Class 6 Social Science Chapter 4 দেশ-মহাদেশৰ কথাঃ জাপান Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Social Science Chapter 4 দেশ-মহাদেশৰ কথাঃ জাপান Solutions and select need one. Class 6 Social Science Chapter 4 দেশ-মহাদেশৰ কথাঃ জাপান Question Answers Download PDF. SEBA Class 6 Social Science Texbook Solutions.
Class 6 Social Science Chapter 4 দেশ-মহাদেশৰ কথাঃ জাপান
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science Notes, SEBA Class 6 Social Science Assamese Medium Textbook Solutions for All Chapters, You can practice these here.
দেশ-মহাদেশৰ কথাঃ জাপান
Chapter: 4
অনুশীলনী – ১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি?
উত্তৰঃ পৃথিৱীৰ প্ৰধান মহাদেশ সাতখন- এছিয়া, ,ইউৰোপ,আফ্রিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টার্কটিকা বা কুমেৰু মহাদেশ।
(খ) সম্পূৰ্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম কি?
উত্তৰঃ সম্পূৰ্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম হ’ল- অষ্ট্ৰেলিয়া।
(গ) পৃথিৱীৰ দীর্ঘতম পর্বতমালাৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ দীর্ঘতম পর্বতমালাৰ নাম হ’ল- এণ্ডিজ পৰ্বতমালা।
(ঘ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি ছাহাৰা মৰুভূমি।
(ঙ) পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ’ল- নীল নদী।
(চ) পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হ’ল- আমাজন নদী।
(ছ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হ’ল- এছিয়া মহাদেশ।
২। চমুটোকা লিখা-
(ক) এছিয়া মহাদেশ।
উত্তৰঃ এছিয়া হ’ল পৃথিৱীৰ বৃহত্তম মহাদেশ। পৃথিৱীৰ মুঠ মাটিভাগৰ ১/৩ অংশ এই মহাদেশখনে সামৰি আছে। এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলার্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা-পশ্চিমাকৈ কর্কট-ক্রান্তি ৰেখা গৈছে। এছিয়া মহদেশখনতে থকা আমাৰ দেশ ভাৰতৰ উত্তৰে হিমালয় পর্বতমালা অৱস্থিত।
(খ) ইউৰোপ মহাদেশ।
উত্তৰঃ ইউৰাল পর্বতমালাৰ পশ্চিমে যিখিনি স্থলভাগ আছে তাক ইউৰোপ মহাদেশ বোলে। এই পর্বতমালাই মহাদেশ দুখনক পৃথক কৰিছে। ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু। এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা-পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত। মহাদেশখনৰ তিনিওফাল পানীৰে আগুৰা। আপ্স (Alps) হ’ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পর্বতমালা।
(গ) আফ্রিকা মহাদেশ।
উত্তৰঃ এছিয়াৰ পাছতেই দ্বিতীয় সর্ববৃহৎ মহাদেশ হ’ল আফ্রিকা। বিষুৱৰেখা মহাদেশখনৰ প্ৰায় সোঁমাজেদি গৈছে। গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ দুয়োটা গোলার্ধতে প্রায় সমানভাৱে বিস্তৃত হৈ আছে। এইখনেই একমাত্র মহাদেশ যাৰ মাজেৰে কৰ্কট-ক্রান্তি, মকৰ-ক্ৰান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে। বিষুবীয় অঞ্চলত অৱস্থিত হোৱা বাবে আফ্রিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা এই মহাদেশতেই অৱস্থিত। আফ্রিকা মহাদেশক চাৰিওফালে কেইবাখনো সাগৰ-মহাসাগৰে আগুৰি আছে। চুয়েজ খালে ইয়াক এছিয়া মহাদেশৰপৰা আৰু জিৱাল্টৰ প্ৰণালীয়ে ইউৰোপ মহাদেশৰপৰা পৃথক দেশ-মহাদেশৰ কথাঃ জাপান।
(ঘ) উত্তৰ আমেৰিকা।
উত্তৰঃ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ’ল উত্তৰ আমেৰিকা)। এক ঠেক ভূ-খণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ-লাগি আছে। এই ঠেক ভূ-খণ্ডক পানামা যোজক বুলি কোৱা হয়। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। ৰকি উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পর্বতমালা। মহাদেশখনক তিনিখন মহাসাগৰে আগুৰি আছে। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দেশ দুখনে উত্তৰ আমেৰিকাৰ প্ৰায় ৭৫% আগুৰি আছে। ইয়াত অৱস্থিত কেৰিবিয়ান দ্বীপপুঞ্জক বেষ্ট-ইণ্ডিজ বুলিও কোৱা হয়। এই মহাদেশখনৰ ভিতৰত মৰুভূমি, নাতিশীতোষ্ণ অৰণ্য, টাইগা হাবি আৰু ওখ ঘাঁহনি অঞ্চল আছে।
অনুশীলনী – ২ |
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) জাপান দেশখনৰ দুটা প্রধান বিশেষত্ব উল্লেখ কৰা।
উত্তৰঃ এখন দেশ হিচাপে জাপানৰ বহুতো বিশেষত্ব আছে।
তাৰ ভিতৰত তলত দুটা প্রধান বিশেষত্ব উল্লেখ কৰা হ’ল-
১। ই এখন সম্পূর্ণভাৱে দ্বীপ-দেশ (Island Country)। প্রায় ১৪,০০০ দ্বীপৰ সমষ্টি জাপান। ইয়াৰে প্রায় ২৫০ টা দ্বীপত জনবসতি আছে।
২। বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈর্ঘ্য প্রায় ২৯,৭৫১ কিলোমিটাৰ। কেউদিশে সাগৰ-মহাসাগৰ থকাৰ কাৰণে জাপান সামুদ্রিক সম্পদত চহকী।
(খ) জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ?
উত্তৰঃ জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত হন্দু দ্বীপ (Honshu) আটাইতকৈ ডাঙৰ।
(গ) জাপানৰ এখন সমতলভূমিৰ নাম লিখা।
উত্তৰঃ জাপানৰ এখন সমতলভূমিৰ নাম হ’ল- কান্টো সমতলভূমি।
(ঘ) জাপানত অনুভূত ঋতুকেইটা কি কি?
উত্তৰঃ জাপান দেশখন বিষুৱৰেখাৰ উত্তৰে অৱস্থিত। ইয়াৰ জলবায়ু নাতিশীতোষ্ণ। দেশখনত চাৰিটা ঋতু অনুভূত হয়- শীত, বসন্ত, গ্রীষ্ম আৰু শৰৎ।
(ঙ) কোনটো ঋতুক ‘ফল’ বুলি কোৱা হয়?
উত্তৰঃ শৰৎ ঋতুক ‘ফল’ বুলি কোৱা হয়।
(চ) জাপানৰ ক’ত ক’ত সৰলবর্গীয় গছ পোৱা যায়?
উত্তৰঃ জাপানৰ উত্তৰ আৰু মধ্য অংশত সৰলবর্গীয় গছ পোৱা যায়।
(ছ) জাপানৰ বেছিভাগ মানুহে কি ধর্ম পালন কৰে?
উত্তৰঃ জাপানৰ বেছিভাগ মানুহে বৌদ্ধ ধৰ্ম পালন কৰে।
(জ) জাপানত শিক্ষিতৰ হাৰ কিমান?
উত্তৰঃ জাপানত শিক্ষিতৰ হাৰ ১০০ শতাংশ।
২। জাপানক কিয় ‘দ্বীপ-দেশ’ বুলি কোৱা হয়?
উত্তৰঃ জাপানক ‘দ্বীপ-দেশ’ বুলি কোৱা হয় কাৰণ ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ প্রশান্ত মহাসাগৰত অৱস্থিত আৰু ই প্ৰায় ৬৮৫২ খন সৰু-ডাঙৰ দ্বীপৰ পৰা গঠিত। এই দ্বীপসমূহৰ ভিতৰত হন্দু, হ’কাইডো, কিউছু আৰু ছিক’কু আটাইতকৈ ডাঙৰ আৰু মুখ্য দ্বীপ। এই দ্বীপসমূহই জাপানৰ ভূ-ভাগৰ প্ৰধান অংশ গঠন কৰিছে। দ্বীপ-ৰাজ্য হিচাপে জাপানৰ ভৌগোলিক অৱস্থান এক বিশেষত্ব বহন কৰে।
৩। জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ জাপান বিশ্বৰ অন্যতম উন্নত উদ্যোগী ৰাষ্ট্ৰ। দেশখনৰ আধুনিক উদ্যোগৰ ভিতৰত বৈদ্যুতিন সামগ্ৰী, যানবাহন, ইস্পাত, যন্ত্ৰ-মানৱ আৰু নৌ-নির্মাণ ইত্যাদি উল্লেখযোগ্য। জাপানৰ উদ্যোগৰ উন্নতিৰ মূল কাৰণ হ’ল ইয়াৰ জনসাধাৰণৰ উচ্চ শিক্ষা, পৰিশ্ৰম, নিয়মানুবর্তিতা আৰু উদ্ভাৱনী শক্তি। উন্নত গৱেষণা আৰু প্ৰযুক্তি ব্যৱহাৰৰ ফলত জাপানৰ সামগ্ৰীসমূহ বিশ্বজুৰি জনপ্ৰিয়। বিশেষকৈ হোন্ডা, টয়োটা, ছোনি, পানাচনিক আদি কোম্পানীসমূহ জাপানৰ উদ্যোগৰ গৌৰৱ বহন কৰে।
পাঠভিত্তিক |
১। মাটিকালিৰ ভিত্তিত সৰুৰ পৰা ডাঙৰলৈ একাদিক্রমে মহাদেশবোৰৰ নাম লিখোঁ আহা-
উত্তৰঃ (i) এছিয়া।
(ii) ইউৰোপ।
(iii) আফ্রিকা।
(iv) উত্তৰ আমেৰিকা।
(v) দক্ষিণ আমেৰিকা।
(vi) ওচেনিয়া।
(vii) এন্টার্কটিকা।
২। তলত দিয়া মানচিত্রখনত মহাদেশসমূহ চিনাক্ত কৰি নামবোৰ লিখা-
উত্তৰঃ
৩। তলৰ বিন্দুসমূহ সংযোগ কৰি জাপানৰ মানচিত্ৰখন সম্পূর্ণ কৰা-
উত্তৰঃ
৪। জাপান সম্পর্কে তলত দিয়া শুদ্ধ উক্তিবোৰৰ কাষৰ ‘০’ চিনটো পূৰ কৰা-
(ক) জাপান এখন কৃষি প্রধান দেশ।
(খ) জাপান সম্পূর্ণভাবে দ্বীপ দেশ।
(গ) জাপানত বৰষুণ একেবাৰে নহয়।
(ঘ) জাপানত অৰণ্য দেখা নাযায়।
(ঙ) জাপান ভূমিকম্পপ্রৱণ দেশ।
উত্তৰঃ
(ক) জাপান এখন কৃষি প্রধান দেশ। | ✗ |
(খ) জাপান সম্পূর্ণভাবে দ্বীপ দেশ। | ✓ |
(গ) জাপানত বৰষুণ একেবাৰে নহয়। | ✗ |
(ঘ) জাপানত অৰণ্য দেখা নাযায়। | ✗ |
(ঙ) জাপান ভূমিকম্পপ্রৱণ দেশ। | ✓ |
৫। তলত দিয়া খালী ঠাইত জাপানৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ
জাপানৰ প্ৰধান বৈশিষ্ট্যবোৰ |
১। ই এখন সম্পূর্ণভাৱে দ্বীপ-দেশ (Island Country)। প্রায় ১৪,০০০ দ্বীপৰ সমষ্টি জাপান। ইয়াৰে প্রায় ২৫০ টা দ্বীপত জনবসতি আছে। |
২। বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈৰ্ঘ্য প্রায় ২৯,৭৫১ কিলোমিটাৰ। কেউদিশে সাগৰ-মহাসাগৰ থকাৰ কাৰণে জাপান সামুদ্রিক সম্পদত চহকী। |
৩। জাপান এখন পর্বত-পাহাৰে আগুৰা দেশ। দেশখনত সমতলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্র ১৫ শতাংশ। |
৪। দেশখনৰ মুঠ মাটিকালিৰ প্রায় ৬৫ শতাংশ অবণ্যই আৱৰি আছে। সেয়েহে কৃষিভূমি তেনেই কম। |
৫। জাপান এখন ভূমিকম্প-প্রবণ দেশ। দেশখনত ১০০ ৰো অধিক জাগ্রত আগ্নেয়গিৰি আছে। মাজে সময়ে ছুনামি অর্থাৎ অতি উচ্চ সাগৰৰ ঢৌ আৰু প্ৰবল ঘূর্ণীবতাহেও দেশখনক আক্রান্ত কৰে। |

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.