Class 6 Social Science Chapter 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Social Science Chapter 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ Solutions and select need one. Class 6 Social Science Chapter 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ Question Answers Download PDF. SEBA Class 6 Social Science Texbook Solutions.
Class 6 Social Science Chapter 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science Notes, SEBA Class 6 Social Science Assamese Medium Textbook Solutions for All Chapters, You can practice these here.
ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ
Chapter: 6
অনুশীলনী – ১
১। তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক কি বুলি জনা যায়?
উত্তৰঃ শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক শংকৰাব্দ বুলি জনা যায়।
(খ) ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰপৰা হৈছে?
উত্তৰঃ ভাস্কৰাব্দৰ আৰম্ভণি ৰজাভাস্কৰবর্মন ৰাজ অভিষেকৰ বছৰৰপৰা হৈছে।
(গ) মুছলমানসকলৰ পৰম্পৰাগত বর্ষপঞ্জিখনৰ নাম কি?
উত্তৰঃ মুছলমানসকলৰ পৰম্পৰাগত বর্ষপঞ্জিখনৰ নাম হ’ল- হিজৰী।
(ঘ) গ্রেগ বিয়ান বর্ষপঞ্জিৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰপৰা গণনা কৰা হয়?
উত্তৰঃ গ্রেগ বিয়ান বর্ষপঞ্জিৰ আৰম্ভণিৰ বছৰটো যীচু খ্রীষ্ট জন্মৰপৰা গণনা কৰা হয়।
(ঙ) এক দশক বুলিলে কি বুজা?
উত্তৰঃ এক দশক বুলিলে ১০ বছৰৰ এক সময়ছোৱাক বুজায়।
(চ) ১০০০ বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?
উত্তৰঃ ১০০০ বছৰক একেলগে বুজাবলৈ সহশ্ৰাব্দ শব্দ ব্যৱহাৰ কৰা হয়।
২। ইতিহাস আৰু কাহিনীৰ মাজত কি পার্থক্য আছে?
উত্তৰঃ কাহিনী কাল্পনিক হ’লেও ইতিহাস বাস্তৱঘটনাৰ আধাৰত লিখা হয়। ইতিহাস সঠিক তথ্য আৰু প্ৰমাণৰ ভিত্তিত লিখা হয়, কিন্তু কাহিনী মনোৰঞ্জনৰ উদ্দেশ্যে লিখা হয়।
৩। ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান কি?
উত্তৰঃ ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান হ’ল- উৎস।
অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা?
উত্তৰঃ ইতিহাস অধ্যয়নৰ উৎস বুলিলে সেইসকল বস্তু বা তথ্য যাৰ সহায়ত ইতিহাসবিদসকলে অতীতৰ বিষয়ে জানিব পাৰে। এইবোৰেই হৈছে ইতিহাস লিখনৰ আধাৰ।
(খ) ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা।
উত্তৰঃ ইতিহাস অধ্যয়নৰ দুবিধ উৎস হ’ল-
১। প্ৰাক-লিখিত (অথবা মৌখিক) উৎস।
২। লিখিত উৎস।
(গ) এপিগ্রাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে?
উত্তৰঃ এপিগ্রাফিষ্টসকলে শিলালিপি আৰু তাম্ৰলিপিৰ দৰে খোদিত দলিলৰ বিষয়ে অধ্যয়ন কৰে।
(ঘ) জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়?
উত্তৰঃ জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক পালেণ্ট’লজিষ্ট (Paleontologist) বুলি জনা যায়।
(ঙ) নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে?
উত্তৰঃ নৃতত্ত্ববিদসকলে মানুহৰ দৈহিক গঠন, জীৱন পদ্ধতি, খাদ্যাভ্যাস, পৰিধান, বাসগৃহ, সমাজ আৰু সংস্কৃতি আদি বিষয় অধ্যয়ন কৰে।
২। ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে?
উত্তৰঃ ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা নিৰূপণ কৰিবলৈ বহুতো উৎসৰ তুলনা কৰে। তেওঁলোকে সকলো তথ্য-প্ৰমাণ গভীৰভাৱে পৰীক্ষা কৰি, যিবোৰ তথ্য বিশ্বাসযোগ্য, ইতিহাস লিখনতে কেৱল সেইবোৰহে ব্যৱহাৰ কৰে।
৩। ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰঃ ইতিহাস লিখনত নৃতত্ত্ব, ভূগোল, ধৰ্ম, সাহিত্য, কলা, বিজ্ঞান, জীৱাশ্মবিদ্যা আদি বিষয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। এইবোৰ বিষয়ৰ সহায়ত ইতিহাসবিদে অতীতৰ জীৱন পদ্ধতি আৰু সভ্যতাৰ বুজ পাওঁতে সহায় লাভ কৰে।
অনুশীলনী – ৩ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল?
উত্তৰঃ সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ পঞ্জাৱ অঞ্চলক বুজোৱা হৈছিল।
(খ) ভাৰত উপমহাদেশ বুলিলে বর্তমান কোনটো অঞ্চলক বুজায়?
উত্তৰঃ ভাৰত উপমহাদেশ বুলিলে বর্তমান ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভুটান, শ্রীলংকা আৰু মালদ্বীপ অঞ্চলকসমূহক বুজায়।
(গ) অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল?
উত্তৰঃ অশোকে ভাৰতক বুজাবলৈ শিলালিপিত জম্মুদ্বীপ শব্দ ব্যৱহাৰ কৰিছিল।
(ঘ) প্রাচীন গ্রীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল?
উত্তৰঃ প্রাচীন গ্রীকসকলে ভাৰতক বুজাবলৈ ইণ্ডিয়া শব্দ ব্যৱহাৰ কৰিছিল।
(ঙ) প্রাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল?
উত্তৰঃ প্রাচীন চীনাসকলে ভাৰতক থিয়ানচু বুলি কৈছিল।
(চ) ভাৰতৰ কোনটো অঞ্চলক ‘ভাৰতম’ বুলি কোৱা হৈছিল?
উত্তৰঃ ভাৰতৰ উত্তৰ-পশ্চিম ভাৰত অঞ্চলক ‘ভাৰতম’ বুলি কোৱা হৈছিল।
২। ‘ভাৰত’ শব্দটো কিদৰে আহিল বর্ণনা কৰা।
উত্তৰঃ আমি ব্যৱহাৰ কৰি অহা আমাৰ দেশৰ ‘ভাৰত’ নামটো হঠাতে সৃষ্টি হোৱা নাছিল। কোনো ব্যক্তি বিশেষে এই নাম দিয়াৰ তথ্যও পোৱা নাযায়। মহাভাৰতত সমগ্র উপমহাদেশখনক বুজাবলৈ ‘ভাৰতবৰ্ষ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল। মহাভাৰতৰ সমগ্র উপমহাদেশখনক বুজাবলৈ পৌৰাণিক ৰজা ভৰতৰ নামেৰে ‘ভাৰতবৰ্ষ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল। এই ভাৰতবৰ্ষৰ ভাৰত শব্দটো উত্তৰ ভাৰতত বহুলভাৱে প্ৰচলিত আছিল। ঠিক তেনেদৰে দক্ষিণ ভাৰতত প্রচলিত আছিল ‘ভাৰতম্’ নামটো। প্রাচীন তামিল সাহিত্যত দক্ষিণৰ কন্যাকুমাৰীৰপৰা উত্তৰে হিমালয়লৈ বিস্তৃত অঞ্চলটোক এই নামেৰে জনা গৈছিল। অতীজৰেপৰা বহুলভাৱে প্রচলিত ভাৰত নামটো এতিয়া দেশে-বিদেশে সমাদৃত।
৩। ইণ্ডিয়া নামটোৰ উৎপত্তি বর্ণনা কৰা।
উত্তৰঃ বিদেশীসকলে ভাৰতৰ বিষয়ে প্রথমতে জানিছিল পাৰস্যবাসীসকলৰপৰা। খ্ৰীষ্টপূর্ব ছয় শতিকাত পাৰস্যৰ এজন সম্রাটে সিন্ধু নদীৰ তীৰৱৰ্তী অঞ্চলটোৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে। পূৰ্বতে এই অঞ্চলটো ‘সিন্ধু’ নামেৰে জনাজাত আছিল। পাৰস্যৰ লোকসকলে ভাৰতক ‘হিন্দু’ বা ‘হিন্দ’ বুলি উল্লেখ কৰিছিল। ই ‘সিন্ধু’ৰ ৰূপান্তৰিত ৰূপ। প্রাচীন গ্রীকসকলে এই অঞ্চলটোৰ নাম ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ ৰাখিছিল। ‘হিন্দ’ ৰ প্ৰাৰম্ভিক ‘হ’ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল। এনেদৰেই ‘ইণ্ডিয়া’ নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয়।
পাঠভিত্তিক |
১। সময় গণনাৰ ভিত্তিত ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।
‘ক’ | ‘খ’ |
বিক্রম সংবৎ | হজৰত মহম্মদে মক্কাৰ পৰা মদিনালৈ যাত্ৰা কৰাৰ পৰা |
হিজৰী | ৰজা ভাস্কৰবর্মনে ৰাজপাটত আৰোহণ কৰাৰ পৰা |
ভাস্কৰাব্দ | শংকৰদেৱৰ জন্মৰ পৰা |
শংকৰাব্দ | ৰজা বিক্রমাদিত্যই শক ৰজাক পৰাস্ত কৰাৰ পৰা |
উত্তৰঃ
‘ক’ | ‘খ’ |
বিক্রম সংবৎ | ৰজা বিক্রমাদিত্যই শক ৰজাক পৰাস্ত কৰাৰ পৰা |
হিজৰী | হজৰত মহম্মদে মক্কাৰ পৰা মদিনালৈ যাত্ৰা কৰাৰ পৰা |
ভাস্কৰাব্দ | ৰজা ভাস্কৰবর্মনে ৰাজপাটত আৰোহণ কৰাৰ পৰা |
শংকৰাব্দ | শংকৰদেৱৰ জন্মৰ পৰা |
২। তলত কিছুমান চিত্র দিয়া আছে। ইয়াৰ প্ৰতিটো চিত্র সময় অনুসৰি খ্রীষ্টপূর্ব নে খ্রীষ্টাব্দৰ অন্তর্গত তাক চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা।
উত্তৰঃ
খ্রীষ্টপূর্ব | খ্রীষ্টাব্দ |
হৰপ্পা সভ্যতা | কম্পিউটাৰৰ আৱিষ্কাৰ |
আদিম মানুহে শিল ঘঁহি জুই জ্বলোৱা চিত্র | ভাৰতৰ স্বাধীনতা আন্দোলন |
অশোক স্তম্ভ | শ্রীমন্ত শংকৰদেৱ |
৩। তলৰ তালিকাখনত মহাত্মা গান্ধীৰ জন্মদিনটোক (২ অক্টোবৰ, ১৮৬৯) মাহ, বছৰ, দশক আদি হিচাপে দেখুওৱা হৈছে। একেধৰণে তোমাৰ নিজৰ জন্মদিনৰ ভিত্তিত তালিকাখনৰ খালী ঠাইবোৰ পূব কৰা।
মহাত্মা গান্ধীৰ জন্মদিন | দিন | মাহ | বছৰ | দশক | শতিকা | সহশ্রাব্দ |
২ | অক্টোবৰ | ১৮৬৯ | ষষ্ঠ | ঊনৈশ | দ্বিতীয় | |
তোমাৰ জন্মদিন |
উত্তৰঃ
মহাত্মা গান্ধীৰ জন্মদিন | দিন | মাহ | বছৰ | দশক | শতিকা | সহশ্রাব্দ |
২ | অক্টোবৰ | ১৮৬৯ | ষষ্ঠ | ঊনৈশ | দ্বিতীয় | |
তোমাৰ জন্মদিন | ১৬ | ডিচেম্বৰ | ২০১৮ | দ্বিতীয় | একবিংশ শতিকা | তৃতীয় |
৪। তলত ইতিহাসৰ কেইটামান উল্লেখযোগ্য ঘটনা আৰু সেইবোৰ সংঘটিত হোৱা বছৰ উল্লেখ কৰা হৈছে। এডাল সময়ৰেখা আঁকি ঘটনাসমূহ ক্রম অনুসাৰে দেখুওৱা।
(ক) প্রথম অলিম্পিক খেলৰ আৰম্ভণি (খ্রীষ্টপূর্ব ৭৭৬)।
(খ) ভাৰতত ষোল্লখন মহাজনপদৰ উত্থান (খ্রীষ্টপূর্ব ৬০০)।
(গ) আলেকজেণ্ডাৰৰ মৃত্যু (খ্রীষ্টপূর্ব ৩২৩)।
(ঘ) ভাস্ক’-ডা-গামাৰ ভাৰত আগমন (খ্রীষ্টাব্দ ১৪৯৮)।
(ঙ) চুকাফাৰ অসম আগমন (খ্রীষ্টাব্দ ১২২৮)।
উত্তৰঃ
সময়ৰেখা |
হৰপ্পা সভ্যতা (খ্ৰীষ্টপূৰ্ব ২৬০০-১৯০০) (উল্লেখৰ বাহিৰে) |
ষোল্লখন মহাজনপদৰ উত্থান – খ্ৰীষ্টপূৰ্ব ৬০০ |
প্ৰথম অলিম্পিক খেলৰ আৰম্ভণি – খ্ৰীষ্টপূৰ্ব ৭৭৬ |
আলেকজেণ্ডাৰৰ মৃত্যু – খ্ৰীষ্টপূৰ্ব ৩২৩ |
চুকাফাৰ অসম আগমন – খ্ৰীষ্টাব্দ ১২২৮ |
ভাস্ক’-ডা-গামাৰ আগমন – খ্ৰীষ্টাব্দ ১৪৯৮ |
৫। তলত দিয়া তালিকা অনুসৰি তোমাৰ পৰিয়াল বা প্রতিৱেশীসকলৰ মাজৰ পৰা যিকোনো পাঁচজন ব্যক্তিৰ বিষয়ে তথ্য সংগ্ৰহ কৰা আৰু তথ্যসমূহৰ উৎসও উল্লেখ কৰিবা। ব্যক্তিকেইগৰাকীৰ এজন বয়সত বিশ বছৰৰ তলৰ, দুজন বয়সত পঞ্চাছ বছৰৰ তলৰ আৰু অন্য দুজন বয়সত পঞ্চাশৰ অধিক হোৱাটো বাঞ্চনীয়।
ব্যক্তি | বয়স | জন্ম তাৰিখ | উৎস | জন্ম স্থান | উৎস | শিক্ষাগত অর্হতা | উৎস | কর্মস্থলী | উৎস |
প্রথম | |||||||||
দ্বিতীয় | |||||||||
তৃতীয় | |||||||||
চতুর্থ | |||||||||
পঞ্চম |
উত্তৰঃ
ব্যক্তি | বয়স | জন্ম তাৰিখ | উৎস | জন্ম স্থান | উৎস | শিক্ষাগত অর্হতা | উৎস | কর্মস্থলী | উৎস |
প্রথম | 18 বছৰ | 15-04-2007 | পৰিয়ালৰ পৰা | গুৱাহাটী | পৰিয়ালৰ পৰা | উচ্চতৰ মাধ্যমিক | বিদ্যালয়ৰ পৰা | অধ্যয়ন ৰত | নিজে |
দ্বিতীয় | 32 বছৰ | 10-06-1993 | প্রতিৱেশী | ধেমাজি | নিজে | স্নাতক | ডিগ্ৰী কলেজ | শিক্ষক | ID card |
তৃতীয় | 45 বছৰ | 21-11-1979 | পৰিয়ালৰ পৰা | শিৱসাগৰ | নিজে | স্নাতকোত্তৰ | চৰকাৰী কাগজ | চৰকাৰী কৰ্মচাৰী | নিজে |
চতুর্থ | 62 বছৰ | 03-03-1963 | পৰিয়াল | যোৰহাট | নিজে | মেট্ৰিক উত্তীৰ্ণ | বিদ্যালয় | অৱসৰপ্ৰাপ্ত | ID card |
পঞ্চম | 70 বছৰ | 25-12-1954 | প্রতিৱেশী | নগাঁও | পৰিয়ালৰ পৰা | অশিক্ষিত | নিজে | কৃষক | নিজে |
৬। তলত তিনিধৰণৰ উৎসৱ চিত্র দিয়া হৈছে। চিত্রকেইখন ভালদৰে চাই তাৰপৰা সেই সময়ৰ কি কি তথ্য লাভকৰিব পাৰি খালী ঠাইত লিখা। চিত্রকেইখন উৎসৱ কোনটো ভাগৰ অন্তর্গত?
উত্তৰঃ (ক) প্ৰথম চিত্ৰ (চাহ কাৰখানাৰ ভিতৰ চাহ পতা বাচনি কৰা)
উৎসৱৰ ভাগ: ঔপনিৱেশিক অৰ্থনৈতিক বিকাশ আৰু সামাজিক পৰিৱেশ।
তথ্য লাভ: (i) ঔপনিৱেশিক সময়ৰ চাহ উদ্যোগ আৰু শিশু-শ্ৰমিক ব্যৱস্থা।
(ii) হস্তশিল্পৰ স্থান লোৱা কল-কাৰখানা।
(iii) ভাৰতীয় কল-মজুৰীৰ কষ্টদায়ক জীৱন।
(খ) দ্বিতীয় চিত্ৰ (প্ৰাচীন মূৰ্তিচিত্ৰ — ৰথ, মানুহ, জনজীৱন)
উৎসৱৰ ভাগ: ঐতিহাসিক/ধাৰ্মিক সাংস্কৃতিক পৰম্পৰা।
তথ্য লাভ: (i) প্ৰাচীন ভাৰতৰ ৰাজনীতি, সমাজ আৰু পৰিবহণ ব্যৱস্থাৰ ছবি।
(ii) ঘোঁৰা-টান ৰথ, ৰাজকীয় জীৱনধাৰা।
(iii) শিলালিপিৰে কৰা ইতিহাস সংৰক্ষণ।
(গ) তৃতীয় চিত্ৰ (আধুনিক বয়ন কল বা Textile Mill)
উৎসৱৰ ভাগ: অৰ্থ-সাংস্কৃতিক বিকাশ আৰু উদ্যোগিক বিপ্লৱৰ সময়ৰ ছবি।
তথ্য লাভ: (i) আধুনিক উদ্যোগিক যুগৰ সূচনা।
(ii) মহিলা কৰ্মীৰ অংশগ্ৰহণ বৃদ্ধি।
(iii) যন্ত্ৰচালিত উৎপাদন পদ্ধতি।
৭। বিদেশীসকলে বিভিন্ন সময়ত ভাৰতক কি কি নামেৰে নামকৰণ কৰিছিল তাৰ এখন তালিকা প্রস্তুত কৰা।
বিদেশী গোট | তেওঁলোকে দিয়া নাম |
উত্তৰঃ
বিদেশী গোট | তেওঁলোকে দিয়া নাম |
ইৰানী | হিন্দুস্থান |
গ্ৰীক | ইণ্ডিকা |
ৰোমান | ইণ্ডিয়া |
আৰব | হিন্দ |
চীন | তিয়েনচু |
ইংৰাজ | ইণ্ডিয়া |

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.