Class 6 Social Science Chapter 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Social Science Chapter 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি Solutions and select need one. Class 6 Social Science Chapter 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি Question Answers Download PDF. SEBA Class 6 Social Science Texbook Solutions.
Class 6 Social Science Chapter 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science Notes, SEBA Class 6 Social Science Assamese Medium Textbook Solutions for All Chapters, You can practice these here.
ভাৰতীয় সভ্যতাৰ আৰম্ভণি
Chapter: 8
অনুশীলনী – ১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সভ্যতা বুলিলে কি বুজা?
উত্তৰঃ সভ্যতা হৈছে মানুহৰ সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, ৰাজনৈতিক, নৈতিক আৰু সাংস্কৃতিক জীৱনৰ উন্নয়নৰ এক জটিল আৰু সংগঠিত ৰূপ। সভ্যতাৰ চিনাকি দিবলৈ ভাষা, লিপি, নগৰ নিৰ্মাণ, ধৰ্মীয় বিশ্বাস, বিজ্ঞান, কলা, সাহিত্য আদি দিশৰ যথোচিত বিকাশ থাকিব লাগে।
(খ) সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ সভ্যতাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-
(i) শিল, ধাতু, কাঠ আদি কেঁচামাল সুলভ আছিল। এইবোৰৰ পৰা শিল্পজাত সামগ্রীৰ উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা আছিল।
(ii) দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ মাজত থকা অর্থনৈতিক সম্পর্ক আছিল। ইয়াৰ ফলত আভ্যন্তৰীণ আৰু বহিঃবাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিল।
(iii) সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে।
(iv) সৃষ্টিশীল কাম-কাজ, যেনে, লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰদ্বাৰা সেই সময়ৰ জীৱনৰ প্রতিফলন দেখা যায়।
(v) উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্রব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধি-শালী গাঁও আছিল।
(গ) নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল?
উত্তৰঃ নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা গঢ়ি উঠিছিল।
(ঘ) যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম লিখা।
উত্তৰঃ যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম হ’ল-
(i) মেছ’পটেমিয়া।
(ii) হৰপ্পা।
অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়?
উত্তৰঃ সিন্ধু সভ্যতাক ‘সিন্ধু’, ‘হৰপ্পা’ আৰু ‘সিন্ধু-সৰস্বতী’ নামেৰে জনা যায়।
(খ) হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা।
উত্তৰঃ হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম হ’ল-
(i) ক’ট ডিজি।
(ii) নৌচাৰো।
(গ) হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল?
উত্তৰঃ হৰপ্পা সভ্যতাৰ নগৰসমূহ পৰিকল্পিতভাৱে গঠন কৰা হৈছিল। এই নগৰবোৰত জীৱিত আৰু মৃত লোকৰ বাবে পৃথক অঞ্চল আছিল, লগতে পাকা ৰাস্তা, উন্নত নিষ্কাষণ ব্যৱস্থা, বৃহৎ স্নানাগাৰ, ভঁৰালঘৰ, আৰু দুৱাৰযুক্ত ঘৰ আদিৰো ব্যৱস্থা আছিল।
২। চমুটোকা লিখাঃ হৰপ্পা সভ্যতাৰ সময়ৰ-
(ক) সৰস্বতী নদী।
উত্তৰঃ সৰস্বতী নদী হৈছে হৰপ্পা সভ্যতাৰ সময়ত উল্লেখযোগ্য এক নদী, যাৰ কাষত বহুতো বসতি আছিল। এই নদীখনত কেৱল বৰষুণৰ সময়তহে পানী থাকে। ঋগ্বেদত সৰস্বতীক পৰ্বতৰপৰা সাগৰলৈ বৈ যোৱা দেৱী-নদী হিচাপে উল্লেখ কৰা হৈছে। কালক্রমে নদীখন শুকাই গ’ল আৰু সম্পূৰ্ণৰূপে অন্তৰ্ধান হ’ল।
(খ) ঘৰ-দুৱাৰ।
উত্তৰঃ হৰপ্পাৰ ঘৰৰ গাঁথনি আছিল উচ্চতাত, পকা ইটাৰে নিৰ্মাণ কৰা। ঘৰৰ ভিতৰত শৌচাগাৰ, শোৱাৰ কোঠা, চোতাল, ৰান্ধনিঘৰ আদি আছিল। বেছিভাগ ঘৰ দুমহলীয়া আছিল আৰু অত্যন্ত সু-গঠিত। প্রায় ৫০০০ বছৰ পুৰণি ইটাবোৰ এতিয়াও অক্ষত অৱস্থাত পোৱা যায়।
(গ) ৰাস্তা-ঘাট।
উত্তৰঃ হৰপ্পাৰ ৰাস্তা-ঘাট আছিল আয়তাকাৰ আৰু ইটো-সিটোৰ সমান্তৰাল। ঘাইপথৰ পৰা ওলাই অহা সৰু পথবোৰেও সু-পৰিকল্পিতভাৱে লগ লাগিছিল। কিছুমান পথ পকা ইটাৰে সজোৱা হৈছিল। ৰাস্তা ধেনুভিৰীয়াকৈ নিৰ্মিত আৰু চলাচলৰ উপযোগী আছিল।
(ঘ) জল-নিষ্কাষণ ব্যৱস্থা।
উত্তৰঃ হৰপ্পা সভ্যতাৰ জল-নিষ্কাষণ ব্যৱস্থা আছিল সু-পৰিকল্পিত। প্ৰত্যেক ঘৰৰ ব্যৱহৃত পানী বৈ গৈ নলাত পৰিছিল। এই নলাবোৰ ৰাস্তাৰ কাষে-কাষে চলিছিল আৰু ইটাৰ ঢাকনিৰে ঢকা আছিল। এই ব্যৱস্থা প্ৰমাণ দিয়ে যে হৰপ্পাৰ বাসিন্দাসকলে পৰিস্কাৰ-চিচঁতা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছিল।
৩। “হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল।”- ব্যাখ্যা কৰা।
উত্তৰঃ “হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল।” —এই বক্তব্যটো হৰপ্পা সভ্যতাৰ নগৰ পৰিকল্পনা আৰু জল-নিষ্কাষণ ব্যৱস্থা পৰ্যালোচনা কৰিলে স্পষ্ট হয়।
হৰপ্পা সভ্যতাৰ চহৰসমূহ সু-পরিকল্পিত আছিল। প্রত্যেক ঘৰত ব্যৱহৃত পানী ওলাই যাবলৈ বিশেষ ব্যৱস্থা আছিল। ঘৰৰ পৰা নলা (drain) ওলাই আলিবাটৰ কাষে-কাষে থকা বৃহৎ নলাবোৰত সংযোগ হৈছিল। এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢকা আছিল যাতে ন-দুৰ্গন্ধ বা মল-মূত্র বাহিৰে ওলাই নাহে। এই সু-পৰিকল্পিত নর্দমা ব্যৱস্থা আমাৰ চকুত পৰে যে সেই সময়তে লোকসকলে পৰিস্কাৰ-চিচঁতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল।
তদুপৰি, ৰাস্তা, ঘৰ, আৰু সামাজিক ভৱনসমূহো পৰিস্কাৰ আৰু সু-গঠিত আছিল। এইবোৰ সকলোবোৰে এই কথা প্ৰমাণ কৰে যে হৰপ্পাৰ বাসিন্দাসকল স্বাস্থ্য আৰু পৰিৱেশগত সততাৰ বিষয়ে সচেতন আছিল।
অনুশীলনী – ৩ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল?
উত্তৰঃ হৰপ্পা সভ্যতাৰ লোকসকল মূলত কৃষি, পশুপালন আৰু হস্তশিল্পৰ লগত জড়িত আছিল। তেওঁলোকে ঘেহুঁ, কপাহ, ফল-মূল আদি চাষ কৰিছিল; লগতে গৰু, ম’হ, ভেড়া আদিৰ পশুপালন আৰু মাটিৰ সামগ্ৰী, অলংকাৰ, তামা-ব্ৰঞ্জৰ সঁজুলি, বয়নশিল্প আদি হস্তশিল্পত জড়িত আছিল।
(খ) হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পর্ক আছিল?
উত্তৰঃ হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছ’পটেমিয়া, পাৰস্য আৰু ৰোমান সভ্যতাৰ লগতে ভাৰতৰ অভ্যন্তৰীণ অঞ্চলসমূহৰ লগতো বাণিজ্যিক সম্পর্ক আছিল।
(গ) বর্হিজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্রমাণ পোৱা যায়?
উত্তৰঃ হৰপ্পাৰ ছীল-মোহৰ আৰু মাটিৰ পাত্ৰ মেছ’পটেমিয়া আৰু পাৰস্যত পোৱা গৈছে, আৰু মেছ’পটেমিয়াৰ ছীল-মোহৰ হৰপ্পাত পোৱা গৈছে। এইবোৰ আদান-প্ৰদানৰ পৰা আন্তঃসভ্যতা বাণিজ্যৰ প্রমাণ পোৱা যায়।
(ঘ) হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল?
উত্তৰঃ হৰপ্পা সভ্যতাৰ লোকসকলে ঘেহুঁ, বাৰ্লি (যৱ), সৰিয়হ, শাক-পাচলি, ফল-মূল আৰু কপাহ আদিৰ খেতি কৰিছিল।
(ঙ) হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল?
উত্তৰঃ হস্তশিল্পৰ অন্তৰ্গত আছিল পোৰা মাটিৰ সামগ্ৰী, সোণৰ অলংকাৰ, তামাৰ বাচন-বর্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, কাঠৰ বস্তু, ইটা, আৰু নাও আদিৰ নিৰ্মাণ।
(চ) কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পর্ক আছে বুলি ক’ব পাৰি?
উত্তৰঃ দুয়ো পক্ষৰ অঞ্চলত একে ধৰণৰ ছীল-মোহৰ, মাটিৰ সামগ্ৰী, বাণিজ্যিক বস্তু উদ্ধাৰ হোৱাৰ আধাৰত ক’ব পৰা যায় যে হৰপ্পা সভ্যতাৰ মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সৈতে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পর্ক আছিল।
২। চমুটোকা লিখাঃ হৰপ্পাকালীন-
(ক) জীৱিকা।
উত্তৰঃ হৰপ্পা-কালীন লোকসকলৰ মুখ্য জীৱিকা আছিল কৃষি, পশুপালন আৰু হস্তশিল্প।
তেওঁলোকে ঘেহুঁ, বাৰ্লি, কপাহ আদি শস্যৰ খেতি কৰিছিল। গৰু, ভেড়া, ম’হ আদি পশু পুহিছিল। হস্তশিল্পত পোৰা মাটিৰ সামগ্ৰী, সোণৰ অলংকাৰ, তামা-ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী ইত্যাদিৰ প্ৰচলন আছিল।
(খ) বাণিজ্য।
উত্তৰঃ হৰপ্পা-কালত স্থলপথ আৰু জলপথেৰে বাণিজ্য চলিছিল। মেছ’পটেমিয়া, পাৰস্য আৰু ৰোমান সভ্যতাৰ লগত বাণিজ্যিক যোগাযোগ আছিল। হৰপ্পাৰ ছীল-মোহৰ আৰু পাত্ৰ মেছ’পটেমিয়াত পোৱা গৈছে, যি বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ। বিনিময় প্ৰথাও সেই সময়ত প্ৰচলিত আছিল।
অনুশীলনী – ৪ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ‘ইউনিকর্ণ’ কি?
উত্তৰঃ ‘ইউনিকৰ্ণ’ হৈছে ছীল-মোহৰত খোদিত এটা এশিঙীয়া জন্তু, যাৰ অস্তিত্ব বাস্তৱত নাথাকিলেও হৰপ্পাবাসীৰ ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে বিবেচনা কৰা হয়।
(খ) ছীল-মোহৰবোৰত কি কি জন্তুৰ প্রতিচ্ছবি পোৱা গৈছে?
উত্তৰঃ ছীল-মোহৰবোৰত ষাঁড়, ভেড়া, বাঘ, হাতী আৰু ইউনিকৰ্ণ আদি জন্তুৰ প্রতিচ্ছবি খোদিত পোৱা গৈছে।
(গ) হৰপ্লাকালীন লিপি কি কি সামগ্রীত পোৱা গৈছে?
উত্তৰঃ হৰপ্পাকালীন লিপি মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, আৰু পোবা মাটিৰ পাত্ৰৰ টুকুৰাত পোৱা গৈছে।
২। চমুটোকা লিখাঃ হৰপ্পাৰ সময়ৰ-
(ক) ধর্মীয় বিশ্বাস।
উত্তৰঃ হৰপ্পাৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে কোনো লিখিত তথ্য পোৱা নাযায়, তথাপিও বিভিন্ন খননকাৰ্যত পোৱা সামগ্ৰীসমূহৰ আধাৰত ইতিহাসবিদসকলে কিছুমান ধাৰণা কৰিছে। মাটিৰে নিৰ্মিত একেধৰণৰ নাৰী মূর্তিৰ পৰা অনুমান কৰা হয় যে তেওঁলোকে কোনো ‘জননী দেৱী’ বা উৰ্বৰতা-প্ৰতীক ৰূপে পূজা কৰিছিল।
তদুপৰি, ছীল-মোহৰত খোদিত বহি থকা অৱস্থাত পশুৰে বেষ্টিত এজন পুৰুষৰ মূর্তিক ‘পশুপতি শিৱ’ বুলি ধৰা হয়। ইয়াৰ লগতে, এশিঙীয়া জন্তু ‘ইউনিকৰ্ণ’ৰ ছবিয়ে এই সভ্যতাৰ ধাৰ্মিক কল্পনাৰ অংশ বুলি অনুমান কৰা হয়। এইবোৰ তথ্যৰ পৰা বুজা যায় যে হৰপ্পাৰ লোকসকল প্ৰাকৃতিক শক্তি, জন্তু-জন্তু আৰু উৰ্বৰতা দেৱীক পুজা কৰিছিল।
(খ) ভাষা আৰু লিপি।
উত্তৰঃ হৰপ্পা সভ্যতাৰ ভাষা এতিয়ালৈকে সম্পূৰ্ণৰূপে বুজি উঠা হোৱা নাই। যদিও বহু ছীল-মোহৰ আৰু সামগ্ৰীত লিপি খোদিত অৱস্থাত পোৱা গৈছে, সেইবোৰৰ পাঠোদ্ধাৰ এতিয়ালৈ অসম্ভৱ হৈ আছে।
ভাষাবিদসকলে ধাৰণা কৰিছে যে এই লিপি চিত্রলিপি (pictographic script) আছিল, য’ত ছবি-আখৰ ব্যৱহাৰ কৰি শব্দ বা ধাৰণা প্ৰকাশ কৰা হৈছিল। এই লিপিৰ আখৰবোৰ সাধাৰণতে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। এতিয়ালৈকে প্ৰায় ৫০০ ধৰণৰ চিহ্ন উদ্ধাৰ হৈছে। ছীল-মোহৰ, তামৰ বা ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা আৰু পোবা মাটিৰ পাত্ৰ আদি সামগ্ৰীত এই লিপিসমূহ পোৱা গৈছে। এইবোৰ লিপি হৰপ্পাৰ সাংস্কৃতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে জানিবলৈ এক গুৰুত্বপূর্ণ উৎস হিচাপে বিবেচিত।
অনুশীলনী – ৫ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল?
উত্তৰঃ হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ দুমহলীয়া আছিল আৰু ইটাৰে নিৰ্মাণ কৰা হৈছিল। এইবোৰ ঘৰ ঘাইপথৰ দুয়োফালে গছা হৈছিল। প্ৰতিখন ঘৰত শৌচাগাৰ, চোতাল, বান্ধনিঘৰ, আৰু শোৱাৰ কোঠা আদি আছিল। এইবোৰ সু-গঠিত আৰু উন্নত নগৰ পৰিকল্পনাৰ পৰিচয় বহন কৰে।
(খ) হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল।
উত্তৰঃ হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্রলিপি (pictographic) আছিল। এই লিপি সাধাৰণতে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। বৰ্তমানলৈকে প্ৰায় ৫০০ ধৰণৰ চিহ্ন উদ্ধাৰ হৈছে, যদিও এতিয়ালৈ এই লিপিৰ পাঠোদ্ধাৰ সম্ভব হোৱা নাই।
(গ) হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্র খোদিত আছিল।
উত্তৰঃ হৰপ্পাৰ ছীল-মোহৰবোৰত ষাঁড়, ভেড়া, বাঘ, হাতী, ইউনিকর্ণ আদি জন্তুৰ চিত্র খোদিত আছিল। কিছুমান মোহৰত ‘পশুপতি’ সদৃশ বহি থকা ব্যক্তিৰ মূর্তিও খোদিত দেখা যায়।
(ঘ) ১৯২১ চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কার্য চলিছিল?
উত্তৰঃ ১৯২১ চনত মহেঞ্জোদাৰোত খনন কার্য ৰাখালদাস বেনাৰ্জীৰ নেতৃত্বত চলিছিল।
১। “প্রাচীন সভ্যতাসমূহ নদীৰ পাৰত গঢ় লৈ উঠিছিল। “তোমালোকে ইয়াৰ কাৰণ কি বুলি ভাবা? (শিক্ষকে ছাত্র-ছাত্রীক গোটত বিভক্ত কৰি এই বিষয়ে আলোচনা কৰি লিখিবলৈ দিব।)
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
২। “আজিৰ পৰা প্ৰায় ৪৭০০ বছৰ পূর্বে সিন্ধু নৈৰ পাৰত এক নগৰীয় সভ্যতাই গা কৰি উঠিছিল।” বাক্যশাৰীত উল্লেখ কৰা বছৰৰ এই ধাৰণাটোক আমি কিমান খ্রীষ্টপূর্ব বুলি লিখিব পাৰো এডাল সময়ৰেখা অংকন কৰি তাত নির্দেশ কৰা।
উত্তৰঃ আজিৰ পৰা প্ৰায় ৪৭০০ বছৰ পূর্বে সিন্ধু নৈৰ পাৰত এক নগৰীয় সভ্যতাই গা কৰি উঠিছিল।”
ধাৰণাটো খ্ৰীষ্টপূৰ্ব (BC) কিমান?
বৰ্তমান বৰ্ষ = ২০২৫
⇒ ২০২৫ – ৪৭০০ = খ্ৰীষ্টপূৰ্ব 2675
⇒ ২০২৫ + ৪৭০০ = প্ৰায় ৬৭২৫ বছৰ আগৰ সময়, যি BC 2675 হিচাপে জনা যায়।
সময়ৰেখা (Timeline) অংকন:
3000 BC |———| 2675 BC |———| 0 (খ্ৰীষ্ট জন্ম) |———| 2025 AD (বৰ্তমান)
↑
হৰপ্পা সভ্যতাৰ আৰম্ভণি
এই সময়ৰেখাৰ পৰা বুজা যায় যে হৰপ্পা সভ্যতাৰ আৰম্ভণি খ্ৰীষ্টপূৰ্ব 2675 চনত হৈছে, যিটো আজিৰ পৰা প্ৰায় ৪৭০০ বছৰ আগৰ সময়।
৩। তলৰ মানচিত্ৰখনত হৰপ্পা সভ্যতাৰ স্থান চিনাক্ত কৰি শুদ্ধ উত্তৰটোৰ কাষত দিয়া “O” চিনটো পূৰ কৰা।
(ক)
(খ)
(গ)
(ঘ)
উত্তৰঃ (খ)
৪। তলৰ চিত্ৰবোৰ চিনাক্ত কৰি বাকচত দিয়া নামবোৰ চিত্ৰৰ তলে তলে লিখা-
ইউনিকর্ণ, ঘৰৰ ভগ্নাৱশেষ, হৰপ্পা লিপি, পশুপতি শিৱ, নলা-নর্দমা |
উত্তৰঃ (ক) ঘৰৰ ভগ্নাৱশেষ।
(খ) নলা-নর্দমা।
(গ) ইউনিকর্ণ।
(ঘ) পশুপতি শিৱ
(ঙ) হৰপ্পা লিপি।
৫। হৰপ্পা সভ্যতাৰ খনন কার্যত বিভিন্ন পুৰাতাত্ত্বিক অৱশেষ আৱিষ্কাৰ হৈছে। হৰপ্পা সভ্যতাৰ সময়ৰ এই অৱশেষৰ পৰা আমি কিছুমান সিদ্ধান্তত উপনীত হ’ব পাৰো। প্রথমটো বাকচত এনে কিছু অৱশেষৰ বিষয়ে উল্লেখ আছে। তোমালোকে এইবোৰ দ্বিতীয় বাকচত দিয়া সিদ্ধান্তসমূহৰ লগত মিলোৱা।
ৰাজহুৱা ভঁৰাল |
পকী ৰাস্তাঘাট আৰু তাৰ লগত সংযোজিত জল-নিষ্কাসন ব্যৱস্থা |
ৰঙীন কলহ, শিলৰ মূর্তি, ব্ৰঞ্জৰ মূর্তি |
ছীল-মোহৰৰ লিপি |
দূর্গ আৰু দেৱাল |
(ক) নগৰ পৰিকল্পনা আৰু নির্মাণ ……………. |
(খ) নগৰবোৰক প্ৰাকৃতিক দুর্যোগ, যেনে, বানপানী আৰু বহিঃআক্ৰমণৰ পৰা সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল ……………. |
(গ) তেওঁলোকে নিজৰ বয়বস্তুবোৰ চিনাক্ত কৰিবলৈ চিন দিব পাৰিছিল। ………… |
(ঘ) তাৰ শিল্পীসকলৰ কৰ্মৰাজি নিখুঁত আছিল ……………… |
(ঙ) কৃষিৰ উৎপাদনত ৰাহি আৰু জমা ………….. |
উত্তৰঃ
ৰাজহুৱা ভঁৰাল | কৃষিৰ উৎপাদনত ৰাহি আৰু জমা |
পকী ৰাস্তাঘাট আৰু তাৰ লগত সংযোজিত জল-নিষ্কাসন ব্যৱস্থা | নগৰ পৰিকল্পনা আৰু নির্মাণ |
ৰঙীন কলহ, শিলৰ মূর্তি, ব্ৰঞ্জৰ মূর্তি | তাৰ শিল্পীসকলৰ কৰ্মৰাজি নিখুঁত আছিল … |
ছীল-মোহৰৰ লিপি | তেওঁলোকে নিজৰ বয়বস্তুবোৰ চিনাক্ত কৰিবলৈ চিন দিব পাৰিছিল। |
দূর্গ আৰু দেৱাল | নগৰবোৰক প্ৰাকৃতিক দুর্যোগ, যেনে, বানপানী আৰু বহিঃআক্ৰমণৰ পৰা সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল। |
৬। তলৰ বাকচত কিছুমান নদীৰ নাম দিয়া আছে। তোমালোকে তলত দিয়া সভ্যতাসমূহ কোন কোন নদীৰ পাৰত গঢ় লৈ উঠিছিল, বাকচৰ পৰা বিচাৰি খালী ঠাইত লিখা।
ব্রহ্মপুত্র, গংগা, টেমছ, নীল, হোৱাংহো, সিন্ধু, সোৱণশিৰি, টাইগ্রিছ, গোদাৱৰী, আমাজন |
(ক) হৰপ্পা সভ্যতা | |
(খ) মিছৰীয় সভ্যতা | |
(গ) চীনা সভ্যতা | |
(ঘ) মেছ’পটেমিয়া সভ্যতা |
উত্তৰঃ
(ক) হৰপ্পা সভ্যতা | সিন্ধু |
(খ) মিছৰীয় সভ্যতা | নীল |
(গ) চীনা সভ্যতা | হোৱাংহো |
(ঘ) মেছ’পটেমিয়া সভ্যতা | টাইগ্রিছ |
৭। তলৰ ভাৰতৰ মানচিত্রখনত হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য নগৰকেইখনৰ নাম উপযুক্ত স্থানত বহুওৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
৮। হৰপ্পা সভ্যতাৰ খনন কার্যত কিছুমান মাটিৰ বাচনৰ অৱশেষ পোৱা গৈছে। তলৰ চিত্রটোত কলহৰ কাষত থকা টুকুৰাবোৰ সঠিক ঠাইত বহুৱাই চিত্রটো সম্পূর্ণ কৰা-
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
৯। তলৰ বাক্যবোৰত থকা শুদ্ধ শব্দটোত (✔) চিন দিয়া-
(ক) হৰপ্পা সভ্যতাৰ সাধাৰণ প্ৰজাই দুর্গ/নামনি চহৰত বাস কৰিছিল।
উত্তৰঃ হৰপ্পা সভ্যতাৰ সাধাৰণ প্ৰজাই নামনি চহৰত বাস কৰিছিল।
(খ) হৰপ্পা সভ্যতাৰ বাট-পথবোৰ আয়তাকাৰ/ত্রিভুজাকাৰ আছিল।
উত্তৰঃ হৰপ্পা সভ্যতাৰ বাট-পথবোৰ আয়তাকাৰ আছিল।
(গ) হৰপ্পা সভ্যতাৰ নগৰৰ নলাবোৰ ইটাৰে নির্মিত ঢাকনিৰে ঢকা/উন্মুক্ত আছিল।
উত্তৰঃ হৰপ্পা সভ্যতাৰ নগৰৰ নলাবোৰ ইটাৰে নির্মিত ঢাকনিৰে ঢকা আছিল।
(ঘ) মেছ’পটেমিয়া/চীনা সভ্যতাৰ লগত হৰপ্পা সভ্যতাৰ বাণিজ্যিক সম্পর্ক থকাৰ প্রমাণ পোৱা যায়।
উত্তৰঃ মেছ’পটেমিয়া সভ্যতাৰ লগত হৰপ্পা সভ্যতাৰ বাণিজ্যিক সম্পর্ক থকাৰ প্রমাণ পোৱা যায়।
(ঙ) হৰপ্পা সভ্যতাৰ ছীল-মোহৰত খোদিত পুৰুষৰ প্রতিচ্ছবিক পশুপতি শিৱ/বিষ্ণু বুলি অভিহিত কৰা দেখা যায়।
উত্তৰঃ হৰপ্পা সভ্যতাৰ ছীল-মোহৰত খোদিত পুৰুষৰ প্রতিচ্ছবিক পশুপতি শিৱ বুলি অভিহিত কৰা দেখা যায়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.