Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা

Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা Question Answer can be of great value to excel in the examination.

Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা

Join Telegram channel

Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা Notes cover all the exercise questions in UGC Syllabus. The Introduction to Sociology Unit 3 প্ৰাথমিক অৱধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

উত্তৰঃ ৰেডফিল্ডৰ।

৯। সংস্কৃতিৰ উপাদান কেইটা আৰু কি কি?

উত্তৰঃ জনৰীতি, লোকাচাৰ, প্ৰতিমান, আইন, প্ৰতীক, চিহ্ন ধাৰণা বা কল্পনা, ভৌতিক বস্তু। 

১০। সংস্কৃতিৰ প্ৰকাৰ কেইটা আৰু কি কি?

উত্তৰঃ সংস্কৃতিৰ প্রকাৰ দুটা । সেইকেইটা হ’ল-

(ক) বস্তুবাদী বা ভৌতিক সংস্কৃতি।

(খ) অবস্তুবাদী। 

১১। অবস্তুবাদী সংস্কৃতিৰ দুটা উদাহৰণ দিয়া?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ  মানুহৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, মূল্যবোধ, ৰীতি-নীতি।

১২। কোনে পোন প্রথমে সংস্কৃতি দীৰ্ঘসূত্ৰিতাৰ কথা কোন গ্ৰন্থত উল্লেখ কৰিছে? 

উত্তৰঃ ডব্লিউ এফ. অগবাৰ্ণে তেওঁৰ Social change নামৰ গ্ৰন্থত উল্লেখ কৰিছে।

১৩। সংস্কৃতিয়ে যেতিয়া এটা লিখিত ভাষা, বিজ্ঞান, দৰ্শন, শ্ৰমবিভাজন,  প্ৰযুক্তিবিদ্যা আৰু এক ৰাজনৈতিক শাসন প্ৰণালীৰে পৰিপুষ্টি হৈ পৰে তেতিয়া ই সভ্যতালৈ ৰূপান্তৰিত হয়– কথাষাৰ কাৰ। 

উত্তৰঃ এ. ডব্লিউ গ্ৰীণৰ ।

১৪। সংস্কৃতি আৰু সভ্যতাৰ দুটা পাৰ্থক্য লিখা?

উত্তৰঃ সংস্কৃতি আৰু সভ্যতাৰ দুটা পাৰ্থক্য হ’ল–

(ক) সভ্যতাৰ প্রগতিক জুখিব পাৰি কিন্তু সংস্কৃতিক নোৱাৰি।

(খ) সভ্যতাৰ ক্ৰমবিকাশ ঘটে কিন্তু সংস্কৃতিৰ নঘটে।

১৫। Civilization is a  vehicle of culture – কথাষাৰ কাৰ ? 

উত্তৰঃ মেক আইভাৰে।

১৬। সভ্যতা সংস্কৃতিৰ পাছৰ অৱস্থা – কথাষাৰ কাৰ?

উত্তৰঃ অগবাৰ্ণ আৰু নিমকফৰ।

১৭। সংস্কৃতিৰ প্ৰসাৰ প্ৰক্ৰিয়া কেইটা প্ৰক্ৰিয়াৰে হয়?

উত্তৰঃ সংস্কৃতিৰ প্রসাৰ প্রক্ৰিয়া কেইটা হ’ল– 

(ক) সঞ্চিতকৰণ প্রক্ৰিয়া।

(খ) বিক্ষিপ্তকৰণ প্ৰক্ৰিয়া।

(গ) উপযোগীকৰ প্রক্ৰিয়া।

(ঘ) সদৃশীকৰণ প্ৰক্ৰিয়া।

১৮। সাংস্কৃতিক পশ্চাদৰৰ্তীতা বুলিলে কি বুজা? 

উত্তৰঃ সাংস্কৃতিক পাশ্চাদ বুলিলে সমাজৰ কোনো এটা উপাদানৰ পৰিৱৰ্তনৰ লগত আনবিলাক উপাদানে সমানে খোজ মিলাই পৰিৱৰ্তন হ’ব নোৱাৰা আৰু সাংস্কৃতিক ভাৰসামা বজাই ৰাখিবলৈ অপাৰগ হোৱা অৱস্থাকে বুজা যায়।

১৯। সংস্কৃতিৰ মূল ভাগ দুটা কি কি?

উত্তৰঃ বস্তুবাদী, অবস্তুবাদী।

২০। সাংস্কৃতিক পশ্চাত্বৰ্তিতা অৱধাৰণাটো কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰঃ ডাব্লিড, এফ. অগবাৰ্ণে উদ্ভাৱন কৰিছিল।

Essay type Question Answer

১। সংস্কৃতিৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। 

উত্তৰঃ সমাজত্তীয় সাহিত্যত সঘনাই ব্যৱহাৰ হৈ থকা অতি পৰিচিত এক অৱধাৰণা হৈছে সংস্কৃতি। সমাজতত্ব যিহেতু সমাজৰ বিজ্ঞান আৰু সমাজক অধ্যয়ন কৰাই ইয়াৰ প্ৰাথমিক উদ্দেশ্য, সেয়ে সংস্কৃতিৰ অধ্যয়ন অবিহনে সমাজৰ অধ্যযন অপূৰ্ণ হৈ ৰয়। সংস্কৃতি হৈছে এনে এক লেখত লবলগীয়া দিশ যিটোৱে এখন সমাজক আনটোৰ পৰা পৃথক কৰি ৰাখে। জন্মৰ পিচতেই এটি শিশুক সাংস্কৃতিক পৰিবেশত তুলি-তালি ডাঙৰ-দীঘল কৰা হয়। সংস্কৃতিয়েই মানুহক জীৱ শ্ৰেষ্ঠ কৰি তুলিছে আৰু আন প্ৰাণীসমূহৰ পৰা পৃথক কৰি ৰাখিছে।

অতি সহজভাৱে কবলৈ গ’লে সভ্যতাৰ পৰিশোধনেই সংস্কৃতি। ইয়াক জন্মগত বুলি কোৱা নযায় বৰঞ্চ এইবোৰৰ সৃষ্টি কৰা হয়। এজনৰ পৰা আনজনলৈ অথবা এটা সমূহৰ পৰা আন এটা সমূহলৈ সংস্কৃতিক শিকোৱা, হস্তান্তৰ, যোগাযোগ, বুজি পোৱা অথবা তুলি দিয়া হয়। চমু অৰ্থত কবলৈ গ’লে এখন সমাজৰ ব্যক্তিসলৰ জীৱন নিবহৰ আৰ্হিয়েই হৈছে সংস্কৃতি ।

এডৱাৰ্ড বি. টাইলৰে Primitive Culture নামৰ গ্ৰন্থখনৰ এক নং পৃষ্ঠাত সংস্কৃতিৰ সংজ্ঞা দি কৈছে যে, “ই হ’ল এনে এক মিশ্ৰণ যিয়ে জ্ঞান, জীৱন, কলা, নৈতিকতা, আইন, প্রথা আৰু সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰা অন্যান্য দিশসমূহ সামৰি লয়।

ৰালফ্‌ লিনটনৰ মতে, “এখন সমাজৰ সংস্কৃতি হৈছে ইয়াৰ সদস্যসকলৰ জীৱন নিৰ্বাহৰ উপায় আৰু তেওঁলোকে শিকি লোৱা আৰু অভ্যাসৰ সমষ্টি যিটো প্ৰজন্মৰ পৰা প্রজন্মলৈ বিলোবা আৰু হস্তান্তৰ কৰা হয়।”

চি. চি. নৰ্থৰ মতে, “সংস্কৃতি মানুহৰ দ্বাৰা সৃষ্ট সেইবোৰ সঁজুলি যিটোৱে তেওঁক তেওঁৰ প্রয়োজনীয়তা পূৰণ কৰাত সহায় কৰে।” বি. মেলিনৱস্কীৰ মতে,“সংস্কৃতি হৈছে মানুহৰ হাতৰ কাম আৰু উপায় যাৰ জৰিয়তে তেওঁ তেওঁৰ লক্ষ্য পূৰণ কৰে।”

এল. এ. হুৱাইটৰ মতে,“সংস্কৃতি হৈছে এক প্রতীকী, ধাৰাবাহিক বৰ্ধিত আৰু প্রগতিমূলক প্রক্ৰিয়া ।”

সংস্কৃতিৰ প্রধান বৈশিষ্ট্যসমূহ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল–

(ক) সংস্কৃতি হৈছে শিক্ষণ ব্যৱহাৰ। ই জন্মগত, শৰীৰগত অথবা জীনগত ব্যৱহাৰ নহয়। আমি সংস্কৃতিৰ বিষয়ে সমাজত গম পাওঁ। সমাজত ক’ত কেনেকৈ কি ধৰণৰ ব্যৱহাৰ কৰিব লাগে তাক আমি শিকি লওঁ। অৰ্থাৎ মংস্কৃত্তিৰ বৈশিষ্ট্য আমি সমাজত জানো, মাকৰ গৰ্ভত নহয়।

(খ) ইয়াৰ আন এক বৈশিষ্ট৷ হৈছে সমাজৰ সকলো ব্যক্তিয়েই ইয়াক মানি চলে।  ই এজনৰ বাবে নহয়। সংস্কৃতি সদায় সকলোৰে বাবে।

(গ) সংস্কৃতিৰ এক উল্লেখযোগ্য চৰিত্ৰ হৈছেই প্ৰজন্মানোসৰি হস্তান্তৰীত এটা প্ৰজন্মই আন এটা প্ৰজন্মক সংস্কৃতি শিকায়। আমি আমাৰ সংস্কৃতিৰ বিষয়ে পিতৃ-মাতৃ অথবা সমাজৰ আন বয়োজ্যেষ্ঠ সদস্যৰ পৰা শিকছোঁ।

(ঘ) সংস্কৃতিক প্ৰতীকীৰ ৰপতে পোৱা ঘায়। নতুনক আদৰিবলৈ আমি এক নিদিষ্ট ভংগীমাত হাতযোৰ কৰে। অথবা দৈনন্দিন  জীৰনত বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ প্রতীক ব্যৱহাৰ কৰো। সংস্কৃতিৰ এনেধৰণৰ  প্ৰতীকী আহিব অৰ্থৰ বিষয়ে সকলো ব্যক্তি জ্ঞাত।

(ঙ) সংস্কৃতিৰ এক আৰ্হি পোৱা যায়। ই সংগ|ঠিত আৰু সংহতিত। আমি আমাৰ সংস্কৃতিটো এক সংগঠিত আৰ শৃংখলিত ৰূপত পাওঁ। কিন্তু এইখিনিতে উল্লেখ কৰাটো সমীচীত হব যে সমাজভেদে এই আহি পৃথক পৃথক হোৱা দেখা৷ যায়। 

(চ) সংস্কৃতিৰ আন এক বৈশিষ্ট্য গ্ৰহণ কৰিব পৰা ক্ষমতাৰ  ওপৰতো নিভৰশীল হোৱা দেখা যায় । সমাজৰ সকলো ব্যক্তিয়েই সংস্কৃতিৰ সকলোবোৰ দিশ গ্রহণ কৰিব নোৱাৰে। কিছু সংখ্যক কিছুমান দিশ গ্রহণ কৰাৰ বিপৰীতে আন কিছুমানে আন কিছুমান  দিশ শিকি লয়। ৷

(ছ) ই সামাজিক প্রকৃতিৰ। অপসাৰিতাত সংস্কৃতিৰ প্ৰৰগতিও নহয় অথবা হস্তান্তৰো নহয়। যিহেতু সকলে ব্যক্তিয়েই ইয়াক মানি চলে সেইবাবেই ইয়াৰ সাম৷জিক মূল্য আছে। মানুহে আনৰ সংস্পৰ্শতহে সংস্কৃতি গ্ৰহণ কৰে। সংস্কৃতিৰ বাবেই মানুহ মানুহৰ মাজত মানুহ হৈ থাকে।

(জ) সংস্কৃতি বিশ্বজনীন প্রকৃতিৰ। প্ৰত্যেক সমাজতেই সংস্কৃতি আছে যদিওব| সম৷জভেদে সংস্কৃতিত ভিন্নতা পৰিলক্ষিত হয়। গোলকত সংস্কৃতিবিহীন সমাজ তোমালোকে কেতিয়াও বিচাৰি নোপোৱা ।

(ঝ) সংস্কৃতিৰ আন এক চৰিত্ৰ হৈছে ধাৰবাহিকতা। অতীতৰ  পৰাই ই মানব সমাজত প্রচলিত হৈ আহিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ সংৰচনা, কাৰ্য আৰু প্ৰকৃতিত পৰিৱর্তণ হৈছে যদিও সংস্কৃতি বোৱতী নদীৰ দৰেই চিৰপ্রবহমান।

(ঞ) ভিন্নতা সংস্কৃতিৰ আন এক গুৰুত্বপুৰ্ণ বৈশিষ্ট্য। সংস্কৃতি সাৰ্বজনীন আৰু ধাৰাবাহিক প্রক্ৰিয়া হোৱা স্বণ্বেও সমাজভেপদে ই একে নহয়। অসমীয়| সংস্কৃতিৰ সৈতে পঞ্জাবী সংস্কৃতিৰ সংস্কৃতিৰ পাৰ্থক্যলৈ মন কৰিলেই তোমালোকৰ ধাৰণ স্পষ্ট হ’ব।

২। সংস্কৃতিৰ প্ৰধান উপাদানবোৰৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰঃ সংস্কৃতিৰ প্রধান উপাদানবোৰৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ’ল-

(ক) জনৰীতি :- জনৰীতি সংস্কৃতিৰ এক উল্লেখযোগ্য উপাদান। এইবোৰ আমাৰ সমাজত একেদিনাই গঢ় লৈ উঠা নহয়। ক্ৰুমান্ধয়ে ক্ৰমান্বয়ে এইবোৰ সমাজৰ এক এক অভিন্ন অংগ হৈ পৰিছে। সমাজভেদে জনৰীতি ভিন ভিন প্ৰকৃতিৰ যদিও এইবোৰ সৰ্বজনীন ধৰণৰ। সেয়ে সকলো সমাজতেই ইয়াৰ উপস্থিত পৰিলক্ষিত হয়। সহজ অৰ্থত কবলৈ গ’লে জনৰীতি হৈছে পৰম্পৰাগত নীতি নিয়ম আৰু আচাৰ ব্যৱহাৰ যাৰ সহায়ত আমি বিভিন্ন কাম কৰো, আনৰ সৈতে কথা পাতো, সমাজৰ আন ব্যক্তিসকলৰ সৈতে সম্বন্ধ স্থাপন কৰোঁ ইত্যাদি । মুঠৰ ওপৰত চমুকৈ কবলৈ গ’লে এইবোৰে আমৰ আচৰণক নিয়ন্ত্ৰণ কৰে।

এই জনৰীতিবোৰ পালন কৰিবই লাগিব বুলি কোনো ধৰণৰ বাধ্যবাধকতা নাই। যদিও মানুহে সদায়েই এইবোৰক মানি চলিবলৈ চেষ্টা কৰা দেখা যায় কিয়নো ই মানুহক একত্ৰিত কৰাৰ লগতে সামাজিক সুস্থিৰতা বজাই ৰাখে উদাহৰণস্বৰূপে ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা, ৰাতিপুৱ৷ সোনকালে শুই উঠা, ৰাতিপুৱাতে ব্ৰাচ কৰা বা গা-ধোৱা, পৰিষ্কাৰ পৰিচ্ছন্নকৈ থকা, টোকৰ মাৰি আনৰ ঘৰত সোমোৱা ইত্যাদি জনৰীতিৰ দ্বাৰা সামাজিক সুস্থিৰতা আৰু শৃংখলা বজাই ৰাখিব পাৰি। অন্যথাই সমাজত বিশৃংখলতাৰ সৃষ্টি হয়। এইবোৰক মানি নচলিলেও কোনো ধৰণৰ আইনগত শাস্তি বিহা নহয় যদিওব৷ সমাজে কেতিয়াবা ঘৃণা অথবা তিৰস্কাৰ কৰে। অতীতৰ পৰাই এইবোৰ আমাৰ সমাজত প্রচলন হৈ আহিছে আৰু আমিও দৈনন্দিন জীৱনত এইবোৰক মানি চলো। এইদৰেই ই সংস্কৃতিৰ আৰ্হি বা ৰূপৰ গঠন কৰে। 

(খ) লোকাচাৰ :- জনৰীতিৰ জটিল ৰূপকেই লোকাচাৰ বুলি ক’ব পাৰি। বহু দাৰ্শনিক আৰু পণ্ডিতৰ মতে জনৰীতিৰ বাধ্যকতাই লোকাচাৰ অৰ্থাৎ জনৰীতি মানি নচলিলেও শাস্তিৰ সন্মুখীন হোৱা নাযায় কিন্তু লোকাচাৰৰ ভংগই শাস্তিৰ মুখামুখি কৰোৱায়। এই দুয়োটাই যদিওবা সমাজত অতীতৰ পৰাই চলি আহিছে তথাপিও লোকাচাৰৰ মান্যতা আৰু প্রয়োগৰ ক্ষেত্ৰত বেছি সচেতন আৰু সৰ্তক। উদাহৰণস্বৰূপে অনৈতিক যৌন সম্বন্ধ, বিবাহিত হিন্দু নাৰীয়ে সেন্দুৰ নোলোৱা ইত্যাদিবোৰ হৈছে লোকাচাৰ ভংগৰ উদাহৰণ৷ সম্পত্তিৰ উত্তৰাধিকাৰৰ প্ৰসংগ, বৃদ্ধা অৱস্থাত পিতৃ-মাতৃক চোৱা-চিতা নকৰা ইতাদিবোৰৰ সৈতে সামাজিক শৃংশলাবদ্ধতাৰ প্ৰসংগ জড়িত হৈ আছে। লোকাচাৰ ভংগই  ভিন্ন ধৰণৰ শাস্তিৰ সন্মুখীন কৰাই যদিও শাস্তিৰ মাত্ৰা আৰু স্বৰূপতো ভিন্নতা পোৱা যায়। এনে শাস্তিৰ পৰিসৰৰ ভিতৰত সামাজিক ভাৱে এঘৰীয়া কৰা, সামাজিক আচৰণ আৰু ৰাজহুৱা ভোজ-মেলৰ পৰা আঁতৰোৱা, অর্থনৈতিক জৰিমনা আদিক অন্তৰ্ভুক্ত কৰিব পাৰি।

(গ) বিশ্বাস :– সংস্কৃতিৰ উপাদানৰ ক্ষেত্ৰত বিশ্বাসকো সংযোগ কৰা হৈছে। বিশ্বাসে ভুল-শুদ্ধ নিৰ্ণয় নকৰে। বিশ্বাস মানেই ভুল অথবা শুদ্ধ নহয়। ই এক আবেগিক আৰু ব্যক্তিবাচক পৰিঘটনা। উদাহৰণস্বৰূপে হিন্দু দৰ্শনে পুনৰ জনমৰ ধাৰণা, মোক্ষ লাভ অথবা এই জনমত ভাল কাম কৰিলে মৃত্যুৰ পিছত স্বৰ্গলৈ গমন হয় বুলি গভীৰভাৱে বিশ্বাস কৰে। অর্থত এই বিশ্বাস সঁচা নে মিছা, ভুল নে শুদ্ধ তাক বিচাৰ কৰা নহয়। আমি ইমাইল দুৰখেইমৰ ধৰ্ম সম্বন্ধীয় ব্যখ্যাতো পৱিত্ৰতা আৰু অ-পৱিত্ৰতাৰ কথা পাওঁ। অর্থ বিশ্বাসে আমাক কিছুমান কাম কৰাৰ পৰা আঁতৰাই ৰাখে আৰু এইদৰেই ই সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান হৈ পৰে যাক আগৰ প্রজন্মক হস্তান্তৰ কৰে।

(ঘ) আইৰ :- আনুষ্ঠানিক ভাৱে নিৰ্ধাৰণ কৰা নীতি নিয়মৰ সমষ্টিয়েই আইন যত আচৰণ প্ৰণালীৰ আহি লিখিত ৰূপত পোৱা যায় আৰু এইবোৰৰ ভংগকাৰীক দিবলগীয়া শক্তিও পূব-নিৰ্ধাৰিত হয়। সমাজৰ প্ৰচলিত জনৰীতি , লোকাচাৰ, প্ৰতিমান , মূল্যবোধ, প্ৰথা, পৰম্পৰা ইত্যাদিবোৰৰ ওপৰত ভিত্তি কৰি আইন প্ৰস্তুত কৰা হয় আৰু এইদৰেই সমাজৰ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ উপাদান হৈ পৰে। এক বিশেষ সংগঠনে যুক্তিসংগতাৰে ক্ষমতা প্ৰয়োগ কৰি আইন বলবৎ কৰে।

(ঙ) প্ৰতীক :- প্রতীক হৈছে কিছুমান কাৰ্য যাক সামাজিকভাৱে অনুমোদন জনোৱা হয়। ইয়াৰ উপৰিও প্রতীকে সেইবোৰবে৷ প্রতিনিধিত্ব কৰে যিবোৰক ব্যক্তিসকলে উমৈহতীয়া অর্থ প্রদান কৰে বা সকলোৱে একে অৰ্থত বুজি পায়। অৰ্থহীন প্রতীক সংস্কৃতিৰ উপাদান নহয়। অন্যান্য প্রৰভীকবোৰৰ ভিতৰত অন্যতম প্ৰতীক হৈছে ভাষা। ই প্রত্যেক সংস্কৃতিৰেই মূল কেন্দ্ৰবিন্দু । ই হৈছে শব্দ আৰুণপ্রৰতীকৰ ব্যৱহাৰেৰে যোগাযোগ কৰা এক পদ্ধতি। এই যোগাযোগ সংৰচিত অর্থত হোৱা দেখা যায়। মানুহে পৰস্পৰে ধাৰণা, তথ্য আদৰ্শ অথবা আবেগক ভাষাৰ জৰিয়তেই আদান প্ৰদান কৰে।

(চ) প্রতিমান :- প্রতিমান হৈছে সামাজিক ভাৱে স্বীকৃত আৰু অনুমোদিত আচৰণ প্রণালী। ই কি কি নালাগে, কি কি কৰা উচিত অনুচিত আৰু কি কি হৈছে অথবা কৰিবলগীয়া আৰু নকৰিবলগী়য়া কাম নিধৰিণৰ সমষ্টি। ইয়াৰ উপৰিও ই কেনে পৰিস্থিতিত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাকো স্পষ্ট কৰে। উদাহৰণস্বৰূপে পুৰুয মহিলাই পৰিধান কৰা সাত-পোছক অথবা কোনো এক বিশেষ পৰিবেশত বা ঠাইত কেনেধৰণৰ কাপোৰ পৰিধান কৰিব লাগে ইত্যাদিবোৰৰ বিষয়ে প্রতিমানে স্পষ্ট কৰে।

(ছ) মূল্যবোধ :- ভুল-শুদ্ধ বিচাৰ কৰাৰ ধাৰণা আৰু বিশ্বাসেই হৈছে মূল্যবোধ যিটোৱে লক্ষ্য প্রাপ্তিত এক মানদণ্ড নিৰ্ণয় কৰে। ই আচৰণৰ আহি নিৰ্ধাৰণ কৰে। মানুহ, ঘটনা আৰু কাৰ্যক বিশ্লেষণ কৰাত ই সহায় কৰে। সমাজভেদে মূল্যবোধ ভিন ভিন হয়। ভাৰতীয় সমাজৰ মূল্যবোধৰ সৈতে পশ্চিমীয়া সমাজৰ মূল্যবোধৰ যথেষ্ট পাৰ্থক্য আছে। উদাহৰণস্বৰূপে ভাৰতীয় সমাজে গুৰুত্ব দিয়া মূল্যবোধ; যেনে, মানৱ জীৱনৰ প্ৰতি সন্মান, বিবাহক ধৰ্মীয় সংস্কাৰ হিচাপে গণ্য কৰ অথবা ধৰ্মীয় কাম-কাজক গুৰুত্ব দিয়া ইত্যাদিবোৰে সংস্কৃতিত প্ৰত্যক্ষভাৱে প্রভাৱ পেলায়। ৷

(জ) অনুশাসন :- অনুশাসন আৰু শাস্তি সকলো সমাজৰেই প্রধান বৈশিষ্ট্য৷ প্রতিমানবিহীন অৱস্থাত অনুশাসন প্ৰয়োগ কৰা হয়। ইয়াৰ উপৰি জনৰীতি আৰু লোকাচাৰ ভংগ, প্ৰথা আৰু পৰম্পৰাৰ অমান্য, হত্যা, ধৰ্ষণ, অপহৰণ আদিৰ দৰে অৱস্থাতো অনুশাসনৰ প্রয়োজনীয়তা আহি পৰে। সহজ ভাৱে কবলৈ গ’লে অনুশাসনে বিভিন্ন ৰূপত সামাজিক অনুৰূপতা বজাই ৰখাত সহায় কৰে। 

৩। ব্যক্তি, সমূহ আৰু সমাজৰ ক্ষেত্ৰত সংস্কৃতিৰ গুৰুত্বৰ বিষয়ে লিখা।

উত্তৰঃ ব্যক্তি, সমূহ আৰু সমাজৰ ক্ষেত্ৰত সংস্কৃতিৰ গুৰুত্ব অপৰিসীম। সংস্কৃতিৰ অবিহনে মানুহ পশু হৈ পৰে। সমূহত সংস্কৃতিৰ গুৰুত্ব তলত দিয়া ধৰণেৰে উপলব্ধি কৰিব পাৰি।

(ক) সংস্কৃতিয়ে সামাজিক সম্বন্ধ ধৰি ৰাখে। সমূহত ব্যক্তিৰ আচৰণক নিয়ন্ত্ৰণ কৰি সংস্কৃতিয়ে ভোক, আশ্রয় আৰু যৌনতাৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰে।

(খ) ব্যক্তি সকলৰ সহযোগিতাৰ বাবে সংস্কৃতিয়ে সমাজত কিছুমান নীতি-নিয়ম প্রণয়ন কৰে। ই এজন ব্যক্তিক সমাজৰ এক অংশ হিচাপে সামাজিক স্তৰত চিন্তা কৰিবলৈ শিকায়।

(গ) ই সামাজিকভাৱে সমূহগত জীৱনৰ মূল্যৰ মানদণ্ড প্রদান কৰে।

(ঘ) সংস্কৃতিয়ে জ্ঞানৰ প্রতি জিজ্ঞাসা অথবা সামাজিক সংগঠনৰ চিজিলকৰণত জ্ঞান প্রদান কৰি সমাজৰ বাবে কিছুমান নতুন প্রয়োজনীয়তা আৰু নতুন দিশৰ সন্ধান দিয়ে।

(ঙ) ই অতীতক বৰ্তমানৰ সৈতে সংযোগ কৰি উঠি অহা প্রজন্মক জীৱন-নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ সুবিধা প্রদান কৰে

৪। এজন ব্যক্তিৰ জীৱনত সংস্কৃতিৰ গুৰুত্ব বা প্রয়োজনীয়ত কিমান?

উত্তৰঃ সামূহিক জীৱনত সংস্কৃতিৰ গুৰুত্ব থকাৰ দৰেই এজন ব্যক্তিৰ বাবেও ইয়াৰ যথেষ্ট গুৰুত্ব আৰু প্রয়োজনীয়তা আছে এইবোৰ হ’ল–

(ক) সংস্কৃতিয়ে- এজন ব্যক্তিৰ আচৰণক সু-সংঘবদ্ধ কৰি সামূহিক জীৱনৰ বাবে প্ৰস্তুত কৰি তোলে। ই পাৰস্পৰিক বুজা পৰা আৰু সহযোগিতাৰে সামাজিক জীৱন যাপনত সহায় কৰে।

(খ) ই জটিল আৰু সমস্যাজৰ্জৰ পৰিস্থিতিটো এজন ব্যক্তিক সামাজিক আচৰণৰ নীতি-নিৰ্দেশনা প্রদান কৰে। 

(গ) সংস্কৃতিৰ পৰা এজন ব্যক্তিয়ে বিশেষ অৱস্থাৰ প্ৰেক্ষাপটত পৰম্পৰাগত বিশ্লেষণ পায়। উদাহৰণস্বৰূপে ঘৰৰ মুধচত ফেঁচা দেখাটো কোনো এক সংস্কৃতিত অমংগলৰ চিহ্ন বুলি কোৱাৰ বিপৰীতে আন এটা সংস্কৃতিত ইয়াক পবিত্ৰ জ্ঞান কৰা হয়। ঠিক একেদৰে ভাৰতীয় সমাজত ব্যক্তিৰ সৈতে কথা পাতোতে ফুচফুচনি  কৰাটো অপমান বুলি গণ্য কৰাৰ বিপৰীতে জাপানী সমাজত ইয়াক সন্মান প্রদৰ্শনৰ চিহ্ন বুলি ধৰা হয়। এইদৰে সংস্কৃতিয়ে পৰম্পৰাগত ব্যাখ্যা আগবঢ়ায়।

(ঘ) সংস্কৃতিয়ে এজন ব্যক্তিৰ ৰিপু দমনেৰে তেওঁক সামাজিক হৈ থকাৰ ক্ষেত্ৰত সহায় কৰে।

৫। সংস্কৃতিৰ ভাগসমূহৰ বিষয়ে লিখা।

উত্তৰঃ সংস্কৃতিৰ ভাগ :- সংস্কৃতিৰ ভাগ বুলি ক’লে আমি প্ৰধানতঃ বস্তুবাদী আৰু অ-বস্তুবাদী ভাগকেই বুজো। কিন্তু সমাজতত্ত্বীয় সাহিত্যত সংস্কৃতিৰ ভাগ সন্দৰ্ভত দুজন দাৰ্শনিকৰ ব্যাখ্যা পোৱা যায়।

ৰালফ্‌লিনটনে’ ‘The Cultural Background of Personality নামৰ গ্ৰন্থখনত সংস্কৃতিক তিনিটা ভাগত-ভাগ কৰিছে। যেনে-

(ক) সাংস্কৃতিক বিশ্বজনীনতা।

(খ) সাংস্কৃতিক বদলিকৰণ।

(গ) সাংস্কৃতিক বিশেষীকৃত।

কোনো সন্দেহ নাই যে এই তিনিটাই সংস্কৃতিৰ অভিন্ন অংগ প্রথমটোৱে সংস্কৃতিৰ সেই ভাগক বুজায় যিটো সমাজৰ সকলো” ব্যক্তিয়েই শিকিব আৰু মানিব লাগে। নৈতিক প্ৰমূল্যবোধক এই শ্ৰেণীৰ ভিতৰত ধৰিব পাৰি। দ্বিতীয় প্রকৰাৰ সংস্কৃতিৰ ভাগ সাধাৰণতে কলা, ধুন-পেচ, কাৰুকাৰ্য ইত্যাদিৰ দৰে ক্ষেত্ৰত পোৱা যায় য’ত ব্যক্তিসকলে উপলব্ধ সুবিধাবোৰক অদল-বদল কৰাৰ স্বাধীনতা পায়। তৃতীয় ভাগটো সমাজৰ সকলো ব্যক্তিৰ বাবে জৰুৰী নহয়। উদাহৰণস্বৰূপে বৃত্তি নিবচিনক ইয়াৰ ভিতৰত ধৰিব ‘পাৰি। আধুনিক সমাজত এজন ব্যক্তিয়ে নিজ ইচ্ছানুযায়ী বৃত্তি নিবচিন কৰিব পাৰে আৰু তদানুৰূপ ভাৱে তাৰ সংস্কৃতি শিকি লয়। চিকিৎসক এজনৰ বাবে অভিযন্তা এজনৰ অথবা পাইলট জনৰ বাবে শিক্ষক এজনৰ সংস্কৃতিয়ে সিমান গুৰুত্ব নাপায়।

এইচ. টি. মজুমদাৰকে ধৰি অন্যান্য সমাজতত্ববিদ আৰু সাংস্কৃতিক নৃতত্ববিদসকলে সংস্কৃতিক প্ৰধানত দুটা, ভাগত ভাগ কৰাৰ পোষকতা কৰে। এই ভাগ দুটা হ’ল– 

(ক) বস্তুবাদী সংস্কৃতি। 

(খ) অ-বস্তুবাদী সংস্কৃতি প্রথমটোৱে সংস্কৃতিৰ পৰিদৃশ্যমান উপাদানসমূহক বুজোৱাৰ বিপৰীতে পিছৰটোবে অ-দৃশ্যমান উপাদানসমূহক বুজায় । ঘৰ-দুৱাৰ, গাড়ী-মটৰ,চকী-মেজ, ম’বাইল-কম্পিউটাৰ, ইত্যাদিবোৰ হৈছে বস্তুবাদী সংস্কৃতিৰ উদাহৰণ অন্যহাতেদি ৰীতি-নীতি, বিশ্বাস, প্রথ৷, পৰম্পৰা, প্রতিমান আদিবোৰ অ-বস্তুবাদী সংস্কৃতিৰ অৰ্ত্তগত।

কিন্তু সকলো সমাজ দাৰ্শানকে এই ভাগ দুটাক মানি ল’ব বিচৰা নাই। তেওঁলোকৰ মতে সকলো সমাজতেই বস্তু বা সামগ্ৰীক সমানভাৱে মূল্যাংকন কৰা নহয়। উদাহৰণস্বৰূপে ভাৰতীয়সকলে ফিয়েট গাড়ী ভাল পাই বাবেই আমেৰিকা বাসীসকলেও ফিয়েট গাড়ী ভাল পাব লাগিব তেনে নহয়। আমি ‘অসম আৰ্হি’ৰ ঘৰ পচন্দ কৰো কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে দেশৰ সকলো মানুহেই ‘অসম আৰ্হি’ৰ ঘৰ পচন্দ কৰে। অৰ্থাৎ সময় পৰিবেশ, পৰিস্থিতি, জনসাংখ্যিক সংৰচনা আদিবোৰে এইক্ষেত্ৰত যথেষ্ট প্রভাৱ পেলায়।

৬। সভ্যতাৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যবোৰ লিখা৷

উত্তৰঃ সংস্কৃতিৰ লগত অভিন্নভাৱে ব্যৱহৃত আন এক অবধাৰণা হৈছে সভ্যতা। সভ্যতাৰ সংজ্ঞা বিভিন্ন জনে বিভিন্ন ধৰণে আগবঢ়াছে।

অগবাৰ্ণৰ মতে, “সংস্কৃতিৰ পিছৰ পযয়িৰ উচ্চ জৈৱিকতাই সভ্যতা।”

গিলিন আৰু জন, এল. গিলিনৰ মতে, “ সভ্যতা হৈছে  সংস্কৃতিৰ এক অতি জটিল আৰু বিৱৰ্তিত স্বৰূপ ” জন, এল গ্ৰীণৰ মতে, “সংস্কৃতি তেতিয়াহে এক সভ্যতা হয় যেতিয়া ইয়াৰ লিখিত ভাষা, বিজ্ঞান, দৰ্শন এক বিশেষীকৃত শ্রম বিভাজন আৰু জটিল প্ৰযুক্তিবিদ্যা আৰু ৰাজনৈতিক পদ্ধতি থাকে।”

সভ্যতাৰ প্রধান বৈশিষ্ট্যসমূহৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল–

(ক) সভ্যতা বাহ্যিক। সভ্যতাৰ নানান উপাদানসমূহ দৃশ্যমান।

(খ) সংস্কৃতিৰ বাস্তৱ ৰূপটোৱেই হৈছে সভ্যতা।

(গ) সভ্যতাৰ বিভিন্ন উপাদান আৰু স্বৰূপৰ সহায়ত মানুহে দৈনন্দিন জীৱন যাপন কৰে।

(ঘ) সভ্যতাক জুখিব পাৰি অৰ্থাৎ ই নিৰ্ণীত।

(ঙ) সভ্যতা সকলোৰে বোধগম্য আৰু ব্যৱহৃত।

৭। সংস্কৃতি আৰু সভ্যতাৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ সংস্কৃতি আৰু সভ্যতাৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল-

(ক) সংস্কৃতি আভ্যস্তৰীণ। ই অদৃশ্যমান যদিও ইয়াৰ অস্তিত্ব আৰু প্ৰয়োজনীয়তাক বুজি পোৱা হয়। আনহাতে সভ্যতা বাহ্যিক।

(খ) সংস্কৃতিৰ পৰিৱৰ্তন আৰু প্রগতি লেহেমীয়া। সভ্যতাৰ প্ৰগতি আৰু পৰিৰ্বতন ক্ষিপ্ৰ গতিত হয়।

(গ) সংস্কৃতিক জুখিব নোৱাৰি। আনহাতে সভ্যতা বিভিন্ন চলক আৰু উপাদানৰ ভিত্তিত সভ্যতাক জুখিব পাৰি।

(ঘ) সংস্কৃতিৰ অৱদান সকলোৱে গ্রহণ নকৰে বা সকলোৱে ইয়াকে মানি নচলে কিন্তু সভ্যতাৰ উপাদানসমূহ যেনে, গাড়ী, ঘৰ আদিবোৰক সকলোৱে ব্যৱহাৰ কৰে।

(ঙ) সংস্কৃতি দৃশ্যমান আৰু অদৃশ্যমান অৰ্থাৎ ইয়াৰ বস্তুবাদী আৰু অ-বস্তুবাদী স্বৰূপ আছে। কিন্তু সভ্যতা বস্তুবাদী স্বৰূপ অৰ্থাৎ দৃশ্যমান অৱস্থাত পোৱা যায়।

(চ) সংস্কৃতিৰ এটা দিশত হোৱা পৰিৱৰ্তনে তাক ত্যাগ কৰাক নুবুজায়। কিন্তু সভ্যতা সদায়েই অগ্ৰসৰকেন্দ্ৰীক নতুন মডেলৰ ম’বাইল অহাৰ লগে লগে আমি পুৰণিটোক বাদ দিও।

(ছ) সংস্কৃতি আৰু ইয়াৰ ভিন ভিন উপাদানসমূহক সাদৃশ্যকৰণৰ যোগেদি সেইসকললৈ হস্তান্তৰ কৰা হয়, যিসকলে সেইবোৰৰ প্রতি অগ্ৰহন দেখুৱাই। আনহাতে সভাতা আৰু ইয়াৰ উপাদানসমূহক সহজেই এখন দেশৰ পৰা আন এখনলৈ আৰু এটা প্রজন্মৰ পৰা আন এটালৈ হস্তান্তৰ কৰিব পাৰি। 

(জ) সাংস্কৃতিক ইচ্ছাৰ সৈতে সহযোগিতা আৰু সামূহিক ভাৱ জড়িত হৈ আছে। আনহাতে সভ্যতাৰ ক্ষেত্ৰত স্বাৰ্থ বা ইচ্ছা সদায়েই প্ৰতিযোগিতামূলক। ৷

(ঝ) সকলোৱে সংস্কৃতিৰ সংস্কাৰ বা উন্নয়ন সাধন কৰিব নোৱাৰে৷ আনহাতে সভ্যতাৰ কাৰ্য যিকোনো এজনেই উন্নীত কৰাৰ বাবে অৰিহণা আগবঢ়াব পাৰে।

৮। সংস্কৃতি আৰু সভ্যতাৰ মাজৰ থকা সাদৃশ্যবোৰ লিখা। 

উত্তৰঃ সংস্কৃতি আৰু সভ্যতাৰ মাজৰ থকা সাদৃশ্যবোৰ হ’ল–    

(ক) সংস্কৃতি হৈছে সভ্যতাৰ ভিত্তি আৰু সভ্যতা হৈছে সংস্কৃতিৰ বাহন আৰু পৰিৱেশ। সংস্কৃতি অবিহনে সভ্যতা ছইল চকীত বহা ভৰিহীন ব্যক্তি হৈ পৰিব।

(খ) সাংস্কৃতিক উদ্দেশ্য পূৰণৰ হেতু সভ্যতাৰ ব্যৱহাৰক ব্যৱহাৰ কৰা হয় আৰু সাংস্কৃতিক ইচ্ছাবোৰক সভ্যতাৰ ব্যৱহাৰত সংযোগ কৰা হয়। পৰস্পৰে পৰস্পৰক প্ৰরভৱান্বিত কৰে। 

(গ) বাক্তিৰ প্ৰচেষ্টা আৰু যত্নৰ ফলতেই হৈছে সংস্কৃতি আৰু সভ্যতাৰ বিকাশ। মানুহৰ সামাজিক জীৱনৰ প্রগতিত দুয়োটাৰ গুৰুত্ব অপৰিসীম। 

(ঘ) সংস্কৃতি আৰু সভ্যতা দুয়োটাই বিশ্বজনীন পৰিঘটনা।

(ঙ) সংস্কৃতি আৰু সভ্যতাৰ আলোচনা আৰু বিশ্লেষণ সামাজিক প্ৰেক্ষাপটতহে কৰা হয়। মানুহৰ আচৰণ প্ৰণালী ক্ৰিয়া, আন্তঃক্রিয়া, উদ্দেশ্য সাধনৰ বাবে ব্যৱহাৰ কৰা| উপায় ইত্যাদিবোৰত এই দুয়োটাৰে প্রভাৱ অনস্বীকাৰ্য। ৷

(চ) এই দুয়োটাই আন্তঃক্ৰিয়াকেন্দ্ৰিক। সংস্কৃতিয়ে প্ৰযুক্তিগত উন্নয়নৰ বিভিন্ন স্তৰত সহযোগ কৰে।

(ছ) সংস্কৃতি আৰু সভ্যতাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা ব্যক্তিগত আৰু সামাজিক স্তৰত উপলব্ধি কৰিব পাৰি। দৈনন্দিন জীৱন যাপনৰ বাবে ব্যবহৃত সামগ্ৰী সমূহ , সামাজিক শৃংখলা অটুট ৰখাৰ বাবে প্ৰয়োজন হোৱা নীতি-নিয়ম, আচৰণ ইত্যাদিবোৰত এই দুয়োটাৰে গুৰুত্ব অতি বেছি ৷ 

(জ) এই দুয়োটাই পৰিৱৰ্তনশীল প্ৰকৃতিৰ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই দুয়োটাতে পৰিৱৰ্তন অহা দেখা গৈছে৷ 

৯। ব্যক্তিত্ব গঠনত সংস্কৃতিৰ ভূমিকা কি? বহলাই আলোচনা কৰা।

উত্তৰঃ ব্যক্তিত্ব গঠনত সংস্কৃতিৰ ভূমিকা ব্যক্তিত্ব ইংৰাজী Personality ৰ অসমীয়া প্ৰতিশব্দ৷ এই শব্দটো লেটিন ভাষাৰ Persona ৰ পৰা আহিছে যাৰ অৰ্থ হ’ল এজন কৰ্তাই নিজৰ অবয়ব পৰিৱৰ্তনৰ বাবে ব্যৱহাৰ কৰা মুখা ব্যক্তিত্বৰ জৰিয়তে এজন মানুহৰ পৰিচয় আৰু সামাজিক স্থান জনা যায়। ই এক স্থবীৰ স্থিতি নহয় বৰঞ্চ পৰিৱৰ্তনকেন্দ্ৰীক গতিশীল স্থিতিহে। এজন ব্যক্তিৰ আচৰণ, ব্যৱহাৰ, খোজ-কাটল, চাল চলন , কাম , সাজ পোছাক ইত্যাদিৰ দ্বাৰা ব্যক্তিত্বৰ বৰ্হি প্ৰকাশ ঘটে। লুম্তবাৰ্গৰ মতে এজন ব্যক্তিৰ আচৰণত ফুটি উঠা অভ্যাস, ধাৰণা, মনোভাৱ আৰু সামাজিক উপাদানেই হৈছে ব্যক্তিত্ব।

কাল গুস্তভভ জাঙে ব্যক্তিত্বক আভ্যন্তৰীণ আৰু বাহ্যিক ৰূপত ভাগ কৰিছে যাৰ বহল ব্যাখ্যা আৰ্নেষ্ট ক্ৰিন্সনাৰৰ লিখনিত পোৱা যায়। সহজ অৰ্থত কবলৈ গ’লে আনক প্ৰভাৱান্বিত বা সন্মোহিত কৰিব পৰা ক্ষমতাই হ’ল ব্যক্তিত্ব। এনে ব্যক্তিত্ব সামাজিকভাৱে অনুমোদিত প্ৰতিমান, মূল্যবোধ, নীতি-নিয়ম আদিৰ মাজেদি প্ৰকাশ পায়। অন্যাৰ্থত সংস্কৃতিয়ে ব্যক্তিত্ব গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এচাম দাৰ্শনিকৰ মতে সংস্কৃতি আৰু ব্যক্তিত্ব একেটা মুদ্রাৰ দুটা পিঠি। স্পিৰ’ৰ মতে ব্যক্তিত্বৰ বিকাশ আৰু সংস্কৃতিৰ গ্ৰহণ দুটা ভিন্ন প্ৰক্ৰিয়া নহয়। এই দুয়োটাই হৈছে একে শিক্ষণ প্রক্ৰিয়৷ তেওঁলোকৰ মতে প্রত্যেক সংস্কৃতিযেই ন্যূনতম ব্যক্তিত্বৰ ভাগক সমৰ্থন জনায়। তলত সংস্কৃতি আৰু ব্যক্তিত্বৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল–

ব্যক্তিত্ব হৈছে কোনো এক পৰিস্থিতি বা ব্যক্তিৰ সৈতে নিৰ্দিষ্ট ধৰণেৰে আচৰণ কৰা বা কাৰ্য কৰা, চিন্তা কৰা বা ভবা অথবা অভ্যাস আৰু ধাৰণাৰ এক সমষ্টি। চমু অৰ্থত কবলৈ ক’লে ব্যক্তিত্ত্ব হৈছে ব্যক্তি পৰিবেশৰ আন্তঃক্ৰিয়া। অৰ্থাৎ ব্যক্তিৰ বাহ্যিক আচৰণ আৰু কাৰ্যকলাপ, নিজস্ব সত্বাৰ প্ৰতি থকা আভ্যন্তৰীণ সচেতনত৷ আদিয়ে ব্যক্তিত্ব গঠন কৰে। 

এক সামাজিক প্রক্ৰিয়া আৰু সাংস্কৃতিক বেষ্টনিত শিশু এটি জন্ম আৰু ডাঙৰ-দীঘল হয়। কিন্তু মানুহ কেতিয়াও সামাজিক হৈ জন্ম নহয়। আনৰ সৈতে হোৱা আন্তঃক্ৰিয়া আৰু সংস্কৃতিৰ যোগেদি এটি শিশোৱে সামাজিক প্ৰকৃতিৰ হোৱাৰ শিক্ষা লাভ কৰে আৰু কাম কৰা আৰু চিন্তা কৰাৰ বাট পাই যাৰ সমষ্টিক আমি ব্যক্তিত্ব বুলি কওঁ। পিতৃ-মাতৃ, লগৰ-সমনীয়া, শিক্ষাগুৰু আৰু স্বজন সমূহৰ যোগেদি আমি সংস্কৃতিৰ বিষয়ে জ্ঞাত হওঁ। সামাজিক প্রক্ৰিয়া যোগেদি শিশু অৱস্থাৰ পৰা এটি শিশুৱে শিকি লোৱা প্ৰতিমান , মূল্যবোধ, বিশ্বাস, নীতি-নিয়ম ইত্যাদিবোৰ সংস্কৃতিৰ অন্তৰ্গত। এই সকলোবোৰেই এজন মানুহৰ ব্যক্তিত্বৰ এটা এটা অংশ আৰু তেওঁৰ আচাৰ-ব্যৱহাৰত প্রভাৱ পেলায়। এইদৰেই সংস্কৃতি আৰ্হিয়ে এজন ব্যক্তিৰ বিকাশত প্রভাৱ পেলায়। যিদৰে মাছ পানীত থকাটো এক স্বাভাৱিক আৰু প্ৰকৃতিগত কথা ঠিক একেদৰে মানুহ সাংস্কৃতিক পৰিবেশত জীয়াই থকাটো প্ৰকৃতিগত

প্রক্ৰিয়া। আৰু এইদৰেই তেওঁৰ ধাৰণা, চিন্তা, কাৰ্য, নিপুনতা, ইত্যাদিবোৰক সংস্কৃতিয়ে পৰিচালনা কৰে। এইদৰে সংস্কৃতিয়ে পৰিসৰ, পৰামৰ্শ আৰু সুবিধা প্রদানেৰে ব্যক্তিত্বৰ বিকাশ ঘটায়।

সমাজভেদে ব্যক্তিৰ ব্যক্তিত্বৰ বৈশিষ্ট্য বিভিন্ন ভিন্নতা থকা পৰিলক্ষিত হয়। প্ৰথা, পৰম্পৰা, আইন, ধৰ্ম, দৰ্শন ইত্যাদিবোৰে ব্যক্তিত্বত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ ইংলেণ্ড আৰু অন্যান্য দেশত ডাঙৰ মানুহৰ কাণত ফুচফুচৱাটো অপমান কৰাৰ প্রতীক বুলি গণ্য কৰা হয়। কিন্তু জাপানত ই এক সন্মান প্ৰদৰ্শনৰ প্রতীক। ভাৰতবৰ্ষত হিন্দু ধৰ্মীয় দৰ্শনৰ সৈতে পাশ্চাত্মত খ্ৰীষ্টান ধৰ্মৰ দৰ্শনৰ ভিন্নতা আছে। অৰ্থত ভিন ভিন সংস্কৃতিয়ে ভিন ভিন ব্যক্তিত্বৰ বিকাশ সাধন কৰে।

ব্যক্তিত্বৰ বিকাশত সংস্কৃতিৰ অৱদান অনস্বীকাৰ্য। ই প্ৰভাৱ আৰু চিনাকিৰ কৰ্তৃত্বসুলভ ব্যৱহাৰক সূচায়। সংস্কৃতিৰ উপাদানক অনুসৰণ কৰাটো ব্যক্তিত্বৰ এক শক্তিশালী দিশ বুলি গণ্য কৰা হয়। আধুনিক দৃষ্টিভংগীৰ সৈতে সাংস্কৃতিক পোছাক পৰিধান কৰা ব্যক্তিৰ প্রতি আমি সহজেই আকৰ্ষিত হওঁ। ই হৈছে ব্যক্তিত্বৰ এক ভাগ। সমাজৰ সকলো ব্যক্তিৰেই পৰিচয়মূলক ব্যক্তিত্ব নাথাকে ৷ সকলো ভাৰতীয়ই সমানেই নিকা আৰু শৃংখলাবদ্ধ নহয়।

ই বিলাকৰ উপৰিও সংস্কৃতি আৰু ব্যক্তিত্বৰ প্ৰসংগক আমি বয়স, লিংগ, বৃত্তি, জাতি, ধৰ্ম, অৰ্থনৈতিক অৱস্থা, সামাজিক সংৰচনা ইত্যাদি ধৰণৰ চলকৰ আলমত আলোচনা কৰিব পাৰো। কিন্তু এই সকলোৰে ক্ষেত্ৰত পোৱা উমৈহতীয়া আৰু সাদৃশ্যমূলক ফলাফলটো হৈছে সংস্কৃতিয়ে এজন ব্যক্তিৰ ব্যক্তিত্ব গঠন আৰু বিকাশত যথেষ্ট সহায় কৰে।

ব্যক্তি আৰু সমাজ

Very short Question Answer

১। সামাজিকীকৰণৰ মূল অভিকৰ্তা কি কি?

উত্তৰঃ পৰিয়াল, পঢ়াশালি, সমনীয়া সমূহ, ধৰ্মানুষ্ঠান, স্বজনীয় আৰু চুবুৰীয়া সমূহ, ৰাষ্ট্ৰ।

২। সামাজিকৰণ এনে এক প্রক্ৰিয়া যাৰ দ্বাৰাই ব্যক্তিয়ে সমূহৰ প্ৰতিমানৰ লগত নিজকে খাপ খুৱাই ল’বলৈ শিকে ৷ কথাষাৰ কাৰ? 

উত্তৰঃ অগবাৰ্ণৰ।

৩। সামাজিকীকৰণৰ প্ৰধান উপাদান কেইটা কি কি?

উত্তৰঃ অনুকৰণ।

(খ) অভিভাৱন।

(গ) একাত্মতা।

(ঘ) ভাষা ৷

৪। সামাজিকীকৰণৰ এটা প্রক্ৰিয়া উল্লেখ কৰা৷।

উত্তৰঃ সহযোগিতা।

৫। সামাজিকীকৰণৰ প্ৰধান মাধ্যম কেইটা কি কি ?

উত্তৰঃ (১) পৰিয়াল।

(২) বিদ্যালয়।

(৩) সমনীয়া দল। 

(৪)জনসংযোগৰ মাধ্যম।

৬। “সমাজ সামাজিক সম্বন্ধৰ জালগাঁথানি” কোনে কৈছিল?

উত্তৰঃ মেক আইভাৰ আৰু পেজে।

৭। সামাজিকীকৰণৰ প্ৰধান উপাদান কেইটা কি কি?

উত্তৰঃ (ক) অনুকৰণ।

(খ) অভিভাৱন।

(গ)একাত্মতা।

(খ) ভাষা।

৮। সামাজিকীকৰণৰ স্তৰ কেইটা আৰু কি কি?

উত্তৰঃ সামাজিকীকৰণৰ স্তৰ চাৰিটা। সেইবোৰ হল – মৌলিক স্তৰ, পায়ু স্তৰ, সুপ্ত স্তৰ আৰু কৈশোৰ স্তৰ।

৯। মৌলিক স্তৰক ফ্ৰয়েডে কি নামকৰণ কৰিছে?

উত্তৰঃ মৌলিক স্তৰক ফ্ৰয়েডে প্ৰাথমিক স্তৰ হিচাপে নামকৰণ কৰিছে।

১০। পায়ু স্তৰৰ সময় সীমা কিমান?

উত্তৰঃ মৌলিক স্তৰ শেষ হোৱাৰ পৰা তিনি বছৰৰ সময়ছোৱা।

১১। সুপ্ত স্তৰৰ সময় সীমা কিমান?

উত্তৰঃ চাৰি বছৰৰ পৰা ১২/১৩ বছৰৰ সময়ছোৱা।

Essay type Question Answer

১। সামাজিকীকৰণ কি? ইয়াৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ সামাজিকীকৰণ হৈছে এনে এক শিক্ষণ পদ্ধতি যাৰ সহায়ত আমি সমাজৰ এজন সদস্য হওঁ। ই সামাজিক প্রতিমান আৰু মূল্যবোধক হৃদয়ংগম কৰিবলৈ শিকোৱাৰ লগতে সামাজিক ভূমিকা; যেনে শিক্ষণ, কৰ্মচাৰী, ছাত্ৰ, বন্ধু, নাগৰিক আদিৰ ভূমিকা পালন কৰিবলৈয়ো শিকায়। সামাজিককাৰণে আন্তঃক্ৰিয়াৰ সেই প্ৰক্ৰিয়াক বুজাই যাৰ যোগেদি কেঁচুৱা এটাই সংস্কৃতি শিকে আৰু আত্মসচেতন জ্ঞানলৰ্ধ ব্যক্তি ও সামাজিক প্ৰাণী হয়। কিন্তু ই একক প্ৰক্ৰিয়া নহয়। ইয়াত এজনে শিকোৱাৰ সমান্তৰালভাৱে আনজনে  শিকেও।  চমু অৰ্থত কবলৈ গ’লে পিতৃ-মাতৃয়ে শিশুক জন্ম দিয়াৰ দৰে শিশুৰ জন্ময়ো তেওঁলোকক পিতৃ-মাতৃ কৰি তোলে। এঁইদৰে সমাজিকীকৰণে ল’ৰা-ছোৱালীক সমাজত খাপ-খোৱাত সহায় কৰাৰ লগতে বংশ বিস্তাৰতো সহায় কৰে। সামাজিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে ই সেই প্রক্ৰিয়াক সূচায় যাৰ জৰিয়তে সমাজে  এটা প্ৰজন্মৰ পৰা আন এটা প্রজন্মলৈ বস্তুবাদী আৰু অবস্তুবাদী সংস্কৃতি হস্তান্তৰ তথা পৰিচালনা কৰে। অন্যহাতেদি ব্যক্তি এজনৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ’লে ই এজন ব্যক্তিক সমাজৰ সৈতে খাপ খাবলৈ শিকায়। কিন্তু সমাজভেদে সামাজিকীকৰণৰ আৰ্হি আৰু স্বৰূপৰ ক্ষেত্রত ভিন্নতা থকা দেখা যায়।

ইয়াৰ বৈশিষ্ট্যবোৰ হ’ল—

(ক) সামাজিকী এক বিশ্বজনীন প্রক্ৰিয়া! প্রত্যেক মানৱ সমাজতে সদ্য জন্মজাত শিশুক সমাজৰ এজন সদস্য হিচাপে গঢ়ি তোলাৰ বাবে সামাজিকীকৰণৰ শিক্ষা দিয়া হয়।

(খ) ই এক দ্বৈত প্রক্ৰিয়া। এটা পক্ষই ইয়াত শিকায় আৰু আনটো পক্ষই শিকে। একপক্ষীয়ভাৱে সামাজিকীকৰণ নহয়৷ দুই পক্ষৰ মাজত হোৱা অৰ্থপূৰ্ণ আন্তঃক্ৰিয়াই হৈছে সামাজিকীকৰণৰ প্রধান আৰু শক্তিশালী বুনিয়াদ। 

(গ) সামাজিকীকৰণ এক ধাৰাবাহিক প্ৰক্ৰিয়া। মানুহে জন্মৰ পৰা মৃত্যুলৈকে নিৰবিচ্ছিন্নভাৱে সমাজিকিকৰণৰ শিক্ষা গ্ৰহণ কৰি থাকে। অন্যহাতেদি অতীতৰ পৰাই ধাৰাবাহিক ভাৱে ই মানৱ সমাজত এক  মুখ্য স্থান অধিকাৰ কৰি আহিছে।

(ঘ) সমাজিকৰণৰ আন এক উল্লেখযোগ্য চৰিত্ৰ হল ই সংস্কৃতিৰ হস্তান্তৰকৰণ আৰু অতীতৰ সৈতে বৰ্তমানৰ সংযোগকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মাক দেউতাক বা আন অগ্ৰজ প্ৰজন্মৰ পৰ । পিছৰ প্ৰজন্মই সমাজিকিকৰণৰ জৰিয়তে সমাজৰ প্ৰচলিত সংস্কৃতিৰ বিষয়ে জ্ঞান লাভ কৰে। এইদৰে ই অতীতক বৰ্তমানৰ সৈতে সংযোগ কৰে।

(ঙ) সামাজিকীকৰণৰ আন এটি চৰিত্ৰ হ’ল ই সামাজিক সুস্থিৰতা আৰু দায়িত্ব বৰ্তাই ৰখাৰ সহায় কৰে। সমাজিকিকৰণৰ জৰিয়তে এজন ব্যক্তিক সমাজৰ দ্বাৰা অনুমোদিত শৃংখলা বজাই ৰখাত সহায় কৰে।

(চ) সামাজিকীকৰণৰ আৰ্হি , শিক্ষণ পদ্ধতি, স্বৰূপ আৰু প্ৰতিৰূপ সমাজভেদে পৃথক পৃথক আৰু সময়ৰ পৰিবৰ্তনৰ লগে লগে এইবোৰতো পৰিৱৰ্তন দেখা যায়।

২। সমাজিকীকৰণৰ গুৰুত্ববোৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সমাজিকীকৰণৰ গুৰুত্ববোৰৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হল-

(ক) সামাজিকীকৰণে মানৱ জীৱক সামাজিক জীৱলৈ ৰূপান্তৰ কৰে।

(খ) সমাজিকীকৰণৰ প্ৰক্ৰিয়াৰ যোগেদি এজন ব্যক্তিয়ে সমাজৰ প্ৰচলিত জনৰীতি, লোকাচাৰ, সংস্কৃতি আদিবোৰৰ বিষয়ে শিক্ষা লাভ কৰে যিয়ে তেওঁৰ মানৱ সমাজৰ এজন অংশগ্ৰহণকাৰী সদস্য হিচাপে পৰিগণিত হয়।

(গ) সামাজিকীকৰণৰ যোগেদি এজন ব্যক্তিয়ে সামাজিকভাৱে মনুমোদিত আচৰণ প্ৰণালীৰ শিক্ষা লাভ কৰাৰ লগতে তেওঁৰ মাত্মসত্তাৰ বিকাশো ঘটায়।

(ঘ) সামাজিকীকৰণৰ যোগেদি সমাজে এটাৰ পৰা আন এটা প্ৰজন্মলৈ বস্তুবাদী আৰু অ-বস্তুবাদী সংস্কৃতিৰ হস্তাপ্তৰ কৰাৰ লগতে সেইবোৰৰ পৰিচালনা আৰু পৰিচৰ্য৷ কৰে।

(ঙ) সামাজিকীকৰণে ব্যক্তিসকলৰ মাজত আশ্তঃপ্ৰিয়াৰ কৰ্ষণ কৰে।

(চ) সংস্কৃতিৰ সংমিশ্ৰণত ই ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰে।

(ছ) ই সামাজিক শৃংখলাবদ্ধতা বজাই  ৰখাৰ ক্ষেত্ৰত সহায় কৰে যিহেতু সামাজিক নীতি-নিয়ম, প্রথা, পৰম্পৰা, মূল্যবোধ ইত্যাদিবোৰৰ বিষয়ে ইয়াৰ যোগেদি শিক্ষা দিয়া হয়।

(জ) সাম৷জিকীকৰণে পথলৰষ্টতাক বাধা প্রদানেৰে ই সামাজিক নিয়ন্তুণ আৰু সামাজিক অনুৰূপতা সু-নিশ্চিত কৰে।

(ঝ) দক্ষতা আৰু নিপুণতাৰ শিক্ষা প্রদানেৰে ই ভৱিষ্যত জীৱনক সুৰক্ষিত আৰু নিশ্চিত কৰে।

৩। সামাজিকীকৰণৰ স্তৰ আৰু প্রকাৰৰ বিষয়ে লিখ৷৷

উত্তৰঃ সামাজিকীকৰণৰ কিছুমান স্তৰ আছে। অৰ্থাৎ এজন ব্যক্তিয়ে সকলো কথা এটা স্তৰতেই নিশিকে বা শিকোৱা নহয়। সামাজিকীকৰণৰ শিক্ষণ পদ্ধতি ধাপে ধাপে হয়। এই  সন্দেভত হেৰী এম.জনচন নামৰ সমাজতত্ববিদজনে সামাজিকীকৰণৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰিছে যাক সমাজতনত্বীয় সাহিত্যত বহলভাৱে ব্যৱহাৰ কৰা হয়। এইবোৰৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল–

(ক) মৌলিক স্তৰ :- সামাজিকীকৰণৰ মৌলিক স্তৰ বুলি ক’লে জন্মৰ পৰা এবছৰৰ সময়ছোৱাক ধৰা হয়। জন্মৰ লগে লগে এটি কেঁচুৱাই এক নতুন পৰিবেশৰ সৈতে খাপ খাব লগা হয় যিটো মাকৰ গৰ্ভত থাকোতে পোৱা পৰিবেশৰ পৰা পৃথক। গৰ্ভত থাকোতে ভ্ৰুণ সুৰক্ষিত হৈ থাকে আৰু ঠাণ্ডা ও গৰমৰ পৰা নিয়ণ্রিত হৈ থাকে। মাকৰ পৰাই সকলোধৰণৰ প্রটিনজাতীয় খাদ্য বা জীয়াই থকাৰ বাবে প্রয়োজন হোৱা উপাদানবোৰ পায়। এনে এক আৰামদায়ক আৰু সুৰক্ষিত পৰিবেশৰ পৰা জন্মৰ লগে লগে পোৱা নতুন পৰিবেশৰ সৈতে কেঁচুৱা এটি খাপ খাব লগা হয়। এনেস্থলত গৰম বা ঠাণ্ডা, ভোক ইত্যাদিবোৰক বুজাবৰ বাবে কেঁচুৱাটোৱে কান্দে। এইদৰে মৌলিক স্তৰত এটি কেঁচুৱাই নিজৰ প্রয়োজনীয়তা পূৰণ কৰিবলৈ মাকৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল হয়। কিন্ত এই স্তৰতো  কেঁচুৱা এটাৰ কিছুমান সামৰ্থ থাকে যিবোৰক আমি প্ৰকৃতিগত বুলি কব পাৰো যেনে হাত ভৰি লৰ-চৰ কৰা , কন্দা , চকু টিপ মৰা, ওঁঠ লৰোৱা, মুখ মেলা বা বন্ধ কৰা, মূৰ ঘুৰোৱা ইত্যাদি।

এই স্তৰৰ  প্ৰধান আৰু প্রাথমিক সামাজিকীকৰণৰ দায়িত্ব হ’ল কেঁচুৱাটি প্রাথমিক প্রয়োজনীয়তা পূৰণ কৰা। সধাৰণতেই মাকেই এই  সকলো কাম কৰে। মাক আৰু কেঁচুৱাই অতি নিবিড়ভাৱে কথা পাতে আৰু তেওঁলোকৰ ভূমিকা পৰস্পৰকেন্দ্ৰিক হয়। ফ্ৰয়েডে এই স্তৰক প্রাথমিক চিনাক্ত কৰণৰ স্তৰ বুলি উল্লেখ কৰিছে। কিয়নো এই তৰত কেঁচুৱা এটাই নিজৰ চিনাকি মাকৰ সৈতে সংযোগ কৰে।

(খ) পায়ু স্তৰ :- মৌলিক স্তৰ শেষ হোৱাৰ পৰা তিনি বছৰৰ সময়ছোৱাক পায়ু স্তৰ বুলি কোৱা হয়। প্রথম স্তৰত মুখামুখি হোৱা প্রয়োজনীয়তাখিনি পূৰণ কৰিবলৈ এইটো স্তৰত শিশুৱে নিজকে মাকৰ পৰা পৃথক বুলি বুজি পাবলৈ অনুভৱ কৰে। এই স্তৰত শিশু এটিয়ে মাক আৰু আনৰ পৰা সহানুভূতিশীল ব্যৱহাৰ আশা কৰাৰ লগতে অনুৰূপভাৱে নিজেও ব্যৱহাৰ কৰিবলৈ লয়। এই স্তৰত প্ৰধানকৈ শৌচাগাৰ সম্বন্ধীয় শিক্ষা শিশুক দিয়া হয়। এইটো স্তৰত শিশু এটিয়ে ল’ৰা-ছোৱালীৰ পাৰ্থক্য সিমান বুজি নাপায় যদিও আনৰ  সংগ বিচাৰে। শিশু এটাই এই.স্তৰত মাক আৰু নিজৰ ভূমিকা সমূহৰ বিষয়ে অলপ অলপ বুজিব পৰা হয়। এই স্তৰত মাকে শিশু আৰু আনৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে।

(গ) সুপ্তম্ভৰ :- চাৰি বছৰৰ পৰা ১২/১৩ বছৰৰ সময়ছোৱাক এই স্তৰৰ ভিতৰত ধৰা হয়। এই স্তৰক সামাজিকীকৰণৰ অতি জটিল আৰু গুৰুত্বপূৰ্ণ স্তৰ বুলি কোৱা হয়। এই স্তৰত এটি লৰা বা এজনী ছোৱালীয়ে বহুকথা শিকে; যথা- শৌচাগাৰ সন্বন্ধীয় শিক্ষা, কাপোৰ কানি পিন্ধা, আহাৰ গ্ৰহণ কৰা, গা ধোৱা, ল’ৰা ছোৱালীৰ পাৰ্থক্যকৰণ কৰা ইত্যাদি।

এই স্তৰত ল’ৰা বা ছোৱালীয়ে এজনীয়ে নিজকে গুৰুত্ব দিবলৈ ধৰাৰ লগতে অন্যান্য বহুকথা শিকে। ফ্ৰয়েডৰ মতে এই স্তৰৰ ল’ৰাই মাকৰ প্ৰতি আৰু ছোৱালীয়ে পিতৃৰ প্ৰতি আকৰ্ষণ অনুভৰ কৰে যাক তেওঁ Oedipus আৰু Electra Complex বুলি উল্লেখ কৰিছে। সমাজৰ প্রচলিত প্ৰতিমান আৰু সংস্কৃতি অনুযায়ী এটি  ল’ৰাই ল’ৰাৰ দৰে আৰু ছোৱালীয়ে ছোৱালীৰ দৰে আচৰণ কৰিবলৈ লয়। তেওঁলোকৰ দৈহিক , হৰ’মন আৰু জিনগত বৈশিষ্ট্যসমূহো  লিংগ অনুযায়ী বিকশিত হয়। এই স্তৰৰ তিনি প্রকাৰৰ ভূমিক চিনাক্তকৰণ কৰা হয়।

তেওঁ/তাই, তেওঁৰ/তাইৰ, পিতৃ-মাতৃ বা ভাই ককাই অথবা বাই-ভনীৰ সৈতে ভূমিকাক চিনাক্তকৰণ কৰে যাক ‘যৌন ভূমিক চিনাক্তকৰণ’ বুলি কোৱা হয়।

তেওঁ/তাই, তেওঁৰ/তাইৰ বংশ বা সম্বন্ধীয় লোকৰ সৈতে ভূমিকাক চিনাক্তকৰণ কৰে যাক ‘পৰিয়ালত শিশুৰ ভূমিকা’ বুলি কোৱা হয়।

–তেওঁ/তাই গোটেই পৰিয়ালৰ সৈতে নিজকে এজন সদস্য হিচাপে চিনাক্ত কৰে। 

(ঘ) কৈশোৰ স্তৰ :- ১২/১৩ বছৰৰ পৰা ১৮/১৯ বছৰলৈকে এই স্তৰত ধৰা হয়। এইটো স্তৰৰ প্ৰধান চৰিত্ৰ হল লৰা ছোৱালীয়ে পৰিয়ালৰ পৰা স্বাধীনতা বিচাৰে। তেওঁলোকৰ দৈহিক গঠনতো ভিন্নতা পৰিলক্ষিত হয়। ল’ৰা পুৰুষৰ দৰে আৰু ছোৱালী মহিলাৰ দৰে হয়। তেওলোকে নিজস্ব সত্তাক বুজি পোৱা হয়। এই স্তৰত লৰা ছোৱালী আৱেগিক আৰু কল্পনাপ্ৰসূত হয়। তেওঁলোকে এই স্তৰত যৌন প্ৰভেদ ভালদৰে বুজি পোৱা হয়। সেই সম্বন্ধে জ্ঞান লাভ কৰে আৰু ইয়াৰ ওপৰত থকা নিষেধ আৰু প্ৰতিবদ্ধকতাবোৰৰ বিষয়েও জ্ঞাত হয়।

এইদৰে সামাজিকীকৰণ প্রক্ৰিয়া জন্মৰ পৰা আৰম্ভ হয় আৰু সাধাৰণতে এই ভবা হয় যে কৈশৌৰ অৱস্থাৰ পিছৰ পৰা ল’ৰ-ছোৱালীয়ে ভাল-বেয়া, উচিত-অনুচিত, পায়-নাপায় ইত্যাদিৰ বিষয়ে সিদ্ধান্ত লব পৰা হয়। সেয়ে সমাজতত্ববিদসকলে এই স্তৰলৈকে অধিক আলোচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু এটা কথা ঠিক যে সামাজিকীকৰণ এক জীৱনজোৰা শিক্ষণ প্রক্ৰিয়া অৰ্থাৎ মাকৰ গৰ্ভৰ পৰা আৰম্ভ হৈ মৃত্যুত শেষ হয়।

৪। সামাজিকীকৰণৰ প্রতিনিধি সমূহৰ বিষয়ে বহলাই আলোচনা কৰা। 

উত্তৰঃ সামাজিকীকৰণৰ প্রতিনিধিসমূহ :- সমূহ, ব্যক্তি আৰু সংস্থাসমূহে সামাজিকীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এইবোৰৰবিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল–

(ক) পৰিয়াল :- সময় আৰু গুৰুত্বৰ ফালৰ পৰ৷ পৰিয়ালেই হৈছে সমাজিকীকৰণৰ প্রথম আৰু প্ৰধান প্রতিনিধি যিয়ে এজন ব্যক্তিক সমাজ, সমূহ আৰু সম্প্ৰদায়ৰ এজন সদস্য হিচাপে পূৰ্ণাংগ ৰূপত প্ৰস্তুত কৰি তোলে। পৰিয়ালতেই শিশুৰ জন্ম হয়, কথা পাতিবলৈ শিকে আৰু সমাজ অনুমোদিত নীতি নিয়মৰ বিষয়ে প্ৰথমে শিক্ষা লাভ। পৰিয়ালেই হৈছে মুখামুখি সম্বন্ধৰ প্রথম সামাজিক পৰিবেশ যিয়ে এটি শিশুক সমাজৰ প্ৰচলিত সংস্কৃতি অনুীয়ী শিক্ষা প্রদান কৰাৰ লগতে প্ৰশিক্ষণ দিয়ে। পৰিয়ালতেই শিশুৰ আচৰণ প্রণালীয়ে গঢ় লয় আৰু ভাষাৰ ব্যৱহাৰ প্রথমবাৰৰ বাবে কৰে। পিতৃ-মাতৃক অনুকৰণ কৰি বা তেওঁলোকে শিকোৱ আৰ্হি অনুযায়ী শিশোৱে প্রাথমিক জ্ঞান পৰিয়ালৰ পৰাই আহৰণ কৰে। পৰিয়ালে ল’ৰা- ছোৱালীক মূল্যবোধৰ শিক্ষা দিয়ে যিয়ে পৰিয়ালৰ বাহিৰে ভিতৰে সামাজিক কাৰ্য কৰাত সহায় কৰে। ইয়াৰ উপৰিও কিছুমান কাৰ্যক প্ৰশংসা কৰি অথবা আন কিছুমানক নিয়ন্ত্ৰণ কৰি পৰিয়ালে সামাজিক সুস্থিৰতা বজাই ৰখাতো সহায় কৰে৷ 

অন্যহাতেদি পৰিয়ালৰ দৰে সামাজিক সংস্থাটো ভিন্নতা থক| পৰিলক্ষিত হয়। একক পৰিয়াল, যুটীয়া পৰিয়াল, ইত্যাদিৰ স্বৰূপত পৰিয়ালক ভাগ কৰিব পাৰি। এটা কথা ঠিক যে সামাজিকীকৰণ প্ৰক্ৰিয়াত বিশেষকৈ প্ৰাৰম্ভিক অৱস্থাত মাকৰ ভূমিক অতিশয় গুৰুত্বপূৰ্ণ হয়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত যিবোৰ পৰিয়ালত কাম বা বৃত্তিৰ তাগিদাত মাক ঘৰৰ বাহিৰত থাকে অৱস্থাটোৱে আশ্তঃক্ৰিয়াত প্রভাৱ পেলায়। সহজ অৰ্থত কবলৈ গ’লে সম্পৰ্কৰ মাত্ৰাই সামাজিকীকৰণত পৰিয়ালৰ ভূমিকাত প্রভাৱ পেলায়। কিন্তু তৎসত্বেও এটা কথা উল্লেখ কৰাটো সমীচীন হব যে সামাজিকীকৰণত পৰিয়ালৰ ভূমিকা অনস্বীকাৰ্য।

(খ) সমনীয়া সমূহ :- সমনীয়া সমূহ হৈছে সামাজিকীকৰণৰ আন এক প্রতিনিধি যাক প্রায় একে বয়সৰ বন্ধুৰ সমূহ বুলিও কোৱা হয় সাধাৰণতে চাৰি পাঁচজনীয়া বন্ধুৰ দল এটাই যথেষ্ট সময় একেলগে অতিবাহিত কৰে। পৰিয়ালৰ বাহিৰত মনে মিলা আৰু একেধৰণৰ ইচ্ছা আৰু আশা থকা ল’ৰা-ছোৱালীয়ে সমূহৰ সৃষ্টি কৰে। ইয়াত কোনে ধৰণৰ বাধা নিষেধ নাথাকে। অন্যাৰ্থত কবলৈ গ’লে পৰিয়ালতকৈ সমনীয়াৰ সমূহ অধিক উদাৰ আৰু গণতান্ত্ৰিক প্রকৃতিৰ হয়। এনে সমূহত যিহেতু পিতৃ-মাতৃৰ নিয়ন্ত্ৰণৰ দৰে কঠোৰ বাধা নিষেধ নাথাকে সেয়ে সিহঁতে অধিক স্বাভাৱিক আৰু মুক্ত মনেৰে কথা পাতিব পাৰে। সাধাৰণতে এইটো কোৱা হয় যে পিতৃ-মাতৃৰ সৈতে আলোচনা কৰিব নোৱাৰা বহু বিষয় সমূহৰ সৈতে শিশোৱে নানা কথা শিকে; যেনে- মনৰ ভাৱনা, আকোঁৰগোজ, সন্তুষ্টিৰ গোপনীয় ভাৱ, বৌন জ্ঞান ইত্যাদি৷

এজন মানুহৰ গোটেই জীৱনত বন্ধুত্বৰ সম্বন্ধ অতি প্ৰয়োজন এই সমনীয়াৰ সমূহ সাধাৰণতে বিদ্যালযর বা মহাবিদ্যালয় অথবা কৰ্মক্ষেত্ৰত সৃষ্টি হয় বুলি কোৱা হয় যাৰ প্রভাৱ আমাৰ আচৰণ-প্ৰণালী, দৃষ্টিভংগী আৰু জীৱনত পৰে।

(গ) শিক্ষানুষ্ঠান :- সৰু সৰু ল’ৰা ছোৱালীৰ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়বোৰক সামাজিকীকৰণৰ আন অতি গুৰুত্বপূৰ্ণ প্ৰতিনিধি বুলি ক’ব পাৰি। শিক্ষা ব্যৱস্থাই বস্তুবাদী আৰু অ-বস্তুবাদী সংস্কৃতিৰ শিক্ষা প্রদানেৰে সামাজিক প্ৰতিমান আৰু মূল্যবোধৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে যিয়ে সামাজিক সুস্থিৰতা বজাই ৰাখে।

সামাজিক প্ৰতিপত্তি বা সামাজিকভাৱে প্ৰভাৱ বিজাৰ কৰাৰ জ্ঞান আৰু কৌশল আনুষ্ঠানিক শিক্ষা ব্যৱস্থা প্ৰচলন হোৱাৰ আগৰ পৰাই আৰম্ভ হৈছিল আৰু হৈয়ো থাকিব। তৎসন্বেও আনুষ্ঠানিক শিক্ষা ব্যৱস্থা সদায়েই কেন্দ্ৰবিন্দু হৈ ৰয় উদাহৰণস্বৰূপে বিদ্যালয়ৰ পাঠ্যক্ৰমে ল’ৰা-ছোৱালীক ইতিহাস, ভূগোল, বিজ্ঞান, ভাষা, সাহিত্য, কলা ইত্যাদিবোৰৰ বিষয়ে গান দিয়ে। সামাজিক ইতিহাসৰ  পাঠ্যক্ৰমে জাতীয় ভাৱৰ উন্মেষ ঘটায়। চিকিৎসা বিজ্ঞান, ব্যৱস্থাপনা, শিক্ষা, আইনগত পাঠ্যক্রম, অভিযান্ত্ৰিক পাঠ্যক্রম ইত্যাদিবোৰে উঠি অহা চামক ব্যৱহাৰিক আৰু বৃত্তিমুখি শিক্ষা প্রদান কৰে।

মাৰ্ক্মীয় দৰ্শন বা মাৰ্ক্সীবাদী চিন্তাবিদসকলৰ মতে বিদ্যালয়সমূহ হৈছে আংশিক শ্ৰম শক্তিৰ অৰ্থনীতিলৈ সামাজিৰ্কীকৰণ কৰা এক আহিলা। ক্ৰিয়াত্মকবাদ চিন্ত৷বিদসকলৰ মতে শিক্ষানুষ্ঠানসমূহে সামজিকীকৰণৰ ক্ৰিয়া কৰে যি ক্ৰিয়াই সামাজিক ভাৰসাম্যতা অটুট ৰাখে। শৈক্ষিক পাঠ্যক্ৰমৰ  যোগেদি এই ক্ৰিয়াবোৰ সম্পন্ন কৰা হয়। ইয়াৰ প্রধান ক্ৰিয়াসমূহ হৈছে-

(a) দমণনীয় শ্ৰেণী বা  সমূহৰ উপযোগীকৈ ই ভাল আচৰণৰ প্রতিমনক প্রতিষ্ঠা কৰে

(b) কৰ্তৃত্বৰ প্রতি দায়বদ্ধতা।

(c) ধাৰনা বা আহিৰ এক কাঠামো প্রস্তুত কৰা।

এই দৰে আমি ক’ব পাৰো যে শিক্ষানুষ্ঠানৰ প্রধান সাম৷জিকীকৰণৰ কাম হ’ল-

(a) নতুন প্রজন্মক আনুষ্ঠানিক আৰু কাযলিয়কেন্দ্ৰিক আদৰ্শৰ শিক্ষা দিয়া।

(b) নিয়মানুৱৰ্তিতা আৰু শুংখলাবদ্ধতাৰ বিষয়ে শিকোৱা।

(c) সমাজৰ আধিপত্য শ্ৰেণী বা সমূহৰ প্রতিমান আৰু মূলাবোধক শিকোৱা।

(d) পথলভ্ৰষ্টতাক নিয়ন্তুণ কৰা।

(e ) সংস্কৃতিৰ ধাৰাবাহিকতা অক্ষুন্ন কৰা।

(f) পৰিৱৰ্তিত পৰিস্থিতিত সামাজিক ভাৰসামাতা ৰক্ষাৰ বাবে শিক্ষা প্রদান কৰা ইত্যাদি।

(ঘ) প্রচাৰ-মাধ্যম :- প্রচাৰ মাধ্যম; যেনে, দূৰদৰ্শন, বাতৰি কাকত  আলোচনী, ৰেডিঅ, ইণ্টাৰনেট, বোলছবি ইত্যাদিবোৰকো সামাজিকীকৰণৰ আন এক উল্লেখযোগ্য অভিকৰ্তা বুলি আখ্যা দিব পাৰি। এইবোৰ সাধাৰণ লোকৰ ধাৰণাত যথেষ্ট প্রভাৱ পেলাই আৰু এইবোৰৰ যোগেদিও শিক্ষা প্রদান কৰা হয়।

প্ৰচাৰ মাধ্যমসমূহে ইয়াৰ দৰ্শক আৰু শ্ৰোতাৰ সৈতে সামাজিক ধাৰণা, দৃষ্টিভংগী, মতামত, ধুন-পেচ ইত্যাদিবোৰ বিষয়ৰ ওপৰত যোগাযোগ ৰাখে। প্রচাৰ মাধ্যমবোৰে এনে কাম সচেতন আৰু অসচেতনভাবে কৰা দেখা যায়। সচেতনতাৰে কৰা মানে সেই কামক বুজাই যেতিয়া প্রচাৰ মাধ্যমে ইচ্ছাকৃতভাৱে কোনো এক বস্তুক সাংস্কৃতক বা কলাত্মক মূল্যৰে উপস্থাপন বা প্ৰচাৰ কৰে আৰু অসচেতনতাৰে কৰ৷ বুলি ক’লে প্ৰচাৰ মাধ্যমে দৰ্শক বা শ্ৰোতাক বাচনি কৰিবলৈ এৰি দি-যিটো৷ প্রচাৰ কৰে তাক বুজা যায়। তদুপৰি প্রচাৰ মাধ্যমে অতি শেহতীয়া খবৰ বা ঘটনা অথবা মূল্যবোধকো প্ৰচাৰ কৰে যিটোৰ ভূল-শুদ্ধ বিচাৰ কৰাৰ দায়িত্ব শ্ৰোতাৰ ওপৰত নাস্ত থাকে। কেতিয়াবা আকৌ প্রচাৰ মাধ্যমে কিছুমান ধাৰণাক বাধা দিও সামাজিক সুস্থিৰতা বজাই ৰখাত সহায় কৰে।

অন্যান্য প্ৰচাৰ মাধ্যমৰ তুলনাত দূৰদৰ্শন অতি বহলভাৱে ব্যৱহৃত হয় আৰু ইয়াৰ প্রপ্রেমবোৰে ব্যক্তিৰ ওপৰত গভীৰ ভাৱে প্রভাৱ পেলায়। এইটো সাধাৰণতেই ধৰা হয় যে দূৰদৰ্শন চোৱা আৰু যুৱকসকলৰ আক্ৰোশমূলক ব্যৱহাৰৰ মাজত এক প্রত্যক্ষ আৰু শক্তিশালী যোগসুত্ৰ আছে। আমি ইয়াকো ক’ব পাৰো যে দূৰদৰ্শন হৈছে নৈতিক স্বলনৰ প্রধান কাৰণ। এইবোৰৰ বিপৰীতে দূৰদৰ্শনে সংস্কৃতিৰ ধাৰাবাহিকত| ৰক্ষা কৰা, প্রতিমান মানি চলা, নতুন ধুন- পেচ গ্রহণ কৰা বা শিকি লোৱাৰ ক্ষেত্ৰত সহায় কৰে।

আচল কথাটো হ’ল প্রচাৰ মাধ্যমে আমাক যথেষ্ট অভিজ্ঞতা দিয়ে অন্যথাই আমি এইবোৰৰ পৰা বহু আঁতৰত থাকিবলগা হ’লতেতেন। এইদৰে প্রচাৰ মাধ্যমসমূহে জনসাধাৰণৰ দৃষ্টিভংগী আৰু ধাৰণাত যথেষ্ট প্রভাৱ পেলায়। ভাৰতবৰ্যকে ধৰি অন্যান্য তৃতীয় বিশ্বৰ দেশত য’ত ৩০ শতাংশতকৈ অধিক লোক নিৰক্ষৰ ৷ ৰেডিঅ’ আৰু দূৰদৰ্শন সামাজিৰ্কাকৰণৰ শক্তিশালী প্রতিনিধি বুলি বিবেচন| কৰিব পাৰি।

(ঙ) ধৰ্মীয় সংস্থা :- সামাজিকীকৰণৰ আন এক অতি উপযোগী প্রতিনিধি হৈছে ধৰ্মীয় সংস্থা। ধৰ্ম মানে হৈছে এক অতি মানৱীয় শক্তিৰ ওপৰত থকা গভীৰ বিশ্বাস আৰু ধৰ্মীয় সংস্থা হৈছে সেই ঠাই য’ত মানুহে এই অতি মানৱীয় শক্তিক পূজা কৰে। হিন্দি ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, জৈন, শিখ এই সকলো ধৰ্মৰে নিৰ্দিষ্ট কিছুমান প্রতিমান,বাধা-নিষেধ, আচৰণ-প্রণালী, ৰীতি-নীতি, পৱিত্ৰ অপৱিত্ৰ ধাৰণা, বিশ্বাস ইত্যাদিবোৰ আছে। এইবোৰৰ পৰিচালনা আৰু পৰিচৰ্যাৰ ক্ষেত্ৰত ধৰ্মীয় সংস্থাসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিক পালন কৰে।

হিন্দু ধৰ্মীয় দৰ্শন অনুযায়ী এই জনমত পুণ্য অৰ্জন কৰিলে মৃত্যুৰ পিছত স্বৰ্গলে গমন অন্যথা নৰকলৈ যাব লগা হয় বুলি বিশ্বাস কৰা হয়। এনে বিশ্বাসেই আমাক সামাজিক জীৱনত কল্যাণমূলক কাম কৰাৰ শিক্ষা দিয়াৰ লগতে অনুপ্ৰেৰণা যোগায়। ঠিক একেদৰে জাৰ্মান সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ ভাষাত কবলৈ গ’লে প্ৰটেষ্টাণ্ট ধৰ্মই কঠোৰ পৰিশ্ৰম কৰাৰ শিক্ষা ও উৎসাহ দিয়ে৷ অনুৰূপভাৱে বৌদ্ধ ধৰ্মতেো মানৱ কল্যাণৰ শিক্ষা পোৱা যায়। ইছলাম ধৰ্ময়ো সহজ অৰ্থত ক’বলৈ গ’লে ধৰ্মীয় সংস্থাসমূহে এজন ব্যক্তিক জীৱনৰ প্রতিটো স্তৰতেই শিক্ষা প্রদান কৰি সামাজিকীকৰণ পথত এক লেখত ল’বলগীয়া অৱদান আগবঢ়ায়।

(চ) ৰাষ্ট্ৰ :- ৰাষ্ট হৈছে সামাজিকীকৰণৰ আন এক অভিকৰ্তা৷ ৰাষ্ট্রই আইন কানুন প্রণয়ন আৰু বলৱৎ কৰাৰ লগতে ৰাষ্ট্ৰীয়

নিৰাপত্তা সুনিশ্চিত কৰে। সামাজিকভাৱে অনুমোদিত আৰু গ্ৰহণীয় নীতি- নিয়ম প্রথা, প্রতিমান, বিশ্বাস, সংস্কৃতি ইত্যাদিল্লাৰক ৰক্ষা ও পৰিচালনা কৰাৰ ওপৰত ই গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰৰ দ্বাৰ| বলবৎ কৰা আইন কানুন মানি চলিবলৈ আমি সকলোৱেই বাধ্য। এয়া আমাৰ ৰাষ্ট্ৰয় কৰ্তব্যও। ৰাষ্ট্ৰই আমাক জাতীয় ভাৱৰ শিক্ষা দিয়ে, ৰাষ্ট্ৰৰ প্রতি দায়বদ্ধ আৰু শ্ৰদ্ধাশীল হ’বলৈ শিকাই, ৰাষ্ট্ৰীয় দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ উৎসাহ যোগাই আৰু দায়বদ্ধ নাগৰিকৰ ভূমিকা পালন কৰিবলৈয়ে শিকায়। আমি ৰাষ্টি প্রদত্ত শিক্ষা ব্যবস্থাৰেই জীৱনৰ লক্ষ্য নি চন কৰো, বৃত্তি বাছি লও, জীৱন-নিবাই কৰোঁ, মূল্যবোধ আৰু সংস্কৃতিক গ্ৰহণ কৰোঁ ইত্যাদি।

(ছ) স্বজন আৰু চুবুৰীয়াৰ সমূহ :- সমনীয়াৰ সমূহৰ দৰেই স্বজন আৰু চুবুৰীয়াৰ সমূহেও সামাজিকীকৰণ প্রক্ৰিয়াত যথেষ্ট প্রভাৱ পেলায়। তেজ (Blood) আৰু বৈবাহিক সম্বন্ধৰ জৰিয়তে সৃষ্টি হোৱা সমূহকেই স্বজন সমূহ কোৱা হয়। তদুপৰি প্রাথমিক, দ্বিতীয়ক আৰু তৃতীয়ক স্বজন ‘সম্বন্ধৰ কথা সকলোৱে জানে। অন্যহাতেদি চুবুৰীয়াৰ সমূহ বুলি ক’লে আমি আমাৰ কাষৰ মানুহৰ সমষ্টিক বুজো । আমাৰ ঘৰৰ আশে পাশে থকা ব্যক্তিসকলক লৈ চুবুৰীয়াৰ সমূহ সৃষ্টি হ্য়। এই দুয়োটাই সামাজিকীকৰণত অৰ্থাৎ শিক্ষণ পদ্ধতিত পোনপটিয়াকৈ প্রভাৱ পেলায়।

ল’ৰা-ছোৱালীবোৰে পৰিয়ালৰ পিছতে ই স্বজন সমূহ আৰু ওচৰ চুবুৰীয়াক পায়।এই দুই সমাজিকীকৰণৰ  অভিকতাই সকলোধৰণৰ জ্ঞান, অভিজ্ঞতা, উপদেশ, পৰামৰ্শ আদিবোৰ লৰা ছোৱালীক দিয়া দেখা যায়।

এইদৰে ওপৰত উল্লেখ কৰা সাতটা অভিকৰ্তাৰ উপৰিও স্থানীয় সমদায়, জাতিৰ সমূহ, চহৰীয়া সংগঠন বা অনান্য স্বেচ্ছাসেৱী সমূহেও সামাজিকীকৰণ প্রক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও অর্থনীতি, ৰাজনাতি, পৰম্পৰা, আৰক্ষী আদালত, প্ৰথ৷ ইত্যাদিবোৰকো ইয়াৰ ভিতৰত অন্তর্ভুক্ত কৰিব পাৰি৷

সামাজিকীকৰণ যিহেতু এক জীৱনযোৰা প্রক্ৰিয়া আৰু জীৱন নিবহিৰ ক্ষেত্ৰত প্রতিটো স্তৰতেই অথবা প্রতিটো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যাওঁতেই নতুন নতুন জ্ঞান আৰু অভিজ্ঞতাৰ প্রয়োজন হয় সেয়ে সামাজিকীকৰণৰ গুৰুত্ব আৰু প্রয়োজনীয়তা সকলো সময়তেই প্রয়োজন হৈ পৰে। |

সামাজিক পৰিৱৰ্তনঃ অৰ্থ, দিশ আৰু প্ৰসাৰতা

৫। সামাজিক পৰিবৰ্তন বুলিলে কি বুজা?

উত্তৰঃ সামাজিক পৰিৱৰ্তন এটা নিৰ্দিষ্ট দিশ বা নিৰ্দিষ্ট গতিত হোৱ৷ পৰিৱৰ্তন নহয়। ইয়াৰ অৰ্থ ব্যাপক। ই যিকোনো দিশত বা যিকোনে৷ সময়তেই হ’ব পাৰে। চমুকৈ ক’বলৈ গ’লে সামাজিক পৰিৱৰ্তন মানে সামাজিক সংৰচনাৰ পৰিৱৰ্তন, অৰ্থাৎ যিবোৰ উপাদানৰ সহায়ত সামাজিক সংৰচনাৰ সৃষ্টি হৈছে সেইবোৰৰ পৰিৱৰ্তন হোৱা সামাজিক সংৰচনাৰ উপাদান হ’ল সামাজিক আন্তঃক্ৰিয়া, সামাজিক সম্বন্ধ, সামাজিক প্রতিমান, সামাজিক মূল্য ইত্যাদি। এই উপাদানবোৰ সামাজিক সমূহ আৰু সংস্থাৰ জৰিয়তে আত্মপ্রকাশ কৰে৷ এই সংস্থাবোৰৰ গঠন প্রক্ৰিয়াস্বৰূপ আৰু কাৰ্যকলাপৰ পৰিৱৰ্তন ঘটিলেই সামাজিক পৰিৱৰ্তনৰ সৃষ্টি হয়।

৬। সামাজিক পৰিৱৰ্তনৰ দুটা কাৰকৰ বিষয়ে আলোচন কৰা?

উত্তৰঃ সামাজিক পৰিৱৰ্তনৰ দুটাকাৰক হৈছে-

১ ৷ ভৌগোলিক কাৰক (Geographical factor) :- সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত ভৌগোলিক অৱস্থাই বহু প্রভাৱ পেলায়। বিভিন্ন সময়ত হোৱা প্রাকৃতিক দুৰ্যোগ সমূহে সমাজত পৰিৱৰ্তনৰ বাট মুকলি কৰি আহিছে। কিয়নো প্রাকৃতিক দুযেগিৰ পৰা| হাত সাৰিবলৈ বহু সময়ত মানুহে ঘৰ-দুৱাৰ, আচবাব, আদি সলনি কৰিব লগা হৈছে। এইক্ষেত্ৰত Robert Bierstedt এ কৈছে– ‘.Geographical factor account for what can be and for what cannot be in human societies, but they do not account for what is. অৰ্থাৎ ভৌগোলিক অৱস্থাই কেৱল অকলে সামাজিক পৰিৱৰ্তন আনিব নোৱাৰে।it is limiting but not determining.

২ ৷ জনপসাংখ্যিক কাৰক :- জনসংখ্যাৰ হ্ৰাস-বৃদ্ধিৰ লগত সামাজিক পৰিৱৰ্তনৰ ধাৰাৰ অতি ওচৰ সম্বন্ধ আছে। বিভিন্ন সমাজবিজ্ঞানায়ে জনসংখ্যাই কিদৰে সমাজত প্রভাৱ পেলায়, তাৰ ব্যাখ্যা আগবঢ়াই আহিছে। জনসংখ্যাৰ বৃদ্ধিয়ে এখন সমাজত কিদৰে প্রভাৱ পেলায় কি ঠিক সেইদৰে কম জনসংখ্যাও সমাজ পৰিৱৰ্তনৰ কাৰক হ’ব পাৰে। অৱশ্যে জনসংখ্যা বুদ্ধিৰ বাবে অন্যান্য আনুযৎগিক সমস্যা, যেনে- বাসগৃহৰ সমস্যা, অভাৱ-অনাটন, দৰিদ্ৰতা, খাদ্যৰ সমস্যা, শিক্ষাৰ সমস্যা, অৰ্থনৈতিক অনাটন আদিৰ সমস্যাও দেখা দিয়ে।

জনসংখ্যাৰ প্ৰসংগত বিখ্যাত অৰ্থনীতিবিদ থমাছ মালথাছৰ সূত্ৰ উল্লেখযোগ্য। তেওঁৰ মতে, জনসংখ্যা বৃদ্ধি হয় জ্যামিতিক পদ্ধতিত আৰু খাদ্য সামগ্ৰী বৃদ্ধি হয় গাণিতিক পদ্ধতিত। গতিকে খাদ্য সামগ্ৰীৰ নাটিনি হোৱাটো স্বাভাৱিক যাৰ বাবে নতুন বৃত্তি বা প্ৰযুক্তিৰ উদ্ভাৱনে সমাজলৈ পৰিবৰ্তন আনিলে। 

চমুকৈ ক’বলৈ গ’লে জনসংখ্যাই সমাজত সামাজিক, ৰাজনৈতিক, শিক্ষা বৃত্তি, অৰ্থনৈতিক আদি কৰি সামাজিক সংস্থাবোৰত বাৰুকৈয়ে পৰিৱৰ্তন আনিলে। জনসংখ্যাৰ লগত সামাজিক পৰিৱৰ্তনৰ সম্পৰ্কে নতুন নতুন ধাৰণাৰ আৱিৰ্ভাৱ হৈছে৷ এইক্ষেত্রত Mary Stopes Margaret Sanger” আদিৰ নাম উল্লেখযোগ্য।

৭। সামাজিক পৰিবৰ্তনৰ পাঁচটা বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ সামাজিক পৰিৱৰ্তনৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত বিভিন্ন সমাজ বিজ্ঞানীয়ে মতামত আগবঢ়াইছে। সমাজবিজ্ঞানী উইলবাৰ্ট মূৰ, মেক আইভাৰ, লেপি আদিৰ নাম উল্লেখযোগ্য। সেইবোৰৰ ওপৰত ভিত্তি কৰি তলত ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা হল-

১৷ সামাজিক পৰিৱৰ্তন এক ধাৰাবাহিক প্ৰক্ৰিয়া। যি ধৰণৰ সমাজেই নহওক কিয় সমাজ সদায়েই পৰিৱৰ্তনশীল কোনে সমাজ ধীৰ বা ক্ষিপ্ৰ গতিত হ’লেও পৰিৱৰ্তন হৈ থাকে। কোনো সমাজেই পৰিৱৰ্তনৰ পৰা বাদ নপৰে।

২। সামাজিক পৰিৱৰ্তন সময়ৰ লগত জড়িত। সেয়ে মেক আইভাৰে কৈছে ‘it is a becoming not a being; a process, not a product. সকলো পৰিৱৰ্তন একে সময়তে হোৱা দেখা নাযায়। ই বিভিন্ন ত্তৰ বা অৱস্থাৰ মাজেদিহে চলি আহি থাকে৷

৩ ৷ সামাজিক পৰিৱৰ্তনে লোক সমাজৰ পৰিৱৰ্তনক বুজায়৷ অর্থাৎ সামাজিক পৰিৱৰ্তনে সমাজৰ সকলো ব্যক্তিৰ সামাজিক জীৱনত হোৱা পৰিৱৰ্তনক সাঙুৰি লয়। এজন ব্যক্তিৰ ক্ষেত্রত হোৱা পৰিৱৰ্তনক সামাজিক পৰিৱৰ্তন বুলিব নোৱাৰি।

৪ ৷ সামাজিক পৰিৱৰ্তন সমান্তৰালভাৱে সংঘটিত নহয়৷ সমাজভেদে পৰিৱৰ্তনৰ যাত্ৰাও বেলেগ বেলেগ হ’ব পাৰে৷ উদাহৰণস্বৰূপে, নগৰীয়া সমাজৰ পৰিৱৰ্তনৰ ধাৰা বা গতি গ্ৰাম্য বা জনজাতীয় সমাজতকৈ অধিক খৰতকীয়া হোৱা দেখ যায়।

৫ ৷ সামাজিক পৰিৱৰ্তনবোৰ পৰিকল্পিত বা অপৰিকল্পিত ধৰণৰ হ’ব পাৰে। অৰ্থাৎ চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে দেশৰ উন্নয়নৰ বাবে নিৰ্দিষ্ট সময়ৰ ক্ষেত্ৰত কিছুমান পৰিকল্পিতভাৱে পৰিবৰ্তন আনিবলৈ চেষ্ট৷ কৰা আদিকে বুজা যায়। যেনে- দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পমাৰ এক পৰিকল্পিত পৰিৱৰ্তন। অন্যহাতে আন কিছুমান পৰিৱৰ্তন অপৰিকল্পিতভাৱে হ’ব পাৰে।

৮। সামাজিক পৰিৱৰ্তনৰ জনসাংখ্যিক কাৰকটো ব্যাখ্যা কৰা? 

উত্তৰঃ জনসংখ্যাৰ হ্ৰাস-বৃদ্ধিৰ লগত সামাজিক পৰিৱৰ্তনৰ ধাৰাৰ অতি ওচৰ সম্বন্ধ আছে। বিভিন্ন সমাজবিজ্ঞানীয়ে জনসংখ্যাই কিদৰে সমাজত প্রভাৱ পেলায়, তাৰ ব্যাখ্যা আগবঢ়াই আহিছে। জনসংখ্যাৰ বৃদ্ধিয়ে এখন সমাজত কিদৰে প্রভাৱ পেলায় কি ঠিক সেইদৰে কম জনসংখ্যাও সমাজ পৰিৱৰ্তনৰ কাৰক হ’ব পাৰে। অৱশ্যে জনসংখ্যা বৃদ্ধিৰ  বানে অন্যানা আনুষংগিক সমস্যা যেনে- বাসগৃহৰ সমস্যা, অভাৱ অনাটন, দৰিদ্ৰতা, খাদ্যৰ সমস্যা, শিক্ষাৰ সমস্যা অৰ্থনৈতিক অনাটন আদিৰ সমস্যাও দেখা দিয়ে।

জনসংখ্যাৰ প্ৰসংগত বিখ্যাত অৰ্থনীতিবিদ থমাছ মালথাছৰ সূত্ৰ উল্লেখযোগ্য। তেওঁৰ মতে , জনসংখ্যা বৃদ্ধি জ্যামিতিক পদ্ধতিত  আৰু খাদ্য সামগ্ৰী বৃদ্ধি হয় গাণিতিক পদ্ধতিত। গতিকে খাদ্য সামগ্ৰীৰ নাটনি হোৱাৰ স্বাভাৱিক যাৰ বাবে নতুন বৃত্তি বা প্ৰযুক্তিৰ উদ্ভাৱনে সমাজলৈ পৰিবৰ্তন আনিলে।

চমুকৈ কবলৈ গলে জনসংখ্যাই সমাজত সামাজিক , ৰাজনৈতিক, শিক্ষা, বৃত্তি, অৰ্থনৈতিক আদি কৰি সামাজিক সংস্থাবোৰত বাৰুকেয়ে পৰিৱৰ্তন আনিলে। জনসংখ্যাৰ লগত সামাজিক পৰিৱৰ্তনৰ সম্পৰ্কে নতুন নতুন ধাৰনাৰ আবিৰ্ভাৱ হৈছে। এইক্ষেত্ৰত Mary stopes , Margaret sanger  আদিৰ নাম উল্লেখযোগ্য ।

৯। সামাজিক পৰিৱৰ্তনৰ অৰ্থনৈতিক কাৰকটো লিখা।

উত্তৰঃ সামাজিক পৰিবৰ্তনৰ ক্ষেত্ৰত অৰ্থনৈতিক কাৰকেও প্ৰাপাপত প্রভাৱ পেলায়।  যাক নিৰ্ণায়ক ব্যাখ্যা বুলিও ক‘ব পাৰি ৷ অৰ্থনৈতিক পৰিৱৰ্তনৰ ফলত মানৱ সমাজৰ সন্বন্ধবোৰো পৰিৱৰ্তন হয়। যাৰ বাবে মানুহৰ আচাৰ-ব্যৱহাৰ, কাম-কাজ,সাজপপাৰ, খাদ্যভাস , জীৱন, শৈলী আদি সকলো পৰিবৰ্তন হয়। এই ব্যাখ্যাৰ মূল পৃষ্ঠপোষক কাৰ্ল মাৰ্ক্সৰ মতে উৎপাদনৰ আহিলা সমূহ ক্ৰমে পৰিবৰ্তন হৈ অহাৰ ফলতেই সমাজ ব্যৱস্থাতো ক্ৰমে সাম্যবাদী সমাজ, দাসত্ব সমাজ, সামন্ত সমাজ আৰু শেষত পুঁজিবাদী গা কৰি উঠিছে। এইদৰে পৰিবৰ্তনীয় সমাজ ব্যৱস্থাত সহায় এচাম মালিক বা ধনী শ্ৰেণী আৰু আন এজন শ্ৰমিক বা দুখীয়া শ্ৰেণীৰ লোকেই সমাজত দেখা পোৱা যায়। বৰ্তমান পুঁজিবাদী সমাজত উৎপাদিকা শক্তি আৰু উৎপাদনৰ সম্পৰ্কয় সমাজ পৰিবৰ্তনৰ গুৰুত্ব পায়। গতিকে আমি কব পাৰো যে অৰ্থনৈতিক উৎপাদনৰ আহিলা। উৎপাদিকা শক্তি , আদিবোৰেও সামাজিক পৰিবৰ্তনৰ বাহক হিচাপে কাম কৰিব পাৰো।

১০। সামাজিক পৰিবৰ্তনৰ প্ৰযুক্তিবিদাগত কাৰকটো কি ?

উত্তৰঃ বৰ্তমান যুগত আমি সহজেই প্ৰযুক্তিবিদ্যাৰ যুগ বা যান্ত্ৰিক যোগ বুলিব পাৰো। জীৱনৰ প্ৰতিটো মুহূৰ্ততে ইয়াৰ প্ৰভাৱ অপৰিহাৰ্য্য। According to Karl Marx-Even the formation of a nation and mental conceptions and attitudes are dependent upon technology. এইক্ষেত্ৰত আৰ্গধান, ভেবলেন আদিয়েও মত পোষণ কৰিছে।/প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে সমাজলৈ সহজে উদ্যোগিককৰণ, নগৰীকৰণ, আধুনিকীকৰণ প্ৰক্ৰিয়াৰ প্ৰসাৰ ঘটাই উন্নত মানৱ সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিলে। ঔদ্যোগি ক প্ৰসাৰতাই মানুহৰ মাজত নতুন চিন্তা-চৰ্চাৰ বাট মুকলি কৰিলে যাৰ বাবে পুৰণিকলীয়| মনোভাৱ, আচাৰ-ব্যৱহাৰ, অন্ধবিশ্বাস৷, ব্যৱসায় বৃত্তি, ৰীতি-নীতি,পৰিয়াল ব্যৱস্থা আদিলৈ অনেক পৰিৱৰ্তন আহিল।

প্ৰযুক্তিবিদ্যাৰ আৱিৰ্ভাৱে ভাৰতী য় সমাজৰ সংস্থাসমূহত বিশেষ প্রভাৱ পেলালে আৰু ইয়াৰ ফলত ধৰ্ম ৰাজনীতি, অৰ্থনীতি, শিক্ষা, আদি সলনি হোৱাৰ লগতে বহু পুৰণি প্রথা লুপ্ত হ’ল। যোগাযোগ আৰু তথ্য প্ৰযুক্তিয়ে মানুহৰ মনত বাৰুকৈয়ে প্রভাৱ পেলায় আৰু ই সমাজ পৰিৱৰ্তনেই নহয় অৰ্থনৈতিক উন্নতিত যথেষ্ট সহায় কৰিলে। মুঠ কথাত মানুহৰ জীৱনশৈলী, উৎপাদন, সামাজিক সংস্থা আদি সকলোতে প্ৰযুক্তিবিদ্যাই গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিলে।

১১। সামাজিক পৰিৱৰ্তনৰ সংস্কৃতিক কাৰকটো কি?

উত্তৰঃ সংস্কৃতি হৈছে এখন সমাজৰ সপোন স্বৰূপ আৰু ই গঠন হৈছে সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, প্রথা,পৰম্পৰা, আদৰ্শ আদি লগ লাগি। গতিকে আমাৰ বিশ্বাস, ৰীতি- নীতিবোৰৰ লগত সংস্থা বা সম্বন্ধবোৰ জড়িত আছে। গতিকে এই ৰীতি-নীতি, সংস্থা আদি পৰিৱৰ্তন হ’লেই সামাজিক পৰিৱর্তন হ ‘ব, সেয়ে Robert Bierstedt এ কৈছে ‘’ What people think, in short , determines in every measure… what they do and what they want.সংস্কৃতি সদায় পৰিৱৰ্তনশীল ৷ এটা সংস্কৃতি আন এটা সংস্কৃতিৰ পৰশতো পৰিবৰ্তন আহিব পাৰে। সংস্কৃতি যিহেতুকে এক সামূহিকভাবে গ্রহণীয় আদৰ্শ সেয়ে ই সমগ্ৰ সমাজৰ প্রভাৱ পেলায়।

১২। সামাজিক পৰিৱৰ্তনৰ সংজ্ঞা লিখা।

উত্তৰঃ মেক আইভাৰ আৰু পেজৰ মতে, “সামাজিক পৰিবৰ্তণৰ অৰ্থ হ’ল সামাজিক সম্বন্ধৰ পৰিৱৰ্তন।”

হেৰী এম জনচনৰ মতে, “সামাজিক পৰিৱৰ্তনৰ অর্থ হ’ল সামাজিক সংৰচনাৰ পৰিবৰ্তন। অৰ্থাৎ জনচনে সামাজিক সংৰচনাৰ পৰিৱৰ্তনক আগস্থান দিছে।

এলড্ৰেজ আৰু মেৰীৰ মতে, “বহু সংখ্যক লোক তেওঁলোকে নিজে আৰু তেওঁলোকৰ পূৰ্বপুৰুষে আগেয়ে কৰা কামতকৈ বেলেগ ধৰণৰ কামত লিণ্ড হোৱাকে সামাজিক পৰিৱৰ্তন বুলি কোৱা হয়। 

গিলিন আৰু গিলিনৰ মতে, “জীৱন নিৰ্বাহৰ প্ৰচলিত পৰিৱৰ্তনেই হ’ল সামাজিক পৰি্ৱিৰ্তন।”

১৩। সামাজিক পৰিৱৰ্তন কি ? সামাজিক পৰিবৰ্তনৰ সংজ্ঞাসমূহ উল্লেখ কৰি আলোচনা কৰা?

উত্তৰঃ সামাজিক পৰিৱৰ্তন এক নিয়ন্ত্ৰণ প্রক্ৰিয়া। যিকোনো সমাজতেই ই বিৰাজমান । পৰম্পৰাগত সমাজেই হওক বা আধুনিক সমাজেই হওক পৰিৱৰ্তনৰ ধাৰা মন্থৰ গতিত হ’লেও দেখা পোৱা যায়। অৱশ্যে আধুনিক সমাজত ইয়াৰ অৱস্থান সহজেই অনুমেয় আমি জানো যে সমাজ সামাজিক সম্বন্ধৰ জালগাঁথনি স্বৰূপ। অৰ্থাৎ বিভিন্ন ব্যক্তিৰ পাৰস্পৰিক আন্তঃসম্পৰ্কৰ ফলতেই এখন সমাজ গঢ় লৈ উঠে। মানব সমাজৰ মাজত বৰ্তি থকা এনে বিভিন্ন ক্ৰিয়া, আন্তঃক্ৰিয়া, সম্পৰ্ক, ভাবধাৰা, কলা-কোশল আদিৰ পৰিবৰ্তনকে সহজ অৰ্থত সামাজিক পৰিৱৰ্তন বুলি কব পাৰি। 

সামাজিক পৰিৱৰ্তনঃ 

সামাজিক পৰিৱৰ্তনে সমাজৰ বিভিন্ন দিশত প্রভাৱ পেলায়। আদিম সমাজৰ পৰা বৰ্তমানৰ আধুনিক সমাজলৈকে মন কৰিলে দেখা যায় যে মানুহে বসবাস কৰা ঠাইৰ পৰা সাজপাৰ, খাদ্যাভ্যাসকে আদি কৰি সমগ্ৰ নতুন জীৱনশৈলী সামাজিক পৰিবৰ্তনৰে ফল। এনে পৰিৱৰ্তনে মানুহৰ চিন্তা, চৰ্চা, ধৰণ-কৰণ, মানসিকতা, কলা কৌশল, আদৰ্শ:মূল্যবোধ, ৰীতি-নীতি আদি সকলো দিশতে নতুনত্বৰ সৃষ্টি কৰে। দেশৰ বিভিন্ন ঠাইত হোৱা বিপ্লব ব৷ ৰাজনৈতিক আদৰ্শৰ পৰিৱৰ্তনে নতুন পৰিৱৰ্তনৰ দিশ সূচনা কৰিছিল। উদাহৰণস্বৰূপে, ১৮শ শতিকাত হোৱা শিল্প বিপ্লৱ, ফ্রাসৰ ৰাজনৈতিক বিপ্লৱসমূহে সমগ্ৰ বিশ্বতে এক নতুন যুগৰ সূচনা কৰিলে যাৰ বাবে বিশ্বৰ চুকে-কোণে আধুনিকতাৰ পৰশ অলপীয়াকৈ হ লেও বিভিন্ন ধৰণৰ সমাজে লাভ কৰিছে। 

অৱশ্যে সামাজিক পৰিৱৰ্তন যে কেৱল ১৮শ শতিকাত আৰম্ভ হোৱা বিপ্লৱৰে ফল এনে নহয়। ই যিহেতুকে এক নিৰৱছিন্ন প্রক্ৰিয়া ইয়াৰ ধাৰা সমাজ সৃষ্টি হোৱাৰে পৰা চলি আহিছে। কিন্তু বিশ্বৰ বিভিন্ন সময়ত হোৱা জাগৰণে সামাজিক পৰিবৰ্তন খৰতকীয়া কৰাটো ধুৰূপ। 

সামাজিক পৰিৱৰ্তনৰ সংজ্ঞাঃ 

সমাজতাত্বিক দৃষ্টিভংগীৰে সামাজিক পৰিৱৰ্তনৰ ধাৰণী বা সংজ্ঞাৰ ক্ষেত্ৰত বিভিন্ন মতামত পোৱা যায়। সমাজ দাৰ্শনিক সকলে আগবঢ়োৱা বিভিন্ন মতামত তলত আলোচনা কৰা হ’ল-

সমাজবিজ্ঞানী মেক আইভাৰ আৰু পেজৰ মতে পৰিৱৰ্তনেই মূলতঃ সামাজিক সম্বন্ধৰ পুৰিৱৰ্তন। এনে সামাজি সম্বন্ধবোৰ সামাজিক ক্ৰিয়াৰ ফলত পৰিবৰ্তন হয় বুলি তেও ক’ব খোজে। সেয়ে ক’ব পাৰি যে ‘Social change refers to a process responsive to many types of changes. To changes in the man-made conditions of life; to changes in the attitudes and beliefs of men , and to the changes that go beyond physical nature of things.

এইচ এম জনচনৰ (H.M Johnson) মতে সামাজিক পৰিৱৰ্তনে সামাজিক সংৰচনাত হোৱা পৰিৱৰ্তনক বুজায়। ( Social change means change in social structure) এই সংৰচনাৱোৰ সামাজিক আন্তঃক্ৰিয়া, প্ৰমূল্য, সামাজিক সম্বন্ধৰ সংমিশ্ৰণত সৃষ্টি হোৱা এক প্রক্ৰিয়া যাক সামাজিক সংস্থাৰ ৰূপত দেখিবলৈ পোৱা যায়।

বি কপ্লুস্বামীৰ মতে সামাজিক পৰিৱৰ্তন হ’ল এক প্রক্ৰিয়| যাৰ যোগেদি এটা নিৰ্দিষ্ট সমাজ পদ্ধতিৰ সংগঠন আৰু কাৰ্যৰ গুৰুত্বপূৰ্ণ সাল-সলনি ঘটাব পাৰি।(Social change may be defined as the process in which is discernible significant alteration in the structure and functioning of a particular social system. )

কিংছলি ডেভিছৰ (Kingsley Davis) মতে, সামাজিক সংৰচনা আৰু ইয়াৰ কাৰ্যাৱলীৰ পৰিৱৰ্তনেই হ’ল সামাজিক পৰিৱৰ্তন। ( By social change is meant only such alteration as occur in social organisation, that is , structure and functions of society.)

এণ্ডাৰচন আৰু পাৰ্কৰ মতেও সামাজিক পৰিৱৰ্তন বুলিলে সামাজিক সংৰচনা আৰু সমাজৰ বিভিন্ন স্বৰূপ বা প্রক্ৰিয়াত হোৱা পৰিৱৰ্তনকে বুজাইছে। (Social change involves alteration in The structure and functioning of social forms or processes themselves)

এইচ টি মজুমদাৰে সামাজিক পৰিৱৰ্তনক মানুহৰ জীৱনত বা সমাজত পুৰণিক বাদ দি নতুনক আদৰি লোৱা এটা ভঙ্গী বা শৈলী৷ বুলি বুজাব খোজে। অৰ্থাৎ মানুহে জীৱন ধাৰণৰ বাবে যেতিয়া পুৰণিক বাদ দিয়ে তেতিয়াই সমাজত পৰিৱৰ্তনৰ সূচনা হ’ব পাৰে৷ (Social change may be defined as a new fashion or mode , either modifying or replacing the old , in the life of a people or in the operation of society.)

গিলিন আৰু গিলিনৰ মতে ‘জীৱন নিৰ্বাহৰ প্রচলিত প্রণাৰ্লীৰ পৰিৱৰ্তনেই হ’ল সামাজিক পৰিৱৰ্তন ।’ তেওঁ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত ভৌগোলিক পৰিৱৰ্তন, সাংস্কৃতিক পৰিৱৰ্তন, জনসংখ্যাৰ গঠনৰ পৰিৱৰ্তন আদিৰ কথাও আলোচনা কৰিছে।

লেণ্ডবাৰ্গৰ মতে, ‘প্রতিষ্ঠিত সমাজৰ ব্যক্তি সম্বন্ধ আৰু আচৰণৰ মানদণ্ডৰ পৰিৱৰ্তনকে সামাজিক পৰিৱর্তন বোলা হয়।’( Social change means change in people’s relationship and behaviours.)

গতিকে সমাজ বিজ্ঞানীসকলৰ সংজ্ঞাৰ পৰা বুজা গ’ল যে সামাজিক পৰিৱৰ্তন হ’ল সামাজিক সম্বন্ধৰ পৰিৱৰ্ত’ এই পৰিবৰ্তনবোৰে সামাজিক সংৰচনাৰ পৰিৱৰ্তন আনে আদিৰে গঠিত হয়। এনে উপাদানবোৰ সামাজিক সংস্থাৰ জৰিয়তে সমাজৰ বৰ্তি থাকে গতিকে চমুকৈ ক’বলৈ গ’লে এই সংস্থাবোৰৰ গঠন, প্রক্ৰিয়া, স্বৰূপ আদিৰ পৰিৱৰ্তনেই সামাজিক পৰিৱর্তন বুলিব পাৰি৷

সামাজিক সংৰচনাগত পৰিৱৰ্তনৰ ক্ষেত্ৰত এইচ. এম জনচৰনে কেইটামান উল্লেখযোগ্য দিশৰ পৰা আলোচনা কৰিছে। সামাজিক পৰিৱৰ্তনৰ ক্ষেত্রত সামাজিক প্রমূল্যগত পৰিৱৰ্তনৰ কথা কব বিচাৰিছে। সমাজ ব্যবস্থাৰ সংৰচনা সামাজিক প্ৰমূল্যৰ ওপৰত আধাৰিত। গতিকে সামাজিক মূল্যবোধৰ পৰিৱৰ্তন হ’লেই সংৰচনাৰ পৰিবৰ্তন হয়। উদাহৰণস্যৰূপে, সমাজত প্রচলিত বিভিন্ন ধ্যান-ধাৰণা আশা-আকাংক্ষা, আৰ্থ-সামাজিক বাধ ব্যৱস্থাবোৰ যদি পৰিৱৰ্তন হয় তেন্তে নতুন কিছুমান মূল্যবোধৰ সৃষ্টি হ’ব যিবোৰ সামাজিক পৰিবৰ্তনত সহায় কৰে।

সামাজিক পৰিৱৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ হৈছে সংস্থাগত পৰিৱৰ্তন (institutional change)৷ সমাজত থকা সংগঠনবোৰৰ (পৰিয়াল, ধৰ্ম, অর্থনৈতিক, শিক্ষা) স্বৰূপ আৰু কাৰ্যপলাপৰ পৰিবৰ্তনক সংস্থাগত পৰিবৰ্তন বুলিব পাৰি। উদাহৰণস্বৰূপে , একনায়কত্ত্ববাদ শাসনৰ পৰা গণতন্ত্ৰলৈ পুঁজিবাদ সমাজব্যৱস্থাৰ পৰা সমাজবাদলৈ হোৱা পৰিবৰ্তন ইত্যাদি। এনেধৰণৰ সংস্থাত পৰিৱৰ্তনে সমাজলৈ নতুন কৰ্মৰ সৃষ্টিৰ লগতে দায়িত্বও বৃদ্ধি কৰে। অৱশ্যে কিছুমান সংস্থা আন কিছুমান সংস্থাতকৈ ধীৰ গতিতো পৰিৱৰ্তন হোৱা দেখা যায়। 

সংৰচনাগত পৰিৱৰ্তনৰ ক্ষেত্ৰত সম্পত্তি আৰু জাননী বিতৰণ ( Distribution of possessions)পদ্ধতিৰ লগতো জড়িত আছে। সম্পত্তিবোৰ কিছুমান ব্যক্তিৰ হাতত ন্যস্ত থাকিলে

আন কিছুমান ব্যক্তি ইয়াৰ পৰা বঞ্চিত হয়। আৰু তেওঁলোকৰ  মাজৰ সম্পৰ্কও আৰ্থিক সম্পদৰ ভিত্তিতহে হোৱা দেখা যায়।জন্মগত পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা সমাজ পদ্ধতিৰ আন্তঃক্ৰিয়াই যেনেধৰণৰ পৰিবৰ্তন আনিব ঠিক সেইদৰে ব্যক্তিৰ যোগ্যতা অনুসৰি যিকোনো প্রকাৰৰ সম্পদ আৰু জাননী লাভৰ  ব্যৱস্থা প্ৰৱৰ্তন কৰিলে অন্য ধৰণৰ আন্তঃক্ৰিয়াৰ সৃষ্টি হ ব। অৰ্থাৎ সম্পদ আৰু জাননী বিতৰণৰ পৰিবৰ্তনে সামাজিক সংৰচনাৰ পৰিবৰ্তন কৰিব পাৰি।

উপৰিউক্ত দিশকেইটাৰ উপৰি এইচ এম জনচনে ব্যক্তিৰ যোগ্যতা আৰু মনোভাৱ বা দৃষ্টিভংগিয়েও সংৰচনাৰ পৰিবৰ্তন কৰে বুলি উল্লেখ কৰিছে। সি যি কি নহওঁক সামাজিক পৰিবৰ্তনৰ বৈশিষ্ট্যবোৰে ইয়াৰ  স্বৰূপ আৰু প্ৰকৃতি সম্পৰ্কে জনাত সহায় কৰিব।

১৪। সামাজিক পৰিবৰ্তনৰ বৈশিষ্ট্যসমূহ কি কি ? আলোচনা কৰাঁ ? (Characteristics of social change)

উত্তৰঃ সামাজিক পৰিৱৰ্তনৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত বিভিন্ন সমাজ বিজ্ঞানীয়ে মতামত আগবঢ়াইছে। সমাজবিজ্ঞানী উইলবাৰ্ট মূৰ, মেক আইভাৰ, লেপি আদিৰ নাম উল্লেখযোগ্য। সেইবোৰৰ ওপৰত ভিত্তি কৰি তলত ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—

১ ৷ সামাজিক পৰিৱৰ্তন এক ধাৰাবাহিক, প্রক্ৰিয়া। যি ধৰণৰ  সমাজেই নহওক কিয় সমাজ সদায়েই পৰিৱৰ্তনশীল কোনো সমাজ ধীৰ বা ক্ষিপ্ৰ গতিত হলেও পৰিবৰ্তন হৈ থাকে। কোনো সমাজেই পৰিবৰ্তনৰ পৰা বাদ নপৰে।

২ । সামাজিক পৰিৱৰ্তন সময়ৰ লগত জড়িত। সেয়ে মেক ইভাৰে কৈছে ” It is a becoming not a being; a process not a product. সকলো পৰিবৰ্তন একে সময়তে হোৱা দেখা নাযায়। ই বিভিন্ন স্তৰ বা অৱস্থাৰ মাজেদিহে চলি আহি থাকে।

৩। সামাজিক পৰিবৰ্তনে লোক সমাজৰ পৰিবৰ্তনক বুজায়। অৰ্থাৎ সামাজিক পৰিবৰ্তনে সমাজৰ সকলো ব্যক্তিৰ সামাজিক জীৱনত হোৱা পৰিৱৰ্তনক সাঙুৰি লয়। এজন ব্যক্তিৰ ক্ষেত্রত হোৱা পৰিবৰ্তনক সামাজিক পৰিৱৰ্তন বুলিব নোৱাৰি।

৪। সামাজিক পৰিৱৰ্তন সমান্তৰালভাৱে সংঘটিত নহয়। সমাজভেদে পৰিৱৰ্তনৰ ৰ যাত্ৰাও বেলেগ বেলেগ হ’ব পাৰে। উদাহৰণ স্বৰূপে , নগৰীয়া সমাজৰ পৰিৱৰ্তনৰ ধাৰা বা গতি গ্ৰাম্য বা জনজাতীয় সমাজতকৈ অধিক খতৰকীয়া হোৱা দেখা যায়।

৫। সামাজিক পৰিবৱৰ্তনবোৰ পৰিকল্পিত বা অপৰিকল্পিত ধৰণৰ হব পাৰে। অৰ্থাৎ চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে দেশৰ উন্নয়নৰ বাবে নিৰ্দিষ্ট সময় ক্ষেত্ৰত কিছুমান পৰিকল্পিতভাৱে পৰিবৰ্তন আনিবলৈ চেষ্টা কৰা আদিকে বুজা যায়। যেনে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এক পৰিকল্পিত পৰিবৰ্তন। আনহাতে আন কিছুমান পৰিৱৰ্তন অপৰিকল্পিতভাৱে হ’ব পাৰে।

৬। সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত পূৰ্বানুমান কৰা সম্ভৱ নহয়। সামাজিক পৰিৱৰ্তনবোৰ বিভিন্ন ধৰণৰ বিভিন্ন প্রকৃতিৰ হব পাৰে কোনবোৰ পৰিৱৰ্তনে কোনবোৰ দিশত প্রভাৱ পেলাব তাৰ আগতীয়া অনুমান কৰা সম্ভৱ নহয়।

৭৷ সামাজিক পৰিৱৰ্তন ৰূপান্তৰধৰ্মী। বহুক্ষেত্ৰত সামাজিক পৰিৱৰ্তন এটা দিশৰ পৰা পৰিৱৰ্তন হৈ নতুন এটা, দিশৰ সূচনা কৰে। উদাহৰণস্বৰূপে, পৰিয়াল ব্যৱস্থালৈ লক্ষ্য কৰিলে দেখা যায় যে আগতে থকা যৌথ পৰিয়াল সময়ৰ সোতত ৰূপান্তৰ ঘটি একক পৰিয়াল হোৱা, জুপুৰি ঘৰৰ পৰা আৰ চি চি ঘৰলৈ পৰম্পৰাগত সা-সঁজুলিৰ পৰা অত্যাধুনিক সঁজুলিবোৰ ৰূপান্তৰ হৈ সমাজলৈ পৰিৱৰ্তনৰ ঢৌ আনিছে।

গতিকে শেষত আমি ক’ব পাৰোঁ যে সামাজিক পৰিবৰ্তন এক ধাৰাবাহিকভাৱে বিশ্বজনীন প্রক্ৰিয়া। যাৰ লগত সামাজিক সম্বন্ধ আৰু সংৰচনাৰ পৰিৱৰ্তনৰ সম্পৰ্ক আছে৷ সামাজিক পৰিবৰ্তন ঠাই আৰু অঞ্চলভেদে বিভিন্ন ৰূপত প্রকাশ পাব পাৰে। 

১৫। সামাজিক পৰিবৰ্তনৰ আৰ্হি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ সামাজিক পৰিবৰ্তনৰ স্বৰূপ সমূহ বিভিন্ন ৰূপত দেখিবলৈ পোৱা যায়।সমাজ অনুসৰি সামাজিক পৰিবৰ্তনৰ আৰ্হি বা প্ৰতিৰূপসমূহো বেলেগ বেলেগ হয়। মেক আইভাৰ আৰু পেজেও তেওঁলোকৰ Society : An introductory Analysis গ্ৰন্থত তিনিটা আৰ্হিৰ কথা উল্লেখ কৰিছে। মূলতে সামাজিক পৰিৱৰ্তনৰ তিনিটা আহিত দেখিবলৈ পোৱা যায়। সেইকেইটা হ’ল—

১ ৷ সঞ্চয়শীল আৰু ক্ৰম মবৰ্দ্ধমান। 

২। ঘুৰ্ণীয়মান আৰু ৷

৩। বিছিন্ন আৰ্হি।

সঞ্চয়শীল আৰ্হি আৰু ক্ৰমবৰ্ধমান আৰ্হিঃ (Continuous and Cumulative pattern)

সামাজিক পৰিবৰ্ত নৰ ক্ষেত্রত পূৰ্বৰ সঞ্চিত জ্ঞানৰ প্রভাৱ উল্লেখযোগ্য। মানুহে যিকোনো এটা বস্তু আবিষ্কাৰ কৰাৰ পিছত ই যিকোনো দিশত প্রভাৱ পেলাব পাৰে। উদাহৰাণস্বৰূপে, প্রযুক্তিবিদ্যাগত পৰিৱৰ্তন, বিজ্ঞানৰ অগ্ৰগতি আদিবোৰে৷ সমাজত সামাজিক পৰিৱৰ্তনৰ গতি খৰতকীয়া কৰি তুলিছে। বিশেষকৈ বিজুলী শক্তি, বিভিন্ন প্ৰকাৰৰ ইন্ধনৰ আবিষ্কাৰে সমাজৰ অন্যান্য দিশতো পৰিৱৰ্তন সূচনা কৰিছে।

ঘূৰ্ণিমান আর্হিঃ (Cyclical pattern)

সামাজিক পৰিৱৰ্তনৰ আন এটা আৰ্হি হৈছে ঘূৰ্ণিয়মান আৰ্হি। এই ধৰণৰ আৰ্হিৰ পৰিৱৰ্তন বিশেষকৈ মানুহৰ চিন্তা-চৰ্চা, সাজ পোছাক, ঘৰ-দুৱাৰ, গাড়ী-মটৰ আদিত দেখিবলৈ পোৱা যায়৷উদাহৰণস্বৰূপে, যাঠি দশকত প্ৰচুৰ জনপ্ৰিয় হোৱা সাজ-পাৰ সত্তৰ দশকত ক্ৰমে নাইকিয়া হৈ যায়। ইয়াৰ পিছত ত্ৰমে আশী দশকত ইয়াৰ জনপ্ৰিয়তা পুনৰ বাঢ়ি যায়। ঠিক একেদৰে তাহানি দিনৰ ‘Royal Enfiled মটৰ চাইকেলে বৰ্তমান যুৱ প্ৰজন্মৰ মাজত পুনৰ জনপ্ৰিয়তা লাভ কৰিছে।

৩ ৷ বিচ্ছিন্ন আৰ্হি :- সামাজিক পৰিৱৰ্তণনৰ আন এটা উল্লেখযোগ্য আৰ্হি হৈছে বিছিন্ন ধৰ্মী আৰ্হি। আম৷ৰ সমাজত কিছুমান এনে পৰিৱৰ্তন আহে যাৰ ফলত আন কিছুমান পৰিৱৰ্তন বা ব্যৱস্থা বিচ্ছিন্ন হৈ যায়, যাৰ ফলত পুনৰ নতুন পৰিৱৰ্তন ব্যৱস্থাই দেখা দিয়ে। অৰ্থনৈতিক ব্যৱস্থাৰ পৰিবৰ্তন, জনসংখ্যা হাস-বৃদ্ধি আদিৰ ফলত হোৱা পৰিৱৰ্তনবোৰ এনেধৰণৰ হয়। আমাৰ সমাজৰ শিক্ষা ব্যৱস্থা, পৰিয়াল, ব্যৱস্থা, যোগাযোগৰ মাধ্যমবোৰ বিচ্ছিন্ন আৰ্হিৰ বুলিব পাৰি।

সাধাৰণতে সামাজিক পৰিবৰ্তনৰ আৰ্হিবোৰ এই তিনি ধৰনে দেখিবলৈ পাৱা যায়। অৱশ্যে একেখন সমাজতে পৰিৱৰ্তনৰ আৰ্হি ভিন্ন হ’বও পাৰে। যিয়েই নহওক সামাজিক পৰিৱৰ্তনৰ আৰ্হিক আমি, কেৱল এই তিনিটা ভাগতেই সীমাবদ্ধ কৰাটোও সমীচীন নহব।পৰিবৰ্তনৰ আৰ্হি অন্য ৰূপতে দেখিবলৈ পোৱা যাব পাৰে।

১৬। সামাজিক পৰিবৰ্তনৰ কাৰকসমূহৰ বিষয়ে এটি আলোচনা কৰা।

উত্তৰঃ সমাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত বিভিন্ন কাৰকে প্রভাৱ পেলায়। এই কাৰকসমূহৰ ভিতৰত ভৌগোলিক, জৈৱিক, সাংস্কৃতিক, প্রযুক্তিবিদ্যা আদিয়েই প্রধান। সেয়ে Lapiere এ এই কাৰকবোৰক ‘intervening variables’ that condition social change rather than as ‘determining ‘ or ‘causal factors’ বুলি উল্লেখ কৰিছে।

১৷ ভৌগোলিক কাৰক (Geographical factor) :- সামাজিক পৰিবৰ্তনৰ ক্ষেত্ৰত ভৌগোলিক অৱস্থাই বহু প্ৰভাৱ পেলায়। বিভিন্ন সময়ত হোৱা প্রাকৃতিক দুৰ্যোগ সমূহে সমাজত পৰিৱৰ্তনৰ বাট মুকলি  কৰি আহিছে। কিয়নো প্রাকৃতিক দুযেগিৰ পৰা হাত সাৰিবলৈ বহু সময়ত মানুহে ঘৰ-দুৱাৰ, আচবাব, আদি সলনি কৰিব লগা হৈছে। এই ক্ষেত্ৰত Robert Bierstedt অ কৈছে – Geographic factors account for what can be and for what cannot be in human societies , but they do not account for what is’ অৰ্থাৎ ভৌগোলিক অৱস্থাই কেৱল অকলে সামাজিক পৰিৱৰ্তন আনিব নোৱাৰে।  It is limiting but not determining.

২ ৷ জনসাংখ্যিক কাৰক :- জনসংখ্যাৰ হাস-বৃদ্ধিৰ লগত সামাজিক পৰিৱৰ্তনৰ ধাৰাৰ অতি ওচৰ সম্বন্ধ আছে। বিভিন্ন সমাজবিজ্ঞানীয়ে জনসংখ্যাই কিদৰে সমাজত প্রভাৱ পেলায়, তাৰ ব্যাখ্যা আগবঢ়াই আহিছে। জনসংখ্যাৰ বৃদ্ধিয়ে এখন সমাজত কিদৰে প্রভাৱ পেলায় কি ঠিক সেইদৰে কম জনসংখ্যাও সমাজ পৰিৱৰ্তনৰ কাৰক হ’ব পাৰে। অৱশ্যে জনসংখ্যা বৃদ্ধিৰ বাবে অন্যান্য আনুষংগিক সমস্যা, যেনে- বাসগৃহৰ সমস্যা, অভাৱ-অনাটন, দৰিদ্ৰতা, খাদ্যৰ সমস্যা, শিক্ষাৰ সমস্যা, অৰ্থনৈতিক অনাটন আদিৰ সমস্যাও দেখা দিয়ে।

জনসংখ্যাৰ প্রসংগত বিখ্যাত অর্থনীতিবিদ থমাছ মালথাছৰ সুত্ৰ উল্লেখযোগ্য। তেওঁৰ মতে, জনসংখ্যা বৃদ্ধি হয় জ্যামিতিক পদ্বতিত আৰু খাদ্য সামগ্ৰী বৃদ্ধি হয় গাণিতিক পদ্ধতিত। গতিকে খাদ্য সামগ্ৰীৰ নাটনি হোৱাটো স্বাভাৱিক যাৰ বাবে নতুন বৃত্তি বা প্ৰযুক্তিৰ উদ্ভাৱনে সমাজলৈ পৰিৱৰ্তন আনিলে।

চমুকৈক’বলৈ গ’লে জনসংখ্যাই সমাজত সামাজিক, ৰাজনৈতিক, লিক্ষা বৃত্তি, অর্থনৈতিক আদি কৰি সামাজিক সংস্থাবোৰত বাৰুকেয়ে পৰিৱৰ্তন আনিলে। জনসংখ্যাৰ লগত সামাজিক পৰিৱৰ্তনৰ সম্পৰ্কে নতুন নতুন ধাৰনাৰ আবিৰ্ভাৱ হৈছে। এইক্ষেত্ৰত Mary stopes , Margaret sanger  আদিৰ নাম উল্লেখযোগ্য ।

১৭। সামাজিক পৰিৱৰ্তনৰ অৰ্থনৈতিক কাৰকটো লিখা।

উত্তৰঃ সামাজিক পৰিবৰ্তনৰ ক্ষেত্ৰত অৰ্থনৈতিক কাৰকেও প্ৰাপাপত প্রভাৱ পেলায়।  যাক নিৰ্ণায়ক ব্যাখ্যা বুলিও ক‘ব পাৰি ৷ অৰ্থনৈতিক পৰিৱৰ্তনৰ ফলত মানৱ সমাজৰ সন্বন্ধবোৰো পৰিৱৰ্তন হয়। যাৰ বাবে মানুহৰ আচাৰ-ব্যৱহাৰ, কাম-কাজ,সাজপপাৰ, খাদ্যভাস , জীৱন, শৈলী আদি সকলো পৰিবৰ্তন হয়। এই ব্যাখ্যাৰ মূল পৃষ্ঠপোষক কাৰ্ল মাৰ্ক্সৰ মতে উৎপাদনৰ আহিলা সমূহ ক্ৰমে পৰিবৰ্তন হৈ অহাৰ ফলতেই সমাজ ব্যৱস্থাতো ক্ৰমে সাম্যবাদী সমাজ, দাসত্ব সমাজ, সামন্ত সমাজ আৰু শেষত পুঁজিবাদী গা কৰি উঠিছে। এইদৰে পৰিবৰ্তনীয় সমাজ ব্যৱস্থাত সহায় এচাম মালিক বা ধনী শ্ৰেণী আৰু আন এজন শ্ৰমিক বা দুখীয়া শ্ৰেণীৰ লোকেই সমাজত দেখা পোৱা যায়। বৰ্তমান পুঁজিবাদী সমাজত উৎপাদিকা শক্তি আৰু উৎপাদনৰ সম্পৰ্কয় সমাজ পৰিবৰ্তনৰ গুৰুত্ব পায়। গতিকে আমি কব পাৰো যে অৰ্থনৈতিক উৎপাদনৰ আহিলা। উৎপাদিকা শক্তি , আদিবোৰেও সামাজিক পৰিবৰ্তনৰ বাহক হিচাপে কাম কৰিব পাৰো।

১৮। সামাজিক পৰিবৰ্তনৰ প্ৰযুক্তিবিদাগত কাৰকটো কি ?

উত্তৰঃ বৰ্তমান যুগত আমি সহজেই প্ৰযুক্তিবিদ্যাৰ যুগ বা যান্ত্ৰিক যোগ বুলিব পাৰো। জীৱনৰ প্ৰতিটো মুহূৰ্ততে ইয়াৰ প্ৰভাৱ অপৰিহাৰ্য্য। According to karl marx-Even the formation Of a various and mental conceptions and attitudes are expandent upon technology . এইক্ষেত্ৰত আৰ্গবান, ভেবলেন আদিয়েও মত পোষণ কৰিছে। প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে সমাজলৈ সহজে ওদ্যোগিককৰণ, নগৰীকৰণ, আধুনিকীকৰণ প্ৰক্ৰিয়াৰ প্ৰসাৰ ঘটাই উন্নত মানৱ সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিলে। ঔদ্যোগিক প্ৰসাৰতাই মানুহৰ মাজত নতুন চিন্তা-চৰ্চাৰ বাট মুকলি কৰিলে যাৰ বাবে পুৰণিকলীয়া মনোভাৱ, আচাৰ-ব্যৱহাৰ, অন্ধবিশ্বাস, ব্যৱসায় বৃত্তি, ৰীতি-নীতি, পৰিয়াল ব্যৱস্থা আদিলৈ অনেক পৰিৱৰ্তন আহিল। 

প্ৰযুক্তিবিদ্যাৰ আৱিৰ্ভাৱে ভাৰতীয় সমাজৰ,সংস্থাসমূহত বিশেষ প্রভাৱ পেলালে আৰু ইয়াৰ ফলত ধৰ্ম ৰাজনীতি, অৰ্থনীতি, শিক্ষা, আদি সলনি হোৱাৰ লগতে বহু পুৰণি প্রথা লুপ্ত হ’ল। যোগাযোগ আৰু তথ্য প্ৰযুক্তিয়ে মানুহৰ মনত বাৰুকৈয়ে প্রভাৱ পেলায় আৰু ই সমাজ পৰিৱৰ্তনেই নহয় অৰ্থনৈতিক উন্নতিত যথেষ্ট সহায় কৰিলে।

মুঠ কথাত মানুহৰ জীৱনশৈলী, উৎপাদন, সামাজিক সংস্থা আদি সকলোতে প্ৰযুক্তিবিদ্যাই গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিলে।

৫। সাংস্কৃতিক কাৰক (Cultural Factor)

সংস্কৃতি হৈছে এখন সমাজৰ সপোন স্বৰূপ আৰু ই গঠন হৈছে সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, প্ৰথা, পৰম্পৰা, আাদৰ্শ আদি লগ লাগি। গতিকে আমাৰ বিশ্বাস, ৰীতি-নীতিবোৰৰ লগত সংস্থা বা সম্বন্ধবোৰ জড়িত আছে। গতিকে এই ৰীতি-নীতি, সংস্থা আদি পৰিৱৰ্তন হ’লেই সামাজিক পৰিবর্তন হ’ব, সেয়ে  Robert Bierstedt এ কৈছে ‘What people think, in short , determines in every  measure…what they do and what they want.” সংস্কৃতি সদায় পৰিৱৰ্তনশীল। এটা সংস্কৃতি আন এটা সংস্কৃতিৰ পৰশতো পৰিৱৰ্তন আহিব পাৰে। সংস্কৃতি যিহেতুকে এক সামূহিকভাৱে গ্রহণীয় আদর্শ। সেয়ে ই সমগ্র সমাজৰ প্ৰভাৱ পেলায়।

আইন-কানুন আৰু সামাজিক পৰিৱৰ্তন :-

সামাজিক আইন-কানুনবোৰে সমাজ পৰিৱৰ্তনত আমাৰ দেশত বিশেষভাৱে সহায় কৰিছে। আচল অর্থত এই সামাজিক আইন কানুনবোৰ সমাজত ব্যক্তিসকলক নিয়ন্ত্ৰণ আৰু অপৰাধযুও কাম ‘কাজবোৰ ৰোধ কৰাৰ উদ্দেশ্যেই প্রস্তুত কৰা হৈছিল। এইক্ষেত্ৰত কেইজনমান ভাৰতীয় সংস্কাৰবাদী ব্যক্তি আৰু বিটিছসকলৰ আগভাগ লেখত ল’বলগীয়া। সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত এনে সাংবিধানিক আইন-কানুনবোৰৰ ভূমিকাৰ ক্ষেত্ৰত C. N Shankar Rao এ কৈছে ‘Through legislations the state and society try to bring the legal norms in line with the existing social norms and legislation are also used to improve social norms, on the basis of new legal norms.” অৰ্থাৎ এই আইন- কানুনবোৰে সামাজিক প্রতিমানবোৰ, ‘পৰিৱৰ্তন কৰে, যাৰ বাবে সামাজিক আচৰণৰো পৰিবৰ্তন হয়। উদাহৰণস্বৰূপে, ভাৰতীয় সমাজ পৰিবৰ্তনৰ সূচনা কৰা কেইখনমান আইন হ’ল- হিন্দু বিবাই অধিনিয় ১৯৫৫, হিন্দু উত্তৰাধিকাৰী আইন ১৯৫৬, হিন্দু বিধৱা পুনৰ বিবাহ আইন ১৯৫৬, যৌতুক নিবাৰণী আইন ১৯৬১ ইত্যাদি।

উপৰিউক্ত কাৰককেইটাৰ বাদেও অন্যান্য বহুতো দিশ আছে যাৰ বাবে সামাজিক পৰিৱৰ্তন খৰতকীয়া বা সম্ভৱ হ’ব পাৰে এইক্ষেত্ৰত আমি শিক্ষাৰ প্রসাৰ, উন্নত যোগাযোগ ব্যৱস্থা, জৈবিক কাৰক, বিভিন্ন বিপ্লব, ৰাজনৈতিক্‌ অৱস্থা আদি উল্লেখ কৰিব পাৰোঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top