Class 4 Assamese Chapter 8 বীৰাংগনা মূলাগাভৰু

Class 4 Assamese Chapter 8 বীৰাংগনা মূলাগাভৰু, SEBA Chapter 8 বীৰাংগনা মূলাগাভৰু Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

বীৰাংগনা মূলাগাভৰু

Join Telegram channel

Chapter – 8

ক- পাঠভিত্তিক ক্রিয়া

১। উত্তৰ দিয়া।

(ক) মূলাগাভৰু কোন আছিল?

উত্তৰঃ মূলা গাভৰু ফ্ৰাচেংমুং বৰ গোহাঁইৰ পত্নী আছিল।

(খ) তেওঁৰ স্বামীৰ নাম কি?

উত্তৰঃ তেওঁৰ স্বামীৰ নাম ফ্রাচেংমুং।

(গ) মূলাগাভৰুৱে হেংদাং লৈ কিয় যুদ্ধক্ষেত্রলৈ ওলাল?

উত্তৰঃ স্বামীৰ মৃত্যুৰ হোৱাৰ বাবে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ স্বৰ্গদেউৰ আদেশ লৈ মূলাগাভৰুৱে হাতত হেংদাং লৈ হাতীত উঠি যুদ্ধক্ষেত্রলৈ ওলাল।

(ঘ) কাৰ অস্ত্রাঘাতত মূলাগাভৰুৰ মৃত্যু হৈছিল?

উত্তৰঃ তুৰ্বৰ্কৰ অস্ত্রাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল।

(ঙ) তুর্বক কোন আছিল?

উত্তৰঃ তুৰ্বক আছিল মুছলমান সকলৰ প্ৰধান সেনাপতি।

(চ) তেওঁ অসমলৈ কিয় আহিছিল?

উত্তৰঃ তেওঁ অসম আক্ৰমণ কৰি নিজৰ তলতীয়া দেশ হিচাপে ৰাখিবলৈ অসমলৈ আহিছিল।

(ছ) যুদ্ধক্ষেত্রত কি দেখি তুর্বকবাহিনী বিস্মিত হৈছিল?

উত্তৰঃ যুদ্ধ ক্ষেত্ৰত মূলা গাভৰুৱে অসীম বীৰত্বৰে যুঁজি তুৰ্বকৰ বহুতো সৈন্য নিপাত কৰিছিল। তেওঁৰ সাহস আৰু বীৰত্ব দেখি তুর্বক বাহিনী বিস্মিত হৈছিল।

(জ) কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল?

উত্তৰঃ কলিয়াবৰৰ ৰণত তুৰ্বক কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত পৰাস্ত হৈছিল।

(ঝ) কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ কলিয়াবৰৰ ৰণ আহোম আৰু পশ্চিমৰ মুছলমান সকলৰ (তুৱকৰ) মাজত হৈছিল।

(ঞ) কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায়?

উত্তৰঃ ৰণক ‘কলিয়াবৰৰ ৰণ’ বা ‘কপিলী-গঙ্গা ৰণ’ নামেৰেও জনা যায়।

(ট) কৱচ-কাপোৰ কি?

উত্তৰঃ এটা ৰাতিৰ ভিতৰতে কপাহ নেওঠি, পাজিকাটি, সূতা কাটি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিওৱা কাপোৰেই হ’ল কৱচ কাপোৰ। এনে ধৰণে প্ৰস্তুত কৰা কাপোৰ পিন্ধি যুঁজলৈ গ’লে সেই যুদ্ধত জয়লাভ কৰে বুলি আহোম সকলে বিশ্বাস কৰিছিল।

(ঠ) ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়?

উত্তৰঃ এই কাপোৰ ৰাতিৰ ভিতৰতে কপাহ নেওঠি, পাঁজি কাটি, সূতা তৈয়াৰ কৰি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিয়াই ।

(ড) মূলাগাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল?

উত্তৰঃ ৰাতিৰ ভিতৰতে মূলা গাভৰুৱে তেওঁৰ স্বামীক যুদ্ধৰ বাবে কৱচ কাপোৰ তৈয়াৰ কৰি দিব নোৱাৰাৰ বাবে মৃত্যু বৰণ কৰা ভাৱিছিল।

(ঢ) কোনজন আহোম ৰজাৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ তুৰ্বকে অসম আক্ৰমণ কৰাৰ সময়ত আহোমৰ ৰজা আছিল স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গ নাৰায়ণ।

(ণ) সেইজন স্বর্গদেউক আন কি নামেৰে জনা যায়?

উত্তৰঃ সেইজন স্বৰ্গদেউক স্বৰ্গনাৰায়ণ নামেৰে জনা যায়।

(ত) তুৰ্বকৰ হাতত আঠজন প্রধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল?

উত্তৰঃ তুৰ্বকৰ হাতত আঠজন প্রধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে ফ্রাচেংমুং বৰগোহাঁইক ৰণলৈ পঠাইছিল।

(থ) পাঠটোত মূলাগাভৰুৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে?

উত্তৰঃ পাঠটোত থকা বীৰাংগনাৰ নাম কেইটা হ’ল – ঝান্সী ৰাণী লক্ষ্মীবাই, চুলতানা ৰেজিয়া।

২। কোনে, কেতিয়া আৰু কিয় কৈছিল কোৱা।

(ক) “মই আৰু পলম কৰিব নোৱাৰোঁ। ৰণলৈ সকলো আহিলা-পাতি সাজু হৈছে। কৱচ-কাপোৰ নোহোৱাকৈয়ে মই তুর্বকক ঘটুৱাব পাৰিম।”

উত্তৰঃ এই কথাষাৰ ফ্ৰাচেংমুং বৰগোহাইয়ে ঘৈণীয়েক মূলা গাভৰক কৈছিল। যেতিয়া মন্ত্ৰী ফ্রাচেংমুং বৰগোহাঁইক প্রধান সেনাপতি পাতি তুর্বকক প্রতিহত কৰিবলৈ আদেশ দিলে। স্বৰ্গদেউৰ আদেশ মানি যুঁজলৈ যাবলৈ সাজু হৈ ফ্রাচেংমুং বৰগোহাঁয়ে পত্নী মূলাগাভৰুক কৱচ- কাপোৰ বিচাৰিলে। হঠাৎ বৰগোহাঁইদেউ যুঁজলৈ ওলোৱাত মূলাগাভৰু বিমোৰত পৰিল। বিশেষ লেঠাত মূলাগাভৰুৱে ৰাতিটোৰ ভিতৰতে কৱচ-কাপোৰ বৈ দিব নোৱাৰাৰ বাবে তেওঁ বৰগোহাঁইক ৰণলৈ যাবলৈ দিব বিচৰা নাছিল তেতিয়া কৈছিল। কাৰণ যুদ্ধৰ সকলো আহিলা পাতি সাজু কৰা হৈছিল।কবচ কাপোৰ নোহোৱাকৈয়ে তেওঁ তুর্বকক ঘটুৱাব পাৰিব বুলি বিশ্বাস কৰিছিল। সেইবাবে কৈছিল।

(খ) ‘ৰাতিটোৰ ভিতৰতে কৱচ-কাপোৰ বৈ-কাটি দিব  নোৱৰাৰ বাবেহে মোৰ বঙহৰদেউৰ এনে দশা হ’ল।’ 

উত্তৰঃ এই কথাষাৰ মূলা গাভৰুৱে কৈছিল। যেতিয়া তুৰ্বকৰ আৰু ফ্ৰাচেংমুংৰ যুদ্ধ হৈছিল। তেতিয়া ফ্রাচেংমুং স্বৰ্গদেউৰ আদেশ মানি যুঁজলৈ যাবলৈ সাজু হৈছিল। মূলাগাভৰুৱে ৰাতিটোৰ ভিতৰতে কৱচ-কাপোৰ বৈ দিব নোৱাৰাৰ বাবে তেওঁ বৰগোহাঁইক ৰণলৈ যাবলৈ দিব বিচৰা নাছিল তেতিয়া ঘৈণীয়েকৰ বাধা নামানি ফ্রাচেংমুং গ’ল। কিন্তু ৰণত ঘাটি তুৰ্বকে তেওঁৰ প্ৰাণ নাশ কৰিলে। তেতিয়া মূলা গাভৰুৱে তেওঁ কৱচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবে দুখ কৰিছে।

যুক্তাক্ষৰ ভাঙি পড়োঁ আৰু লিখোঁ আহা।

ম্ল       ম   +    ল          মই      লই        ম্ল          ম্লান        অম্লান
ন্স       ন  +   স            নই       সই       ন্স         ফ্ৰান্স       ঝান্সী

যুক্তাক্ষৰ গঠন কৰোঁ আহাঁ:

ন +  স          নই       সই      ন্স
ম  +  ল         মই       লই      ম্ল

জানো আহা-

অসম এখন বুৰঞ্জীপ্রসিদ্ধ ৰাজ্য। ইয়াৰ লোকসকল বৰ উদাৰ আৰু কষ্টসহিষ্ণু। এওঁলোকৰ বীৰত্ব আৰু সাহসো অতুলনীয়।
অসম এখন ৰাজ্যৰ নাম। গতিকে ই বিশেষ্য পদ। ওপৰৰ দ্বিতীয় বাক্যত থকা ইয়াৰ পদটোৱে অসমক বুজাইছে। অর্থাৎ অসমৰ সলনি ব্যৱহাৰ হৈছে।
অসমৰ লোকসকল বিশেষ্য পদ। ওপৰৰ তৃতীয় বাক্যটোত অসমৰ লোকসকলৰ ঠাইত এওঁলোকৰ পদটো বহিছে।
এনেদৰে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদকে সর্বনাম পদ বোলে। ওপৰৰ ‘ইয়াৰ’ আৰু ‘এওঁলোকৰ’ পদ দুটা সর্বনাম পদ।
একেটা শব্দ বাৰে বাৰে ব্যৱহাৰ কৰিলে শুনিবলৈ শুবলা নহয়। সেইকাৰণে বিশেষ্যৰ সলনি সর্বনাম পদ ব‍্যৱহাৰ কৰা হয়।

৩। তলৰ বাক্যকেইটা পঢ়া আৰু সৰ্বনাম পদবোৰ বাছি উলিয়াই লিখা। 

লগতে কোনটো বিশেষ্য পদৰ সলনি ব্যৱহাৰ হৈছে কাষত উল্লেখ কৰা।

পৰিধিৰ ঘৰ নামশালা গাঁৱত। তাই সেই গাঁৱৰে পাঠশালাত পড়ে। তাইৰ ককাক গাঁওখনৰ গাঁওবুঢ়া। গাঁওবাসীয়ে তেখেতক সমীহ কবি চলে। গাঁওবুঢ়ায়ো তেওঁলোকৰ সুখ-দুখৰ খবৰ ৰাখে।

সৰ্বনাম পদকোনটো বিশেষ্য পদৰ সলনি বহিছে
তাইপৰিধি
সেই

উত্তৰঃ 

সৰ্বনাম পদকোনটো বিশেষ্য পদৰ সলনি বহিছে
তাইপৰিধি
সেইনামশালা
ককাকপৰিধিৰ ককাকৰ নাম
গাঁওখনৰনামশালাৰ
গাঁওবাসীয়েনামশালাত বাস কৰা লোকসকলৰ
তেখেতকগাওঁবুঢ়া জনক
তেওঁলোকৰনামশালাত বাস কৰা মানুহবোৰ
ইয়াৰনামশালাত

৪। তোমালোকে পাঠটোত ‘নাৰী’ আৰু ‘স্বামী’ এই শব্দ দুটা পাইছা। প্রয়োগত পার্থক্য থাকিলেও এই শব্দ দুটাৰ একে অর্থ প্ৰকাশ কৰা আৰু বহুত শব্দ আছে। যেনে-

নাৰী- স্ত্রী, তিৰোতা, মহিলা, ৰমণী, অংগনা

স্বামী- পতি, গৰাকী, নাথ, গিৰিহঁত, গিৰী, বঙহবদেউ

এতিয়া তলৰ শব্দকেইটিৰ সমার্থক (একে অর্থ প্রকাশক) শব্দ লিখোঁ আহা-

১। বঙহৰদেউ _________________________।

২। পত্নী _____________________________।

৩। ৰণ ______________________________।

৪। শোক _____________________________।

৫। নদী ______________________________।

উত্তৰঃ ১। বঙহৰদেউ – স্বামী,পতি,গিৰী,গৰাকী।

২। পত্নী -স্ত্ৰী তিৰোতা,ৰমণী

৩। ৰণ – যুঁজ,যুদ্ধ,সমৰ।

৪। শোক – বেজাৰ, বেদনা, দুখ।

৫। নদী – নৈ, তৰঙ্গিনী,প্ৰবাহিনী,সৰিৎ।

৫। বাক্য ৰচনা কৰা।

থৈয়া-নথৈয়া          প্রাণটাকি            দৃঢ়প্রতিজ্ঞ         মহীয়ান তুমুল                    চিৰস্মৰণীয়          ভেটা-ভেটি

উত্তৰঃ ১। থৈয়া-নথৈয়া – আজি থৈয়া-নথৈয়া ধুমুহা দিছিল।

২। প্রাণটাকি – দেউতাকৰ মাৰৰ ভয়ত ৰাহুলে প্রাণটাকি দৈৰিছে।

৩। দৃঢ়প্রতিজ্ঞ – আমি পূজা দৃঢ়প্রতিজ্ঞৰে কৰিব লাগে।

৪। মহীয়ান – মানুহৰ কৰ্ম হৈছে মানুহৰ এটা মহীয়ান।

৫। তুমুল – ভাই  ভনীৰ মাজত টিভি লৈ তুমুল কাজিয়া হৈছে।

৬। চিৰস্মৰণীয় – আমাৰ আইতাকৰ মৰমবোৰ আমি চিৰস্মৰণীয় কৰি ৰাখিছো।

৭। ভেটা-ভেটি – মূলগাভৰো আৰু তুৰ্বকৰ মাজত ভেটা-ভেটি হোৱাৰ বাবে যুদ্ধ হৈছিল।

৬। কলিয়াবৰ ৰণত কনচেং বৰপাত্ৰগোহাঁয়ে তুৰ্বকক পৰাস্ত কৰি কৰতোয়া নদীলৈকে খেদি পঠিয়াইছিল। কিয়নো সেই সময়ত কৰতোয়ালৈ অসমৰ পৰিসীমা আছিল।

উত্তৰঃ নাগালেণ্ডৰ মাজেৰে বৈ গৈছে।

৭। বর্তমান কৰতোয়া নদী কোন ৰাজ্যৰ মাজেৰে বৈ গৈছে ভূচিত্রাবলী চাই উলিওৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৮। মোগলৰ হাতৰ পৰা অসমক ৰক্ষা কৰিবলৈ মূলা গাভৰুৱে প্রাণটাকি খুঁজি মৃত্যুক আঁকোৱালি লৈছিল। সেইদৰে ইংৰাজৰ হাতৰ পৰা আমাৰ দেশ উদ্ধাৰ কৰিবলৈ আমাৰ ৰাজ্যৰ কোন কোন বীৰাংগনাই স্বাধীনতা সংগ্রামত প্রাণ আহুতি দি ছহিদ হৈছিল কোৱা।

উত্তৰঃ ১। কনকলতা বৰুৱা।

২। ঠগী সুত।

৩। নুমলী নাথ। 

৪। ভোগেশ্বৰী ফুকননী।

৯। দলত আলোচনা কৰি উত্তৰ দিয়া।

(ক) কপিলী-গঙ্গা ৰণ’ লগা কলিয়াবৰ বৰ্তমান কোন জিলাত অৱস্থিত?

উত্তৰঃ কপিলী-গঙ্গা ৰণ’ লগা কলিয়াবৰ বৰ্তমান নগাওঁ জিলাত অৱস্থিত।

(খ) সেইখন জিলাৰ মেপত কপিলী নদী আৰু আকাশীগঙ্গা চিনাক্ত কৰা।

উত্তৰঃ ছাত্ৰ ছাত্ৰী নিজে কৰা।

(গ) কপিলী আৰু আকাশীগঙ্গা কি কি কাৰণত বিখ্যাত?

উত্তৰঃ কপিলীনগাওঁ জিলাত অৱস্থিত এটা উপনদী। এই নদীত বান্ধ দি জলবিদ্যুৎ প্রকল্প স্থাপন কৰা হৈছে। ইয়াত উৎপাদিত বিদ্যুতেই অলপ হ’লেও আর্থিক ক্ষেত্ৰত অৰিহণা যোগাইছে।

আকাশীগঙ্গা বৰদোৱা সত্ৰৰ কাষতে খন্দা এটা ডাঙৰ পুখুৰী। আকাশীগঙ্গাৰ পানী স্পৰ্শ কৰিলে পূণ্য সঞ্চয় হয় বুলি লোকে বিশ্বাস কৰে।

জানো আহা-

চুলতানা ৰেজিয়া- দিল্লীৰ ৰাজ সিংহাসনত বহা একমাত্ৰ নাৰীগৰাকী আছিল চুলতানা ৰেজিয়া। মোগল সাম্রাজ্যৰ পূর্বে দিল্লীৰ শাসন আছিল দাস বংশৰ হাতত। এই দাস বংশৰে জীয়াৰী চুলতানা ৰেজিয়া। অতি কম সময়তে শত্ৰুৰ ষড়যন্ত্রত ৰেজিয়াই স্বামীসহ যুদ্ধক্ষেত্রত প্রাণ দিব লগা হয়।

১০। তুৰ্বকৰ বাহিৰেও মীৰজুমলা, ৰামসিংহ আদিয়েও অসম আক্রমণ কৰিছিল। মহাপৰাক্ৰমী মোগল সেনাপতি ৰামসিংহক বীৰ লাচিতে শৰাইঘাটৰ ৰণত পৰাস্ত কৰিছিল। সেইজনা অসমীয়া বীৰৰ বিষয়ে লিখা।

উত্তৰঃ আহোমসকল স্বাভিমানী আছিল। পৰাক্ৰমী আছিল তেওঁলোক। গ্ৰহণ আৰু বৰ্জনৰ মাজেৰে এটা বৃহৎ অসমীয়া জাতিৰ বীজ ৰোপন কৰিছিল চ্যুকাফাই। এই আহোমৰ ৰাজত্ব কালত বীৰত্বৰ নিদৰ্শন দাঙি ধৰা এজন বীৰ পুৰুষ আছিল লাচিত বৰফুকন।

লাচিত বৰফুকন আছিল অটল, অদম্য আৰু সাহসৰ প্ৰতীক। আমি আজি কৈ ভাল পাঁও লাচিতৰ দেশৰ বুলি। আমাৰ গাত লাচিতৰ ৰক্ত প্ৰবাহিত। লাচিত বৰফুকনৰ বাবেই শক্তিশালী মোগলক আহোমে পৰাস্ত কৰি এই অঞ্চলটোৰ স্বাধীনতা ৰক্ষা হৈছিল।

১১। এসময়ত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও আছিল। এতিয়াও তাত আহোম ৰাজত্বকালৰ অনেক কীৰ্তিচিহ্ন আছে। সেইবোৰৰ বিষয়ে পুথি-পাঁজি চাই বা বিজ্ঞজনক সোধা-পোছা কৰি তথ্য সংগ্ৰহ কৰি টোকা বহীত লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১২। তোমালোকৰ অঞ্চলত কিবা বুৰঞ্জীপ্রসিদ্ধ ঘটনা নাইবা ৰজাদিনীয়া দ’ল- দেৱালয়, পুখুৰী, শিলালিপি আদি আছে নেকি? যদি আছে, সেইবোৰৰ বিষয়ে তথ্য সংগ্রহ কৰি চমু টোকা লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা নিজৰ ঠাই চাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top