Class 3 Assamese Chapter 8 গাই গাই যাওঁ

Class 3 Assamese Chapter 8 গাই গাই যাওঁ, SEBA Chapter 8 গাই গাই যাওঁ Class 3 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 অংকুৰণ Question Answer can be of great value to excel in the examination.

গাই গাই যাওঁ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Chapter – 8

ক্রিয়া-কলাপ

ক— পাঠভিত্তিক ক্ৰিয়া 

১। গীতকেই ফাকি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে দলত ভাগ হৈ গোৱা। ভালকৈ নোৱাৰিলে জনাসকলৰ পৰা শিকি লৈ বাৰে বাৰে অনুশীলন কৰিবা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

২। উত্তৰ দিয়া—

(ক) ৰ’দালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে?

উত্তৰঃ ৰ’দালিক বহিবলৈ বৰ পীৰা পাৰি দিম বুলি কৈছে।

(খ) বতা চৰায়ে ধান নাখালে কি খায়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বতা চৰায়ে ধান নাখালে চাউল খায়।

(গ) ৰতনপুৰত কি কি বাদ্য বজায়?

উত্তৰঃ  ৰতনপুৰত ঢোল আৰু খোল বাদ্য বজায়।

(ঘ) খঁৰা শিয়ালৰ বিয়াত কোনে তামোল কাটে?

উত্তৰঃ খঁৰা শিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে।

২। শেষৰ ধ্বনি মিলা শব্দ পাঠৰ পৰা বিচাৰি চোৱা উদাহৰণত দেখুওৱাৰ দৰে দুটাকৈ শব্দ লিখা।

উদাহৰণ— আলি→চুলি→জালি

উত্তৰঃ চৰাই→কৰাই→গোঁসাই

খাম→আম→যাম

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

১। (ক) শব্দ গঠন কৰোঁ আহা—

উদাহৰণ— ৰদ→ৰ’দালি

উত্তৰঃ 

২। ভৱিষ্যত বুজোৱা শব্দ লিখোঁ আহা—

উত্তৰঃ দে = দিম দিবি দিব

খা = খাম খাবি খাব।

যা = যাম যাবি যাব।

কাট = কাটিম কাটিবি কাটিব।

৩। পদ্যফাকি নিজৰ মতে লিখোঁ আহা—

কবিৰ মতেমোৰ মতে
হুৰ হুৰ বতা চৰাইহুৰ হুৰ পাৰ চৰাই
মোৰ ধান নাখাবিমোৰ মাহ নাখাবি
তোক দিম গোট কৰাইতোক দিম—
ধানো খাম— খাম
চাউলো খাম— খাম
দুয়ো নাচি বাগিদুয়ো—
ঘৰলৈ যামবাহলৈ যাম

উত্তৰঃ

কবিৰ মতে মোৰ মতে
হুৰ হুৰ বতা চৰাইহুৰ হুৰ পাৰ চৰাই
মোৰ ধান নাখাবিমোৰ মাহ নাখাবি
তোক দিম গোট কৰাইতোক দিম গোট কৰাই
ধানো খামমাহ খাম
চাউলো খামধানো খাম
দুয়ো নাচি বাগিদুয়ো নাচি বাগি
ঘৰলৈ যামবাহলৈ যাম

৪। কি গীতৰ লগত কি কি বাদ্য বজায় মিলাই নিজৰ বহীত লিখোঁ আহা—

উত্তৰঃ 

বাদ্যযন্ত্ৰগীত
ঢোলহোলীগীত, গোৱালপৰীয়া লোকগীত
সাৰিন্দাগোৱালপৰীয়া লোকগীত
বাঁহীলোকগীত
দোতাৰালোকগীত, টোকাৰী গীত, জিকিৰ
পেঁপাবিহুগীত, হুঁচৰি
খোলবৰগীত, হোলীগীত
টকাবিহুগীত
বিহুঢোলবিহুগীত
বৰঢোলবিহুগীত
খামবাগুৰুম্বা 
ভোৰতালনাম-প্ৰসংগ

৫। তলত দিয়া শব্দবোৰৰ পৰা এটা বুজোৱা আৰু এটাতকৈ বেছি বুজোৱা শব্দকেইটা লিখা— বগলী, ফুল, কল, ছাগলী।

উত্তৰঃ 

এটাক বুজোৱা শব্দএটাতকৈ বেছি বুজোৱা শব্দ
বগলীটোবগলী জাক
ফুলপাহফুলথোপা
কলটোকলথোক
ছাগলীটোছাগলী পাল

৭। বহুত বুজাবলৈ কি কি শব্দ ক’ত ব্যৱহাৰ হয় শিকো আহা— 

উত্তৰঃ বিলাকঃ মানুহ বিলাক, কিতাপ বিলাক, বস্তুবিলাক।

বোৰঃ ল’ৰাবোৰ, গৰুবোৰ, বস্তুবোৰ, আমবোৰ।

সকলঃ ভকতসকল, দেউতাসকল, আইসকল, মাতৃসকল।

পালঃ ছাগলাপাল, ভেড়াপাল, ম’ইপাল, গৰুপাল। 

দলঃ ল’ৰাদল, ছোৱালীদল, সৈন্যদল, খেলুৱৈদল।

থোপাঃ ফুলথোপা, আঙুৰথোপা, লিচুথোপা। 

হঁতঃ দেউতাহঁত, ল’ৰাহঁত, ছোৱালীহঁত।

শ্ৰেণীঃ পর্বতশ্রেণী, উদ্ভিদশ্রেণী, শ্রমিকশ্রেণী।

গ-জ্ঞান সম্প্ৰসাৰণ

১। উত্তৰ দিয়া— 

(ক) ৰ’দালিক ৰ’দ দিবলৈ খাটনি ধৰিছে–ৰদ নিদিলে আমাৰ কি কি অসুবিধা হ’ব পাৰে?

উত্তৰঃ ৰ’দ নিদিলে আমাৰ অনেক অসুবিধা হয়। যেনে–ৰ’দৰ তাগ নাপালে তিতা কাপোৰ নুশুকায়। বদৰ তাপৰ অভাৱত পানী বাষ্প হ’ব নোৱাবে বাবে আকাশত ডাৱৰৰ সৃষ্টি নহ’ব আৰু ডাৱৰ নহলে বৰষুণো নহ’ব। ব’দব তাপেহে গছ-গছনি আৰু জীৱ-জগতক সজীৱ কৰি ৰাখে। কাৰণ জীৱ সজীৱ হৈ থাকিবলৈ আৱশ্যক হোৱা উত্তাপ ৰ’দৰ পৰাই প্ৰাণী জগতে আহৰণ কৰে। ৰদৰ তাপত হে পানী বাষ্প হৈ আকাশলৈ গতি কৰি ডাৱৰ আৰু বৰষুণৰ সৃষ্টি কৰে।

(খ) ধান নাখালে চৰাইক গোট কৰাই দিব, তোমালোকে চৰাইক আৰু কি কি খাবলৈ দিব পাৰিবা?

উত্তৰঃ চৰায়ে শইচৰ গুটি আৰু গছ-গছনিব গুটি ভক্ষণ কৰে। সেয়ে চৰাইক খাবলৈ আমি ধান, চাউল, বিবিধ মাহ, সৰিয়হ আদি দিব পাৰিম। 

(গ) ঢোল, খোল ৰতনপুৰত বায়; তোমালোকৰ অঞ্চলত কি কি বাদ্য বজায়?

উত্তৰঃ আমাৰ অঞ্চলত ঢোল, খোল, বৰঢোল, বিহুঢোল, দোতাৰা, বাঁহী, দগৰ, ভোৰতাল, পেঁপা, টকা, খঞ্জৰী, মৃদংগ, আদি বাদ্য বজায়। 

(ঘ) খঁৰা শিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে, আমাৰ বিয়াতো তামোল-পাণ কাটে। বিয়াত তামোল কটাৰ বাহিৰেও কি কি কটা, গোঁঠা আৰু সজোৱা দেখিছা?

উত্তৰঃ বিয়াত কল-কুঁহিয়াৰ, ফল-মূল কাটে। ফুলৰ মালা, সকমলা, গৰখীয়া ভাব ওঁঠে আৰু ৰভা সজায়, মানুহ বহিবলৈ চকী-মেজ-সজায়, খাদ্যগৃহত খাদ্য সজায়।

২। তলৰ পদ্য কেইফাকি পঢ়ি আঁচটনা শব্দৰ লগত মিলাই খালী ঠাই পূৰ কৰা—

(ক) ৰঙচুৱা পাখিবে কণমানি চৰাই চোতালত দিছে ধান মাহ খোৱাহি পেট—

(খ) অকণমানি ভণ্টিজনী নাম তাইৰ হিয়া ব’হাগ মাহৰ মাজভাগত তাইৰ বায়েকৰ—

(গ) বৰদৈচিলা আহিল দেখোন মেলি দীঘল চুলি হালি জালি নাচিছে নিম গছৰ—

উত্তৰঃ(ক) ৰঙচুৱা পাখিবে কণমানি চৰাই চোতালত দিছে ধান মাহ খোৱাহি পেট ভৰায়।

(খ) অকণমানি ভণ্টিজনী নাম তাইৰ হিয়া ব’হাগ মাহৰ মাজভাগত তাইৰ বায়েকৰ বিয়া।

(গ) বৰদৈচিলা আহিল দেখোন মেলি দীঘল চুলি হালি জালি নাচিছে নিম গছৰ পুলি।

৩। ভাবা আৰু উত্তৰ দিয়া—

(ক) বৰষুণ দিলে আমি কি কৰোঁ?

উত্তৰঃ বৰষুণ দিলে আমি বাহিৰত শুকাবলৈ মেলি দিয়া বয়-বস্তুবোৰ ঘৰৰ ভিতৰত সুমুৱাই থওঁ। বৰষুণত তিতিলে অসুখ হ’ব বাবে ক’ৰবালৈ যাব লগা হ’লৈ মূৰৰ ওপৰত ছাতি বা জাপি লৈহে যাও। অৱশ্যে বৰষুণৰ পানীত তিতি সেই পানীত কাগজব নাও উটুৱাই বৰ মজা লাগে। বৰষুণ পৰি হোৱা চিপ্‌চিপ্ শব্দবোৰ শুনিবলৈ সংগীতৰ দৰে মধুৰ যেন লাগে। বৰষুণৰ এনে শব্দ শুনি আনন্দ লাভ কৰোঁ।

(খ) ধান আৰু চাউলৰ পৰা কি কি জলপান কৰা হয়? 

উত্তৰঃ ধান আৰু চাউলৰ পৰা, চিৰা, বিবিধ-পিঠা, সান্দহ, পায়স, কোমল চাউলৰ জলপান আদি বিবিধ জলপান তৈয়াৰ কৰিব পাৰি।

ঘ— প্ৰকল্প

১। পুৰণি আলোচনী বা বাতৰি কাকতৰ পৰা বিভিন্ন চৰাইৰ ছবি সংগ্ৰহ কৰি ডাঠ কাগজত আঠা লগাই বেৰত ওলোমাই থ’ব পৰাকৈ তালিকা প্রস্তুত কৰা।

উত্তৰঃ নিজে কৰা।

২। ধাননিত বতা চৰাইৰ বাহিৰে ধান খাবলৈ আৰু কি কি চৰাই আছে তালিকা কৰা।

উত্তৰঃ ধান প্ৰায়ভাগ চৰাইবে খাদ্য। সেয়ে ধান খাবলৈ হাঁহ, ৰাজহাঁহ, টোকোৱা, কপৌ, ভাটো, শালিকা, আদি বিবিধ চৰাই আহে। ইয়াৰ ভিতৰত টোকোবা চৰাইৰ ডাকে একোডবা ধান উদংকৈ খাই খেতিয়কৰ বৃহৎ অনিষ্ট সাধন কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top