Class 3 Assamese Chapter 4 আগলি বাঁহত বগলীৰ বাহ

Class 3 Assamese Chapter 4 আগলি বাঁহত বগলীৰ বাহ, SEBA Chapter 4 আগলি বাঁহত বগলীৰ বাহ Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

আগলি বাঁহত বগলীৰ বাহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Chapter – 4

ক্রিয়া-কলাপ

ক— পাঠভিত্তিক ক্ৰিয়া

১। পদ্যটি আবৃত্তি কৰোঁ আহা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।

২। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে পঢ়া।

৩। পদ্যটিৰ লগত থকা থকা ছবিকেইখন চোৱা আৰু বৰ্ণনা কৰা।

উত্তৰঃ প্ৰথম ছবিখনত ল’ৰা-ছোৱালীবোৰে দীঘল বৰহাঁকুটি এডালেৰে আম পাৰি আছে। দ্বিতীয় ছবিখনত বাঁহ গছৰ ওপৰত দুটা বগলীয়ে বাহ সাজিছে। তৃতীয় ছবিখনত খগেনক খুৰাকে বগলীৰ বাহটোৰ কথা কৈ থকা দেখা গৈছে। চতুৰ্থ খন ছবিত বজাৰৰ দৃশ্য দেখা গৈছে। পঞ্চম ছবিখনত খগেনে খুৰাকক হাতত ধৰি আগবঢ়াই দিছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। তলৰ প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা—

(ক) আমৰ ডাল কোনে লৰাইছে?

উত্তৰঃ আমৰ ডাল ল’ৰাহঁতে লৰাইছে।

(খ) আমৰ ডাল লৰোৱা সঁজুলিটো কি?

উত্তৰঃ আমৰ ডাল লৰোৱা সঁজুলিটো হ’ল বৰহাঁকুটি।

(গ) গছৰ কাষতে কি আছে?

উত্তৰঃ গছৰ কাষতে বাঁহ গছজোপা আছে।

(ঘ) বগা বগলীৰ বাহ ক’ত আছে?

উত্তৰঃ বগা বগলীৰ বাহ বাঁহ গছত আছে।

(ঙ) আলি-বাটটো কিয় পিছল হৈছে?

উত্তৰঃ আলি-বাটটো বৰষুণ পৰাৰ বাবে পিছল হৈছে।

খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

১। তলৰ শব্দবোৰ শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু কাষৰ বাকচত লিখা—

কত কত

গাত……

কলা……

ক’ত…….

গাঁত…….

ক’লা…….

বল……….

বাঁহ………..

মহ………….

ব’ল………….

বাহ…………..

ম’হ……………

উত্তৰঃ কত কত

ক’ত ক’ত

বল বল

ব’ল ব’ল

গাত গাত

গাঁত গাঁত

বাঁহ বাঁহ

বাহ বাহ

কলা কলা

ক’লা ক’লা

মহ মহ

ম’হ ম’হ

২। উপযুক্ত স্থানত অ’- কাৰ (’) বহুৱাই বাক্যটো শুদ্ধকৈ লিখোঁ আহা—

(ক) ল’ৰাবিলাকে পথাৰত লৰা-ঢপৰা কৰিছে।

উত্তৰঃ লৰাবিলাকে পথাৰত লৰা-ঢপৰা কৰিছে।

(খ) মহটোৱে পথাৰত মহৰ কামোৰত নেজ লৰাইছে।

উত্তৰঃ ম’হটোৱে পথাৰত মহৰ কামোৰত নেজ লৰাইছে।

(গ) সিহঁতে দলবান্ধি শিৱদল চাবলৈ গৈছে।

উত্তৰঃ সিহঁতে দলবান্ধি শিৱদ’ল চাবলৈ গৈছে।

৩। তলৰ খালী ঠাইত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা—

(ক) বগা বগলী __________ কাউৰী।

উত্তৰঃ বগা বগলী ক’লা কাউৰী।

(খ) শুকান ঘাঁহ ___________ ঘাঁহ।

উত্তৰঃ শুকান ঘাঁহ কেঁচা ঘাঁহ।

(গ) দুষ্ট ল’ৰা ____________ ল’ৰা।

উত্তৰঃ দুষ্ট ল’ৰা শান্ত ল’ৰা।

(ঘ) মিঠা আম _____________ আম।

উত্তৰঃ মিঠা আম টেঙা আম।

৪। উদাহৰণটো ভালদৰে পঢ়া। তলত দিয়া শব্দকেইটাৰে বাক্য গঠন কৰা—

পঢ়, খায়

উদাহৰণ— নাচ জুনুকাই নাচে।

জুনুকাই নানাচে।

জুনুকাই নাচেনে?

পঢ়— ৰাহুলে পঢ়ে।_____________?

খায়— নীলাই__________।

নীলাই নাখায়।_____________?

উত্তৰঃ পঢ়— ৰাহুলে পঢ়ে।

ৰাহুলে নপঢ়ে।

ৰাহুলে পঢ়েনে?

খায়— নীলাই খায়।

নীলাই নাখায়।

নীলাই খায়নে?

৫। শব্দৰ উপযুক্ত স্থানত চন্দ্র বিন্দু (ঁ) বহুৱাই কাষৰ বাকচত লিখা—

(ক) বগলীয়ে বাহ গছত বাহ সাজিছে।

উত্তৰঃ বগলীয়ে বাঁহ গছত বাহ সাজিছে।

(খ) ম’হবোৰে দলনিত ঘাই খাই আছে।

উত্তৰঃ ম’হবোৰে দলনিত ঘাঁহ খাই আছে।

(গ) ল’ৰাহতে হাকুটিৰে আম পাৰিছে।

উত্তৰঃ ল’ৰাহঁতে হাঁকুটিৰে আম পাৰিছে।

(ঘ) আইতাই দাত উলিয়াই হাহিছে।

উত্তৰঃ আইতাই দাঁত উলিয়াই হাঁহিছে।

৬। অৰ্থ জানি লৈ বাক্য গঠন কৰোঁ আহা—

হাটঃ আমাৰ অঞ্চলত দেওবাৰে হাট বহে।

হাতঃ হাতেৰে আমি কাম কৰোঁ।

বাহ, বাঁহ, কত, ক’ত

উত্তৰঃ বাহঃ গছৰ ডালত চৰায়ে বাহ সাজিছে।

বাঁহঃ বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ।

কতঃ বাগিচাত কত ধৰণৰ আম আছে।

ক’তঃ তোমাৰ ঘৰ ক’ত আছে।

গ— জ্ঞান সম্প্ৰসাৰণ

১। সাঁথৰ ভাঙো আৰু কওঁ আহা—

(ক) পাঁচটা আখৰেৰে মোৰ নামটি গঠিত, মিঠাফল বুলি সবাৰো বিদিত। প্রথমে দ্বিতীয়ই মিলি মৌ-ৰস বুজাওঁ, প্রথমে পঞ্চমে মিলি পোহৰ বিলাওঁ, চতুর্থই পঞ্চমে মিলি এটি ফল হওঁ, ভাবি-গুণি কোৱাচোন মই কোন হওঁ?

উত্তৰঃ মধুৰীআম।

(খ) বাঘৰ দৰে জঁপিয়ায় কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায় তুলাৰ দৰে ভাঁহে।

উত্তৰঃ ভেকুলী।

২। ল’ৰাহঁতে হাঁকুটিৰে আম পাৰিছে। তোমালোকে ওখ গছ-বিৰিখৰ পৰা কিহেৰে আৰু কেনেকৈ ফল-ফুল পাৰা তাৰ এখন তালিকা কৰা।

উত্তৰঃ ওখ গছ-বিৰিখৰ পৰা তলত দিয়া উপায়বোৰ অৱলম্বন কৰি ফল-ফুল পাৰা হয়।

গছত-উঠি, হাঁকুটিৰে হেঁচুকি, ফর্মুটি দলিয়ায় ফল-ফুল পাৰা হয়।

৩। খগেনে ৰুগীয়া খুৰাকক হাতত ধৰি নিছিল। তোমালোকৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ’লে তুমি কি কৰা?

উত্তৰঃ আমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ’লে পৰিয়ালৰ লোকমিলিয়ে আলোচনা কৰি আৰু আৱশ্যক হ’লে চুবুৰীৰ লোকৰ দিহা-পৰামৰ্শ লৈ ৰোগীজনক চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ, ঘৰত থকা সময়ছোৱাত ৰোগীজনে যাতে কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে তেওঁৰ ওচৰত থাকি তেওঁক আৱশ্যকীয় সহায় আগবঢ়াওঁ।

ঘ- প্রকল্প

১। ডাঠ কাগজত বিভিন্ন চৰাইৰ বাহৰ ছবি আঁকা।

উত্তৰঃ নিজে কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top