🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 3 Assamese Chapter 10 আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ

Class 3 Assamese Chapter 10 আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ, SEBA Chapter 10 আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ

Chapter – 10

ক্রিয়া-কলাপ

ক— পাঠভিত্তিক ক্রিয়া

উত্তৰ দিয়া—

(ক) আব্দুলৰ দেউতাকে নতুনকৈ কি কিনি আনিছে?

উত্তৰঃ আব্দুলৰ দেউতাকে নতুনকৈ এখন ট্ৰেক্টৰ কিনি আনিছে।

(খ) আব্দুলৰ দেউতাক কেনে ধৰণৰ খেতিয়ক?

উত্তৰঃ আব্দুলৰ দেউতাক এজন ভাল আৰু আদৰ্শ খেতিয়ক।

(গ) আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি?

উত্তৰঃ আব্দুলৰ দেউতাকে আদৰ্শ খেতিয়ক হিচাপে তেখেতে চৰকাৰী বঁটা পাইছিল।

(ঘ) উজ্জ্বল আৰু সংগীতা আব্দুলহঁতৰ ঘৰলৈ যোৱাৰ কাৰণ কি?

উত্তৰঃ উজ্জ্বল আৰু সংগীতা আব্দুলহঁতৰ ঘৰলৈ যোৱাৰ কাৰণ আছিল আব্দুলহঁতৰ নতুন ট্ৰেক্টৰখন চাব।

(ঙ) “আমিও তাত গৈ উঠিব পাৰিমনে?” — এইবুলি সংগীতাই ক’ত উঠাৰ কথা সুধিছিল?

উত্তৰঃ “আমিও তাত গৈ উঠিব পাৰিমনে?” — এইবুলি সংগীতাই ট্ৰেক্টৰখনত উঠাৰ কথা সুধিছিল।

(চ) উজ্জ্বলহঁতে কি শুনি উচাপ্ খালে?

উত্তৰঃ উজ্জ্বলহঁতে ধপধপ শব্দ শুনি উচাপ্ খালে।

(ছ) “সেইবোৰ পচন সাৰ। দলিয়াই নষ্ট নকৰিবা।”—ফৰিদাই কাক তেনেকৈ কৈছিল?

উত্তৰঃ “সেইবোৰ পচন সাৰ। দলিয়াই নষ্ট নকৰিবা।”—ফৰিদাই উজ্জ্বলক তেনেকৈ কৈছিল।

২। পচন সাৰ কেনেকৈ প্রস্তুত কৰে?

উত্তৰঃ পচন সাৰ প্ৰস্তুত কৰিবলৈ এটা ডাঙৰ গাত খান্দে আৰু তাত পেলনীয়া জাৱৰ জোথৰ পেলাই এনেকৈ পচন সাৰ প্ৰস্তুত হয়।

৩। ট্রেক্টৰেৰে কি কি কাম কৰে?

উত্তৰঃ ট্ৰেক্টৰেৰে খেতি পথাৰত মাটি চহোৱা হয়। ট্ৰেক্টৰত ট্ৰেলাৰ লগাই মাটি কঢ়িওৱা হয়। ট্ৰেক্টৰ দ্বাৰা মানুহে মৰণা মৰে।

৪। পাঠটোত থকা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিওৱা আৰু চিনাকি যুক্তাক্ষৰবে ভাঙি লিখা।

উত্তৰঃ পাঠটোত থকা যুক্তাক্ষৰবোৰ হ’ল– আব্দুল, আদর্শ, ট্ৰেক্টৰ, উজ্জ্বল, সঙ্গীতা, শব্দ।

আব্দুল ব্দু = বই  দই ব্দ তাত উ-কাৰে ব্দু।

আদর্শ র্শ = ৰ + শ ৰই শই র্শ

ট্ৰেক্টৰ = ট্র = ট + ৰ টই ৰই ট্র।

ক্ট = ক + ট কই টই ক্ট।

উজ্জ্বল জ্জ্ব = জ + জ + ব জই জই জ্জ তাত ব-কাৰে জ্ব।

সঙ্গীতা = ঙ্গী ঙ + গ + ঈ ঙই গই ঙ্গ তাত ঈকাৰ ঙ্গী।

শব্দ = ব্দ ব + দ বই দই ব্দ।

খ—ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

১। কলহত থকা শব্দবোৰ যুক্তাক্ষৰৰ লগত মিলাই চকৰিটোত লিখা।

উত্তৰঃ

২। বাক্য ৰচনা কৰা—

খেতিপথাৰ, বঁটা, পেলনীয়া

উত্তৰঃ খেলপথাৰঃ আব্দুলৰ নতুন ট্ৰেক্টৰ চাবলৈ উজ্জ্বলহঁতে খেতিপথাৰলৈ গৈছিল।

বঁটাঃ ভাল কাম কৰাৰ বাবে মানুহে চৰকাৰৰ পৰা বঁটা পায়।

পেলনীয়াঃ পেলনীয়া জাৱৰ-জোঁথৰ গাতত পুতি থলে পচন সাৰ প্ৰস্তুত হয়।

৩। তলৰ বহুত বুজোৱা শব্দ প্ৰয়োগ কৰি বাক্যকেইটা পূৰোৱা—

বোৰে, থোপা, জাক, কোছা

(ক) ল’ৰা— খেলিছে।

উত্তৰঃ ল’ৰাবোৰে খেলিছে।

(খ) ফুল— ফুলদানিত সজাইছে।

উত্তৰঃ ফুলথোপা ফুলদানিত সজাইছে।

(গ) বগলী— আকাশত উৰিছে।

উত্তৰঃ বগলীজাক আকাশত উৰিছে।

(ঘ) ৰমলাৰ চুলি— দীঘল।

উত্তৰঃ ৰমলাৰ চুলিকোছা দীঘল।

গ— জ্ঞান সম্প্ৰসাৰণ

১। কোৱা আৰু লিখা—

(ক) মহাত্মা গান্ধীৰ জন্মৰ তাৰিখটো কি?

উত্তৰঃ মহাত্মা গান্ধীৰ জন্মৰ তাৰিখটো হৈছে ২ অক্টোবৰ।

(খ) মাটি কিহেৰে সহজে চহাব পাৰি?

উত্তৰঃ মাটি ট্ৰেক্টৰেৰে সহজে চহাব পাৰি।

(গ) সোণ কেনেকুৱা ধাতু?

উত্তৰঃ সোণ উজ্জ্বল ধাতু।

২। কেনেকুৱা শব্দ হয়?

উদাহৰণঃ পানীতোলা কল চলিলে— ধপধপ।

(ক) নলীৰে জোৰেৰে পানী ওলালে—

উত্তৰঃ নলীৰে জোৰেৰে পানী ওলালে হৰ হৰ।

(খ) জোতা পিন্ধি খোজ কাঢ়িলে—

উত্তৰঃ জোতা পিন্ধি খোজ কাঢ়িলে কেৰেপ কেৰেপ।

(গ) নিজৰাৰ পানী বাগৰিলে—

উত্তৰঃ নিজৰাৰ পানী বাগৰিলে ঝিৰ ঝিৰ।

(ঘ) ঘৰৰ চালৰ পৰা পানী পৰিলে—

উত্তৰঃ ঘৰৰ চালৰ পৰা পানী পৰিলে টোপ টোপ।

৩। অভিজ্ঞতা বর্ণনা কৰা—

(ক) উজ্জ্বলহঁতে আব্দুলহঁতৰ ট্ৰেক্টৰখন চাবলৈ গৈ লাভ কৰা অভিজ্ঞতা।

উত্তৰঃ উজ্জ্বলহঁতে আব্দুলহঁতৰ ট্ৰেক্টৰখন চাবলৈ গৈ ভালেখিনি নতুন অভিজ্ঞতা লাভ কৰিলে। তেওঁলোকে খেতি পথাৰত ট্রেক্টাৰৰে কিদৰে মাটি চহোৱা হয় সেয়া নিজ চকুৰে দেখিলে। পানী তোলা কলব সহায়ত কিদৰে খেতি পথাৰত পানী যোগান ধৰা হয় সেয়াও দেখিলে। লগতে পচন সাৰৰ বিষয়েত জানিলে।

(খ) নিজৰ ঘৰত বা ওচৰত আনে কিনা নতুন যান-বাহন চোৱাৰ অভিজ্ঞতা।

উত্তৰঃ উজ্জ্বলহঁতৰ ঘৰৰ কাষত বৰুৱাহঁতে এখন নতুন ট্রাক কিনি অন্য দেখি উজ্জ্বলহঁত চাবলৈ গ’ল। ট্রাক যে বস্তু-বাহানি আন ঠাইলৈ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয় সিহঁতে সেই কথা জানিলে। আগৰ দিনত এনে ক্ষেত্ৰত গৰুগাড়ী বা ম’হৰ গাড়ী ব্যৱহাৰ কৰা হৈছিল। গৰু গাড়ী বা ম’হৰ গাড়ীতকৈ ট্রাকেৰে বস্তু-বাহানি কঢ়িওৱা যে অধিক উপযোগী সেই কথাও উজ্জ্বলহঁতে শিকিলে। উজ্জ্বলহঁতে ইতিমধ্যে চুবুৰীত থকা স্কুটাৰ, মটৰ চাইকেল আদি বাহনেৰে এঠাইৰ পৰা আন ঠাইলৈ সোনকালে যাবপৰা ব্যৱস্থা সম্পর্কেও জানিছিল।

৪। পাঠটোত — , । ! ? “ ” চিহ্নবোৰৰ ব্যৱহাৰ লক্ষ্য কৰিছা। দলত আলোচনা কৰি তলৰ বাক্যবোৰত । ; !? “ ” চিহ্নবোৰ দি পুনৰ লিখা।

(ক) বা: কি ধুনীয়া ট্ৰেক্টৰ উজ্জ্বলে ক’লে।

উত্তৰঃ “বা: ! কি ধুনীয়া ট্ৰেক্টৰ”— উজ্জলে ক’লে।

(খ) আমিও তাত গৈ উঠিব পাৰিমনে সংগীতাই সুধিলে। 

উত্তৰঃ “আমিও তাত গৈ উঠিব পাৰিমনে?”—সংগীতাই সুধিলে। 

(গ) এনেতে এটা ধপ্‌ঞ্চপ্ শব্দ হ’ল শব্দটো শুনি উজ্জ্বলহঁতে উচাপ্ খাই ক’লে কি অ’ এইটো ?

উত্তৰঃ এনেতে এটা ধপ্ ধপ্ শব্দ হ’ল। শব্দটো শুনি উজ্জ্বলহঁতে উচাপ্ খাই ক’লে—“কি অ’ এইটো ?”

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top