Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম Question Answer can be of great value to excel in the examination.
Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম
Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম Notes cover all the exercise questions in UGC Syllabus. The Sociology of Religion Unit 1 সমাজ আৰু ধৰ্ম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
প্ৰশ্নঃ 15. ক্ৰিয়াত্মক সিদ্ধান্তৰ এটি ব্যাখ্যা আগবঢ়াই সমালোচনাত্মক এটি টোকা লিখা ।
উত্তৰঃ ধৰ্মৰ উত্পত্তি সন্দৰ্ভত সৰ্বাত্মাবাদ আৰু প্ৰকৃতিবা দুয়োটা সিদ্ধান্তই দৰ্মৰ উত্পত্তি সন্দৰ্ভত বিজ্ঞানসন্মত তথা তথ্যভিত্তিক বিশ্লেষণ দিবলৈ সক্ষম হোৱা নাই । সেয়েহে উক্ত দুটা সিদ্ধান্তৰ ব্যাখ্যা সমূহতকৈ কিছু উন্নত আৰু কিছু বিজ্ঞানসন্মতভাৱে ধৰ্ন উত্পত্তি সম্বন্ধে ব্যাখ্যা আগবঢ়াবলৈ সক্ষম হৈছে । ত্ৰিয়াত্মক সিদ্ধান্তই । ইমাইল চিন্তাবিদসকলে ধৰ্মৰ উত্পত্তি সম্বন্ধে কেতবোৰ সামাজিক বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত বিশ্লেষণ আগবঢ়াইছে ।
ক্ৰিয়াত্মক সিদ্ধান্তৰ মতে দৰ্মৰ উত্পত্তিৰ উত্স হ’ল মানৱ সমাজৰ বাবে ধৰ্মৰ প্ৰয়োজনীয়তা । এই প্ৰয়োজনীয়তা দুইধৰণে উপলব্ধি কৰিব পাৰি । এক হ’ল মানুহৰ মানসিক ভয়, উদ্বিগ্নতা, দুঃশ্চিন্তা আদিৰ পৰা ৰক্ষা কৰি মনৰ শান্তি আৰু স্থিৰতাৰ বাবে আৰু আনটো হ’ল সমাজত সংহতি ৰক্ষা কৰাৰ বাবে । এই ক্ষেত্ৰত মেলিনৱস্কিয়ে দৃষ্টান্ত সহকাৰে ট্ৰব্ৰিয়ান দ্বীপত বাস কৰা এটা জনজাতিৰ কথা উল্লেখ কৰিছে । মেলিনৱস্কিৰ মতে ট্ৰব্ৰিয়ান দ্বীপত বসবাস কৰা এই জনজাতিটো বৃত্তিগতভাৱে মাছমৰীয়া । এই জনজাতিটো বৃত্তিগতভাৱে মাছমৰীয়া । এই জনজাতিটো সাগৰত মত্স্য স্বীকাৰৰ লগত ঘনিষ্ঠভাৱে জড়িত । এওঁলোকে সাগৰত মাছ মাৰিবলৈ যোৱাৰ সময়ছোৱাত কিমান বিপদ বিঘিনিৰ সন্মুখীন হ’বলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাই । মাছ মৰাৰ সময়ছোৱাত তেওঁলোকৰ মন আৰু আন্তৰ ভয়, শংকা আৰু উদ্বিগ্নতাৰে ভৰি পৰে । মনৰ এনে অৱস্থাত নিজকে মানসিকভাৱে সকাহ দিবৰ বাবে এক অদৃশ্য়মান আৰু অলৌকিক শক্তিৰ ওপৰত বিশ্বাস ৰাখিবলগীয়া হয় । তেওঁলোকে বিশাল, কৰে যে এনে অলৌকিক সত্তাৰ ওপৰত বিশ্বাস ৰাখিলে তেওঁলোকৰ সম্ভাৱ্য বিপদ-বিঘিনি, ভয়-শংকা, মানসিক উদ্বিগ্নতা আদি দূৰ হোৱাটো স্বাভাৱিক । গতিকে ট্ৰব্ৰিয়ান দ্বীপৰ এই মাছমৰীয়া জনজাতিটোৱে মাছ মৰা অৱস্থাত তেওঁলোকৰ সম্ভাৱ্য বিপদৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যি অলৌকিক শক্তিক বিশ্বাস কৰিছিল, সেই বিশ্বাসৰ পৰিণতিতেই ধৰ্মৰ উত্পত্তি হৈছিল বুলি মেলিনৱস্কিয়ে মতপ্ৰকাশ কৰিছে ।
ক্ৰিয়াত্মক সিদ্ধান্তৰ অন্য এজন সমৰ্থক ৰেড্ক্সিফ ব্ৰাউনে ধৰ্মৰ উত্পত্তি সম্বন্ধীয় ব্যাখ্যা অন্য এক দৃষ্টিভংগীৰে কৰিছে । তেওঁৰ মতে এখন সমাজে ইয়াৰ স্থিতি বা স্থায়িত্বৰ বাবে এক নিৰ্দিষ্ট অনুভূতিৰ পদ্ধতিৰে সংগঠিত হোৱা সদস্যসকলৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ দ্বাৰা সমাজৰ প্ৰয়োজনীয়তাৰ অনুকূলে সদস্যসকলৰ চালচলন নিয়ন্ত্ৰণ কৰা হয় । সমাজ বৰ্তি থাকিবলৈ হ’লে ব্যক্তিসকলে সমাজৰ নীতি-নিয়মসমূহ মানি চলি ব লাগিব । কিন্তু এনে নীতি-নিয়ম পালন কৰা বা মানি চলাৰ বেলিকা এক অতিমানৱীয় শক্তিৰ ওপৰত বিশ্বাস ৰাখিবলগীয়া হয় । এনে শক্তিৰ ওপৰত বিশ্বাস ৰাখিলে মানুহ কু-কৰ্মৰ পৰা বিৰত থাকে যাতে কোনো কাৰণতে মানুহজনে অদৃশ্যজনৰ দৃষ্টিত অপৰাধী হ’ব নোৱাৰে । সমাজত মানুহৰ এনে আচৰণ নিয়ন্ত্ৰণে সামাজিক সুস্থিৰতা আকু সামাজিক শৃংখলা বজাই ৰখাত সহায় কৰে। নেলিনবৱস্কি আৰু ৰেড্ক্লিফ ব্ৰাউনৰ এই ব্য়াখ্যা মূলতঃ দৰখেইমৰ সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত ।
ধৰ্মৰ উত্পত্তি সম্বন্ধীয় ক্ৰিয়াত্মক সিদ্ধান্তৰ অন্যতম উল্লেখযোগ্য পৃষ্ঠপোষক ইমাইল দুৰখেইমৰ মতে মানৱ সমাজত সকলো ধৰ্মৰে মূল উত্স সমাজৰ সামূহিকতা । বিভিন্ন ধৰ্মীয় উত্সৱ নাইবা পূজা-পাৰ্বণ আদিত এনে সামূহিকতা প্ৰকাশ পীয় । এনে ধৰ্মীয় অনুষ্ঠানসমূহত সমবেত ৰাইজেই হৈছে সামূহিকতা; অৰ্থাত্ এনে সামূহিকতা হৈছে এক বিশেষ শক্তিসপন্ন সন্তা। এনে সামূহিকতাক এক শক্তিসম্পন্ন সত্তা । এনে সামূহিকতাক শক্তিসম্পন্ন সত্তা হিচাপে মানুহে বিবেচনা কৰি নিজৰ শিবনত কৰে আৰু জ্ঞাত বা অজ্ঞাতভাৱেই মানুহে উপলব্ধি কৰে যে সমাজ বা সামূহিকতাৰ ওচৰত তেওঁলোক নগণ্য । তেওঁলোকে জীৱনত যি পাইছে বা যি কৃপা লাভ কৰিছে সেয়া সমাজৰে সু-দৃষ্টিৰ ফল । অৰ্থাত্ সমাজতেই মানুহৰ ত্ৰাণকৰ্তা আৰু প্ৰলাণদাতা । সেয়েহে দুৰখেইমে সমাজক এক সৰ্বশক্তিমান সত্তা হিচাপে বিবেচনা কৰি তেওঁৰ ব্যাখ্যা আগবঢ়াইছে ।
দুৰখেইমে সমাজক এক সৰ্বশক্তিমান সত্তা হিচাপে পৰিচিত কৰিবলৈ যোৱাটোত বহুতে স্বীকাৰ কৰিব বিচৰা নাই । সমাজক যদি মানুহে সৰ্বশক্তিমান সত্তা হিচাপে কল্পনা কৰি লয়, তেনেহ’লে ধৰ্মৰ নামত মানুহে কিয় চন্দ্ৰ-সূৰ্য, গছলতা, জীৱ-জন্তু বা মৃতলোকৰ আত্মাক পূজা কৰে ? ইয়াৰ উত্তৰত দুৰখেইমে এইটোকে ক’ব বিচাৰিছে সমাজৰ নিতান্তই অশৰীৰী . ই কোনো মূৰ্ত বস্তু নহয় যে গোটেই সমাজখনক মূৰ্ত সত্তা হিচাপে বৰণ কৰিব পাৰি । গতিকে সমাজে যিদৰে বিভিন্ন প্ৰকাৰে ব্যক্তিসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰে তেনেকৈয়ে বিভিন্ন শক্তি বা প্ৰতীক হিচাপে মানুহে সমাজ শক্তিৰ ওচৰত বশ্যতা স্বীকাৰ কৰি লয় । উদাহৰণস্বৰূপে ঈশ্বৰৰ নামত সমাজৰ সৰ্বশক্তি, কোনোবা দেৱতা বা বস্তু বা জন্তু নামত সমাজৰ প্ৰতিৰক্ষণ শক্তি বা মংগলময়ী বা ন্যায় বিচাৰ ইত্যাদি ৰল্পনা কৰি লোৱা । এনে প্ৰতীকবোৰ জীৱ-জন্তু, গছ-লতা, চন্দ্ৰ-সূৰ্য ইত্যাদি হ’ব পাৰে ।
দুৰখেইমে তেওঁৰ এই সিদ্ধান্ত যিবোৰ প্ৰতীকৰ বিষয়ে বৰ্ণমা কৰিছে সেইবোৰৰ প্ৰতি মানুহৰ ভক্তি আৰু ভয়ভাৱ কিয় উদয় হয় এই বিষয়েও উল্লেখ কৰিছে । দুৰখেইমে মানুহৰ মাজত এই প্ৰতীকবোৰৰ প্ৰতি ভয় বা ভক্তিভাৱ উদয়; হোৱাৰ কাৰণ দুটা দিশৰ পৰা ব্যাখ্যা কৰিছে । তেওঁৰ মতে পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতে দুটা দিশ জড়িত হৈ থাকে । এটা হৈছে পবিত্ৰ আৰু আনটো অপবিত্ৰ । পবিত্ৰ বস্তুবোৰেই ধৰ্মৰ প্ৰতীক । মানুহে যিবোৰ বস্তু পবিত্ৰ বুলি ধৰি লয় সেইবোৰৰ প্ৰতি ভয় আৰু ভক্তিভাৱ জাগি উঠাটো স্বাভাৱিক । অন্যহাতেদি অপবিত্ৰ বস্তুৰ প্ৰতি এনে ভাৱ কেতিয়াও জাগি উঠিব নোৱাৰে । দুৰখেইমৰ মতে পবিত্ৰ আৰু অপবিত্ৰ এই দুইটি দাৰণাৰ মূলতে আছে সামাজিক ঐক্য বা সংঘৱদ্ধতাৰ বাবে থকা মানুহৰ স্বাভাৱিক প্ৰবৃত্তি । কিয়নো সমাজৰ ব্যক্তিসকলে যদি কোনো বস্তুক সামূহিকভাৱে পবিত্ৰ আৰু কোনো বস্তুক অপবিত্ৰ জ্ঞান কৰে, তেতিয়া তেওঁলোকৰ মাজত এনে এক স্বধৰ্মীক সাম্প্ৰদায়িকতাৰ ভাৱ গঢ়ি উঠিব যিটোৰ ফলত তেওঁলোকক মাজত এক গভীৰ আনুভূমিক ঐক্যই গঢ় ল’ব । সেয়েহে দুৰখেইমে কৈছে যে ধৰ্ম মানে এনে কিছুমান বিশ্বাসৰ সমষ্টি যি বিশ্বাসে কিছুমান বস্তুক পবিত্ৰ আৰু আন কিছুমান অপবিত্ৰ বুলি গণ্য কৰে আৰু যাৰ দ্বাৰা এক ধৰ্ম সম্প্ৰদায়ৰ সৃষ্টি হয় ।
সমালোচনাঃ ধৰ্মৰ উত্পত্তি সম্বন্ধীয় ক্ৰিয়াত্মক সিদ্ধান্তটো সমালোচনা মুক্ত নহয় । কিয়নো ধৰ্মই সমাজৰ কাৰণে সম্পাদন কৰা সকলোবোৰ ক্ৰিয়া ইতিবাচক নহয় । ইয়াৰ উপৰি আদিম কালত মানুহৰ সহজ-সৰল আৰু অবৈজ্ঞানিক মানসিকতাই সমাজক এক বিশেষ শক্তি সম্পন্ন সত্তা বুলি কিমানখিনি উপলব্ধি কৰিব পাৰিছিল সেয়া সন্দেহজনক । ইয়াৰ উপৰি সমাজৰ কোলবোৰ বস্তু পবিত্ৰ আৰু কোনবোৰ অপবিত্ৰ এই কথাও হয়তো সেই সময়ত মানুহৰ বোধগম্যতাৰ বাহিৰত আছিল । একে ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ মাজত যে ঐক্য সম্প্ৰীতি আৰু শান্তি শৃংখলা অটুট থাকে সেয়াও কোনো সৰ্বজনীন সিদ্ধান্ত হ’ব নোৱাৰে । কিয়নো মানৱ জাতিৰ ইতিহাসত এনে বহুবোৰ দৃষ্টান্তৰ আছে, যিবোৰে সময়ে সময়ে একে ধৰ্মীয় সম্প্ৰদায়ৰ মাজত অন্তঃকন্দলৰ সূত্ৰপাত হোৱা ইংগিত প্ৰদান কৰিছে ।
যি কি নহওক ধৰ্ম সম্পৰ্কে উল্লিখিত তিনিটি সিদ্ধান্তই যিখিনি ব্যাখ্যা আৰু বিশেষণ আগবঢ়ালে সেইখিনি কিছু কিছু ক্ষেত্ৰত ভুল-ভ্ৰুটি আছে যদিও একেবাৰে ভিত্তিহীন নহয় । এই সিদ্ধান্ত কেইটাই ধৰ্ম নামৰ পৃথিৱীৰ এই অন্যতম আদিতম সমস্থাটোৰ উত্পত্তিৰ বিষয়ে কিছু নহয় কিছু তথ্য দাঙি ধৰিবলৈ সক্ষম হ’ল । এই সিদ্ধান্তকেইটাই ব্যাখ্যা কৰা কথ্যৰ আধাৰতে হয়তো আমি সকলোৱে ধৰ্ম নামৰ এই সংহাৰ অন্ম আৰু বিকাশ কোনো কাৰণতে এই সিদ্ধান্তকেইটা আগবঢ়োৱা ব্যাখ্যা আৰু বিশ্লেষণক অৰ্থহীন বা ভিত্তিহীন বা ভিত্তিহীন বুলি ক’ব নোৱাৰোঁ ।
প্ৰশ্নঃ 16. ধৰ্ম আৰু বিজ্ঞানৰ সম্পৰ্ক বিচাৰ কৰা ? Show the relationships between religion and science.
উত্তৰঃ ধৰ্ম আৰু বিজ্ঞান দুয়োটাই মানৱ সমাজৰ বিপৰীতমুখী অৱধাৰণা । কিন্তু মানৱ সমাজৰ কল্যাণৰ স্বাৰ্থত দুয়োটাই অতি প্ৰয়োজনীয় । ধৰ্মৰ অবিহনে যিদৰে মানৱ সমাজ অস্তিত্বহীন, ঠিক একেদৰে বিজ্ঞান অবিহনে মানৱ সমাজৰ প্ৰগতি আৰু পৰিৱৰ্তন অসম্ভৱ। বহুতৰ মতে বিজ্ঞান অবিহনে সমাজ কিছু ক্ষেত্ৰত বৰ্তি থাকিব পাৰিলেও ধৰ্ম অবিহনে এখন সমাজ কেতিয়াও বৰ্তি থাকিব নোৱাৰে ।
ধৰ্ম হৈছে ধাৰণামূলক । ইয়াৰ মূল ভেটি হ’ল পাৰমাণৱিক জগতৰ বিষয়ে থকা মানুহৰ বিশ্বাসৰ সমষ্টি । পাৰমাৰ্থিক জগতৰ পৰমাত্মাৰ শক্তি আৰু মহিমাৰ বিষয়ে থকা মানুহৰ গভাৰ বিশ্বাসৰ ওপৰতেই ধৰ্ম প্ৰতিষ্ঠিত । পৰমাত্মা অতীনিদ্ৰিয় । ইয়াক চকুৰে প্ৰত্যক্ষ কৰিব পৰা নাযায়, আনকি হাতেৰেও স্পৰ্শ কৰিব নোৱাৰি । ইয়াৰ মহিমা আৰু অস্তিত্ব কেৱল উপলব্ধি বা অনুভৱহে কৰিব পৰা যায় । অন্য হাতেদি বিজ্ঞান পৰীক্ষা, প্ৰমাণ আৰু নিৰীক্ষণীয় তথ্যপাতিৰ ওপৰত আধাৰিত । ইয়াৰ উদ্দেশ্য হ’ল যিকোনো বাস্তৱ ঘটনাৰ ক্ৰিয়াৰ বিষয়ে নিৰীক্ষণ কৰি বাস্তৱ তথ্যপাতিনে ইয়াৰ অস্তিত্ব আৰু সত্যতা প্ৰমাম কৰা । গতিকে বিজ্ঞান ইহ্জগতৰ বাস্তৱ ঘটনা লগত জড়িত, কিন্তু ধৰ্ম পৰজগতৰ অবাস্তৱ সত্তাৰ মহিমাময়ী কাৰ্যকলাপৰ মাজত আৱদ্ধ ।
অৱশ্যে বিশ্বাস্য আৰু অবিশ্বাস্য, বাস্তৱ আৰু অবাস্তৱৰ সীমাও যুগে যুগে পৰিৱৰিতন হৈ আহিছে । যিবোৰ বস্তু আৰু ঘটনাৰ বিষয়ে আগতে জানিব পৰা হো নাছিল, যিবোৰ বস্তু আৰু ঘটনাক অলৌকিক বুলি ধাৰণা কৰা হৈছিল, সেইবোৰৰ বহুতো আজি বিজ্ঞানৰ অন্তৰ্গত হৈ পৰিছে . এসময়ত মানুহৰ পৃথিৱীখনৰ আৰু অন্যান্য গ্ৰহ-নক্ষত্ৰৰ ওপৰত ধাৰণা স্পষ্ট নাছিল। যুগ যুগ ধৰি মানুহে সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি ভুল ধাৰণা লৈ আছিল । কিন্তু বৰ্তমান বিভিন্ন গৱেষণা বা পৰীক্ষা-নিৰীক্ষাৰ অন্তত মানুহৰ এই ধাৰণা ভুল বুলি প্ৰমাণিত হৈছে আৰু কোৱা হৈছে যে পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে । এসময়ত মানুহে বিজুলী-ঢেৰেকনি, বতাহ-বৰষুণ ইত্যাদিক একো একোটা দৈবিক ক্ৰিয়া বুলি ধৰি লৈছিল । কিন্তু এতিয়া বিজ্ঞানে প্ৰমাণ কৰিছে যে এইবোৰ এইখন পৃথিৱীতেই সৃষ্টি হোৱা বিমান বসুৰ স্বকীয় কাৰণবশতঃ ঘটে । এইদৰে নিত্য নতুন বৈজ্ঞানিক আৱিস্কাৰে আমাৰ অবিশ্বাস্য অলৌকিক জগতৰ সীমা দিনক দিনে ঠেক গণ্ডীলৈ ঠেলি নিবলৈ ধৰিছে ।
ধৰ্ম আৰু বিজ্ঞান দুটা বিপৰীতমুখী অৱধাৰণা আৰু সেইবাবে দুয়োটা অন্তৰ্দ্বন্দ্ব হোৱাটো স্বাভাৱিক কথা । ধৰ্মই ইমান দিনে যিটো মা সত্য বুলি গ্ৰহণ কৰি আহিছে, বিজ্ঞানে সেইটো প্ৰমাণৰ অভাৱত অসত্য বুলি ক’ব নখোজে । সেইদৰে বিজ্ঞানে যিটো সত্য বুলি ঠাৱৰ কৰে সেইটো ধৰ্মই কেতিয়াবা মানি ল’ব নোখোজে । পৃথিৱী ঘূৰণীয়া, পৃথিৱী আৱৰ্তন হয় এনেধৰণৰ সিদ্ধান্তৰ বাবে গেলিলিও ধৰ্মযাজক সকলে শাস্তি দিবলৈ কুন্ঠাবোধ কৰা নাছিল । ধৰ্মীয় বিশ্বাস হ ভগৱান তথা ভগৱানৰ দৰে এক পাৰমাৰ্থিক সম্ভাৰ দ্বাৰা সৃষ্ট এক জীৱ । বিজ্ঞানৰ মতে মানুহ যুগ যুগান্তৰ ধৰি হৈ থকা বিৱৰ্তনৰ যি এফ ভব হৈছে । এই পৃথিৱীখন, ইয়াৰ জীৱ-জন্তু, কীট-পতংগ সকলোকে ক পৰমাত্মাৰ দবা সৃষ্টি কৰা হৈছে, কিন্তু বিজ্ঞানৰ মতে পৃথিৱী সৃষ্টিৰ ঘটনা নিতান্ত অন্য প্ৰকাৰৰ । এিদৰে বহুতো দিশৰ পৰা বিজ্ঞান আৰু ধৰ্মৰ মাজত বিৰোধমূলক ব্যাখ্যা আছে ।
ধৰ্ম আৰু বিজ্ঞানৰ মাজত বিৰোধমূলক ব্যাখ্যা থাকিলেও উভয়েই সমাজক প্ৰভাৱিত কৰি আহিছে । ধৰ্মৰ ঠাই বিজ্ঞানে বা বিজ্ঞানৰ ঠাই ধৰ্মই অধিকাৰ কৰিবলৈ বিচৰা নাই । যিসকল বিজ্ঞানীয়ে যিবোৰ বিস্ময়কৰ আৰু যুগান্তকাৰী আৱ্স্কাৰ কৰিবলৈ সক্ষম হৈছে, সেইসকলেও ধৰ্মৰ অপৰাজেয় আৰু ব্যাখ্যাতীত শক্তিত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে । কেতিয়াবা এনেও দেখা গৈছে ধৰ্ম চৰ্চা কৰা পণ্ডিতজনতকৈও বিজ্ঞানীজন অতি ধৰ্মক ব্যক্তি হিচাপে চিহ্নিত হৈছে । সাম্প্ৰতিক সময়ত চিকিত্সা বিজ্ঞানত চমতপ্ৰদ উন্নতি হৈছে । চিকিত্সাসম্বন্ধীয় নতুন কৌশল আৰু বিভিন্ন ঔষধ আৱিস্কাৰে অতি জটিল ৰোগৰ পৰাও মানুহক বচাবলৈ সক্ষম হৈছে । একো একোজন চিকিত্সা বিজ্ঞানীয়ে আশ্চৰ্যজনক আৱিস্কাৰৰ জৰিয়তে চিকিত্সা বিজ্ঞানত আলোড়নত সৃষ্টি কৰিবলৈ সক্ষম হৈছে । একো একোজন চিকিত্সাবিজ্ঞানীৰ এনে দক্ষতা আৰু পাৰদৰ্শিতা থকা সত্বেও কোনোদিনেই হয়তো তেওঁ সেই মহিমাময়ী পাৰমাৰ্থিক শক্তিক হয়তো প্ৰত্যাহবান জনাবলৈ সাহস গোটাব পৰা নাই । হয়তো চিকিত্সক তথা চিকিত্সা বিজ্ঞানীসকলে বিশ্বাস কৰে যে তেওঁলোকৰ আশ্চাৰ্যজনক আৱিস্কাৰ আৰু ৰোগীক ওৰোগ্য় কৰাৰ আঁতৰ সেই অদৃশ্য আৰু মহিমাময়ী শক্তি জড়িত আছে । সেয়েহে কোনো এক জটিল অস্ত্ৰোপচাৰ কৰাৰ সময়ত কাৰণে সেই অদৃশ্যজনত স্মৰণ কৰে আৰু এইটোৱেই প্ৰমাণ কৰে যে এজন চিকিত্সক বা বিজ্ঞানীৰ সেই মহীমাময়ী শক্তিৰ প্ৰতি বিশ্বাস কেনেধৰণৰ । সেইবাবেই বিজ্ঞানৰ ধৰ্মৰ ওচৰত বশ্যতা স্বীকাৰ কৰে বুলি বিভিন্ন পণ্ডিতসকলে মত পোষণ কৰে । পণ্ডিতসকলৰ মতে ধৰ্মৰ জৰিয়তেই বিজ্ঞানৰ ভেটি গঢ় লয় ।
ধৰ্ম অলৌকিক পাৰমাৰ্থিক জগতৰ কাৰ্যকলাপৰ মাজত আৱদ্ধ । সেইখন জগতক বিজ্ঞানেও ঢুকি নাপায় । গতিকে বিজ্ঞানে সেই পাৰমাৰ্থিক শক্তিৰ মহিমাৰ কথা স্বীকাৰ বা উপলব্ধি কৰিব নোৱাৰে । বিজ্ঞান বাস্তৱ জগতৰ মাজত সীমাৱদ্ধ । নিৰীক্ষণীয় তথ্যপাতি লৈ যি পাইছে সেইটো লৈয়েই বিজ্ঞান সীমিত । গতিকে ধৰ্ম আৰু বিজ্ঞান দুয়োটাৰ ক্ৰিয়া জগত সম্পূৰ্ণ পৃথক । এই দুয়োটাৰে মধ্যস্থতা কৰিছে মানুহে ।
মন কৰিবলগীয়া যে ধৰ্মৰ কিছুমান নীতি বিজ্ঞানৰ দৰেই শুদ্ধ । ধৰ্মানুষ্ঠান পালন কৰাত পৱিত্ৰতাৰ ধাৰণাৰ লগত পৰিস্কাৰ পৰিচ্ছন্নতাৰ কথা নিহিত হৈ আছে । ই এটা বিজ্ঞানসন্মত কথা, সেয়ে কিছুমান ধৰ্মই বান্ধি দিয়া নীতি অনুসৰি গা-ধুই প্ৰাৰ্থনা কৰা, মল-সূত্ৰ ত্যাগ কৰি ভালদৰে পৰিস্কাৰ হোৱা, সময়ে সময়ে উপবাসে থকা আৰু পৰিস্কাৰ কাপোৰ পিন্ধি খোৱা-বোৱ কৰা আদি স্বাস্থ্য ৰক্ষাৰ বাবে বিজ্ঞানসন্মত কথা । বিজ্ঞানৰ প্ৰসাৰে সমাজৰ পৰা বহুতো অন্ধবিশ্বাস দূৰ কৰিছে আৰু বিজ্ঞানৰ অৱদান কিছুমান যন্ত্ৰপাতিৰ সহায়ত ধৰ্মীয় শিক্ষা আৰু আদৰ্শ আদি প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে । প্ৰটেষ্টান্ট ধৰ্মই মানুহক বৈজ্ঞানিক চিন্তাৰে কাম কৰিবলৈ শিক্ষা দিছে । আনহে নালাগে তেনেবোৰ শিক্ষাই কিছুমান বৈজ্ঞানিক আৱিস্কাৰ সম্ভৱ কৰি তুলিছে । কৃষি অৰ্থনীতি, ব্যৱসায়, বাণিজ্য আৰু দৈনন্দিন জীৱনত কৰিব লগা আচৰণৰ বিষয়ে থকা ধৰ্মীয় নিৰ্দেশনাৰ বাবে সেই সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰসমূহত বিকাশ সাধন হৈছে । এইবোৰ ক্ষেত্ৰত ধৰ্ম আৰু বিজ্ঞানৰ সম্পৰ্ক পৰিলক্ষিত হয় ।
সাম্প্ৰতিক সময়ত অগ্ৰতিয়ে সকলো দিশতে পৰিৱৰ্তনৰ সূচনা কৰিছে । মানুহৰ মনৰ আৰু চিন্তাধাৰাৰ পৰিৱৰিতন আছিল । বিজ্ঞানে বিশ্ব ব্ৰহ্মাণ্ডৰ অনেক ৰহস্য ভেদ কৰি অসাধ্য সাধন কৰিছে । ইয়াৰ দ্বাৰা ধৰ্মৰ আধিৰ স্ৰশ্বৰ অনেক ৰহস্য তেন মহাজ্য আদিব ওপৰত থকা বিশ্বাস বহু পৰিমাণে ভাল হৈ অহাটো স্বাভাৱিক কথা হৈ পৰিছে । মানুহৰ ধাৰণা হৈছে বিজ্ঞানে যেন ভগৱানৰ অস্তিভুকেই নাইকিয়া কৰিব । কেতিয়া সমাজত ধৰ্মও নোহোৱা হ’ব । কিন্তু সেই ধাৰণা কেতিয়াও সঁচা হ’ব নোৱাৰে । কাৰণ মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনত এনে কিছুমান কাম সমাধা কৰি আহিছে যিবিলাক সমাধা কৰাটো বিজ্ঞানৰ বাবে সম্ভৱ নহয় । ব্যক্তিগত বা পৰিবাৰিক জীৱনত মানুহে অনেক দুখ-বেজাৰ আৰু বিপদ আপদৰ সন্মুখীন হয়। কিন্তু ধৰ্মীয় বিশ্বাসৰ বশৱৰ্তী হৈ মানুহে সকলো দুখ-কষ্ট ভগৱানৰ ইচ্ছা বা ভাগ্যত থকা ঘটনা বুলি মনক সাম্বনা দিয়ে আৰু দুখৰ মাজতো মানসিক শান্তি লাভ কৰে, মনোবল অটুট ৰাখে আৰু জীৱনত সকলো হেৰুৱাইও জীয়াই থকাৰ অৰ্থ বিচাৰি পায় । বিজ্ঞানে এনেধৰণৰ এক কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিব নোৱাৰে । সামাজিক জীৱনত ধৰ্মই মানুহৰ মাজত পাৰস্পৰিক ন্ঠ দয়া, প্ৰেম, সহানুভুতি আৰু ভাতৃত্বৰ ভাৱ গঢ়ি তোলে । তাৰ দ্বাৰা মানুহৰ মাজত সংহতিৰ সৃষ্টি হয় । ধৰ্মৰ এই সামাজিক ক্ৰিয়াৰ বিজ্ঞানৰ যোগেদি সম্ভৱ নহয় । ইয়াৰ উপৰি ধৰ্মীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰমাণিত হৈ অনেক মানুহে জনহিতকৰ কাম কৰা দেখা যায় । মানুহৰ মনত এনে অনুভূতি সৃষ্টি কৰিব পৰা ভূমিকা বিজ্ঞানৰ নাই । সেইবাবে যিদৰে বিজ্ঞানে সমাজৰ বস্তুগত প্ৰয়োজন পূৰণ কৰি থাকিব সেইদৰেই সমাজৰ মানসিক সুস্থতা আৰু সংহতি ৰক্ষাৰ বাবে ধৰ্মই ভূমিকা পালন কৰি যাব । বিজ্ঞানৰ অগ্ৰগতিৰ বাবে ধৰ্মৰ বিলুপ্তি কেতিয়াও সম্ভৱ নহয় ।
প্ৰশ্নঃ 17. ধৰ্ম আৰু যাদুৰ সম্পৰ্ক আৰু পাৰ্থক্য বিচাৰ কৰা ?
Show distinction between religion and magic.
উত্তৰঃ ধৰ্ম আৰু যাদু সম্বন্ধে যিবোৰ অধ্যয়ন আৰু গৱেষণা সম্পন্ন হৈছে তাৰ আধাৰত এই দুয়োটাৰে মাজত কেতবোৰ পাৰ্থক্য দেখা যায় । ধৰ্ম আৰু যাদুৰ মাজত থকা পাৰ্থক্যসমূহ এনে ধৰণৰ-
১) ধৰ্ম এক সামূহিক বিশ্বাস আৰু ক্ৰিয়া কাণ্ডৰ সমষ্টি বা এক পদ্ধতি । ই ৰাজহুৱা বা সামাজিক । অন্যহাতে যাদু ব্যক্তিগত । কোনো মানুহে ইয়াক ব্যক্তিগত ভাৱে আহৰণ কৰে আৰু তাৰ প্ৰয়োগ কৰে । মেলিন’ৱস্কিয়ে তেওঁৰ ‘Coral Gradens and Their magic’ নামৰ গ্ৰন্থত ধৰ্ম আৰু যাদু বিষয়ে উল্লেখ কৰি লিখিছে যে ধৰ্মৰ কোনো নিৰ্দিষ্ট পৰিসমাপ্তি নাই । ইয়াৰ উদ্দেশ্য অন্তনিৰ্হিত হৈ থাকে । ধৰ্মৰ ফলাফল লগে লগে দেখকৈ পোৱা নাযায় । ধৰ্মৰ আচাৰ-অনুষ্ঠানৰ যোগেদি ভক্তই বা প্ৰাৰ্থনাকাৰী বা আধ্যাত্মিক শক্তিৰ পূজকসকলৰে উপাস্য দেৱতা বা সত্তাৰ লগত নিজৰ সংযোগ স্থাপন যত্ন কৰে । কিন্তু যাদুৰ দ্বাৰা যাদুকৰীয়ে ব্যক্তিগতভাৱে ফল লাভ কৰিবলৈ বিচাৰে আৰু লাভ কৰে । ইয়াৰ নিৰ্দিষ্ট উদ্দেশ্য থাকে । সেই উদ্দেশ্য কাৰ্যকৰী উপায়েৰ তাতক্ষণাত সিদ্ধি কৰা হয় । এই কাম ব্যক্তিগত হিচাপে যাদুকৰে সমাধা কৰে ।
২) যাদুৰ লগত উপকাৰী আৰু অপকাৰী দুটা দিশ জড়িত হৈ আছে । সেই হিচাপে যাদু দুই প্ৰকাৰৰ; যেনে উপকাৰী যাদু আৰু অপকাৰী যাদু যাদু । ৰোগ-ব্যাধি, অপায়-অমংগল, অসৃয়া-অশান্তি আদি উপশম ঘটাবৰ বাবে প্ৰয়োগ কৰা যাদুক উপকাৰী যাদু বোলা হয় । ইয়াৰ উপৰি যি যাদুবিদ্যাৰ জৰিয়তে মানুহৰ ৰোগ-ব্যাধি, অপায়-অমংগল, মৃত্যু, অসৃয়া-অশান্তি আদি সৃষ্টি কৰি অপকাৰ সাধন কৰা হয়, তেনেধৰণৰ যাদুক অপকাৰী যাদু বোলা হয় । যাদুৰ দৰে ধৰ্মৰ এনে কোনো দিশ নাই । ধৰ্ম হৈছে মানৱ কল্যাণৰ ওপৰত প্ৰতিষ্ঠিত । ধৰ্মচৰ্চাৰ জৰিয়তে ধৰাৰ বুকুত শান্তি আৰু কল্যাণ প্ৰতিষ্ঠা কৰিব পাৰি । ধৰ্ম বা ধৰ্ম চৰ্চাই মানুহক অপকাৰ কৰিব নোৱাৰে; ইয়াৰ বিপৰীতে ই মানুহৰ দুৰ্বল মনক সাহস যোগান ধৰি মানসিক শান্তি প্ৰতিষ্ঠা কৰিব পাৰে ।
৩) পৃথিৱীৰ প্ৰায় সকলোবোৰ মানুহেই ধৰ্মৰ লগত জড়িত । ধৰ্মৰ প্ৰভাৱ নপৰা মানুহ হয়তো পৃথিৱীত নাই ।বিশ্বজনীন । ধৰ্মৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, অনুৰাগ কম-বেছি পৰিমাণে সকলো মানুহৰে থকা দেখা যায় । অন্যহাতে যাদু বা যাদুবিদ্যাৰ লগত সকলো ব্যক্তিয়েই জড়িত নহয় । যাদুবিদ্যাৰ লগত কিছু সংখ্যক লোকহে জড়িত থকা দেখা যায় ।
৪) ধৰ্মীয় কৰ্মসমূহ ৰূপায়ণ কৰিবৰ বাবে কেতবোৰ অনুষ্যান-প্ৰতিষ্ঠান বা উপাসনাগৃহ থাকে । বিভিন্ন মন্দিৰ-মছজিত, গীৰ্জা-নামঘৰ ইত্যাদিবোৰ ধৰ্মীয় উপাসনাগৃহ । এই উপাসনাসমূহত ধৰ্মীয় চৰ্চা কৰা হয় । কিন্তু যাদু সম্বন্ধীয় তেনে কোনো অনুষ্ঠান-প্ৰতিষ্ঠান নাথাকে ।
৫) ধৰ্মীয় কৰ্মত উপাসনাকাৰীয়ে বা পূজাৰীয়ে তুতু মিনতিৰে আৰু নম্ৰতাৰে প্ৰাৰ্থনা বা পৃজা কৰি ভগৱান বা পূজ্য দেৱ-দেৱীৰ পৰা কিবা পাবলৈ কামনা কৰে। কিন্তু যাদুৰ দ্বাৰা জধে-মধে পোনপটীয়াকৈ বিচৰা বস্তু পাবলৈ যত্ন কৰে ।
৬) যাদুৰ অত্যন্ত ব্যৱহাৰিক, স্বাৰ্থযুক্ত আৰু ভোগ বিলাসী উদ্দেশ্যই আধ্যত্মিক সত্তাটো সীমিত আৰু ঠেক কৰি তোলে । ধৰ্মৰ উদ্দেশ্য পাৰমাৰ্থিক, বিশাল আৰু সম্পূৰ্ণ আধ্যত্মিক ধৰ্মত ভক্ত বা প্ৰাৰ্থনাকাৰীয়ে বিনম্বতাৰে প্ৰাৰ্থনা কৰি বগৱানৰ বা অন্যান্য শক্তিৰ পৰা কৃপা বিচাৰে । যাদুকৰে দেৱ-দেৱী আদি শক্তিক ভয় প্ৰদৰ্শন কৰি বা ধমকি দি কাম আদায় কৰে ।
৭) ব্যক্তিগত স্বাৰ্থ, হিংসা, প্ৰতিশোধ অন্যায়ন্য উপায় অৱলম্বন কৰি আনৰ অনিষ্ট সাধন কৰাৰ কোনো আচাৰ বিধি বা উদ্দেশ্য ধৰ্মত নাই । সেইবিলাক যাদুৰ দ্বাৰা ৰূপায়িত হয় । সেইবাবে যাদুৰ সসামাজিক অনুমোদন নাথাকে, ধৰ্ম সামাজিক অনুমোদনৰ ওপৰত বৰ্তি থাকে।
ওপৰত আলোচনাৰ পৰা ধৰ্ম আৰু যাদুৰ মাজত বিভিন্ন দিশত কেতবোৰ পাৰ্থক্য দেখা পোৱা গৈছে । অৱশেষত এনেবোৰ দিশত পাৰ্থ ক্য আছে যদিও দুয়োটাৰ মাজত কেতবোৰ সাদৃশ্য নথকা নহয় । দেখা যায় যে ধৰ্ম আৰু যাদু উভয়েই কোনো শক্তিত থকা বিশ্বাসৰ সমষ্টি । এনে শক্তিত থকা বিশ্বাসৰ বাবে যাদুকৰে যাদুবিদ্যা প্ৰয়োগ কৰে আৰু ধৰ্ম উপাসকে ধৰ্মীয় কাৰুকাৰ্য সম্পন্ন কৰে । ধৰ্ম আৰু যাদুৰ সম্বন্ধৰ বিষয়ে দুৰখেইমে এনেদৰে কৈছে, “………magic cannot be rigoriously differentiated from religion that magic is full of religion and religion full of magic and consequently, that it is impossible to separate them and define the one without the other, “(Durkheim, 1995.p.40).
প্ৰশ্নঃ 18. ধৰ্ম আৰু নৈতিকতাৰ সম্বন্ধ বিচাৰ কৰা ।
Show the Morality between religion and morality.
উত্তৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজৰ সম্বন্ধ অতি নিবিড় । সমাজত এতিয়ালৈকে যিবোৰ নৈতিক আদৰ্শবোধৰ সৃষ্টি হৈছে, সেইবোৰত হয়তো পৃথিৱীৰ সকলোবোৰ ধৰ্মৰে প্ৰভাৱ আছে । পৃথিৱীত এতিয়ালৈকে যিমানবোৰ ধৰ্মৰ বিকাশ হৈছে, সিমানবোৰ ধৰ্মৰে কেতবোৰ নীতি আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত । সেয়েহে প্ৰতিটো ধৰ্মৰ অনুসৰণকাৰীসকলে কেতবোৰ নৈতিক আদৰ্শ আয়ত্ত কৰিবলৈ সক্ষম হৈছে । হিন্দু, খ্ৰীষ্টীয়ান, ইছলাম, জৈন, শিখ, বৌদ্ধ, জৰোষ্টিয়ান আৰু আন্যান্য সৰুবৰ ধৰ্মীয় সম্প্ৰদায়সমূহৰ যোগেদি যিবোৰ ধৰ্মীয় নীতি-নিয়মৰ ,সৃষ্টি হৈছে, সেইবোৰৰ যোগেদিয়েই বিভিন্ন নৈতিক প্ৰমূল্যবোধৰ সৃষ্টি হৈছে আৰু মানৱ সমাজক প্ৰভাৱিত কৰিছে । নৈতিকতা আচলতে এক শক্তিশালী কৰ্তা, যি মানৱ সমাজখনক নিয়ন্ত্ৰণকৰি সু-শৃংখল ৰূপত পৰিচালিত হোৱাত সহায় কৰে । ধৰ্মীয় নীতিবিলাকৰ জৰিয়তে যি নৈতিকতাবোধৰ বিকাশ হয়, সেই নৈতিকতাবোধে মানুহক অপকৰ্মৰ পৰা আঁতৰাই ৰাখে । পাপ-পুণ্যৰ বিচাৰ, অন্যায় অবিচাৰ, হিংসা-দ্বেষ,ঠগ-প্ৰৱঞ্চনা, চুৰি-ডকাইতি, শোষণ-নিষ্পেষণ, দুৰ্নীতি-অনিয়ম, মিছলীয়া প্ৰবৃত্তি, তিৰস্কাৰ, ককৰ্থনা আদিবোৰ কেৱল নৈতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিতসকলেহে অনুভৱ কৰিব পাৰে আৰু এইবোৰৰ পৰা বিৰত থাকে । নৈতিকতাবোধ মানুহৰ সৃক্ষ্ম অনুভূতি আৰু অন্তদৃষ্টিৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হয় । বাধ্য কৰি বা জোৰ .কৰি কোনো লোকৰ মনোজগতত নৈতিকতাৰ সঞ্চাৰ কৰা সম্ভৱ নহয় । নৈতিতকা মানুহৰ মন আৰু আত্মাত নিজেই সৃষ্টি হয় । যিজনে ব্যক্তিয়ে ভগৱানক বিশ্বাস কৰে, শ্ৰদ্ধাভক্তি কৰে; যিজনে আনক সন্মান যাচে, উপকাৰ কৰে; যিজনে কোনোবাই তেওঁক তিৰস্কাৰ কৰিলেও হাঁহি মুখেৰে মূৰ পাতি লয়, যিজনে কাৰোবাক বিপদলৈ ঠেলি নিদি বিপদৰ বন্ধু হৈ থিয় দিয়ে; যিজনে আন কৃতিত্বৰ সময়ত সুখ অনুভৱ কৰে; যিজনে ভোকাতুৰ দৰিদ্ৰজনক দান-দক্ষিণা আনক দেখুৱাই সামাজিক প্ৰতিষ্ঠা বা নিজৰ গুণ কৃত্ৰিমভাৱে আনক দেখুৱাবৰ বাবে নকৰে, বৰঞ্চ ইয়াক এক একোজন নৈতিক গুণসম্পন্ন ব্যক্তি । মানুহৰ এই নৈতিক গুণৰ লগত সংপৃক্ত হৈ থাকে । মানুহৰ আধ্যাত্মিক চেতনাবোধ । আধ্য়াত্মিক চেতনাৰ অবিহনে কোনেও নৈতিকতাবোধ সৃষ্টি কৰিব নোৱাৰে । মানুহৰ নৈতিকতাবোধ সৃষ্টিৰ ক্ষেত্ৰত শিক্ষা-দীক্ষাৰ কথা নাই । এজন শিক্ষিত লোকতকৈ এজন কম শিগ্ষিত বা অশিক্ষিত লোকৰ নৈতিকতা হাজাৰ গুণে ওপৰত হ’ব পাৰে । এজন বক্তই সভাই-সমিতিয়ে সুন্দৰ সুন্দৰ বক্তৃতা প্ৰদান কৰিলেই তেওঁ এজন নাতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ব্যক্তি বুলি ক’ব নোৱাৰি । কাৰোবাৰ বাগ্নিতা থাকিলেই তেওঁ নৈতিক গুণসম্পন্ন ব্যক্তি বুলি ক’ব নোৱাৰি । বৰ্তমান বিভিন্ন সভা-সমিতিসমূহত এনে কিছুমান মানুহক দেখা যায় (সকলো নহয়), যিসকলে নিজৰ বাগ্নিতাৰে আনক অনেক উপদেশআৰু পৰামৰ্শ দিয়ে । কিন্তু এইসকল মানুহৰ ক্ষেত্ৰত সন্দেহ থাকি যায় । যে আনক উপদেশ দিব পৰাকৈ এওঁলোকৰ নৈতিকতা কিমান আছে ? গতিকে এনেধৰণৰ মানুহৰ উপদেশ বা পৰামৰ্শৰ পৰা সমাজৰ উন্নতি কেতিয়াও আশা কৰিব নোৱাৰি ।
ধৰ্মই নৈতিক জ্ঞান আৰু অভিজ্ঞতাৰ শিক্ষা দিয়ে । ধৰ্মই যিবোৰ কাম বা আচৰণ কৰিবলৈ ব্যক্তি নিৰ্দেশিত কৰে, সেইবোৰৰ লগত নৈতিকতা নিবিড়ভাৱে সাঙোৰ খাই থাকে । ধৰ্মৰ লগত পোনপটীয়াকৈ পবিত্ৰতা আৰু অপবিত্ৰতাৰ ধাৰণা সংলগ্ন হৈ আছে । ধৰ্মই নিৰ্দেশিত কৰা কৰ্মইহে পবিত্ৰতাক আৰু প্ৰতিৰোধ কৰা কৰ্মই অপবিত্ৰতাক প্ৰতিফলিত কৰে । ধৰ্মই নৈতিক প্ৰতিমান ভংগ হোৱা কোনো কামৰে ইংগিত দাঙি দৰা দেখা নাযায় । সত্ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, সত্যবাদিতা, পৰোপকাৰ, সংযমশীলতা ইত্যাদিৰ কথা ধৰ্মই সকলো সময়তে ব্যক্ত কৰে । অৱশ্যে আমাৰ সমাজত এনে কিছুমান ধৰ্মগুৰু বা দৰ্ম উপাসকক দেখা যায় যিসকলৰ এনেবেৰ নৈতিক গুণ লেখামানো নাথাকে । এজন লোক বা ঈশ্বৰ উপাসৰ পৰিচয় তেওঁলোকৰ ধৰ্মীয় পোছাকযোৰেই নহয় নাইবা তেওঁ ঈস্বৰ উপাসনা গৃহত প্ৰৱেশ কৰাটো নহয়; এনে উপাসনাৰ বাবে লাগিব তেওঁৰ মন আৰু অন্তৰৰ শুদ্ধতা । মন আৰু অন্তৰৰ শুদ্ধতা অবিহনে অদৃশ্যজনাৰ লগত সংযোগ স্থাপন কৰাটো সম্ভৱ নহয় বুলি হিন্দু ধৰ্মীয় ধৰ্মশাস্ত্ৰসমূহত উল্লেখ আছে । মানুহৰ মন আৰু অন্তৰৰ শুদ্ধতা এটা উলেলেখযোগ্য নৈতিক গুণ এনে নৈতিক গুণৰ বাবেই সমাজৰ কল্যাণ সম্ভৱ হৈ পৰে । এজন বগা পোছাকথধাৰী ধৰ্মগুৰুৱে যে মন আৰু আন্তৰ শুদ্ধ এনে নহয় । এজন দৰিদ্ৰ কদৰ্য বস্তু পৰিধান কৰা ভিক্ষাৰীৰো পৰিস্কাৰ বগাবস্ত্ৰ পৰিধান কৰা দৰ্মগুৰুজনতকৈ মন আৰু অন্তৰ শুদ্ধ হ’ব পাৰে বা নৈতিকতা বহগুণে উচ্চ হ’ব পাৰে । এনে বহুতো উদাহৰণ আমাৰ সমাজত আছে ।
মুঠৰ ওপৰত ধৰ্ম আৰু নৈতিকতাৰ মাজৰ সম্বন্ধ অতি নিবিড় । ধৰ্মীয় বিশ্বাস বা আচৰণ প্ৰণালীয়ে সমাজত যি পৰিবেশ সৃষ্টি কৰে, সেই পৰিৱেশৰ পৰাই মানুহে নৈতিকতাক আহৰণ কৰে । যিখন সমাজ ধৰ্ম তথা আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত বা যিখন সমাজত নিৰৱচ্ছিন্নভাৱে আধ্যাত্মিক চিন্তা-চৰ্চাৰ অনুশীলন হয়, তেনে সমাজত মানুহৰ নৈতিক আদৰ্শ সুন্দৰভাৱে গঢ় লৈ উঠে ।
প্ৰশ্নঃ 19. মৃত্যু আৰু মুক্তি ধাৰণাৰ সামাজিক তাত্পৰ্য ব্যাখ্যা কৰা ?
Social implications of ideas of death and salvation.
উত্তৰঃ ১) এই দুয়োটা কেৱল ধাৰণাই নহয় যিটো ৱেবাৰে ট্ৰয়েল্চৰ পৰা ধৰা কৰি পৰৱৰ্তী সময়ত ইয়াক উপযোগী কৰি লৈছিল । গৱেষকসকলে ট্ৰয়েল্চৰ প্ৰভাৱৰ বিষয়েও উল্লেখ কৰিছে ।
২) আংশিকভাৱে হ’লেও এই দুয়োটা ধাৰণা (পাপক্ষয় আৰু মুক্তি) বা মতবাদ ৱেবাবব ধৰ্ম বিষয়ক সমাজতত্ত্বৰ এক গুৰুত্বপূৰ্ণ অংস . অৱশ্যে মুক্তি বা নিৰ্বাণ সম্বন্ধে যিদৰে বিভিন্ন ধৰ্মত আলোচনা বিলোচনা হৈছে সেইদৰে পাপক্ষয় বা প্ৰায়শ্চিত্তৰ সম্বন্ধে হোৱা নাই । ইয়াৰ কাৰণ এইটোও হ’ব পাৰে যে নিৰ্বাণ বা মুক্তি বিশ্বৰ প্ৰায় সকলো ধৰ্মৰ বাবেই গুৰুত্বপূৰ্ণ । অৱশ্যে ৱেবাৰে বিশ্বাস কৰে যে দুয়োটা ধৰণৰ বা মতবাদেই গুৰুত্বপূৰ্ণ আৰু পাৰস্পৰিকভাৱে সম্পৰ্কিত । ৱেবাৰৰ মতে, “মুক্তি বা নিৰ্বাণ ধাৰণাটো পূৰ্বতে যাদুবিদ্যাৰ লগত জড়িত আছিল । ৱেবাৰে তেওঁৰ “Religio se Gemein schaten’ নামৰ গ্ৰন্থৰ দ্বিতীয় আধ্যায়ত যাদুকৰ আৰু যাজক গা পুৰোহিত শ্ৰেণীও একেটা শাৰীতে ৰাখিছে আৰু এই কথাও স্বীকাৰ কৰিছে যে তেওঁলোকৰ মাজত ব্যৱধান সদায় স্পষ্ট নহয় ।
৩) আৰম্ভণিতে গুৰুত্বপূৰ্ণ কথাটো আছিল দুয়োজনেই (যাদুকৰ আৰু পুৰোহিত) তেওঁলোকৰ দায়িত্ব বা কৰ্তব্য পালনত সফল হৈছে । যাদুকৰসকলৰ বাবে যাদুবিদ্যা প্ৰদৰ্শন কৰা আৰু পুৰোহিতসকলৰ বাবে ঈশ্বৰ ফৰাসনা নিশ্চিত কৰাটো মূল কাৰ্য আছিল । ৱেবাৰৰ মতে ইতিহাসে সংজ্ঞা নিৰূপণৰ প্ৰকমুহূৰ্তত ধৰ্ম আছিল অযুক্তিকৰ যাদুবিদ্যা আৰু পৰৱৰ্তী সময়ত এই অযুক্তিকৰ যাদুবিদ্যাৰ স্থান যুক্তি নিৰ্ভৰ ধৰ্মই গ্ৰহণ কৰিলে ।
৪) ৱেবাৰে বিশ্বাস কৰিছিল প্ৰাৰম্ভিক পৰ্যায়ত ইহুদীসকলৰ ধৰ্মৰ এক অন্যতম বৈশিষ্ট্য আছিল নৈতিকতা সম্বন্ধীয় কাৰ্যকলাপৰ ওপৰত গুৰুত্ব প্ৰদান । অৱশ্য়ে ৱেবাৰে এই আঙুলিয়াই দিছে যে সকলো নৈতিকতামূলক ধৰ্মই মুক্তি বা নিৰ্বাণ সম্বন্ধীয় ধৰ্ম নহয় । তেওঁ উদাহৰণ হিচাপে কনফুচিয়ীছ ধৰ্মৰম কথা উল্লেখ কৰিছে । এই ধৰ্মত ধৰ্মীয় নৈতিকতা নিশ্চিতভাৱে বিৰাজমান, কিন্তু ইয়াত মুক্তিৰ আৱশ্যকতাৰ তথা কোৱা নাই । ৱেবাৰে উল্লেখ কৰিছে যে কনফুচিয়াছ ধৰ্মত সৃষ্টি আৰু দৰ্শন সম্বন্ধীয় কোনো তত্ত্ব বা বৈশিষ্ট্য নাই । ইয়াত সন্নিৱিষ্ট হৈ আছে এনে এক যুক্তবাদ যিটো পশ্চিমীয়া দেশবিলাকত বিকাশ সাধন হৈছিল ।
৫) কনফুচিয়াছ ধৰ্ম Confucianism) আৰু কঠোৰ প্ৰটেষ্টন্টা ধৰ্ম বা পিউৰিটান ধৰ্মৰ এক তুলনামুলক আলোচনা কৰি ৱেবাৰে স্বীকাৰ কৰিছিল যে দুয়োটা ধৰ্মৰে শিপাডাল অযুক্তিকৰ । অৱশ্যে ৱেবাৰে কনফুচিয়াছ ধৰ্ম ঘাইকৈ যাদুবিদ্যাৰ ওপৰত প্ৰতিষ্ঠিত বুলি উল্লেখ কৰিছে । এওঁলোকে যাদুবিদ্যাৰ ওপৰতে প্ৰতিষ্ঠিত বুলি উল্লেখ কৰিছে । এওঁলোকৰে যাদুবিদ্যা প্ৰয়োগ ৰিছিল তেওঁলোকৰ উপাস্য দেৱতাসকলক তুষ্ট কৰিবৰ বাবেহে । বিশ্ব প্ৰায়বোৰ ধৰ্মতে পাপক্ষয়ৰ লগত মুক্তি, আত্মা, মৃত্যু আদি ধাৰণাবিলাক সংপৃক্ত হৈ আছে । অৱশ্য়ে বহতো চিন্তাবিধৰ মতে পাপক্ষয় আৰু মুক্তিৰ লগত কোনো সম্বন্ধ নাই । অৱশ্য়ে ভাৰতবৰ্ষৰ হিন্দু ধৰ্মত ই ব্যতিক্ৰম সেয়েহে মেক্স ৱেবাৰৰ আলোচনৰ প্ৰসংগৰ মাজতেই ভাৰতবৰ্ষৰ হিন্দু দৰ্মত পাপক্ষয়, মুক্তি আৰু পৰলোক সম্বন্ধ ধাৰণা কেনেদৰে পৰিস্ফুট হৈছে সেই সম্বন্ধে অৱগত হোৱাটো অত্যন্ত প্ৰয়োজনীয় ।
Q. 20. What is religion ? Show the relationship be tween religion and globalisation.
Ans. ধৰ্মৰ ব্যাপকতাৰ প্ৰতি লক্ষ্য কৰি ইয়াৰ অৰ্থ বা সংজ্ঞা দিয়াটো সহজ নহয় যদিও সমাজতত্ত্ববিদসকলে যথেষ্ট অধ্যয়ন কৰি ধৰ্মৰ সংজ্ঞা আগবঢ়াইছে । কিছুমানৰ মতে ঈশ্বৰ বা দেৱ-দেৱীক পূজা কৰা, আন কিছুমানৰ মতে প্ৰাকৃতিক বস্তু, ভূত-প্ৰেত আদিক পূজা কৰা । আকৌ আন কিছুমানৰ মতে নৈতিকতা, অহিংসা, নীতি-নিয়ম মানি তলাই ধৰ্ম । সমাজতাত্ত্বিয় ভাষাত ধৰ্ম হ’ল কিছুমান অলৌকিক শক্তিৰ ওপৰত থকা মানুহৰ গভীৰ বিশ্বাস আৰু সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰদৰ্শন কৰা কিছুমান বিশেষ আচৰণ আৰু কাৰ্য-কলাপৰ সমষ্টি । মানুহে নানা কাৰণত কিছুমান বিশেষ অদৃশ্য শক্তিৰ ওপৰত বিশ্বাৰ কৰি আহিছে । জন্ম-মৃত্যু, অপায়-অমংগল, সুখ-দুখ, বেমাৰ-আজাৰ আদি ঘটনাবোৰ মানুহৰ জীৱনত সচৰাচৰ ঘটি থাকে। এইবোৰ কোনো অদৃশ্য শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থকা বুলি মানুহে বিশ্বাস কৰি আহিছে । তদুপৰি সমগ্ৰ পৃথিৱী আৰু ইয়াৰ জীৱ-জন্তুৰ,গ্ৰহ-নক্ষত্ৰ আদি কোনোবা অদৃশ্য শক্তিৰ দ্বাৰাই, সৃষ্টি হোৱা বুলি ধাৰণা কৰি আহিছে । এনে এটা বিশ্বাসৰ বশৱৰ্তী হৈ সেই অদৃশ্য় অতিমানৱ শক্তি সন্তুষ্টি দয়া, সহানুভূতি, আশীৰ্বাদ আদিৰ বাবে কিছুমান কাৰ্যকলাপ সম্পন্ন কৰা হয় । এই কাৰ্যকলাপৰ আৰু আচৰণবোৰ প্ৰাৰ্থনা, নৃত্য, পূজা-পাতল আদি বিভিন্ন ৰূপত দেখা যায় আৰু অতিমানৱ অদৃশ্য শক্তিক ভগৱান, দেৱ-দেৱী, ভূত-প্ৰেত আদি ৰূপে কল্পনা কৰে আৰু সেইবিলাকৰ সন্তুষ্টিৰ বাবে কৰা পূজা-পাতল, গীত-নৃত্য আদি বিভিন্ন কাৰ্য আৰু আচৰণ প্ৰণালীৰ সমষ্টিকে ধৰ্ম বুলি কোৱা হয় ।
অগবাৰ্ন আৰু নিমকফৰ মতে, “ধৰ্ম হৈছে মানুহৰ ঐশ্বৰিক শক্তিৰ প্ৰতি থকা বিশ্বাস ।’
Religion is attitude towards super human powers-Osborn and Nimkoft.
মেক আইভাৰ আৰু পেজৰ মতে, ‘আমি বুজা মতে ধৰ্মই কেৱল মানুহৰ মাজত সম্পৰ্ককে নুবুজায় । ই মানুহ আৰু কিছুমান উচ্চ শক্তিৰ মাজৰ সম্পৰ্ককো সূচায় । তেওঁলোকে যি উচ্চ শক্তিৰ কথা কৈছে, সিয়েই অলৌকিক শক্তি বুলিব পাৰি ।’ Religion s we understand the term, implies a relationship not merely between man and but also between man and some higher power.’ Mac iver and Page.
ইমাইল দুৰখেইমৰ মতে, “ ধৰ্ম বিশ্বাস আৰু ৰীতি-নীতিৰ সমষ্টি, যি বিশ্বাসে কিছুমান বস্তুক পবিত্ৰ আৰু আন কিছিুমানক অপবিত্ৰ বুলি গণ্য কৰে আৰু একোটা ধৰ্মীয় সমূহৰ সৃষ্টি কৰে ।” Religion is a system of belief and rituals with references to the sacred which binds people together into social group- Email Durkheim.
ওপৰৰ, সংজ্ঞাৰ পৰা এইটোৱেই বুজা যায় যে ধৰ্ম হৈছে অলৌকিক শক্তিৰ ওপৰত থকা এক বিশ্বাসৰ বাবে কৰা কিছুমান পূজা পাতল ।
বিশ্বায়ন আৰু ধৰ্ম এই দুয়োটা অৱধাৰণা পৃথক যদিও বিশ্বায়নৰ প্ৰভাৱ ধৰ্মৰ ওপৰত নথকা নহয় । সম্প্ৰতি বিশ্বায়নে সমগ্ৰ বিশ্বৰ সকলো দিশতে গ্ৰাস কৰাৰ লগতে ধৰ্মীয় সংস্থাৰ ওপৰতো প্ৰভাৱ পেলাইছে । পূৰ্বতে, ধৰ্ম এক কঠোৰ সংস্থা । প্ৰত্যেক ধৰ্মৰে নিৰ্দিষ্ট কিছুমান নীতি-নিয়ম থাকে । এই নীতি-নিয়মসমূহ ইয়াৰ সদস্যসকলে মানি চলিবৈ বাধ্য । অন্যথা ইয়াৰ বাবে শাস্তি ভুগিবলগা হয় । সামাজিক শিক্ষা আৰু নিয়ন্ত্ৰণক ক্ষেত্ৰত ধৰ্মই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল । সাম্প্ৰতিক বিশ্বায়নে ধৰ্মৰ ওপৰত থকা এই বাধা-নিষেধবোৰ শিথিল কৰি তুলিছে । বৰ্তমান মানুহে নিজৰ ইচ্ছা অনুসৰি ধৰ্ম সলনিও কৰিব পৰা হ’ল । বিশ্বায়নে প্ৰভাৱ পেলোৱা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা, উদ্যোগীকৰণ, আধুনিকীকৰণ, শিক্ষাৰ উন্নতি আদিয়ে ধৰ্ম নামৰ সামাজিক সংস্থাটো বহু পৰিমাণে সলনি কৰি পেলালে । সকলো ধৰ্মৰ মাজত বৰ্তমান সম্পৰ্ক স্থাপন হ’ল । জাতি-ধৰ্ম নিৰ্বিশেষে বৰ্তমান সকলো মানুহেই সমাজত সকলোতে অংশ ল’ব পৰা হ’ল । ধৰ্ম নৰপেক্ষ ধাৰণাই সমগ্ৰ বিশ্বকে প্ৰভাৱান্বিত যিদৰে সমগ্ৰ বিশ্বকে এক ক্ষুদ্ৰ সমাজ হিচাপে গঢ়ি তুলিলে, সেইদৰে সমগ্ৰ বিশ্বকে এক ধৰ্মীয় গোট হিচাপে প্ৰতিষ্ঠা কৰিলে । ধৰ্মৰ নামত পূৰ্বৰ ভেদাভেদসমূহ কমি গ’ল ।
প্ৰশ্নঃ 21. মেক্স ৱেবাৰৰ মতে আমোলাতান্ত্ৰিক ব্যৱস্থা কি ?
According to max weber what Bureaucracy is set up.
উত্তৰঃ আমোলাতান্ত্ৰিক ( Bureaucracy):
মেক্স ৱেবাৰৰ সমাজতত্ত্বলৈ আন এটা উল্লেখনীয় অৱদান হ’ল আমোলাতন্ত্ৰৰ বিষয়ে ধাৰণা । আমোলাতন্ত্ৰ মনে হ’ল উচ্চ-নীচভাৱে সংস্তৰিত এটা সামাজিক সমূহ । সাধাৰণতে আমোলাতন্ত্ৰিক সমূহবিলাক একোটা প্ৰশাসনিক গোট । এই গোটবিলাকত জড়িত ব্যক্তিসকল উচ্চ-নীচ্ ভাগত বভক্ত । ব্যক্তিসকলৰ হাতত প্ৰস্থিতি অনুসৰি কিছুমান ক্ষমতা আৰু কৰ্তৃত্ব ন্যস্ত কৰা থাকে । এই আমোলাতন্ত্ৰিক ব্যৱস্থাত ব্যক্তিৰ প্ৰস্থিতিটো যুক্তিযুক্ততাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয় । আমোলাতন্ত্ৰিক ব্যৱস্থাটো এটা স্থায়ী এই ব্যৱস্থাৰে দেশৰ শাসন কাৰ্য পৰিচালনা কৰা হয় । আমোলাতন্ত্ৰিক ব্যৱস্থাৰ ওপৰত গুৰুত্ব যথেষ্ট বাঢ়িল । কিয়নো পুঁজিপতি ব্যৱস্থাটো আমোলাতন্ত্ৰিক পদ্ধতিৰে পৰিচালত হয় । এই শতিকাৰ পৰা বহুতো দাৰ্শনিক আমোলাতন্ত্ৰিক ব্যৱস্থাৰ ওপৰত আলোকপাত কৰিবলৈ ল’লে । আমোলাতন্ত্ৰিক ব্যৱস্থাৰ ওফৰত বিশেষীকৰণ আৰু শ্ৰম বিভাজনৰ ওপৰত গুৰুত্ব দিয়া হয় । প্ৰস্থিতি গ্ৰহণৰ বাবে ব্যক্তিসকলে কেতবোৰ প্ৰতিমান পূৰণ কৰিব লগা হয় । আমোলাতন্ত্ৰিক ব্যৱস্থাত উচ্চ প্ৰস্থিতিৰ লোকৰ সংখ্যা বৃদ্ধি হ’লে বেছি পৰিমাণৰ টকা-পইচাৰ প্ৰয়োজন হয় । গতিকে আমোলাতন্ত্ৰিক ব্যৱস্থাটো পিৰামিড সদৃশ । অৰ্থাত্ অধিক কৰ্তৃত্ব আৰু ক্ষমতা থকা ব্যক্তিৰ সংখ্যা অতি কম । পাছৰ প্ৰস্থিতি ব্যক্তিৰ সংখ্যা ক্ৰমান্বয়ে বেছি আৰু একেবাৰে শেষৰ স্তৰৰ ব্যক্তিৰ সংখ্যা সৰ্বাধিক। এটা উদাহৰণেৰে কথাটো বুজাত সহজ হ’ব । ধৰা হওক আমাৰ ভাৰতীয় আমোলাতন্ত্ৰৰ কথা । ইয়াত একেবাৰে উচ্চ প্ৰস্থিতিত আছে ৰাষ্ট্ৰপতি । এৱেঁই আমোলাতন্ত্ৰিক পিৰামিড শৃংগ । ইয়াৰ পাছতে আছে প্ৰধানমন্ত্ৰী প্ৰমুখ্যে একোখন মন্ত্ৰী পৰিষদ তথা বিধানমণ্ডলী । পৰৱৰ্তী স্থানত লেখক, প্ৰশাসক মণ্ডলী ক্ৰমান্বয়ে তলৰ প্ৰস্থিতিলৈ সদস্যৰ সংখ্যা বৃদ্ধি হৈ ভাৰতীয় আমোলাতন্ত্ৰই পিৰামিডৰ ৰূপ লৈছে । ৱেবাৰৰ মতে প্ৰতিটো পুঁজিপতি ব্যৱস্থাতে এনে প্ৰক পিৰামিড সদৃশ আমোলাতন্ত্ৰ থাকে । ইয়াৰ উচ্চ শৃংত থাকে মালিক আৰু একেবাৰে নিম্নস্তৰত থাকে সাধাৰণ বনুৱাসকল । মাজৰ স্তৰত প্ৰশাসক, পৰিচালক, কাৰিকৰী কৰ্মী আদি লোকসকল থাকে । গতিকে আমোলাতন্ত্ৰিক ব্যৱস্থাৰ কেতবোৰ বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে ।
আমোলাতন্ত্ৰৰ বৈশিষ্ট্যসমূহ (Characteristics of Bureaucrats: তলত বৈশিষ্ট্য়সমূহ লক্ষ্য় কৰিলে ৱেবাৰৰ আমোলাতন্ত্ৰৰ বিষয়ে বুজাত সহজ হৈ পৰিব ।
১) আইনগতভাৱে শ্ৰম আৰু কৰ্তৃত্বৰ ভিভাজন (Division of Labour and Authority of Law) : যিকোনো এটা প্ৰশাসন সুচাৰুৰূপে চলিবৰ বাবে বহুতো ব্যক্তিৰ ওপৰত ক্ষমতাৰ ভাৰ দিব লগা হয় । ব্যক্তিসকলৰ ওপৰত ন্যস্ত কৰা ক্ষমতা আইনগত হ’ব লাগিব । ক্ষমতা লাভ কৰা ব্যক্তিসকলেও ক্ষমতাৰ সদ্ব্যৱহা কৰিব লাগিব আৰু তেওঁলোকে নিৰ্দিষ্ট সীমা চেৰাই যাব নোৱাৰিব। তেওঁলোকে কৰিব লগা তামৰ স্পষ্ট নীতি নিৰ্ধাৰণ কৰা হ’ব লাগিব । শাসনকৰ্তাই বন্ধি দিয়া নীতি-নিয়মৰ মাজেৰেহে বিভিন্ন ব্যক্তিক নিয়োগ কৰিব পাৰি । অৰ্থাত নিয়োগৰ পৰা কাৰ্য পৰিচালনালৈকে সকলো কাৰ্য স্পষ্ট নীতিৰে পৰিচালিত হ’ব লাগিব । তেনে ব্যৱস্থাকহে আমোলাতন্ত্ৰিক ব্যৱস্থা বুলি কোৱা হ’ব ।
২) উচ্চ-নিম্নভাৱে সংস্তৰণ (Hierarchical Order): আমোলাতন্ত্ৰত নিয়োজিত হৈ থকা ব্যক্তিসকলক উচ্চ-নিম্নভাৱে সংস্তৰিত কৰা হয় । কোনো ব্যক্তিক একেবাৰে উচ্চস্থান দিয়া হয়। তাৰ পাছতেই আন ব্যক্তিক স্থান দিয়া হয় । কিছুমান ব্যক্তিৰ স্থান সৰ্বনিম্নত থাকে । এই স্থান অৰ্হতা বা আন কোনো নীতিৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা হয় । প্ৰশাসনৰ যিকোনো স্তৰতে এনে সংস্তৰণ দেখা যায় । এনে সংস্তৰণৰ বাবে কাম কৰাত বিশেষ সুবিধা হয় ।
৩) লিখিত নথি-পত্ৰ (Written Documents): আমোলাতন্ত্ৰিক ব্যৱস্থাত কাৰ্যালয়ৰ সকলো কাম-কাজ লিখিত নথি-পত্ৰৰ দ্বাৰা কৰা হয় । প্ৰয়োজন বোধে বেলেগ বেলেগ ফাইল তৈয়াৰ কৰি তাৰ জৰিয়তে কাম কৰা হয় । এই ব্যৱস্থাত নথি-পত্ৰ ব্যৱহাৰ কৰাৰ ফলত দীৰ্ঘদিন ধৰি কাম-কাজৰ তিয়ান সংকক্ষ কৰি ৰাখিব পাৰি । শাসকৰ সলনি হ’লেও নতুন শাসকে পূৰ্বৰ নথি-পত্ৰ চাই কাৰ্য পৰিচালনা কৰিব পাৰে; ফলত পূৰ্বৰ ব্যৱস্থাৰ লগত ধাৰাবাহিকতা ৰক্ষা কৰা সহজ হৈ পৰিছে ।
৪) কৰ্মত বিশেষীকৰণ (Specialization in work): আমোলাতন্ত্ৰৰ বিভিন্ন বিষয়াসকলক বেলেগ বেলেগ কৰ্মত নিয়োগ কৰা হয় । বেলেগ বেলেগ ব্যক্তিয়ে সুকীয়া লুকীয়া প্ৰশাসন পৰিচালনা কৰাৰ বাবে প্ৰশাসন বেছ সুবিধাজনক হৈ পৰে । একেজন ব্যক্তিয়ে বিশেষ এটা কামহে কৰিব লগা হোৱাৰ বাবে তেওঁৰ কাম ক্ষিপ্ৰ আৰু নিপুণ হোৱা সম্ভৱ । সু-শিক্ষা আৰু প্ৰশিক্ষণে আমোলাতন্ত্ৰিতক ব্যৱস্থাত জটিল শাসন প্ৰণালীকো সহজ কৰি তোলে । একোটা কামৰ প্ৰতি একোজন মানুহৰ বিশেষ জ্ঞান থকাত আমোলাতন্ত্ৰিক ব্যৱস্থাই উত্তমৰূপে কাম কৰিব পাৰে । অৱশ্যে কেতিয়াবা বেলেগ বেলেগ বিষয়াৰ মাজেৰে কাম হওঁতে কৰ্ম সম্পাদনৰ গতি লেহেমীয়া হ’ব পাৰে ।
৫) আইন আৰু সংবিধানসন্মত প্ৰশাসন (Administration according to law and constitution): আমোলাতন্ত্ৰত প্ৰশাসন ব্যৱস্থাটো নিৰ্দ্ধাৰিত নীতি আৰু আইনেৰে পৰিচালিত হয়। প্ৰশাসনত জড়ত সকলো ব্যক্তিয়ে নীতি-নিয়ম আৰু আইনৰ বিষয়ে অৱগত হ’ব লাগিব । বিষয়াসকলে এই আইনসমূহ পুংখানুপুংখ ৰূপে নাজানিলে প্ৰশাসন চলোৱাত অসুবিধা হৈ পৰে। সেয়ে আমোলাতন্ত্ৰিক ব্যৱস্থাত বিষয়াসকলে সংশ্লিষ্ট আইনৰ বিষয়ে বিশেষ জ্ঞান আহৰণ কৰিব লাগে । এই জ্ঞানৰ দ্বাৰা তেওঁলোকৰ কৰ্মতত্পৰতা আৰু কৰ্মপুণতা বৃদ্ধি পায় ।
মেক্স ৱেবাৰৰ মতে আমোলাসকলক সাধাৰণতে কিছুমান সুবিধা দিব লাগে । এই সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল –
১) কৰ্মৰ প্ৰতি সাধুতাঃ(Sincerity towards job): কাৰ্য পৰিচালনাত আৰু কৰ্তব্য পালনত সাধু লোকসকলক যোগ্যতা অনুসৰি উচ্চ প্ৰস্থিতি দিব লাগে । তেনে কৰিলে বিষয়াসকলে কৰ্ম তত্পৰতা বৃদ্ধি হ’ব আৰু প্ৰশাসন সুন্দৰ হ’ব । অসাধু লোকসকলক উচ্চ প্ৰস্থিতিত ৰাখিলে সুফল আশা কৰিব নোৱাৰি । সাধুতা আৰু কৰ্তব্যনিষ্ঠা আমোলাসকলৰ অবিচ্ছেদ্য অংগ ।
২) সাধাৰণ জনসাধাৰণতকৈ উচ্চ প্ৰস্থিতি (Better status than the general public): আমোলাতন্ত্ৰিক ব্যৱস্থাত বিষয়াসকলক সাধাৰণ জনসাধাৰতকৈ উচ্চ প্ৰস্থিতি প্ৰদান কৰিব লাগে। তেনে কৰিলে কৰ্তৃত্বৰ ভত্তিত বিষয়াসকলে প্ৰশাসন সু-পৰিচালনা কৰিব পাৰে লগতে আনোলাসকলৰ মানসিকতাও উচ্চ হয় ।
৩) নিযুক্তিত উচ্চনিম্ন সংস্তৰণ(Hierarchical order in Appointment): আমোলাতন্ত্ৰত নিযুক্তিৰ ক্ষেত্ৰত উচ্চ-নিম্ন সংস্তৰণ থকাটো বাঞ্ছনীয় । যোগ্যতা ভিত্তিত উচ্চ বিষয়াসকলক নিয়োগ কৰিব লাগে আৰু তেওঁলোকৰ নিম্ন প্ৰস্থিতিৰ কৰ্মচাৰীসকলক নিয়োগ কৰাৰ সুবিধা দিব লাগে ।
৪) পদোন্নতি সুবিধা (Avenues for Promotion): আমোলাতন্ত্ৰিক ব্যৱস্থাত পদোন্নতিৰ সুবিধা থাকিব লাগে । নিম্ন প্ৰস্থিতিৰ বিষয়াসকলক পদোন্নতিৰ জৰিয়তে উচ্চ প্ৰস্থিতি প্ৰদান কৰিব লাগে । যোগ্যতা, জ্যেষ্ঠতা, সৰলতা আৰু উপযুক্ততাৰ ভিত্তিত এনে পদোন্নতি হ’ব লাগে । এই ব্যৱস্থাৰ ফলত বিষয়াসকলৰ কৰ্ম প্ৰেৰণা বৃদ্ধি হয় ।
৫) ৰাজনৈতিক নিযুক্তি (Political Appointment): আমোলাতন্ত্ৰত কিছুমান নিযুক্তি ৰাজনৈতিক বিবেচনাৰ দ্বাৰা হোৱাটো বাঞ্ছনীয়। কেতিয়াবা আমোলাতন্ত্ৰত বিশেষ জ্ঞান নথকা ব্যক্তিকো উচ্চ প্ৰসিথিতত থকা দেখা যায় । তেওঁলোকে অজ্ঞতাৰ বাবে কনিষ্ঠসকলৰ সহায় ল’ব লগা হয় । এই অৱস্থাই অযোগ্যতাকেই সূচায় । আমোলাতন্ত্ৰৰ বাবে ই উপযুক্ত নহয় । গতিকে ৰাজনৈতিক বিবেচনাৰে এনে প্ৰস্থিতিত বিষয়া নিযুক্তি আৰু পদোন্নতি হ’ব লাগে । কিন্তু অযথা ৰাজনৈতিক হেঁচাত উপযুক্ত বিষয়াসকলে কষ্ট ভোগ কৰিব নালাগে । তদুপৰি ৰাজনৈতিকভাৱে অযোগ্য লোকৰো নিযুক্তি হ’ব পাৰে । তেনেহ’লে আমোলাতন্ত্ৰ বেছি বিপদাপন্নহে হ’ব পাৰে; গতিকে ৰাজনৈতিক হস্তক্ষেপ যুক্তিসঙ্গত হোৱাটো বাঞ্ছনীয় ।
৬) সুৰক্ষা আৰু অৱসৰ পাছত সাহায্য (Security Tenure and Retirement Benefits): আমোলা বিষয়াসলক সুৰক্ষা দিয়া প্ৰয়োজন । কিয়নো কোনো বিষয়াৰ প্ৰতি ব্যক্তি স্বাৰ্থত বাধা পৰাৰ বাবে কোনো লোক অসন্তুষ্ট হ’ব পাৰে । আকৌ ৰাজনৈতিক নেতাৰ সলনি হ’লেও কোনো লোকে অসন্তষ্ট বিষয়াৰ ওপৰত শাস্তিৰ ব্যৱস্থা থাকিব লাগে । তদুপৰি বেমাৰ বা দুৰ্যোগৰ সময়তে ব্যক্তিসকলক সুৰক্ষা দিব লাগে । সকলো কৰ্মচাৰীকে অৱসৰ গ্ৰহণৰ পাছত বৃদ্ধ অৱস্থাত চলিবৰ বাবে প্ৰভিডেন্ট ফাণ্ড, পেঞ্চন, প্ৰেছুইটি আদিৰ ব্যৱস্থা কৰিব লাগে । এনে ব্যৱস্থাৰ ফলত ভৱুষ্যত্ সুবিধা লাভৰ বাবে ব্যক্তিসকলে সুকলমে কাৰ্য সম্পাদনা কৰা ।
৭) স্থীয়ী প্ৰশাসন (Permanency of Administration): আমোলাতন্ত্ৰৰ শাসন ব্যৱ্থা স্থায়ী প্ৰকৃতিৰ হ’ব লাগে ষ সঘনে পদ্ধতিৰ পৰিৱৰ্তন কৰিব নালাগে । মেধা আৰু উপযুক্ত ব্যক্তিত নিম্ন স্থানৰ পৰা উচ্চলৈ পদোন্নতিৰ ব্যৱস্থা থাকিব লাগে । কিন্তু সকলো ব্যক্তিৰে পদোন্নতি উচিলত নহয় । পদোন্নতিৰ ফলত একেধৰণৰ প্ৰশাসন সম্ভৱ হয় ।
মেক্স ৱেবাৰে উপৰিউক্ত আমোলাতন্ত্ৰৰ প্ৰতি দিয়া ধাৰণাতে বৰ্তমান বিশ্বৰ প্ৰায়বোৰ শাসন ব্যৱস্থাই চলি আছে । বিটিছ আগমনৰ দিনৰ পৰা ভাৰতবৰ্ষতো আমোলাতন্ত্ৰই ঠাই পাইছে। আমোলাতন্ত্ৰৰ সু-প্ৰয়োগে দেশৰ শাসন ব্যৱস্থা ফলপ্ৰসূ কৰিব পাৰে । সেয়ে সু-তৰিত্ৰৱান আৰু কৰ্তব্যজ্ঞান থকা ব্যক্তি আমোলাতন্ত্ৰত থকাটো উচিত ।
প্ৰশ্নঃ 22. চমু টোকা লিখা ।
উত্তৰ ক) ধৰ্মঃ ধৰ্ম মানৱ সমাজৰ এক চিৰন্তন আৰু সৰ্বব্যাপ্ত সংস্থা । সমাজ যিমানেই শিক্ষিত
নহওক বা যিমানেই পিছপৰা হওক সকলো সমাজত ধৰ্ম নামৰ সংস্থাটোৰ অৱস্থিতি বিৰাজমান। প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষত একাধিক ধৰ্মৰ স্থিতি বিচাৰি পোৱা যায় ।
ধৰ্ম হৈছে অলৌকিক শক্তিৰ ওপৰত বিশ্বাস আৰু এই বিশ্বাসৰ বাবেই মানুহে অতিমানৱ শক্তিক সন্তুষ্টিৰ বাবে বিভিন্ন ধৰণেৰে পূজা-অৰ্চনা কৰে ।
ইমাইল দুৰখেইমৰ মতে, “ধৰ্ম হৈছে বিশ্বাস আৰু ৰীতি-নীতিৰ সমষ্টি, যি বিশ্বাসে কিছুমান বস্তুক পবিত্ৰ আৰু আন কিছুমান বস্তুক অপবিত্ৰ বুলি গণ্য কৰে একোটা ধৰ্মীয়সমূহৰ সৃষ্টি কৰে ।
অগবাৰ্ণ আৰু নিমকফৰ মতে, “ধৰ্ম হৈছে মানুহৰ ঐশ্বৰিক শক্তিৰ প্ৰতি থকা বিশ্বাস ।”
যি কি নহওক মানুহৰ অলৌকিক শক্তিৰ প্ৰতি থকা বিশ্বাসৰ ভিত্তিত প্ৰতিষ্ঠিত আচৰণ আৰু প্ৰক্ৰিয়াবিধিকেই ধৰ্ম হিচাপে অভিহিত কৰা হৈছে । ধৰ্ম হৈছে মানৱ সমাজৰ এক শক্তিশালী আহিলা আৰু সেই হিচাপে ধৰ্মই সমাজৰ বহুতো কাম সমাধা কৰি থাকে । যেনে-
১) একে ধৰ্মৰ মানুহে একে বৃত্তি গ্ৰহণ আৰু একে আচৰণ কৰাৰ বাবে সামাজিক সংহতি ৰক্ষা কৰে ।
২) ধৰ্মই উচিত-অনুচিত বা পাপ-পূণ্য আদিৰ লগত জড়িত হৈ সামাজিক নিয়ন্ত্ৰণ ৰক্ষা কৰে ।
৩) ধৰ্মই মানসিক শান্তি প্ৰদান কৰে, যিটো আনে কৰিব নোৱাৰে ।
৪) ধৰ্মই মানুহৰ জীৱনৰ মহত্ব উপলব্ধি কৰাত সহায় কৰে ।
৫) ধৰ্মই মানুহৰ ব্যক্তিগত গুৰুত্ব উপলব্ধিতো সহায় কৰে ।
৬) ধৰ্মই মানুহৰ অৰ্থনৈতিক জীৱনৰ ওপৰতো প্ৰভাৱ পেলায় ।
৭) ধৰ্মই সাহিত্য, কলা আৰু সংগীতৰ বিকাশ সাধনত অৱদান যোগায় ।
৮) দুটা বা তাতোধিক পৃথক ধৰ্মৰ মাজত সদৃশীকৰণ ঘটায় ।
এইদৰে মানৱ সমাজত ধৰ্মৰ গুৰুত্ব অসীম । কিন্তু বিংশ শতিকাৰ পৰা বিশ্বা.নৰ প্ৰভাৱ পৰাৰ লগে লগে এই ধৰ্মীয় সংস্থাৰ ওপৰত বহু প্ৰশ্ন উঠিল . বিশ্বায়নৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যথেষ্ট উন্নতি আৰু সম্প্ৰসাৰণ ঘটিল । পূৰ্বৰ নামত থকা অতিমানৱীয় শক্তিৰ বৈধতাৰ ওপৰত বিজ্ঞানে যুক্তি আনিলে । জটিল প্ৰতিমানবোৰ ক্ৰমাত্ শিথিল হৈ আহিল। ধৰ্মৰ নামত ভৰতীয় সমাজত যিবোৰ বাধা-নিষেধ আছ্ল, সেই সকলোবোৰ যেন ম্লান হৈ আহিল । সমাজৰ প্ৰধান সংস্থা হিচাপে ধৰ্মই যিবোৰ কাম কৰি আহিছিল সেইবোৰৰ পৰিৱৰ্তন হ’ল । ধৰ্মই নিৰ্দেশ কৰা জীৱন নিৰ্বাহৰ উপায় পৰিত্যাগ কৰি বৰ্তমানৰ যুৱ প্ৰজন্মই নিজৰ ক্ষমতাৰ আধাৰত বৃত্তি গ্ৰহণ কৰিলে । বিশ্বায়নে ভাৰতীয় সাজৰ সকলো দিশতে ক্ৰিয়া কৰি প্ৰভাৱ পেলাইছে যদিও ধৰ্ম নামৰ এই সংস্থাটোৰ প্ৰভাৱ কমাই আনিছে যদিও ইয়াৰ প্ৰভাৱ নাইকিয়া কৰিব পৰা নাই বা নোৱাৰে । কিয়নো ভাৰতীয় জনসাধাৰণৰ জীৱনধাৰাত ধৰ্ম নিয়োজিত হৈ আছে । ইয়াক ইমান সহজে মচি পেলাব নোৱাৰে ।
খ) সামাজিক ক্ৰিয়াৰ চৰিত্ৰসমূহ (Characteristics of Social Action):
১) আনৰ ক্ৰিয়াৰ লগত সম্পৰ্ক (Relationship with actions of others): সামাজিক ক্ৰিয়াৰ সদায়েই অন্য ব্যক্তিৰ অতীত, বৰ্তমান বা ভৱিষ্যত্ ক্ৰিয়াৰ লগত সম্পৰ্ক থকা হ’ব লাগিব । কৰ্তাই এই সম্পৰ্কৰ বিষয়ে অৱগত হ’ব লাগিব । অৰ্থাত্ সামাজিক ক্ৰিয়াৰ কেৱল এবাৰতেই শেষ হৈ নাযায়; ই পুনঃ পুনঃ সংঘটিত হ’ব । ৱেবাৰে মন্তব্য কৰিছে, ‘Social action which includes both failures to act and posses equience may be oriented to the past, present or accepted future behaviour of other.’
২) সমাজৰ ব্যক্তি বা সদস্যসকলৰ মাজত সহযোগিতা আৰু সংঘৰ্ষৰ ফলাফল ( Result of cooperation and struggle between individuals or members of the society): সামাজিক ক্ৰিয়া হ’বলৈ হ’লে কোনো ব্যক্তিৰ লগত সহযোগিতা বা সংঘৰ্ষ থকা হ’ব লাগিব । কিন্তু হঠাতে দুৰ্ঘটনা বা কিবা কাৰণত গোট খোৱা মানুহৰ জোখক সামাজিক ক্ৰিয়াৰ ভিতৰত ধৰিব নোৱাৰি । ইচ্ছাকৃতভাৱে ঐক্যবদ্ধ হোৱা গোটৰ কাৰ্যহে সামাজিক ক্ৰিয়াৰ ভিতৰুৱা । এই প্ৰসঙ্গত ৱেবাৰৰ মন্তব্য এনেধৰণৰ- ‘Social action is not indentical with the similar action, actions of many persons or actions influenced by others.
ওপৰত উল্লেখ কৰা এই চাৰিটা বৈশিষ্ট্যৰ যোগেদি মেক্স ৱেবাৰৰ সামাজিক ক্ৰিয়াৰ অৱধাৰণাৰ বিষয়ে ভালদৰে বুজিব পাৰি । বৈশিষ্ট্য় বা চৰিত্ৰকেইটা থকা ক্ৰিয়াক ৱেবাৰে চাৰিটা ভাগত ভাগ কৰিছে । এই ভাগ চাৰিটা বিষয়ে তলত উল্লেখ কৰা হ’ল ।
গ) সামাজিক ক্ৰিয়াৰ প্ৰকাৰঃ (Types of Social Action)
১) পৰম্পৰাগত সামাজিক ক্ৰিয়া (Traditional Social Action): যিবিলাক কাম পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি হয় তেনে কাৰ্যকেই পৰম্পৰাগত সামাজিক, ক্ৰিয়া বোলা হয় । পিতৃ-পিতামহ আদিৰ দিনৰ পৰা চলি থকা কাৰণে কিছুমান কামক সামাজিক প্ৰথা আৰু পৰম্পৰা হিচাপে লৈ পালন কৰিবলৈ বাধ্য কৰোৱা হয় । যেনে- বিবাহিতা হিন্দু মহিলাই শিৰত সেন্দূৰ ল’ব লাগে । এই এটা পৰম্পৰা । এই পৰম্পৰা ভংগ কৰিলে সমাজত নিন্দনীয় হ’ব লাগে। গতিকে বিবাহিতা হিন্দু মাহিলাসকলে পৰম্পৰা মানি আহিছে । এনে ধৰণৰ ক্ৰিয়াই পৰম্পৰাগত সামাজিক ক্ৰিয়া । সাধাৰণতে অধিকাংশ সামাজিক ক্ৰিয়াকে মানি চলিবলৈ সমাজে বাধ্য় কৰায় ।
২) আৱেগিক সামাজিক ক্ৰিয়া (Emotional or Effective Social Action): মানুহৰ মনৰ আৱেগ-অনুভূতিৰ বাবে যি বিলাক কাৰ্য কৰা হয় তেনে কাৰ্যক আৱেগিক সামাজিক ক্ৰিয়া বোলা হয় । ভালপোৱা, আনন্দ, ঘৃণা, বিৰক্তি আদি প্ৰকাশৰ বাবে কিছুমান কাম কৰা হয় । যেনে- মৰমত কেঁচুৱাক চুমা খোৱা, আনন্দত জঁপিওৱা বা চিঞৰা আদি ধৰণে মানুহে নিজৰ আৱেগ ব্যক্ত কৰে । এইবোৰ কাৰ্যই আবেগিক সামাজিক ক্ৰিয়া । এন কাৰ্যৰ লগত কোনো যুক্তিযুক্ততাৰ প্ৰশ্ন নুঠে । আৱেগ-অনুভূতিৰ বশৱতী হৈ ব্যক্তিয়ে স্বতঃস্ফুৰ্তভাৱেই এনে কাম কৰে ।
৩) সামাজিক মূল্যবোধক ক্ৰিয়া (Social Evaluative Actions) : ধৰ্ম বা বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাকৰ ক্ৰিয়া কৰা হয় তাকে সামাজিক মূল্যবোধ বা ক্ৰিয়া বোলা হয় । এনে সামাজিক ক্ৰিয়াৰ কিবা যুক্তি-যুক্ততা আছেনে নাই তাক চোৱা নহয় । সমাজৰ অধিকাংশ ব্যক্তিয়ে যিটো প্ৰতিমান সমাজত চলাটো বিচাৰে সেই প্ৰতিমাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্য কৰা হয় । এনে প্ৰতিমানৰ পৰা কিবা লাভ হয়নে নহয় তাকো বিচাৰ কৰি চোৱা নহয় । উদাহৰণস্বৰূপে জ্যেষ্ঠজনৰ লগত চিনাকি হওঁতে নমস্কাৰ দিব লাগে । বস্তুতাত্বিক লাভালাভৰ প্ৰতি লক্ষ্য নকৰি এনে কাৰ্য কৰি থকা হয় । এইদৰে সমাজৰ প্ৰতিমান ৰক্ষাৰ্থে কৰা কাৰ্যকেই সামাজিক মূল্যবোধক ক্ৰিয়া বুলি কোৱা হয় ।
৪) যুক্তিযুক্ততা সামাজিক ক্ৰিয়া (Rational Social Action): এনেবিলাক সামাজিক ক্ৰিয়া যুক্তি-যুক্ততাৰে পৰিচালিত হয় । নিৰ্দিষ্ট লক্ষ্য়ৰ লগত কৰা কামৰ এটা সম্পৰ্ক থাকিব লাগিব । এনে সামাজিক ক্ৰিয়াত কৰ্তাজনে লাভ-লোকচানৰ বিষয়ে চিন্তা কৰে । উদাহৰণ স্বৰূপে- অৰ্থনৈতিক, বাজনৈতিক আদি দিশত কৰা কাৰ্য যুক্তিযুক্ততা সামাজিক ক্ৰিয়া । এনে সমাজৰ ক্ৰিয়.ত ব্যক্তিয়ে নজকে লোকচানৰ দিশৰ পৰা আঁতৰাই ৰাখিব বিচাৰে ।
ঘ) ধৰ্ম আৰু সমাজঃ জ্ঞানৰ আম্বেষণৰ পদ্ধতি হিচাপে বহু আগৰেপৰা ধৰ্ম, দৰ্শন আৰু বিজ্ঞান ব্যৱহাৰ কৰা হৈ আহিছে । ধৰ্মই বিশ্বাসৰদ্বাৰা, দৰ্শনে চিন্তাৰ দ্বাৰা আৰু বিজ্ঞানে পৰীক্ষাৰদ্বাৰা সদায় জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে ।
বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰপৰা মানুহৰ অন্তৰত সৃষ্টি হোৱা বিস্ময় আৰু ভয়েই ধৰ্মৰ উতিস । পৰৱৰ্তী কালত এই পৰিঘটনাসমূহৰ কাৰ্যকৰণ সম্বন্ধসমূহৰ বিষয়েও মানুহে চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰে আৰু ইয়েই সেইবোৰৰ কাৰক হচাপে বিভিন্ন ধৰ্মৰ দেৱ-দেৱী আদি ৰ উত্পত্তিৰ কাৰণ বুলি অনুমান কৰিব পাৰি । উদাহৰণস্বৰূপে, চন্দ্ৰ, সূৰ্য, আদিক দেৱতা, বৰষুণৰ অধিপতি বৰুণ, বিজুলী-ধেৰেকণিৰ অধিপতি ইন্দ্ৰ হিচাপে কল্পনা কৰা ইত্যাদিলৈ আঙুলিয়াব পাৰি । কম-বেছি পৰিমাণে সকলো আনুষ্ঠানিক ধৰ্মতে এই ধাৰণাসমূহ একেই ।
চিন্তা কৰিব পাৰি যি ক্ষমতাই মানুহক আন জীৱ-জন্তুৰ পৰা পৃথক কৰিছিল সিয়েই ধৰ্মৰো সৃষ্টি কৰিছিল । সেই হিচাপে সভ্যতাৰ আৰম্ভণিয়েই ধৰ্মৰো আৰম্ভণি বুলি অনুমান কৰিব পাৰি । গতিকে ধৰ্মও সভ্যতাকেই অংগ । সভ্যতাৰ বিকাশ হোৱাৰ লগে লগে ধৰ্মৰো বিকাশ হৈছল । অৱশ্যে বেছিভাগ ধৰ্মতে এনেদৰে ধাৰণা কৰা হয়, যেনিবা সেই ধৰ্ম সৃষ্টিৰ আৰম্ভণিৰপৰা একেই আছে । বিভিন্ন ধৰ্মৰ ভিন ভ্ন ধৰ্মগ্ৰন্থসমূহৰ ওপৰত অগাধ বিশ্বাস আৰু ভক্তিয়েই ইয়াৰ প্ৰধান কাৰণ বুলি অনুমান কৰিব পাৰি ।
বিজ্ঞানৰ বিকাশৰ লগে লগে ওপৰত উল্লেখ কৰা পৰিঘটনাসমূহৰ কাৰ্যকাৰণ সম্বন্ধ মানুহে জনা হৈ আহিছে, কিন্তু এতিয়াও সেইবোৰৰ কাৰণ হিচাপে বহুতো লোকে ধৰ্মীয় সংস্কাৰসমূহৰ ওপৰত বিশ্বাস এৰিব পৰা নাই । দৰাচলতে যুগ যুগ ধৰি মানুহপ অন্তৰৰ গভীৰত প্ৰোথিত হৈ থকা এনেবোৰ সংস্কাৰ বাদ দি নতুন জ্ঞান গ্ৰহণ কৰিবলৈ পৰিবেশ আৰু সাহসৰ প্ৰয়োজন । আমাৰ ভাৰতবৰ্ষত ধৰ্ম, ধৰ্মগ্ৰন্থ আৰু ধৰ্মীয় ক্ৰিয়াকলাপৰ আধিক্যৰ হেতু এনে এটি পৰিৱেশ গঢ়ি উঠা নাই । বিভিন্ন কুসংস্কাৰ, নিৰক্ষতা, অৰ্থনৈতিকভাৱে দুৰ্বল জনগণ, সামাজিক ৰাতি-নীতি, ৰাজনীতি আদিয়েও ইয়াত ইন্ধন যোগাইছে ।
এটা কথা দেখা যায় যে আনুষ্ঠানিক ধৰ্মৰ লগত জড়িত দেৱ-দেৱী বা তেওঁলোকৰ সমাজখন তদানীন্তন মানৱ সমাজৰ অনুকৰণত গঢ়ি উঠিছে । মুখ্যঃ আহাৰ সংগ্ৰকাৰী বা পশু পালনকাৰী সমাজ এক ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈ থাকে আৰু এনে অৱস্থাত পৰিঘটনাসমূহৰ অধিপতি হিচাপে দেৱ-দেৱীৰ সমাজখনো সুসংবদ্ধ নাছিল । সেই কাৰণে ঋগ্বদৰ আৰম্ভণিতে বিভিন্ন দেৱতাসকলৰ ধাৰণাহে পোৱা যায়, কিন্তু এইসকলৰ অধিপতি কোনো ঢাঙৰ দেৱতাৰ ধাৰণা পোৱা নাযায় । কিন্তু কৃষিপদ্ধতি আৱিস্কাৰৰ লগে লগে একোখন ডাঙৰ মানৱ সমাজ গঢ়ি উঠিবলৈ আৰমাভ কৰিলে । সুসংবদ্ধ শাসন পদ্ধতি, শাসক আদিৰ সৃষ্টি হ’ল । ইয়াৰ সমান্তৰালভাৱে দেৱ-দেৱীৰ সমাজখনতো পৰিৱৰিতন আহিল, সকলো দেৱ-দেৱীৰ ঊৰ্ব্ধত এঝন সৰ্বশক্তিমান ভগৱান বা ঈশ্বৰৰ অস্তিত্বৰ প্ৰয়োজনীয়তা আহি পৰিল । প্ৰাচীনতম সনাতন বা হিন্দুধৰ্মত ঈশ্বৰৰ গতে পূৰ্বৰ দেৱ-দেৱীৰ অস্তিত্ব যদিও বজাই থাকিল, তুলনামূলকভাৱে আধুনিক আন আনুষ্ঠানিক ধৰ্মবোৰৰ ক্ষেত্ৰত এই সমাজখন বহুখিনি সৰলীকৃত । আধুনিকতম আনুষ্ঠানিক ধৰ্ম ইছলাম ধৰ্ম ক্ষেত্ৰতো বাবে বাৰে আল্লা এজনেই বুলি কৈ থকা হৈছে ।
এইখিনিতে এটা মন কৰিবলগীয়া কথা এই যে সমাজ বিকাশৰ সমান্তৰালভাৱে সংঘটিত হোৱা ধৰ্মৰ বিকাশতো শাসক শ্ৰেণীৰ লোকসকলে পুৰোহিত শ্ৰেণীৰ লোকসকলৰ সহযোগত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, আৰু এই বিকাশ বহু ক্ষেত্ৰত নিজৰ স্বৰ্থৰ পক্ষে পৰিচালনা কৰিছিল ।
বিশ্লেষণ কৰিলে দেখা যায় যে সকলো আনুষ্ঠানিক ধৰ্মৰে মুখ্যতঃ তিনিটা ভাগ থাকে – আধ্যাত্মিকতা, ক্ৰিয়াকাণ্ড আৰু নীতিকথা । মানুহ আৰু ঈশ্বৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনাই হ’ল আধ্যাত্মিকতা . যদিও আৰম্ভণিতে ই যথেষ্ট সহজ-সৰল আছিল, মানুহৰ চিন্তা-চৰ্চা বা সভ্য়তাৰ উন্নতিৰ লগে লগে আধ্যাত্মিকতাই এক জটিল ৰূপ পৰিগ্ৰহণ কৰিছে । ফলত এই সম্পৰ্ক ৰক্ষা কৰিবলৈ এক বিশেষজ্ঞ পুৰোহি, মৌলবী বা যাজক শ্ৰেণীৰ লোকৰ প্ৰয়োজন হৈছে ।
দ্বিতীয়তে, ধৰ্ম অনুসৰি এই সমাজত জীৱন নিৰ্বাহ কৰিবলৈ মানুহক বিভিন্ন বস্তু প্ৰদান কৰাৰ বাবে মানৱ জাতি আৰম্ভণিতে বিভিন্ন দেৱ-দেৱীৰ প্ৰতি আৰু পাছলৈ ভগৱানৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত । এই কৃতজ্ঞতা দেৱ-দেৱী বা ভগৱানক বিশেষৰূপে জনাবলৈ পূজা-সেৱা, প্ৰাৰ্থনা, নামাজ আদি বিভিন্ন ক্ৰিয়াকাণ্ডৰো সৃষ্টি হ’ল । এই ক্ৰিয়াকাণ্ডসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত উপৰিউক্ত পুৰোহিত শ্ৰেণীৰ ভূমিকাও আহি পৰিল । সমাজ আৰু ধৰ্ম সৰল হৈ থকা কালত ক্ৰিয়াকাণ্ডসমূহো সৰল আছিল । কিন্তু সমাজ আৰু ধৰ্মই জটিল ৰূপ পৰিগ্ৰহণ কৰাৰ লগে লগে এই ক্ৰিয়াকাণ্ডসমূহেও জটিল ৰূপ লৈছে ।
তৃতীয়তে, চাবলৈ গ’লে ধৰ্মৰ লগত নীতিৰকথা কোনো প্ৰত্যক্ষ সম্বন্ধ নাই । যিকোনো ধৰ্মবিশ্বাসী বা ধৰ্ম অবিশ্বাসী একোখন সমাজৰো সামগ্ৰীক সুখৰ বাবে নীতিকথাৰ বা নৈতিকতাৰ প্ৰয়োজন । গৰিষ্ঠসংখ্যক জনগণক সৰ্বোচ্চ সুখেই যদি সমাজৰ অভীষ্ট আৰু লক্ষ্য হয় মানুহক নৈতিকতা লাগিবই, তাৰ বাবে কোনো প্ৰমাণবিহীন ধৰ্মীয় বিশ্বাসৰ প্ৰয়োজনীয়তা নাই । কিন্তু গৰিষ্ঠসংখ্যক জনগণৰ সৰ্বোচ্চ সুখেই সমাজৰ অভীষ্ট আৰু লক্ষ্য হয় নে নহয় সেই সম্পৰ্কে বিতৰ্কৰ অৱকাশ নোহোৱা নহয় । আনহাতে, সকলো সমাজতে মানুহৰ কাৰ্যাৱলীয়ে ইয়েই সমাজৰ অভীষ্ট আৰু লক্ষ্য বুলি প্ৰতীয়মান কৰে । এনে ক্ষেত্ৰত ঈশ্বৰবিহীন সমাজ এখনতো নৈতিকতাৰ প্ৰয়োজন হ’ব ।
দৰাচলতে বিশ্ববিশ্ৰুতি বিজ্ঞানী আইনষ্টাইনে Ideas and Opinions কোৱা “কি হোৱা উচিত” ধৰ্মৰ বাকী অংশই নহয়, মাত্ৰ এই নৈতিকতাইহে নিয়ন্ত্ৰণ কৰে । অৰ্থাত্ ঈশ্বৰবিহীন সমাজ এখনতো “কি হোৱা উচিত” বা প্ৰকাৰান্তে “কি কৰা উচিত” নৈতিকতাৰদ্বাৰাই বুজিব পৰা যাব । গতিকে যদিও নৈতিকতা দেখাত ধৰ্মৰ অপৰিহাৰ্য অংস নহয় যেনে লাগে, বোধহয় অতীতৰেপৰা ঈশ্বৰ আৰু নৈতিকতা ধৰ্মৰ লগত সাঙোৰ খাই পৰিল ।
ক’ব খোজোঁ যে নৈতিকতা অংশ বাদ দিলে বৰ্তমান সমাজত ধৰ্মৰ কোনো প্ৰয়োজন নাই । যদিও সকলো প্ৰাকৃতিক পৰিঘটনাৰে কাৰ্যকৰণ সম্বন্ধ আৱিস্কাৰ কৰাটো বৰ্তমাে সম্ভৱ হোৱা নাই, তথাপি লাহে লাহে বিজ্ঞানে বহুখিনি ৰহস্য ভেদ কৰি আহিবলৈ সক্ষম হৈছে । অৱশ্য়ে বহু কথা জানিবলৈকো বাকী আছে । জ্ঞানৰ এন্বেষণৰ আহিলা হিচাপে ধৰ্মতকৈ বিজ্ঞানৰ সূবিধা বেছি । কাৰণ ধৰ্ম বিশ্বাস নিৰ্ভৰ, কিন্তু বিজ্ঞান প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰমাণনিৰ্ভৰ । বহুতো আকৌ আধুনিক যুগত আনুষ্ঠানিক ধৰ্ম এটাত বিশ্বাস নাৰাখি বিশ্বৰে পৰিচালক হিচাপে এক ৰহস্যময় সত্তা বা শক্তিত বিশ্বাস ৰাখে । যিহেতু ইয়ো প্ৰত্য়ক্ষ বা পৰোক্ষভাৱে প্ৰমাণনিৰ্ভৰ নহয়, বিজ্ঞানে বৰ্তমানলৈকে ইয়াৰ অস্তিত্ব মানি নলয় । মুছ কথা, বিজ্ঞানে সামগ্ৰিক জ্ঞানৰ সলনি বস্তুসমূহেনো কেনেদৰে ক্ৰিয়া কৰে তাতহে গুৰুত্ব আৰোপ কৰে ।
সৰ্বশেষত দেখা যে বৰ্তমান মানৱ সমাজত ধৰ্মই একো ভাল কাম কৰা নাই । তাৰ তুলনাত ধৰ্মহীন পশিৰ সমাজত একো অসুবিধা হোৱা নাই । বৰঞ্চ বিভিন্ন ধৰ্মৰ লোকৰ মাজত অসূয়া-অসম্প্ৰীতি বৃদ্ধিহে পাইছে । ৰাজনৈতিক লাভালাভৰ বাবে বহুতে ইয়াত উত্সাহ যোগোৱাহে দেখা গৈছে । ধৰ্মৰ নৈতিকতা অংশটো বহু মানুহে প্ৰায় বিসৰ্জন দিছে । বৰঞ্চ ধৰ্ম বা ঈশ্বৰত কোনো বিশ্বাস নৰখা atheist সকলৰ বেছিভাগেহে নৈতিকতাক ধৰি ৰাখিছে । তথাপি ধৰ্ম কেৱল ব্য়ক্তিগত পৰ্যায়তে থাকিলে সিমান অসুবিধা নাছিল । কিন্তু ই এক বৃহত্ সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত হা বিভিন্ন ধৰ্মৰ মাজত সংঘাত বৃদ্ধি কৰিছে ।
আশাৰ কথা এয়ে যে বিশ্বত কোনো ধৰ্মতে বিশ্বাস নৰখা ব্যক্তিৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছে । Internet অৰ পৰা পোৱা এক হিচাপ অনুসৰি ই 1950 চনত 2 শতাংশৰ পৰা 2010ত 16 শতাংশলৈ বৃদ্ধি পাইছে । উন্নত দেশসমূহত আনষ্ঠানিক ধৰ্মবিশ্বাস যথেষ্ট হ্ৰাস পাইছে । যদিও আমাৰ দৰে দেশত নিজৰ ধৰ্মচেতনাত বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰদৰ্শনকামিতাও বৃদ্ধি পাইছে , ই সাময়িক বুলি ভাবোঁ । বৰঞ্চ ধৰ্মবিশ্বাসহীন যুক্তিবাদীসকলহে লাহে লাহে অধিক সচেতনভাৱে সংঘবদ্ধ হ’ব ধৰিছে । ইয়াৰ প্ৰভাৱ নিশ্চয়কৈ ইতিবাচক হ’ব ।
ঙ) সৰ্বাত্মাবাদঃ
উত্তৰঃ ধৰ্মৰ উতিপত্তি সম্বন্ধীয় সৰ্বাত্মাবাদ সিদ্ধান্ত আগবঢ়াইছে ই. ব. টাইলৰ আৰু হাবাট স্পেনচাৰে । টাইলৰ হৈছে এই সিদ্ধান্তৰ মুখ্য পৃষ্ঠপোষক । টাইলৰ আৰু স্পেনচাৰৰ মতে আত্মা
সম্বন্ধীয় ধাৰণাই হ’ল এই সিদ্ধান্তৰ মূল কথা ।
টাইলৰৰ মতে ধৰ্মৰ উত্পত্তিৰ মূল হ’ল- আত্মাৰ বিষয়ে থকা মানুহৰ বিশ্বাস । টাইলৰৰ মতে আদিম কালত সপোন সম্বন্ধে মানুহৰ কিছুমান ভ্ৰান্তমূলক বিশ্বাস আছিল । তেওঁৰ মতে শুই থকা অৱস্থাত মানুহৰ দেহটো এটা অচেতন আৰু নিশ্চল পদাৰ্থৰ দৰে পৰি থাকে । শুই থকা সময়ছোৱাত সপোনত নানা ধৰণৰ লৌকিক বা অলৌকিক কাম সক্ৰিয়ভাৱে কৰি থাকে । আনকি শুই থকা অৱস্থাত কোনো মৃত লোকৰ লগতো বাৰ্তালাপ কৰে । এইবোৰ কেনেকৈ সম্ভৱ হ’ব পাৰে এই বিষয়ে চিত্তা কৰি এদিন মানুহৰ ধাৰণা হ’ল যে মানুহৰ সত্তা প্ৰকৃততে দুটা। তাৰ এটা হ’ল আমাৰ এই মূৰ্ত তেজ মঙহৰ দেহাটো আৰু আনটো হ’ল আমাৰ এই দেহাৰ ভিতৰতে আন্তনিৰ্হিত হৈ থকা অমূৰ্ত আত্মা । টাইলৰৰ মতে এই অমূৰ্ত আত্মাটো আমি শুই থকা অৱস্থাত আমাৰ এই মৰ্ত দেহটোৰ পৰা অজ্ঞাতে বাহিৰ হৈ ফুৰে । এই আত্মা আমাৰ মূৰ্ত দেহটোতকৈ বহুখিনি শক্তিশালী, মহিমাময়ী, সূক্ষ্ম আৰু গতিশীল । সেইকাৰণে ই সপোনত ইমানবোৰ আশ্চৰ্যজনক ক্ৰিয়া সমাপন কৰিবলৈ সমৰ্থ হ’ব পাৰে । সেয়েহে মানুহে নিজৰ এই অভিজ্ঞতাৰ পৰা এই কথাও উপলব্ধি কৰিলে যে পৃথিৱীৰ সকলো জীৱন্ত বস্তুৰেই আত্মা আছে। আত্মা হৈছে সকলো বস্তুৰ জীৱন স্বৰূপ । এই আত্মা আঁতৰি গ’লেই বস্তু নিজীৱ অৱস্থাৰ ৰূপ লয় আৰু ইয়াৰ ৰূপান্তৰ ঘটে ।
আত্মাই কেনেকৈ প্ৰেতাত্মা ৰূপ পালে এই বিষয়েও টাইলৰে ব্যাখ্যা আগবঢ়াইছে । টাইলৰৰ মতে আদিম মানুহৰ মাজত মৃত্যু সম্পৰ্কে এক সুকীয়া আৰু ভুল ধাৰণা আছিল । সেই সময়ত মানুহৰ বিশ্বাস মতে মৃত্যু আছিল এক অনন্ত নিদ্ৰা । এনে নিদ্ৰামগ্ন অৱস্থাত মানুহৰ অমূৰ্ত আত্মাটোৱে সেই নিদ্ৰিত দেহা পৰিত্যাগ কৰি এক মুক্ত আৰু স্বতন্ত্ৰ আত্মাত পৰিণতি হয়। এই মুক্ত আৰু স্বতন্ত্ৰ আত্মাবোৰেই প্ৰেতাত্মাৰ ৰূপ লৈ মানুহৰ ওচৰলৈ পুনৰ ঘূতি আহে । মানুহৰ চিনিনাকৈয়ে এই প্ৰেতাত্মাবোৰে কিছুমান ভোগ বিলাসৰ উদ্দেশ্যৰে জীৱন্ত মানুহৰ মাজত বিচৰণ কৰি ফুৰে । এই প্ৰেতাত্মাবোৰে ভক পিয়াহ বা অন্যান্য ভোগ-বিলাস পুৰণৰ বাবে মানুহৰ পৰোক্ষভাৱে বেমাৰ-আজাৰ, বিপদ-আপদ সৃষ্টি কৰি অত্যাচাৰ বা ডতুপীড়ন আৰম্ভ কৰে । এনে বিশ্বাসৰ বশৱতী হৈয়েই মানুহে মৃত লোকৰ আত্মাৰ প্ৰতি পূজা-প্ৰাৰ্থনা. জীৱ বলি আদি দিবলৈ আৰম্ভ কৰে । টাইলৰৰ মতে মৃত পূৰ্বপূৰুষক পূজা দান কৰাটোৱেই সকলো ধৰ্মৰ আদিম অৱস্থা । টাইলৰৰ মতে আদিম অৱস্থাত মানুহে জড়-জগত আৰু জীৱ-জগতৰ মাজত থকা পাৰ্থক্য বুজি পোৱা নাছিল । সেই সময়ত আদিম লোকসকলে মানুহৰ দৰেই জড় পদাৰ্থতো আত্মা বিৰাজমান বুলি উপলব্ধি কৰিছিল । সেই মানুহে বিশ্বাস কৰিছিল যে মানুহৰ জীৱনৰ অধিৰাকী হ’ল মানৱাত্ম । আৰু জড়-জগতৰ অধিকাৰী হ’ল জড়াত্মা । জড় পদাৰ্থতো এক শক্তি নিহিত থাকে বুলি মানুহে বিশ্বাস কৰিছিল ।
মানুহৰ লগত এনে জড় পদাৰ্থৰ সম্পৰ্ক থাকে আৰু সেই বাবে এই বিশেষ শক্তি সম্পন্ন জড় পদাৰ্থসমূহক মানুহে পূজা-পাতল কৰিছিল । আদিম সমাজত বিভিন্ন গছ-লতা, গ্ৰহ-নক্ষত্ৰ, জীৱ-জন্তু আদিক পূজা কৰিছিল ।
ই.বি. টাইলৰৰ দৰে হাৰ্বাট স্পেনচাৰেও ধৰ্ম উত্পত্তি সম্বন্ধে তেওঁৰ মতামত প্ৰকাশ কৰিছে । স্পেনচাৰৰ মতে আদিম সমাজত মানুহৰ নাম কেতবোৰ জড় পদাৰ্থ বা জীৱ-জন্তুৰ নামেৰে নামাকৰণ কৰা হাছিল । সেয়েহে জীৱ-জন্তু বা কোনো জড় পদাৰ্থক এক প্ৰকৃত আত্মাযুক্ত জীৱন্ত লোক বুলি বিশ্বাস কৰিছিল । পূৰ্ব- পুৰুষৰ কাৰোবাৰ নাম যদি ‘বাগ’ বা ‘সিংহ’ দিয়া হৈছিল সেইটোকে প্ৰকৃত বাঘ বা সিংহ বুলিয়েই ধৰি লৈছিল আৰু সেই অনুক্ৰমেই পূৰ্ব-পুৰুষক পূজা কৰা আৰম্ভ কৰি জড়জগত আৰু জীৱ জগতৰ বস্তুকো পূজা কৰিবলৈ লৈছিল ।
সমালোচনাঃ ই.বি। টাইলৰ আৰু হাৰ্বাট স্পেনচাৰে আগবঢ়োৱা সৰ্বাত্মাবাদ সিদ্ধান্ত সমালোচনা মুক্ত নহয় । বিভিন্ন সমালোচকে ধৰ্ম উতুপত্তি সম্বন্ধীয় তেওঁলোকৰ ব্যাখ্যাসমূহত কেতবোৰ ভু-ক্ৰতি প্ৰত্য়ক্ষ কৰিছে । এই সিদ্ধান্তৰ ভুল ত্ৰুটিসমূহক সমালোচকসকলে এনেদৰে উল্লেখ কৰিছে-
১) টাইলৰে এই সিদ্ধান্তত এটা কথা উল্লেখ কৰিছে যে আদিম সমাজত মানুহৰ জড়জগত আৰু জীৱজগতৰ সম্পৰ্কে শুদ্ধ ধাৰণা নাছিল । এই দুয়য়োটাৰ মাজত থকা পাৰ্থক্য তেওঁলোকে বুজি পোৱা নাছিল । তেওঁলোকৰ অজ্ঞতাই আছিল ইয়াৰ মূল কাৰণ । টাইলৰৰ এই মতামত তথা ব্যাখ্যাক সমালোচকসকলে পোনচাটেই প্ৰত্যাখ্যান কৰিছে আৰু কৈছে যে আদিম মানুহবিলাক ইমান অজ্ঞ আছিল বুলি কোনে প্ৰমাণ নাছিল । সমালোচকসকলৰ মতে আদিম জনজাতীয় সমাজবোৰত জড়-জগত আৰু জীৱ-জগতৰ মাজত থকা পাৰ্থক্য আৰু জ্ঞানৰ বিষয়ে বহুতো প্ৰমাণ আছে । অৰ্থাত্ আদিম সমাজৰ মানুহ একেবাৰে জ্ঞানশূন্য বা অজ্ঞ নাছিল। ইমাইল দুৰখেইমে উল্লেখ কৰিছে যে মোলানেছিয়াৰ কোনো আদিম জনজাতীয় লোকেই জড়জগতৰ আত্মা বা প্ৰেতাত্মা আছে বুলি বিশ্বাস নকৰে । তেওঁলোকে আত্মা মানে মানুহ বা জীৱকুলৰ আত্মাৰ কথাকে বুজে । সেয়েহে দুৰখেইমৰ এই ব্যাখ্যাৰ পৰা মেলানেছিয়ান সকলক কোনো কাৰণতে অজ্ঞ বা জ্ঞানশূন্য বুলি বিবেচনা কৰিব পৰা নাযায় । গতিকে টাইলৰে মেলানেছিয়ান বা আন কোনো জনজাতিক অজ্ঞতাৰ ৰূপত সজোৱাটো কোনো কাৰণতে স্বীকাৰ কৰিব নোৱাৰি ।
২) সৰ্বাত্মাবাদ সিদ্ধান্তৰ ব্যাখ্যাসমূহক সমালোচনা কৰি কিংছলি ডেভিছে কৈছে যে সৰ্বাত্মাবাদ কোনো সাৰ্বভৌমিক ধৰ্ম নহয় । তেওঁ যুক্তি সহকাৰে উল্লেখ কৰিছে যে যদি মানৱ সমাজত ধৰ্মৰ সূত্ৰপাত সৰ্বাত্মাবাদ সিদ্ধান্ত বুলি ধৰি লোৱা হয়, তেতিয়া সকলো আদিম শিৱৰ সকলো মান সমানে পোৱা গ’লেহেঁতেন । এই সৰ্বাত্ববাদৰ ওপৰত বিশ্বাসী পৃষ্টৰ সমাজতে সৰ্বজনীনভাৱে দেখিবলৈ পোৱা নাযায় । ডেভিছৰ মতে কোনো পূৰ্বপুৰুষক পূজা কৰা পৰম্পৰা মানৱ সমাজত পলমকৈহে সূচনা হয় ।
৩) টাইলৰ আৰু স্পেনচাৰৰ ধৰ্ম উত্পত্তি সম্বন্ধীয় ব্যাখ্যাবোৰ ভিত্তীহীন আৰু কল্পনাপ্ৰসূত । এনে ব্যাখ্যাৰ কোনো বৈজ্ঞানিক সত্যতা নাই । তেওঁলোকৰ ব্যাখ্যা কোনো তথ্য সমৃদ্ধ ব্যাখ্য়া নহয় । এই ব্যাখ্যা সন্দেহজনৰ ।
অৱশ্য়ে টাইলৰৰ সৰ্বাত্মাবাদ সম্বন্ধীয় এই সিদ্ধান্তটোত সমালোচকসকলে কেতবোৰ ভুল-ক্ৰটি বিচাৰি পাইছে যদিও কিছু পৰিমাণে হ’লেও ইয়াৰ সত্যতা অস্বীকাৰ কৰিব নোৱাৰি । কিয়নো দেখা যায় যে কেৱল আদিম সমাজতেই নহয় বৰ্তমান আধুনিক অৰ্চনা কৰা দেখা যায় । আধুনিক সমাজবোৰতো কেতবোৰ মানুহে কিছুমান পদাৰ্থত আত্মা বিৰাজমান বুলি ধৰ্মীয় ক্ৰিয়াক্ৰম সম্পাদন কৰা দেখা যায় । অসমৰ মিচিং সম্প্ৰদায়ৰ একাংশ লোকে বিজুলী ঢেৰেকনিক ভয় কৰে বাবে ‘চৰক’পূজা কৰা দেখা যায় । গতিকে এনেবোৰ দিশৰ পৰা প্ৰমাণিত হয় যে টাইলৰৰ সৰ্বাত্মাবাদ সিদ্ধান্ত ধৰ্মৰ উতিপত্তিৰ ক্ষেত্ৰত সৰ্বজনীন সিদ্ধান্ত নহ’লেও ইয়াৰ যুক্তিযুক্ততা আৰু গুৰুস্ব নথকা নহয় ।
চ) প্ৰকৃতিবাদঃ জাৰ্মানীৰ বিখ্যাত ভাষাতত্ত্ববিদ মেক্স মুলাৰ হৈছে প্ৰকৃতিবাদ সিদ্ধান্তৰ মুখ্য পৃষ্ঠপোষক । তেওঁৰ মতে কেতবোৰ প্ৰাকৃতিক শক্তিয়েই মানৱ সমাজত ধৰ্ম উত্পত্তিৰ মূল কাৰক । প্ৰকৃতিৰ কেতবোৰ বস্তু, যেনে- চন্দ্ৰ, সূৰ্য, বায়ু, পানী, মেঘ অগ্নি, বৰষুণ, ঘচ-লতা ইত্যাদিবোৰ কেতবোৰ শক্তিসম্পন্ন বস্তু আৰু এইবোৰত একো একোটা জীৱন্ত আত্মা বিৰাজমান। চন্দ্ৰ-সূৰ্যই কিয় পোহৰ দিয়ে, বতাহ কিয় বলে, পানী কিয় হয়, বিজুলী ঢেৰেকনি কেনেকৈ সৃষ্টি হয়, ইত্যাদি কথাবোৰ মানুহৰ বাবে ৰহস্যময় আছিল । এনেবোৰ প্ৰাকৃতিক ক্ৰিয়াৰ ওপৰত মানুহৰ ধাৰণা স্পষ্ট ৱাছিল । সেইকাৰণে এই প্ৰাকৃতিক কাৰ্যবোৰ তেওঁলোকৰ বাবে আশ্চৰ্যজনক ভয়াৱহ, অদ্ভূত আৰু অন্তহীন ধাৰণাই লৌকিকতাৰ বিপৰীতে অলৌকিকতাৰ ধাৰণাৰ সৃষ্টি কৰিছিল, যাৰ দ্বাৰা আদিম অৱস্থাত মানুহৰ মাজত ধৰ্মীয় চিন্তা আৰু ভাৱৰ উদ্বেগ ঘটিছিল । ধৰ্মৰ আৱিৰ্ভাৱ তেতিয়াহে হয় যেতিয়া এই প্ৰাকৃতিক শক্তিসমূহৰ অমূৰ্ত আত্মাই মূৰ্ত কৰ্তালৈ ৰূপান্তৰিত হয় । ইয়াৰ পৰিৱৰ্তনৰ মূল কাৰণ হা আদিম মানৱৰ অজ্ঞতা আৰু এই অজ্ঞতাৰ মূলতে আছিল ভাষিক অসুদ্ধতা । ভাষাই কেৱল সজীৱ বস্তুবোৰকে ব্যাখ্যা নকৰি নিৰ্জীৱ বস্তুবোৰকো ব্যাখ্যা কৰিব পাৰে । প্ৰাৰম্ভিক অৱস্থাত ই মানুহৰ কৰ্মক বুজাইছিল আৰু যেতিয়া বাহ্যিক প্ৰক-তিত ইয়াক প্ৰয়োগ কৰা হ’ল , তেতিয়া ই প্ৰকৃতিৰ বস্তুবোৰৰ প্ৰতি মানুহৰ কৰ্মক বুজালে । এইদৰে কোনো এটা বস্তুত কোনো এজন দেৱতাৰ অৰিহণা থকাটো বিশ্বাস কৰা হ’ল, যিটো তেওঁলোকৰ নামৰ লগত সানমিহলি হৈ পৰিল। উদাহৰণস্বৰূপে মেঘে বৰষুণ দিছে, সূৰ্য উদয় হৈছে বা অস্ত গৈছে, গছে ফল দিছে- এনেধৰণৰ বাক্যৰ পৰা মানুহৰ ধাৰণা হ’ল যে মেঘ, সূৰ্য, গছ-আদি একোটাহঁত জীৱন্ত বা আত্মাজনিত কৰ্তা, যি কৰ্তাৰ ক্ৰিয়াৰ ওপৰত মানুহে কোনোধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। অথচ্ এইবোৰ কৰ্তাই সমগ্ৰ মানৱ জীৱনৰ ভাগ্য নিয়ন্ত্ৰণ কৰে । গতিকে এনেধৰণৰ বহুতো প্ৰাকৃতিক বস্তুক মানুহে জীৱন্ত অলৌকিক শক্তি স্বৰূপে পূজা-অৰ্চনা কৰিবলৈ লয় আৰু ইয়েই ধৰ্মৰ উতিপত্তিৰ মূল কাৰণ হৈ পৰে ।
মেক্স মুলাৰৰ এই সৰ্বাত্মাবাদ সিদ্ধান্তৰ এজন উগ্ৰ সমৰ্থক হ’ল আমেৰিকাৰ বিখ্যাত নৃতত্ত্ববিদ ৰবাৰ্ট মাৰেট । মাৰেটৰ মতে প্ৰকৃতি জগত তথা মানৱ জীৱনত ঘটা বহুতো অজ্ঞাত ঘটনাৰ পৰা মানুহে এনে এক ধাৰণা পোষণ কৰিছিল যে এই সকলোবোৰৰ গুৰিতে এক অমূৰ্ত অদৃশ্য আৰু অতীনিদ্ৰিয় শক্তি আছে, যি শক্তি সমগ্ৰ জীৱজগত আৰু জড়জগতত বিদ্যমান হৈ থাকে । এই শক্তিক মেলানেছিয়ানবোৰে ‘মন’ আখ্যা দিছে । সেই বাবে এই সিদ্ধান্তটোক ‘মনবাদ’বুলিও কোৱা হয় ।
সমালেচনাঃ ধৰ্ম উত্পত্তি সম্বন্ধীয় প্ৰকৃতিবাদ সিদ্ধান্তটোৱে ধৰ্ম সম্বন্ধে ব্যাখ্যা আগবঢ়াইছে যদিও এইবোৰ ক্ৰটিমুক্ত নহয় । এই সিদ্ধান্তৰ ব্যাখ্যা বহুক্ষেত্ৰত অযুক্তিমূলক । মানুহে যদি অতি ভয়ংকৰ আৰু অতি আৱশ্যকীয় উপকাৰী প্ৰাকৃতিক বস্তু মহিমাময়ী, ইতিমানৱ শক্তিক অধিকৰী হিচাপে গণ্য কৰি পূজা-পাৰ্বণ কৰে, তেন্তে সাপ, গৰু চৰাই শিল, গছ-লতা বা তেনেধৰণৰ অতি সামান্য আৰু কোনো কোনোক্ষেত্ৰত অপ্ৰয়োজনীয় প্ৰাণী বা জন্তু বা বস্তুক পূজা কৰাৰ কোনো অৰ্থ থাকিব নোৱাৰে । গতিকে এই ক্ষেত্ৰত মেক্স মুলাৰৰ ব্যাখ্যা অমূলক বুলি ক’ব পাৰি । ইয়াৰ উপৰি ৰবাৰ্ট মাৰেটে যি ব্যাখ্যা আগবঢ়াইছিল সেয়াও কিমান দূৰ সমীচীন তাত সন্দেহ নথকা নহয় । মাৰেটে মেলানেছিয়ানসকলৰ ধৰ্ম পদ্ধতিৰ ওপৰত ভিত্তি কৰি তেওঁক সিদ্ধান্ত দাঙি ধৰিলেও কেৱল এখন সমাজতে পোৱা প্ৰমাণক লৈ ধৰ্মৰ দৰে এটা বিশ্বজনীন সামাজিক সংস্থাৰ বিষয়ে কোনো সিদ্ধান্তক সাধাৰণ সিদ্ধান্ত হিচাপে গ্ৰহণ কৰিব পৰা নাযায় । অশ্য়ে ইয়াৰ মাজতে ধৰ্ম উত্পত্তি সম্বন্ধীয় এক সমাজতত্ত্বীয় ব্যাখ্যাত্মক সিদ্ধান্ত হিচাপে ইয়াক একেবাৰে দলিয়াই পেলাব পৰা নাযায় ।
ছ) ক্ৰিয়াত্মক সিদ্ধান্তঃ ধৰ্মৰ উত্পত্তি সন্দৰ্ভত সৰ্বাত্মাবাদ আৰু প্ৰকৃতিবাদ দুয়োটা সিদ্ধান্তই ধৰ্মৰ উত্পত্তি সন্দৰ্ভত বিজ্ঞানসন্মত তথা তথ্যভিত্তিক বিশ্লেষণ দিবলৈ সক্ষম হোৱা নাই । সেয়েহে উক্ত দুটা সাদ্ধান্তৰ ব্যাখ্যা সমূহতকৈ কিছু উন্নত আৰু কিছু বিজ্ঞানসন্মতভাৱে ধৰ্মৰ উত্পত্তি সম্বন্ধে ব্যাখ্যা আগবঢ়াবলৈ সক্ষম হৈছে ক্ৰিয়াত্মক সিদ্ধান্ত ইমাইল চিন্তাবিদসকলে ধৰ্মৰ উত্পত্তি সম্বন্ধে কেতবোৰ সামাজিক বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত বিশ্লেষণ আগবঢ়াইছে ।
ক্ৰিয়াত্মক সিদ্ধান্তৰ মতে ধৰ্মৰ উত্পত্তিৰ উত্স হ’ল মানৱ সমাজৰ বাবে ধৰ্মৰ প্ৰয়োজনীয়তা । এই প্ৰয়োজনীয়তা দুইধৰণে উপলব্ধি কৰিব পাৰি । এক হ’ল মানুহৰ মানসিক ভয়, উদ্বিগ্নতা, দুঃশ্চিন্তা আদিৰ পৰা ৰক্ষা কৰি মনৰ শান্তি আৰু সিথিৰতাৰ বাবে আৰু আনটো হ’ল সমাজত সংহতি ৰক্ষা কৰাৰ বাবে । এই ক্ষেত্ৰত মেলিনৱস্কিয়ে দৃষ্টান্ত সহকাৰে ট্ৰব্ৰিয়ান দ্বীপত বাস কৰা এটা জনজাতিৰ কথা উল্লেখ কৰিলে । মেলিন’স্কিৰ মতে ট্ৰব্ৰিয়ান দ্বীপত বসবাস কৰা এই জনজাতিটো বৃত্তিগতভাৱে মাছমৰীয়া । এই জনজাতিটো বৃত্তিগতভাৱে মাছমৰীয়া । এই জনজাতিটো সাগৰত মতিস্য স্বীকাৰৰ লগত ঘনিষ্ঠভাৱে জড়িত । এওঁলোকে সাগৰত মাছ মাৰিবলৈ যোৱাৰ সময়ছোৱাত কিমান বিপদ বিঘিনিৰ সন্মুখীন হ’বলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাই । মাছ মাৰাৰ সময়ছোৱাত তেওঁলোকৰ মন আৰু অন্তৰ ভয়, শংকা আৰু উদ্বিগ্নতাৰে ভৰি পৰে । মনৰ এনে অৱস্থাত নিজকে মানসিকভাৱে সকাহ দিবৰ বাবে এক অদৃশ্যমান আৰু অলৌকিক শক্তিৰ ওপৰত বিশ্বাস ৰাখিবলগীয়া হয় । তেওঁলোকে বিশাল, কৰে যে এনে অলৌকিক সত্তাৰ ওপৰত বিশ্বাস ৰাখিলে তেওঁলোকৰ সম্ভাৱ্য বিপদ-হবিঘিনি, ভয়-শংকা, মানসিক উদ্বিগ্নতা আদি দূৰ হোৱাটো স্বাভাৱিক । গতিকে ট্ৰব্ৰিয়ান দ্বীপৰ এই মাছমৰীয়া জনজাতিটোৱে মাছ মৰা অৱস্থাত তেওঁলোকৰ সম্ভাৱ্য বিপদৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যি অলৌকিক শক্তিক বিশ্বাস কৰিছিল, সেই বিশ্বাসৰ পৰিণতিতেই ধৰ্মৰ উত্পত্তি হৈছিল বুলি মেলিনৱাস্কিয়ে মতপ্ৰকাশ কৰিছে ।
ক্ৰিয়াত্মক সিদ্ধান্ত অন্য় এজন সমৰ্থক ৰেড্ক্সিফ ব্ৰাউনে ধৰ্মৰ উত্পত্তি সম্বন্ধীয় ব্যাখ্যা অন্য এক দৃষ্টিভংগীৰে কৰিছে । তেওঁৰ মতে এখন সমাজে ইয়াৰ স্থিতি বা স্থায়য়িত্বৰ বাবে এক নিৰ্দিষ্ট অনুভূতিৰ পদ্ধতিৰে সংগঠিত হোৱা সদস্যসকলৰ চালচলন নিয়ন্ত্ৰণ কৰা হয় । সমাজ বৰ্তি থাকিবলৈ হ’লে ব্যক্তিসকলে সমাজৰ নীতি-নিয়মসমূহ মানি চলিব লাগিব । কিন্তু এনে নীতি-নিয়ম পালন কৰা বা মানি চলাৰ বেলিকা এক অতিমানৱীয় শক্তিৰ ওপৰত বিশ্বাস ৰাখিবলগীয়া হয় । এনে এক শক্তিৰ ওপৰত বিশ্বাস ৰাখিলে মানুহ কু-ক্ৰমৰ পৰা বিৰত থাকে যাতে কোনো কাৰণতে মানুহজনে অদৃশ্য়জনৰ দৃষ্টিত অপৰাধী হ’ব নোৱাৰে । সমাজত মানুহৰ এনে আচৰণ নিয়ন্ত্ৰণে সামাজিক সুস্থিৰতা আকু সামাজিক শৃংখলা বজাই ৰথাক সহায় কৰে । মেলিনৱস্কি আৰু ৰেড্ক্লিফ ব্ৰাউনৰ এই ব্যাখ্যা মূলতঃ দুৰখেইমৰ সিদ্ধান্তৰ ওপৰতে প্ৰতিষ্ঠিত ।
ধৰ্মৰ উত্পত্তি সম্বন্ধীয় ক্ৰিয়াত্মক সিদ্ধান্তৰ অন্য়তম উল্লেখযোগ্য পৃষ্ঠপোবক ইমাইল দুৰখেইমৰ মতে মানৱ সমাজত সকলো ধৰ্মৰে মূল উত্স হ’ল সমাজৰ সামূহিকতা। বিভিন্ন ধৰ্মীয় উত্সৱ নাইবা পূজা-পাৰ্বণ আদিত এনে সামূহিকতা প্ৰকাশ পীয় । এনে ধৰ্মীয় অনুষ্ঠাসমূহত সমবেত ৰাইজেই হৈছে সামূহিকতা; অৰ্থাত্ এনে সামূহিকতা হৈছে এক বিশেষ শক্তিসম্পন্ন সত্তা । এনে সামূহিকতাক শক্তিসম্পন্ন সত্তা হিচাপে মানুহে বিবেচনা কৰি নিজৰ শিবনত কৰে আৰু জ্ঞাত বা অজ্ঞাতভাৱেই মানুহে উপলব্ধি কৰে । যে সমাজ বা সামূহিকতাৰ ওচৰত তেওঁলোক নগণ্য । তেওঁলোকে জাৱনত যি পাইছে বা যি কৃপা লাভ কৰিছে সেয়া সমাজৰে সুদৃষ্টিৰ ফল । অৰ্থাত্ সমাজেই মানুহৰ ত্ৰাণকৰ্তা আৰু প্ৰলাণদাতা । সেহেয়ে দুৰখেইমে সমাজক এক সৰ্বশক্তিমান সত্তা হিচাপে বিবেচনা কৰি তেওঁৰ ব্যাখ্যা আগবঢ়াইছে । দুৰখেইমে সমাজক এক সৰ্বশক্তিমান সত্তা হিচাপে সত্তা হিচাপে পৰিচিত কৰিবলৈ যোৱাটোত বহুতে স্বীকাৰ কৰিব বিচৰা নাই । সমাজক য়দি মানুহে সৰ্বশক্তিমান সত্তা হিচাপে কল্পনা কৰি লয়, তেনেহ’লে ধৰ্মৰ নামত মানুহে কিয় চন্দ্ৰ-সূৰ্য, গছলতা, জীৱ-জন্তু বা মৃতলোকৰ আত্মাক পূজা কৰে ? ইয়াৰ উত্তৰত দুৰখেইমে এইটোকে ক’ব বিচাৰিছে যে সমাজ নিতান্তই অশৰীৰী । ই কোনো মূৰ্ত বস্তু নহয় যে গোটেই সমাজখনক মূৰ্ত সত্তা হিচাপে বৰণ কৰিব পাৰি । গতিকে সমাজে যিদৰে বিভিন্ন প্ৰকাৰে ব্যক্তিসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰে তেনেকৈয়ে বিভিন্ন শক্তি বা প্ৰতীক হিচাপে মানুহে সমাজ শক্তিৰ ওচৰত বশ্য়তা স্বীকাৰ কৰি লয়। উদাহৰণস্বৰূপে ঈস্বৰৰ নামত সমাজৰ সৰ্বশক্তি, কোনোবা দেৱতা বা বস্তু বা জন্তুৰ নামত সমাজৰ প্ৰতিৰক্ষণ শক্তি বা মংগলময়ী বা ন্যায় বিচাৰ ইত্যাদি কল্পনা কৰি লোৱা । এনে প্ৰতীকবোৰ জীৱ-জন্তু, গছ-লতা, চন্দ্ৰ-সূৰ্য ইত্যাদি হ’ব পাৰে ।
দুৰখেইমে তেওঁৰ এই সিদ্ধান্তত যিবোৰ প্ৰতীকৰ বিষয়ে বৰ্ণনা কৰিছে সেইবোৰৰ প্ৰতি মানুহৰ ভক্তি আৰু ভয়ভাৱ কিয় উদয় হয় এই বিষয়েও উল্লেখ কৰিছে । দুৰখেইমে মানুহৰ মাজত এই প্ৰতীকবোৰৰ প্ৰতি বা ভক্তিভাৱ উদয়; হোৱা কাৰণ দুটা দিশৰ পৰা ব্যাখ্যা কৰিছে . তেওঁৰ মতে পৃথিৱীক প্ৰায়বোৰ ধৰ্মতে দুটা দিশ জড়িত হৈ থাকে । এটা হৈছে পবিত্ৰ আৰু আনটো অপবিত্ৰ । পবিত্ৰ বস্তুবোৰেই ধৰ্মৰ প্ৰতীক । মানুহে যিবোৰ বস্তু পবিত্ৰ বুলি ধৰি লয় সেইবোৰৰ প্ৰতি ভয় আৰু ভক্তিভাৱ জাগি উঠাটো স্বাভাৱিক । অন্যহাতেদি অপবিত্ৰ বস্তুৰ প্ৰতি এনে ভাৱ কেতিয়াও জাগি উঠিব নোৱাৰে । দুৰখেইমৰ মতে পবিত্ৰ আৰু অপবিত্ৰ এই দুইটি ধাৰণাৰ মূলতে আছে সামাজিক ঐক্য় বা সংঘৱদ্ধতাৰ বাবে থকা মানুহৰ স্বাভাৱিক পবৃত্তি। কিয়নো সমাজৰ ব্যক্তিসকলে যদি কোনো বস্তুক সামূহিকভাৱে পবিত্ৰ আৰু কোনো বস্তুক অপবিত্ৰ জ্ঞান কৰে, তেতিয়া তেওঁলোকৰ মাজত এনে এক স্বধৰ্মীয় সাম্প্ৰদায়িকতাৰ ভাৱ গঢ়ি উঠিব যিটোৰ ফলত তেওঁলোকক মাজত এক গভীৰ আনুভূতিক ঐক্যই গঢ় ল’ব । সেয়েহে দুৰখেইমে কৈছে যে ধৰ্ম মানে এনে কিছুমান বিশ্বাসৰ সমষ্টি যি বিশ্বাসে কিছুমান বস্তুক পবিত্ৰ আৰু আন কিছুমানত অপবিত্ৰ বুলি গণ্য় কৰে আৰু যাৰ দ্বাৰা এক ধৰ্ম সম্প্ৰদায়ৰ সৃষ্টি ।
সমালোচনাঃ ধৰ্মৰ উত্পত্তি সম্বন্ধীয় ক্ৰিয়াত্মক সিদ্ধান্তটোও সমাৱোচনা মুক্ত নহয় । কিয়নো ধৰ্মই সমাজৰ কাৰণে সম্পাদনা কৰা সকলোবোৰ ক্ৰিয়া ইতিবাচক নহয় । ইয়াৰ উপৰি আদিম কালত মানুহৰ সহজ-সৰল আৰু অবৈজ্ঞানিক মানসিকতাই সমাজক এক বিশেষ শক্তি সম্পন্ন সত্তা বুলি কিমানখিনি উপলব্ধি কৰিব পাৰিছিল সেয়া সন্দেহজনক ইয়াৰ উপৰি সমাজৰ কোনবোৰ বস্তু পবিত্ৰ আৰু কোনবোৰ অপবিত্ৰ এই কথাও হয়তো সেই সময়ত মানুহৰ বোধগম্যতাৰ বাহিৰত আছিল । একে ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ মাজত যে ঐক্য সম্প্ৰীতি আৰু শান্তি শৃংখলা অটুট থাকে সেয়াও কোনো সৰ্বজীন সিদ্ধান্ত হ’ব নোৱাৰে । কিয়নো মানৱ জাতিৰ ইতিহাসত এমে বহুবোৰ দৃষ্টান্ত আছে, যিবোৰে সময়ে সময়ে একে ধৰ্মীয় সম্প্ৰদায়ৰ মাজত অন্তঃকন্দলৰ সূত্ৰপাত হোৱা ইংগিত প্ৰদান কৰিছে ।
যি সি নহওক ধৰ্ম সম্পৰ্কে উল্লিখিত তিনিটি সিদ্ধান্তই যিখিনি ব্য্খায় আৰু বিশ্লেষণ আগবঢ়ালে সেইখিনিৰ কিছু কিছু ক্ষেত্ৰত ভুল-ভ্ৰুটি আছ যদিও একেবাৰে ভিত্তিহীন নহয় । এই সিদ্ধান্ত কেইটাইধৰ্ম নামৰ পৃথিৱীৰ এই অন্যতম আদিতম সংস্থাটোৰ উত্পত্তিৰ বিষয়ে কিছু নহয় কিছু তথ্য দাঙি ধৰিবলৈ সক্ষম হ’ল । এই সিদ্ধান্তকেইটাই ব্যাখ্যা কৰা তথ্যৰ আধাৰতে হয়তো আমি সকলোৱে ধৰ্ম নামৰ এই সংহাৰ অন্ম আৰু বিকাশ সম্পৰ্কে কিছু অনুমান কৰিবলৈ সক্ষম হৈছোঁ। সেয়েহে আমি কোনো কাৰণতে এই সিদ্ধান্তকেইটাই আগবঢ়োৱা ব্যাখ্যা আৰু বিশ্লেষণক অৰ্থহীন বা ভিত্তিহীন বুলি ক’ব নোৱাৰোঁ ।
প্ৰশ্নঃ 23. জৈন ধৰ্মৰ মৃত্য়ু আৰু মক্তিৰ ধাৰণা দিয়া ?
উত্তৰঃ মহাবীৰক জৈন ধৰ্মৰ প্ৰৱৰ্তক বুলি কোৱা হয় । অৱশ্য়ে জৈন ধৰ্ম গ্ৰন্থমতে এই ধৰ্মৰ প্ৰকৃত প্ৰৱৰ্তকজনৰ নাম আছিল ঋষভ । জৈন ধৰ্মালম্বীসকলৰ বিশ্বাস অনুসৰি ঋষভৰ পাছত ২৩ জন সাধকে জৈন ধৰ্ম প্ৰচলন কৰি আহিছিল । মহাবীৰৰ পূৰ্বসুৰী প্ৰতিজন সাধককে একোজন তীৰ্থাংকৰ বোলা হয় । সেই ফালৰ পৰা মহাবীৰ আছিল ২৪ নং তীৰ্থাংকৰ । মহাবীৰৰ আগৰ তীৰ্থাংকৰজনৰ নাম আছিল পাৰ্শ্বনাথ । তেওঁৰ বাহিৰে অন্যান্য তীৰ্থাংকসকলৰ বিষয়ে ভালদৰে জনা নাযায় ।
বৰ্দ্ধমান মহাবীৰৰ (৫৩৭-৪৬৭খ্ৰীষ্টব্দপূৰ্ব) দেউতাক নাম আছিল সিদ্ধাৰ্থ । তেওঁ কুন্দাপুৰৰ জ্ঞাত্ৰিক কুলৰ প্ৰধান আছিল । মাক ত্ৰিশলা আছিল ক্ষত্ৰিয় কপলৰ । মগধৰ শাসক পৰিয়ালৰ সৈতে ত্ৰিশলাৰ তেজৰ সম্পৰ্ক আছিল । প্ৰায় ৭০/৭২ বয়সত মল্ল্সকলৰ ৰাজধানী পাভ নামৰ ঠাইত মহাবীৰৰ মৃত্য়ু হৈছিল ।
মহাবীৰ পত্নীৰ নাম আছিল যশোদা । মহাবীৰে ত্ৰিশ বছৰ বয়সত সংসাৰ ত্যাগ কৰে । তাৰ পাছত বাৰ বছৰ কাল তেওঁ নগ্নভাৱে পূৰ্ব ভাৰতৰ ভালেমান দেশ ভ্ৰমণ কৰে । জীৰ্ঘদিন ৰিজুপালিক নদীৰ পাৰৰ জ্ৰিমভিকা গাঁৱৰ এজোপা শাল গছৰ তলত তেওঁ কঠোৰ তপস্যা কৰে । ৪২ বছৰ বয়সত সৰ্বোত্তম জ্ঞান লাভ কৰে ।
মহাবীৰে সিদ্ধি লাভ কৰাৰ মগধ, বিদেহ, এংগ, ভাগালপুৰ আদি ঠাইত ধৰ্ম প্ৰচাৰ কিৰিছিল । মহাবীৰে কাম, ক্ৰোধ, লোভ, মাত্চৰ্য জয় কৰিব পাৰিছিল । সেইবাবেই তেওঁ প্ৰচাৰ কৰা ধৰ্মটো জয় কৰা বোলা হয় । ইয়াৰ অৰ্থ হ’ল জিনা । এি ‘জিনা’ শব্দৰ পৰাই জৈন হয় । জৈন ধৰ্মৰ মূল ল্য় আছিল সত্ জীৱন যাপন কৰি পুনৰ জন্মৰ পৰা নিষ্কৃতি লাভ । তেওঁলোকে বিশ্বাস কৰিছিল পূৰ্বজন্মত কৰা ভাল-বেয়া কামৰ এপৰত নিৰ্ভৰ কৰিয়েই পুনৰ জন্ম পোৱা-নোপোৱাটো নিৰ্ভৰ কৰে । জীৱনটো সততাৰে পৰিচালনা কৰিবলৈ হ’ল কিছুমান নীতিৰ মাজেৰে জীৱনটো আগবঢ়াই নিয়া উচিত । জৈন দৰ্শনে কোনো ভগৱানৰ অস্তিত্ব স্বীকাৰ নকৰে । ভগৱানক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাটো এটা অৰ্থহীন কাম বুলিহে তেওঁলোকে ভাৱে ।
বিশ্ব চৰাচৰ দুটা ভাগত বিভক্ত । অজীৱ (অৰ্থাত্ বস্তু) আৰু জীৱ । জীৱ চেতন মনৰ অধিকাৰী । জীৱই দুখ-কষ্ট অনুভৱ কৰিব পাৰে । আত্মা যেতিয়া বস্তুৰ সংস্পৰ্শলৈ আহে, ই তাৰ মায়া-মোহৰ দ্বাৰা বন্দী হয় । আত্মাৰ প্ৰধান লক্ষ্য হ’ল বন্ধনৰ পৰা মুক্তি পোৱা । কোনো ধৰণৰ বাহ্য়িক আৱৰণ পৰিধান কৰাতোও মহাবীৰে পচণ্ড নৰকিছিল । তেওঁ মাত্ৰ তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছিল । সত্ বা শুদ্ধ বিশ্বাস, সত্ জ্ঞান আৰু সত্ কৰ্ম । জৈন দৰ্শনৰ এয়াই হ’ল মূল মৰ্ম ।
প্ৰশ্নঃ 23. বৌদ্ধ ধৰ্মৰ আধাৰত মৃত্য়ু আৰু মুক্তি সম্পৰ্কীয় ধাৰণা দিয়া ?
উত্তৰঃ সিদ্ধাৰ্থ (৫৬৬/৬৭-৪৮৬/৮৭ খ্ৰীষ্টাব্দপূৰ্ব ) হ’ল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক । তেওঁ শাক্যসকলৰ গোষ্ঠীপ্ৰধান সুদ্ধোধন আৰু তেওঁৰ পত্নী মায়াৰ পুত্ৰ । তেওঁলোক আছিল ক্ষত্ৰিয়কুলৰ । তেওঁৰ জন্মৰ সাত দিনৰ পাছতে মাতৃ মায়াৰ মৃত্যু হয় আৰু মাহীমাকে তেওঁক প্ৰতিপালন কৰে । কপিলাবস্তুৰ লুম্বিনী গাঁৱত তেওঁৰ জন্ম । শাক্য ৰাজবংশত জন্ম পোৱাৰ বাবে সিদ্ধাৰ্থক শাক্য মুনিও বোলা হৈছিল । সিদ্ধাৰ্থ সৰুৰে পৰা চিন্তাক্লিষ্ট আছিল । দেউতাকে যোশোধৰা নামে কন্যা এটিৰ লগত কম বয়সতে তেওঁৰ বিয়া পাতি দিছিল । সময়ত তেওঁলোকৰ বাহুল নামেৰে এটি পুত্ৰ সন্তানৰ জন্ম হয় ।
সমাজত মানুহৰ দুখ-কষ্ট, জড়া-ব্যাধি, বাৰ্ধক্য-মৃত্যু, অভাৱ-অনাচন, অন্যায়-অত্যাচাৰ, অনীতি-অনিয়ম আদিয়ে সিদ্ধাৰ্থক চিন্তিত কৰি তুলিছিল । সেইবোৰে তেওঁৰ মনত আমনি কৰিছিল । এইবোৰৰ বাবেই তেওঁৰ মনত সংসাৰ বিৰাগ দৃষ্টিভংগীয়ে গঢ় লয় । সংসাৰৰ মায়া-মোহৰ উৰ্দ্ধত অৱস্থান কৰাৰ তীব্ৰ বাসনা তেওঁৰ মনত গঢ় লয় । মানুহৰ হবৃদ্ধ অৱস্থা, মানুহৰ পংগুত্ব, সন্ন্যাস আৰু মানুহৰ মৃত্যুৱে তেওঁৰ মনত গভাৰ ৰেখাপাত কৰে । সংসাৰ ত্যাগ কৰাৰ ক্ষেত্ৰত এইবোৰে সিদ্ধাৰ্থক প্ৰভাৱিত কৰিলে । সংসাৰৰ সকলো মায়া-মোহ ত্যাগ কৰি এদিন তেওঁ ঘৰৰ পৰা ওলাই গ’ল । তেতিয়া তেওঁৰ বয়স আছিল ২৯ বছৰ । পণ্ডিত গুৰু আলাৰা কালামাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল যদিও তেওঁ সন্তুষ্ট হ’ব নোৱাৰিলে । উদ্যকা ৰামপুত্ত নামৰ আন এজন পণ্ডতৰ ওচৰতো দীক্ষা লৈছিল । কিন্তু তেওঁ তাতো প্ৰকৃত মুক্তিৰ সন্ধান নাপালে । অৱশ্য়েষত তেওঁ নিৰনজৰা নদীৰ পাৰত অৱস্থিত উৰুভেলালৈ (বৰ্তমান বুদ্ধগয়া) যায় আৰু এজোপা আহত গছৰ তলত ধ্যান কৰে । গভীৰ তুপস্যাৰ ফলত তেওঁৰ শৰীৰ শুকাই-খীণাই যায়। সেই আহত গছজোপাক পূজা কৰিবলৈ যোৱা সুজাতা নামৰ এগৰাকী মহিলাৰ পৰা খাদ্য গ্ৰহণ কৰি কথমপি তেওঁ জীয়াই আছিল । কিছুদিনৰ পাছতে তেওঁ পৰম জ্ঞান লাভ কৰে অৰ্থাত্ বুদ্ধত্বপ্ৰাপ্ত হয় ।
বুদ্ধৰ মতে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱেই পৰিৱৰ্তনশীল । এই ধাৰাণাৰ ওপৰত নিৰ্ভৰ কৰিয়েই সকলো বস্তু যে অনিত্য আৰু এই অনিত্য অৱস্থাৰ পৰা নিৰ্বাণলৈ গতি কৰিব পাৰি তাৰেই সন্ধান দিছিল । তেওঁ কৰ্মফল আৰু নিৰ্বাণৰ বিষয়ে অনাৱশ্যক তাত্ত্বিক ব্যাখ্যা বিশ্লেষণ দিয়াতকৈ কৰ্মফল আৰু পুনৰ্জন্মৰ পৰা কেনেকৈ সম্পূৰ্ণ মুক্তি লাভ কৰিব পাৰি তাৰ অনুশীলনৰ ওপৰত গুৰুত্ব দিছিল । তেওঁৰ মতে সকলোবোৰেই অনিত্য, ক্ষন্তেকীয়া আৰু অসাৰ । সেয়ে মানুহৰ দুখ-কষ্টৰ উত্স আৰু দুখ-কষ্টৰ কেনেকৈ অন্ত পৰিব তাৰ পথৰ সন্ধান কৰিছিল ।
বুদ্ধই তেওৰ শিষ্য়সকলক চাৰিটা প্ৰধান সত্যৰ সম্ভেদ দিছিল যথা-
১) দুখ-কষ্ট।
২) দুখ-কষ্ট উত্পত্তি কাৰণ।
৩) দুখ-কষ্টৰ অৱসান । আৰু
৪) দুখ-কষ্ট নোহোৱা কৰাৰ উপায় ।
এইকেইটাক চাৰি আৰ্য সত্য বোলে । বুদ্ধৰ মতে ইচ্ছাই হ’ল মানুহৰ সকলোধৰণৰ দুখৰ উত্স । আশা-আকাংক্ষা নোহোৱা কৰিবলৈ হ’লে মানুহে আঠদফীয়া সত্ পথ লোৱাৰ কথা বুদ্ধই উল্লেখ কৰি গৈছে । সেয়া হ’ল –
১) সত্ বিশ্বাসঃ সীমাহীন ইচ্ছা আৰু স্বাৰ্থপৰতাৰে এই সংসাৰখন পৰিপূৰ্ণ । এইবোৰ ধ্বংস কৰিব পৰাৰ মাজতেই লুকাই আছে শান্তিৰ পথ ।
২) সত্ সংকল্পঃ আনৰ সম্পত্তি আশা নকৰা, বিলাসিতা আৰু ৰিপুসমূহৰ আনন্দৰ বাবে কাম নকৰাৰ মতাজে সোমাই আছে সত্ সংকল্প ।
৩) সত্ বচনঃ মিছা কথা, বক্ৰোক্তি, লঘু কথা সমাজৰ বাবেই ক্ষতিকাৰক ।
৪) সত্ কৰ্মঃ চৌৰ্যবৃত্তি, ভেজালকৰণ, আত্মসাত্ আদি পৰিত্যাগ কৰা উচিত । সত্ কৰ্মত স্বাৰ্থহীনতা লুকাই থাকে ।
৫) সত্ জীৱিকাঃ অসত্ উপায়েৰে জীৱিকা অৰ্জন কৰা অনুচিত ।
৬) সত্ যত্ন বা চেষ্টাঃ নিজৰ আৱেগ-অনুভূতিক নিয়ন্ত্ৰণ কৰা দৰকাৰ ।
৭) সত্ স্মৃতিঃ সংসাৰ, জীৱ, শৰীৰ, সকলো পাৰ্থিৱ বস্তু যে অনিত্য সেয়া অনবৰত মনত ৰখা দৰকাৰ ।
৮) সত্ সমাধিঃ সত্ সমাধিয়ে মনক নিৰ্মল কৰি আনন্দ দিয়ে ।
উল্লিখিত আঠটা পথকে অষ্ট মাৰ্গ বোলে ।
টিপিটক হ’ল বৌদ্ধ দৰ্শনৰ মূল ধৰ্ম গ্ৰন্থ । সেয়া হ’ল সুত্ত পিটক বিনয় পিটক আৰু অভিধৰ্ম পিটক । সূত্ত পিটক হ’ল পাঁচখন নিকায়ৰ সমষ্টি- দীৰ্ঘ নিকায়, মাঝহিমা নিকায় সমূত্ত নিকায়, অংগুত্তৰা নিকায় আৰু খুড্ডাকা নিকায় । এইবোৰত ধৰ্ম আলোচনা সন্নিৱিষ্ট আছে । খুড্ডাকা নিকায়ত কেৱল ধৰ্মপদ আছে । ৰাইছ ডেভিছৰ মতে বিনয় পিটকত নতুন কথাৰ সংযোজন ঘটিছে । অভিধৰ্ম পিটকত বৌদ্ধ ধৰ্মৰ দৰ্শনিক দিশটোক আলোচনা কৰা হৈছে ।
বৌদ্ধ দৰ্শনৰ মূল উপাদানসমূহ ‘ধৰ্মচক্ৰ প্ৰৱৰ্তন সূত্ত (বা সূত্ৰ)’ ত সংক্ষিপ্তভাৱে আলোচনা কৰা হৈছে । বুদ্ধৰ ‘আৰ্য সত্য়’ আৰু ‘অষ্ট মাৰ্গ’ৰ বিষয়ে এই গ্ৰন্থত সন্নিৱিষ্ট হৈ আছে।
ভাৰতীয় তথা বিশ্ব সভ্য়তা-সংস্কৃতিলৈ বৌদ্ধ ধৰ্ম আৰু দৰ্শন এক গুৰুত্বপূৰ্ণ অৱদান । বুদ্ধৰ জীৱন কালৰ পৰা এই ধৰ্ম আৰু দৰ্শনে বিশ্ৰ কোটি কোটি মানুহক আকৰ্ষণ কৰি আহিছে। বৌদ্ধ ধৰ্ম আজি বিশ্বৰ এক প্ৰধান ধৰ্মীয় ধাৰাৰূপ পৰিগণিত হৈছে । বুদ্ধক অনিষ্ট কৰিব বিচৰা ব্যক্তিয়েও পৰৱৰ্তী সময়ত তেওঁৰ ওচৰত শৰণ লৈছিল । ধৰ্মানন্দ কৌশ্বাম্বীয়ে উল্লেখ কৰিছে যে মগধৰ ৰজা বিম্বিসাৰে বুদ্ধক তেওঁ বেশ-ভূষা, আচৰণ, সুস্বাস্থ্যৰ গৰাকী আৰু সকলো ফালৰ পৰা তেওঁক এজন মাৰ্জিত ৰুচিৰ ক্ষত্ৰিয় বুলি ধৰি লৈছিল আৰু মগধৰ সেনাধ্যক্ষৰ পদবী দিছিল । বিম্বিসাৰে যেতিয়া বুদ্ধৰ সম্পূৰ্ণ পৰিচয় পালে তেতিয়া তেওঁৰ সৈতে বন্ধুত্ব স্থাপন কৰিলে আৰু তেওঁক সহায় কৰিলে ।
একাংশ বৌদ্ধবিৰোধী ধৰ্মগুৰুৱে সুস্বস্থ্যৰ বুদ্ধদেৱক কৃষিকাৰ্য বা আন উত্পাদনমুখী কাৰ্যৰ বাবেহে উপযোগী বুলি কৈ উপহাৰ কৰিছিল । ইফালে বুদ্ধ জীয়াই থকাৰ সময়তেই বহু বৌদ্ধবিৰোধী লোক বৌদ্ধধৰ্মত দীক্ষা গ্ৰহণ কৰিছিল আৰু নিৰ্বাণ প্ৰাপ্তি চেষ্টা কৰিছিল । বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পাছতো এই ধৰ্মই যথেষ্ট প্ৰচাৰ লাভ কৰিছিল । বৌদ্ধ ধৰ্ম আৰু দৰ্শন উন্নয়নশীল সমাজৰ বাবে অতি উপযোগী হৈ পৰিছিল ।