⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Assamese Additional Chapter 15 শিশু-লীলা

Class 8 Assamese Additional Chapter 15 শিশু-লীলা Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 15 শিশু-লীলা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

শিশু-লীলা

Chapter – 15

ADDITIONAL QUESTION ANSWER

১। ‘শিশু-লীলা’ ঘোষটি কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘শিশু-লীলা’ ঘোষটি শ্ৰী শ্ৰী শংকৰদেৱ ৰচনা কৰিছিল।

২। ‘শিশু-লীলা’ত কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ‘শিশু-লীলা’ত শ্ৰী কৃষ্ণৰ কথা কোৱা হৈছে।

৩। শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম ১৪৪৯ চনত হৈছিল।

৪। শংকৰদেৱৰ দ্বাৰা ৰচিত সকলো গ্ৰন্থৰ উদ্দেশ্য কি?

উত্তৰঃ শংকৰদেৱৰ দ্বাৰা ৰচিত সকলো গ্ৰন্থৰ উদ্দেশ্য হ’ল – পৰমজনাৰ বিষয়ে শ্ৰৱণ-কীৰ্তন কৰা।

৫। শ্ৰীকৃষ্ণৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ শ্ৰীকৃষ্ণৰ মাতৃৰ নাম আছিল যশোদা।

৬। শ্ৰীকৃষ্ণৰ আন এটা নাম কি আছিল?

উত্তৰঃ শ্ৰীকৃষ্ণৰ আন এটা নাম আছিল গোপাল।

৭। খেলি থকাৰ সময়ত শ্ৰীকৃষ্ণই কি খাইছিল?

উত্তৰঃ খেলি থকাৰ সময়ত শ্ৰীকৃষ্ণই মাটি খাইছিল।

৮। শ্ৰীকৃষ্ণই মাটি খোৱাৰ কথা কোনে গোচৰ দিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই মাটি খোৱাৰ কথা শ্ৰীকৃষ্ণৰ সমনীয়া অৰ্থাৎ গোপশিশুসকলে গোচৰ দিছিল।

৯। শ্ৰীকৃষ্ণই মাটি খোৱাৰ কথা গোপশিশুসকলে কাক গোচৰ দিছিল?

উত্তৰঃ মাতৃ যশোদাক শ্ৰীকৃষ্ণই মাটি খোৱাৰ কথা গোপশিশুসকলে গোচৰ দিছিল।

১০। কিহৰ ভয়ত শ্ৰীকৃষ্ণৰ হাত ভৰি কঁপিছিল?

উত্তৰঃ মাতৃ যশোদাই কোবাব বুলি ভয়ত শ্ৰীকৃষ্ণৰ হাত ভৰি কঁপিছিল।

১১। শ্ৰীকৃষ্ণই কোনে মিছা মাতিছে বুলি কৈছে?

উত্তৰঃ শ্ৰীকৃষ্ণই লগৰ শিশু সকলে মিছা মাতিছে বুলি কৈছে।

১২। শ্ৰীকৃষ্ণই মাতৃক কি কেতিয়াও নাখাও বুলি কৈছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই মাতৃক মাটি কেতিয়াও নাখাও বুলি কৈছিল।

১৩। শ্ৰীকৃষ্ণৰ জেষ্ঠ ভাতৃৰ নাম কবিতাটোত কি বুলি উল্লেখ কৰা আছে?

উত্তৰঃ শ্ৰীকৃষ্ণৰ জেষ্ঠ ভাতৃৰ নাম কবিতাটোত বলভদ্ৰ বুলি উল্লেখ কৰা আছে।

১৪। কবিতাটোত বলায় বুলি কাৰ কথা কৈছিল?

উত্তৰঃ কবিতাটোত বলায় বুলি শ্ৰীকৃষ্ণৰ জেষ্ঠ ভাতৃৰ কথা কৈছিল।

১৫। যশোদাই শ্ৰীকৃষ্ণই মাটি খোৱাৰ কথা সত্যতা নিৰূপণ কৰিবলৈ শ্ৰীকৃষ্ণক কি কৰিবলৈ কৈছিল?

উত্তৰঃ যশোদাই শ্ৰীকৃষ্ণই মাটি খোৱাৰ কথা সত্যতা নিৰূপণ কৰিবলৈ শ্ৰীকৃষ্ণক মুখ মেলিবলৈ কৈছিল।

১৬। মাতৃ যশোদাই শ্ৰীকৃষ্ণৰ মুখত মাটিৰ সলনি কি দেখা পাইছিল?

উত্তৰঃ মাতৃ যশোদাই শ্ৰীকৃষ্ণৰ মুখত মাটিৰ সলনি সমস্ত জগত দেখা পাইছিল।

১৭। মহাপুৰুষজনাৰ লক্ষ্য কি আছিল?

উত্তৰঃ মহাপুৰুষজনাৰ লক্ষ্য আছিল জাতিটোক সুৰুচিপূৰ্ণ আৰু সংস্কৃতিৱান ৰূপে গঢ়ি তোলা।

১৮। অসমীয়া জাতিটোক কি স্থানত লাভ কৰাৰ সুযোগ প্ৰদান কৰে?

উত্তৰঃ অসমীয়া জাতিটোক মহাভাৰতীয় জীৱনত লাভ কৰাৰ সুযোগ প্ৰদান কৰে।

১৯। শ্ৰী শ্ৰী শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ শ্ৰী শ্ৰী শংকৰদেৱৰ মৃত্যু ১৫৬৮ চনত হৈছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top