⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Assamese Additional Chapter 3 এন্ ফ্রাঙ্কৰ ডায়েৰি

Class 8 Assamese Additional Chapter 3 এন্ ফ্রাঙ্কৰ ডায়েৰি Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 3 এন্ ফ্রাঙ্কৰ ডায়েৰি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

এন্ ফ্রাঙ্কৰ ডায়েৰি

Chapter – 3

ADDITIONAL QUESTION ANSWER

১। এন ফ্রাঙ্কৰ জন্ম কেতিয়া হৈছিল? 

উত্তৰঃ ১৯২৯ চনত।

২। এন ফ্রাঙ্কে কেতিয়াৰ পৰা দিনলেখা কামটো আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ ১২ জুনৰ পৰা।

৩। এন ফ্রাঙ্কৰ পিতৃৰ নাম কি আছিল? 

উত্তৰঃ অট’ ফ্রাঙ্ক।

৪। এন ফ্রাঙ্ক জন্মসূত্রে কি  আছিল? 

উত্তৰঃ ইহুদী।

৫। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাৰ নেতৃত্বত নাজীবাহিনীয়ে ইহুদীসকলৰ ওপৰত বর্বৰ অত্যাচাৰ কৰিছিল ?

উত্তৰঃ জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰ।

৬। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অট’ ফ্রাঙ্ক পৰিয়ালসহ ক’ত বাস কৰিছিল?

উত্তৰঃ হলেণ্ডত।

৭। অট’ফ্রাঙ্ক পৰিয়ালটোক ৰক্ষা কৰিবলৈ কত আত্মগোপন কৰিছিল? 

উত্তৰঃ এটা পণ্যাগাৰত।

৮। অট’ফ্রাঙ্ক পৰিয়ালসহ কেইবছৰকাল আত্মগোপন কৰিছিল?

উত্তৰঃ ২ বছৰ।

৯। এন ফ্রাঙ্কৰ কি কাৰণত মৃত্যু হৈছিল?

উত্তৰঃ অনাহাৰ, অনিদ্রা আৰু অস্বাস্থ্যৰ পৰিৱেশৰ কাৰণে।

১০। এন ফ্ৰাঙ্কৰ লগতে আৰু কাৰ কাৰ মৃত্যু হৈছিল?

উত্তৰঃ এন ফ্ৰাঙ্কৰ মাক আৰু বায়েকৰ।

১১। এন ফ্ৰাঙ্কৰ পৰিয়ালৰ এক মাত্ৰ কোনে নাজীবাহিনীৰ হাতৰ পৰা জীৱিত ৰূপত বাছি আহিছিল? 

উত্তৰঃ পিতৃ অট’ ফ্ৰাঙ্ক।

১২। এন ফ্ৰাঙ্কৰ কিমান বছৰ বয়সত মৃত্যু হৈছিল?

উত্তৰঃ ১৪ বছৰ বয়সত।

১৩। এন ফ্রাঙ্কে কেতিয়ালৈকে  ডায়েৰী লিখিছিল?

উত্তৰঃ ১৯৪৪ চনৰ ১ আগষ্টলৈকে।

১৪। কিমান তাৰিখে এন ফ্ৰাঙ্কৰ পৰিয়ালটোক নাজীবাহিনীয়ে আটক কৰে ? 

উত্তৰঃ ১৯৪৪ চনৰ ৪ আগষ্ট তাৰিখে।

১৫। এন ফ্ৰাঙ্কৰ ডায়েৰীত ১৯৪২ চনৰ ২০ জুন তাৰিখটো কি বাৰ উল্লেখ আছে ?

উত্তৰঃ শনিবাৰ।

১৬। ডায়েৰীত উল্লেখ থকাৰ মতে এন ফ্রাঙ্কে কিয় হতাশাত ভুগিছিল ?

উত্তৰঃ কৰিবলৈ একো কাম নথকাৰ বাবে।

১৭। ঘৰত থাকোঁ নে বাহিৰলৈ যাওঁ বুলি এন ফ্ৰাঙ্কে কিয় ভাবিছিল?

উত্তৰঃ হতাশাত ভুগাৰ বাবে।

১৮। এন ফ্রাঙ্কে কেতিয়ালৈকে তেওঁৰ ডায়েৰীখন কাকো পঢ়িবলৈ নিদিওঁ বুলি কৈছিল ?

উত্তৰঃ যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপায় তেতিয়ালৈকে।

১৯। এন ফ্রাঙ্কে কিয় ডায়েৰী লিখা কথা ভাবিছিল?

উত্তৰঃ কাৰণ এন ফ্ৰাঙ্কৰ কোনো বন্ধু নাছিল।

২০। এন ফ্রাঙ্কৰ সকলো আছে যদিও আৰু কি নাই বুলি কৈছিল?

উত্তৰঃ এজন প্ৰকৃত বন্ধু।

২১। এন ফ্রাঙ্কে কোন বন্ধু ভাৱমূৰ্তি বৃদ্ধিৰ বাবে দিনলেখত একোৱেই নিলিখো বুলি কৈছিল?

উত্তৰঃ কল্পনাৰ বহু প্ৰত্যাশিত বন্ধু।

২২। এন ফ্রাঙ্কে ডায়েৰীখনক কি হিচাপে গণ্য কৰিছিল?

উত্তৰঃ এজন প্ৰকৃত বন্ধু।

২৩। এন ফ্রাঙ্কে প্ৰকৃত বন্ধুজনৰ নাম কি ৰাখিছিল?

উত্তৰঃ ‘কিটি’।

২৪। এন ফ্রাঙ্কৰ আইতাৰ কিমান চনত অস্ত্ৰোপ্ৰচাৰ কৰিবলগীয়া হৈছিল?

উত্তৰঃ ১৯৪১ চনত।

২৫। ১৯৪১ চনৰ এন ফ্রাঙ্কৰ  জন্ম দিনটো কিয় অনুষ্টুপীয়াকৈ পাতিছিল?

উত্তৰঃ আইতাৰ অস্ত্ৰোপ্ৰচাৰ কৰিবলগীয়া হৈছিল।

২৬। ১৯৪০ চনৰ এন ফ্রাঙ্কৰ জন্ম দিনটো কিয় ধুম ধামেৰে পালন কৰিব পৰা নাছিল?

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত তেতিয়া হলেণ্ডত যুদ্ধৰ শাম কাটিছিলহে মাত্ৰ।

২৭। এন ফ্রাঙ্কৰ আইতাৰ কিমান চনত মৃত্যু হৈছিল?

উত্তৰঃ ১৯৪২ চনত।

২৮। এন ফ্রাঙ্কে মোৰ তেওঁলৈ প্ৰতি মূহুৰ্ততে কিমান যে মনত পৰে বুলি কাৰ কথা কৈছিল?

উত্তৰঃ এন ফ্রাঙ্কৰ আইতাকৰ।

২৯। এন ফ্রাঙ্কে কিমান চনৰ  জন্ম দিনটো বেচ আড়ম্বৰেৰে  উদযাপন  কৰিবলৈ থিৰাং কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ।

৩০। এন্ ফ্রাঙ্কে জন্ম দিনৰ মমবাতিবোৰৰ লগতে কাৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল?

উত্তৰঃ আইতাকৰ।

৩১। এন্ ফ্রাঙ্কে কেতিয়া ডায়েৰীখন শ্ৰদ্ধা সহকাৰে  উৎসৰ্গা কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ ২০ জুন।

৩২। এন্ ফ্রাঙ্কে কি বুলি সম্বধন কৰি পুনৰ ডায়েৰী লিখা আৰম্ভ কৰিছিল?

উত্তৰঃ ‘মৰমৰ কিটি’।

৩৩। এন্ ফ্রাঙ্কে ডায়েৰীত শেষত কি বুলি লিখি সমাপ্ত কৰিছিল?

উত্তৰঃ ‘তোমাৰ এন্’।

৩৪। এন্ ফ্রাঙ্কে কাৰ সৈতে অন্তৰ উজাৰি সকলো কথা আদান প্ৰদানৰ কৰিব নোৱাৰোঁ বুলি কৈছিল?

উত্তৰঃ এন্ ফ্রাঙ্কৰ বন্ধুসকলৰ সৈতে।

৩৫। এন্ ফ্রাঙ্কৰ বন্ধুসকলৰ সৈতে কি সমস্যা আছিল? 

উত্তৰঃ ইজনে সিজনৰ বেছি উচৰ চাপি যাব পৰা নাছিল।

৩৬। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰে ইহুদীসকলক কি কৰিছিল? 

উত্তৰঃ নৃশংসভাবে হত্যা কৰি বৰ অত্যাচাৰ কৰিছিল।

৩৭। এন্ ফ্রাঙ্কে ডায়েৰী লিখা আৰম্ভণিতে সম্পূৰ্ণ কাৰ বাবে লিখিছিল?

উত্তৰঃ সম্পূৰ্ণ নিজৰ বাবে।

৩৮। এন্ ফ্রাঙ্কে  কাৰ কথাত অনুপ্ৰাণিত হৈ তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিম বুলি ভাবিছিল?

উত্তৰঃ হলেণ্ড চৰকাৰৰ এজন বিষয়া।

৩৯। এন্ ফ্রাঙ্কে হাতৰ তলুৱাটো  থুতৰিটো থৈ কি ভাবিছিল?

উত্তৰঃ ঘৰত থাকোঁ নে বাহিৰলৈ যাওঁ বুলি।

৪০। এন্ ফ্রাঙ্কে মানুহতকৈ কিহৰ ধৈৰ্য বেছি বুলি উল্লেখ কৰিছিল?

উত্তৰঃ কাগজৰ।

৪১। ডায়েৰীত এন্ ফ্রাঙ্কৰ মা দেউতাৰ লগতে পৰিয়ালত আৰু কোন আছে বুলি উল্লেখ কৰিছে?

উত্তৰঃ এজনী বাইদেউ।

৪২। শ্ৰেণীকোঠাত এন ফ্রাঙ্কৰ প্ৰতিবিম্ব কত চাই থাকে বুলি কৈছে?

উত্তৰঃ ভগা আইনাৰ টুকুৰাত।

৪৩। অট’ ফ্রাঙ্কে পৰিয়ালৰ সৈতে ২ বছৰকাল কিয় পন্যাগাৰত আত্মগোপন কৰিছিল?

উত্তৰঃ নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ।

৪৪। এন্ ফ্রাঙ্কে সকলো কথা কত প্ৰকাশ কৰিছিল?

উত্তৰঃ নিজৰ ডায়েৰীত।

৪৫। এন্ ফ্রাঙ্কে প্ৰচলিত কোনটো প্ৰবাদফাকি  বেছিকৈ উপলব্ধি কৰা উল্লেখ কৰিছিল?

উত্তৰঃ ‘মানুহতকৈ কাগজৰ ধৈৰ্য বেছি’।

৪৬। এন্ ফ্রাঙ্কৰ কি কথা কোনো বিশ্বাস নকৰে বুলি কৈছে?

উত্তৰঃ এন্ ফ্রাঙ্ক অকলশৰীয়া আৰু তাইৰ কোনো বন্ধু নাই বুলি।

৪৭। এন্ ফ্রাঙ্কৰ বাইদেউৰ বয়স কিমান আছিল?

উত্তৰঃ ১৬ বছৰ। 

৪৮। এন্ ফ্রাঙ্কক পৰিয়ালসহ নাজীবাহিনীয়ে  কৰ পৰা আটক কৰি নিয়ে?

উত্তৰঃ আত্মগোপন কৰি থকা স্থানৰ পৰা।

৪৯। এন্ ফ্রাঙ্কে ১৯৪২ চনৰ কিমান তাৰিখে  ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল?

উত্তৰঃ ১২ জুনৰ পৰা।

৫০। এন্ ফ্রাঙ্কৰ আইতাৰ ১৯৪২ চনৰ কি মাহত মৃত্যু হৈছিল?

উত্তৰঃ জানুৱাৰী মাহত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top