Class 3 Environment Chapter 11 বাঁহ-বেতৰ সামগ্ৰী আৰু ইয়াৰ ব্যৱহাৰ

Class 3 Environment Chapter 11 বাঁহ-বেতৰ সামগ্ৰী আৰু ইয়াৰ ব্যৱহাৰ, SEBA Chapter 11 বাঁহ-বেতৰ সামগ্ৰী আৰু ইয়াৰ ব্যৱহাৰ Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

বাঁহ-বেতৰ সামগ্ৰী আৰু ইয়াৰ ব্যৱহাৰ

Chapter – 11

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) বাঁহেৰে সজা দুটা বাদ্যযন্ত্ৰৰ নাম লিখা।

উত্তৰ : বাঁহেৰে সজা দুটা বাদ্যযন্ত্র হল—গগনা আৰু বাঁহী। 

(খ) ঘৰত সজাবলৈ ব্যৱহাৰ কৰা চাৰিবিধ বাঁহ-বেতৰ বস্তুৰ নাম লিখা।

উত্তৰ : ঘৰত সজাবলৈ ব্যৱহাৰ কৰা চাৰিবিধ বাঁহ-বেতৰ বস্তু হ’ল— শৰাই, জাপি, ফুলদানি আৰু আ-অলংকাৰ। 

(গ) কাপোৰ ব’বলৈ ব্যৱহাৰ কৰা দুবিধ সূতাৰ নাম লিখা। 

উত্তৰ : কাপোৰ ব’বলৈ ব্যৱহাৰ কৰা দুবিধ সূতা হ’ল— কপাহী সূতা আৰু এৰী সূতা।

(ঘ) কপাহী সূতাৰে তৈয়াৰ কৰা দুই ধৰণৰ সাজ-পোছাকৰ নাম লিখা। 

উত্তৰ : কপাহী সূতাৰে কপাহী কাপোৰ, মেখেলা চাদৰ আদি তৈয়াৰ হয়।

প্রশ্ন ২। তলত দিয়া ঠাইবোৰ কি উৎপাদনৰ বাবে বিখ্যাত লিখা।

উত্তৰ : শুৱালকুছি—পাট-মুগা কাপোৰ উৎপাদনৰ বাবে বিখ্যাত। কাছাৰ—পাটী আৰু বেতৰ বস্তু উৎপাদনৰ বাবে বিখ্যাত। নলবাৰী—বাঁহ-বেতৰ বিভিন্ন বস্তু আৰু জাপিৰ বাবে বিখ্যাত। ঢকুৱাখানা—পাট-মুগা কাপোৰৰ বাবে বিখ্যাত।

প্রশ্ন ৩। তলত দিয়া বস্তুবোৰৰ একো একোটা ব্যবহাৰ লিখা : 

উত্তৰ : বিচনী—গৰমৰ দিনত বিচিবলৈ ব্যৱহাৰ কৰা হয়। মূঢ়া—মানুহ বহিবলৈ ব্যৱহাৰ কৰা হয়।

চালনী –ধান, চাউল আদি চালিবলৈ ব্যৱহাৰ কৰা হয়। জাপি—ৰ’দ-বৰষুণৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰা হয়। 

প্রশ্ন ৪। খালী ঠাই পূৰ কৰা :

(ক) অসমত –––––প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

উত্তৰ : অসমত বাঁহ-বেত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

(খ) –––––জিলা পাটী আৰু বেতৰ বস্তু উৎপাদনৰ বাবে বিখ্যাত।

উত্তৰ : কাছাৰ জিলা পাটী আৰু বেতৰ বস্তু উৎপাদনৰ বাবে বিখ্যাত।

(গ) ঢকুৱাখানা –––––কাপোৰৰ বাবে বিখ্যাত।

উত্তৰ : ঢকুৱাখানা পাট-মুগা কাপোৰৰ বাবে বিখ্যাত। 

(ঘ) আমাৰ গাওঁ অঞ্চলত প্ৰায়ভাগ মানুহৰ ঘৰতে –––––আছে। 

উত্তৰ : আমাৰ গাওঁ অঞ্চলত প্ৰায়ভাগ মানুহৰ ঘৰতে তাঁতশাল আছে।

(ঙ) অসমৰ পাট, মুগা আৰু এবী কাপোৰবোৰে দেশে-বিদেশে –––––পাইছে।

উত্তৰ : অসমৰ পাট, মুগা আৰু এৰী কাপোৰবোৰে দেশে-বিদেশে আদৰ পাইছে।

(চ) কাপোৰ উৎপাদন কৰা কেন্দ্ৰটোক –––––কেন্দ্র বোলে। 

উত্তৰ : কাপোৰ উৎপাদন কৰা কেন্দ্ৰটোক বয়ন কেন্দ্র বোলে।

(ছ) বাঁহ-বেতেৰে সজা বস্তুবোৰ –––––কবি আর্থিকভাবেও লাভবান হ’ব পাৰি।

উত্তৰ : বাঁহ-বেতেৰে সজা বস্তুবোৰ বিক্ৰী কৰি আর্থিকভাবেও লাভৱান হ’ব পাৰি।

প্রশ্ন ৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা :

‘ক’‘খ’
গগনাএবিধ মাছ ধৰা সঁজুলি
জাকৈএবিধ বাদ্যযন্ত্র
তাঁতশালএবিধ ঘৰ সজোৱা বস্তু
ফুলদানিএবিধ কাপোৰ বোৱা সঁজুলি

উত্তৰ :

‘ক’‘খ’
গগনাএবিধ বাদ্যযন্ত্র
জাকৈএবিধ মাছ ধৰা সঁজুলি
তাঁতশালএবিধ কাপোৰ বোৱা সঁজুলি
ফুলদানিএবিধ ঘৰ সজোৱা বস্তু

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বস্তুবোৰ আমি সাধাৰণতে ক’ব পৰা পাওঁ।

উত্তৰ : আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বস্তুবোৰ আমি পৰিৱেশৰ পৰা পাওঁ।

প্রশ্ন ২। কাঠ, বাঁহ, বেত, খেৰ আদি আমি ক’ৰ পৰা পাওঁ?

উত্তৰ : কাঠ, বাঁহ, বেত, খেৰ আদি আমি গছ-গছনিৰ পৰা পাওঁ।

প্রশ্ন ৩। বাঁহেৰে সজা বস্তু চাৰিবিধৰ নাম লিখা। 

উত্তৰ : চালনী, বিচনী, ডলা, খৰাহি।

প্রশ্ন ৪। বেতেৰে সজা বস্তু চাৰিবিধৰ নাম লিখা।

উত্তৰ : বেতৰ চকী, বেতৰ মেজ, বেতৰ শৰাই, বেতৰ ফুলদানি।

প্রশ্ন ৫। বাঁহেৰে সজা মাছ ধৰা সঁজুলি পাঁচ বিধৰ নাম লিখা।

উত্তৰ : জাকৈ, খালৈ, পল, জুলুকি, চেপা আদি। 

প্রশ্ন ৬। বাঁহেৰে নিৰ্মিত তিনিবিধ খেতিৰ সঁজুলিৰ নাম লিখা।

উত্তৰ : মৈ, বিৰিয়া, ওখোন।

প্রশ্ন ৭। বিহুত নাচনীয়ে বজোৱা এবিধ বাদ্যৰ নাম লিখা।

উত্তৰ : নাচনীয়ে বজোয়া বাদ্য গগনা।

প্রশ্ন ৮। তাঁতশালৰ সঁজুলি দুবিধৰ নাম লিখা।

উত্তৰ : মাকো, চেৰেকি।

প্রশ্ন ৯। কপাহী কাপোৰ কি সূতাৰে বোৱা হয় ? 

উত্তৰ : কপাহী সূতাৰে বোৱা হয়।

প্রশ্ন ১০। এৰী চাদৰ কি সূতাৰে তৈয়াৰী হয় ?

উত্তৰ : এৰী সূতাৰে তৈয়াৰী হয়।

প্রশ্ন ১১। বয়ন কেন্দ্র কাক বোলে ?

উত্তৰ ‘ একেলগে বহুতো তাঁত-শাল পাতি ব্যৱসায়ৰ বাবে সৰহীয়াকৈ কাপোৰ বোৱাকে বয়ন কেন্দ্র বোলে।

প্রশ্ন ১২। তোমাৰ অঞ্চলত বয়ন কেন্দ্ৰ আছে যদি নামৰ সৈতে কি কি তৈয়াৰ কৰা হয় লিখা।

উত্তৰ : আমাৰ অঞ্চলত এটা বয়ন কেন্দ্র আছে। কেন্দ্ৰটোৰ নাম— মহিলা সমিতি বয়ন কেন্দ্র। ইয়াত চাদৰ মেখেলা, গামোচা আদি তৈয়াৰ কৰা হয়।

প্রশ্ন ১৩। তাঁতশালত কাপোৰ বোৱা মহিলাক কি বোলে ? 

উত্তৰ : শিপিনী বোলে।

প্রশ্ন ১৪। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) খালৈ এবিধ মাছধৰা/ খেতিৰ সঁজুলি। 

উত্তৰ : খালৈ এবিধ মাছধৰা সঁজুলি।

(খ) কপাহী সূতাৰে এৰী/কপাহী কাপোৰ বোৱা হয়।

উত্তৰ : কপাহী সূতাৰে কপাহী কাপোৰ বোৱা হয়। 

(গ) পাটী আৰু বেতৰ বস্তু উৎপাদনৰ বাবে নলবাৰী/কাছাৰ জিলা বিখ্যাত।

উত্তৰ : পাটী আৰু বেতৰ বস্তু উৎপাদনৰ বাবে কাছাৰ জিলা বিখ্যাত। 

(ঘ) বাঁহ-বেতেৰে চকী-মেজ সাজিব পাৰি/নোৱাৰি।

উত্তৰ : বাঁহ-বেতেৰে চকী-মেজ সাজিব পাৰি। 

(ঙ) অসমত প্ৰচুৰ পৰিমাণে বাঁহ-বেত উৎপন্ন হয়/নহয়। 

উত্তৰ : অসমত প্ৰচুৰ পৰিমাণে বাঁহ-বেত উৎপন্ন হয়। 

(চ) গৰমৰ দিনত কপাহী সূতাৰ/এবী সূতাৰ কাপোৰ পিন্ধা হয়। 

উত্তৰ : গৰমৰ দিনত কপাহী সূতাৰ কাপোৰ পিন্ধা হয়। 

(ছ) জাৰৰ দিনত মুগা সুতাৰ/এৰী সুতাৰ কাপোৰ পিন্ধা হয়। 

উত্তৰ : জাৰব দিনত এৰী সুতাৰ কাপোৰ পিন্ধা হয়। 

(জ) জাপি কাঠেৰে/বাঁহেৰে সজা হয়। 

উত্তৰ : জাপি বাঁহেৰে সজা হয়।

প্রশ্ন ১৫। থালী ঠাই পূব কৰা :

(ক) পাল’ৰে –––––ধৰা হয়। 

উত্তৰ : প’লৰে মাছ ধৰা হয়।

(খ) গৰমৰ দিনত পিন্ধা আরামদায়ক কপাহী কাপোৰবোৰ –––––সূতাৰে তৈয়াৰী।

উত্তৰ : গৰমৰ দিনত পিন্ধা আৰামদায়ক কপাহী কাপোৰবোৰ কপাহী সূতাৰে তৈয়াৰী।

(গ) ঢোলৰ মাৰি –––––সজা হয়। 

উত্তৰ : ঢোলৰ মাৰি বাঁহেৰে সজা হয়।

(ঘ) একেলগে বহুতো তাঁত-শাল পাতি কাপোৰ বোৱাকে –––––বোলে।

উত্তৰ : একেলগে বহুতো তাঁত-শাল পাতি কাপোৰ বোৱাকে বয়ন কেন্দ্র বোলে। 

(ঙ) –––––জিলা বাঁহ-বেত, জাপি আদিৰ বাবে বিখ্যাত।

উত্তৰ : নলবাৰী জিলা বাঁহ-বেত, জাপি আদিৰ বাবে বিখ্যাত।

(চ) বিহুত নাচনীয়ে –––––বজায়।

উত্তৰ : বিহুত নাচনীয়ে গগনা বজায়।

(ছ) তাঁত শাল এবিধ –––––সঁজুলি।

উত্তৰ : তাঁত-শাল এবিধ কাপোৰ বোৱা সঁজুলি।

(জ) কাঠ, বাঁহ, বেত, খেৰ আদি আমি –––––ৰ পৰা পাওঁ।

উত্তৰ : কাঠ, বাঁহ, বেত, খেৰ আদি আমি গছ-গছনিৰ পৰা পাওঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top