SEBA Class 7 Assamese Chapter 1 গছ ভাল পোৱা ককাৰ খং Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Assamese Chapter 1 গছ ভাল পোৱা ককাৰ খং Solutions and select need one. SEBA Class 7 Assamese Chapter 1 গছ ভাল পোৱা ককাৰ খং Notes Download PDF. SCERT Class 7 উন্মেষ Textbook Question Answer.
SEBA Class 7 Assamese Chapter 1 গছ ভাল পোৱা ককাৰ খং
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Unmesh Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Unmesh Question Answer Assamese Medium for All Chapters, You can practice these here.
গছ ভাল পোৱা ককাৰ খং
Chapter: 1
| ক্রিয়া-কলাপ |
| পাঠভিত্তিক |
১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা—
(i) “ভাল পালোঁ ৰঘুনাথ” —এই কথাষাৰ ককাই কিয় কৈছিল?
(ক) আমলখি গছজোপা কটা বাবে।
(খ) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে।
(গ) বিয়াৰ ৰভাখন দিয়া বাবে।
(ঘ) বিয়ালৈ আলহী-অতিথি অহা বাবে।
উত্তৰঃ (খ) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে।
(ii) বিয়াঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল?
(ক) বিয়াৰ ৰভাখন দিয়া বাবে।
(খ) আমলখি গছজোপা কটা বাবে।
(গ) বিয়ালৈ আলহী-অতিথিবোৰ অহা বাবে।
(ঘ) ঘৰলৈ ন-বোৱাৰী আহিব বাবে।
উত্তৰঃ (খ) আমলখি গছজোপা কটা বাবে।
(iii) “আলহী-অতিথি যাব
ৰভা নাইকিয়া হ’ব” — কথাষাৰ কোনে কাক কৈছিল?
(ক) ককাই দৰাটিক কৈছিল।
(খ) ৰঘুনাথে ককাক কৈছিল।
(গ) ককাই ৰঘুনাথক কৈছিল।
(ঘ) দৰাটিয়ে ককাক কৈছিল।
উত্তৰঃ (গ) ককাই ৰঘুনাথক কৈছিল।
২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দিয়া—
(ক) কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে।
(খ) বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্রশ্ন দুটা কি কি?
উত্তৰঃ বিয়াঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্রশ্ন দুটা হ’ল—
(i) বিয়াৰ ৰভাখন দিবলৈ আমলখি গছজোপা কিয় কাটিলা?
(ii) কটা আমলখি গছজোপা তেওঁ সহজতে ঘূৰাই পাবনে?
(গ) দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল?
উত্তৰঃ দৰাটিক এজোলোকা আশীৰ্বাদ দি সোনকালে ঘৰলৈ উভতি যাবৰ বাবে ককাই দৰাটিক মাতিবলৈ কৈছিল।
(ঘ) ককাই বিয়াঘৰত কিয় একো খোৱা নাছিল?
উত্তৰঃ ৰঘুনাথে বিয়াৰ ৰভা দিবলৈকে ফল ধৰি থকা আমলখি গছজোপা কাটি পেলোৱা দেখি ককাৰ বৰ দুখ লাগিছিল আৰু খং উঠিছিল। সেইবাবেই ককাই বিয়াঘৰত একো খোৱা নাছিল।
৩। (ক) তলত দিয়া স্তৱকটোৰ ভাবার্থ পঢ়া—
“পিছে ৰভাখন দিবলৈকে
আমলখি গছজোপা
কিয়নো কাটিলা?”
—এই পদ্যফাকি ড° ভবেন্দ্রনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ পদ্যটোৰপৰা লোৱা হৈছে। ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভাতল সোমায়ে আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্রশ্ন কৰাৰ কথা প্রকাশ পাইছে।
ৰঘুনাথহঁতৰ চোতালত এজোপা আমলখি গছ আছিল। কেৱল ৰভাখন দিবৰ বাবেই সেই গছজোপা কটা কাৰণে তেওঁ মনত বৰ দুখ পাইছে। সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল।
(খ) এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাবার্থ লিখা।
(i) “গছজোপা কটা বাবে
লুচি-ভাজি, ৰসগোল্লা
একোকে নাখাওঁ।”
উত্তৰঃ এই পদ্যফাকি ড° ভবেন্দ্রনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ কবিতাটোৰপৰা লোৱা হৈছে। ইয়াত গছৰ প্ৰতি থকা ককাৰ অকৃত্ৰিম মৰমৰ কথা প্ৰকাশ পাইছে। বিয়াঘৰত নানা তৰহৰ লোভনীয় খাদ্যৰ আয়োজন থকা সত্ত্বেও ককাই সেইবোৰ খাবলৈ অমান্তি হৈছে। কাৰণ, যিখন ৰভাৰ তলত বহি তেওঁ খাব, সেই ৰভাখন সাজিবলৈকে ৰঘুনাথে মৰমৰ আমলখি গছজোপা কাটি পেলাইছে। গছজোপা কটাৰ দুখতে তেওঁ বিয়াৰ ভোজ নাখাওঁ বুলি কৈছে।
(ii) “পিছে কোৱাচোন ৰঘুনাথ
আমলখি গছজোপা
সহজতে পাবানে ঘূৰাই?
উত্তৰঃ এই পদ্যফাকি ড° ভবেন্দ্রনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ নামৰ কবিতাটোৰ অন্তৰ্গত। ইয়াত ককাই ৰঘুনাথক গছৰ গুৰুত্ব বুজাব বিচাৰিছে। ককাই ৰঘুনাথক প্ৰশ্ন কৰিছে যে তেওঁ ৰভা সাজিবলৈ গছজোপা তো কাটিলে, কিন্তু এতিয়া বিচাৰিলেই সেই গছজোপা জানো ঘূৰাই পাব? এজোপা গছ ডাঙৰ হ’বলৈ বহুত বছৰ লাগে। ক্ষন্তেকীয়া প্ৰয়োজনৰ বাবে গছডাল কাটি পেলালে তাক পুনৰ ঘূৰাই পোৱা যে সম্ভৱ নহয়, সেই কথাষাৰেই ককাই ইয়াত ক’ব বিচাৰিছে।
৪। ভাবি কোৱা আৰু লিখা।
(ক) ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন?
উত্তৰঃ ৰঘুনাথে গছজোপা নকটাকৈ ৰভাৰ খুঁটা বা বাঁহবোৰ গছজোপাৰ মাজেৰে বা কাষেৰে পাৰ কৰি দিব পাৰিলেহেঁতেন অথবা ৰভাখন গছজোপা নথকা আন খালী ঠাইত দিব পাৰিলেহেঁতেন।
(খ) ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ’লাহেঁতেন, আমলখি গছজোপা কটা বাবে তুমি কি ক’লাহেঁতেন?
উত্তৰঃ মইও ৰঘুনাথক গছজোপা কটাৰ বাবে বেয়া কাম কৰিলে বুলি ক’লোহেঁতেন আৰু ভৱিষ্যতে যাতে এনে কাম নকৰে তাৰ বাবে বুজালোহেঁতেন।
(গ) কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে?
উত্তৰঃ কবিতাটোৰ মাজেৰে গছ-গছনি সংৰক্ষণৰ বাৰ্তা দিয়া হৈছে। সাময়িক প্ৰয়োজনৰ বাবে গছ কটাটো যে অনুচিত আৰু গছৰ প্ৰতি মানুহৰ মৰম আৰু দায়িত্ববোধ থকা উচিত, সেই কথাটোৱেই ইয়াত প্ৰকাশ পাইছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

