Class 4 Assamese Chapter 7 ৰাতিপুৱা, SEBA Chapter 7 ৰাতিপুৱা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.
ৰাতিপুৱা
Chapter – 7
অংকুৰণ
ASSAMESE
ক-পাঠভিত্তিক
☆ পদ্যটো আবৃত্তি কৰোঁ আহা –
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী কিতাপ চাই আবৃত্তি কৰা।)
☆ উত্তৰ দিয়া –
(ক) পদ্যটোত সোণফেৰিক কি কৰিবলৈ কোৱা হৈছে ?
উত্তৰঃ পদ্যটোত সোণফেৰিক সোনকালে ঢাৰি-পাটী অর্থাৎ বিছনা এৰিবলৈ কোৱা হৈছে।
(খ) ৰীণা, মীনা, বীণা সকলোৱে শুই উঠি কি কৰিছে ?
উত্তৰঃ ৰীনা, মীনা, বীনা সকলোৱে শুই উঠি নিজৰ পাঠ নিজে মন স্থিৰ কৰি পঢ়িবলৈ ধৰিছে।
(গ) পূৱাৰ বেলি ওলোৱা দিশটো কি ?
উত্তৰঃ পুৱাৰ বেলি ওলোৱা দিশটো হ’ল – পূৱ।
(ঘ) পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায় ?
উত্তৰঃ ডালে ডালে চৰাইয়ে গীত গায়।
(ঙ) ফুলে ফুলে উৰি মৌমাখিয়ে কি কৰে ?
উত্তৰঃ ফুলে ফুলে উৰি মৌ-মাখিয়ে মৌ-পান কৰে।
(চ) কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে ?
উত্তৰঃ কবিয়ে মন থিৰ কৰি নিজৰ পাঠ শিকিবলৈ কৈছে।
☆ পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয় ?
উদাহৰণ – ঢাৰি-পাটী এৰি সকলোৱে উঠি গিৰিসাই।
(ক) পূব আকাশত _____
(খ) গছে গছে চৰায়ে _____
(গ) মৌমাখিবোৰে ফুলে ফুলে _____
(ঘ) পুথি মেলি লই _____
(ঙ) গছে গছে ফুল _____
উত্তৰঃ (ক) পূব আকাশত ৰঙা বেলি উছে।
(খ) গছে গছে চৰায়ে গীত গায় নানা ছেও ধৰি।
(গ) মৌমাখিবোৰে ফুলে ফুলে ফুলে ফুলে মৌ পান কৰে।
(ঘ) পুথি মেলি লই শিকা নিজ পাঠ মন থিৰ কৰি।
(ঙ) গছে গছে ফুল কতনো ফুলিছে।
☆ ছবিখন চাই কোৱা আৰু লিখা।

উত্তৰঃ ৰাতিপুৱাৰ লগে লগে ৰঙা বেলিটিয়ে পূৱ আকাশত ভুমুকি মাৰিছে। গড়ালত থকা মতা কুকুৰাটোৱে ডাক দিছে। সি তাৰ লগৰীয়া সকলক বাহিৰলৈ অহাৰ আগজাননী দিছে। দোকমোকালিতে উঠি হালোৱাজনে পথাৰত হালজুৰি লৈ মাটি চহ কৰিছে। তিৰোতা গৰাকীয়ে ৰাতিপুৱাৰ জলপান লৈ পথাৰলৈ আহিছে। দামুৰীজনীক দোকমোকালিতে এৰাল দি এতিয়া গাইজনী খীৰাবলৈ ধৰিছে।
সূৰ্যৰ পোহৰত পুখুৰী, বিলত থকা পদুম ফুলবোৰে পাহি মেলিছে। আকাশত চৰাইবোৰে জাক পাতি উৰিছে। বেলিৰ পোহৰৰ ৰেঙনি দেখি নিগনিটোৱে গাঁতত প্ৰৱেশ কৰিবলৈ লৈছে।
☆ বাঁওফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা।
শব্দ | অর্থ |
গিৰিসাই | অলপ সময় |
ঘপৰাই | আনন্দত |
এতেপৰ | গীতৰ লগত মিলাই নাচৰ ভংগি ধৰি, অংগি ভংগি কৰি |
উলাহত | ততালিকে, বেগেতে, ঘপ্কৰে |
কিছুপৰ | বেগাই, শীঘ্ৰে, গিৰিস্ ৰে |
ছেও ধৰি | ইমান সময়ে, অত পৰে |
উত্তৰঃ
শব্দ | অর্থ |
গিৰিসাই | বেগাই, শীঘ্ৰে, গিৰিস্কৰে |
ঘপৰাই | ততালিকে, বেগেতে, ঘপ্ কৰে |
এতেপৰ | ইমান সময়ে, অত পৰে |
উলাহত | আনন্দত |
কিছুপৰ | অলপ সময় |
ছেও ধৰি | গীতৰ লগত মিলাই নাচৰ ভংগি ধৰি, অংগি ভংগি কৰি |
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
☆ পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা।
উদাহৰণ ― একবচন তুমি,…….. ………… ……….
বহুবচন চৰাইবিলাক,.…….. ………… ……….
উত্তৰঃ একবচন তুমি, নিজ, সোণফেৰি, বতাহ, বেলি
বহুবচন চৰাইবিলাক, আটাই, সকলোৱে, মৌমাখিবোৰ, কেও
☆ উদাহৰণটো পঢ়া আৰু বুজি লৈ একোটা খণ্ড বাক্য লিখা।
উদাহৰণ – প্রতিজোপা গছতে ……… গছে গছে।
(ক) প্ৰতিটো ডালতে …………….
(খ) প্ৰতিটো দিনতে …………….
(গ) প্ৰতিটো ঘৰতে …………….
(ঘ) প্ৰতিটো পাততে ……………
(ঙ) প্ৰতিটো মাহতে …………….
(চ) প্ৰতিটো বছৰতে …………….
উত্তৰঃ (ক) প্ৰতিটো ডালতে ডালে ডালে
(খ) প্ৰতিটো দিনতে দিনে দিনে
(গ) প্ৰতিটো ঘৰতে ঘৰে ঘৰে
(ঘ) প্ৰতিটো পাততে পাতে পাতে
(ঙ) প্ৰতিটো মাহতে মাহে মাহে
(চ) প্ৰতিটো বছৰতে বছৰে বছৰে
☆ উদাহৰণটো ভালদৰে চোৱা। এতিয়া ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা। ― উদাহৰণ — ঢাৰি-পাটী

(ক) কিতাপ
(খ) কাম
(গ) হিচাপ
(ঘ) বজাৰ
(ঙ) ঘৰ
উত্তৰঃ (ক) কিতাপ-পত্র
(খ) কাম-বন
(গ) হিচাপ-নিকাচ
(ঘ) বজাৰ-সমাৰ
(ঙ) ঘৰ-দুৱাৰ
☆ তলৰ শব্দবোৰ তেনেদৰে লিখোঁ আহা ―

উত্তৰঃ

☆ বাক্য ৰচনা কৰা।
পুথি ……………………………………
মন থিৰ ………………………………
ৰঙা বেলি ………………………………
উত্তৰঃ পুথি :- মই সদায় পুথি পঢ়োঁ।
মন থিৰ :- তুমি নলবাৰীলৈ যাবা নে নোযোৱা মন থিৰ কৰা।
ৰঙা বেলি :- পশ্চিম আকাশত ৰঙা বেলি মাৰ গ’ল ৷
☆ তোমালোকে ইতিমধ্যে আগৰ পাঠত বিশেষণ পদৰ বিষয়ে শিকি আহিছা ৷ এতিয়া এই পাঠটোত থকা বিশেষণ পদবোৰ বাছি উলিয়াই লিখা।
উত্তৰঃ এলাহ, ৰঙাবেলি, উলাহ, গোন্ধ, জুৰ, বলিয়া ইত্যাদি।
☆ নোহোৱা অৰ্থ প্ৰকাশ কৰা তলৰ বাক্যবোৰ হোৱা অৰ্থত সজাই লিখা।
উদাহৰণ ― পুৱা ৰঙা বেলি নোলায়।
পুৱা ৰঙা বেলি ওলায়।
(ক) চৰাইবোৰে বিধে বিধে গান নাগায়।।
(খ) ল’ৰা-ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নিশিকে।
(গ) ফুলে ফুলে মৌমাখিয়ে মৌ পান নকৰে।
উত্তৰঃ (ক) চৰাইবোৰে বিধে বিধে গান গায়।।
(খ) ল’ৰা-ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ শিকে।
(গ) ফুলে ফুলে মৌমাখিয়ে মৌ পান কৰে।
গ-জ্ঞান সম্প্ৰসাৰণ
☆ তোমালোকে বেলি ওলোৱা আৰু বেলি মাৰ যোৱা সময়খিনি ভালদৰে পর্যবেক্ষণ কৰি কি কি দেখিলা লিখা।
উত্তৰঃ ৰাতিপুৱা দোক মোকালিতে পূৱ আকাশত বেলিটি উদয় হয়। উদয় হোৱা বেলিৰ ৰঙ ৰঙা । চৰাই-চিৰিকটিয়ে বাহৰ পৰা ওলাই আহে। আকাশত উৰি উৰি আহাৰ বিছাৰি যায়। কুকুৰাই ডাক দিয়াৰ লগে লগে মানুহে ঢাৰি-পাটী অৰ্থাৎ বিচনা ত্যাগ কৰে। হালোৱাই হাল লৈ মাটি চহাব যায়। জীয়াৰী বোৱাৰী সকলে বাট ঘৰ সাৰি মচি পৰিষ্কাৰ কৰে। ল’ৰা-ছোৱালীবোৰে কিতাপ বহী লৈ পঢ়াত মগ্ন হয়। দিন হাজিৰা কৰা মানুহবোৰো ঘৰৰ পৰা ওলাই যায়।
আবেলি হোৱাৰ লগে লগে বেলিটিয়ে ৰঙা হৈ পশ্চিম আকাশত ডুল যায়। চৰাই-চিৰিকটিবোৰে নিজ নিজ বাহলৈ উভতি আহে। ঘৰত লেম-চাকি, লাইট আদি জ্বলাই পোহৰ কৰা হয়। বাহিৰত আন্ধাৰে আৱৰি ধৰে। নিশাচৰ প্ৰাণীবোৰে আহাৰৰ সন্ধানত বাহিৰ ওলায়। দিনটোৰ পৰিশ্ৰমৰ পৰা আহৰি পাই ঘৰলৈ কৰ্মী, বনুৱা সকল ঘৰলৈ উভতি আহে।
☆ আজৰি পৰত সমনীয়াৰ লগত খেলা-ধূলা কৰাৰ উপৰি পৰিয়ালৰ লোকক কি কি কামত সহায় কৰা সেই বিষয়ে লিখা।
উত্তৰঃ ৰাতিপুৱা দেউতা পথাৰলৈ গ’লে দেউতাৰ বাবে জা-জলপান পথাৰলৈ লৈ যাওঁ। গৰু, ছাগলী এৰাল দিওঁ। স্কুল বন্ধ থাকিলে পুখুৰীত মাছ মাৰো, খৰি কাটি দিওঁ। সময়ে সময়ে বজাৰ সমাৰ কৰো। ভণ্টিয়ে মাকৰন্ধা বঢ়া কামত সহায় কৰে। কেতিয়াবা শাল বয়। ৰাতিপুৱা চোতাল-পদুলি সাৰি মচি পৰিষ্কাৰ কৰে। কাপোৰ ধোৱে।
(ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ বিষয়ে লিখিবা।)
☆ সোনকালে ঢাৰি-পাটী এৰি কামত ব্যস্ত হোৱা সকলৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ (১) মাই প্রথমে ঢাৰি-পাটী এৰি কামত ব্যস্ত হয়। তেওঁ কৰা কামসমূহ হ’ল – চোতাল, ঘৰ ঝাৰু দিয়া। গা-পা ধুই নামঘৰত চাকি-বন্তি জ্বলাই পাকঘৰত সোমাই। আমাক চাহ-বিস্কুত দি ভাত ৰান্ধে।
(২) দেউতাই টোপনিৰ পৰা উঠি প্ৰাতঃ ভ্ৰমণ কৰে। তাৰ পৰা আহি গৰু গাই বাহিৰত থৈ গোহালি চাফা কৰে। গাই খীৰাই। সময়ে সময়ে খৰি-খেৰ উলিয়াই। তাৰ পিছত স্কুললৈ যায়।
(৩) আইতাই টোপনিৰ পৰা উঠি গা-পা ধুই নামঘৰত সোমাই ভগবানৰ গুণানুকীৰ্ত্তন কৰে। নামঘৰৰ পৰা আহি আমাক টোপনিৰ পৰা জগায়।
(৪) মই আৰু ভণ্টি যে টোপনিৰ পৰা উঠি হাত মুখ ধুই পঢ়া মেজত বহো। মায়ে তাতে আমাক চাহ জলপান দিয়ে। কিছু সময় পিছত পঢ়া শেষ কৰি গা পা ধুই স্কুললৈ যাওঁ।
ঘ-প্রকল্প
☆ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে সময় অনুসৰি তুমি কি কি কাম কৰা সেই বিষয়ে লিখা।
উত্তৰঃ ৬.০০ – বজাত ৰাতিপুৱা শুই উঠি হাত মুখ ধুই চাহ জলপান খাওঁ। তাৰ পিছত কিছু সময় পঢ়া শুনা কৰোঁ।
৮.০০ – বজাত শৌচ প্রেচাৱ কৰি গা-পা ধুই নামঘৰত সেৱা জনাও। তাৰ পিছত ৮-৩০ বজাত বিদ্যালয়লৈ যাওঁ।
৯.০০ – বজাত বিদ্যালয়ত পাঠ গ্ৰহণ কৰো ২.৩০ বজালৈ।
৩.০০ – বজাত ঘৰলৈ আহি হাত ভৰি ধুই ভাত পানী খাওঁ। ভাত খাই উঠি কিছুসময় বিশ্রাম লওঁ।
৫.০০ – বজাত (আবেলি) দেউতাৰ লগত অলপ বাহিৰলৈ ওলাই যাওঁ।
৬.০০ – বজাত (সন্ধিয়া) ঘৰলৈ উভতি আহি হাত-ভৰি ধুই সৰস্বতী প্ৰাৰ্থনা কৰোঁ। তাৰ পাছত চাহ খাই পঢ়া মেজত পঢ়ো ৯.৩০ বজালৈ।
১০.০০ – বজাত (ৰাতি) ভাত খাই উঠি কিছু সময় টি. ভি চাওঁ। টি.ভি চাই ১১.০০ বজাত শুই পৰো।
☆ পঢ়ায় পঢ়ে ৰোৱে পাণ,
এই তিনিয়ে নিচিন্তে আন ৷
এনে ধৰণৰ ফকৰা যোজনা, প্রবচন আদি সংগ্রহ কৰি সহপাঠীৰ লগত আলোচনা কৰা। আৱশ্যকবোধে জ্যেষ্ঠজনৰ সহায় লোৱা।
উত্তৰঃ (ক) সাতত পাতল পাছত ঘন।
তেহে তামোল নদন বদন।।
(খ) কাৰ ঘৰৰ পাট নাদ, কাৰ ঘৰৰ জৰী।
কোনে পানী তোলে ঘটং ঘটং কৰি।।
(গ) পাঁচ হাত জালৰ সাত হাত ফটা
ভাল মাৰিলে বাপৰ বেটা।
ৰৌ বৰালি সৰকি গ’ল
মোৱা, দৰিকণা পাহে পাহে ব’ল।
☆ তলৰ তালিকাখন শিক্ষকৰ সহায়ত পূৰ কৰা।

উত্তৰঃ


Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.