Class 8 Assamese Additional Chapter 14 সংস্কৃতি আৰু আমাৰ জীৱন Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.
Class 8 Assamese Additional Chapter 14 সংস্কৃতি আৰু আমাৰ জীৱন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.
সংস্কৃতি আৰু আমাৰ জীৱন
Chapter – 14
| ADDITIONAL QUESTION ANSWER |
১। সংস্কৃতি কি জীৱনৰ চালিকাশক্তি?
উত্তৰঃ সংস্কৃতি জাতীয় জীৱনৰ চালিকাশক্তি।
২। অসমীয়া সংস্কৃতিৰ ৰূপৰেখা প্ৰসংগ কোনে কৰিছিল?
উত্তৰঃ অসমীয়া সংস্কৃতিৰ ৰূপৰেখা প্ৰসংগ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৰিছিল।
৩। সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়?
উত্তৰঃ সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন হয়।
৪। সমাজ কাৰ দ্বাৰা গঠিত হয়?
উত্তৰঃ সমাজ মানুহৰ দ্বাৰাই গঠিত হয়।
৫। সংস্কৃতিৰ অন্যতম উপাদান কি?
উত্তৰঃ সংস্কৃতিৰ অন্যতম উপাদান হ’ল– আচাৰ-আচৰণ।
৬। কৃষি কি?
উত্তৰঃ কৃষি হ’ল– কৃষ্টিৰ আধাৰ।
৭। কৃষি মানে কি?
উত্তৰঃ কৃষি মানে কৰ্ষণ আৰু কৃষ্টিয়েই হ’ল সকলো ধৰণৰ সৃষ্টিৰ উৎস।
৮। কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা হয়?
উত্তৰঃ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ্ বোটলা হয়।
৯। সংস্কৃতিৰ ৰূপ কেইটা?
উত্তৰঃ সংস্কৃতিৰ ৰূপ দুটা।
১০। সংস্কৃতিৰ ৰূপ দুটা কি কি?
উত্তৰঃ সংস্কৃতিৰ ৰূপ দুটা হ’ল– বাহ্যিক আৰু আভ্যন্তৰীণ।
১১। মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি?
উত্তৰঃ মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ’ল- চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।
১২। প্ৰকৃতিৰ পৰা আমি কি আহৰণ কৰোঁ?
উত্তৰঃ প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ।
১৩। গৌৰৱময় সংস্কৃতিৰ উপাদানবোৰ কি কি?
উত্তৰঃ গৌৰৱময় সংস্কৃতিৰ উপাদানবোৰ হ’ল– সুকুমাৰ কলাকে ধৰি সামাজিক ধ্যান-ধাৰণা, আচাৰ-অনুষ্ঠান, শিষ্টাচাৰ আৰু নীতি-নিৰ্দেশনা সকলো কৃষ্টিভিত্তিক, যিবোৰ আমাৰ গৌৰৱময় সংস্কৃতিৰ উপাদান।
১৪। এখন সমাজৰ সংস্কৃতি কি?
উত্তৰঃ একোখন সমাজত বসবাস কৰা মানুহে কৰা আচৰণেই সেই সমাজখনৰ সংস্কৃতি।
১৫। সংস্কৃতি মানে কি?
উত্তৰঃ সংস্কৃতি হ’ল মানৱ আচৰণৰ বহিঃপ্রকাশ।
১৬। সংস্কৃতিৰ উপাদান কি?
উত্তৰঃ সংস্কৃতিৰ উপাদান হ’ল আচাৰ আচৰণ।
১৭। পৰম্পৰাই কি কি দিশ সামৰি লয়?
উত্তৰঃ পৰম্পৰাই অৰ্থনৈতিক, সামাজিক, ধৰ্মীয় নান্দনিক, আৰু ভাষা সম্পৰ্কীয় দিশবোৰ সামৰি লয়।
১৮। সকলোধৰণৰ সৃষ্টিৰ উৎস কি?
উত্তৰঃ সকলোধৰণৰ সৃষ্টিৰ উৎস হ’ল কৃষ্টি।
১৯। সংস্কৃতিৰ শইচ কৰ পৰা বোটলা হয়?
উত্তৰঃ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ পৰা বোটলা হয়।
২০। সাংস্কৃতিক বৈচিত্ৰৰ কাৰণসমূহ কি?
উত্তৰঃ সাংস্কৃতিক বৈচিত্ৰৰ কাৰণসমূহ হ’ল জলবায়ুৰ ভিন্নতা, খাদ্যাৰীতিৰ অভ্যাস বা জীৱন শৈলীৰ বৈশিষ্ট্য।
২১। সংস্কৃতিৰ অন্যতম উপাদান বুলি কিহৰ চিহ্নিত কৰিব পাৰি?
উত্তৰঃ সংস্কৃতিৰ অন্যতম উপাদান বুলি খাদ্যৰ তালিকাক চিহ্নিত কৰিব পাৰি।
২২। সাংস্কৃতিক সম্পদ কেনেদৰে বিকশিত হয়?
উত্তৰঃ কৃষিভিত্তিক সমাজৰ ধ্যান ধাৰণা আৰু আচাৰ বিচাৰ অনুযায়ী সাংস্কৃতিক সম্পদৰ বিকশিত হয়।
২৩। চৌবন্দী কোনটো জাতিৰ মহিলাসকলে পৰিধান কৰে?
উত্তৰঃ চৌবন্দী নেপালী জাতিৰ মহিলাসকলে পৰিধান কৰে।
২৪। দখনা কোনটো জাতিৰ মহিলাসকলে পৰিধান কৰে?
উত্তৰঃ দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে।
২৫। প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাঁজ-পাৰে কি বহন কৰে?
উত্তৰঃ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাঁজ-পাৰে জাতিটোৰ স্বকীয় সত্তা বহন কৰে।
২৬। এজন ব্যক্তি কেনেদৰে সৎ প্ৰবিত্তিৰ হব পাৰে?
উত্তৰঃ ভাল কাম আৰু সু চিন্তাৰ কৰ্ষণ কৰিব পাৰিলে এজন ব্যক্তি সৎ প্ৰবিত্তিৰ হব পাৰে।
২৭। বেয়া কাম আৰু কু-চিন্তাই মানুহক কি কৰিব পাৰে?
উত্তৰঃ বেয়া কাম আৰু কু-চিন্তাই মানুহক অসৎ প্রবিত্তিৰ ফালে ধাবিত কৰাব পাৰে।
২৮। কিহে মানুহক সংস্কৃত মনৰ অধিকাৰী কৰি তুলিব পাৰি?
উত্তৰঃ ভাল কাম আৰু ভাল আচৰণে মানুহক সংস্কৃত মনৰ অধিকাৰী কৰি তুলিব পাৰি।
২৯। বাহ্যিক সংস্কৃতিৰ উদাহৰণ দিয়া?
উত্তৰঃ এজন ব্যক্তিয়ে ধুনীয়াকৈ সাজপোছাক পৰিধান কৰাটোৱেই হৈছে বাহ্যিক সংস্কৃতি।
৩০। আভ্যন্তৰীন সংস্কৃতি কি?
উত্তৰঃ আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ হৈছে আভ্যন্তৰীন সংস্কৃতি।
৩১। আভ্যন্তৰীন সংস্কৃতিৰ অমূল উৎস কি?
উত্তৰঃ মানুহৰ আন্তৰিক আচৰণ সংস্কৃতিৰ অমূল উৎস।
৩২। মানুহৰ আবেগ অনুভূতিৰ মূল উৎস বুলি কিহক কোৱা হয়?
উত্তৰঃ চৌপাশৰ বিনন্দীয়া প্ৰকৃতি হৈছে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস।
৩৩। প্ৰকৃতিৰ পৰা আমি কি আহৰণ কৰোঁ?
উত্তৰঃ প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ।
৩৪। আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগস্বৰূপ কি কি?
উত্তৰঃ গীত-মাত, নাচ-গান, চিত্ৰ কলা, স্থাপত্য-ভাস্কৰ্য হৈছে আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগস্বৰূপ।
৩৫। গৌৰৱময় সংস্কৃতিৰ উপাদানসমূহ কি কি?
উত্তৰঃ সুকুমাৰ কলা, নীতি নিৰ্দেশনা, শিষ্টাচাৰ, আচাৰ অনুষ্ঠান আদি গৌৰৱময় সংস্কৃতিৰ উপাদান।
৩৬। সৃজনী শক্তিৰ আধাৰস্বৰূপ কি?
উত্তৰঃ এখন সমাজত বসবাস কৰা জনগোষ্ঠীৰ বিচিত্ৰ জীৱন শৈলীয়েই হৈছে সৃজনী শক্তিৰ আধাৰস্বৰূপ।
৩৭। আমাৰ সামগ্ৰিক জীৱন শৈলীৰ মাজত কি নিহিত হৈ আছে?
উত্তৰঃ আমাৰ সামগ্ৰিক জীৱন শৈলীৰ মাজত সংস্কৃতিৰ পৰম আকাংক্ষিত স্বকীয়তা নিহিত হৈ আছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

