Class 3 Environment Chapter 12 বায়ু আৰু আমাৰ চৌপাশ

Class 3 Environment Chapter 12 বায়ু আৰু আমাৰ চৌপাশ, SEBA Chapter 12 বায়ু আৰু আমাৰ চৌপাশ Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

বায়ু আৰু আমাৰ চৌপাশ

Chapter – 12

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) বতাহ কাক বোলে ?

উত্তৰ : বায়ু চলাচল কৰাকে বতাহ বোলে। বায়ু সকলোতে আছে। বতাহ আমি চকুৰে দেখা নাপাওঁ কিন্তু অনুভৱ কৰোঁ। 

(খ) উশাহত লোৱা বায়ু কেনে হ’ব লাগে ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ : উশাহত লোৱা বায়ু নির্মল হ’ব লাগে। 

(গ) বিচনীৰে বিচিলে আমাৰ গাত কি লাগে ?

উত্তৰ : বিচনীৰে বিচিলে আমাৰ গাত বতাহ লাগে ৷

(ঘ) পানীত থকা জীৱবোৰে ক’ৰ পৰা উশাহ লয় ? 

উত্তৰ : পানীত থকা জীৱবোৰে পানীত দ্রবীভূত হৈ থকা বায়ুৰ পৰা উশাহ লয়।

প্রশ্ন ২। খালী ঠাই পূৰ কৰা :

(ক) গৰমৰ দিনত –––––বলিলে গা-মন জুৰ পৰি যায়।

উত্তৰ : গৰমৰ দিনত বতাহ বলিলে গা-মন জুৰ পৰি যায়। 

(খ) জোৰেৰে বলা বতাহক ––––– বোলে।

উত্তৰ : জোৰেৰে বলা বতাহক মুহা বোলে।

(গ) লাহে লাহে বলা বতাহক ––––– বোলে। 

উত্তৰ : লাহে লাহে বলা বতাহক ফিফিৰীয়া বতাহ বোলে।

(ঘ) মূৰৰ বিষ, চকুৰ অসুখ, জ্বৰ, কাঁহ আদি –––––বায়ুৰ পৰা হয়।

উত্তৰ : মূৰৰ বিষ, চকুৰ অসুখ, জ্বৰ, কাঁহ আদি দূষিত বায়ুৰ পৰা হয়।

(ঙ) ––––– দূষিত বায়ুক নির্মল কৰি তোলে। 

উত্তৰ : গছ-গছনিয়ে দূষিত বায়ুক নির্মল কৰি তোলে। 

প্রশ্ন ৩। শুদ্ধ উত্তৰটো বাচি উলিয়াই ‘✓’ চিন দিয়া : 

(ক) ফটকা ফুটালে বায়ু দূষিত নহয়/হয়। 

উত্তৰ : ফটকা ফুটালে বায়ু দূষিত নহয়/ হয়। 

(খ) নির্মল বায়ুৰ বৰণ আৰু গোন্ধ নাই/আছে। 

উত্তৰ : নির্মল বায়ুৰ বৰণ আৰু গোন্ধ নাহ/আছে। 

(গ) বায়ু আমি দেখোঁ/অনুভৱ কৰোঁ। 

উত্তৰ : বায়ু আমি দেখোঁ/অনুভৱ কৰোঁ।

(ঘ) জীয়াই থাকিবলৈ গছ-গছনিক বায়ু লাগে/নালাগে। 

উত্তৰ : জীয়াই থাকিবলৈ গছ-গছনিক বায়ু লাগে/নালাগে। 

(ঙ) বায়ু চাৰিওফালে আছে/নাই। 

উত্তৰ : বায়ু চাৰিওফালে আছে/নাই। 

প্রশ্ন ৪। বায়ুৰ চাৰিটা ব্যৱহাৰ লিখা।

উত্তৰ : বায়ুৰ চাৰিটা ব্যবহাৰ হ’ল –

(ক) সকলোবোৰ প্ৰাণী আৰু উদ্ভিদৰ জীয়াই থাকিবলৈ বায়ুৰ প্ৰয়োজন। প্ৰাণীয়ে উশাহ-নিশাহৰ জৰিয়তে বায়ু গ্রহণ কৰে। 

(খ) বেলুন ফুলাবলৈ বায়ু ব্যবহাৰ কৰা হয়। 

(গ) ফুটবল ফুলাবলৈ বায়ু ব্যবহাৰ কৰা হয়। 

(ঘ) চাইকেল, গাড়ী-মটৰৰ টিউৱ ফুলাবলৈ বায়ু ব্যবহাৰ কৰা হয়।

প্রশ্ন ৫। বায়ু দূষিত হোৱাৰ পাঁচটা কাৰণ লিখা।

উত্তৰ : বায়ু দূষিত হোৱাৰ কাৰণবোৰ হ’ল—

(ক) কলকাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে। 

(খ) যান-বাহন চলিলে তাৰ পৰা ওলোৱা ধোঁৱা আৰু ধূলিৰ পৰা বায়ু দূষিত হয়। 

(গ) গেলা-পচা বস্তু আৰু জাৱৰ-জোঁথৰৰ পৰা ওলোৱা গোন্ধে বায়ু দূষিত কৰে। 

(ঘ) ফটকা ফুটালে তাৰ ধোঁৱাৰ পৰা বায়ু দূষিত হয়। 

(ঙ) চিগাৰেটৰ ধোঁৱাৰ পৰা বায়ু দূষিত হয়।

প্রশ্ন ৬। দূষিত বায়ুৰ পৰা হোৱা বেমাৰ তিনিবিধৰ নাম লিখা। 

উত্তৰ : দূষিত বায়ুৰ পৰা হোৱা বেমাৰ তিনিবিধ হ’ল— মূৰৰ বিষ, চালৰ বেমাৰ, পানীলগা জ্বৰ আদি।

প্রশ্ন ৭। পার্থক্য লিখাঃ ধুমুহা আৰু ফিফিৰীয়া বতাহ। 

উত্তৰ : (ক) ধুমুহা বতাহ বৰ জোৰেৰে বলে আৰু ফিফিীয়া বতাহ লাহে লাহে বলে।

(খ) ধুমুহা বতাহে বহুতো অনিষ্ট সাধন কৰে, ফিফিৰীয়া বতাহে অনিষ্ট সাধন নকৰে।

প্রশ্ন ৮। ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে কিয় বুবুৰণি উঠে ? 

উত্তৰ : ইটাৰ টুকুৰাটো পানীত পেলাই দিয়াত ইটাৰ টুকুৰাৰ ভিতৰত থকা বায়ুখিনি বাহিৰত ওলাই আহে আৰু সেই ঠাই পানীৰে পূৰ হয়। ইটাৰ টুকুৰাৰ ভিতৰৰ বায়ুখিনি পানীৰ ওপৰত বুৰবুৰণি হিচাপে উঠি আহে। ইয়াৰ পৰা বুজা যায় যে ইটাৰ ভিতৰতো বায়ু আছে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। দূষিত বায়ু কাক বোলে ?

উত্তৰ : বায়ুত শৰীৰৰ কাৰণে ক্ষতিকৰ অন্য বস্তু মিহলি হৈ থাকিলে সেই বায়ুক দূষিত বায়ু বোলে।

প্রশ্ন ২। ধূপ এডাল জ্বলালে তাৰ গোন্ধ চাৰিওফালে বিয়পে কিয় ? 

উত্তৰ : ধূপৰ গোন্ধ বায়ুৰ লগত মিহলি হৈ চাৰিওফালে বিয়পে। 

প্রশ্ন ৩। বায়ুৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰ : (ক) বায়ুৰ কোনো গোন্ধ নাই।

(খ) বায়ুৰ কোনো বৰণ নাই।

প্রশ্ন ৪। দূষিত বায়ু কিহে নির্মল কৰে ? 

উত্তৰ : দূষিত বায়ু গছ-গছনিয়ে নির্মল কৰে।

প্রশ্ন ৫। গৰু-ছাগলী আদি প্রাণী শুই থাকিলে পেটটো কিয় উঠা-নমা কৰে ?

উত্তৰ : উশাহত বায়ু নাকেৰে ভিতবলৈ টানি ল’লে গৰু-ছাগলী আদি প্ৰাণীৰ পেটটো ওপৰলৈ উঠে আৰু নিশাহত বায়ু এৰি দিওঁতে পেটটো তললৈ নামি যায়।

প্রশ্ন ৬। গছ-গছনি কিয় বেছিকৈ কব লাগে ?

উত্তৰ : গছ-গছনিয়ে বায়ু নিৰ্মল কৰে কাৰণে বেছিকৈ গছ-গছনি কব লাগে।

প্রশ্ন ৭। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) বায়ু সকলোতে থাকে/নাথাকে।

উত্তৰ : বায়ু সকলোতে থাকে।

(খ) বায়ু আমি চকুৰে মনিব পাৰোঁ/নোৱাৰোঁ। 

উত্তৰ : বায়ু আমি চকুৰে মনিব নোৱাৰোঁ।

(গ) বায়ু লাহে লাহে চলাচল কৰাকে ধুমুহা/ফিফিৰীয়া বতাহ বোলে। 

উত্তৰ : বায়ু লাহে লাহে চলাচল করাকে ফিফিৰীয়া বতাহ বোলে। 

(ঘ) গছ-পাত লৰিলে বায়ু থকা বুলি গম পাওঁ/নাপাওঁ।

উত্তৰ : গছ-পাত লৰিলে বায়ু থকা বুলি গম পাওঁ।

(ঙ) ফুটবল ফুলাবলৈ বায়ু নালাগে/লাগে। 

উত্তৰ : ফুটবল ফুলাবলৈ বায়ু লাগে।

(চ) বায়ুৰ বৰণ আৰু গোন্ধ আছে/নাই।

উত্তৰ : বায়ুৰ বৰণ আৰু গোন্ধ নাই। 

(ছ) গছ-গছনিক বায়ু নালাগে/লাগে।

উত্তৰ : গছ-গছনিক বায়ু লাগে। 

(জ) উশাহত বায়ু বাহিৰ কৰি দিওঁ/ভিতৰলৈ নিওঁ। 

উত্তৰ : উশাহত বায়ু ভিতৰলৈ নিওঁ। 

(ঝ) উশাহ লোৱা বন্ধ হলে গছ-গছনি আৰু প্ৰাণী জীয়াই থাকে/নাথাকে। 

উত্তৰ : উশাহ লোৱা বন্ধ হলে গছ-গছনি আৰু প্ৰাণী জীয়াই নাথাকে।

(ঞ) বায়ুরে বস্তুৰ গোন্ধ বিয়পাই নিনিয়ে/নিয়ে। 

উত্তৰ : বায়ুৱে বস্তুৰ গোন্ধ বিয়পাই নিয়ে।

(ট) বায়ু থকা বুলি অনুভৱ কৰিব পাৰোঁ/নোৱাৰোঁ।

উত্তৰ : বায়ু থকা বুলি অনুভৱ কৰিব পাৰোঁ। 

(ঠ) বায়ুত বহু বস্তু মিহলি নহয়/হয়।

উত্তৰ : বায়ুত বহু বস্তু মিহলি হয়।

(ড) দূষিত বায়ু উদ্ভিদ আৰু প্ৰাণীৰ বাবে উপকাৰী/অপকাৰী। 

উত্তৰ : দূষিত বায়ু উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপকাৰী। 

(ঢ) প্লাষ্টিক, ৰবৰ বস্তু আদি জ্বলালে তাৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে/নকৰে।

উত্তৰ : প্লাষ্টিক, বববব বস্তু আদি জ্বলালে তাৰ পৰা ওলোৱা ধোঁৱাই বায়ু দূষিত কৰে।

প্রশ্ন ৮। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা :

‘ক’‘খ’
বায়ুনিজৰ কোনো গোন্ধ নাই।
বায়ুত অন্য বস্তু মিহলি হলেবায়ু ভিতৰলৈ সোমাই যায়।
বায়ুৰসকলোতে থাকে।
উশাহততাক দূষিত বায়ু বোলে।
বায়ুৱেনির্মল হব লাগে।
উশাহত লোৱা বায়ুবস্তুৰ গোন্ধ বিয়পাই নিয়ে।

উত্তৰ : বায়ু—সকলোতে থাকে। 

বায়ুত অন্য বস্তু মিহলি হলে—তাক দূষিত বায়ু বোলে।

বায়ুৰ―নিজৰ কোনো গোন্ধ নাই। 

উশাহত—বায়ু ভিতৰলৈ সোমাই যায়।

বায়ুৱে—বস্তুৰ গোন্ধ বিয়পাই নিয়ে। 

উশাহত লোৱা বায়ু―নির্মল হব লাগে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top