Class 8 Assamese Additional Chapter 10 পৰীক্ষিতৰ ব্ৰহ্মশাপ

Class 8 Assamese Additional Chapter 10 পৰীক্ষিতৰ ব্ৰহ্মশাপ Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 10 পৰীক্ষিতৰ ব্ৰহ্মশাপ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

পৰীক্ষিতৰ ব্ৰহ্মশাপ

Chapter – 10

ADDITIONAL QUESTION ANSWER

১। পৰীক্ষিত ৰজা বনলৈ কিয় গৈছিল?

উত্তৰঃ চিকাৰ কৰিবলৈ পৰীক্ষিত ৰজা বনলৈ গৈছিল।

২। পৰীক্ষিত ৰজা বনত কাক খেদি পিয়াহ লাগিছিল?

উত্তৰঃ মৃগ অৰ্থাৎ হৰিণ।

৩। পৰীক্ষিত ৰজা বনত কাৰ আশ্ৰমলৈ গৈ পাইছিল?

উত্তৰঃ পৰীক্ষিত ৰজা বনত শমীক মুনিৰ আশ্ৰমলৈ গৈ পাইছিল।

৪। শমীক মুনিৰ আশ্ৰমলৈ পৰীক্ষিত ৰজা কিয় গৈছিল?

উত্তৰঃ পানী খাবলৈ বিচাৰি শমীক মুনিৰ আশ্ৰমলৈ পৰীক্ষিত ৰজা গৈছিল।

৫। শমীক মুনি আশ্ৰমত কি কৰি আছিল?

উত্তৰঃ শমীক মুনি আশ্ৰমত চকু মুদি ধ্যান কৰি আছিল।

৬। পৰীক্ষিত ৰজাই শমীক মুনিক কি খুজিছিল?

উত্তৰঃ পৰীক্ষিত ৰজাই শমীক মুনিক পৰা পানী খুজিছিল।

৭। পৰীক্ষিত ৰজাক শমীক মুনিয়ে কিয় মাত দিয়া নাছিল?

উত্তৰঃ শমীক মুনি চকু মুদি ধ্যান কৰি থকাৰ কাৰণে পৰীক্ষিত ৰজাৰ মাত শমীক মুনিৰ কাণত পৰা নাছিল।

৮। শমীক মুনিয়ে পৰীক্ষিত ৰজাক মাত নিদিয়াত ৰজাই কি বুলি ভাবিছিল?

উত্তৰঃ শমীক মুনিয়ে পৰীক্ষিত ৰজাক মাত নিদিয়াত শমীক মুনিয়ে ধ্যান কৰাৰ ভাও জুৰি আছে বুলি ৰজাই ভাবিছিল।

৯। পৰীক্ষিত ৰজাই শমীক মুনিক কিয় খং উঠিছিল?

উত্তৰঃ শমীক মুনিয়ে পৰীক্ষিত ৰজাক অৱজ্ঞা কৰা বুলি ভাবি পৰীক্ষিত ৰজাই খং উঠিছিল। 

১০। পৰীক্ষিত ৰজাই শমীক মুনিৰ ডিঙিত কি মেৰিয়াই দিছিল?

উত্তৰঃ পৰীক্ষিত ৰজাই শমীক মুনিৰ ডিঙিত মৰা সাপ এডাল মেৰিয়াই দিছিল।

১১। শমীক মুনিৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ শমীক মুনিৰ পুত্ৰৰ নাম আছিল শৃংগী।

১২। শমীক মুনিৰ ডিঙিত মৰা সাপ এডাল মেৰিয়াই দিয়া কথা শুনি কোনে খঙত অগ্নিশৰ্মা হৈছিল?

উত্তৰঃ শমীক মুনিৰ পুত্ৰ শৃংগীয়ে মুনিৰ ডিঙিত মৰা সাপ এডাল মেৰিয়াই দিয়া কথা শুনি খঙত অগ্নিশৰ্মা হৈছিল। 

১৩। শমীক মুনিৰ ডিঙিত কোনে মৰা সাপ এডাল মেৰিয়াই দিছিল?

উত্তৰঃ পৰীক্ষিত ৰজাই শমীক মুনিৰ ডিঙিত  মৰা সাপ এডাল মেৰিয়াই দিছিল।

১৪। শৃংগীৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ শৃংগীৰ পিতৃৰ নাম আছিল শমীক মুনি।

১৫। দাস হৈ স্বামীৰ অপকাৰ কৰে বুলি কোনে কৈছিল?

উত্তৰঃ দাস হৈ স্বামীৰ অপকাৰ কৰে বুলি  শমীক মুনিৰ পুত্ৰৰ শৃংগীয়ে কৈছিল।

১৬। শমীক মুনিৰ পুত্ৰ শৃংগীয়ে দাস বুলি কাৰ কথা কৈছিল?

উত্তৰঃ শমীক মুনিৰ পুত্ৰ শৃংগীয়ে দাস বুলি পৰিক্ষীত ৰজাৰ কথা কৈছিল।

১৭। ক্ষত্ৰিয়সকলক কোনে ৰজা পাতিছিল বুলি শমীক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল?

উত্তৰঃ ব্ৰাহ্মণসকলে ক্ষত্ৰিয়সকলক ৰজা পাতিছিল বুলি কৈছিল।

১৮। শমীক মুনিৰ পুত্ৰ শৃংগীয়ে কোনখন নদীৰ পানী স্পৰ্শ কৰি পৰীক্ষিত ৰজাক অভিশাপ দিছিল?

উত্তৰঃ কৌষিকী নদীৰ পানী স্পৰ্শ কৰি পৰীক্ষিত ৰজাক অভিশাপ দিছিল।

২০। শমীক মুনিৰ পুত্ৰ শৃংগীয়ে পৰীক্ষিত ৰজাক কি বুলি অভিশাপ দিছিল?

উত্তৰঃ সাত দিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল।

২১। শমীক মুনিয়ে কিয় বৰ বেজাৰ পাইছিল?

উত্তৰঃ পুত্ৰই পৰীক্ষিত ৰজাক অভিশাপ দিয়া কথা গম পাই শমীক মুনিয়ে বৰ বেজাৰ পাইছিল।

২২। ৰজাৰ অবিহনে ৰাজ্যৰ অৱস্থা কেনে হব বুলি শমীক মুনিয়ে কৈছিল?

উত্তৰঃ ৰজাৰ অবিহনে ৰাজ্যৰ অৱস্থা বেয়া হব আৰু চুৰ- ডকাইতৰ উৎপাত বাঢ়িব বুলি কৈছিল।

২৩। চক্ৰৱৰ্তী ৰজা কোন আছিল?

উত্তৰঃ ৰজা পৰীক্ষিত আছিল চক্ৰৱৰ্তী ৰজা।

২৪। শমীক মুনিৰ পুত্ৰ শৃংগীয়ে পৰীক্ষিত ৰজাক কি সাপে দংশন কৰিব বুলি অভিশাপ দিছিল?

উত্তৰঃ শমীক মুনিৰ পুত্ৰ শৃংগীয়ে পৰীক্ষিত ৰজাক তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল।

২৫। শৃংগীয়ে পৰীক্ষিত ৰজাক কিমান দিনত সাপে দংশন কৰিব বুলি  অভিশাপ দিছিল?

উত্তৰঃ সাত দিনত সাপে দংশন কৰিব বুলি  অভিশাপ দিছিল।

২৬। শমীক মুনিয়ে প্ৰায়শ্চিত কৰিবলৈ কি কৰিছিল?

উত্তৰঃ শমীক মুনিয়ে প্ৰায়শ্চিত  কৰিবলৈ কৃষ্ণৰ প্ৰাৰ্থনাত ৰত হৈছিল।

২৭। শমীক মুনিয়ে ৰজাৰ দোষ নেদেখি কাৰ কাৰ্যৰ বাবে অনুশোচনা‌ প্ৰকাশ কৰিছিল?

উত্তৰঃ শমীক মুনিৰ পুত্ৰ শৃংগীৰ কাৰ্যৰ বাবেহে অনুশোচনা‌ প্ৰকাশ কৰিছিল। 

২৮। পৰীক্ষিত ৰজাক আৰু কি নামেৰে জনা যায়?

উত্তৰঃ পৰীক্ষিত ৰজাক চক্ৰৱৰ্তী ৰজা নামেৰে জনা যায়।

২৯। মহৎ ব্যক্তিয়ে প্ৰথমে কি উপলব্ধি কৰে?

উত্তৰঃ আনৰ মহত্ব আৰু নিজৰ দোষহে প্ৰথমে উপলব্ধি কৰে।

৩০। ‘পৰীক্ষিত ব্ৰহ্মশাপ’ নামৰ পাঠটি কৰ পৰা লোৱা হৈছিল?

উত্তৰঃ ‘পৰীক্ষিত ব্ৰহ্মশাপ’ নামৰ পাঠটি ভট্টদেৱৰ কথা ভাগৱতৰ পৰা লোৱা হৈছে।

৩১। ভট্টদেৱৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৫৫৮ চনত ভট্টদেৱৰ জন্ম চনত হৈছিল।

৩২। ভট্টদেৱৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ ১৬৩৮ চনত ভট্টদেৱৰ মৃত্যু চনত হৈছিল।

৩৩। ভট্টদেৱৰ জন্ম কত হৈছিল?

উত্তৰঃ কামৰূপ জিলাৰ বৰনগৰ ভেৰাগ্ৰামত ভট্টদেৱৰ জন্ম হৈছিল।

৩৪। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আছিল?

উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নাম আছিল বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য।

৩৫। ভট্টদেৱৰ পিতৃ নাম কি আছিল?

উত্তৰঃ ভট্টদেৱৰ পিতৃ নাম আছিল শ্ৰীচন্দ্ৰ ভাৰতী।

৩৬। ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ দামোদৰদেৱৰ ওচৰত ভট্টদেৱে শৰণ লৈছিল।

৩৭। ভট্টদেৱে কাৰ নিৰ্দেশনাত দামোদৰদেৱৰ ওচৰত ভট্টদেৱে শৰণ লৈছিল?

উত্তৰঃ ভট্টদেৱৰ পিতৃ শ্ৰীচন্দ্ৰ ভাৰতীৰ নিৰ্দেশনাত দামোদৰদেৱৰ ওচৰত ভট্টদেৱে শৰণ লৈছিল।

৩৮। সকলো শাস্ত্ৰতে ভট্টদেৱৰ কি আছিল?

উত্তৰঃ সকলো শাস্ত্ৰতে ভট্টদেৱৰ গভীৰ ব্যুৎপত্তি আছিল।

৩৯। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলি কাক জনা যায়?

উত্তৰঃ ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলি জনা যায়। 

৪০। অসাধাৰণ দক্ষতাৰে ভট্টদেৱে কি কৰিছিল?

উত্তৰঃ অসাধাৰণ দক্ষতাৰে ভট্টদেৱে পুৰাণ আৰু ভাগৱত ব্যাখ্যা কৰিছিল। 

৪১। ভট্টদেৱক কি কি উপাধিৰে বিভূষিত কৰিছিল?

উত্তৰঃ ভট্টদেৱক কবিৰত্ন আৰু ভট্টাচৰ্য উপাধিৰে বিভূষিত কৰিছিল।

৪২। ভট্টদেৱে ৰচনা কৰা গদ্য পুথি এখনৰ নাম লিখা?

উত্তৰঃ ভট্টদেৱে ৰচনা কৰা গদ্য পুথি এখনৰ নাম ‘কথা ভাগৱত’।

৪৩। ‘কথা ৰত্নৱালী’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘কথা ৰত্নৱালী’ ভট্টদেৱে ৰচনা কৰিছিল।

৪৪। ‘কথা গীতা’ কাৰ ৰচনা?

উত্তৰঃ ‘কথা গীতা’ ভট্টদেৱৰ ৰচনা।

৪৫। ‘শৰণ মালিকা’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘শৰণ মালিকা’ ভট্টদেৱে ৰচনা কৰিছিল।

৪৬। ‘গুৰু বংশাৱলী’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘গুৰু বংশাৱলী’ ভট্টদেৱে ৰচনা কৰিছিল।

৪৭। ‘প্ৰসংগ মালা’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘প্ৰসংগ মালা’ ভট্টদেৱে ৰচনা কৰিছিল।

৪৮। ‘ভক্তিসাৰ’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘ভক্তিসাৰ’ ভট্টদেৱে ৰচনা কৰিছিল।

৪৯। ‘বিবেক’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘বিবেক’ ভট্টদেৱে ৰচনা কৰিছিল। 

৫০। ভট্টদেৱে ৰচনা কৰা গদ্য পুথি দুখন নাম লিখা?

 উত্তৰঃ ‘কথা ভাগৱত’ আৰু ‘কথা ৰত্নৱালী’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top