাখ্যা কৰা, যিটো সাধাৰণ অনুভূতিৰ জ্ঞানৰ ওপৰত ভিত্তিশীল। এই ধাৰণাটোত সমাজবাদী বিশ্লেষণ, যিবোৰত বিজ্ঞানভিত্তিক প্রণালী থাকে, সেইবোৰ ভেটি হিচাপে ব্যৱহাৰ কৰিব লাগে।

অসাৱধান সমাজতত্ত্ববাদীসকলৰ বাবে সাধাৰণ অনুভূতিৰ জ্ঞানটো বিপদমুক্ত নহয়। বহু সময়ত গতানুগতিক সদায় চলা সাধাৰণ অনুভূতিৰ জ্ঞানসমূহ সমাজতত্ত্ববাদী গঠনৰ লগত সমবেত হয়। উদাহৰণস্বৰূপে নাৰীবাদী পদ্ধতিসমূহে পিতৃতান্ত্রিক ধাৰণাবোৰ উদঙাই তোলে। বেটেইলৰ যুক্তিসহ থকা মতত সমাজতত্ত্ব আৰু সাৰ্বজনীন অনুভূতিৰ মাজত থকা অসহজ সম্বন্ধটোৰ বিশালবাৱে উত্থাপন কৰা হৈছে, য’ত কোৱা হৈছে যে সাৰ্বজনীন (সাধাৰণ) অনুভূতি নাইবা কাৰিকৰী অৰ্হতাৰ উৎপাদক প্রত্যাখ্যান কৰি কোনো লাভ নহয়। সমাজতত্ত্বই ইয়াক সময় আৰু স্থানৰ দ্বাৰা আবদ্ধ তথ্যসমূহৰ সংগ্ৰহ বা গোট হিচাপে সীমাবদ্ধ নকৰে। সেয়েহে সমাজতত্ত্বই বিদ্বান লোকৰ নিজা পৰিৱেশৰ সাধাৰণ/সাৰ্বজনীন অনুভূতিত অন্তর্নিহিত হোৱা দুটা সমানভাৱে থকা অফলদায়ক বিকল্পৰ বিষয়টো আগবঢ়াই নিব লাগিব আৰু লগতে কাৰিকৰী গুণতত্ত্ববোৰ আহৰণ কৰিব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top