🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 3 Assamese Chapter 5 মাকণৰ চিঠি

Class 3 Assamese Chapter 5 মাকণৰ চিঠি, SEBA Chapter 5 মাকণৰ চিঠি Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

মাকণৰ চিঠি

Chapter – 5

ক্রিয়া-কলাপ

ক— পাঠভিত্তিক ক্ৰিয়া

উত্তৰ দিয়া—

(১) (ক) মিস্ত্রিজনে প্রধান শিক্ষকক কাগজত কি লিখি দিলে?

উত্তৰঃ মিস্ত্রীজনে তেওঁ কৰা কামৰ বাবদ পাবলগা টকাৰ হিচাপখিনি কাগজ এখনত লিখি প্রধান শিক্ষকক দিলে।

(খ) মিস্ত্রিজনে স্কুলত কি কাম কৰিছিল?

উত্তৰঃ মিস্ত্রিজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল।

(গ) প্রধান শিক্ষকে মিস্ত্রিজনক টকা কেইটামান দিয়া দেখি মাকণে কি ভাবিলে?

উত্তৰঃ প্রধান শিক্ষকে মিস্ত্রিজনক টকা কেইটামান দিয়া দেখি মাকণে ভাবিলে ঘৰত দেখোন তায়ো কাম কৰি মাকক সহায় কৰি দিয়ে; তায়ো তেনেহ’লে মাকৰ পৰা পইচা বিচাৰিব পাৰো দেখোন।

(ঘ) কামবোৰৰ বাবে মাকণে মাকৰ পৰা কি বিচাৰিছে?

উত্তৰঃ কামবোৰৰ বাবে মাকণে মাকৰ পৰা বাচন ধোৱাৰ বাবে এটকা আৰু ঘৰ সৰাৰ বাবে দুটকা, মুঠতে তিনি টকা বিচাৰিছে।

(২) (ক) স্কুলৰ পৰা আহি মাকণে কি কি কৰিলে?

উত্তৰঃ স্কুল ছুটীৰ পাছত মাকণ ঘৰলৈ উভতিল। মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৰকৈ খালে। ৰাহি হোৱা খোৱা বস্তুখিনি ঢাকি-ঢুকি সামৰি থ’লে। ভাত খোৱা বাচনখিনিও ধুলে আৰু কোঠালিটো সাৰি আঁটালে। তাৰ পাছত মাকণ নিজৰ পঢ়া মেজলৈ গ’ল।

(খ) মাকে চিঠিত মাকণৰ বাবে কৰা কি কি কামৰ হিচাপ দিছে?

উত্তৰঃ মাকে চিঠিত মাকণক তুলি-তালি আঠ বছৰীয়া কৰা, কাপোৰ-কানি ধুই দিয়া, ৰান্ধি-বাঢ়ি খুওৱা, বেমাৰত টোপনি ক্ষতি কৰি শুশ্রূষা কৰা আদি কামৰ হিচাপ দিছে।

(গ) মাকৰ চিঠিখন পঢ়ি মাকণে কি কি শিকিলে?

উত্তৰঃ মাকৰ চিঠিখন পঢ়ি মাকণে কিদৰে ডাঙৰ বা সৰুলৈ চিঠি লিখিব লাগে সেয়া শিকাৰ লগতে নিজৰ ঘৰখনত কৰা কামৰ বাবে যে পইচা বিচাৰিব নালাগে সেই কথাটোও ভালদৰে শিকিলে।

(৩) চিঠি লিখোঁতে কালৈ কেনেকৈ সম্বোধন কৰি লিখিবা?

(ক) মাৰালৈ

উত্তৰঃ পূজনীয়া অথবা শ্ৰদ্ধেয়।

(খ) দেউতাৰালৈ

উত্তৰঃ পূজনীয়া অথবা শ্ৰদ্ধেয়।

(গ) সৰুলৈ

উত্তৰঃ মৰমৰ

(ঘ) বন্ধুলৈ

উত্তৰঃ প্রিয়।

৪। চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক’ত লিখিব লাগে?

উত্তৰঃ চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ওপৰত লিখিব লাগে।

৫। ঠিকনাত কি কি লিখিব লাগে?

উত্তৰঃ ঠিকনাত যালৈ চিঠি দিয়া হয়— তেওঁৰ নাম, গাঁও বা নগৰৰ নাম, ডাকঘৰ, জিলাৰ নাম আৰু পিনকোড সম্পূৰ্ণকৈ লিখিব লাগে।

৬। খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে?

উত্তৰঃ খামৰ ওলোটা পিঠিত যিজনে চিঠি লিখে তেওঁৰ নাম-ঠিকনা লিখিব লাগে।

৭। চিঠি কেনেকৈ পঠিয়াব লাগে লিখা।

উত্তৰঃ ডাকঘৰৰ জৰিয়তে চিঠি পঠিয়াব খুজিলে চিঠিখন খামত ভৰাই আঠা লগাই খামৰ ওপৰত যালৈ পঠিওৱা হয় তেওঁৰ ঠিকনা লিখিব লাগে। লগতে খামৰ ওপৰত ডাক টিকট লগাই ডাক বাকচত ভৰাই থৈ আহিব লাগে।

খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

১। যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা—

উত্তৰঃ বিস্ময় = স্ম স+ম সই মই স্ম

বিপ্লৱ = প্ল প+ল পই লই প্ল

শুশ্রূষা = শ্রূ শ+ৰ+ঊ শই ৰই শ্ৰ তাত ঊ কাৰে শ্রূ

২। যুক্তাক্ষৰ গঠন কৰোঁ আহা—

উত্তৰঃ স + ম  সই মই স্ম

প+ল পই লই প্ল

শ+ৰ+ঊ শই ৰই শ্ৰ তাত ঊ কাৰে শ্রূ

৩। খালী ঠাইত যুক্তাক্ষৰ লিখি পঢ়োঁ আহা—

উদাহৰণ— ৰণ—স্মৰণ

উত্তৰঃ স্ম = বিস্ময় বিস্মিত স্মাৰক 

প্ল = প্লাৱন প্লাম প্লেগ 

শ্রূ = শুশ্রূষা শুশ্রূষাকাৰিণী

৪। তলৰ বাক্যত চিন দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা—

(ক) স্কুলৰ পৰা আহি ৰীতাই দেখিলে যে ঘৰৰ আগফালৰ দুৱাৰখন বন্ধ হৈ আছে।

(খ) লৰালৰিকৈ তাই কাষতে থকা বাওঁফালৰ সৰু খিৰিকীখন টানি চালে। 

(গ) সেইখনো টান, খুলিব নোৱাৰি।

(ঘ) খেলিবলৈ নাপাব বুলি তাইৰ বেজাৰ লাগিল।

উত্তৰঃ

শব্দবিপৰীত অৰ্থ বুজোৱা শব্দ
আগফালপাছফাল
বন্ধমুক্ত, খোলা
কাষতনিলগত, আঁতৰত, দূৰৈত
সৰুডাঙৰ
টানঢিলা
নোৱাৰিপাৰি
নাপাবপাব
বেজাৰআনন্দ

৫। পাঠটো পঢ়ি পাঠত থকা যুৰিয়া শব্দবোৰ বিচাৰি নিজৰ বহীত লিখা—

উদাহৰণ— লৰা-লৰি

উত্তৰঃ পাঠটোত থকা যুৰীয়া শব্দবোৰ তলত দিয়া হ’ল— ঢাকি-ঢুকি, খা-খবৰ, কুশল-মঙ্গল, কাপোৰ-কানি।

৬। তলৰ শব্দবোৰ খটুৱাই কেইটামান বাক্য লিখা। 

শব্দ— ৰহিমলা, জাকৈ, মাছ ধৰ।

উদাহৰণ— ৰহিমলাই জাকৈৰে মাছ ধৰিছে।

ৰহিমলাঃ (i) ৰহিমলা জাকৈ বোৱাত পাকৈত।

(ii) ৰহিমলাই জাকৈৰে খালত মাছ ধৰিছে। 

(iii) জাকৈৰে মাছ ধৰা ৰহিমলা এজনী ভাল ছোৱালী।

জাকৈঃ (i) সৰু বাঁহেৰে জাকৈ সাজে।

(ii) মাছুৱৈয়ে জাকৈৰে মাছ ধৰে।

(iii) গাঁৱৰ প্ৰায়ভাগ তিৰোতাই জাকৈৰে মাছ ধৰিবলৈ জানে।

মাছঃ (i) মাছ পানীত থাকে।

(ii) মাছে পানীত সাঁতুৰিবলৈ জানে।

(iii) ডাঙৰ মাছ দ’ পানীত থাকে।

ধৰঃ (i) ৰামে মাছ ধৰি জীৱিকা অৰ্জন কৰে। 

(ii) মাছ ধৰাটো এটা কষ্টকৰ, কিন্তু আনন্দদায়ক কাম।

(iii) ৰোহিত মাছ ধৰাত পাকৈত লোক।

গ— জ্ঞান সম্প্ৰসাৰণ

১। গৰমৰ বন্ধ কেনেকৈ কটালা সেই বিষয়ে জনাই তোমাৰ লগৰীয়া এগৰাকীলৈ এখন চিঠি লিখা—

উত্তৰঃ গুৱাহাটী

প্রিয় বন্ধু বিশাল,

তাৰিখ……………

প্ৰথমতে মোৰ হিয়া ভৰা মৰম ল’বা। বহুদিন হ’ল চিঠি-পত্ৰ নোপোৱা বাবে মনটো বেয়া লাগি আছে। লগতে গৰমৰ বন্ধ তুমি কেনেকৈ কটালা সেই বিষয়ে জানিবলৈ মোৰ বৰ মন গৈছে। এনে কাৰণতে মই নো গ্রীষ্ম বন্ধ বা গৰমৰ বন্ধ কিদৰে কটালো সেয়া উল্লেখ কৰি এই চিঠি লিখিবলৈ ওলাইছো। গৰমৰ বন্ধৰ পিছদিনাখনেই আগতে আঁচনি কৰি থোৱা মতে মির্জাত থকা মোমাইদেউহঁতৰ ঘৰলৈ গ’লোঁ। ‘তাত মই যাম বুলি মোমাইদেৱে আগতে অংকৰ শিক্ষক এগৰাকী ঠিক কৰি থৈছিল। সেইমতে তাত কটোৱা দিনকেইটাত ৰাতিপুৱা ৯ বজাত মই নিয়মিতভাৱে অংক শিকিছিলোঁ। আবেলি খেল পথাৰত সাধাৰণ খেলা-ধূলা কৰিছিলোঁ। ইয়াত থাকোঁতেই মোমাইদেউহঁতৰ সৈতে মই দখলা পাহাৰৰ শিৱমন্দিৰ, ৰঙা মাটিৰ দুধ কুঁৱৰী থান আদি চালোঁ। অৱশ্যে এইবোৰ কামৰ লগতে মই পঢ়াশুনাও চলাই গৈছিল। বিদ্যালয় খোলাৰ দুদিন আগতে ঘৰলৈ আহি আজি তোমালৈ এই চিঠি লিখিলোঁ। আমাৰ ঘৰত আটাইয়ে কুশলে আছে। তোমাৰ সকলো খা-খবৰ জনাই উত্তৰ পঠিয়াবা। পুনৰ মোৰ মৰম ল’বা।

ইতি―

তোমাৰ মৰমৰ 

প্ৰদীপ

ঠিকনা :

প্রতি—

শ্রী_________________

গাওঁ________________

ডাকঘৰ______________

জিলা_______________

পিন________________

২। ভাবা আৰু লিখা—

(ক) তোমাৰ ঘৰৰ কাৰোবাৰ অসুখ হলে তুমি কি কি কৰিবা?

উত্তৰঃ আমাৰ ঘৰৰ কাৰোবাৰ অসুখ হ’লৈ মই ৰোগীৰ কাষত থাকি তেওঁক আৱশ্যকীয় বয়-বস্তুৰ যোগান ধৰিম আৰু সেৱা-শুশ্রূষা কৰিম। আৱশ্যক হ’লে ডাঙৰৰ দিহা মতে চিকিৎসাৰ ব্যৱস্থা কৰিম।

(খ) ঘৰত ডাঙৰ লোকসকল কোনো কামৰ বাবে বাহিৰলৈ গ’লে ঘৰত তুমি কি কি সাৱধানতা অৱলম্বন কৰিবা?

উত্তৰঃ ঘৰত ডাঙৰ মানুহ নাথাকিলে পদূলিৰ জপনাখন ভালদৰে বন্ধ কবিম। ঘৰৰ সন্মুখৰ দুৱাৰখনো বন্ধ কৰি থম আৰু পাছফালৰ দুৱাৰো বন্ধ কৰি ৰাখিম। কোনো অচিনাকি লোক আহিলে ওচৰ-চুবুৰীয়াকে মাতিহে আৱশ্যক মতে পদূলিৰ জপনা খুলিম। ঘৰৰ ভিতৰত সাৱধানে থাকিম। ভূমিকম্প, ধুমুহা-বতাহ আদি আহিলে চুবুৰীয়াৰ ডাঙৰ লোকৰ সহায় ল’ম।

৩। সাঁথৰ ভাঙি কওঁ আহা—

(ক) মাক জুটুলি-পুটুলি

পুতেক চোকা টেকেলা।

উত্তৰঃ জলকীয়া গছ মাক, আৰু জলকীয়া পুতেক ৷

(খ) ৰজাৰ ঘৰৰ  ক’লী গাই

ঘাটে ঘাটে পানী খায়।

উত্তৰঃ বৰশী ৷

ঘ – প্রকল্প

১। তোমালোকৰ ঘৰলৈ অহা চিঠি-পত্ৰবোৰ তলত দিয়া ধৰণেৰে ভাগ কৰি এখন এলবাম প্রস্তুত কৰা— 

উত্তৰঃ নিজে কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top