Class 8 Assamese Additional Chapter 11 অতীতক নাযাবা পাহৰি

Class 8 Assamese Additional Chapter 11 অতীতক নাযাবা পাহৰি Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 11 অতীতক নাযাবা পাহৰি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

অতীতক নাযাবা পাহৰি

Chapter – 11

ADDITIONAL QUESTION ANSWER

১। প্ৰধান শিক্ষক জনৰ নাম কি?

উত্তৰঃ প্ৰধান শিক্ষক জনৰ নাম হ’ল- কমল শৰ্মা।

২। কলাসম্পদ বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে তেনে সম্পদবোৰেই হৈছে কলাসম্পদ।

৩। বুৰঞ্জী, বিজ্ঞান, ধৰ্ম এই সম্পদসমূহে কিহৰ বিষয়ে কয়?

উত্তৰঃ বুৰঞ্জী, বিজ্ঞান, ধৰ্ম এই সম্পদসমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়।

৪। প্ৰত্নতত্ত্ব বুলিলে কি বুজা?

উত্তৰঃ সময়ে সময়ে খনন কাৰ্যৰ জৰিয়তে বহুতো সম্পদ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্ৰত্নতত্ত্ব বোলে।

৫। হীৰাই উদ্দেশ্য কৰি কাক কৈছে?

উত্তৰঃ হীৰাই উদ্দেশ্য কৰি দাস ছাৰক কৈছে।

৬। কিমান বছৰৰ পুৰণি সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে ধৰা হয়?

উত্তৰঃ প্ৰাক্-ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা এশ বছৰৰ পুৰণি সকলো সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে ধৰা হয়।

৭। ‘অতীতক নাযাবা পাহৰি’ পাঠটিৰ ৰচক কোন? 

উত্তৰঃ প্ৰত্নতত্ত্ববিদ ড° হেমন্দ্ৰ নাথ দত্ত।

৮। প্রত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ বিদ্যালয়ত কোন উপস্থিত হৈছিল?

উত্তৰঃ বিশিষ্ট প্রত্নতত্ত্ববিদ ড° বিপিন চন্দ্র দাস। 

৯। বিশিষ্ট প্রত্নতত্ত্ববিদ ড° বিপিন চন্দ্র দাসে লগত কি লৈ আহিছিল?

উত্তৰঃ অ’ভাৰহেড প্রজেক্টৰ।

১০। অসমৰ পুৰণি মঠ-মন্দিৰ, মছজিদ কেইটামানৰ নাম লিখা। 

উত্তৰঃ কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ, পোৱামক্কা, মদন কামদেব, মহাভৈৰৱ ইত্যাদি।

১১। হাজোত কি মন্দিৰ আছে?

উত্তৰঃ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ।

১২। সকলো ছাত্ৰ-ছাত্ৰী শৃংখলাৱদ্ধভাৱে কত বহি আছিল?

উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰী শৃংখলাৱদ্ধভাৱে বিদ্যালয়ৰ প্রেক্ষাগৃহত বহি আছিল।

১৩। প্ৰধান শিক্ষকৰ কাষতে আসন গ্ৰহণ কৰা ব্যক্তিগৰাকী নাম কি আছিল?

উত্তৰঃ প্ৰধান শিক্ষকৰ কাষতে আসন গ্ৰহণ কৰা ব্যক্তিগৰাকী আছিল প্ৰত্নতত্ত্ববিদ ড° বিপিন চন্দ্ৰ দাস। 

১৪। কাৰ আমন্ত্ৰণত ড° বিপিন চন্দ্ৰ দাস বিদ্যালয়ত উপস্থিত হৈছিল?

উত্তৰঃ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আমন্ত্ৰণত ড° বিপিন চন্দ্ৰ দাস বিদ্যালয়ত উপস্থিত হৈছিল।

১৫। ড° বিপিন চন্দ্ৰ দাসক বিদ্যালয়ত কিয় আমন্ত্ৰণ কৰা হৈছিল?

উত্তৰঃ ড° বিপিন চন্দ্ৰ দাসক বিদ্যালয়ত প্ৰত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ কৰা  হৈছিল। 

১৬। ড° বিপিন চন্দ্ৰ দাসে লগত কি প্ৰজেক্টৰ লৈ আনিছিল?

উত্তৰঃ অ’ভাৰহেড প্ৰজেক্টৰ ড° বিপিন চন্দ্ৰ দাসে লগত লৈ আনিছিল।

১৭। ড° বিপিন চন্দ্ৰ দাসে লগত লৈ অনা অ’ভাৰহেড প্ৰজেক্টৰটো কোনে সাজু কৰি দিছিল?

উত্তৰঃ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভূঞা চাৰে প্ৰস্তুত কৰি দিছিল।

১৮। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম কি আছিল?

উত্তৰঃ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম আছিল কমল শৰ্মা।

১৯। পুৰণি দুখন তীৰ্থ স্থানৰ নাম লিখা?

উত্তৰঃ পুৰণি দুখন তীৰ্থ স্থানৰ নাম হল কামাখ্যা মন্দিৰ আৰু মহাভৈৰৱ মন্দিৰ।

২০। ড° বিপিন চন্দ্ৰ দাসে ছাত্ৰ ছাত্ৰীসকলক কি বিষয় সম্পৰ্কে কবলৈ ওলাইছিল?

উত্তৰঃ প্ৰাচীন আপুৰুগীয়া সম্পদসমূহৰ উদ্ধাৰ আৰু সংৰক্ষণ সম্পৰ্কে কবলৈ ওলাইছিল।

২১। কলাস সম্পদ মানে কি?

উত্তৰঃ যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে তাকে কলাস সম্পদ বোলা হয়।

২২। কলাস সম্পদৰ দুটা উদাহৰণ দিয়া?

উত্তৰঃ কলাস সম্পদৰ দুটা উদাহৰণ হ’ল অতীতৰ শিল্পকলা আৰু মুদ্ৰা।

২৩। কলাস সম্পদসমূহে অতীতৰ কিহৰ বিষয়ে কয়?

উত্তৰঃ কলাস সম্পদসমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়।

২৪। প্রত্নতাত্ত্বিক সম্পদ মানে কি?

উত্তৰঃ খনন কাৰ্যৰ জৰিয়তে মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা সম্পদ সমূহকে প্রত্নতাত্ত্বিক সম্পদ বোলা হয়।

২৫। প্রত্নতত্ত্ব কাক বোলে?

উত্তৰঃ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নকে প্রত্নতত্ত্ব বোলা হয়।

২৬। কি কাৰণত এখন দেশ ধ্বংস হৈ ভূ-গৰ্ভত লিন হব পাৰে?

উত্তৰঃ প্ৰাকৃতিক দুৰ্যোগৰ ফলত এখন দেশ ধ্বংস হৈ ভূ-গৰ্ভত লিন হব পাৰে।

২৭। প্রত্নতাত্ত্বিক সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কি জানিব পাৰোঁ?

উত্তৰঃ সেই সময়ৰ মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী, বসতি, কলা সংস্কৃতি, আদিৰ বিষয়ে জানিব পাৰি।

২৮। কিমান বছৰৰ পুৰণি সম্পদসমূহক প্রত্নতাত্ত্বিক সম্পদ বুলি ধৰা হয়?

উত্তৰঃ এশ বছৰৰ পুৰণি সম্পদসমূহক প্রত্নতাত্ত্বিক সম্পদ বুলি ধৰা হয়।

২৯। অসমৰ প্রত্নতাত্ত্বিক সম্পদসমূহৰ এটা উদাহৰণ দিয়া?

উত্তৰঃ অসমৰ প্রত্নতাত্ত্বিক সম্পদসমূহৰ এটা উদাহৰণ হ’ল শ্ৰী সূৰ্যপাহাৰ।

৩০। শ্ৰী শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত?

উত্তৰঃ শ্ৰী সূৰ্যপাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত।

৩১। পোৰা মাটিৰ কুৱাৰ অৱশেষ তেজপুৰৰ কোনখন গাঁৱত উদ্ধাৰ কৰিছিল?

উত্তৰঃ পোৰা মাটিৰ কুৱাৰ অৱশেষ তেজপুৰৰ বৰাচুবুৰী গাঁৱত উদ্ধাৰ কৰিছিল।

৩২। এনে পোৰা মাটিৰ কুৱাৰ অৱশেষ আৰু কত পোৱা গৈছিল?

উত্তৰঃ এনে পোৰা মাটিৰ কুৱাৰ অৱশেষ আৰু গঙ্গা নদীৰ প্ৰাচীন প্রত্নতাত্ত্বিক স্থানত পোৱা গৈছিল।

৩৩। গঙ্গা নদীৰ উপত্যকা আৰু অসমৰ কোনখন উপত্যকা  একে সময়তে বিকাশ সাধন হৈছিল?

উত্তৰঃ গঙ্গা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা একে সময়তে বিকাশ সাধন হৈছিল।

৩৪। কোনটো স্থানত বিভিন্ন সমাজৰ ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰা হৈছে?

উত্তৰঃ শ্ৰী শ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰা হৈছে।

৩৫। শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ খনন কাৰ্যত উদ্ধাৰ হোৱা কিছুমান সম্পদৰ নাম লিখা?

উত্তৰঃ শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, শিৱলিংগ, গণেশৰ মূৰ্তি আদি উদ্ধাৰ হৈছিল।

৩৬। নেমিনাথ আৰু ঋষৱনাথ কোন আছিল?

উত্তৰঃ নেমিনাথ আৰু ঋষৱনাথ আছিল জৈন ধৰ্মৰ আদিগুৰু।

৩৭। মূৰ্তিৰ সমাৱেশ বুলি অসমৰ কোনখন স্থানক কোৱা হয়?

উত্তৰঃ অসমৰ শ্ৰী সূৰ্যপাহাৰক মূৰ্তিৰ সমাৱেশ বুলি কোৱা হয়।

৩৮। পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য কত উদ্ধাৰ হৈছিল?

উত্তৰঃ গোৱালপাৰা জিলাৰ পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল।

৩৯। চৰাইদেউ কত অৱস্থিত?

উত্তৰঃ শিৱসাগৰত চৰাইদেউ অৱস্থিত।

৪০। প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ এখনৰ নাম লিখা?

উত্তৰঃ ‘ডুবৰনি’ হল প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ। 

৪১। ‘ডুবৰনি’ কত অৱস্থিত?

উত্তৰঃ গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত ‘ডুবৰনি’ অৱস্থিত।

৪২। ‘ডুবৰনি’ৰ খনন কাৰ্যৰ দ্বাৰা কি কি উদঘাটন কৰিছিল? 

উত্তৰঃ প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ, প্ৰাচীন লিপিসমূহ ‘ডুবৰনি’ৰ খনন কাৰ্যৰ দ্বাৰা উদঘাটন কৰিছিল।

৪৩। গুৱাহাটী মহানগৰীৰ কোনখন ঠাইত খনন কাৰ্যত নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰিছিল?

উত্তৰঃ গুৱাহাটী মহানগৰীৰ আমবাৰীত খনন কাৰ্যত নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰিছিল।

৪৪। কাক নটৰাজ নামেৰে জনা যায়?

উত্তৰঃ ভগৱান শিৱক নটৰাজ নামেৰে জনা যায়।

৪৫। শিৱৰ বাহন বুলি কাক কোৱা হয়?

উত্তৰঃ নন্দিক ভগৱান শিৱৰ বাহন বুলি কোৱা হয়।

৪৬। গুৱাহাটীৰ আমবাৰীত খনন কাৰ্যত কেনেকুৱা অৱস্থাত থকা নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰিছিল?

উত্তৰঃ শিৱৰ বাহন নন্দিৰ পিঠিত উঠি নৃত্যৰত কৰি থকা অৱস্থাত মূৰ্তি উদ্ধাৰ কৰিছিল।

৪৭। গুৱাহাটীৰ আমবাৰীত খনন কাৰ্যত কি কি উদ্ধাৰ কৰা হৈছিল?

উত্তৰঃ ইটাৰে নিৰ্মিত স্থাপত্য ভেটিৰ অৱশেষ, নটৰাজ, বিষ্ণু, শিৱ ইত্যাদি গুৱাহাটীৰ আমবাৰীত খনন কাৰ্যত উদ্ধাৰ কৰা হৈছিল।

৪৮। শিল্পীৰ শিল্প কৰ্মৰ উল্লেখযোগ্য স্থান বুলি কোনখন ঠাইক কোৱা হয়?

উত্তৰঃ গুৱাহাটীৰ আমবাৰী ঠাইক কোৱা হয়।

৪৯। শিল্পীৰ শিল্প কৰ্মৰ উল্লেখযোগ্য স্থান গুৱাহাটীৰ আমবাৰীক কিয় কোৱা হয়?

উত্তৰঃ অঞ্চলৰ প্রত্নতাত্ত্বিক সম্পদসমূহৰ বাবে গুৱাহাটীৰ আমবাৰীক শিল্পীৰ শিল্প কৰ্মৰ উল্লেখযোগ্য স্থান বুলি কোৱা হয়।

৫০। হোজাই কোনখন জিলাৰ মহকুমা আছিল?

উত্তৰঃ নগাঁও।

৫১। নগাঁৱৰ হোজাই মহকুমাত কি প্রত্নতাত্ত্বিক সম্পদৰ উদ্ধাৰ হৈছিল?

উত্তৰঃ নগাঁৱৰ হোজাই মহকুমাত ন-নাথ  প্রত্নতাত্ত্বিক সম্পদৰ উদ্ধাৰ হৈছিল।

৫২। আহোমৰ সমাধি ক্ষেত্ৰক কি বোলা হয়?

উত্তৰঃ আহোমৰ সমাধি ক্ষেত্ৰক মৈদাম বোলা হয়।

৫৩। আহোমৰ ৰাজকীয় সমাধি ক্ষেত্ৰ কত অৱস্থিত?

উত্তৰঃ আহোমৰ ৰাজকীয় সমাধি ক্ষেত্ৰ শিৱসাগৰৰ চৰাইদেউত অৱস্থিত।

৫৪। কোনখন দেশৰ ৰাজকীয় সমাধি ক্ষেত্ৰৰ লগত আহোমৰ মৈদাম সংস্কৃতিৰ সাদৃশ্য আছে?

উত্তৰঃ চীন দেশৰ ৰাজকীয় সমাধি ক্ষেত্ৰৰ লগত আহোমৰ মৈদাম সংস্কৃতিৰ সাদৃশ্য আছে।

৫৫। আহোমৰ মৈদামসমূহৰ আকাৰসমূহ কেনেকুৱা আকৃতিৰ আছিল?

উত্তৰঃ আহোমৰ মৈদামসমূহৰ আকাৰ বৃহৎ অৰ্ধগোলাকৃতিৰ আছিল।

৫৬। ভাৰতীয় প্ৰত্নতাত্বিক বিভাগে মৈদামৰ খনন কাৰ্য কৰি কি কি সম্পদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে?

উত্তৰঃ মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সফুৰা, হাতী দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ  আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

৫৭। মাইবং কত অৱস্থিত?

উত্তৰঃ উত্তৰ কাছাৰ জিলাত মাইবং অৱস্থিত।

৫৮। আহোমসকলৰ ৰাজত্ব কালত কোনটো স্থানত ইটাৰ মন্দিৰ নিৰ্মিত হৈছিল?

উত্তৰঃ সকলো শিলৰ ভগ্নাৱশেষৰ স্থানত ইটাৰ মন্দিৰ নিৰ্মিত হৈছিল।

৫৯। প্ৰত্নতাত্বিক খনন কাৰ্যত উদ্ধাৰ হোৱা সম্পদে এটা জাতিক কি কৰি ৰাখে?

উত্তৰঃ প্ৰত্নতাত্বিক খনন কাৰ্যত উদ্ধাৰ হোৱা সম্পদে এটা জাতিক ঐতিহাসিকভাৱে গৌৰৱান্বিত কৰ ৰাখে।

৬০। প্ৰত্নতাত্বিক সম্পদৰ সংৰক্ষনে কি কৰে?

উত্তৰঃ প্ৰত্নতাত্বিক সম্পদৰ সংৰক্ষনে দেশৰ অৰ্থনৈতিক দিশ সবল কৰি তোলে।

৬১। দেশখনৰ সাংস্কৃতিক বৈশিষ্টৰাজি বিদেশত প্ৰচাৰ হোৱাত সহায় কৰে?

উত্তৰঃ প্ৰত্নতাত্বিক সম্পদে দেশখনৰ সাংস্কৃতিক বৈশিষ্টৰাজি বিদেশত প্ৰচাৰ হোৱাত সহায় কৰে। 

৬২। ‘অতীতক নাযাবা পাহৰি’ নামৰ প্ৰবন্ধটোৰ প্ৰবন্ধকাৰ কোন আছিল?

উত্তৰঃ ড° হেমেন্দ্ৰ নাথ দত্ত।

৬৩। এগৰাকী প্ৰত্নতত্ত্ববিদৰ নাম লিখা।

উত্তৰঃ এগৰাকী প্ৰত্নতত্ত্ববিদৰ নাম হ’ল – ড° হেমেন্দ্ৰ নাথ দত্ত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top