Class 3 Assamese Chapter 9 সাহসী ছোৱালীজনী

Class 3 Assamese Chapter 9 সাহসী ছোৱালীজনী, SEBA Chapter 9 সাহসী ছোৱালীজনী Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

সাহসী ছোৱালীজনী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Chapter – 9

ক্রিয়া-কলাপ

ক— পাঠভিত্তিক ক্ৰিয়া

উত্তৰ দিয়া—

(১) (ক) দলটোৱে কি ধ্বনি দি শোভাযাত্রা কৰিছিল?

উত্তৰঃ দলটোৱে বন্দে মাতৰম, বন্দে মাতৰম ধ্বনি দি শোভাযাত্রা কৰিছিল।

(খ) শোভাযাত্রা কৰি দলটো কোনফালে আগবাঢ়িছিল?

উত্তৰঃ শোভাযাত্রা কৰি দলটো গহপুৰ থানা অভিমুখে আগবাঢ়িছিল।

(গ) শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে কি গীত জুৰিছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে জুৰা গীতটো হ’ল—

‘ডেকা গাভৰুৰ দল! 

বীৰ-বীৰাঙ্গনাৰ দল !

নতুন তেজেৰে ৰাঙলী ৰূপহী 

কৰহি ধৰণী তল।

খোজৰ ভৰত কঁপক ধৰণী,

তৰুণ চকুত জ্বলক অগনি,

শতসহস্র মৃত্যু নেওচি

ব’ল আগুৱাই ব’ল।’

(ঘ) পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে কি কৰিলে?

উত্তৰঃ পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে ছোৱালীজনীক গুলীয়াই নিহত কৰিলে।

(ঙ) দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালীজনীৰ নাম কি?

উত্তৰঃ দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালীজনীৰ নাম হ’ল কনকলতা বৰুৱা।

(২) তলৰ কথাকেইষাৰ কোনে কৈছিল?

(ক) “সাৱধান, আৰু আগ নাবাঢ়িবা; এখোজ আগবাঢ়িলেই গুলী কৰিম।”

উত্তৰঃ এই কথাষাৰ পুলিচে কৈছিল।

(খ) “এইখন আমাৰ দেশ, এইখন দেশত বিদেশীৰ কোনো অধিকাৰ নাই। থানাত আমি জাতীয় নিচান উৰুৱামেই।”

উত্তৰঃ এই কথাষাৰ কনকলতাই কৈছিল।

৩। তলৰ শব্দবোৰৰ অৰ্থ লিখা—

হুংকাৰ, ভ্ৰূক্ষেপ, আগচি, উত্তপ্ত, উদ্যত, আহুতি

উত্তৰঃ 

শব্দঅর্থ
হুংকাৰগোজৰ, গোজৰণি।
ভ্ৰূক্ষেপকেৰাহিকৈ চোৱা।
আগচিবাট ভেটি ধৰ।
উত্তপ্ততপত, গম।
উদ্যতআগবাঢ়ি যোৱা, সাজু, প্ৰস্তুত।
আহুতিউচ্চৰ্গা, জুইত ঘিউ ঢলা কাৰ্য, প্ৰাণ বিসৰ্জন দিয়া।

৪। তলৰ শব্দবোৰৰ সহায়ত খালী ঠাই পূৰ কৰা—

নিচান, ভ্ৰূক্ষেপ, উত্তপ্ত, উদাও

(ক) —কন্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিলে।

উত্তৰঃ উদাও কন্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিলে।

(খ) পুলিচৰ হুংকাৰ শুনাৰ পাছত পৰিৱেশ— হৈ পৰিল।

উত্তৰঃ পুলিচৰ হুংকাৰ শুনাৰ পাছত পৰিৱেশ উত্তপ্ত হৈ পৰিল।

(গ) ছোৱালীজনীয়ে পুলিচৰ হুংকাৰলৈ— নকৰিলে।

উত্তৰঃ ছোৱালীজনীয়ে পুলিচৰ হুংকাৰলৈ ভ্ৰূক্ষেপ নকৰিলে।

(ঘ) থানাত আমি জাতীয়— উৰুৱামেই।

উত্তৰঃ থানাত আমি জাতীয় নিচান উৰুৱামেই।

খ- ভাষা অধ্যয়ন (ব্যাবহাৰিক ব্যাকৰণ)

১। যুক্তাক্ষৰ ভাঙি লিখোঁ আহা—

উত্তপ্ত প্ত প+ত পই তই প্ত

আহ্বান হ্ব হ+ব হই বই হ্ব

সহস্র স্র স+ৰ সই ৰই স্র

কৃষ্ণ ষ্ণ ষ+ণ ষই ণই ষ্ণ

ভ্রূক্ষেপ ভ্রূ ভ+ৰ+ঊ ভই ৰই ভ্ৰ তাত ঊকাৰে ভ্রূ

২। শুদ্ধটোৰ কাষত √ চিন আৰু ভুলটোৰ কাষত × চিন দিয়া।

উত্তৰঃ

৩। তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ বুজোৱা শব্দবোৰ লিখা।

ডেকা, বীৰ, ল’ৰা, ল’ৰাটো, ৰূপহ, এজন 

উত্তৰঃ ডেকা = গাভৰু।

ল’ৰা = ছোৱালী।

ৰূপহ = ৰূপহী।

বীৰ = বীৰাংগনা।

ল’ৰাটো = ছোৱালীটো।

এজন = এজনী।

৪। তলত পুংলিংগ আৰু স্ত্ৰীলিংগ শব্দবোৰ শিকি লোৱা।

উত্তৰঃ 

পুংলিংগস্ত্রীলিংগ
দেউতামা
পেহাপেহী
খুৰাখুৰী
তাৱৈআমৈ
ককাআইতা
বন্ধুবান্ধৱী
বাঘবাঘিনী
ছাত্রছাত্ৰী
গায়কগায়িক
নায়কনায়িকা
ৰজাৰাণী
নিলাজনিলাজী
বলধগাই
দৰাকইনা
গ— জ্ঞান সম্প্ৰসাৰণ

১। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য সাজা—

সপ্তম, সপ্ত, এসপ্তাহ, সহস্ৰ, গুহা

উত্তৰঃ সপ্তম (অর্থ সাত) — নিকিতা সপ্তম শ্ৰেণীৰ ছাত্ৰী।

সপ্ত (অর্থ–সাত) — দীননাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ।

এ সপ্তাহ (অর্থ–সাতদিন) — সাত দিনত এসপ্তাহ হয়। 

সহস্ৰ (অর্থ-হাজাৰ) — সহস্র শব্দই এহাজাৰক বুজায়। 

২। ‘ও’ আৰু ‘ত্ত’ ৰ পার্থক্য দেখুৱাই দুয়োটাৰে কেইটামান শব্দ গঠন কৰা। 

উত্তৰঃ ‘ও’ আৰু ‘ত্ত’ ৰ পার্থক হ’ল—

(ক) ‘ও’ এটা স্বৰবৰ্ণ। আনহাতে ‘ত্ত’ হ’ল ‘ত + ত’ যুক্ত হৈ হোৱা এটা যুক্ত ব্যঞ্জনবর্ণ। ‘ও’ স্বৰবৰ্ণত মাত্রা নাথাকে, আনহাতে ‘দ্ভ’ যুক্তবর্ণটোত মাত্রা থাকে। তলত দিয়া বৰ্ণৰ পৰা কেইটামান শব্দ গঠন কৰি দেখুওৱা হ’ল—

ও–ওখ, ওজন, ওপৰ, ওজা, ওপজা।

ত্ত–উত্তৰ, সত্তৰ, উদাত্ত, উন্মত্ত, উত্তম, নৰুত্তম। 

৩। ভাৰতৰ জাতীয় পতাকাখন আঁকা, ইয়াৰ বিষয়ে কেইটামান বাক্য লিখা।

(ছবি নিজে আঁকা।)

উত্তৰঃ জাতীয় পতাকা জাতিৰ মৰ্যাদাৰ প্রতীক। আমাৰ ভাৰতবৰ্ষৰ জাতীয় পতাকাখন তিনি বৰণীয়া। ইয়াৰে ওপৰত গেৰুৱা, মাজত বগা আৰু তলৰ অংশ সেউজীয়া ৰঙৰ। গেৰুৱা ৰঙে ত্যাগ আৰু সাহস, বগা ৰঙে সত্য আৰু শান্তি, সেউজীয়া ৰঙে প্ৰগতি, বিশ্বাস আৰু শক্তিক বুজায়। জাতীয় পতাকাৰ সোঁমাজত থকা চক্ৰটো ধৰ্মচক্র। স্বাধীনতা দিৱস, গণতন্ত্র দিৱস আৰু ৰাষ্ট্ৰীয় উৎসৱত জাতীয় পতাকা উত্তোলন কৰা হয়। জাতীয় পতাকাক সকলোৱে শ্রদ্ধা আৰু সন্মান কৰিব লাগে।

৪। তলত উল্লেখ কৰা তাৰিখবোৰ আমি কি কি দিৱস হিচাপে পালন কৰোঁ লিখা।

১৫ আগষ্ট, ২৬ জানুৱাৰী, ২ অক্টোবৰ, ২০ জুন, ১৭ জানুৱাৰী।

উত্তৰঃ ১৫ আগষ্ট — স্বাধীনতা দিৱস। 

২৬ জানুৱাৰী — গণতন্ত্র দিৱস।

২ অক্টোবৰ — গান্ধীজয়ন্তী।

২০ জুন — বিষ্ণুৰাভা দিৱস।

১৭ জুন — শিল্পী দিৱস।

ঘ-প্রকল্প

১। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা কেই গৰাকীমান ব্যক্তিৰ ছবি সংগ্রহ কৰা। 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

২। “সাহসী ছোৱালীজনী” পাঠটো নাটকীয় সংলাপেৰে অভিনয় কৰা। 

উত্তৰঃ ডাঙৰৰ পৰা শিকি বুজি নিজে অভিনয় কৰিবলৈ চেষ্টা কৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top