Class 3 Environment Chapter 13 আকাশৰ কথা, SEBA Chapter 13 আকাশৰ কথা Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.
আকাশৰ কথা
Chapter – 13
পৰিৱেশ অধ্যয়ন
অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন ১। উত্তৰ লিখা :
(ক) দিশ প্রধানকৈ কেইটা আৰু কি কি ?
উত্তৰ : দিশ প্ৰধানকৈ চাৰিটা। পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণ।
(খ) আকাশত কি কি দেখা পোৱা যায় ?
উত্তৰ : আকাশত বেলি, তৰা, জোন আদি দেখা পোৱা যায়।
(গ) চন্দ্ৰৰ নিজা পোহৰ আছেনে ?
উত্তৰ : চন্দ্ৰৰ নিজা পোহৰ নাই।
(ঘ) বেলিৰ আন এটা নাম কি ?
উত্তৰ : বেলিৰ আন এটা নাম সূর্য।
(ঙ) ৰামধেনুৰ ৰং কেইটাৰ নাম কি কি ?
উত্তৰ : ৰামধেনুৰ ৰং সাতোটা হ’ল–বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।
প্রশ্ন ২। শুদ্ধ উত্তৰটো বাচি উলিৱাই ‘✓’ চিন দিয়া :
(ক) পৃথিবীৰ আটাইতকৈ ওচৰত চন্দ্ৰ/সূৰ্য/তৰাবোৰ আছে।
উত্তৰ : পৃথিবীৰ আটাইতকৈ ওচৰত চন্দ্ৰ আছে।
(খ) পূৰ্ণিমাৰ পৰা অমাবস্যালৈ ১০/১৫ দিন সময় লাগে।
উত্তৰ : পূর্ণিমাৰ পৰা অমাবস্যালৈ ১৫ দিন সময় লাগে।
(গ) খালী চকুৰে সূর্যলৈ চাব লাগে/নালাগে।
উত্তৰ : খালী চকুৰে সূর্যলৈ চাব নালাগে।
(ঘ) ৰামধেনুৰ মুঠতে পাঁচটা/সাতটা ৰঙ।
উত্তৰ : ৰামধেনুৰ মুঠতে সাতটা ৰঙ।
প্রশ্ন ৩। খালী ঠাই পূৰ কৰা :
(ক) সূৰ্যটো আটাইতকৈ ওচৰত থকা তৰা।
উত্তৰ। সূৰ্যটো পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰা।
(খ) দেখাত সমান যেন লাগিলেও চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ।
উত্তৰ : দেখাত সমান যেন লাগিলেও সূর্য চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ।
(গ) তৰাবোৰ বহুত –––––থকাৰ কাৰণে সৰু সৰু দেখো।
উত্তৰ : তৰাবোৰ বহুত দূৰত থকাৰ কাৰণে সৰু সৰু দেখোঁ।
(ঘ) চন্দ্ৰৰ নিজা –––––নাই।
উত্তৰ : চন্দ্ৰৰ নিজা পোহৰ নাই।
প্রশ্ন ৪। দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা।
উত্তৰ : দুপৰীয়া বেলিটোলৈ আমি পোনপটীয়াকৈ চালে বেলিৰ পোহৰে আমাৰ চকু চাট্ মাৰি ধৰে আৰু ইয়াৰ তীব্ৰ পোহৰে চকুৰ অনিষ্ট সাধন কৰে। সেয়ে দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নালাগে।
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১। ৰাতিপুৱা বেলিটো কেনেকুৱা দেখি ?
উত্তৰ : ৰাতিপুৱা বেলিটো এটা ডাঙৰ ৰঙচুৱা বলৰ নিচিনা দেখি।
প্রশ্ন ২। তৰাবোৰ আকাশত কেতিয়া দেখা পোৱা যায় ?
উত্তৰ : তৰাবোৰ আকাশত ৰাতিত দেখা যায়।
প্রশ্ন ৩। সূৰ্যৰ পৰা আমি কি কি পাওঁ ?
উত্তৰ : সূৰ্যৰ পৰা আমি তাপ আৰু পোহৰ পাওঁ।
প্রশ্ন ৪। দিনৰ আকাশত তৰাবোৰ নেদেখাৰ এটা কাৰণ লিখা।
উত্তৰ : দিনৰ আকাশত সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ হোৱা কাৰণে দিনৰ আকাশত তৰাবোৰ দেখিবলৈ নাপাওঁ।
প্রশ্ন ৫। নক্ষত্র কাক বোলে ?
উত্তৰ : আকাশত দেখা, নিজা তাপ আৰু পোহৰ দিব পৰা উজ্জ্বল তৰাবোৰক নক্ষত্র বোলে।
প্রশ্ন ৬। তৰাবোৰ আমি কিয় সৰু দেখোঁ ?
উত্তৰ : তৰাবোৰ পৃথিবীৰ পৰা বহুত দূৰৈত থকা কাৰণে আমি তৰাবোৰক সৰু দেখোঁ।
প্রশ্ন ৭। সূৰ্যটো কোন দিশত ওলায় আৰু কোন দিশত মাৰ যায় ?
উত্তৰ : সূৰ্যটো পূব দিশত ওলায় আৰু পশ্চিম দিশত মাৰ যায়।
প্রশ্ন ৮। দিশ নির্ণয় কৰাৰ এটা সহজ উপায় লিখা।
উত্তৰ : ৰাতিপুৱা সূৰ্যটোৰ ফালে মুখ কৰি হাত দুখন দুই ফালে মেলি দিলে—সন্মুখৰ ফালে পূব, পিঠিৰ ফালে পশ্চিম, বাওঁ হাতৰ ফালে উত্তৰ আৰু সোঁহাতৰ ফালে দক্ষিণ দিশ হয়।
প্রশ্ন ৯। পৃথিবীৰ আটাইতকৈ ওচৰত থকা তৰাটো কি ?
উত্তৰ : পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰাটো হ’ল সূর্য।
প্রশ্ন ১০। ৰাতিৰ আকাশত তৰাবোৰক আমি কিদৰে দেখোঁ ?
উত্তৰ : ৰাতিৰ আকাশত আমি তৰাবোৰক তিৰ্ ৱিৰ্ কৰি থাকোঁতে দেখো।
প্রশ্ন ১১। চন্দ্ৰটোৰ আকাৰ আমি সলনি হোৱা দেখোঁ কিয় ?
উত্তৰ : চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা কাৰণেহে আমি চন্দ্ৰৰ আকাৰ সলনি হৈ থকা দেখোঁ।
প্রশ্ন ১২। গুৱাহাটীৰ তাৰকা গৃহত আকাশৰ কি কি বস্তু দেখা পোৱা যায় ?
উত্তৰ : গুৱাহাটীৰ তাৰকা গৃহত আকাশৰ সূৰ্য, চন্দ্ৰ, তৰা ইত্যাদি দেখা পোৱা যায়।
প্রশ্ন ১৩। চন্দ্ৰটো কেতিয়া নেদেখা হয় ?
উত্তৰ : পূৰ্ণিমাৰ পোন্ধৰ দিনৰ দিনা অমাৱস্যা বা আঁউসীৰ দিনা ২ চন্দ্ৰটো একেবাৰে নেদেখা হয়।
প্রশ্ন ১৪। অমাৱস্যা কেতিয়া হয় ?
উত্তৰ। পূৰ্ণিমাৰ পিছত পোন্ধৰ দিনৰ দিনা চন্দ্ৰটো একেবাৰে নেদেখা হোৱাত ঘোপমৰা আন্ধাৰ হয়। সেই দিনাই অমাৱস্যা হয়।
প্রশ্ন ১৫। সূৰ্য আৰু চন্দ্ৰৰ মাজত থকা দুটা পার্থক্য লিখা।
উত্তৰ : (ক) সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে। চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই।
(খ) সূৰ্যটো পৃথিবীৰ পৰা বহুত দূৰৈত আছে আনহাতে চন্দ্ৰটো পৃথিৱীৰ ওচৰত আছে।
প্রশ্ন ১৬। চন্দ্ৰটো পৃথিবীৰ নে সূর্যৰ চাৰিওফালে ঘূৰে ?
উত্তৰ : চন্দ্ৰটো পৃথিবীৰ চাৰিওফালে ঘুৰে।
প্রশ্ন ১৭। ৰামধেনু কেতিয়া দেখা দিয়ে? ই কোন দিশত ওলায় ?
উত্তৰ : বৰষুণ দিয়াৰ পাচত মেঘত থকা পানীৰ কণিকাবোৰত যেতিয়া বেলিৰ পোহৰ পৰে তেতিয়া ৰামধেনু দেখা দিয়ে। ই সূর্যৰ বিপৰীত দিশত ওলায়।
প্রশ্ন ১৮। আকাশত সূৰ্য, তৰা আৰু চন্দ্ৰৰ বাহিৰেও আৰু কি দেখোঁ ?
উত্তৰ : আকাশত সূর্য, তৰা আৰু চন্দ্ৰৰ বাহিৰেও ধূমকেতু, নেজাল তৰা আদি দেখো।
প্রশ্ন ১৯। কোনদিনটোক পূর্ণিমা বুলি গম পাওঁ ?
উত্তৰ : যিদিনা চন্দ্ৰটো সম্পূৰ্ণ ঘূৰণীয়া আৰু উজ্জ্বল বেছি হয় সেই দিনটোই পূর্ণিমা বুলি গম পাওঁ।
প্রশ্ন ২০। শুদ্ধ উত্তৰটো বাচি উলিওৱা :
(ক) আকাশত জোন, বেলি, তৰা আদি থাকে/নাথাকে।
উত্তৰ : আকাশত জোন, বেলি, তৰা আদি থাকে।
(খ) ৰাতিপুৱা আৰু সন্ধিয়া সূৰ্যটো নীলা/ৰঙচুৱা দেখি।
উত্তৰ : ৰাতিপুৱা আৰু সন্ধিয়া সূৰ্যটো ৰঙচুৱা দেখি।
(গ) দুপৰীয়া সময়ত বেলিৰ পোহৰে চকুত চাট মাৰি নধৰে/ধৰে।
উত্তৰ : দুপৰীয়া সময়ত বেলিৰ পোহৰে চকুত চাট মাৰি ধৰে।
(ঘ) তৰাবোৰ দিনত দেখা পোৱা যায়/নাযায়।
উত্তৰ : তৰাবোৰ দিনত দেখা পোৱা নাযায়।
(ঙ) সূর্যৰ পোহৰ তৰাৰ পোহৰতকৈ কম/বেছি।
উত্তৰ : সূৰ্যৰ পোহৰ তৰাৰ পোহবতকৈ বেছি।
(চ) চন্দ্ৰ/সূর্য পৃথিবীৰ আটাইতকৈ ওচৰত আছে।
উত্তৰ : চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে।
(ছ) ৰামধেনু বৰষুণ দিয়াৰ আগত/পিছত দেখা যায়।
উত্তৰ : ৰামধেনু বৰষুণ দিয়াৰ পিছত দেখা যায়।
(জ) তাৰকা গৃহত আকাশৰ বস্তুবোৰ চাব পাৰি/নোৱাৰি।
উত্তৰ : তাৰকা গৃহত আকাশৰ বস্তুবোৰ চাব পাৰি।
(ঝ) চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ আছে/নাই।
উত্তৰ : চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই।
(ঞ) চন্দ্ৰৰ আকাৰ আধা যেন দেখি সাত/আঠ দিনৰ দিনা।
উত্তৰ : চন্দ্ৰৰ আকাৰ আধা যেন দেখি আঠ দিনৰ দিনা।
(ট) প্ৰকৃততে চন্দ্ৰৰ আকাৰ সলনি হয়/নহয়।
উত্তৰ : প্ৰকৃততে চন্দ্ৰৰ আকাৰ সলনি নহয়।
প্রশ্ন ২১। খালী ঠাই পূৰ কৰা :
(ক) চন্দ্ৰটো –––––চাৰিওফালে ঘূৰে।
উত্তৰ : চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰে।
(খ) পৃথিৱী –––––চাৰিওফালে ঘূৰে৷
উত্তৰ : পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।
(গ) তাৰকা গৃহ –––––আছে।
উত্তৰ : তাৰকা গৃহ গুৱাহাটীত আছে।
(ঘ) সূৰ্যৰ নিজা –––––আৰু –––––আছে।
উত্তৰ : সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে।
(ঙ) সূৰ্যটো সদায় –––––ওলায় আৰু তাৰ –––––মাৰ যায়।
উত্তৰ : সূৰ্যটো সদায় একেফালে ওলায় আৰু তাৰ বিপৰীত ফালে মাৰ যায়।
(চ) বেলি এটা –––––৷
উত্তৰ : বেলি এটা তৰা।
(ছ) পোহৰ দিয়াবোৰেই হৈছে –––––৷
উত্তৰ : পোহৰ দিয়াবোৰেই হৈছে তৰা বা নক্ষত্র।
(জ) তৰাবোৰ দিনত দেখা পোৱা –––––৷
উত্তৰ : তৰাবোৰ দিনত দেখা পোৱা নাযায়।
প্রশ্ন ২২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা :
| ‘ক’ | ‘খ’ |
| সূৰ্যটো সদায় | তৰাবোৰ নেদেখি। |
| দিনৰ আকাশত | একেফালে উদয় হয়। |
| সূৰ্যৰ তীব্র পোহৰে | সূৰ্যৰ চাৰিওফালে ঘূৰে৷ |
| চন্দ্ৰৰ | চকুৰ অনিষ্ট কৰে। |
| পৃথিবীখনে | নিজা পোহৰ নাই। |
উত্তৰ :
| ‘ক’ | ‘খ’ |
| সূৰ্যটো সদায় | একেফালে উদয় হয়। |
| দিনৰ আকাশত | তৰাবোব নেদেখি। |
| সূৰ্যৰ তীব্র পোহৰে | চকুৰ অনিষ্ট কৰে। |
| চন্দ্ৰৰ | নিজা পোহৰ নাই। |
| পৃথিবীখনে | সূৰ্যৰ চাৰিওফালে ঘূৰে। |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

