Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা

Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা, SEBA Chapter 12 শিৱসাগৰ চাওঁ আহা Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

শিৱসাগৰ চাওঁ আহা

Chapter – 12

ক্রিয়া-কলাপ

ক-পাঠভিত্তিক ক্রিয়া

উত্তৰ দিয়া—

(১) (ক) অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত ক’লৈ গৈছিল?

উত্তৰঃ অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত শিৱসাগৰলৈ গৈছিল।

(খ) শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল?

উত্তৰঃ শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা হৈছিল।

(গ) কি দেখি অনিলহঁত অভিভূত হ’ল?

উত্তৰঃ তলাতল ঘৰৰ কাৰুকাৰ্য দেখি অনিলহঁত অভিভূত হ’ল।

(ঘ) আজান পীৰৰ দৰগাহ ক’ত আছে?

উত্তৰঃ আজান পীৰৰ দৰগাহ দিখৌ নৈৰ দাঁতিৰ সৰাগুৰি চাপৰিত আছে।

(ঙ) মৈদাম কি?

উত্তৰঃ মৈদাম হ’ল আহোম প্ৰথা মতে মৃতকক সমাধিস্থ কৰা ঠাই।

(চ) উভতি আহোঁতে তেওঁলোকে কি চাবলৈ মন কৰিছিল?

উত্তৰঃ উভতি আহোঁতে তেওঁলোকে কাজিৰঙাত থকা এটা খড়্গৰ গঁড় চাবলৈ মন কৰিছিল।

(২) (ক) অনিলহঁতক নিবলৈ বাছ আস্থানত কোন কোন ৰৈ আছিল?

উত্তৰঃ মাহীয়েকৰ পুতেক দীপক আৰু জীয়েক জাহ্নৱী বাছ আস্থানত ৰৈ আছিল।

(খ) অনিলহঁতে লগত টোকা বহী নিয়াৰ কাৰণ কি?

উত্তৰঃ অনিলহঁতে লগত টোকা বহী নিয়াৰ কাৰণ আছিল তেওঁলোকে শিৱসাগৰৰ পুৰণিকলিয়া কীৰ্তি চিহ্নবোৰ চাব। সেইবোৰৰ বিষয়ে টোকা বহীত লিখি ল’ব।

(গ) শিৱসাগৰত থকা কীর্তি চিহ্নসমূহ কি কি?

উত্তৰঃ শিৱসাগৰত থকা কীর্তি চিহ্নসমূহ হ’ল— স্বৰ্গদেউ শিৱসিংহই খন্দোৱা বিশাল পুখুৰী, শিৱদ’ল, বিষ্ণুদ’ল, দেৱীদ’ল, ৰংঘৰ, তলাতল ঘৰ, মৈদাম, আজান পীৰৰ দৰগাহ, কাৰেং ঘৰ আদি বহুতো আছে।

৩। তলত খেলিমেলিকৈ দিয়া শব্দ আৰু অৰ্থসমূহ মিলাই লিখা—

স্ফূৰ্তি, বাছ আস্থান, কীৰ্তি চিহ্ন, তন্ন তন্ন, অভিভূত, মৈদাম

উত্তৰঃ

শব্দঅৰ্থ
স্ফূৰ্তিআনন্দ।
বাছ আস্থানবাছ ৰখোৱা ঠাই।
কীৰ্তি চিহ্নকোনো লোকৰ নাম বা কোনো কাৰ্যৰ কথা চিৰকাললৈ উজ্জ্বলাই ৰাখিবলৈ নিৰ্মিত চিহ্ন
তন্ন তন্ন সূক্ষ্মভাৱে কৰা বিচাৰ; চালি-জাৰি চোৱা কাৰ্য।
অভিভূতবিহ্বল, তত হেৰোৱা।
মৈদামমৃতকক সমাধিস্থ কৰা ঠাই।
খ— ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

১। (ক) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা—

খড়্গ ড়্গ ড়+গ ড়ই গই ড়্গ

নক্সা ক্স ক+স কই সই ক্স

সান্ত্বনা ন্ত্ব ন+ত+ৱ নই তই ন্ত তাত ৱ-কাৰে ন্ত্ব

চিহ্ন হ্ন হ+ন হই নই হ্ন

(খ) যুক্তাক্ষৰ গঠন কৰোঁ আহা—

ড়+গ ড়ই গই ড়্গ

হ+ন হই নই হ্ন

ক+স কই সই ক্স

ন+ত+ৱ নই তই ন্ত তাত ৱ-কাৰে ন্ত্ব

২। উদাহৰণত দেখুওৱাৰ দৰে তলৰ বাক্যবোৰ ‘ৰ’, ‘ৰে’, ‘পৰা’, ‘ত’-ৰে পূৰ কৰা। 

উদাহৰণ— সান্ত্বনা অনিল ___ভনীয়েক। 

সান্ত্বনা অনিলৰ ভনীয়েক।

(ক) অনিলহঁত বাছে ____শিৱসাগৰলৈ গৈছিল।

উত্তৰঃ অনিলহঁত বাছেৰে শিৱসাগৰলৈ গৈছিল। 

(খ) সিহঁত শিৱসাগৰৰ ____আজি আহি পালে।

উত্তৰঃ সিহঁত শিৱসাগৰৰ পৰা আজি আহি পালে। 

(গ) শিৱসাগৰ ____ৰংঘৰ আছে।

উত্তৰঃ শিৱসাগৰত ৰংঘৰ আছে।

গ—জ্ঞান সম্প্ৰসাৰণ

১। তলৰ কবিতা কেইফাকি পঢ়ি তাত থকা যুক্তাক্ষৰ উদাহৰণত দিয়াৰ দৰে ভাঙি দেখুওৱা ৷

(ক) টেক্সিত উঠি সান্ত্বনা 

কাজিৰঙালৈ যায়,

এশিঙীয়া গঁড়ৰ দেখি 

ডিঙি মেলি মেলি চায়।

উত্তৰঃ টেক্সি ― ক্স ― ক+স

সান্ত্বনা ― ন্ত্ব ― ন+ত+ব

খড়্গ ― ড়্গ ― ড়+গ

(খ) আহ্নিক গতিৰ ফলত

হয় দিন-ৰাতি 

অপৰাহ্নই পাছবেলা

বেলি দিয়ে ভাটী।

উত্তৰঃ আহ্নিক ― হ্ন ― হ+ন

অপৰাহ্ন ― হ্ন ― হ+ণ

২। উত্তৰ দিয়া—

(ক) সান্ত্বনাই কাজিৰঙালৈ কিহেৰে গৈছিল? 

উত্তৰঃ সান্ত্বনাই টেক্সিৰে কাজিৰঙালৈ গৈছিল।

(খ) এশিঙীয়া গঁড় ক’ত পোৱা যায়?

উত্তৰঃ কাজিৰঙাত এশিঙীয়া গঁড় পোৱা যায়। 

(গ) সান্ত্বনাই ডিঙি মেলি কি চাইছিল?

উত্তৰঃ সান্ত্বনাই ডিঙি মেলি মেলি এশিঙীয়া গঁড়ৰ খড়্গ চাইছিল। 

(ঘ) দিন-ৰাতি কিহৰ ফলত হয়?

উত্তৰঃ আহ্নিক গতিৰ ফলত দিন-ৰাতি হয়।

(ঙ) পাছবেলাক কি বুলি কয়?

উত্তৰঃ পাছবেলাক অপৰাহ্ন বুলি কয়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top