Class 6 Social Science Chapter 9 প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Social Science Chapter 9 প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ Solutions and select need one. Class 6 Social Science Chapter 9 প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ Question Answers Download PDF. SEBA Class 6 Social Science Texbook Solutions.
Class 6 Social Science Chapter 9 প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science Notes, SEBA Class 6 Social Science Assamese Medium Textbook Solutions for All Chapters, You can practice these here.
প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ
Chapter: 9
অনুশীলনী – ১
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) মৌর্য বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ মৌর্য বংশৰ প্রতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য আছিল।
(খ) অর্থশাস্ত্র গ্রন্থখনৰ লেখক কোন?
উত্তৰঃ অর্থশাস্ত্র গ্রন্থখনৰ লেখক হ’ল— কৌটিল্য।
(গ) বর্তমান ভাৰতৰ কোন অঞ্চলত মৌর্যসকলৰ ৰাজ্য অৱস্থিত আছিল?
উত্তৰঃ বর্তমান ভাৰতৰ বিহাৰৰ পাটলিপুত্ৰ অঞ্চলত মৌর্যসকলৰ ৰাজ্য অৱস্থিত আছিল।
(ঘ) মৌর্য ৰজাসকলৰ ভিতৰত কাক শ্রেষ্ঠ ৰজা বুলি জনা যায়?
উত্তৰঃ মৌর্য ৰজাসকলৰ ভিতৰত অশোকক শ্রেষ্ঠ ৰজা বুলি জনা যায়।
(ঙ) শৃংগ বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰঃ শৃংগ বংশৰ প্রতিষ্ঠাপক হ’ল– পুষ্যমিত্র শৃংগ।
(চ) পৃষ্যমিত্র শৃংগ কোনটো বৰ্ণৰ লোক আছিল?
উত্তৰঃ পৃষ্যমিত্র শৃংগ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল।
(ছ) গুপ্ত বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰঃ গুপ্ত বংশৰ প্রতিষ্ঠাপক হ’ল– শ্ৰীগুপ্ত।
(জ) মৌর্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল?
উত্তৰঃ মৌর্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল।
(ঝ) অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল?
উত্তৰঃ অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক ধৰ্মমহামাত্ৰ বুলি কোৱা হৈছিল।
(ঞ) অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল?
উত্তৰঃ অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব বাণিজ্য, উৎপাদন, মূল্য নিৰ্ধাৰণ আদিৰ ব্যৱস্থাপনা আছিল।
(ট) মৌৰ্যসকলৰ সময়ৰ প্রধান বর্ণকেইটা কি আছিল?
উত্তৰঃ মৌৰ্যসকলৰ সময়ৰ প্রধান বর্ণকেইটা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ আছিল।
(ঠ) গুপ্তবংশৰ শ্রেষ্ঠ ৰজাজন কোন?
উত্তৰঃ গুপ্তবংশৰ শ্রেষ্ঠ ৰজাজন হ’ল— সমুদ্রগুপ্ত।
অনশীলনী – ২ |
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা।
উত্তৰঃ মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম হ’ল— চোল, পাণ্ড্য আৰু চেৰ।
(খ) পাণ্ড্যবংশৰ ৰাজধানী কি আছিল?
উত্তৰঃ পাণ্ড্যবংশৰ ৰাজধানী মাদুৰাই আছিল।
(গ) উৰাইয়ুৰ কোনখন ৰাজ্যৰ শাসনকেন্দ্ৰ আছিল?
উত্তৰঃ উৰাইয়ুৰ চোল ৰাজ্যৰ শাসনকেন্দ্ৰ আছিল।
(ঘ) চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল?
উত্তৰঃ চেৰাসকলৰ অঞ্চলটোক কেৰল বুলি জনা গৈছিল।
(ঙ) কাক অন্ধ্র বুলি জনা গৈছিল?
উত্তৰঃ সাতবাহন বংশক অন্ধ্র বুলি জনা গৈছিল।
(চ) চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰঃ চালুক্য বংশৰ প্ৰতিষ্ঠাপক হ’ল— পুলকেশি।
(ছ) পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰঃ পল্লৱ বংশৰ প্ৰথম ৰজা সিম্বৱবর্মন আছিল।
(জ) কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল?
উত্তৰঃ কাঞ্চীপুৰম পল্লৱ বংশৰ ৰাজধানী আছিল।
(ঝ) দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল?
উত্তৰঃ দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কৃষি, পশুপালন, বাণিজ্য, তাঁত বোনা আদি আছিল।
অনুশীলনী – ৩ |
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) প্রাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি?
উত্তৰঃ প্রাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম হ’ল— বর্মন বংশ।
(খ) কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ কামৰূপৰ ভাস্কৰবর্মন ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল।
(গ) বর্মন বংশৰ শ্রেষ্ঠ ৰজা কোন আছিল?
উত্তৰঃ বর্মন বংশৰ শ্রেষ্ঠ ৰজা ভাস্কৰবর্মন আছিল।
(ঘ) চীনা পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল?
উত্তৰঃ চীনা পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ ৭ম শতিকাত আহিছিল।
(ঙ) বিষয় বুলিলে কি বুজা?
উত্তৰঃ বিষয় বুলিলে ৰজাৰ অধীনত থকা উচ্চ পদবীধাৰী কৰ্মচাৰীক বুজা যায়।
(চ) কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা।
উত্তৰঃ কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম হ’ল— কৃষক, তাঁতী, ধাতুশিল্পী, মৌচাক পালক, বণিক।
অনুশীলনী – ৪ |
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) গুপ্তযুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল?
উত্তৰঃ সেই সময়ত সাহিত্য, বিজ্ঞান, কলা, শিক্ষা আৰু ধৰ্মৰ বিকাশ ঘটিছিল, এইবাবে গুপ্তযুগক “সোণালী যুগ” বুলি কোৱা হয়।
(খ) কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা।
উত্তৰঃ কালিদাসে লিখা তিনিখন নাটকৰ নাম হ’ল— মালবিকাগ্নিমিত্রম, বিক্ৰমোৰ্বশীয়ম আৰু অভিজ্ঞান শকুন্তলম।
(গ) বৰ্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক কোন আছিল?
উত্তৰঃ বৰ্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক হৰিষেণ আছিল।
(ঘ) দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম কি?
উত্তৰঃ দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম হ’ল— আমৰকোশ।
(ঙ) দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল।
উত্তৰঃ দক্ষিণ ভাৰতত তামিল, তেলেগু, কন্নড় ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল।
পাঠভিত্তিক |
১। শুদ্ধ শব্দত ‘√’ চিন দিয়া।
(ক) উত্তৰ ভাৰতত ৰাজ্য স্থাপন কৰিবলৈ আৰম্ভ কৰা ৰাজবংশটো আছিল মৌর্য/গুপ্ত বংশ।
উত্তৰঃ উত্তৰ ভাৰতত ৰাজ্য স্থাপন কৰিবলৈ আৰম্ভ কৰা ৰাজবংশটো আছিল মৌর্য বংশ।
(খ) সম্রাট অশোক জৈন/বৌদ্ধ ধৰ্মৰ দ্বাৰা প্রভাৱিত হৈছিল।
উত্তৰঃ সম্রাট অশোক বৌদ্ধ ধৰ্মৰ দ্বাৰা প্রভাৱিত হৈছিল।
(গ) শৃংগ বংশ প্রতিষ্ঠা কৰা পুষ্যমিত্র শৃংগ এজন ক্ষত্রিয়/ব্রাহ্মাণ আছিল।
উত্তৰঃ শৃংগ বংশ প্রতিষ্ঠা কৰা পুষ্যমিত্র শৃংগ এজন ব্রাহ্মাণ আছিল।
(ঘ) ভাৰতবৰ্ষৰ দক্ষিণ অংশত শাসন কৰা বংশটো আছিল সাতবাহন বংশ, তেওঁলোকক তামিল/অন্ধ্র বুলিও জনা যায়।
উত্তৰঃ ভাৰতবৰ্ষৰ দক্ষিণ অংশত শাসন কৰা বংশটো আছিল সাতবাহন বংশ, তেওঁলোকক অন্ধ্র বুলিও জনা যায়।
(ঙ) ভাৰত ভ্ৰমণলৈ অহা চীনা পৰিব্রাজক হিউৱেন চাঙে সমুদ্র বর্মনৰ/ভাস্কৰ বৰ্মনৰ আমন্ত্রণক্রমে অসমলৈ আহিছিল।
উত্তৰঃ ভাৰত ভ্ৰমণলৈ অহা চীনা পৰিব্রাজক হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ আমন্ত্রণক্রমে অসমলৈ আহিছিল।
২। ‘ক’ অংশত লেখকৰ নাম আৰু ‘খ’ অংশত তেওঁলোকে লিখা গ্রন্থবোৰৰ নাম আছে, দুয়োটা অংশ মিলোৱা।
‘ক’ | ‘খ’ |
কৌটিল্য | ব্যাসদেৱ |
কালিদাস | মুদ্রাৰাক্ষস |
বিশাখাদত্ত | অভিজ্ঞানম্-শকুন্তলম্ |
বাণভট্ট | অর্থশাস্ত্র |
মহাভাৰত | হর্ষচৰিত |
উত্তৰঃ
‘ক’ | ‘খ’ |
কৌটিল্য | অর্থশাস্ত্র |
কালিদাস | অভিজ্ঞানম্-শকুন্তলম্ |
বিশাখাদত্ত | মুদ্রাৰাক্ষস |
বাণভট্ট | হর্ষচৰিত |
মহাভাৰত | ব্যাসদেৱ |
৩। তলত প্রাচীন ভাৰতৰ কেইজনমান শাসকৰ নাম দিয়া আছে। তোমালোকে নামসমূহ তলত দিয়া সময়ৰেখাডালত সময়ানুক্রমিকভাৱে লিখা—
ভাস্কৰবৰ্মন, চন্দ্রগুপ্ত মৌর্য, সমুদ্রগুপ্ত, অশোক
উত্তৰঃ চন্দ্রগুপ্ত মৌৰ্য → অশোক → সমুদ্রগুপ্ত → ভাস্কৰবৰ্মন।
৪। প্রাচীন অসমৰ সমাজ ব্যৱস্থা আৰু বর্তমান অসমৰ সমাজ ব্যৱস্থাক তুলনা কৰি কি সাদৃশ্য আৰু বৈসাদৃশ্য দেখিছা লিখা?
সাদৃশ্য | বৈসাদৃশ্য |
উত্তৰঃ
সাদৃশ্য | বৈসাদৃশ্য |
প্ৰাচীন আৰু আধুনিক দুয়ো সময়তে পৰিয়াল আৰু সমাজৰ ভিতৰত একতাৰ মূল্য আছিল আৰু আছে। | প্ৰাচীন অসমত বৰ্ণভিত্তিক সমাজব্যৱস্থা আৰু জাতিপ্রথা বৰ্তি আছিল, বৰ্তমান সমাজ অধিক মুক্ত আৰু সমতাৰ ভিত্তিত গঠিত। |
কৃষি প্ৰধান জীৱিকাৰূপে প্ৰাচীন কালৰ দৰে বৰ্তমানতো গুৰুত্বপূৰ্ণ। | আগতে শিক্ষাৰ সুযোগ সীমিত আছিল, বৰ্তমানত শিক্ষাৰ অধিক বিস্তাৰ আৰু অধিকাৰ সৰ্বজনীন হৈছে। |
ধৰ্মীয় আচাৰ-অনুষ্ঠান প্ৰাচীন কালত যি দৰে গুৰুত্বপূৰ্ণ আছিল, বৰ্তমানতো লোকসকলে ইয়াক মানি চলে। | প্ৰাচীন সময়ত মহিলাৰ অৱস্থান সীমাবদ্ধ আছিল; বৰ্তমানত মহিলাৰ অধিকাৰ, শিক্ষা, চৰকাৰী চাকৰি আদিত অংশগ্ৰহণ বাঢ়িছে। |
প্ৰাচীন অসমত কবিতা, নাটক, সৃষ্টিশীলতা আছিল; বৰ্তমান সাহিত্য আৰু সংস্কৃতিত আগ্ৰহ আছে। | বৰ্তমান সমাজ প্ৰযুক্তিগতভাৱে উন্নত; তথ্য, যোগাযোগ আৰু জীৱনযাত্রা প্ৰাচীন সময়তকৈ বহুত আগবাঢ়ি গৈছে। |
৫। তলৰ বাকচটোত কেইখনমান প্রাচীন ভাৰতৰ নগৰ, ৰাজ্য আৰু ৰাজধানীৰ নাম দিয়া আছে। ভাৰতৰ মানচিত্ৰখনৰ উপযুক্ত স্থানত সেইবোৰ চিহ্নিত কৰা।
পাটলিপুত্র, কলিংগ, মাদুৰাই, প্রাগজ্যোতিষপুৰ |
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.