Sociology of Religion Unit 3 ধৰ্মীয় কাৰ্যবিধি বা প্ৰণালী Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Religion Unit 3 ধৰ্মীয় কাৰ্যবিধি বা প্ৰণালী to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Religion Unit 3 ধৰ্মীয় কাৰ্যবিধি বা প্ৰণালী Question Answer can be of great value to excel in the examination.
Sociology of Religion Unit 3 ধৰ্মীয় কাৰ্যবিধি বা প্ৰণালী
Sociology of Religion Unit 3 ধৰ্মীয় কাৰ্যবিধি বা প্ৰণালী Notes cover all the exercise questions in UGC Syllabus. The Sociology of Religion Unit 3 ধৰ্মীয় কাৰ্যবিধি বা প্ৰণালী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Techniques of Religious
SOCIOLOGY
SOCIOLOGY OF RELIGION
ধৰ্মৰ সমাজতত্ত্ব
প্ৰশ্নঃ 1. সামূহিক ঘটনা হিচাপে প্ৰাৰ্থনা ।
Prayer as collective phenomena.
উত্তৰঃ মাৰ্ছেল মাউছে তেওঁৰ আলোচনাত প্ৰাৰ্থনাক এক সমূহীয়া ক্ৰিয়া হিচাপে অভিহিত কৰিছে । এনে প্ৰাৰ্থনাত এটা ডাঙৰ সমূহ সামাজিকভাৱে আৰু অতি ঘনিষ্ঠভাৱে সম্পৰ্কিত হয়। এনেদৰে সমূহীয়াভাৱে প্ৰাৰ্থনাত অংশ লোৱাটো মাউছে এক বৈধ আৰু নৈতিক সূত্ৰ-বুলি অভিহিত কৰিছে । এনেধৰণৰ প্ৰাৰ্থনাৰ দ্বাৰা সমবেতসকলৰ মাজত ইজনে সিজনক সহায়-সহযোগিতা কৰা মানসিক গঢ়়ি উঠাৰ উপৰি সকলোৰে মাজত এক গাম্ভীৰ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে ।
প্ৰশ্নঃ 2. প্ৰাৰ্থনা এক ব্যক্তিগত ঘটনা ।
Drama and myth as technique of Prayer.
উত্তৰঃ মাৰ্ছেল মাউছে উল্লেখ কৰিছে যে তাত্ত্বিকসকলৰ মতে প্ৰাৰ্থনা এক ব্যক্তিগত ঘটনা । এনে প্ৰাৰ্থনা অনুভূতি অন্তৰৰ নিভৃত কোণৰ পৰা উদ্ভৱ হয় । এজন ঈশ্বৰানুৰাগী তথা ধৰ্মানুৰাগীৰ মন আৰু অন্তৰৰ পৰা এনে অনুভূতি সৃষ্টি হয় । ই এক আধ্যাত্মিক কাৰ্য । তাত্বিকসকলৰ মতে ই বাহ্যিকভাৱে প্ৰকাশ্য এক কাৰ্য আৰু এই কাৰ্য কেতিয়াবা বৃত্ৰিমভাৱেও পৰিগিত হয় । এনে প্ৰাৰ্থনা কাৰ্য সম্পন্ন কৰিবৰ বাবে কোনো ধৰ্মগুৰু বা ধৰ্মযাজক অথবা কোনো কবি নাই ধৰ্মপ্ৰচাৰকে কেতবোৰ ধ্বনি বা অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি কৰে । এনে অৰ্থপূৰ্ণ শব্দ উচ্চাৰণৰ দ্বাৰা প্ৰাৰ্থনাকাৰ্য সম্পন্ন কৰা হয় । মাউছৰ মতে প্ৰাৰ্থনাৰ ক্ষেত্ৰত এনে অৰ্থপূৰ্ণ শব্দ বা ভাষা প্ৰয়োগ কৰা হয় যদিও এইবোৰ আয়ত্তাদীন । তেওঁৰ মতে এইবোৰ আত্মানুসন্ধানৰ যোগেদিহে বুজাটো সম্ভৱ ।
মাউছৰ মতে, প্ৰাৰ্থনা যে এক ব্যক্তিগত ঘটনা তাত কোনো সন্দেহ নাই । সেঅবাবে প্ৰাৰ্থনীকাৰী এজনে মুক্ত আৰু ৰুচিসন্মতভাৱে প্ৰাৰ্থনাকাৰ্য সম্পন্ন কৰিব পাৰি । প্ৰাৰ্থনাৰ বেলিকা প্ৰাৰ্থনাকাৰীজনে উপযুক্ত আৰু পবিত্ৰ শব্দ বা ভাষা প্ৰয়োগ কৰিব পাৰে । মাউছৰ মতে সাধাৰণতে প্ৰাৰ্থনাত ব্যৱহূত যিবোৰ ভাষা বা শব্দ উচ্চাৰণত শালিনতা প্ৰদৰ্শন হয় । হিন্দু, খ্ৰীষ্টান, বৌদ্ধ আদি সকলোবোৰ ধৰ্মতে প্ৰাৰ্থনাৰ ক্ষেত্ৰত এনে পবিত্ৰ শব্দ বা ভাষা ব্যৱহূত হোৱা দেখা যায় ।
প্ৰশ্নঃ 3. প্ৰাৰ্থনাৰ অৰ্থ লিখা ? ইয়াৰ প্ৰকৃতি আৰু গুৰুত্ব সম্বন্ধে আলোচনা কৰা ?
Give the meaning of Prayer? Discuss its nature and significance.
উত্তৰঃ প্ৰাৰ্থনা হৈছে কোনো এক উচ্চমানবিশিষ্ট জগতৰ অতিমানৱীয় শক্তিস্বৰুপ পবিত্ৰ ভগৱান বা দেৱ-দেৱীৰ প্ৰতি মানুহে সংযোগ স্থাপন কৰা এক ক্ৰিয়া বা কৌশল হিচাপে প্ৰাৰ্থনাৰ অস্তিত্ব সকলোবোৰ ধৰ্মতে আৰু সকলো সময়তে চিৰপ্ৰবাহমান ৰূপত বৰ্তি আছে । এনে প্ৰাৰ্থনা কাৰ্য ব্যক্তিগতভাৱে নাইবা সামূহিকভাৱেও সম্পন্ন হ’ব পাৰে । ষোলশ শতিকাৰ স্পেইনৰ ছেইন্ট টেৰেছা নামৰ এগৰাকী ৰহস্যবাদীৰ মতে প্ৰাৰ্থনা হৈছে অদৃশ্যজনাক সাক্ষাৎ ৱাভ কৰা বা অদৃশ্যজনাৰ লগত বন্ধুত্ব স্থাপন কৰা এক উৎকৃষ্টতম পন্থা ।
প্ৰাৰ্থনাৰ প্ৰকৃতি আৰু গুৰুত্বঃ
প্ৰাৰ্থনা হৈছে ধৰ্মৰ এক বিশ্বজনীন দিশ । আদিমেই হওক বা আধুনিকেই হওক সকলো ধৰণৰ সমাজতেই ইয়াত অস্তিত্ব বিৰাজমান । প্ৰাৰ্থনাৰ যোগেদিয়েই মানুহৰ এক বহলধৰ্মানুভূতি উদ্ভৱ হয় আৰু এনে ধৰ্মানুভূতিয়ে মানুহ আৰু ভগৱানৰ মাজত সম্পৰ্কৰ মাজত এক সম্পৰ্ক স্থাপন কৰে । মানুহ আৰু ভগৱানৰ মাজৰ এনে সম্পৰ্কৰ যোগেদিয়েই ধৰ্মানুভূতিৰ উদ্ভৱ হয় । আমেৰিকাৰ দাৰ্শনিক উইলিয়াম জেমছৰ মতে প্ৰাৰ্থনাৰ অবিহনে ধৰ্মৰ অস্তিত্ব বৰ্তি থাকিব নোৱাৰে । সাধু সুন্দৰ সিং নামৰ এজন খ্ৰীষ্টানধৰ্মীয় ৰহস্য়বাদীৰ মতে মানুহে যেনেকৈ শ্বাস-প্ৰশ্বাস নোলোৱাকৈ জীয়াই থাকিব নোৱাৰে, ঠিক তেনেদৰে প্ৰাৰ্থনাৰ অবিহনেও বা ধৰ্মৰ অস্তিত্ব বৰ্তি থাকিব নোৱাৰে ।
ধৰ্ম সম্বন্ধীয় বিভিন্ন লেখনী তথা সাহিত্য়সমূহত প্ৰাৰ্থনাক ধৰ্মৰ আটাইতকৈ পৰিশুদ্ধ উপাদান হিচাপে বিবেচনা কৰা হয় । কিযনো প্ৰাৰ্থনাৰ জৰিয়তে মানুহৰ মন আৰু অন্তৰ সাংঘাতিক ধৰণে পৰিষ্কাৰ হোৱাৰ লগতে মানুহৰ মানসিক শক্তিৰো বৃদ্ধি ঘটে . বিভিন্ন ধৰ্ম গ্ৰন্থসমূহ পঠনৰ দ্বাৰাও অদৃশ্য়জনাক প্ৰাৰ্থনা বা মিনতি কৰিব পৰা যায় । ইছলাম ধৰ্মৰ কোৰানকো এক প্ৰাৰ্থনা পুথি হিচাপেই বিবেচনা কৰা হয় । ঠিক তেনেদৰে হিন্দু ধৰ্মশাস্ত্ৰ ভাগৱত, খ্ৰীষ্টান ধৰ্মৰ বাইবেল ইত্যাদিবোৰ একো একোখন প্ৰাৰ্থনা পুথি । এনে ধৰ্মপুথিসমূহত ভগৱান বা ঈশ্বৰৰ গমণানুকীৰ্তন বৰ্ণনা কৰা হয় । ঈশ্বৰৰ এনে গুণানুকাৰ্তন পঠনৰ দ্বাৰা মানুহৰ মন আৰু অন্তৰ পৰিষ্কাৰ হোৱাটো স্বাভাৱিক ।
প্ৰাৰ্থনা এজন মানুহৰ ত্যাগৰ লগত সম্পৰ্কিত । এগৰাকী ভক্তই অদৃশ্য়জনাক স্মৰণ কৰোঁতে সকলো ত্য়াগ কৰিব লগা হয় । বহুতো ভক্তই ঈশ্বৰক প্ৰাৰ্থনা কৰা সময়ছোৱাত ব্ৰত-বিধানে থকা দেখা যায় । মনৰ অসত্ ত্যাগ কৰি একান্তমনে অদৃশ্য়জনাক আৰাধনা কৰে ।
বিভিন্ন পণ্ডিতসকলে মত আগবঢ়াইছে যে প্ৰাপ্থনাই কেতিয়াবা যাদু ৰূপ গ্ৰহণ কৰে । আচলতে কাৰোবাৰ ওপৰত প্ৰভাৱ দেখুৱাই উদ্দেশ্য় প্ৰণোদিতভাৱে কোনো ব্যক্তিয়ে যি প্ৰাৰ্ধনা বা ধ্যান কৰে, সেই প্ৰাৰ্থনা বা ধ্য়ান যাদুলৈ ৰূপান্তৰিত হয় । এনে প্ৰাৰ্থনাৰ জৰিয়তে কোনো ঐশ্বৰিক শক্তিৰ পৰা জোৰজৱৰদস্তি কিবা এটা বিচৰা হয় । উদাহৰণস্বৰূপে এজন যাদুকৰে তেওঁৰ যাদুৰ কাম আৰম্ভ কৰোতে প্ৰাৰ্থনাৰ জৰিয়তে কোনো শক্তিৰ পৰা কিবা বিচাৰে । গতিকে কোনো লোকে নিজৰ ইচ্ছা বা উদ্দেশ্য় পূৰণৰ বাবে কোনো অদৃশ্য় সত্তাৰ প্ৰতি বিভিন্ন দাবী সমৃদ্ধ প্ৰাৰ্থনা প্ৰকৃততে যাদুহে; ই বগৱান বা ঈশ্বৰৰ প্ৰতি কোনো নিঃস্বাৰ্থ স্তুতি-মিনতি নহয় । সাধাৰণতে যাদুৰ লগত সম্পৰ্কিত স্তুতি-মিনতি বা প্ৰাৰ্থনা কোনো এক ঐশ্বৰিক সত্তাৰ ওচৰত কৰা এক ভীতি প্ৰদৰ্শন । কোনো এক সত্তা নাইবা কোনো প্ৰেতাত্মাক ধ্যান কৰি এজন যাদুকৰে তেওঁৰ ওচৰলৈ মাতে আৰু এনে কাৰ্মৰ লগত কেতবোৰ উদ্দেশ্য় নিহিত থাকে । গতিকে এনে ধৰণৰ প্ৰাৰ্থনাক যাদুসম্বন্ধীয় প্ৰাৰ্থনাহে বোলা হয় ।
সমগ্ৰ বিশ্বতে প্ৰাৰ্থনাৰ ্বৰূপ আৰু কৌশলসমূহ সুকীয়া স্কীয়া । সাধাৰণতে বিভিন্ন ধৰ্মালম্বী মানুহৰ মাজত গ্ৰাৰ্থনাৰ স্বৰূপ তথা কৌশলসমূহ বেলেগ বেলেগ । অৱশ্য়ে বাহ্য়িক দিশৰ পৰা প্ৰাৰ্থনাৰ কৌশল বেলেগ বেলেগ হ’লেও ইয়াৰ প্ৰধান উদ্দেশ্য় কেইটাৰ । এজন হিৱ্দুৰ লগত এগৰাকী ইছলাম বা খ্ৰীষ্টানৰ প্ৰাৰ্থনাৰ কৌশল বেলেগ হ’লেও ইয়াৰ মুখ্য় উদ্দেশ্য় একেঠাই হোৱাটো স্বাভাৱিক । প্ৰাৰ্থনাৰ লগত কেতবোৰ আচাৰ আৰু ক্ৰিয়া কৰ্মও সংপৃক্ত হৈ থাকে । প্ৰাৰ্থনাৰ মুহূৰ্তত এজন ঝৰ্মানুৰাগীয়ে কেতবোৰ আচাৰ পালন কৰিবলগীয়া হয় আৰু এনে আচাৰ পালনৰ দ্বাৰাহে প্ৰাৰ্থনা কাৰ্য সম্পূৰ্ণ হৈ উঠে । পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতেই প্ৰাৰ্থনাৰ বেলিকা এনেধৰৰ আচাৰসমূহ পালন কৰাটো অত্যন্ত জৰুৰী কথা । আমাৰ ভাৰতবৰ্ষৰ হিন্দু ধৰ্মৰ লোকসকলেও ব্যক্তিগতভাৱেই হওক বা সামূহিকভাৱেই হওক আনেক প্ৰাৰ্থনা কাৰ্যত ব্ৰতী হয় । এনে কৰিবলৈ যাওতে কেতবোৰ ৰীতি-নীতি পালন কৰিবলগীয়া হয় । এনে ৰীতি-নীতিৰ অবিহনে প্ৰাৰ্থনা কাৰ্যই পৰিপূৰ্ণতা লাভ কৰিব নোৱাৰে ।
মুঠৰ ওপৰত যিকোনো ধৰ্মৰ লগতে প্ৰাৰ্থনা ঘনিষ্ঠভাৱে জড়িত হৈ থাকে । প্ৰাৰ্থনাৰ যোগেদিও কোনো এটা ধৰ্মৰ নিজা বৈশিষ্ট্য় প্ৰকাশ পায় । সেয়েহে বিভিন্ন ধৰ্ম সম্বন্ধে আসোচনা কৰা বেলিকা এই ধৰ্মসমূহৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ থকা প্ৰাৰ্থনাৰ স্বৰূপ তথা কৌশলসমূহক উলাই কৰিব নোৱাৰি । বিভিন্ন পণ্ডতি সকলেও ধৰ্মৰ আলোচনাৰ প্ৰসংগত সমান্তৰালভাৱে প্ৰাৰ্থনা সম্বন্ধীয় অধ্য়য়নত গুৰুত্ব প্ৰদান কৰিছে । তেওঁলোকৰ মতে প্ৰাৰ্থনা সম্বন্ধীয় অধ্য়য়নৰ এক সমাজতনত্নীয় তাত্পৰ্য আছে । সেয়েহে দেখ যায় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পণ্ডিত তথা সমাজতত্ত্ববিদসকলে প্ৰাৰ্থনা সম্বন্ধে বিভিন্ন বিশ্লেষণ আগবঢ়োইছে । প্ৰাৰ্থনা সম্বন্ধে এনে বিশ্লেষণ আগবঢ়োৱা পণ্ডিতসকলৰ ভিতৰত মাৰ্ছেল মাউছৰ নামো অন্য়তম । মাৰ্ছেল মাউছে প্ৰাৰ্থনাৰ বিভিন্ন দিশ সামৰি এক বহল বিশ্লেষণ আগবঢ়াইছে ।
প্ৰশ্নাঃ 4. প্ৰাৰ্থনাক সামাজিক ঘটনা হিচাপে আলোচনা কৰা ।
Discuss Prayer as Social Phenomena.
উত্তৰঃ মাৰ্ছেল মাউছে উল্লেক কৰিছে যে তাত্ত্বিকসকলৰ মতে প্ৰাৰ্থনা এক ব্য়ক্তিগত ঘটনা । এে প্ৰাৰ্থনাৰ অনুভূতি অন্তৰৰ নিবৃত কোণৰ পৰা উদ্ভৱ হয় । এজন ঈশ্বৰানুৰাগী তথা ধৰ্মানুৰাগীৰ মন আৰু অন্তৰৰ পৰা এনে অনুভূতি সৃষ্টি হয় । ই এক আধ্য়াত্মিক কাৰ্য । তাত্বিকসকলৰ মতে ই বাহ্য়িকভাৱে প্ৰকাশ্য় এক কাৰ্য আৰু এই কাৰ্য কেতিয়াবা কৃত্ৰিমভাৱেও পৰিগণিত হয় । এনে প্ৰাৰ্থনা কাৰ্য সম্পন্ন কৰিবৰ বাবে কোনো ধৰ্মৰগুৰু বা ধৰ্মযাজক অথবা কোনো কবি নাইবা ধৰ্মপ্ৰচাৰকে কেতবোৰ ধ্বনি বা অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি কৰে । এনে অৰ্থপূৰ্ণ শব্দ ুচ্চাৰণৰ দ্বাৰা প্ৰাৰ্থনাকাৰ্য সম্পন্ন কৰা হয় . মাউছৰ মতে প্ৰাৰ্থনাৰ ক্ষেত্ৰত এনে অৰ্থপূৰ্ণ শব্দ বা ভাষা প্ৰয়োগ কৰা হয় যদিও এইবোৰ আয়ত্তাধীন । তেওঁৰ মতে এইবোৰ আত্মানুসন্ধানৰ যোগেদিহে বুজাটো সম্ভৱ ।
মাউছৰ মতে প্ৰাৰ্থনা যে এক ব্য়ক্তিগত ঘটনা তাত কোনো সন্দেহ নাই । সেইবাবে প্ৰাৰ্থনাকাৰী এজনে মুক্ত আৰু ৰুচিসন্মতভাৱে প্ৰাৰ্থনাকাৰ্য সম্পন্ন কৰিব পাৰে । প্ৰাৰ্থনাৰ বেলিকা প্ৰাৰ্থনাকাৰীজনে উপযুক্ত আৰু পবিত্ৰ শব্দ বা ভাষা প্ৰয়োগ কৰিব পাৰে । মাউছৰ মতে সাধাৰণতে প্ৰাৰ্থনাত ব্য়ৱহূত যিবোৰ ভাষা বা শব্দ সেইবোৰ সামাজিক পৰম্পৰাৰ দ্বাৰা অনুমোদিত । এনে ভাষা বা শব্দ উচ্চাৰণত শালিনতা প্ৰদৰ্শন হয় । হিন্দু, খ্ৰীষ্টান, বৌদ্ধ আদি সকলোবোৰ ধৰ্মতে প্ৰাৰ্থনাৰ ক্ষেত্ৰত এনে পবিত্ৰ শব্দ বা ভাষা ব্য়ৱহূত হোৱা দেথা যায় ।
মাউছে তেওঁৰ আলোচনাত এটা গুৰুত্বপূৰ্ণ কথা উল্লেক কৰিছে যে প্ৰাৰ্থনা এক ব্যক্তিগত ঘটনা হ’লেও ইয়াৰ প্ৰকৃতি সামাজিক । কেতবোৰ সামাজিক ৰীতি-নীতি বা ধৰ্মীয় ৰীতি-নীতি পালনৰ অবিহনে কোনো প্ৰাৰ্থনা প্ৰকৃতাৰ্থত সম্পন্ন হ’ব নোৱাৰে । ইয়াৰ উপৰি তেওঁ উল্লেখ কৰিছে যে পৃথিৱীৰ বহুবোৰ বৃহত্ ধৰ্ম তথা ধৰ্মীয়সমূহে তেওঁলোকৰ ধৰ্মগ্ৰন্থসমহক প্ৰাৰ্থনা পুথি হিচাপে গণেয় কৰে । কিয়নো একো একোখন ধৰ্মগ্ৰন্থ হৈছে কেতবোৰ পবিত্ৰ শব্দ আৰু ভাষাৰ সমষ্টি, যিবোৰ প্ৰয়োগৰ দ্বাৰা কোনো পবিত্ৰ বস্তু বা পবিত্ৰ ভগৱানৰ লগত সংযোগ স্থাপনৰ উপায় উদ্ভাৱনৰ পথ প্ৰশস্ত হয় বুলি বিশ্বাস কৰা হয় ।
নিজা নিজা দৰ্মৰ দৰ্মগ্ৰস্থৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা প্ৰাপ্থনাৰ কৌশল সেই ধৰ্মৰ সকলোৰেই বাবে একেধৰণৰ হয় । উদাহৰণস্বৰূপে কিছুমান ধৰ্মত প্ৰাৰ্থনা বেলিকা ধৰ্মপুথিত থকা শব্দবোৰ কেৱল কথাৰে পঢ়া হয় । কিন্তু আন কিছুমান ধৰ্মত বা আন কিছুমান ধৰ্মসমূহে ধৰ্মপুথি লিপিবদ্ধ শব্দবোৰ সুৰ বা গীতৰ ৰূপত আওৰায় ধৰ্মপুথিসমূহত লিপিবদ্ধ এনে শব্দবোৰ এজন ধৰ্মানুৰাগীয়ে বা এজন প্ৰাৰেথনাকাৰীয়ে যেনেদৰেই নপঢ়ক লাগে, এইবোৰ কিন্তু বিশেষ অৰ্থপূৰ্ণ আৰু শৃংখলাৱদ্ধভাৱে সজোৱা ধৰ্মীয় অৰ্থযুক্ত কেতবোৰ শব্দ । ইয়াৰ প্ৰতিটো শব্দৰ অৰ্থক একো একোটা ধৰ্মীয় সম্প্ৰদায়ে মূল্য় দিয়ে ।
মাৰ্ছেল মাউছে ভাৰতীয় সমাজৰ প্ৰসংগতো প্ৰাৰ্থনা সম্বন্ধে আলোচনা কৰিছে । তেওঁৰ মতে প্ৰাৰ্থনা এক সামাজিক ঘটনা আৰু ই এক সামাজিক ঘটনা হিচাপে কেতবোৰ পুৰোহিতৰ কৰ্তৃত্বৰে পৰিচালিত হয় । এই প্ৰসংগত তেওঁ ভাৰতবৰ্ষৰ ব্ৰাহ্মণসকলৰ কথা উল্লেখ কৰিছে । তেওঁৰ মতে ভাৰতীয় সমাজত এনে প্ৰাৰ্থনা কাৰ্যৰ বাবে সকলোকে অনুমতি প্ৰদান কৰা নহয় । কেতবোৰ লোকক এই ক্ষেত্ৰত বাধা প্ৰদান কৰা হয় । মাউছৰ মতে যিজন জন্মগতভাৱে ব্ৰাহ্মণ নহয়, সেইজনৰ এনে প্ৰাৰ্থনাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হয় । ব্ৰাহ্মণ হৈছে এক পবিত্ৰ শব্দ আৰু পবিত্ৰ শব্দৰ লগত কেতবোৰ পবিত্ৰ কৰ্ম জড়িত হৈ আছে আৰু সেয়েহে পবিত্ৰ কৰ্মত কেৱল ব্ৰাহ্মণসকলেহে ভাগ ল’ব পাৰে । অৱশ্য়ে ব্ৰাহ্মণসকল কৰ্তৃত্বৰে চলি থকা এনে প্ৰাৰ্থনা লাহে লাহে নাইকিয়া হ’বলৈ ধৰে । সেয়েহে প্ৰাৰ্থনা সম্বন্ধীয় আচাৰ-অনুষ্ঠান বা ক্ৰিয়া বিঘিবোৰ সামূহিকভাৱে পালন কৰাৰ পৰা ব্যক্তিগতভাৱে পালন কৰা ৰীতিলৈ পৰ্যবসতি হ’ল । ইয়াৰ উপৰি কেৱল ব্ৰাহ্মণ সকলেহে প্ৰাৰ্থনা কৰিব পৰা পূৰ্বৰ কৰ্তৃত্বৰ সলনি হ’ল আৰু আন আন কোলেও বা আন আন জাতিয়ে প্ৰাৰ্থনা কৰিব পৰা হ’ল বা এনে প্ৰাৰ্থনা অনুষ্ঠানত অংশ ল’ব পৰা হ’ল । অৱশ্য়ে আন কোনো জাতিয়ে প্ৰাৰ্থনা অনুষ্ঠানত অংশ ল’লেও তেওঁৰ অংশ গ্ৰহণ পুৰোহিতজনৰ নিমন্ত্ৰণৰ ওপৰতহে নিৰ্ভৰ কৰিব অৰ্থাত্ ব্ৰাহ্মণ বা পুৰোহিতজনে যদি আন জাতিৰ কোনো এজন লোকক প্ৰাৰ্থনাত অংশ ল’বৰ বাবে নিমন্ত্ৰণ জনায় তেতিয়া তেওঁ অংশ ল’ব পাৰে । সেই সময়ত ব্ৰাহ্মণ বা পুৰোহিতজনে তেওঁৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নিৰ্দেশনা চৰ্ত-হিচাপে প্ৰদান কৰে । এনে নিৰ্দেশনা মানি চলি ব্ৰাহ্মণে গোৱা মন্ত্ৰ বা ব্ৰাহ্মণে গোৱা প্ৰাৰ্থনা তেওঁ সমানেই গাই যাব লাগে । অৱশ্য়ে এই বিশেষাধিকাৰ লাভ কৰে কেৱল ক্ষত্ৰিয়, অভিজাত আৰু মুক্ত নাগৰিকসকলেহে, যিসকলে লগুণ পৰিধান কৰে । এই ‘দ্বিজ’সকলে এনে বিশেষাধিকাৰ লাভ কৰে কেতবোৰ মধ্য়স্থতাকাৰীৰ যোগেদি । নিম্ন জাতিবোৰ এনে প্ৰাৰ্থনাৰ পৰা বঞ্চিত হয় । মাউছে উল্লেখ কৰিছে যে নিম্ন জাতিবোৰ এনে ভগৱানেও কোপদৃষ্টিৰে চায় আৰু তেওঁলোকৰ প্ৰাৰ্থনা বা স্তুতি-মিনতিৰ প্ৰতিও গুৰুত্ব নিদিয়ে ।
মাউছৰ মতে ইহুদীসকলৰ মাজত ব্য়ক্তিগত প্ৰাৰ্থনাৰ ক্ষেত্ৰত কোনো বাধা নাই । অৱশ্য়ে তেওঁলোকৰ মাজত কেতবোৰ সাম্প্ৰদায়িক প্ৰকৃতিৰ প্ৰাৰ্থনা দেখা যায় । উদাহৰণস্বৰূপে জেৰুজলেমত তাৰ্থযাত্ৰীসকল দুখীয়া দৰিদ্ৰসকল আৰু নৈতিক গুণসম্পন্ন লোকসকলে সমবেত হৈ গোৱা প্ৰাৰ্থনাই হৈছে তেওঁলোকৰ সাম্প্ৰদায়িক প্ৰাৰ্থনাৰ নিদৰ্শন ।
মাউছৰ মাতে প্ৰাৰম্ভিক অৱস্থাত প্ৰাৰ্থনা সাম্প্ৰদায়িক প্ৰকৃতিৰ অৱশ্য়ে ব্য়ক্তিগতভাৱে কৰা প্ৰাৰ্থনাকো বিধিগতভাৱে বাধা প্ৰদান কৰাৰ কোনো তথ্য় নাছিল । প্ৰাৰম্ভিক অৱস্থাত আদিম ৰীতি-নীতি বা আচাৰ-অনুষ্ঠানসমূহো সঠিক নীতিৰে বিধিৱদ্ধ কৰা নাছিল আৰু সেইবাবে কোনোৱে এইক্ষেত্ৰত বাধাৰ সন্মুখীনহোৱা নাছিল । এনে ধৰণৰ বাধানিষেধ নতকাৰ বাবে ভবা হৈছিল যে সেই সময়ত কোনো ব্য়ক্তিগত প্ৰাৰ্থনা বৰ্তি থকা নাছিল ।
মাৰ্ছেল মাউছে তেওঁৰ আলোচনাত প্ৰাৰ্থনাক এক সমূহীয়া ক্ৰিয়া হিচাপে অভিহিত কৰিছে । এনে প্ৰাৰ্থনাত এটা ডাঙৰ সমূহ সামাজিকভাৱে আৰু অতি ঘনিষ্ঠভাৱে সম্পৰ্কিত হয়। এনেদৰে সমূহীয়াভাৱে প্ৰাৰ্থনাত অংশ লোৱাটো মাউছে এক বৈধ আৰু নৈতিক সূত্ৰ বুলি অভিহিত কৰিছে । এনেধৰণৰ প্ৰাৰ্থনাৰ দ্বাৰা সমবেতসকলৰ মাজত ইজনে সিজনক সহায়-সহযোগিতা কৰা মানসিকতা গঢ়ি উঠাৰ উপৰি সকলোৰে মাজত এক গাম্ভীৰ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে ।
মাউছে উল্লেখ কৰিছে যে প্ৰাৰ্থনাক এক সামাজিক ঘটনা হিচাপে অভিহিত কৰা হয় যদিও ইয়াক ব্য়ক্তিগত ঘটনা নহয় বুলি কোৱাটোও শুদ্ধ কথা নহয় । অৰ্থাত্ তেওঁৰ মতে প্ৰাৰ্থনা এক সামাজিক ঘটনা, কিন্তু ই ব্য়ক্তিগত ঘটনা নহয়-ন্ঠ এইটো এটা ভুল ধাৰণা । কিয়নো ব্য়ক্তিৰ অবিহনে সমাজ, ধৰ্ম আৰু প্ৰাৰ্থনা বৰ্তি থাবিক নোৱাৰে । ব্য়ক্তিও আনকি এই তিনিওটাৰ মাজতে বৰ্তি থাকে । কিন্তু এই কথা মানি ল’বই লাগিব যে যেতিয়া এজন ব্যক্তিৰ মনত সমাজ আৰু ধৰ্মৰ ধাৰণা সৃষ্টি হয়, তেতিয়া প্ৰাৰ্থনাক ব্যক্তিগত ঘটনাৰ বাহিৰৰ এক সামাজিক সত্য়তা হিচাপে বিবেচনা কৰা হয় । মাউছৰ মতে ব্য়ক্তিগত প্ৰাৰ্থনাৰ নেপথ্য়ত সামূহিক প্ৰাৰ্থনা জড়িত হৈ থাকে । সামূহিক প্ৰাৰ্থনা ব্য়ক্তিগত প্ৰাৰ্থনা ব্য়ক্তিগত প্ৰাৰ্থনা এক মৌলিক ভিত্তি হৈ পৰে ।
প্ৰশ্নঃ 5. অন্ধবিশ্বাসী প্ৰথা হিচাপে ডাইনী হত্য়া প্ৰথাৰ বিশেলষণ কৰা ?
অথবা
ধৰ্মীয় বিদ্যা বা কলা হিচাপে ডাইনী প্ৰথাৰ ব্যাখ্যা আগবঢ়োৱা?
উত্তৰঃ ডাইনী আমাৰ সমাজত এক শংকা তথা ঘৃণা ভৰা শব্দ যাৰ অৰ্থ যাদুকৰী বা মায়াৰী শক্তিৰ অধিৰাকী কোনো এক ব্যক্তি । ডাইনী হত্য়া, অজস্ৰ প্ৰচলিত অন্ধবিশ্বাসৰ মাজত এক ভয়ংকৰঅন্ধবিশ্বাস যি ব্য়ক্তি এজনৰ জীয়াই থকাৰ অধিকাৰ কোনো কাৰণ নোৱোহাকৈ খৰ্ব কৰে । পশ্চিমীয়া দেশত ১৭ শতিকাৰে পৰা ডাইনী হত্যাৰ প্ৰচলন প্ৰায় বন্ধ হোৱাৰ বিপৰীতে আমাৰ দেশত ই এতিয়াও এক সামাজিক ব্য়াধি হৈ আছে । আচৰিত হ’লেও সত্য় যে মধ্য় যুগত শাসন-শোষন চলাই নিবলৈ ইউৰোপৰ শাসকৰজা পৰিয়ালৰ প্ৰত্য়ক্ষ পৰোচনাত ডাইনীৰ বিচাৰ আৰু হত্য়া চলিছিল । প্ৰায় প্ৰতিজন ঝাৰ্মীক ব্য়ক্তিৰে মনত মায়াবী বা যাদুৰকী শক্তিৰ উত্স হিচাপে চয়তান (বাক, যখিনী ইত্য়াদি) ক বিশ্বাস কৰে, কাৰণ ধাৰ্মিক লোকৰ মতে দেৱ-দেৱীযঈশ্বৰ ব্য়ক্তিৰেকে কেৱল চয়তানৰহে এনে অলৌকিক, অপাৰ্থিৱ শক্তি আছে । আৰু এই বিশ্বাসে ডাইনী তন্ত্ৰক ধৰ্মৰ বিপৰীতে বিধৰ্ম বুলি বিশ্বাস কৰিবলৈ লৈছিল । ডাইনী এজনে নিজৰ যাদুৰকী মায়াবী শক্তিৰে মানুহৰ বেমাৰ সৃষ্টি কৰা, পথাৰৰ শস্য় ধ্বংস কৰা, পোহনীয়া জীৱ-জন্তু হত্য়া কৰা বুলি বহু ধৰ্ম বিশ্বাসী মানুহে অন্ধভাৱে বিশ্বাস কৰে ।
প্ৰতিবছৰে বিশ্বত অসংখ্য মানুহক ডাইনী আখ্যা দি হত্য়া কৰা হয় । ভাৰতবৰ্ষতো জাইনী হত্য়াৰ নামত অজস্ৰ মানুহক শাৰীৰিক নিৰ্যাতন তথা হত্য়া কৰা হয় আৰু এনে অপৰাধৰ অধিকাংশ নথিভুক্ত নহয় । অসমতে যোৱা পাঁচ বছৰত ৪০০ টা মান ডাইনীৰ নামত নিৰ্যাতন বা হত্য়াৰ গোচৰ নথিভুক্ত হৈছে । ডাইনী হত্য়া ইমানেই ভয়ংকৰ ব্য়াধি যে অসমকে ধৰি উড়িষ্য়া, ঝৰখণ্ড, বিহাৰ, ছত্তিশগড়ত ডাইনী হত্য়াযনিৰ্যাতন ৰোধ কৰিবলৈ চৰকাৰ আইন প্ৰণয়ন কৰিব বাধ্য় হৈছে । পিছে কেৱল আইন প্ৰণয়ন কৰি এই সামাজিক ব্য়াধি নিৰাময় কৰিব নোৱাৰি ।
ডাইনী তন্ত্ৰত বিশ্বাস আৰু ডাইনী হত্য়াৰ সামাজিক কাৰক আৰু ইয়াক নিৰাময়ৰ পথ বিচাৰি বিশ্বজোৰা বিশাল পৰিসৰত অধ্য়য়ন কৰা হৈছে । ডাইনী হত্য়াৰ ইতিহাস আৰু সংশ্লিষ্ট তথ্য়পাতি বিশেষণৰ দ্বাৰা বিশ্বজোৰা ডাইনী তন্ত্ৰৰ কাৰণ ৰবপে কেইটামান প্ৰধান কাৰক চিহ্নিত কৰিছে । ইয়াৰে কিছুমান কাৰক আজিৰ দিনত বিশ্বাস কৰিবলৈ টান হ’লেও মধ্য়যুগত শিক্ষা আৰু স্বাস্থ্য় সেৱাৰ অভাৱত তেনে কাৰকেই বৃহত্ ৰূপে প্ৰভাৱিত কৰিছিল ।
ডাইনীৰ উদ্ভাৱন তথা বিভিন্ন তথ্যঃ
কেতিয়াবা এটা অঞ্চলৰ লোকৰ মাজত কিছুমান অচিন বেমাৰৰ প্ৰাদুৰ্ভাৱ, হৰ্ঠাত্ একেলগে কেইবাজনো খেতিয়ক বা কাৰ্খানাৰ কৰ্মী বা একে কৰ্মৰ নিয়োজিত মানুহ অজান কাৰণত, কৰ্ম সংক্ৰান্তীয় মানসিক চাপৰ ফালত অসুস্থ হৈ পৰে, চিকাৰলৈ গৈ অজ্ঞাত কাৰণত আতমকিত হোৱা, মনোবৈজ্ঞানিক অসুস্থতা ইত্যাদি ধৰণৰ অচিন অসুস্থতা আৰু কেতিয়াবা মবামাৰীৰ ৰূপ লোৱা জ্ঞাত বেমাৰ যেনে প্গে, হাইজা ইত্য়াদিৰ কাৰণ হিচাপে কোনোবা অধৰ্মী যাদুকৰী মায়াবী শক্তিৰ অধিৰাকী ব্যক্তিক ডাইনী বুলি চিহ্নিত কৰা হয় ।
কোনো এঠা ভৌগলিক অঢ্চলত আগৰে পৰা স্বচ্ছন্দে বাস কৰা কোনো এক জনগোষ্টী হঠাতে আন এক জনগোষ্ঠীৰ লগত জীৱিকাৰ প্ৰতিযোগিতাত নামিব লগা হ’লে বা আৰ্থিক বা খাদ্য় সামগ্ৰীৰ অভাৱত পৰিলে, স্বচ্ছন্দ জীৱন-যাপন বাধাগ্ৰস্ত হৈ মূল কাৰকবোৰ বিচাৰি উলিয়াই নোৱাৰি সেইবোৰ কোনোবা যাদুকৰী শক্তিৰ দ্বাৰা কোনোবা বিধৰ্মী লোকে কৰা বুলি আৰু কোনো এক বা একাধিক ব্যক্তি ডাইনী বুলি চিহ্নিত কৰা হ’ব পাৰে । কেতিয়াবা কিছুমান প্ৰতিপত্তিশীল লোকে কোনোবা দুৰ্বল নিৰীহ মানুহৰ, বিশেষকৈ বিধৱা তিৰোতা বা অকলশৰীয়া পুৰুষৰ সম্পত্তিৰ দখল বা বাজেয়াপ্ত কৰাৰ লোভত চক্ৰান্ত কৰি তেনে মানুহক ডাইনী আখ্যা দি নিৰ্যাতন কৰি অঞ্চলৰ পৰা খেদি পঠায় বা হত্য়া কৰে । এনদৰে কোনো এক ভৌগলিক অঞ্চলত হোৱা দুৰ্ভিক্ষ, যুদ্ধ-বিগ্ৰহ, প্ৰলয়ংকৰ ধুমুহা, বান ইত্য়াদিৰ কাৰণেও দোষ জাপি দিবলৈ, অৰ্থাত্ বলিৰ পঠা সজাবলৈ, কাৰোবাক অপশক্তিৰ অধিকাৰী ডাইনী আখ্যা দিয়া হ’ব পাৰে ।
দৰ্মীয় সমাজ এখনত আৰু নিজৰ প্ৰতিপত্তি অটুট ৰাখিবলৈ সমাজৰ বৰমূৰীয়াসকলে বা ধৰ্মৰ ওপৰত জীৱিকা নিৰ্ভৰ লোকে কোনো কাৰণত সমাজত ধৰ্মৰ পথৰ বিপৰীতে যোৱা মানুহ বৰ্তি থকা কামনা নকৰে । কোনোবা ব্যক্তি যদি ধৰ্মৰ বিৰোধ কৰিব লয় বা মুক্তিৰে ধৰ্মক, ধৰ্মৰ কথাবোৰক যুক্তিৰে বিশেষণ কৰিব ধৰে, তেতিয়া ধৰ্মৰ ওপৰত জীৱিকা নিৰ্ভৰ ব্যক্তি, যেনে যাজক, পুৰোহিত ইত্যাদি শংকিত হৈ পৰে । তেতিয়া ধৰ্মৰ বিৰোধ কৰা বা ধৰ্মৰ কথাবোৰ বিশেষণ কৰা ব্য়ক্তিজনক ভয় খুৱাবলৈ বা সমাজৰ পৰা আঁতৰ কৰিবলৈ চক্ৰান্ত কৰা হয়, ব্য়ক্তিজনক চয়তান বা পৈশাচিক অধিকাৰী বুলি প্ৰচাৰ চলোৱা হয় । ডাইনী বুলি কৈ নিৰ্যাতিত কৰা হয় বা হত্য়া কৰা হয় । আন ধৰ্মত বিশ্বাসী বা একে ধৰ্মৰে বিন্ন মতবাদত বিশ্বাসী লোককো কেতিয়াবা একেদৰে চয়তান বা পৈশাচিক ধৰ্মৰ বুলি অপবাদ দি নিৰ্যাতন বা হত্য়া কৰা হয় । এই ধৰ্মৰ অধিকাৰীসকলেও নিজে জানে যে তেওঁলোকে ধৰ্মৰ নামত নিজক ৰক্ষা কৰিবলৈহে এইদৰে চক্ৰান্ত কৰি ডাইনী সজাই কিছুমান নিৰীহ মানুহক নিৰ্যাতন আৰু হত্য়া কৰিছে, কিন্তু এই কথা সাধাৰণ জনতাক কেতিয়াও বুজিব নিদিব । আৰু এই কথাবোৰ গোপনে ৰাখিবলৈকে কেতিয়াবা অধিক লোকক চক্ৰান্ত কৰি ডাইনী সজাই নিৰ্যাতন বা হত্য়া কৰিব লগা হয় । এনেদৰেই ৰজা বা শাসক শ্ৰেণীয়ে নিজৰ শোষণ-শাসন বৰ্তাই ৰাখিবলৈও শাসক গোষ্টীয়েও একেদৰে শত্ৰু জ্ঞান কৰা লোকক সমাজৰ পৰা আঁতৰাই পঠাবলৈ বিভিন্ন চক্ৰান্ত কৰিছিল, ডাইনী বুলি মিছা অপবাদ দি হত্য়াও কৰিছিল । অয়ে জনসাধাৰণৰ মনত শাষক গোষ্ঠীৰ প্ৰতি অনুগত হৈৈ থাকিবলৈ বাধ্য় কৰিছিল । একেদৰে শাসন যন্ত্ৰক চলাবলৈ, সাংস্কৃতিক বা পৰম্পৰাগত প্ৰথা তথা ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আনুগত্য় বৰ্তাই ৰাখিবলৈ জনতাৰ মনত ডাইনীৰ ভয় সুমুৱাই দিছিল আৰু এইবোৰত শাসনকৰ্তাৰ সন্মতি আছিল ।
কিছুমান নাৰীবাদী লেখকৰ মতে মহিলাক বঞ্চিত ৰাখিবলৈও ডাইনী প্ৰথাৰ প্ৰচলন কৰি ৰখা হৈছিল । তেওঁলোকৰ মতে কোনো মহিলাই পুৰুষতান্ত্ৰিক সমাজৰ নাৰীৰ প্ৰতি থকা দমন-নিপীড়নৰ বিৰোধ কৰা বা তেনে মনোভাৱ প্ৰকাশ কৰা সমাজৰ বৰমূৰীয়োসকলে সহ্য় নকৰি সেই দম্ব অটুট ৰখাৰ চক্ৰান্ত কৰিছিল।
এসময়ত ভয়ংকৰ ৰূপ লোৱা ডাইনী হত্য়া-হিংসাৰ পৰা ইউৰোপীয় সমাজত বৰ্তমানে সেই ব্য়াধিৰ পৰা মুক্ত হ’লেও উন্নয়নশীল বা অনিন্নত দেশবোৰ এতিয়াও ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাসৰ, কুসংস্কাৰৰ পৰা মুক্ত হ’ব পৰা নাই । আৰতৰ বিভিন্ন ৰাজ্য়ৰ লগতে অসমতো এতিয়াও ডাইনীৰ নামত হত্য়া-হিংসা তথা নিৰ্যাতনৰ ঘটনা প্ৰায়ে ঘটি থাকে ।
অসমৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ লগত অতীতৰ পৰাই ডাইনী তন্ত্ৰৰ সম্বন্ধ আছে । সভ্য়তাৰ বিকাশৰ সময়ৰ পৰাই সকলো প্ৰকাৰৰ ৰোগ, মানসিক ব্য়াধি বা অন্য় দুৰ্যোগ যেনে অনাবৃষ্টি, ধুমুহা, বান ইত্য়াদিৰ কাৰক হিচাপে যাদু, ক’লা যাদু, মায়াবী শক্তিৰ পীঠস্থান হিচাপে পৰিচিত য’ত মায়া বা ব্য়াধি গ্ৰহণৰ পূজা-পাতল চলিছিল বুলি জনবিশ্বাস প্ৰচলিত আছিল । এই মায়া বা ব্যাধিৰ পূজাৰীসকল ক’লা যাদু বা মায়াবী শক্তিৰ অধিকাৰী বুলিও বহুতে বিশ্বাস কৰিছিল । লোক- সংস্কৃতিতো জ্য়োতিষ চৰ্চাৰ লগতো ডাইনী তন্ত্ৰৰ সম্বন্ধ থকা বুলি পোৱা যায় । পৰম্পৰাগত ঔষধেৰে চিকিত্সা কৰা বেজ বা ওজাও এনে ক’লা যাদুত পাৰ্গত বুলি জনবিশ্বাস আছে । সময়ে সময়ে পৃথিৱীত অলৌকিক শক্তিৰ চৰিত্ৰ আবিৰ্ভাৱ হোৱা, অলৌকিক ঘটনা ঘটা, ভৌতিক ঘটনা ঘটা, কলা যাদুৰে অকল্পনীয় কাৰ্য কৰা বুলি বিভিন্ন লোকে দাবী কৰিলেও এইসমূহ বিশ্বাসৰ সমৰ্থনত কোনো বিজ্ঞানসন্মত প্ৰমাণ বা ঐতিহাসিক প্ৰমাণ কোনেও দিব পৰা নাই ।
ডাইনী হত্য়া বা নিৰ্যাতনৰ ঘটনাৰ মুখ্য় কাৰকঃ
ওপৰত উল্লিখিত কাৰণোবৰে ডাইনী হত্য়াৰ প্ৰায়বোৰ ঘটনাৰ বিশেষণ কৰিব পাৰে যদিও অসমত সমঘটিত ডাইনী হত্যা বা নিৰ্যাতনৰ ঘটনাৰ মুখ্য় কাৰক হিচাপে চিহ্নিত হৈছে;
১) বহুল ভাৱে প্ৰচলিত অন্ধবিশ্বাস জড়িত প্ৰথাযপৰম্পৰা ।
২) উপযুক্ত শিক্ষাৰ অভাৱ।
৩) আধুনিক স্বাস্থ্য় সেৱাৰ অভাৱ।
৪) দৰিদ্ৰতা। আৰু
৫) চক্ৰান্ত।
অসমৰ বেছিভাগ ডাইনী কাণ্ডত কাৰোবাক ডাইনী বুলি চিহ্নিতকৰণত তৃতীয় পক্ষ জড়িত থাকে । এনে ঘটনাৰ অধিকাংশ সম্পত্তিৰ লোভ, হিংসা, বিবাহ বহিৰ্ভূত শাৰীৰিক সম্পৰ্ক, পৰিয়ালকেন্দ্ৰিক অৰিয়াঅৰি, ধৰ্মক জীৱিকা কৰা কিছুমান ব্যক্তিৰ জীৱিকাৰ প্ৰতিযোগিতা ইত্য়াদি কাৰণত সংঘটিত হৈ আছে . শি৭াৰ অভাৱেই এটা দ-লৈকে শিপাইথকা কাৰক যি অন্ধবিশ্বাসৰ সৃষ্টি আৰু বহন কৰে । অশিক্ষিত সমাজত এখন কুব সহজেই এই অন্ধবিশ্বাসৰ বলি হয়, ধৰ্মৰ নামত কু-সংস্কাৰ পালন কৰে, যি কোনো কাৰ্য কৰিবলৈ দ্বিধাবোধ নকৰে আৰু বিবেকৰহিত গৰ্হিত কাৰ্যও সম্পাদন কৰে । আধুনিক শিক্ষাৰ অভাৱত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা সমাজত এখনতো অন্ধবিশ্বাসৰ সহজে খোপনি পুতি বহে । এইঅজ্ঞানতা, অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি থকা সমাজত একনত কোনো অচিন বিপদ, ৰোগ-ব্য়াধি ডাইনীৰ দ্বাৰা সংগটিত বুলি ন্য়স্ত স্বাৰ্থ জড়িত মহলে বা কোনো তৃতীয় পক্ষই প্ৰচাৰ কৰিলে সহজেই সেয়া সাধাৰণ জনতাই বিশ্বাস কৰিব লয় । ডাইনী বুলি চিনাক্ত কৰা ব্য়ক্তিজনৰ ওপৰত নানা নিৰ্যাতন কৰিবলৈ বা জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিবলৈ এই কু-সংস্কাৰ যুক্ত অন্দবিশ্বাসী লোকসকলে ইতস্ততঃ নকৰে । একমাত্ৰ আধুনিক শিক্ষা তথা বিজ্ঞানমনস্ক চিন্তাৰ প্ৰসাৰেৰে হে সমাজৰ পৰা এই অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰা সম্ভৱ ।
স্বাধীনতাৰ ৭০ বছৰ পাছতো প্ৰন্তীয় বাজ্য়খনৰ গ্ৰামাঞ্চলত থতা মফস্বল চহৰত সুলভ হোৱা নাই আধুনিক স্বাস্থ্য সেৱা । প্ৰতিবচৰে মেলেৰীয়া, ডায়েৰিয়া, এনকেফেলাইটিচ, জণ্ডিছ, উচ্চ ৰক্তচাপ, টিবি, কেঞ্চাৰ ইত্যাদি ৰোগত কোনো চিকিত্স অবিহনে অজস্ৰ মানুহৰ মৃত্য়ু হয়। আধুনিক শিক্ষাৰ পৰা বঞ্চিত হোজা মানুহ সু-স্বাস্থায় ৰক্ষা কৰা স্বাস্থ্য়বিধি নজনা কাৰণে এনে ৰোগৰ কাৰণ সম্পৰ্কে সম্পূৰ্ণ অ৫াত ইয়াৰ ফলত এনে মানুহে কিছুমান অযুক্তিক চিকিত্সা পদ্ধতি গ্ৰহণ কৰে যি শেষত ডাইনী তন্ত্ৰ আৰু ডাইনী হত্য়ালৈ ঢাল খায় ।
চৰম বতৰ যেনে অনাবৃষ্টি ফলত খৰাং বা বানপানী হৈ, অচিন পোকৰ আক্ৰমণ বা শস্য়ৰ সংক্ৰামক ৰোগ হৈ বা পোহনীয়া জীৱ-জন্তুৰ কোনো অচিন ৰোগত মৃত্য়ু হৈ ুপাৰ্জনৰ পথ বন্ধ বা বাধাপ্ৰাপ্ত হোৱা এইবোৰৰ প্ৰকৃত কাৰণ সাধাৰণ হোজা আৰু অশিক্ষিত লোকে চিনাক্ত কৰিব নোৱাৰি ধৰ্ম-কৰ্মৰ আশ্ৰয় লয় । আনকি নৈৰ গৰাখহনীয়াৰ দৰে প্ৰাকৃতিক ঘটনাৰ দ্বাৰা আক্ৰান্ত হ’লেও দৰ্মৰ পথত নিবাৰণ বিচাৰে ধৰ্মপ্ৰাণ ৰাইজ । এনে পৰিস্থিতিত ন্য়স্ত স্বাৰ্থ জড়িত তৃতীয় পক্ষৰ উচটনিত খুব সহজে কাৰোবাক ডাইনী বুলি অপবাদ দি এনে সব অপায়-অমঙ্গলৰ কাৰণে দোষী সাব্য়স্ত কৰি নিৰ্যাতন বা হত্য়া কৰা দেখা যায় ।
আৰ্থিকভাৱে অনগ্ৰসৰ আৰু প্ৰধানতঃ কৃষি নিৰ্ভৰ অসমৰ দৰে ৰাজ্য় এখনত, য’ত সাধাৰণ ৰাইজৰ মাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, পৰম্পৰাৰ লগত সংযুক্ত হৈ আছে এশ-এবুৰি অন্ধবিশ্বাস আৰু কু-সংস্কাৰ, কেৱল আইন প্ৰণয়ন কৰিয়ে ডাইনী বিদ্য়াৰ দৰে এক গভীৰ অন্ধবিশ্বাস দূৰ কৰা সম্ভৱ নহয় । অন্ধবিশ্বাস, কু-সংস্কাৰ তথা ডাইনী হত্য়াৰ দৰে ব্য়াধি সমাজৰ পৰা দূৰ কৰিবলৈ হ’লে চৰকাৰে কিছুমান পদক্ষেপ লোৱাৰ প্ৰয়োজন ।
প্ৰধান পদক্ষেপ কেইটামান হ’লঃ
১) আধুনিক বিজ্ঞানসন্মত শিক্ষাৰ বহুল প্ৰসাৰ কৰা।
২) প্ৰতিজন নাগৰিকৰ কাৰণে আধুনিক চিকিত্সা উপলব্ধি নিশ্চিত কৰা।
৩) সকলো বতৰতে ব্য়ৱহাৰ কৰিব পৰা যাতায়াত ব্য়ৱস্থা কৰা।
৪) আন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰণালীৱদ্ধ প্ৰচাৰৰ ব্যৱস্থা কৰা।
৫) আধুনিক জলসিঞ্চন ব্যৱস্থা কৰা। আৰু
৬) আৰ্থিক উন্নয়নৰ কাৰণে ব্য়ৱস্থা গ্ৰহণ ।
উপৰোক্ত পদক্ষেপবোৰ আন্তৰিকতাৰে লোৱাৰ উপৰি অসম চৰকাৰে ‘Assam witch Hunting (Prohibition, Prevention and Protection) Act, 2015” আইখন কঠোৰ ভাৱে প্ৰয়োগ কৰিব লাগে । কিন্তু কেৱল চৰকাৰেই সকলো কৰিব বুলি আশা কৰি আধুনিক শিক্ষাৰ পোহৰ দেখা মানুহবোৰে হাত সাবটি বহি থাকিলে নহ’ব । সামাজিক অনুষ্ঠান, বেচৰকাৰী প্ৰতিষ্ঠান, ছপা আৰু ইলেক্ট্ৰনিক মাধ্য়ম, বিজ্ঞানী, সমাজবিজ্ঞানী তথা বুদ্ধিজীৱিয়ে সম্ভৱ সকলো উপায়ৰে ৰাইজক প্ৰচলিক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে অৱগত কৰিব লাগে, ,চেতন কৰিব লাগে আৰু অন্ধবিশ্বাস আৰু কু-সমস্কাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিব লাগে । শিক্ষানুষ্ঠানবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশুদ্ধ বিজ্ঞানমনস্ক চিন্তা অংকুৰিত কৰি ধৰ্মীয় অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিষয়ে শিক্ষিত কৰি তুলিব ৱাগে । ধৰ্মই যে পৰম্পৰাৰ নামত লালন-পালন কৰা নীতি-নিয়মৰ মাজেদি অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ জন্ম হয়, সেয়া সাধাৰণ জনতাি যিমানে সোনকালে বুজি উঠে, সিমানেই মংগল । চৰকাৰেও কৰ জাতাৰ ধনেৰে পতা সকলো ধৰণৰ বাজহুৱা অনুষ্ঠান তথা সভা-সমিতিক ধৰ্ম তথা পৰম্পৰাৰ নামত প্ৰচলিত আচৰণযনিয়মৰ পৰা মুক্ত ৰাখিব লাগে । মুঠতে ডাইনী হত্য়া এক বৃহত্তৰ সামাজিক ব্যাধি আৰু ইয়াক নিৰ্মূল কৰিব লাগিলে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিষবৃক্ষ গুৰিৰ পৰা উভালিব লাগিব ।