🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 3 Assamese Chapter 14 মৰমৰ আই

Class 3 Assamese Chapter 14 মৰমৰ আই, SEBA Chapter 14 মৰমৰ আই Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

মৰমৰ আই

Chapter – 14

ক্রিয়া-কলাপ

ক— পাঠভিত্তিক ক্ৰিয়া

১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা।

উত্তৰঃ তোমালোকে নিজে কৰা।

২। দলত ভাগ হৈ ক্ৰম অনুসৰি পাদ্যটিৰ একোটিকৈ দফা আবৃত্তি কৰোঁ আহা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।

৩। উত্তৰ দিয়া—

(ক) (i) ‘মৰমৰ আই’ পদ্যটিৰ কবিগৰাকীৰ নাম কি?

উত্তৰঃ ‘মৰমৰ আই’ পদ্যটিৰ কবিগৰাকীৰ নাম হ’ল আনন্দচন্দ্ৰ আগৰৱালা।

(ii) কোনে আমাক তুলি-তালি ডাঙৰ দীঘল কৰে?

উত্তৰঃ আমাৰ মৰমৰ পূজনীয়া আই য়ে আমাক তুলি-তালি ডাঙৰ দীঘল কৰে।

(iii) আইৰ মাতটো কেনেকুৱা?

উত্তৰঃ আইৰ মাতটো মউসনা মিঠা মাত।

(iv) “মোৰ প্ৰতি এনে যাৰ মৰম অসীম”— ‘যাৰ’ বুলি কাক কোৱা হৈছে?

উত্তৰঃ “মোৰ প্ৰতি এনে যাৰ মৰম অসীম”— ‘যাৰ’ বুলি আমাৰ মৰমৰ আইক কোৱা হৈছে।

(খ) (i) কি কি কাৰণত আই আমাৰ অতি পূজনীয়া?

উত্তৰঃ আয়ে আমাক অতি কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰে। মৰম, স্নেহ,আদি কৰাটো আই আমাৰ পূজনীয়া। প্ৰথম খোজ ল’লে অত তত ধৰি পৰবলৈ ধৰিলে আই আমাৰ ততালিকে ধৰে। টোপনি নিয়াবলৈ আই আমাক নাম, গুণ গাই শুৱাইছিল। এইবোৰ    কাৰণতে আই আমাৰ  অতি পূজনীয়।

(ii) আয়ে কেনেদৰে নিচুকাইছিল?

উত্তৰঃ আয়ে নাম গুণ গাই নিচুকাইছিল।

(iii) নৰিয়া হ’লে আয়ে কি কি কৰে?

উত্তৰঃ নৰিয়া হ’লে একেথিৰে মুখলৈ চাই, হুমুনিয়াহ কাঢ়ি, উজাগৰে ৰাতি কটায় আৰোগ্যৰ বাবে সকলো চেষ্টা কৰে।

৪। বাক্য সাজা—

মৰম, তুলি-তালি, পূজনীয়া, চেনেহ

উত্তৰঃ মৰমঃ সকলো মা-দেউতাই নিজৰ সন্তানক মৰম কৰে।

তুলি-তালিঃ আয়ে আমাৰ তুলি-তালি ডাঙৰ দীঘল কৰিছিল।

পূজনীয়াঃ সকলো সন্তানৰ বাবে আই পূজনীয়া থাকে।

চেনেহঃ মায়ে আমাক চেনেহ কৰে।

খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

১। তলত দিয়া অমিল যুক্তাক্ষৰ শব্দটো বাছি কাষৰ ঘৰত লিখা।

(ক) গ্রহ, উগ্র, ভদ্র, গ্রাম

উত্তৰঃ ভদ্র।

(খ) সত্য, খাদ্য, অমাত্য, নিত্য

উত্তৰঃ খাদ্য।

(গ) কষ্ট, নষ্ট, সস্তা, দুষ্ট

উত্তৰঃ সস্তা।

(ঘ) যুগ্ম, গুল্ম, অযুগ্ম, বাগ্মী

উত্তৰঃ গুল্ম।

২। তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ পদ্যটিত আছে। বিচাৰি উলিয়াই লিখা। 

উদাহৰণঃ ডাঙৰ – সৰু।

পলম, তিতা, পিতা, হঁহা, সুখ।

উত্তৰঃ

শব্দঅৰ্থ
পলমততালিকে।
তিতামিঠা।
পিতাআই।
হঁহাকন্দা।
সুখদুখ।

৩। শব্দৰ খেল-দলত আলোচনা কৰি প্রথম আখৰটোৰে আৰম্ভ হোৱা শব্দ লিখা—

উদাহৰণ– মৰম — মলম — মটৰ — মকৰা

(ক) কলম — — — 

(খ) পদুম — — —

(গ) গজালি — — —

(ঘ) লতা — — —

উত্তৰঃ (ক) কলম — কদম — কল — কুকুৰা।

(খ) পদুম — পঙ্কজ — পদ্ম — পখিলা।

(গ) গজালি — গৰু — গজৰ — গাখীৰ।

(ঘ) লতা — লৰা — লঙ্কা — ললিত।

গ— জ্ঞান সম্প্ৰসাৰণ

১। ভাবা আৰু কোৱা।

(ক) নৰিয়া হ’লে মাকে আল্-পৈচান ধৰে বুলি পদ্যটোত পাইছা। তোমাৰ নৰিয়া হ’লে কোনে কোনে তোমাৰ আল-পৈচান ধৰে?

উত্তৰঃ মোৰ নৰিয়া হ’লে দেউতাই চিকিৎসকৰ ওচৰলৈ গৈ ঔষধপাতি আনে। আয়ে গৰম পানীৰে ভবি হাত ধোৱাই দি আদৰ-যত্ন কৰি ৰাখে আৰু আৱশ্যকীয় খাদ্যৰ যোগান ধৰে।

(খ) কোন কোন তোমাৰ মৰমৰ?তেওঁলোকক তোমাৰ কিয় মৰম লাগে?

উত্তৰঃ ভাইটি আৰু ভনীজনী মোৰ বৰ মৰমৰ। সিহঁত মোতকৈ সৰু বাবে সিহঁতলৈ মৰম লাগে।

২। মাকৰ সীমাহীন মৰমৰ বাবে কবিয়ে চেনেহ ভকতি বঢ়াৰ কথা কৈছে। তুমি তোমাৰ অভিভাৱক আৰু শিক্ষকৰ বাবে কি কি কৰিম বুলি ভাবিছা?

উত্তৰঃ মাকৰ সীমাহীন মৰমৰ বাবে কবিয়ে চেনেহ ভকতি বঢ়াৰ কথা কৈছে।মই মোৰ অভিভাৱক আৰু শিক্ষকৰ বাবে পঢ়ি শুনি নিজৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিম।

ঘ— প্ৰকল্প

১। স্থান বিশেষে আমি আইক আই, মা, আম্মা, বৌটি, মাই আদিৰে সম্বোধন কৰি মাতোঁ। তোমালোকৰ ঠাইত আইক কোনো কি সম্বোধেনেৰে মাতে জানি লৈ লিখা।

উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।

২। আই, মা, জনীক লৈ ৰচনা কৰা পদ্য/কবিতা/গান সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ ডাঙৰব পৰামৰ্শ লৈ পুথিভঁৰালৰ পৰা এনে পদ্য/কবিতা/গান থকা গ্রন্থ সংগ্ৰহ কৰি তাৰপৰা লিখি উলিয়াই এলবামটো নিজে প্রস্তুত কৰা।

৩। কেঁচুৱাক উমলিবলৈ দিয়া সামগ্ৰীবোৰৰ তালিকা কৰা।

উত্তৰঃ কেঁচুৱাক উমলিবলৈ দিয়া সামগ্ৰীবোৰ হ’ল হৰেক ৰকমৰ প্লাষ্টিক জাতীয় খেলৰ সামগ্ৰী যেনে টেনিছ বল, ক্রিকেট খেলা বেট, বল, বন্ধা-বঢ়া সা-সঁজুলি, পুতলা, মটৰ গাড়ী ইত্যাদি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 3 Assamese Chapter 14 মৰমৰ আই”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top