⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Assamese Additional Chapter 9 ভয়

Class 8 Assamese Additional Chapter 9 ভয় Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 9 ভয়

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

ভয়

Chapter – 9

ADDITIONAL QUESTION ANSWER

১। ৰবীনৰ মনত কিহে ভুমুকি মাৰি থাকে?

উত্তৰঃ ৰবীনৰ মনত ভয়ে ভুমুকি মাৰি থাকে।

২। ৰবীনৰ সকলো সময়তে কোনে লগ নেৰে?

উত্তৰঃ ভয়ে ৰবীনৰ সকলো সময়তে লগ নেৰে।

৩। ৰবীনে পৰিবৰক লৈ ফুৰিবলৈ ওলালেই কাৰ লগত তৰ্কা-ৰ্তকি লাগে?

উত্তৰঃ ৰবীনৰ পত্নীৰ লগত।

৪। ৰবীনৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ ৰবীনৰ পত্নীৰ নাম আছিল ৰমলা।

৫। ৰমলাই কাৰ ওপৰত বিৰক্ত হৈছিল?

উত্তৰঃ ৰবিনৰ ওপৰত ৰমলাই বিৰক্ত হৈছিল।

৬। চাহ দোকানত ট্ৰাক এখন সোমাই কেইজন মানুহ মাৰিছিল?

উত্তৰঃ দুজন মানুহ মাৰিছিল।

৭। সত্য খুৰাৰ লৰাজন কি কৰি থাকোতে ঢুকাইছিল?

উত্তৰঃ সত্য খুৰাৰ লৰাজন ফুটবল থাকোতে ঢুকাইছিল।

৮। সত্য খুৰাৰ লৰাজন কিহৰ পৰীক্ষা দিলেহেতেন?

উত্তৰঃ পি. ইউ পৰীক্ষা দিলেহেতেন।

৯। কাঁঠৰ বলেৰে কোনে ক্ৰিকেট খেলিছিল?

উত্তৰঃ পুনাহঁতে কাঁঠৰ বলেৰে ক্ৰিকেট খেলিছিল।

১০। ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই বুলি ৰমলা কাৰ কথা কৈছিল?

উত্তৰঃ ৰবীনৰ।

১১। অফিচত কাম কৰি থাকোঁতে ৰবীনৰ বুকু কিয় ধৰফৰাই উঠে?

উত্তৰঃ পুনাহঁতৰ কথা চিন্তা কৰি অফিচত কাম কৰি থাকোঁতে ৰবীনৰ বুকু ধৰফৰাই উঠে।

১২। কাৰ স্কুলৰ সন্মুখৰ বাটটো লানি নিছিগা গাড়ীৰ সোঁত আছিল?

উত্তৰঃ পুনাহঁতৰ।

১৩। পুনাহঁতৰ স্কুল বন্ধ থাকিলে কোনে মনে মনে ভাল পাইছিল?

উত্তৰঃ ৰবীনে পুনাহঁতৰ স্কুল বন্ধ থাকিলে মনে মনে ভাল পাইছিল।

১৪। অফিচত চকু দুটা তুলি শূন্য দৃষ্টিৰে চাৰিওফালে কোনে চাইছিল?

উত্তৰঃ ৰবীনে অফিচত চকু দুটা তুলি শূন্য দৃষ্টিৰে চাৰিওফালে চাইছিল।

১৫। ৰবীনৰ কিহৰ কাৰণে ভয় নাই?

উত্তৰঃ মৰাৰ কাৰণে।

১৬। ৰবীনৰ লৰা-ছোৱালী কেইটা আছিল?

উত্তৰঃ ৰবীনৰ লৰা-ছোৱালী তিনিটা আছিল।

১৭। ৰবীনে কাৰ স্বভাৱত গভীৰতা নাই বুলি কৈছিল?

উত্তৰঃ পত্নী ৰমলাৰ স্বভাৱত গভীৰতা নাই বুলি কৈছিল।

১৮। কোনে কোনো কথা গভীৰভাৱে লব নাজানে?

উত্তৰঃ ৰমলাই কোনো কথা গভীৰভাৱে লব নাজানে।

১৯। ৰবীনে ৰমলাৰ কেনেকুৱা স্বভাৱ বুলি কৈছিল?

উত্তৰঃ সোঁতত গা এৰি দিয়া স্বভাৱ বুলি কৈছিল।

২০। ৰবীনে কাক বুজাব চেষ্টা কৰিছিল?

উত্তৰঃ পত্নী ৰমলাক।

২১। বিপদৰ সন্মুখত থিয় হবলৈ কি কৰি ৰাখিলে ভাল হয়?

উত্তৰঃ নিজকে প্ৰস্তুত কৰি ৰাখিলে ভাল হয়।

২২। কোনে অফিচৰ কাম কৰি গৈ ৰাতিৰ ভিতৰতে মৰি থাকিছিল?

উত্তৰঃ ৰবীনৰ অফিচৰ কাকতি।

২৩। ভয় কাৰ চৌবিশ ঘণ্টিয়া লগৰীয়া?

উত্তৰঃ ভয় ৰবীনৰ চৌবিশ ঘণ্টিয়া লগৰীয়া।

২৪। ৰবীনৰ মনত কি টুকুৰা গোট বান্ধি আছিল?

উত্তৰঃ ভয় এটুকুৰা ৰবীনৰ মনত এটুকুৰা গোট বান্ধি আছিল।

২৫। ৰবীনৰ মনৰ পৰা কি বস্তু কোনোৰকমে আঁতৰাই দিব নোৱাৰে?

উত্তৰঃ ৰবীনৰ মনৰ পৰা ভয় কোনোৰকমে আঁতৰাই দিব নোৱাৰে।

২৬। অফিচৰ পৰা আহি ৰবীনৰ কিয় হাত ভৰি কপিবলৈ ধৰিছিল?

উত্তৰঃ পত্নী ৰমলাক ৰঘৰত দেখা নোপোৱাৰ কাৰণে ৰবীনৰ  হাত ভৰিবোৰ কঁপিবলৈ ধৰিছিল।

২৭। ৰমলাৰ কিয় মাজে মাজে অসহ্য লাগিছিল?

উত্তৰঃ ৰবীন বৰ ভয়াতুৰ হোৱাৰ বাবে ৰমলাৰ অসহ্য লাগিছিল।

২৮। কৰবাত খটককৈ শব্দ এটা শুনিলে ৰবীনে কি কৰে?

উত্তৰঃ কৰবাত খটককৈ শব্দ এটা শুনিলে ৰবীনে জাঁপ মাৰি উঠে।

২৯। ল’ৰা ছোৱালীৰ কাৰোবাৰ সামান্য বেমাৰ হলে ৰবীনৰ কি হয়?

উত্তৰঃ লৰা ছোৱালীৰ কাৰোবাৰ সামান্য বেমাৰ হলে ৰবীনৰ বাথৰুম বা পায়খনালৈ যোৱা আৰম্ভ হয়।

৩০। গভীৰ ৰাতি ৰবীনে উৎকীৰ্ণ হৈ কি কৰিছিল?

উত্তৰঃ গভীৰ ৰাতি ৰবীনে উৎকীৰ্ণ কিবা শুনাৰ চেষ্টা কৰিছিল।

৩১। গভীৰ ৰাতি ৰবীনে কি শুনা পাইছিল?

উত্তৰঃ গভীৰ ৰাতি ৰবীনে দূৰৈত উচ্ছৃংখল জনতাৰ অস্পষ্ট কোলাহলযেন শুনা পাইছিল।

৩২। ৰবীনৰ বুকু কিয় ধককৈ উঠিছিল?

উত্তৰঃ গভীৰ ৰাতি ৰবীনে দূৰৈত উচ্ছৃংখল জনতাৰ অস্পষ্ট কোলাহল শুনি পোৱাৰ কাৰণে ৰবীনৰ বুকু ধককৈ উঠিছিল।

৩৩। ৰবীনে ৰাতি কি হৈছিল বুলি ভাবিছিল?

উত্তৰঃ ৰবীনে ৰাতি কিবা গণ্ডগোল হোৱা বুলি ভাবিছিল। 

৩৪। কিহৰ গণ্ডগোল বুলি কোনে কৈছিল?

উত্তৰঃ কিহৰ গণ্ডগোল বুলি ৰমিলাই সুধিছিল।

৩৫। ৰবীনে ৰাতি কিহৰ গণ্ডগোল হোৱা বুলি ভাবিছিল?

উত্তৰঃ ৰবীনে ৰাতি ধৰ্ম আৰু ভাষাৰ কাৰণে গণ্ডগোল হোৱা বুলি ভাবিছিল।

৩৬। কিহৰ গণ্ডগোল বুলি সোধাত ৰবীনৰ কিয় খং উঠিছিল?

উত্তৰঃ ৰমলাৰ অজ্ঞানতাৰ কাৰণে ৰবীনৰ খং উঠিছিল।

৩৭। মাজ ৰাতি নবীনৰ হঠাতে কিয় টোপনি ভাঙিছিল?

উত্তৰঃ কাৰোবাৰ চিঞৰ-বাখৰ শুনি মাজ ৰাতি নবীনৰ হঠাত টোপনি ভাঙিছিল।

৩৮। মাজ ৰাতি কোলাহল কাৰ ঘৰৰ ফালৰ পৰা আহিছিল বুলি নবীনে কৈছিল?

উত্তৰঃ জহীৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা আহিছিল বুলি নবীনে কৈছিল।

৩৯। জহীৰুদ্দিন কোন আছিল?

উত্তৰঃ জহীৰুদ্দিন আছিল নবীনহঁতৰ ওচৰ চুবুৰীয়া।

৪০। জহীৰুদ্দিনে কি কাম কৰিছিল?

উত্তৰঃ জহীৰুদ্দিনে ওকালতি কৰিছিল।

৪১। জহীৰুদ্দিন এজন কেনেকোৱা ব্যক্তি আছিল?

উত্তৰঃ জহীৰুদ্দিন এজন ভদ্ৰ আৰু বিনয়ী ডেকা আছিল।

৪২। জহীৰুদ্দিন চুবুৰীৰ লগত কেনেকুৱা আছিল?

উত্তৰঃ জহীৰুদ্দিন চুবুৰীৰ লগত ভাল আছিল।

৪৩। জহীৰুদ্দিন ঘৰ কোনে আক্ৰমণ কৰিবলৈ আহিছে বুলি ৰবীনে ভাবিছিল?

উত্তৰঃ ভিন ঠাইৰ মানুহে জহীৰুদ্দিন ঘৰ আক্ৰমণ কৰিবলৈ আহিছে বুলি ৰবীনে ভাবিছিল।

৪৪। ৰবীনে তৎক্ষণতে উন্মত্ত জনতাই কাৰ ঘৰ আক্ৰমণ কৰিব বুলি ভাবিছিল?

উত্তৰঃ জহীৰুদ্দিনৰ ঘৰ উন্মত্ত জনতাই আক্ৰমণ কৰিব বুলি ৰবীনে ভাবিছিল।

৪৫। ৰবীনে আক্ৰমণ কিহৰ পৰিণতি বুলি কৈছিল?

উত্তৰঃ অসংখ্য খণ্ডিত সত্তাকে ৰবীনে আক্ৰমণ পৰিণতি বুলি কৈছিল।

৪৬। কোনে ব্যস্ত ভাৱে দুৱাৰ খুলি ওলাবলৈ লৈছিল?

উত্তৰঃ ৰবীনে ব্যস্ত ভাৱে দুৱাৰ খুলি ওলাবলৈ লৈছিল।

৪৭। ৰবীনে ব্যস্ত ভাৱে দুৱাৰ খুলি কত যাবলৈ লৈছিল?

উত্তৰঃ জহীৰুদ্দিন ঘৰত।

৪৮। ৰবীনে জহীৰুদ্দিনৰ ঘৰত কিয় যাবলৈ লৈছিল?

উত্তৰঃ জহীৰুদ্দিন ঘৰৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ ৰবীনে জহীৰুদ্দিনৰ ঘৰত যাবলৈ লৈছিল।

৪৯। তুমি কলৈ যোৱা বুলি কোনে অতংকৈ চিঞৰি উঠিছিল?

উত্তৰঃ ৰমলাই।

৫০। ৰবীনৰ মনৰ পৰা সকলো ভয় কেনেকৈ আঁতৰি গৈছিল?

উত্তৰঃ জহীৰুদ্দিন ঘৰৰ পৰিয়ালটোক আজি ৰবীনে ৰক্ষা নকৰিলে বিপদৰ সময়ত ৰবীনৰ পৰিয়ালটোক কোনে ৰক্ষা কৰিব বুলি ভাবি।

৫১। ভয় চুটিগল্পটিৰ গল্পকাৰ কোন আছিল?

উত্তৰঃ ভয় চুটিগল্পটিৰ গল্পকাৰ আছিল শিলভদ্ৰ।

৫২। শিলভদ্ৰৰ সম্পূৰ্ণ নাম কি আছিল? 

উত্তৰঃ ৰেৱতীমোহন দত্ত চৌধুৰী আছিল শিলভদ্ৰৰ সম্পূৰ্ণ নাম।

৫৩। শিলভদ্ৰৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯২৩ চনত শিলভদ্ৰৰ জন্ম হৈছিল।

৫৪। শিলভদ্ৰৰ মৃত্যু  কিমান চনত হৈছিল?

উত্তৰঃ ২০০৮ চনত শিলভদ্ৰৰ মৃত্যু হৈছিল।

৫৫। শিলভদ্ৰই কোন খন ঠাইত জন্ম গ্ৰহন কৰিছিল?

উত্তৰঃ শিলভদ্ৰই গোৱালপাৰা জিলাৰ গৌৰীপুৰত জন্ম গ্ৰহন কৰিছিল।

৫৬। শিলভদ্ৰই কোন খন কলেজত অধ্যাপনা কৰিছিল?

উত্তৰঃ অসম ইঞ্জনিয়াৰিং কলেজত শিলভদ্ৰই অধ্যাপনা কৰিছিল।

৫৭। ‘বাস্তৱ’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ শিলভদ্ৰ।

৫৮। শিলভদ্ৰৰ দুখন প্ৰকাশিত পুথিৰ নাম লিখা?

উত্তৰঃ শিলভদ্ৰৰ দুখন প্ৰকাশিত পুথিৰ নাম হল ‘শিলভদ্ৰৰ কুৰিতাগল্প’ আৰু ‘বাস্তৱ’।

৫৯। ‘সমুদ্ৰতীৰ’ পুথিৰ লেখক কোন আছিল?

উত্তৰঃ শিলভদ্ৰৰ আছিল ‘সমুদ্ৰতীৰ’ পুথিৰ লেখক।

৬০। ‘কোনো ক্ষোভ নাই’ পুথিখনৰ লেখক কোন আছিল?

উত্তৰঃ শিলভদ্ৰ।

৬১। ‘বিশ্বাস’ পুথিখন কোনে লিখিছিল?

উত্তৰঃ শিলভদ্ৰ।

৬২। ‘তৰ্পণ’ গল্পটোৰ গল্পকাৰ কোন আছিল?

উত্তৰঃ শিলভদ্ৰ।

৬৩। ‘উত্তৰণ’ গল্পটোৰ গল্পকাৰ কোন আছিল?

উত্তৰঃ শিলভদ্ৰ। 

৬৪। ‘আগমনিৰ ঘাট’ কোনে লিখিছিল?

উত্তৰঃ শিলভদ্ৰ।

৬৫। ‘অহঁতৰ গুৰি’ গল্পটোৰ গল্পকাৰ কোন আছিল?

উত্তৰঃ শিলভদ্ৰ।

৬৬। ‘অনুসন্ধানৰ’ লেখক কোন?

উত্তৰঃ শিলভদ্ৰ। 

৬৭। ‘মধূপুৰ বহুদুৰ’ গল্পটোৰ গল্পকাৰ কোন আছিল?

উত্তৰঃ শিলভদ্ৰ। 

৬৮। ‘আকৌ মধূপুৰ’ গল্পটোৰ গল্পকাৰ কোন আছিল?

উত্তৰঃ শিলভদ্ৰ। 

৬৯। ‘মেজাজ’ নামৰ গল্পটোৰ গল্পকাৰ কোন আছিল?

উত্তৰঃ শিলভদ্ৰ। 

৭০। শিলভদ্ৰই কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ ১৯৯৪ চনত শিলভদ্ৰই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

৭১। শিলভদ্ৰই কোন খন গল্প সংকলনখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘মধূপুৰ বহুদুৰ’ গল্প সংকলনখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

৭২। শিলভদ্ৰৰ দুখন গল্প সংকলনখনৰ নাম লিখা?

উত্তৰঃ শিলভদ্ৰৰ দুখন গল্প সংকলনখনৰ নাম হল ‘তৰ্পণ’ আৰু ‘অনুসন্ধানৰ’।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top