Class 6 Social Science Chapter 5 ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Social Science Chapter 5 ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য Solutions and select need one. Class 6 Social Science Chapter 5 ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য Question Answers Download PDF. SEBA Class 6 Social Science Texbook Solutions.
Class 6 Social Science Chapter 5 ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science Notes, SEBA Class 6 Social Science Assamese Medium Textbook Solutions for All Chapters, You can practice these here.
ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য
Chapter: 5
অনুশীলনী – ১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ মুঠ মাটিকালি কিমান?
উত্তৰঃ ভাৰতৰ মুঠ মাটিকালি মাটিকালি ৩২,৮৭,৭৮২ বর্গ কিলোমিটাৰ।
(খ) ভাৰত আৰু শ্রীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি?
উত্তৰঃ ভাৰত আৰু শ্রীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হ’ল- পক্ প্ৰণালী।
(গ) ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি?
উত্তৰঃ ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম বিন্ধ্য পৰ্বত।
(ঘ) উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি?
উত্তৰঃ বিন্ধ্য পৰ্বতক উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয়।
(ঙ) এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৰ প্ৰতিখন দেশৰে নিজৰ সীমা থাকে। দেশৰ সীমাত অন্য দেশ, সাগৰ-মহাসাগৰ বা পৰ্বত-পাহাৰ আদি থাকিব পাৰে। দেশ এখনৰ চাৰিওদিশে, অর্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ-প্রকৃতিবোৰক এখন দেশৰ চাৰিসীমা বোলা হয়।
২। ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা।
উত্তৰঃ ভাৰতৰ উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান। উত্তৰ-পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ আৰু লগতে বংগোপসাগৰ। দক্ষিণে আছে দ্বীপৰাষ্ট্ৰ শ্রীলংকা আৰু ভাৰত মহাসাগৰ। শ্রীলংকাক মান্নাৰ উপসাগৰ আৰু পক্ প্রণালীয়ে ভাৰতৰপৰা পৃথক কৰিছে। ভাৰতৰ পশ্চিমফালে আছে আৰব সাগৰ।
অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ সীমাৰ প্ৰাচীৰ কি?
উত্তৰঃ হিমালয় পর্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়।
(খ) ভাৰতৰ দুখন বন্দৰ-নগৰৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ দুখন বন্দৰ-নগৰৰ নাম মুম্বাই আৰু চেন্নাই।
(গ) ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি?
উত্তৰঃ ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি মৎস্যশিল্প (মাছ ধৰা)।
(ঘ) জাৰোৱাসকলে ক’ত বাস কৰে?
উত্তৰঃ জাৰোৱাসকলে আন্দামান দ্বীপপুঞ্জৰ দক্ষিণ অংশত বাস কৰে।
২। চমু টোকা লিখা-
(ক) উত্তৰৰ পাৰ্বত্য অঞ্চল।
উত্তৰঃ হিমালয় পর্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু-বৰ পৰ্বত-পাহাৰেৰে উত্তৰৰ পাৰ্বত্য অঞ্চল গঠিত। হিমালয় পর্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলিও কোৱা হয়। পূবা-পশ্চিমাকৈ বা দীঘলীয়াকৈ উচ্চতাৰ ভিত্তিত হিমালয় পর্বতক তিনি শ্রেণীত ভাগ কৰা হয়- উচ্চ হিমালয় (Greater Himalayas), নিম্ন হিমালয় (Lower Himalayas) আৰু বহিঃ হিমালয় (Outer Himalayas)। পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট উচ্চ হিমালয়ৰ অন্তৰ্গত। এই অঞ্চলৰ গড় উচ্চতা প্রায় ৬০০০ মিটাৰ আৰু ই বছৰৰ বাৰ মাহ বৰফেৰে ঢাক খাই থাকে। আনহাতে, বেছিভাগ জনাজাত পর্যটনক্ষেত্র নিম্ন হিমালয়ৰ অন্তর্গত। এই অঞ্চলৰ গড় উচ্চতা প্রায় ৪৫০ মিটাৰ। বহিঃহিমালয়ৰ গড় উচ্চতা প্রায় ১২০০ মিটাৰ।
(খ) উত্তৰৰ সমভূমি অঞ্চল।
উত্তৰঃ হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত প্রায় ২৪০০ কিলোমিটাৰ দীঘল আৰু ৯৫০ ৰ পৰা ৩০০ কিলোমিটাৰ বহল সমতল অঞ্চলটোক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বোলা হয়। উত্তৰ ভাৰতৰ এই সমভূমি অংশক প্রধানকৈ তিনিটা ভাগত ভগাব পাৰি- (ক) পশ্চিমৰ পঞ্জাৱ, হাৰিয়ানা সমতল, (খ) মধ্যভাগৰ গংগা-যমুনা সমভূমি আৰু (গ) পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা।
ভাৰতৰ সমভূমি অঞ্চল সিন্ধু নদীৰ উপনৈ চেনাব (চন্দ্রভাগা), ঝিলাম (বিতস্তা), ৰবি (ইৰাৱতী), বিয়াছ (বিপাশা) আৰু চাটলেজ (শতদ্রু)ৰ লগতে গংগা, যমুনা আৰু ব্রহ্মপুত্র উপত্যকাৰ পলসুৱা মাটিৰে গঠিত। এই অঞ্চল ক্ৰমে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ-প্রদেশ, দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আৰু অসমলৈ বিস্তৃত।
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল।
উত্তৰঃ গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰব সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূ-ভাগকেই দাক্ষিণাত্য মালভূমি অঞ্চল বোলা হয়। এই মালভূমিৰ তিনিও দিশে সাগৰ-মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়। নর্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত ভাগ কৰিছে। এফালে দাক্ষিণাত্য মালভূমি আৰু আনটো ফালক মধ্যভাৰতৰ উচ্চভূমি অঞ্চল বুলিও কোৱা হয়।
দাক্ষিণাত্য মালভূমিৰ উত্তৰ অংশত পশ্চিমৰপৰা পূবলৈ যথাক্রমে আৰাৱলী, বিন্ধ্য, সাতপুৰা, মহাদেৱ, মহাকাল আৰু ৰাজমহল পাহাৰ অৱস্থিত। এই অঞ্চলৰ উল্লেখযোগ্য নদী কেইখনমান হ’ল- গোদাবৰী, কাবেৰী, তুংগভদ্রা আৰু কৃষ্ণা।
(ঘ) উপকূলীয় নিম্নভূমি অঞ্চল।
উত্তৰঃ ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ-মহাসাগৰে আগুৰি আছে। দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূবদিশত আছে বংগোপসাগৰ। পশ্চিমে পশ্চিমঘাট পৰ্বতৰ গাতে লাগি আছে আৰব সাগৰ। দেশখনৰ দক্ষিণ দিশে আছে ভাৰত মহাসাগৰ। সাগৰ-মহাসাগৰে চুই থকা দেশৰ এই উপকূল অঞ্চলটো যথেষ্ট দীঘল। ভাৰতৰ উপকূলীয় অঞ্চলক অংশ বিশেষে বেলেগ বেলেগ নামেৰে জনা যায়। যেনে, ওড়িশাৰ অন্তৰ্গত অঞ্চলক উৎকল উপকূল, কেৰেলাৰ অন্তৰ্গত অঞ্চলক মালাবাৰ উপকূল বর্তমান কোৰমণ্ডল আদি।
পাঠভিত্তিক |
১। তলত দিয়া ভাৰতৰ মানচিত্ৰখনত নিম্নোক্ত ঠাইবোৰ চিহ্নিত কৰা আৰু যথাস্থানত সাংকেতিক চিহ্ন প্রয়োগ কৰিবা।
(ক) ভাৰতৰ চাৰিসীমাত থকা ৰাষ্ট্ৰবোৰ।
(খ) হিমালয় পর্বত।
(গ) তিনিখন মুখ্য নদী।
(ঘ) পশ্চিম দিশত অৱস্থিত দুটা বন্দৰ।
(ঙ) মৰুভূমি অঞ্চলৰ এখন নগৰ।
(চ) লাক্ষাদ্বীপ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ।
উত্তৰঃ
২। সিপিঠিৰ মানচিত্ৰখনলৈ চাই ভাৰতৰ কোনকেইখন ৰাজ্যৰ সীমা বিদেশী ৰাষ্ট্ৰৰ সৈতে যুক্ত হৈ আছে লিখা-
ৰাজ্যৰ নাম | বিদেশী ৰাষ্ট্ৰ |
উত্তৰঃ
ৰাজ্যৰ নাম | বিদেশী ৰাষ্ট্ৰ |
জম্মু আৰু কাশ্মীৰ | পাকিস্তান, চীন |
পাঞ্জাব | পাকিস্তান |
ৰাজস্থান | পাকিস্তান |
গুজৰাট | পাকিস্তান |
অৰুণাচল প্ৰদেশ | চীন, ম্যানমাৰ |
অসম | বাংলাদেশ, ভুটান |
৩। ‘ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য’ পাঠটোত থকা চিত্ৰৰ সহায়ত উত্তৰ কৰা।
(ক) উত্তৰৰ পাৰ্বত্য অঞ্চলৰ তিনিখন পৰ্বত-পাহাৰৰ নাম লিখা।
উত্তৰঃ উত্তৰৰ পাৰ্বত্য অঞ্চলৰ তিনিখন পৰ্বত-পাহাৰৰ নাম হ’ল-
(i) হিমালয়।
(ii) কাৰাকোৰাম।
(iii) জস্কৰ।
(খ) দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত তিনিখন পাহাৰ-পৰ্বতৰ নাম লিখা।
উত্তৰঃ দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত তিনিখন পাহাৰ-পৰ্বতৰ নাম হ’ল-
(i) ৰাজমহল পাহাৰ।
(ii) বিংগ পাহাৰ।
(iii) আৰাবল্লী পৰ্বত।
(গ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ তিনিখন নদীৰ নাম লিখা।
উত্তৰঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ তিনিখন নদীৰ নাম হ’ল-
(i) গংগা।
(ii) যমুনা।
(iii) শতদ্ৰু।
(ঘ) উপকূলীয় অঞ্চলত অৱস্থিত দুখন বিখ্যাত চহৰৰ নাম লিখা।
উত্তৰঃ উপকূলীয় অঞ্চলত অৱস্থিত দুখন বিখ্যাত চহৰৰ নাম হ’ল-
(i) মুম্বাই।
(ii) চেন্নাই।
(ঙ) দ্বীপ অঞ্চলৰ দুখন ঠাইৰ নাম লিখা।
উত্তৰঃ দ্বীপ অঞ্চলৰ দুখন ঠাইৰ নাম হ’ল-
(i) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।
(ii) লক্ষদ্বীপ।
৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
‘ক’ | ‘খ’ |
কৃষিকার্য | মৰুভূমি অঞ্চল |
কপাহ খেতি | দ্বীপ অঞ্চল |
মাছ ধৰা কাৰ্য | সমভূমি অঞ্চল |
অৱসৰ বিনোদন | পার্বত্য অঞ্চল |
জলবিদ্যুৎ প্রকল্প | দাক্ষিণাত্য মালভূমি অঞ্চল |
জাৰোৱা জনজাতি | উপকূলীয় অঞ্চল |
উত্তৰঃ
‘ক’ | ‘খ’ |
কৃষিকার্য | সমভূমি অঞ্চল |
কপাহ খেতি | দাক্ষিণাত্য মালভূমি অঞ্চল |
মাছ ধৰা কাৰ্য | উপকূলীয় অঞ্চল |
অৱসৰ বিনোদন | পার্বত্য অঞ্চল |
জলবিদ্যুৎ প্রকল্প | মৰুভূমি অঞ্চল |
জাৰোৱা জনজাতি | দ্বীপ অঞ্চল |
৫। তলত খেলি-মেলিকৈ দিয়া শব্দবোৰ সজাই লিখিলে প্রতিটো শব্দই ব্ৰহ্মপুত্ৰৰ একো একোখন উপনৈৰ নাম সূচাব। শব্দবোৰ সজাই উপনৈৰ নামবোৰৰ এখন তালিকা প্রস্তুত কৰা।
নাহমা, বিনশিধ, দিয়াগলাপা, ণকোষসো, ংবদি, ণৱসোৰিশি, কাৰিদ, লংক, হিংদি, লীপিক, ষ্ণাইকৃ, হিংদিঢ়ীবু
উত্তৰঃ
ব্ৰহ্মপুত্ৰৰ উপনৈৰ তালিকা | |
নাহমা | মানাহ |
ৰিনশিধ | ধনশিৰি |
দিয়াগলাপা | পাগলাদিয়া |
ণকোষসো | সোণকোষ |
ংবদি | দিবাং |
ণৱসোৰিশি | সোৱণশিৰি |
কাৰিদ | দিৰিকা |
লংক | কলং |
হিংদি | দিহিং |
লীপিক | কপিলী |
ষ্ণাইকৃ | কৃষ্ণাই |
হিংদিঢ়ীবু | বুড়ীদিহিং |
৬। তোমালোকৰ নিজ-নিজ অঞ্চলত পোৱা বনজ সম্পদ আৰু খনিজ সম্পদ কেইবিধমানৰ তালিকা প্রস্তুত কৰা।
বনজ সম্পদ | খনিজ সম্পদ |
উত্তৰঃ
বনজ সম্পদ | খনিজ সম্পদ |
বাঁহ | কয়লা |
চন্দন গছ | তেল |
শাল গছ | প্ৰাকৃতিক গেছ |
গামাৰী | ডলোমাইট |
মৌ মাখি আৰু মধু | কা’লচিণ্ডাৰ |
৭। তলত দিয়া মানচিত্ৰখনৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আৰু দক্ষিণপাৰৰ উপনৈসমূহ চিনাক্ত কৰি কোৱা-
উত্তৰঃ
উত্তৰপাৰৰ উপনৈসমূহ | দক্ষিণপাৰৰ উপনৈসমূহ |
সোৱণশিৰি | বৰদৈচিলা |
বিহালি | দিখৌ |
দুধনৈ | দিহিং |
ৰঙামাটি | কপিলী |
ধনশিৰি | কৃষ্ণাই |
৮। তলত উল্লেখ কৰা জাতি-জনজাতিৰ লোকসকলে অসমৰ কোন কোন অঞ্চলত বেছিকৈ বাস কৰে উল্লেখ কৰা- (ছাত্র-ছাত্রীসকল দুজনীয়া গোটত ভাগ হৈ শিক্ষকৰ তত্ত্বাৱধানত তালিকাখন পূৰ কৰিব)
মৰাণ, বড়ো, বঙালী, কাৰ্বি, আহোম, কছাৰী, তিৱা, ডিমাছা, মিচিং, ৰাভা, মাৰ, নেপালী, মটক, কোঁচ, মণিপুৰী, কুকি, খাচী, ৰাজবংশী, চুতীয়া
ব্রহ্মপুত্র উপত্যকা | বৰাক উপত্যকা | পাহাৰীয়া অঞ্চল |
উত্তৰঃ
ব্রহ্মপুত্র উপত্যকা | বৰাক উপত্যকা | পাহাৰীয়া অঞ্চল |
মৰাণ | মাৰ | বড়ো |
আহোম | বঙালী | কাৰ্বি |
কছাৰী | নেপালী | ডিমাছা |
তিৱা | মণিপুৰী | খাচী |
মিচিং | কুকি | কুকি |
ৰাভা | তিৱা | |
মটক | ||
চুতীয়া | ||
কোঁচ | ||
বঙালী | ||
ৰাজবংশী |
৯। তলৰ মানচিত্ৰখনত অসমৰ প্ৰধান ভূ-প্রাকৃতিক বিভাগ তিনিটা দেখুওৱা হৈছে। এই ভূ-প্রাকৃতিক বিভাগ তিনিটাৰ অন্তৰ্গত জিলাসমূহৰ নামৰে মানচিত্ৰখন পূৰোৱা। (শিক্ষকৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলে দলগতভাৱে কৰিব)
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
১০। তলত ভাৰতৰ ৰৈখিক মানচিত্র এখন দিয়া হৈছে, তাত তোমাৰ ৰাজ্যখন দেখুওৱা। তোমাৰ ৰাজ্যখন কোনটো ভৌগোলিক অঞ্চলৰ অন্তৰ্গত তলত উল্লেখ কৰা।
উত্তৰঃ অসম ভাৰতৰ উত্তৰ-পূৱ (উত্তৰ-পূৰ্বাঞ্চল) ভৌগোলিক অঞ্চলৰ অন্তৰ্গত।
এই অঞ্চলখনক সাধাৰণতে উত্তৰ-পূৰ্বাঞ্চলীয় ভাৰত বুলি কোৱা হয়, য’ত অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিক্কিম অন্তর্ভুক্ত।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.