🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই

Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই, SEBA Chapter 13 কামৰ সৰু-বৰ নাই Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

কামৰ সৰু-বৰ নাই

Chapter – 13

ক্রিয়া-কলাপ

ক— পাঠভিত্তিক ক্রিয়া

উত্তৰ দিয়া—

(ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি?

উত্তৰঃ চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ’ল এটা লোৰ চতি।

(খ) চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন?

উত্তৰঃ চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন হ’ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, এজন জমাদাৰ।

(গ) অৱশেষত চিপাহীকেইজনক সহায় কৰিবলৈ কোন আগবাঢ়ি আহিল?

উত্তৰঃ অৱশেষত চিপাহীকেইজনক সহায় কৰিবলৈ ঘোঁৰাত উঠি অহা মানুহজন আগবাঢ়ি আহিল।

(ঘ) প্রধান সেনাপতিজনৰ নাম কি?

উত্তৰঃ প্রধান সেনাপতিজনৰ নাম হ’ল জৰ্জ ৱাছিংটন।

(ঙ) প্রধান সেনাপতিজন পাছলৈ কি পদত অধিষ্ঠিত হয়?

উত্তৰঃ প্রধান সেনাপতিজন পাছলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতপূর্ব ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।

২। কোনে, কাক কৈছিল?

(ক) “ধৰ ধৰ পাৰিবি, উঠিল, দে, দে, বল দে।”

উত্তৰঃ জমাদাৰে তেওঁৰ তলতীয়া চিপাহীসকলক কৈছিল।

(খ) “চিপাহীকেইজনে চতিটো তুলিব পৰা নাই। আপুনি অলপ হাত-উজান দিলেই দেখোন চতিটো ওপৰলৈ উঠে।”

উত্তৰঃ ঘোঁৰাত উঠি থকা জমাদাৰক কৈছিল।

৩। পাঠত থকা ধৰণে দফাটো সম্পূর্ণ কৰোঁ আহা—

ঘোঁৰাত উঠি থকা মানুহজনে কিছুপৰ_________ চাই থাকিল।___________ আকৌ আদেশ দিলে— “পাৰিবিহঁক, দে বল দে, এই____________”। ___________ কি হ’ব, চিপাহীকেইজনৰ__________ আঁটিলেহে; তেওঁলোকে চতিটো ___________ বাৰে বাৰে__________ কৰি___________ হৈ পৰিল।

উত্তৰঃ ঘোঁৰাতা উঠি থকা মানুহজনে কিছুপৰ ঘটনাটো চাই থাকিল। জমাদাৰ চাহাবে আকৌ আদেশ দিলে— “পাৰিবিহঁক, দে বল দে, এই উঠিল।” কিন্তু কি হ’ব, চিপাহীকেইজনৰ শক্তিয়ে আঁটিলেহে! তেওঁলোকে চতিটো তুলিবলৈ বাৰে বাৰে চেষ্টা কৰি লেবেজান হৈ পৰিল।

৪। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা—

থমকি, চেষ্টা, লজ্জিত, উজান, হুঁটা, সক্ষম, প্ৰধান, শংকিত, ভেম

উত্তৰঃ

শব্দঅৰ্থ
থমকিৰৈ যোৱা।
চেষ্টাযত্ন।
লজ্জিতলাজ পোৱা।
উজানআগুৱাই অহা।
হুঁটাঅশিষ্ট।
সক্ষমদক্ষ।
প্ৰধানমুখ্য, মুৰব্বী।
শংকিতভীত, ভয়পোৱা।
ভেমগৰ্ব।

৫। উদাহৰণ দিয়া ‘ং’ — শব্দটো পঢ়া। দলত আলোচনা কৰি তেনে আৰু পাঁচটা ‘ং’ — যুক্ত শব্দ লিখা। উদাহৰণ— সংকেত,

উত্তৰঃ সংঘাত, সংস্থা, দলং, সংবাদ, সংগ্ৰাম।

খ— ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

১। ফুলৰ পাহিত থকা শব্দৰে বাক্য কেইটা সম্পূৰ্ণ কৰা।

(ক) মনোজে_____________ মোনাটো দাঙি নিছে।

উত্তৰঃ মনোজে কেঁকো-জেকোকৈ মোনাটো দাঙি নিছে।

(খ) মোৰ পলম হ’ল,_____________ নধৰিব।

উত্তৰঃ মোৰ পলম হ’ল, দায়-দোষ নধৰিব।

(গ) ৰাইজে______________ দিয়াত কামটো সহজে সমাধা হল।

উত্তৰঃ ৰাইজে হাত-উজান দিয়াত কামটো সহজে  সমাধা হল।

গ— জ্ঞান সম্প্ৰসাৰণ

১। শুদ্ধ যুক্তাক্ষৰটো লিখা—

প + ত = প্ত, তপ

ক + ত = তক, ক্ত

ন + ত = ন্ত, ত্ন

উত্তৰঃ প + ত = প্ত।

ক + ত = ক্ত।

ন + ত = ন্ত।

২। কি কি আখৰ যোগ হৈ যুক্তাক্ষৰটো গঠন হৈছে ভাঙি লিখা—

প্ল, দ্দ, ক্ল, হ্ন

উত্তৰঃ প্ল = প + ল

দ্দ = দ + দ

ক্ল = ক + ল

হ্ন = হ + ন

৩। পঢ়া আৰু লিখা:

দীপ্ত দী—, বিপ্লৱ বি–ৱ, উত্তৰ উ–ৰ, ৰক্ত ৰ–, পঞ্জাৱ প–ৱ, অন্ত অ–।

উত্তৰঃ দীপ্ত, বিপ্লৱ, উত্তৰ, ৰক্ত, পঞ্জাৱ, অন্ত।

৪। সৰুৰে পৰা সকলোৰে ভাল হোৱাৰ হাবিয়াস কৰে। জর্জ বাছিংটনে তেনে হাবিয়াস কৰি একাগ্রতা আৰু পৰিশ্ৰমৰ বলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিলগৈ। এই কথাষাৰৰ আলমত—

এতিয়া ভাবা আৰু কোৱা।

(ক) তুমি ভবিষ্যতলৈ কি হোৱাৰ ইচ্ছা কৰা?

উত্তৰঃ তোমালোকে নিজৰ নিজৰ ইচ্ছা মতে লিখা।

(খ) তোমাৰ সেই ইচ্ছা পূৰ কৰিবলৈ এতিয়াৰে পৰা কি কি কৰিব লাগিব?

উত্তৰঃ মই সেই ইচ্ছা পূৰ কৰিবলৈ এতিয়াৰে পৰা ভালদৰে পঢ়িব লাগে। 

৫। দফাটো পঢ়ি তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়া—

তোমালোকে, বাৰু ঘৰুৱা কাম-বনবোৰ কৰানে? ঘৰুৱা কাম মানে ঘৰ সৰা, বিছনা পৰা, দুৱাৰ-খিৰিকী খোলা, নিজৰ কাপোৰ আৰু নিজৰ খোৱা বাচন নিজে ধোৱা ইত্যাদি। মহাত্মা গান্ধীয়েও নিজৰ ঘৰ নিজে সাৰিছিল, জোতা, পলিচ কৰি লৈছিল। আনকি নিজৰ শৌচাগাৰ নিজে চাফা কৰিছিল। তেওঁ যতৰত সূতা কাটি কাপোৰ বৈ লৈছিল। তেওঁৰ দৰে আমিও সৰুৰে পৰা নিজৰ ওপৰত নির্ভৰশীল হ’বলৈ চেষ্টা কৰিব লাগে।

(ক) ঘৰুৱা কাম-বনবোৰ কি কি?

উত্তৰঃ ঘৰুৱা কাম-বনবোৰ হ’ল ঘৰ-চোতাল সৰা, বিচনা পৰা, কাপোৰ-কানি ধোঁৱা আদি বহুতো কাম-বন আছে।

(খ) তোমালোকৰ ঘৰুৱা কাম কোনে কৰে?

উত্তৰঃ মা-দেউতা আৰু মই।

(গ) তুমি ঘৰত কি কি কাম কৰা?

উত্তৰঃ মই ঘৰত বিচনা পাৰো, ঘৰ-চোতাল সাৰো।

(ঘ) তুমি ঘৰ চাফা কৰিবলৈ কি কি সঁজুলি ব্যৱহাৰ কৰা?

উত্তৰঃ মই ঘৰ চাফা কৰিবলৈ ঘৰ সৰা ঝাৰু, চোতাল সাৰিবলৈ বাঢ়নি, বস্তু মচিবলৈ বেয়া কাপোৰ, আদি ব্যৱহাৰ কৰো।

(ঙ) মহাত্মা গান্ধীয়ে নিজে কৰা কামবোৰ কি কি?

উত্তৰঃ মহাত্মা গান্ধীয়ে নিজে নিজৰ ঘৰ সাৰিছিল, জোতা পলিচ কৰি লৈছিল। আনকি নিজৰ শৌচাগাৰ নিজে চাফা কৰি লৈছিল।আৰু তেওঁ যঁতৰত সূতা কাটি নিজে কাপোৰ বৈ লৈছিল।

৬। কোনে কি কৰিছে কোৱা—

(ক) মানুহজনে কি কৰি আছে?

উত্তৰঃ মানুহজনে জোতা পলিচ কৰিছে।

(খ) বনুৱাজনে মূৰত কি কঢ়িয়াইছে?

উত্তৰঃ বনুৱাজনে মূৰত বাকচ আৰু টোপোলা এটা কঢ়িয়াইছে।

(গ) মানুহ দুজনে কি ঠেলিছে?

উত্তৰঃ মানুহ দুজনে গাড়ী ঠেলা দেখা গৈছে।

(ঘ) মানুহজনীয়ে কি কাম কৰিছে?

উত্তৰঃ মানুহজনীয়ে বাচন-বর্তন ধোৱা দেখা গৈছে।

৭। তুমি কি কি কৰি ভাল পোৱা?

উত্তৰঃ মই চাফ-চিকুণ হৈ থাকিবলৈ ঘৰ সৰা, পঢ়াৰ মেজ পাৰিপাটি কৈ ৰখা, কাপোৰ-কানি পৰিষ্কাৰ কৰি ৰাখিবলৈ, ঘৰৰ মকৰা জাল গুচাবলৈ ভাল পাওঁ।

৮। বিদ্যালয়ত তোমালোকে কি কি কাম কৰা? কোৱা আৰু লিখা।

উত্তৰঃ আমি বিদ্যালয় গৃহ আৰু ইয়াৰ চৌহদ চাফা কৰি ৰাখিবলৈ ঘৰ সৰা, চৌহদৰ বন-জাৱৰ আঁতৰ কৰা আদি কাম কৰোঁ।

ঘ— প্ৰকল্প

১। এতিয়ালৈকে পোৱা তোমাৰ চিনাকি যুক্তাক্ষৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ জ‍্য, স্য, ব্য, ন্ঠ, ল্প, ম্ভ, ম্ভ্ৰ, স্ক, স্কৃ, ব্রু, ধ্ৰু, স্ম, ল, শ্ৰূ, গ্ধ, দ্ব, স্ত্র, র্ত্য, ত্ন, গ্ধ, স্ত, স্ত্র, গ্ন, ঘ্ন, প্ল, ম্ন, স্ন, দ্ৰ, দ্ধ, দ্দ, ঞ্চ, , স্ক, ন্ধ, দ, প্ত, হ্ব, স্ৰ, ষ্ণ, ৰূ, ক্ট, জ্জ, গ্ল, জ্ঞ, न, ন্ন, চ্ছ, ত্ন, ডা, ক্স, জ্ব, ফ, হু, ক্ত, প্ত ইত্যাদি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top