Class 5 Environment Chapter 14 স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা

Class 5 Environment Chapter 14 স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা, SEBA Chapter 14 স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA Class 5 Environment Chapter 14 স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা

Chapter – 14

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা –

(ক) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ ১৯২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজ সেনাপতিৰ মাজত ইয়াণ্ডাবু সন্ধি হয়।

(খ) ভাৰতত প্রথম স্বাধীনতা সংগ্রাম বুলিলে কোনটো বিদ্ৰোহক জনা যায় ?

উত্তৰঃ ১৮৫৭ চনত হোৱা চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম ‘স্বাধীনতা সংগ্রাম বুলি জনা যায়।

(গ) অসমত হোৱা চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা ব্যক্তিগৰাকী কোন আছিল ?

উত্তৰঃ অসমত চিপাহী বিদ্ৰোহৰ গুৰি ধৰিছিল মণিৰাম দেৱানে।

(ঘ) কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অসমৰ শাসন ভাৰ ব্ৰিটিছ চৰকাৰে লয় ?

উত্তৰঃ ১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অসমৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰে লয়। 

(ঙ) পথৰুঘাটত হোৱা কৃষক বিদ্ৰোহত ব্ৰিটিছৰ গুলীত কেইগৰাকী ব্যক্তি ছহিদ হৈছিল ?

উত্তৰঃ পথৰুঘাটত হোৱা কৃষক বিদ্রোহত ব্ৰিটিছৰ গুলীত ১৪০ জন কৃষক ছহিদ হৈছিল।

প্রশ্ন ২। খালী ঠাই পূৰ কৰাঃ

(ক) খাজানা বৃদ্ধিৰ প্ৰতিবাদত অসমৰ কৃষকসকলে____বিদ্ৰোহ কৰিছিল।

(খ) ___নেতৃত্বত সমগ্ৰ ভাৰতত অহিংস গণতান্ত্রিক আন্দোলন আৰম্ভ হৈছিল। 

(গ) ১৮২৬ চনত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল____ ___আৰু____। 

(ঘ) _____চনত পিয়লি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্ৰোহ কৰিছিল।

উত্তৰঃ (ক) খাজানা বৃদ্ধিৰ প্ৰতিবাদত অসমৰ কৃষকসকলে কৃষক বিদ্রোহ কৰিছিল।

(খ) মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতত অহিংস গণতান্ত্রিক আন্দোলন আৰম্ভ হৈছিল।

(গ) ১৮২৬ চনত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল গোমধৰ কোঁৱৰ আৰু পিয়লি ফুকন

(ঘ) ১৮৩০ চনত পিয়লি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্ৰোহ কৰিছিল।

প্রশ্ন ৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোবা।

‘ক’ অংশ‘খ’ অংশ
ইয়াণ্ডাবু সন্ধি১৯৩০-৩২ চনত
আইন অমান্য আন্দোলন১৯২০-২১ চনত
অসহযোগ আন্দোলন১৮২৬ চনত
চিপাহী বিদ্রোহ১৯৪২ চনত
ভাৰত ত্যাগ আন্দোলন১৮৫৭ চনত

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
ইয়াণ্ডাবু সন্ধি১৮২৬ চনত
আইন অমান্য আন্দোলন১৯৩০-৩২ চনত
অসহযোগ আন্দোলন১৯২০-২১ চনত
চিপাহী বিদ্রোহ১৮৫৭ চনত
ভাৰত ত্যাগ আন্দোলন১৯৪২ চনত

প্রশ্ন ৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা : 

(ক) স্বাধীন হোৱাৰ আগতে ভাৰতবৰ্ষ ফৰাছী/পর্তুগীজ/ইংৰাজৰ অধীনত আছিল।

(খ) ভাৰতবৰ্ষ ১৯৪৭/১৯৪৪/১৯৪৫ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীন হয়।

(গ) ১৮৬১/১৮৯৪/১৮৪২ চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল। 

(ঘ) আহোম ৰজাসকলে ২০০/৬০০/৪০০ বছৰ অসমত ৰাজত্ব কৰিছিল।

উত্তৰঃ (ক) স্বাধীন হোৱাৰ আগতে ভাৰতবৰ্ষ ইংৰাজৰ অধীনত আছিল। 

(খ) ভাৰতবৰ্ষ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীন হয়। 

(গ) ১৮৬১ চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল। 

(ঘ) আহোমসকলে ৬০০ বছৰ অসমত ৰাজত্ব কৰিছিল।

প্রশ্ন ৫। চমুটোকা লিখা :

(ক) ফুলগুৰিৰ ধেৱা। 

(খ) পথৰুঘাটৰ ৰণ। 

(গ) ৰঙিয়াৰ ৰাইজ মেল।

উত্তৰঃ (ক) ফুলগুৰিৰ ধেৱা :- ১৮৬১ চনত ইংৰাজসকলে আইন কৰি বন্ধ কৰিছিল। নগাঁও জিলাৰ ফুলগুৰিৰ কৃষকসকলে ইংৰাজসকলৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ এখন সভা পাতিছিল। কিন্তু ইংৰাজসকলে এই সভাত কৃষকৰ ওজৰ-আপত্তি । আফু খেতি শুনাৰ পৰিৱৰ্তে জোৰ-জুলুম কৰি সভা ভাঙিবলৈ চেষ্টা কৰিছিল। ইংৰাজৰ এই কাৰ্যত কৃষকসকল অসন্তুষ্ট হৈ ইংৰাজ চিপাহীৰ লগত খণ্ড যুদ্ধত লিপ্ত হৈছিল। এই খণ্ডযুদ্ধত ইংৰাজ চাহাব এজনৰ মৃত্যু হৈছিল। ইংৰাজ চাহাবজনৰ মৃত্যুৰ চাৰিদিন পিছত ফুলগুৰিৰ কৃষকসকলে আকৌ সভা পাতি মিলিত হৈছিল। ইংৰাজে এই খবৰ পাই সভাত গোট খোৱা ৰাইজক ঘেৰি ধৰি তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰিছিল। ইংৰাজৰ আক্ৰমণত বহুজনৰ মৃত্যু হৈছিল আৰু কিছুমান ঘুণীয়া হৈছিল। কিছুমানক ইংৰাজসকলে বন্দী কৰি ফাঁচি দিছিল আৰু কিছুমানক যাবজ্জীৱন কাৰাদণ্ড বিহিছিল। ইংৰাজৰ বিপক্ষে সংঘটিত এইটোৱেই আছিল প্রথম কৃষক বিদ্রোহ।

(খ) পথৰুঘাটৰ ৰণ :- ইংৰাজ চৰকাৰে ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে মাটিৰ শ্রেণী বিভাজন কৰি প্ৰতি দহ বছৰৰ মূৰত খাজনাৰ পৰিমাণ নিৰ্ধাৰণ কৰিছিল। এই লৈ কৃষকসকল অসন্তুষ্ট হৈছিল। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং অঞ্চলৰ বৃহৎসংখ্যক কৃষকে তেওঁলোকৰ ওজৰ আপত্তিদৰ্শাবলৈ দৰং জিলাৰ পথৰুঘাটৰ ডাক বঙলালৈ গৈছিল। কিন্তু বিদেশী ইংৰাজ শাসকবর্গই ৰাইজৰ কোনো কথা নুশুনি কেৱল নীৰিহ ৰাইজৰ ওপৰত গুলীবর্ষণহে কৰিছিল। ব্ৰিটিছৰ গুলীত ১৪০ জন কৃষক ছহিদ হৈছিল আৰু কিছুমান ঘুণীয়াও হৈছিল।

(গ) ৰঙিয়াৰ ৰাইজ মেল :- ইংৰাজে মাটিৰ খাজনাৰ হাৰ সময়ে সময়ে বঢ়াই গৈ আছিল। তাৰোপৰি কৰ পৰিশোধৰ বাবে মুদ্ৰাৰ ব্যৱস্থা কৰাত কৃষক ৰাইজ বৰ অসুবিধাত পৰিছিল। কিয়নো আহোম ৰাজত্বকালত উৎপাদিত সামগ্রী বা শ্রমদান কৰিয়েই ৰজাক কৰ পৰিশোধ কৰা নিয়ম আছিল। সেয়েহে দিশহাৰা হৈ বৰ্তমানৰ গ্ৰাম্য কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াত ৰাইজ মেল পাতি কৰ নিদিবলৈ সিদ্ধান্ত লৈছিল। কণ গোস্বামীৰ নেতৃত্বত কেইগৰাকীমান ব্যক্তিয়ে বর্ধিত কৰ ৰেহাইৰ বাবে আবেদনসহ তেতিয়াৰ জিলা উপায়ুক্ত মেকাব চাহাবক অনুৰোধ কৰিবলৈ যায়। উপায়ুক্তই আবেদনকাৰীসকলৰ অনুৰোধ উপেক্ষা কৰি তেওঁলোকক বন্দী কৰি থৈছিল। ১৮৯৪ চনত এই বন্দীসকলক এৰি দিবৰ বাবে অনুৰোধ কৰিবলৈ প্ৰায় তিনি হাজাৰৰো অধিক কৃষক ৰঙিয়াত সমৱেত হৈছিল। কিন্তু উপায়ুক্তই এই সমাৱেশ বে-আইনী ঘোষণা কৰি ৰাইজৰ ওপৰত গুলী বৰ্ষণ কৰিছিল। এই গুলীচালনাত বহু কৃষকে প্রাণ আহুতি দিব লগা হৈছিল। এয়াই ৰঙিয়াৰ ৰাইজ মেলৰ কৰুণ ইতিহাস।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ফুলগুৰি ধেৱাৰ স্মৃতিসৌধ অসমৰ কোনখন জিলাত আছে ? 

উত্তৰঃ নগাঁও জিলাত ফুলগুৰি ধেৱাৰ স্মৃতিসৌধ আছে।

প্রশ্ন ২। অসমৰ প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম কি ?

উত্তৰঃ অসমৰ প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম ‘ফুলগুৰিৰ ধেৱা’। 

প্রশ্ন ৩। কোনবিধ খেতি বন্ধ কৰাক লৈ ফুলগুৰিত কৃষক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল ?

উত্তৰঃ আফু খেতি বন্ধ কৰাক লৈ ফুলগুৰিত কৃষক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।

প্রশ্ন ৪। কিমান চনত পথৰুঘাটৰ কৃষক বিদ্রোহ সংঘটিত হৈছিল ? 

উত্তৰঃ ১৮৯৪ চনত পথৰুঘাটৰ কৃষক বিদ্রোহ সংঘটিত হৈছিল।

প্রশ্ন ৫। অসমৰ কোনখন জিলাত পথৰুঘাটৰ ছহিদ বেদী আছে ?

উত্তৰঃ দৰং জিলাত পথৰুঘাটৰ ছহিদ বেদী আছে।

প্রশ্ন ৬। কিহৰ বাবে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল ? 

উত্তৰঃ মাটিৰ খাজনা বৃদ্ধিক লৈ পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল।

প্রশ্ন ৭। কিমান চনত ৰঙিয়াৰ ঐতিহাসিক ৰাইজমেল অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ১৮৯৪ চনত ৰঙিয়াৰ ঐতিহাসিক ৰাইজমেল অনুষ্ঠিত হৈছিল।

প্রশ্ন ৮। ৰঙিয়াত ৰাইজ মেল অনুষ্ঠিত কৰাৰ সময়ত জিলাৰ উপায়ুক্ত কোন আছিল ? 

উত্তৰঃ মেকাব চাহাব।

প্রশ্ন ৯। ৰঙিয়াৰ কৃষকসকলৰ বৰ্ধিত কৰৰ পৰা ৰেহাই দিবলৈ জিলা উপায়ুক্তক আবেদন জনোৱাত আগভাগ লোৱা ব্যক্তিজন কোন ?

উত্তৰঃ কণ গোস্বামী।

প্রশ্ন ১০। ব্ৰিটিছৰ দিনত অসমৰ অবিভক্ত কামৰূপ জিলাৰ ক’ত ক’ত কৃষক বিদ্রোহ হৈছিল তালিকা কৰা।

উত্তৰঃ অবিভক্ত কামৰূপৰ বজালী, লছিমা, হাজো, নলবাৰী, পাতি দৰং, বৰভাগ আৰু নামবৰ অঞ্চলত কৃষক বিদ্ৰোহ হৈছিল।

প্রশ্ন ১১। ভাৰতৰ স্বাধীনতা আন্দোলন বুলিলে কি বুজা ?

উত্তৰঃ এসময়ত আমাৰ দেশত ব্ৰিটিছৰ শাসন চলিছিল। সেই সময়ত ব্ৰিটিছে। ভাৰতীয়সকলৰ ওপৰত বিভিন্ন নির্যাতন চলাইছিল। তাৰ প্ৰতিবাদ জনাবলৈ ভাৰতীয়সকলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰে। এনে আন্দোলন বা যুঁজকেই ভাৰতৰ স্বাধীনতা আন্দোলন বুলি কোৱা হয়।

প্রশ্ন ১৩। স্বাধীন হোৱাৰ আগতে আমাৰ দেশ কাৰ অধীনত আছিল ?

উত্তৰঃ স্বাধীন হোৱাৰ আগতে আমাৰ দেশ ব্ৰিটিছৰ অধীনত আছিল।

প্রশ্ন ১৪। ব্ৰহ্মদেশৰ সেনাই অসম আক্ৰমণ কৰাৰ সময়ত অসমত কাৰ ৰাজত্ব আছিল ?

উত্তৰঃ আহোম সকলৰ।

প্রশ্ন ১৫। ইয়াণ্ডাবু সন্ধিৰ সময়ত ভাৰতৰ গবৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰঃ লর্ড আর্মহাষ্ট।

প্রশ্ন ১৬। ইয়াণ্ডাবু সন্ধিৰ এটা ফল উল্লেখ কৰা।

উত্তৰঃ ইয়াণ্ডাবু সন্ধি মতে ব্ৰহ্মদেশৰ ৰজাই অসম ৰাজ্যখন ইংৰাজৰ হাতত এৰি দিয়ে।

প্রশ্ন ১৭। ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়াজন কোন আছিল ?

উত্তৰঃ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়াজন হ’ল গোমধৰ কোঁৱৰ

প্রশ্ন ১৮। পিয়লি ফুকনৰ লগত কাক ফাঁচি দিয়া হৈছিল ? 

উত্তৰঃ পিয়লি ফুকনৰ লগত জীউৰাম দুলীয়া বৰুৱাক ফাঁচি দিয়া হৈছিল। 

প্রশ্ন ১৯। মণিৰাম দেৱানৰ লগত কোনজন সহযোগীক ফাঁচি দিয়া হৈছিল ? 

উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। 

প্রশ্ন ২০। কিমান চনত ব্ৰিটিছ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ শাসনভাৰ লয় ?

উত্তৰঃ ১৮৫৮ চনত ব্ৰিটিছ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ভাৰতৰ শাসন ভাৰ লয়।

প্রশ্ন ২১। কোনটো বিদ্ৰোহৰ খৰচৰ ক্ষতিপূৰ্ণ হিচাপে ব্ৰিটিছ চৰকাৰে মাটিৰ খাজনা বৃদ্ধি কৰিছিল ? 

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ খৰচৰ ক্ষতিপূৰণ হিচাপে ব্ৰিটিছ চৰকাৰে মাটিৰ খাজনা বৃদ্ধি কৰিছিল।

প্রশ্ন ২২। কৃষক বিদ্রোহ কাক বোলে ? 

উত্তৰঃ চিপাহী বিদ্ৰোহৰ খৰচৰ ক্ষতিপূৰণৰ বাবে ব্ৰিটিছ চৰকাৰে মাটিৰ খাজনা বৃদ্ধি কৰি কৃষকক শোষণ কৰে। আনকি অসমৰ পাণ-তামোল, কাঠ, বাঁহ-বেত আদিৰ ওপৰতো কৰ বহুৱায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ কৃষকে ব্ৰিটিছৰ বিৰুদ্ধে এলানি বিদ্রোহ কৰে। কৃষকসকলে আগভাগ লোৱা এই বিদ্রোহসমূহক কৃষক বিদ্রোহ বোলে।

প্রশ্ন ২৩। অসমত অসহযোগ আন্দোলন সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ ১৯২০-২১ চনৰ সময়ছোৱাত ভাৰতৰ আন অংশৰ লগতে অসমতো অসহযোগ আন্দোলন আৰম্ভ হয়। সমগ্ৰ অসমবাসীয়ে এই আন্দোলনত ভাগ লৈছিল। অসমত এই আন্দোলনৰ নেতৃত্ব লৈছিল চন্দ্ৰনাথ শৰ্মা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, নলিনী বালা দেৱী, শ্যামচৰণ দেৱ, হাজী মতছীম আলী চৌধুৰী, গঙ্গাদয়াল দীক্ষিত আদি নেতাসকলে। এই আন্দোলনত মহাত্মাগান্ধীৰ আহ্বানত অসমৰ মানুহেও বিদেশী কাপোৰ বৰ্জন কৰিছিল। ঘৰে ঘৰে যঁতৰৰ সূতা কাটি কাপোৰ তৈয়াৰ কৰিছিল। সেই সময়ত নলিনীবালা দেৱীয়ে এৰাতিৰ ভিতৰতে বহুকেইটা গান্ধী টুপী বৈ উলিয়াইছিল। এই আন্দোলনত যোগদান কৰা প্ৰায় চাৰি হাজাৰ লোকক ইংৰাজ চৰকাৰে কাৰাগাৰত বন্দী কৰি থয়।

প্রশ্ন ২৪। আইন অমান্য আন্দোলনত নেতৃত্ব দিয়া কেইগৰাকীমান অসমীয়াৰ নাম লিখা।

উত্তৰঃ অসমত হোৱা আইন অমান্য আন্দোলনত নেতৃত্ব লোৱা অসমীয়াসকলৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, ৰমনী মোহন ৰয়, সিদ্ধিনাথ শৰ্মা, চন্দ্রপ্রভা শ‍ইকীয়ানী, পুষ্পলতা দাস, গোলাম ছবিৰ খান আদি উল্লেখযোগ্য।

প্রশ্ন ২৫। কোন চনৰ কোন তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয় ? 

উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত সমগ্ৰ ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়।

প্রশ্ন ২৬। অসমত ভাৰত ত্যাগ আন্দোলনৰ নেতৃত্ব দিয়া অসমীয়াসকলৰ নাম লিখা। 

উত্তৰঃ অসমত ভাৰত ত্যাগ আন্দোলনৰ নেতৃত্ব দিয়া অসমীয়াসকলৰ ভিতৰত গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, তৈয়বুল্লা, ফখৰুদ্দিন আলি আহমেদ, কমলা মিৰি, ভীমবৰ দেউৰী, অৰুণ কুমাৰ দে, সৰলা বালা দেৱ আদি উল্লেখযোগ্য।

প্রশ্ন ২৭। সৰু পথাৰৰ ঐতিহাসিক ৰেলৈ দুৰ্ঘটনাটো কেতিয়া সংঘটিত হৈছিল ? 

উত্তৰঃ ১৯৪২ চনৰ ৯ অক্টোবৰত সৰু পথাৰত ৰে’ল দুর্ঘটনা সংঘটিত হৈছিল।

প্রশ্ন ২৮। ১৯৪২ চনত গহপুৰত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত নিহত হোৱা দুজন কোন কোন ?

উত্তৰঃ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি।

প্রশ্ন ২৮। ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকীয়াজুলি থানাত পতাকা উৰুৱাবলৈ গৈ প্রাণ আহুতি দিয়াজন কোন ?

উত্তৰঃ মহীৰায় কোঁচ। 

প্রশ্ন ৩০। কোন তাৰিখে ভাৰতত গণৰাজ্য দিৱস পালন কৰা হয় ?

উত্তৰঃ ২৬ জানুৱাৰীত।

প্রশ্ন৩১। তলৰ বাক্যবোৰ শুদ্ধ কৰা :

(ক) কনকলতাই আইন অমান্য আন্দোলনত সক্রিয় অংশ গ্ৰহণ কৰিছিল ? 

(খ) ২৯২৬ চনত ইয়াণ্ডাবু সন্ধি হৈছিল।

(গ) অসমত অসহযোগ আন্দোলনৰ গুৰি ধৰিছিল মণিৰাম দেৱানে।’ 

(ঘ) পথৰুঘাটৰ ৰণ হ’ল অসমত প্ৰথম কৃষক বিদ্রোহ।

(ঙ) ভাৰত ত্যাগ আন্দোলনৰ সময়ত নলনিনীবালা দেৱীয়ে গান্ধী টুপী বৈ উলিয়াইছিল।

(চ) ভাৰত ত্যাগ আন্দোলন ভাৰতৰ প্রথম স্বাধীনতা সংগ্রাম। 

(ছ) ১৯২০-২১ চনলৈ আইন অমান্য আন্দোলন হৈছিল।

উত্তৰঃ (ক) কনকলতাই ভাৰত ত্যাগ আন্দোলনত সক্রিয় অংশগ্ৰহণ কৰিছিল।

(খ) ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি হৈছিল। 

(গ) অসমত চিপাহী বিদ্ৰোহৰ গুৰি ধৰিছিল মণিৰাম দেৱানে।

(ঘ) ফুলগুৰিৰ ধেৱা হ’ল অসমৰ প্ৰথম কৃষক বিদ্রোহ। 

(ঙ) অসহযোগ আন্দোলনৰ সময়ত নলিনী বালা দেৱীয়ে গান্ধী টুপী বৈ উলিয়াইছিল।

(চ) চিপাহী বিদ্ৰোহ ভাৰতৰ প্রথম স্বাধীনতা সংগ্রাম। 

(ছ) ১৯৩০-৩২ চনলৈ আইন অমান্য আন্দোলন চলিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top