Class 5 Assamese Chapter 13 ওজাপালি

Class 5 Assamese Chapter 13 ওজাপালি, Class 5 Assamese Chapter 13 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ওজাপালি Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 13 ওজাপালি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 13 ওজাপালি Solutions for All Subject, You can practice these here.

ওজাপালি

Chapter – 13

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

১। উত্তৰ দিয়া: 

(ক) ওজা – পালি কি?

উত্তৰ: ওজা – পালি হৈছে এবিধ লোক নাট্য অনুষ্ঠান।

(খ) ওজা – পালিৰ মুখ্য পালিকাজনক কি বোলা হয়?

উত্তৰ: ওজা – পালিৰ মুখ্যপালিকাজনক ডাইনা – পালি বোলা হয়। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) ওজাৰ লগত কোন কোন থাকে? 

উত্তৰ: ওজাৰ লগত পাঁচ – ছয়জনমান পালি থাকে।

(ঘ) ওজা – পালিৰ প্ৰকাৰবোৰ কি কি? 

উত্তৰ: ওজা – পালিৰ প্ৰকাৰবোৰ হ’ল সুকনান্নী বা সুকনাৰায়নী গোৱা ওজা – পালি , বিয়াহৰ গোৱা ওজা – পালি, ভাৱৰীয়া গোৱা ওজা – পালি, বৈষ্ণবী ওজা, তুকুৰীয়া ওজা , আপী আদি।

(ঙ) ওজা – পালি ক’ত ক’ত পৰিবেশন কৰা দেখা যায়?

উত্তৰ: ওজা – পালি অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায়।

২। চমু উত্তৰ দিয়া:

(ক) ওজা – পালিয়ে পৰিধান কৰা সাজ – পাৰ কেনেকুৱা ?

উত্তৰ: ওজা – পালিৰ সকলো সদস্যই চুৰিয়া – চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে সোঁ-হাতত একোযোৰ খুঁটি-তাল মেৰিয়াই লয়।

(খ) ওজা – পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক’ৰ ক’ৰ পৰা লোৱা হয়? 

উত্তৰ: ওজা – পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাখ্যানৰ পৰা লোৱা হয়।

(গ) ডাইনা – পালিজনৰ প্ৰধান কাম কি কি? 

উত্তৰ: ডাইনা – পালিজনে পালিসকলৰ হৈতে গীত গোৱাৰ উপৰি তেঁও ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। তাৰোপৰি তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ আগত দাঙি ধৰে।

(ঘ) অনুষ্ঠান পৰিবেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে?

উত্তৰ: অনুষ্ঠানত ওজাই মূল কাহিনীভাগ নিত্য-গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। পালিসকলে খুঁটি – তাল বজাই সেই দিহা – দোহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই বিভিন্ন অংগী – ভংগীৰে নাচে আৰু ডাইনা পালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেঁও ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ আগত দাঙি ধৰে। 

(ঙ) মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা – পালিৰ সহায় লৈছিল? 

উত্তৰ: মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মপ্ৰচাৰৰ বাবে ওজা – পালিৰ সহায় লৈছিল।

৩। শব্দৰ লগত অৰ্থ মিলাও আহা —

শব্দ অৰ্থ 
দোহাৰে লৰাই 
সৌষ্ঠব আকৰ্ষিত 
দোলাই বুজিব পৰা 
আকৃষ্ট সুন্দৰ 
বোধগম্যপুনৰ গায় 

উত্তৰ: 

শব্দ অৰ্থ 
দোহাৰে পুনৰ গায় 
সৌষ্ঠৱ সুন্দৰ 
দোলাই লৰাই 
আকৃষ্ট আকৰ্ষিত 
বোধগম্য বুজিব পৰা 

৪। খালী ঠাই পূৰ কৰা।

ওজা – পালি অনুষ্ঠানৰ মূখ্য পৰিচালকজন হ’ল ____। ওজাই আখ্যানৰ ___ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা ____ দোহাৰে। _____ ৰসাল কথাৰে লোক – সমাজক আকৃষ্ট কৰে।
উত্তৰ: ওজা – পালি অনুষ্ঠানৰ মূখ্য পৰিচালকজন হ’ল ডাইনাপালি। ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা খুঁটি – তাল দোহাৰে। ডাইনাপালিয়ে ৰসাল কথাৰে লোক – সমাজক আকৃষ্ট কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top