⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Assamese Additional Chapter 6 প্ৰগতিৰ সোণালী বাট

Class 8 Assamese Additional Chapter 6 প্ৰগতিৰ সোণালী বাট Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 6 প্ৰগতিৰ সোণালী বাট

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

প্ৰগতিৰ সোণালী বাট

Chapter – 6

ADDITIONAL QUESTION ANSWER

১। দেশক উন্নতিৰ পথত আগুৱাই নিবলৈ নাৰী বা পুৰুষ সকলোৱে কি হোৱাটো প্ৰয়োজন?

উত্তৰঃ সকলোৱে স্বাৱলম্বী হোৱাটো উচিত।

২। হাইস্কুলৰ প্ৰকাণ্ড খেলপাৰখনত কিহৰ প্ৰদৰ্শনী পাতিছিল?

উত্তৰঃ আত্মসহায়ক গোটৰ প্ৰদৰ্শনী পাতিছিল।|

৩। আত্মসহায়ক গোটৰ প্ৰদৰ্শনী কোনে পাতিছিল?

উত্তৰঃ অঞ্চলটোৰ মহিলাসকলে।

৪। গোটৰ সদস্যসল কি কামত ব্যস্ত আছিল?

উত্তৰঃ নিজৰ উৎপাদিত সমগ্রিৰে নিজ নিজ বিপনীসমূহ আকৰ্ষণীয় কৰি তোলাত ব্যস্ত আছিল।

৫। আত্মসহায়ক গোটৰ প্ৰদৰ্শনীত কি কি নিজ নিজ উৎপাদিত সামগ্ৰী আছিল?

উত্তৰঃ বিধে বিধে খাদ্য যেনে লাৰু, পিঠা, আচাৰ, পাপৰ আদিৰ উপৰিও হাতে সজা বেগ, পুতলা, মমবাতি, বাঁহ-বেতৰ সামগ্ৰী ইত্যাদি।

৬। এখন বিপনিত কেইগৰাকী মান মহিলাই কি কৰি আছিল?

উত্তৰঃ এখন বিপণিত মহিলাসকলে এড়ীসূতা কাটি আছিল।

৭। মানুহ ভিৰ থকা এচুকত মহিলাসকলে কি কৰি আছিল?

উত্তৰঃ মহিলাসকলে এড়ী পলু পোহৰ পদ্ধতি প্ৰদৰ্শন কৰি আছিল।

৮। তাঁত শালত আন এগৰাকী মহিলাই কি কৰি আছিল?

উত্তৰঃ তাঁত শালত এড়ী চাদৰত বাৰেৱৰণিয়া সূতাৰে বুটা বাছি আছিল।

৯। কাম কৰি থকা মহিলাসকলৰ দেহত কিয় অফুৰন্ত শক্তি আৰু আনন্দত উৎফুল্লিত হৈ আছিল?

উত্তৰঃ সকলোৰে মনত আত্মবিশ্বাসৰ ভাবৰ বাবে।

১০। আত্ম সহায়ক গোট মানে কি?

উত্তৰঃ কেইবাগৰকী মহিলাসকল এক গোট হৈ বিভিন্ন ধৰণৰ কাম কৰাকে বুজায়।

১১। অঞ্চলটোৰ মহিলাসকলে কেনেকৈ কম দিনৰ ভিতৰতে ভালেমান উদ্যোগ গঢ়ি তুলিছিল?

উত্তৰঃ অঞ্চলটোৰ মহিলাসকলে একো একোটা সৰু গোটত ভাগ হয়।

১২। মহিলাসকলে কেনেকৈ সামগ্ৰীসমূহ তৈয়াৰ কৰিছিল?

উত্তৰঃ স্থানীয় সহজলভ্য সম্পদবিলাকক লয়।

১৩। মহিলাসকলে কেনেকৈ গ্ৰাহকৰ চাহিদা পূৰণ কৰিছিল?

উত্তৰঃ উৎপাদিত সামগ্ৰীসমূহ সুলভ মূল্য বিনিম়ত দিছিল।

১৪। প্ৰদৰ্শনীৰ প্ৰশংসাত কোনে পঞ্চমুখ হৈছিল ?

উত্তৰঃ ক্ৰেতা আৰু দৰ্শকমণ্ডলী।

১৫। চাকৰি বিচাৰি হাবাথুৰি খোৱাসকলৰ মুখত কিয় আশাৰ ৰেঙনি আছিল?

উত্তৰঃ আত্মসহায়ক গোটৰ প্ৰদৰ্শনী দেখা পায়।

১৬। নিবনুৱা জীৱন যাপন কৰা  যুৱক-যুৱতীসকলে কিহৰ সন্ধান পাইছিল?

উত্তৰঃ নতুন পথৰ।

১৭। ইতিহাসত উল্লেখ থকা প্ৰচুৰ জ্ঞানৰ অধিকাৰিনী দুগৰাকী মহিলাৰ নাম লিখা।

উত্তৰঃ গাৰ্গী আৰু মত্ৰেয়ী।

১৮। নাৰী সমাজলৈ ধিৰগতিত অন্ধকাৰ নামি আহাৰ কাৰণ এটা লিখা।

উত্তৰঃ কাৰণ মহিলাসকলৰ কাম কাজ ঘৰৰ চাৰি বেৰৰ মাজতে আৱদ্ধ হৈ আছিল।

১৯। মহাত্মা গান্ধীয়ে কেতিয়া মহিলাসকলক  স্বাৱলম্বী কৰাৰ কথা চিন্তা কৰিছিল?

উত্তৰঃ প্ৰাক্-স্বাধীন কালত।

২০। মহিলাসকলক স্বাৱলম্বী কৰিবলৈ লোৱা মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল?

উত্তৰঃ খাদী উদ্যোগ।

২১। মহাত্মা গান্ধীয়ে কাৰ দ্বাৰা খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল?

উত্তৰঃ গংগাবেন মজুমদাৰ।

২২। গুজৰাটত কত মহাত্মা গান্ধীয়ে খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল?

উত্তৰঃ সবৰমতী আশ্ৰমত।

২৩। অসমীয়া মহিলাসকলক কোন দিশত আগৰণুৱা?

উত্তৰঃ খাদী কাপোৰ উৎপাদনৰ ক্ষেত্ৰত।

২৪। সবৰমতী আশ্ৰম কত অৱস্থিত?

উত্তৰঃ গুজৰাটত। 

২৫। “অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে” বুলি কোনে কৈছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে।

২৬। মহাত্মা গান্ধীয়ে অসমলৈ আহোঁতে কি দেখি স্তম্ভিত হৈছিল?

উত্তৰঃ শিপিনীয়ে কাপোৰ বোৱা দেখি। 

২৭। পূৰ্বতে মহিলাসকলে কিয় কাপোৰ বইছিল?

উত্তৰঃ পৰিয়ালৰ চাহিদা পূৰণ কৰিবলৈ।

২৮। বৰ্তমান কেনেকৈ অতি কম সময়ৰ ভিতৰতে অধিক উৎপাদন সম্ভৱ হৈ পৰিছে?

উত্তৰঃ আধুনিক প্ৰযুক্তি-কৌশল আৰু উন্নতমানৰ যন্ত্ৰ-পাতিৰ ব্যৱহাৰে।

২৯। আজিৰ মহিলাসকলে মৰ্মে মৰ্মে কি উপলব্ধি কৰিছে?

উত্তৰঃ কামৰ সৰু-বৰ নাই বুলি।

৩০। জীৱন নিৰ্বাহৰ বাবে ধন ঘটিবলৈ কিহৰ প্ৰয়োজন?

উত্তৰঃ যোগ্যতাৰ প্ৰয়োজন।

৩১। প্ৰণালীবদ্ধভাবে ৰন্ধা-বঢ়া কিহৰ আৱশ্যক হয়?

উত্তৰঃ দক্ষতাৰ প্ৰয়োজন।

৩২। নিজ কৰ্ম দক্ষতাৰে দেশৰ প্ৰগতিত বৰঙণি যোগোৱা দুগৰাকী মহিলাৰ নাম লিখা।

উত্তৰঃ সৰোজিনী নাইডু আৰু কল্পনা চাওলা।

৩৩। নাৰীসকলৰ সুপ্ত প্ৰতিভাক বিকশিত কৰি তুলিবলৈ কি কৰিব লাগে?

উত্তৰঃ সামাজিক স্বীকৃতি আৰু সকলোৰে সহযোগিতা। 

৩৪। আন্তৰ্জাতিক নাৰী সৱলীকৰণৰ আৰু সমমৰ্যদাৰ বৰ্ষ বুলি কোন চনক ঘোষণা কৰিছিল?

উত্তৰঃ ২০০১।

৩৫। নাৰীৰ হকে কাম কৰা এটা সংস্থাৰ নাম লিখা?

উত্তৰঃ ৰাষ্ট্ৰীয় মহিলা আয়োগ।

৩৬। নাৰী শিক্ষা বা নাৰীৰ অধিকাৰৰ প্ৰতি কোনে চকু ৰাখে?

উত্তৰঃ নাৰীৰ হকে কাম কৰা সংস্থাসমূহে।

৩৭। কোনে জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱিত কৰি তুলিছে?

উত্তৰঃ ইন্দিৰা মহিলা যোজনা।

৩৮। কি শিল্পই সমবায় ভিত্তিত আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে?

উত্তৰঃ বয়ন শিল্প।

৩৯। হাইস্কুলৰ খেপথাৰখনৰ চাৰিওফালে কিয় দলদোপ- হোনন্দোলদোপ হৈছিল?

উত্তৰঃ কাৰণ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনীত পাতিছিল।

৪০। গোটৰ মহিলাসকলক কিহৰ চিন্তাত মগ্ন আছিল?

উত্তৰঃ বিপণিসমূহ কেনেকৈ আকৰ্ষণীয় কৰি তুলিব তাৰে চিন্তাত মগ্ন আছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top