Class 3 Assamese Chapter 11 পক্ষীকুলৰ অভিযন্তা

Class 3 Assamese Chapter 11 পক্ষীকুলৰ অভিযন্তা, SEBA Chapter 11 পক্ষীকুলৰ অভিযন্তা Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

পক্ষীকুলৰ অভিযন্তা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Chapter – 11

ক্রিয়া-কলাপ

ক— পাঠভিত্তিক ক্রিয়া

(ক) টোকোৰা চৰাই দেখিবলৈ কেনেকুৱা?

উত্তৰঃ টোকোৰা চৰাই দেখিবলৈ আকাৰত সৰু। বুকুৰ উমাল পাখিবোৰ ৰঙচীয়া। ডেউকাৰ আগছোৱা হালধি বোলোৱা। ঠোঁত আৰু চকুৰ মণি বাদামি ৰঙৰ।

(খ) টোকোৰা চৰায়ে কিহেৰে বাহ সাজে?

উত্তৰঃ টোকোৰা চৰায়ে গছৰ দীঘল দীঘল পাতবোৰৰ পৰা বাহ সজা আঁহ উলিয়াই লয়। তাৰ পিছত সেই আঁহবোৰ গুঁঠি বাহ সাজে।

(গ) টোকোৰা চৰাইৰ বাহটো দেখিবলৈ কেনেকুৱা?

উত্তৰঃ টোকোৰা চৰাইৰ বাহটো দেখিবলৈ গছত ওলমি থকা টেকেলিৰ দৰে। বাহৰ গুৰি অংশটো ঠেক, মাজৰ অংশ বহল আৰু তলব অংশটো ক্রমে চিয়া।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) কি কি গছত টোকোৰা চৰায়ে বাহ সাজে?

উত্তৰঃ খেজুৰ, নাৰিকল, তামোল, তাল আদি ওখ গছত টোকোৰা চৰায়ে বাহ সাজে।

(ঙ) টোকোৰা চৰায়ে কি কি খায়?

উত্তৰঃ টোকোৰা চৰায়ে ফল-মূল, কীট-পতংগ, বনৰীয়া ঘাঁহ-বনৰ গুটি আদি খায়।

(চ) টোকোৰাৰ বাহটো কিয় বতাহ-বৰষুণে অনিষ্ট কৰিব নোৱাৰে?

উত্তৰঃ টোকোৰা চৰাই বাহটো বোৱনিয়ে কাপোৰ বোৱা দৰে পাতৰ আঁহেৰে ডঠকৈ গুঁটি উলিয়াই। এনে কৰিলে বতাহ-বৰষুণে অনিষ্ট কৰিব নোৱাৰে আৰু আন চৰাই চিৰিকটিও সোমাব নোৱাৰে।

(ছ) টোকোৰাক কিয় পক্ষীকুলৰ অভিযন্তা বুলি কোৱা হয়?

উত্তৰঃ টোকোৰা চৰাই বাহটো বৰ নিখুঁতকৈ সাজেঁ সেইকাৰণে তাকে দেখি সকলোৱে পক্ষীকুলৰ অভিযন্তা বুলি কয়।

২। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা—

বৰণ, গঠন, বাঞ্ছা, প্রিয়, চহকী, উলাহ, মজবুত, নিখুঁত, চিয়াঁ, অভিযন্তা

উত্তৰঃ

শব্দঅৰ্থ
বৰণবৰ্ণ, ৰং।
গঠনআকৃতি, গঢ়।
বাঞ্ছাআশা।
প্ৰিয়মৰম, চেনেহ।
চহকীধনী, উচ্চখাপৰ।
উলাহউছাহ।
মজবুতটান, দৃঢ়, সহজে নষ্ট নোহোৱা
নিখুঁতদোষ নথকা, খুঁত নথকা।
চিয়াঁ আন অংশতকৈ ক্ষীণ বা লাহী।
অভিযন্তাকাৰিকৰী জ্ঞান সম্পন্ন, নিৰ্মাণ কৌশলী।
খ— ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

১। যুক্তাক্ষৰ গঠন কৰো আহা—

চ + ছ চই ছই —

ঞ + চ ঞই চই —

ন + ন নই নই —

ঞ + জ ঞই জই —

উত্তৰঃ চ + ছ চই ছই চ্ছ

ঞ + চ ঞই চই ঞ্চ

ন + ন নই নই ন্ন

ঞ + জ ঞই জই ঞ্জ

২। খালীঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ সম্পূৰ্ণ কৰা—

উত্তৰঃ

৩। ঢোলত ভিতৰৰ পৰা শব্দ আনি বাহিৰৰ শব্দৰ লগত মিলাই একোটাকৈ জতুৱা ঠাঁচ লিখোঁ আহা—

মাৰে, বাছে, বানে, তোলে, বায়, বজায়, কোবায়, পগায়

(ক) গাখীৰ__________

উত্তৰঃ গাখীৰ পগায়।

(খ) পানী____________

উত্তৰঃ পানী তোলে।

(গ) ধান_____________

উত্তৰঃ ধান বানে।

(ঘ) চাউল____________

উত্তৰঃ চাউল বাছে।

(ঙ) বাঁহী_____________

উত্তৰঃ বাঁহী বজায়।

(চ) মৰণা_____________

উত্তৰঃ মৰণা মাৰে।

(ছ) ডবা______________

উত্তৰঃ ডবা কোবায়।

(জ) ঢোল_____________

উত্তৰঃ ঢোল বজায়।

গ— জ্ঞান সম্প্ৰসাৰণ

১। দফাটো পঢ়ি তলৰ প্ৰশ্নৰ উত্তৰ লিখা—

ৰঞ্জন এজন ভাল ল’ৰা। সি পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি ভাল পায়। সিহঁতৰ অঞ্চলটোত বহুতো উচ্চ শিক্ষিত লোক আছে। ৰঞ্জনে ডাঙৰ হৈ অভিযন্তা হোৱাৰ ইচ্ছা মনতে পাঙিছে। মাক-দেউতাকেও সি শিক্ষিত হোৱাটো বাঞ্ছা কৰিছে। যত্ন কৰিলে ৰঞ্জন নিশ্চয় এদিন অভিযন্তা হ’ব পাৰিব।

(ক) পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি কোনে ভাল পায়?

উত্তৰঃ ৰঞ্জনে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি ভাল পায়।

(খ) ৰঞ্জনে কি হ’বলৈ মনতে পাঙিছে?

উত্তৰঃ ৰঞ্জনে অভিযন্তা হ’বলৈ মনতে পাঙিছে।

(গ) মাক-দেউতাকে ৰঞ্জনক কি হোৱাটো বাঞ্ছা কৰিছে?

উত্তৰঃ মাক-দেউতাকে ৰঞ্জনক শিক্ষিত হোৱাটো বাঞ্ছা কৰিছে।

২। কাক কি বোলে— কওঁ আৰু লিখোঁ আহা—

(ক) ঢোল, খোল ভাল কৰা লোক

উত্তৰঃ বাদিয়াৰ।

(খ) কাপোৰ বোৱা লোক

উত্তৰঃ বোৱণী।

(গ) লোৰ সামগ্রী তৈয়াৰ কৰা লোক

উত্তৰঃ ক’মাৰ।

(ঘ) মাটিৰ বাচন তৈয়াৰ কৰা লোক

উত্তৰঃ কুমাৰ।

৩। মই কোন কোৱা—

(ক) মই শুৱলাকৈ মাত মাতোঁ, বসন্ত কালত ওলাওঁ, কাউৰীৰ বাহত কণী পাৰোঁ।

মোৰ নাম_____________।

উত্তৰঃ কুলি।

(খ) মোৰ ঠোঁটটো ৰঙা, গাটো সেউজীয়া, শিকালে মানুহৰ দৰে কথা ক’ব পাৰোঁ।

মোৰ নাম______________।

উত্তৰঃ ভাটো।

(গ) মোৰ গোটেই গাটো বগা, ঠেং দুখন দীঘল, মই খাল-বিলত মাছ বিচাৰি ফুৰোঁ। 

মোৰ নাম_______________।

উত্তৰঃ বগলী।

(ঘ) মোৰ গোটেই গাটো নীলা, বুকুখন ৰঙা হালধীয়া আৰু দীঘল ঠোঁটেবে মই ওপৰৰ পৰা জঁপিয়াই পানীত মাছ ধৰি খাওঁ। 

মোৰ নাম________________।

উত্তৰঃ মাছৰোকা।

৪। তোমাৰ কেতিয়াবা চৰাই হ’বলৈ মন যায়নে? কি কি চৰাই হ’বলৈ মন যায় আৰু কিয়?

উত্তৰঃ তোমালোকে নিজে নিজে কৰা।

৫। আঁচ টনা যুক্তাক্ষৰ লৈ নিজাকৈ শব্দ সাজি লিখা—

(ক) ইঞ্জিনিয়াৰক অসমীয়াত অভিযন্তা বোলে।

উত্তৰঃ ৰঞ্জন বিদ্যালয় ছুটীৰ অন্তত ঘৰলৈ যায়।

(খ) ইচ্ছা থাকিলে বাঞ্ছা পূর্ণ কৰিব পাৰি।

উত্তৰঃ অনিচ্ছা থাকিলে মানোবাঞ্ছা পূৰ্ণ নহয়।

৬। তলত আলোচনা কৰি বৰ্ণ-জালৰ পৰা চৰাইৰ নাম লিখা—

উদাহৰণ— কাউৰী।

উত্তৰঃ ভাটৌ, শালিকা, কপৌ, কুলি, বুলবুলি, কেতেকী।

ঘ— প্ৰকল্প

১। তুমি দেখা ৫ বিধ চৰাইৰ ছবি সংগ্রহ কৰি এখন এলবাম প্রস্তুত কৰা আৰু সিহঁতৰ ঠোঁট আৰু পাখিৰ বং বর্ণনা কৰা। 

উত্তৰঃ মই দেখা ৫ বিধ চৰাই হ’ল হাঁহ, কুকুৰা, কপৌ, শালিকা আৰু টোকোৰা।

হাঁহ — হাঁহৰ পাখিৰ ৰং বগা, ক’লা, পখৰা আদি হ’ব পাৰে। হালধীয়া।

কুকুৰা — কুকুৰাৰ পাখিৰ ৰঙো বগা, ক’লা বা আন ৰঙৰ হ’ব পাৰে। কুকুতাৰ ঠোঁটৰ ৰং ৰঙা। 

কপৌ — কপৌৰ পাখিৰ ৰং ধোঁৱা বৰণীয়া বা ঈষৎ মটীয়া ৰঙৰ। কপৌৰ ঠোঁটৰ ৰঙ ক’লা।

শালিকা — শালিকাৰ পাখিৰ বৰণ ক’লা আৰু কফি ৰঙৰ। ঠোঁটৰ ৰঙ হালধীয়া।

টোকোৰা — টোকোৰা পাখিৰ ৰং ৰঙচুৱা। টোকোৰাৰ ঠোঁট বাদামী ৰঙৰ।

২। গছত ওলমি থকা টোকোৰা চৰাইৰ বাহটোৰ ছবি আঁকা।

উত্তৰঃ নিজে আঁকা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top