SEBA Class 7 Assamese Chapter 2 কাঞ্চনবাৰীৰ হাতীটো

SEBA Class 7 Assamese Chapter 2 কাঞ্চনবাৰীৰ হাতীটো Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Assamese Chapter 2 কাঞ্চনবাৰীৰ হাতীটো Solutions and select need one. SEBA Class 7 Assamese Chapter 2 কাঞ্চনবাৰীৰ হাতীটো Notes Download PDF. SCERT Class 7 উন্মেষ Textbook Question Answer.

SEBA Class 7 Assamese Chapter 2 কাঞ্চনবাৰীৰ হাতীটো

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Unmesh Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Unmesh Question Answer Assamese Medium for All Chapters, You can practice these here.

কাঞ্চনবাৰীৰ হাতীটো

Chapter: 2

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা—

(i) মাচুমাহ‌ঁত বিদ্যালয়ৰপৰা ঘূৰি আহোঁতে পাহাৰৰপৰা কি ওলাই অহা দেখিছিল?

(ক) এটা সুগনী পশু।

(খ) এটা ম’হ।

(গ) এটা মখনা।

(ঘ) এটা হৰিণ।

উত্তৰঃ (গ) এটা মখনা।

(ii) কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল?

(ক) দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে।

(খ) মানুহক আক্রমণ কৰিবৰ বাবে।

(গ) মাচুমাহ‌ঁত বিদ্যালয়ৰপৰা অহাৰ বাবে।

(ঘ) জাকৰপৰা বাদ পৰাৰ বাবে।

উত্তৰঃ (ক) দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে।

২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।

(ক) দণ্ডি কি?

উত্তৰঃ দণ্ডি হ’ল বন্যপ্ৰাণী বা হাতী অহা-যোৱা কৰা হাবিৰ মাজেৰে থকা এক নিৰ্দিষ্ট পথ। হাতীবোৰে সাধাৰণতে একেটা দণ্ডিয়েদি অহা-যোৱা কৰিবলৈ ভাল পায়।

(খ) কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে?

উত্তৰঃ কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত সুগৰী পহু, বনৰীয়া ম’হ, হৰিণা আৰু হাতী জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে।

(গ) বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা?

উত্তৰঃ বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান বুলিলে মানুহে বন্যপ্ৰাণীৰ বিচৰণভূমিত কোনো ধৰণৰ ভাবুকি বা বাধাৰ সৃষ্টি নকৰাকৈ থকা অৱস্থাক বুজায়। ইয়াৰ অৰ্থ একেলগে থকাটো নহয়, বৰঞ্চ মানুহে বন্যপ্ৰাণীৰ ঠাইত আৰু বন্যপ্ৰাণীয়ে মানুহৰ বসতিস্থলত আমনি নকৰাকৈ শান্তিপূৰ্ণভাৱে জীয়াই থকাটো বুজায়।

(ঘ) মাচুমাই কি সংকল্প লৈছিল?

উত্তৰঃ মাচুমাই এই সংকল্প লৈছিল যে তাই কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিত বাস কৰাৰ সুবিধা কৰি দিবলৈ চেষ্টা কৰিব। লগতে বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে কি কি কৰিব পাৰি সেই বিষয়ে বিদ্যালয়ৰ ছাৰ-বাইদেউসকলৰ পৰা জানি ল’ব।

৩। আলোচনা কৰি লিখা।

(ক) বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি?

উত্তৰঃ বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ৰোধ কৰিবলৈ চৰকাৰে ‘এনিমেল গ্ৰীণ কৰিড’ৰ’ৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। অৰণ্যৰ মাজেৰে যোৱা পথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰা আৰু চালকসকলক সচেতন কৰাটো জৰুৰী। তদুপৰি মানুহে বন্যপ্ৰাণীৰ বিচৰণভূমিত বাধাৰ সৃষ্টি নকৰিলে বা জধে-মধে গছ কটা বন্ধ কৰিলে এনে অঘটন বহু পৰিমাণে কমিব।

(খ) চৰকাৰে ‘এনিমেল গ্রীণ কৰিড’ৰৰ ব্যৱস্থা কিয় কৰিছে?

উত্তৰঃ অৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা পথবোৰত বন্যপ্ৰাণীবোৰ প্ৰায়ে ইপাৰ-সিপাৰ হ’বলগীয়া হয়। এনেদৰে পাৰ হওঁতে বহু প্ৰাণীয়ে যান-বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায়। সেইবাবে বন্যপ্ৰাণীবোৰে যাতে নিৰাপদে অহা-যোৱা কৰিব পাৰে আৰু দুৰ্ঘটনা ৰোধ হয়, তাৰ বাবে চৰকাৰে ‘এনিমেল গ্ৰীণ কৰিড’ৰ’ৰ ব্যৱস্থা কৰিছে।

(গ) মানুহে কৰা কি কি কাৰ্যৰদ্বাৰা বন্যপ্রাণী শংকিত হৈ পৰে? মানুহে কিয় এনে কার্য সংঘটিত কৰে বুলি তুমি ভাবা?

উত্তৰঃ মানুহে হাবিৰ গছ-গছনি কটা, গছ কটা যন্ত্ৰ আৰু গাড়ী-মটৰৰ তীব্ৰ শব্দ কৰা আদি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে। মানুহে নিজৰ সুবিধাৰ বাবে আৰু সম্পদৰ লোভত প্ৰকৃতিৰ অনিষ্ট কৰি এনেবোৰ কাম সংঘটিত কৰে।

৪। (ক) বাঁওফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাও আহা—

শব্দঅৰ্থ
সহমৰ্মিতাশান্তিপূৰ্ণভাৱে একেলগে হৈ থকা অৱস্থা
তহিলংভীত বা ভয় খোৱা
সহাৱস্থানমতা হাতী
মখনাসহানুভূতি
শংকিতনষ্ট কৰা কার্য

উত্তৰঃ

শব্দঅৰ্থ
সহমৰ্মিতাসহানুভূতি
তহিলংনষ্ট কৰা কার্য
সহাৱস্থানশান্তিপূৰ্ণভাৱে একেলগে হৈ থকা অৱস্থা
মখনামতা হাতী
শংকিতভীত বা ভয় খোৱা

(খ) ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা।

উত্তৰঃ (i) সহমৰ্মিতা: আমি জীৱ-জন্তুৰ প্ৰতি সহমৰ্মিতা দেখুওৱা উচিত।

(ii) তহিলং: চোৰাং চিকাৰীয়ে অৰণ্যখন ধ্বংস কৰি তহিলং কৰিছে।

(iii) সহাৱস্থান: পৃথিৱীত ভাৰসাম্য ৰক্ষাৰ বাবে মানুহ আৰু প্ৰকৃতিৰ সহাৱস্থান জৰুৰী।

(iv) মখনা: গাঁৱৰ মাজেৰে এটা মখনা হাতী ওলাই গৈছে।

(v) শংকিত: বাঘৰ গোজৰণি শুনি হাবিৰ জন্তুবোৰ শংকিত হৈ পৰিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top