Class 6 Social Science Chapter 3 ভূ-অৱয়ব আৰু মানুহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Social Science Chapter 3 ভূ-অৱয়ব আৰু মানুহ Solutions and select need one. Class 6 Social Science Chapter 3 ভূ-অৱয়ব আৰু মানুহ Question Answers Download PDF. SEBA Class 6 Social Science Texbook Solutions.
Class 6 Social Science Chapter 3 ভূ-অৱয়ব আৰু মানুহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science Notes, SEBA Class 6 Social Science Assamese Medium Textbook Solutions for All Chapters, You can practice these here.
ভূ-অৱয়ব আৰু মানুহ
Chapter: 3
অনুশীলনী – ১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) পৃথিৱীৰ কোন অংশত প্রধান ভূ-অৱয়ববোৰ দেখা যায়?
উত্তৰঃ পৃথিৱীৰ স্থলভাগত (ভূ-পৃষ্ঠত) প্ৰধান ভূ-অৱয়ববোৰ দেখা যায়।
(খ) স্থলভাগত পোৱা প্ৰধান ভূ-অৱয়ববোৰৰ নাম লিখা।
উত্তৰঃ স্থলভাগত পোৱা প্ৰধান ভূ-অৱয়ববোৰৰ নাম হ’ল- পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, উপত্যকা, নদী, শিল।
(গ) পর্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ পর্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-
পৰ্বত | মালভূমি |
উচ্চ আৰু চূড়াযুক্ত | উচ্চভূমি কিন্তু সমান চেটিত |
উচ্চতা বেছি | উচ্চতা তুলনামূলক কম |
শীতল আৰু হিমবাহ | গৰম আৰু শুষ্ক অৱস্থাত থাকে |
(ঘ) সমভূমি কেনেকৈ গঠিত হয়?
উত্তৰঃ নদীৰ দ্বাৰা অনা পলিমাটিৰে সমভূমি গঠিত হয়। বহু বছৰৰ ভিতৰত নদী মাটি আনি জমা দি সমভূমি গঠন কৰে।
(ঙ) মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি?
উত্তৰঃ মালভূমি অঞ্চল উচ্চভূমি হ’ল যদিও ইয়াৰ ওপৰৰ অংশ সমান থাকে। ইয়াত খনিজ পদাৰ্থ পোৱা যায়, বনজ সম্পদ পোৱা যায় আৰু কৃষিও সম্ভৱ হয়।
(চ) পার্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা?
উত্তৰঃ পার্বত্য অঞ্চলত ভূ-পৃষ্ঠ অমসৃণ আৰু খাড়াইযুক্ত হোৱাৰ লগতে, শীতল বতৰ, বৰফ, কঠিন জীৱনধাৰা আৰু দুঃসাধ্য যাতায়তৰ বাবে জনবসতি কম দেখা যায়।
২। পৰ্বত-পাহাৰে মানুহক কিদৰে সহায় কৰে, বহলাই লিখা।
উত্তৰঃ পৰ্বত-পাহাৰ মানুহৰ জীৱনত বহুমুখীভাৱে সহায় কৰে। ইয়াক বহু ধৰ্মীয় গোটে পৱিত্ৰ স্থান হিচাপে ভাৱে আৰু বহু পৰ্বতীয় অঞ্চল পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াত বহু নদীৰ উৎস দেখা যায়, যিবোৰ নদী কৃষি আৰু পানীয় জলেৰ উৎস হিচাপে কাম কৰে।
পৰ্বত অঞ্চলত হিমবাহ থাকে, যাৰ পৰা গলিত পানী বহু ঠাইত পানী যোগান ধৰে। ইয়াত বিভিন্ন ধৰণৰ বনজ সম্পদ, ঔষধি গছ-পুল আৰু খনিজ পদাৰ্থ পোৱা যায়। লগতে এই স্থানবোৰ পশুপালন আৰু সীমিত কৃষিকাৰ্যৰ বাবে উপযোগী।
গ্ৰীষ্মকালত ঠাণ্ডা বতৰৰ বাবে এই অঞ্চলসমূহ পৰ্যটনৰ বাবে উন্নীত হয়। ইয়াত বাস কৰা গাঁও সমাজসমূহে পৰ্বতৰ পাদদেশত বিভিন্ন পৰম্পৰাগত জীৱনপদ্ধতি গঢ়ি তুলিছে।
৩। নদী, পাহাৰ আদি ভূ-অৱয়ব দেখুৱাই এখন ছবি আঁকা।
উত্তৰঃ
অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) জলমণ্ডল কাক বোলে?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ শতকৰা ৭১ ভাগৰো অধিক অংশ পানীয়ে আগুৰি আছে। সাগৰ-মহাসাগৰ, উপসাগৰ, নদ-নদী, হ্রদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়।
(খ) পৃথিৱীৰ গভীৰতম অংশৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ গভীৰতম অংশৰ নাম মেৰিয়ানা খাত (Trench)।
(গ) সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা।
উত্তৰঃ সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হ’ল- কাস্পিয়ান সাগৰ।
(ঘ) নদীৰ উৎস বুলিলে কি বুজা?
উত্তৰঃ যি ঠাইৰপৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস (Source) বোলে।
(ঙ) শাখা নৈ কি?
উত্তৰঃ এখন নদীৰপৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে।
২। চমু টোকা লিখা-
(ক) সাগৰ-মহাসাগৰ।
উত্তৰঃ প্রশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। ইয়াৰ কালি ১৬৫.২ নিযুত বর্গ কিলোমিটাৰ। ইয়াৰ গভীৰতম অংশৰ নাম হ’ল মেৰিয়ানা খাত (Trench)। ইয়াৰ গভীৰতা ১০,৯৮৪ মিটাৰ। মহাসাগৰবোৰৰ কিছুমান বিশেষ অংশক আকৌ সাগৰ (Sea) বা উপসাগৰ বুলি কোৱা হয়। এই ভূ-অৱয়ব আৰু মানুহ অংশবোৰ সাধাৰণতে মহাদেশৰ গাতে লাগি থাকে, উদাহৰণস্বৰূপে, আৰৱ সাগৰ, বংগোপসাগৰ। কিছুমান সাগৰ আকৌ সম্পূৰ্ণ মহাদেশৰ ভিতৰভাগত অৱস্থিত, যেনে, কাস্পিয়ান সাগৰ, আবল সাগৰ। সাগৰ-মহাসাগৰবোৰ নানা প্রজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল। সাগৰ-মহাসাগৰত থকা প্ৰাণীবোৰৰ ভিতৰত তিমি মাছেই সৰ্ববৃহৎ।
(গ) সিক্তভূমি বা আর্দ্রভূমি।
উত্তৰঃ নদী উপত্যকা, পৰ্বত-পাহাৰ, মালভূমি আদিত সৰু-ডাঙৰ জলাশয় দেখা যায়। এইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি (Wetland) বুলি কোৱা হয়। সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতলভূমিবোৰত থকা জলাশয়, যেনে, বিল, জলাহ, ডোৱা, হোলা পুখুৰী, দলনি, পিটনি আদি একো একোটা আর্দ্রভূমি। সাগৰৰ পাৰতো এনে আর্দ্রভূমি দেখা যায়।
প্রাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰি মানুহে খান্দি বা নৈ আদিত বান্ধ দিও আর্দ্রভূমিৰ সৃষ্টি কৰিব পাৰে। আর্দ্রভূমিবোৰ বছৰটোৰ বেছিভাগ সময় সিক্ত বা জলমগ্ন হৈ থাকে। এইবোৰত জলজ উদ্ভিদ আৰু মাছ-কাছ প্ৰচুৰ পৰিমাণে দেখা যায়। আর্দ্রভূমিবোৰলৈ পৰিভ্ৰমি চৰাই আহে। সেয়েহে এইবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে।
(খ) নদ-নদী।
উত্তৰঃ ভূ-পৃষ্ঠত উচ্চভূমিৰপৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্রবাহিত হৈ থকা জলধাৰাক নদী (River) বুলি কোৱা হয়। সাধাৰণতে বৰষুণ, বৰফগলা পানী আৰু ভূ-গৰ্ভৰপৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে। নদীৰ উৎস পৰ্বত-পাহাৰ, মালভূমিৰ দৰে উচ্চভূমি হ’ব পাৰে। ব্ৰহ্মপুত্র নদী চীন দেশৰ তিব্বত মালভূমিৰ তামচুক খামবাব হিমবাহৰপৰা ওলাই আহিছে।
যি ঠাইৰপৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস (Source) বোলে। কোনো এখন নদীলৈ যিমান ঠাইৰপৰা পানী আহে সেই গোটেইখিনি ঠাইকে নদীখনৰ অৱবাহিকা (Basin) বোলে। আনহাতে এখন সৰু নৈ বৈ আহি এখন ডাঙৰ নদীত মিলিলে সৰু নৈখনক উপনৈ (Tributary) বোলা হয়।
(ঘ) হ্রদ।
উত্তৰঃ স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগকে হ্রদ বোলা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্রদ দেখা যায়। ৰাছিয়াৰ বৈকাল হ্রদ হ’ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্রদ। আকাৰত বিশাল হ্রদক সাগৰ বুলিও অভিহিত কৰা হয়। উদাহৰণস্বৰূপে, কাস্পিয়ান হ্রদ, যাক সাগৰ বুলিও কোৱা হয়। বৰষুণ, হিমবাহ, নৈ, ভূ-গৰ্ভৰ পানী আদি বিভিন্ন উৎসৰপৰা হ্ৰদলৈ পানীভাগ আহে। কিছুমান হ্ৰদৰ পানী সুস্বাদু বা নির্মল আৰু আন কিছুমানৰ পানী লুণীয়া। ভাৰতত থকা উল্লেখযোগ্য হ্রদ হ’ল সম্বৰ, পুস্কৰ, ল’কটক আদি। মণিপুৰৰ ল’কটক হ্রদ জৈৱ-বৈচিত্ৰৰ ক্ষেত্ৰত বৰ চহকী।
৩। মানুহৰ ওপৰত ভূ-অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা।
উত্তৰঃ ভূ-অৱয়বে মানুহৰ বসতি, আর্থিক কাম-কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে তোমালোকে বুজিব পাৰিছা যে কোনো এটা অঞ্চলৰ জনবসতি ঘন বা সেৰেঙা হোৱাটো মূলতঃ ভূ-প্রকৃতি আৰু ভূ-অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ, ব্যৱসায়-বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ-অৱয়বৰ ওপৰতে নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, বন্দৰবোৰ থকাৰ কাৰণে উপকূলীয় অঞ্চলবোৰক অতীজৰেপৰা যাতায়াত ব্যৱস্থাৰ ধমনী হিচাপে বিবেচনা কৰা হয়। এই প্রাকৃতিক অৱয়বসমূহৰ লগতে খাপ খুৱাই মানুহে জীৱন-নিৰ্বাহ কৰি আহিছে। মানুহে প্রাকৃতিক পৰিৱেশৰ অনুকূলে নিজকে পৰিচালিত কৰিলে পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ থাকিব।
পাঠভিত্তিক |
১। তোমালোকে বাস কৰা অঞ্চলটো নিৰীক্ষণ কৰি নিম্নলিখিত প্রশ্নকেইটাৰ শুদ্ধ
উত্তৰবোৰৰ কাষৰ ‘০’ চিনটো পূৰ কৰা-
(ক) তোমালোকৰ অঞ্চলটোৰ ভূ-প্রকৃতি কেনেকুৱা?
(i) সমতল।
(ii) ঢৌৰ নিচিনা।
(iii) ওখ-চাপৰ।
উত্তৰঃ (i) সমতল।
(খ) তোমালোকৰ ঘৰৰ ওচৰত থকা পথাৰৰ মাটিৰ ঢাল কেনেকুৱা?
(i) ঢাল নায়েই।
(ii) অলপ এঢলীয়া।
(iii) থিয়।
উত্তৰঃ (i) ঢাল নায়েই।
(গ) তোমালোকৰ ওচৰে-পাজৰে পাহাৰ বা পৰ্বত আছেনে?
(i) আছে।
(ii) নাই।
উত্তৰঃ (ii) নাই।
(ঘ) তোমালোকৰ ওচৰে-পাজৰে নদী আছেনে?
(i) আছে।
(ii) নাই।
উত্তৰঃ (ii) নাই।
(ঙ) তোমালোকৰ অঞ্চলটোত ডাঙৰ অৰণ্য বা হাবি আছে নেকি?
(i) আছে।
(ii) নাই।
উত্তৰঃ (ii) নাই।
(চ) তোমালোকৰ অঞ্চলটোক কেনেকুৱা যেন লাগে?
(i) পাহাৰীয়া অঞ্চল।
(ii) মালভূমি অঞ্চল।
(iii) সমভূমি অঞ্চল।
উত্তৰঃ (iii) সমভূমি অঞ্চল।
২। ‘ভূ-অৱয়ব আৰু মানুহ’ পাঠটোৰ পৰা পোৱা তথ্য আৰু ধাৰণাৰ ভিত্তিত তলৰ তালিকাখনৰ শুদ্ধ উত্তৰবোৰৰ কাষৰ ‘O’ চিনটো পূৰ কৰা-
মানুহৰ কাৰ্যকলাপ | পার্বত্য অঞ্চল | মালভূমি অঞ্চল | সমভূমি অঞ্চল |
জীৱিকা | কৃষি | কৃষি | কৃষি |
পশুপালন | পশুপালন | পশুপালন | |
উদ্যোগ | খনিজ উত্তোলন | উদ্যোগ | |
ব্যৱসায় | ব্যৱসায় | ব্যৱসায় | |
পর্যটন | উদ্যোগ | পর্যটন | |
যাতায়াত আৰু যোগাযোগ ব্যৱস্থা | অতি উন্নত | অতি উন্নত | অতি উন্নত |
উন্নত | উন্নত | উন্নত | |
অনুন্নত | অনুন্নত | অনুন্নত | |
জনবসতিৰ ঘনত্ব | ঘন | ঘন | ঘন |
পাতল | পাতল | পাতল | |
মধ্যমীয়া | মধ্যমীয়া | মধ্যমীয়া | |
মানুহৰ জীৱনযাত্রা | কষ্টকৰ | কষ্টকৰ | কষ্টকৰ |
সহজ | সহজ | সহজ |
উত্তৰঃ
মানুহৰ কাৰ্যকলাপ | পার্বত্য অঞ্চল | মালভূমি অঞ্চল | সমভূমি অঞ্চল |
জীৱিকা | পশুপালন | খনিজ উত্তোলন | কৃষি |
যাতায়াত আৰু যোগাযোগ ব্যৱস্থা | অনুন্নত | উন্নত | অতি উন্নত |
জনবসতিৰ ঘনত্ব | মধ্যমীয়া | পাতল | ঘন |
মানুহৰ জীৱনযাত্রা | কষ্টকৰ | সহজ | সহজ |
৩। পাঠটোত দিয়া তথ্যৰ ভিত্তিত তালিকাখন পূৰ কৰা।
প্ৰকাৰ | পর্বত | মালভূমি | সমভূমি |
উচ্চতা | |||
বৈশিষ্ট্য | |||
সর্বোচ্চ/সর্ববৃহৎ | |||
নাম/উদাহৰণ |
উত্তৰঃ
প্ৰকাৰ | পর্বত | মালভূমি | সমভূমি |
উচ্চতা | বেছি | তুলনামূলক কম | কম |
বৈশিষ্ট্য | চূড়াযুক্ত, ঠাণ্ডা | সমান ওপৰভাগ, খনিজযুক্ত | পলিমাটিৰে গঠিত, উৰ্বৰ |
সর্বোচ্চ/সর্ববৃহৎ | হিমালয় পৰ্বতশ্ৰেণী (এভাৰেষ্ট – ৮,৮৪৮.৮৬ মি) | দেকান মালভূমি (ভাৰতৰ ভিতৰত বৃহৎ) | গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি (বিশ্বৰ ভিতৰত বৃহৎ) |
নাম/উদাহৰণ | হিমালয় | দেকান মালভূমি | গঙ্গা সমভূমি |
৪। ‘ভূ-অৱয়ব আৰু মানুহ’ পাঠটোৰ ওপৰত ভিত্তি কৰি তলৰ শব্দ-শৃংখলটো প্ৰস্তুত কৰা হৈছে। থিয়কৈ আৰু পথালিকৈ দিয়া আভাসৰ মতে শব্দ-শৃংখলটো পূৰ কৰা।
পথালিকৈ
(ক) এখন মহাদেশৰ নাম (৪)
(গ) পৃথিৱীৰ আটাইতকৈ গভীৰ হ্রদ (৩)
(ঙ) ব্ৰহ্মপুত্ৰৰ এখন উপনৈ (৩)
(চ) এখন মহাসাগৰৰ নাম (৩)
থিয়কৈ
(খ) দুলানি উচ্চভূমিৰ মাজত নদী বা হিমবাহে সৃষ্টি কৰা দীঘলীয়া নিম্নভূমি (৪)
(ঘ) ভাৰতৰ এটা উল্লেখযোগ্য হ্রদ (৪)
উত্তৰঃ
৫। তলত পৃথিৱীৰ পাঁচখন মহাসাগৰৰ নাম দিয়া আছে। আকাৰ অনুযায়ী মহাসাগৰসমূহক ডাঙৰৰ পৰা সৰুলৈকে সজাই তলৰ খালী বাকচবোৰত লিখা।
ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, আটলান্টিক মহাসাগৰ, দক্ষিণ মহাসাগৰ, প্রশান্ত মহাসাগৰ
উত্তৰঃ
প্রশান্ত মহাসাগৰ | আটলান্টিক মহাসাগৰ | ভাৰত মহাসাগৰ | দক্ষিণ মহাসাগৰ | উত্তৰ মহাসাগৰ |
৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
‘ক’ | ‘খ’ |
কাস্পিয়ান সাগৰ | পৰিভ্ৰমী চৰাইৰ আৱাসস্থল |
আর্দ্রভূমি | পর্যটন স্থল |
ডেৰাড়ুন | বৃহত্তম হ্রদ |
তিব্বত | জলপ্রপাত |
হুন্দ্ৰু | উচ্চতম মালভূমি |
উত্তৰঃ
‘ক’ | ‘খ’ |
কাস্পিয়ান সাগৰ | বৃহত্তম হ্রদ |
আর্দ্রভূমি | পৰিভ্ৰমী চৰাইৰ আৱাসস্থল |
ডেৰাড়ুন | পর্যটন স্থল |
তিব্বত | উচ্চতম মালভূমি |
হুন্দ্ৰু | জলপ্রপাত |
৭। তলৰ অৱয়বসমূহ চিনাক্ত কৰি নামবোৰ তলৰ খালী বাকচবোৰত লিখা।
উত্তৰঃ (i) পাহাৰ।
(ii) মৰুভূমি।
(iii) মালভূমি।
(iv) নদী।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.