Class 3 Environment Chapter 9 মণ্টুৰ খেতি

Class 3 Environment Chapter 9 মণ্টুৰ খেতি, SEBA Chapter 9 মণ্টুৰ খেতি Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

মণ্টুৰ খেতি

Chapter – 9

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) মন্টুৰ দেউতাকে কোনবোৰ আলু বীজ হিচাপে ব্যৱহাৰ কৰিছিল ?

উত্তৰ : গজালি ওলোৱা আলুবোৰক মন্টুৰ দেউতাকে আলুবীজ হিচাপে ব্যৱহাৰ কৰিছিল।

(খ) দহ দিন মানৰ পাছত মণ্টুৱে খেতিডৰাত কি দেখা পালে ? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ : দহ দিন মানৰ পাছত মণ্টুৱে খেতিডৰা চাবলৈ যোৱাত প্ৰত্যেকটো আলুৰ পৰা মাটি ফুটি পুলি ওপৰলৈ উঠি অহা আৰু পুলিত দুই তিনিটাকৈ সৰু সৰু পাত ওলোৱা দেখা পালে।

(গ) তিনি মাহৰ পাছত তি চাবলৈ গৈ মণ্টুৰে মনত কিয় দুখ পাইছিল ?

উত্তৰ : তিনি মাহৰ পাছত যেতিয়া মণ্টুৱে খেতি চাবলৈ গৈছিল, তেতিয়া গোটেই আলু গছবোৰৰ পাত শুকাই মৰি যোৱা দেখা পাইছিল। তাকে দেখি খেতিডৰা নষ্ট হোৱা বুলি মন্টুৱে মনত দুখ পাইছিল। 

(ঘ) খেতি আৰম্ভ কৰাৰ পৰা আলু পূৰঠ হোৱালৈকে কিমান সময় লাগিছিল ?

উত্তৰ : তিনি মাহ সময় লাগিছিল।

(ঙ) আলুবোৰ পূৰঠ হ’লে গছবোৰৰ কি হয় ? 

উত্তৰ : আলুবোৰ পূৰঠ হ’লে গছৰ পাতবোৰ শুকাই মৰহি যায়। 

প্রশ্ন ২। কেইবিধমান শস্যৰ নাম লিখা।

উত্তৰ : ধান, মাহ, তিল, সৰিয়হ কুঁহিয়াৰ মৰাপাট আদি। 

প্রশ্ন ৩। তোমালোকৰ অঞ্চলত বাৰিষা কালত আৰু খৰালি কালত ঘাইকৈ কি কি খেতি কৰা হয় লিখা।

উত্তৰ : বাৰিষা কালত — তিয়ঁহ, জিকা, ভেণ্ডি, ভাতকেৰেলা আদি।

খৰালি কালত — কবি, মূলা, আলু পিঁয়াজ আদি।

প্রশ্ন ৪। শুদ্ধ উত্তৰত ‘✓’ চিন দিয়া :

(ক) আলু খেতিৰ বাবে বালিচহীয়া মাটি অতি উত্তম।

উত্তৰ : ✓

(খ) আলু, শালি, বাও আদি মাহ জাতীয় শস্য। 

 উত্তৰ : X

(গ) আলু পূৰঠ হ’লে গছৰ পাতবোৰ শুকাই যায়।

উত্তৰ : ✓

(ঘ) ঘেঁহুৰ পৰা ভাত হয়।

উত্তৰ : X

(ঙ) ধান, মাহ, সৰিয়হ আদি শস্যৰ খেতি একে

সময়তে হয়।

উত্তৰ : X

প্রশ্ন ৫। খালী ঠাই পূৰ কৰা :

(ক) মন্টুৰ দেউতাকে –––––মাহত আলু খেতি কৰিছিল।

উত্তৰ : মন্টুৰ দেউতাকে আহিন মাহত আলু খেতি কৰিছিল।

(খ) গজালি ওলোৱা আলুবোৰ –––––হিচাপে ব্যৱহাৰ কৰি মাটিত ৰুই আলু খেতি কৰা হয়।

উত্তৰ : গজালি ওলোৱা আলুবোৰ আলু বীজ হিচাপে ব্যৱহাৰ কৰি মাটিত কই আলু খেতি কৰা হয়।

(গ) খেতি-বাতি কৰি বহু লোকে –––––নির্বাহ কৰে। 

উত্তৰ : খেতি-বাতি কৰি বহু লোকে জীৱিকা নির্বাহ কৰে।

(ঘ) তিল, সৰিয়হ, বেলিফুল আদি –––––জাতীয় শস্য।

উত্তৰ : তিল, সৰিয়হ, বেলিফুল আদি তেল জাতীয় শস্য।

(ঙ) খেতিৰ পৰা অধিক উৎপাদন পাবলৈ খেতিত –––––প্ৰয়োগ কৰা হয়। 

উত্তৰ : খেতিৰ পৰা অধিক উৎপাদন পাবলৈ খেতিত সাৰ প্ৰয়োগ কৰা হয়।

প্রশ্ন ৬। তলত দিয়া শস্যৰ পৰা আমি কি কি খাদ্যবস্তু পাওঁ লিখা।

কুঁহিয়াৰ, ধান, ঘেঁহু, সৰিয়হ, বেলিফুল

উত্তৰ : কুঁহিয়াৰ ―চেনি।

ধান ― চাউল।

ঘেঁহু ― আটা।

সৰিয়হ ― তেল।

বেলিফুল ― তেল।

প্রশ্ন ৭। পচন সাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি ? 

উত্তৰ : গছ-গছনি, শাক-পাচলি আৰু ফল-মূলৰ পেলনীয়া অংশ বহুদিন গাঁতত পুতি থৈ পচন সাৰ প্ৰস্তুত কৰিব পাৰি।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। আলুখেতিৰ বাবে কি মাটি উপযোগী ?

উত্তৰ : বালিচহীয়া মাটি।

প্রশ্ন ২। মন্টুৰ দেউতাকে খেতিত কি সাৰ দিছিল ? 

উত্তৰ : গোবৰ সাৰ দিছিল।

প্রশ্ন ৩। মন্টুৱে খেতিডৰা নষ্ট হোৱা দেখি মনত দুখ পোৱাত দেউতাকে কি কৈছিল ?

উত্তৰ : মন্টুৱে খেতিডৰা নষ্ট হোৱা দেখি মনত দুখ পোৱাত দেউতাকে কৈছিল যে, মাটিৰ তলত আলুবোৰ পূৰঠ হ’লে গছৰ পাতবোৰ শুকাই যায়। তেতিয়া আলুবোৰ মাটিৰ পৰা খান্দি উলিয়াই চপাই আনিব লাগে।

প্রশ্ন ৪। আমাৰ প্ৰধান আহাৰ কি ?

উত্তৰ : আমাৰ প্ৰধান আহাৰ হ’ল—ভাত।

প্রশ্ন ৫। তিনিবিধ ধান জাতীয় শস্যৰ নাম লিখা। 

উত্তৰ : আহু, শালি, বাও।

প্রশ্ন ৬। খেতি কৰোঁতে বৈজ্ঞানিক পদ্ধতি প্রয়োগ কৰিলে কি লাভ হয়?

উত্তৰ : বৈজ্ঞানিক পদ্ধতিষ প্ৰয়োগৰ দ্বাৰা শস্যৰ উৎপাদন বাঢ়ে, বেমাৰ-আজাৰ কমে আৰু কম দিনতে খেতি সম্পূৰ্ণ কৰিব পাৰি।

প্রশ্ন ৭। অসমত কৰা তিনিবিধ খেতিৰ নাম লিখা। 

উত্তৰ : আলু, বেঙেনা আৰু বিলাহী।

প্রশ্ন ৮। চাৰিবিধ মাহ জাতীয় শস্যৰ নাম লিখা।

উত্তৰ : মাটিমাহ, মগুমাহ, বহৰ আৰু মচুৰ। 

প্রশ্ন ৯। চাৰিবিধ তেলজাতীয় শস্যৰ নাম লিখা।

উত্তৰ : তিল, সৰিয়হ, বেলিফুল আৰু তিচি।

প্রশ্ন ১০। নানাবিধ মচলা জাতীয় শস্যৰ নাম লিখা।

উত্তৰ : আদা, হালধি, জালুক, জিৰা আৰু ধনিয়া।

প্রশ্ন ১১। খালী ঠাই পূৰ কৰা :

(ক) আলু পূঠ হ’লে গছৰ পাতবোৰ ––––যায়।

উত্তৰ : আলু পূৰঠ হ’লে গছৰ পাতবোৰ শুকাই মৰি যায়।

(খ) পিঁয়াজ ––––কালত হয়।

উত্তৰ : পিঁয়াজ খৰালি কালত হয়। 

(গ) ভাতকেৰেলা, পটল ––––কালত হয়।

উত্তৰ : ভাতকেৰেলা, পটল বাৰিষা কালত হয়।

(ঘ) সৰিয়হৰ পৰা ––––হয়।

উত্তৰ : সৰিয়হৰ পৰা তেল হয়।

(ঙ) কুঁহিয়াৰৰ পৰা ––––পাওঁ।

উত্তৰ : কুঁহিয়াৰৰ পৰা চেনি পাওঁ।

প্রশ্ন ১২। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) বাৰিষাকালত হোৱা খেতি —তিয়হ/মূলা। 

উত্তৰ : বাৰিষাকালত হোৱা খেতি — তিঁয়হ।

(খ) খৰালিকালত হোৱা খেতি–জিকা/পিঁয়াজ।

উত্তৰ : খৰালিকালত হোৱা খেতি — পিঁয়াজ।

(গ) মণ্টৰ দেউতাকে আহিন/কাতি মাহত খেতি কৰিছিল। 

উত্তৰ : মন্টুৰ দেউতাকে আহিন মাহত খেতি কৰিছিল।

(ঘ) ধানৰ পৰা আটা/চাউল হয়।

উত্তৰ : ধানৰ পৰা চাউল হয়। 

(ঙ) ধনিয়া তেল/মচলা জাতীয় শস্য।

উত্তৰ : ধনিয়া মচলা জাতীয় শস্য। 

প্রশ্ন ১৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা :

‘ক’‘খ’
১। চাউলৰ পৰাআটা
২। ঘেঁহুৰ পৰাতেল
৩। তিচিৰ পৰাচেনি
৪। কুঁহিয়াৰৰ পৰাভাত

উত্তৰ :

‘ক’‘খ’
১। চাউলৰ পৰাভাত
২। ঘেঁহুৰ পৰাআটা
৩। তিচিৰ পৰাতেল
৪। কুঁহিয়াৰৰ পৰাচেনি

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top