⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Assamese Additional Chapter 13 হোমি জাহাংগীৰ ভাবা

Class 8 Assamese Additional Chapter 13 হোমি জাহাংগীৰ ভাবা Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 13 হোমি জাহাংগীৰ ভাবা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

হোমি জাহাংগীৰ ভাবা

Chapter – 13

ADDITIONAL QUESTION ANSWER

১। সাধাৰণতে কোনটো কালত শিশুসকলৰ টোপনি গভীৰ হয়?

উত্তৰঃ শৈশৱ কালত সাধাৰণতে শিশুসকলৰ টোপনি গভীৰ হয়।

২। সৰু কালৰে পৰা টোপনি পাতল হোৱা লৰাজনৰ নাম কি আছিল? 

উত্তৰঃ সৰু কালৰে পৰা টোপনি পাতল হোৱা লৰাজনৰ নাম আছিল হোমি জাহাংগীৰ ভাবা।

৩। হোমি জাহাংগীৰ ভাবাৰ পিতৃ-মাতৃ কিয় চিন্তিত  হৈছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাৰ টোপনি বোৰ কম আছিল।

৪। হোমি জাহাংগীৰ ভাবাৰ টোপনি পাতল হোৱাত মাক দেউতাকে কি কৰিছিল?

উত্তৰঃ মাক দেউতাকে বহু বিশেষজ্ঞ চিকিৎসকৰ  দ্বাৰা লৰাজনৰ পৰীক্ষা-নিৰীক্ষা চলাইছিল।

৫। চিকিৎসকলে বহুদিনলৈ কি বিচাৰি পোৱা নাছিল?

উত্তৰঃ চিকিৎসকলে বহুদিনলৈ হোমি জাহাংগীৰ ভাবাৰ নিদ্ৰাহীনতাৰ কাৰণ বিচাৰি পোৱা নাছিল।

৬। হোমি জাহাংগীৰ ভাবাৰ কিয় টোপনি পাতল আছিল?

উত্তৰঃ অতি তীক্ষ্ণ বুদ্ধি হোৱাৰ বাবে হোমি জাহাংগীৰ ভাবাৰ টোপনি পাতল আছিল।

৭। অতি তীক্ষ্ণ বুদ্ধিৰ ব্যক্তিৰ টোপনি কিয় পাতল হয়?

উত্তৰঃ অতি তীক্ষ্ণ বুদ্ধিৰ ব্যক্তিৰ চিন্তা শক্তিৰ প্ৰবাহ মস্তিষ্কত নিৰৱচ্ছিন্নভাৱে বৈ থাকে সেই বাবে ব্যক্তিৰ টোপনি পাতল হয়।

৮। মাক দেউতাকে চিকিৎসকৰ পৰা হোমি জাহাংগীৰ নিদ্ৰাহীনতাৰ কাৰণ জানিব পাৰি কি কৰিছিল?

উত্তৰঃ লৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আৰ্কষিত কৰিবলৈ সিদ্ধান্ত লৈছিল।

৯। ল’ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আৰ্কষিত কৰিবলৈ মাক দেউতাকে কি কৰিছিল?

উত্তৰঃ পঢ়া-শুনা কৰিবলৈ মাক দেউতাকে বিজ্ঞানৰ কিতাপ পত্ৰৰে গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি দিছিল।

১০। লাহে লাহে হোমি জাহাংগীৰ ভাবাৰ কোনে সংগী হৈ পৰিছিল?

উত্তৰঃ কিতাপবোৰ লাহে লাহে হোমি জাহাংগীৰ ভাবাৰ সংগী হৈ পৰিছিল। 

১১। হোমি জাহাংগীৰ ভাবা কোনটো পৰিয়ালত জন্ম লাভ কৰিছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবা খ্যাতিসম্পন্ন পাৰ্চী পৰিয়ালত জন্ম লাভ কৰিছিল।

১২। হোমি জাহাংগীৰ ভাবাৰ কোনটো বিষয়ত ৰুচি আছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ আৰু বিজ্ঞান শাস্ত্ৰত ৰুচি আছিল।

১৩। হোমি জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ আৰু বিজ্ঞান শাস্ত্ৰৰ উপৰিও আৰু কি কি বিষয়ত ৰুচি আছিল?

উত্তৰঃ ভৌতিক শাস্ত্ৰ আৰু বিজ্ঞান শাস্ত্ৰৰ উপৰিও সংগীত আৰু চিত্ৰাংকনৰ প্ৰতিও ৰুচি আছিল।

১৪। হোমি জাহাংগীৰ ভাবা মাক দেউতাকৰ ইচ্ছা পূৰ্ণ কৰিবলৈ কি হৈছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবা মাক দেউতাকৰ ইচ্ছা পূৰ্ণ কৰিবলৈ মেকানিকেল ইঞ্জিনিয়াৰ হৈছিল।

১৫। হোমি জাহাংগীৰ ভাবাই কত স্কুল কলেজৰ শিক্ষা শেষ কৰিছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাই মুম্বাইত স্কুল কলেজৰ শিক্ষা শেষ কৰিছিল।

১৬। হোমি জাহাংগীৰ ভাবাই ইঞ্জিনিয়াৰিং পঢ়িবলৈ কত গৈছিল? 

উত্তৰঃ হোমি জাহাংগীৰ ভাবাই ইঞ্জিনিয়াৰিং পঢ়িবলৈ লণ্ডনলৈ গৈছিল।

১৭। হোমি জাহাংগীৰ ভাবাই কোনখন বিশ্ব- বিদ্যালয়ত ইঞ্জিনিয়াৰিং পঢ়িছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাই কেমব্ৰিজ বিশ্ববিদ্যালয়ত ইঞ্জিনিয়াৰিং পঢ়িছিল।

১৮। হোমি জাহাংগীৰ ভাবাৰ ধাউতি কোনটো বিষয়ত আছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাৰ ধাউতি ভৌতিক শাস্ত্ৰৰ অন্তৰ্গত পৰমাণু বিজ্ঞান অধ্যয়নতহে আছিল।

১৯। হোমি জাহাংগী ভাবাৰ কাক লগ পোৱাৰ পাছত ভৌতিক শাস্ত্ৰৰ অন্তৰ্গত পৰমাণু বিজ্ঞান প্ৰতি ধাউতি বাঢ়িছিল?

উত্তৰঃ নবেল বঁটা বিজয়ী পল এড্ৰিয়েন মৌৰিচ ডিৰাকক লগ পোৱাৰ পিছত পৰমাণু বিজ্ঞান প্ৰতি ধাউতি বাঢ়িছিল।

২০। কাচকেড সূত্ৰ কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰঃ কাচকেড সূত্ৰ হোমি জাহাংগীৰ ভাবাই আৱিস্কাৰ কৰিছিল।

২১। হোমি জাহাংগী ভাবাই কি সূত্ৰ আৱিস্কাৰ কৰি এজন বিশ্ব বিশ্ৰুত বিজ্ঞানী ৰূপে পৰিগণিত হৈছিল?

উত্তৰঃ কাচকেড সূত্ৰ আৱিস্কাৰ কৰি এজন বিশ্ব বিশ্ৰুত বিজ্ঞানী ৰূপে পৰিগণিত হৈছিল।

২২। হোমি জাহাংগী ভাবাই কি সম্পৰ্কে গৱেষণা কৰি বিজ্ঞানৰ নতুন নতুন তথ্য আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ কস্মিক কিৰণ সম্পৰ্কে গৱেষণা কৰি বিজ্ঞানৰ নতুন নতুন তথ্য আৱিষ্কাৰ কৰিছিল।

২৩। হোমি জাহাংগীৰ ভাবাই কিমান চনত বিদেশৰ পৰা ভাৰতলৈ উভতি আহিছিল?

উত্তৰঃ ১৯৪০ চনত হোমি জাহাংগীৰ ভাবাই বিদেশৰ পৰা ভাৰতলৈ উভতি আহিছিল।

২৪। হোমি জাহাংগীৰ ভাবাই কিয় বিদেশৰ পৰা ভাৰতলৈ উভতি আহিছিল?

উত্তৰঃ দেশৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ বাবে হোমি জাহাংগীৰ ভাবাই বিদেশৰ পৰা ভাৰতলৈ উভতি আহিছিল।

২৫। টাটা ইন্সটিটিউট অফ ফাণ্ডামেন্টেল ৰিছাৰ্চ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাই টাটা ইন্সটিটিউট অফ ফাণ্ডামেন্টেল ৰিছাৰ্চ প্ৰতিষ্ঠা কৰিছিল।

২৬। কাৰ সহায়ত জাহাংগীৰে টাটা ইন্সটিটিউট অফ ফাণ্ডামেন্টেল ৰিছাৰ্চ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ডোৰাবজী টাটা ষ্টোৰৰ সহায়ত জাহাংগীৰে টাটা ইন্সটিটিউট অফ ফাণ্ডামেন্টেল ৰিছাৰ্চ প্ৰতিষ্ঠা কৰিছিল।

২৭। স্বাধীনতাৰ পাছত পৰমাণু শক্তিৰ মুৰব্বী হিচাপে কাক নিযুক্তি দিছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাক স্বাধীনতাৰ পাছত পৰমাণু শক্তিৰ মুৰব্বী হিচাপে নিযুক্তি দিছিল।

২৮। হোমি জাহাংগীৰ ভাবাৰ মৃত্যু কেনেকৈ হৈছিল?

উত্তৰঃ বিমান দুৰ্ঘনাত পতিত হৈ হোমি জাহাংগীৰ ভাবাৰ মৃত্যু হৈছিল।

২৯। জাহাংগীৰৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কি প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ জাহাংগীৰৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল।

৩০। ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ কত প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ মুম্বাইত প্ৰতিষ্ঠা কৰিছিল।

৩১। হোমি জাহাংগীৰ ভাবা এগৰাকী কি আছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবা এগৰাকী বিশ্ব বিখ্যাত বিজ্ঞানী আছিল।

৩২। হোমি জাহাংগীৰ ভাবাই প্ৰায় কি কামত ব্যস্ত থাকে?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাই প্ৰায় বিজ্ঞানৰ নতুন নতুন তথ্য উদঘাটনতেই ব্যস্ত আছিল।

৩৩। জাহাংগীৰে বিজ্ঞানৰ নতুন নতুন তথ্য উদঘাটনতেই ব্যস্ত থাকিও আৰু কি কামৰ বাবে সময় উলিয়াছিল?

উত্তৰঃ সুকুমাৰ কলা সাধনাৰ বাবে জাহাংগীৰে সময় উলিয়াছিল।

৩৪। জাহাংগীৰে আঁকি থৈ যোৱা বিখ্যাত চিত্ৰবোৰ ক’ত সংৰক্ষিত হৈ আছে?

উত্তৰঃ লণ্ডনৰ ব্ৰিটিছ গেলেৰিত জাহাংগীৰে আঁকি থৈ যোৱা বিখ্যাত চিত্ৰবোৰ সংৰক্ষিত হৈ আছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top