Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম

Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম Question Answer can be of great value to excel in the examination.

Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম

Join Telegram channel

Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম Notes cover all the exercise questions in UGC Syllabus. The Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Social And Religious

SOCIOLOGY

SOCIOLOGY OF RELIGION

ধৰ্মৰ সমাজতত্ত্ব

প্ৰশ্নঃ 1. ধৰ্মৰ অৰ্থ বিশ্লেষণ কৰা ? 

Write the formulating Religious? 

উত্তৰঃ ধৰ্ম হ’ল অতিমানৱীয় তথা অলৌকিক কোনো শক্তিৰ ওপৰত বিশ্বাসক কেন্দ্ৰ কৰি মানুহে কৰা আচৰণ পদ্ধতি । এনে আচৰণ পদ্ধতিৰ প্ৰকাশ ঘটে কেতবোৰ ক্ৰিয়া-কাণ্ড, পূজা-পাৰ্বণ, প্ৰাৰ্থনা ইত্যাদিৰ যোগেদি । সেইবাবে ধৰ্ম হ’ল মানুহৰ বিশ্বাস, বিভিন্ন কাৰ্যকলাপ আৰু আচৰণ বিধি এক সমষ্টিগত সত্তা । 

প্ৰশ্নঃ 2. ধৰ্মৰ সামজতাত্ত্বিক সংজ্ঞা দিয়া ? 

Social definition of Religion? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ইমাইল দৰখেইমৰ মতে, “ধৰ্ম হ’ল পবিত্ৰ সত্তাৰ লগত সম্বন্ধ থকা বিশ্বাস আৰু একে ধৰণৰ আচৰণৰ এটা পদ্ধতি , যি অনুসৰণ কৰা সকলোকে এক নৈতিক সম্প্ৰদায় হিচাপে একত্ৰিত কৰি ৰাখে ।” [Religion is a unified system of beliefs and practices relative to sacred things which unite into one single moral community…all those aghere to them.] 

দুৰখেইমে তেওঁৰ এই সংজ্ঞাৰ দ্বাৰা ধৰ্মৰ দুটা দিশ উল্লেখ কৰিছে । এই দুটা দিশ হৈছে অপবিত্ৰ । তেওঁৰ মতে পবিত্ৰতা বা পবিত্ৰ আচৰণৰ সমষ্টিয়েই হ’ল ধৰ্ম । দুৰখেইমৰ মতে মানুহে সমাজত কেতবোৰ বস্তু বা কেতবোৰ ঠাইক পবিত্ৰ হিচাপে বিবেচনা কৰে আৰু সেই বস্তু বা ঠাইৰ প্ৰতি এক বিশেষ আচৰণ প্ৰদৰ্শন কৰে । এনে পবিত্ৰ বস্তুৰ প্ৰতি আচৰণ প্ৰদৰ্শনৰ জৰিয়তে একো একোটা ধৰ্মীয় সম্প্ৰদায়ৰ সৃষ্টি হয় । দুৰখেইমৰ এই সংজ্ঞাৰ পবিত্ৰ আৰু অপবিত্ৰৰ যি দুই ধাৰণা স্পষ্ট হৈছে এই সম্পৰ্কে মৰিছনে কৈছে যে, “পবিত্ৰতা আৰু অপবিত্ৰতাক কেন্দ্ৰ কৰিয়েই সমস্ত পৃথিৱীৰ সমাজখন দুটা ভাগত হৈছে আৰু এইটোৱেই হৈছে ধৰ্মীয় জীৱনৰ বিশেষত্ব ।” 

টি. বি. বৰ্ট’মৰৰ মতে, ধৰ্ম হৈছে পবিত্ৰতাৰ লগত একাত্ম হৈ থকা বিশ্বাস আৰু ক্ৰিয়া পদ্ধতি । 

ধৰ্ম সম্বন্ধে বট’মৰৰ মতামত দুৰখেইমৰ মতামতৰ লগত মিল আছে । দুৰখেইমৰ দৰেঅ বট’মৰেও দৰ্ম পবিত্ৰ ধাৰণাৰ লগত সম্পৰ্কতিত বুলি কৈছে । তেওঁৰ মতেও কোনো পবিত্ৰ বস্তুৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক কেন্দ্ৰ কৰিয়েই মানুহে কেতবোৰ ক্ৰিয়াকলাপ সম্পন্ন কৰে । এনে ক্ৰিয়াকলাফৰ সমষ্টিয়েই হ’ল ধৰ্ম । 

প্ৰশ্নঃ 3. ধৰ্মৰ দুটা মৌলিক উপাদানসমূহৰ বিষয়ে আলোচনা কৰা ? 

Discuss the two basic components of religion. 

উত্তৰঃ ধৰ্মৰ মৌলিক উপাদানসমূহঃ সমাতত্ত্ববিদসকলৰ মতে ধৰ্মৰ কেতবোৰ মৌলিক উপাদান থাকে। এণ্ডাৰচন আৰু পাৰকাৰৰ মতে প্ৰতিটো ধৰ্মতে চাৰিটা মৌলিক উপাদান থাকে । তেওঁ উল্লেখ কৰা ধৰ্মৰ মৌলিক উপাদানসমূহ এনে ধৰণৰ- 

ক) অতিমানৱীয় শক্তিৰ ওপৰত বিশ্বাস (Belief in supernatural forces): এণ্ডাৰচন আৰু পাৰকাৰৰ মতে প্ৰতিটো ধৰ্মীয় সম্প্ৰদায়ৰ লোকেই এক অলৌকিক তথা অতিমানৱীয় শক্তিক বিশ্বাস কৰে . এই অলৌকিক শক্তি তথা was মানৱ সমাজক প্ৰভাৱিত কৰে । এনে শক্তিক কোনোবাই ভগৱান আৰু দেৱ-দেৱীৰ ৰূপত বিশ্বাস কৰে । কোনোৱে কিন্তু এনে শক্তি একো নামেৰে নামাকৰণ কৰা নাই । কেৱল এক অদৃশ্য আৰু পাৰমাৰ্থিক সত্তা হিচাপে বিবেচনা কৰে । 

খ) অতিমানবীয় শক্তিৰ সৈতে মানুহৰ সহাবস্থান (Man’s adjustment to supernatural powers): এণ্ডাৰচন আৰু পাৰকাৰৰ মতে মানুহ অতিমানৱীয় শক্তিৰ ওচৰত পৰাভূত আৰু সেয়েহে এই শক্তিৰ ওচৰত সবাৱস্থান কৰে । এই ক্ষেত্ৰত এনে অতিমানৱীয় শক্তিৰ প্ৰতি থকা ভয়, শংকা ইত্যাদিৰ বাবে মানুহে এনে শক্তিৰ সন্তুষ্টিৰ বাবে বাহ্যিকভাৱে কেতবোৰ আচৰণৰ প্ৰদৰ্শন কৰে । এনে বাহ্যিক আচৰণবোৰৰ ভিতৰত প্ৰাৰ্থনা, কাৰ্তন, যাগ-যজ্ঞ, স্তুতি আদি উল্লেখযোগ্য । অলৌকিক শক্তিৰ প্ৰতি প্ৰদৰ্শন কৰা অনে বাহ্যিক আচৰণ বা কৰ্মৰ অবিহনে মানুহে নিজকে পাপী বুলি বিবেচনা কৰে । অৰ্থাত্ ভগৱান বা আন কোনো অলৌকিক গুণনুকীৰ্তন নকৰে, তেতিয়া তেনে লোকক সকলো ধৰ্মই পাপী বা পাপিষ্ঠ ব্যক্তি হিচাপে বিবেচনা কৰে ।  

প্ৰশ্নঃ 4. ধৰ্ম আৰু যাদুৰ চাৰিটা পাৰ্থক্যা লিখা ?

Write the four distinctions between religion and magic. 

উত্তৰঃ ধৰ্ম আৰু যাদু সম্বন্ধে যিবোৰ অধ্যয়ন আৰু গৱেষণা সম্পন্ন হৈছে তাৰ আধাৰত এই দুয়োটাৰে মাজত কেতবোৰ পাৰ্থক্য দেখা যায় । ধৰ্ম আৰু যাদুৰ মাজত থকা পাৰ্থক্যসমূহ এনে ধৰণৰ- 

১) ধৰ্ম এক সামূহিক বিশ্বাস আৰু ক্ৰিয়া কাণ্ডৰ সমষ্টি বা এক পদ্ধতি । ই ৰাজহুৱা বা সামাজিক । আন্যহাতে যাদু ব্যক্তিগত । কোনো মানুহে ইয়াক ব্যক্তিগতভাৱে আহৰণ কৰে আৰু তাৰ প্ৰয়োগ কৰে । মেলিন’ৱস্কিয়ে তেওঁৰ “Coral Gardens and Their magic’ নামৰ গ্ৰন্থত ধৰ্ম আৰু যাদুৰ বিষয়ে উল্লেখ কৰি লিখিছে যে ধৰ্মৰ কোনো নিৰ্দিষ্ট পৰিসমাপ্তি নাই । ইয়াৰ উদ্দেশ্য অন্তনিৰ্হিত হৈ থাকে । ধৰ্মৰ ফলাফল লগে লগে দেখ দেখকৈ পোৱা নাযায় । ধৰ্মৰ আচাৰ-অনুষ্ঠানৰ যোগেদি ভক্তই বা প্ৰাৰ্থনাকাৰী বা আধ্যাত্মিক শক্তিৰ পূজকসকলে উপাস্য দেৱতা বা সত্তাৰ লগত নিজৰ সংযোগ স্থাপন যত্ন কৰে । কিন্তু যাদুৰ দ্বাৰা যাদুকৰীয়ে ব্যক্তিগতভাৱে ফল লাভ কৰিবলৈ বিচাৰে আৰু লাভ কৰে । ইয়াৰ নিৰ্দিষ্ট উদ্দেশ্য থাকে . সেই উদ্দেশ্য কাৰ্যকৰী উপায়েৰে তত্ক্ষণাত সিদ্ধি কৰা হয় । এই কাম ব্যক্তিগত হিচাপে যাদুকৰে সমাধা কৰে । 

2) যাদুৰ লগত উপকাৰী আৰু অপকাৰী দুটা দিশ জডিত হৈ আছে । সেই হিচাপে যাদু দুই প্ৰকাৰৰ; যেনে- উপৰকাৰী যাদু আৰু অপকাৰী যাদু আৰু অপকাৰী যাদু । ৰোগ-ব্যাধি, অপায়-অমংগল, অসূয়া-অশান্তি আদি উপশম ঘটাবৰ বাবে প্ৰয়োগ কৰা যাদুক উপকাৰী যাদু বোলা হয় । ইয়াৰ উপৰি যি যাদুবিদ্যাৰ জৰিয়তে মানুহৰ ৰোগ-ব্যাধি, অপায়-অমংগল, অসূয়া-অশান্তি আদি সৃষ্টি কৰি অপকাৰ সাধন কৰা হয়, তেনেধৰণৰ যাদুক অপকাৰী যাদু বোলা হয় । যাদুৰ দৰে ধৰ্মৰ এনে কোনো দিশ নাই । ধৰ্ম হৈছে মানৱ কল্যাণৰ ওপৰত প্ৰতিষ্ঠিত ধৰ্মচৰ্চাৰ জৰিয়তে ধৰাৰ বুকুত শান্তি আৰু কল্যাণ প্ৰতিষ্ঠা কৰিব পাৰি । ধৰ্ম বা ধৰ্ম চৰ্চাই মানুহক অপকাৰ কৰিব নোৱাৰে; ইয়াৰ বিপৰীতে ই মানুহৰ দুৰ্বল মনক সাহস যোগান ধৰি মানসিৰ শান্তি প্ৰতিষ্ঠা কৰিব পাৰে । 

৩) পৃথিৱীৰ প্ৰায় সকলোবোৰ মানুহেই ধৰ্মৰ লগত জডিত । ধৰ্মৰ প্ৰভাৱ নপৰা মানুহ হয়তো পৃথিৱীত নাই । ই বিশ্বজনীন । ধৰ্মৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, অনুৰাগ কম-বেছি পৰিমাণে সকলো মানুহৰে থকা দেখা যায় । আন্যহাতে যাদু বা যাদুবিদ্যাৰ লগত সকলো ব্যক্তিয়েই জড়িত নহয় । যাদুবিদ্যাৰ লগত কিছু সমখ্যক লোকহে জড়িত দেখা যায় । 

৪) দৰ্মীয় কৰ্মসমূহ ৰূপায়ণ কৰিবৰ বাবে কেতবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান বা ফৰাসনাগৃহ থাকে । বিভিন্ন মন্দিৰ-মছজিদ, গীৰ্জা-নামঘৰ ইত্যাদিবোৰ ধৰ্মীয় উপাসনাগৃহ । এই উপাসনাগৃহসমূহত ধৰ্মীয় চৰ্চা কৰা হয় । কিন্তু যাদু সম্বন্ধীয় তেনে কোনো অনুষ্ঠান-প্ৰতিষ্ঠান নাথাকে । 

প্ৰশ্নঃ 5. ধৰ্ম সম্পৰ্কে ইমাইল দুৰখেইমৰ মতে পবিত্ৰ-অপবিত্ৰৰ ধাৰণা দিয়া ? 

উত্তৰঃ ইমাইল দুৰখেইমৰ মতে, “ধৰ্ম হ’ল পবিত্ৰ সত্তাৰ লগত সম্বন্ধ থকা বিশ্বাস আৰু একে ধৰণৰ আচৰণৰ এটা পদ্ধতি, যি অনুসৰণ কৰা সকলোকে এক নৈতিক সম্প্ৰদায় হিচাপে একত্ৰিত কৰি ৰাখে।” [Religion is a unified system of beliefs and practices relative to sacred things which unite into a single moral community…. All those adhere to them.]”

দুৰখেইমে তেওঁৰ সংজ্ঞাৰ দ্বাৰা ধৰ্মৰ দিশ উল্লেখ কৰিছে । এই দুটা দিশ হৈছে পবিত্ৰ আৰু অপবিত্ৰ । তেওঁৰ মতে পবিত্ৰতা বা পবিত্ৰ আচৰৰ সমষ্টিয়েই হ’ল ধৰ্ম । দুৰখেইমৰ মতে সমাজত কেতবোৰ বস্তু বা কেতবোৰ ঠাইক পবিত্ৰ হিচাপে বিবেচনা কৰে আৰু সেই বস্তু বা ঠাইৰ প্ৰতি এক বিশেষ আচৰণ প্ৰদৰ্শন কৰে । এনে পবিত্ৰ বস্তুৰ প্ৰতি আচৰণ প্ৰদৰ্শনৰ জৰিয়তে একো একোটা ধৰ্মীয় সম্প্ৰদায়ৰ সৃষ্টি হয় । দুৰখেইমৰ এই সংজ্ঞাত পবিত্ৰ আৰু অপবিত্ৰৰ যি দুই ধাৰণা স্পষ্ট হৈছে এই সম্পৰ্কে মৰিছনে কৈছে যে “পবিত্ৰতা আৰু অপবিত্ৰতাক কেন্দ্ৰ কৰিয়েই সমস্ত পৃথিৱীৰ সমাজখন দুটা ভাগত ভাগ হৈছে আৰু এইটোৱেই হৈছে ধৰ্মীয় জীৱনৰ বিশেষত্ব” ।

প্ৰশ্নঃ 6. দুৰখেইমৰ সমাজ আৰু ধৰ্ম সম্পৰ্কীয় সিদ্ধান্তটিৰ ব্যাখ্যা দাঙি ধৰা ।

 Explain the Durkheim’s theory of Sociology and religion.

Ans. ইমাইল দুৰখেইমৰ সমাজ আৰু ধৰ্মৰ ধাৰণা সমাজশাস্ত্ৰৰ অন্যতম অৱদান । দুৰখেইমে তেওঁৰ বিখ্যাত গ্ৰন্থ The Elementary Forms of Religious Life খন 1912 চনত প্ৰকাশ কৰে । ইয়াত তেওঁ ধৰ্মৰ উৎপত্তি, চৰিত্ৰ আৰু সমাজত ধৰ্মৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছে । তেওঁৰ মতে ধৰ্ম মানৱ সমাজৰ চিৰন্তন আৰু সৰ্বব্যাপ্ত অনুষ্ঠান । সামাজিক বিৱৰ্তনত পাছৰ পৰা সকলো সমাজতে ধৰ্ম ব্যৱস্থাৰ প্ৰচলন আছে । সামাজিক বিৱৰ্তনৰ পৰা অত্যন্ত পিছপৰি থকা অষ্ট্ৰেলিয়া দেশৰ অৰুন্টা জনজাতীয়ৰ বিষয়েও অধ্যয়ন কৰিছিল ।

ধৰ্ম সম্পৰ্কে কিংচলি ডেভিছ, ই.বি. টাইলৰ, হাৰ্বাট স্পেনচাৰ, মেলিনৱক্সি, এইচ.এম. জনচন, আগবান আৰু নিমকফ, এণ্ডাৰচন আৰু পাৰ্ক. ফ্ৰেজাৰ, মেক আইবাৰ আৰু পেজ আদি সমাজ শাস্ত্ৰবিদসকলে আলোচনা কৰিছে যদিও এই সম্পৰ্কে দুৰখেইমে এক নতুন ধাৰণা দিয়ে । দুৰখেইমৰ মতে, ধৰ্ম মানে এনে কিছুমান বিশ্বাসৰ সমষ্টি, যি বিশ্বাসে কিছুমান বস্তুক পৱিত্ৰ আৰু কিছুমান বস্তুক অপবিত্ৰ হিচাপে গণ্য কৰে । আৰু ইয়াৰ জৰিয়তে এক ধৰ্ম সম্প্ৰদায় সৃষ্টি হয় । 

ধৰ্মৰ উত্পত্তি সম্পৰ্কে ইবি টাইলৰ, হাবাৰ্ট স্পেনচাৰে সৰ্বাত্মবাদ (Animism) সিদ্ধান্তটো দিছে। এই সিদ্ধান্ত মতে মানুহে সপোন দেখাৰ পৰাই আত্মাৰ বিশ্বাস কৰিলে । সপোনত আত্মাই কিছুমান কৰি থকাকে দেখা পায় বুলি বিশ্বাস কৰিলে । এই আত্মা সম্পৰ্কীয় ধাৰণাৰ পৰাই আৰু পূৰ্বপুৰুষ পূজা কৰাৰ প্ৰথাৰ পৰাই ধৰ্মৰ উত্পত্তি হয় । জাৰ্মেনীৰ দাৰ্শনিক মেক্সমূলাৰ, মাৰেট আদিয়ে ধৰ্মৰ উত্পত্তি সম্পৰ্কে প্ৰকৃতিবাদৰ সিদ্ধান্তটো দিছে । এই সিদ্ধান্ত মতে, প্ৰকৃতিৰ প্ৰভাৱতেই ধৰ্মৰ উত্পত্তি হয় । প্ৰকৃতিৰ অগ্নি, বায়ু, বতাহ, বৰষুণ, ভূমিকম্প আদিক অলৌকিক সক্তি বুলি ভাবি পূজা-সেৱা কৰাৰ লতে ধৰ্মৰ উত্পত্তি হয় । ধৰ্মৰ উত্পত্তি সম্প্ৰকে থকা উক্ত দুয়োটা সিদ্ধান্তকে ইমাইল দুৰখেইমে কল্পনাপ্ৰসূত আৰু ভ্ৰান্তিমূলক বুলি প্ৰত্যাখান কৰি ত্ৰিয়াত্মক সিদ্ধান্তটো প্ৰকাশ কৰিছে । এই সিদ্ধান্তমতে ধৰ্মৰ সৃষ্টি হৈছে . দুৰখেইমৰ মতে পবিত্ৰ আৰি অপৱিত্ৰ ধাৰণা, পাৰ্থিৱ আৰি নিৰপেক্ষ বস্তুৰ প্ৰতি থকা বিশ্বাসৰ ভিত্তিত যি ৰীতি-নীতি, আচৰণ পদ্ধতি বা কৰ্তব্যৰ সৃষ্টি হয়, সিয়েই ধৰ্ম । 

ইমাইল দুৰখেইমৰ মতে মানৱ সমাজত ধৰ্মৰ উত্পত্তিৰ মূলতে হ’ল সমাজৰ সামূহিকতা । গতিকে সমাজৰ কথা বাদ দি পৃথক ধৰ্মৰ বি,য়ে আলোচনা কৰিব নোৱাৰি । কাৰণ, সমাজ আবিহনে ধৰ্ম অৰ্থহীন কেওঁৰ মতে প্ৰত্যেক সমাজতে কিছুমান সামূহ্ক কাৰ্যকলাপ আছে, যেনে- উত্সৱ-পাৰ্বণ, জন্ম-মৃত্যু, বিবাহ আদি সামূহিকভাৱে কাৰ্য সম্পাদনা কৰোঁতে প্ৰতিজন ব্যক্তিয়ে নিজকে সামান্য বা নিঃকিন বুলি ভাবি সমাজতে শ্ৰেষ্ঠত্ব আৰোপ কৰে । ফলত সমাজেই শক্তিমান হিচাপে পৰিগণিত হয় । দুৰখেইমৰ মতে, সমাজে কোনো বস্তু গছলতা বা জন্তুৰ পৰা তেওঁলোকৰ সমাজখনৰ উত্পত্তি হৈছে বুলি ভাবি সেই বস্তুটো বা গছলতা বা জন্তুটোকে প্ৰতীক হিচাপে পূজা-সেৱা কৰাটো আৰম্ভ কৰে । এই ক্ষেত্ৰতো দুৰখেইমে অৰুন্টাসকলৰ উদাহৰণকেই দাঙি ধৰিছে। দুৰখেইমৰ মতে, সমাজে এই প্ৰতীকটোক শক্তিমান পৱিত্ৰ বুলি গণ্য কৰে । এই প্ৰতীকী শক্তিয়েই মানুহৰ মনত ভয়-ভক্তি, দায়িত্ব আৰু কৰ্তব্য আদি ভাব জাগৃত কৰে । অৰুন্টাসকলৰ বিষয়ে দুৰখেইমে কৈছে যে, প্ৰতীকী বিশ্বাসৰ বাবেই বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা অৰুন্টাসকলেও প্ৰতীকক কেন্দ্ৰ কৰি ধৰ্মীয় কাৰ্যত সামূহ্কভাৱে অংশগ্ৰহণ কৰে । 

দুৰখেইমৰ মতে, সমাজৰ দুটা লক্ষণীয় দিশ আছে, এটা হৈছে বিশ্বাস (belief), আনটো হৈছে প্ৰচলিত ক্ৰিয়াবিধি (rituals) বিশ্বাসৰ লগত প্ৰচলিত ক্ৰিয়া-বিধিৰ ওতপ্ৰোত সম্বন্ধ আছে । অৱশ্যে বিশ্বাস হৈছে আনুভূতিক আৰু অদৃশ্যমান; আনহাতে ক্ৰিয়া পদ্ধতি হৈছে দৃশ্যমান । এই ক্ৰিয়া পদ্ধতি সম্পাদনৰ ক্ষেত্ৰত দুৰখেইমে উত্সৱ-পাৰ্বণ, বিয়া-বাৰু ভোজভাত আদিও পৰিলক্ষিত হয় । সামূহিকতাৰ অন্যতম ফলশ্ৰূতি হৈছে নিজকে নগণ্য বুলি ভাবি সমাজৰ শ্ৰেষ্ঠত্ব স্বীকাৰ কৰা ।

দুৰখেইমে প্ৰতীক বা টোটেমবাদকে (Totemism) ধৰ্মৰ প্ৰাথমিক স্তৰ বুলি অভিহিত কৰিছে । তেওঁৰ মতে প্ৰকৃতিজগতৰ পৰাই টোটেমবাদৰ সৃষ্টি হাছে । টোটেম এটা প্ৰতীকাত্মক বস্তু, যাৰ পৰাঅ গোত্ৰ বা বংশৰ উদ্ভৱ হৈছে । তেওঁৰ মতে, টোটেম অলৌকিক শক্তিসম্পন্ন পৱিত্ৰ বস্তু । এই পৱিত্ৰ আৰু অপৱিত্ৰ ধাৰণাও ধৰ্মৰ অন্যতম উপাদান । দুৰখেইমৰ মতে, পৱিত্ৰ বস্তুবিলাকহে ধৰ্মৰ প্ৰতীক পৱিত্ৰ বস্তুবিলাকৰ ওপৰতহে মানুহৰ বিশ্বাস আৰু আচৰণ বিধি গঢ়্ উঠে । এই গঢ়ি উঠা ক্ৰিয়া-কৰ্মই হৈছে ধৰ্ম। অন্য অৰ্থত ক’বলৈ গ’লে ধৰ্ম হৈছে সমাজৰ সামূহিক প্ৰতিফলন ।

ইমাইল দুৰখেইমে ধৰ্মৰ ক্ৰিয়া বা কাৰ্যকাৰিতা চাৰিটা দিশৰ কথা উল্লেখ কৰিছে । এইকেইটা হৈছে – 

১) অতীত আৰু বৰ্তমানৰ সমূহগত জীৱনৰ আৱেগ-অনুভূতিৰ সমতা স্থাপন ।

২) সামাজিক ঐক্য আৰু সংহতি স্থাপন । 

৩) নিয়মানুৱৰ্তিতা আৰু সমূহগত প্ৰতি ব্যক্তিক উত্সাহিত কৰা আৰু । 

৪) সমূহৰ নতুন জীৱন পদ্ধতি । 

দুৰখেইমৰ মতে, স্বৰ্গ আৰু নৰকৰ ধাৰণা সামাজিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত । যেতিয়া মানুহে সমূহগতভাৱে আজৰি পায়, তেতিয়াই ধৰ্মীয় প্ৰৱণতা বৃদ্ধি পায় বুলি দুৰখেইমে অভিহিত কৰিছে । তেওঁ আৰু কৈছে যে, ধৰ্মৰ উত্পত্তি হৈছে সমাজত আৰু সেয়েহে, ধৰ্ম সমাজৰ আৱশ্যকীয় উপাদান বা ধৰ্ম সমাজৰ আত্মাস্বৰূপ । মুঠতে, দুৰখেইমে সামূহিকতা, বিশ্বাস, প্ৰচলিত ক্ৰিয়া-বিভি, প্ৰতীক বা টোটেমবাদ, পৱিত্ৰ-অপৱিত্ৰৰ ধাৰণা আদিৰ জৰিয়তে, সমাজশাস্ত্ৰৰ ধৰ্ম সম্পৰ্কীয় নতুন দিশৰ উন্মোচন ঘটাইছে । 

প্ৰশ্নঃ 7. টোটেমবাদ (Totemism) 

উত্তৰঃ দুৰখেইমৰে প্ৰতীক বা টোটেমবাদকে (Totamism) দৰ্মৰ প্ৰাথমিক স্তৰ বুলি অভিহিত কৰিছে। তেওঁৰ মতে প্ৰকৃতিজগতৰ পৰাই টোটেমবাদৰ সৃষ্টি হৈছে । টোটেম এটা প্ৰতীকাত্মক বস্তু, যাৰ পৰাই গোত্ৰ বা বংশৰ উদ্ভৱ হৈছে । তেওঁৰ মতে, টোটেম অলৌকিক সক্তিসম্পন্ন পৱিত্ৰ বস্তু । এই পৱিত্ৰ আৰু অপৱিত্ৰ ধাৰণাও ধৰ্মৰ অন্যতম উপাদান । দুৰখেইমৰ মতে, পৱিত্ৰ বস্তুবিলাকহে ধৰ্মৰ প্ৰতীক। পবিত্ৰ বস্তুবিলাকৰ ওপৰত মানুহৰ বিশ্বাস আৰু আচৰণ বিভি গঢ়ি উঠে । এই গঢ়ি উঠা ক্ৰিয়া-কৰ্মই হৈছে ধৰ্ম । অন্য অৰ্থত ক’বলৈ গ’লে ধৰ্ম হৈছে সমাজৰ সামূহিকতাৰ প্ৰতিলন ।

ইমাইল দুৰখেইমে ধৰ্মৰ ক্ৰিয়া বা কাৰ্যকৰিতাৰ চাৰিটা দিশৰ কথা উল্লেখ কৰিছে । এইকেইটা হৈছে – 

১) অতীত আৰু বৰ্তমানৰ সমূহগত জীৱনৰ আৱেগ-অনুভূতিৰ সমতা স্থাপন । 

২) সামাজিক ঐক্য আৰু সংহতি স্থাপন । 

৩) নিয়মানুৱৰ্তিতা আৰু সমূহগত প্ৰতি ব্যক্তিক উত্সাহিত কৰা আৰু । 

৪) সমূহৰ নতুন জীৱন পদ্ধতি । 

দুৰখেইমৰ মতে, স্বৰ্গ আৰু নৰকৰ ধাৰণা সামাজিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত । যেতিয়া মানুহে সমূহগতভাৱে আজৰি পায়, তেতিয়াই ধৰ্মীয় প্ৰৱণতা বৃদ্ধি পায় বুলি দুৰখেইমে অভিহিত কৰিছে । তেওঁ আৰু কৈছে যে, ধৰ্মৰ উত্পত্তি হৈছে সমাজত আৰু সেয়েহে, ধৰ্ম সমাজৰ আৱশ্যকীয় উপাদান বা ধৰ্ম সমাজৰ আত্মাস্বৰূপ । মুঠতে, দুৰখেইমে সামূহিকতা, বিশ্বাস, প্ৰচলিত ক্ৰিয়া-বিভি, প্ৰতীক বা টোটেমবাদ, পৱিত্ৰ-অপৱিত্ৰৰ ধাৰণা আদিৰ জৰিয়তে, সমাজশাস্ত্ৰৰ ধৰ্ম সম্পৰ্কীয় নতুন দিশৰ উন্মোচন ঘটাইছে । 

প্ৰশ্নঃ 8. সামাজিক ক্ৰিয়া বুলিলে কি বুজা ? মেক্স ৱেবাৰৰ সামাজিক ক্ৰিয়াৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ সামাজিক ক্ৰিয়া (Social Action): মেক্স ৱেবাৰৰ সামাজিক ক্ৰিয়া হ’ল সমাজতত্ত্বৰ বাবে এটা উল্লেখযোগ্য অৱধাৰণা । ৱেবাৰে সমাজতত্ত্বক সম্পূৰ্ণৰূপে বিজ্ঞান হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল । সেয়েহে তেখেতে প্ৰাকৃতিক বিজ্ঞানৰ নীতিৰ দৰে সমাজতত্ত্বত কিছুমান সৰ্বজনীন সূত্ৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল । ৱেবাৰ জাৰ্মান সমাজ দাৰ্শনিক ডেল্টি আৰু ৰিকাৰ্ট তাৰ দ্বাৰা যথেষ্ট প্ৰভাৱান্বিত হৈছিল । এই দুয়োজনা দাৰ্শনিক ধাৰণাৰ সময়ত ৱেবাৰ সমাজ চিন্তা-চৰ্চা আগবঢ়াইছিল । ডেল্টিৰ মতে সমাজৰ বাবে আটাইতকৈ প্ৰয়োজনীয় দিশটো হ’ল সামাজিক ক্ৰিয়া (Social Action) আৰু ৰিকাৰ্টৰ মতে প্ৰয়োজনীয় দিশটো হ’ল মানুহৰ জ্ঞান ষ ৱেবাৰে জ্ঞান আৰু সামাজিক ক্ৰিয়াৰ মাজত সমন্বয় সাধন কৰি সমাজতত্ত্বক ব্যাখ্যা কৰিছে । 

ৱেবাৰৰ সমাজতাত্বিক চিন্তা-চৰ্চাৰ প্ৰাণকেন্দ্ৰই হ;ল সামাজিক ক্ৰিয়া । সমাজতত্ত্বৰ সংজ্ঞা দি ৱেবাৰে কৈছে, The interpretative understanding of social action in order thereby to arrive of causal explanation of its causes and effects, জ্ঞানৰ দ্বাৰা পৰিচালিত কৰ্মকহে ৱেবাৰে সামাজিক ক্ৰিয়া বুলি উল্লেখ কৰিছে । মানুহৰ অজ্ঞাত অৱস্থাত বা নজনাকৈ কৰা কামক ৱেবাৰৰ ভাষাত সামাজিক, ক্ৰিয়া বুলুব নোৱাৰি । ৱেবাৰে আকৌ কৈছে যে কোনোৱে কাৰোবাক অনুকৰণ কৰি যদি অৰ্থহীনভাৱে কিবা এটা কাম কৰিব বিচাৰে তেন্তে তেনে কাম সামাজিক ক্ৰিয়া নহয় । উদাহৰণস্বৰূপে শিক্ষকে শ্ৰেণী কোঠাত কৰা কাৰ্য অনুকৰণ কৰি যদি ছাত্ৰইও তাকে কৰি দেখুৱায় তেন্তে ই সামাজিক ক্ৰিয়া হ’ব নোৱাৰে । কিন্তু একসময়ত ছাত্ৰ হৈ থকা এজনে যদি পাছত শিক্ষকৰ প্ৰস্থিতি ল’বলৈ সক্ষম হয়, আৰু যদি তেওঁ ভাল শিক্ষকক অনুকৰণ কৰি শিক্ষা দান কৰে তেন্তে এনে অনুকৰণ সামাজিক ক্ৰিয়া বুলিব পাৰি । 

ৱেবাৰৰ মতে সকলো সামাজিক বুজাপৰাৰ (Social understanding) বাবে সামাজিক ক্ৰিয়াৰ গুৰুত্বই সৰ্বাধিক । তেখেতে সামাজিক ক্ৰিয়া অবিহনে সমাজতাত্ত্বিক অধ্যয়ন মূল্যহীন বুলি উল্লেখ কৰিছে । যক্তিসংগত বুজাপৰাইহে (Interpretative understanding) সমাজসম্পৰ্কীয় প্ৰকৃত সিদ্ধান্ত দিব পাৰে বুলি ৱেবাৰে যুক্তি দিছে । 

মেক্স ৱেবাৰে সামাজিক ক্ৰিয়াৰ চৰিত্ৰ (Characteristics)ৰ কথা উল্লেখ কৰিছে । এই চৰিত্ৰ চাৰিটাৰ বিষয়ে অৱগত হ’লে সামাজিক ক্ৰিয়াৰ বিষয়ে বুজাত আৰু সহজ হৈ উঠিব । 

সামাজিক ক্ৰিয়াৰ চৰিত্ৰসমূহ (Characteristics of Social Action): 

১) আনৰ ক্ৰিয়াৰ লগত সম্পৰ্ক (Relationship with actions of others): সামাজিক ক্ৰিয়াৰ সদায়েই অন্য ব্যক্তিৰ অতীত, বৰ্তমান বা ভৱিষত্ ক্ৰিয়াৰ লগত সম্পৰ্ক থকা হ’ব লাগিব । কৰ্তাই এই সম্পৰ্কৰ বি,য়ে অৱগত হ’ব লাগিব । অৰ্থাত্ সামাজিক ক্ৰিয়াৰ কেৱল এবাৰতেই শেষ হৈ নাযায়, ই পুনঃ পুনঃ সংঘটিত হ’ব । ৱেবাৰে মন্তব্য কৰিছে, ‘Social action which includes both failures to act and posses equience may be oriented to the past, present or accepted future behavior of other.’ 

২) সামাজিক ক্ৰিয়া পৃথকীকৃত নহয় (Social Action is not isolated): সমাজৰ ভিতৰত হোৱা কামহে সামাজিক ক্ৰিয়া হ’ব পাৰে । সমাজৰ পৰা একা,ৰীয়াকৈ কৰা কামক সামাজিক ক্ৰিয়া বুলিব নোৱাৰি । কোনো ব্যক্তিয়ে যদি ক’ৰবাত অকলে তপস্যা কৰি থাকে তেন্তে সি সামাজিক ক্ৰিয়া নহয়, অন্যহাতে মানুজনে যদি তেনে আলোচনা ধৰ্মামুষ্ঠানত ব্যক্তিৰ উপস্থিতিত কৰে তেন্তে ই সামাজিক হ’ব । এই প্ৰসঙ্গত ৱেবাৰে মন্তব্য এনেধৰণেৰে দিছে – ‘In every kind of action, even of over action, in social in the sense of the present discussions. Over action is non-social if it is oriented solely to the behaviour of the inanimate object.’  

৩) সমাজৰ ব্যক্তি বা সদস্যসকলৰ মাজত সহযোগিতা আৰু সংঘৰ্ষৰ ফলাফল (Result of cooperation and struggle between individuals or members of the society): সামাজিক ক্ৰিয়া হ’বলৈ হ’লে কোনো ব্যক্তিৰ লগত সহযোগিতা বা সংঘৰ্ষ, থকা হ’ব লাগিব . কিন্তু হঠাতে দুৰ্ঘটনা বা কিবা কাৰণত গোট খোৱা মানুহৰ জোখৰ সামাজিক ক্ৰিয়াৰ ভিতৰত ধৰিব নোৱাকি । ইচ্ছাকৃতভাৱে ঐক্যবদ্ধ হোৱা গোটৰ কাৰ্যহে সামাজিক ক্ৰিয়াৰ ভিতৰুৱা । এই প্ৰসঙ্গত ৱেবাৰৰ মন্তব্য এনেধৰণৰ- ‘Social action is not indentical with the similar action, actions of many persons or actions influenced by others. 

ওপৰত উল্লেখ কৰা এই চাৰিটা বৈশিষ্ট্যৰ যোগেদি মেক্স ৱেবাৰৰ সামাজিক ক্ৰিয়াৰ অৱধাৰণাৰ বিষয়ে ভালদৰে বুজিব পাৰি । এই বৈশিষ্ট্য বা চৰিত্ৰকেইটা থকা ক্ৰিয়াক ৱেবাৰে চাৰিটা ভাগত ভাগ কৰিছে । এই ভাগ চাৰিটাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল । 

সামাজিক ক্ৰিয়াৰ প্ৰকাৰ (Types of Social Action): 

১) পৰম্পৰাগত সামাজিক ক্ৰিয়া (Traditional Social Action):  যিবিলাক কাম পৰম্পৰাগত ওপৰত নিৰ্ভৰ কৰি কৰা হয় তেনে কাৰ্যকেই পৰম্পৰাগত সামাজিক, ক্ৰিয়া বোলা হয় । পিতৃ-পিতামহ আদিৰ দিনৰ পৰা চলি থকা কাৰণে কিছুমান কামক সামাজিক প্ৰথা আৰু পৰম্পৰা হিচাপে লৈ পালন কৰিবলৈ বাধ্য কৰোৱা হয় । যেনে- বিবাহিতা হিন্দু মহিলাই শিৰত সেন্দুৰ ল’ব লাগে । এই এটা পৰম্পৰা । এই পৰম্পৰা ভংগ কৰিলে সমাজত নিন্দনীয় হ’ব লাগে। গতিকে বিবাহিতা হিন্দু মহিলাসকলে এই পৰম্পৰা মানি আহিছে । এনে ধৰণৰ ক্ৰিয়াই পৰম্পৰাদত সামাজিক ক্ৰিয়া । সাধাৰণতে অধিকাংশ সামাজিক ক্ৰিয়াকে মানি চলিবলৈ সমাজে বাধ্য কৰায় । 

২) আৱেগিক সামাজিক ক্ৰিয়া (Emotional or Effective Social Action): মানুহৰ মনৰ আৱেগ-অনুভূতিৰ বাবে যি বিলাক কাৰ্য কৰা হয় তেনে কাৰ্যক আৱেগিক সামাজিক ক্ৰিয়া বোলা হয় । ভালপোৱা, আনন্দ, ঘৃণা, বিৰক্তি আদি প্ৰকাশৰ বাবে কিছুমান কাম কৰা হয় । যেনে – মৰমত কেঁচুৱাক চুমা খোৱা, আনন্দত জঁপিওৱা বা চিঞৰা আদি ধৰণে মানুহে নিজৰ আৱেগ ব্যক্ত কৰে । এইবোৰ কাৰ্যই আৱেগিক সামাজিক ক্ৰিয়া । এন কাৰ্য়ৰ লগত কোনো যুক্তিযুক্ততাৰ প্ৰশ্ন নুঠে । আৱেগ-অনুভূতিৰ বশৱৰ্তী হৈ ব্যক্তিয়ে স্বতঃস্ফুৰ্তভাৱেই এনে কাম কৰে । 

৩) সামাজিক মূল্যবোধক ক্ৰিয়া (Social Evaluative Actions): ধৰ্ম বা বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাকৰ ক্ৰিয়া কৰা হয় তাকে সামাজিক ক্ৰিয়াক মূল্যবোধ বা ক্ৰিয়া বোলা হয় । এনে সামাজিক ক্ৰিয়াৰ কিবা যুক্তি-যুক্ততা আছেনে নাই তাক চোৱা নহয় । সমাজৰ অধিকাংশ ব্যক্তিয়ে যিটো প্ৰতিমান সমাজত চলাটো বিচাৰে সেই প্ৰতিমাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্য় কৰা হয় । এনে প্ৰতিমানৰ পৰা কিবা লাভ হয়নে নহয় চিনাকি হওঁতে নমস্কাৰ দিব লাগে । বস্তুতাত্বিক লাভালাভৰ প্ৰতি লক্ষ্য নকৰি এনে কাৰ্য কৰি থকা হয় । এনেদৰে সমাজৰ প্ৰতিমান ৰক্ষাৰ্থে কৰা কাৰ্যকে সামাজিক মূল্যবোধক ক্ৰিয়া বুলি কোৱা হৈছে । 

৪) যুক্তিযুক্ত সামাজিক ক্ৰিয়া (Rational Social Action) এনেবিলাক সামাজিক ক্ৰিয়া যুক্তি-যুক্ততাৰে পৰিচালিত হয় । নিৰ্দিষ্ট লক্ষ্যৰ লগত কৰা কামৰ এটা সম্পৰ্ক থাকিব লাগিব । এনে সামাজিক ক্ৰিয়াত কৰ্তাজনে লাভ-লোকচানৰ বিষয়ে চিন্তা কৰে । উদাহৰণ স্বৰূপে- অৰ্থনৈতিক, বাজনৈতিক আদি দিশত কৰা কাৰ্য যুক্তিযুক্ত সামাজিক ক্ৰিয়া । এনে সমাজৰ ক্ৰিয়াত ব্যক্তিয়ে নিজকে লোকচানৰ দিশৰ পৰা আঁতৰাই ৰাখিব বিচাৰে ।

ওপৰত উল্লেখ কৰা সামাজিক ক্ৰিয়াৰ অৱধাৰণাই হ’ল মেক্স ৱেবাৰৰ সমাজতাত্ত্বিক অধ্যয়নৰ মূল চাবিকাঠি । তেওঁ সেই সম্পৰ্কে ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি সমাজতত্ত্বলৈ আন সিদ্ধান্তবোৰ আগবঢ়াইছে । 

প্ৰশ্নঃ 9. ৱেবাৰে কিদৰে ধৰ্মৰ লগত অৰ্থনীতিৰ সম্পৰ্ক স্থাপন কৰিছে তাক আলোচনা কৰা । 

(According to Max Weber how religion and economic interelated, Discuss.) 

Ans. মেক্স ৱেবাৰে এক পুংখানুপুংখ অধ্যয়নৰ জৰিয়তে ধৰ্মৰ লহত অৰ্থনৈতিক গাঁথনিৰ সম্পৰ্ক স্থাপন কৰিছে । বহতে উন্নতিকামী সমাজতাত্ত্ববিদ আৰু অৰ্থনীতিবিদ অৰ্থনৈতিক গাঁথনিৰ ক্ষেত্ৰত ধৰ্মৰ এক পৰিৱৰ্তনীয় ৰূপে আখ্যা দিব বিচাৰে । অৰ্থাত্ ধৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা হয় । ৱেবাৰৰ পূৰ্বে লিবন (Lebon), এলউদ (Elwood), ফ্ৰেজাৰ (Fraser), দুৰখেইম আদি সমাজ দাৰ্শনিকসকলে ধৰ্ম আৰু সমাজৰ সম্পৰ্কৰ বিষয়ে কিছুমান তথ্য প্ৰকাশ কৰিছিল । এই তথ্যবোৰৰ মতে ধৰ্ম মানৱ জীৱন আৰু সমাজৰ এক অবিছেদ্য অংগ । মেক্স ৱেবাৰে অগ্ৰসকলক অনুসৰণ কৰিছিল আৰু ধৰ্মৰ সম্পৰ্কত কেওঁৰ অৱধাৰণাই সমাজতত্ত্বত এক গুৰুত্বপূৰ্ণ স্থন অধিকাৰ কৰিলে । ৱেবাৰে ১৯০৪ চনত তেওঁৰ বিখ্যাত গ্ৰন্থ ‘Protectant Ethics and Spirit of Capitalism’ লিখি উলিয়ায় । ইয়াৰ আগতেই অৱশ্যে তেওঁ, Sociology for Religion’ নামৰ আন এখন গ্ৰন্থ প্ৰকাশ কৰে । এই দুয়োখন গ্ৰন্থতে ৱেবাৰে ধৰ্ম বিশ্বাসৰ পৰিৱৰ্তনৰ লগত যে সমাজৰ পৰিৱৰ্তন হয় তাকে উল্লেখ কৰিছে । 

মেক্স ৱেবাৰে ধৰ্মৰ ওপৰত কৰা অধ্যয়নৰ মূল বিষয়বস্তুটো হ’ল যে কোনো এখন সমাজৰ অৰ্থনীতিৰ বৈশিষ্ট্যৰ লগত ধৰ্মীয় নীতিৰ বিশেষ সম্বন্ধ আছে । ৱেবাৰে কৈছে -There is Direct relationship between ethics of a community and character of its economis system. ৱেবাৰে একোখন মানৱ সমাজৰ বাব অৰ্থনৈতিক দিশটোৰ প্ৰয়োজনীয়তা বিশেষভাৱে উপলব্ধি কৰিছে । সমাজৰ নীতি আৰু আদৰ্শই (Ethics and Ideology) অৰ্থনৈতিক গাঁথনিক প্ৰভাৱ পেলায় বাবেই এনে নীতি আৰু আদৰ্শৰ পৰিৱৰ্তনৰ লগে লগে অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন হয় । ৱেবাৰৰ মতে কোনো এখন সমাজৰ প্ৰচলিত অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়নৰ বাবে সমাজৰ নীতি আৰু আদৰ্শৰ পৰিৱৰ্তন ঘটোৱা প্ৰয়োজন। তেওঁৰ মতে ধৰ্মীয় গৌড়ামি চলি থাকিলে অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয় । অৰ্থনৈতিক উন্নয়নৰ বাবে কিছুমান পৰম্পৰাগত ধৰ্মীয় অন্ধবিশ্বাস ত্যাগ কৰিব লাগিব । এই ক্ষেত্ৰত ৱেবাৰে খ্ৰীষ্টধৰ্মত প্ৰটেষ্টান্ট পন্থীসকলৰ সংস্কাৰবাদী মনোভাৱৰ উল্লেখ কৰিছে । প্ৰচলিত খ্ৰীষ্টধৰ্মত প্ৰটেষ্টান্টাসকলে কৰা সমস্কাৰৰ ফলতেই ইংলেণ্ড, আমেৰিকা আদি দেশত পুঁজিবাদৰ জন্ম হৈছে বুলি ৱেবাৰে ক’ব খোজে । কেথলিক, অৰ্থাত্ পৰম্পৰাগত খ্ৰীষ্ট ধৰ্ম পালন কৰি থকাৰ বাবেই ইটালীৰ অৰ্থনৈতিক দিশত আগবাঢ়িব পৰা নাই । 

মেক্স ৱেবাৰে খ্ৰীষ্টান ধৰ্মৰ বাহিৰেও হিন্দু, বৌদ্ধ, কানফুছিয়াছ, টীও আদি ধৰ্মৰ বিষয়েও অধ্যয়ন কৰিছিল । এইবিলাক ধৰ্মতো যথেষ্ট অন্ধবিশ্বাস আছে আৰু এই বিশ্বাসবোৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতিবন্ধক । উদাহৰণস্বৰূপে বহুতো হিন্দু ব্যক্তিয়ে আহাৰ মাহত ৭ৰ পৰা ১১ তাৰিখলৈ আম্বুবাচীৰ বাবে হাল বোৱা কাৰ্য নকৰে । ই এটা অন্ধবিশ্বাস । এই বিশ্বাসৰ ফলত এখন কৃষিভিত্তিক সমাজৰ উত্পাদনত বিশেষ ক্ষতি হ’ব পাৰে . গতিকে তেনে ক্ষেত্ৰত নতুন চিন্তাধাৰা সূচনা হৈ হালবোৱা কাৰ্য ব্যাহল মহ’লে স্বাভাৱিকতে উত্পাদন বৃদ্ধি হ’ব । এনেদৰে অৰ্থনৈতিক উন্নয়নৰ বাবে মেক্স ৱেবাৰে বিভিন্ন ধৰ্মত থকা অন্ধবিশ্বাসৰ বিৰুদ্ধে সমাজক সচেতন হ’বলৈ নিৰ্দেশ দিছে । এই ক্ষেত্ৰত মনস্তাত্বিক দিশটোক সম্পৰ্ক বাহ্যিক জগতৰ লগতহে হ’ব লাগে বুলি ৱেবাৰে কৈছে । অৰ্থাত্ মনস্তত্ত্বৰ লগত পুঁজিবাদ গঠনৰ প্ৰত্যক্ষ সম্বন্ধ আছে । 

ৱেবাৰে তেওঁৰ বিখ্যাত গ্ৰন্থখনত ব্যৱহাৰ কৰা ‘Spirit of Capitalism’ ধাৰণাৰ যোগেদি মানুহৰ উপাৰ্জনৰ বাবে থকা ইচ্ছাৰ ফলত কৰা কাম-কাজক বুজাইছে । উপাৰ্জনৰ ইচ্ছা থকা ব্যক্তিয়ে প্ৰচলিত অন্ধবিশ্বাস আৰু কু-প্ৰথাৰ বিপৰীতেও কাম কৰিব লাগিব । ৱেবাৰৰ উক্তিক বিশ্লেষণ কৰি টালকট পাৰচনচ ও মন্তব্য কৰিছে , What Weber calls, “Spirit of Capitalism, is a set of attitudes towards the acquisition of money and the activities involved in it. It is of course, an attitude which strongly endorses such acquisitive activities but not in any and every form among positive attitudes towards a quite specific one . 

মেক্স ৱেবাৰে আধুনিক পুঁজিবাদৰ পৃষ্ঠপোষকতা কৰে । তেওঁৰ মতে আধুনিক পুঁজিবাদৰ বাবে শুদ্ধ অৰ্থনীতি আৰু বিশেষ ধৰণৰ মানসিকতাৰ প্ৰয়োজন । অন্ধবিশ্বাসী লোকসকলে আধুনিক পুঁজিবাদৰ বাবে যোগ্য নহয় । আধুনিক পুঁজিবাদৰ বাবে ব্যক্তি মনস্তাত্বিকভাৱে সবল আৰু আদৰ্সগত ধাৰণা থকা হ’ব লগিব । অৱশ্যে ইয়াৰ কাৰণে বিশেষ ধৰণৰ সমাজ ব্যৱস্থাৰো প্ৰয়োজন । ৱেবাৰৰ মতে আধুনিক পুঁজিপতি গঠনৰ বাবে ক্ইটামান বিশে, অৱস্থাৰ প্ৰয়োজন সেইকেইটা হ’ল- 

১) ব্যৱসায় বাণিজ্য বৈজ্ঞানিক ভিত্তিত সুন্দৰ ধৰণে পৰিচালিত হ’ব লাগিব । 

২) উত্পাদন কাৰ্যত বৈজ্ঞানিক ভিত্তি আৰু কৈশল ব্যৱহাৰ কৰিব লাগে আৰু উত্পাদানৰ আহিলাসমূহ উপযুক্ত হ’ব লাগে । 

৩) উত্পাদনৰ নীতি আৰু দৃষ্টিভংগী বৈজ্ঞানিক ভিত্তিত হ’ব লাগে । 

৪) মুক্ত বনুৱাৰ আৰু মুক্ত সংগঠকৰ প্ৰয়োজন । 

৫) সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ বাবে সুন্দৰ বজাৰ ব্যৱস্থা থাকিব লাগে । 

উপৰিউক্ত অৱস্থাতেইটাৰ বাবে বিশেষ ধৰণৰ সমাজ ব্যৱস্থা আৰু ধৰ্মীয় আদৰ্শৰ প্ৰয়োজন । ৱেবাৰৰ মতে পুঁজিপতি Time in money আৰু “Money grows money” হ’ল এটা মূল আদৰ্শ । পুঁজিপতি গঠনত সাধুতাই (Honesty) বিশেষ সহায় কৰে । 

পুঁজিপতি সমাজৰ বৈশিষ্ট্য (Characteristic of Capitalism): পুঁজিপতি সমাজ ব্যৱস্থাত তলত দিয়া বৈশিষ্ট্যবোৰ দেথা যায় । 

১) ব্যৱসায়-বাণিজ্যই ব্যক্তিগত সম্পত্তিৰ ওপৰত নিৰ্ভৰ কৰে । 

২) ব্যৱসায়-বাণিজ্য বৈজ্ঞানিক ভিত্তি সমগঠিত হয় । 

৩) বজাৰৰ চাহিদা অনুসৰি লাভ উপাৰ্জনৰ বাবে উত্পাদন কৰা হয় । 

৪) কেৱল উপভোগৰ বাবে উত্পাদন নকৰি উপাৰ্জনৰ বাবে উত্পাদন কৰা হয় । 

৫) কৰ্মৰ প্ৰতি উত্সাহ দেখা যায় । 

৬) একোটা বৃত্তিত উপযুক্ততা আৰু বিশ্বাস থকা লোকক নিয়োগ কৰা হয় । 

ৱেবাৰৰ মতে এনে এখন আধুনিক পুঁজিপতি সমাজত ব্যৱসায়-বাণিজ্য দৈনন্দিন জীৱনত পালন কৰা ধৰ্মৰ অংশ হ’ব লাগে । ধৰ্মীয় নীতিমতে ব্যক্তিসকলক সাধুতা, উপযুক্ততা, পৰিপাটিতা আদিৰ বাবে উদগনি দিব লাগে । ধৰ্মত এনে নীতি থাকিলেহে অৰ্থনৈতিক উন্নয়ন হ’ব পাৰে বুলি ৱেবাৰে  ক’ব খোজে । প্ৰটেষ্টান্ট ধৰ্মত এনে নীতি থকাৰ বাবেই অৰ্থনৈতিক উন্নয়ন সম্ভৱ হৈছে । 

প্ৰটেষ্টান্ট পন্থীসকল বাস্তুবাদী কল্যাণৰ বাবে বেি আগ্ৰহী । মেক্স ৱেবাৰে নিজেই কৈছে- “Protestantism created favourable conditions and the psychology for the growth of modern capitalism.” 

ৱেবাৰৰ মতে প্ৰটেষ্টান্ট বা প্ৰতিবাদী পন্থীসকল আৰু আধুনিক পুঁজিপতি ব্যৱস্থা গঠন হ’লেই আধুনিক পুঁজিপতিৰ গঠন হ’ব পাৰে । আনহাতে পুঁজিপতি ব্যৱস্থা গঠন হ’লেই ধৰ্মৰ ক্ষেত্ৰত পুনৰ্বাৰ কেথলিক বাষ্ট্ৰসমূহৰ পিছপৰা অৰ্থনীতিৰ কথা দোহাৰিছো । প্ৰটেষ্টান্ট পন্থীসকলৰ মতে কৰ্মইহে উপাসনা । এই কথাই মানুহক কৰ্মবিমুখ আৰু আজৰি সময়ৰ পৰা পৰিত্ৰাণ দিয়ে, ফলত অৰ্থনৈতিক অৱস্থা উন্নত হ’ব পাৰে । 

প্ৰশ্নঃ 10. ধৰ্মৰ মৌলিক উপাদানসমূহৰ বিষয়ে আলোচনা কৰা ? 

Discuss the basic components of religion. 

উত্তৰঃ ধৰ্মৰ মৌলিক উপাদানসমূহঃ 

সমাজতত্ত্ববিদসকৰ মতে ধৰ্মৰ কেতবোৰ মৌলিক উপাদান থাকে । এণ্ডাৰচন আৰু পাৰকাৰৰ মতে প্ৰতিটো ধৰ্মৰে চাৰিটা মৌলিক উপাদান থাকে । তেওঁ উল্লেখ কৰা ধৰ্মৰ মৌলিক উপাদানসমূহ এনে ধৰণৰ- 

ক) অতিমানৱীয় শক্তিৰ ওপৰত বিশ্বাস (Belief in supernatural forces): এণ্ডাৰচন আৰু পাৰকাৰৰ মতে প্ৰতিটো ধৰ্মীয় সম্প্ৰদায়ৰ লোকেই এক অলৌকিক তথা অতিমানৱীয় শক্তিক বিশ্বাস কৰে . এই অলৌকিক শক্তি তথা was মানৱ সমাজক প্ৰভাৱিত কৰে । এনে শক্তিক কোনোবাই ভগৱান আৰু দেৱ-দেৱীৰ ৰূপত বিশ্বাস কৰে । কোনোৱে কিন্তু এনে শক্তি একো নামেৰে নামাকৰণ কৰা নাই । কেৱল এক অদৃশ্য আৰু পাৰমাৰ্থিক সত্তা হিচাপে বিবেচনা কৰে। 

খ) অতিমানবীয় শক্তিৰ সৈতে মানুহৰ সহাবস্থান (Man’s adjustment to supernatural powers): এণ্ডাৰচন আৰু পাৰকাৰৰ মতে মানুহ অতিমানৱীয় শক্তিৰ ওচৰত পৰাভূত আৰু সেয়েহে এই শক্তিৰ ওচৰত সবাৱস্থান কৰে । এই ক্ষেত্ৰত এনে অতিমানৱীয় শক্তিৰ প্ৰতি থকা ভয়, শংকা ইত্যাদিৰ বাবে মানুহে এনে শক্তিৰ সন্তুষ্টিৰ বাবে বাহ্যিকভাৱে কেতবোৰ আচৰণৰ প্ৰদৰ্শন কৰে । এনে বাহ্যিক আচৰণবোৰৰ ভিতৰত প্ৰাৰ্থনা, কাৰ্তন, যাগ-যজ্ঞ, স্তুতি আদি উল্লেখযোগ্য । অলৌকিক শক্তিৰ প্ৰতি প্ৰদৰ্শন কৰা অনে বাহ্যিক আচৰণ বা কৰ্মৰ অবিহনে মানুহে নিজকে পাপী বুলি বিবেচনা কৰে । অৰ্থাত্ ভগৱান বা আন কোনো অলৌকিক গুণনুকীৰ্তন নকৰে, তেতিয়া তেনে লোকক সকলো ধৰ্মই পাপী বা পাপিষ্ঠ ব্যক্তি হিচাপে বিবেচনা কৰে ।  

গ) কেতবোৰ কৰ্ম আচৰণ দোষণীয়ঃ পৃথিৱীৰ প্ৰতিটো ধৰ্মতে মানুহে প্ৰদৰ্শন কৰা । কেতবোৰ আচৰণ তথা ক্ৰিয়া কৰ্মক দোষণীয় বুলি বিবেচনা কৰা হয় । অৱশ্যে এয়াৰ মাজতে মানুহে সমাপন কৰা কেতবোৰ কাম পবিত্ৰ আৰু মানুহ তথা সমাজৰ হিতৰাকী । কিন্তু এনে কিছুমান কাম আছে যিবোৰ কাম কৰিলে মানুহৰ অনিষ্ট হয় আৰু মানুহ আৰু স্মশ্মৰৰ সম্পৰ্কত বিভিনি ঘটে, তেনে কামৰ বাবে সেই মানুহৰ ওপৰত ভগৱানৰ কোপদৃষ্টি পৰে বুলি প্ৰায়বোৰ ধৰ্মতে বিশ্বাস কৰা হয় । 

ঘ) মোক্ষপ্ৰাপ্তি কৌশলঃ এণ্ডাৰচন আৰু পাৰকাৰৰ মতে পৃথিৱীৰ প্ৰতিটো ধৰ্মৰে মোক্ষপ্ৰাপ্তি বা ইহ সংসাৰৰ পৰা মুক্তি লাভ কৰা পথ সম্বন্ধে নিজৰ কেতবোৰ ব্যাখ্যা মতামত আছে . ইহ সংসাৰৰ পৰা মুক্তি লাভ কৰাটো যিকোনো এজন ধৰ্মপৰায়ণ মানুহৰ জীৱনৰ চৰম লক্ষ্য । ভাৰতবৰ্ষৰ হিন্দু শাস্ত্ৰকাৰসকলৰ মতে চাৰিটা পথ অতিক্ৰমৰ জৰিয়তে ইহ সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰি । যোগ মাৰ্গ Yoga Marga, জ্ঞান মৰ্গা Jnana Marg, ভক্তি মাৰ্গ Bhakti Marg আৰু কৰ্ম মাৰ্গ Karma Marg এই চাৰি পথ বা উপায় অতিক্ৰম কৰিব পাৰিলে এজন হিন্দুৱে মোক্ষ লাভ কৰিব পাৰে বুলি বিশ্বাস কৰা হয় । বৌদ্ধ ধৰ্মীয় লোকসকলৰ মাজতো মোক্ষণৰাপ্তি সম্বন্ধীয় ধাৰণা প্ৰচলন আছে । বৌদ্ধ ধৰ্মৰ লোকসকলে ইয়াক নিৰ্বাণ বোলে । 

প্ৰশ্নঃ 11. ধৰ্ম সম্বন্ধীয় বিভিন্ন সংজ্ঞা দিয়া ? 

There are different definitions of religion. 

উত্তৰঃ ধৰ্মৰ সমাজতাত্ত্বিক (Social definition of Religion): 

ধৰ্ম সম্বন্ধে বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন দেশৰ নৃতত্ত্ববিদ আৰু সমাজতত্ত্ববিদসকলে তেওঁলোকৰ মতামত তথা সংজ্ঞা আগবঢ়াইছে । ধৰ্ম সম্বন্ধে তেওঁলোকে যিবোৰ সমাজতত্ত্বীয় ব্যাখ্যা আগবঢ়াইছে , সেইবোৰ অতি তাত্পৰ্যপূৰ্ণ; কিন্তু তেওঁলোকৰ ধৰ্ম সম্বন্ধীয় অৰ্থ বা ব্যাখ্যাৰ দৃষ্টিভংগী প্ৰত্যেকৰে কিছু সুকীয়া । হ’লেও বিভিন্ন সমাজতত্ত্ববিদ তথা নৃতত্ত্ববিদসকলৰ ধৰ্ম সম্বন্ধীয় ভিন্ন দৃষ্টিভংগীৰ সমাজত্ত্বীয় অৰ্থ বা ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি আমি নিশ্চয় ধৰ্মনো কি এই সম্পৰ্কে এক সৰ্বজনীন মতত উপনীত হ’ব পাৰিম । সেয়েহে তলত কেইজন মান চিন্তাবিদৰ ধৰ্ম সম্বন্ধীয় কেইটামান অতি গুৰুত্বপূৰ্ণ সংজ্ঞা উল্লেখ কৰা হ’ল ।

ইমাইল দৰখেইমৰ মতে, “ধৰ্ম হ’ল পবিত্ৰ সত্তাৰ লগত সম্বন্ধ থকা বিশ্বাস আৰু একে ধৰণৰ আচৰণৰ এটা পদ্ধতি , যি অনুসৰণ কৰা সকলোকে এক নৈতিক সম্প্ৰদায় হিচাপে একত্ৰিত কৰি ৰাখে ।” [Religion is a unified system of beliefs and practices relative to sacred things which unite into one single moral community…all those aghere to them.] 

দুৰখেইমে তেওঁৰ এই সংজ্ঞাৰ দ্বাৰা ধৰ্মৰ দুটা দিশ উল্লেখ কৰিছে । এই দুটা দিশ হৈছে অপবিত্ৰ । তেওঁৰ মতে পবিত্ৰতা বা পবিত্ৰ আচৰণৰ সমষ্টিয়েই হ’ল ধৰ্ম । দুৰখেইমৰ মতে মানুহে সমাজত কেতবোৰ বস্তু বা কেতবোৰ ঠাইক পবিত্ৰ হিচাপে বিবেচনা কৰে আৰু সেই বস্তু বা ঠাইৰ প্ৰতি এক বিশেষ আচৰণ প্ৰদৰ্শন কৰে । এনে পবিত্ৰ বস্তুৰ প্ৰতি আচৰণ প্ৰদৰ্শনৰ জৰিয়তে একো একোটা ধৰ্মীয় সম্প্ৰদায়ৰ সৃষ্টি হয় । দুৰখেইমৰ এই সংজ্ঞাৰ পবিত্ৰ আৰু অপবিত্ৰৰ যি দুই ধাৰণা স্পষ্ট হৈছে এই সম্পৰ্কে মৰিছনে কৈছে যে, “পবিত্ৰতা আৰু অপবিত্ৰতাক কেন্দ্ৰ কৰিয়েই সমস্ত পৃথিৱীৰ সমাজখন দুটা ভাগত হৈছে আৰু এইটোৱেই হৈছে ধৰ্মীয় জীৱনৰ বিশেষত্ব ।” 

টি. বি. বৰ্ট’মৰৰ মতে, ধৰ্ম হৈছে পবিত্ৰতাৰ লগত একাত্ম হৈ থকা বিশ্বাস আৰু ক্ৰিয়া পদ্ধতি । 

ধৰ্ম সম্বন্ধে বট’মৰৰ মতামত দুৰখেইমৰ মতামতৰ লগত মিল আছে । দুৰখেইমৰ দৰে বট’মৰেও ধৰ্ম পবিত্ৰ ধাৰণাৰ লগত সম্পৰ্কতিত বুলি কৈছে । তেওঁৰ মতে কোনো পবিত্ৰ বস্তুৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক কেন্দ্ৰ কৰিয়েই মানুহে কেতবোৰ ক্ৰিয়াকলাপ সম্পন্ন কৰে । এনে ক্ৰিয়াকলাফৰ সমষ্টিয়েই হ’ল ধৰ্ম । 

জেম্চ জি. ফ্ৰেজাৰৰ মতে, “ ধৰ্ম হ’ল মানুহতকৈ শ্ৰেষ্ঠ শক্তিৰ ওপৰত বিশ্বাস, যি প্ৰকৃতি আৰু মানৱ জীৱনৰ চিৰপ্ৰবহমান গতিটো পৰিচালিত আৰু নিয়ন্ত্ৰিত কৰে বুলি বিশ্বাস কৰা হয় । 

ফ্ৰেজাৰে তেওঁৰ এই সংজ্ঞাৰ জৰিয়তে ধৰ্মৰ ক্ৰিয়াত্মক দিশতে প্ৰতিফলন ঘটাইছে । তেওঁৰ মতে ধৰ্ম কোনো এক অতিমানৱীয় শক্তিৰ ওপৰত বিশ্বাসৰ ওপৰতেই আমাৰ সমাজখনৰ পৰিচালিত আৰু নিয়ন্ত্ৰিত হয় । সমাজৰ সুস্থিৰতা ৰক্ষা, অপায়-অমংগল আৰু অসমাজিক কাৰুকাৰ্যত লিপ্ত হোৱাৰ মানসিকতাক আঁতৰাই ৰখাত এই অলৌকিক আৰু শ্ৰেষ্ঠ শক্তিৰ ওপৰত বিশ্বাসে মানুহ ততা সমাজক বহগুণ সহায় কৰে । গতিকে ফ্ৰেজাৰে সাজতত্ত্বীয় দৃষ্টিভংগীৰে ধৰ্ম সম্বন্ধে ব্যাখ্যা আগবঢ়াইছে, সেয়া সকলোৰে বাবে গ্ৰহণযোগ্যই নহয় ই অতি গুৰুত্বপূৰ্ণ । 

ব্ৰনিচল মেলিন’ৱস্কি (bronisław Malinowski)ৰ মতে “ধৰ্ম হ’ল আচৰণ তথা প্ৰিয়াৰ এটা ধৰণ, বিশ্বাসৰ এটা পদ্ধতি, এটা সমাজতাত্ত্বিক গঠনা আৰু এক ব্যক্তিগত অভিজ্ঞতা।” 

বি. মেলিন’ৱস্কিয়ে তেওঁৰ সংজ্ঞাৰ যোগেদি এটা কথা প্ৰতিপন্ন কৰিব বিচাৰিছে যে কোনো এক শক্তিৰ ওপৰত বিশ্বাস ৰাখি মানুহে যি বিশেষ আচৰণ প্ৰকাশ কৰে সেয়ে ধৰ্ম । তেওঁ মানুহে প্ৰকাশ কৰা এই ধৰ্মীয় আচৰণৰ এক সমাজতাত্বিত ঘটনা হিচাপে অভিহিত কৰিছে । 

মেক আইভাৰ আৰু পেজৰ মতে, “আমি জনাত ধৰ্মই মাথোন ব্যক্তিসকলৰ মাজৰ সম্বন্ধকে নুবুজায়; বৰং ধৰ্মই ব্যক্তি আৰু কেতবোৰ সৰ্বোচ্চ শক্তিৰ মাজত তখা সম্বন্ধৰ কথাও নিৰ্দেশিত কৰে” । 

ধৰ্ম সম্বন্ধীয় আনবোৰ সংজ্ঞাৰ তুলনাত মেক আইভাৰ আৰু পেজৰ সংজ্ঞাই এক সুকীয়া বৈশিষ্ট্য প্ৰতিপন্ন কৰিছে । এই সংজ্ঞাৰ জৰিয়তে তেওঁসোকে ক’ব বিচাৰিছে যে ধৰ্মৰ জৰিয়তে মানুহৰ এক সৰ্বোচ্চ শক্তিৰ লগত সম্বন্ধ স্থাপন হয় । 

প্ৰশ্নঃ 12. সৰ্বাত্মাবাদৰ সিদ্ধান্তটি কোনে আগবঢ়াইছিল? সৰ্বাত্মাবাদৰ ধাৰণা ব্যাখ্যা কৰি এটি সমালোচনা আগবঢ়োৱা ? 

উত্তৰঃ ধৰ্মৰ উত্পত্তি সম্বন্ধীয় সৰ্বাত্মাবাদ সিদ্ধান্ত আগবঢ়াইছে ই. বি. টাইলৰ আৰু হাবাট স্পেনচাৰে । টাইলৰ হৈছে এঅ সিদ্ধান্তৰ মুখ্য পৃষ্ঠপোষক । টাইলৰ আৰু স্পেনচাৰৰ মতে আত্মা সম্বন্ধীয় ধাৰণাই হ’ল সিদ্ধান্তৰ মূল কথা । 

টাইলৰৰ মতে ধৰ্মৰ উত্পত্তিৰ মূল হ’ল- আত্মাৰ বিষয়ে থকা মানুহৰ বিশ্বাস । টাইলৰৰ মতে আদিম সপোন সম্বন্ধে মানুহৰ কিছুমান ভ্ৰান্তমূক বিশ্বাস আছিল . তেওঁৰ মতে শুই থকা অৱস্থাত মানুহৰ দেহটো এটা অচেতন আৰু নিশ্চল পদাৰ্থৰ দৰে পৰি থাকে । শুই থকা সময়ছোৱাত সপোন নানা ধৰণৰ লৌকিক বা অলৌকিক কাম সক্ৰিয়ভাৱে কৰি থাকে । আনকি শুই থকা অৱস্থাত কোনো মৃত লোকৰ লগতো বাৰ্তালাপ কৰে । এইবোৰ কেনেকৈ সম্ভৱ হ’ব পাৰে এই বিষয়ে চিন্তা কৰি এদিন মানুহৰ ধাৰণা হ’ল যে মানুহৰ সত্তা প্ৰকৃততে দুটা । তাৰ এটা হ’ল আমাৰ মূৰ্ত জেত মঙহৰ দেহাটো আৰু আনটো হ’ল আমাৰ এই দেহাৰ ভিতৰতে অন্তনিৰ্হিত হৈ থকা অমূৰ্ত আত্মা । টাইলৰৰ মতে এই অমূৰ্ত আত্মাটো আমি শুই থকা অৱস্থাত আমাৰ মূৰ্ত দেহাটোতকৈ বহখিনি শক্তিশালী, মহিমাময়ী, সূক্ষ্ম আৰু গতিশীল। সেইকাৰণে ই সপোনত ইমানবোৰ আশ্চৰ্যজনক ক্ৰিয়া সমাপন কৰিবলৈ সমৰ্থ হ’ব পাৰে । সেয়েহে মানুহে নিজৰ এই অভিজ্ঞতাৰ পৰা এই কথাও উপলব্ধি কৰিলে যে পৃথিৱীৰ সকলো জীৱন্ত বস্তুৰেই আত্মা আছে । আত্মা হৈছে সকলো বস্তুৰ জীৱন স্বৰূপ । এই আত্মা আঁতৰি গ’লেই বস্তু নিজৰ অৱস্থাৰ ৰূপ লয় ইয়াৰ ৰূপান্তৰ ঘটে । 

আত্মাই কেনেকৈ প্ৰেতাত্মা ৰূপ পালে এই বিষয়েও টাইলাৰে ব্যাখ্যা আগবঢ়াইছে । টাইলৰৰ মতে আদিম সমাজৰ মানুহৰ মাজত মৃত্যু সম্পৰ্কে এক সুকীয়া আৰু ভুল ধাৰণা আছিল । সেই সময়ত মানুহৰ বিশ্বাস মতে মৃত্যু আছিল এক অনন্ত নিদ্ৰা । এনে নিদ্ৰামগ্ন অৱস্থাত মানুহৰ অমূৰ্ত আত্মাটোৱে সেই নিদ্ৰিত দেহা পৰিত্যাগ কৰি এক মুক্ত আৰু স্বতন্ত্ৰ আত্মাত পৰিণত হয় । এই মুক্ত আৰু স্বতন্ত্ৰ আত্মাবোৰেই প্ৰেতাত্মাৰ ৰূপ লৈ মানুহৰ ওচৰলৈ পুনৰ ঘূৰি আহে । মানুহৰ নিচিনাকৈয়ে এই প্ৰেতাত্মাবোৰে কিছুমান ভোগ বিলাসৰ উদ্দেশ্যেৰে জীৱন্ত মানুহৰ মাজত বিচৰণ কৰি ফুৰে । এই প্ৰেতাত্মাবোৰে ভোক পিয়াহ বা অন্যান্য ভোগ-বিলাস পুৰণৰ বাবে মানুহৰ ওচৰত পৰোক্ষভাৱে বেমাৰ-আজাৰ, বিপদ-আপদ সৃষ্টি কৰি অত্যাচাৰ বা উত্পীড়ন আৰম্ভ কৰে । এনে বিশ্বাসৰ বশৱতী হৈয়েই মানুহে মৃত লোকৰ আত্মাৰ প্ৰতি পূৰ্বপুৰুষক পূজা দান কৰাটোৱেই সকলো ধৰ্মৰ আদিম অৱস্থা । টাইলৰৰ মতে আদিম অৱস্থাত মানুহে জড়-জগত আৰু জীৱ-জগতৰ মাজত থকা পাৰ্থক্য বুজি পোৱা নাছিল । সেই সময়ত আদিম লোকসকলে মানুহৰ দৰেই জড় পদাৰ্থতো আত্মা বিৰাজমান বুলি উপলব্ধি কৰিছিল । সেই মানুহে বিশ্বাস কৰিছিল যে মানুহৰ জীৱনৰ অধিকাৰী হ’ল মানৱত্মা । আৰু জড়জগতৰ অধিকাৰী হ’ল জড়াত্মা । জড় পদাৰ্থতো এক শক্তি নিহিত থাকে বুলি মানুহে বিশ্বাস কৰিছিল । 

মানুহৰ লগত এনে জড় পদাৰ্থৰ সম্পৰ্ক থাকে আৰু সেই বাবে এই বিশেষ শক্তি সম্পন্ন জড় পদাৰ্থসমূহক পূজা-পাতল কৰিছিল । আদিম সমাজত বিভিন্ন গছ-লতা, গ্ৰহ-নক্ষত্ৰ, জীৱ-জন্তু আদিক পূজা কৰিছিল । 

ই.বি. টাইলৰৰ দৰে হাৰ্বাৰ্ট স্পেনচাৰেও ধৰ্ম উত্পত্তি সম্বন্ধে তেওঁৰ মতামত প্ৰকাশ কৰিছে । স্পেনচাৰৰ মতে আদিম সমাজত মানুহৰ নাম কেবোৰ জড় পদাৰ্থ বা জীৱ-জন্তুৰ নামেৰে নামাকৰণ কৰা হৈছে । সেয়েহে জীৱ-জন্তু বা কোনো জড় পদাৰ্থক এক প্ৰকৃত আত্মাযুক্ত জীৱন্ত লোক বুলি বিশ্বাস কৰিছিল । পূৰ্ব পুৰুষৰ কাৰোবাৰ নাম যদি “বাঘ’ বা ‘সিংহ’ দিয়া হৈছিল সেইটোকে প্ৰকৃত বাঘ বা সিংহ বুলিয়েই ধৰি লৈছিল আৰু সেই অনুক্ৰম সেই পূৰ্ব পুৰুষ পূজা কৰা আৰম্ভ কৰি জড়জগত আৰু জীৱ জগতৰ বস্তুকো পূজা কৰিবলৈ লৈছিল । 

সমালোচনাঃ ই.বি. টাইলৰ আৰু হাৰ্বাৰ্ট স্পেনচাৰে  আগবঢ়োৱা সৰ্বাত্মবাদ সিদ্ধান্ত সমালোচনা মুক্ত নহয় । বিভিন্ন সমালোচনাকে ধৰ্ম ুত্পত্তি সম্বন্ধীয় তেওঁলোকৰ ব্যাখ্যাসমূহত কেতবোৰ ভূল-ত্ৰূটি প্ৰত্যক্ষ কৰিছে । এই সিদ্ধান্তৰ ভূল ত্ৰূটিসমূহক সমালোচৰসকলে এনেদৰে উল্লেখ কৰিছে – 

১) টাইলৰে এই সিদ্ধান্ত এটা কথা উল্লেখ কৰিছে যে আদিম সমাজত মানুহৰ জড়জগত আৰু জীৱজগতৰ সম্পৰ্কে শুদ্ধ ধাৰণা নাছিল । তেওঁলোকৰ অজ্ঞতাই আছিল ইয়াৰ মূল কাৰণ। টাইলৰৰ এই মতামত তথা ব্যাখ্যাক সমালোচকসকলে পোনচাটেই প্ৰত্যাখ্যান কৰিছে আৰু কৈছে যে আদিম মানুহবিলাক ইমান অজ্ঞ আছিল বুলি কোনে প্ৰমাণ নাছিল । সমালোচকসকলৰ মতে আদিম জনজাতীয় সমাজবোৰত জড়-জগত আৰু জীৱ-জগতৰ মাজত পাৰ্থক্য আৰু জ্ঞানৰ বি,য়ে বহতো প্ৰমাণ আছে । অৰ্থাত্ আদিম সমাজৰ মানুহ একেবাৰে জ্ঞানশূন্য বা অজ্ঞ নাছিল । ইমাইল দুৰখেইমে উল্লেখ কৰিছে যে মেলানেছিয়াৰ কোনো আদিম জনজাতীয় লোকেই জড়জগতৰ আত্মা বা প্ৰেতাত্মা আছে বুলি বিশ্বাস নকৰে । তেওঁলোকে আত্মা মানে মানুহ বা জীৱকুলৰ আত্মাৰ কথাকে বিজে । সেয়েহে দুৰখেইমৰ এই ব্যাখ্যাৰ পৰা মেলানেছিয়ান সকলক কোনো কাৰণতে অজ্ঞ বা জ্ঞানশূন্য বুলি বিবেচনা কৰিব পৰা নাযায় । গতিকে টাইলৰে ম েলানেছিয়ান বা আন কোনো জনজাতিক অজ্ঞতাৰ ৰূপত সজোৱাটো কোনো কাৰণতে স্বীকাৰ কৰিব নোৱাৰি । 

২) সৰ্বাদত্মাবাদ সিদ্ধান্ত ব্যাখ্যাসমূহক সমালোচনা কৰি কিংছলি ডেভিছে কৈছে যে সৰ্বাত্মাবাদ কোনো সাৰ্বভৌম্ক ধৰ্ম নহয় । তেওঁ যুক্তি সহকাৰে উল্লেখ কৰিছে যে যদি মানৱ ধৰ্মৰ সূত্ৰপাত সৰ্বাত্মাবাদ সিদ্ধান্ত বুলি ধৰি লোৱা হয়, তেতিয়া সকলো আদিম শিৱৰ সকলো মান সমানে পোৱা গ’লহেঁতেন । এই সৰ্বাত্ববাদৰ ওপৰত বিশ্বাসী পৃষ্ঠৰ সমাজতে সৰ্বজনীনভাৱে দেখিবলৈ পোৱা নাযায় । ডেভিছৰ মতে কোনো পূৰ্বপূৰুষক পূঁজা কৰা পৰস্পৰা মানৱ সমাজত পৰমকৈহে সূচনা হয়।

টাইলৰ আৰু স্পেনচাৰৰ ধৰ্ম উত্পত্তি সম্বন্ধীয় ব্যাখ্য়াবোৰ ভিত্তিহীন আৰু কল্পনা প্ৰসূত। এনে ব্যাখ্যা  কোনো বৈজ্ঞানিক সত্যতা নাই । তেওঁলোকৰ ব্যাখ্যা কোনো তথ্য সমৃদ্ধ ব্যাখ্যা নহয় । এই ব্যাখ্যা সন্দেহজনক । 

অৱশ্যে টাইলৰৰ সৰ্বাত্মাবাদ সম্বন্ধীয় এই । সিদ্ধান্তটোত সমালোচকসকলে কেতবোৰ ভুল-ত্ৰূটি বিচাৰি পাইছে  যদিও কিছু পৰিমাণে হ’লেও ইয়াৰ সত্যতা অস্বীকাৰ কৰিব নোৱাৰি । কিয়নো দেখা যায় যে কেৱল আদিম সমাজতেই নহয় বৰ্তমান আধুনিক অৰ্চনা কৰা দেখা যায় । আধুনিক সমাজবোৰতো কেতবোৰ মানুহে কিছুমান পদাৰ্থত আত্মা বিৰাজমান বুলি ধৰ্মীয় ক্ৰিয়াকৰ্ম সম্পাদন কৰা দেখা যায় । অসমৰ মিছিং সম্প্ৰদায়ৰ একাংস লোকে বিজুলী ঢেৰেকনিক ভয় কৰে বাবে ‘চৰক’পূজা কৰা দেখা যায় । গতিকে এনেবোৰ দিশৰ পৰা প্ৰমাণিত হয় যে চাইলৰৰ সৰ্বাত্মাবাদ সিদ্ধান্ত ধৰ্মৰ উত্পত্তিৰ ক্ষেত্ৰত সৰ্বজনীন সিদ্ধান্ত নহ’লেও ইয়াৰ যুক্তিযুক্তা আৰু গুৰুত্ব নথকা নহয়। 

প্ৰশ্নঃ 13. প্ৰকৃতিবাদৰ প্ৰৱৰ্তক কোন ? ইয়াৰ ধাৰণা ব্যাখ্যা কৰি সমালোচনাত্মক এটি টোকা লিখা । 

উত্তৰঃ প্ৰকৃতিবাদঃ জাৰ্মানীৰ বিখ্যাত ভাষাতত্ত্ব্বিদ মেক্স মূলাৰ হৈছে প্ৰকৃতিবাদ সিদ্ধান্তৰ মুখ্য পৃষ্ঠপোষক । তেওঁৰ মতে কেতবোৰ প্ৰাকৃতিক শক্তিয়েই হৈছে মানৱ সমাজত ধৰ্ম উত্পত্তিৰ মূল কাৰক । প্ৰকৃতিৰ কেতবোৰ বস্তু, যেনে-চন্দ্ৰ, সূৰ্য, বায়ু, পানী, মেঘ, অগ্নি, বৰষুণ, গছ-লতা ইত্যাদিবোৰ কেতবোৰ শক্তিসম্পন্ন বস্তু আৰু এইবোৰত একো একোটা জীৱন্ত আত্মা বিৰাজমান । চন্দ্ৰ-সূৰ্যই কিয় পোহৰ দিয়ে, বতাহ কিয় বলে, পানী কিয় হয়, বিজুলী ঢেৰেকনি কেনেকৈ সৃষ্টি হয়, ইত্যাদি কথাবোৰ মানুহৰ বাবে ৰহস্যময় আছিল । এনেবোৰ প্ৰাকৃতিক ক্ৰিয়াৰ ওপৰত মানুহৰ ধাৰণা স্পষ্ট নাছিল । সেইকাৰণে এই প্ৰাকৃতিক কাৰ্যবোৰ তেওঁলোকৰ বাবে আশ্চৰ্ষজনক ভয়াৱহ, অদ্ভূত আৰু অন্তহীন ধাৰণাই লৌকিকতাৰ বিপৰীতে অলৌকিকতাৰ ধাৰণাৰ সৃষ্টি কৰিছিল, যাৰ দ্বাৰা আদিম অৱস্থাত মানুহৰ মাজত ধৰ্মীয় চিন্তা আৰু ভাৱৰ উদ্বেগ ঘটিছিল । ধৰ্মৰ আৱিৰ্ভাৱ তেতিয়াহে হয় যেতিয়া এই প্ৰাকৃতিক শক্তিসমূহৰ অমূৰ্ত আত্মাই মূৰ্ত কৰ্তলৈ ৰূপান্তৰিত হয় । ইয়াৰ পৰিৱৰ্তনৰ মূল কাৰণ হা আদিম মানৱ অজ্ঞতা আৰু এই অজ্ঞতাৰ মূলতে আছিল ভাষিক অশুদ্ধতা । ভাষাই কেৱল সজীৱ ব্তুবোৰকে ব্যা্যা নকৰি নিৰ্জীৱ বস্তুবোৰকো ব্যাখ্যা কৰিব পাৰি । প্ৰাৰম্ভিক অৱস্থাত ই মানুহৰ কৰ্মক বুজাইছিল আৰু যেতিয়া বাহ্যিক প্ৰকৃতিত ইয়াক প্ৰয়োগ কৰা হ’ল, তেতিয়া ই প্ৰকৃতিৰ বস্তুবোৰৰ প্ৰতি মানুহৰ কৰ্মৰক বুজালে । এইদৰে কোনো এটা বস্তুত কোনো এজন দেৱতাৰ অৰিহণা থকাটো বিশ্বাস কৰা হ’ল, যিটো তেওঁলোকৰ নামৰ লগত সানমিহলি হৈ পৰিল । উদাহৰণস্বৰূপে মেঘে বৰষুণ দিছে, সূৰ্য উদয় হৈছে বা অস্ত গৈছে ফল দিছে- এনেধৰণৰ বাক্যৰ পৰা মানুহক ধাৰণা হ’ল যে মেঘ, সূৰ্য, গছ-আদি একোটাহঁত জীৱন্ত বা আত্মাজডনিত কৰ্তা, যি কৰ্তাৰ ক্ৰিয়াৰ ওপৰত মানুহে কোনোধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে । অথচ এইবোৰ কৰ্তাই সমগ্ৰ মানৱ জীৱনৰ ভাগ্য নিয়ন্ত্ৰণ কৰে । গতিকে এনেধৰণৰ বহুতো প্ৰাকৃতিক বস্তুক মানুহে জীৱন্ত অলৌকিক শক্তি স্বৰূপ পূজা-অৰ্চনা কৰিবলৈ লয় আৰু অয়েই ধৰ্মৰ উত্পত্তিৰ মূল কাৰণ হৈ পৰে । 

মেক্স মলাৰৰ এই সৰ্বাত্মাবাদ সিদ্ধান্তৰ এজন উগ্ৰ সমৰ্থক হ’ল আমেৰিকাৰ বিখ্যাত নৃতত্ত্ববিদ ৰবাৰ্ট মাৰেট । মাৰেটৰ মতে প্ৰকৃতি জগত তথা মানৱ জীৱনত ঘটা বহুতো অজ্ঞাত ঘটনাৰ পৰা মানুহে এনে এক ধাৰণা পোষণ কৰিছিল যে এই সকলোবেৰৰ গুৰিতে এক অমূৰ্ত অদৃশ্য আৰু অতীন্দ্ৰিয় শক্তি আছে, যি শক্তি সমগ্ৰ জীৱজগত আৰু জড়জগতত বিদ্যামন হৈ থাকে । এই শক্তিক মেলানেছিয়ানবোৰে ‘মন’ আখ্যা দিছে । সেই বাবে এই সিদ্ধান্তটোক ‘মনবাদ’ বুলিও কোৱা হয় ।

সমালোচনাঃ ধৰ্ম উত্পত্তি সম্বন্ধীয় প্ৰকৃতিবাদ সিদ্ধান্তটোৱে ধৰ্ম সম্বন্ধে ব্যাখ্যা আগবঢ়াইছে যদিও এইবোৰ ত্ৰূতিমুক্ত নহয় । এই সিদ্ধান্তৰ ব্যাখ্যা বহুক্ষেত্ৰত অযুক্তিমূলক । মানুহে যদি অতি ভয়ংকৰ আৰু অতি আৱশ্যকীয় উপকাৰী প্ৰাকৃতিক বস্তুক, অতিমানৱ শক্তিৰ অধিকাৰী হিচাপে গণ্য কৰি পূজা-পাৰ্বণ কৰে, তেন্তে সাপ, গৰু, চৰাই, শিল, গছ-লতা বা তেনেধৰণৰ অতি সামান্য আৰু কোনো কোনো ক্ষেত্ৰত অপ্ৰয়োজনীয় প্ৰাণী বা জন্তু বা বস্তুক পূজা কৰাৰ কোনো অৰ্থ থাকিব নোৱাৰে । গতিকে এই ক্ষেত্ৰত মেক্স মুলাৰৰ ব্যাখ্যা অমূলক বুলি ক’ব পাৰি . ইয়াৰ উপৰি ৰবাৰ্ট মাৰেটে যি ব্যাখ্যা আগবঢ়াইছিল সেয়াও কিমান দূৰ সমীচীন তাত সন্দেহ নথকা নহয় । মাৰেটে মেলানেছিয়ানসকলৰ ধৰ্ম পদ্ধতিৰ ওপৰত ভিত্তি কৰি তেওঁক সিদ্ধান্ত দাঙি ধৰিলেও কেৱল এখন সমাজতে পোৱা প্ৰমাণক লৈ ধৰ্মৰ দৰে এটা বিশ্বাজনীন সামাজিক সংস্থাৰ বিষয়ে কোনো সিদ্ধান্তক সাধাৰণ সিদ্ধান্ত হিচাপে গ্ৰহণ কৰিব পৰা নাযায় । অৱশ্যে ইয়াৰ মাজতে ধৰ্ম উত্পত্তি সম্বন্ধীয় এক সমাজতত্ত্বীয় ব্যাখ্যাত্মক সিদ্ধান্ত হিচাপে ইয়াক একেবাৰে দলিয়াই পেলাব পৰা নাযায় । 

প্ৰশ্নঃ 14. ধৰ্মৰ স্বৰূপ ব্যাখ্যা কৰা ? 

উত্তৰঃ ধৰ্মৰ স্বৰূপঃ ধৰ্ম হৈছে এক অতিমৌলিক আৰু বিশ্বজনীন সামাজিক সংস্থা । আদিনেই হওঁক বা আধুনিকেই হওঁক পৃথিৱীত এনে একন সমাজ নাই যিখন সমাজ ধৰ্মৰ প্ৰভাৱৰ পৰা মুক্ত । উল্লেখযোগ্য যে পৃথিৱীৰ নিজস্ব ধৰ্মীয় আচাৰ আৰু ক্ৰিয়া-কাণ্ডসমূহ পালন কৰে । ইয়াৰ মাজতে দেখা যায় যে কেতবোৰ বিশেষ দৰ্মীয় সম্প্ৰদায়ে তেওঁলোকৰ যিবোৰ নিজস্ব ধৰ্মীয় আচাৰ আৰু ক্ৰিয়া কৰ্ম  সম্প্ৰাদন কৰে, সেইবোৰৰ উপৰি কেতবোৰ বিশ্বজনীন ধৰ্মীয় আচাৰ, বিশ্বাস বা ক্ৰিয়া কৰ্ম আছে যিবোৰ কেৱল একো একোটা সমাজৰ সামাজিক আৰু ধৰ্মীয় পৰিৱেশৰ ফলস্বৰূপে বিকাশ হয় । এনে ধৰ্ম বিশ্বাসৰ ফলস্বৰূপেহে গঢ়ি উঠে । পৃথিৱীৰ সমাজভেদে, দেশভেদে বা অঞ্চলভেদে এনেধৰ্ম বিশ্বাসৰ স্বৰূপবোৰ সুকীয়া সুকীয়া । ধৰ্ম বিশ্বাসৰ এনে বিভিন্ন স্বৰূপবোৰ হৈছে জড়বাদ, টোটেমবাদ বা প্ৰতীকপূজাবাদ, ইত্যাদি । পৃথিৱীৰ বিভিন্ন সমাজত ধৰ্ম বিশ্বাসৰ এনে স্বৰূপবোৰৰ বৈশিষ্ট্য  কেনেধৰণৰ সেই বিষয়ে  এক সংক্ষিপ্ত আভাস দিবলৈ প্ৰয়াস কৰা হ’ল- 

১) জড়বাদঃ আদিম কালৰ পৰাই বিশ্বৰ ব্ভিন্ন সমাজত জড়বাদ ধৰ্ম বিশ্বাসৰ স্বৰূপ হিচাপে প্ৰচলন হৈ আহিছে । কোনো জড়বস্তুত এক জীৱনশক্তি থকা বুলি মানুহে কৰা বিশ্বাসেই হৈছে জড়বাদ । এনে জড় বস্তুসমূহক মানুহে কৰা বিশ্বাসেই হৈছে জড়বাদ । এনে জড় বস্তুসমূহক মানুহে এক অলৌকিক আৰু মহিমাময়ী শক্তি সম্পন্ন বুলি বিশ্বাস কৰি পূজা অৰ্চনা কৰিছিল । মানুহৰ অপায়-অমংগল, হানি-বিঘিনি, জৰা-ব্যাধি, মৃত্যু আদি এই অলৌকিক মহিমাময়ী শক্তিৰ ইচ্ছাৰনুসৰি হোৱা বুলি বিশ্বাস কৰিছিল । সেইকাৰণে এই অলৌকিক শক্তিসম্পন্ন বস্তুবোৰ তেতিয়াৰ মানুহে পবিত্ৰ বস্তু হিচাপে বিবেচনা কৰি পৰিয়ালবৰ্গক বিপদ-বিঘিনিৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল । মানুহে এই পবিত্ৰ বস্তুৰ সামান্য অংশ এটা নিজৰ সৰীৰৰ যিকোনো অংশত লগাই ল’লে বিপদ মুক্ত হ’ব পাৰে বুলি বিশ্বাস কৰিছিল । এনে জড়বাদৰ ওপৰত বিশ্বাসৰ স্বৰূপ যে আদিম সমাজতেই আছিল এনে নহয় । বৰ্তমান আধুনিক সমাজবোৰতো এনে জড়বাদৰ ওপৰত বিশ্বাসী মানুহ নথকা নহয় । আজিও বহতো জনজাতিৰ মাজত এনে জড়বাদত বিশ্বাস দেখিবলৈ পোৱা যায় । বৰ্তমান সমাজত কেৱল জনজাতি বুলিয়েই নহয় অন্যান্য অজনজাতীয় লোক আৰু অন্যান্য শিক্ষিত লোকসকলেও নিজক নিৰাপদে ৰাখিবৰ বাবে অষ্টধাতুৰ কৱচ পৰিধান কৰা দেখা যায় । বহুতেই এইবোৰ অন্ধবিশ্বাসৰ নামান্তৰ বুলি ক’লেও ইয়াৰ বৈজ্ঞানিক সত্যতা নথকা নহয় । 

২) টোটেমবাদ বা প্ৰতীকপূজাবাদঃ মানৱ সমাজত ধৰ্ম বিশ্বাসৰ এটা অতি গুৰুত্বপূৰ্ণ স্বৰূপ হৈছে টোটেমবাদ বা প্ৰতীকপূজাবাদ । ১৯৭১ চনত পোন প্ৰথম জে. লং. নামৰ চিন্তাবিধজনে ফা গ্ৰ চনত পোন প্ৰথমে পি. মেকলিনানে ভাৰতীয়সকলৰ পৰা টোটেম টোটেম বিশ্বাস বা টোটেমবাদৰ সৰ্বপ্ৰথমে আদিম সামাজিক সংস্থা হিচাপে 

টোটেম বিশ্বাস বা টোটেমবাদৰ তাত্পৰ্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰে । কোনো এক বিশেষ গোত্ৰৰ লোকে গছ বা গছৰ ডাল, শিলাখণ্ড, বিভিন্ন জীৱ-জন্তু আদিক এক প্ৰদৰ্শন কৰে বা ক্ৰিয়া কৰ্ম সম্পন্ন কৰে তাকেই টোটেমবাদ বা প্ৰতীকপূজাবাদ বোলে । নৃতত্ত্ববিদসকলে এনে ৰহস্যময় সম্বন্ধত বিশ্বাস কৰা লোকসকলক টোটেমবাদী বোলে আৰু এনে বিশ্বাসৰ আধাৰ স্বৰূপ যিকোনো বস্তুক (যেনে- যিকোনো জীৱজন্তু, শিল, গছ ইত্যাদি) টোটেম বুলি কোৱা হয়। ই.এ. হবেলৰ মতে, টোটেম হৈছে এটা ভৌতিক বস্তু । যেনে- জন্তু, প্ৰাণী, গছ, লতা, শিল ইত্যাদি । কোনো বিশেষ টোট্মৰ প্ৰতি এটা সামাজিকসমূহৰ লোকে বিশেষ শ্ৰদ্ধা কৰে আৰু তেওলোকে ভাৱে যে তেওঁলোক আৰু টোটেমৰ মাজত এটা আৱেগিক আতমীয়তা আছে । হবেলৰ দৰে এছ ফ্ৰয়েডেও টোটেমৰ সংজ্ঞা এনেদৰে দিছে, “সাধাৰণতে টোটেম এটা জন্তু (হওঁতে খাব পৰা আৰু নিৰূহ বা ভয়ংকৰ আৰু ভয় লগা হ’ব পাৰে ) আৰু কেতিয়াবা গছ বা প্ৰাকৃতিক পদাৰ্থ যেনে- বৰষুণ বা পাৰী আৰু এইবোৰৰ সেয়ত গোত্ৰৰ বিশেষ সম্বন্ধ থাকে।” 

টোটেম কোনো অপাৰ্থিৱ বা অস্তিত্ববিহীন বস্তু নহয়; বৰঞ্চ ই এটা কায়িক পাৰ্থিৱ বস্তু । টোটেম বুলি বিশ্বাস কৰা জীৱ-জন্তু বা গছ-গছনি কোনো গোত্ৰৰ লোক বা বিশেষ পবিত্ৰ বস্তু হৈ পৰে আৰু সেইবাবে এইবোৰ অন্য বস্তুবোৰৰ পৰা ভিন্ন হৈ পৰে । যিহেতু টোটেম হিচাপে গ্ৰহণ কৰা পাৰ্থিৱ জীৱ-জন্তু চৰাই-চিৰিকটি, গছ-গছনি বা শিলাখণ্ড-ন্ঠ এইবোৰত বিশেষ শক্তি নিহিত থাকে বা এইবোৰ ৰহস্যময় শক্তিসম্পন্ন কাৰণে প্ৰত্যেক গোত্ৰৰ লোকসৰলে এইবোৰক ভয়-ভক্তি বা শ্ৰদ্ধা কৰে । তদুপৰি সেই শ্ৰদ্ধা বা ভক্তিৰ ওপৰত ভিত্তি কৰিয়েই এইটোও বিশ্বাস কৰা হয় যে টোটেম আৰু গোত্ৰৰ প্ৰত্যেকজন মানুহৰ মাজত এক ঘনিষ্ঠ সম্বন্ধ থাকে । 

উল্লেখযোগ্য যে টোটেম সম্পৰ্কীয় বিশ্বাস আদিম কাৰলে পৰাই মানুহৰ মাজত চলি আহিছিল । সেই সময়ত টোটেম আৰু ধৰ্মৰ মাজত বিশেষ পাৰ্থক্য নাছিল । ফৰাছী সমাজ দাৰ্শনিক ইমাইল দৰখেইমৰ মতে টোটেমবাদেই হৈছে ধৰ্মৰ প্ৰাথমিক স্তৰ । প্ৰকৃতিৰ পৰাই টোটেমবাদৰ উদ্ভৱ হৈছে, কিয়নো টোটেমবাদ নৈতিক কৰ্তব্য আৰু মৌলিক বিশ্বাসৰে সমষ্টি, যিবোৰৰ দ্বাৰা । সমাজৰ একেটা গোত্ৰৰ মানুহ আৰু জীৱ-জন্তু, গছ বা অন্যান্য প্ৰাকৃতিক বস্তুৰ মাজত এক পবিত্ৰ অলৌকিক সম্বন্ধ প্ৰতিষ্টিত হৈছে । অৱশ্য়ে দুৰখেইমৰ ব্যাখ্যাত কিছু সত্যতা থাকিলেও আন কেতবোৰ সমাজ বিজ্ঞানীয়ে ধৰ্ম আৰু টোটেমবাদৰ মাজত পাৰ্থক্য বিচাৰি পাইছে । তেওঁলোকৰ মত অনুসৰি ধৰ্ম সৰ্বজনীন, কিন্তু টোটেমবাদ নহয় । সকলো জনজাতিৰ গোত্ৰৰ মাজত টোটেম বা টোটেন বিশ্বাস নাথাকে । 

পৃথিৱীৰ কিছুমান সমাজৰ কেতবোৰ জনজাতিৰ মাজত টোটেমৰ ওপৰত অটল বিশ্বাস আছে । এনে কেতবোৰ জনজাতিয়ে নিজকে বিশেষ একোটা জন্তু বা প্ৰাণীৰ পৰা নিজকে উত্পত্তি হোৱা বুলি বিশ্বাস কৰে । সেইবাবে এনেবোৰ জনজাতিয়ে সেই জন্তু বা প্ৰাণীক তেওঁলোকৰ সামূহিক পবিত্ৰ জন্তু বা প্ৰাণী হিচাপে গ্য কৰে আৰু লগতে সেই জন্তু বা প্ৰাণীৰ নাম তেওঁলোকৰ জনজাতি অথবা সম্প্ৰদায়ৰ নাম হিচাপে ব্যৱহাৰ কৰে । উদাহৰণস্বৰূপে উত্তৰ ভাৰতৰ ‘সাপেৰা জনজাতিৰ লোকসকলে নিজকে পূৰ্বতে সাপৰ পৰা উত্পত্তি হৈছিল বুলি বিশ্বাস কৰে । সাপেৰাসকলৰ বাবে সাপ এটা অতি পবিত্ৰ প্ৰাণী । সাপ মৰাটো তেওঁলোকৰ বাবে পাপজনক আৰু অমাৰ্জনীয় কাম . সাপক পূজা কৰাটো তেওঁলোকৰ বাবে এক ধৰ্মীয় কৰ্ম . সাপেৰা জনজাতিৰ উপৰি আন আন জনজাতিয়ে গছ-লতা আৰু আন আন্ জীৱ-জন্তুৰ পৰা উত্পত্তি হোৱা বুলি বিশ্বাস কৰে । 

টোটেমবাদৰ সামাজিক গুৰুত্বঃ ধৰ্মীয় বিশ্বাসৰ স্বৰূপ হিচাপে প্ৰতীকপূজাবাদ বা টোটেমবাদৰ গুৰুত্ব কোনো কাৰণতে নুই কৰিব নোৱাৰি । বিশেষকৈ জনজাতীয় সমাজবোৰত হয়াৰ গুৰুত্ব আৰু প্ৰভাৱ অসীম । ই জনজাতিসকলৰ সমাজ ব্যৱস্থা আৰু সংগঠনৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে । টোটেমৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকৰ মাজত ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধ জীয়াই থাকে । এনে টোটেমত অন্তৰ্ভুক্ত হোৱা বাবে যি ভাতৃবোধ আৰু আত্মিক সম্পৰ্কই একে টোটেম বিশ্বাসী লোকসকলৰ মাজত বৈবাহিক সম্পৰ্কক নিষেধ কৰে । এটা টোটেমৰ মানুহবোৰৰ মাজত পৰস্পৰে পৰস্পৰৰ প্ৰতি সহায়-সহানুভূতি দেখুওৱা, তেওঁলোক কোনোজনৰ ওপৰত অন্য কোনোবা শত্ৰূৱে আক্ৰমণ কৰিলে টোটেমৰ সমূহ ব্যক্তিয়ে তাৰ প্ৰতিশোধ ল’বলৈ প্ৰস্তুত হয় । 

টোটেমবাদৰ গুৰুত্ব আন এটি দিশৰ পৰা উপলব্ধি কৰিব কৰিব পৰা যায় । সেয়া হৈছে টোটেমৰ ওপৰত থকা শ্ৰদ্ধা, ভক্তি আৰু ভয়ৰ বাবেই কোনো এক জনসমূহক নিয়ন্ত্ৰণ কৰি সামাজিক শৃংখলাৱদ্ধতা অটুট ৰাখিব পৰা যায় । এটা টোটেম গোত্ৰৰ মাজত থকা সহূদয়তা. আত্মীয়তা আৰু ঐকান্তিকতাই তেওঁলোকৰ মাজত এক সুন্দৰ সামাজিক বাতাৰণৰ সৃষ্টিত অৰিহণা যোগায় । গতিকে টোটেম বিশ্বাস কেৱল ধৰ্মীয় দৃষ্টিৰ পৰাই নহয়, সমানে ই সামাজিক দৃষ্টিৰ পৰাও অতি গুৰিত্বপূৰ্ণ । 

ভাৰতীয় জনজাতিসকলৰ মাজত টোটেমঃ সাধাৰণতে সমাজৰ অন্যান্য জনসমূহতকৈ জনজাতিসকলৰ মাজতেই টোটেম বিশ্বাস অধিক পোৱা যায় বুলি বিভিন্ন অধ্যয়নসমূহে প্ৰমাণ কৰিছে । ভাৰতীয় জনজাতিসকলৰ মাজতো টোটেম বিশ্বাসৰ স্বৰূপ দেখা যায় । ভাতবৰ্ষৰ অন্যতম নৃতত্ত্ববিধ হাৰ্বাৰ্ট ৰিজলিয়েও ভাৰতবৰ্ষৰজনজাতিসকলৰ মাজত প্ৰচলিত টোটেমবাদ সম্পৰ্কে অধ্যয়ন কৰি তথ্য সংগ্ৰহ কৰিছিল । হাৰ্বাট ৰিজলি আৰু তেওঁৰ পৰৱৰ্তী সময়ত কেতবোৰ সমাজ বিজ্ঞানীয়ে সমাপন কৰা অধ্য়য়নৰ যোগেদি প্ৰমাণিত হৈছে যে ভাৰতীয় জনজাতিসকলৰ মাজতো বহগুলভাৱে টোটেমৰ প্ৰচলন আছে । ভাৰতবৰ্ষৰ চাওতাল জনগোষ্ঠীৰ মাজত একতকৈও অধিক গোত্ৰ আছে আৰু প্ৰত্যেক গোত্ৰৰ একোটাকৈ টোটেম আছে । চাওঁতালসকলৰ কোনো গোত্ৰই তেওঁলোকৰ গোত্ৰ নাম কিছুমান টোটেমৰ নাম অনুসৰিয়েই ৰাখে । হো (Ho) সকলৰ পঞ্চাশতকৈ অধিক টোটেমসহ গোত্ৰ থকা বুলি জনা যায়। হো আৰু চাওঁতাল এই দুটা জনজাতিৰ কিছুমান টোটেমৰ নামৰ মিল আছে । মিণ্ডা (Munda) জনজাতিৰ মাজতো চৌষষ্ঠিতকৈও অধিক বহিৰ্বিবাহী গোত্ৰ আছে আৰু এওঁলোকৰ মাজতো টোটেমবাদৰ প্ৰচলন পোৱা যায় । 

উৰিষ্যাৰ কৰ্মী, চমাৰ, ভূনিয়া আদি জনজাতিসকলৰ গোত্ৰৰ নামকৰণ সাপ, কুমাৰ, গীদৰ, শিয়ালজাতীয় জন্তু ইত্যাদিৰ নামেৰে নামাকৰণ কৰা হয় । ঠিক তেনেকৈ মহাৰাষ্টৰ কটকৰী, মধ্যপ্ৰদেশৰ গোণ্ড আদি জনজাতিবোৰৰ নাম সেই ঠাইত পোৱা জন্তু, গছ বিৰিখৰ মানেৰে সৈতে একে ৰখা হয় । ছোট নাগপুৰৰ ঢেলকী আৰু খাৰীয়াসকলৰ আঠোটা টোটেম গোত্ৰত বিভক্ত । এই আঠোটা টোটেম গোত্ৰ হৈছে ক্ৰুমে মূৰা (কাছ), চোৰেং বা চোৰেহ বা টোনেং (পথাৰ), চমদ (হৰিণ), চৰলিহা (এক ফল বিশেষ), চকহাড বা চৰহা (চৰাই), হনচড়া বা দাং বা অইন্দ হিল মাছ, মৈল (ধূলি) আৰু টোপন (এক চৰাই বিশেষ । ওৰাং জনজাতিসকলৰ মাজত বাঘ, কাছ, সেন্দুৰ আদি গোত্ৰ আৰু টোটেমৰ মান আছে । এ.কে. আয়াৰে তেওঁৰ ‘Cast and Tribe’ নামৰ গ্ৰন্থত মহীশুৰ ৰাজ্য়ৰ জাতি আৰু জনজাতিসকলৰ মাজত প্ৰচলিত অনেক ধৰণৰ টোটেমৰ কথা উল্লেখ কৰিছে । আনে (হাতী), আভূ (ছাগলী), অৰমু (বটগছ), বেডু(নীম), মেনচু (পিপল গছ) আদিবোৰ ওৰাং জনজাতিৰ বিভিন্ন  গোত্ৰৰ মাজত প্ৰচলিত টোটেম । গতিকে এই আলোচনাৰ পৰা দেখা গ’ল যে ভাৰতবৰ্ষৰ বিভিন্ন জনজাতিসকলৰ মাজতো টোটেমবাদ বা প্ৰতীকপূজাবাদৰ প্ৰচলন আছে । 

৩) প্ৰেতাত্মাবাদঃ প্ৰেতাত্মা সম্বন্ধীয় বিশ্বাসৰ সমষ্টিয়েই হৈছে প্ৰেতাত্মাবাদ । মানুহৰ মাজত প্ৰেতাত্মা সম্বন্ধীয় বিশ্বাস কেৱল যে আদিম সমাজতহে আছিল এনে নহয়, এই সম্বন্ধীয় বিশ্বাস আধুনিক সভা সমাজতো দেখিবলৈ পোৱা যায় । আধুনিক সত্য সমাজবোৰত বহুতো লোকে অধ্য়য়ন তথা গৱেষণাৰ যোগেদি প্ৰেতাত্মাৰ অৱস্থিতি বা ইয়াৰ সত্যতাৰ অনুসন্ধান চলাইছে । সমাজত মানুহৰ লোকবিশ্বাস অনুসৰি মানুহৰ মৃত্যুৰ পিছত জীৱই এক অশৰীৰী প্ৰেতাত্মাৰ ৰূপ লয় আৰু সংসাৰত বিচৰণ কৰে । মানুহৰ বিশ্বাস অনুসৰি এনে অশৰীৰী প্ৰেতাত্মা কিছুমান নিৰ্দিষ্ট গাইট বাস কৰে । কোনো কোনো লোকৰ সেই প্ৰেতাত্মাক মাতিলে অশৰীৰী ৰূপত মৃত ব্যক্তিজনৰ প্ৰেতাত্মাঅ লগ দিয়ে । কিছুমান মতে মৃত বিযক্তিজনৰ প্ৰেতাত্মাই সপোনত দেখা দি মানুহৰ লগত কথা পাতে । অৱশ্যে দিঠক অৱস্থাতো বিশেষ কিছুমান অস্বাভাৱিক ঘটনা ধ্বনি বা শব্দৰ জৰিয়তে প্ৰেতাত্মাবোৰে মানুহৰ বিপদ-বিঘিনিৰ বিষয়ে সংকেত দি যায় বুলিও বহুতে বিশ্বাস কৰে । গতিকে এই অশৰীৰী ৰূপী প্ৰেতাত্মাক এক অলৌকিক শক্তি হিচাপে মানুহে বিশ্বাস কৰে । বহুতো জনজাতীয় লোকে মৃত লোকৰ প্ৰেতাত্মাক পূজা পাতল দিয়ে । এই প্ৰেতাত্মা সম্পৰ্কীয় পূজা-পাতলক লৈয়েই কেতবোৰ জনজাতিৰ মাজত ধৰ্মীয় পদ্ধতি গঢ়ি উঠে । 

4) ঈশ্বৰবাদ (Monotheism): ঈশ্বৰবাদ হৈছে ধৰ্ম বিশ্বাসৰ এক অতি গুৰুত্বপূৰ্ণ স্বৰূপ। পৃথিৱীৰ প্ৰায় সকলোবোৰ ধৰ্মই ঈশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত । হিন্দু, খ্ৰীষ্টীয়ান, ইছলাম আদি বিভিন্ন ধৰ্মত ঈশ্বৰক এক সৰ্বশক্তিমান প্ৰতীক হিচাপে বিবেচনা কৰা হয় । অৱশ্যে ঈশ্বৰ সম্পৰ্কীয় ধাৰণা হয়তো একেবাৰে আদিম প্ৰকৃতিৰ সমাজত নাছিল বিভিন্ন গোত্ৰসমূহবোৰত প্ৰাৰম্ভিক পৰ্যায়ত ঈশ্বৰৰ বিপৰীতে আন কেতবোৰ জীৱন্ত নাইবা জড় বস্তুকহে বিশেষ শক্তিসম্পন্ন বস্তু হিচাপে বিশ্বাসৰ এক নতুন স্বৰূপ বা বিশ্বাস সমাজৰ বিকাশৰ ফলত মানুহৰ মাজত ধৰ্ম বিশ্বাসৰ এটা নতুন স্বৰূপ বা বিশ্বাস পদ্ধতিৰ বিকাশ হ’ল যিটোক ঈশ্বৰবাদ বোলা হ’ল । ঈশ্বৰ বা ভগৱান নামৰ এক অলৌকিক বা এক মহিমায়ী শক্তি যি বিশ্বাস, সেয়ে হ’ল ঈশ্বৰবাদ । সাধাৰণতে আধুনিক সমাজবোৰত ঈশ্বৰবাদৰ প্ৰচলন প্ৰবল । 

ঈশ্বৰবাত বিশ্বাসীসকলৰ মতে এইখন পৃথিৱী আৰু আন আন সকলো গ্ৰহ নক্ষত্ৰৰ স্ৰষ্টা হ’ল ভগৱান বা ঈশ্বৰ । ঈশ্বৰ বিশ্বাসীসকলৰ মতে ঈশ্বৰ বা ভগৱানৰ মহিমাময়ী শক্তিৰ জৰিয়তে সমগ্ৰ সৌৰজগত যথাবিধি মতে চলি আছে আৰু এই পৃথিৱীৰ সকলো জীৱ আৰু জড়-জগতৰ ঈশ্বৰেই স্ৰষ্ট আৰু তেওঁৰ পৰিচালনাতেই সকলো যুগ-যুগান্তৰ নিয়মীয়াভাৱে চলি আছে । মানুহৰ জন্ম-মৃত্যু, মংগল-অমংগল, সুখ-দুখ সকলো ভগৱানৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে . সেইকাৰণে ভগৱানক স্মৰণ কৰি বা প্ৰাৰ্থনা কৰি তেওঁৰ আশীৰ্বাদ লোৱাটো ঈশ্বৰবাদী ধৰ্মৰ প্ৰধান বিশেষত্ব । 

ঈশ্বৰৰবাদত বিশ্বাসীসকলে একমাত্ৰ ঈশ্বৰ বা ভগৱানেই মহিমাময়ী আৰু ত্ৰি-লোকৰ নিয়ন্ত্ৰা বুলি মানি লয় । এক ঈশ্বৰক বিশ্বাস মানেই একেশ্বৰবাদে । অৱশ্যে অকেশ্বৰবাদত বিশ্বাসী বহুতো ধৰ্মীয়সমূহে আন আন দেৱ-দেৱীকো পূজা-অৰ্চনা কৰা দেখা যায় । এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ হিন্দু ধৰ্মৰ লোকসকলো ব্যক্তিক্ৰম নহয় । ধৰ্মৰ শাক্ত পন্থীসকলে এক পৰম ব্ৰহ্ম ঈশ্বৰ উপৰি আন বহুতো দেৱ-দেৱীক বিশেষ বিশেষ শক্তিসম্পন্ন সত্তা হিচাপে মানি লৈ পূজা-পাৰ্বণ কৰে । অৱশ্যে পৃথিৱীৰ কেতবোৰ ধৰ্মীয় সমূহৰ মাজত এক ঈশ্বৰ বা একেশ্বৰবাদত বিশ্বাস কৰা হয় । এই ক্ষেত্ৰত ইছলাম আৰু খ্ৰীষ্টীয়ান ধৰ্মৰ অনুসৰণকাৰীসকলৰ কথা উল্লেখ কৰিব পাৰি । এনে ধৰ্মীয়সমূহত অন্তৰ্ভুক্তসকলে কেৱল ঈস্বৰ বা ভগৱান, নাইবা আল্লা বা গডকেই বিশ্বব্ৰহ্মাণ্ডৰ নিয়ন্ত্ৰা বুলি মানি লয় । আন সুকীয়া শক্তি তথা দেৱ-দেৱীক বিশ্বাস কৰা বা তেওঁলোকক স্মমৰণ কৰা বা পূজা-পাতল কৰা তেওঁলোকৰ সামূহিক ধৰ্মবিৰোধী কথা । 

৫) ঔত্সৱিক কাৰ্যঃ কেতবোৰ সমূহৰ মাজত ঔতিসৱিক কাৰ্য বা ধৰ্মোত্সৱ কাৰ্যৰ জৰিয়তে কোনো এক শক্তিৰ প্ৰতি শ্ৰদ্ধা-ভক্তি প্ৰেৰণ কৰা হয় । পৃথিৱীৰ বিভিন্ন ধৰ্মত কেতবোৰ ধৰ্মোত্সৱ কাৰ্য বা ঔত্সৱিক কাৰ্যৰ দ্বাৰা কোনো এক শক্তিৰ সন্তুষ্ট কৰা পৰম্পৰা বৰ্তি আছে। এই ঔত্সৱিক বা ধৰ্মোত্সৱ কাৰ্যৰ প্ৰধান চৰিতেৰ হ’ল সামূহিকভাৱে প্ৰাৰ্থনা কৰা, ভোজন কৰা, সংগীত নৃত্য কৰা ইত্যাদিক লৈ আনুষ্ঠানিকভাৱে দুই বা তাতোধিক ব্যক্তিয়ে ধৰ্মকাৰ্য সমাপন কৰাটোকে ঔত্সৱিক কাৰ্য বা ধৰ্মোত্সৱ কাৰ্য বুলি কোৱা হয় । 

ঔত্সৱিক বা ধৰ্মোত্সৱ কাৰ্য পৃথিৱীৰ সকলো প্ৰকাৰৰ ধৰ্ম পদ্ধতিৰ এক অভিন্ন অংগ । এই ধৰ্মোত্সৱ কাৰ্যৰ জৰিয়তে বিশেষ ধৰ্মাৱলম্বী লোকৰ মাজত পাৰস্পৰিক সম্বন্ধ ঘনিষ্ঠভাৱে ৰজ্ঞা কৰিব পৰা যায় । কিয়নো ধৰ্মোত্সৱত যোগ দিবৰ বাবে নিজ ধৰ্মীয় সম্প্ৰদায় বা জাতিৰ ব্যক্তিসকলক নিমন্ত্ৰণ কৰা হয় আৰু সকলোৱে ধৰ্মোত্সৱত যোগদান কৰি পৰম্পৰৰ মাজত এটা আত্মীয়ভাৱ গঢ়ে তোলে । ইয়াৰ লত সমপ্ৰদায় বা জাতিৰ মাজত সংহতি বা এক সম্প্ৰদায় বা একজাতি মনোভাৱ ৰক্ষা কৰিব পৰা যায় । গতিকে দেখা যায় যে ঔত্সৱিক বা ধৰ্মোত্সৱ কাৰ্যসমূহে কোনো এক ধৰ্মীয় সম্প্ৰদায়ৰ বাবে এক গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিব পাৰে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top