পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে ভৰপূৰ । পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতে প্ৰতিষ্ঠিত । এনে এবিধ ঔষধি গুণেৰে পৰিপুষ্ট মছলাজাতীয় উদ্ভিদ হ’ল লং। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে লং বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ প্ৰতিৰোধক ৰূপে ব্যৱহাৰ হৈ আহিছে। উক্ত প্ৰৱন্ধটিত লঙৰ স্বাস্থ্যজনিত উপকাৰিতা Health Benefits of Clove বিষয়ে আলোচনা আগবঢ়োৱা হৈছে।

লং কি ? | What is Clove?
লং হ’ল এবিধ চিৰসেউজীয়া গুল্মজাতীয় ঔষধিগুণেৰে ভৰপূৰ মছলা জাতীয় উদ্ভদ । প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে আয়ুৰ্বেদিক চিকিৎসাত আৰু শৰীৰৰ বিভিন্ন ৰোগ সমূহৰ প্ৰতিৰোধ হিচাপে লং ব্যৱহাৰ কৰি অহা হৈছে । ৰান্ধনি ঘৰৰো এবিধ লাগতীয়াল মছলাৰূপে লং অন্যতম । লঙৰ উৎপত্তি স্থল হ’ল ইণ্ডোনেছিয়াৰ মালুকু দ্বীপত । তেতিয়া পৰা বৰ্তমানলৈকে গোটেই বিশ্বতে লঙৰ ( ব্যৱহাৰ হৈ আহিছে । ঔষধি গুণেৰে পৰিপুষ্ট আৰু অন্যতম মছলাৰূপে ইয়াৰ বৃহৎ খেতি কৰা হয় । তদুপৰি বহু হাজাৰ বছৰৰ আগত চীন , ৰোম , আফ্ৰিকাতো লঙৰ অস্তিত্ব পোৱা গৈছিল । ইণ্ডোনেছিয়া , জাঞ্জিবাৰ , মাদাস্কাৰ আদি ঠাইত অত্যধিক লঙৰ খেতি কৰা হয় । ইয়াৰ উপৰি দক্ষিণ এছিয়াৰ ভাৰত , শ্ৰীলংকা , বাংলাদেশ , আৰু পাকিস্তানতো লঙৰ ( clove /syzygium aromaticum) খেতি কৰা হয় । ভাৰতীয় খাদ্যভাসত লং এক বিশেষ গুৰুত্বপূৰ্ণ মছলা ।
চিৰসেউজীয়া লং গছৰ ফুলৰ কলিকেই লং বুলি কোৱা হয় । ইয়াৰ সোৱাদ তিতা । লঙৰ গছ ৩০/৪০ ফুট মান ওখ হয় । লং গছৰ পাতবোৰ দীঘল আৰু চিৰসেউজীয়া বৰণৰ হয় । লঙৰ ফুল সমূহৰ বৰণ ৰঙা ।এই ফুল সমূহ ডালৰ আগ অংশত থোপা – থোপে লাগে । লং ১.৫-২ ছেণ্টিমিটাৰ মান যেতিয়া হয় তেতিয়া এইসমূহ গছৰ পৰা ছিঙি অনা হয় আৰু তাৰ পিছত ৰ’দত শুকুৱাই ব্যৱহাৰৰ উপযোগী কৰি তোলা হয় ।
লঙৰ বিভিন্ন ভাষাত নাম সমূহ হ’ল –
- ইংৰাজী ভাষাত : Clove
- হিন্দী ভাষাত : লৌংগ
- বাংলা ভাষাত : লবঁগ
- গুজৰাটী ভাষাত : লভিংগ
- মাৰাঠী ভাষাত : লবংগ
- তেলেগু ভাষাত : লবংগালু
- পাঞ্জাৱী ভাষাত : মিৰাকা
- ঊৰিয়া ভাষাত : লবংগ
- মালায়ালম ভাষাত :গ্ৰামপু
- তামিল ভাষাত : কিৰাংপু
লঙৰ বৈজ্ঞানিক নাম হ’ল – syzygium aromaticum ।
লঙৰ জীৱবৈজ্ঞনিক শ্ৰেণবিভাজন | Scientific classification of Clove
- জগৎ / ৰাজ্য ( Kingdom ) : Plantae
- অশ্ৰেনিকৃত ( Clade ) : Tracheophytes
- অশ্ৰেনিকৃত ( Clade ) : Angiosperms
- অশ্ৰেনিকৃত ( Clade ) : Endicotts
- অশ্ৰেনিকৃত ( Clade ) : Rosids
- বৰ্গ ( Order ) : Myrtales
- পৰিয়াল ( Family ) : Myrtaceae
- গণ ( Genus ) : Syzygium
- প্ৰজাতি ( Species ) : S. aromaticum
- বৈজ্ঞানিক নাম ( Scientific name ) : Syzygium aromaticum
লঙৰ উপকাৰিতা | Health Benefits of Clove
১. প্ৰাচীন কালৰে পৰা আয়ুৰ্বেদিক চিকিৎসাত লঙৰ ব্যৱহাৰ হৈ আহিছে । বিশেষকৈ দাঁতৰ ৰোগৰ ( teeth disease ) নিৰাময়ৰ বাবে লং তেল বহু উপকাৰী । লঙে মুখৰ দুৰ্গন্ধ দূৰ কৰে । দাঁতৰ বিষ লং তেলে নিৰাময় কৰে আৰু দাঁতৰ আলুত হোৱা সংক্ৰমনো দূৰ কৰে।
২. মূৰৰ বিষৰ লং উপকাৰী । লং পিচি প্ৰলেপ বনাই তাত অলপমান নিমখ মিহলাই মূৰত লগালে বিষ কম হৈ।
৩. কানৰ বিষৰ ( ear pain ) বাবে লং উপকাৰী । কান বিষ হ’লে লং তেল ২/৩ টোপাল কাণত দিলে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।
৪. পেটৰ সমস্যা যেনে পেট বিষ , এচিদিতি , বদহজমি , অজীৰ্ণ , বায়ু সমস্যা আদি ৰোগৰ লঙে নিৰাময় কৰে।
৫. ছালৰ খজুৱতি ( skin itching ) ৰোগৰ বাবে লং উপকাৰী । ছালত খজুৱতি হ’লে লংতেল লগালে খজুৱতিৰ পৰা সকাহ পাব পাৰি।
৬. লঙে ডায়েবেটিছ নিয়ন্ত্ৰণ ( diabetes control ) কৰাত সহায় কৰে।
৭. লং বেক্টেৰিয়ানাশক । লঙৰ উপয়োগে শৰীৰৰ বেক্টেৰিয়া সমূহ নাশ কৰে ।
৮. কাঁহ , ডিঙিৰ সুৰ সুৰনি আদি ৰোগৰ বাবে লং উপকাৰী । কুহুমীয়া পানীৰ সৈতে লং উতলাই সেই পানীৰে গলগলি কৰিলে কাঁহ নিৰাময় হয় ।
৯. শৰীৰৰ হাড়ৰ বিষ , মাংস পেশীৰ বিষ সমূহ লঙে আঁতৰ কৰে।
১০. বমি বমি ভাৱ লঙে দূৰ কৰে । লঙৰ সৈতে মৌ ৰস মিহলাই সেৱন কৰিলে বমি ভাৱ দূৰ হয়।
১১. চুলি সৰা (hair fall) হ্ৰাস কৰা আৰু চুলিৰ ঘনত্ব বঢ়োৱাত লং উপকাৰী।
১২. লং কেন্সাৰ ৰোগৰ প্ৰতিৰোধ। লং খালে শৰীৰত কেন্সাৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই।
১৩. লিভাৰৰ ৰোগ নিৰাময়ৰ বাবে লং উপকাৰী । লঙত থকা এণ্টিঅক্সিডেণ্ট ইউজিনলে লিভাৰৰ সক্ৰিয়তা বঢ়াই। লিভাৰৰ চিৰচিচ ৰোগ প্ৰতিৰোধ কৰে।
১৪. ছালৰ সমস্যা ( skin problem ) শালমন , মুখৰ দাগ আদি লঙে আঁতৰ কৰে ।
১৫. হাঁপানি বা এজমা ৰোগৰ বাবে লং উপকাৰী। পানী উতলাই তাত ৫/৬ টা লং আৰু মৌ ৰস মিহলাই দিনে তিনিবাৰকৈ তিনি – চাৰি দিন খালে এই ৰোগৰ সকাহ পাব পাৰি।
১৬. পিত্ত ৰোগ আৰু গেষ্ট্ৰিক ৰোগৰ বাবেও লং উপকাৰী।
লং কিদৰে ব্যৱহাৰ কৰিব ? | How to use Clove?
- দাঁতৰ বিষ হ’লে লঙৰ তেল ( clove oil ) দাঁতৰ গুৰিত কপাহত লগাই লগাব লাগে ।
- লং গৰম পানীত উতলাই সেই পানী কাঁহ হ’লে খাব লাগে ।
- মূৰ বিষত ( hadache ) লং পিচি তাৰ প্ৰলেপ মূৰত লগাব লাগে ।
- দৈনিক সামান্য লং হজম শক্তি বাঢ়ে ।
- ডিঙি বিষ ( neck pain ) হ’লে গৰম পানীত লং কেইটামান দি উতলাই সেই পানীৰে গলগলি কৰিলে বিষ ভাল হয় ।
- কাণ বিষ হ’লে ২/৩ টোপাল লং তেল ( clove oil ) কাণত দি ব্যৱহাৰ কৰিলে বিষ কমে ।
- বমি ভাৱ বন্ধ কৰিব বাবে লং গুৰিৰ সৈতে আধা চামুচ মৌ ৰস মিহলাই খালে বমি ভাৱ বন্ধ হয় ।
লঙৰ অপকাৰিতা | side effects of Clove
যিকোনো ৰোগৰ নিৰাময়ৰ বাবে প্ৰতিৰোধক সামগ্ৰী সমূহ সঠিক মাত্ৰাত সেৱন কৰিব লাগে তাৰ অধিক মাত্ৰা ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ ক্ষতি হব পাৰে । লঙৰ বহুবোৰ উপকাৰিতা থকাৰ উপৰিও কিছু অপকাৰিতা দেখা যায় । গৰ্ভৱতী মহিলা সকলে লং কম পৰিমাণত সাৱধানে খাব লাগে কিয়নো ইয়াৰ বেছি ব্যৱহাৰে গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে ক্ষতিকৰ । ৰক্তক্ষৰণ হৈ থকা লোকসকলে লং খাব নালাগে । অতিমাত্ৰা লং খালে যকৃতৰ ক্ষতি হ’ব পাৰে । যিকোনো ৰোগৰ নিৰাময়ৰ অৰ্থে প্ৰতিৰোধক সামগ্ৰী সমূহ সঠিক মাত্ৰাত সেৱন কৰাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী ।
সামৰণি | Conclusion
উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনি নিশ্চয় লঙৰ উপকাৰিতাৰ Health Benefits of Clove এক সাম্যক পৰিচয় পালে। ইয়াৰ বিভিন্ন নাম, ৰাসায়নিক উপাদান, উপকাৰ, অপকাৰ তথা অন্যান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে। আশা কৰোঁ উক্ত প্ৰবন্ধটিত উল্লেখ থকা তথ্যসমূহে আপোনাক বিভিন্ন সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ !
Read also: Health Benefits of Clove Oil | লং তেলৰ উপকাৰিতা

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:






