Class 8 Assamese Additional Chapter 12 সুখ

Class 8 Assamese Additional Chapter 12 সুখ Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 12 সুখ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

সুখ

Chapter – 12

ADDITIONAL QUESTION ANSWER

১। মানুহে কিহৰ কাৰণে বলিয়া বুলি কবিতাটোত উল্লেখ কৰা হৈছে?

উত্তৰঃ মানুহে সুখৰ কাৰণে বলিয়া বুলি কবিতাটোত উল্লেখ কৰা হৈছে।

২। সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায়?

উত্তৰঃ সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখৰ উপৰিও দুখ পায়।

৩। কবিতাটোত সুখ কত আছে বুলি কোৱা হৈছে?

উত্তৰঃ কবিতাটোত সুখ মানুহৰ হাততে আছে বুলি কোৱা হৈছে।

৪। কবিতাটোত সুখ কাৰ পাছে পাছে ফুৰে বুলি উল্লেখ কৰা আছে?

উত্তৰঃ যিসকল ব্যক্তিয়ে স্বাৰ্থ বলিদান দিব পাৰে সেইসকল ব্যক্তিৰ পাছে পাছে সুখ ফুৰে বুলি উল্লেখ কৰিছে।

৫। কি কৰিব পাৰিলে আমাৰ সংসাৰ সুখৰ ঠাই হৈ পৰিব?

উত্তৰঃ পৰৰ কাৰণে খাটিব পাৰিলে আমাৰ সংসাৰ সুখৰ ঠাই হৈ পৰিব।

৬। পৰক আপোন কৰিব পাৰিলে কি হব?

উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নথকা হৈ পৰিব।

৭। পৰৰ কাৰণে কান্দিব জানিলে কি পায়?

উত্তৰঃ পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়।

৮। কবিতাটোত আমি সকলোৱে কাৰ সন্তান বুলি উল্লেখ কৰা আছে?

উত্তৰঃ কবিতাটোত আমি সকলোৱে পৰম পিতাৰ সন্তান বুলি উল্লেখ কৰা আছে।

৯। কবিতাটোত পৃথিৱী আমাৰ কি হয় বুলি উল্লেখ আছে?

উত্তৰঃ কবিতাটোত পৃথিৱী আমাৰ ঘৰ বুলি উল্লেখ কৰা আছে।

১০। গাই গোটা পেটে ভঁৰাল নোহোৱাকৈ মানুহক কি কৰিবলৈ কৈছে?

উত্তৰঃ গাই গোটা পেটে ভঁৰাল নোহোৱাকৈ মানুহক আনৰ  দুখলৈও চাবলৈ কৈছে।

১১। ‘মই’ ‘মোৰ’ বুলি ভাবি থাকিলে কি হয়?

উত্তৰঃ ‘মই’ ‘মোৰ’ বুলি ভাবি থাকিলে মানুহে মোহৰ জালত পৰিব। 

১২ ‘মই’ ‘মোৰ’ ভাৱে মানুহক কি কৰিব পাৰে?

উত্তৰঃ ‘মই’ ‘মোৰ’ ভাৱে মানুহক তললৈ বুৰাব পাৰে।

১৩। সুখ দুখৰ কাৰণ কি?

উত্তৰঃ সুখ দুখৰ কাৰণ হ’ল মন।

১৪। কবিতাটোত ত্যাগত কি লাভ কৰিবলৈ কোৱা হৈছে?

উত্তৰঃ কবিতাটোত ত্যাগ কৰি পৰম সন্তোষ  লাভ কৰিবলৈ কোৱা হৈছে।

১৫। স্বাৰ্থৰ বাটত কি থাকে বুলি কবিয়ে উল্লেখ কৰিছে?

উত্তৰঃ স্বাৰ্থৰ বাটত দুখৰ কাঁইট থাকে বুলি কবিয়ে উল্লেখ কৰিছে। 

১৬। নিস্বাৰ্থৰ বাটবোৰ কেনেকুৱা থাকে?

উত্তৰঃ নিস্বাৰ্থৰ বাটবোৰ হেন্দুৰীয়া থাকে।

১৭। নিস্বাৰ্থ বাটত কি ফুলে?

উত্তৰঃ নিস্বাৰ্থ বাটত সুগন্ধি কুসুম ফুলে।

১৮। নিস্বাৰ্থ জীৱনবোৰ কেনেকুৱা হয়?

উত্তৰঃ নিস্বাৰ্থ জীৱনবোৰ প্ৰেমেৰে ভৰপুৰ হয়।

১৯। বিশ্বৰ সকলো ভাই ভনীৰ সুখৰ ওৰ কেতিয়া নপৰিব?

উত্তৰঃ যেতিয়া সকলোৰে মনত বিশ্ব প্রেমেৰে ভৰ পুৰ হব তেতিয়া সুখৰ ওৰ নপৰিব।

২০। সুখ নামৰ কবিতাটোৰ কবিগৰাকী কোন আছিল?

উত্তৰঃ সুখ নামৰ কবিতাটোৰ কবিগৰাকী আছিল আনন্দচন্দ্ৰ আগৰৱালা।

২১। আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৭৪ চনত আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম  হৈছিল।

২২। আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ ১৯৩৯ চনত আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্যু চনত হৈছিল।

২৩। আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা।

২৪। আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম আছিল ৰাধিকা আগৰৱালা।

২৫। আনন্দচন্দ্ৰ আগৰৱালাই কোনখন বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল?

উত্তৰঃ বৰঙাবাৰী পাঠশালা বিদ্যালয়ৰ পৰা আনন্দচন্দ্ৰ আগৰৱালাই প্ৰাথমিক শিক্ষা লাভ কৰিছিল।

২৬। আনন্দচন্দ্ৰ আগৰৱালাই কোনখন হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পাছ কৰিছিল?

উত্তৰঃ তেজপুৰৰ চৰকাৰী হাইস্কুলৰ পৰা আনন্দচন্দ্ৰ আগৰৱালাই এণ্ট্ৰেন্স পাছ কৰিছিল।

২৭। আনন্দচন্দ্ৰ আগৰৱালাই এণ্ট্ৰেন্স পাছ কৰি ক’ত নাম লগাইছিল?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাই এণ্ট্ৰেন্স পাছ কৰি কলিকতাৰ মেট্ৰোপলিটান ইনষ্টিটিউটত নাম লগাইছিল।

২৮। আনন্দচন্দ্ৰ আগৰৱালাই কৰ্মজীৱন কেনেকৈ আৰম্ভ কৰিছিল?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাই কৰ্মজীৱন শিক্ষকতাৰে আৰম্ভ কৰিছিল।

২৯। আনন্দচন্দ্ৰ আগৰৱালাই শিক্ষকতাৰ পাছত কি কৰিছিল?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাই শিক্ষকতাৰ পাছত আৰক্ষী বিভাগত ভৰ্তি হৈছিল।

৩০। আনন্দচন্দ্ৰ আগৰৱালাই আৰক্ষী বিভাগত ভৰ্তি হৈ শেষলৈ কি হৈছিল?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাই আৰক্ষী বিভাগত ভৰ্তি হৈ শেষলৈ জিলা আৰক্ষী অধীক্ষক হৈছিল।

৩১। আনন্দচন্দ্ৰ আগৰৱালা একাধাৰে এগৰাকী কি আছিল?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা একাধাৰে এগৰাকী কবি, প্ৰবন্ধকাৰ, প্ৰত্নত্ববিদ আছিল।

৩২। আনন্দচন্দ্ৰ আগৰৱালা প্ৰথমে সাহিত্য জগতত কেনেকৈ প্ৰৱেশ কৰিছিল?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাই প্ৰথমে ‘জোনাকী’ কাকতত কবিতা লিখি সাহিত্য জগতত প্ৰৱেশ কৰিছিল।

৩৩। ‘ভাঙনি কোঁৱৰ’ বুলি কাক কোৱা হয়?

উত্তৰঃ ‘ভাঙনি কোঁৱৰ’ বুলি আনন্দচন্দ্ৰ আগৰৱালাক কোৱা হয়।

৩৪। আনন্দচন্দ্ৰ আগৰৱালা কিয় ‘ভাঙনি কোঁৱৰ’ উপাধি লাভ কৰিছিল?

উত্তৰঃ তেখেতে কেইবাটাও ইংৰাজী কবিতা ভাঙনি কৰিছিল বাবে তেওঁ ভাঙনি কোঁৱৰ বুলি উপাধি পাইছিল।

৩৫। ‘কোমল পাঠ’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘কোমল পাঠ’ আনন্দচন্দ্ৰ আগৰৱালাই ৰচনা কৰিছিল।

৩৬। ‘শিশু পাঠ’ কোনে লিখিছিল?

উত্তৰঃ ‘শিশু পাঠ’ আনন্দচন্দ্ৰ আগৰৱালাই লিখিছিল।

৩৭। ‘জিলিকনৰ’ লেখক কোন আছিল?

উত্তৰঃ ‘জিলিকনৰ’ লেখক আছিল আনন্দচন্দ্ৰ আগৰৱালা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top