Dinanath Sharma Biography | দীননাথ শৰ্মাৰ জীৱনী: আৱাহনৰ প্ৰতিষ্ঠাপক সম্পাদক

দীননাথ শৰ্মা (Dinanath Sharma) আছিল চিকিৎসক আৰু অসমীয়া সাহিত্য আলোচনী “আৱাহন” ৰ প্ৰতিষ্ঠাপক সম্পাদক। চিকিৎসা ব্যৱসায়ৰ জৰিয়তে ধন-সম্পদ সঞ্চয় কৰাৰ পথ এৰাই তেখেতে ভাৰতীয় স্বাধীনতা আন্দোলনত নিজকে সমৰ্পণ কৰিছিল। লগতে সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ লক্ষ্যে গাঁও-নগৰ চাৰি ফুৰি সচেতনতামূলক কাৰ্যত আগবঢ়িছিল। অসমীয়াত এক উৎকৃষ্ট আলোচনীৰ প্ৰয়োজন বুজি ১৯২৯ চনত তেওঁ আৱাহন আলোচনী আৰম্ভ কৰিছিল।

Dinanath Sharma Biography | দীননাথ শৰ্মাৰ জীৱনী: আৱাহনৰ প্ৰতিষ্ঠাপক সম্পাদক
  • নাম: দীননাথ শৰ্মা
  • জন্ম: ১৮৯৪ খ্ৰীষ্টাব্দ
  • জন্মস্থান: বজালী, বৰপেটা জিলা, অসম
  • পিতৃ-মাতৃ: চণ্ডীচৰণ শৰ্মা আৰু ৰাজেশ্বৰী দেৱী
  • পেশা: চিকিৎসক, লেখক, সম্পাদক
  • দাম্পত্য সংগীনি: ৰেণু দেৱী
  • সন্তান: দিলীপ শৰ্মা
  • প্ৰধান পৰিচয়: আৱাহন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক
  • মৃত্যু: ৪ জুন, ১৯৭৮, গুৱাহাটী

দীননাথ শৰ্মা (Dinanath Sharma) ৰ শৈশৱ আৰু শিক্ষা

দীননাথ শৰ্মাৰ জন্ম হয় ১৮৯৪ চনত বৰপেটা জিলাৰ বজালীৰ ধৰমতলাৰ বামুণকুছিত। তেওঁৰ পৰিয়াল সাধাৰণ হলেও দেশপ্ৰেম আৰু ধৰ্মীয় মূল্যবোধৰে সমৃদ্ধ আছিল। পিতৃ আছিল চণ্ডীচৰণ শৰ্মা আৰু মাতৃ আছিল ৰাজেশ্বৰী দেৱী।

তেখেতে পাটাৰকুছি বিদ্যালয়ৰ পৰা এম-ই পৰীক্ষা, গৌৰীপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা উত্তীৰ্ণ হয়। তাৰপাছত কোচবিহাৰ কলেজত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰি শেষত কলকাতাৰ নেচনেল মেডিকেল কলেজৰ পৰা চিকিৎসাশাস্ত্ৰৰ ডিগ্ৰী লাভ কৰে।

ছাত্ৰ জীৱনতই সাহিত্যৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক গঢ়ি উঠে। পাটাৰকুছিৰ পৰা প্ৰকাশিত “বীণা” আলোচনীৰ সম্পাদক হিচাপে তেখেতে নিজৰ সাহিত্যিক প্ৰতিভা প্ৰদৰ্শন কৰিছিল। সেই সময়ত “বাঁহী” আৰু “আসাম বান্ধৱ” আলোচনীৰ মাজত ভাষা সম্পৰ্কীয় বিবাদ সমাধান কৰিবলৈ তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।

দীননাথ শৰ্মা (Dinanath Sharma) ৰ স্বাধীনতা আন্দোলনত আৰু সামাজিক ভূমিকা

চিকিৎসক হিচাপে পেচা কৰিবলৈ তেওঁ সক্ষম আছিল, কিন্তু মাত্ৰ অৰ্থ উপাৰ্জনৰ কামনাত তেখেতে জীৱন ধ্বংস কৰিবলৈ ইচ্ছুক নহ’ল। স্বাধীনতা আন্দোলনৰ হাহি-অশ্ৰুৰে ভৰা দিনত তেখেতে আন্দোলনত যোগ দিয়ে। গাঁও-নগৰ ঘূৰি লোকসকলৰ মাজত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে জনচেতনাৰ প্ৰসাৰ কৰে।

দীননাথ শৰ্মা (Dinanath Sharma) ৰ আৱাহনৰ প্ৰতিষ্ঠা

১৯২৯ চনত কলকাতাত থকা অৱস্থাত দীননাথ শৰ্মাই “আৱাহন” আলোচনীৰ জন্ম দিয়ে। এই আলোচনীৰ মাধ্য্যমে তেখেতে অসম সাহিত্যত এক নতুন দিশ আৰম্ভ কৰে।

আৱাহনৰ জন্মৰ পিছত বহু প্ৰতিভাৱান লেখকে ইয়াৰ পাতত প্ৰথম লিখা প্ৰকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, তীৰ্থনাথ শৰ্মা, ত্ৰৈলোক্যনাথ গোস্বামী, অতুলচন্দ্ৰ হাজৰিকা, বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা আদি ব্যক্তিসকলে আৱাহনৰ পাতত লিখি অসম সাহিত্যক আধুনিকতাৰ পথলৈ লৈ গৈছিল।

আৱাহনৰ এখন বিশেষ শিতান আছিল বিজ্ঞান সাহিত্য সম্পৰ্কীয়। ইয়াৰ ফলত অসমীয়া সাহিত্যত বৈজ্ঞানিক মনোভাৱ আৰু আধুনিক চিন্তাধাৰাৰ বিকাশ ঘটিছিল।

দীননাথ শৰ্মা (Dinanath Sharma) ৰ সাহিত্যিক অৱদান

চিৰকিশোৰ মনৰ দীননাথ শৰ্মাই লেখালিখিতেও নিজৰ প্ৰতিভা প্ৰকাশ কৰিছিল। তেওঁৰ লিখা উল্লেখযোগ্য গ্ৰন্থ দুখন হৈছে—

  • ছোভিয়েট বিপ্লৱ আৰু অসমীয়া সাহিত্য
  • ভাৰত-ৰুছ কাহিনী

প্ৰথম গ্ৰন্থৰ বাবে তেওঁ “ছোভিয়েট লেণ্ড নেহৰু বঁটা” লাভ কৰে। লগতে, পত্নী ৰেণু দেৱীৰ সম্পাদনাত “পাৰিজাত” নামৰ শিশু আলোচনী প্ৰকাশিত হৈছিল।

দীননাথ শৰ্মা (Dinanath Sharma) জীৱনৰ অন্তিম দিন

সাহিত্য, সমাজ আৰু চিকিৎসা—এই তিনিটা ক্ষেত্ৰত দীননাথ শৰ্মাৰ অৱদান অমূল্য। ১৯৭৮ চনৰ ৪ জুন গুৱাহাটীস্থিত নিজৰ বাসগৃহত তেখেতে পৰলোকগমন কৰে। 

উপসংহাৰ

দীননাথ শৰ্মা (Dinanath Sharma) মাত্ৰ এজন চিকিৎসক বা সম্পাদক নহয়, তেওঁ আছিল এজন সত্যপ্ৰেমী সমাজসংস্কাৰক আৰু সাহিত্যিক। আৱাহনৰ মাধ্য্যমে তেখেতে অসমীয়া সাহিত্যক এক আধুনিকতাৰ পথ দেখুৱাই গৈছিল। তেওঁৰ জীৱন দেশপ্ৰেম, সমাজপ্ৰেম আৰু সাহিত্যপ্ৰেমৰে গঠিত। আজিও দীননাথ শৰ্মাৰ নাম উচ্চাৰণ হ’লেই “আৱাহন”ৰ সুৰ মৃদুলভাৱে শুনা যায়।

FAQs

১: দীননাথ শৰ্মাৰ জন্ম ক’ত হৈছিল?
উত্তৰ: বৰপেটা জিলাৰ বজালী অঞ্চলৰ ধৰমতলাৰ বামুণকুছিত।

 ২: তেওঁ কি আলোচনী প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: তেওঁ ১৯২৯ চনত “আৱাহন” আলোচনী প্ৰতিষ্ঠা কৰিছিল।

প্ৰশ্ন ৩: দীননাথ শৰ্মাৰ পেচা কি আছিল?
উত্তৰ: চিকিৎসক আৰু লেখক।

প্ৰশ্ন ৪: তেওঁৰ পত্নী কোন আছিল?
উত্তৰ: ৰেণু দেৱী।

প্ৰশ্ন ৫: কোনখন গ্ৰন্থৰ বাবে তেওঁ “ছোভিয়েট লেণ্ড নেহৰু বঁটা” লাভ কৰিছিল?
উত্তৰ: “ছোভিয়েট বিপ্লৱ আৰু অসমীয়া সাহিত্য”

প্ৰশ্ন ৬: তেওঁ কেতিয়া মৃত্যুবৰণ কৰিছিল?
উত্তৰ: ৪ জুন, ১৯৭৮ খ্ৰীষ্টাব্দত গুৱাহাটীস্থিত বাসভৱনত।

Read also: Kaliram Medhi Biography | কালিৰাম মেধিৰ জীৱনী 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top