Class 6 Social Science Chapter 2 সময় মণ্ডল আৰু মানচিত্ৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Social Science Chapter 2 সময় মণ্ডল আৰু মানচিত্ৰ Solutions and select need one. Class 6 Social Science Chapter 2 সময় মণ্ডল আৰু মানচিত্ৰ Question Answers Download PDF. SEBA Class 6 Social Science Texbook Solutions.
Class 6 Social Science Chapter 2 সময় মণ্ডল আৰু মানচিত্ৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Social Science Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SEBA Class 6 Social Science Notes, SEBA Class 6 Social Science Assamese Medium Textbook Solutions for All Chapters, You can practice these here.
সময় মণ্ডল আৰু মানচিত্ৰ
Chapter: 2
অনুশীলনী – ১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান?
উত্তৰঃ দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান ১ ঘণ্টা থাকে।
(খ) পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে?
উত্তৰঃ পৃথিৱীখনক ২৪ টা সময় মণ্ডলত ভাগ কৰা হৈছে।
(গ) ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে?
উত্তৰঃ ভাৰতৰ মাজেৰে যোৱা ৮২°৩০′ পূব দ্রাঘিমাৰেখাৰ সময়ক ভাৰতৰ মান সময় (IST) হিচাপে গণ্য কৰা হৈছে।
২। সময় মণ্ডল কেনেকৈ গণনা কৰা হয়?
উত্তৰঃ সময় মণ্ডল গণনাৰ লগত পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতিৰ এক বিশেষ সম্বন্ধ আছে। পৃথিৱীয়ে ২৪ ঘণ্টাত নিজ মেৰুদণ্ডৰ ওপৰত এপাক ঘূৰে, যাৰ ফলত ৩৬০° কোণ অতিক্ৰম কৰে। সেয়ে ১ ঘণ্টাত পৃথিৱীয়ে ১৫° কোণ অতিক্ৰম কৰে। এই প্ৰতি ১৫° দ্রাঘিমাংশেৰে সময় মণ্ডল ভাগ কৰা হয়। অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত প্ৰতি ১৫° দ্রাঘিমাংশ অন্তৰালে এটা সময় মণ্ডল সৃষ্টি হয়।
অনুশীলনী – ২ |
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?
উত্তৰঃ মানচিত্ৰৰ মূল উপাদান তিনি বিধ।
সেইবোৰ হ’ল-
(i) মাপনী (Scale)
(ii) দিশ (Direction)
(iii) সাংকেতিক চিহ্ন (Symbols)
(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰঃ প্ৰধান দিশ চাৰিটা হ’ল-
(i) উত্তৰ (North)
(ii) দক্ষিণ (South)
(iii) পূৱ (East)
(iii) পশ্চিম (West)
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰঃ মানচিত্ৰত থকা দূৰত্ব আৰু ধৰাপৃষ্ঠৰ প্ৰকৃত দূৰত্বৰ অনুপাতক মাপনী (Scale) বোলে। ই মানচিত্ৰত প্ৰদর্শিত স্থানসমূহৰ সঠিক দূৰত্ব বুজাবলৈ সহায় কৰে।
২। কিছু ক্ষেত্রত গোলকতকৈ মানচিত্র কিয় বেছি সুবিধাজনক?
উত্তৰঃ গোলকৰ তুলনাত মানচিত্ৰ বহন কৰাত সহজ, কাগজত আঁকি ৰাখিব পাৰি আৰু বিশেষ অঞ্চল বা ঠাইৰ বিষদ তথ্য দিব পাৰে। সেইবাবে মানচিত্ৰ কিছু ক্ষেত্ৰত বেছি সুবিধাজনক।
৩। মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য হ’ল-
বিষয় | মানচিত্ৰ | নক্সা |
ক্ষেত্ৰ | দেশ, ৰাজ্য বা বিশ্বৰ বৃহৎ অঞ্চল। | গাঁও, চহৰ বা স্থানবিশেষ (যেনে: বিদ্যালয়, ঘৰ)। |
মাপনী | সাধাৰণতে সৰু মাপনীৰ হয়। | ডাঙৰ মাপনীৰ হয়। |
তথ্যৰ বিস্তাৰ | সামগ্ৰিক আৰু সাধাৰণ তথ্য দেখুৱায়। | বিৱৰণাত্মক আৰু বিশদ তথ্য দেখুৱায়। |
ব্যৱহাৰ ক্ষেত্ৰ | ভূগোল অধ্যয়ন, পৰিকল্পনা, পৰিভ্ৰমণ আদি। | ইঞ্জিনিয়াৰিং, আৰ্হি নিৰ্মাণ, নিৰ্মাণকাৰ্য আদিত ব্যৱহৃত হয়। |
৪। মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহয় কৰে?
উত্তৰঃ মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে মানচিত্ৰত বিভিন্ন তথ্য (যেনে- পথ, নদী, পুখুৰী, ঘৰ, দলং) সংক্ষিপ্ত আৰু সহজভাৱে দেখুৱায়। পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰ পঢ়োঁতে ভাষা নজনাৰ ক্ষেত্ৰত তথ্য বুজিবলৈ এই চিহ্নবোৰে সহায় কৰে।
পাঠভিত্তিক |
১। খালী ঠাই পূৰ কৰা-
(ক) আন্তর্জাতিক তাৰিখ ৰেখাৰ মান হৈছে ________।
উত্তৰঃ আন্তর্জাতিক তাৰিখ ৰেখাৰ মান হৈছে ১৮০°।
(খ) মুখ্য দ্রাঘিমাৰেখাৰ পৰা ________ গ’লে সময় পিছুৱাই যাব।
উত্তৰঃ মুখ্য দ্রাঘিমাৰেখাৰ পৰা পশ্চিমলৈ গ’লে সময় পিছুৱাই যাব।
(গ) ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে _______ঘণ্টা _______ মিনিট।
উত্তৰঃ ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে ২ ঘণ্টা ৪ মিনিট।
২। তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কাষত দিয়া খালী বাকচত লিখা-
(ক) পৃথিৱীয়ে পূবৰ পৰা পশ্চিমলৈ গতি কৰে।
উত্তৰঃ অশুদ্ধ।
(খ) মুখ্য দ্রাঘিমাৰেখাৰ মান হৈছে ০°।
উত্তৰঃ অশুদ্ধ।
(গ) গ্রীনউইচতকৈ আগতে দুপৰীয়া হোৱা ঠাই এখন পূৱ দ্রাঘিমাংশত অৱস্থিত।
উত্তৰঃ শুদ্ধ।
(ঘ) দ্রাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কেই সেই ঠাইখনৰ স্থানীয় সময় বোলে।
উত্তৰঃ শুদ্ধ।
(ঙ) মুখ্য দ্রাঘিমাৰেখা আৰু আন্তর্জাতিক তাৰিখৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে এক দিন।
উত্তৰঃ শুদ্ধ।
৩। তোমালোকে দলগতভাৱে অসমৰ ভূ-প্রাকৃতিক বিভাগ, ৰাজনৈতিক বিভাগ, বাট-পথ আদিৰ মানচিত্র ভূচিত্রাৱলীত চাই তাত কি কি দেখুওৱা হৈছে তলৰ তালিকাখনত লিখা।
প্রাকৃতিক | ৰাজনৈতিক | যাতায়াত |
উত্তৰঃ
প্রাকৃতিক | ৰাজনৈতিক | যাতায়াত |
পাহাৰ | ৰাজ্য সীমা | ৰাস্তা |
নদী | জিলা সীমা | ৰে’লপথ |
বন | ঠাইৰ নাম | দলং |
জলাশয় | ৰাজ্যৰ ৰাজধানী | বিমানবন্দৰ |
৪। তলত মানুহ এজনৰ চাৰিওফালে কিছুমান চিত্র দিয়া হৈছে।
এতিয়া, তোমালোকে চিত্রসমূহলৈ চাই তলৰ তালিকাখনৰ খালী ঠাইবোৰ পূৰোৱা:
(উদাহৰণস্বৰূপে, ১ নং টো কৰি দেখুওৱা হ’ল।)
ক্রমিক নং | দিশ (মানুহজনৰ পৰা) | কি কি আছে লিখা |
১। | উত্তৰ | গছ |
২। | দক্ষিণ | |
৩ | পূব | |
8। | পশ্চিম | |
৫। | উত্তৰ-পূব | |
৬। | দক্ষিণ-পূব | |
৭। | দক্ষিণ-পশ্চিম | |
৮। | উত্তৰ-পশ্চিম |
উত্তৰঃ
ক্রমিক নং | দিশ (মানুহজনৰ পৰা) | কি কি আছে লিখা |
১। | উত্তৰ | গছ |
২। | দক্ষিণ | কুঁৱা |
৩। | পূব | পাহাৰ |
8। | পশ্চিম | ঘৰ |
৫। | উত্তৰ-পূব | সূৰ্য |
৬। | দক্ষিণ-পূব | দলং |
৭। | দক্ষিণ-পশ্চিম | নদী |
৮। | উত্তব-পশ্চিম | আৱাস |
৫। তোমাৰ বিদ্যালয় চৌহদৰ এখন নক্সা আঁকি তাত তলত দিয়াবোৰ দেখুওৱা-
(ক) বিদ্যালয়খনৰ চাৰিওটা দিশ।
(খ) বিদ্যালয়খনৰ প্রৱেশদ্বাৰ।
(গ) প্রধান শিক্ষক বা অধ্যক্ষৰ কাৰ্যালয়, শ্রেণীকোঠা, পুথিভঁৰাল, শিক্ষকৰ জিৰণি কোঠা আদি।
(ঘ) বাগিচা আৰু খেলপথাৰ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
৬। তোমাৰ জিলাখনৰ এখন মানচিত্র আঁকি তলত দিয়াবোৰ বহুওৱা। ভূচিত্ৰাৱলীৰ সহায় ল’বা।
(ক) জিলাখনৰ চাৰিসীমা।
(খ) জিলাখনত থকা প্রাকৃতিক অৱয়ব বা উপাদান, যেনে- নদী, বিল, পাহাৰ আদি।
(গ) জিলাৰ সদৰঠাই।
(ঘ) ৰাষ্ট্ৰীয় ঘাইপথ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
৭। তলৰ ছবিখনত এখন সামুদ্রিক জাহাজ আৰু এখন উৰাজাহাজৰ যাত্রাপথ দেখুওৱা হৈছে। সামুদ্রিক জাহাজখনে ব্রাজিললৈ আৰু উৰাজাহাজখনে ইউৰোপলৈ একেদিনাই একে সময়তে, অর্থাৎ ২০২৫ চনৰ ৬ জানুৱাৰীৰ আবেলি ৩ বজাত ভাৰতৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। ভাৰতৰ পৰা জলপথেৰে ব্রাজিল পাবলৈ ১২০ ঘণ্টা আৰু ভাৰতৰ পৰা আকাশীপথেৰে ইউৰোপ পাবলৈ ৩০ ঘণ্টা সময় লাগে। সময় মণ্ডলৰ হিচাপ অনুসৰি দুয়োখনে কোন দিনা, কিমান সময়ত গৈ নিজৰ গন্তব্য স্থানত উপস্থিত হ’ব?
উত্তৰঃ সামুদ্রিক জাহাজ (ভাৰত → ব্রাজিল):
যাত্ৰাৰ আৰম্ভণি: ৬ জানুৱাৰী ২০২৫, আবেলি ৩ বজাত (IST)
যাত্ৰাৰ সময়: ১২০ ঘণ্টা = ৫ দিন।
সময় মণ্ডলৰ অনুসৰি ব্রাজিল ভাৰততকৈ -8 ঘণ্টা পিছু (ভাৰত পূব, ব্রাজিল পশ্চিম)
সেয়ে, ৬ জানুৱাৰীৰ আবেলি ৩ বজাত ভাৰতৰ পৰা যাত্রা কৰিলে, ৫ দিন পিছত ভাৰতৰ পৰা যাত্ৰা আৰম্ভ কৰিলে।
সময় অনুসৰি:
১১ জানুৱাৰী, আবেলি ৩ বজাত। কিন্তু ব্রাজিলৰ স্থানীয় সময় অনুসৰি (৮ ঘণ্টা পিছুৱাই):
১১ জানুৱাৰী, পুৱা ৭ বজাত উপস্থিত হ’ব।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.